ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.21 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:অনিমা গুহ.pdf/১০৬ 104 59512 159784 158210 2022-07-23T05:18:53Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নিজৰ ওপৰতে খং উঠে। এনে কিনো মই ৰাজকাৰ্যখন কৰিছিলো যে গৃহস্থই কাম কৰা Centre for Studies in Social Science নামৰ প্ৰতিষ্ঠানটোলৈ গৈ বিশ্বখ্যাত পণ্ডিত দুগৰাকীক এবাৰ চাই আহিব নোৱাৰিলো। অমিতাভ ঘোষে তেওঁৰ Sea of Poppies নামৰ উপন্যাসখনত অমলেন্দু গুহক acknowledge কৰিছে। ‘পপী’ সন্দৰ্ভত লিখা এওঁৰ গৱেষণাপত্ৰসমূহ ঘোষে পাঠ কৰিছিল উপন্যাসখন ৰচনা কৰোতে। {{gap}}মীনাক্ষী মুখার্জীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। সম্প্রতি প্রকাশিত তেওঁৰ জীৱনী পৰিচায়ক গ্রন্থ An Indian for all Seasons খন দিল্লীত উন্মোচন কৰিবলৈ হায়দৰাবাদৰ পৰা অহাৰ প্ৰাক্‌মুহূৰ্তত হৃদৰোগত আক্রান্ত হৈ তেওঁ গুচি যায়। বাতৰিটো শুনি মর্মাহত হ’লো। তেওঁ মোতকৈ বয়সত সৰু হ'লেও পুনেত থাকোতে তেওঁলোকৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপিত হৈছিল। মীনাক্ষীৰ স্বামী সুজিতৰ আগতেই মৃত্যু হৈছিল। মীনাক্ষী কেইবাখনো সমালোচকমূলক গ্ৰন্থ আৰু গদ্য সাহিত্যৰ গ্ৰন্থকাৰ। ৰচনা-সমগ্র The perishable Empire ৰ বাবে মীনাক্ষীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। বাংলা ভাষাত তেওঁ এখন মাত্র কিতাপ প্ৰকাশ কৰিছে, বাকী সকলোবোৰ ইংৰাজীত। মীনাক্ষীৰ শেষ কিতাপখন ইতিহাসবিদ আৰ চি দত্তৰ জীৱনীমূলক। অভিজাত আৰ চি দত্তই তেতিয়াৰ যুগৰ আধুনিকা জীয়েকক বিয়া দিছিল অসমীয়া ইঞ্জিনীয়াৰ বলি নাৰায়ণ বৰালৈ। এইবোৰ ঊনৈশ শতিকাৰ কথা। {{gap}}জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰিবৰ সময়ত লগ পোৱা আন এগৰাকী মহিলা আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা সুকুমাৰী ভট্টাচার্য। তেওঁক প্ৰথম লগ পাইছিলো পুনেত। কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ পুনেলৈ যাওঁতে গোখলে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্সৰ অতিথিশালাত আছিল যদিও তেওঁ আমাৰ ঘৰতে খোৱা-বোৱা কৰিছিল। তেওঁৰ বহুমুখী প্রতিভা আৰু পাণ্ডিত্যৰ গভীৰতাই পাঠকক মুগ্ধ কৰে। সুকুমাৰী দিৰ বিভিন্ন কিতাপত প্রতিফলিত নাৰীবাদী চিন্তাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁ প্ৰাচীন ভাৰতৰ প্ৰায় সকলো গ্রন্থাদি অধ্যয়ন কৰি যুগে যুগে নাৰীৰ স্থান সমাজত কেনে আছিল তাৰ ব্যাখ্যা দাঙি ধৰে স্বৰচিত গ্রন্থাদিত। এনে এখন গ্ৰন্থ ‘প্রাচীন ভাৰত : সমাজ ও সাহিত্য' আমাৰ হাতপুথিৰ দৰে হৈছে। {{gap}}আমি কলকাতাত থাকোতে এবাৰ অধ্যাপক নুৰুল হাছান আছিল পশ্চিমবংগৰ গৱৰ্ণৰ। এসময়ত তেওঁ আলিগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ইন্দিৰা<noinclude>{{Right|বাকীছোৱা জীৱন /১০৫}}</noinclude> ip7ophpg4cy58oa86zp6f3vaawr5e94 পৃষ্ঠা:অনিমা গুহ.pdf/১০৮ 104 59513 159785 158211 2022-07-23T05:22:53Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গান্ধীৰ কেবিনেটত শিক্ষামন্ত্রী আছিল। ইতিহাসবিদ হোৱা বাবে স্বাভাৱিকতেই আছিল আমাৰ গৃহস্থৰ চিনাকি। তেওঁক প্ৰথমতে পাইছিলো চিমলাত। চিমলাৰ চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজত অনুষ্ঠিত এখন সভাত যোগ দিবলৈ গৃহস্থৰ সৈতে ময়ো গৈছিলো। যিমানদূৰ মনত পৰে তেতিয়া প্ৰতিষ্ঠানটোৰ সঞ্চালক আছিল অধ্যাপক নীহাৰঞ্জন ৰায়। মানুহজনে সদায় টিপ্ টপ পোছাক পিন্ধি থাকে, কোটৰ বাটন হ’লত এপাহ ফুলো গুজি লয়। ব্রিটিছৰ শাসনকালত তেওঁলোকৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল চিমলাত। গৱৰ্ণৰ জেনেৰেলৰ প্রাসাদোপম বাসভৱনটোতে স্বৰাজোত্তৰ কালত চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ প্রতিষ্ঠানটো স্থাপিত হয়। সেই প্রাসাদতে আমি কেইদিনমান মহা আৰামত কটাইছিলো, বিশেষকৈ চেমিনাৰত অংশগ্ৰহণকাৰী স্বামীসকলৰ পিছে পিছে লেংবোটৰ (longboat) দৰে যোৱা আমি মহিলাসকলে। কাম নাই বন নাই, ৰন্ধাবঢ়াৰ চিন্তা নাই, কেৱল ফুৰা-চকা কৰা আৰু ফুলৰ বাগিচাত বহি প্রাকৃতিক শোভা উপভোগ কৰাই আছিল একমাত্র কাম। গধূলি পণ্ডিতসকলৰ কেইগৰাকীমান আমি থকা কোঠাটোত সমবেত হৈছিল আড্ডা মাৰিবলৈ। এওঁলোকৰ মধ্যমণি আছিল নৃতত্ববিদ গৌৰাংগ চট্টোপাধ্যায়। তেওঁৰ জোলোঙাত আছে সীমাসংখ্যাহীন মজাৰ মজাৰ কাহিনী। তেওঁৰ ককায়েক ইতিহাসবিদ গৌতমদাও কম ৰসিক ব্যক্তি নহয়। অথচ এওঁলোকক চেমিনাৰত গহীন-গম্ভীৰ হৈ বহি আলোচনাত অংশগ্ৰহণ কৰা দেখিলে কোনে ক’ব তেওঁলোকে ফুচুৰি কথাও ক’ব জানে। আন এগৰাকী ৰসিক আছিল ভূগোলবিদ সত্যেশ চক্ৰৱৰ্তী। {{gap}}এদিন নীহাৰৰঞ্জন ৰায়ৰ ঘৰত সকলোকে ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল। অতিথিসকলক নিবলৈ কেইবাখনো গাড়ীৰ ব্যৱস্থাও কৰা হৈছিল। আমি যোৱা গাড়ীখনৰ আগফালৰ আসনত চালকৰ কাষত বহিছিল অধ্যাপক নুৰুল হাছান। উঠোতে বহোতে তেওঁ বৰ কষ্ট পোৱা যেন লাগিছিল, কাৰণ তেওঁৰ দেহৰ ভাৰ আছিল সাধাৰণতকৈ বহু বেছি। অভিজাত পাৰিবাৰিক ঐতিহ্য গৰিমাই অধ্যাপকগৰাকীৰ মাজত গঢ়ি তুলিছিল ৰুচি আৰু নম্ৰতাবোধৰ। মৃদুভাষী, সংস্কৃতিৱান মানুহগৰাকী সকলোৰে শ্ৰদ্ধাৰ৷ {{gap}}পশ্চিমবংগৰ গৱৰ্ণৰ হৈ থাকোতে অধ্যাপক হাছানে আমাক এবাৰ গৱৰ্ণৰ হাউছত ডিনাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ খাদ্যৰসিক বুলি এটা জনশ্রুতি আছে। নীহাৰ ৰায়ৰ বাসভৱনত কথাষাৰ মন কৰা নাছিলো। গৱৰ্ণৰ হাউছত তেওঁৰ কাষত বহিবলৈ সুযোগ পোৱাত গম পালো শুনা কথাষাৰ অসত্য নহয়। অধ্যাপক বৰুণ দেও ভোজন<noinclude>{{Right|বাকীছোৱা জীৱন / ১০৭}}</noinclude> 2s7oz434yd3c3g8iqmlau407cwc9k7x পৃষ্ঠা:অনিমা গুহ.pdf/১০৯ 104 59514 159786 158213 2022-07-23T05:27:18Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ৰসিক। সিদিনা তেওঁ আৰু তেওঁৰ পত্নী ৰমাবায়ো নিমন্ত্ৰিত হৈছিল। দুয়োগৰাকী খাদ্যপ্রিয় মানুহক একেখন টেবুলত দেখি বৰ আমোদ পাইছিলো। তেওঁলোকৰ পিছে ভাত-ৰুটি জাতীয় খাদ্যৰ প্ৰতি অনীহা। দুয়ো নির্ভেজাল মাংসাশী। {{gap}}আন এজন ভোজন প্রিয় মানুহৰ কথা শুনিছো, তেওঁ কোকৰাঝাৰৰ। প্ৰয়োজনতকৈ বেছি খোৱা যে স্বাস্থ্যৰ বাবে ক্ষতিকৰ তাৰ প্ৰমাণ এওঁ। কম বয়সতে নানা ৰোগৰ চিকাৰ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল চিকিৎসা কৰাবলৈ। তেওঁৰ খাদ্য তালিকাখনৰ বৰ্ণনা পোৱাৰ লগে লগে কলকতীয়া চিকিৎসকজন হেনো বাকৰুদ্ধ হৈছিল। নহ'ব নো কিয়? শুনি আমিয়ো আচৰিত হৈছিলো। তেওঁ হেনো প্রতিদিনে ত্রিশটাকৈ কণী খাইছিল আৰু এটা গাহৰি অকলেই উদৰস্থ কৰিছিল। ডাক্তৰে ৱাৰ্নি দি কৈছিল অতি ভোজনে তেওঁৰ মৃত্যু চমু চপাই আনিব পাৰে। পিছে তেওঁৰ তালৈ ভ্রূক্ষেপ নাই। নোখোৱাকৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্রেয়। Eat, drink and be merry, for tomorrow you will die. — বাক্যাষাৰত বিশ্বাসী ডেকাজনে খাই খায়ে জীৱন বন্তি নুমুৱালে। {{Center|'''জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্রা'''}} {{gap}}ওপজাৰ দিনৰে পৰা প্ৰাণীমাত্ৰৰে জীৱনত আৰম্ভ হয় মৃত্যুমুখী যাত্রা। এই ধ্ৰুৱসত্য কথাষাৰে কিন্তু আমাক অলপো আমনি নকৰে। কোনোবা আপোনজন যিদিনা আমাৰ মাজৰ পৰা আঁতৰি যায় চিৰদিনৰ বাবে সিদিনাহে আমি উপলব্ধি কৰো যে মৃত্যু জীৱনৰ এক অৱশ্যম্ভাৱী পৰিণতি। আশীৰ দশকত মৃত্যুই সংহাৰ মূৰ্তি ধাৰণ কৰি প্ৰৱেশ কৰিছিল আমাৰ বৃহত্তৰ পৰিয়ালটোত। '''মা ক’লৈ গ'ল''' : চনটো আছিল ১৯৮৭, ডিচেম্বৰ মাহ। এদিন ৰাতিপুৱা হঠাতে বন বিভাগৰ পদস্থ বিষয়া মোহন মালাকাৰৰ ফোন। তেওঁ আছিল আমাৰ মাৰ পুত্ৰৱৎ, মাক মা বুলিয়ে মাতিছিল। আমাক জনালে মা অসুস্থ। এমাহ আগতে ভনী টুলুৰ জীয়েক বৰ্ণালীৰ বিয়া উপলক্ষে কোকৰাঝাৰলৈ গৈ এটা মাহ মাৰ লগত থাকি আহিছিলো। মা আছিল নিৰোগী দেহৰ অধিকাৰী, গতিকে তেওঁৰ অসুস্থতাই আমাক চিন্তিত কৰি তুলিলে। ঘৰখন অলপ থানথিত লগাই কোকৰাঝাৰলৈ যাবলৈ যো-জা কৰিছিলো, এনেতে পিছদিনা ৰাতিপুৱা ৯ ডিচেম্বৰ তাৰিখে ভনীজোঁৱাই গোপাল<noinclude>{{Left| ১০৮ / বাকীছোৱা জীৱন}}</noinclude> q7z8wlydcgxjpgjgdhx8pb8h54hbh8l পৃষ্ঠা:অনিমা গুহ.pdf/১১০ 104 59515 159787 158215 2022-07-23T05:33:27Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দাসৰ ফোনত পালো সেই হৃদয় বিদাৰক বাতৰিটো। মাত্ৰ ছদিন আগতে ধুবুৰীলৈ গৈ আত্মীয়-স্বজনক লগ পাই আহিছে। হঠাতে নৰিয়াপাটীত পৰি তিনিটা দিনৰ পাছত গুচি গ'ল অচিন দেশলৈ। বয়স হৈছিল ৭৭ বছৰ। মা পৃথিৱীৰ মধুৰতম শব্দ। সেই মাক চিৰদিনলৈ হেৰুৱালো।‘কোনে মোক তুলি তালি কৰিলে ডাঙৰ/মৌসনা মিঠামাতে পাহৰি ভাগৰ।' আজিও ভাবিব নোৱাৰো মা নাই বুলি। {{gap}}পত্নী সাবিত্ৰীৰ কোলাত প্রিয়দর্শিনী জ্যেষ্ঠ কন্যাক প্রথমদিনা দেখাৰ পাছত কবি- সাহিত্যিক কেশৱ চন্দ্ৰ চৌধুৰীয়ে শিশুটিৰ নাম দিছিল নীহাৰিকা। অতি মধুৰ স্বভাৱৰ সেই নীহাৰিকা আছিল আমাৰ মা। পঢ়া-শুনাৰ ক্ষেত্ৰত মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাছিলো। ছোৱালীৰ শিক্ষাৰ বাবে স্কুল নথকা কোকৰাঝাৰত দেউতা আৰু মায়ে আছিল আমাৰ প্ৰথম শিক্ষক। তেওঁলোক দুয়ো এটা সংস্কৃত শ্লোক আমাৰ মগজুত স্থায়ীৰূপে সুমুৱাই দি গৈছে। {{Block center|<poem>{{gap}}‘ৰূপযৌৱন সম্পন্না বিশালকুলসম্ভৱাঃ {{gap}}বিদ্যাহীনাঃ ন শোভন্তে নির্গন্ধা ইব কিংসুকাঃ।</poem>}} {{gap}}মাৰ কথা ভাবি ভাবি কোকৰাঝাৰ আহি পালো। চিনাকি ষ্টেচন, চিনাকি বাট-পথ, চিনাকি ঘৰ-দুৱাৰ, মাৰ তাঁতৰ শাল, গোঁসাই ঘৰ, ফুলনি, লেচু গছবোৰ। সকলো আছে, কেৱল নাই জন্মদাত্রী মাজনী। নাই, তেওঁৰ প্ৰাণহীন দেহটোহে নাই। তেওঁ জীয়াই আছে আমাৰ প্ৰাণত। আমাৰ হৃদয়ত। তথাপিতো কিয় সেই হৃদয় আকাশত জমে মেঘ, কিয় দুচকুৰে বৈ আহে শাওণৰ ঢল। সিদিনা উপলদ্ধি কৰিছিলো ১৯৪১ চনত আবুৰ প্ৰাণহীন দেহটোও দেখা নোপোৱা সৰু খুৰাই কিয় ৰে'লৰ পৰা নামি শ্মশানলৈ যাবলৈ উদ্যত হৈছিল। {{gap}}মৰমৰ আবুয়েকৰ দেহাৱসানৰ বাতৰি পাই আমেৰিকাৰ পৰা জয়ে লিখিছিল— যিসকলে আত্মা বা স্বৰ্গ বিশ্বাস কৰে তেওঁলোকৰ এটা আশা থাকে যে এদিন দেখা হ’ব। তোমালোকে সৰুৰে পৰা মোক যুক্তিবাদী হিচাপে ডাঙৰ কৰিলা। কিন্তু তেওঁ মোৰ অন্তৰত অমৰ হৈ থাকিব। {{gap}}শোক-তাপ পাহৰাই মানুহৰ মনত প্ৰশান্তি আনিবলৈকে হ’বলা আত্মা, অমৃতলোক, স্বৰ্গ আদি ধাৰণাৰ সৃষ্টি হৈছিল। ১৯৫৪ চনত দেউতাৰ পৰলোকগমনৰ সময়ত মই আত্মাক বিশ্বাস কৰিছিলো। বিশ্বাস কৰিছিলো গীতাৰ বিখ্যাত শ্লোকটো— {{Block center|<poem>{{gap}}ৱাসাংসি জীর্ণানি যথা ৱিহায় {{gap}}নৱানি গৃহ্নাতি নৰোহপৰাণি।</poem>}}<noinclude>{{Right|বাকীছোৱা জীৱন / ১০৯}}</noinclude> 8mltqqne3fce7qnh9ev69ri2ypuiks1 পৃষ্ঠা:অনিমা গুহ.pdf/১১১ 104 59516 159788 158216 2022-07-23T05:43:50Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{Block center|<poem>তথা শৰীৰাণি ৱিহায় জীর্ণানি অন্যানি সংযাতি নৱানি দেহী।। (অসমীয়ালৈ অনুবাদ, মহেন্দ্ৰ বৰা) পুৰণি সাজটো ফাটি-ছিটি গ'লে মানুহে যিদৰে সেইটো সলাই পিন্ধে নতুন এসাজ, আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱলি গ'লে আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ।</poem>}} {{gap}}তাৰ পিছত নিজৰ অজ্ঞাতে ধীৰে ধীৰে আত্মাৰ প্ৰতি অবিশ্বাসী হলো, বোধকৰো জিন, ক্রমজ’ম, ডি এন এ আদিৰ ভিতৰলৈ সোমোৱাৰে পৰা। বর্তমানে কট্টৰ যুক্তিবাদী হৈছো। আত্মাবিশ্বাসী দুই-এজনে মোক পুতৌ কৰি মোকো বিশ্বাসী কৰি তুলিবলৈ চেষ্টা কৰে। অযথা মোৰ সময় নষ্ট কৰা বাবে গালিও খায়। {{gap}}মৰণোত্তৰ দেহদানতো কৰিয়ে থৈছো। শ্রাদ্ধ-ট্রাদ্ধ নকৰিবলৈকো কোৱা হৈছে। এই প্ৰসংগত মোৰ ডাঙৰ জা এগৰাকীলৈ মনত পৰিছে। মেট্ৰিক পাছ কৰাৰ পাছতে তেওঁৰ বিয়া হৈছিল। ঘৰ-গৃহস্থালিক কেন্দ্ৰ কৰিয়ে তেওঁ জীৱন কটাইছে। সমাজৰ ৰীতি-নীতি মানি চলা মহিলাৰ দৰেই লাগিছিল তেওঁক। তেওঁৰ মৃত্যুৰ পাছতহে পুতেক-জীয়েকৰ মুখে জানিব পাৰিলো যে শ্রাদ্ধাদি কার্যত তেওঁ অবিশ্বাসী। পিছে ঘৰত কিবা এটা অনুষ্ঠান নকৰিলে পৰিয়ালৰ মানুহৰ ভাল নালাগিব বাবে পূজা এভাগ কৰিবলৈ কৈ থৈছিল। মাকৰ কথামতে তেওঁৰ মৃত্যুৰ পাছত শ্ৰাদ্ধৰ সলনি মাতৃপূজা কৰে পুত্র-কন্যাই। {{gap}}যি কি নহওক, চকু মুদাৰ পাছত কোনোবা অচিন দেশত আকৌ সকলোৰে লগত দেখা-সাক্ষাৎ হ’ব, কথাষাৰ কল্পনা কৰিবলৈ ভালেই লাগে। {{gap}}মা আছিল অজাতশত্রু। তেওঁক শ্ৰদ্ধা নকৰা মানুহ কমেই আছিল। শেষ বয়সত তেওঁ সাইবাবাৰ ভক্ত হৈছিল। কোকৰাঝাৰত এটি মন্দিৰ নিৰ্মাণ কৰিবলৈ অলপ মাটি দান কৰিছিল। তাতেই নির্মিত হয় সাই মন্দিৰটো। '''গুহ পৰিয়ালত মৃত্যুৰ সমদল''' : আশী চনত শাহু আইৰ মৃত্যুৰ পাছত অগা-পিছাকৈ তেওঁৰ তিনিপুত্ৰ — জ্যেষ্ঠ যোগেশ্বৰ গুহ, মাজু অর্ধেন্দু গুহ আৰু তৃতীয় সুধেন্দু গুহ প্রয়াত হয়। তেওঁলোকৰ পিছতে আমি হেৰুৱালো মাজু জা বীণা<noinclude>{{Left|১১০/ বাকীছোৱা জীৱন}}</noinclude> cadzdbbbm2kta3o6mqlsj28wt0ppg62 পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১ 104 60438 159783 2022-07-22T14:25:36Z Kuldhar Rabha 1858 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "উৰহি গছৰ ওৰ বিজ্ঞান ভিত্তিক শিশু গল্প নীলিমা বৰা বনফুল, গুৱাহাটী-০৫ TA 199333" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="Kuldhar Rabha" />{{rh|||}}</noinclude>উৰহি গছৰ ওৰ বিজ্ঞান ভিত্তিক শিশু গল্প নীলিমা বৰা বনফুল, গুৱাহাটী-০৫ TA 199333<noinclude></noinclude> g4srles910zvxfzyjk9i622gwofa62h