ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.22
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:অনিমা গুহ.pdf/৫
104
59288
159866
157375
2022-07-28T11:55:27Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>'''BAKISOWA JIBAN''': An autobiography (2nd Part) of Dr. Anima
Guha in Assamese and Published by Binu Deuri Baruah, on behalf of
{{center|Banphool Prakashan, Panbazar, Guwahati-1.}}
{{center|First Edition: May, 2012}}
{{center|Price : Rs. 250.00}}
{{center|© লেখক}}
{{center|'''বিনু দেউৰী বৰুৱা'''}}
{{center|প্ৰকাশক, বনফুল প্ৰকাশন}}
{{center|'''কাৰ্যালয়''' : হাতীগাঁও চাৰিআলি, গুৱাহাটী-৩৮}}
{{center|'''বিপণি''' : চেঞ্চেলৰ কমাৰ্চিয়েল বিল্ডিং, হেমচন্দ্ৰ বৰুৱা পথ, পাণবজাৰ, গুৱাহাটী-১}}
{{center|ফোন : ৯৮৬৪০-75649, ৯৮৬৪৪-২১২৪৮}}
{{center|প্ৰথম প্ৰকাশ : মে', ২০১২}}
{{center|প্ৰচ্ছদ আৰু অংগসজ্জা : '''বনজিৎ কলিতা'''}}
{{center|আৰ্হিপাঠ : '''ৰেখাশ্ৰী সন্দিকৈ'''}}
{{center|দাম: ২৫০.০০ টকা}}
{{center|ই-মেইল : banphool@ymail.com}}
{{center|{{larger|ISBN : 978-93-81710-09-8}}}}
-------
সৰ্বস্বত্ব সংৰক্ষিত : লেখকৰ লিখিত অনুমতি অবিহনে এই কিতাপৰ কোনো অংশৰেই কোনো ধৰণৰ পুনৰ মুদ্ৰণ নাইবা
কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, ইলেক্ট্ৰ’নিক বা আন কোনো মাধ্যম, ফটোকপি, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত
তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব পৰা নাযাব। এই স্বত্ত্ব উলংঘিত হ’লৈ উপযুক্ত আইনী ব্যৱস্থা
গ্ৰহণ কৰা হ'ব।
--------
{{center|'''মুদ্ৰক : ভৱানী অফ্ছেট এণ্ড ইমেইজিং চিষ্টেমছ প্ৰাঃ লিঃ, গুৱাহাটী-৭৮১০০৭'''}}<noinclude></noinclude>
hn9lzqjjsb87x6pt1h4i0ycjkrrkl88
পৃষ্ঠা:অনিমা গুহ.pdf/১৫০
104
59551
159845
158243
2022-07-27T13:36:03Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সাক্ষাৎ নাই। এটা সময়ত বেল্টৰ গতি স্তব্ধ হ'ল, এজন যাত্রীও নাই। আন কোনো
জনপ্রাণীও নাই। চকুপানী ওলাওঁ ওলাওঁ অৱস্থা এনেতে আঁতৰত দেখিলো গতিহীন
কনভেয়াৰ্ছ বেল্টৰ শেষ সীমাত মোৰ চুটকেচটো। বাহিৰত মোৰ বাবে বাট চাই থকা
অনিমেষো টেনশ্যনত ঘামি আছিল। দুয়ো ভাই-ভনীৰ দেখা-দেখি হোৱাৰ লগে লগে
চকুপানী আৰু ঘাম মচি মনৰ আনন্দত হাঁহিবলৈ ধৰিলো। অৱশেষত শনি আৰু
টেনশ্যনক বিমান বন্দৰতে এৰি অনিমেষৰ গাড়ীত লণ্ডন মহানগৰীৰ চহৰতলিৰে
হ'লো স্কটলেণ্ডমুখী। সেইখিনিৰ পৰা তেওঁলোকৰ গ্লাছগোৰ ঘৰলৈ চাৰিশ মাইল
বাট। পশ্চিমৰ দেশবোৰৰ হাইৱেবোৰ ইমান মসৃণ যে ভ্ৰমণত ক্লান্তি নাহে। অৱশ্যে
আজিকালি ভাৰততো এনে উচ্চমানৰ বাট নোহোৱা নহয়। উদাহৰণস্বৰূপে মুম্বাই-
পুনে হাইৱেৰ কথা ক’ব পাৰি। ইংলেণ্ডৰ পৰা স্কটলেণ্ডলৈ যাওঁতে বাটৰ দুয়োকাষে
নয়নাভিৰাম দৃশ্য উপভোগ কৰি গৈছিলো। কাশ্মীৰলৈ মনত পৰিছিল। সমগ্র
স্কটলেণ্ডখনেই মনোমোহা।
{{gap}}অনিমেষৰ পত্নী এ্যনে মোক কেউপিনে সিঁচৰতি হৈ থকা একাধিক সৰোবৰৰ
পাৰলৈ লৈ গৈছিল। স্কটিশ ভাষাত লেকক কয় লক্ (Loch)। পশ্চিমৰ মানুহে
জীৱনটো উপভোগ কৰিব জানে। বৰফৰ বতৰটো পাৰ হ'লেই ল’ৰা, বুঢ়া, ডেকা-
ডেকেৰী সকলোৱে ঢাপলি মেলে নৌকা বিহাৰ কৰিবলৈ, কত ধৰণৰ যে নাও !
দূৰদৰ্শনৰ কৃপাত আমি আজিকালি ঘৰতে বহি তেওঁলোকৰ নৌকা বিহাৰৰ দৃশ্য
দেখিবলৈ পাওঁ। আমেৰিকাত জীৱনটো হাতত লৈ জয়-মনীষা আৰু তেওঁলোকৰ
বন্ধু-বান্ধৱীৰ লগত বিজুলীবেগেৰে চলা নাৱত উঠিছো। লেকবোৰক আকাৰত একোখন
সমুদ্ৰ যেন লাগে। পাৰলৈ উভতি নহালৈকে বুকুৰ ধিপ্ধিপনি নুগুছে। পাৰতে বান্ধি
ৰখা একোখন নাও ভাড়া কৰি গাড়ী ড্রাইভ কৰা দি এওঁলোকে যন্ত্রচালিত নাওবোৰ
চলায়। সকলোৰে আনন্দ পণ্ড হয় বুলি মোৰ নিজৰ শংকাৰ কথা প্ৰকাশ নকৰো।
য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। এবাৰ আমেৰিকাৰ ইপাৰ-সিপাৰ নেদেখা জৰ্জ
লেকৰ মাজভাগত আমাৰ নাওখন লৰচৰ নকৰা হ'ল। বহু চেষ্টা কৰিও জয়ে এক
ইঞ্চিও আগবাঢ়িব নোৱাৰিলে। ইতিমধ্যে দূৰৈত দেখিলো ভ্ৰমণবিলাসী কেইজনমান
চাহাব আৰু মেমৰ নাও এখন। আমি হাতবাউলি তেওঁলোকক মতাত ওচৰ চাপি
আহি আমাৰ নাওখনক ৰচিৰে বান্ধি পাৰলৈ লৈ গ'ল। মেম দুজনীও কম সাহসী নহয়
দেই। ইখন নাৱৰ পৰা সিখনলৈ জাঁপ মাৰি গৈ ৰচি বন্ধা দেখি তবধ মানিছিলো।
পাৰলৈ অহাৰ পাছত নাও কোম্পানীৰ মানুহে পৰীক্ষা কৰি দেখিলে নাওৰ ওপৰতে<noinclude>{{Right|বাকীছোৱা জীৱন / ১৪৯}}</noinclude>
4pmsdzkwbvujfzwaviip52zplh7p57o
পৃষ্ঠা:অনিমা গুহ.pdf/১৬৫
104
59564
159846
158267
2022-07-27T13:42:16Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ত্যাগ কৰি এওঁলোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈ তাৰ পৰাই দিছিল বিপ্লৱৰ
নেতৃত্ব, বিশেষকৈ বাংলাদেশৰ পৰা।
{{gap}}ইতিমধ্যে শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত প্রতিষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক
দৃশ্যপটত পৰিবৰ্তন আহিল। আলফাৰ শীর্ষ নেতা কেইগৰাকীমানক বাংলাদেশ চৰকাৰে
ভাৰত চৰকাৰৰ হাতত তুলি দিয়াৰ পাছৰ পৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাত
পৰিবৰ্তন আহিবলৈ ধৰে। বহুদিনৰ মূৰত নিজ ৰাজ্যলৈ আহি তেওঁলোকে হয়তো
উপলব্ধি কৰিছে যে নিজ দেশৰ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন অসম পোৱাটো
সম্ভৱ নহয়। তদুপৰি আলফাৰ এই গোটটোৱে উপলব্ধি কৰিছে যে তিনিটা দশক
জুৰি হত্যা-হিংসাত লাগি থকাৰ ফলত অসংখ্য নিৰীহৰ তেজেৰে ৰাঙলী হৈছে
অসমৰ মাটি, কিন্তু সেই মাটিত উদয় হোৱা নাই স্বাধীনতাৰ সূৰ্য। অনুশোচনা কৰি
ব্যক্ত কৰিছে যে সশস্ত্র সংগ্রামেৰে নহয় গণতান্ত্রিক পদ্ধতিত ৰাজনৈতিক সমাধানতহে
তেওঁলোক আগ্রহী । অসমৰ অধিকাংশ শান্তিপ্ৰিয় ৰাইজে এনে এটা সমাধানেই বিচাৰে।
{{gap}}পিছে শান্তিৰ পথ ইমান সহজ নহয়। আলফাৰ আন এটা গোটৰ যুদ্ধংদেহি
মনোবৃত্তি। অসমক স্বাধীন কৰিহে এৰিব তেওঁলোকে। স্বাধীন অসমৰ চাৰিসীমা কি,
এই প্রশ্ন কৰি কৰি হাইৰান হ’লো। উত্তৰ নাপালো। বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে
সেই স্বাধীন অসমত যোগ দিব নে? একাংশ বড়োই বিচাৰিছে স্বাধীন বড়ো ৰাজ্য,
কোচ ৰাজবংশীয়ে বিচাৰে কমতাপুৰ, অন্যান্য সকলৰো বেলেগ বেলেগ দাবী। বৰাক
উপত্যকা সেই স্বাধীন অসমত চামিল নহয় নিশ্চয়। গতিকে স্বাধীন অসমৰ চাৰিসীমা
কি হ’ব তেওঁলোকে ৰাইজক অৱগত কৰা উচিত।
{{gap}}আন এটা বিষয়ে মোক অনবৰতে আমনি কৰে। আলোচনাপন্থী দলটোৱে গণতান্ত্রিক পদ্ধতিত ৰাজনৈতিক সমাধান বিচাৰিছে। এই প্রস্তাৱে আশাৰ বতৰা কঢ়িয়াই আনিলেও সন্দেহ বাতিক মনটোত আন এটা কথাই খুন্দা মাৰে। ঐতিহাসিক অসম চুক্তিৰ পুনৰাবৃত্তি নহয়তো? বিদেশী বহিষ্কাৰ কৰি সোণৰ অসম গঢ়িব খোজা দলটোৱে
অসমীয়া জাতিটোক চৰম প্ৰৱঞ্চনা কৰাৰ কথা ৰাইজে পাহৰা নাই। ধৰি ল'লো
আলফা সমস্যাৰ সফল সমাধান হোৱাৰ পাছত অসমত ৰামৰাজ্য প্রতিষ্ঠাৰ ইংগিত
পোৱা গ'ল। সেইক্ষেত্ৰত সঁচাকৈয়ে শান্তি প্রতিষ্ঠা হ’ব নে? এন ডি এফ বি, কে পি
এল টি, কে এল অ’, ইউ পি ডি এফ, ডি এইচ ডি, আলনা ইত্যাদি দলবোৰে কি
কয়? এন ডি এফ বিৰ তাণ্ডৱৰ কথা মানুহে পাহৰিব নোৱাৰে কোনদিনে। ২০০৮
চনৰ ৩০ অক্টোবৰত একেদিনাই অলপ সময়ৰ ব্যৱধানত দলটোৱে কোকৰাঝাৰ,<noinclude>{{Left|
১৬৪/ বাকীছোৱা জীৱন}}</noinclude>
6ledajl3yunz0pntkirrsw9tvrorx8a
পৃষ্ঠা:অনিমা গুহ.pdf/১৬৮
104
59566
159847
158271
2022-07-27T13:46:14Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আমি এৰি যাম আমাৰ উত্তৰপুৰুষসকলৰ বাবে।
{{gap}}আমাৰ চকুৰ আগতে সমাজখনক বৰ জটিল হৈ থকা দেখি আছো। কাণ্ডাৰীবিহীন নাৱৰ দৰে উটি-ভাহি গৈ থকা যেন লাগিছে ৰাজ্যখন। আশাকৰো এনে অৱস্থাৰ অৱসান ঘটিব অচিৰেই। নে ৰসাতললৈহে যাব। এনেবোৰ আবোল-তাবোল চিন্তাই মগজুত খুন্দা মাৰি থাকে।
{{Center|'''তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত'''}}
{{gap}}হিংসাত উন্মত্ত পৃথিৱীখনৰ পৰা ওলাই তিমি মাছ বিচাৰি আটলাণ্টিকৰ উত্তাল
ঢৌৰ সৈতে নাচি নাচি ঘূৰি ফুৰা দিনটোৰ স্মৃতি ৰোমন্থন কৰা যাওক। চনটো আছিল
১৯৯৬। সৰুটো নাতি অনুভৱৰ জন্ম উপলক্ষে নিউয়ৰ্কলৈ গৈছিলো সেই চনত।
{{gap}}আমেৰিকাৰ উত্তৰ-পূব সীমাত ওপৰফাললৈ পকোৱা কুকুৰৰ নেজডালৰ আকৃতিৰ এডোখৰ ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ মাজলৈ সোমাই গৈছে। এই ভূখণ্ডৰ নাম কেপ কড্ বা কড্ অন্তৰীপ। নামটো শুনাৰ লগে লগে মনত পৰিছিল বাল্যকাললৈ। ভিটামিন-ডি সমৃদ্ধ দুর্গন্ধ কডলিভাৰ তেল আমি নাকত টিপা মাৰি খাইছিলো স্বাস্থ্য সচেতন দেউতাৰ নিৰ্দেশত! আজিকালি কাকো এইবিধ অখাদ্য বস্তু খোৱা নেদেখো।
{{gap}}অন্তৰীপটোৰ আগীয়াঠুঁটিত চেথাম নামৰ সৰু চহৰ এখনৰ পৰ্যটকলৈ ভাড়া দিয়া ঘৰ এটাত দুৰাতি আছিলো। বোৱাৰী মনীষাৰ সহকর্মী এগৰাকীৰ শহুৰ শাহু ঢুকোৱাৰ পাছত বস্তু-বাহানিৰে সৈতে ঘৰটো পৰ্যটকক ভাড়া দিছিল। সুসজ্জিত ঘৰটোৰ প্ৰতিটো বস্তুতে মৃত দম্পতীৰ প্ৰাণৰ পৰশ বিচাৰি পাইছিলো। চকী-মেজ, টিভি, ভিচিপি- ভিচিআৰ, ৱাশ্বিং মেচিন, মাইক্ৰৱেভ, ৰান্ধনি ঘৰৰ বয়-বস্তু, শোৱনি কোঠাৰ সা-সামগ্ৰী সকলো একেদৰে আছে। নাই কেৱল গৃহস্থ-গৃহিণী। ড্রেছিং টেবুলৰ ওপৰত ধুনীয়া টেমা এটাত দেখিলো গৃহিণীয়ে ব্যৱহাৰ কৰা বিধে বিধে গহনা। আন এটা ফালে আটোমটোকাৰিকৈ থৈছে ফণি, ব্ৰাছ, প্রসাধন সামগ্রী। এইবোৰ দেখি হঠাতে মই জীৱন সম্পৰ্কে উদাসীন হৈ পৰিছিলো। মানুহ পৃথিৱীলৈ আহে কেইটামান দিনৰ বাবে, তাৰ বাবে প্ৰয়োজন কিমান বস্তুৰ! মাটি-বাৰী-সম্পত্তি আদিৰ বাবে কাজিয়া-পেচাল, কোর্ট-কাছাৰী, মৰা-মৰি কি নহয়। যৌতুকৰ বাবে কৰে বোৱাৰী হত্যা। চকু মুদিলেই সকলো পৰি থাকে। মোৰ মনত পৰিছিল আমাৰ শশী আতালৈ। পাৰ্থিৱ বস্তুৰ প্ৰতি নিষ্পৃহ মানুহজনৰ একমাত্ৰ সংগী আছিল এটা দোতাৰা। তাকে বজাই<noinclude>{{Right|বাকীছোৱা জীৱন /১৬৭}}</noinclude>
m5sfv8fna6vbs1egox6gqopq1yz9ryh
পৃষ্ঠা:অনিমা গুহ.pdf/১৬৯
104
59567
159848
158270
2022-07-27T13:55:19Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁ গাইছিল দেহতত্ত্বৰ গীত — ‘অ' মোৰ দেহাৰ ভৰসা নাইৰে...।'
{{gap}}ফুৰিবলৈ আহি জীৱনৰ শেষ পৰিণতিৰ কথা ভাবিবলৈ এৰি পিছদিনা পুৱা প্রভিন্স টাউনৰ জাহাজঘাটত ওপঙি থকা বিশাল সমুদ্রগামী জাহাজখনত টিকেট কাটি
উঠিলোগৈ। মূৰৰ ওপৰত আদিগন্ত বিয়পি থকা নীলা আকাশ আৰু তলত পাৰাপাৰহীন
তৰংগায়িত নীলা সমুদ্র। নিজৰ গাত চিকুটি চালো, সঁচাকৈয়ে আটলাণ্টিকত ওপঙি
আছো নে?
{{gap}}উপকূলৰ লগত সংযোগ বিচ্ছিন্ন কৰি জাহাজ আগুৱাই যাবলৈ ধৰিলে সমুদ্ৰৰ
গভীৰলৈ। মোৰ উৰণীয়া মনেও দিলে ডেউকা মেলি। পাহৰি গৈছিলো দৈনন্দিন
জীৱনৰ হেজাৰ সমস্যাৰ কথা। আগদিনা গুৱাহাটীৰ চিঠিৰ পৰা গম পাইছিলো
পিঁয়াজৰ মূল্য আকাশস্পৰ্শী, বজাৰত খোৱা তেলৰ আকাল, অসমত বানপানী আৰু
বোমা-পিষ্টলপ্ৰেমী যুৱকৰ তাণ্ডৱ...। পাহাৰ সদৃশ ওখ ওখ ঢৌবোৰ জাহাজত খুন্দা
খাই ৰূপোৱালী ফেনলৈ নিমিষতে ৰূপান্তৰিত হৈছিল। সেই ফেনৰ ছিটিকনিয়ে
আমাকো চুই গৈছিল। নয়নাভিৰাম এই দৃশ্য আজিও চকু মুদিলেই দেখা পাওঁ।
সীমাহীন নীলা বিশালতাই ঢাকি ৰাখিছিল অসমৰ নিৰীহ ৰাইজৰ তেজৰ ৰঙা বৰণ।
বহু আঁতৰৰ পৰা নাচি নাচি অহা গৰ্জনমুখৰ ঢৌবোৰৰ তলত অদৃশ্য হৈছিল গুৱাহাটীৰ
তেল-পিঁয়াজৰ মূল্য।
{{gap}}জাহাজৰ ডেকত উন্মুক্ত নীলাৰ তলত থিয় হৈ দূৰ দিগন্তত সমুদ্ৰ আৰু আকাশৰ বাহুবন্ধনৰ মনোমোহা দৃশ্য চাই আছিলো। এটা সময়ত ৰেলিঙত ধৰিও থিয় হৈ থকা অসম্ভৱ যেন লাগিল। পগলা ঢৌবোৰে জাহাজকো কৰি তুলিলে উন্মত্ত। জাহাজখনো
ঢৌ হৈ উঠিল— এবাৰ ওপৰলৈ উঠে, এবাৰ তললৈ নামে। দোল খাই খাই মোৰ
মূৰটোও লাটুম ঘূৰাদি ঘূৰিবলৈ ধৰিলে। বেগৰ পৰা ভাৰ্টিগন টেবলেট এটা উলিয়াই
কোনোমতে খাবপৰা নাছিলো। পানীখিনি মুখৰ ওচৰলৈ আনিলেই জাহাজৰ দোলনিত
ক'ৰবাত ছিটিকি পৰে।
{{gap}}মনীষাৰ বায়েক কাজৰীয়ে মোৰ কাণ্ড দেখি ক’লে যে মূৰ ঘূৰণিৰ টেবলেট
কোনো কামত নাহে; কাৰণ মোৰ Sea sickness হৈছিল। জাহাজৰ অফিচ কাউণ্টাৰৰ
পৰা সামুদ্রিক নৰিয়াৰ বাবে দৰব এটা তেওঁ আনি দিছিল। জয় আৰু তাৰ শালপতি
কুলদীপে হাতত ভিডিঅ’ কেমেৰা লৈ জাহাজৰ ওপৰৰ পৰা তললৈ চলাথ কৰি
থাকোতে দুয়োকে দোলনি বেমাৰটোৱে বাৰুকৈয়ে আক্রমণ কৰিছিল। কুলদীপে
নিজৰ কাণ দুখনত ধৰি প্ৰতিজ্ঞা কৰিলে জীৱনত দ্বিতীয়বাৰলৈ আৰু জাহাজত নুঠে।<noinclude>{{Left|১৬৮/ বাকীছোৱা জীৱন}}</noinclude>
judor62pzoz1hajccqxd3qiyp9g2uq0
পৃষ্ঠা:অনিমা গুহ.pdf/১৭০
104
59568
159849
158272
2022-07-27T14:04:33Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পুৰণি কালত পালতোলা নাৱত দুঃসাহসী নাৱিকসকলে কেনেকৈ যে সমুদ্র যাত্রা
কৰিছিল নাজানো।
{{gap}}যিসকলক বিচাৰি কেপকডলৈ আহিছিলো সেই তিমি মাছবোৰ সিদিনা ক’ত যে
লুকাই থাকিল! সেইখিনি অঞ্চলত তিমিবোৰে জাক বান্ধি ঘূৰি ফুৰে বাবে পর্যটক
কোম্পানীবোৰে ৰমৰমীয়া ব্যৱসায় কৰি আছে। সিদিনা জাহাজ ভৰা পৰ্যটকক তিমি
দেখুৱাব নোৱাৰি তেওঁলোক হতাশ। আমিও হতাশ। নির্দিষ্ট সময়তকৈ কেইবাঘণ্টা
বেছি এই উথল-পাথল মহাসমুদ্ৰত আমাক ঘূৰোৱাৰ পাছত প্রত্যেকৰ হাতত জাহাজ
কোম্পানীয়ে দহ বছৰৰ বাবে কাৰ্যকৰী একোখনকৈ বিনামূলীয়া টিকেট দিলে। অৱশ্যে
আমি আৰু তেখেতসকলক বিচাৰি যোৱা নাই।
{{gap}}তিমি দৰ্শন নোহোৱা বাবে জাহাজৰ পৰা নামিয়ে পোনে পোনে গ’লো পিলগ্রিম
মনুমেণ্ট দৰ্শন কৰিবলৈ। এইখিনি ঠাইত ১৬২০ চনৰ ২১ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ
পৰা অহা পিলগ্রিম ফাদাৰসকল নামিছিল। স্বভূমি ত্যাগ কৰি অচিনাকি ভূ-খণ্ড
এডোখৰলৈ আটলাণ্টিক মহাসাগৰ নাৱেৰে পাৰ হৈ অহা মানুহবোৰক দুঃসাহসী
নুবুলি কি বুলিম? এওঁলোকৰ পাছত ইংলেণ্ড-ইউৰোপৰ পৰা দলে দলে প্ৰব্ৰজনকাৰী
বিভিন্ন প্ৰৱাহত আমেৰিকামুখী হয় নতুন জীৱনৰ সন্ধানত। সেইখন দেশলৈ প্ৰব্ৰজনৰ
সোঁত আজিও বন্ধ হোৱা নাই। ইউৰোপৰ পৰা হোৱা প্ৰব্ৰজনৰ কাহানিবাই অন্ত
পৰিছে, তাৰ পাছত আৰম্ভ হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকামুখী জনস্রোত।
আমেৰিকাক এখন মিনি বিশ্ব বুলিব পাৰি। কোন দেশৰ মানুহ নাই তাত?
{{gap}}মার্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত কেনেডি পৰিয়ালৰ বাস কেপকডত। এওঁলোকৰ পূৰ্বপুৰুষ আহিছিল ইংলেণ্ডৰ পৰা। অস্বাভাৱিক মৃত্যুৰ কৱলত পৰিছে অভিশপ্ত পৰিয়ালটোৰ কেইবাজনেও। প্রেছিডেণ্ট জন এফ কেনেডি আৰু তেওঁৰ ভায়েক ৰবাৰ্ট কেনেডি দুয়ো আততায়ীৰ গুলীৰ আঘাতত নিহত হয়। জন এফ আৰু জেকুলিনৰ একমাত্ৰ পুত্রই স্বচালিত বিমানত কেপকডলৈ আহি থাকোতে সপত্নীক বিমান দুর্ঘটনাত
আটলাণ্টিকৰ পানীত জীৱন হেৰুৱায়। ডেকা বয়সত এইজনা কেনেডিয়ে নিজৰ
চিনাকি লুকুৱাই সাধাৰণ পৰ্যটকৰ দৰে সাধাৰণভাৱে ভাৰত দৰ্শন কৰি গৈছে। দিল্লীৰ
বাটে বাটে হেনো ফুৰিছে চাইকেল চলাই। দিল্লীৰ পৰা কেৰেলালৈ তেতিয়াৰ দিনৰ
ৰে'লৰ তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল। এওঁ বুলিয়ে নহয় চহকী দেশৰ মানুহবোৰ
অলপ চেৰাবলিয়াই হয় নেকি। ধন-ঐশ্বর্যই এওঁলোকক মাজে মাজে আমুৱায়।
{{gap}}বহু বছৰ আগতে কলকাতালৈ আহিছিল এজন জার্মান হিপ্পী। এদিন এগৰাকী<noinclude>{{Right|বাকীছোৱা জীৱন /১৬৯}}</noinclude>
2psi7jfb42zl42o3l5b09frio9x5xtg
পৃষ্ঠা:অনিমা গুহ.pdf/১৭২
104
59569
159850
158274
2022-07-27T14:10:00Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বাঙালী লেখিকাৰ পিছে পিছে আহি তেওঁলোকৰ চিৰিৰ তলত দুদিনমানৰ বাবে
থাকিবলৈ হিপ্পীজনে অনুমতি বিচাৰিছিল। তাত দুটামান বাটৰ ভতুৱা কুকুৰ থাকে
বুলি কোৱাত হিপ্পীয়ে কৈছিল সিহঁতৰ লগতে থাকিব। লেখিকাৰ এই পগলা যেন
ল'ৰাটোৰ অদ্ভুত ধৰণৰ প্ৰস্তাৱটো ভাল নালাগিল। নিজৰ ঘৰতো ঠাই নাই যে থাকিবলৈ
দিব। অৱশেষত দুদিনমানৰ বাবে থাকিবলৈ আত্মীয় এজনৰ ঘৰত ব্যৱস্থা কৰি দিলে।
পিছে হিপ্পীৰ যোৱাৰ কোনো লক্ষণতো নেদেখিলেই, বৰঞ্চ ৰাতি ৰাতি তেওঁলোকৰ
লগত খোৱা টেবুলত বহিবলৈ আৰম্ভ কৰিলে। আপদটোক বহু কষ্ট কৰি খেদাৰ
কিছুদিনৰ পাছত আকৌ উভতি অহাত গৃহস্থই ভূত দেখা যেন পাইছিল। এইবাৰ সি
কেৱল থাকিবলৈ খোজাই নহয়, তেওঁলোকৰ ছোৱালীজনীক বিয়া কৰোৱাৰ প্ৰস্তাৱো
দিলে। ইমান আস্পর্ধা বাটৰ ভিকহুটোৰ! দীঘলীয়া ইতিহাস চমুকৈ কওঁ, সি জাৰ্মানীৰ
চহকীয়ে নহয় এটা আঢ্যৱন্ত পৰিয়ালৰো ল'ৰা। তাৰ প্ৰেমত পৰিছিল ছোৱালীজনীও।
অৱশেষত বিয়াও হ’ল। বিয়ালৈ দৰাৰ পৰিয়ালৰ অনেকে আহিছিল। কইনাই শহুৰৰ
ঘৰৰ পৰা মাক-দেউতাকলৈ লিখিলে যে দৰা ঘৰক যিমান চহকী বুলি ভাবিছিল
তাতোকৈ কেইবাগুণে বেছি চহকী!
{{gap}}হিপ্পীক ইয়াতে এৰি কেপকডলৈ উভতি যাওঁ। তাৰে এটা আলিবাটত থিয় হৈ
কেনেডি পৰিয়ালৰ বিশাল সাম্ৰাজ্যৰ এটা অংশ চাই আমি সমুদ্র সৈকতলৈ গৈছিলো।
ইয়াত নিৰ্জন তটভূমিৰ অভাৱ নাই। সমুদ্ৰৰ ঢৌবোৰৰ দৰেই বলিয়া বতাহে সাগৰৰ
পাৰবোৰত ধুমুহাৰ সৃষ্টি কৰে। আমাৰ দৰে মানুহক উৰুৱাই নিব পৰা তাৰ দুৰন্ত
শক্তি। তাৰ লগত এই জাকে কঢ়িয়াই আনিছিল বৰফৰ শীতলতা। এনে লাগিছিল
যেন কলিজা গোট মাৰিব এতিয়াই। আচৰিত হৈ দেখিছিলো এনে পৰিবেশত এজন
মানুহে ভুৰৰ দৰে বস্তু এছটাত উঠি ঢৌৰ সৈতে উঠা-নমা কৰি আছে। কি যে অদম্য
মনোবল আৰু দুৰ্দান্ত সাহস।
{{gap}}তিমি মাছ নেদেখাৰ দুখ পাতলাবলৈ জয়ে আমাক কেপকডৰ বিখ্যাত লৱষ্টাৰ
খুবাবলৈ ৰেস্তোৰাঁ এখনলৈ নিছিল। দীঘল দীঘল হাতোৰাসদৃশ ঠেং থকা ডাঙৰ মিছা
মাছেই লৱষ্টাৰ। দুগৰাকী পৰিচাৰিকাই লৱষ্টাৰ খাওঁতে কাপোৰ-কানি নষ্ট নহ’বলৈ
প্রত্যেকৰ ডিঙিত একো একোখন প্লাচটিকৰ কাপোৰ আৰি দিলে। তাৰ পাছত সমুখলৈ
আনিলে একো একোখন বিৰাট আকাৰৰ প্লেট, যিবোৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত
হৈ আছিল একো একোটা নোদোকা লৱষ্টাৰ। দুয়োখন হাত ব্যৱহাৰ নকৰিলে লৱষ্টাৰ
খাব নোৱাৰি। ভদ্র সমাজত মুখখন সামান্য মেলি নিঃশব্দে খোৱাৰ ৰীতি লৱষ্টাৰ<noinclude>{{Right|বাকীছোৱা জীৱন /১৭১}}</noinclude>
5pko69mzbn3zspwo0dtrtghz2jl6px0
পৃষ্ঠা:অনিমা গুহ.pdf/১৭৫
104
59571
159851
158276
2022-07-27T17:56:59Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>উল্লিখিত আইনজীৱীগৰাকীৰ মতে তিৰোতা মানুহৰ পক্ষে ওকালতি কৰা টান। পিছে
হিলাৰীহঁতৰ দৰে মহিলাৰ বাবে সকলো সম্ভৱ। মিশ্বেল ওবামাও এগৰাকী সফল
আইনজীৱী। দুয়োগৰাকীৰ উপাৰ্জন স্বামীসকলতকৈ বেছি আছিল।
{{gap}}দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী অনসূয়া সেনগুপ্তই হিলাৰী ক্লিনটনক স্বৰচিত কবিতা এটা উপহাৰ দিছিল যেতিয়া তেওঁ দিল্লীলৈ আহিছিল। কবিতাটো তেওঁ
আত্মজীৱনীত প্ৰকাশ কৰি অনসূয়াক বিখ্যাত কৰিছে। নাৰীবাদী কবিতাটোৰ শিৰোনাম
SILENCE। কবিতাটোৱে যিকোনো অনুভূতিসম্পন্ন ব্যক্তিক আলোড়িত কৰিব।
{{Block center|<poem>:Too many women
:In too many countries
:Speak the same language
:Of Silence.
:We seek only to give words
:To those who can not speak
:(too many women in too many countries)
:I seek only to forget
:The sorrows of my grandmother's
:Silence.</poem>}}
{{Center|'''নানা কামত সাঙোৰ খাই পৰিলো'''}}
{{gap}}'''সাহিত্য-সংস্কৃতিৰ জগতত''' : কুৰি শতিকাৰ ষাঠি-সত্তৰ আৰু আশীৰ দশকত কাকত-পত্ৰ আৰু আলোচনী আদিত ছেগাচোৰোকাকৈ লিখা-মেলা কৰিছিলো যদিও নব্বৈৰ দশকৰে পৰা কলমে মোৰ পিছ নেৰা হ'ল। মোৰ ভাগ্য ভাল বুলিয়ে ক’ব
পাৰো। একাংশ পাঠকৰ পৰা উদগনি নোপোৱা হ'লে কলমৰ গতি স্তব্ধ হ'লহেঁতেন।
বিশেষকৈ নাৰীৰ অধিকাৰকে ধৰি নাৰীকেন্দ্ৰিক সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পর্কে
লিখিবলৈ আৰম্ভ কৰাত মহিলাসমাজৰ পৰা সমাদৰ লাভ কৰিছো।
{{gap}}এই প্ৰসংগত মোৰ পদ্মশ্ৰী ড° শীলা বৰঠাকুৰলৈ মনত পৰিছে। ১৯৭৪ চনত
প্রতিষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী শীলা বৰঠাকুৰে
১৯৭৮ চনত সমিতিৰ নগাঁৱত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি<noinclude>{{Left|
১৭৪/ বাকীছোৱা জীৱন}}</noinclude>
3lb73vm2um5w55cec0x4figx05mcecp
পৃষ্ঠা:অনিমা গুহ.pdf/১৭৬
104
59572
159852
158278
2022-07-27T18:00:48Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নাইবা বক্তা হিচাপে আমাক আমন্ত্রণ জনাইছিল। তেতিয়া আমি কলকাতাতে আছিলো।
তাৰ পৰা আহি মহিলা লেখিকাসকলৰ এনে এক সমাবেশত উপস্থিত হৈ মুগ্ধ
হৈছিলো। শীলা মোতকৈ দুই শ্রেণী তলত পঢ়িছিল যদিও তেওঁৰ লগত মোৰ ঘনিষ্ঠ
সম্পর্ক যোৰহাটৰ স্কুলীয়া জীৱনৰে পৰা। আমি একেলগে নাটক কৰিছিলো। 'আলিবাবা'
নামৰ নাটকত মই লৈছিলো আলিবাবাৰ ভাও আৰু নৃত্যপটিয়সী শীলাই মর্জিনাৰ
ভাও লৈছিল। অসমলৈ অহাৰ পাছত সমাৰোহ সমিতিৰ আজীবন সদস্য হ'লো,
নিয়মীয়াকৈ বিভিন্ন অধিবেশনতো যোগদান কৰিছিলো। ২০০০ চনত গোৱালপাৰাত
অনুষ্ঠিত অষ্টাদশ দ্বি-বার্ষিক অধিবেশনত মুকলি সভাৰ সভানেত্রী হিচাপে আমন্ত্রিত
হৈছিলো। শীলাৰ এটা প্রশংসা কৰিবলগীয়া গুণ হ'ল তেওঁ এগৰাকী দক্ষ জহুৰী।
কাৰ দ্বাৰা কি কাম হ’ব তেওঁ দৈৱজ্ঞৰ দৰে আগধৰি ক'ব পাৰে। বিশ্বনাথ চাৰিআলি
অধিৱেশনলৈ (১৯৯৫) আমন্ত্রণ জনাই তেওঁ মোক ড° তিলোত্তমা মিশ্ৰ ৰচিত
‘স্বর্ণলতা' উপন্যাসখনৰ এটা সমালোচনা প্রস্তুত কৰিবলৈ কৈছিল। কিতাপ সমালোচনা
কৰাৰ অভিজ্ঞতা বা যোগ্যতা মোৰ নাই, কিয়নো এই বিষয়ে মোৰ কোনো অধ্যয়ন
তেতিয়ালৈকে নাছিল । শীলাই কমাণ্ডাৰৰ সুৰত আদেশ দিলে, ‘তুমি লিখিবই লাগিব।'
তাৰ পাছতে ফোনৰ লাইন কাটি দিলে।
{{gap}}মোৰ নিজৰ ওপৰতে খং উঠিল। কি কুক্ষণত ভ্রমণ কাহিনীটো যে লিখি উলিয়ালো। সেইখন নিলিখা হ’লে কাৰো চকুত মোৰ নামটো নপৰিলহেঁতেন। এবাৰ ভাবিলো মোৰ টাইফয়েড জাতীয় কিবা টান নৰিয়া হোৱা বুলি শীলাক জনাওঁ নেকি। পিছে মিছা কথাৰ ঠেং চুটি। উপায়ান্তৰ হৈ তেতিয়ালৈকে অপঠিত ‘স্বর্ণলতা’ উপন্যাসখন
মেলি ল'লো ৷ গুণাভিৰাম বৰুৱাৰ জীয়ৰী স্বর্ণলতা কিতাপখনৰ মুখ্য চৰিত্ৰ। উপন্যাসখনে
আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱাকে ধৰি ঊনৈশ শতিকাৰ যুগনায়কসকলৰ
বিষয়ে আৰু তেতিয়াৰ অসমৰ ইতিহাস সম্পর্কে অধিক জানিবলৈ মোক আগ্রহী
কৰিলে। আমাৰ গৃহস্থৰ ঘৰৱা লাইব্রেৰীত এইবোৰ কিতাপৰ অভাৱ নাই। গতিকে
স্বর্ণলতাক একাষৰীয়াকৈ থৈ উল্লিখিত কিতাপবোৰতে মনোনিৱেশ কৰি অসমৰ
ইতিহাসৰ এটা বিস্তাৰিতভাৱে নজনা অধ্যায়ত প্ৰৱেশ কৰিছিলো। অৱশেষত ভালে
বেয়াই এটা সমালোচনা লিখি উলিয়ালো। মঞ্চত সেই সমালোচনা পাঠ কৰিবলৈ গৈ
নিজৰ হৃদপিণ্ডৰ ধুক্ধুকনি নিজে শুনি থকা যেন লাগিছিল। মঞ্চত বহি আছিল
অসমীয়া সাহিত্যৰ অধ্যাপিকা দেৱীকা শইকীয়া। তেওঁ মোক কিতাপ-পত্ৰৰ সমালোচনা
লিখি পুস্তকাকাৰে প্ৰকাশ কৰিবলৈ কোৱাত মই মনে মনে শীলাক ধন্যবাদ জনালো।<noinclude>{{Right|বাকীছোৱা জীৱন / ১৭৫}}</noinclude>
4xdqyyms5c55p3nr1nd5cky64hncu5i
পৃষ্ঠা:অনিমা গুহ.pdf/১৭৭
104
59573
159853
158279
2022-07-27T18:03:30Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইয়াৰ পিছত ভালে কেইখন কিতাপৰ সমালোচনা লিখিছো যদিও বিশেষজ্ঞ সমালোচক
মই নহওঁ। মোৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। এই বিষয়ে কিছু পঢ়া-শুনা, চিন্তা-
চৰ্চা কৰিলে হয়তো সেই সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰিলোহেঁতেন, কিন্তু সময়
ক’ত? জীৱনত এটা কামো নিয়াৰিকৈ ক'ৰা নহ'ল। ইয়াকেই কয় জেক অব্ অল,
মাষ্টাৰ অব্ নান্।
{{gap}}বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ আমন্ত্ৰিত হৈ কলকাতাৰ পৰা আহিছিল স্নেহলতা ভট্টাচাৰ্য নামৰ এগৰাকী লেখিকা। সিদিনা গুৱাহাটীৰ পৰা তোষপ্রভা কলিতা আৰু মোৰ লগত তেওঁ বিশ্বনাথ চাৰিআলিলৈ যাওঁতে ওৰেটো বাট আতংকগ্ৰস্ত হৈ যোৱা
যেন লাগিছিল। তিনিওৰে থকা-মেলাৰ বন্দবস্ত কৰিছিল বিনন্দি কলিতাৰ ঘৰত। মন
কৰিছিলো তেওঁলোকৰ ঘৰ পোৱাৰ পাছতহে স্নেহলতাৰ মুখত সামান্য হাঁহি বিৰিঙি
উঠিছিল৷ গুৱাহাটীৰ পৰা ৰাওনা হওঁতে পলম হোৱা বাবে তেজপুৰৰ পাছত ভালেখিনি
বাট নিজান চাহ বাগিচাৰ বুকু ফালি এন্ধাৰৰ মাজেৰে যাবলগীয়া হৈছিলো। তেতিয়াৰ
দিনত সন্ত্ৰাসৰ ভয় বৰকৈ নাছিল যদিও কলিকতীয়া মানুহজনীৰ হেনো ঘোপমৰা
এন্ধাৰৰ মাজেৰে আহোঁতে খুব ভয় লাগিছিল। ইমান নির্জন ঠাই হেনো জীৱনতে
তেওঁ দেখা নাই। ওৰে বাট ইষ্টনাম জপ কৰি অহা বুলি শুনি আমি বৰ আমোদ
পাইছিলো৷ পিছদিনা সভাস্থলীলৈ গৈ সাহিত্যিক আৰু সাহিত্যপ্রেমী অসংখ্য মহিলাক
একেলগে দেখি স্নেহলতা অবাক। কেৱল মহিলাৰে গঠিত সাহিত্য সমাৱেশৰ কথা
তেওঁলোকে হেনো কল্পনাও কৰিব নোৱাৰে। সিবাৰ অৱশ্যে পঞ্চাশৰো অধিক মহিলা
কবিক কবি সন্মিলনীৰ দিনা কবিতা পাঠ কৰা দেখি ময়ো কম আচৰিত হোৱা
নাছিলো। সকলো কবিতা উচ্চ স্তৰৰ নহ'লেও মহিলাসকলে হেতা-কৰচ এৰি কলম
হাতত তুলি ল’বলৈ আগ্ৰহী হোৱাটোৱে উত্তৰণৰ প্ৰথম সোপান। লেখিকা সমাৰোহ
সমিতিৰ আজীৱন সদস্য হলেও একে সময়তে প্ৰীতি বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ
অসম লেখিকা সংস্থাৰ লগতো মোৰ ওচৰ সম্পৰ্ক। তেওঁলোকৰো একাধিক অধিৱেশন
তথা সভা-সমিতিলৈ আমন্ত্ৰিত হৈছো। কেৱল মহিলাৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ এই
দুটা সাহিত্য-সংস্কৃতিমূলক প্রতিষ্ঠানে অসমৰ নাৰী সমাজক জুহালৰ পৰা উলিয়াই
আনি সৃষ্টিধর্মী কাম-কাজ কৰিবলৈ আৰু সাহিত্যৰ অনুৰাগী হ’বলৈ উদ্বুদ্ধ কৰিছে।
পিতৃতান্ত্রিক সমাজত সৌসিদিনালৈকে নাৰীৰ সকলো প্ৰতিভা ৰান্ধনি ঘৰৰ জুইত
জাহ গৈছিল। আজিও নাৰী মুক্ত হৈছে বুলি ক'ব নোখোজো। কিন্তু উল্লিখিত সংস্থা
দুটাই মহিলা কবি-ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ আদিৰ ৰচনা পুস্তকাকাৰে প্ৰকাশ<noinclude>{{Left|১৭৬/ বাকীছোৱা জীৱন}}</noinclude>
raysyr7lmrey1snn819canbnj5jq30p
পৃষ্ঠা:অনিমা গুহ.pdf/১৭৮
104
59574
159854
158287
2022-07-27T18:09:06Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰি অসমীয়া সাহিত্যৰ ভঁৰাল কৰিছে সমৃদ্ধ। সমাজ সংস্কাৰমূলক কামতো তেওঁলোক
জড়িত হৈ আছে।
{{gap}}সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৮৮ চনত বৰপেটাত অনুষ্ঠিত দ্বাদশ
দ্বি-বার্ষিক অধিৱেশনত মহিলাসকলে বৰপেটাৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ ঘটাবলৈ
চেষ্টা কৰি বিফল হৈছিল। বৰপেটা সত্ৰত প্ৰচলিত এই যুক্তিহীন পৰম্পৰাই আমাক
যুগপৎ মনত দুখ দিয়ে আৰু মনটোক বিদ্রোহী কৰি তোলে। বৰপেটাৰ সত্ৰাধিকাৰ
আৰু ভকতসকলে কয় এই পৰম্পৰাটো হেনো মহিলাসকলেই জীয়াই ৰাখিছে। এটা
কথা অস্বীকাৰ নকৰো যে ৰক্ষণশীলতা মহিলাসকলৰ মাজত বেছি। পৰম্পৰাক
জীয়াই ৰাখিছে তেওঁলোকেই। পিছে মহিলাসকলৰ বিষয়ে থকা আন এটা ধাৰণা
স্বীকাৰ নকৰো যে বংশগতভাৱে (hereditarily) মহিলা প্রজাতিটো ৰক্ষণশীল বা
পৰম্পৰাগত মূল্যবোধ খামুচি ধৰি থকা বিধৰ। পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ নিষ্ঠুৰ
পৰিৱেশে মহিলা প্ৰজাতিটোৰ স্বাভাৱিক প্ৰবৃত্তিবোৰক হেঁচি থকা বাবে ই প্রস্ফূটিত
হ’ব পৰা নাই। নাৰীৰ চেতনাক বৰ্ধিত হ’বলৈ নিদি বাওনা কৰি ৰাখিছে।
{{gap}}নাৰীয়ে মাহৰ তিনিটা দিন নিজকে অশুচি বুলি ভাবে বাবে সেই তিনি দিন
গোসাঁইঘৰত বা মন্দিৰত নোসোমায়। কীৰ্তন ঘৰত সোমাবলৈ নিদিয়াৰ এইটোৱে
কাৰণ। বোধকৰো ভকতনীসকলৰ ভয় কোনোবাই অশুচি দেহাৰেই সোমাব। এবাৰ
কেইজনীমান বান্ধৱী আৰু সহকৰ্মীৰ সৈতে কলকাতাৰ এখন চহৰতলীৰ মন্দিৰ
এটালৈ গৈছিলো তাত অধিষ্ঠিত বিপদতাৰিণী গোসাঁনীক দৰ্শন কৰিবলৈ। নিৰাকাৰ
শক্তি এটা প্ৰকৃতিৰ মাজত আছে বুলি বিশ্বাস কৰো যদিও মন্দিৰ, দেৱস্থান আদিৰ
লগত মোৰ সম্পৰ্ক ক্ষীণ। তথাপিতো বিপদতাৰিণী মন্দিৰলৈ যাবলগীয়া হ'লো।
সেই মন্দিৰত সকলোৰে অবাধ প্ৰৱেশ চাবলৈ। বিপদতাৰিণী কালী গোসাঁনীৰ এটা
অন্য ৰূপ। অবাধ প্ৰৱেশৰ কাৰণ হ’ল মাকৰ দৰ্শন পোৱাত বাধা থাকিব কিয়? কেৱল
দর্শনে নহয় মহিলাসকলে দেখিলো দহ ফুটমান ওখ বিপদতাৰিণীৰ কিচ্কিচীয়া ক’লা
আৰু চিক্চিকীয়া মসৃণ দেহটোক সাবটি ধৰি আছে। ৰজস্বলা ছোৱালীও মন্দিৰত
সোমাই বিপদতাৰিণীক চুমা খাই আহিব পাৰে। সঁচাকৈয়ে মন্দিৰৰ কাণ্ড-কাৰখানা
দেখি বিচূর্তি খাইছিলো। মাটিৰ মূৰ্তিটো তো আৰু প্ৰগতিশীল দৃষ্টিভংগী সম্পন্ন হ’ব
নোৱাৰে, পৰিচালনা কমিটীয়ে বিপদতাৰিণীক আধুনিকমনস্ক কৰিছে। পৰিচালনা
কমিটীৰ প্ৰশংসা কৰি গোসাঁনীক সিদিনা প্রণাম কৰি আহিছিলো।
{{gap}}ইয়াৰ বিপৰীত চিত্র দেখিবলৈ পাওঁ বৰপেটা কীৰ্তন ঘৰত। কিয় এনে হ’ল তাৰ<noinclude>{{Right|বাকীছোৱা জীৱন /১৭৭}}</noinclude>
8fvc4pry6ydc8tio1g1rpcpnoife9ay
পৃষ্ঠা:অনিমা গুহ.pdf/১৭৯
104
59575
159855
158292
2022-07-27T18:19:25Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>উত্তৰ বিচাৰি নাপাওঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধৰ্ম আছিল উদাৰ। এই
ধর্মই সকলো প্রাণীক সমদৃষ্টিৰে চাবলৈ কোৱা নাই জানো। কোৱা নাই জানো ‘কুকুৰ
শৃগাল গদৰ্ভৰো আত্মাৰাম।/ জানিয়া সবাকো পৰি কৰিবা প্রণাম।।'
{{gap}}শংকৰ-মাধৱে প্ৰচাৰ কৰা ধৰ্ম ইমানে উদাৰ আৰু গভীৰ যে এই উদাৰতা বা
গভীৰতা আন ধৰ্মত ইমান অর্থবহভাৱে আছে বুলি ধাৰণা নহয়। এনেস্থলত বৰপেটাৰ
কীৰ্তন ঘৰ বা সুন্দৰীদিয়া আৰু পাটবাউসীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা
ব্যৱস্থাটো শংকৰদেৱৰ ধৰ্ম আৰু মানৱতাৰ পৰিপন্থী যেন নালাগেনে?
{{gap}}মহাত্মা গান্ধীয়ে কৈছিল— Assam indeed is fortunate for Sankardava
has five centuries back given to the Assamese people an ideal,
which is also idea of my Ram Rajya.
{{gap}}একেটা সুৰতে আন এটা কথাও কওঁ যে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ দৰেই
মহাপুৰুষজনাৰ দৃষ্টিভংগীও নাৰীৰ প্ৰতি বৰ উদাৰ নাছিল বুলি কোৱা হয়। পিতৃতান্ত্রিক
সমাজ ব্যৱস্থাত আজিও সমাজৰ নিম্নবৰ্গ আৰু জনজাতীয় লোকক যি চকুৰে চোৱা
হয়, স্ত্রী জাতিকো একেই চকুৰে চোৱা হয়। মহাপুৰুষজনাও এই দৃষ্টিভংগীৰ ব্যতিক্রম
নাছিল। শূদ্ৰসকলৰ সৈতে বহু ৰচনাত তেওঁ নাৰীৰ নাম উচ্চাৰণ কৰি তেওঁলোককো
মানুহৰ আসনত স্থান দিব খুজিছে। যেনে—
{{Block center|<poem>:ভাগৱতত কৈছে—
:স্ত্রী শূদ্র অন্ত্য জাতি তাকো শিক্ষা দিন্ত আতি
:ধৰিবে সি সৱে অহোপ্রাণে।
:কীর্তন ঘোষাত আছে—
:স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি
:তাহাত কৰিবা ইটো জ্ঞান মহামতি।</poem>}}
{{gap}}জীৱনৰ এটা সময়ত গুৰুজনাৰ প্ৰধান শিষ্য মাধৱদেৱ সুন্দৰীদিয়াত বাস কৰিছিল যদিও প্রথমফালে শংকৰদেৱে মাধৱদেৱক সুন্দৰী নাৰীপ্রধান ঠাইখনত বাস কৰিবলৈ নিষেধ কৰিছিল। কীৰ্তন ঘোষাত তাৰ কাৰণ আমি বিচাৰি পাওঁ।
{{Block center|<poem>:ঘোৰ নাৰী মায়াসৰ্ব্ব মায়াতে কুৎসিত।৷
:মহা সিদ্ধ মুনিৰো কটাক্ষে মোহে চিত্ত৷৷
:দৰশনে কৰে তপ-জপ-যোগ-ভংগ।
:জানি জ্ঞানীগণে কামিনীৰ এৰে সংগ।। ১৮</poem>}}<noinclude>{{Left|১৭৮/ বাকীছোৱা জীৱন}}</noinclude>
tc0hdim33pivj8koj7f7le3vabi2130
পৃষ্ঠা:অনিমা গুহ.pdf/১৮০
104
59576
159856
158294
2022-07-28T07:27:06Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}আনহাতে নাৰীক ধর্মীয় জগতত এখন উচ্চ আসন দিয়াৰ কথাও অবিদিত নহয়, চন্দৰী আইক তেওঁ শৰণ দিছিল। চন্দৰী আয়ে গীতাৰ ব্যাখ্যা দাঙি ধৰিছিল। কনকলতাক পাতিছিল সত্ৰৰ অধিকাৰিনী। এইবোৰ প্ৰগতিশীলতাৰে লক্ষণ। তথাপিতো কিয় তেওঁ ‘জ্ঞানীগনে কামিনীৰ সংগ’ এৰাৰ দৰে বাক্যবোৰ লিখিলে ই মোৰ বাবে এক বিস্ময়। আৰু মনোকষ্টও।
{{gap}}মই কোনোমতে বুজি নাপাওঁ যিগৰাকী মাকে নিজৰ গৰ্ভত ভ্রূণ হিচাপে ধাৰণ
কৰি তাক সেই অৱস্থাৰ পৰা এটি পূর্ণমানৱলৈ বৃদ্ধি কৰি জন্ম দিয়ে অসহ্য যন্ত্রণা সহ্য
কৰি, সেইজনা মানৱে কেনেকৈ ভাবিব পাৰে সেইগৰাকী মাতৃৰ স্থান সমাজত
তুচ্ছাতিতুচ্ছ! অনেক লেখাত পঢ়ো — অমুকৰ সন্তানক ধাৰণ কৰিছে অমুকীয়ে
নাইবা অমুকীয়েও কয়, আপোনাৰ সন্তানক গৰ্ভত ধাৰণ কৰিছো ইত্যাদি ইত্যাদি।
কিছুমানৰ ধাৰণা নাৰীৰ গৰ্ভ শস্যক্ষেত্র, পুৰুষে ছটিওৱা বীজৰ পৰা গজালি মেলি
এটি মানৱ শিশুৰ সৃষ্টি হয়। পুত্ৰ জন্ম দিব নোৱৰিলে কয় মাটি সাৰুৱা নোহোৱা বাবে
উন্নত বীজ ৰোৱাৰ পাছত উৎপাদিত হ’ল নিকৃষ্ট কন্যা ফচল! এনেবোৰ অদ্ভূত ধাৰণা
আজিও অনেকৰ মাজত আছে। এই সম্পর্কে এজন অর্বাচীনৰ লগত তৰ্ক কৰি
কৈছিলো— তোমাৰ সন্তান আকৌ কেনে কথা? তোমাৰ তেইশটা আৰু তোমাৰ
শ্ৰীমতীৰ তেইশটা ক্ৰমজ’মৰ মিলনৰ ফলত তেইশযোৰ ক্ৰমজ’ম বিশিষ্ট তোমালোকৰ
সন্তান এটা উপজিছে।
'''মোক প্রশ্ন কৰে''' : এবাৰ আলোচনী এখনৰ পক্ষৰ পৰা মোক কেইটামান প্রশ্ন
কৰিছিল। তাৰে এটা আছিল কোন কোন কিতাপ পঢ়ি মোৰ মনত নাৰীবাদী ধাৰণাৰ
জন্ম হৈছিল। উত্তৰত কৈছিলো— কোনো কিতাপে নহয়, বাল্যকালত চাৰিওফালৰ
সামাজিক পৰিৱেশে মোৰ মনত এই ধাৰণাৰ জন্ম দিয়ে। অৱশ্যে তাৰ নাম নাৰীবাদ
নে আন কিবা বাদ জনা নাছিলো! আজিও মই নাৰীবাদ শব্দটো শুনিবলৈ ভাল
নাপাওঁ। নাৰী আৰু পুৰুষ সৃষ্টিৰ দুটা ৰূপ, এটা আনটোৰ পৰিপূৰক। জ্ঞান হ’বৰ
পাছতেই চাৰিজন ব্যক্তিক ঘনিষ্ঠভাৱে পাইছো— মা-দেউতা আৰু আতা (মাতামহ)-
আবুক (পিতামহী)। এওঁলোকৰ পাছতেই বৃহত্তৰ পৰিয়ালৰ আন অনেকক। এওঁলোকৰ
প্রত্যেকৰে মোৰ মানৱিক আৰু চাৰিত্ৰিক গঠন সৃষ্টিত অৱদান সমান বুলি ভাবো।
এওঁলোকৰ কোনোবা উচ্চতৰ কোনোবা নিম্নতৰ বুলি মোৰ ধাৰণাত ঠাই পোৱা
নাছিল। ধীৰে ধীৰে পাৰিপাৰ্শ্বিক পৰিৱেশে হেড মাষ্টৰৰ ভূমিকা লৈ মোক জীৱনৰ<noinclude>{{Right|বাকীছোৱা জীৱন /১৭৯}}</noinclude>
j6118tq7aghx41bzjeuo47vicmu3pmm
পৃষ্ঠা:অনিমা গুহ.pdf/১৮১
104
59577
159857
158296
2022-07-28T07:32:17Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্রথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ
নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ।
তেতিয়াই মোৰ মন বিদ্রোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি
হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য
আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী
দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে?
চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা-
বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ
ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি
লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ
পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই।
তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্র সন্তান ওপজা দেখি গৈছে। কিন্তু
তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্রকাশ কৰা নাই। মাছ বিলোৱা
নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে।
{{gap}}এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই
তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো
বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে।
দুর্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি
আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।'
{{gap}}আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু
ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক
খুলি খুলি খায়।
'''ভাৰতীয় গৃহিণীৰ মৰ্যাদা''' : সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ
বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ
ঘাই দায়িত্ব গৃহকর্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে
চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্রেণী গৃহিণীৰ মাজত সমাজৰ চকুততো
হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্রভেদ।<noinclude>{{Left|১৮০/ বাকীছোৱা জীৱন}}</noinclude>
tm7yt9uyn35jyjcnw9wiraet322fcb9
পৃষ্ঠা:অনিমা গুহ.pdf/১৮২
104
59578
159858
158301
2022-07-28T07:42:44Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}নির্ভেজাল গৃহিণী অৰ্থাৎ অর্থ উপার্জন নকৰা গৃহিণীসকলক ক’বলৈ মন যায়
তেওঁলোকে সচেতন হৈ উপলব্ধি কৰক যে বিয়া হ'বৰ পিছদিনাৰে পৰা নিজৰ ঘৰ
বুলি গ্ৰহণ কৰা এই ঘৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে উদয়াস্ত খাটনি খটাৰ পাছত পুৰুষপ্রধান
ভাৰত চৰকাৰে তেওঁলোকক কাৰ লগত ক’ত স্থান দিছে।
{{gap}}অর্থোপার্জন নকৰা মহিলাসকল হেনো অর্থনৈতিকভাৱে অনুৎপাদনশীল কর্মী।
মানিছে৷ তেওঁলোকে দৃশ্যমান দৰমহা ঘৰলৈ আনিব নোৱাৰে, কিন্তু অদৃশ্যমান কিমান
ধন যে ৰাহি কৰে তাক সচেতনভাৱে আমিও নাভাবো। জাতীয় আয়ৰ টোপোলাত
দেখদেখকৈ নির্ভেজাল গৃহিণী শ্ৰেণীটোৰ কোনো অৱদান নাই, গতিকে তেওঁলোক
economically unproductive worker. অৱশ্যে গৃহিণীসকলৰ দৰে
অর্থনৈতিকভাৱে অনুৎপাদনশীল মানুহ ভূ-ভাৰস্তত নোহোৱা নহয় ৷ এনে মানুহবোৰক
একেটা গোহালিৰ গৰুৰ দৰে ১৯৪৮ চনতে ৰচনা কৰা ভাৰত চৰকাৰৰ লোক গণনা
আইনে একেলগে থূপ খুৱাই থৈছে।
{{gap}}কোন এওঁলোক? আৰু কোন কোন শ্রেণীৰ ভাৰতীয় অর্থনৈতিকভাৱে
অনুৎপাদনশীল? এওঁলোক হ’ল কয়দী, ভিক্ষাৰী আৰু বেশ্যা। ২০১০ চনৰ ২৩
জুলাইৰ বাতৰি কাকতত পঢ়ি প্ৰথমতে চিন্তাশক্তি হেৰুৱাই পেলাইছিলো। বিষয়টো
আলোচনা কৰিলো কেইগৰাকীমান গৃহিণীৰ লগত, আকৌ চিন্তাশক্তি হেৰুৱালো
কাৰো কোনো প্রতিক্রিয়া নেদেখি। দিনটো গেবাৰি খাটোতে খাটোতে গৃহিণীসকলে
আত্মসন্মানবোধ হেৰুৱাই পেলাইছে নে মান-অপমানবোধৰ ঊর্ধ্বত ধ্যানমগ্ন ঋষি-
মুনিৰ পৰ্যায়লৈ উন্নীত হৈছে উপলব্ধি কৰিব পৰা নাছিলো।
{{gap}}বহু চিন্তা কৰি তেওঁলোকৰ নিৰ্লিপ্ততাৰ আন এটা কাৰণ বিচাৰি পালো। হয়তো
তেওঁলোকে ভাবে গোলাপক ভিক্ষাৰী বুলি ক'লেও গোলাপ গোলাপেই, কয়দী বুলি
ক’লেও গোলাপেই, বেশ্যা বুলিলেও গোলাপৰ মৰ্যাদা হ্ৰাস নহয়, তেওঁলোকো মানুহ।
{{gap}}কিছুমানে আকৌ ক’লে চৰকাৰে ভুলটো ক’ত কৰিলে? গৃহিণীসকল কয়দী নহয় নো কি? তেওঁলোকৰ ভৰি দুখন অদৃশ্য শিকলিৰে বান্ধি থোৱা। গৃহস্থ ওলাব খুজিলেই ওলাব পাৰে গৃহিণীয়ে নোৱাৰে। এগৰাকী মহিলাই দুখ কৰি কৈছিল— গুৱাহাটীৰ
পৰা তেজপুৰলৈ বহু বছৰ মাকক চাবলৈ যাব পৰা নাই, কাৰণ শাহু অসুস্থ, আলপৈচান
ধৰিব লাগে। কিন্তু যাৰ মাক তেওঁ টলৌ টলৌকৈ ঘূৰি ফুৰে।
{{gap}}গৃহিণীসকল ভিক্ষাৰীও, কৈছিল এগৰাকীয়ে । আচলতে ভিক্ষাৰীৰো অধম। জাতীয় আয়ত অৱদান নাথাকিলেও ভিক্ষাৰীৰ উপার্জন নথকা নহয়। কিছুমান ভিক্ষাৰীৰ<noinclude>{{Right|বাকীছোৱা জীৱন / ১৮১}}</noinclude>
1bzq1prkslpsqtv4m3s0dnke76ahh0q
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৩
104
59579
159859
158303
2022-07-28T07:47:11Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ফাণ্ড বেচ টনকিয়াল। কলকাতাৰ ফুটপাথবাসী বুঢ়ী ভিক্ষাৰী এজনীৰ মৃত্যুৰ পাছত
গাৰুৰ তলত পোৱা গৈছিল পঁচিশ বছৰ আগতে পঁচিশ হেজাৰ টকাৰ এটা টোপোলা।
দক্ষিণ ভাৰতৰ ভিক্ষাৰীবোৰ হেনো বেচ চহকী। গৃহিণীৰো উপাৰ্জন নথকা নহয়।
তেওঁলোকৰ উপাৰ্জনৰ উৎস দুটা। অনেকক দেখিছো খোৱা-বোৱা বাবদ মাহটোৰ
খৰচ চলাবলৈ গৃহস্থই একেলগে কিছু টকা গৃহিণীৰ হাতত দিয়ে। সুগৃহিণীসকলে তাৰ
পৰা কিছু ৰাহি কৰি নিজৰ তহবিলত জমা কৰে। কিছুমানে স্বামীৰ পকেট মাৰে।
স্বামীৰ উপাৰ্জন বেছি হ’লে তেওঁৰো হয়।
{{gap}}মনত পৰিল কলিকতীয়া বান্ধৱী বেলাৰ জীয়েক টুনীলৈ। বেলা কেন্দ্ৰীয় চৰকাৰৰ
চাকৰিয়াল গৃহিণী, অৰ্থাৎ ডবল ডিউটি মহিলা। পুৱাৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘৰুৱা
কাম-বন সামৰি থিয়ই থিয়ই দুগৰাহ গিলি কাপোৰখন মেৰিয়াই বাছ ষ্টেণ্ডলৈ বুলি
ঢাপলি মেলে। শিশু বয়সৰে পৰা টুনীয়ে মাকৰ এই বিধ্বস্ত অৱস্থা দেখিছে। ইয়াৰ
বিপৰীতে দেউতাকক দেখিছে আৰামত জীৱনটো কটোৱা। মাকে যেতিয়া লৰা-ঢপৰা
কৰি কাম সামৰে দেউতাকে তেতিয়া ভৰিৰ ওপৰত ভৰিখন তুলি দি বাতৰি কাকত
পঢ়ে, দাঢ়ি খুৰায়, আইনাৰ আগত থিয় হৈ টাইৰ গাঁঠি মাৰে আলফুলকৈ। টুনীয়ে
মনে মনে সিদ্ধান্ত লৈছিল তাই বিয়াৰ পাছত ফুল টাইম গৃহিণী হ’ব।
{{gap}}এবাৰ গৰম বন্ধত মোমায়েকৰ ঘৰত পোন্ধৰ দিন কটাই টুনী উভতি আহিল
পৰিৱৰ্তিত দৃষ্টিভংগী লৈ। ফুল টাইম গৃহিণী মামীয়েকে মোমায়েকৰ ওচৰত টকা
কেইটামান বিচাৰি যাওঁতে মোমায়েকে হেনো ইমান ঘনাই পইচা কিয় লাগে বুলি
প্রশ্ন কৰিছিল। লগতে কৈছিল টকা আৰ্জিবলৈ কিমান কষ্ট কৰিব লাগে দিনটো ঘৰত
আৰাম কৰাসকলে জানিব কেনেকৈ? টুনীৰ জাধলী মাকজনীলৈ মনত পৰিছিল।
তেওঁতো কোনো দিনে ভিক্ষাৰীৰ দৰে দেউতাকৰ ওচৰত হাত পতা নাই। তাই
চাকৰি কৰিব৷ পিছে দেউতাকৰ দৰে ঘৰুৱা কাম নকৰা মানুহক নকৰায়। ফিফ্টি
ফিফ্টি হাৰত কাম ভগাই ল’ব। নকৰিলে ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজিৰ
পুৰুষৰ মাজত বহু পৰিৱৰ্তন আহিছে। তেওঁলোক অনেকে ঘৰুৱা কামত ঘৈণীয়েকক
সহায় কৰে, শিশুৰ কেথা ডায়েপাৰ সলাই দিয়ে, ভাত ৰান্ধে ৷ পিছে কিছুমানে প্রকাশ্যে
আনৰ সমুখত নকৰে, জানোচা কোনোবাই তিৰোতা সেৰুৱা বুলি কয়।
{{gap}}যি কি নহওক আলোচনাত বহা নির্ভেজাল গৃহিণীসকলে তেওঁলোকক কয়দী
আৰু ভিক্ষাৰীৰ শাৰীত স্থান দিয়া বাবে লোকগণনা আইনত ত্রুটি বিচাৰি নাপালে।
তৃতীয় আনটো শ্রেণীভুক্ত কৰাৰ সপক্ষে যুক্তি কি, সুধিছিলো। এগৰাকীয়ে টপৰাই
{{Left|১৮২/ বাকীছোৱা জীৱন}}<noinclude></noinclude>
4kn80g7wst3bo4d2o0avdxi4mmfnegz
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৪
104
59580
159860
158304
2022-07-28T07:53:06Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৈছিল— ‘পার্থক্য এটাই। আমাৰ কাষ্টমাৰ এজন।'
{{gap}}মুষ্টিমেয় সচেতন গৃহিণীকেইগৰাকীৰ মন্তব্য শুনি হাঁহিছিলো যদিও কিমান গভীৰ
দুখত যে সেইদৰে কৈছিল! পুৰুষপ্রধান সমাজে যুগ যুগ ধৰি নাৰীক অৱজ্ঞাই নহয়,
নির্যাতনো কৰিছে নানাভাৱে। বাল্যবিবাহ, সতীদাহ প্রথা, সামাজিক পদমর্যাদাৰ পৰা
বঞ্চিত হোৱা আদি আছিল নাৰী জীৱনৰ অভিশাপ। অসমত জনজাতীয় গোষ্ঠীৰ
প্ৰভাৱত পণ–প্ৰথা আৰু সতীদাহ-প্ৰথাৰ প্ৰচলন নাছিল যদিও বর্ণহিন্দু মহিলাৰ জীৱন
অত্যন্ত পুতৌ লগা আছিল। পুৰুষতান্ত্রিক সমাজত ঘাইকৈ পুৰুষৰ দ্বাৰাই নাৰী উপেক্ষিতা
হ'বলগীয়া হৈছিল যদিও নির্যাতিতা নাৰীসত্তাক প্রথম স্বীকৃতি দিছিল ঊনৈশ শতিকাত
পুৰুষে।
{{gap}}তেতিয়াৰে পৰা প্ৰায় দুটা শতিকা পাছত গৃহিণী শ্ৰেণীটোক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰ শাৰীৰ পৰা তুলি আনি যথাযোগ্য স্থানত উপবিষ্ট কৰাবলৈ ২০১০ চনৰ ২২
জুলাইত এটা ৰায়ৰ যোগেদি আগবাঢ়ি আহিছে আন দুগৰাকী পুৰুষ।
{{gap}}উচ্চতম ন্যায়ালয়ৰ বিচাৰক ন্যায়াধীশ জি এছ সিংভী আৰু ন্যায়াধীশ এ কে
গাংগুলীয়ে এটা গোচৰৰ ৰায় দিবলৈ যাওঁতে আৱিষ্কাৰ কৰিলে যে ভাৰতৰ লোকগণনা
আইনে অনুৎপাদনশীল কর্মী হিচাপে গৃহিণী শ্ৰেণীটোক কয়দী, ভিক্ষাৰী আৰু বেশ্যাৰ
সৈতে একে শাৰীতে ঠাই দিছে। তেওঁলোকে এইখন আইনক কঠোৰ ভাষাৰে নিন্দা
কৰি কৈছে যে দেশৰ সাংসদসকলে অনতিপলমে পুৰণি আইন সংশোধন কৰি নতুন
আইন প্রণয়ন কৰক। মাতৃসকলক যথাযোগ্য স্থান দিয়ক। তেওঁলোকে কয় যে এগৰাকী
গৃহিণীৰ মূল্য আৰু তেওঁলোকৰ অৱদানৰ পৰিমাণ জুখি উলিওৱাৰ ক্ষমতা কাৰো
নাই। অতি নিৰ্দয়ভাৱে কোৱা হৈছে যে গৃহিণী এগৰাকী অর্থনৈতিকভাৱে উৎপাদনশীল
নহয়। তেওঁলোকক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰে একেখন আসনত বহুৱাই অপমান
কৰাৰ সাহস আৰু অধিকাৰ আইন প্রণেতাসকলে ক’ত পালে। হয়তো অদূৰ ভৱিষ্যতে
লোক গণনা আইনখন সংশোধিত হ’ব। মোৰ দুখ গৃহিণীসকলে অপমানৰ প্ৰতিবাদ
নকৰিলে কিয়?
{{gap}}মাজে মাজে হতাশাই মনটো ছাটি ধৰে। আদৰ্শ-সুস্থ সমাজ— য'ত নাৰী-পুৰুষৰ
বৈষম্য নাথাকিব— এখন গঢ়িব পাৰিম বুলি বৰ আশা কৰিছিলো নিজৰ ক্ষুদ্ৰ শক্তিৰে।
বহুদিনৰ পৰা পৃষ্ঠাৰ পাছত পৃষ্ঠা জুৰি বহুত কিবা কিবি লিখি আছো। বিয়াৰ আগত
দৰা-কইনাৰ তেজ পৰীক্ষা কৰোৱাৰ বিষয়টো তাৰ মাজত এটা। কোনোবাই কথাষাৰ
শুনে নে? সেই যে মান্ধাতা যুগতে সোঁৱৰণী মিলোৱা ধাৰণাটোৰ জন্ম দিলে কোনোবাই<noinclude>{{Right|বাকীছোৱা জীৱন /১৮৩}}</noinclude>
82qqunxea5e99y49qs1av4dexgdaegl
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৫
104
59581
159861
158308
2022-07-28T07:57:10Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইয়েই অধিকাংশৰ মূৰত চিৰস্থায়ী হৈ থাকিল। সকলো দিশৰ পৰা জনা বুজা অত্যাধুনিক
পৰিয়ালৰ মনবোৰো যেন একো একোটা লৰচৰ কৰিব নোৱৰা শিলাখণ্ড।
{{gap}}অলপতে এঘৰৰ পৰা ফোন আহিছিল। চাৰি মাহ আগতে জীয়েকৰ বিয়া দিছে
উপযুক্ত ল'ৰা এজনলৈ। ল'ৰাৰ ঘৰৰ অৱস্থা খুবেই ভাল, ভাল নহয় ল’ৰাৰ স্বাস্থ্য।
অৱশেষত কম বয়সতে ভগ্নস্বাস্থ্যৰ কাৰণ নিৰ্ধাৰণ কৰি ফলাফল পাই সকলোৰে
হৃদপিণ্ড স্তব্ধ, বিশেষকৈ কইনাৰ। ল'ৰাৰ দেহত আশ্ৰয় লৈছে কালব্যাধি এইডচৰ
বীজাণুৱে। বহুদিনৰ পৰা লিখি আছো যিবোৰ বিষয়ত সাৱধান হ’বলৈ সেইবোৰত
অলপো গুৰুত্ব নিদিলে কোনেও। তাৰ পাছত যদি কোনোবাই দিহা-পৰামৰ্শ বিচাৰে
কেনে লাগিব পৰামৰ্শদাতাৰ। বিয়াৰ আগত ভাৰতৰ আধুনিক মহিলাই হ'বলগীয়া
দৰাৰ ক্ৰিমিনেল ৰেকৰ্ড কিবা আছে নেকি জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ
শৰণাপন্ন হয়। বিয়াৰ আগত তেজপৰীক্ষা কৰোৱাৰ ধাৰণাটো যোৱা শতিকাৰ সত্তৰৰ
দশকতে প্ৰচাৰ কৰা হৈছিল।
{{gap}}পঁচিশ বছৰীয়া ছোৱালীৰ দেউতাক-মাকক আগৰদিনীয়া বুলি ক'ব নোখোজো।
তেজৰ নমুনা পৰীক্ষা কৰোৱা ব্যৱস্থাৰ বিষয়ে তেওঁলোক নিশ্চয় অৱগত। কেনেকৈনো
তেওঁলোকে ভাবিলে ল'ৰাজন ধোৱা তুলসীপাত। এতিয়া ছোৱালীজনীৰ ডাক্তৰৰ
পৰামৰ্শ মতে তেজ পৰীক্ষা কৰাই থকা বাঞ্ছনীয়।
{{gap}}মাজে মাজে ধাৰণা হয় মগজুটো যেন মোৰ জঠৰ হৈ আহিছে। চিন্তা কৰিব পৰা শক্তিৰ চোক কমি আহিছে। জীৱনত ভাল কাম একো কৰিব নোৱাৰিলো। এফালে
চিঞৰি মৰিছো যৌতুকৰ বিৰুদ্ধে, ভ্রূণ হত্যাৰ বিৰুদ্ধে, নিৰ্যাতনৰ বিৰুদ্ধে। আনফালে
দেখিছো এনেবোৰ অপৰাধ বাঢ়ি গৈ আছে। তেনেহ'লে লিখি কি লাভ হ’ব। কথাবোৰ
ফুলজাৰি হৈ বতাহত মিহলি হৈ নগ'ল নে?
{{gap}}দীৰ্ঘ হতাশাৰ পাছত আকৌ মেৰুদণ্ড পোন কৰিছো। মনলৈ জোৰ আনি বাৰাক
ওবামাৰ ভাষাত কওঁ— Yes, we can.
'''নির্যাতন বিৰোধী ঐক্য মঞ্চ, অসম''' : ২০০২ চনৰ ১৩ জুলাই তাৰিখে আমাৰ
উলুবাৰীৰ ঘৰৰ নিচেই কাষতে নেটৱৰ্ক ট্ৰেভেলছ নামৰ বে-চৰকাৰী বাছ আস্থানটোত
ঘটিছিল এক অমানৱীয় অকল্পনীয় দুর্ঘটনা। ত্ৰিপুৰাৰ পৰা দুটি শিশু সন্তানেৰে সৈতে
নিম্ন মধ্যবিত্ত দম্পতী এহালে দীঘলীয়া বাছ ভ্ৰমণ কৰি ৰাতিটোৰ বাবে সেই আস্থানত
আশ্ৰয় লৈছিল পুৱাৰ বাছত ডিমাপুৰলৈ ৰাওনা হ’ব বুলি। ক্লান্ত পৰিয়ালটো মজিয়াতে<noinclude>{{Left|১৮৪/ বাকীছোৱা জীৱন}}</noinclude>
k8r6v0mftuk3l6hye07dhq9rbbdttau
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৬
104
59582
159862
158311
2022-07-28T09:38:48Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পাৰি লোৱা বিছনাত আশ্রয় লোৱাৰ লগে লগে টোপনিত লালকাল হৈ পৰিছিল।
ৰাতি নৌপুৱাওঁতে সাৰ পাই সাত বছৰীয়া জীয়েক বর্ণালীক বিছনাত নেদেখি
স্বাভাৱিকতেই মাক-দেউতাকৰ বুকু কঁপি উঠে। ক’তো বিচাৰি-খোচৰি নাপাই ওচৰৰ
পল্টন বজাৰ থানালৈ তেওঁলোক যায়। বাছ আস্থানৰ চৌৱন্ন বছৰীয়া চকীদাৰটোৱে
হেনো ধমকি দি কৈছিল দুটা নহয় এটা সন্তানকহে তেওঁলোকে আনিছিল। যি কি
নহওক বর্ণালীক জীৱিত নহয়, মৃত অৱস্থাত আৱিষ্কাৰ কৰা হ’ল শৌচাগাৰ সংলগ্ন
ছেপটিক টেংকত! সেই কাল নিশা দেউতাক-মাকৰ মাজৰ পৰা ককাকৰ বয়সীয়া
যমদূতৰূপী চকীদাজনে কণমানি শিশুটিক উঠাই নি বলাৎকাৰ কৰে। অকলে নহয়
আন এজন পাষণ্ড হেণ্ডিমেনৰ সহযোগত। সেই ৰাতি শিশুটিৰ ওপৰত কি ভয়ংকৰ
অত্যাচাৰ সংঘটিত হৈছিল তাক আমি কল্পনাও কৰিব নোৱাৰো। কোৱা বাহুল্য এই
নাৰকীয় ঘটনাই বিশ্বত জোকাৰণি তোলে। বি বি চিৰ বাতৰিত ঘটনাটোৰ বিষয়ে শুনা
বুলি আমাৰ বোৱাৰীয়ে জনাইছিল।
{{gap}}এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদত পঁচপন্নটামান নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠনক একত্ৰিত কৰি নিৰ্যাতনবিৰোধী ঐক্যমঞ্চ নামেৰে এটা অনুষ্ঠান গঠন কৰা হ’ল। ই আছিল সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান। দলীয় ৰাজনৈতিক মতাদৰ্শৰ ঊর্ধ্বত থাকি সম্পূর্ণ মানৱীয় দৃষ্টিভংগী সন্মুখত ৰাখি নৱগঠিত অনুষ্ঠানটোৱে বৰ্ণালী হত্যাৰ প্ৰতিবাদত এক শক্তিশালী আন্দোলন গঢ়ি তোলে। জন্মলগ্নৰে পৰা অনুষ্ঠানটোৰ সৈতে যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি, সুমিত্রা হাজৰিকা, সবিতা লহকৰ, চম্পা বড়া, দীপ্তি বৰুৱা,
শংকৰ শইকীয়া, মুকুল কলিতা, মুনীন মহন্ত, প্রণতি হাজৰিকা, জীমণি চৌধুৰীকে
ধৰি ময়ো জড়িত হৈ আছো। অতন্দ্ৰ প্ৰহৰীৰ দৰে বৰ্ণালী হত্যাৰ বিচাৰ ব্যৱস্থা
নিৰীক্ষণ কৰি আছিলো মঞ্চৰ প্ৰতিজন সদস্যই। আমিয়ে নহয় সমগ্ৰ অসমৰ ৰাইজেও
সহযোগ কৰিছিল এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত। কোৱা বাহুল্য যিকোনো প্রতিবাদত
বিৰোধী ব্যক্তিও থাকে। গতিকে সাক্ষ্যদান কৰিবলৈ ত্ৰিপুৰাৰ পৰা বৰ্ণালীৰ দেউতাক
মাক গুৱাহাটীলৈ আহিবৰ সময়ত ত্ৰিপুৰা আৰু অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা
প্ৰদান কৰিবলগীয়া হৈছিল। কিছুমান দুর্বৃত্তই হেনো দুখীয়া পৰিয়ালটোক প্ৰায়ে ভাবুকি
দিছিল। আগৰতলাত ত্ৰিপুৰাৰ ৰাজ্যিক মহিলা আয়োগৰ তেতিয়াৰ চেয়াৰপাৰ্চন
অধ্যাপিকা মীনাক্ষী সেনে পৰিয়ালটোক নানাভাৱে সহায় কৰিছিল। সাক্ষ্যদান কৰিবলৈ
আহোতে তেৱোঁ লগত আহিছিল।
{{gap}}বৰ্ণালীক তাইৰ মাক-দেউতাকে ঘূৰাই পোৱাটো অসম্ভৱ যদিও তাইৰ হত্যাকাৰী<noinclude>{{Right|বাকীছোৱা জীৱন /১৮৫}}</noinclude>
5ef0xura6oj6hhazqf9y8oc6mwzfxlk
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৮
104
59583
159863
158313
2022-07-28T09:43:09Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুজনৰ মৃত্যুদণ্ড হোৱাৰ বাতৰি পাই তেওঁলোকৰ দগ্ধ অন্তৰে কিছু শান্তিও পাইছিল।
বৰ্ণালী হত্যাৰ বিচাৰ আৰম্ভ হোৱাৰ দিনৰে পৰা প্ৰতিটো তাৰিখে আমি আদালতত
উপস্থিত থাকিছিলো। ইয়াৰ আগতে আদালতৰ ভিতৰখন চিনেমাতহে দেখিছিলো।
বৰ্ণালীৰ মাক-দেউতাকৰ সাক্ষ্য ল’বৰ দিনা এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছিল।
অপৰাধী দুজনক দেখি বৰ্ণালীৰ দেউতাক কাঠগড়াতে অচেতন হৈ পৰিছিল।
শেষ বিচাৰৰ দিনা আদালত চৌহদ হৈছিল লোকে লোকাৰণ্য। এওঁলোকৰ মাজত
আছিল বাহিৰৰ পৰাও অহা বৈদ্যুতিন তথা ছপা মাধ্যমৰ সাংবাদিক। আদালত কক্ষৰ
পৰা ওলাই আহিবৰ সময়ত পল্টনবজাৰ থানাৰ অ' চিয়ে সহায় নকৰা হ'লে মই
কিজানি মানুহৰ হেঁচা-ঠেলাত তাত মূর্ছা গ'লোহেঁতেন। ৰায় শুনি সন্তুষ্ট হৈছিলো
যদিও ডেকা অপৰাধীজনৰ হিয়া ভগা কান্দোনে মোৰ অন্তৰ কঁপাই তুলিছিল। বুঢ়াটোৰ
বাবে অৱশ্যে অলপো অনুকম্পা বোধ কৰা নাই। শুনিছো মানুহজনৰ দুষ্কৰ্মত লজ্জিত
হৈ তেওঁৰ পৰিয়ালটোৱে গুৱাহাটী এৰিছে।
{{gap}}উচ্চ আদালততো নিম্ন আদালতৰ ৰায়টো বাহাল থাকিল। বর্তমান বিশ্বৰ বহু
দেশত মৃত্যুদণ্ড উঠাই দিয়া হৈছে। আমাৰ ইয়াতো এইবিধ শাস্তিৰ বিৰুদ্ধে জনমত
গঠন হোৱা পৰিলক্ষিত হৈছে। বৰ্ণালী বিচাৰৰ ৰায় ওলোৱাৰ পাছত আমাৰ চকুৱে-
মুখে আনন্দৰ অভিব্যক্তি দেখি কেইগৰাকীমান বুদ্ধিজীৱীয়ে মৃত্যুদণ্ডৰ বিৰুদ্ধে প্ৰবন্ধ
লিখা মনত পৰে। দৰাচলতে যাৱজ্জীৱন কাৰাদণ্ড কিছুমান অপৰাধীৰ বাবে যোগ্য
শাস্তি নহয় যেন লাগে। নামত যাৱজ্জীৱন হ’লেও প্ৰকৃততে বাৰ-তেৰ বছৰৰ বাবেহে
কাৰাদণ্ড হয়। বৰ্ণালী হত্যাৰ অপৰাধী দুজন বাৰ বছৰ পাছত ওলাই আহি আকৌ
একেই পৈশাচিক কাণ্ডত লিপ্ত নহ'ব বুলি কোনে গেৰাণ্টি দিব পাৰে। প্ৰকৃত অৰ্থতে
সিহঁতক আজীৱন জে’লত ৰাখিব পৰা হ'লে যোগ্য শাস্তি হোৱা বুলি ভাবিব
পাৰিলোহেঁতেন। সিহঁতৰ দৰে নিকৃষ্ট মানুহৰ মুকলিকৈ বাস কৰাৰ অধিকাৰ আছে
জানো?
{{gap}}‘বিৰলৰ মাজত বিৰলতম’ অপৰাধত লিপ্ত অপৰাধীক হেনো মৃত্যুদণ্ড দিয়া হয়।
উচ্চতম ন্যায়ালয়ে বৰ্ণালীৰ দৰে সাত বছৰীয়া শুই থকা শিশুটিক সুৰক্ষিত বাছ
আস্থানৰ পৰা তুলি নি বলাৎকাৰ কৰি হত্যা কৰা বৰ্বৰোচিত ঘটনাটোক ‘বিৰলৰ
মাজত বিৰতলম’ বুলি স্বীকাৰ নকৰি নিম্ন আৰু উচ্চ আদালতে বিহা মৃত্যুদণ্ড নাকচ
কৰিছে। উচ্চতম আদালতৰ এই ৰায়ে বৰ্ণালীৰ মাক-দেউতাকক যথেষ্ট আঘাত
দিছে। আমিও হতাশ হৈছো। কিয়নো একেই অপৰাধত কলকাতাত ধনঞ্জয় নামৰ<noinclude>{{Right|বাকীছোৱা জীৱন /১৮৭}}</noinclude>
4hychig8hnpdxzppkftv4mrvywhfiw7
পৃষ্ঠা:অনিমা গুহ.pdf/১৮৯
104
59584
159864
158315
2022-07-28T09:46:50Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বলাৎকাৰীজনৰ ফাঁচী হৈছিল, ফাঁচী হৈছিল উত্তৰ প্ৰদেশৰ এজন ডেকাৰো। উচ্চতম
ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আমাৰ নাই যদিও প্রশ্ন এটা মনত থাকি
গ'ল — বিৰলৰ মাজত বিৰলতম ঘটনা তেনেহ'লে কাক কোৱা হয়।
{{gap}}বৰ্ণালী ইছ্যুটোৰ পাছত নির্যাতনবিৰোধী ঐক্য মঞ্চৰ ওপৰত অনেকৰ আস্থা
বাঢ়িছে। বহু নির্যাতিত নাৰী সহায় বিচাৰি আমাৰ ওচৰলৈ আহে। কত ধৰণৰ যে
নির্যাতন! বাহিৰৰ পৰা সুখী যেন লগা কিছুমান দম্পতীৰ ভিতৰি কিমান যে অশান্তি।
নিৰ্যাতনৰ কোনো বয়স নাই। স্তম্ভিত হৈ গৈছিলো যিদিনা তিনিগৰাকী প্রাপ্তবয়স্ক
বিবাহিত ভাই-ভনী আমাৰ ওচৰলৈ পঁচাশী বছৰ বয়সীয়া দেউতাকৰ বিৰুদ্ধে কি
শাস্তিমূলক ব্যৱস্থা লোৱা যায় পৰামৰ্শ বিচাৰি আহিছিল। ভয়ংকৰ অশান্তিৰ মাজেৰে
ওৰে জীৱন কটাবলগীয়া হৈছে মাকে, বুঢ়া বয়সতো যাৰ অন্ত পৰা নাই। বর্তমানে
খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। লাজ-মান কাতি কৰি মাকে জীয়েকহঁতৰ
আগত তেওঁ যৌন নির্যাতনৰ বলি বুলি দুখ কৰে। এটা সময়ত তেওঁ হেনো স্বামীৰ
ভৰিত ধৰি অনুৰোধ কৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ। ষাঠি-সত্তৰ বছৰ বয়সতো
চলিছিল এই নির্যাতন। মানুহজন অৱসৰপ্ৰাপ্ত চৰকাৰী পেন্সনাৰ, সমাজত নাম আছে।
আমি এপালি কাঢ়া দৰব দিয়াৰ পাছত বুঢ়ীৰ লগত মাত-বোল নাথাকিলেও খাবলৈ
পিন্ধিবলৈ খৰচ দিছিল। অর্থনৈতিক স্বাধীনতা নথকা মহিলাৰ কি যে দুর্গতি!
{{gap}}এবাৰ দামী গাড়ী এখন ড্রাইভ কৰি আহিছিল কথা-বতৰা, চেহেৰা-পাতি, সাজ-পাৰত এগৰাকী ঈর্ষণীয় আধুনিকা। দেখাত সুখী যেন লগা ৰূপৱতীজনী কিন্তু ভিতৰি
নিঃস্ব। প্রতি নিশা মদ্যপান কৰি অহা স্বামীজনে হেনো তেওঁক প্রাণভৰি প্ৰহাৰ কৰে।
শৰীৰৰ ক্ষতবোৰ ঢাকি ৰাখিবলৈ তেওঁ চাৰ্ট পিন্ধি আহিছিল। বুকুৱে-পিঠিয়ে-ডিঙিয়ে-
হাতে কালসিৰাবোৰ দেখি মানুহগৰাকীক থানাত এজাহাৰ দিবলৈ কোৱাত তেওঁ
মান্তি নহ’ল। কাৰণ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যৎ এন্ধাৰ
হ’ব। তেনেহ'লে আমাৰ ওচৰলৈ অহাৰ অৰ্থ কি? ক’লে এটা চাকৰিৰ সন্ধানত
আহিছিল তেওঁ। চাকৰিটো পালে মাৰ খাই থাকিবলগীয়া নহ'ব। সন্তান দুটাক লৈ
ওলাই আহিব ঘৰৰ পৰা। পিছে চাকৰি দিয়াৰ ক্ষমতাতো আমাৰ নাই!
{{gap}}আন এদিনৰ কথা। সিদিনাও আহিছিল এগৰাকী নিজৰ গাড়ীত। পিছে এওঁ
উপাৰ্জনশীলা, নাম কৰা কোম্পানী এটাত উচ্চ পদস্থ বিষয়া। তেওঁৰো একেই
সমস্যা— স্বামীৰ অত্যাচাৰ। পাণবজাৰ মহিলা থানাত গোচৰ তৰিছিল। স্বামীজনক
তালৈ মাতি পঠোৱাৰ পাছত মিঠা মিঠা কথাৰে বুদ্ধিমান মানুহজনে সকলোকে মোহিত<noinclude>{{Left|১৮৮/ বাকীছোৱা জীৱন}}</noinclude>
2s0igsgf5l1r361g8sbo2418bi1y21w
পৃষ্ঠা:অনিমা গুহ.pdf/১৯০
104
59585
159865
158317
2022-07-28T09:51:09Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰি আগলৈ ‘হঠাতে’ কৰা ভুলৰ বহিঃপ্রকাশ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল । দুদিনমানৰ পাছত ‘পূনৰ্মূষিক ভৱ’ পৰিস্থিতি। আমি কৈছিলো অর্থনৈতিকভাৱে স্বাধীন মানুহগৰাকীক সেইখন ঘৰ ত্যাগ কৰি আন ঠাইলৈ যাবলৈ। তেওঁ ক'লে এতিয়া বাস কৰা
এপার্টমেণ্টটো কিনোতে দুই-তৃতীয়াংশ টকা হেনো তেৱেঁই দিছে। তেওঁৰ এই সমস্যা
সমাধান কৰা সহজ নহয়। ক’লো মাক-দেউতাকৰ লগত আলোচনা কৰিবলৈ।
তেওঁলোক প্ৰয়াত। ককায়েক-ভায়েক? ভনীয়েকৰ জীৱনৰ সমস্যাৰ লগত আজিৰ
ব্যস্ততাৰ দিনত কোনেও সাঙোৰ খাব নোখোজে। গতিকে তেওঁলোকৰ মতে
ভনীয়েকৰহে দোষ। দ্রৌপদীয়ে পাঁচোটাকৈ স্বামীক চম্ভালিছিল, তাই এটাকো নোৱাৰে
নে? এৰা, ঠিকেই কৈছে পিতৃপ্রধান সমাজত ‘যত দোষ নন্দঘোষ’ৰূপী ব্যক্তিজন
সদায় মহিলাগৰাকীয়ে হ’ব লাগে। বিবাহ-বিচ্ছেদে উত্তম উপায় বুলি আমি কোৱাত
তেওঁ ভয় খাইছে কিজানিবা শিশু পুত্র-কন্যা দুটাৰ দায়িত্ব দেউতাকেই পায়। যিমানদূৰ
জানো নাবালক সন্তানৰ দায়িত্ব বর্তায় মাকৰ ওপৰত৷ সোণালী জীৱন এটা কটাবলৈ
মানুহে বিবাহপাশত আবদ্ধ হয়। কিন্তু এনে পৰিণতি দেখিলে বিবাহ প্রতিষ্ঠানটোৰ
ওপৰত আস্থা হেৰুৱাও। কিছুদিনৰ আগতে আদালতত বিবাহ-বিচ্ছেদ সম্পৰ্কীয়
গোচৰবোৰৰ কলেৱৰ বৃদ্ধি হৈ থকা দেখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে
কৈছিল marriages are made in heaven, কিন্তু মৰ্ত্যলৈ নামি অহাৰ পাছত কিয়
বা ভাঙোন ধৰে!
{{gap}}অৰ্থনৈতিকভাৱে স্বাধীন আৰু থকা ঘৰটোৰ গৰাকী হ’লেও যে মহিলাৰ নিৰাপত্তা
নাই তাৰ এটা জ্বলন্ত উদাহৰণ বোধকৰো গুৱাহাটীৰ মানুহে পাহৰা নাই। বেচেৰী এম
এ পাছ শিক্ষয়িত্ৰীগৰাকী নিৰাপত্তাৰ সন্ধানত আইনৰ দুৱাৰে দুৱাৰে ঘূৰি প্ৰাপ্য
অধিকাৰতো নাপালেই, শেষত জীৱনটো স্বামীৰ দিয়াচলাইৰ কাঠিত দিবলগীয়া হৈছিল।
আমিও তেওঁক বচাব নোৱাৰিলো। তাৰ বাবে আজিও বিবেক দংশনত ভুগো। স্বামী-
স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কন্দলক পুলিচে গুৰুত্ব দিব নোখোজে। আমাৰ ইয়াতে
নহয়, আমেৰিকাৰ দৰে স্বাধীন আৰু মুক্ত নাৰীৰ দেশতো এনেবোৰ গোচৰ গুৰুত্বহীন।
হত্যা বা সশস্ত্র ডকাইতিৰ বাতৰি পালে যিটো গতিত পুলিচ ঘটনাস্থলীত ওলায়হি
ঘৰুৱা সংঘৰ্ষৰ ক্ষেত্ৰত সেই তৎপৰতা দেখা নাযায়। নির্যাতিতা নাৰীক অৱজ্ঞা কৰি
থূপতে এওঁলোকক ‘ডমেছটিক্স’ বুলি কৈ থয় আমেৰিকাৰ পুলিচে। কেইবাটা হাই-
প্রফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত পুলিচ কিছু সজাগ হৈছে।
{{gap}}আমেৰিকাত চকুৰ আঁৰত হোৱা গৃহযুদ্ধ আৰু তাৰ পৰিণাম সম্পর্কে লিখিছো<noinclude>{{Right|বাকীছোৱা জীৱন / ১৮৯}}</noinclude>
edfu2wgel3auqqm5y2rojcsz7vm2oh6