ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.21
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:নাম-মালিতা.djvu/২৭
104
39028
159824
104045
2022-07-26T17:55:21Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||২১|}}</noinclude>{{Block center|<poem>কৃষ্ণৰ স্মৰণ{{gap|3em}} প্ৰসাদে মোহোক
{{gap|3em}}বিকল নভৈল চিত্ত।
দেখিয়োক কেনে,{{gap|3em}} কৃষ্ণ স্মৰণক,
{{gap|3em}}অনুভাব বিপৰিত॥১০৭॥
প্ৰহ্লাদ বচনে,{{gap|3em}} কৃষ্ণ স্মৰণৰ,
{{gap|3em}}মহিমা কৰি বেকত।
শুনা তাতপৰ,{{gap|3em}}কৃষ্ণ স্মৰণৰ
{{gap|3em}}অনুভৱ যেন মত॥
মহাউগ্ৰ তৰ,{{gap|3em}} কলিৰ কল্মষ,
{{gap|3em}}দেখা কেন বল আৰ।
মনুষ্যক নিয়া,{{gap|3em}} ঘোৰ নৰকত
{{gap|3em}}ভুঞ্জাৱে দুঃখ নিকাৰ॥ ১০৮॥
ঈশ্বৰ কৃষ্ণৰ,{{gap|3em}} নাম এক বাৰ;
{{gap|3em}}কীৰ্ত্তন যিটো কৰয়।
সদ্যে যেন বহ্ণি,{{gap|3em}} কলিৰ পাপক,
{{gap|3em}}দহিয়া ভষ্ম কৰয়॥
যাৰ এক বাৰ,{{gap|3em}} স্মৰণে তেখনে,
{{gap|3em}}কলি পাপ নষ্ট কৰে।
হেনয় কৃষ্ণক{{gap|3em}} নভজিয়া নৰে
{{gap|3em}}নিকাৰ ভুঞ্জিয়া মৰে॥১০৯॥
প্ৰভাত সন্ধ্যাত{{gap|3em}} নিশা মধ্যাহ্ণদি
{{gap|3em}}সময়ত নাম লৈয়া।
</poem>}}<noinclude></noinclude>
1074l16bcoh7a6h7vcoqxafs12dact7
পৃষ্ঠা:নাম-মালিতা.djvu/২৯
104
39030
159825
104060
2022-07-26T18:04:26Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{center|২৩}}</noinclude>{{Block center|<poem>
জাতিত ৰাক্ষস {{gap|3em}}নামত সুশৰ্ম্মা
{{gap|3em}}দেখি তাৰ শুদ্ধমন।
তাহাৰ আগত{{gap|3em}} শ্ৰীৰূদ্ৰ দেৱে
{{gap|3em}}বুলিলা হিত বচন॥
সদায় কৃষ্ণৰ{{gap|3em}} নাম মাত্ৰ গাইবা
{{gap|3em}}জানিয়া ধৰ্ম্ম প্ৰধান।
হৰিৰ পৰম {{gap|3em}}ৰূপ মনোহৰ
{{gap|3em}}সদায় কৰিবা ধ্যান॥১১৩॥
মুৰাৰিৰ নাম{{gap|3em}} কীৰ্ত্তন কৰিবা
{{gap|3em}}সদায় নিশ্চয় মতি।
ইসব প্ৰকাৰে {{gap|3em}}সংসাৰক তৰি
{{gap|3em}}লভিবা পৰম গতি॥
ৰূদ্ৰৰ বচন{{gap|3em}} থৈলোঁহো কৃষ্ণৰ
{{gap|3em}}নামৰ কহোঁ মহত।
তাতে শুনা আৰু{{gap|3em}} কহি আছে যেন
{{gap|3em}}শিৱ নাম মাহাত্ম্যত॥ ১১৪॥
শিৱৰ কৃষ্ণৰ {{gap|3em}}নামত কিঞ্চিতো
{{gap|3em}}নাহিকে জানা অন্তৰ।
শিৱৰ যতেক {{gap|3em}}গুণ নাম সিয়ো
{{gap|3em}}জানা সবে মাধৱৰ॥
আপোনাৰ গুণ{{gap|3em}} নাম নাৰায়ণে
{{gap|3em}}শিৱত সৱে অৰ্পিলা।
</poem>}}<noinclude></noinclude>
7pho7aqrgjmxs5jt3a55v4x7hcnlhsx
পৃষ্ঠা:নাম-মালিতা.djvu/৩১
104
39032
159826
104089
2022-07-26T18:11:36Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||২৫|}}</noinclude>{{Block center|<poem>20
মহা ভাগৱত {{gap|3em}}শাস্ত্ৰক বিচাৰি
{{gap|3em}}দেখিবাহা বিদ্যমান।
ভগৱন্ত ঈশ্বৰৰ{{gap|3em}} গুণ নাম
{{gap|3em}}বৰ্ণন মাত্ৰ প্ৰধান॥ ১১৮॥
সমস্ত ধৰ্ম্মত {{gap|3em}}কৰিয়া গৌৰৱ
{{gap|3em}}কৃষ্ণৰ নাম কীৰ্ত্তন।
শ্ৰীমন্ত নৰদে {{gap|3em}}বৰ্ণায়া ব্যাসৰ
{{gap|3em}}কৰিলা চিত্ত প্ৰসন্ন॥
যত তপ ব্ৰত {{gap|3em}}পূজা বেদ পাঠ
{{gap|3em}}মন্ত্ৰ জাপ্য জ্ঞান দান।
সমস্তে ধৰ্মৰ {{gap|3em}}অবিনাশি ফল
{{gap|3em}}জানিবাহা এহিমান॥ ১১৯॥
মহা মহা কবি {{gap|3em}}বিবেকী সকলে
{{gap|3em}}কৰি আছে নিৰুপণ।
উত্তম শ্লোকৰ {{gap|3em}}গুণ নাম মাত্ৰ
{{gap|3em}}কৰিল সদা বৰ্ণন॥
অনেক জনমে{{gap|3em}} পৰম নিষ্কামে
{{gap|3em}}কৰিছে পূণ্য যিজন।
তাৰ ফলে সদা{{gap|3em}} ইজন্মত সুখে
{{gap|3em}}কৰয় হৰি কীৰ্ত্তন॥ ১২০॥
হৰি কীৰ্ত্তনত {{gap|3em}}পৰে যত ফল
{{gap|3em}}কহিয়া আছে ধৰ্ম্মৰ৷
</poem>}}<noinclude></noinclude>
ke1jdfvdh7zz8qd2n9f05fg8n01nzeg
159827
159826
2022-07-26T18:11:53Z
Pranamikaadhikary
2157
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||২৫|}}</noinclude>{{Block center|<poem>
মহা ভাগৱত {{gap|3em}}শাস্ত্ৰক বিচাৰি
{{gap|3em}}দেখিবাহা বিদ্যমান।
ভগৱন্ত ঈশ্বৰৰ{{gap|3em}} গুণ নাম
{{gap|3em}}বৰ্ণন মাত্ৰ প্ৰধান॥ ১১৮॥
সমস্ত ধৰ্ম্মত {{gap|3em}}কৰিয়া গৌৰৱ
{{gap|3em}}কৃষ্ণৰ নাম কীৰ্ত্তন।
শ্ৰীমন্ত নৰদে {{gap|3em}}বৰ্ণায়া ব্যাসৰ
{{gap|3em}}কৰিলা চিত্ত প্ৰসন্ন॥
যত তপ ব্ৰত {{gap|3em}}পূজা বেদ পাঠ
{{gap|3em}}মন্ত্ৰ জাপ্য জ্ঞান দান।
সমস্তে ধৰ্মৰ {{gap|3em}}অবিনাশি ফল
{{gap|3em}}জানিবাহা এহিমান॥ ১১৯॥
মহা মহা কবি {{gap|3em}}বিবেকী সকলে
{{gap|3em}}কৰি আছে নিৰুপণ।
উত্তম শ্লোকৰ {{gap|3em}}গুণ নাম মাত্ৰ
{{gap|3em}}কৰিল সদা বৰ্ণন॥
অনেক জনমে{{gap|3em}} পৰম নিষ্কামে
{{gap|3em}}কৰিছে পূণ্য যিজন।
তাৰ ফলে সদা{{gap|3em}} ইজন্মত সুখে
{{gap|3em}}কৰয় হৰি কীৰ্ত্তন॥ ১২০॥
হৰি কীৰ্ত্তনত {{gap|3em}}পৰে যত ফল
{{gap|3em}}কহিয়া আছে ধৰ্ম্মৰ৷
</poem>}}<noinclude></noinclude>
czz5agolvcarjzzkj73zz9bzcvbe0m4
পৃষ্ঠা:নাম-মালিতা.djvu/৩৪
104
39039
159828
104087
2022-07-26T18:20:42Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||২৮|}}</noinclude>{{Block center|<poem>পণ্ডিত সকলে আক বিচাৰি দেখিল।
গ্ৰন্থ গৌৰৱক ভৰে আক নিলিখিল॥
হৰি নাম গুণত বাঢ়িল যাৰ ৰতি।
পৰম কৃতাৰ্থ ভৈল সিসি মহাম৩ি॥ ১২৭॥
সিসিজনে ঈশ্বৰকো সান্তোষ কৰয়।
নিজ যশ প্ৰিয় হৰি জানিবা নিশ্চয়॥
ভৈলন্ত সন্তুষ্ট হৰি সম্বন্ধি যাহাৰ।
আৰ কৃত্য শেষ কিছু নথাকিল আৰ॥ ১২৮॥
জগতৰে আত্মা হৰি জানিবা নিশ্চয়।
হৰি তুষ্ট ভৈলে তুষ্ট জগতে হোৱয়॥
ইহাৰ দৃষ্টান্ত শুনিয়োক যেন মত৷
যেন জলদান কৰে বৃক্ষৰ মূলত॥ ১২৯॥
পত্ৰ পুস্প ফল যতেক আছয়৷
সমস্তে তৃপিতি হয় জানিবা নিশ্চয়॥
মূলবিনে পানী যদি সিঞ্চে পত্ৰ ডালে।
কদাচিতো তৃপিতি নুহিকে এক কালে॥১৩০॥
আৰু যেন প্ৰাণক ভুঞ্জাৱে অন্ন পান।
হোৱয় তৃপিতি ইন্দ্ৰি আছে যত মান॥
ক্ষুধাতুৰ নৰে যেন নকৰি ভোজন।
গন্ধপুষ্প অলঙ্কাৰে কৰয় ভূষণ॥ ১৩১॥
কদাচিতো তৃপিতি নুহিকে ইন্দ্ৰিয়ৰ৷
দেখাইলোহোঁ দুতয় দৃষ্টান্ত মনোহৰ॥
</poem>}}<noinclude></noinclude>
rxjvljqq60zb31s04i690m1bjd7jac6
পৃষ্ঠা:নাম-মালিতা.djvu/৩৭
104
39048
159829
102290
2022-07-26T18:25:20Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" />{{rh||(৩১)|}}</noinclude>{{Block center|<poem>
আক আদি কৰি আৰু নানা সময়ত।
কায় বাক্য মনে পাপ কৰি আছো যত॥ ১৪৩॥
কৰি আছো পাপ অল্প স্থূল বিপৰিত।
তাৰ ফলে ফুৰিবে লাগিবে কুযোনিত॥
দাৰুণ নৰক দুঃখ ভুঞ্জিবে অপাৰ।
তাক সুমৰন্তে ভয় লাগয় আহ্মাৰ॥ ১৪৪॥
সিসব পাপত হন্তে ৰাখিয়োক মোক।
বাসুদেৱ কীত্তনত সবে নষ্ট হৌক॥
সুমৰো তোহ্মাৰ প্ৰভূ পৰম্ব্ৰহ্ম নাম।
তুমিসে কেৱলে ইটো জগতৰে ধাম॥ ১৪৫॥
পৰম পবিত্ৰ তযু নাম গুণ যত।
আক সবে বৰ্ণাইবাক নুহিকো শকত॥
আহ্মাৰ যতেক আছে মহা পাপগণ।
নাশ হৌক বিষ্ণু নাম কৰন্তে কীৰ্ত্তন॥ ১৪৬॥
ইটো পুষ্কৰৰ স্তুতি কৰি সমাপত।
পুনৰপি শুনা সেহি অগ্নিপুৰাণত॥
বিষ্ণু পঞ্জৰত বাক্য পুষ্কৰে বোলন্ত।
ঈশ্বৰৰ দ্বিতয় ৰূপক বৰ্ণায়ন্ত॥ ১৪৭॥
যিমত পৰম ব্ৰহ্ম হৰি সেহিমত।
অব্যক্ত স্বৰূপে যিটো আছা জগতত॥
তেহেন্তে কেশৱ মহা মূৰ্ত্তি মনোহৰ।
মূৰ্ত্ত অমূৰ্ত্তৰ কিছু নাহিকে অন্তৰ॥ ১৪৯॥ </poem>}}<noinclude></noinclude>
81enaofom0mfxnadlnvk2frqsfw0neh
পৃষ্ঠা:নাম-মালিতা.djvu/৩৮
104
39050
159830
102291
2022-07-26T18:35:29Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" />{{rh||(৩২)|}}</noinclude>{{Block center|<poem>
কায় বাক্য মনৰ মোহোৰ পাপ যত।
সদ্যে হৌক {{SIC|বিন শ}} অচ্যুত কীৰ্ত্তনত॥
এহিমানে থৈলে ইটো পুষ্কৰ বচন।
পুনৰুপি আৰু শুনিযোক মহাজন॥ ১৪৯॥
কহি আছা যিমত ভবিষ্য পুৰাণত॥
নামৰ মহিমা তাক কৰোহো বেকত।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য যত শূদ্ৰ চয।
স্ত্ৰী অন্ত্য জাতি আনো অনেক আছয়॥ ১৫০॥
নাহি বৰ্ণাশ্ৰম {{SIC|আ}} নিযম বিছাৰ।
হৰি নাম কীৰ্ত্তনে সবাৰো অধিকাৰ॥
যৈতে তৈতে আপোন ইচ্ছাই থাকি সুখে।
বিষ্ণু নাম কীৰ্ত্তন কৰন্ত মাত্ৰ {{SIC|মুখ}}॥ ১৫১॥
নিশেষ পাতক হন্তে মুকুত হোৱয।
সনাতন ব্ৰহ্ম গৈযা সমস্ত পাৰয॥
পৰম পবিত্ৰ জাতি ব্ৰাহ্মণ মহন্ত।
অপবিত্ৰ আতি অন্ত্য জাতি অপৰ্য্যন্ত॥ ১৫২॥
উত্তম জাতিয়ো মহা পাতক আচৰি।
সমস্তে অৱস্থা গৈযা আ’ছ অনুসৰি॥
ইসবৰ মাজে যিটো ঈশ্বৰক স্মৰে।
পাপত লেপিত আৰ নোহে সিটো নৰে॥ ১৫৩॥
দেখিয়ো মহিমা কেন কৃষ্ণ স্মৰণৰ।
মনুষ্যৰ আছে যত পাতক পঞ্জৰ॥ </poem>}}<noinclude></noinclude>
s7rv589ggqwh4gu0h4wdvxweiddj05a
159831
159830
2022-07-26T18:45:04Z
Pranamikaadhikary
2157
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" />{{rh||(৩২)|}}</noinclude>{{Block center|<poem>
কায় বাক্য মনৰ মোহোৰ পাপ যত।
সদ্যে হৌক {{SIC|বিনাশ|বিন শ}} অচ্যুত কীৰ্ত্তনত॥
এহিমানে থৈলে ইটো পুষ্কৰ বচন।
পুনৰুপি আৰু শুনিযোক মহাজন॥ ১৪৯॥
কহি আছা যিমত ভবিষ্য পুৰাণত॥
নামৰ মহিমা তাক কৰোহো বেকত।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য যত শূদ্ৰ চয।
স্ত্ৰী অন্ত্য জাতি আনো অনেক আছয়॥ ১৫০॥
নাহি বৰ্ণাশ্ৰম আত নিয়ম বিছাৰ।
হৰি নাম কীৰ্ত্তনে সবাৰো অধিকাৰ॥
যৈতে তৈতে আপোন ইচ্ছাই থাকি সুখে।
বিষ্ণু নাম কীৰ্ত্তন কৰন্ত মাত্ৰ মুখে}॥ ১৫১॥
নিশেষ পাতক হন্তে মুকুত হোৱয়।
সনাতন ব্ৰহ্ম গৈয়া সমস্তে পাৰয়॥
পৰম পবিত্ৰ জাতি ব্ৰাহ্মণ মহন্ত।
অপবিত্ৰ আতি অন্ত্য জাতি অপৰ্য্যন্ত॥ ১৫২॥
উত্তম জাতিয়ো মহা পাতক আচৰি।
সমস্তে অৱস্থা গৈয়া আছে অনুসৰি॥
ইসবৰ মাজে যিটো ঈশ্বৰক স্মৰে।
পাপত লেপিত আৰ নোহে সিটো নৰে॥ ১৫৩॥
দেখিয়ো মহিমা কেন কৃষ্ণ স্মৰণৰ।
মনুষ্যৰ আছে যত পাতক পঞ্জৰ॥ </poem>}}<noinclude></noinclude>
2evot12tpo0eth6nqbzahheq8j7kh8u
পৃষ্ঠা:অনিমা গুহ.pdf/১২৯
104
59533
159815
158233
2022-07-26T14:08:43Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দূৰাৰোগ্য ৰোগৰ বলি হৈ ইহ-সংসাৰৰ পৰা বিদায় লোৱাৰ পাছত বান্ধৱীক বিয়া
কৰায়। দেউতাহঁতৰ অলপো ইচ্ছা নাছিল ছোৱালী এজনী থকা মানুহটোলৈ জীয়েকক
বিয়া দিয়াৰ। পিছে তাৰ পাণ্ডিত্যত ভোল গৈ ঘৰৰ অমতত বিয়া কৰাই মানুহটোৰ
পাণ্ডিত্যৰ ফোপোলা স্বৰূপটো দেখি তাই মোহমুক্ত হ’ল। অৱশেষত বিবাহ-বিচ্ছেদ।
তেওঁৰ প্ৰাক্তন পত্নীৰ ঘৰত আছো বুলি শুনি ফোপোলা স্বৰূপটো মোৰ আগত
আকৌ এবাৰ উদঙালে। তেতিয়াৰে পৰা কোনো পণ্ডিত নামৰ ব্যক্তিকে এশৰ ভিতৰত
এশ নম্বৰ নিদিওঁ।
{{gap}}মানুহৰ মগজুৰ কম্পিউটাৰটোত কিমান পুৰণি কথা অমলিন হৈ থাকে ভাবিলে
আচৰিত হওঁ। উল্লিখিত ঘটনাটো কোৱাৰ লগে লগে সাউৎ কৰে ওলাই আহিল আন
এটা ঘটনা। এই ঘটনাৰ নায়ক নিজৰ বিষয়টোত একাণপতীয়াকৈ মনোনিবেশ কৰি
থকা এগৰাকী গৱেষক আৰু কেইবাখনো কিতাপৰ গ্ৰন্থাকাৰ। তেওঁ সঞ্চালনা কৰা
গৱেষণাগাৰত পিয়নৰ পৰা আৰম্ভ কৰি অফিচ ষ্টাফ তথা জুনিয়ৰ স্কলাৰসকলৰ
মাজত মৃদুভাষী ব্যক্তিজন আছিল অত্যন্ত জনপ্রিয়। এনে ভদ্ৰ ব্যৱহাৰ, মাৰ্জিত ৰুচি,
শিষ্টাচাৰ কম মানুহৰ গাতহে দেখিবলৈ পোৱা যায়। তেওঁ সাধাৰণ পিয়ন বা
ঝাড়ুদাৰজনকো আপুনি বুলি সম্বোধন কৰিছিল। তেওঁৰ পৰিবাৰো তেওঁৰ দৰেই
এগৰাকী নিষ্ঠাৱান গৱেষিকা। এদিন তেওঁৰ আগত তেওঁৰ স্বামীক স্থিতপ্রজ্ঞ ব্যক্তি
হিচাপে প্ৰশংসা কৰিবলৈ মুখখন মেলিছিলোহে, খঙত জ্বলি পকি উঠি মানুহগৰাকীয়ে
ক'লে— ‘All that glitters is not gold.। সেই ভদ্র-সভ্য মুখাখনৰ আঁৰত
দীৰ্ঘদিন ধৰি জমা হৈ থকা কুমতলব আৰু অত্যাচাৰবোৰ ঘৰৰ ল'ৰা-ছোৱালী আৰু
মোৰ ওপৰত প্ৰয়োগ কৰে। আমি হ’লো তেওঁৰ Safety valve. কোনোবাই স্কুলত
পঢ়া জীয়েকক পৰ্দাৰ ৰডডালেৰে কোবাবলৈ যোৱা কাৰোবাক দেখিছেনে? ঘৰত সি
এটা terror.’ আৰু বহুতো কিবাকিবি বকি থাকিল মানুহজনীয়ে। কিমান জাতৰ
মানুহক যে লগ পালো এই জীৱনত। দেখাত যেনেকৈ কোনো মানুহ একে নহয়,
স্বভাৱতো একেই অমিল পৰিলক্ষিত হয়।
{{gap}}কলকাতাৰ নাটক-জলসা আদিৰ নিচা মোৰেই নহয় পুত্ৰ জয়ৰো আছিল। ঘৰত
আছিল মীনা নামৰ মোক ঘৰুৱা কামত সহায় কৰা ছোৱালী এজনী। তাইক দুবাৰমান
নাটক দেখুৱাইছিলো যদিও সদায় নিবলৈ ভাল লগা নাছিল। জয় তেতিয়া উচ্চতৰ
মাধ্যমিকৰ ছাত্ৰ। মীনাক ফাঁকি দি কৈছিলো দাদাক টিউচনলৈ লৈ যাওঁ বুলি৷ বছৰটো<noinclude>{{Left|২৮/ বাকীছোৱা জীৱন}}</noinclude>
56p3p2c1uqs1fgm5pbhh7h7ijuwcww7
পৃষ্ঠা:অনিমা গুহ.pdf/১৩০
104
59534
159816
158234
2022-07-26T14:16:22Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>জুৰি কলকাতাত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান৷ সদায় যোৱা অসম্ভৱ৷ কলকাতা এৰিবৰ আগত সেইবোৰ আৰু চোৱা নহ’ল বাবেও দুখ লাগিছিল৷
{{gap}}পুনে তৰি কলকাতালৈ আহিনৰ সময়ত শোকে খুদা মাৰি ধৰিছিল। তাৰ পাছত
ঊনৈশ বছৰ কলকাতাত থাকিলো, কলকাতাক অন্তৰেৰে ভাল পাবলৈ শিকিলো।
মানুহ সঁচাই এক আশ্চর্য জীব। অৱস্থাৰ লগত খাপ খাব পৰা ক্ষমতা মানুহৰ অসীম।
{{gap}}দাঁত নসৰালৈকে মানুহে দাঁতৰ মুল্য নুবুজাৰ দৰে কলকাতা এৰিবৰ সময়তহে
মনত পৰিবলৈ ধৰিলে ক’লৈ ক'লৈ যোৱা নহ'ল আৰু কলৈ ক'লৈ যোৱা নহ'ব।
কফি হাউছলৈ আৰু যোৱা নহ'ব, ভাবিয়ে দুখ লাগি গ'ল। কলেজ ষ্টীটৰ কফি হাউছ
কলকাতাৰ ছাত্ৰ ছাত্ৰী আৰু ইনটেলেকচ্যুয়েলসকলৰ আড্ডাৰ কেন্দ্ৰ। একাপ কফি
সন্মুখত লৈ ঘেণ্টাৰ পিছত ঘন্টা তেওঁলোকে আকাশৰ তলত থকা সকলো বিষয়ে
আলোচনা কৰে। কফি হাউছৰ জন্ম কেতিয়া নাজানো, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ
ছাত্রাৱস্থাতো অসমীয়া ছাত্ৰসকলে তাত বহি নানাধৰণৰ আলোচনা কৰিছিল। কোনে
জানে ঘাইকৈ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ
প্ৰচেষ্টাত ১৮৮৯ চনত প্রকাশিত 'জোনাকী' নামৰ আলোচনীখন উলিওৱাৰ চিন্তা
অসমীয়া ছাত্ৰসকলে কিজানি ইয়াত বহিয়ে কৰিছিল। অবশ্য ই মোৰ কল্পনাহে। যি
কি নহওক জোনাকীৰ পাততেই অসমীয়া ৰোমান্টিক সাহিত্যৰ জন্ম। এই যুগৰ সুচনা
হৈছিল কলকাতাতেই।
{{gap}}কলেজ ষ্ট্ৰীটলৈ গ’লে কফি হাউছলৈ গৈছিলো যদিও আড্ডা মৰাৰ সময় কত?
ছাত্ৰাৱস্থাত কলকাতাত থকা হ'লে হয়তো বহিবলৈ সময় পালোহেঁতেন। যি কি
নহওক, মাজে মাজে তালৈ গ'লে ভাবিছিলো আমাৰ আতা ছাত্রাৱস্থাত ইয়ালৈ নিশ্চয়
আহিছিল। ভাবিলে দুখ লাগে তেওঁৰ কলিকতীয়া জীৱনৰ অভিজ্ঞতা পুতেকহঁতকো
কৈ যাব নোৱাৰিলে। তেওঁৰ বৰপুত্র অর্থাৎ আমাৰ দেউতাৰ দহ বছৰ বয়সত তেওঁৰ
মৃত্যু হয়। গতিকে আতাৰ ছাত্রজীৱনৰ অধ্যায়টো নজনা হৈয়ে থাকিল। মাজে সময়ে
এটা ভাবনাই মোৰ মনটোক আচ্ছন্ন কৰি তোলে। ঊনৈশ আৰু কুৰি শতিকাৰ আগভাগত
অসমৰ পৰা কলকাতালৈ যোৱা বহু ছাত্ৰৰ নাম বিভিন্ন কিতাপ আৰু আলোচনীত
পাওঁ। সেই নামবোৰৰ মাজত আমাৰ আতাকে ধৰি গোৱালপাৰাৰ পৰা যোৱা ছাত্ৰসকলৰ
কাৰো নাম বিচাৰি নাপাওঁ৷ আজিও অনেক অসমীয়াই গোৱালপাৰীয়া মানুহক অসমীয়া
বুলি নাভাবে৷ এশ ডেৰশ বছৰ আগতে আতাহঁতক নিশ্চয় বাঙালী বুলি ভবা বাবেই
সেই তালিকাত ঠাই পোৱা নাছিল।<noinclude>বাকীছোৱা জীৱন /১২৯</noinclude>
dupm8slt19g5iagjkdccxugd2y140no
পৃষ্ঠা:অনিমা গুহ.pdf/১৩৯
104
59541
159834
158260
2022-07-27T05:47:36Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সোমালো। বাউণ্ডাৰী ৱাল আৰু গে'টখন দিয়াৰ ইচ্ছা নাছিল গৃহস্থৰ। কাৰণটো
প্রকাশ্যে ব্যক্ত নকৰিলেও বুজি পাইছিলো তেওঁৰ অন্তৰৰ কথা। এওঁলোকৰ ভাই-
ককাই ছজনৰ মাজত বৰ মিলাপ্ৰীতি আছিল। প্ৰয়োজনত ছজনে ছটা ঘৰ সাজিলেও
একেখন চোতালতে থকাৰ প্রবল ইচ্ছা আটাইৰে আছিল। মই নহালৈকে সেইদৰেই
থিয় দি আছিল নিজৰ নিজৰ ঘৰবোৰ। এওঁৰ আৱেগত আঘাত হানিবলগীয়া হ'ল
ভৱিষ্যতৰ কথা ভাবি। পাছৰ প্ৰজন্মবোৰৰ মাজত এনে আন্তৰিকতা থকাৰ সম্ভাৱনা
নাই। তেতিয়া মাটিৰ সীমাকলৈ লাগিব কাজিয়া। সঠিকভাৱে সীমা নিৰ্ধাৰণ নোহোৱা
হেতুকে চীন-ভাৰত সংঘাতৰ আজিও ওৰ নপৰিল। এক ইঞ্চি মাটিৰ বাবে ভায়ে
ভায়ে মৰামৰি–কটাকটি কৰা শুনিছো। গতিকে মই দূৰদৰ্শীয়ে হাই-কাজিয়াৰ বাট ৰুদ্ধ
কৰাৰ ব্যৱস্থা কৰিছিলো। আজি ছয় ভাই-ককাইৰ মাটিত বহু বাহিৰা মানুহ আহি
সোমাইছে। কাৰণ দুজনে ঘৰ-মাটি বেচি দি গুৱাহাটী এৰিছে, বাকী চাৰিজনৰ তিনিজনেই প্রয়াত। আজিকালি মাটি নাথাকিলেও মজিয়া বিক্ৰী কৰিব পাৰি। গতিকে আৱেগিক হৈ লাভ নাই। নিজৰ ইচ্ছাতে ইটাৰে সীমাত দেৱাল আৰু গেটখন দিয়াইছিলো।
{{gap}}যি কি নহওক, গুৱাহাটীলৈ আহি পঁইত্রিশ বছৰে লগ নোপোৱা আপোন মানুহ,
বন্ধু-বান্ধৱীক পাই উৎফুল্লিত হ’লো। সৰু খুড়াৰ জীয়েক তিনিজনী— ৰুবি, জলী,
ৰাণীক কণ কণ দেখি গৈছিলো। ৰুবিৰ ইতিমধ্যে বঙাইগাঁৱৰ নামী মজুমদাৰ পৰিয়ালৰ
অজিতৰ লগত বিয়া হোৱাই নহয় তিনিটা কণ কণ ল’ৰা-ছোৱালী— মামণি, বুবুল,
ৰুমিৰ মাকো হ’ল। দিনবোৰ যে কেনেকৈ বাগৰে! পেহীৰ ছোৱালী তৰু আৰু তাইৰ
গুণী স্বামী ডাঃ কবীন্দ্র হুজুৰি, পেহীৰ ল’ৰা হৰ্ষ আৰু তেওঁৰ কামে-কাজে ৰূপে-গুণে
অদ্বিতীয়া পত্নী ৰীণা আৰু কিমানক যে নেদেখাকৈ প্ৰবাসত আছিলো। বন্ধু-বান্ধৱীসকলো
জানো কম আপোন । মণি, অনসূয়া, মালতী, তুলতুল, মইনাদা (তিলক হাজৰিকা) আৰু কমলাক লগ পোৱাৰ পাছত মোৰ বয়স পোন্ধৰ-ষোল্ললৈ নামি অহা যেন লাগিছিল।
{{gap}}দৰাচলতে ছাত্ৰী জীৱনৰ বছৰকেইটাৰ বাহিৰে দীঘলীয়াকৈ বাস কৰিবলৈ এই
প্ৰথম গুৱাহাটীলৈ আহিলো বুলি ক'ব পাৰি। আহিয়ে প্ৰথমতে গৈছিলো কটন কলেজ
দৰ্শন কৰিবলৈ। ছোৱালীৰে গিজগিজাই থকা কলেজখন দেখি মুহূৰ্তৰ বাবে এটা
ধাৰণা মোৰ মনৰ ওপৰেৰে বাগৰি যোৱা যেন পালো। এইখন ছোৱালী কলেজ হ’ল
নেকি! পিছুৱাই গ'লো চল্লিশ-পঞ্চলিশটা বছৰ। আমি ১৯৪৭ চনত এইখন কলেজৰ
বিজ্ঞান শাখাত ভৰ্তি হওঁতে আমাৰ শ্ৰেণীত ছাত্ৰীসংখ্যা আছিল ১৩। মুঠতে বিজ্ঞান-
কলাকে লৈ কলেজখনতে ছোৱালীৰ সংখ্যা আছিল তাকৰ। অভিভাৱকে ল’ৰাৰ<noinclude>{{Left|১৩৮/ বাকীছোৱা জীৱন}}</noinclude>
lz8tdjb04g0gpr7n70aqhexywxia2b1
পৃষ্ঠা:অনিমা গুহ.pdf/১৪০
104
59542
159835
158261
2022-07-27T05:55:43Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>লগত ছোৱালীক পঢ়ুৱাবলৈ পছন্দ নকৰা বাবে বিদ্যোৎসাহী ৰাজবালা দাস বাইদেৱে
প্ৰতিষ্ঠা কৰিছিল সন্দিকৈ ছোৱালী কলেজখন। ১৯৯১ চনত কলকাতাৰ পৰা আহি
কটন কলেজৰ সন্মুখত থিয় হৈ উপলদ্ধি কৰিলো এই কেইবছৰৰ ভিতৰত
অভিভাৱকসকলৰ মনৰ দিগন্তই প্ৰসাৰ লাভ কৰিছে। ৰক্ষণশীলতা কমিছে। একেদৰে
বঢ়া দেখিলো মহিলা প্রবক্তা-অধ্যাপিকাৰ সংখ্যা। আমি পাইছিলো কেৱল ব’টানী
বিভাগত তিনিগৰাকী অধ্যাপিকা — ড° কমলা ৰয়, ড° পাৰুকুটি বৰুৱা আৰু বীণা
দত্ত। জন্মসূত্রে কমলা ৰয় অসমীয়া হ'লেও তেওঁৰ বাঙালী স্বামীৰ তত্ত্বাৱধানত তেওঁ
শিক্ষা লাভ কৰিছিল। কেৰালাবাসী পাৰুকুটি বৰুৱা বৈবাহিক সূত্ৰে অসমীয়া আৰু
বীণা দত্ত আছিল কলকাতাৰ।
{{gap}}বহু বছৰৰ অনুপস্থিতিৰ পাছত অসমীয়া মহিলাৰ উত্তৰণৰ উমান পাই মনত এটা অনির্বচনীয় আনন্দৰ ঢৌ উথলি উঠিল।
{{Center|'''জীৱনে নতুন মোৰ ল'লে'''}}
{{gap}}চনটো আছিল ১৯৯১।
{{gap}}আমি কলকাতা এৰাৰ আগৰে পৰা ল'ৰা আৰু বোৱাৰীয়ে আমাক মাতি আছিল
আমেৰিকাত তেওঁলোকৰ তালৈ যাবলৈ। গৃহস্থৰ এটাই উত্তৰ, তেওঁ নাযায়। ইমান
দীঘলীয়া যাত্ৰা কৰি তেওঁৰ আমেৰিকা নামৰ দেশখন চোৱাৰ সমূলি ইচ্ছা নাই।
আমেৰিকালৈ নগ’লেও ইংলেণ্ড আৰু ইউৰোপলৈ তেওঁ একাধিকবাৰ গৈছে। ল'ৰা-
বোৱাৰী আহি থাকে, গতিকে ঘৰতে সিহঁতক লগ পায়। তদুপৰি অসমতে থাকি
তেওঁৰ কৰিবলগীয়া বহু কাম বাকী। বার্ধক্যই হেঁচি ধৰাৰ আগতে লেখা-মেলা সামৰিব
লাগিব। শেষত জানিবা ল’ৰা-বোৱাৰীৰ অনুৰোধত আৰু মোৰ নিৰৱচ্ছিন্ন খেচখেচনিত
যাবলৈ ওলাল। ওলাল মানে তেওঁ এটা লাগেজৰ দৰেহে গ'ল। বিদেশলৈ যোৱাৰ
আগত কৰিবলগীয়া প্ৰস্তুতিপৰ্বৰ সকলো ব্যৱস্থা ময়েই কৰিছিলো।
{{gap}}আমাৰ প্ৰথম আমেৰিকা যাত্ৰাৰ বিষয়ে লিখিছো ‘লয়াৰ্ছ বুক ষ্ট’ল’ৰ দ্বাৰা প্ৰকাশিত ‘তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন' নামৰ ভ্ৰমণ কাহিনীত। ইয়াৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰিছে বীণা লাইব্ৰেৰীয়ে। গতিকে সেই দিনবোৰ স্মৃতিকথাত সন্নিৱিষ্ট নকৰিলো। পিছে ভ্রমণ কাহিনীটো কিয় লিখিলো আৰু লিখাৰ পাছত মোৰ জীৱনে কেনেকৈ এটা নতুন মোৰ ল’লে তাক কোৱাৰ ইচ্ছা প্রকাশ নকৰাকৈ থাকিব নোৱাৰিলো। কলকাতা<noinclude>{{Right|বাকীছোৱা জীৱন /১৩৯}}</noinclude>
3tvrbrqibowo4o8b1hhbrrh6qynjfqq
পৃষ্ঠা:অনিমা গুহ.pdf/১৪২
104
59544
159836
158263
2022-07-27T06:00:49Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>লেখাটো বেছি ভাল হোৱা বুলি ক'লে শুনি নিমিষতে মোৰ সেই অহংবোধৰ গ্ৰাফডাল
ৰকেটৰ গতিত মহাকাশ স্পৰ্শ কৰিলে, যদিও জানো মিছাকৈয়ে চুপাৰলেটিভ স্তৰলৈ
তেওঁ প্ৰশংসা তুলি নিছিল। যাৰ তুলনাত বেছি সুখপাঠ্য হোৱা যেন বুলি কৈছিল
তেওঁৰ নামটো প্ৰকাশ কৰিলে মোৰ তেজ পিবলৈ চাৰিওফালে পিনপিনাই উৰি থকা
মহবোৰেও হাঁহিব। যি কি নহওক সকলোৰে পৰা পোৱা উৎসাহ-উদ্দীপনাই মোৰ
ভ্রমণ কাহিনীটোৰ কলেৱৰ বঢ়ালে।
{{gap}}তেনে সময়তে অধুনালুপ্ত বাংলা দৈনিক পত্রিকা ‘সময় প্রবাহ’ৰ সম্পাদক সুকুমাৰ বাগচীয়ে বাংলা ভাষাতো ভ্রমণ কাহিনীটো লিখিবলৈ কোৱাত দুয়োটা ভাষাতে
সমান্তৰালভাৱে লিখি থাকিলো।
{{gap}}অসমীয়া মাধ্যমতে পঢ়িছিলো যদিও বাইদেউ আৰু মোৰ বিদ্যাৰম্ভ হয় ঈশ্বৰচন্দ্ৰ
বিদ্যাসাগৰৰ বৰ্ণ পৰিচয়ৰ মাজেৰে। সংখ্যাৰ লগত চিনাকিও বাংলা ভাষাৰে। বচ্,
সিমানলৈকেই, তাৰ পাছত শিক্ষাৰ মাধ্যম হ’ল অসমীয়া৷ পিছে বাংলা পাঠ্যপুথিৰে
সম্পর্ক বিচ্ছিন্ন হ’লেও আমি ধুবুৰী-গৌৰীপুৰ এলেকাবাসী হোৱা বাবে ধুবুৰীৰ কিতাপৰ
দোকানত সৰু ল'ৰা-ছোৱালীৰ বাবে পোৱা হাসি-খুশী, ঠাকুমাৰ ঝুলি আদি বাংলা
কিতাপ পঢ়িছিলো। গতিকে বাংলা প্রাথমিক জ্ঞান তেতিয়াই আহৰণ কৰিছো। তাৰ
পাছত বাংলা সাহিত্যৰ সৈতে ঘনিষ্ঠ হোৱাত ভাষাটো সহজতে লিখিব পৰাও হলো।
পশ্চিম অসমবাসী হোৱা হেতুকে আমাৰ মাতৃভাষা গোৱালপাৰীয়া। গতিকে অসমীয়াই
হওক বা বাংলাই হওক আমি শুনি বা পঢ়ি শিকো। সেইফালৰ পৰা বিশুদ্ধ অসমীয়াভাষী
বা বাংলাভাষীসকলে প্রচলিত মুখ্য ভাষাটো পঢ়ি শিকিব নালাগে। আমাৰ বহু সময়
নষ্ট হৈছিল পঢ়ি, শুনি ভাষা এটা আয়ত্ত কৰাত। আজিকালি আমাৰ ফালেও অনেকে
ঘৰত দেশী বা গোৱালপাৰীয়াৰ (বা কোচ ৰাজবংশীসকলে দাবী কৰামতে ৰাজবংশী
ভাষা) পৰিবৰ্তে ল’ৰা-ছোৱালীৰ লগত বিশুদ্ধ অসমীয়া কয় যাতে ভাষা এটা আয়ত্ত
কৰিবলৈ সময় নষ্ট কৰিবলগীয়া নহয় ৷ তদুপৰি আজি উন্নত যোগাযোগৰ যুগত দেশী
ভাষা-ভাষীসকলে ততালিকে অসমীয়া ভাষা ৰপ্ত কৰিব পাৰে । অবিভক্ত গোৱালপাৰা
জিলাৰ পূব অংশৰ মানুহে দেশী ভাষা নকয়, নামনি অসমত কোৱা ভাষা কয়।
অৱশ্যে ভাষা এনে এটা বস্তু যাৰ পৰিবৰ্তন দেখা যায় কেইমাইলমানৰ ব্যৱধানতেই।
{{gap}}গোৱালপাৰীয়া ভাষাৰ কথা উলিয়াই বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়েক
পলিৰ বিয়াৰ ৰভাতলিলৈ আকৌ মনত পৰিল। সুভদ্ৰা ধুবুৰীৰ ছোৱালী, গতিকে
বর্তমানে গুৱাহাটীবাসী সেই অঞ্চলৰ বহুতে নিমন্ত্রণ পাইছিল বিয়াখনত। ৰভাৰ তলত<noinclude>বাকীছোৱা জীৱন /১৪১</noinclude>
3i0eh5wqqvf8oib3vn6mbmnhphp68y8
পৃষ্ঠা:অনিমা গুহ.pdf/১৪৪
104
59546
159817
158266
2022-07-26T14:25:15Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কাকতখনে মোক নিয়মীয়াকৈ স্তম্ভ এটা লিখাৰ দায়িত্ব দি মোক কলম ধৰাৰ পৰা
অব্যাহতি নিদিলে।
{{gap}}মোৰ স্মৃতিকথাৰ প্রথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত উল্লেখ কৰা
হৈছে যে সমাজত বাল্যকালৰে পৰা দেখা লিংগ বৈষম্যই কিশোৰী বয়সতে মোক
বিদ্রোহী কৰি তুলিছিল। তেতিয়াৰে পৰা আজি ইমান বছৰ পাছতো সেই বৈষম্য
তিষ্ঠি থকা দেখি মোৰ বিদ্রোহী মন অধিক বিদ্রোহী হৈ উঠিছে। হাতত কলমটো
লোৱাৰ পাছত এই বৈষম্যৰ বিৰুদ্ধে লিখাটো মোৰ পবিত্ৰ কৰ্তব্য বুলি ধৰি লৈছো।
কেৱল লিংগ বৈষম্যই নহয়, যিকোনো ধৰণৰ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মাত
মতা অভ্যাস এটা গঢ়ি উঠিছে মোৰ মাজত।
{{gap}}সাধ্যানুসৰি স্বতঃস্ফূর্তভাৱে মানুহক উপযাচি উপকাৰ কৰিবলৈ আগবাঢ়ি অহাও
মোৰ এটা স্বভাৱ। আজি মই ভাবো উপযাচি উপকাৰ কৰাটো কোনো মহৎ গুণ
নহয়। দোষ বুলি কোৱাই বোধকৰো ভাল। এইবোৰৰ দ্বাৰা মানুহ অপ্রিয়হে হয়।
মানুহৰ ভাল কৰিবলৈ গৈ একাধিকবাৰ মই নিন্দিত হৈছো।
{{gap}}এই প্ৰসংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এসময়ত কোৱা কথা এষাৰলৈ মনত পৰিল।
কোনোবা এজন মানুহে তেওঁৰ নিন্দা কৰা বুলি শুনি বিদ্যাসাগৰে হেনো টপৰাই
কৈছিল যে সেই মানুহজনৰতো তেওঁ কেতিয়াও উপকাৰ কৰা নাই। অর্থাৎ
উপকাৰীকহে অজগৰে খায়। ঈশ্বৰচন্দ্ৰৰ লগত নিজক তুলনা কৰাৰ ধৃষ্টতা মোৰ নাই,
কিন্তু তেওঁৰ অভিজ্ঞতাই মোক মানুহৰ চৰিত্ৰ সম্পৰ্কে সচেতন কৰিছে। ফলত
উপকাৰীৰ গালিবৰ্ষণে মোক বৰকৈ ব্যথিত নকৰে। মানুহৰ স্বভাৱে মৰিলেও হেনো
লগ নেৰে। মোৰো একে অৱস্থা। সদ্যহতে থাওক বাৰু এইবোৰ কথা। বেলেগ
প্ৰসংগলৈ যাওঁ।
{{Center|'''হঠাতে সৌভাগ্যৰ আগমন'''}}
{{gap}}১৯৯৩ চনৰ এপ্ৰিলত মই আমেৰিকালৈ যাবলগীয়া হ’লো। সেই বছৰ জানুৱাৰীৰ
২৬ তাৰিখে আমাৰ প্ৰথম নাতি ঋষভৰ জন্ম হয় মিনিয়াপলিছত। পুত্র জয় সেই
সময়ত তাত 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত আছিল, বোৱাৰী মনীষা
নিউয়ৰ্কৰ ফিলিপছত। প্রসূতিকালীন ছুটী শেষ হোৱাৰ পাছত মনীষা আৰু শিশুটোৰ
লগত থাকিবলৈ মই যাবলগীয়া হৈছিলো।<noinclude>{{Right|বাকীছোৱা জীৱন /১৪৩}}</noinclude>
0e5j7rzrswalfnbbbbbozp0x15ujf76
159818
159817
2022-07-26T14:25:32Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Anamika baruah" /></noinclude>কাকতখনে মোক নিয়মীয়াকৈ স্তম্ভ এটা লিখাৰ দায়িত্ব দি মোক কলম ধৰাৰ পৰা
অব্যাহতি নিদিলে।
{{gap}}মোৰ স্মৃতিকথাৰ প্রথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত উল্লেখ কৰা
হৈছে যে সমাজত বাল্যকালৰে পৰা দেখা লিংগ বৈষম্যই কিশোৰী বয়সতে মোক
বিদ্রোহী কৰি তুলিছিল। তেতিয়াৰে পৰা আজি ইমান বছৰ পাছতো সেই বৈষম্য
তিষ্ঠি থকা দেখি মোৰ বিদ্রোহী মন অধিক বিদ্রোহী হৈ উঠিছে। হাতত কলমটো
লোৱাৰ পাছত এই বৈষম্যৰ বিৰুদ্ধে লিখাটো মোৰ পবিত্ৰ কৰ্তব্য বুলি ধৰি লৈছো।
কেৱল লিংগ বৈষম্যই নহয়, যিকোনো ধৰণৰ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মাত
মতা অভ্যাস এটা গঢ়ি উঠিছে মোৰ মাজত।
{{gap}}সাধ্যানুসৰি স্বতঃস্ফূর্তভাৱে মানুহক উপযাচি উপকাৰ কৰিবলৈ আগবাঢ়ি অহাও
মোৰ এটা স্বভাৱ। আজি মই ভাবো উপযাচি উপকাৰ কৰাটো কোনো মহৎ গুণ
নহয়। দোষ বুলি কোৱাই বোধকৰো ভাল। এইবোৰৰ দ্বাৰা মানুহ অপ্রিয়হে হয়।
মানুহৰ ভাল কৰিবলৈ গৈ একাধিকবাৰ মই নিন্দিত হৈছো।
{{gap}}এই প্ৰসংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এসময়ত কোৱা কথা এষাৰলৈ মনত পৰিল।
কোনোবা এজন মানুহে তেওঁৰ নিন্দা কৰা বুলি শুনি বিদ্যাসাগৰে হেনো টপৰাই
কৈছিল যে সেই মানুহজনৰতো তেওঁ কেতিয়াও উপকাৰ কৰা নাই। অর্থাৎ
উপকাৰীকহে অজগৰে খায়। ঈশ্বৰচন্দ্ৰৰ লগত নিজক তুলনা কৰাৰ ধৃষ্টতা মোৰ নাই,
কিন্তু তেওঁৰ অভিজ্ঞতাই মোক মানুহৰ চৰিত্ৰ সম্পৰ্কে সচেতন কৰিছে। ফলত
উপকাৰীৰ গালিবৰ্ষণে মোক বৰকৈ ব্যথিত নকৰে। মানুহৰ স্বভাৱে মৰিলেও হেনো
লগ নেৰে। মোৰো একে অৱস্থা। সদ্যহতে থাওক বাৰু এইবোৰ কথা। বেলেগ
প্ৰসংগলৈ যাওঁ।
{{Center|'''হঠাতে সৌভাগ্যৰ আগমন'''}}
{{gap}}১৯৯৩ চনৰ এপ্ৰিলত মই আমেৰিকালৈ যাবলগীয়া হ’লো। সেই বছৰ জানুৱাৰীৰ
২৬ তাৰিখে আমাৰ প্ৰথম নাতি ঋষভৰ জন্ম হয় মিনিয়াপলিছত। পুত্র জয় সেই
সময়ত তাত 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত আছিল, বোৱাৰী মনীষা
নিউয়ৰ্কৰ ফিলিপছত। প্রসূতিকালীন ছুটী শেষ হোৱাৰ পাছত মনীষা আৰু শিশুটোৰ
লগত থাকিবলৈ মই যাবলগীয়া হৈছিলো।
{{Float right|বাকীছোৱা জীৱন /১৪৩}}<noinclude></noinclude>
j916291q8odl30svi2hwaomxk18e2hb
159819
159818
2022-07-26T14:27:05Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কাকতখনে মোক নিয়মীয়াকৈ স্তম্ভ এটা লিখাৰ দায়িত্ব দি মোক কলম ধৰাৰ পৰা
অব্যাহতি নিদিলে।
{{gap}}মোৰ স্মৃতিকথাৰ প্রথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত উল্লেখ কৰা
হৈছে যে সমাজত বাল্যকালৰে পৰা দেখা লিংগ বৈষম্যই কিশোৰী বয়সতে মোক
বিদ্রোহী কৰি তুলিছিল। তেতিয়াৰে পৰা আজি ইমান বছৰ পাছতো সেই বৈষম্য
তিষ্ঠি থকা দেখি মোৰ বিদ্রোহী মন অধিক বিদ্রোহী হৈ উঠিছে। হাতত কলমটো
লোৱাৰ পাছত এই বৈষম্যৰ বিৰুদ্ধে লিখাটো মোৰ পবিত্ৰ কৰ্তব্য বুলি ধৰি লৈছো।
কেৱল লিংগ বৈষম্যই নহয়, যিকোনো ধৰণৰ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে মাত
মতা অভ্যাস এটা গঢ়ি উঠিছে মোৰ মাজত।
{{gap}}সাধ্যানুসৰি স্বতঃস্ফূর্তভাৱে মানুহক উপযাচি উপকাৰ কৰিবলৈ আগবাঢ়ি অহাও
মোৰ এটা স্বভাৱ। আজি মই ভাবো উপযাচি উপকাৰ কৰাটো কোনো মহৎ গুণ
নহয়। দোষ বুলি কোৱাই বোধকৰো ভাল। এইবোৰৰ দ্বাৰা মানুহ অপ্রিয়হে হয়।
মানুহৰ ভাল কৰিবলৈ গৈ একাধিকবাৰ মই নিন্দিত হৈছো।
{{gap}}এই প্ৰসংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এসময়ত কোৱা কথা এষাৰলৈ মনত পৰিল।
কোনোবা এজন মানুহে তেওঁৰ নিন্দা কৰা বুলি শুনি বিদ্যাসাগৰে হেনো টপৰাই
কৈছিল যে সেই মানুহজনৰতো তেওঁ কেতিয়াও উপকাৰ কৰা নাই। অর্থাৎ
উপকাৰীকহে অজগৰে খায়। ঈশ্বৰচন্দ্ৰৰ লগত নিজক তুলনা কৰাৰ ধৃষ্টতা মোৰ নাই,
কিন্তু তেওঁৰ অভিজ্ঞতাই মোক মানুহৰ চৰিত্ৰ সম্পৰ্কে সচেতন কৰিছে। ফলত
উপকাৰীৰ গালিবৰ্ষণে মোক বৰকৈ ব্যথিত নকৰে। মানুহৰ স্বভাৱে মৰিলেও হেনো
লগ নেৰে। মোৰো একে অৱস্থা। সদ্যহতে থাওক বাৰু এইবোৰ কথা। বেলেগ
প্ৰসংগলৈ যাওঁ।
{{Center|'''হঠাতে সৌভাগ্যৰ আগমন'''}}
{{gap}}১৯৯৩ চনৰ এপ্ৰিলত মই আমেৰিকালৈ যাবলগীয়া হ’লো। সেই বছৰ জানুৱাৰীৰ
২৬ তাৰিখে আমাৰ প্ৰথম নাতি ঋষভৰ জন্ম হয় মিনিয়াপলিছত। পুত্র জয় সেই
সময়ত তাত 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত আছিল, বোৱাৰী মনীষা
নিউয়ৰ্কৰ ফিলিপছত। প্রসূতিকালীন ছুটী শেষ হোৱাৰ পাছত মনীষা আৰু শিশুটোৰ
লগত থাকিবলৈ মই যাবলগীয়া হৈছিলো।
{{Float right|বাকীছোৱা জীৱন /১৪৩}}<noinclude></noinclude>
437y5fdhco5uuheaufc3bvih6cuq3nr
পৃষ্ঠা:অনিমা গুহ.pdf/১৪৬
104
59547
159820
158239
2022-07-26T14:33:48Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}হঠাতে মানুহৰ জীৱনত কেতিয়াবা সৌভাগ্যৰ উদয় হয়। মোৰ কপালতো এবাৰ
লটাৰীত অৰ্থপ্রাপ্তিতকৈও লোভনীয় সৌভাগ্যৰ আগমন ঘটিল আমেৰিকামুখী হোৱাৰ
আগে আগে। তালৈ গৈ আছো বুলি গম পাই আমাৰ খুৰাদেউৰ স্কটলেণ্ডবাসী ল’ৰা
ডাঃ অনিমেষ দাসে লণ্ডনত মোক ব্রেক জার্নি কৰি যাবলৈ ক'লে। লগে লগে আমাৰ
ভ্রমণ উপদেষ্টা আর্য ট্ৰেভেলছৰ মেনেজাৰ সঞ্জয় সৰকাৰৰ শৰণাপন্ন হলো। ব্রেক
জার্নি কৰা বাবে টিকটৰ মূল্য এটা ফুটা কড়িও নাবাঢ়িল। অর্থাৎ ইংলেণ্ড আৰু
স্কট’লেণ্ড দর্শন বোনাচ পোৱা যেন লাগিল ৷
{{gap}}যোৱাৰ আগে আগে অনিমেষৰ লগত পি চি অ'ৰ পৰা যোগাযোগ কৰিছিলো।
পি চি অ'ৰ মালিকজন বোধকৰো পঞ্জাৱী আছিল। তেওঁ নুশুনা ভাও জুৰি মোৰ
কথাবোৰ শুনি থাকিছিল। কিয়নো ফোনৰ বাবে দিবলগীয়া পইচাখিনি দিবলৈ যাওঁতে
তেওঁ সুধিছিল ইংৰাজীত কাৰ লগত কথা পাতিলো। ক’লো অনিমেষৰ পত্নী এ্যনৰ
লগত। তাই স্কটিশ্ব্ ছোৱালী।
{{gap}}মানুহজনে সুধিলে— ‘কেই নম্বৰ?’
{{gap}}প্ৰশ্নটো নুবুজিলো বুলি কোৱাত তেওঁ যিষাৰ কথা ক'লে শুনি মই হাঁহি হাঁহি
চকীখনত বহি গ'লো। কোনোমতে হাঁহি ৰখাব নোৱাৰা দেখি মানুহজনে ভেবা লাগি
মোলৈ চাই আছিল। তেওঁ জানিব খুজিছিল অনিমেষ এ্যনৰ কেইনম্বৰ স্বামী। তেওঁ
হেনো শুনিছে মেমহঁতে ঘনাই স্বামী সলায়।
{{gap}}আমাৰ ইয়াৰ কিছুমানে বিদেশ সম্পৰ্কে বহু ভুল ধাৰণা পুহি ৰাখে। এ্যনৰ আগত কথাষাৰ উত্থাপন কৰোতে তেওঁ কৈছিল যে তেওঁলোকৰ পৰিয়ালত কাৰো বিবাহ-
বিচ্ছেদ হোৱা নাই। তদুপৰি তেওঁলোক ৰোমান কেথলিক হোৱা হেতুকে বৰ ৰক্ষণশীল।
যি কি নহওক, আজিৰ পৃথিৱীত আধুনিক সমাজবোৰত বিবাহ-বিচ্ছেদৰ সংখ্যা
ক্রমবর্ধমান। ৰোমান কেথলিক সমাজতো কিবা পৰিবৰ্তন হ'ল নে নাই নাজানো।
{{gap}}বিনা পইচাত ইংলেণ্ড ভ্ৰমণৰ কাহিনীলৈ ঘুৰি আহো। মোৰ জীৱনত কোনো
কামেই চিধা পথেৰে নহয়। যাবৰ দিন-ক্ষণ ঠিক, এনেতে শুনিলো মোৰ টিকট বুক
হৈ থকা এয়াৰ ইণ্ডিয়াৰ পাইলটসকলে দৰমহা বৃদ্ধিৰ বাবে ধৰ্মঘট কৰিছে। এওঁলোকে
যিটো হাৰত দৰমহা পায় শুনিলে সাধু-সন্ন্যাসীৰ মনতো ঈর্ষা উপজিব। আকৌ
দৰমহা বৃদ্ধি? মই যে সময়মতে আমেৰিকা পাবগৈ লাগিব। ইংলেণ্ড-স্কটলেণ্ডৰ আশা
এৰি যথা সময়ত আমেৰিকা গৈ পাবলৈ ব্যস্ত হৈ উঠিছিলো।
{{gap}}এয়াৰ ইণ্ডিয়াই জনালে ধৈর্য ধৰিবলৈ। ধর্মঘট উঠাই ল'লেই যোৱাৰ নতুন তাৰিখ<noinclude>{{Right|বাকীছোৱা জীৱন / ১৪৫}}</noinclude>
bistnm5gmpx8a69ysu7vdvn3pc8ufni
পৃষ্ঠা:অনিমা গুহ.pdf/১৪৭
104
59548
159821
158240
2022-07-26T14:38:58Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁলোকে ঠিক কৰিব। উত্তৰত জনাইছিলো তেওঁলোকৰ ধৰ্মঘট উপলক্ষে মোৰ
নাতিৰ পৃথিৱীলৈ আগমনৰ দিনটো স্থগিত ৰখা সম্ভৱ নহয়, গতিকে টকা ওভোতাই
দিয়ক, অন্য কোম্পানীৰ বিমানত যাব লাগিব। আচলতে নাতিৰ ইতিমধ্যে আগমন
ঘটিছিল যদিও এটা বিশেষ তাৰিখৰ পৰা তাক মোৰ জিম্মাত ৰাখি মাকে কামত যোগ
দিয়াৰ কথা।
{{gap}}জীৱনৰ প্ৰতিটো পদক্ষেপত ঠেকা খাবলগীয়া হোৱা দেখি আমাৰ সাহায্যকাৰিণী
মঞ্জুকে ধৰি আমাৰ সাহিত্যিক বুদ্ধিজীৱী ভিনীহিলৈকে জ্যোতিষ শাস্ত্ৰত বিশ্বাসী
বহুতে কৈছিল যে মোৰ ওপৰত শনিৰ দৃষ্টি পৰিছে। তেৰাৰ দৃষ্টিৰ পৰা উদ্ধাৰ পাবলৈ
প্রত্যেকে একোটা বিধান দিলে। মঞ্জুৱে পৰামৰ্শ দিলে এটকা পঁচিশ পইচাৰে শনি
মন্দিৰত পূজা এভাগ দিবলৈ আৰু এটা সপ্তাহ জুৰি পুৱা উঠি কাউৰীক এমুঠিকৈ
চাউল খুৱাবলৈ। ভিনীহিয়ে দিহা দিলে এটা শনিবাৰে চণ্ডাল এজনক মাতি এসাঁজ
ভালকৈ খুৱাই ক’লা ছাতি এটা দান কৰিবলৈ। তেওঁ সংস্কৃতজ্ঞ পণ্ডিত মানুহ, এই
বিষয়ে শ্লোক এফাঁকিও গাই শুনালে। শনিৰ টেলেকা টেলেকা ৰঙা চকুযোৰৰ দৃষ্টি
হেনো তাকে কৰিলে মোৰ ওপৰৰ পৰা আঁতৰি চণ্ডালৰ ওপৰত পৰিব। অর্থাৎ
বেচেৰা চণ্ডালৰ জীৱনত আৰম্ভ হ’ব শনিৰ দশা। এইবোৰ বিষয়ত ঘোৰ অবিশ্বাসী
হ'লেও ৰগৰ কৰিবলৈ ভিনীহিক ক’লো চণ্ডাল পাম ক’ত? তেওঁ ক'লে জামাদাৰ
এজনকে মাতিবলৈ। ভিনীহিক ক’লো তথাকথিত নিম্নবৰ্গৰ মানুহৰ ওপৰত শনিৰ
দৃষ্টি ডাইভার্ট নকৰি বামুণ-কায়স্থ কলিতালৈ যদি পোনোৱা যায় তেনেহ'লে ব্ৰহ্মপুত্ৰ
হোটেল নাইবা জেবিছতে খুৱাই দিম। ছাতিটোও ‘ফৰেন’ৰ পৰা আনিম। ভিনীহিয়ে
ক’লে কমিউনিষ্টৰ লগত বাস কৰি তুমিও গুৰু-গোসাঁই নমনা বিধৰ হৈছা। পিছে
কমিউনিষ্টৰ লগত লগুণ-গাঁঠি বান্ধিলেও কোনো ৰাজনৈতিক দলৰে পোনপটীয়া
সম্পর্ক নথকা মই মানৱতাবাদীহে। যাওক বাৰু এইবোৰ কথা।
{{gap}}শনিক আঁতৰোৱাৰ ব্যৱস্থা নকৰিলেও নির্দিষ্ট তাৰিখে কলকতাৰ পৰা যাবলৈ
বিমানৰ টিকট এখন সঞ্জয়ে আনি দিলে। অৱশ্যে ব্ৰিটিছ এয়াৰৱেজত। পিছে শনিয়ে
যে লগ এৰা নাছিল কলকাতাত নামি গম পালো। বিমান উৰিব দিল্লীৰ পৰা! কেনেকৈ
কলকাতাৰ পৰা দিল্লী পাই বিমানত বহিলোগৈ ই এক দীঘলীয়া কাহিনী। ক’লে
পাঠকে অতিৰঞ্জিত বুলি ভাবিব, ময়ো ভাবিলোহেঁতেন। পিছে ‘শনি’য়ে যে মোক
ফল’ কৰি আছিল এই কথা ভিনীহিহঁতে বিশ্বাস কৰে। অৱশ্যে ইমান দীঘলীয়া
যাত্ৰাত শনিক সহযাত্ৰী হিচাপে পোৱা বাবে অকলশৰে যাবলগীয়া নহ'ল। তেৰাৰ<noinclude>
১৪৬/ বাকীছোৱা জীৱন</noinclude>
cb5j4gcgdrb1j9aizayo03t22t7y1rk
পৃষ্ঠা:অনিমা গুহ.pdf/১৪৮
104
59549
159822
158241
2022-07-26T15:06:42Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হস্তক্ষেপত বিমানত মোৰ আসনখন নিৰ্ধাৰিত হৈছিল তিনিগৰাকী চৰ্দাৰণীৰ আগৰ
শাৰীত। ইংলেণ্ড আৰু কানাডাত বহু শিখ পঞ্জাবীৰ বাস। জীৱিকাৰ সন্ধানত তেওঁলোক
সেইবোৰ দেশলৈ প্ৰব্ৰজন কৰে। সাধাৰণ কামৰ বাবে যোৱাসকলৰ অধিকাংশই পঢ়া-
শুনাৰ সৈতে সম্পর্কহীন। মোৰ পিছফালৰ শাৰীত বহা তিনিগৰাকীক সেই শ্রেণীভুক্ত
যেন লাগিল। বিমানখন ৰানৱেত থাকোতেই তেওঁলোকৰ পেটৰ আহাৰ ওলাই আহি
মজিয়াখন ভৰাই পেলালে। সেই দুর্গন্ধ থপথপীয়া পদাৰ্থ বাগৰি আহি মোৰ জোতা-
কাপোৰ স্পৰ্শ কৰে বুলি আতংকত জোতাৰে সৈতে ভৰি দুখন ওপৰলৈ তুলিলো।
ওৰে ৰাতি প্ৰায় ন ঘণ্টামান সময় কটালো একেটা অৱস্থাত।
{{gap}}এটা কথা মন কৰিছো ভ্ৰমণ কালত মোৰ কাষৰ আসনখনত সহযাত্ৰী হিচাপে
একাধিকবাৰ পাইছো চৰ্দাৰ বা চৰ্দাৰণীক। এওঁলোকক দেখিলেই মোৰ বুকুত ছুনামীৰ
আৱিৰ্ভাৱ ঘটে। ইয়ো সেই শনিৰে কাৰচাজি যেন পাওঁ। ১৯৯৬ চনত আমাৰ দ্বিতীয়টো
নাতিৰ আগমন উপলক্ষে কলকাতাৰ পৰা দিল্লী হৈ একেখন বিমানতে গৈছিলো।
মোৰ কাষৰ আসনখনত কোনো যাত্রী নথকা বাবে ভাবিছিলো দুয়োটা আসনৰ মাজৰ
হাত মাৰিডাল তুলি দি আহল-বহলকৈ বহিম। কিন্তু মোৰ পোৰা কপাল! দিল্লীত
সেইখনত আহি বহিল চুটেড্-বুটেড্ এজন চৰ্দাৰজী। কিছুমান সহযাত্ৰীয়ে উপযাচি
কথা পাতিবলৈ ভাল পায়। সেই আশংকাত কিতাপ এখন মেলি লৈছিলো। বিমান
উৰণৰ সময় উপস্থিত। চকুৰ আগত জিলিকি উঠিল নিৰ্দেশাৱলী – Fasten Your
belt, Keep your seat in upright position ইত্যাদি। চৰ্দাৰজীৰ কোনো কাণসাৰ
নাই, যেন এগৰাকী ধ্যানমগ্ন যোগী। এনেতে ৰূপৱতী বিমান সেৱিকা মেম এজনী
আহি চৰ্দাৰ্জীক বেল্টডাল বন্ধাৰ কথা ক'লে। তেওঁ তেতিয়াও নির্বিকাৰ। মই ভাবিলো
হয় মানুহজনৰ মগজুৰ নাট্-বল্টুবোৰ ঢিলা নহ'লে তেওঁ বুদ্ধিজীৱী। পিছে মোৰ
ধাৰণা ভুল বুলি বুজিলো যেতিয়া তেওঁ মূৰ-হাত জোকাৰি ক'লে— No English,
No English। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও গন্তব্য স্থান পোৱালৈকে ময়ে
আছিলো তেওঁৰ ইনটাৰপ্ৰিটাৰ। হিন্দীতো মই তথৈবচ। সেই জ্ঞানেৰেই কথা-পাতি
জানিব পাৰিছিলো চৰ্দাৰজী পঞ্জাৱৰ এক অখ্যাত গাঁৱৰ কৃষক। পুতেক নিউয়র্কত
টেক্সিচালক। আমেৰিকাৰ নাগৰিকত্ব পোৱাৰ পাছত মাক-দেউতাকক তালৈ লৈ গৈ
আছে। মাক ইতিমধ্যে গ'ল। তেওঁ বিমানত প্ৰথম উঠা বুলি শুনি মোৰ ভয় লাগিল
বমি কৰে বুলি। বমি কৰিবলৈ বেগ ক’ত আছে দেখুৱাই দিছিলো। পিছে চৰ্দাৰণীসকলৰ
দৰে এওঁ আলসুৱা নহয়।<noinclude>{{Right|বাকীছোৱা জীৱন /১৪৭}}</noinclude>
c5neowhuyjwl564dsfmj9ep18807qmb
পৃষ্ঠা:অনিমা গুহ.pdf/১৪৯
104
59550
159832
158242
2022-07-27T05:35:06Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আৰু এবাৰ বিমান যাত্ৰাত মোৰ চৰ্দাৰজীৰ কাষত বহাৰ দুৰ্ভাগ্য হৈছিল। এওঁ
অৱশ্যে ফৰ্ফৰাই ইংৰাজী কোৱা শ্ৰেণীৰ। তেওঁ বহিছিল মোৰ সোঁফালে। এটা
সময়ত মোৰ বাওঁফালৰ ঠেক কৰিড'ৰেৰে ডেকা এজনে চিগাৰেট জ্বলাবলৈ দিয়াচলাই
এটা বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰি আছিল। কোনো এজন যাত্রীক
ডেকাৰ কথাৰ উত্তৰ দিয়া নেদেখিলো, দিলে কেৱল মোৰ কাষত বহি থকা চৰ্দাৰজীয়ে।
অৱশ্যে বেয়াকৈ একো কোৱা নাই, কৈছিল বিমানত চিগাৰেট খোৱা বাৰণ। ডেকাজনে
চৰ্দাৰজীৰ কথা চেলেঞ্জ কৰিলে যুদ্ধংদেহি কায়দাত। চৰ্দাৰজীৰ তেজ উতলি উঠিল।
প্ৰথমতে দুয়োৰে মাজত বাক্যবাণৰ আদান-প্রদান হ’ল, তাৰ পাছত দুয়ো পৰস্পৰক
আঘাত হানিবলৈ হ’ল উদ্যত। মই প্ৰমাদ গণিলো। মোৰ সোঁফালে চৰ্দাৰ, বাওঁফালে
ডেকা। দুয়োৰে মাজত ঘুচিয়া-ঘুচি আৰম্ভ হ’লে দুটামান মোৰ মূৰতো সৰি নপৰিব
বুলি কোনে ক’ব পাৰে। উত্তপ্ত পৰিস্থিতি। নিজৰ মূৰটো চম্ভালিবলৈ মই দুখন
হাতেৰে দুয়োকে ঠেলি দিলো। ডেকাজন বোধকৰো মানসিকভাৱে অলপ অসুস্থ
আছিল। চৰ্দাৰজীক কৈছিল— ‘চালা, তোৰ ডাঢ়িত জুই লাগিব বুলি চিগাৰেট নাখাৱ,
মই কিয় নাখাম?’ চিঞৰ-বাখৰ শুনি কেবিনকৰ্মী এজনে অৱশেষত ডেকাক টানি লৈ
গৈছিল।
{{gap}}আন এবাৰ মোৰ আগৰ শাৰীত উপবিষ্ট যাত্ৰী এজনে লাইটাৰটো জ্বলাই চিগাৰেটত অগ্নিসংযোগ কৰা দেখি তেওঁক আমাৰ বিপৰীত ফালৰ বেৰত আৰি থোৱা ফলক এখনলৈ আঙুলিয়াই কৈছিলো যে চিগাৰেট খোৱা বাৰণ বুলি তাত লিখা আছে।
তেওঁৰ মোৰ কথা গ্ৰাহ্য নকৰি ক'লে সিটো ফালে বাৰণ, আমাৰ ফালে নহয়। মই
জোৰ দি কৈছিলো সকলোফালে বাৰণ। মানুহজনে চাগৈ ভাবিছিল সাধাৰণ পোছাক
পিন্ধা বয়সীয়া মহিলাজনীয়ে কি জানে। সেয়েহে বিমান সেৱিকাগৰাকীক ফুচফুচাই
সুধিছিল চিগাৰেট খাব পাৰিব নে নাই। সেৱিকাই জোৰে উত্তৰ দিছিল— সৌ
নোটিচখন দেখা নাই নে? মানুহজন অৱশ্যে চৰ্দাৰজী নাছিল। কিন্তু তেওঁ যে মহিলা
হোৱা বাবে মোক উপেক্ষা কৰিছিল তাত সন্দেহ নাই। সাজ-পাৰত তেনেই গাঁৱলীয়া
যেন বয়সীয়া তিৰোতা মানুহৰ সমুখত তেওঁ আৰু বেছি সময় কটাব নোৱাৰি উঠি
বোধকৰো আঁতৰৰ কোনো খালী আসনত বহিছিলগৈ।
{{gap}}ইংলেণ্ড যাত্ৰাৰ কাহিনীলৈ উভতি যাওঁ। লণ্ডনৰ গেটউইক বিমান বন্দৰতো
শনিৰ উপস্থিতি অনুভৱ কৰিলো। কনভেয়াৰ্ছ বেল্টৰ কাষত চুটকেচটোৰ বাবে থিয়
হৈ আছো, যাত্ৰীসকলে নিজ নিজ লাগেজ মোকলাই প্রস্থান কৰিলে, মোৰটোৰ দেখা<noinclude>{{Left|১৪৮/ বাকীছোৱা জীৱন}}</noinclude>
hzv2rp9lv8kdrj9wcee3flb4ndju2ua
159833
159832
2022-07-27T05:36:32Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}আৰু এবাৰ বিমান যাত্ৰাত মোৰ চৰ্দাৰজীৰ কাষত বহাৰ দুৰ্ভাগ্য হৈছিল। এওঁ
অৱশ্যে ফৰ্ফৰাই ইংৰাজী কোৱা শ্ৰেণীৰ। তেওঁ বহিছিল মোৰ সোঁফালে। এটা
সময়ত মোৰ বাওঁফালৰ ঠেক কৰিড'ৰেৰে ডেকা এজনে চিগাৰেট জ্বলাবলৈ দিয়াচলাই
এটা বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰি আছিল। কোনো এজন যাত্রীক
ডেকাৰ কথাৰ উত্তৰ দিয়া নেদেখিলো, দিলে কেৱল মোৰ কাষত বহি থকা চৰ্দাৰজীয়ে।
অৱশ্যে বেয়াকৈ একো কোৱা নাই, কৈছিল বিমানত চিগাৰেট খোৱা বাৰণ। ডেকাজনে
চৰ্দাৰজীৰ কথা চেলেঞ্জ কৰিলে যুদ্ধংদেহি কায়দাত। চৰ্দাৰজীৰ তেজ উতলি উঠিল।
প্ৰথমতে দুয়োৰে মাজত বাক্যবাণৰ আদান-প্রদান হ’ল, তাৰ পাছত দুয়ো পৰস্পৰক
আঘাত হানিবলৈ হ’ল উদ্যত। মই প্ৰমাদ গণিলো। মোৰ সোঁফালে চৰ্দাৰ, বাওঁফালে
ডেকা। দুয়োৰে মাজত ঘুচিয়া-ঘুচি আৰম্ভ হ’লে দুটামান মোৰ মূৰতো সৰি নপৰিব
বুলি কোনে ক’ব পাৰে। উত্তপ্ত পৰিস্থিতি। নিজৰ মূৰটো চম্ভালিবলৈ মই দুখন
হাতেৰে দুয়োকে ঠেলি দিলো। ডেকাজন বোধকৰো মানসিকভাৱে অলপ অসুস্থ
আছিল। চৰ্দাৰজীক কৈছিল— ‘চালা, তোৰ ডাঢ়িত জুই লাগিব বুলি চিগাৰেট নাখাৱ,
মই কিয় নাখাম?’ চিঞৰ-বাখৰ শুনি কেবিনকৰ্মী এজনে অৱশেষত ডেকাক টানি লৈ
গৈছিল।
{{gap}}আন এবাৰ মোৰ আগৰ শাৰীত উপবিষ্ট যাত্ৰী এজনে লাইটাৰটো জ্বলাই চিগাৰেটত অগ্নিসংযোগ কৰা দেখি তেওঁক আমাৰ বিপৰীত ফালৰ বেৰত আৰি থোৱা ফলক এখনলৈ আঙুলিয়াই কৈছিলো যে চিগাৰেট খোৱা বাৰণ বুলি তাত লিখা আছে।
তেওঁৰ মোৰ কথা গ্ৰাহ্য নকৰি ক'লে সিটো ফালে বাৰণ, আমাৰ ফালে নহয়। মই
জোৰ দি কৈছিলো সকলোফালে বাৰণ। মানুহজনে চাগৈ ভাবিছিল সাধাৰণ পোছাক
পিন্ধা বয়সীয়া মহিলাজনীয়ে কি জানে। সেয়েহে বিমান সেৱিকাগৰাকীক ফুচফুচাই
সুধিছিল চিগাৰেট খাব পাৰিব নে নাই। সেৱিকাই জোৰে উত্তৰ দিছিল— সৌ
নোটিচখন দেখা নাই নে? মানুহজন অৱশ্যে চৰ্দাৰজী নাছিল। কিন্তু তেওঁ যে মহিলা
হোৱা বাবে মোক উপেক্ষা কৰিছিল তাত সন্দেহ নাই। সাজ-পাৰত তেনেই গাঁৱলীয়া
যেন বয়সীয়া তিৰোতা মানুহৰ সমুখত তেওঁ আৰু বেছি সময় কটাব নোৱাৰি উঠি
বোধকৰো আঁতৰৰ কোনো খালী আসনত বহিছিলগৈ।
{{gap}}ইংলেণ্ড যাত্ৰাৰ কাহিনীলৈ উভতি যাওঁ। লণ্ডনৰ গেটউইক বিমান বন্দৰতো
শনিৰ উপস্থিতি অনুভৱ কৰিলো। কনভেয়াৰ্ছ বেল্টৰ কাষত চুটকেচটোৰ বাবে থিয়
হৈ আছো, যাত্ৰীসকলে নিজ নিজ লাগেজ মোকলাই প্রস্থান কৰিলে, মোৰটোৰ দেখা<noinclude>{{Left|১৪৮/ বাকীছোৱা জীৱন}}</noinclude>
09ygt5ql2wobncgyymm28hsfb0iacc5
পৃষ্ঠা:অনিমা গুহ.pdf/১৫৩
104
59553
159823
158245
2022-07-26T15:13:57Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পূৰ্বে মেৰিয়ে নিশ্চয় বহুবাৰ অহা-যোৱা কৰিছিল।
{{gap}}ৰজা-ৰাণীহঁতৰ জীৱনত শান্তি নাই, ভাৰতৰে হওক বা বিদেশৰে হওক। কাৰ
বিৰুদ্ধে কোনে ষড়যন্ত্র কৰে, কোনে কাক ওফৰায় এইবোৰেই আছিল তেওঁলোকৰ
কাৰবাৰ।
{{gap}}এপ্রিল মাহত ফুলে ফুলে জাতিষ্কাৰ হৈ থকা স্কটলেণ্ডখনকে এখন নন্দন-কানন
যেন লাগিছিল। জাপান চেৰীফুলৰ বাবে বিখ্যাত। স্কটলেণ্ডৰ চেৰী-ব্লজম্ দেখিয়ে মই
বলিয়া, জাপানলৈ গ'লে কিজানি উন্মাদ হ'ম। কোনফালে চাম? ডেফ’ডিলবোৰেওচোন
হাতবাউলি মাতে। বাটৰ কাষত অযতনে ফুলি থকা ভায়োলেটবোৰেও মোৰ মন
পৰশি গৈছিল৷ এইবোৰ ফুলতো নহয়, মোৰ সত্তাৰ সৈতে একাকাৰ হৈ থকা মোৰেই
অতীতৰ এটা যেন স্মৰণীয় অধ্যায়। যোৱা শতিকাৰ চল্লিশৰ দশকত মই স্কুলৰ ছাত্ৰী।
স্কুলৰ পাঠ্যপুথিত ৱৰ্ডছৱৰ্থৰ কবিতাত এই ফুলবোৰৰ নাম পাইছিলো। কেতিয়াবা
দেখিম বুলি কল্পনা কৰিছিলো জানো? একেটা সময়তে আমাৰ ইয়াতো পলাশ, নাহৰ,
কৃষ্ণচূড়া, গুলছ, সোণাৰু আদি বিবিধ ফুলৰ সম্ভাৰ লৈ আহে ঋতুৰাজ বসন্তই।
সকলো ফুলেই মনক দিয়ে প্রশান্তি। এ্যনে যেতিয়া গম পালে সম্রাটসকলৰ প্ৰাচীন
প্রাসাদ, দুর্গ আদিতকৈ ফুলে মোক অধিক আকৰ্ষণ কৰে তেতিয়া লৈ গৈছিল পার্ক,
নাৰ্ছাৰী আৰু ফুলনিবোৰলৈ। এদিন তেওঁলোকৰ চুবুৰীয়া চিকিৎসক এজনৰ ঘৰৰ
চালত বহি থকা মেগ্পী নামৰ নেজ-দীঘল চৰাই এজনী দেখুৱাইছিল। এই নামটোও
মোৰ চিনাকি। মই আচ্ছন্ন হৈছিলো নষ্টালজিয়াত।
{{gap}}কেইবাবছৰ পাছত ইংলেণ্ডত মেড-কাউ নামৰ গৰুৰ বেমাৰ এটাই প্রায়
মহামাৰীৰূপত দেখা দিছিল। এ্যনে আমাক জনাইছিল যিজন চিকিৎসকৰ ঘৰৰ চালত
মেগ্পী জনীয়ে জিৰণি লৈছিল সেইজন চিকিৎসকেই ইউৰোপত আলোড়নসৃষ্টিকাৰী
মেড্-কাউ ৰোগটো প্ৰথম লক্ষ্য কৰে। বিভিন্ন দেশলৈ গো-মাংস ৰপ্তানি বন্ধ হোৱাৰ
ফলত ব্ৰিটেইনৰ অৰ্থনীতি ভাগি পৰাৰ অৱস্থা হৈছিল। অসুস্থ গৰুবোৰক মাৰি পেলোৱাৰ
যো-জা কৰা বুলি গম পাই আমাৰ দেশৰ গো-প্রেমী দলটো এই সিদ্ধান্তৰ বিৰুদ্ধে
সোচ্চাৰ হৈ উঠিছিল। প্ৰস্তাৱ দিছিল ব্ৰিটেইনৰ খৰচত বেমাৰী গৰুবোৰক ভাৰতলৈ
পঠাবলৈ। গৰুৰ প্ৰেমত উথলি উঠা ভাৰতীয়সকলে সঁচাকৈয়ে গৰুক শ্রদ্ধা কৰেনে?
ভাৰতীয় নাৰীক দেৱীৰ আসনত অধিষ্ঠিত কৰি নাৰী জাতিটোক নির্যাতন কৰাৰ দৰে
গো মাতা-পিতাক ঈশ্বৰৰ শাৰীত বহুৱাই অকথ্য অত্যাচাৰ কৰে নে নকৰে ভাবি
চাওকচোন। এচাৰিৰে কোবাই পিঠিবোৰ ছিৰাছিৰ কৰে নে নকৰে?<noinclude>{{Left|১৫২/ বাকীছোৱা জীৱন}}</noinclude>
ctihc3sc7g0t6gr7iixddpb7l8z0cyl
পৃষ্ঠা:অনিমা গুহ.pdf/১৫৪
104
59554
159837
158246
2022-07-27T06:05:16Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}ঘূৰি আহো স্কটলেণ্ডলৈ। শতিকাৰ পাছত শতিকা জুৰি শাসন কৰা ৰজাসকলৰ
সম্ভ্রম জগোৱা ৰাজপ্রাসাদবোৰ দেশখনত সিঁচৰতি হৈ আছে। অনিমেষে এদিন লৈ
গ'ল এডিনবৰালৈ। তেওঁলোকৰ একেজনী জীয়ৰী ৰোনা তেতিয়া তাত চিকিৎসা
শাস্ত্ৰৰ ছাত্রী। তাতো প্রাসাদে প্রাসাদে ঘূৰি ফুৰিছিলো। অসমৰ বন বিভাগৰ বিষয়া
মোহন মালাকাৰ সেই সময়ত কমনৱেল্থ বৃত্তি এটা লৈ এডিনবৰাত আছিল।
অনিমেষে-ময়ে বিচাৰি বিচাৰি মালাকাৰৰ ঠিকনা পালো পুৰণি ৰাজপ্রাসাদ এটাৰ
চৌহদত। পিছে তেওঁক নাপালো।
{{Gap}}এ্যনক গুৱাহাটীলৈ আহিলে লগ পাওঁ যদিও দুটা সপ্তাহ একেলগে থাকি এনে
লাগিল যেন তেওঁ স্কটিশ নহয়, অসমীয়া বোৱাৰীহে। আগতেও অনিমেষৰ ভায়েক-
ভনীয়েকহঁতৰ মুখে শুনিছিলো ছোৱালীজনী বৰ ঘৰুৱা। দিনটোত অনিমেষে যিয়ে
নাখাওক ৰাতি অসমীয়া আহাৰ লাগিবই। গতিকে এ্যন অসমীয়া ব্যঞ্জন ৰন্ধাত সিদ্ধহস্ত।
অনিমেষৰ ভনীয়েক ৰেণুকাই কৈছিল কোন আঞ্জাত কি ফোৰণ দিব লাগে তাই
নাজানে, কিন্তু এ্যনে নজনা একো নাই। তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰেও ভাৰতীয়
খাদ্য পছন্দ কৰে। লণ্ডনলৈ উভতি আহিবৰ দিনা মাজবাটত এৰাতি অনিমেষৰ
বৰপুত্ৰ শ্বনৰ ঘৰত কটাই আহিছিলো। সি ডাক্তৰ। মাক এ্যনে তালৈ বিধে বিধে আঞ্জা
ৰান্ধি আমাৰ লগত পঠাই দিছিল। দেখি অলপ আচৰিতেই হৈছিলো কাৰণ ৰন্ধন
প্ৰণালী আছিল ভাৰতীয়।
{{gap}}এই কেইদিন শনিৰ কথা পাহৰি আছিলো। লণ্ডনত দ্রষ্টব্য ঠাইবোৰ চোৱাৰ পাছত এদিন ব্ৰিটিছ মিউজিয়ামলৈ যাবলৈ মনস্থ কৰিছো এনেতে আবিৰ্ভাৱ ঘটিল শনিৰ।
সিদিনা আই আৰ এ (আইৰিশ্ব ৰিভ'লিউশ্যনাৰী আর্মি) নামৰ সন্ত্রাসবাদী দলটোৱে
লণ্ডনৰ এক গুৰুত্বপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ ঘটাই ঘৰ-দুৱাৰ ধ্বংসস্তুপত পৰিণত
কৰিছিল। ফলত সিফাললৈ যোৱা নহ'ল। পিছদিনা লণ্ডন এৰিম, গতিকে ব্ৰিটিছ
মিউজিয়াম কল্পনাতে থাকিল।
{{gap}}শনিক বাৰে বাৰে জগৰীয়া কৰি আছো যদিও ৰগৰ কৰিবলৈহে তেৰাক মঞ্চলৈ
আনিছো। কোনো গ্রহ-উপগ্রহ বা ৰাহু-কেতুৰ প্ৰভাৱক বিশ্বাস নকৰো। এইসকলৰ
কুপ্ৰভাৱ খণ্ডন কৰিবলৈ জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে হেজাৰ হেজাৰ টকা খৰচ
কৰি নানা ধৰণৰ পাথৰ পৰিধান কৰে। একো একোজন মানুহৰ আটাইকেইটা আঙুলিত
দেখো বিধে বিধে পাথৰ — নীলা, গ'মেদ, প্রবাল, পান্না, ৰুবি আৰু বহুতো কিবা
কিবি। একো একোজন জ্যোতিষীয়ে মানুহৰ বিশ্বাসক মূলধন কৰি লাখ লাখ টকা<noinclude>{{Right|বাকীছোৱা জীৱন / ১৫৩}}</noinclude>
em1v1vypbl83619uktpvnld1reebpbu
পৃষ্ঠা:অনিমা গুহ.pdf/১৫৬
104
59555
159838
158247
2022-07-27T07:17:55Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আর্জি আছে। আনৰ ভাগ্য নিয়ন্ত্রণকাৰী অন্ততঃ এজন জ্যোতিষীক জানো যি নিজৰ
ভাগ্যৰ বিষয়ে সম্পূর্ণ অজ্ঞ। নহ'লেনো তেওঁৰ পিঠিত এচাৰিৰ কোব কেইটামান
পৰে নে? সেই এবাৰেই নহয়, একাধিকবাৰ তেওঁ নিজৰ ভাগ্যক জয় কৰিব পৰা
নাই। অথচ তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে। হেজাৰ হেজাৰ টকা খৰচ কৰি
যিসকলে ৰাহু-কেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ পাথৰ পৰিধান কৰে তেওঁলোকৰ
জ্ঞাতার্থে জনাওঁ ১-১৫ জুলাই ২০০০ চনৰ ‘পূৱালী' নামৰ আলোচনীখনৰ ৭৪
পৃষ্ঠাত বিখ্যাত জ্যোতিষী ৰজনী বৰুৱাই লিখিছে যে জ্যোতিষী জাতটোৰ শতকৰা
নিৰান্নবৈজনেই ভণ্ড। সেয়ে নহ'লে ছটকা ৰতিৰ Green Zede পোন্ধৰশ টকীয়া
ৰতিৰ পান্না হিচাপে বেচে নে?
{{ga}}যি কি নহওক, আইৰিশ্ব ৰিভলিউশ্যনাৰী আর্মি গোটটোৰ সন্ত্রাসবাদী কাৰ্যকলাপৰ
বাবে মোৰ ব্ৰিটিছ মিউজিয়াম দেখা নহ'ল যদিও দেখিলো মর্ত্যৰ এখন বিশাল নন্দন
কানন। লণ্ডনত আছিলো অসমৰ এহাল বাঙালী দম্পতীৰ ঘৰত। গৃহস্থ ডাঃ শিৱব্ৰত
বিশ্বাস পেছাত চিকিৎসক যদিও নিচাত তেওঁ সংস্কৃত সাহিত্যৰ এজন একনিষ্ঠ
পাঠক। সেয়েহে ষাঠি বছৰ বয়সত অৱসৰ গ্ৰহণৰ পিছত ডাক্তৰীৰ লগত সম্পর্ক
ত্যাগ কৰি সংস্কৃত ভাষা অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। তেওঁৰ লক্ষ্য মূল
সংস্কৃত ভাষাত বেদ, উপনিষদ, কালিদাস আদি অধ্যয়ন কৰা। তেওঁলোকৰ ঘৰৰ
সমীপতে বিখ্যাত কিউ গার্ডেনখন। এই উদ্যানখনৰ বিষয়ে ‘মন মোৰ উৰণীয়া পখী’
নামৰ কিতাপত লিখিছো। তথাপিতো আকৌ এবাৰ কওঁ যে আধুনিক স্থাপত্য,
আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে ইয়াক সাধাৰণ উদ্যান কৰি ৰখা নাই।
{{gap}}শ্বিলঙতো ৰড’ডেনড্ৰন ফুল ফুলে, কিন্তু মই ভালেখিনি এলেকাজুৰি ফুলি থকা
অসংখ্য গছত নানাৰঙী ৰড’ডেনড্ৰন ফুল দেখিলো কিউ গার্ডেনত। এইবিধ ফুলৰ
নামটোৰ সৈতে মোৰ প্ৰথম চিনাকি ৰবীন্দ্ৰ নাথৰ ‘শেষেৰ কবিতা'ত - ‘উদ্ধৃত যত
শাখাৰ শিখৰে ৰডোডেনড্রন গুচ্ছ’। ইয়াৰ পাছত ফ্ৰান্সৰ পটভূমিকাত লিখা দ্যফন দ্যু
মাৰিয়াৰ ‘ৰেবেকা’ নামৰ উপন্যাসখনতো পঞ্চাশ ফুট ওখ গছত ফুলি থকা ৰড'ডেনড্ৰনৰ উল্লেখ পাইছো। কবি-সাহিত্যিকসকলে কিছুমান গছ, ফুল, চৰাই আদিৰ প্ৰতি পাঠকৰ মনত ভাবাবেগৰ সৃষ্টি কৰে। সেয়েহে বোধকৰো মই ৰড’ডেনড্ৰনৰ বাগিচাত উন্মাদৰ দৰে পাকঘূৰণি খাই আছিলো। সিদিনা ব্ৰিটিছ মিউজিয়াম নেদেখাৰ দুখ কৰ্পূৰৰ দৰে উৰি যোৱাত গোৰ মাৰি গংগাত পেলোৱা যেনহে লাগিছিল। উদ্যানখনৰ পৰা ওলাই আহি সন্ত্রাসবাদী আই আৰ এক আঁতৰৰ পৰা এটা চালাম জনাইছিলো।<noinclude>{{Right|বাকীছোৱা জীৱন / ১৫৫}}</noinclude>
j048r5yhhpij7rijffsqoj28axudh37
159839
159838
2022-07-27T07:20:17Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আর্জি আছে। আনৰ ভাগ্য নিয়ন্ত্রণকাৰী অন্ততঃ এজন জ্যোতিষীক জানো যি নিজৰ
ভাগ্যৰ বিষয়ে সম্পূর্ণ অজ্ঞ। নহ'লেনো তেওঁৰ পিঠিত এচাৰিৰ কোব কেইটামান
পৰে নে? সেই এবাৰেই নহয়, একাধিকবাৰ তেওঁ নিজৰ ভাগ্যক জয় কৰিব পৰা
নাই। অথচ তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে। হেজাৰ হেজাৰ টকা খৰচ কৰি
যিসকলে ৰাহু-কেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ পাথৰ পৰিধান কৰে তেওঁলোকৰ
জ্ঞাতার্থে জনাওঁ ১-১৫ জুলাই ২০০০ চনৰ ‘পূৱালী' নামৰ আলোচনীখনৰ ৭৪
পৃষ্ঠাত বিখ্যাত জ্যোতিষী ৰজনী বৰুৱাই লিখিছে যে জ্যোতিষী জাতটোৰ শতকৰা
নিৰান্নবৈজনেই ভণ্ড। সেয়ে নহ'লে ছটকা ৰতিৰ Green Zede পোন্ধৰশ টকীয়া
ৰতিৰ পান্না হিচাপে বেচে নে?
{{gap}}যি কি নহওক, আইৰিশ্ব ৰিভলিউশ্যনাৰী আর্মি গোটটোৰ সন্ত্রাসবাদী কাৰ্যকলাপৰ
বাবে মোৰ ব্ৰিটিছ মিউজিয়াম দেখা নহ'ল যদিও দেখিলো মর্ত্যৰ এখন বিশাল নন্দন
কানন। লণ্ডনত আছিলো অসমৰ এহাল বাঙালী দম্পতীৰ ঘৰত। গৃহস্থ ডাঃ শিৱব্ৰত
বিশ্বাস পেছাত চিকিৎসক যদিও নিচাত তেওঁ সংস্কৃত সাহিত্যৰ এজন একনিষ্ঠ
পাঠক। সেয়েহে ষাঠি বছৰ বয়সত অৱসৰ গ্ৰহণৰ পিছত ডাক্তৰীৰ লগত সম্পর্ক
ত্যাগ কৰি সংস্কৃত ভাষা অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। তেওঁৰ লক্ষ্য মূল
সংস্কৃত ভাষাত বেদ, উপনিষদ, কালিদাস আদি অধ্যয়ন কৰা। তেওঁলোকৰ ঘৰৰ
সমীপতে বিখ্যাত কিউ গার্ডেনখন। এই উদ্যানখনৰ বিষয়ে ‘মন মোৰ উৰণীয়া পখী’
নামৰ কিতাপত লিখিছো। তথাপিতো আকৌ এবাৰ কওঁ যে আধুনিক স্থাপত্য,
আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে ইয়াক সাধাৰণ উদ্যান কৰি ৰখা নাই।
{{gap}}শ্বিলঙতো ৰড’ডেনড্ৰন ফুল ফুলে, কিন্তু মই ভালেখিনি এলেকাজুৰি ফুলি থকা
অসংখ্য গছত নানাৰঙী ৰড’ডেনড্ৰন ফুল দেখিলো কিউ গার্ডেনত। এইবিধ ফুলৰ
নামটোৰ সৈতে মোৰ প্ৰথম চিনাকি ৰবীন্দ্ৰ নাথৰ ‘শেষেৰ কবিতা'ত - ‘উদ্ধৃত যত
শাখাৰ শিখৰে ৰডোডেনড্রন গুচ্ছ’। ইয়াৰ পাছত ফ্ৰান্সৰ পটভূমিকাত লিখা দ্যফন দ্যু
মাৰিয়াৰ ‘ৰেবেকা’ নামৰ উপন্যাসখনতো পঞ্চাশ ফুট ওখ গছত ফুলি থকা ৰড'ডেনড্ৰনৰ উল্লেখ পাইছো। কবি-সাহিত্যিকসকলে কিছুমান গছ, ফুল, চৰাই আদিৰ প্ৰতি পাঠকৰ মনত ভাবাবেগৰ সৃষ্টি কৰে। সেয়েহে বোধকৰো মই ৰড’ডেনড্ৰনৰ বাগিচাত উন্মাদৰ দৰে পাকঘূৰণি খাই আছিলো। সিদিনা ব্ৰিটিছ মিউজিয়াম নেদেখাৰ দুখ কৰ্পূৰৰ দৰে উৰি যোৱাত গোৰ মাৰি গংগাত পেলোৱা যেনহে লাগিছিল। উদ্যানখনৰ পৰা ওলাই আহি সন্ত্রাসবাদী আই আৰ এক আঁতৰৰ পৰা এটা চালাম জনাইছিলো।<noinclude>{{Right|বাকীছোৱা জীৱন / ১৫৫}}</noinclude>
kj2j61tehsyfq7sq2pzlez8137vls4k
পৃষ্ঠা:অনিমা গুহ.pdf/১৫৭
104
59556
159840
158248
2022-07-27T09:34:20Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}হলেণ্ডৰ টিউলিপ বাগিচা দেখাৰ সৌভাগ্য এতিয়ালৈ হোৱা নাই যদিও (আৰু
নো কেতিয়া হ'ব?) লণ্ডনৰ ৱাকিংহাম পেলেচৰ সন্মুখত টিউলিপ প্রাণ ভৰি উপভোগ
কৰিছিলো। আমাৰ বোৱাৰীৰ ফুলনিতো পাছত দেখিছো এইবিধ ফুল। ৰড’ডেনড্রনো
তেওঁৰ বাগিচাত আছে।
{{Center|'''হিংসাত উন্মত্ত পৃথিৱী'''}}
{{gap}}নব্বৈৰ দশকৰ আগভাগৰ এটা গধূলি সক্ৰিয় গণশিল্পী জাগীৰোড কলেজৰ তৰুণ প্রবক্তা সুভাষ সাহা আমাৰ ঘৰলৈ আহিছিল গৃহস্থৰ সৈতে কিবা আলোচনা কৰিবলৈ। কলকাতাৰ পৰা আমি গুচি অহা বেছি দিন হোৱা নাছিল। সিদিনা চাহ-পানী খাই এওঁৰ ঘৰুৱা লাইব্ৰেৰীটোৰ পৰা কিছু কিতাপ আৰু ফাইল উলিয়াই মজিয়াতে পাটী
এখন পাৰি বহিছিল সুভাষ। মই আহি বহিছিলো ভিতৰৰ কোঠাত। এনেতে কলিজাক
স্তব্ধ কৰা এটা শব্দ শুনিলো। সেই শব্দৰ খুন্দাত আমাৰ ঘৰৰ দুৱাৰ-খিৰিকীবোৰ
ঝন্ঝনাই কঁপি উঠিল৷ যোৱা শতিকাৰ নব্বৈৰ দশকত অ’ত ত’ত প্ৰায়ে বোমা বিস্ফোৰণ
ঘটি আছিল। সিদিনা শব্দটোৰ প্রাবল্য ইমানে উচ্চ ক্ষমতাসম্পন্ন আছিল যে মোৰ
ধাৰণা হ’ল আমাৰ ছাদতে বোমাটো ফাটিল। ওচৰ-চুবুৰীয়া সকলোৱে বাহিৰলৈ
ওলাই আহি ভয়তে কঁপিবলৈ ধৰিলে। কেইজনমানে ভাবিলে আমাৰ চৌহদতে
বিস্ফোৰণটো ঘটিছে। সেই সময়ত নানা ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। হঠাতে
ভয় লাগিল আমাৰ গৃহস্থৰ ক্ষতি কৰিবলৈ কোনোবা দুর্বৃত্ত অহা নাইতো? সম্বিৎ ঘূৰি
অহাৰ পাছত সুভাষক ক’লো বেগেতে ঘৰলৈ উভতি যাবলৈ। তেতিয়াৰ দিনত
কেবল টিভি নাছিল যদিও জীৱনটো হাতত লৈ বাটেৰে লৰা-ঢপৰা কৰা মানুহৰ মুখে
প্রায়ে লগে লগেই জানিলো শক্তিশালী বিস্ফোৰণটো ঘটিছে পল্টনবজাৰত। মানুহৰ
কেঁচা তেজ, পোৰা মাংসৰ গোন্ধে এক নাৰকীয় দৃশ্যৰ সৃষ্টি কৰিছে। অলপ পাছতে
গম পালো প্রায় একেটা সময়তে দিছপুৰতো একে কাণ্ড ঘটিছে। পিছদিনা সুভাষে
কৈছিল বশিষ্ঠৰফালে তেওঁৰ ঘৰ গৈ পাওঁতে ভালেখিনি ৰাতি হৈছিল সিদিনা। লাহে-
ধীৰে গম পালো এই পৈশাচিক নৰমেধ যজ্ঞৰ আঁৰত কাৰ হাত আছিল। বর্তমানে
তেওঁলোকে কি কৰি আছে ই সকলোৰে জ্ঞাত। ৰাজনীতিত মই তেনেই কেঁচা।
গতিকে কিছুমান বিষয়ে মোক আদিম যুগৰ মানুহৰ দৰে অবাক কৰে। নব্বৈৰ দশকত
উল্লিখিত বিস্ফোৰণটোৱে আছিল আটাইতকৈ ধ্বংসাত্মক। অমানৱিক এই ঘটনাটোৰ<noinclude>{{Left|১৫৬/ বাকীছোৱা জীৱন}}</noinclude>
2nghki8bxjbi6lgmh7dab9xf8bun1sb
পৃষ্ঠা:অনিমা গুহ.pdf/১৫৯
104
59558
159843
158250
2022-07-27T09:48:26Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পাছত শুনিছো নিউয়ৰ্ক ৰাজ্যৰ পাৰ্ক নাইবা আলিবাট এটাৰ নামকৰণ কৰা হৈছে
জুপিটাৰৰ নামেৰে।
{{gap}}মার্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকে কেতিয়াও নিৰাপত্তাহীনতাত ভোগা নাছিল। পৃথিৱীৰ
অধিকাংশ দেশ পূব গোলার্ধত। আমেৰিকাৰ পূব আৰু পশ্চিম দুয়োটা সীমা বিধৌত,
যথাক্রমে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উত্তাল জলৰাশিৰে। উত্তৰ আৰু
দক্ষিণ সীমাত দুখন বন্ধু ৰাষ্ট্ৰ। এনে সুৰক্ষিত আৱেষ্টনীত পশ্চিম গোলার্ধত মার্কিন
যুক্তৰাষ্ট্ৰই যুদ্ধ-বিগ্রহ, সন্ত্রাস ইত্যাদিৰ পৰা বহু নিলগত থাকি দিন কটাইছিল।
উপসাগৰীয় আৰু ভিয়েটনাম আদি যিবোৰ যুদ্ধত আমেৰিকা লিপ্ত আছিল সেইবোৰ
ঠাই মূল ভূখণ্ডৰ পৰা বহু দূৰৈত হোৱা হেতুকে সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি
পোনপটীয়াকৈ হোৱা নাছিল। আনকি জাপানৰ সামৰিক শাসনে অতর্কিতে মার্কিন
নৌবাহিনীৰ ওপৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে য'ত আক্রমণ হানিছিল
সেইখন ঠাই পাৰ্ল হাৰ্বাৰো মূল ভূ-খণ্ডৰ পৰা হেজাৰ হেজাৰ মাইল আঁতৰত সমুদ্ৰৰ
মাজত অৱস্থিত হাৱাই দ্বীপপুঞ্জত। যুদ্ধ-বিগ্রহ, ইতিহাসৰ উত্থান-পতন অনাদি
কালৰে পৰা সংঘটিত হৈ আছে পূব গোলার্ধত। আমেৰিকাৰ সাধাৰণ অসামৰিক
ৰাইজে এই প্রথম খুন্দা খালে। হঠাতে সংঘটিত সন্ত্রাসবাদীৰ আক্রমণে তেওঁলোকক
মানসিকভাৱে দুৰ্বল কৰিছিল। পিছে জাপানীসকলৰ দৰে আমেৰিকানসকলেও দুগুণ
উছাহেৰে আকৌ নিজৰ ভৰিৰ ওপৰত থিয় দিছে। এটমবোমাত বিধ্বস্ত হিৰোশ্বিমা,
নাগাছাকিৰ ধ্বংসৰ স্তূপৰ পৰা জাপানে ফিনিক্স পখীৰ দৰে উৰি আহি গঠন কৰিছে
এক শক্তিশালী জাপান। প্রকৃতিও দেখিছো জাপানৰ প্ৰতি নিৰ্দয়। সম্প্ৰতি ছুনামী
আৰু ভূমিকম্পৰ বিধ্বংসী প্ৰক্ৰিয়াৰ পাছতো কিন্তু কর্মপ্রিয় জাতিটোৰ মনোৱল
অক্ষুণ্ণ হৈ আছে।
{{gap}}যোৱা শতিকাৰ নব্বৈৰ দশকৰ প্ৰথমফালে পল্টনবজাৰত সংঘটিত বোমা বিস্ফোৰণৰ অভিজ্ঞতাৰ পাছত অসমত লানি নিছিগাকৈ দেখি আছো হত্যাকাণ্ড— কিছুমান গুপুতে, কিছুমান প্রকাশ্যে। তাৰ আগতে ১৯৮৩ চনত সংঘটিত কুখ্যাত নেলী হত্যাকাণ্ডৰ সময়ত আমি আছিলো কলকাতাত। শুনাৰ পাছত শৰীৰ-মন জঠৰ হৈ গৈছিল। বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত সঁচাই-মিছাই নানাধৰণৰ কাহিনী কাণত পৰিছিলহি। বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো আছিল গভীৰ। এই কথা উপলব্ধি কৰাৰ পাছতো আন্দোলনকাৰীসকলে বিদেশী বিতাড়ন কৰিবলৈ যি পথ লৈছিল তাক মুষ্টিমেয়
কেইজনমানৰ মনঃপুত হোৱা নাছিল। এওঁলোকৰ মাজত এগৰাকী আছিল চিন্তাশীল,<noinclude>{{Left|১৫৮/ বাকীছোৱা জীৱন}}</noinclude>
3xtfioa1wvq0ry96kn7znf92lzph74e
পৃষ্ঠা:অনিমা গুহ.pdf/১৬১
104
59560
159841
158252
2022-07-27T09:40:09Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>'''মর্ত্যভূমিত এডোখৰ স্বৰ্গ''' : ২০০০ চনৰ ডিচেম্বৰত হোজাইৰ জাকাৰিয়া যুৱ
সংঘই পতা এখন আলোচনাচক্ৰত যোগ দিবলৈ গৈ স্থানীয় এছ অ’ এছ গাঁওখনৰ
অতিথিশালাত দুৰাতি আছিলো। যুগ যুগ ধৰি বানপানী, ভূমিকম্প, যুদ্ধ-বিগ্রহ, দুর্ভিক্ষ,
মহামাৰী, হিংসাত্মক সংঘর্ষ আদি বিপৰ্যয়ৰ সন্মুখীন হৈছে পৃথিৱীৰ অজস্র মানুহ।
এনেবোৰ মহাবিপদত আটাইতকৈ ক্ষতিগ্রস্ত হয় শিশুসকল। এওঁলোকৰ মাজত
ভাগ্যৱানসকলে অনাথ আশ্রম নাইবা শিশুভৱনত স্থান পায়। সৰহভাগে বাটে-পথে
ঘূৰি ভিক্ষাৰী হয় নাইবা সমাজবিৰোধী কামত লিপ্ত হয় নাইবা মৃত্যুমুখত পৰে।
অনাথ আশ্ৰম আৰু শিশু ভৱনতকৈও এক উন্নত পৰ্যায়ৰ সেৱা আগবঢ়াইছে ডাঃ
হেৰমান গ্মিনাৰে (১৯১৯-১৯৮৬) ‘এছ অ’ এছ ভিলেজ' নামৰ প্ৰকল্পৰ মাধ্যমেৰে।
{{gap}}দ্বিতীয় বিশ্বযুদ্ধৰ (১৯৩৯-১৯৪৫) প্রলয়ংকৰী দিনবোৰৰ পাছত ডেকা চিকিৎসক
ডাঃ গ্মিনাৰে অষ্ট্ৰিয়া ৰাজ্যৰ ভিয়েনা চহৰৰ বাটে-পথে শ শ অনাথ আৰু পৰিত্যক্ত
শিশুক দেখি আবেগিক হৈ পৰে। এদিন বাটৰ কাষত ডাষ্টবিন এটাত পৰিত্যক্ত শিশু
এটিৰ কান্দোন শুনি ডাঃ গ্মিনাৰৰ ধাৰণা হ’ল শিশুটিয়ে যেন ‘Save my soul' বুলি
তেওঁক মিনতি জনাইছে। তাক তুলি আনি তেওঁ অনাথ আশ্ৰম নহয় বিকল্প মাতৃ
হিচাপে এগৰাকী নাৰ্ছক শিশুটিৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। শিশু এটি
স্বাভাৱিকভাৱে ডাঙৰ হ’বলৈ প্ৰয়োজন ঘৰুৱা পৰিবেশৰ। যুদ্ধত ক্ষতিগ্রস্ত কেইবাটি
শিশুক ডাঃ গ্মিনাৰে বন্ধু-বান্ধৱৰ সহযোগিতাত ঘৰুৱা পৰিবেশত লালন-পালন কৰিছিল।
{{gap}}এইদৰেই সূত্রপাত হ’ল এছ অ’ এছ (Save our soul) আন্দোলন, যাৰ প্ৰতিষ্ঠাতা ডাঃ গ্মিনাৰ। ১৯৬৪ চনত ইন্দিৰা গান্ধীৰ আগ্ৰহত হাৰিয়ানাত ভাৰতৰ প্ৰথমখন এছ অ’ এছ গাঁও স্থাপিত হয়। যোৱা শতিকাৰ আশীৰ দশকত অসমত গোষ্ঠীগত সংঘৰ্ষৰ ফলত বহু ল’ৰা-ছোৱালী অনাথ আৰু গৃহহাৰা হৈছিল। এই অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱাত ৰাজ্য চৰকাৰে এছ অ’ এছ প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাবোধ কৰে। ফলস্বৰূপে মঙলদৈৰ সমীপৱৰ্তী ভকতপাৰাত ১৯৮৪ চনৰ ফেব্ৰুৱাৰীত প্ৰথমখন
গাঁও স্থাপিত হয়। সেই বছৰেই মাৰ্চত দ্বিতীয়খনৰ দ্বাৰোদ্ঘাটন হয় হোজাইত।
১৯৮৩ চনত কুখ্যাত নেলী আৰু অবিভক্ত দৰঙৰ ধুলা, চাউলখোৱা, খাৰুপেটীয়াকে
ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত নৰকৰ দুৱাৰখন মেলি দিয়া হৈছিল। মুহূর্ততে অনাথ
তথা গৃহহীন হোৱা পাঁচশ ল’ৰা-ছোৱালীয়ে এই দুখন এছ অ’ এছ গাঁৱত নতুন ঘৰ
আৰু নতুন মাতৃৰ সন্ধান পাইছে।
{{gap}}আমি যাওঁতে হোজাই এছ অ’ এছ গাঁৱৰ সহকাৰী সঞ্চালক আছিল জনাব নুৰুল<noinclude>{{Left|
১৬০/ বাকীছোৱা জীৱন}}</noinclude>
nsn0samiuuz8m1hw8bce12ez8v5d3nx
পৃষ্ঠা:অনিমা গুহ.pdf/১৬২
104
59561
159842
158253
2022-07-27T09:45:33Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইছলাম। তেওঁ আছিল নেলী গণহত্যাৰ বলি এহাল পিতৃ-মাতৃৰ সন্তান। দুই-আঢ়ৈ
ঘণ্টাৰ হত্যাকাণ্ডই কিশোৰ নুৰুলৰ জীৱনটোক ওলট-পালট কৰি দিছে। তেজৰ নৈৰ
মাজত সিদিনা কিশোৰজনে আৱিষ্কাৰ কৰিছিল নিজ পৰিয়ালৰ তেৰজন সদস্যৰ ছিন্ন-
ভিন্ন প্রাণহীন দেহ। খুড়ীয়েকৰ শিশু সন্তানটিক দেখিছিল মাকৰ নিষ্প্রাণ দেহত বহি
পিয়াহ খাই থকা। এখন্তেক থমকি ৰৈ শিশুটিক তুলি লৈছিল কোলাত। এই মানসিক
আঘাত কেনেকৈ সহ্য কৰিলে নুসুধিলো জানোচা পুৰণি স্মৃতিয়ে তেওঁক আঘাত
দিয়ে। জাগীৰোড কলেজৰ গ্ৰেজুৱেট নুৰুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি
বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সমাজসেৱা কৰি আছে।
{{gap}}কবি তোষপ্রভা কলিতাই তেওঁৰ ‘ছিন্নমূলৰ গান' কবিতাটো নুৰুল ইছলামক
উদ্দেশ্য কৰি ৰচনা কৰিছে। কবিৰ ‘নিৰ্বাচিত কবিতা’ত প্ৰকাশিত কবিতাটোৰ প্ৰথম
চাৰিটা শাৰী আছিল এনেধৰণৰ—
{{Block center|<poem>:‘ৰুলে নে নুৰুলে তেজৰ বোকাত সুৱাগমণিৰ কঠীয়া
:পালে নে ঘূৰাই সহোদৰ ভাই ভাঙি অথাউনি পানী
:কোনে পঢ়ি দিব আখৰ নথকা কাগজৰ সেই বতৰা
:দিলেনে ঘূৰাই জলকোঁৱৰে কমলা কুঁৱৰী জননী?...
</poem>}}
{{Gap}}এছ অ’ এছ গাঁৱত বিকল্প মাতৃৰ উমত লালিত-পালিত হৈ নেলী হত্যাকাণ্ডত
অনাথ হোৱা কেইবাটাও শিশু আজি চিকিৎসক, অভিযন্তা, প্রবক্তা আদি বিভিন্ন বৃত্তি
গ্ৰহণ কৰি জীৱনত সুপ্রতিষ্ঠিত হৈছে। স্বাভাৱিকতে মনত প্রশ্ন জাগিছিল এওঁলোকে
আর্থিক সাহায্য পায় ক’ৰ পৰা। নুৰুল ইছলামে মোৰ কৌতূহল নিবৃত্তি কৰিলে
ইয়াকে কৈ যে এই পৃথিৱীত বহু দাতা আছে। তেওঁলোকে ঘাইকৈ আর্থিক সাহায্য
লাভ কৰে ইউৰোপীয় দেশসমূহৰ পৰা। ভাৰত আৰু অসমৰো অনেক সহৃদয় ব্যক্তিয়ে
নিয়মীয়াকৈ দান আগবঢ়ায়। হোজাইৰ স্থানীয় বিত্তশালীসকলেও মুক্ত হাতেৰে দান
কৰে। এওঁলোকৰ অনেকে একো একোজন ল'ৰা-ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব লয়।
জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত এছ অ’ এছ গাঁৱৰ কৰ্ম-কৰ্তাসকলে তেওঁলোকৰ
বিয়াও পাতি দিয়ে। মাটি-বাৰী কিনি ঘৰ সাজিবলৈ আৰু পুৰণি আত্মীয়-স্বজনৰে
সম্পর্ক স্থাপন কৰিবলৈ সহায় কৰা হয়।
{{gap}}আজিৰ আত্মকেন্দ্ৰিক, অৱক্ষয়প্রাপ্ত দুর্নীতিসৰ্বস্ব সমাজখনক দেখি মানুহৰ ওপৰত আস্থা হেৰুৱাইছিলো। হোজাইৰ এছ অ’ এছ গাঁওখন পৰিদৰ্শন কৰি উপলব্ধি কৰিছো সকলো মানুহে মনুষ্যত্ব হেৰুৱাই পেলোৱা নাই। পৃথিৱীক বাসযোগ্য কৰি ৰাখিছে<noinclude>{{Right|বাকীছোৱা জীৱন /১৬১}}</noinclude>
nnvvj6j51sg786oawgim1hpa87dcw9u
পৃষ্ঠা:অনিমা গুহ.pdf/১৬৩
104
59562
159844
158254
2022-07-27T09:52:49Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আৰু ৰাখিব একাংশ মহামানৱে। মাজে-সময়ে মই ভাবো যিসকল নৰপিশাচে মানুহ
কাটি-মাৰি হাতবোৰ তেজেৰে ৰাঙলী কৰিছে তেওঁলোকে বাৰু সেইখন হাত চাবোনেৰে
ধোৱাৰ পাছতো তেজ লাগি থকা যেন নাপায়নে?
{{gap}}এই প্ৰসংগতে বহুবছৰ আগতে কলকাতাত লগ পোৱা পুলিচৰ এগৰাকী উচ্চ
পদস্থ বিষয়ালৈ মনত পৰিল। নক্সাল আন্দোলন দমন কৰিবৰ উদ্দেশ্যে অনেক তৰুণৰ
জীৱন নিমিষতে নির্বাপিত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল। ছাত্ৰাৱস্থাত
মেধাৱী ল’ৰা হিচাপে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী বিভাগৰ উচ্চ
পদত নিযুক্তি পায় বিষয়াজনে। নক্সাল পৰ্বৰ পাছত তেওঁৰ সামান্যভাৱে হ'লেও
মানসিক বিপর্যয় যে ঘটিছিল তাৰ উমান পাইছিলো তেওঁৰ লগত প্ৰথম দৰ্শনৰ
সময়তে। প্রেছিডেন্সি কলেজত তেওঁ গৃহস্থৰ সহপাঠী আছিল। আমি পুনেৰ পৰা
কলকাতালৈ অহাৰ পাছত এদিন তেওঁ গৃহস্থক লগ পাবলৈ আমাৰ ঘৰলৈ আহিছিল।
মাজে মাজে জেপৰ পৰা হাত দুখন উলিয়াই তেওঁক কোৱা শুনিছিলো— ‘ক্ষমা কৰা
ভগৱান, এই হাত দুখনক ক্ষমা কৰা। ক্ষমা কৰা প্রভু। এই চাকৰিৰ বাবে মইতো
উপযুক্ত নাছিলো...।'
{{gap}}শুনিছিলো কলকাতাৰ ময়দানত হেনো নক্সাল দমনৰ নামত ডেকা ল’ৰাবোৰক
শাৰীপাতি থিয় কৰাই এটা সময়ত দৌৰিবলৈ দি পাছফালৰ পৰা গুলীয়াই হত্যা কৰা
হৈছিল। নক্সাল আন্দোলনৰ লগত সম্পর্কহীন ল’ৰাও আছিল এওঁলোকৰ মাজত।
শিপাৰে সৈতে আন্দোলনটো উঘালিবৰ উদ্দেশ্যে তৰুণ প্ৰজাতিটোক এইদৰে নিশ্চিহ্ন
কৰাৰ আঁচনি যুগুতাইছিল কর্তৃপক্ষই। এনে ঘৃণনীয় কাম সমাপ্ত কৰিছিল পৃথিৱী সাৰ
পোৱাৰ আগতে কাহিলি পুৱাত।
{{gap}}আমি পুনেত থাকোতে তাত বাস কৰা কলকাতাৰ পৰিয়ালবোৰৰ মুখে শুনিছিলো
তেওঁলোকৰ আতংকৰ কথা। এনে অৱস্থা হৈছিল যে ল’ৰা মানেই যেন নক্সাল।
অনেকে হেনো পুতেকহঁতক কলকাতাৰ বাহিৰৰ আত্মীয়-স্বজনৰ ঘৰলৈ পঠাই দিছিল।
শুনিছিলো চলচ্চিত্র জগতৰ জনপ্ৰিয় অভিনেতা উত্তম কুমাৰে ময়দানত এদিন প্রাতঃভ্রমণ কৰিবলৈ আহি শাৰী পাতি থিয় দি থকা ল’ৰাবোৰক দেখা পাই আচৰিত হৈছিল। একশ্যন আৰম্ভ হোৱাৰ আগত উত্তম কুমাৰক দেখা পাই ‘ঘাতক’সকলে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। কিছুমানৰ মতে উত্তম কুমাৰে ঘটনাটো দেখিছে। শিল্পী
মানুহ, অন্তৰখন কোমল। ঘটনাটো দেখিয়ে হওক বা শুনিয়ে হওক সহ্য কৰিব
নোৱাৰি অসুস্থবোধ কৰিছিল তেওঁ। তাৰ পাছৰে পৰা তেওঁৰ হৃদপিণ্ড দুর্বল হ’বলৈ
১৬২/ বাকীছোৱা জীৱন<noinclude></noinclude>
8mhly4089sshy9ro7zxuknenr321wez