ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.21 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৬ 104 29906 159798 159797 2022-07-24T12:22:17Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" />{{Head2Columns}}</noinclude>{{center|'''শ্ৰীমন্ত শঙ্কৰদেৱ'''}} {{gap}}শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খৃষ্টাব্দত অসমৰ নগাওঁ জিলাৰ বটদ্ৰৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত জন্মে। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞাঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ অলপ দিন পাছতেই পিতৃ-মাতৃ স্বৰ্গী হয়; বুঢ়ীমাক খেৰসূতী আইৰ লালন-পালনত তেওঁ ডাঙৰ হয়।<br/> {{gap}}শ্ৰীমন্ত শঙ্কৰৰ ৰূপ-গুণৰ কথা তেওঁৰ চিৰসঙ্গী মহাপুৰুষ শ্ৰীমাধৱদেৱে এইদৰে বৰ্ণনা কৰিছে—শ্ৰীশঙ্কৰৰ বৰ্ণ গৌৰ, মূৰ ছত্ৰাকাৰ, নয়ন আয়ত, অধৰ ৰাতুলু, উৰু, জানু, জঙ্ঘা আদি সকলো অঙ্গ দেখিবলৈ সুশোভন, ডিঙিত ধৱল উত্তৰী, বক্ষস্থলত কণ্ঠমণি, হিয়াত সুৱৰ্ণৰ হাৰ, দুই হাতত তাৰ, হাতৰ আঙ্গুলিত আঙ্গঠি, নীলা পাৰিৰ হেঙুলীয়া ভুনি, মুখত মিচিকীয়া হাঁহি, বাণী মেঘৰ দৰে গম্ভীৰ, গজগতি গমন, ধীৰ মতি, দেৱতাৰ দৰে তেওঁৰ বিতোপন ৰূপ।<br/> {{gap}}শ্ৰীমন্ত শঙ্কৰদেৱে তেৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলী নামে পণ্ডিতৰ পাঠশালাত বিদ্যা শিক্ষা আৰম্ভ কৰে। তেওঁ চাৰি বছৰতেই হিন্দুধৰ্ম্মৰ আৱশ্যকীয় সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি শেষ কৰে। তাৰ পাছত ঘৰলৈ যায় আৰু যোগ অভ্যাস কৰিবলৈ ধৰে। ইয়াৰ পাছত ভাগৱত আলোচনাত মগ্ন হয়। তাকে দেখি খুৰাকসকলে তেওঁক বিয়া কৰাই দিয়ে আৰু পিতৃৰ শিৰোমণি বিষয় শোধাই দিয়ে। শ্ৰীশঙ্কৰে এৰাব নোৱাৰি দুয়োটা বিষয় পোনতে কিছুদিন চলাবলৈ ধৰিলে। কিন্তু পাছলৈ তেওঁৰ ধৰ্ম্মচিন্তা {{TwoColumns}} {{center|'''श्रीमंत शंकरदेव'''}} {{gap}}श्रीमंत शंकरदेव सन १४४९ में आसामके नौंगाव जिलाके बटद्रवाके नजदीक आलिपुखुरी नामक स्थानमें जन्म ग्रहण किया था। उनके पिताका नाम था कुसुम्बर शिरोमणि भुञाँ। श्रीमंत शंकरदेवके जन्मके थोड़े दिन बाद माता पिता इस दुनियासे चल बसे। वे नानीकी परवरिशमें बड़े हुये।<br/> {{gap}}श्रीमंत शंकरदेवके रूप-गुणकी बात उनके चिरसंगी महापुरुष श्रीमाधवदेवने इस तरह बयान की है—श्रीशंकरदेव गौरवर्ण, छत्राकार मस्तक, आयत नयन, रक्ताभ अधर, उरु, जानु-जंघा आदि सब अंग देखनेमें सुशोभित; गलेमें धवल उत्तरीय, वक्ष:स्थलमें कंठमणि, हियमें सुवर्णहार, बाजुमें तार, अंगुलोम' अँगुठी, नीली पारिकी केशरिया धोती, मुखपर मंदह्ँसी, वाणी मेघकी तरह गंभीर, गज-गमन, धीर मति, देवताकी तरह उनका सुशोभित रूप।<br/> {{gap}}श्रीमंत शंकरदेव १३ बर्षकी अवस्थामें महेन्द्र कन्दली पंडित की पाठशालामें विद्याध्ययनके लिये प्रविष्ट हुये और चार वर्षोमें ही “हिन्दूधर्म” का अध्ययन समाप्त कर लिया। इसके पश्चात्‌ घर आकर योगाभ्यास करने लगे और भ्गवत्‌ चिंतनमें अपनेको लगा दिया। घरवालोंने यह देखकर इनका विवाह कर इनको सांसारिक गृहस्थ कर्म करनेको अनुप्रेरित किया। घरवालोंके अनुरोध को न रख सकनेके कारण वे दोनों कर्म करने रहे पर अपने मानसिक हंहको न रोक सकनेके कारण वे अपना ध्यान<noinclude>{{Foot2Columns}}</noinclude> 6q2urh9fswxf96rvyq6vh0viw9y1ses পৃষ্ঠা:অনিমা গুহ.pdf/১২২ 104 59526 159808 158226 2022-07-25T09:49:39Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুৰূহ কাম। আনন্দৰামৰ পাছতে এই কার্যত অৱতীৰ্ণ হয় বিশেষকৈ গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা (১৮৩৬-১৮৯৬)। সঁচা কথা ক'বলৈ গ'লে গুণাভিৰাম মোৰ প্রিয় পুৰুষ। তেওঁ কেইবাটাও ক্ষেত্ৰত ৰক্ষণশীল সমাজৰ বিৰুদ্ধে গৈ নিজৰ জীৱনত ‘উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ প্ৰতিষ্ঠা কৰিছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহি তেওঁৰ দ্বাৰা প্ৰভাৱিত গুণাভিৰামে বিয়া কৰাইছিল দুজনী ছোৱালীৰ মাক এগৰাকী বিধৱা মহিলাক, ১৮৭০ চনত। এই বিয়া তেওঁ ৰেজেষ্ট্রিও কৰাইছিল। এইখনেই আছিল অসমত প্ৰথম ৰেজেষ্ট্ৰি বিয়া। হিন্দু ধৰ্মৰ ৰক্ষণশীলতাৰ প্ৰতি বীতশ্রদ্ধ হৈ তেওঁ ৰামমোহন ৰায় প্ৰৱৰ্তিত ব্রাহ্মধর্ম গ্রহণ কৰে। ১৮৮০ চনত আঠবছৰীয়া জীয়াৰী স্বর্ণলতাক কলকাতাৰ বেথুন স্কুলত ভৰ্তি কৰাই অসমত স্ত্রী শিক্ষাৰ বাট মুকলি কৰে। কুৰি শতিকাৰ প্ৰথমৰ ফালে অসমৰ প্ৰগতিশীল পৰিয়ালৰ কেইবাগৰাকী ছাত্ৰী সেইখন স্কুলত আৰু একে নামৰ কলেজখনত পঢ়িছিল। মোৰ কটন কলেজৰ সহপাঠী মায়া কুণ্ডু বেথুন কলেজত অধ্যাপিকা হৈ থাকোতে মই এবাৰ তাইৰ লগত গৈ কলেজখন চাই আহিছিলো। আমাৰ মাৰ খুৰীয়েক সৰোজিনী চৌধুৰী ডিব্ৰুগড়ৰ এটা প্রগতিশীল পৰিয়ালৰ জীয়াৰী। ১৯২৬ চনত তেওঁ বেথুনৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। তাৰ পাছত ইন্দিৰা মিৰি, নর্মদা চৌধুৰী আৰু অমলপ্রভা দাসো স্নাতক হৈছিল একেখন কলেজৰ পৰা। {{gap}}বামপন্থী নেত্রী সুলেখিকা অঞ্জলি লাহিড়ী বাইদেউৰ মাক সুৱৰ্ণপ্রভা দাসক (১৮৯০-১৯৬৪) তেওঁৰ বিদ্যোৎসাহী মাতৃ শাৰদামঞ্জৰীয়ে ১৯০০ চনত ন বছৰ বয়সত শ্বিলঙৰ পৰা বেথুন স্কুললৈ পঠায় শিক্ষা কৰিবলৈ। তেওঁ শ্বিলঙৰ পৰা পাঁচ টকা ভাড়াত গৰুৰ গাড়ীৰে আহিছিল গুৱাহাটীলৈ। {{gap}}অসমৰ ছাত্ৰ-ছাত্ৰী বা অন্যান্য যাত্ৰীসকলে ৰে’ললাইন নথকা বাবে ব্ৰহ্মপুত্ৰইদি জাহাজেৰে ভটিয়াই গৈছিল বংগৰ গোৱালন্দ বন্দৰলৈ। তাৰ পৰা ৰে'লেৰে গৈছিল কলকাতালৈ। আমাৰ আতা গৌৰমোহনেও গোৱালপাৰাৰ জাহাজঘাটত জাহাজত উঠি কলকাতালৈ গৈছিল কলেজত শিক্ষাগ্ৰহণ কৰিবলৈ। {{gap}}এটা শতাব্দীতে বিজ্ঞানৰ দ্ৰুত উন্নতিৰ ফলত যোগাযোগ ব্যৱস্থাৰ কল্পনা কৰিব নোৱৰা উন্নতি হ’ল। আজিৰ দ্ৰুতগামী ৰে'ল নাইবা বিমানেৰে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পূৰ্বসুৰীসকলৰ কষ্টকৰ যাত্ৰাৰ বিষয়ে অৱগত নে? আমিও ৬০/৬৫ বছৰ আগতে কটন কলেজত পঢ়োতে লেহেমীয়া গতিত কয়লাৰ ইঞ্জিনে টনা ৰে’লত গুৱাহাটীলৈ আহিছিলো। তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি<noinclude>{{Right|বাকীছোৱা জীৱন /১২১}}</noinclude> elvbyqbricf5raauscib3d9fftsg5fz পৃষ্ঠা:অনিমা গুহ.pdf/১২৩ 104 59527 159809 158227 2022-07-25T09:53:02Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>শৰাইঘাট দলং নথকা বাবে আমিনগাঁৱত ৰে'লৰ পৰা নামি ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ইপাৰে পাণ্ডুলৈ আহিছিলো। গুৱাহাটীত তেতিয়া চিটি বাছ বা টেক্সীৰ প্ৰচলন নাছিল, আছিল ঘোঁৰাৰ গাড়ী আৰু ৰিক্সা। আজিৰ ট্ৰেফিক জামত পৰি হাৰাশাস্তি ভোগ কৰা প্রজন্মই নাজানে তাহানিৰ গুৱাহাটীৰ উদং বাটপথৰ কথা। {{Center|'''জোড়াসাঁকোৰ ঠাকুৰবাড়ীত'''}} {{gap}}কলকাতাৰ জোড়াসাঁকো অঞ্চলত বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰাসাদোপম বাসগৃহটো এবাৰ ৰবীন্দ্ৰনাথৰ জন্মদিন পঁচিশ ব'হাগৰ দিনা দৰ্শন কৰিবলৈ গৈছিলো ভগ্নীসমা বান্ধৱী নৃতত্ত্ববিদ শিখা চেটাৰ্জীৰ লগত। আমি দুয়ো কেৱল ৰবীন্দ্ৰ ভক্তই নহওঁ, পৰিয়ালটোৰ প্ৰতিগৰাকী প্ৰতিভাশালী ব্যক্তিৰ প্ৰতি আমি শ্রদ্ধাশীল আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ আগ্রহী। {{gap}}সোমায়ে মনত পৰিল ১৮০৯ চনত গাঁও সদৃশ কলকাতাৰ জোড়াসাঁকো অঞ্চলৰ স্বচ্ছল জমিদাৰ পৰিয়ালৰ পোন্ধৰ বছৰ বয়সীয়া দ্বাৰকানাথ ঠাকুৰৰ সৈতে ছবছৰীয়া ৰূপৱতী দিগম্বৰীৰ বিয়ালৈ৷ দ্বাৰকানাথ আছিল অত্যন্ত মেধাৱী। সেই সময়ত ভাৰতত ইংৰাজৰ প্ৰৱেশ ঘটিলেও বংগত প্রশাসনীয় কার্যত মুছলমান শাসনৰ প্ৰভাৱ লোপ পোৱা নাছিল। আৰবী আৰু ফাৰ্চী ভাষাৰ প্ৰাধান্য তেতিয়াও আছিল। দুয়োটা ভাষাত ব্যুৎপত্তি লাভ কৰাৰ উপৰি দ্বাৰকানাথে ইংৰাজী ভাষাও আয়ত্তাধীন কৰে। নিজৰ জমিদাৰী পৰিচালনা কৰি বহু উন্নতি ঘটায় তেওঁ। বিশিষ্ট আইনজ্ঞ হিচাপেও খ্যাতি লাভ কৰে। অৰ্থ, মান-সন্মান, প্ৰভাৱ-প্ৰতিপত্তিত উন্নতি হয় উল্কাবেগেৰে। তাতেই সন্তুষ্ট নাথাকি আৰম্ভ কৰে ব্যৱসায়। বংগৰ এজন প্রধান উদ্যোগী দ্বাৰকানাথে ব্যৱসায়- বাণিজ্য, শিল্পোদ্যোগ, বেংকিং আদিত মনোনিবেশ কৰিও সমাজ কল্যাণৰ কাম-কাজ, বিজ্ঞান চৰ্চাৰ প্ৰসাৰ, থিয়েটাৰ, লাইব্ৰেৰী আদিৰ প্ৰতিষ্ঠাত আগভাগ লৈ মুকলি হাতেৰে দান কৰিছিল। আনহাতে বিলাসিতাৰ বাবেও খৰচ কৰিছিল লাখ লাখ টকা। ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ বাবে ঘৰৰ পৰা বহু আঁতৰত দ্বাৰকানাথে সজা ‘বেলগাছিয়া ভিলা' নামৰ প্ৰাসাদত আয়োজন কৰা ভোজসভালৈ নিমন্ত্রিত হ’লে স্থানীয় ব্যক্তি আৰু ইংৰাজসকলেও নিজকে ভাগ্যৱান বুলি ভাবিছিল। {{gap}}বাহিৰৰ কামত উদয়াস্ত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল যদিও বৈষ্ণৱ পৰিয়ালৰ সন্তান দ্বাৰকানাথে নিজ হাতেৰে হোম, তৰ্পণ আৰু জপ কৰিছিল। এনেতে ৰেনাঁছাৰ<noinclude>{{Left|১২২/ বাকীছোৱা জীৱন}}</noinclude> jdekn2plirlyef9vpk1bjh0ydvbonsn পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫১ 104 59885 159799 159116 2022-07-24T14:49:13Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ ||৪৫}}</noinclude> সোতা মাত্ৰ। চিৰাজগঞ্জত সদায় ৩৫০০ খানমান নানাদেশীয় নাও থাকে। ৰাতিপুৱা সেই পালোৱাৰ নাওত নাও চলি থাকো- তেই শ্ৰীধৰ বাপুৱে ৰান্ধে। পাচে এপৰমান দিন হলে নাও লগাই সকলোৱে ভোজন কৰি আকৌ নাও মেলি দিয়া হয়। আনন্দ- ৰাম ফুকনে অতি প্ৰত্যুষে উঠি সকলোকে জগাই দিয়ে আৰু নাও লগোৱা হলে মেলিবৰ কাৰণে পলম নকৰিবলৈ বৰ খৰখেদা কৰিছিল। পালোৱাৰৰ নাও লবৰ পাচত কলিকতাৰপৰা চিৰাজ- গঞ্জলৈ অহাত দিনৌ যিমান পথ অহা হৈছিল, তাতকৈ সৰহ হবলৈ ধৰিলে। {{gap}}ফুকনে বাটত আহোতে সদায় কিতাপ চাই লেখা-পঢ়া কৰি আহিছিল। তেওঁ পৰশুৰাম বৰুৱা আৰু কাশীচন্দ্ৰৰে সৈতে প্ৰায় সদায় ইংৰাজী ভাষাৰে কথোপকথন কৰিছিল। পৰশু- ৰাম বৰুৱাই পেণ্টলুন চাপকন পিন্ধি এদিন চাহাবলোকে দুয়ো হাত জেপত সুমাই ফুৰাৰ দৰে নাওত টহলিছিল আৰু ইংৰাজৰ সুৰেৰে কথা কৈছিল। এইৰূপ কৰি থাকোতেই নাওৰ পাট পিচলি তেওঁ নাওত পৰিল। এই কথাত সকলোৰে হাঁহিবৰ এটা কুটি হল। সেইদিনৰপৰা তেওঁ তেনেৰূপ কৰি- বলৈ এৰিলে। ব্ৰহ্মপুত্ৰেদি উজাই আহি ধুবুৰী এৰি ৰঙ্গামাটী পোৱা হল। {{gap}}ৰঙ্গামাটী এক পুৰণি ঠাই। যেতিয়া সেই অঞ্চল, মুছলমান নবাবৰ অধীন আছিল তেতিয়া এজন প্ৰধান কাৰ্য্যকাৰক তাত আছিল। ৰঙ্গামাটী পৰ্ব্বতৰ দাঁতিত। তাত ৰঙ্গামটীয়া বৰুৱা নামে এঘৰ জমিদাৰ থাকে। এই জমিদাৰৰ সৈতে অতি পূৰ্ব্বৰেপৰ৷ অৰ্থাৎ ব্ৰহ্মচাৰী বাবাৰ দিনৰে ফুকনৰ ঘৰৰ পৰি- চয় আৰু কাৰবাৰ আছিল। তেতিয়াৰ ৰঙ্গামটীয়া বৰুৱাৰ নাম প্ৰতাপচন্দ্ৰ। তেওঁ ইয়াৰ অল্প দিনৰ পূৰ্ব্বে জমিদাৰী পাই- ছিল। বৰুৱাই এওঁবিলাকলৈ অনেক বস্তুৰে সিধা দিলে। ফুকনৰ বৰুৱাৰ সৈতে সাক্ষাৎ কৰিবলৈ ইচ্ছা হল। পাল্কীৰে<noinclude></noinclude> 9mhxxblpbpq6zdtw4vwu6rvnnxuuut9 পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫২ 104 59886 159800 159117 2022-07-24T14:54:30Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪৬||আনন্দৰাম ঢেকিয়াল}}</noinclude> যাবলৈ দুলীয়া নাই। জমিদাৰৰ ঘৰতো দুলীয়া নাছিল সেই পৰ্ব্বতত মেছ মানুহ আছিল। তাৰে কেইজনমান কালী- কৃষ্ণ ৰায়ে বিচাৰি আনিলে। ফুকনৰ লগত অহা পাল্কীখন কিছু ডাঙ্গৰ। অশিক্ষিত মানুহে তাক নিব নোৱাৰিব এই আশঙ্কা কৰি থাকোতেই বৰুৱাৰ ভগিনীপতি গোপীনাথ আৰু তেওঁৰ পিতৃ সদানন্দ আহি ফুকনৰ সৈতে সাক্ষাৎ কৰিলে। ব্ৰহ্মচাৰী আৰু পৰশুৰাম বৰুৱাৰ দিনত সদানন্দ হাদীৰা চকীত কাকতী আছিল। তেওৰ মুখে ফুকনে অনেক পুৰণি কথা শুনিলে। ভাটী বেলিকা জমিদাৰ আশাশশোঁটা আৰু অনেক মানুহ লৈ ভিতৰৰপৰা আহিল। উভয়ে উভয়ক সম্ভ্ৰম কৰি বহিল। পাচে কিছুমান পৰ আলাপ কৰি ফুকন নাওলৈ গুচি আহিল। ৰঙ্গামাটীৰপৰা উজাই গৈ তিনিদিনৰ মূৰত গোৱাল- পাৰা পোৱা হল। তাতে ফুকনক সাক্ষাৎ কৰিবলৈ মাধবচন্দ্ৰ ঘোষ, মাধবচন্দ্ৰ পেচ্ কাৰ প্ৰভৃতি লোক আহিল; তাতে এক ৰাত্ৰি থাকি পাচদিনা উজাই নাও মেলি দিলে। য’তে য’তে ডাক ঘৰ পাইছিল, তাৰেপৰা ফুকনে ঘৰলৈ আৰু কলিকতাৰ কোনো বন্ধুলৈ চিঠি লিখিছিল। {{gap}}ফুকন উজাই অহা বাৰ্ত্তা পাই তেওঁৰ মাতৃৰ বৰ আনন্দ হ'ল। ঘৰত নামবৰভাগ পৰগণাৰ তনুৰাম কাকতী কাৰ্য্য চলোৱা মানুহ আছিল। গৌৰকিশোৰ পোদ্দাৰ নামে গোলাৰ গোমাস্তা আৰু মোখ্তাৰ আছিল। এওবিলাকে খাতৰপৰা মানুহ আনি ঘৰ-বাৰী সকলো পৰিষ্কাৰ কৰালে। ঘাইজনা ঢেকিয়াল ফুকনে পূজা কৰাৰ যি এটি চণ্ডীমণ্ডপ আছিল তাত আৰু তাৰ ওচৰৰ ঘৰত সৰ্থেবাৰীৰ কলামণি, শ্ৰীহৰি, প্ৰভৃতি কহাঁৰ আছিল। চণ্ডীমণ্ডপৰপৰা কহাঁৰবিলাকক আন ঘৰলৈ পঠাই সেইটোকে ফুকনৰ বহা বৈঠকখানা কৰিবলৈ নিশ্চয় কৰি তাকে পৰিষ্কাৰ কৰা হল। ভিতৰত এটা চৌৱাৰী ঘৰ আছিল তাকো পৰিষ্কাৰ কৰা হল। ৰামচন্দ্ৰ বিশ্বাস আগেয়ে<noinclude></noinclude> haf8zj1fa37xx9xgrhqw1xfsf6d8rmz পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৩ 104 59887 159801 159118 2022-07-24T14:58:05Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ||৪৭}}</noinclude> পালেহি। তেওঁৰ মুখে সকলো সম্বাদ পাই সকলোৰে সন্তোষ হল। {{gap}}মাঘৰ কিছু বাটতে গল। ১৮৪৫ চনৰ জানুৱাৰীত আৰু মাঘৰ কিছুমান দিন যোৱাত নাও আহি আহি দুই বজামান বেলিত ঘাট চাপিল। ঘৰৰ আৰু ওচৰচুবুৰীয়া অনেক লোক নাওলৈ গল। ওচৰৰ ডোম গাওঁৰ ডোমবিলাকে তাল- খোল বাদ্য লৈ আগবাঢ়ি গল। গুণাভিৰাম আৰু অনেক লোক ৰঙ্গ মনেৰে নাওলৈ অহাত ফুকন বৰ সন্তোষিত হল। গুণাভিৰামৰ সকলোবিলাক দাঁত তেতিয়া গজা নাছিল। ফুকনে গুণাভিৰামৰ পঢ়াৰ মহলা লৈ বৰ সন্তোষ পালে। গায়ন-বায়ন সকলে বৰ ৰঙ্গ মনে তাল-খোল বজাবলৈ ধৰিলে। ফুকনে সেইবিলাক বজাবলৈ নিষেধ কৰিবৰ নিমিত্তে কাশীচন্দ্ৰৰ আগত কলে। কাশীচন্দ্ৰই নিষেধ কৰিলে হয়, সেই কথা কোনেও নামানিলে। সিহঁতে কলে—“দেউতাই যি কৰে কৰোক, বন্দীহতে আজি বজাম, আজি আমাৰ বৰ ৰঙ্গৰ দিন।” ইহঁতক কোনেও ধন দি মাতি অনা নাছিল। এই ডোমবিলাক ফুকনৰ ঘৰত কাজ-সকাম হলে প্ৰায় এনেই আহি পূৰ্ব্বৰ স্নেহতে সাহায্য কৰে। খাতৰ মানুহে আহি লগত অহা পাল্কী ললে, তাতে উঠি ফুকন ঘৰলৈ গল। অতি কম হলেও ২৫০,৩০০ লোকে ফুকনক নাওৰপৰা আগবঢ়াই আনিলে। ভিতৰৰ দেহুৰীতে পাল্কীৰপৰ৷ নামি ফুকনে গোসাঁই ঘৰত গোপাল আৰু গণেশ মূৰ্ত্তিক সেৱা কৰি ভিতৰলৈ গল। দৰৱান লগত গৈছিল। সকলোবিলাক লোক ভিতৰলৈ যাবলৈ উপক্ৰম কৰাহেন দেখি ফুকনে আন মানুহক যাবলৈ নিষেধ কৰিলে। তেওঁৰ স্নেহময়ী মাতৃয়ে তেওঁক আদখিনি বাটতে আহি সজল নয়নে সাৱটি লৈ চুমা খালে। তেওঁ মাতৃক সেৱা কৰিলে। তাৰ পাচে পিতামহী, বিমাতা আৰু আন আন পূজনীয়সকলক সেৱা কৰি বলৰাম ফুকনৰ ফালে গল। এইজনা ফুকনৰ মাতৃ তাৰ কিছুদিন পূৰ্ব্বে খাতলৈ গল।<noinclude></noinclude> aml9eaassllgjxgp0k0pdbey49jmtja পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৪ 104 59888 159802 159119 2022-07-24T15:01:28Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪৮ ||আনন্দৰাম ঢেকিয়াল}}</noinclude> তাৰ কাৰণ এই যে তেওঁৰ পুত্ৰও কলিকতালৈ গৈছিল আৰু তেওঁ তাৰপৰ৷ নাহিল। পাচে পুত্ৰ-শোক দ্বিগুণ হয় এই ভাবি তেওঁ খাতলৈ গল। ফুকনে তেওঁৰ মধ্যম পিতামহী আৰু বলবাম ফুকনে সৈতে সাক্ষাৎ কৰি তেওঁক লৈ ঘৰলৈ আহিল। ঘৰলৈ উঠোতে ফুকনে শান্তিপুৰীয়া কলকিনাৰী ধুতি, মিৰ্জাই চোলা, গাত এখান চাল আৰু ভৰিত মোজা আৰু জোত৷ পিন্ধিছিল। ঘৰত অলপমান জল খাই বাহিৰৰ মণ্ডপলৈ গল। {{gap}}ইফালে মানুহবিলাকে নাওৰ বস্তু কঢ়িয়াই আনিবলৈ ধৰিলে। অনেক লোক তেওঁক সাক্ষাৎ কৰিবলৈ আহিল। কোনো পূৰ্ব্ব বা উৎসবৰ দৰে হল। গুৱাহাটী নগৰ, বিশেষকৈ ভৰলুমুখত হুলস্থূল লাগিল। দুৰ্গাৰাম ফুকনৰ মৃত্যুৰ বাবে যদিও অনেক লোক দুখিত আছিল তথাপি আনন্দৰাম ফুকন যে ঘুৰি আহিল এই নিমিত্তে সকলোৰে আনন্দ হল। যিবিলাক বস্তু ভিতৰলৈ নিব লাগে তাক ভিতৰলৈ নিয়া হল আৰু যাক বাহিৰৰ মণ্ডপত থব লাগে তাক তাত থোৱা হল। ফুকনে তেওঁক চাবলৈ অহা লোকসকলে সৈতে কথা-বাৰ্ত্ত৷ হৈছিল আৰু সেই বস্তুবিলাক কত কেনেকৈ থব লাগে তাৰো দিহা দিছিল। মেথী চাহাব তেতিয়া গুৱাহাটীত নাছিল, উজনীলৈ গৈছিল। তাৰ পাচদিনা তেওঁ বলৰাম ফুকনক লগত লৈ জেনকিনচ্ চাহাবক সাক্ষাৎ কৰিবলৈ গল। তেওঁ পেণ্টলুন চাপকন্ আৰু টুপী পিন্ধি চাহাবক সাক্ষাৎ কৰিলে। আন লোকে যেনেকৈ জোতা বাহিৰত থৈ চাহাবৰ ঘৰৰ ভিতৰ সোমায় তেওঁ তেনে কৰা নাছিল। চাহাবে তেওঁক বহুৱাই বৰ অভ্যৰ্থনা কৰিলে আৰু বহুদিনৰ মূৰত দেখি বৰ সন্তোষ পালে। ফুকন ঘৰলৈ আহিল। {{gap}}ফুকনে সেই মণ্ডপৰ তিনিটা খোটালি কৰিলে। সমুখৰ খোটালিত ঢলা বিছনা আৰু তাৰ ওপৰত এখন তুলি আৰু বৰ গাৰু থলে। দেশীয় লোকে সৈতে ইয়াত সাক্ষাৎ কৰিছিল। আৰু এখোটালিত তেওঁৰ লগত অহা কিতাপ<noinclude></noinclude> p2e353vxkc4ptje1eqegd33d853caio পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৫ 104 59889 159803 159120 2022-07-24T15:05:14Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ||৪৯}}</noinclude> চাৰিটা আলমাৰীত সজাই থলে। মেজ, মাৰ্চীয়া, কৌচ ইত্যাদি পাতিলে। কোনো চাহাবলোকক সাক্ষাৎ কৰিবৰ নিমিত্তে সেইটো খোটালিৰ উদ্দেশ্য আছিল। পূবৰ ফালে এখোটালিতো মেজ, মাচীয়া, কৌচ, আৰু কিতাপ আছিল, তাত তেওঁ লেখা-পঢ়া কৰিছিল। অহা চিঠি থবৰ নিমিত্তে খাৰুৱা কাপোৰৰ দীঘল মোনা কৰাই বেৰত আৰি দিয়ালে। তাত প্ৰণালী মতে চিঠিবিলাক থৈছিল। প্ৰথমে তেওঁ ভিতৰৰ চৌৱাৰী ঘৰতে শয়ন কৰিছিল, পাচে বৰ ঘৰলৈ বিছনা নিলে। বহিবলৈ আৰু থাকিবলৈ ঘৰবাৰী সজাওঁতে কিছুদিনমান লাগিল। তেওঁ যেনে প্ৰণালীৰে ঘৰৰ বস্তু সজাই থলে সেইটো গুৱাহাটীত দেশীয় লোকৰ পক্ষে প্ৰথম। তেওঁ লোকসকলক অভ্যৰ্থনাৰ যি নিয়ম কৰিলে তাত কোনো লোকৰ অসন্তোষৰ কাৰণ নাছিল। কিতাপবিলাকো উৎকৃষ্ট লাইব্ৰেৰীৰ নিয়মে সজালে, যি বিভাগৰ যি কিতাপ তাক সেই মতে থলে। লেখা পঢ়া কৰা মেজত দোৱাত, কলম, কাকত, ছুৰী প্ৰভৃতি নিৰ্দ্দিষ্ট নিয়মে থলে। পাল্কী নিবলৈ খাতৰ দুলীয়া আছিল। এখান “বগী” গাৰীও তেওঁ পাছে ললে। {{gap}}আনন্দৰাম ফুকনক সৰুৰেপৰা তেওঁৰ স্বভাৱৰ গুণে সকলোৱে ভাল পাইছিল। বিশেষতঃ তেওঁ হলিৰাম ঢেকিয়াল ফুকনৰ পুতেক কলিকতাত পঢ়ি শুনি কৃতবিদ্য হৈ আহিছে। তেতিয়াৰ দিনৰ লোকসকলৰ মতে কলিকতাই এতিয়াৰ দিনৰ মানুহৰ পক্ষে বিলাত যেনে তেনে আছিল। ফুকনে সৈতে সাক্ষাৎ কৰিবলৈ বিস্তৰ দেশী বিদেশী লোক আহিবলৈ ধৰিলে। কলিকাতাৰ বিবৰণ কোৱাত তেওঁ সদাই এইটো কথা কৈছিল বোলে “দেখা হলে তোমালোকৰ এহাতলৈ চকু ওলালহেতেন।” তেওঁৰ বংশ পৰিচয়, সৎস্বভাৱ আৰু কলিকতা নগৰৰ পৰা নমৰি জীয়াই অহাৰ বাবে অনেক লোক তেওঁৰ কথা শুনিবলৈ<noinclude></noinclude> 80ofueiumw7v70q6g7bai9unn39may5 পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৬ 104 59890 159804 159121 2022-07-24T15:08:29Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৫০||আনন্দৰাম ঢেকিয়াল}}</noinclude> গৈছিল। পুৱা গধূলি সদায় লোক গৈছিল। আমাৰ মানুহৰ সময়ৰ জ্ঞান নাই। আৰু মানুহৰ ঘৰলৈ গলে সেই মানুহৰ আৱশ্যক অনাৱশ্যকলৈ নাচাই যেতিয়ালৈকে বিদায় নাপায় তেতিয়ালৈকে তাতে থাকে। প্ৰথমে অহাত কিছুমান দিন এই ৰূপ দৰ্শক লোকক ঘৰত সাক্ষাৎ কৰোঁতে তেওঁৰ অনেক সময় গৈছিল৷ ফল্গুৎসৱ উপস্থিত। ঘৰৰ দেৱতা গোপালৰ কিৰীটি ইতিপূৰ্ব্বে আন বস্তুৰে সৈতে চোৰে নিলে। শ্ৰীশ্ৰীমতী মহাৰাণীৰ মুকুটৰ আৰ্হিৰে গোপালৰ এটী সোণৰ মুকুট উমৈহতীয়া খৰচেৰে ফুকনে শুৱালকুচীৰ তুতী সোণাৰীৰ দ্বাৰাই কৰাই দিলে। {{gap}}তেওঁ অহা শুনি তেওঁৰ ভগিনী স্বামীয়ে সৈতে গুৱাহাটীলৈ গল। তেওঁবিলাকক দেখি ফুকনে অতি সন্তোষ পালে। আন আন বাৰ যেনেকৈ ফল্গুৎসৱ কৰা হৈছিল তাতকৈ কিছু সমাৰোহেৰে এইবাৰ ফল্গুৎসৱ সমাধা হল। কিছু কালৰ মূৰত মেথী চাহাব গুৱাহাটীলৈ আহিল। বহুকালৰ মূৰত চাহাবে ফুকনে সৈতে সাক্ষাৎ কৰি যাতকৈ নাই সন্তোষ পালে। {{gap}}সেই সময়ত গুৱাহাটীত মেং ব্লাণ্ড নামে এজনা পাদুৰী চাহাব আছিল৷ তেওঁ বৰ বিদ্বান্ আৰু ইংলণ্ডৰ অক্সফৰ্ড বিদ্যালয়ৰ এজন বি,এ, উপাধিধাৰী আছিল। আনন্দৰাম ফুকনে সৈতে মেথী চাহাবে এওঁক পৰিচয় কৰাই দিলে। ফুকনে সদাই ব্লাণ্ড চাহাবৰ তালৈ পঢ়িবৰ নিমিত্তে যাবলৈ ধৰিলে। কলিকতাত ফুকনে পঢ়ি যি জানিছিল এইজনা চাহাবৰ মুখে পঢ়ি আৰু অধিক জানিবলৈ সুবিধা পালে। গধূলি বা পুৱা কেতিয়াবা ফুকনে বলৰাম, গঙ্গাৰাম, গুণাভিৰাম আৰু পৃথুৰাম বৰুৱাৰ পুত্ৰ ৰুদ্ৰৰামক ইংৰাজী পঢ়াইছিল। {{gap}}ফুকন প্ৰত্যুষে উঠি মুখ ধুই পেণ্টলুন, চাপকন, টুপী, মোজা, জোতা পিন্ধি লাঠি লৈ ফুৰিবলৈ যায়। এওঁৰ লগত প্ৰায়েই গুণাভিৰাম গৈছিল। কেতিয়াবা গঙ্গাৰাম কেতি-<noinclude></noinclude> 2gx0t1acd9dkxfjwcnx2qowy4q7r79y পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৭ 104 59891 159805 159122 2022-07-24T15:20:57Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ||৫১}}</noinclude> য়াবা বলৰাম ফুকন আৰু কেতিয়াবা আন মানুহ লগত যায়। বহু দূৰণিলৈকে ফুৰিবলৈ গৈছিল। লোকৰ সমাৰোহ থকা বাটতকৈ মানুহ নোহোৱা বাটেৰেহে তেওঁ ফুৰিবলৈ ভাল পাইছিল। ফুৰি আহি লেখা-পঢ়া কৰি বা কোনো লোক আহিলে তেওঁৰে সৈতে কথা বাৰ্ত্তা হৈ ৯ বজ৷ মানত স্নান কৰে। তাৰ পাচে সন্ধ্যা, পূজা, ভোজন কৰি আহি আকৌ পাইজামা, চাপকন পিন্ধি বৈঠকখানালৈ আহে। তাৰ নিৰ্দ্দিষ্ট খোটালিত লেখা-পঢ়া কৰি ভাটী বেলীয়া জল খাই আকৌ বিয়লী গাৰীত ফুৰিবলৈ যায়। নতুবা এনেই ইফাল সিফাল কৰি বাহিৰত ফুৰিছিল। গধূলি তেওঁ চাহ খায়। তাৰ পাছে লেখা-পঢ়া কৰে, অথবা আগন্তুক লোকে সৈতে কথাবাৰ্ত্তা কৈ ভিতৰলৈ যায়। ৰাতি ৮ বা ৯ মানত সায়ং সন্ধ্যা আৰু ভোজন কৰি ৯॥ বা ১০ মানত শয়ন কৰে। সময়ে সময়ে ফুকনে চাহাব সকলৰ ঘৰলৈ বা আন দেশীয় মানুহৰ ঘৰলৈ গৈছিল। কেতিয়াবা পৰশুৰাম বৰুৱাৰ ঘৰলৈ গৈছিল। জন্চন্ ডিকচনৰী নামে ইংৰাজী অভিধানখান তেওঁ প্ৰতিদিনে অল্প অল্প মুখস্থ কৰিবলৈ ধৰিলে। তেওঁ প্ৰায় সদাই দুপৰীয়া ব্লাণ্ড পাদুৰী চাহাবৰ তালৈ পঢ়িবলৈ গৈছিল। এওঁৰ সকলোতকৈ পৰশুৰাম বৰুৱাৰে বৰ বন্ধুভাব আছিল। {{gap}}ঘৰৰ ঘৈণী আৰু পৰিবাৰসকলে সৈতে কি আন লোকে সৈতে এওঁ সদাই হৰ্ষমনে আলাপ কৰিছিল। পিতৃ ফুকনৰ দিনৰ অনেক অনুগত লোক আহি এওঁৰ লগ লাগিল। ফুলৰাৰপৰা পৰশুৰাম বৰুৱাৰ দিনৰ নানুসিংহ নামে এটা শিখ আৰু খাৰঘৰীয়া ফুকনৰ দিনৰ ছাপ্ৰাচী মধু সেই টোলতে সপৰিবাৰে আছিল; সিও ফুকনৰ কাৰ্য্যত প্ৰবিষ্ট হল। তনুৰাম কাকতীৰ ওপৰত কোনো কথাত ফুকনৰ বেজাৰ হৈ তেওঁক কাৰ্য্যচ্যুত কৰিলে। ৰামচন্দ্ৰ বিশ্বাসে খাত পামৰ কাৰ্য্য ফুকনৰ আজ্ঞাৰ অধীনে কৰিবলৈ ধৰিলে। এই পৰ্য্যন্ত ফুকনৰ মাতৃৰ হাতত সকলো<noinclude></noinclude> 5jjgjeo6imx4xd322aefaqvxg528uke পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৮ 104 59892 159806 159123 2022-07-24T15:24:17Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৫২||আনন্দৰাম ঢেকিয়াল}}</noinclude> চিন্দুক ইত্যাদিৰ সঁচাৰ আৰু ভাৰ আছিল। কলিকতাৰপৰা আহি ফুকনে সেই ভাৰ বহু কমাই দিলে। পূৰ্ব্বৰ দৰে পূজা সেৱা হবলৈ ধৰিলে আৰু ঘৰো এক প্ৰকাৰ সম্পূৰ্ণ হল৷ ফুকনে অতি অল্প সময়ও এনেই নেখেদাইছিল৷ সদাই নিয়মিত- ৰূপে লেখা-পঢ়া কৰিছিল। ভাত খাই শুবলৈ গলেও অল্প কিতাপ পঢ়ি শয়ন কৰিছিল। আহাৰৰ বিষয়ে তেওঁ বৰ পৰিমিত আছিল। পাছে সৰহ খাব লাগিব এই বুলি তেওঁ সদাই এটা সৰু বাটীত অন্ন লৈ খাইছিল। তেওঁ কোনো প্ৰকাৰ মাদক দ্ৰব্য সেবন নকৰিছিল। অধিক কি আহাৰ কৰিও তামোল নাখাইছিল; তামোল খোৱা বৰ বেয়া পাইছিল। যদি কোনো লোক তেওঁৰ তালৈ সাক্ষাৎ কৰিবলৈ আহিছিল তেওঁ লোক বুজি তামোল আৰু ধপাত দিয়াইছিল। নীলাচল বশিষ্ঠ প্ৰভৃতি দেৱালয়লৈকো তেওঁ গৈ যথাবিধি সেৱা-পূজা কৰিছিল৷ ফুকনৰ চৰিত্ৰ আৰু ব্যৱহাৰত সকলো লোকে সন্তোষ পাইছিল। কোনোৱে তেওঁক বিধৰ্ম্মী বোলা নাছিল। ফাকুৱাত তেওঁ যিৰূপে মজলিচ্ সজালে আৰু কৰিলে অনেকেই সেইৰূপে কৰিবলৈ ধৰিলে আৰু অনেক অসমীয়া লোকে যেয়ে যি পৰি- মাণে পাৰিলে সেয়ে সেই পৰিমাণে তেওঁক অনুকৰণ কৰিবলৈ ধৰিলে৷ ফুকনে ইমান নিয়মিতৰূপে কাৰ্য্য কৰিছিল যে তেওঁৰ এটা “ডায়েৰী” আছিল তাতে প্ৰতি দিনৰ তেওঁৰ কাৰ্য্যৰ বিবৰণ সংক্ষেপৰূপে লেখিছিল। এওঁ কোনো প্ৰকাৰ খেল নেখেলিছিল আৰু সৰুতে যি জানিছিল তাকো পাহৰিলে। কি প্ৰাচীন, কি যুবা, কি বালক, যেয়ে যেই ব্যৱসায় বা কৰ্ম্মৰ মানুহ হওক তাৰে সৈতে তেওঁ সমুচিত আলাপ কৰিছিল। তেওঁ তেওঁৰ ব্যৱহাৰৰ সকলো বস্তু প্ৰণালীমতে উপযুক্ত ঠাইত সজাই থৈছিল। তেওঁৰ উদ্যোগ লোকৰ অনুকৰণীয় হল। {{nop}}<noinclude></noinclude> fnyc0xdr4uig6fi6j3suzje8bd7poji পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৯ 104 59893 159807 159124 2022-07-24T15:26:46Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|3em}} {{center|দ্বিতীয় অধ্যায়}} {{gap}}আনন্দৰাম ফুকন কলিকতাৰপৰা ঘৰলৈ অহাত তেওঁৰ বয়স ষোল বছৰ। কলিকতাতেই তেওঁৰ দাঢ়ি গজাত খুৰাবলৈ আৰম্ভ কৰে। গোঁফ কিছুমান গজিছিল। তেওঁৰ মুখশ্ৰীত যৌৱন কালৰ শ্ৰী প্ৰস্ফুটিত হবলৈ ধৰিলে। তেওঁ তেতিয়া পাঁচ ফুট ৩ ইঞ্চিমান ওখ আছিল। তেওঁ বৰ হৃষ্ট পুষ্ট আৰু স্থুল ন্তৰ নহলেও কৃশ নাছিল। তেওঁ এঘৰৰ একমাত্ৰ পুত্ৰ, সেই দেখি তেওঁৰ মাতৃ, পিতামহী আৰু আনসকল তেওঁৰ বিবাহৰ নিমিত্তে চিন্তিত হল। অধিক কি, তেওঁ যেতিয়া কলিকতাত আছিল তেতিয়াৰেপৰা এক প্ৰকাৰ পাত্ৰীৰ বিষয় অনুসন্ধান কৰা হৈছিল৷ তেওঁৰ উপযুক্ত পাত্ৰীৰ নিমিত্তে সকলোৱে অনু- সন্ধান কৰিবলৈ ধৰিলে। গুৱাহাটীত আৰু আন আন ঠাইত অনুসন্ধান কৰা হল। কোনো ঠাইত মনোমত কন্যা পোৱা নহল। বাল্যবিবাহ ফুকনে ভাল নাপালেও তেওঁৰ এনেভাব যেন অনুমান হয় যে বিবাহ নকৰাই কুপথগামী হোৱা অপেক্ষা তেওঁৰ সমান বয়সত বিবাহ কৰাই শ্ৰেয়ঃ। বিবেচনাৰ দ্বাৰাই স্বাস্থ্যৰ প্ৰতি দৃষ্টি কৰিব পাৰিলে এই বিবাহ এক প্ৰকাৰ ভেঁটাৰ দৰে হয়। তেওঁ যে সেইৰূপ আচৰণ কৰিব পাৰিব এনে আশা কৰিছিল। বস্তুতঃ তেওঁৰ চৰিত্ৰৰ দ্বাৰাই এনে আশা হৈছিল যে তেওঁ বিবাহৰ কুব্যৱহাৰ নকৰিব, এই কাৰ- ণেই তেওঁৰ ইংৰাজ বন্ধুসকলে তেওঁক বিবাহ কৰিবলৈ পৰামৰ্শ দিলে আৰু তেওঁ সেই বিষয়ে সম্মত হল।<noinclude></noinclude> qj2p8enxcln6etmf9ihnh4iygyc8ryg