ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.48.0-wmf.3 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk কৃষ্ণ 0 3580 27788 27780 2026-11-09T18:30:41Z Pranamikaadhikary 18 27788 wikitext text/x-wiki [[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]] '''[[w:কৃষ্ণ|কৃষ্ণ]]''' [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়। == উদ্ধৃতি == *''ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে।'' * ''তৎ স্বয়ং যোগসংসিদ্ধঃ কালেনাত্মনি বিন্দতি॥'' (শ্ৰীমদ্ভগবদ্গীতা, চতুৰ্থ অধ্যায়, ৩৮তম শ্লোক) **অৰ্থাৎ, ব্ৰহ্মজ্ঞান অজ্ঞান-নাশক আৰু অত্যন্ত শুদ্ধিকাৰক। ইয়াৰ দৰে পবিত্ৰ বস্তু ইহলোক বা পৰলোকত আন একো নাই। দীৰ্ঘকাল প্ৰযত্নৰ দ্বাৰা কৰ্মযোগত চিত্ত শুদ্ধ হ’লে মুমুক্ষুৱে নিজৰ আত্মাত সেই ব্ৰহ্মজ্ঞান লাভ কৰে।<ref> শ্ৰীমদ্ভগবদ্গীতা, জগদীশ্বৰানন্দ, স্বামী, উদ্বোধন কাৰ্যালয়, ৰামকৃষ্ণ মিশন, প্ৰথম সংস্কৰণ, পৃষ্ঠা ১২০ ও ১২১।</ref> * ভোকাতুৰ মানুহৰ বাবে নীতিৰ কথা আৰু খঙাল মানুহৰ বাবে উচিত-অনুচিতৰ কথা অৰ্থহীন। * ধৰ্ম, সততা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহনশীলতা, দয়া, আয়ুস, শাৰীৰিক ক্ষমতা আৰু স্মৃতিশক্তি—এই সকলোবোৰ কলিযুগত সময়ৰ লগে লগে হ্ৰাস পাব। * [[সুখ]] হৈছে উপলব্ধি কৰাৰ বস্তু, প্ৰাপ্ত কৰাৰ বস্তু নহয়। যি ব্যক্তিয়ে বস্তুকে সুখ বুলি ভাৱে, বাস্তৱত তেওঁ সুখ লাভ নকৰে। যিয়ে সম্পত্তি বা ক্ষণস্থায়ী সত্তাক সুখ বুলি গণ্য কৰে, তেওঁ নিশ্চিতভাৱে নিজৰ বাবে বিনাশক আমন্ত্ৰণ জনায়। * সময় কেতিয়াও মানুহৰ নিৰ্দেশিত পথেৰে নচলে, মানুহেহে সময়ৰ নিৰ্দেশিত পথেৰে চলিব লাগে। * প্ৰেমে উন্নতি দিয়ে, উচিত-অনুচিতৰ জ্ঞান দিয়ে। প্ৰেম আৰু মোহৰ মাজত পাৰ্থক্য থাকে। বাস্তৱত যা প্ৰেম, সি কোনো মোহ নহয়। প্ৰেমৰ জন্ম কৰুণাৰ পৰা হয়, আৰু মোহৰ জন্ম অহংকাৰৰ পৰা। প্ৰেমে মুক্তি দিয়ে, মোহে আৱদ্ধ কৰে। প্ৰেম ধৰ্ম, আৰু মোহ অধৰ্ম। * সুখৰ চাবিকাঠি হ’ল আকাংক্ষা বা কামনা দূৰ কৰা। * সুখৰ কামনা যিয়ে কৰে তেওঁ সুখ লাভ নকৰে, যিয়ে সুখক চিনি পাব পাৰে তেওঁহে সুখ লাভ কৰে। তুমি যদি এইটো জানি যোৱা যে তোমাৰ বাবে প্ৰকৃত সুখ কি, তেন্তে তুমি সুখ নিশ্চয় পাবা। * আত্মাৰ জন্মও নহয় আৰু মৃত্যুও নহয়। * মানুহ ধনৰ দাস, কিন্তু ধন কোনো মানুহৰ দাস নহয়। * আত্মাক কোনো অস্ত্ৰৰে টুকুৰা-টুকুৰ কৰিব নোৱাৰি, জুইৰে পুৰিব নোৱাৰি, পানীৰে তিয়াব নোৱাৰি বা বতাহেৰে শুকুৱাব নোৱাৰি। * সদায় আপোনাৰ বিবেক বা অন্তৰাত্মাই যি কয় তাকেই অনুসৰণ কৰক। * আত্মধ্বংস আৰু নৰকৰ তিনিখন দুৱাৰ আছে—কাম, ক্ৰোধ আৰু লোভ। * ভাল কামবোৰ কেতিয়াও অথলে নাযায়, ঈশ্বৰৰ দ্বাৰা সদায় পুৰস্কৃত হয়। * আপোনাৰ জীৱনটো আপুনি যেনেকৈ বিচাৰে তেনেকৈ জীয়াই থাকক, আনৰ ইচ্ছাৰ দাস হৈ নপৰিব। * পৰিৱৰ্তনেই পৃথিৱীৰ চিৰন্তন নিয়ম। ==তথ্যসূত্ৰ== {{Reflist}} [[শ্ৰেণী:হিন্দু দেৱ-দেৱী]] 964ir6uxsl9zhepuk9slyq9oo58n863