ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.21 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:অনিমা গুহ.pdf/১২৪ 104 59528 159810 158228 2022-07-26T11:33:27Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আবির্ভাৱে পৰিয়ালত সৃষ্টি কৰিলে ধুমুহাৰ। নতুন ভাৱধাৰাক দ্বাৰকানাথে আঁকোৱালি ল'লেও চাৰিটাকৈ পুত্ৰ সন্তানৰ নিষ্ঠাৱতী মাতৃ দিগম্বৰী নিজৰ ধৰ্মবিশ্বাস আৰু ৰীতি- নীতিত বিশ্বাসী হৈয়ে থাকিল। ইয়াকে লৈ পতি-পত্নী দুয়োৰে মাজত দেখা দিলে আদৰ্শৰ সংঘাতে। ব্যক্তিত্বসম্পন্না মহিলাগৰাকী কিন্তু স্বামীৰ কথাত উঠ-বহ কৰা প্ৰকৃতিৰ নাছিল। {{gap}}ব্ৰাহ্মধৰ্মৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ৰ সান্নিধ্যলৈ অহাৰ পাছত দ্বাৰকানাথৰ পৰম্পৰাগত ধৰ্মবিশ্বাসত প্রবল জোকাৰণি উঠে। পূজা কৰি থকা অৱস্থাত ৰামমোহন তেওঁলোকৰ পদুলিমুখ পাইছেহি বুলি শুনিলে তেওঁ হেনো পূজা অসমাপ্ত ৰাখি আলহীক আদৰিবলৈ গৈছিল। ৰামমোহনৰ দ্বাৰা অনুপ্রাণিত নিৰামিষাহাৰী বৈষ্ণৱ সন্তান দ্বাৰকানাথে গুৰুৰ অনুকৰণত পঠা ছাগলীৰ মাংস ভক্ষণ আৰু শ্যেৰী পান পর্যন্ত কৰিছিল। এনে ‘কুসংগ’ৰ পৰা স্বামীক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰি দিগম্বৰী বিফল হৈছিল। ইতিহাসত অমৰ হৈ থকা ৰাজা ৰামমোহন কিজানি মহিলাগৰাকীৰ দৃষ্টিত আছিল এজন নৰাধম। {{gap}}ঘৰৰ প্ৰতিকূল পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ পৈতৃক ঘৰৰ কাষতে দ্বাৰকানাথে নিজ ৰুচিমতে সাজিছিল এটা অট্টালিকা। গৃহ প্ৰৱেশলৈ আমন্ত্ৰিত হৈছিল ইংৰাজ চাহাব-মেমসকলো। সেই আনন্দ উৎসৱত ইংৰাজী বাজনাৰ তালে তালে নৃত্য-গীত অনুষ্ঠিত হৈছিল। ভোগবিলাসৰ চুড়ান্ত শিখৰত উঠিলেও মাক জীয়াই থকালৈকে ইউৰোপীয়সকলৰ লগত একেখন টেবুলত আহাৰ কৰা নাছিল দ্বাৰকানাথে। ১৮৩৮ চনত মাকৰ মৃত্যুৰ পাছত তেওঁ হৈ উঠে বেপৰোৱা। পত্নীকনো কোনে গুৰুত্ব দিয়ে! {{gap}}স্বামীৰ ‘অনাচাৰ'ৰ কথা দিগম্বৰীয়ে প্ৰথমতে বিশ্বাস কৰা নাছিল। এদিন নিজ চকুৰে দেখি প্রচণ্ড আঘাত পালেও বিৰল ব্যক্তিত্বৰ অধিকাৰিনী দিগম্বৰী ভাগি নপৰিল। স্বামীক স্বধৰ্মলৈ ঘূৰাই অনাত বিফল মানুহগৰাকীয়ে চকুৰ সন্মুখত দুটা পথ দেখিবলৈ পালে— হয় স্বামীক ত্যাগ কৰি কুলধর্মমতে চলা, নহয় কুলধর্ম ত্যাগ কৰি স্বামীৰ ধৰ্ম গ্ৰহণ কৰা। এই কঠিন সিদ্ধান্ত নিজে লোৱাৰ পৰা বিৰত থাকি তেওঁ বিশিষ্ট ব্ৰাহ্মণ পণ্ডিতসকলৰ মতামত বিচাৰিলে— যি স্বামীয়ে কুলধৰ্ম ত্যাগ কৰি বিদেশীৰে সৈতে উঠ-বহ কৰে, নিষিদ্ধ খাদ্য তেওঁলোকৰ লগত বহি খায় তেনে স্বামীৰ লগত বাস কৰা উচিত নে? {{gap}}পণ্ডিতসকলৰ মূৰত যেন ৰামটাঙোন পৰিল। এনে কঠিন সমস্যাৰ মুখামুখি হোৱা নাছিল কেতিয়াও৷ তেওঁলোকৰ পুথি-পত্ৰতো বোধকৰো তাৰ কোনো বিধান নাছিল।<noinclude>{{Right|বাকীছোৱা জীৱন / ১২৩}}</noinclude> rjfoo6krkrom7vgp3szs9r6m9cdd0gs পৃষ্ঠা:অনিমা গুহ.pdf/১২৫ 104 59529 159811 158229 2022-07-26T11:36:46Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বহু আলোচনা-বিলোচনাৰ অন্তত পণ্ডিতসকলে দিগম্বৰীক না গ্রহণ না বর্জন নীতি মানি চলিবলৈ নিৰ্দেশ দিলে। স্বামীক ভক্তি কৰিবা, সেৱা-যত্ন কৰিবা কিন্তু একেলগে বাস নকৰিবা। তেতিয়াৰ দিনত বিবাহ-বিচ্ছেদ আইন থকা হ'লে তেজস্বিনী নির্ঘাত আদালত পালেগৈহেঁতেন। যি কি নহওক, প্ৰয়োজনত তেওঁ কাষৰ ঘৰটোত থকা স্বামীৰ ওচৰলৈ গৈছিল। কিন্তু দিন-ৰাতি, জাৰ-জহ যেতিয়াই গৈছিল উভতি আহি গা-পা ধুই শুদ্ধ হৈছিল। নিজৰ ওপৰত কৰা অত্যাচাৰৰ ফলত জ্বৰত ভুগি ভুগি মাত্র সাতত্রিশ বছর বয়সত নিজৰ মতত অটল দিগম্বৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দুদিন আগতে তেৰ বছৰীয়া পুত্ৰৰ মৃত্যুশোকে তেওঁৰ অন্তিমকাল চমুৱাই আনিছিল। {{gap}}পত্নীৰ মৃত্যুই দ্বাৰকানাথৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল জানিবৰ উপায় নাই। কিন্তু তাৰ পাছতো তেওঁৰ উন্নতিৰ গ্ৰাফডাল ওপৰলৈ গৈ থাকিছিল। আনহাতে নিজ আদৰ্শ আৰু বিশ্বাসত খামোচ মাৰি থাকি বিখ্যাত এগৰাকী স্বামীৰ সৈতে নীতিগত যুদ্ধত অৱতীৰ্ণ হোৱা আপোচহীন মনোবৃত্তিৰ এনে এগৰাকী নাৰী আজিৰ যুগতো বিৰল। {{gap}}দ্বাৰকানাথ কেৱল গুণীয়ে নহয় দেখাতো আছিল বৰ সুপুৰুষ। বিলাতত থকাৰ সময়ত মহাৰাণী ভিক্টোৰিয়াৰ লগত তেওঁৰ এটা মিঠা সম্পৰ্ক গঢ়ি উঠিছিল বুলি জনশ্রুতি আছে। {{gap}}দ্বাৰকানাথ আৰু দিগম্বৰীৰ দৰে দুগৰাকী বিৰল ব্যক্তিত্বৰ জিন তথা ক্ৰমজ’মে তেওঁলোকৰ প্ৰতিজন উত্তৰাধিকাৰীক খ্যাতিৰ শীৰ্ষলৈ তুলি যে নিছিল তাত কোনো সন্দেহ নাই। {{gap}}এই চৌহদতে প্রতিষ্ঠিত হৈছে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়খন। বর্তমানে প্ৰসাৰ লাভ কৰা বাবে বিশ্ববিদ্যালয়ৰ আন এটা চৌহদ নিৰ্মিত হৈছে উত্তৰ কলকাতাৰ বি টি ৰোডত। {{gap}}শিখা আৰু মই মন্ত্ৰমুগ্ধৰ দৰে ইফালৰ পৰা সিফাললৈ গৈ ইতিহাস বিচাৰি ফুৰিছিলো। যিটো হলঘৰত মঞ্চ সাজি বাল্মিকী প্রতিভা, মায়াৰ খেলা আদি বিভিন্ন নাটকত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল তাত থিয় হৈ মানস চকুৰে কত কি যে দেখিলো! দৰ্শকৰ আসনত জিলিকি থকা গুণাভিৰামৰ কন্যা স্বর্ণলতাকো দেখা পালো। {{gap}}পাশ্চাত্যৰ আলোকপ্রাপ্ত ঘৰখনত লিংগ-বৈষম্য দূৰ কৰিবলৈ প্ৰথমতে আগবাঢ়ি আহিছিল ভাৰতৰ প্ৰথম আই চি এছ ৰবীন্দ্ৰ নাথৰ মাজু ককায়েক সত্যেন্দ্ৰ নাথ ঠাকুৰ<noinclude>{{Left|১২৪/ বাকীছোৱা জীৱন}}</noinclude> fbmg2g0gibbi1dc2waa3ky2epo8h1gd পৃষ্ঠা:অনিমা গুহ.pdf/১২৬ 104 59530 159812 158230 2022-07-26T11:46:19Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>(১৮৪২-১৯২৩)। তেওঁ সেই ঊনৈশ শতিকাতে ৰাতিৰ এন্ধাৰত বন্ধুসকলক শোৱনি কোঠালৈ মাতি আনি পত্নী জ্ঞানদানন্দিনীৰে চিনাকি কৰি দিছিল। পিছত তেওঁলোকে বম্বেলৈ বদলি হৈ যায়। বিলাততো বহু বছৰ কটায়। উভতি আহি কলকাতাত জ্ঞানদাই ঘোঁৰা চেকুৰাই ফুৰিছিল। আজি আমি যিটো ষ্টাইলত শাৰী পিন্ধো তাৰ আৱিষ্কাৰক জ্ঞানদানন্দিনী। তেওঁলোকৰ আজোনাতি গৌতম চট্টোপাধ্যায় আমাৰ গৃহস্থৰ বন্ধু আছিল। নানা গুণেৰে বিভূষিতা প্রগতিশীল জ্ঞানদাৰ বিষয়ে তেওঁ আমাক বহু কথা কৈছিল৷ {{gap}}ৰবীন্দ্ৰনাথে শেষ নিশ্বাস ত্যাগ কৰা কোঠাটোৰ দুৱাৰমুখত থিয় হৈ ভাবিছিলো ইয়াতে বহি তেওঁ নবৌয়েক কাদম্বিনীৰ মৃত্যুৰ পাছত সেই বিখ্যাত গীতটো লিখি সুৰ দিছিল নে? গীতটো মোৰো অতি প্রিয়। শুনিলে আজিও মোৰ দুচকু প্লাৱিত হয়— {{Block center|<poem>:‘তুমি কি কেবল ছবি, শুধু পটে লেখা? :ওই যে সুদূৰ নীহাৰিকা, যাৰা কৰে আছে ভিড় :আকাশেৰ নীড়... :তুমি কি তাদেৰ মতো সত্য নও? :হায় ছবি, তুমি শুধু ছবি...</poem>}} {{gap}}আমাৰ একমাত্র ভাই বাবলুৰ মৃত্যুৰ পাছত হেমন্ত মুখাৰ্জীৰ কণ্ঠত প্রথম এই গীতটো শুনি চকুপানী ধৰি ৰাখিব পৰা নাছিলো। আজিও তালৈ মনত পৰিলে নীৰৱে গীতটো গাও। {{Block center|<poem>:‘নয়ন সমুখে তুমি নাই, নয়নেৰ মাঝখানে নিয়েছ যে ঠাঁই। :আজি তাই শ্যামলে শ্যামল তুমি, নীলিমায় নীল.…' </poem>}} {{gap}}জীৱনৰ যিকোনো পৰিস্থিতিত সুখ-দুখ, আনন্দ-বেদনা, বিপদ-আপদত আশ্রয় দিয়ে ৰবীন্দ্ৰনাথে। {{gap}}ৰবীন্দ্ৰনাথৰ সমবয়সীয়া নবৌয়েক, জ্যোতিৰিন্দ্ৰ নাথ ঠাকুৰৰ পত্নী কিশোৰী কাদম্বিনী আছিল কিশোৰ ৰবীন্দ্ৰনাথৰ ফ্ৰেণ্ড, ফিলছফাৰ আৰু গাইড। দুয়ো একেলগে ডাঙৰ হৈছিল। তেওঁৰ সৃষ্টিশীল সাহিত্যৰ বিষয়ে আলোচনা কৰিছিল বৌয়েকৰ লগত। বহির্মুখী জ্যোতিৰিন্দ্ৰ নাথে ঘৰতকৈ বাহিৰতে বেছি সময় কটাইছিল। গতিকে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল দেওৰেকৰ লগত। দুয়োৰে মনোজগতত আন কিবা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নেকি জনাৰ উপায় নাই। তেইশ বছৰ বয়সত মৃণালিনীৰ সৈতে ৰবীন্দ্ৰনাথৰ বিয়া হোৱাৰ কিছুদিনৰ পাছত কাদম্বিনীয়ে বিহ খাই আত্মহত্যা<noinclude>{{Right|বাকীছোৱা জীৱন / ১২৫}}</noinclude> 9ldrxbu26h3l59vrsuyb9oj8lz3v25p পৃষ্ঠা:অনিমা গুহ.pdf/১২৭ 104 59531 159813 158231 2022-07-26T11:50:32Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰা বাবে বহুতে অনুমান কৰে দুয়োৰে মাজত হয়তো প্লেট’নিক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। {{gap}}এই চৌহদতে লক্ষ্মীনাথ বেজবৰুৱাই বিয়া কৰাইছিল মহৰ্ষি দেৱেন্দ্ৰ নাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰ নাথৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীক। আন এগৰাকী অসমীয়া গুণাভিৰামৰ পুত্ৰ জ্ঞানদাভিৰামে ঠাকুৰ পৰিয়ালত বিয়া কৰাইছিল। ঘৰৰ পৰা বহু আঁতৰত কলকাতাৰ ভৱানীচৰণ দত্ত লেনৰ মেছ এটাৰ পৰা দৰা সাজি ঠাকুৰবাড়ীলৈ বিয়া কৰাবলৈ গৈছিল লক্ষ্মীনাথ। দৰা নৈষ্ঠিক ব্ৰাহ্মণ সন্তান, কইনা প্রগতিশীল ব্রাহ্ম পৰিয়ালৰ জীয়াৰী। আগতেই কোৱা হৈছে মই কল্পনাবিলাসী। সিদিনা, শিখাক লক্ষ্মীনাথৰ কথা কৈ কল্পনাতে তেওঁৰ বিবাহমণ্ডপটো যেন দেখা পালো। ব্রাহ্ম বিয়াত বৈদিক মন্ত্র উচ্চাৰিত হ'লেও হোম পোৰা নহৈছিল। পুতেকে বাঙালী ব্ৰাহ্ম পৰিয়ালৰ ছোৱালী বিয়া কৰোৱা বাবে শিৱসাগৰত দীননাথ বেজবৰুৱাৰ পৰিয়ালটোক তেতিয়া দুখ-খং আৰু হতাশাই ম্রিয়মান কৰি তোলে। পাছত অৱশ্যে বোৱাৰীয়েকক আদৰি গ্ৰহণ কৰিছিল। {{Gap}}ঠাকুৰবাড়ীৰ নিয়মেই আছিল সৎ বংশজাত, সুশিক্ষিত, সুদর্শন পাত্র পালে তেনে ল’ৰাক জোঁৱাই কৰা। ভাৰতৰ নানা ঠাইৰ সুপাত্ৰ তেওঁলোকৰ জোঁৱাই। যি কি নহওক, কেৱল জোঁৱায়ে নহয় বোৱাৰীও আনিছে আন ৰাজ্যৰ পৰা। মহৰ্ষি দেৱেন্দ্ৰনাথৰ নাতি, ৰবীন্দ্ৰনাথৰ ভতিজাক সুভো ঠাকুৰে (সুভগেন্দ্ৰ) বিয়া কৰাইছিল ‘আৱাহান’ আলোচনীৰ সম্পাদক দীননাথ শৰ্মাৰ জীয়াৰী আৰতিক । জ্ঞানদাভিৰাম বৰুৱাৰ জীয়াৰী ইৰাৰ বিয়া হৈছিল ঠাকুৰ পৰিয়ালৰ আন এটা শাখাৰ সদস্য গীতিন্দ্ৰনাথৰ লগত। এওঁলোকৰে জীয়াৰী অভিনেত্রী শর্মিলা ঠাকুৰ। {{gap}}এটা কথাই মাজে মাজে মোক ভবাই তোলে। কিয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীয়েক তিনিগৰাকীয়ে ভালদৰে অসমীয়া নাজানিছিল ! আনকি যিগৰাকী মাজু জীয়েকৰ অসমীয়া পৰিয়ালত বিয়া হৈছিল তেওঁৰো জীয়েকসকল ঠাকুৰ পৰিয়ালৰ জীয়াৰী, আইতাক প্ৰজ্ঞাসুন্দৰী ভাষাৰ প্ৰতি অধিক অনুৰক্ত আছিল বুলি শুনিছো। বোধহয় ঘৰখনত দেউতাকতকৈ মাকৰ প্ৰভাৱেই আছিল অধিক। নে ৰবিৰ প্ৰভাৱ। লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰ জীয়াৰী অৰুণা মুখার্জীৰ পুত্ৰক এবাৰ ধুবুৰীত প্রতুল ৰায়চৌধুৰী আৰু সুকুমাৰী ৰায়চৌধুৰীৰ ঘৰত লগ পাইছিলো। তেওঁ অসমীয়া জানে নে নাজানে গম নাপালো। কিয়নো কথা কৈছিল বাংলাত। অৱশ্যে সৰুজনী জীয়েকৰ কথা সঠিককৈ নাজানো।<noinclude>{{Left|১২৬/ বাকীছোৱা জীৱন}}</noinclude> 3r4hvvm86goaimvz0ob9apebf8s79yg পৃষ্ঠা:অনিমা গুহ.pdf/১২৮ 104 59532 159814 158232 2022-07-26T11:57:01Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰে ১৯০১ চনত বোলপুৰত স্থাপন কৰা শান্তি নিকেতন আশ্ৰমৰ সম্প্ৰসাৰণ ঘটাই প্ৰতিষ্ঠা কৰা ৰবীন্দ্ৰনাথৰ দ্বিতীয় গৃহ তথা তেওঁৰ মানস সন্তান শান্তি নিকেতনলৈ কেইবাবাৰো গৈছো। কিন্তু কবিৰ ল’ৰালি কালৰ স্মৃতি বিজড়িত জোড়াসাঁকোৰ ঠাকুৰবাড়ীয়ে মোক অধিক আকর্ষণ কৰে। {{gap}}শান্তি নিকেতনত এবাৰ মোৰ এটা চৰম দুৰ্ভাগ্যজনক অভিজ্ঞতা হৈছিল। আমাৰ মনত কেনেবাকৈ এটা বিশ্বাস জন্মে যে শিক্ষিত, বিশেষকৈ অগাধ পাণ্ডিত্য অর্জন কৰা মানুহ যুক্তিবাদী হয়। আবেগ-অনুভূতিক দমাই ৰাখিব পাৰে। তাতে যদি তেওঁ কোনোবা খ্যাতনামা কলেজ-বিশ্ববিদ্যালয়ত শিক্ষাৰ্জন কৰি তেনে ধৰণৰে নামী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে আৰু নিজকে মার্ক্সীয় দৰ্শনেৰে প্ৰভাৱিত বুলি জহাই ফুৰে তেনেহ'লে তেওঁক আমি সভ্য-ভব্য আৰু মাৰ্জিত ৰুচিসম্পন্ন বুলি ধৰি লওঁ। লওঁ নহয়, এটা বয়সত লৈছিলো। জীৱনৰ বিচিত্র অভিজ্ঞতাই মোক শিকাইছে যে অনেকৰ ক্ষেত্ৰত appearences are deceiptive। শিক্ষাৰ পোহৰ নোপোৱা মানুহো অত্যন্ত ৰুচিবান আৰু মাৰ্জিত হ’ব পাৰে, আবেগ-অনুভূতি দমাই ৰাখিব পাৰে। {{gap}}পণ্ডিত বুলি জনাজাত মানুহো যে আচৰণ আৰু ব্যৱহাৰত অতি দুখলগাকৈ অভদ্র হ’ব পাৰে তাৰ উদাহৰণ পাইছিলো শান্তি নিকেতনত। এবাৰ জয় আৰু মই মোৰ বান্ধৱী আৰু তেওঁৰ জীয়েক দুজনীৰ সৈতে শান্তি নিকেতনলৈ গৈ তেওঁলোকৰ ঘৰতে কেইদিনমান আছিলো। বান্ধৱী অধ্যাপিকা। উভতি অহাৰ দুদিনমান আগতে উল্লিখিত মহাপণ্ডিত অধ্যাপকজনৰ লগত জয়ে-ময়ে দেখা কৰিবলৈ গ'লো। আমাক দেখি উচ্ছসিত। কথা-বতৰা পতাৰ পাছত সেই নিশা তেওঁৰ ঘৰতে ভাত-সাজ খাবলৈ ক’লে ৷ ময়ো নিমন্ত্রণ গ্ৰহণ কৰি বহাৰ পৰা উঠিবলৈ যো-জা কৰিছো, তেনেতে সুধিলে ক’ত আছো আমি। বান্ধৱীৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে মানুহজন নিজেই এটা জীৱন্ত বোমাত পৰিণত হ'ল। দি দিক্‌বিদিক জ্ঞান শূন্য মানুহজনে এনে আচৰণ প্ৰদৰ্শন কৰিলে যে ছিটিকি ওলাই আহি নিজকে বিস্ফোৰণৰ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পোৱা যেন লাগিল। আৰু অলপ সময় তাত থকা হ’লে কিজানি নেলু চেপি ধৰিলেহেঁতেন। ৰাতিৰ আহাৰ দূৰ অস্ত, গাত যে হাত নুতুলিলে সেয়েই ভাগ্য। {{gap}}ফোপাই-জোপাই বান্ধৱীৰ ঘৰলৈ আহি কথাষাৰ কোৱাত তাই ক'লে— ‘দেশত আইন নাই নেকি, তোমাৰ গাত হাত তুলিলে যাৱজ্জীৱন কাৰাবাসৰ ব্যৱস্থা কৰিলোহেঁতেন চয়তানটোৰ’। পণ্ডিতপ্ৰবৰৰ দ্বিতীয়া পত্নী আছিল বান্ধৱী৷ প্ৰথমগৰাকী কলকাতাৰ অতি খ্যাতনামা চহকী তথা শিক্ষিত পৰিয়ালৰ জীয়াৰী আছিল। তেওঁ<noinclude>বাকীছোৱা জীৱন / ১২৭</noinclude> cqoigxlp49pfss7997iilbgwey1mmw2