ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.22 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk সূচী:Sarboday.pdf 106 57870 159940 153434 2022-07-28T18:16:56Z Kuldhar Rabha 1858 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=সৰ্ব্বোদয় |Language=as |Volume= |Author=মহাত্মা গান্ধী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=মনোৰঞ্জন দাস |Address=বৰপেটা |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist /> |Volumes= |Remarks= |Notes={{ভাৰতীয় ৱিকিউৎস প্ৰুফৰিডথন মাৰ্চ ২০২২}} |Width= |Css= |Header= |Footer= }} p8awmunzcqx3y941ehc4rb1myucfdr0 পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২ 104 58624 159941 156085 2022-07-28T18:27:04Z Kuldhar Rabha 1858 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kuldhar Rabha" /></noinclude>{{center|<poem> {{Xxxx-larger| অকণি বীৰাংগনা}} {{Xxxx-larger|কনকলতা}} {{Xxxx-larger|(শিশুপুথি)}}</poem>}} {{Dhr|5em}} {{center|<poem>{{Xx-larger|নীলিমা বৰা}}</poem>}} {{Dhr|5em}} {{Dhr|5em}} {{center|<poem>{{Xx-larger|বনফুল}}</poem>}} {{center|<poem>{{Xx-larger|গুৱাহাটী-৫}}</poem>}} {{Dhr|5em}}<noinclude></noinclude> sedfl9mtxqp7crmgzrnpvexuyx4x9v7 পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৩ 104 58625 159942 156773 2022-07-28T18:30:21Z Kuldhar Rabha 1858 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kuldhar Rabha" /></noinclude>অকণি বীৰাংগনা কনকলতা (শিশুৰ উপযোগী জীৱনী পুথি) {{Dhr|3em}} প্রতিস্থিত প্রকাশক – প্রয়াত ত্ৰৈলোক্য নাথ বৰুৱা শ্ৰী ফুলেন্দ্ৰ কুমাৰ বৰুৱা ঠাকুৰ বজাৰ বৰপেটা {{Dhr|3em}} @ ''লেখক'' {{Dhr|1em}} ''বেটুপাত'' ⵓ শ্রী কল্যাণ নাথ {{Dhr|1em}} ''ডি টি পি'' ⵓ নীলাক্ষী দত্ত {{Dhr|1em}} ''সংস্কৰণ ⵓ'' ''প্রথম সংস্কৰণ, চেপ্তেম্বৰ, ২০১৪ ইং'' {{Dhr|2em}} ''মূল্য ⵓ ২০.০০ (বিশ) টকা মাত্র'' {{Dhr|1em}} ''মুদ্রন ⵓ ''বর্ণালী'' ''জি. এম. চি. ৰ'ড'' ''ভঙাগড়, গুৱাহাটী - ৫'' ''মোবাইল- ৯৪৩৫০-৪৪৯২৩'' {{dhr}}<noinclude>{{rh||3}}</noinclude> hllo44l1g8kiyqpru5ltrl56h22qkyr পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৫ 104 58627 159943 156774 2022-07-28T18:33:28Z Kuldhar Rabha 1858 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kuldhar Rabha" /></noinclude>{{Dhr|4em}} {{center|<poem>{{Xxxx-larger|অকণি বীৰাংগনা}} {{Xxxx-larger|কনকলতা}}</poem>}} {{center|<poem>এক</poem>}} তেতিয়া যে দিনবোৰ কেনে বিলাই নোহোৱা আছিল ! মন গ’লেও মানুহবোৰে মুকলি মনেৰে এষাৰ মনৰ কথা ক’ব নোৱাৰিছিল। ক’লৈকো যাব নোৱাৰিছিল। ক’ত কেতিয়া কেনেকৈ হঠাতে কি হ’ব পাৰে তাৰ কোনো ঠিকনা নাছিল । কাৰণ, ভাৰত দেশ তেতিয়া পৰাধীন দেশ আছিল। ভাৰত দেশত ইংৰাজ শাসকে শাসন কৰিছিল। বিদেশী ইংৰাজ সকলে কঠোৰ শাসনেৰে মানুহবোৰক দমন কৰি ৰাখিছিল। {{gap}}ভাৰত দেশৰ পূৱদিশত আছিল বৃহৎ অসম ৰাজ্য। মেঘালয়, অৰুণাচল, মিজোৰাম, নগাপৰ্ব্বত খাচীয়া জয়ন্তীয়াকে ধৰি বৰ অসম। বৰ অসমত অসমৰ ৰজা সকলে শাসন কৰিছিল। মানুহবোৰ সুখী আছিল। পিছে, এই অসমো এদিন ইংৰাজ শাসনৰ তললৈ যাব লগা হ’ল। {{gap}}এদিন গোটেই ভাৰতৰ মানুহখিনি একগোট হ’ল। ১৯১৯ চনত অমৃতসৰ নামৰ ভাৰতৰ ঠাইখনিত এখন বৰ ডাঙৰ সভা বহিল। সভাখন কংগ্ৰেছ সভা আছিল। তাকে দেখি ইংৰাজ শাসকে দেশত ‘ৰাওলাট’ {{nop}}<noinclude>{{rh||5|}}</noinclude> 50eedwf106fmj0lll32922uvlyiquf4 সূচী:অনিমা গুহ.pdf 106 58640 159944 157863 2022-07-28T18:37:31Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=বাকীছোৱা জীৱন |Language=as |Volume=স্মৃতিকথাৰ দ্বিতীয় ভাগ |Author=ড° অনিমা গুহ |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বনফুল প্ৰকাশন |Address=গুৱাহাটী |Year=2012 |Key= |ISBN=৯৭৮-৯৩-৮১৭১০-০৯-৮ |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 372="বেটুপাত" 371="-" 1="বেটুপাত" 2="-" 3="বেটুপাত" 4to5="প্ৰকাশন" 6="উছৰ্গা" 7to8="লেখকৰ একাষাৰ" 9to10="প্ৰকাশকৰ একলম" 11to12="সূচীপত্ৰ" 13="ছবি" 14="প্ৰথম পৃষ্ঠা" 15="14" 265="-" 266="264" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] k47csfauc5ccgsud31h63vwremgqjnj পৃষ্ঠা:অনিমা গুহ.pdf/৬ 104 59289 159867 157376 2022-07-28T12:01:05Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Css image crop |Image = অনিমা_গুহ.pdf |Page = 6 |bSize = 425 |cWidth = 33 |cHeight = 89 |oTop = 414 |oLeft = 215 |Location = left |Description = }} {{Right|<poem>{{larger|উচৰ্গা}} সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো স্মৃতিকথাৰ দ্বিতীয় খণ্ড বাকীছোৱা জীৱন </poem> }}<noinclude></noinclude> eax0l4zbtd4l515dp92hsk4wvgdo0wb 159868 159867 2022-07-28T12:02:27Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Css image crop |Image = অনিমা_গুহ.pdf |Page = 6 |bSize = 425 |cWidth = 33 |cHeight = 89 |oTop = 414 |oLeft = 215 |Location = left |Description = }} <poem>{{larger|উচৰ্গা}} সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো স্মৃতিকথাৰ দ্বিতীয় খণ্ড বাকীছোৱা জীৱন </poem><noinclude></noinclude> 2655e78mc23xents8ksdc1dp3d3nw7b পৃষ্ঠা:অনিমা গুহ.pdf/৭ 104 59290 159869 158704 2022-07-28T12:05:15Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{X-larger|মোৰ একাষাৰ}}}} {{gap}}মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্ৰকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্ৰথম খণ্ড প্ৰকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকৰ্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ। তচনচ কৰি যায় সকলো পৰিকল্পনা। {{gap}}পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্ৰথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ'লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম। অৱশেষত প্ৰতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা। {{gap}}স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব<noinclude></noinclude> 03eokrccrtyw1fbo485vwivj4g0saqd 159872 159869 2022-07-28T12:18:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{X-larger|মোৰ একাষাৰ}}}} {{Block center|<poem>মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্রকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্রথম খণ্ড প্রকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকর্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ । তচনচ কৰি যায় সকলো পৰিকল্পনা। {{gap}}পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্রথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ’লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম৷ অৱশেষত প্রতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা। {{gap}}স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব</poem>}}<noinclude></noinclude> dr4qxgeqj1pcw80e6qa62s77oqy9flc পৃষ্ঠা:অনিমা গুহ.pdf/৮ 104 59422 159870 157740 2022-07-28T12:07:36Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। {{Right|'''ড° অনিমা গুহ'''}} {{Left|গুহ কমপ্লেক্স<br/> উলুবাৰী, গুৱাহাটী-৭}}<noinclude></noinclude> 6gsisfx7lbvjfanthnuvgbdx1y50958 159873 159870 2022-07-28T12:18:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Block center|<poem>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। </poem>}} {{Right|'''ড° অনিমা গুহ'''}} {{Left|গুহ কমপ্লেক্স<br/> উলুবাৰী, গুৱাহাটী-৭}}<noinclude></noinclude> jr6xtqk5b3gztjqjdv8lta1bwrwrkru 159874 159873 2022-07-28T12:37:05Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Block center|<poem>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। গুহ কমপ্লেক্স{{gap|5em}}'''ড° অনিমা গুহ''' উলুবাৰী, গুৱাহাটী-৭ </poem>}}<noinclude></noinclude> 6544qqktwp71tlg86btwdstvl61upys পৃষ্ঠা:অনিমা গুহ.pdf/৯ 104 59423 159871 157741 2022-07-28T12:11:11Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{X-larger|প্ৰকাশকৰ একলম}}}} বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’ {{Right|— ''Bertrand Russell''}} ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। {{gap}}স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই<noinclude></noinclude> hk9fnwsknicy7r7plczc3e06q0j818t 159875 159871 2022-07-28T12:37:54Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{X-larger|প্ৰকাশকৰ একলম}}}} {{Block center|<poem>বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’ {{Right|— ''Bertrand Russell''}} ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। {{gap}}স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই </poem>}}<noinclude></noinclude> ckiedphahw7yrndfwcf6sm746ykxarn পৃষ্ঠা:অনিমা গুহ.pdf/১০ 104 59424 159876 157742 2022-07-28T12:40:03Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Block center|<poem>অপূৰ্ব শব্দ চয়নেৰে এক যুগৰ পৰা আন এক যুগলৈ কৰা জীৱন পৰিক্ৰমাক অতি সাৱলীল আৰু সুপৰিকল্পিত ৰূপত পাঠকৰ সন্মুখত দাঙি ধৰিছে য'ত পৰিস্ফুট হৈছে এক বিশেষ সময়ৰ দস্তাবেজ। {{gap}}ড° অনিমা গুহৰ স্মৃতিকথাৰ দ্বিতীয় খণ্ড ‘বাকীছোৱা জীৱন’ সুধী সমাজৰ হাতত তুলি দিবলৈ পাই আমি এক অনিৰ্বচনীয় সুখ লাভ কৰিছো ৷ ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ৰ প্ৰথম খণ্ডই কম সময়তে পাঠকৰ পৰা পোৱা সঁহাৰি আৰু সমাদৰৰ দৰে ড° গুহৰ ‘বাকীছোৱা জীৱন’ কথাই পাঠকক আকৰ্ষিত কৰিব বুলি আমি আশা কৰো। {{gap}}শ্ৰদ্ধাৰে— {{Right|'''বিনু দেউৰী বৰুৱা'''}} </poem>}}<noinclude></noinclude> j5e4ijnpcyn6incikzam0ljwdahy3os পৃষ্ঠা:অনিমা গুহ.pdf/১৮ 104 59430 159878 158144 2022-07-28T12:43:55Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> ষ্টেটিছটিকেল ইনষ্টিটিউটটো উত্তৰৰ আন এটা মূৰত। এঘণ্টা-ডেৰঘণ্টাৰ বাট। মুঠতে সমগ্ৰ কলকাতাৰ মাজেৰে ঘূৰি-পকি বাছখন যায়। গাইডে কৈছিল সদায়তো যাব নালাগে, ঘৰতে কাম আগুৱাই মাজে মাজে আলোচনাৰ বাবে গ'লে হ’ব। সকলো সুবিধাৰ কথা শুনাৰ পাছতো মোৰ মনটো পৰি আছিল জয়ৰ পঢ়া-শুনাৰ ওপৰতহে। সিও পুনেৰ স্কুলখন এৰি আহি কম মানসিক যন্ত্ৰণা ভোগ কৰা নাছিল। {{gap}}আমাৰ ঘৰৰ ওচৰে-পাজৰে খেল-ধেমালি কৰিব পৰা কোনো খেলপথাৰ নাছিল। পাৰাৰ ল'ৰাবোৰে গলিতে ক্ৰিকেট বা ডাণ্ডা-গুটি বা মাৰ্বল খেলিছিল। খা-খবৰ কৰি তাক জৱাহৰ শিশু ভৱনত ভৰ্তি কৰালো হাতৰ কাম শিকিবলৈ। সি এঘণ্টা শিকিছিল মাটিৰ মূৰ্তি গঢ়িবলৈ আৰু আন এটা ঘণ্টা শিকিছিল ইলেকট্ৰিচিটিৰ কাম-কাজ। দুটা ঘণ্টা ছাত্ৰ-ছাত্ৰীসকলৰ মাকবোৰে বহি আড্ডা মাৰিছিল নহ'লে ইফালে-সিফালে ঘূৰি ফুৰিছিল৷ মই প্ৰথম প্ৰথম গল্প কিতাপ পঢ়িছিলো যদিও কিছুদিন যোৱাৰ পাছত মোৰ অৰ্ধসমাপ্ত থিছিছৰ ফাইলখন উলিয়াই পাত লুটিয়াবলৈ আৰম্ভ কৰিছিলো। ইলেকট্ৰিচিটিৰ কাম শিকি থকাৰ সময়ত তাৰ মন গ'ল ট্ৰেনজিছটাৰ এটা নিৰ্মাণ কৰিবলৈ। তাৰে পাৰ্টছবোৰ কিনিবলৈ আমি মেডোনা ষ্ট্ৰীটলৈ গৈছিলো। গান শুনিবলৈ সি ভাল পাইছিল, লৈ গৈছিলো গ্ৰামোফোন ৰেকৰ্ড কিনিবলৈ। তাৰো ধীৰে ধীৰে কলকাতাত মন বহিল। কিছুমান বিষয়ত তাৰ পুনেতকৈ কলকাতাকে ভাল লগা হ’ল। পুনেৰ বাছৰ কণ্ডাকটৰসকলৰ মাত কথা হেনো হুটা, সৰু ল'ৰা-ছোৱালীৰ প্ৰতি নিৰ্দয়। কলকাতাৰ কণ্ডাকটৰসকলে ল’ৰা-ছোৱালীক মৰম কৰিব জানে। তদুপৰি তাৰ খুৰাক- পেহীয়েকহঁতৰ ল'ৰা-ছোৱালীবোৰক মাজে-সময়ে লগ পাই বন্ধৰ দিনবোৰ আনন্দৰ মাজেৰে কটাবলৈ ধৰিলে। বন্ধু-বান্ধৱো বহু হ’ল। {{gap}}ময়ো মোৰ মানসিক অৱসাদ, ক্লান্তি, হতাশা আদি জাৰি-জোকাৰি থিছিছ শেষ কৰাত মনোনিবেশ কৰিলো। পূৰ্ণোদ্যমে আৰম্ভ হ’ল গৱেষণাৰ কাম। মোৰ থিছিছৰ বিষয় আৰু উদ্দেশ্যৰ কথা পূৰ্বে কোৱা হৈছে। আহৰণ কৰা ডাটাবোৰৰ পুংখানুপুংখ ষ্টেটিছটিকেল পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ দৰে প্ৰতিষ্ঠান এটা পোৱা ভাগ্যৰে কথা। সেই প্ৰতিষ্ঠানৰ বৰ্তমান নামী গৱেষক ড° পাৰ্থপ্ৰতিম মজুমদাৰ তেতিয়া তৰুণ গৱেষক। তেওঁৰ পৰা মই যথেষ্ট সুবিধা পাইছিলো। গাইড হিচাপে ড° মালহোত্ৰা তুলনাহীন। দুয়োগৰাকী বিজ্ঞানীৰ লগত কাম কৰি উপকৃত হৈছিলো। ডেৰটা বছৰ ফাইলত বন্দী হৈ থকা মোৰ আধালিখা থিছিচখনে প্ৰাণ পাই উঠিল। শেষ হোৱাৰ আগে আগে কেইদিনমান ভালেপৰ ৰাতিলৈ বহি বহি<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৭'''}}</noinclude> on4j7jdltwp7ocai1z8n9ejjymlfetg পৃষ্ঠা:অনিমা গুহ.pdf/৪৫ 104 59453 159887 158388 2022-07-28T13:05:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}একেটা বিভাগত পাইছিলো হৰেশ্বৰী জানা (নাম সলাই দিয়া হ’ল) নামৰ এনাচ্থেছিষ্ট এগৰাকীক। তেওঁলোক কলকাতাৰ পৰা অলপ আঁতৰত থাকে। স্বামীজনো চিকিৎসক। ঘৰৰ ওচৰতে তেওঁৰ চেম্বাৰ। হৰেশ্বৰীয়ে তেওঁৰ ড্ৰাইভাৰজনক শিকাইছিল ৰোগীক অক্সিজেনৰ যোগান ধৰিবলৈ। হৰেশ্বৰীৰ কাম অপাৰেশ্যন টেবুলত ৰোগীক অজ্ঞান কৰা আৰু সময়মতে জ্ঞান ওভোতাই অনা। ড্ৰাইভাৰে নবৌয়েকৰ কৃতিত্বত অবাক হৈছিল। ঘৰলৈ গৈ হেনো হৰেশ্বৰীৰ শহুৰ শাহু-দেওৰ-ননদ সাহায্যকাৰী আদি সকলোকে ড্ৰাইভাৰজনে চিঞৰি চিঞৰি কৈছিল— ‘দাদাতকৈ নবৌ বেছি ডাঙৰ ডাক্তৰ। নবৌ স্বয়ং আই গোসাঁনী, তেওঁ মানুহক মাৰিবও পাৰে, বচাবও পাৰে।’ হৰেশ্বৰীয়ে হাঁহি হাঁহি আমাক কৈছিল যে পুতেকতকৈ বোৱাৰীয়েকক উচ্চ স্থান দিয়া বাবে শাহু আই ড্ৰাইভাৰজনৰ ওপৰত হৈছিল খড়গ হস্ত! ঘৰৰ কাম কৰা আৰু ওচৰ-চুবুৰীয়াৰো কাম কৰাসকলে ড্ৰাইভাৰৰ কথা শুনি হৰেশ্বৰীক বৰ সন্মান কৰিছিল। সিহঁতে হেনো কোৱাকুই কৰিছিল, ‘সেয়েহে নবৌক কলকাতা মহানগৰীৰ ডাঙৰ ডাঙৰ হাস্পতালবোৰে মাতে আৰু দাদাই এই অনুন্নত ঠাইখনৰ দুখীয়া মানুহৰ চিকিৎসা কৰে। কোৱা বাহুল্য, হৰেশ্বৰীক ঘৰৰ মানুহে ভাল নোপোৱা হ’ল। শাহুয়েকে নমতাই হ’ল। {{gap}}হৰেশ্বৰীক বেয়া পোৱা হৈছিল তেওঁলোকৰ কাষৰ পৰিয়ালটোৱেও। আজিকালি বহুতে জনা হৈছে যে কেৱল নাৰীয়ে নহয় পুৰুষো বন্ধ্যাত্বৰ বলি হ’ব পাৰে। কিছুমানে আকৌ জানিও নাৰীকে জগৰীয়া কৰে। যি কি নহওক, হৰেশ্বৰীয়ে তেওঁৰ শোৱা কোঠাৰ পৰা প্ৰায়ে কাষৰ ঘৰৰ গৃহিণীগৰাকীৰ বিননি শুনিবলৈ পাইছিল। বোৱাৰীয়েকজনী হেনো বাজী। বংশত চাকি এগছ জ্বলাবলৈ আজি অতবছৰে নাতি এটাৰ মুখ নেদেখিলে। পুতেকক আকৌ বিয়া কৰাই নিদিলে উপায় নাই। বেচেৰী বোৱাৰীয়েকজনীয়ে হেনো কাঠগড়াৰ আচামীৰ দৰে মূৰ তল কৰি থাকে। শুনি শুনি বিৰক্ত হৈ হৰেশ্বৰীয়ে এদিন তেওঁলোকক প্ৰস্তাৱ দিলে যে পুতেক-বোৱাৰীয়েকক তেওঁ নিজে ভাল ডাক্তৰৰ ওচৰলৈ পৰীক্ষা কৰাবলৈ লৈ যাব। শাহুয়েক আচৰিত, পুতেকক নিব কিয়? হৰেশ্বীয়ে বুজাই ক’লে সিও বন্ধ্যা হ’ব পাৰে। বুঢ়ী আচৰিত, পুৰুষ আকৌ বন্ধ্যা হ’ব পাৰে নে? যি কি নহওক, এদিন বুঢ়ীৰ পুতেক-বোৱাৰীয়েক দুয়োকে ডাক্তৰনীয়ে কলকাতালৈ লৈ গ’ল। দুদিনমান পাছত হৰেশ্বৰীয়ে কাষৰ ঘৰলৈ গৈ সকলোৱে শুনাকৈ ক’লে— ‘মাহীদেউ, আপুনি নাতি বিচাৰি ল’ৰাৰ আকৌ বিয়া পাতিব খুজিছিল নহয়। হেজাৰজনীক বিয়া কৰালেও আপোনাৰ ল’ৰাই<noinclude>{{rh|'''৪৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0u874ywpa2o3pl4fzxq82affp58f6o5 পৃষ্ঠা:অনিমা গুহ.pdf/৪৬ 104 59454 159888 158389 2022-07-28T13:07:11Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সন্তান উৎপাদন কৰিব নোৱাৰিব। বৰঞ্চ বোৱাৰীক বিয়া দিয়ক। আপোনাৰ ল’ৰাৰ লগত থাকি কিয় বেচেৰীয়ে মাতৃত্বৰ সোৱাদৰ পৰা বঞ্চিত হ’ব।' {{gap}}বুঢ়ী জকি উঠিল— ইমান চিঞৰি চিঞৰি সকলোৱে শুনাকৈ কথাবোৰ কোৱা বাবে। হৰেশ্বৰীয়ে কৈছিল তেৱোঁতো বোৱাৰীয়েকক বাজী বুলি সকলোৱে শুনাকৈয়ে কৈ থাকে। তাৰ পিছত ডাক্তৰনীক বাৰু কোনে ভাল পাব পাৰে! আমি আলোচনা কৰিছিলো পৃথিৱীখনত বহু পৰিবৰ্তন আহিলেও পিতৃতান্ত্ৰিক সমাজত মহিলাৰ প্ৰতি দৃষ্টিভংগীত বিশেষ পৰিবৰ্তন অহা নাই। বৰঞ্চ শিক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বাধীন মহিলাসকল ঈৰ্ষাৰ বলি হৈছে। {{gap}}মনত পৰিছে ৰত্না নামৰ আন এগৰাকী ডাক্তৰলৈ। হাঁহি-মাতি থকা মহিলাগৰাকীক কন্দনামুৱা যেন লাগিল এদিন। সিদিনা তেওঁৰ ইমাৰ্জেন্সী অপাৰেশ্যন আছিল। হাস্পতালত সোমাই স্বামীজনে কৈ গ’ল তেওঁৰ ভনীয়েক আৰু ভনীজোঁৱায়েক দুদিনৰ বাবে আহি আছে ল’ৰা-ছোৱালীৰে সৈতে। বজাৰৰ পৰা শাক-পাচলি আৰু এটা ৰৌমাছ আনি ঘৰত থৈ যোৱা বুলি জাননী দি তেওঁ ওলাই গ’ল। তেওঁলোকৰ কোৱাৰ্টাৰ হাস্পতালৰ চৌহদতেই। ৰত্না কন্দনামুৱা হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ কাম কৰা মহিলাগৰাকী ছুটী লৈ ঘৰলৈ গৈছে। ল’ৰা দুটাক সংগ দিবলৈ ঘৰত আছে এজনী সৰু ছোৱালী। মাছেই বা কাটে কোনে, পাচলিয়েই বা কাটে কোনে! মুমূৰ্ষু ৰোগীগৰাকীৰো খা-খবৰ কৰি থাকিব লাগিব। অ’ টিত সোমাবলৈ তেওঁ উঠি গুচি গ’ল। মই আৰু মোৰ সহকৰ্মী জয়া নিজ নিজ কামত বহিলো। জয়া আছিল ৰত্নাৰ স্কুলীয়া জীৱনৰ বন্ধু। অলপ পাছত বগা এপ্ৰন, গ্লাভছ আদিৰে ছাৰ্জনৰ পোছাক পিন্ধা ৰত্নাই অ’ টিৰ পৰা ওলাই আহি জয়াক ক’লে পুৰণি বন্ধু হিচাপে সহায় এটা কৰি দিবলৈ। আজিৰ ডাটা সংগ্ৰহৰ কামখিনি স্থগিত ৰাখি যদি তেওঁৰ কোৱাৰ্টাৰলৈ গৈ পাচলি আৰু মাছখিনি কাটি-কুটি থৈ আহে তেনেহ’লে চিৰকৃতজ্ঞ হৈ থাকিব। মই উপযাচি কৈছিলো, ‘ৰত্না তুমি মুমূৰ্ষু ৰোগীজনক নিশ্চিন্ত হৈ অপাৰেশ্যন কৰা, জয়াৰে সৈতে গৈ ময়ো তোমাৰ ৰান্ধনি ঘৰত সোমাম।’ ৰত্নাই ইতিমধ্যে ফোন কৰি ৰান্ধনি এজন যোগাৰ কৰিছিল। আমি দুয়ো ফাইল-চাইল সামৰি ৰত্নাৰ কোৱাৰ্টাৰত মাছ আৰু পাচলি কটাত লাগিলোগৈ। হায়ৰে নাৰী! তুমি ছাৰ্জনে হোৱা বা হাকিমে হোৱা ৰান্ধনিঘৰৰ চিন্তাই তোমাক ওৰে জীৱন খেদি ফুৰিব। এইখিনিতে কথা এষাৰ কৈ থওঁ ইমান ডাঙৰ মাছ আগতেও কটা নাছিলো, আজিলৈকে কাটি পোৱা নাই। সিদিনা যে কেনেকৈ কাটিছিলো!<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৪৫'''}}</noinclude> i2w8zqpf89cijcl2zicca0yvowb4k8c পৃষ্ঠা:অনিমা গুহ.pdf/৪৮ 104 59456 159889 158391 2022-07-28T13:08:27Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>খাইছেহি! ডাটা সংগ্ৰহ কৰাৰ কথা ক’বলৈ যাওঁতে পুৰণি ঘটনাবোৰ লানি নিছিগাকৈ ওলাই আহিব বুলি কল্পনাও কৰা নাছিলো। কুকুৰাৰ মাংসই টানি উলিয়াই আনিলে চিলি-চিকেনৰ প্ৰসংগ এটা। {{gap}}পি জি হাস্পতালৰ পৰা ডাটা সংগ্ৰহ কৰাৰ পাছত একেটা উদ্দেশ্য লৈ গৈছিলো নীল ৰতন সৰকাৰ মেডিকেল কলেজলৈ। তাত ৰেজিষ্টাৰৰ কোঠাত বহি মোৰ কাম কৰিছিলো। এইখন হাস্পতালত আগৰখনৰ দৰে মহিলা ডাক্তৰসকলক লগ নাপাইছিলো, পুৰুষ ডাক্তৰো আহিছিল কাচিৎ কেতিয়াবা। বোধকৰো ৰেজিষ্টাৰৰ ৰুম হোৱা হেতুকে ডাক্তৰসকলৰ সমাগম বৰকৈ হোৱা নাছিল। অৱশ্যে ৰেজিষ্টাৰগৰাকীৰ লগত দুই-চাৰিটা কথা নপতা নহয়। তেওঁ আছিল এজন গহীন-গম্ভীৰ ডেকা। এদিন তেওঁৰ ওচৰলৈ অহা বন্ধুকেইজনমানৰ লগত মুকলি মনেৰে কথা পাতিবৰ সময়ত কিবা প্ৰসংগত চিলি চিকেন তেওঁ নিজে ৰন্ধা বুলি কৈছিল। আজি চিলি চিকেন, চিলি ফিশ্ব এটা সাধাৰণ খাদ্যত পৰিণত হৈছে। আজিৰে পৰা পঁচিশ বছৰমান আগতে চিলি চিকেনৰ নাম আমি অনেকে শুনাই নাছিলো। ৰেজিষ্টাৰৰ বন্ধুসকলে এইবিধ খাদ্যৰ নামটো শুনি আঞ্জাবিধৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ উঠিছিল। ময়ো কাম বন্ধ কৰি নুশুনা ভাও জুৰি চিলি চিকেন প্ৰসংগ শুনিবলৈ কাণ থিয় কৰি ৰ’লো। জিভাৰ পানী কন্ট্ৰোল কৰিব নোৱৰা অৱস্থা সকলোৰে। মোৰো প্ৰায় একে অৱস্থা, তাৰ পাছত ৰেজিষ্ট্ৰাৰে যেতিয়া ৰেচিপিটো ক’বলৈ ধৰিলে মই ডাটা সংগ্ৰহ কৰাৰ ফৰ্মখনতে সেইখিনি লিখি ল’লো। তেতিয়াৰ পৰা আজিলৈকে কেৱল ময়েই নহয়, মোৰ পৰা শিকি আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, তেওঁলোকৰ চিনাকি, তেওঁলোকৰো চিনাকিকে ধৰি অসংখ্যজনে ‘এন আৰ এছ (নীলৰতন সৰকাৰ) ৰেচিপি’ নামেৰে খ্যাত ৰন্ধন প্ৰণালীৰে চিলি চিকেন ৰান্ধি অসংখ্য মানুহৰ ৰসনাক তৃপ্ত কৰিছে। কথাষাৰ অৱশ্যে নাজানিলে ৰেজিষ্টাৰ চিকিৎসকগৰাকীয়ে। {{gap}}প্ৰায় এটা মাহ জুৰি ৰেজিষ্ট্ৰাৰৰ কোঠাত বহি কাম কৰি থাকোতে থাকোতে তেওঁৰ লগত বন্ধুত্ব হোৱা নাছিল যদিও কথা-বতৰা হৈছিলো। তেওঁ মোৰ এটা দীৰ্ঘদিনীয়া মনৰ ইচ্ছা পূৰাইছিল। তেওঁৰ অনুগ্ৰহত অ’ টিৰ এচুকত থিয় হৈ মই এদিন চিজাৰিয়ান চেকশ্যন কৰি এটা শিশুক মাকৰ গৰ্ভৰ পৰা উলিয়াই অনা দেখিছিলো। মাক হোৱা বৰ কষ্টকৰ, তেহেলৈ ই স্বাভাৱিকেই হওক বা কৃত্ৰিম উপায়েৰেই হওক। পিছে এষাৰ কথা সকলোৱে পাহৰি যায় যে এগৰাকী মাতৃয়ে অশেষ যন্ত্ৰণা সহ্য কৰি তেওঁক এই বিশ্বলৈ আনিছে।<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৪৭'''}}</noinclude> mgwwnnjyw08dq03cu2a9v3i84cyf0yi পৃষ্ঠা:অনিমা গুহ.pdf/৫১ 104 59459 159890 158395 2022-07-28T13:10:12Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>জিনটো জীয়েকৰ দেহকোষলৈ গ'লে তাই সুস্থ হৈ থাকি তাইৰ পুত্ৰৰ দেহলৈ বিয়পাব পাৰে। এইক্ষেত্ৰত নজনাকৈ মাতৃগৰাকী হয়গৈ পুত্ৰহন্তা। {{gap}}এনে এগৰাকী ‘পুত্ৰহন্তা’ মাতৃ আছিল ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়া (১৮১৯-১৯০১), যাৰ দেহকোষে কঢ়িয়াই ফুৰিছিল বোমাৰূপী জিনটো।তেওঁৰ দেহকোষত স্বতঃস্ফূৰ্তভাৱে জিনটোৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলৰ বিশ্বাস। এইদৰে হঠাতে এটা জিনৰ আবিৰ্ভাৱক বিজ্ঞানৰ ভাষাত কোৱা হয় mutation | ৰজা-মহাৰজাসকলে এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত বৈবাহিক কাৰ্য সম্পন্ন নকৰে। ছোৱালী বিয়া দিয়ে দূৰণিবটীয়া হ’লেও আন ৰাজবংশলৈ আৰু বোৱাৰীও আনে ৰজাঘৰৰ পৰা। ৰাণী ভিক্টোৰিয়াৰ পাঁচগৰাকী জীয়েকক বিয়া দিছিল ইউৰোপৰ বিভিন্ন ৰাজপৰিয়াললৈ। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ৰাজ পৰিয়ালবোৰৰ নীতি-নিয়ম এটাই, তেহেলৈ সেই ৰজা ইংলেণ্ডৰে হওক বা ভাৰতৰে হওক। দুয়োটা পৰিয়ালৰ ধমনীৰে বৈ যাব লাগিব নীলা তেজ। ভাৰতৰ ক্ষেত্ৰতে চাওক। কোচবিহাৰৰ ৰূপৱতী ৰাজকুঁৱৰী গায়ত্ৰী দেৱীক বংগৰে কোনোবা অভিজাত পৰিয়াললৈ বিয়া নিদি দিলে ল’ৰা- ছোৱালীৰ দেউতাক বিপত্নীক জয়পুৰৰ ৰজালৈ। চিদলীৰ ৰজা অজিত নাৰায়ণে বিয়া কৰালে মাদ্ৰাজৰ এগৰাকী ৰাজকুঁৱৰী মঞ্জুলা দেৱীক। এটা কথা উলিয়ালে তাৰ পৰা ওলায় পোখা। ৰাজকুঁৱৰীসকলৰ কথা ক’বলৈ যাওঁতে মনত পৰিল জয়েশলাল নামৰ পুনে ফিল্ম ইনষ্টিটিউটত অধ্যয়নৰত ছাত্ৰ এজনলৈ। পুনেৰ একেটা অঞ্চলত তেতিয়া আমিও বাস কৰিছিলো বাবে আৰু অসমীয়া ছাত্ৰ-ছাত্ৰীৰে আহ-যাহ থকা বাবেই হ’বলা অনা-অসমীয়া অনেক ছাত্ৰৰ লগত আমাৰ চিনাকি আছিল। জয়েশো আহিছিল মাজে-সময়ে আমাৰ ঘৰলৈ। তেওঁ বিহাৰৰ কোনোবা এটা ৰাজপৰিয়ালৰ ল’ৰা। মই অসমীয়া বুলি গম পাই ক’লে তেওঁৰ মাকো গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাজপৰিয়ালৰ জীয়ৰী। জয়েশৰ মধ্যস্থতাত আমাৰ মাজত চিঠিৰ মাধ্যমেৰে এটা সম্পৰ্ক গঢ়ি উঠিছিল। মাকে এবাৰ লিখিলে পুতেকৰ বাবে ছোৱালী এজনী চাবলৈ, পিছে তাই হ’ব লাগিব ৰাজপৰিয়ালৰ! মোৰ বন্ধুত্ব সেইখিনিতে ছিগিল। {{gap}}ভিক্টোৰিয়াৰ কথালৈ উভতি যাওঁ। তেওঁৰ পাঁচজনী জীয়েকৰ দুজনীয়ে মাকৰ পৰা এই সৰ্বনশীয়া জিনটো উত্তৰাধিকাৰী সূত্ৰে পাইছিল আৰু চাৰিটা ল’ৰাৰ দুজনৰ সৰুতে মৃত্যু হৈছিল। আন এজন হিম’ফিলিয়াৰ বলি হৈছিল যদিও তাৰ আগতে তেওঁ বিয়া-বাৰু কৰাই বংশত এই জিনটো থৈ গৈছে। ভিক্টোৰিয়াৰ জ্যেষ্ঠ পুত্ৰ আছিল সপ্তম এডোৱাৰ্ড। তেওঁ এই ৰোগৰ পৰা মুক্ত আছিল বাবে তেওঁৰ উত্তৰ পুৰুষৰ কোনেও<noinclude>{{rh|'''৫০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> rafc5mfojy16xt98yt4n233nsuhfvlr পৃষ্ঠা:অনিমা গুহ.pdf/৭০ 104 59475 159894 158693 2022-07-28T13:15:15Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>তেতিয়া নিস্তব্ধ। ঘোপমৰা এন্ধাৰে আৱৰি ৰাখিছিল অঞ্চলটোক। কেৱল ওজাদেউৰ জুপুৰিটোৰ চুক এটাত জ্বলি আছিল এগছ মাটিৰ চাকি। সোমায়ে চকুত পৰিল আন এটা চুকত থকা মাটিৰ ডাঙৰ হাড়ি এটা। তাতেই বোধকৰো বন্দী কৰি ৰাখিছে পোহনীয়া ভূতবোৰক। ভূতৰ সৈতে বাস কৰা বাবেই হ’বলা ওজাৰ দেহতো তাৰ প্ৰতিফলন দেখা যেন লাগিল। ঘোৰ কৃষ্ণবৰ্ণ ছাল এখনেৰে আবৃত ওজাদেউৰ ক্ষীণ-মিন দেহটো দেখিলে তেনে ধাৰণা হয়। সঁচা কথা ক’বলৈ গ'লে তৎক্ষণাতে ঠাৱৰ কৰিব পৰা নাছিলো তেওঁ আচল মানুহজন নে হাড়িটোৰ পৰা ওলাই অহা এজন। পিছে ওজাদেউ মানুহজন বৰ সৰল প্ৰকৃতিৰ আৰু ভদ্ৰ। পৰিবেশ ভৌতিক হ'লেও তেওঁ সাচ্চা মানুহ। {{gap}}কথাৰ মাজতে ওজাই চাহ খুৱাব খুজিলে। ইফালে সিফালে চাই ঘৰত আন কাকো নেদেখিলো। কোনে চাহ কৰিব, মনতে ভাবিলো। হাড়িত থকা ভূতকেইটাই? আবুলৈ মনত পৰিল। তেওঁ কৈছিল ভূতহঁতে হেনো প্ৰয়োজনত হাত-ভৰিবোৰ দীঘল কৰিব পাৰে। ভূতে যদি চাহ তৈয়াৰ কৰি তাৰে পৰা হাতখন দীঘলাই কাপটো মোৰ সন্মুখলৈ আনে মই মূৰ্চ্ছা যাম নিৰ্ঘাত। হঠাতে মোৰ বুকুখন চিৰিং কৈ উঠিল। ক’লৈ যে আহিলো। গাইডকেইটাও বোধকৰো পলাল! {{gap}}ক্ষন্তেক পাছত মনটোক ডাঠ কৰি নিজকে ক'লে— ‘ভূত হেনো বিশ্বাস নকৰ, এতিয়া কঁপিছ কিয়? তই হেনো বিজ্ঞানী, আহিছ সত্যৰ সন্ধান কৰিবলৈ।' {{gap}}ম‍ই স্বাভাৱিক হ’লো। আলৌকিক-অপাৰ্থিৱ শক্তি ( occult power) তেওঁ কেনেকৈ পালে, কেনেকৈ অতিপ্ৰাকৃতিক ৰোগ চিকিৎসা কৰে ইত্যাদি অনেক কথা আলোচনা কৰাৰ পাছত ওজাদেউৰ পৰা বিদায় মাগিলো। {{gap}}ওজাসকলৰ তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱৰ ফলত কিছুমান ৰোগৰ পৰা মুক্তি লাভ কৰা বুলি কোৱাৰ আঁৰত ক্ৰিয়া কৰে কিছুমান বিশ্বাসে, যাক ইংৰাজীত কোৱা হয় faith healing. তন্ত্ৰ-মন্ত্ৰ বিশ্বাস নকৰিলেও আন কিছুমান বিশ্বাসে আমাক যে সুস্থ কৰাত সহায় কৰে এই কথা অনেকে স্বীকাৰ কৰিব।বেমাৰত প্ৰিয় চিকিৎসকগৰাকীক চকুৰ আগত দেখিলে ৰোগমুক্তি হোৱা যেন নালাগে নে? বিদেশী আলোচনী এখনত এই সন্দৰ্ভত প্ৰবন্ধ এটা পঢ়ি মই তাজ্জব। আমেৰিকাৰ কিছুমান হাস্পতালত নিযুক্তি দিয়া হৈছে পিছপৰা কিছুমান জনগোষ্ঠীৰ নিজ নিজ ওজা-জাতীয় চিকিৎসকক। আধুনিক চিকিৎসাৰ পীঠস্থান আমেৰিকাৰ চিকিৎসকসকলে লক্ষ্য কৰিছে যে কিছুমান অনগ্ৰসৰ জনগোষ্ঠীৰ ৰোগীৰ ক্ষেত্ৰত কেৱল আধুনিক চিকিৎসাই ৰোগমুক্ত কৰিব নোৱাৰে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৬৯'''}}</noinclude> a00457q8zdhnfi04w5nvwu1j9oqm173 পৃষ্ঠা:অনিমা গুহ.pdf/৭৪ 104 59478 159898 158696 2022-07-28T13:20:57Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>যোগাৰ কৰিছিল, কেৱল যোৱাৰ টিকেটখন কিনি দিছিলো। {{gap}}ষ্টুডেন্ট ভিছাখন কৰোৱাৰ আগতে কি যে টেনছন আমাৰ! সেইকেইদিন প্ৰায়ে খবৰ পাই আছিলো তাৰ লগৰ বোলে কোনোবাই ভিছা পালে, কোনোবাই নাপালে। বি টেক পঢ়ি থাকোতেই কেম্পাছ ইনটাৰভিউত সি দুটা কোম্পানীত চাকৰি পাইছিল। বাহিৰত পঢ়াৰ আশাত সেইবোৰ প্ৰত্যাখ্যান কৰি ভুল কৰা বুলি ভাবিলো। ভিছা নাপালে কি যে হ’ব! {{gap}}সি যি কি নহওক জয়ৰ সেই মহাপৰীক্ষাৰ দিনটো আহি উপস্থিত হ’ল। ইতিমধ্যে বাইদেউৰ চকু বিশেষজ্ঞ পুত্ৰ অসীম ওলাইছিল ট্ৰেইনিং এটাৰ বাবে জাপানলৈ। সি সিদ্ধান্ত ল'লে যে জাপানৰ পৰা কেইদিনমানৰ বাবে আমেৰিকালৈ ফুৰিবলৈ যাব আৰু ইউৰোপ হৈ ঘৰমুৱা হ’ব। হঠাতে দেখা গ'ল জয় আৰু অসীমৰ ভিছাৰ ইণ্টাৰভিউৰ তাৰিখ একেটাই। সিহঁত দুয়ো ঘৰৰ পৰা একেলগে ওলাই গ'ল যদিও আমেৰিকান কন্ছুলেট পোৱাৰ আগতে টেক্সিৰ পৰা নামি বেলেগে বেলেগে গ'ল। তাতো লাউঞ্জত অলপ আঁতৰে আঁতৰে বহিল, যেন টেঙৰ সন্দেহবাদী আমেৰিকানসকলে বুজি নাপায় ইহঁত দুটা ভাই-ককাই। {{gap}}ডাক্তৰসকলক আমেৰিকাই সহজতে ভিছা দিব নোখোজে, ভাই-ককাই বুলি জানিলে কি বা লেঠা লাগে, গতিকে অচিনাকি যেন হৈয়ে থাকিল দুয়ো। যি হওক দুয়ো ভিছা পালে। আনন্দৰ মাজত বেদনাও অনুভৱ কৰিলো। একমাত্ৰ সন্তান বহুদূৰলৈ যোৱাৰ দুখ, আনহাতে উচ্চ শিক্ষাৰ্থে বিশ্বৰ আগশাৰীৰ দেশলৈ যোৱাৰ আনন্দ— এক বুজাব নোৱৰা অনুভূতি। উল্লেখযোগ্য যে সেইখন দেশত পঢ়োৱাৰ আগ্ৰহ মোৰহে বেছি আছিল। {{gap}}দেউতালৈ মনত পৰিল। তেওঁ কটন কলেজত পঢ়ি থাকোতে কোনোবা আমেৰিকান পৰিয়াল এটাৰ ওচৰ সান্নিধ্যলৈ আহিছিল। কোন, কি নাম-ধাম একো মনত নাই। কিন্তু তেওঁলোকে দেউতাক হেনো আমেৰিকালৈ উচ্চ শিক্ষাৰ্থে লৈ যাব খুজিছিল। তেওঁলোকৰ উদ্দেশ্য কি আছিল নাজানো। কেৱল সৰুৰে পৰা আবুৰ মুখে শুনিছিলো পিতৃহীন পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ ওপৰত গধুৰ দায়িত্ব থকা বাবে ক’লৈকো যোৱা সম্ভৱ নহয় বুলি কৈছিল। সেই আমেৰিকালৈ গৈ আছে তেওঁৰ নাতিয়েক জয়। সি লছ এঞ্জেলেছৰ (এল এ নামেৰে জনাজাত) ইউনিভাৰ্চিটি অব্ চাদাৰ্ন কেলিফৰ্নিয়াত ভৰ্তি হ’ল। প্ৰথমে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পি এইচ ডি প্ৰগ্ৰেমত সোমাল। ছাত্ৰ হিচাপে অৰ্জা অলপীয়া ডলাৰখিনিৰ পৰাই একাংশ জমাই এবছৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৭৩'''}}</noinclude> gacxipobpwx2acn0nirhoih4l3qgcnf 159899 159898 2022-07-28T13:24:54Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>যোগাৰ কৰিছিল, কেৱল যোৱাৰ টিকেটখন কিনি দিছিলো। {{gap}}ষ্টুডেণ্ট ভিছাখন কৰোৱাৰ আগতে কি যে টেনছন আমাৰ! সেইকেইদিন প্ৰায়ে খবৰ পাই আছিলো তাৰ লগৰ বোলে কোনোবাই ভিছা পালে, কোনোবাই নাপালে। বি টেক পঢ়ি থাকোতেই কেম্পাছ ইনটাৰভিউত সি দুটা কোম্পানীত চাকৰি পাইছিল। বাহিৰত পঢ়াৰ আশাত সেইবোৰ প্ৰত্যাখ্যান কৰি ভুল কৰা বুলি ভাবিলো। ভিছা নাপালে কি যে হ’ব! {{gap}}সি যি কি নহওক জয়ৰ সেই মহাপৰীক্ষাৰ দিনটো আহি উপস্থিত হ’ল। ইতিমধ্যে বাইদেউৰ চকু বিশেষজ্ঞ পুত্ৰ অসীম ওলাইছিল ট্ৰেইনিং এটাৰ বাবে জাপানলৈ। সি সিদ্ধান্ত ল'লে যে জাপানৰ পৰা কেইদিনমানৰ বাবে আমেৰিকালৈ ফুৰিবলৈ যাব আৰু ইউৰোপ হৈ ঘৰমুৱা হ’ব। হঠাতে দেখা গ'ল জয় আৰু অসীমৰ ভিছাৰ ইণ্টাৰভিউৰ তাৰিখ একেটাই। সিহঁত দুয়ো ঘৰৰ পৰা একেলগে ওলাই গ'ল যদিও আমেৰিকান কন্ছুলেট পোৱাৰ আগতে টেক্সিৰ পৰা নামি বেলেগে বেলেগে গ'ল। তাতো লাউঞ্জত অলপ আঁতৰে আঁতৰে বহিল, যেন টেঙৰ সন্দেহবাদী আমেৰিকানসকলে বুজি নাপায় ইহঁত দুটা ভাই-ককাই। {{gap}}ডাক্তৰসকলক আমেৰিকাই সহজতে ভিছা দিব নোখোজে, ভাই-ককাই বুলি জানিলে কি বা লেঠা লাগে, গতিকে অচিনাকি যেন হৈয়ে থাকিল দুয়ো। যি হওক দুয়ো ভিছা পালে। আনন্দৰ মাজত বেদনাও অনুভৱ কৰিলো। একমাত্ৰ সন্তান বহুদূৰলৈ যোৱাৰ দুখ, আনহাতে উচ্চ শিক্ষাৰ্থে বিশ্বৰ আগশাৰীৰ দেশলৈ যোৱাৰ আনন্দ— এক বুজাব নোৱৰা অনুভূতি। উল্লেখযোগ্য যে সেইখন দেশত পঢ়োৱাৰ আগ্ৰহ মোৰহে বেছি আছিল। {{gap}}দেউতালৈ মনত পৰিল। তেওঁ কটন কলেজত পঢ়ি থাকোতে কোনোবা আমেৰিকান পৰিয়াল এটাৰ ওচৰ সান্নিধ্যলৈ আহিছিল। কোন, কি নাম-ধাম একো মনত নাই। কিন্তু তেওঁলোকে দেউতাক হেনো আমেৰিকালৈ উচ্চ শিক্ষাৰ্থে লৈ যাব খুজিছিল। তেওঁলোকৰ উদ্দেশ্য কি আছিল নাজানো। কেৱল সৰুৰে পৰা আবুৰ মুখে শুনিছিলো পিতৃহীন পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ ওপৰত গধুৰ দায়িত্ব থকা বাবে ক’লৈকো যোৱা সম্ভৱ নহয় বুলি কৈছিল। সেই আমেৰিকালৈ গৈ আছে তেওঁৰ নাতিয়েক জয়। সি লছ এঞ্জেলেছৰ (এল এ নামেৰে জনাজাত) ইউনিভাৰ্চিটি অব্ চাদাৰ্ন কেলিফৰ্নিয়াত ভৰ্তি হ’ল। প্ৰথমে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পি এইচ ডি প্ৰগ্ৰেমত সোমাল। ছাত্ৰ হিচাপে অৰ্জা অলপীয়া ডলাৰখিনিৰ পৰাই একাংশ জমাই এবছৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৭৩'''}}</noinclude> 1ft8rj79rxn1wd9uiztgwtmzzccjtb8 পৃষ্ঠা:অনিমা গুহ.pdf/৯৮ 104 59499 159903 159012 2022-07-28T13:34:47Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আমাৰ হৃদপিণ্ডবোৰ আকৌ সচল হ’ল। আকৌ নিজকে ভি ভি আই পি যেন লাগিল। চাহ-বিস্কুট খুৱাই লুঙী পিন্ধাকেইজনে ইমিগ্ৰেছন কাষ্টমচৰ বেৰ দুখন পাৰ কৰাই নো মেনছ লেণ্ডত আমাক লেণ্ড কৰাই দিলে। ডকাইত বুলি ভবা ডেকাকেইজনক ধন্যবাদ জনাই খোজকাঢ়ি আহি ভাৰত সীমান্ত সোমোৱাৰ লগে লগে সীমান্তৰক্ষী ভাৰতীয় জোৱান এজনে থাপ মাৰি আমাৰ হাতৰ পৰা পাছপ'ৰ্টবোৰ নিলে। কি কঠুৱা মাত আৰু অভদ্ৰ ব্যৱহাৰ তাৰ। তাক ধমকি এটা মাৰি ক’লো মানুহৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে যদি নাজানে তেনেহ'লে বাংলাদেশত ট্ৰেইনিং ল’বলৈ যাওক। {{gap}}আহিলো কাষ্টম্‌চ বিভাগলৈ। তাতো বহি আছিল সাক্ষাৎ যমদূতৰ দৰে মানুহ এটা। আচাৰ-ব্যৱহাৰত নিকৃষ্ট। পাছপ'ৰ্টবোৰ হাতত লৈ চুটকেচবোৰ খুলিবলৈ হুকুম দিলে। অলপ আগতে মধুৰ ব্যৱহাৰ পাইছিলো বাংলাদেশী কাষ্টম্‌চ বিষয়াৰ পৰা। ভাৰতীয়জনে আমাৰ শাৰীবোৰ উলিয়াই এশটামান প্ৰশ্ন কৰিবলৈ ধৰিলে। বুজিলো তাক ঘোচ লাগে। নহ'লে ১০০ শতাংশ টেক্স দিব লাগিব। ইফালে আমাৰ কলকাতালৈ যাবলৈ শেষ ট্ৰেইনখন এৰিবৰ হৈছিল। কোনোমতে সি পাছপৰ্টকেইখন নিদিয়ে। অৱশেষত আমাৰ লগৰ এজনীয়ে বাংলা কোৱা বাদ দি মানুহজনৰ লগত কনভেণ্টত শিকা উচ্চাৰণেৰে আখৈ ফুটা দি ইংৰাজী বাক্যবাণ মাৰিবলৈ ধৰিলে। নিমিষতে কাষ্টম্‌ম্চ বীজন বশীভূত হৈ পাছপ'ৰ্ট আৰু চুটকেচবোৰ ওভোতাই দিলে। চাহাবহঁতে কাহানিবাই ভাৰত এৰিলে যদিও তেওঁলোকৰ বগা ছালখনৰ আৰু ভাষাৰ প্ৰতি আমাৰ দুৰ্বলতা কমা নাই। {{gap}}এই প্ৰসংগতে মনত পৰিল পুনেত ঘটা ঘটনা এটালৈ। ১৯৭২ চনত আমাৰ ঘৰলৈ অক্সফোৰ্ডৰ পৰা এগৰাকী ভাৰতীয়মূলৰ মহিলা আহিছিল। পুনেৰ চাবলগীয়া ঠাইবোৰ দেখুৱাই এদিন লৈ গৈছিলো পুনে ফিল্ম ইনষ্টিটিউটলৈ। আবেলি চাৰি বজাৰ আগতে দৰ্শকৰ বাবে প্ৰতিষ্ঠানটোৰ দুৱাৰ মুকলি নহয় বুলি দাৰোৱানজনে কোৱাত আমি গছ এজোপাৰ তলত চাৰি বজালৈ বাট চাই বহি থাকিলো। নিপন গোস্বামীহঁত তাত ছাত্ৰ হৈ থাকোতে আমাৰ বাবে ইনষ্টিটিউটৰ দুৱাৰ সদায় খোলা আছিল। যি কি নহওক আমি নিয়ম মানি চলা নাগৰিক, গতিকে পুৰণি সম্পৰ্কৰ কথা নুলিয়ালো। {{gap}}হঠাতে দেখিলো লিলিয়ানা নামৰ যুগোশ্লাভ ছোৱালীজনী তাইৰ পঞ্জাৱী বন্ধু অনিলৰ মটৰ চাইকেলৰ পাছফালে বহি ফিল্ম ইনষ্টিটিউটৰ চৌহদত সোমাইছে। একেজন দাৰোৱানৰ লগত ক্ষন্তেক কথা পতাৰ পাছত ভিতৰলৈ যাবলৈ মটৰ চাইকেলত ষ্টাৰ্ট দিয়াৰ সময়তে দুয়ো মোক দেখা পাই ওচৰলৈ আহিল। তেওঁলোক যোৱাৰ<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''৯৭'''}}</noinclude> azu1aocv1a97xrjvze0elari6vh5378 পৃষ্ঠা:অনিমা গুহ.pdf/৯৯ 104 59500 159904 159034 2022-07-28T13:39:24Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পাছত দৰোৱানজনে মোক সুধিলে— ‘আপ ৱহ মেম চাহাবকো পহ্চানতে হ্যেয়?’ পাওঁ বুলি কোৱাত দাৰোৱানে মোক সোমাবলৈ ভিছা দিলে। আমি অৱশ্যে চাৰি বজাতে সোমাম বুলি ক'লো। ছালৰ ৰংটোৰ বাবে দাৰোৱানে অক্সফোর্ডৰ পৰা অহা মানুহগৰাকীক লিলিয়ানাতকৈ নিম্নতৰ শ্ৰেণীভুক্ত বুলি গণ্য কৰিছিল। {{Center|{{larger|'''দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন'''}}}} {{gap}}১৯৮০ ৰ দশকৰ পৰা আৰম্ভ হৈছিল আমাৰ বাই-ভনীকেইজনীৰ পৰৱৰ্তী প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰু। বাইদেউ অনিতাৰ জাত-পাতক লৈ অলপো ৰক্ষণশীলতা নাই। তেওঁ নিজেই কইনা চাই বেলেগ বেলেগ সমাজৰ পৰা বোৱাৰী আনিছে পুতেকহঁতলৈ। জ্যেষ্ঠ পুত্ৰ আলোকৰ কইনা বন্দনা উজনিৰ। মাজু ডাঃ অৰূপে গুৱাহাটীৰ অধিবক্তা ৰুণুমীক বিয়া কৰাইছে। তৃতীয় পুত্ৰ ডাঃ অসীমৰ কইনা অজপা অভয়াপুৰীৰ। তাই বিজনীৰ শেষ ৰজা ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ নাতিনী। জীয়েক কল্পনাক বিয়া দিছে কাশ্মিৰী দৰা অমৃত নেহৰুলৈ। এইখন বিয়াও ঘৰৰ পৰা ঠিক কৰা। জোঁৱাইৰ উপাধি নেহৰু হোৱা হেতুকে আমি বৰ স্ফূর্তি পাইছিলো, জৱাহৰলাল নেহৰুৰ কিবা হ'ব পাৰে বুলি। কাশ্মীৰৰ সকলো হিন্দুই ব্রাহ্মণ আৰু একে উপাধিধাৰীসকলৰ উৎপত্তি একেটা বংশত। সেইফালৰ পৰা ভাবিছিলো অমৃত নিশ্চয় জৱাহৰলালৰ সৈতে একেটা উপাধিভুক্ত হোৱা বাবে গৌৰৱান্বিত ৷ পিছে কথা বেলেগ। কেৱল অমৃতেই নহয় ভূস্বর্গ কাশ্মীৰৰ নিজ নিজ পিতৃ ভিঠা ত্যাগ কৰি ওলাই আহিবলগীয়া হোৱা প্ৰায়ভাগ কাশ্মিৰীয়ে জৱাহৰলালকে দোষী সাব্যস্ত কৰে। তেওঁৰ ভুল পদক্ষেপৰ বাবেই কাশ্মিৰী হিন্দু গৃহহাৰা হ'ল বুলি ভাবে। {{gap}}ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে একে উপাধিধাৰী হোৱা হেতুকে তেওঁৰ ভতিজা সুভগেন্দ্ৰ নাথ ঠাকুৰে বৰ অস্বস্তিবোধ কৰা বুলি তেওঁ লিখা প্রবন্ধ এটাত পঢ়িছিলো। ঠাকুৰ পৰিয়ালটোৰ প্ৰতিজন সদস্যই প্রতিভাবান। কিন্তু ৰবীন্দ্ৰনাথৰ বিশাল ব্যক্তিত্ব আৰু কৃতিত্ব তথা বিশ্বজোৰা খ্যাতিৰ ঔজ্জ্বল্যই বাকী ঠাকুৰসকলৰ প্ৰতিভাক নিষ্প্রভ কৰিছে। সুভগেন্দ্ৰ ঠাকুৰে লিখিছে পৃথিৱীৰ য’লৈকে তেওঁ গৈছে প্ৰতিখন ঠাইৰ মানুহৰ পৰা একেটা প্রশ্ন শুনি শুনি তেওঁ বিৰক্ত বোধ কৰিছিল। প্ৰশ্নটো আছিল — আপুনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আত্মীয় নে? তেওঁ নো কোন জানিবৰ আগ্ৰহ যেন কাৰো নাই। তেওঁ যেন এজন পৰিচয়হীন মানুহ।{{nop}}<noinclude>{{rh|'''৯৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> pruo8mmdb8tyik8j3h6b5zk9vtmfl9x পৃষ্ঠা:অনিমা গুহ.pdf/১০০ 104 59501 159905 158640 2022-07-28T13:43:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}কল্পনাৰ বিয়াৰ দিনা দৰা অমৃত নেহৰুক দেখিও বহুতে সুধিব খুজিছিল জৱাহৰলালৰ লগত থকা সম্পৰ্কৰ কথা। পিছে তেওঁ বেয়া পায় বুলি কইনা ঘৰত জাননী দিয়া হৈছিল। এটা কথা শুনিবলৈ ময়ো পছন্দ নকৰো, যদিও আমাৰ সমাজত তেনেদৰে এগৰাকী মহিলাক চিনাকি কৰি দিয়াটোৱে নিয়ম। এওঁ অমুক বৰুৱাৰ পত্নী। কোৱা উচিত এওঁ ভাৰতী বৰুৱা, অমুক বৰুৱাৰ পত্নী। প্ৰতিজন মানুহৰ এটা নিজস্ব পৰিচয় থাকে। তদুপৰি কাৰ পত্নী কোৱাৰ কিবা প্রয়োজনীয়তা আছে নে? আমাৰ মহিলা সমাজৰো অনেকক ‘মই অমুকৰ মিছেচ' বুলি কৈ গৌৰৱবোধ কৰা দেখো। {{gap}}দ্বিতীয় প্ৰজন্মৰ বিয়ালৈ উভতি যাওঁ। আমাৰ পুত্ৰ জয়ৰ বিয়াৰ কথা লিখা হৈছে। তাৰ বিয়াৰ আগতে ভণ্টি টুলুৰ দুজনী ছোৱালী পাঞ্চালী আৰু বৰ্ণালীৰ বিয়া হৈ গৈছে। পাঞ্চালীৰ দৰা নলবাৰীৰ ড° বীৰেন তালুকদাৰ এগৰাকী পেপাৰ টেকনল'জিষ্ট। বৰ্ণালীৰ দৰা অভিযন্তা নৱ কলিতা টুলুৰ দ্বিতীয় জোঁৱাই। বৰপেটাৰ এম চি কলেজখন নৱৰ মাকৰ ফালৰ ককাকৰ নামেৰে আৰু জীৱনলতা চৌধুৰী ছোৱালী হাইস্কুলখন আইতাকৰ নামেৰে স্থাপিত হৈছে। টুলুৰ তৃতীয় ছোৱালী কৃষ্ণাক (মিঠু) বিয়া দিছে বৰপেটাৰ আইনজীৱী প্রয়াত পদ্ম বৰুৱাৰ পুত্ৰ অভিযন্তা হিমাংশুলৈ। টুলুৰ একমাত্র পুত্র শান্তনুৰ বিয়া হৈছে অভয়াপুৰীৰ লেখাৰ লগত। তাই চাকৰিয়াল ছোৱালী। {{gap}}ভণ্টি প্রতিমাৰ বৰপুত্ৰ দেৱৰ্ষিৰ কইনা দুলীয়াজানৰ এটা বাঙালী পৰিয়ালৰ জীয়ৰী বৰ্ণালী। সৰুপুত্ৰ কৌশিকৰ কইনা ৰাজশ্ৰী কৰ্ণাটকৰ।জীয়ৰী দেৱযানীৰ (পিউ) মুম্বাই নিবাসী নৰেন মেহৰাৰ বিয়ালৈ আমি দলবান্ধি গৈছিলো মুম্বাইলৈ। মেৰিন ড্রাইভাৰ সাগৰৰ পাৰত হোটেল এখনৰ হল এটাত আৰ্যমতে বিয়া হৈছিল তাইৰ। উত্তাল সাগৰৰ ঢৌ চাই চাই আমি বিয়াখন উপভোগ কৰিছিলো। দৰাঘৰে পার্টি দিছিল ওৱাং খাড়ে ষ্টেডিয়ামৰ হল এটাত, বিয়াখন হৈছিল ১৯৯২ চনৰ জুনত। বিয়া খাই আহি গুৱাহাটীত ঘৰ সোমোৱাৰ লগে লগে আমাৰ ভতিজা বোৱাৰীহঁতে উচ্ছাসেৰে চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকক মিঠাই খুৱাব লাগে। আনকি মোৰ ডাঙৰ জা বাইদেৱেও তেওঁলোকৰ ঘৰৰ বেলকনিৰ পৰা অতি উৎসাহেৰে ভাল খবৰ এটা জনাবলৈ উদগ্ৰীৱ হৈ উঠিছিল। তাৰ পাছত আটায়ে হাত চাপৰি বজাই জাননী দিলে— ‘তুমি আইতা হ’বলৈ ওলাইছা। মিঠাই খাবলৈ তোমাৰ ওচৰলৈ আহি আছো। আহি আছো...।’ মোৰ অনুপস্থিতিত এই শুভ সংবাদটো তেওঁলোকে পাইছিল।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৯৯'''}}</noinclude> jlttn1ff4ohy0s4ox0a031dimob19f3 পৃষ্ঠা:অনিমা গুহ.pdf/১০১ 104 59507 159906 159047 2022-07-28T13:47:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}মোৰ সৰ্বশৰীৰত এটা আনন্দৰ শিহৰণ অনুভৱ কৰিলো। জয় দেউতা হ’ব। জয়ৰ জন্মৰ কথালৈ মনত পৰিল। ১৯৬২ চনৰ নৱেম্বৰ মাহ। চীন-ভাৰত সংঘর্ষ। তাৰ জন্মৰ বাবে শ্বিলঙত বাইদেউৰ ঘৰলৈ আহিছো। পিছে এই অশান্ত পৰিস্থিতিৰ মাজত তাৰ জন্ম ক’ত হ’ব তাকে লৈ পৰিয়ালত কিমান দুশ্চিন্তা। ইফালে ৰেডিঅ’ত ক্ষণে ক্ষণে শুনি আছো, চীনাসকল নাথুলা, চেলা, দিৰাংজং, বমদিলা পাৰ হৈ আহি আছে তেজপুৰ অভিমুখে। যেন সিদিনাৰ কথা। সেই জয় ইমান ডাঙৰ হ’ল নে? মোৰ চালখন কিমান শোটৰা-শোটৰ পৰিল চাবলৈ আৰ্চিৰ আগত থিয় দিলো। {{gap}}আমাৰ মাৰ পোন্ধৰ বছৰ বয়সত বাইদেউৰ জন্ম। বাইদেউ কম বয়সতে ল’ৰাৰ মাক হৈছে। মা বোধকৰো পঁইত্রিশ বছৰ বয়সত আইতা হৈছিল। আজিৰ যুগত পঁইত্রিশ বছৰীয়া মহিলাক তৰুণী বুলি কোৱা হয়। আৰু মই আইতা হ’বলৈ ওলাইছো এষষ্ঠি বছৰ বয়সত। অৱশ্যে ভনী টুলুৰ জীয়েক পাঞ্চালীৰ পুত্ৰ বিক্ৰমজিতৰ আগমনে ইতিমধ্যে আমাক আইতাৰ পদমর্যাদা প্ৰদান কৰিছিল। এম টেক ডিগ্রী অর্জন কৰি সি এতিয়া নামৰূপ ফার্টিলাইজাৰ কৰ্পৰেশ্যনত কৰ্মৰত। তাৰ মুখলৈ চাই ভাবো সময় ইমান দ্ৰুতবেগেৰে আগবাঢ়ে নে? যি কি নহওক তাৰ ভনীয়েক ঋদ্ধিমাও বি টেক হ'ল। তাইৰ পিছে পিছে বি ই পাছ কৰি ওলাই আহিব বৰ্ণালীৰ একমাত্র কন্যা নীলনয়না। তাই আকৌ স্প'ৰ্টছ উৱোমেনো। ভাগিন অৰূপৰ জীয়ৰী এডিটা ৰাজনীতি বিজ্ঞানত এম এ। জ্যেষ্ঠ ভাগিন আলোকৰ জ্যেষ্ঠপুত্ৰ নীলবৰুণ বাংগালুৰুত বি কমৰ ছাত্র। বাকী ভাগিন-ভাগিনীহঁতৰ ফালৰ আৰু মোৰ নাতি-নাতিনী ঐশিক, অম্বৰ, অংশুমান, এলেন, আদিত্য, মনীষ, মেঘনা, ঋষভ, অনুভৱ, ইন্দ্ৰনীল আৰু অনিৰুদ্ধ মাধ্যমিক-উচ্চ মাধ্যমিক স্কুলৰ বিভিন্ন শ্ৰেণীত পাঠৰত। এওঁলোকৰ দুজনমানে মোৰ এই লেখাটো প্রকাশ পায় মানে হয়তো কলেজ পাবগৈ। {{gap}}গৃহস্থৰ ফালৰ তৃতীয় প্ৰজন্মৰ পাছত এতিয়া চতুৰ্থ প্ৰজন্মৰো আগমন ঘটিছে। আনকি শেহতীয়া প্ৰজন্মৰ ৰুহিৰ সম্প্ৰতি বিয়া হ’ল। কোনে জানে হয়তো জীয়াই থাকিলে পঞ্চম প্রজন্মৰ দৰ্শন লাভৰ পৰা বঞ্চিত নহ'ম। আমাৰ উলুবাৰীৰ গুহ কমপ্লেক্সত আমি বর্তমানে চাৰিটা প্ৰজন্মই বাস কৰি আছো। প্রত্যেকে নিজ নিজ ঘৰত থাকিলেও সুখ-দুখত পৰস্পৰে পৰস্পৰক চোৱা-চিতা কৰে। এই পৰিস্থিতিয়ে আমাক মানসিক নিৰাপত্তা প্ৰদান কৰিছে। এই চৌহদত বাস কৰিছিল শাহু আইৰ আইতাক আৰু দেউতাকো। তেওঁলোৰ কোনো পুত্র সন্তান নথকা বাবে শেষ জীৱন উলুবাৰীতে কটাইছিল।{{nop}}<noinclude>{{rh|'''১০০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> qh0sypp5frhbstgzdiotr5jfj0038f2 পৃষ্ঠা:অনিমা গুহ.pdf/১০২ 104 59508 159907 158807 2022-07-28T13:55:27Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{Center|{{larger|'''বিদ্বৎজনৰ সান্নিধ্যত'''}}}} {{gap}}বিদ্বৎজনৰ সান্নিধ্য মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি। নিজ নিজ ক্ষেত্ৰত একো একোগৰাকীৰ অগাধ পাণ্ডিত্য। তেওঁলোকৰ ওচৰলৈ গ'লে নিজকে বাওনা যেন লাগে। পাণ্ডিত্য আৰ্জিবলৈ মেধাতো লাগেই, তাতোকৈ বেছি প্ৰয়োজন পৰিশ্ৰম কৰাৰ ক্ষমতা, একাগ্ৰতা, অধ্যৱসায় আৰু জ্ঞানাৰ্জনৰ প্ৰতি তীব্ৰ স্পৃহা। অভিজ্ঞতাৰ পৰা ক’ব পাৰো কিছুমান ক্ষেত্ৰত স্কুল-কলেজৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীতকৈও কম মেধাৱীসকল জীৱনত অধিক সফল হৈছে তেওঁলোকৰ আন কিছুমান গুণৰ বাবে। {{gap}}প্ৰাক্তন ৰাষ্ট্ৰপতি বিশ্বখ্যাত বিজ্ঞানী এ পি জে আব্দুল কালামে কোৱাৰ দৰে সফলতা লাভ কৰিবলৈ সপোনো দেখিব লাগিব। সেইবুলি মুংগেৰিলালে দেখাৰ দৰে ‘হাচিন’ সপোন দেখিলে জীৱনটো ফ্লপহে হ’বগৈ। {{gap}}দিল্লী আৰু পুনেত পাইছিলো অমৰ্ত্যসেন, ৰোমিলা থাপাৰ, সুখময় চক্ৰৱৰ্তী, ডি আৰ গাদগিল, বি এম দাণ্ডেকৰ, ইৰাৱতী কাৰ্ভে, এইচ ডি চাংকালিয়া, তপন ৰায় চৌধুৰী, ৰণজিৎ গুহ প্ৰমুখ্যে নিজ নিজ বিষয়ত শীৰ্ষস্থান অধিকাৰ কৰি থকা পণ্ডিতসকলক। কলকাতাত পাইছো অৰ্থনীবিদ অমিয় বাগচি, ইতিহাসবিদ বৰুণ দে, গৌতম চট্টোপাধ্যায়, সমাজবিজ্ঞানী ৰামকৃষ্ণ মুখাৰ্জী, নৃতত্ত্ববিদ সুৰজিৎ সিংহ, গৌৰাংগ চট্টোপাধ্যায়, দেৱপ্ৰসাদ মুখাৰ্জী প্ৰমুখ্যে নক্ষত্ৰসকলক। দূৰৰ পৰা দেখা পণ্ডিতসকলৰ ওচৰলৈ আহিলে তেওঁলোকৰ ব্যক্তিত্বৰ কিছুমান আমোদজনক দিশো চকুত পৰে। এনে দুজনমানৰ কেইটামান কথা মোৰ এই স্মৃতিকথাখনতে খাঁজি থ’লো। পিছে প্ৰথম তিনিগৰাকীৰ নামবোৰ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো। {{gap}}মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত বৰ্তমানে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা এগৰাকী অনা-অসমীয়া অধ্যাপকৰ ছাত্ৰাৱস্থাৰ বিষয়ে লিখিছিলো নামেৰে সৈতে। তেতিয়া ভবা নাছিলো যে জীৱনত অসম নেদেখা আৰু অসমীয়া নজনা মানুহজনে কেতিয়াবা মোৰ দৰে অখ্যাত লেখকৰ কিতাপখনৰ সন্ধান পাব। ড° অমিতাভ কুণ্ডু নামৰ সিদিনাৰ ছাত্ৰজন আজি প্ৰায় চল্লিশ বছৰমান পাছত কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহি আমাৰ ঘৰত উপস্থিত। ইতিমধ্যে তেওঁৰ কথা যে লিখিছিলো পাহৰি গৈছো। যি কি নহওক, মোক আচৰিত কৰি অমিতাভে ক’লে যে তেওঁৰ অসমীয়া ছাত্ৰী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১০১'''}}</noinclude> 2kxtgx6ilmszphjno3ubc04djpywrsd পৃষ্ঠা:অনিমা গুহ.pdf/১০৩ 104 59509 159908 158888 2022-07-28T14:06:08Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>এগৰাকীয়ে কিতাপখনত তেওঁৰ নাম উল্লেখ থকা বাবে সেইখন উপহাৰ হিচাপে দিছে। সময়ৰ অভাৱত কি লিখিছো ছাত্ৰীগৰাকীয়ে পঢ়ি শুনাব পৰা নাই। এদিন শুনাব। {{gap}}অমিতাভ যোৱাৰ পাছত পঢ়ি চালো বেয়াকৈ একো লিখা নাই। আন কিছুমান কথাৰ মাজত লিখিছিলো তেওঁ তেতিয়াৰ বিখ্যাত কথাছবি আৰাধনাত কিশোৰ কুমাৰে গোৱা ‘ৰূপ তেৰা মস্তানা, প্যাৰ মেৰা দিৱানা’ গীতটো প্ৰায়েই আমাৰ আগত গাইছিল। অমিতাভৰ মাতটো মিঠা। এতিয়া যদি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে গান গোৱা কথাষাৰ গম পায় আৰু তেওঁক কয়— ‘ছাৰ ৰূপ তেৰা মস্তানা গীতটো এবাৰ গাই শুনাওক’ তেতিয়া অমিতাভৰ মনত কি প্ৰতিক্ৰিয়া হ’ব নাজানো। গতিকে কাৰো নাম উল্লেখ নকৰি স্বনামধন্য কেইগৰাকীমানৰ চৰিত্ৰৰ নজনা দিশটোৰ কথা উত্থাপন কৰা যাওক। {{gap}}এগৰাকী হ’ল সাধাৰণতকৈ ওখ-পাখ এক বিৰাট ব্যক্তিত্ব। ধৰ্মীয় ৰীতি-নীতি ইত্যাদিত তেওঁ অবিশ্বাসী। পিছে তেওঁৰ পত্নী আধুনিকা হ'লেও পৰম্পৰাগত নীতি-নিয়ম কিছুমান মানি চলে। যোৱা শতিকাৰ আশীৰ দশকতে হ’বলা ভদ্ৰলোকৰ পিতৃ বিয়োগ হ’ল। ধৰ্মীয় নিয়মমতে শ্ৰাদ্ধ নোহোৱালৈ পুত্ৰই নানা ধৰণৰ নিয়মপালন কৰিব লাগে। পিছে দায়িত্বশীল পদাধিকাৰীয়ে কেইবাদিন ধৰি ঘৰত বহি থকা সম্ভৱ নহয়। তেওঁ নিয়মীয়াকৈ কৰ্মক্ষেত্ৰলৈ গৈ থাকিল। পত্নীয়ে তেওঁক নিৰামষ আহাৰ ফল-মূল আদি খুৱাই শুদা ভৰিৰে গাড়ীত তুলি দিছিল। গাড়ীত চালকে ষ্টাৰ্ট দিয়াৰ লগে লগে তেওঁ আসনৰ তলত লুকুৱাই ৰখা জোতাযোৰ পিন্ধি লৈছিল। কৰ্মক্ষেত্ৰত নামিয়ে পিয়নক অৰ্ডাৰ দিছিল কেইটামান কণীৰ অমলেট, কাটলেট আদি বিবিধ আমিষ বস্তু ৰেস্তোঁৰাৰ পৰা কিনি আনিবলৈ। শুনিছো নিৰামিষ তেওঁ খাবই নোৱাৰে আৰু আমিষো খায় সাধাৰণে খোৱাতকৈ বেছি পৰিমাণে। নাজানো তেওঁৰ পত্নীয়ে এই খবৰবোৰ পাইছিল নে নাই। {{gap}}খাবলৈ সকলোৱে ভাল পায়, কিন্তু কিছুমান খাদ্য ৰসিকৰ কাহিনী জনমানসত চিৰস্থায়ী হৈ থাকে। ড° অমুক চন্দ্ৰ এনে এগৰাকী ভোজনবিলাসী অধ্যাপক। ডায়েবেটিচ ৰোগ বা ক’লৈষ্টৰেল নাথাকিলেও তেওঁৰ পৰিবাৰে ঘৰৰ পৰা চেনি আৰু ঘিউ মাখন কমকৈ থকা স্বাস্থ্যকৰ টিফিন সযতনে পঠাই দিছিল নিয়মীয়াকৈ। এওঁক মই ওচৰৰ পৰা পাইছিলো। মন কৰিছিলো মিঠাই খাবলৈ মন গ'লেই টেবুলৰ ওপৰত মূৰটো থৈ কৈছিল তেওঁৰ হেনো হাইপ’গ্লাইছিমিয়া হৈছে অৰ্থাৎ তেজত চেনি কমিছে।{{nop}}<noinclude>{{rh|'''১০২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> q2rymp7y5os4xrl3w0q6m3mt7td8yu2 পৃষ্ঠা:অনিমা গুহ.pdf/১০৪ 104 59510 159909 159051 2022-07-28T14:10:31Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>লৰালৰিকৈ সন্মুখৰ মিঠাইৰ দোকানৰ পৰা মিঠাই কিনি অনাই খোৱাৰ পাছতহে ‘সুস্থ’ হৈছিল ড° অমুক চন্দ্ৰ। প্ৰথমফালে আমি সঁচা বুলি ভাবিলেও পাছত তেওঁৰ ‘চেনি কম’ বেমাৰটো হোৱা বুলি ক'লেই মুখ টিপি টিপি হাঁহিছিলো। {{gap}}এগৰাকী চেৰাবলিয়া অৰ্থনীতিবিদ হ’ল অধ্যাপক তমুক চৌধুৰী। তেওঁক প্ৰথমতে পাইছিলো দিল্লী বিশ্ববিদ্যালয়ত। তেতিয়া তেওঁ প্ৰবক্তা আছিল। কেইবা বছৰ পাছত আমিও কলকাতালৈ আহিলো, তেওঁলোকো আহিল। তেওঁৰ পত্নীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। দিল্লীত থাকোতে তেওঁলোকৰ ঘৰলৈ প্ৰায়ে গৈছিলো যদিও চৌধুৰী ডাঙৰীয়াৰ চেৰাবলিয়া স্বভাৱটো চকুত পৰা নাছিল। হয়তো পলমকৈ এই স্বভাৱটোৰ বিকাশ ঘটে। {{gap}}কলকাতাত তেওঁলোকৰ ঘৰত প্ৰথম দিনা প্ৰৱেশ কৰিবলৈ গৈ দেখো বহা কোঠাটোৰ মজিয়াখনত সিঁচৰতি হৈ আছে অসংখ্য বাতৰি কাকত। ভৰি থ'বলৈ ঠাই নথকা বাবে ডেও দি দি বেলকনিলৈ গ'লো তেওঁৰ পত্নীৰ লগত। ভাবিছিলো পেপাৰ কাটিং কৰিবৰ বাবে সেইদৰে ৰাখিছে, পিছে গম পালো তেওঁ হেনো এখন কাগজো নেপেলায়। দিনৰ পাছত দিন ধৰি দৈনিক কাকতবোৰ কোঠাটোত জমা হোৱাৰ পাছত এদিন অধ্যাপকে সেইবোৰ আচুতীয়া কোঠা এটালৈ স্থানান্তৰিত কৰে। সেইটো কোঠাৰ চাৰিওখন বেৰত সাজি লোৱা শ্বেল্‌ফবোৰ বোৰ কাগজেৰে উপচি পৰিছে, ফলত কিছুমানে আশ্ৰয় লৈছে মজিয়াত। পত্নীৰ খেচ্‌খেচনিত বছৰি এবাৰ কিছুমান কাগজ বেচি দিয়া হয়। কিনোতাজনে সদায় একেজনেই। {{gap}}কাগজেই নহয় জীৱনৰ প্ৰথমটোকে ধৰি সিদিনাৰ তাৰিখলৈ যিমান পেন তমুক চৌধুৰীয়ে ব্যৱহাৰ কৰিছে তাৰ এটাও পেলাই দিয়া নাই। সেইবোৰ ৰাখিছে তেওঁৰ বিছনাত। এইবোৰ তেওঁৰ শয্যাসংগী। পত্নীগৰাকীয়ে কৈছিল এই অদ্ভুত স্বভাৱটোৰ কথা আগতে জনা হ’লে তেওঁৰ লগত বিয়া পাতিলেহেঁতেন নে নাই সন্দেহ। {{gap}}দিল্লী বিশ্ববিদ্যালয়ৰ নৃতত্ববিভাগৰ প্ৰাক্তন অধ্যাপক ড° মিত্ৰলৈ মনত পৰিল। তেওঁৰ সম্পূৰ্ণ নামটো মনত পেলাব পৰা নাই যদিও জধলা পোছাকেৰে স'তে অধ্যাপকগৰাকীৰ স্মৃতি অমলিন হৈ আছে। নিজৰ বিষয়টোৰ ওপৰত তেওঁৰ অগাধ পাণ্ডিত্য, পিছে তেওঁ আছিল এগৰাকী ভোলানাথ স্বভাৱৰ ব্যক্তি। ক্লাছত সোমায়ে বিৰামহীনভাৱে বক্তৃতা দিবৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে শুনিছেনে নাই তালৈ ভ্ৰূক্ষেপ নাছিল। জীয়েকৰ মুখে শুনিছিলো ড° মিত্ৰই হেনো কিতাপৰ বাহিৰে আন একোকে চিনি নাপাইছিল। নিজৰ বিষয়ৰ কিতাপ পঢ়ি পঢ়ি যেতিয়া ভাগৰি পৰিছিল তেতিয়া<noinclude>{{rh|||{{smaller|বাকীছোৱা জীবন}} / '''১০৩'''}}</noinclude> mbnojaj3lb0q774c953ko9lru145ul1 পৃষ্ঠা:অনিমা গুহ.pdf/১০৫ 104 59511 159910 159136 2022-07-28T14:13:12Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁ ‘জিৰণি’ লৈছিল মোগল ইতিহাস পঢ়ি। মোৰ এই লেখাটোৰ বিষয়ে জানিবলৈ তেওঁ ইহ-সংসাৰত নাই। {{gap}}আমি ‘পগলা’ প্ৰফেচাৰগৰাকীৰ কাণ্ড-কাৰখানাবোৰ দেখি হাঁহিছিলো। পঢ়ি পঢ়ি ভাগৰি যোৱাৰ পাছত ভাগৰ মাৰিবলৈ কোনোবাই বাৰু আকৌ কিতাপ পঢ়ে নে? তেতিয়া হাঁহিলেও আজি নিজৰ জীৱনতে দেখিছো পঢ়াৰ বিষয়টো সলনি কৰিলেও ভাগৰ মৰে। মোৰ অৱশ্যে ড° মিত্ৰৰ দৰে দিনটো পঢ়ি থকাৰ সেই ভাগ্য হোৱা নাই। তেতিয়া ভাবিছিলো দিনটো মানুহেনো কেনেকৈ পঢ়ি থাকে। এতিয়া জীৱনৰ শেষ অধ্যায়লৈ আহি উপলব্ধি কৰিছো কিমান যে জানিবলৈ আৰু পঢ়িবলৈ বাকী থাকিল! গতিকে সময় পালেই পঢ়ো। তদুপৰি এটা বিষয়ৰ কিতাপ পঢ়ি পঢ়ি আমনি লাগিলে বিষয়টো সলাই আন কিবা পঢ়ো ড° মিত্ৰৰ দৰে মনোৰঞ্জনৰ বাবে। আমাৰ গৃহস্থই আকৌ মনোৰঞ্জনৰ বাবেও ছিৰিয়াছ কিতাপেই পঢ়ে। আজি পঞ্চাশতকৈ অধিক বছৰ একেলগে বাস কৰি মন কৰিছো যে গৃহস্থ অতি সাধাৰণ কথা আৰু সাধাৰণ বিষয়ত অত্যন্ত কেঁচা। মাজে মাজে এটা প্ৰশ্ন মোৰ মনত জাগে যে এই অঁকৰা মানুহজনে কেনেকৈনো ইমান জ্ঞানাৰ্জন কৰিলে। তেওঁৰ ওচৰলৈ যেতিয়া ছাত্ৰ, গৱেষক বা অন্য কোনো ব্যক্তিয়ে পথ নিৰ্দেশনা আৰু দিহা-পৰামৰ্শ বিচাৰি বা আলোচনা কৰিবলৈ আহে তেতিয়া আচৰিত হৈ লক্ষ্য কৰো যে কোনো কিতাপ-পত্ৰ নেমেলাকৈ বহু তথ্য-পাতি আৰু পৰিসংখ্যা সাৱলীলভাৱে পৰিবেশন কৰিব পাৰে। এনে কি কোন কিতাপৰ কিমান পৃষ্ঠাত আলোচিত বিষয়টোৰ ৰেফাৰেন্স পাব তাকো কয়। অথচ সাংসাৰিক কিছুমান প্ৰয়োজনীয় বিষয়ত একোকেই বুজি নোপোৱা যেন দেখিলে মই অত্যন্ত বিৰক্তবোধ কৰো, খঙো উঠে।তেতিয়া মনতে ভাবো, কি অঁকৰা মানুহ এজনৰে যে সংসাৰ পাতিলো! বোধকৰো কিছুমান মানুহৰ মগজুৰ একোটা অংশৰ বৃদ্ধি বেছি, আন কোনোবা অংশ অপুৰঠ। ৰসিকতা কৰি মোৰ বান্ধৱী এগৰাকীক কৈছিলো যে গৃহস্থৰ বুদ্ধি-চুদ্ধি আছে নে নাই জানিবলৈ মই মাজে মাজে তেওঁৰ বক্তৃতা শুনিবলৈ যাওঁ। {{gap}}কিছুদিনৰ বাবে গৃহস্থৰ সহকৰ্মী আছিল ইতিহাসবিদ তথা প্ৰখ্যাত লেখক ৰামচন্দ্ৰ গুহ আৰু ঔপন্যাসিক অমিতাভ ঘোষ। এটা সময়ত মই নিজৰ কাম-কাজ লৈ ইমান ব্যস্ত হৈ থাকিবলগীয়া হৈছিলো যে খ্যাতনামা এই দুগৰাকী মানুহক দৰ্শন পৰ্যন্ত কৰিবলৈ সময় উলিয়াব নোৱাৰিলো। এতিয়া টেলিগ্ৰাফ কাকতত সঘনাই প্ৰকাশিত ৰামচন্দ্ৰ গুহৰ প্ৰবন্ধবোৰ আৰু অমিতাভ ঘোষৰ বঁটা লাভ কৰা উপন্যাসবোৰ পঢ়িলে<noinclude>{{rh|'''১০৪'''/ {{smaller|বাকীছোৱা জীৱন||}}</noinclude> 2e4wwqcinqs1e00dzbzy6k1di4i257u 159911 159910 2022-07-28T14:14:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁ ‘জিৰণি’ লৈছিল মোগল ইতিহাস পঢ়ি। মোৰ এই লেখাটোৰ বিষয়ে জানিবলৈ তেওঁ ইহ-সংসাৰত নাই। {{gap}}আমি ‘পগলা’ প্ৰফেচাৰগৰাকীৰ কাণ্ড-কাৰখানাবোৰ দেখি হাঁহিছিলো। পঢ়ি পঢ়ি ভাগৰি যোৱাৰ পাছত ভাগৰ মাৰিবলৈ কোনোবাই বাৰু আকৌ কিতাপ পঢ়ে নে? তেতিয়া হাঁহিলেও আজি নিজৰ জীৱনতে দেখিছো পঢ়াৰ বিষয়টো সলনি কৰিলেও ভাগৰ মৰে। মোৰ অৱশ্যে ড° মিত্ৰৰ দৰে দিনটো পঢ়ি থকাৰ সেই ভাগ্য হোৱা নাই। তেতিয়া ভাবিছিলো দিনটো মানুহেনো কেনেকৈ পঢ়ি থাকে। এতিয়া জীৱনৰ শেষ অধ্যায়লৈ আহি উপলব্ধি কৰিছো কিমান যে জানিবলৈ আৰু পঢ়িবলৈ বাকী থাকিল! গতিকে সময় পালেই পঢ়ো। তদুপৰি এটা বিষয়ৰ কিতাপ পঢ়ি পঢ়ি আমনি লাগিলে বিষয়টো সলাই আন কিবা পঢ়ো ড° মিত্ৰৰ দৰে মনোৰঞ্জনৰ বাবে। আমাৰ গৃহস্থই আকৌ মনোৰঞ্জনৰ বাবেও ছিৰিয়াছ কিতাপেই পঢ়ে। আজি পঞ্চাশতকৈ অধিক বছৰ একেলগে বাস কৰি মন কৰিছো যে গৃহস্থ অতি সাধাৰণ কথা আৰু সাধাৰণ বিষয়ত অত্যন্ত কেঁচা। মাজে মাজে এটা প্ৰশ্ন মোৰ মনত জাগে যে এই অঁকৰা মানুহজনে কেনেকৈনো ইমান জ্ঞানাৰ্জন কৰিলে। তেওঁৰ ওচৰলৈ যেতিয়া ছাত্ৰ, গৱেষক বা অন্য কোনো ব্যক্তিয়ে পথ নিৰ্দেশনা আৰু দিহা-পৰামৰ্শ বিচাৰি বা আলোচনা কৰিবলৈ আহে তেতিয়া আচৰিত হৈ লক্ষ্য কৰো যে কোনো কিতাপ-পত্ৰ নেমেলাকৈ বহু তথ্য-পাতি আৰু পৰিসংখ্যা সাৱলীলভাৱে পৰিবেশন কৰিব পাৰে। এনে কি কোন কিতাপৰ কিমান পৃষ্ঠাত আলোচিত বিষয়টোৰ ৰেফাৰেন্স পাব তাকো কয়। অথচ সাংসাৰিক কিছুমান প্ৰয়োজনীয় বিষয়ত একোকেই বুজি নোপোৱা যেন দেখিলে মই অত্যন্ত বিৰক্তবোধ কৰো, খঙো উঠে।তেতিয়া মনতে ভাবো, কি অঁকৰা মানুহ এজনৰে যে সংসাৰ পাতিলো! বোধকৰো কিছুমান মানুহৰ মগজুৰ একোটা অংশৰ বৃদ্ধি বেছি, আন কোনোবা অংশ অপুৰঠ। ৰসিকতা কৰি মোৰ বান্ধৱী এগৰাকীক কৈছিলো যে গৃহস্থৰ বুদ্ধি-চুদ্ধি আছে নে নাই জানিবলৈ মই মাজে মাজে তেওঁৰ বক্তৃতা শুনিবলৈ যাওঁ। {{gap}}কিছুদিনৰ বাবে গৃহস্থৰ সহকৰ্মী আছিল ইতিহাসবিদ তথা প্ৰখ্যাত লেখক ৰামচন্দ্ৰ গুহ আৰু ঔপন্যাসিক অমিতাভ ঘোষ। এটা সময়ত মই নিজৰ কাম-কাজ লৈ ইমান ব্যস্ত হৈ থাকিবলগীয়া হৈছিলো যে খ্যাতনামা এই দুগৰাকী মানুহক দৰ্শন পৰ্যন্ত কৰিবলৈ সময় উলিয়াব নোৱাৰিলো। এতিয়া টেলিগ্ৰাফ কাকতত সঘনাই প্ৰকাশিত ৰামচন্দ্ৰ গুহৰ প্ৰবন্ধবোৰ আৰু অমিতাভ ঘোষৰ বঁটা লাভ কৰা উপন্যাসবোৰ পঢ়িলে<noinclude>{{rh|'''১০৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> nqmzqkky51xztahpxp1sz7js0kg2n9x পৃষ্ঠা:অনিমা গুহ.pdf/১০৬ 104 59512 159912 159784 2022-07-28T14:17:21Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নিজৰ ওপৰতে খং উঠে। এনে কিনো মই ৰাজকাৰ্যখন কৰিছিলো যে গৃহস্থই কাম কৰা Centre for Studies in Social Science নামৰ প্ৰতিষ্ঠানটোলৈ গৈ বিশ্বখ্যাত পণ্ডিত দুগৰাকীক এবাৰ চাই আহিব নোৱাৰিলো। অমিতাভ ঘোষে তেওঁৰ Sea of Poppies নামৰ উপন্যাসখনত অমলেন্দু গুহক acknowledge কৰিছে। ‘পপী’ সন্দৰ্ভত লিখা এওঁৰ গৱেষণাপত্ৰসমূহ ঘোষে পাঠ কৰিছিল উপন্যাসখন ৰচনা কৰোতে। {{gap}}মীনাক্ষী মুখাৰ্জীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। সম্প্ৰতি প্ৰকাশিত তেওঁৰ জীৱনী পৰিচায়ক গ্ৰন্থ An Indian for all Seasons খন দিল্লীত উন্মোচন কৰিবলৈ হায়দৰাবাদৰ পৰা অহাৰ প্ৰাক্‌মুহূৰ্তত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ গুচি যায়। বাতৰিটো শুনি মৰ্মাহত হ’লো। তেওঁ মোতকৈ বয়সত সৰু হ'লেও পুনেত থাকোতে তেওঁলোকৰ লগত ঘনিষ্ঠ সম্পৰ্ক স্থাপিত হৈছিল। মীনাক্ষীৰ স্বামী সুজিতৰ আগতেই মৃত্যু হৈছিল। মীনাক্ষী কেইবাখনো সমালোচকমূলক গ্ৰন্থ আৰু গদ্য সাহিত্যৰ গ্ৰন্থকাৰ। ৰচনা-সমগ্ৰ The perishable Empire ৰ বাবে মীনাক্ষীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। বাংলা ভাষাত তেওঁ এখন মাত্ৰ কিতাপ প্ৰকাশ কৰিছে, বাকী সকলোবোৰ ইংৰাজীত। মীনাক্ষীৰ শেষ কিতাপখন ইতিহাসবিদ আৰ চি দত্তৰ জীৱনীমূলক। অভিজাত আৰ চি দত্তই তেতিয়াৰ যুগৰ আধুনিকা জীয়েকক বিয়া দিছিল অসমীয়া ইঞ্জিনীয়াৰ বলি নাৰায়ণ বৰালৈ। এইবোৰ ঊনৈশ শতিকাৰ কথা। {{gap}}জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰিবৰ সময়ত লগ পোৱা আন এগৰাকী মহিলা আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা সুকুমাৰী ভট্টাচাৰ্য। তেওঁক প্ৰথম লগ পাইছিলো পুনেত। কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ পুনেলৈ যাওঁতে গোখলে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্সৰ অতিথিশালাত আছিল যদিও তেওঁ আমাৰ ঘৰতে খোৱা-বোৱা কৰিছিল। তেওঁৰ বহুমুখী প্ৰতিভা আৰু পাণ্ডিত্যৰ গভীৰতাই পাঠকক মুগ্ধ কৰে। সুকুমাৰী দিৰ বিভিন্ন কিতাপত প্ৰতিফলিত নাৰীবাদী চিন্তাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁ প্ৰাচীন ভাৰতৰ প্ৰায় সকলো গ্ৰন্থাদি অধ্যয়ন কৰি যুগে যুগে নাৰীৰ স্থান সমাজত কেনে আছিল তাৰ ব্যাখ্যা দাঙি ধৰে স্বৰচিত গ্ৰন্থাদিত। এনে এখন গ্ৰন্থ ‘প্ৰাচীন ভাৰত : সমাজ ও সাহিত্য' আমাৰ হাতপুথিৰ দৰে হৈছে। {{gap}}আমি কলকাতাত থাকোতে এবাৰ অধ্যাপক নুৰুল হাছান আছিল পশ্চিমবংগৰ গৱৰ্ণৰ। এসময়ত তেওঁ আলিগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ইন্দিৰা<noinclude> {{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১০৫'''}}</noinclude> pa26buxtpfeddhy1mfyogym805lealj পৃষ্ঠা:অনিমা গুহ.pdf/২৪০ 104 59630 159934 158449 2022-07-28T17:57:58Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}আমাৰ ইয়াত যুৱ সমাজত নৈতিক অধঃপতন (ইয়াত যৌন সংক্ৰান্ত ঘটনাবোৰহে নৈতিকতাৰ সংজ্ঞাৰ অন্তৰ্গত) দেখিলে মানুহে পোনছাটে পশ্চিমৰ অন্ধ অনুকৰণ কৰি ৰসাতললৈ যোৱা বুলি কয়। ফ্ৰেচনো মৰুভূমিৰ ফলৰ গছৰ তলত থিয় হৈ ভাবিছিলো সঁচাকৈয়ে অন্ধ অনুকৰণ কৰে নে? কৰা হ'লে সাধাৰণ অৱস্থাৰ মানুহেও নিয়মীয়াকৈ ফল খাব পাৰিলেহেঁতেন। {{gap}}আৰু যৌন সংক্ৰান্ত আচৰণত? আমেৰিকান গাভৰুৱে মুকলিমুৰীয়াকৈ পুৰুষৰ সৈতে মিলা-মিচা কৰা দেখিলে কোনোবাই যদি তেওঁলোকক সহজলভ্যা বুলি সীমা অতিক্ৰম কৰিব খোজে তেনেহ'লে সিজনাৰ কপালত জুটিব জৰিমনা অথবা কাৰাদণ্ড। আজিকালি ভাৰতৰ পৰা বহুজাতিক কোম্পানীবোৰে বিদেশলৈ সঘনাই যাবলগীয়া হোৱা শীৰ্ষ বিষয়াসকলৰ অধীনত অস্থায়ীভাৱে কাম কৰিবলৈ কিছু কনিষ্ঠ ডেকা কৰ্মচাৰীকো পঠায়। তেনে এগৰাকী পদস্থ বিষয়াই কৈছিল আমাৰ নিজৰ দেশত ছোৱালীৰ লগত মুকলিমূৰীয়া হৈ ফুৰা-চকা বা কথা পাতিব নোৱৰা বুভুক্ষু ডেকাসকলে আমেৰিকাৰ মুকলিমূৰীয়া ছোৱালীক সহজলভ্য বুলি ভাবি ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতি যৌন অভিসন্ধিমূলক আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ই আইনৰ চকুত দণ্ডনীয় অপৰাধ। ভাৰত এৰিবৰ আগতে ডেকাসকলক এই বিষয়ে সতৰ্ক কৰি দিয়া হয়। সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ডমিনিক ট্ৰছ কানৰ হোটেলৰ গাভৰু পৰিচাৰিকা এজনীৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈ আগবাঢ়ি অহা বাবে কি অৱস্থা হৈছিল সকলোৱে জানে। পলাই যাব খোজা খ্যাতনামা ব্যক্তিজনক আৰক্ষীয়ে বিমানৰ পৰা নমাই আনিছিল। অথচ এইবেলি তেওঁৰ হেনো ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পদত উপবিষ্ট হোৱাৰ সম্ভাৱনা আছিল। গতিকে নাৰীক সহজলভ্য বুলি ধৰি ল'লে জে'লৰ ভাত খাব লাগিব। {{gap}}ফলৰ বাগিচাৰ কথা উলিয়াই আন কথালৈ গ'লো। শুনিছো সম্প্ৰতি মানুহে ফলৰ গছ কাটি ঘৰ-দুৱাৰ সাজি বেচা-কিনাৰ ব্যৱসায়ত লাগিছে। '''প্ৰথম বিশ্বত তৃতীয় বিশ্ব বিচাৰি''' : এই ইচ্ছা মোৰ পূৰণ নহ'ল ৷ কাৰণ এই তৃতীয় বিশ্বখন আধুনিক সভ্যতাই ঢুকি নোপোৱা মৰুভূমিৰ গভীৰ অঞ্চলবোৰত অৱস্থিত। ‘ফ্ৰেছনো বী’ নামৰ বাতৰি কাকত এখনত পঢ়িছিলো কেলিফৰ্নিয়াৰ ম’জাভে, ফ্ৰেছনো, কাৰ্ন আদি মৰু অঞ্চলত ভেড়া পালন পামৰ গৰাকীসকলে ঘাইকৈ ঊল আৰু মাংসৰ বাবে ভেড়া পোহে। কিন্তু ভেড়াৰখীয়া পোৱা সহজ নহয়। আনকি কেলিফৰ্নিয়াৰ খেতি পাম বলয়ত, য'ত নিবনুৱাৰ হাৰ কোনো কোনো ঠাইত পোন্ধৰ শতাংশৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৩৯'''}}</noinclude> ske6u31by5z3sjbnovdda61f7h4uocy পৃষ্ঠা:অনিমা গুহ.pdf/২৪২ 104 59631 159935 158450 2022-07-28T18:00:21Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>অধিক, তাতো ভেড়াৰখীয়া দুষ্প্রাপ্য। সেয়েহে ভেড়াপামৰ গৰাকীসকলে নির্দিষ্ট সময়ৰ বাবে দক্ষিণ আমেৰিকাৰ পেৰু আৰু চিলিৰ পৰা অতিথি শ্রমিক অনায়। নামত আমেৰিকালৈ আহিলেও এওঁলোকে বাস কৰিবলগীয়া হয় এক আদিম জগতত। মৰুভূমিৰ উত্তপ্ত পৰিবেশত নিজৰ পৰিয়াল আৰু লোকালয়ৰ পৰা বহু আঁতৰত দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি কটায় এক কঠোৰ জীৱন। পৰিশ্ৰম কৰে দিনে চৌবিশ ঘণ্টাকৈ সপ্তাহটো জুৰি। এওঁলোকৰ সংগী পাঁচ-ছশ ভেড়া আৰু দুটামান কুকুৰ। ঘৰ বুলিবলৈ ছফুট বহল আৰু বাৰ ফুট দীঘল একোখন চকাযুক্ত যান, যাৰ পোছাকী নাম ট্রেলাৰ। ট্ৰেলাৰবোৰত বিজুলী নাই, ফেন নাই, শৌচাগাৰ নাই, পানীৰ ব্যৱস্থাও নাই। কেলিফর্নিয়াৰ মৰুভূমি অঞ্চলত আছে আঠশ ভেড়াৰখীয়া। যাযাবৰী জীৱন-যাপন কৰা এইসকল ব্যক্তি খাদ্য, পানীয়, চিঠিপত্ৰ আৰু অন্যন্য প্রয়োজনীয় সা-সামগ্ৰীৰ বাবে নিৰ্ভৰশীল মালিকসকলৰ ওপৰত। মাহেকে-পষেকে অহা মালিকসকলৰ বাহিৰে এই পাণ্ডৱবৰ্জিত দেশত কাৰো পদচিহ্ন নপৰে। মালিকো আহে ভেড়াৰ পালটোৰ বাবে চাৰণভূমি স্থানান্তৰ কৰিবৰ সময়ত। এনে পৰিস্থিতিত বাট-পথহীন মৰু অঞ্চললৈ যাওঁ কাৰ লগত কেনেকৈ? তদুপৰি মোৰ দৰেতো সকলোৱে বলিয়া নহয়। {{gap}}পৰিভ্ৰমী খাটপামৰ (migrant farm) শ্ৰমিকসকলৰ কাম-কাজৰ অৱস্থাৰ সংস্কাৰ কৰিবলৈ আগবাঢ়ি অহা সমাজ সচেতন ব্যক্তিৰ সংখ্যা তেনেই তাকৰ। মার্কিন শ্রমিক আইন অনুসৰি সকলো শ্রমিকে কিছুমান সা-সুবিধা পায়, ন্যূনতম মজুৰিও পায়। ভেড়াৰখীয়াসকল এই আইনৰ অধীনত নপৰে। পিছে ২০০১ চনত Industrial Welfare Commission এ এওঁলোকৰ মজুৰি বঢ়াবলৈ মালিকসকলক নির্দেশ দিছিল। তদুপৰি কৰ্মক্ষেত্ৰত কিছুমান সা-সুবিধা যেনে— কামৰ সময় কৰ্তন, বিশ্ৰামৰ সময় বৃদ্ধি, বিজুলী-পানী-শৌচাগাৰ-ফোন আদিৰ সুব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে। হয়তো ইমান দিনে ‘তৃতীয় বিশ্ববাসী’ৰ শোষণ-নির্যাতন হ্রাস পাইছে। {{gap}}ফ্ৰেচনোৰ আইনী সাহায্য সংগঠন এটাই দুহেজাৰ চনত দাখিল কৰা প্ৰতিবেদন এখনৰ মতে ফ্ৰেচনো আৰু কাৰ্ন মৰুভূমি অঞ্চলৰ ৪১ জন ভেড়াৰখীয়াৰ শতকৰা ৯০ জনে এদিনলৈ ছুটী পোৱা নাই আৰু শতকৰা ৯৫ জনৰ বাবে শৌচাগাৰৰ ব্যৱস্থা নাই। An Area of Darkness গ্রন্থত ভি এছ নাইপলে ভাৰতখনক এটা বিৰাট শৌচাগাৰ বুলি কৈছিল। তেওঁ এবাৰ আমেৰিকাৰ ভেড়াৰখীয়াসকলৰ লগত এটা দিন যদি কটাই আহিলহেঁতেন! উল্লিখিত প্রতিবেদনখনৰ মতে ভেড়াৰখীয়াসকলক লগ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৪১'''}}</noinclude> ozewxj6jhhe90fakf7zm2u9v7r9iprw পৃষ্ঠা:অনিমা গুহ.pdf/২৪৪ 104 59632 159936 158451 2022-07-28T18:05:42Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কৰাটোও অপৰাধ। {{gap}}এনে পৰিস্থিতিত বাট-পথহীন মৰুপ্ৰান্তৰলৈ গৈ অপৰাধী সাজিবলৈ মোৰ দৰে অলপ ধতুৱাই সাহ কৰোনো কেনেকৈ? প্ৰৱন্ধ-পাতি পঢ়িয়ে ‘তৃতীয় বিশ্ব’ৰ বাতৰি সংগ্ৰহ কৰি ঘৰমুৱা হৈছিলো। '''নাৰীমুক্তি আন্দোলনৰ জন্মভূমিলৈ''' : ২০০৫ চনত ল’ৰাহঁতৰ তালৈ যাওঁতে তেওঁলোকে সুধিলে এইবেলি মোৰ ক’লৈ যোৱাৰ ইচ্ছা। সেমেনা-সেমেনিকৈ ক'লো আমেৰিকাত নাৰীমুক্তি আন্দোলনৰ জন্মভূমি ছেনেকা ফল্ছৰ ঐতিহাসিক প্রার্থনা গৃহটো চাবলৈ ইচ্ছা যায়, য'ত প্ৰথম Women's Rights Convention খন ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাইত এলিজাবেথ কেডি ষ্টেনটনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল। পুত্ৰই ক'লে— তথাস্তু। সেই উদ্দেশ্যে নাতিহঁতৰ গৰমৰ বন্ধত উত্তৰ পশ্চিম বা আপস্টেট নিউয়র্ক বুলি জনাজাত এলেকাটোৰ ফিংগাৰ লেক অঞ্চললৈ গ'লো। এই অঞ্চলৰ উৰ্বৰ কৃষিভূমিত উৎপাদিত হৈছিল বিবিধ ফচল। আৰু প্ৰয়োজনীয় সকলো সা-সামগ্রী উৎপাদন কৰিবলৈ ঊনৈশ শতিকাৰ মাজভাগত নির্মিত হৈছিল অসংখ্য কল-কাৰখানা। ছেনেকা ফল্ছো আছিল এখন গুৰুত্বপূৰ্ণ শিল্পনগৰী। কেৱল কৃষি আৰু শিল্প-উদ্যোগৰ বাবেই নহয়, এই অঞ্চল এসময়ত আছিল মানৱীয় চিন্তা-চৰ্চাৰ কেন্দ্ৰভূমি। ওঠৰ-ঊনৈশ শতিকাত ঘাইকৈ ক্রীতদাস প্রথা বিলুপ্তিকৰণ (Abolition) আৰু নাৰী অধিকাৰ সম্পৰ্কীয় বিষয়বোৰ গভীৰভাৱে আলোচিত হৈছিল। এবলিশ্যনিষ্ট উইলিয়াম ছিওৱাৰ্ড, হেৰিয়েট টাবমেন, ফ্রেডৰিক ডগলাচ আৰু সাম্যত বিশ্বাসী কোৱেকাৰ দলভুক্ত চুছান বি এন্থনি, টমাছ আৰু মেৰী আন মেকলিনটক্, জেন আৰু ৰিচাৰ্ড হাণ্ট প্ৰমুখ্যে খ্যাতনামা সমাজসেৱীসকলৰ বাসস্থান আৰু কর্মক্ষেত্র আছিল ফিংগাৰ লেক অঞ্চলত। ১৮৪৭ চনত ইয়ালৈ আহে নাৰীমুক্তিৰ ধ্বজাধাৰিণী এলিজাবেথ কেডি ষ্টেনটন আৰু তেওঁৰ এবলিশ্যনিষ্ট আইনজীৱী স্বামী হেনৰী ষ্টেনটন। {{gap}}ঊনৈশ শতিকাৰ আগতে পশ্চিমৰ নাৰীৰ অৱস্থাও আছিল পুতৌলগা। ৰেনাছাঁৰ পিছত সোতৰ-ওঠৰ শতিকাত পশ্চিমৰ চিন্তাশীল আৰু দাৰ্শনিক ব্যক্তিসকলে নাৰীও স্বাধীন সত্তাৰ অধিকাৰী বুলি উপলব্ধি কৰিবলৈ ধৰে। এওঁলোকৰ মাজত জন ল’ক (১৬৩২-১৭০৪), হেনৰিক ইবছেম (১৮২৮-১৯০৬), মেৰী ৱলষ্টনক্রেফট (১৭৫৯-১৭৯৭) আদি পুৰুষ-মহিলাৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বাহিৰেও গাইগুটীয়াকৈ কিছু মহিলা নাৰীৰ স্বাধীন সত্তাৰ বিষয়ে সচেতন আছিল। মই আচৰিত হৈ ১৭৭৫<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৪৩'''}}</noinclude> rlsrjsyxkj7ik1czdlffoxwth9as1xo পৃষ্ঠা:অনিমা গুহ.pdf/২৪৫ 104 59633 159937 158454 2022-07-28T18:08:43Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>চনত হোৱা আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ বিপ্লৱী নেতা তথা পিছলৈ আমেৰিকাৰ দ্বিতীয়গৰাকী প্ৰেছিডেণ্ট জন এডাম্ছৰ (১৭৩৫-১৮২৬) ভাৰ্যা এবিগেইল এডামছে (১৭৪৪-১৮১৮) স্বামীকে ধৰি সকলো বিপ্লৱী নেতাক মৃদু তিৰস্কাৰৰ সুৰত কোৱা বাক্য এশাৰী পঢ়িছিলো। ১৭৭৬ চনত স্বাধীনতা যুদ্ধ চলি থকাৰ সময়ত আত্মসচেতন মহিলাগৰাকীয়ে এইদৰে কৈছিল— {{gap}}'Remember the ladies in the formation of the new government. If particular care and attention is not paid to the ladies we are determind to foment a rebellion and will not hold ourselves bound by any laws in which we have no voice or representation.' {{gap}}সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে গাইগুটীয়াকৈ দুই-একে প্ৰতিবাদ সাব্যস্ত কৰিলেও ঊনৈশ শতিকাৰ প্ৰথম অৰ্ধাংশলৈ দলবদ্ধভাৱে কোনেও গৰ্জি উঠা নাছিল। ১৮৪০ চনত লণ্ডনত অনুষ্ঠিত World Anti-slavery Convention ত ঘটা এটা পৰিস্থিতিয়ে আমেৰিকাত নাৰীমুক্তি আৰু নাৰী অধিকাৰ আন্দোলনৰ পথ প্ৰশস্ত কৰে। আন কেইবাগৰাকী প্ৰতিনিধিৰ সৈতে লণ্ডন অধিৱেশনলৈ দাসপ্ৰথাবিৰোধী (Abolitionist) দম্পতী এলিজাবেথ আৰু হেনৰী ষ্টেনটনো গৈছিল। কিন্তু মহিলাসকলক সভাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ল। শ্ৰোতা-দৰ্শক হিচাপে তেওঁলোকে বহিবলৈ ঠাই পালে গেলেৰীৰ এটা চুকত। অপমানিত মহিলাসকলৰ অপমান দুগুণে চৰিল যেতিয়া জেমচ বাৰ্নি নামৰ এগৰাকী বক্তাই দীপ্ত কণ্ঠে ঘোষণা কৰিলে যে স্বামীৰ সমকক্ষ হৈ পত্নীসকলে ৰাজহুৱা ঠাইত কথা কোৱা অনুচিত। তেওঁলোকৰ কৰ্তব্য স্বামীৰ আদেশ পালন কৰা। অধিকাংশ পুৰুষে এই উক্তিক সমৰ্থন জনাইছিল যদিও হেনৰীয়ে মহিলাৰ সপক্ষে মাত মতাত বিষয়টোৰ ওপৰত ভোট হয়। অধিকাংশ ভোট পৰে মহিলাৰ অংশগ্ৰহণৰ বিপক্ষে। আমেৰিকাৰ আগশাৰীৰ এবলিশ্বনিষ্ট নেতা উইলিয়াম লয়েড গেৰিছনে মৰ্মাহত হৈ সভাত কৈছিল— ‘After battling so many long years for the liberation of African slaves, I can take no part in a convention that strikes down the most sacred right of all women.’ তাৰ পাছত তেওঁ বহি থাকিল মহিলাসকলৰ গেলেৰীত। {{gap}}দাসপ্ৰথা উচ্ছেদ যাৰ জীৱনৰ লক্ষ্য সেইগৰাকী লয়েড গেৰিছনে সেই নিৰ্দিষ্ট কাৰণে অনুষ্ঠিত সভাখনত আমেৰিকাৰ পৰা বাৰ দিন সমুদ্ৰ যাত্ৰা কৰি আটলাণ্টিক পাৰ হৈ আহি অংশগ্ৰহণ কৰাৰ পৰা বিৰত হৈ থাকিল। কোৱা বাহুল্য মহিলা সমাজ<noinclude>{{rh|'''২৪৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> s8twjv4qocna9nk680jyfwcypd4bh24 পৃষ্ঠা:অনিমা গুহ.pdf/২৪৬ 104 59634 159938 158455 2022-07-28T18:11:17Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কৃতজ্ঞ হ’ল এইগৰাকী ব্যতিক্ৰমী পুৰুষৰ প্ৰতি। {{gap}}নিউয়ৰ্ক ৰাজ্যৰ এক আধুনিক চিন্তাধাৰাৰে আলোকপ্ৰাপ্ত তথা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এলিজাবেথ বাল্যকালতে নাৰী-পুৰুষৰ বৈষম্যৰ প্ৰতি সজাগ হৈছিল। বিশেষকৈ তেওঁৰ আইনজীৱী দেউতাকৰ ওচৰলৈ ন্যায় বিচাৰি অহা এগৰাকী বিধৱা মহিলাক আইনৰ হেঙাৰ থকা বাবে তেওঁৰ ‘প্ৰাপ্য’ সম্পত্তি উদ্ধাৰ কৰি দিব নোৱাৰিব বুলি শুনি এঘাৰ বছৰীয়া এলিজাবেথে খঙতে আইনৰ কিতাপবোৰ কেঁচিৰে কাটিবলৈ ওলাইছিল। মহিলাগৰাকীক তেওঁৰ দেউতাকে বিয়াৰ সময়ত ঘৰ এটা উপহাৰ দিছিল যদিও তেতিয়াৰ প্ৰচলিত আইনমতে ঘৰটোৰ মালিক হৈছিল স্বামীজনহে। স্বামীৰ মৃত্যুৰ পাছত সকলো সম্পত্তি লাভ কৰিলে পুতেকে, যিজন আছিল তেওঁৰ সতিনীৰ পুত্ৰ। অৰ্থাৎ দেউতাকে ঘৰ এটা দিয়া সত্ত্বেও আইনৰ মেৰপাকত পৰি জীয়েক নিঠৰুৱা হ'বলগীয়া হ’ল। আইনৰ কিতাপ কেঁচিৰে কাটিবলৈ উদ্যত হোৱা কণমানি এলিজাবেথক দেউতাকে কৈছিল ডাঙৰ হ’লে আইন সংশোধন কৰিবলৈ। পিছে দেউতাকে গম নাপালে যে তেওঁৰ উপদেশে পক্ষপাতদুষ্ট আইনবোৰ সংশোধন কৰাৰ দৃঢ় সংকল্পই জীয়েকৰ মনত সেই মুহূৰ্তৰে পৰা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল। {{gap}}এইগৰাকী অগ্নিকন্যাৰ কৰ্মজীৱনৰ বিভিন্ন দিশ সামৰি এলানি প্ৰবন্ধ ২০০৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্ৰকাশিত ‘সাতসৰী' নামৰ আলোচনীত ধাৰাবাহিকভাৱে লিখিছো। এলিজাবেথৰ বৈপ্লৱিক জীৱনে মোক মুগ্ধ কৰিছিল। গতিকে তেওঁ বাস কৰা ঘৰটো, তেওঁৰ কৰ্মক্ষেত্ৰখন দৰ্শন কৰিবলৈ সুযোগ পাই মোৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱা যেন লাগিছিল। {{gap}}World Anti-Slavery Convention অনুষ্ঠিত হোৱা সভাগৃহৰ পৰা ওলাই আহি এলিজাবেথ আৰু আন এগৰাকী এৱলিশ্বনিষ্ট লুক্ৰেশ্বিয়া মটে সিদ্ধান্ত লৈছিল যে আমেৰিকালৈ উভতি গৈয়ে নাৰী অধিকাৰৰ বাবে আন্দোলন কৰিব। পিছে বিবাহিতা মহিলাই কথা ৰাখিব নোৱাৰে। কম সময়ৰ ব্যৱধানত এলিজাবেথে জন্ম দিলে তিনিটা সন্তানক। মাকৰ কৰ্তব্য সীমাহীন বুলি স্বীকাৰ কৰিও তেওঁ আছিল এগৰাকী আদৰ্শ মাতৃ, সন্তান আৰু গৃহস্থালিক অৱজ্ঞা কৰা নাছিল। উপযুক্ত পৰিবেশৰ অভাৱত নাৰীমুক্তিৰ বাবে একো কৰিব নোৱৰা এলিজাবেথে নিজকে তুলনা কৰিছিল পিঞ্জৰাত বন্দী সিংহিনীৰ লগত। {{gap}}১৮৪০ চনত নাৰী অধিকাৰৰ বাবে সক্ৰিয় হ’বলৈ সিদ্ধান্ত লোৱাৰ আঠ বছৰ পাছত ১৮৪৮ ৰ ৯ জুলাই তাৰিখে ছেনেকা ফল্ছতে এঘৰৰ চাহমেলত এলিজাবেথে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৪৫'''}}</noinclude> piqmyqrall9tbdppz95dfp48vveohoh পৃষ্ঠা:অনিমা গুহ.pdf/২৪৭ 104 59635 159939 158456 2022-07-28T18:15:04Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>লগ পালে লুক্ৰেশ্বিয়া মটক। তেওঁৰ হৃদয়ত পুঞ্জীভূত হৈ থকা দীৰ্ঘদিনীয়া ক্ষোভৰ উদ্গীৰণ ঘটিল সেই চাহমেলতে। তেওঁ ক'লে আৰু এক মুহূৰ্তও নহয়, আজিয়ে কামত জঁপিয়াই পৰিব লাগিব। লগে লগে ৰচনা কৰিলে এটা দিগ্দৰ্শী থীম (Theme) All men and women are created equal. {{gap}}এসপ্তাহ পাছত ১৬ জুলাই তাৰিখে একেধৰণৰ চিন্তাত লিপ্ত মহিলা জেন হাণ্ট, লুক্ৰেশ্বিয়া মট আৰু এলিজাবেথে Declaration of Sentiments নাম দি এখন ঘোষণা পত্ৰৰ প্ৰাথমিক লিপিটো যুগুতালে। লগে লগে স্থানীয় পত্ৰিকাত জাননী দিলে যে পাঁচ দিন পাছত ১৯ আৰু ২০ জুলাই তাৰিখে স্থানীয় ওৱেছলিয়ান চ্যাপেলত Women's Rights Convention অনুষ্ঠিত হ'ব। {{gap}}১৭৭৬ চনত ৰচিত আমেৰিকাৰ Declaration of Independence ৰ মূলনীতিৰ লগত সংগতি ৰাখি এলিজাবেথে এখন মেনিফেষ্টো প্ৰস্তুত কৰিলে। তাৰ পিছত তেওঁ লিখি উলিয়ালে Declaration of Rights and Sentiments. {{gap}}১৯ জুলাইৰ দিনা কোনেও আশা কৰা নাছিল যে সৰু চহৰখনত তিনিশৰো অধিক পুৰুষ-মহিলা সেই সভাত উপস্থিত হ’ব। বাটত সিদিনা ঘোঁৰাৰ গাড়ীৰে আৰু খোজকাঢ়ি অহা মানুহে হেনো যান-জঁটৰ সৃষ্টি কৰিছিল। {{gap}}আমেৰিকান কংগ্ৰেছে ছেনেকা ফল্ছৰ ১৩৬ নম্বৰ ফল ষ্ট্ৰীটত ১৯৮০ চনত প্ৰতিষ্ঠা কৰিছে Women's Rights National Historical Park। তাত অৱস্থিত Visitors' Centre ত সোমায়ে দেখা পালো এলিজাবেথ কেডি ষ্টেনটন আৰু লুক্ৰেশ্বিয়া মটকে ধৰি Women's Rights Convention -অত অংশগ্ৰহণ কৰা কুৰিগৰাকী পুৰুষ-মহিলাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। তাতে প্ৰতিষ্ঠা কৰা আহল-বহল মিউজিয়ামটো নাৰী অধিকাৰ আন্দোলনৰ সময়ছোৱাৰ মূল চিঠি-পত্ৰ, দলিল, ঘোষণা পত্ৰ, আলোকচিত্ৰ আদি বিবিধ নথি-পত্ৰেৰে সমৃদ্ধ। আন এটা কোঠাত এলিজাবেথৰ দীঘলীয়া সংগ্ৰামী জীৱনৰ সহকৰ্মিনী চুছান বি এন্থনিৰ সহযোগত ব্যৱহাৰ কৰা ছপাশালৰ যন্ত্ৰপাতি, ৰাইজলৈ পঠোৱা গোহাৰি, তেওঁলোকে প্ৰকাশ কৰা ‘দ্য ৰিভলিউশ্যন’ পত্ৰিকাৰ কপি সুৰক্ষিত অৱস্থাত আছে। {{gap}}Visitor's Centre ৰ গাতে লাগি আছে দুখন বেৰ আৰু চাল এখনৰে সৈতে নাৰী অধিকাৰ আন্দোলনৰ জীয়া সাক্ষী ঐতিহাসিক ওৱেছলিয়ান চ্যাপেল প্ৰাৰ্থনা গৃহটো। মই কল্পনাপ্ৰিয়। দুখন ডেউকা লগাই সময়ৰ বিপৰীত দিশে উৰি উৰি গৈ ১৮৪৮ ৰ ১৯ আৰু ২০ জুলাই পাইছিলো। ভৰিৰ পতালৈকে বৈ পৰা গাউন,<noinclude>{{rh|'''২৪৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 3uaty2sripm2zaic3uqz8224gi7dtuy পৃষ্ঠা:অনিমা গুহ.pdf/২৪৮ 104 59636 159947 158457 2022-07-29T08:23:37Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>দীঘলীয়া হাতৰ চোলা আৰু টুপীৰে মূৰ ঢাকি লোৱা মহিলা অংশগ্ৰহণকাৰী আৰু দৰ্শক-শ্ৰোতাৰ মাজত ময়ো যেন গৈ থিয় দিলো। সৌৱা সভাপতিৰ আসনত বহি আছে লুক্ৰেশ্বিয়াৰ স্বামী জেমচ্ মট। নিৰ্দিষ্ট বক্তা এলিজাবেথৰ মুখমণ্ডলত বিৰিঙি উঠিছে ঊষাৰ সুৰুযৰ আভা। বিজয়িনীৰ হাঁহিৰে তেওঁ তিনিশ শ্ৰোতাৰ সন্মুখত পাঠ কৰিবলৈ ধৰিলে... {{gap}}The history of mankind is a history of repeated injuries and usurpations on the part of man toward woman, having in direct object the establishment of an absolute tyranny over her. To prove this, let facts be {{SIC|submited|submitted}} to a candid world. {{gap}}মইতো প্ৰকৃততে তেওঁৰ বক্তৃতা নিজ কাণেৰে শুনা নাছিলো। প্ৰাৰ্থনা গৃহটোৰ দাঁতিত গ্ৰেনাইট পাথৰেৰে নিৰ্মিত এখন দেৱালত খোদাই কৰা আছে Sentiment ৰ তালিকাখন আৰু চহী কৰোতাসকলৰ নামবোৰ। চৌবিশ ঘণ্টা স্বচ্ছ পানীৰে বিধৌত দেৱালখনত লিখি থোৱা আছে ‘Sentiment’ বোৰ। পঢ়ি শিহৰিত হৈ ভাবিছো এই মানুহগৰাকী দুশ বছৰ আগতে উপজিছিল নে? তেৱেঁই কৈছিল নে এইবোৰ বাক্য? ‘candid world'ক তেওঁ কি কৈছিল? {{gap}}He has never permitted her to exercise her inalienable right to the elective franchise. {{Gap}}He has compelled her to submit to laws, in the formation of which she had no voice... {{gap}}He has made her, if married, in the eyes of law, {{SIC|civily |civilly}} dead... {{gap}}He has framed the laws of divorce, as to what shall be the proper causes, and in case of separation, to whom the guardianship of the children shall be given, as to be wholly regardless of the happiness of women... {{gap}}He has monopolized nearly all the profitable employments... {{gap}}He has denied her the facilities for obtaining a thorough education, all colleges being closed against her. {{gap}}He allows her in church, as well as in State, but a subordinate position...<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৪৭'''}}</noinclude> iro7yblq94m9cmjsxdzkjjvzhdmaj9a পৃষ্ঠা:অনিমা গুহ.pdf/২৫০ 104 59637 159949 158452 2022-07-29T08:31:07Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}He has created a false public sentiment by giving to the world a different code of morals for men and women... {{gap}}He has usurped the prerogative of Jehovah himself, claiming it as his right to assign for her a sphere of action, when that belongs to her conscience and to her God. {{gap}}He has endeavored, in every way that he could, to destroy her confidence in her own powers, to lessen her self-respect, and to make her willing to lead a dependent and abject life. {{gap}}'Sentiments' ৰ তালিকাখন পঢ়ি মোৰ ধাৰণা হ'ল ইয়াৰ কেইটামান দফা আইনৰ চকুত সমঅধিকাৰ থাকিলেও আমাৰ সমাজৰ নাৰীৰ ক্ষেত্ৰত আজিও প্ৰযোজ্য। যি কি নহওক এলিজাবেথে সম্পত্তি আৰু উপাৰ্জনৰ ওপৰত মহিলাৰ পূৰ্ণ অধিকাৰ স্থাপন, বিবাহ-বিচ্ছেদৰ অধিকাৰ, বাকস্বাধীনতা, ব্যৱসায়-বাণিজ্য, শিক্ষা-চাকৰি আদিত সম অধিকাৰ ইত্যাদি এঘাৰটা বিষয়ত আগবঢ়োৱা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল। সৰ্বশেষত এলিজাবেথে আগবঢ়োৱা বাৰ নম্বৰ প্ৰস্তাৱটো শুনি পুৰুষসকলে হাঁহিবলৈ ধৰিলে আৰু মহিলাসকল চক্খাই উঠিল। এনে এটা ব্যাডিকেল প্ৰস্তাৱ মানুহে উদ্ভট বুলিব পাৰে বুলি লুক্ৰেশ্বিয়াই এলিজাবেথক আগতে কৈছিল। তেওঁৰ স্বামী হেনৰীও সভাত এক হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি নিশ্চিত আছিল। গতিকে সভাত তেওঁ উপস্থিততো নাছিলেই, ছেনেফা ফল্ছৰ পৰাই আঁতৰি গৈছিল। প্ৰস্তাৱটো আছিল ভোটাধিকাৰৰ দাবী। যিটো যুগত প্ৰগতিশীল মানুহেই এই দাবী হাস্যকৰ বুলি ভাবিছিল সেই যুগত এলিজাবেথৰ দৃষ্টিভংগী আৰু চিন্তাধাৰা আছিল সময়তকৈ বহু আগবঢ়া। {{gap}}আজি আমি বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে তেত্ৰিশ শতাংশ আসন সংৰক্ষণ কৰাৰ সমৰ্থনত যিবোৰ কাৰণ দৰ্শাও এলিজাবেথে একেধৰণৰ কাৰণ দৰ্শাইছিল এশ ষাঠি বছৰ আগতে। আমি কওঁ ৰাজনৈতিক ক্ষমতা অবিহনে মহিলাৰ মংগলৰ বাবে আইন ৰচনা কৰা সম্ভৱ নহয়। তেওঁ জোৰ দি কৈছিল যে ভোটাধিকাৰ অবিহনে ৰাজনৈতিক ক্ষমতা লাভ কৰিব নোৱাৰি আৰু সেই ক্ষমতা অবিহনে নাৰী বিৰোধী আইনবোৰ সংশোধন কৰা টান। বহু তৰ্ক-বিতৰ্কৰ পাছত সামান্য ভোটৰ ব্যৱধানত প্ৰস্তাৱটো গৃহীত হয়। {{gap}}আজিৰ মুক্ত আমেৰিকান মহিলাসকলৰ অনেকেই হয়তো নাজানে যে এনে এখন নাভূত-নাশ্ৰুত সভা পাতি মহিলাসকল কিমান নিন্দাৰ পাত্ৰী হ'বলগীয়া হৈছিল। আন<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৪৯'''}}</noinclude> c3lbkhmnuxhdippnpxomekonp181slw পৃষ্ঠা:অনিমা গুহ.pdf/২৫১ 104 59638 159950 158453 2022-07-29T08:34:15Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নালাগে এলিজাবেথৰ ন্যায়াধীশ দেউতাকে ছেনেকা ফল্ছলৈ আহি সিংহৰ বিক্ৰমেৰে গৰ্জন কৰি চহীবোৰ উঠাই নিবলৈ আদেশ কৰিছিল। তেওঁৰ আনজনী জীয়ৰী হেৰিয়েটে উঠাই ল'লে যদিও বজ্ৰৰ দৰে কঠিনমনা এলিজাবেথক কোনো শক্তিয়ে কাবু কৰিব পৰা নাই। একমাত্ৰ দাসপ্ৰথা বিৰোধী বাতৰি কাকতবোৰৰ বাহিৰে বাকীবোৰে সভাখনৰ নিন্দা আৰু সমালোচনাত মুখৰ হৈছিল। অলপ-ধতুৱাসকলে চহীবোৰ উঠাই নিলে কটু কথা শুনি, মুষ্টিমেয় দৃঢ়মনাসকলক অনুপ্ৰেৰণা যোগাই এলিজাবেথে কৈছিল যি অগ্নিশিখা প্ৰজ্বলিত হ’ল ই কেতিয়াও নুনুমায়। সঁচাকৈয়ে বনজুইৰ দৰে দেশৰ আন অঞ্চলবোৰতো বিয়পি পৰে আন্দোলনৰ বতৰা। পৰৱৰ্তী যুগৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে ছেনেকা ফল্ছ নামটোৰে সৈতে প্ৰথমখন Women's Rights Convention ৰ নাম নাৰী ইতিহাসৰ পাতত উজ্জ্বল হৈ থাকিল। সেই ইতিহাস পাঠ কৰি আমিও কম অনুপ্ৰাণিত হোৱা নাই আৰু সেই ইতিহাসৰ পটভূমি দৰ্শন কৰিবলৈ সেইখিনি পাইছিলো গৈ। উল্লেখযোগ্য যে ১৮৪৮ চনত ভোটাধিকাৰৰ দাবী উত্থাপন কৰাৰ সত্তৰ বছৰ পাছত ১৯২০ চনত সুদীৰ্ঘ সংগ্ৰামৰ সমাপ্তি ঘটিছিল। ভোটাধিকাৰ প্ৰাপ্তি চাই যাব পৰা নাই এলিজাবেথে। সংগ্ৰাম আগবঢ়াই নিছিল তেওঁৰ এগৰাকী কন্যাই। {{gap}}কিশোৰী কালতে ন্যায়াধীশ দেউতাকে নাৰীৰ বিৰুদ্ধে থকা আইনবোৰ পক্ষলৈ আনিবলৈ হ'লে আগৰ আইন সংশোধন কৰিব লাগিব বুলি কোৱা কথাষাৰ এলিজাবেথে পাহৰা নাছিল। তেওঁ জাৰ-জহ-বৰফৰ বতৰ কাতি কৰি সহকৰ্মী ছুচানৰ সৈতে ঘূৰি ঘূৰি আইন সংশোধনৰ পক্ষে জনমত গোটাইছিল। তথ্য-পাতি গোটাই ল’ৰা-ছোৱালী শোৱাৰ পাছত উজাগৰে থাকি যুগুতাইছিল এটা বক্তৃতা আইনৰ ৰচকসকলৰ আগত পাঠ কৰিবলৈ। তেওঁৰ স্বামীয়ে এই আঁচনিৰ বিৰোধিতা কৰিছিল আৰু দেউতাক খঙতে হৈছিল অগ্নিশৰ্মা। তথাপিতো তেওঁ জীয়েকে কিনো লিখিছে জানিবলৈ ভাষণটো পঢ়ি শুনাবলৈ ক’লে জীয়েকক। হঠাতে দেউতাকৰ চকুত পানী দেখি তেওঁ আচৰিত। গভীৰ চিন্তাত বুৰ গৈ থকা দেউতাকে সুধিলে বিয়াৰ আগে-পাছে সুখী জীৱনত অভ্যস্ত হৈও কেনেকৈ তেওঁ নাৰীৰ দুখৰ উমান পালে আৰু তীব্ৰভাবে অনুভৱ কৰিলে। এলিজাবেথে সোঁৱৰাই দিলে সম্পত্তিৰ পৰা বঞ্চিত বিধৱাগৰাকী তেওঁৰ ওচৰলৈ আহি বিফল হৈ উভতি যোৱা ঘটনাটোলৈ। আইন পুথি কেঁচীৰে কাটি নহয় সংশোধন কৰিলেহে নাৰীয়ে সুৰক্ষা পাব বুলি দেউতাকেইতো কৈছিল। কোমল হৈ দেউতাকে ভাষণটোত কলম চলাই আৰু উন্নত কৰিলে, কিয়নো জীয়েকে নাজানে ইয়াতকৈও অধিক নিষ্ঠুৰ আইন আছে নাৰীৰ বিৰুদ্ধে।{{nop}}<noinclude>{{rh|'''২৫০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> h2z6kt9czxzrnmyo7omgnfo7juh89in পৃষ্ঠা:অনিমা গুহ.pdf/২৫২ 104 59639 159951 158503 2022-07-29T08:37:06Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}যি কি নহওক সোঁতৰ বিপৰীতে সাঁতুৰি লক্ষ্যত উপনীত হোৱা মানুহগৰাকীক সিদিনা প্ৰতিটো মুহূৰ্ততে লগ পোৱাৰ সুখানুভূতি হৈছিল মোৰ। প্ৰাৰ্থনাগৃহ প্ৰাংগণৰ পৰা আমি গৈছিলো এলিজাবেথে পোন্ধৰ বছৰ একেৰাহে বাস কৰা ঘৰটোলৈ। সন্মুখৰ ঘাঁহনিত গাড়ীৰ পৰা নামি ভৰিখন থোৱাৰ লগে লগে আনন্দ-উত্তেজনা আৰু প্ৰাপ্তিৰ এটা সংমিশ্ৰণ মনৰ ওপৰেদি বৈ যোৱা যেন লাগিছিল। {{gap}}যিটো ঘৰ নাৰী অধিকাৰ আন্দোলনৰ বাটকটীয়া তেজস্বিনী এলিজাবেথ কেডি ষ্টেনটনৰ কৰ্মক্ষেত্ৰও আছিল তাত সোমাই মই অত্যন্ত আবেগপ্ৰৱণ হৈ পৰিছিলো। তেওঁৰ পঢ়া কোঠাটোত সোমাই লিখা-পঢ়া কৰা মেজখন, চকীখন, পাখিৰ কলমটো, তেওঁৰ হাতৰ আখৰেৰে লিখা প্ৰবন্ধৰ কেইটামান পৃষ্ঠা (ফটো কপি), কাষত থকা চোফাখন, কাষৰ কোঠাত থকা পিয়ানোটো চুই মানুহগৰাকীৰ স্পৰ্শ অনুভৱ কৰিছিলো। একে একে শোৱা কোঠা, খোৱা কোঠা আদি চাওঁতে চাওঁতে মনত পৰিছিল ছুচান বি এনথনীলৈ। দুয়োগৰাকী তপস্বিনীয়ে ইয়াৰে ক'ৰবাত বহি কেৱল নাৰী মুক্তিয়ে নহয় ক্ৰীতদাসকে ধৰি শোষিতজনৰ মুক্তিৰ চিন্তা কৰিছিল, অসংখ্য প্ৰৱন্ধ-পাতি, ঘোষণাপত্ৰ, ইস্তাহাৰ আদি ৰচনা কৰিছিল। {{gap}}আমেৰিকাৰ ঊনৈশ শতিকাৰ নাৰীবাদী আন্দোলনৰ বিষয়ে কিছু পঢ়া-শুনা কৰিছিলো। সেই অলপীয়া জ্ঞানৰ ভিত্তিত ছুচান আৰু এলিজাবেথ সম্পৰ্কে কৈ থাকোতে শকত-আৱত গাইডগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল— তুমি ইমান কথা জানিলা কেনেকৈ? কেনেকৈ জানিলো শুনি তেওঁ কৈছিল— তোমাৰ প্ৰিয় নাৰীগৰাকীৰ ঘৰটো দৰ্শন কৰিবলৈ অসমৰ পৰা আহিছো, ধন্য তুমি। ধন্য আমিও। কাৰণ সুদূৰ অসমৰ এগৰাকী মহিলাৰ আদৰ্শ নাৰীগৰাকী যে আমেৰিকান। {{gap}}অলপ ৰগৰ কৰি গাইডক ক'লো— তুমি আজি চাৰ্ট-পেণ্ট পিন্ধি মুকলিমূৰীয়া হৈ ঘূৰি ফুৰিছা। যাৰ চেষ্টাত আজি তোমাৰ এই স্বাধীনতাপ্ৰাপ্তি তেওঁ সাধাৰণ ব্লুমাৰ পোছাকটো পিন্ধা বাবে কিমান যে কটু কথা শুনিবলগীয়া হৈছিল। {{gap}}এটা পৰিতৃপ্ত মনেৰে ঐতিহাসিক ছেনেকা ফল্ছৰ পৰা আহিবৰ সময়ত হঠাতে নিজৰ প্ৰতি বীতশ্ৰদ্ধ বোধ কৰিলো। আজি বিদেশৰ মাটিত বিচাৰি আহিছো এগৰাকী অগ্নিকন্যাক, যাৰ স্মৃতি অমৰ কৰি ৰাখিছে তেওঁৰ স্বদেশবাসীয়ে। অসমত নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক তেনে এগৰাকী অগ্নিকন্যা আমাৰ মাজতো জানো নাছিল? কিন্তু সেইগৰাকী ধ্বজাধাৰিণী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মস্থান দৈশিংৰী গাঁৱলৈ যোৱাৰ কথাতো কেতিয়াও ভবা নাই। কেতিয়াওতো ভবা নাই চন্দ্ৰপ্ৰভাৰ স্মৃতি যুগমীয়া কৰি<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৫১'''}}</noinclude> k8f6vq3xbwqamjbwfhh4yfvhrussxlt পৃষ্ঠা:অনিমা গুহ.pdf/২৫৪ 104 59640 159953 158594 2022-07-29T08:41:44Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> ৰাখিবলৈ সেই গাঁওখনত কিবা কৰিবলৈ। {{gap}}চন্দ্ৰপ্ৰভাৰ যিটো সজাগতা আৰু চাৰিত্ৰিক দৃঢ়তা আছিল ই এলিজাবেথতকৈ কোনো অংশে কম নাছিল। কিন্তু তেওঁলোক উপজি ডাঙৰ হোৱা পৰিবেশ দুটাৰ মাজত আছিল আকাশ-পাতাল পাৰ্থক্য। চন্দ্ৰপ্ৰভাই পোৱা নাছিল এলিজাবেথে পোৱা পাৰিপাৰ্শ্বিক পৰিবেশ। আমি জানো যে জন্মগত প্ৰতিভা আৰু পৰিবেশৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ সাফল্য। এলিজাবেথৰ দৰে বিশ্বখ্যাত হোৱাৰ সকলো প্ৰতিভা থকা সত্ত্বেও একমাত্ৰ অসমত জন্মগ্ৰহণ কৰা বাবে চন্দ্ৰপ্ৰভাৰ প্ৰভা অসমৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। '''আন এগৰাকী তেজস্বিনীক বিচাৰি''' : ছেনেফা ফল্ছৰ পৰা ওলাই আমি গ'লো ফিংগাৰলেক অঞ্চলৰে আন এখন চহৰ অৱাৰ্ণলৈ। ইয়াতে আন এগৰাকী তেজস্বিনী হেৰিয়েট টাবমেনে জীৱনৰ শেষ বছৰকেইটা অতিবাহিত কৰিছিল। এলিজাবেথ আৰু হেৰিয়েট আপাতদৃষ্টিত দুই মেৰুৰ বাসিন্দা। প্ৰথমগৰাকী শ্বেতাংগ, প্ৰগতিশীল তথা অভিজাত পৰিয়ালৰ জীয়ৰী আৰু বোৱাৰী। চহকী আৰু শিক্ষিতা। দ্বিতীয়গৰাকী কৃষ্ণাংগ, ক্ৰীতদাস পৰিয়ালৰ। দৰিদ্ৰ আৰু নিৰক্ষৰ। কিন্তু দুয়োৰে মাজত আছে এটা আশ্চৰ্য সাদৃশ্য। দুয়ো মানৱ জাতিৰ মুক্তিকামী। দুয়ো শত বাধা পাৰ হৈ একমাত্ৰ মনৰ জোৰত নিজ নিজ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল. অৱশ্যে ক্ৰীতদাস হেৰিয়েটৰ পথ আছিল অধিক বিপদসংকুল। {{gap}}এটা বয়সত গল্প-উপন্যাস পাঠ কৰা মোৰ নিচা আছিল যদিও পিছলৈ প্ৰবন্ধ আৰু বিশেষকৈ জীৱন যুদ্ধত সফল মহিলাৰ জীৱনী পাঠ কৰিবলৈ ভালপোৱা হ'লো। এলিজাবেথ আৰু হেৰিয়েট টাবমেনৰ জীৱনীয়ে মোক এসময়ত প্ৰভাৱিত কৰিছিল। তেতিয়া মই ভবা নাছিলো যে কেতিয়াবা আমেৰিকালৈ আহিম আৰু অহাৰ পাছতো আশা কৰা নাছিলো এওঁলোকৰ কৰ্মভূমি দৰ্শন কৰা সম্ভৱ হ’ব। কোৱা হয় heart's earnest desire never remains unfulfilled. হয়তো সেই কাৰণেই মোৰ জীৱনৰ এটা আশা পূৰণ হ’ল। এলিজাবেথ আৰু হেৰিয়েট দুয়োৰে সান্নিধ্য লাভ কৰা যেন লাগিছিল ফিংগাৰলেক অঞ্চললৈ আহি। সেই সময়ত মোৰ হৃদয়ত যি আবেগ আৰু অনুভূতিৰ সৃষ্টি হৈছিল সম্ভৱতঃ এনে অনুভূতি অনুভৱ কৰে ধাৰ্মিক ইছলামধৰ্মীসকলে মক্কা আৰু হিন্দুসকলে তিৰুপতি মন্দিৰ বা কাশীৰ বিশ্বেশ্বৰ মন্দিৰ দৰ্শন কৰি।<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /''' ২৫৩'''}}</noinclude> coqqc3ltn4qmfyd49supkujdk9gkwsj পৃষ্ঠা:অনিমা গুহ.pdf/২৫৫ 104 59641 159954 158595 2022-07-29T08:46:31Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}হেৰিয়েট টাবমেনৰ বিষয়ে ২০০৯ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ ধাৰাবাহিকভাৱে ‘নন্দিনী' নামৰ আলোচনীখনত লিখিছো। ক্ৰীতদাসৰ ঘৰত জন্মগ্ৰহণ কৰি দুৰ্বল স্বাস্থ্যৰ শিক্ষাহীন ছোৱালী এজনী, মানসিক বলত যে ইমান বলীয়ান হ’ব পাৰে হেৰিয়েটৰ জীৱন পাঠ কৰাৰ আগতে মই কল্পনা কৰিব পৰা নাছিল। {{Gap}}আমেৰিকাত কুখ্যাত দাসপ্ৰথাৰ ভৰপকৰ সময়ত ১৮২০ চনত হেৰিয়েটৰ ক্ৰীতদাস হিচাপেই জন্ম হয় আৰু পাঁচ বছৰ বয়সৰে পৰা চাহাব মালিকৰ ঘৰত আৰম্ভ হয় তেওঁৰ দাসত্ব জীৱন। কি কঠিন আছিল সেই দিনবোৰ। উদং মজিয়াত শুইছিল, খাইছিল কুকুৰৰ লগত মালিকৰ ঘৰৰ এৰেহা। কিছুমান মানুহ বোধকৰো জন্মগতভাৱে স্বাস্থ্যৱান হয়। নহ’লৈনো এৰেহা খোৱা ছোৱালীজনী শাৰীৰিক আৰু মানসিক শক্তিৰে অসাধাৰণভাৱে বলীয়ান হ'ব পাৰেনে? দাসত্বৰ শিকলি ছিঙি ওলাই আহিবলৈ মনোবলেইবা পালে ক’ত? মনত কিমান সাহস আৰু দেহত কিমান শক্তি থাকিলে এজনী মানুহে মালিকপক্ষৰ মানুহেৰে বেৰি থকা পৰিবেশ এটাৰ পৰা পলাই আহিব পাৰে মুক্তিৰ সন্ধানত। উল্লেখযোগ্য যে দাস প্ৰথাৰ প্ৰচলন নাছিল আমেৰিকাৰ উত্তৰাঞ্চল আৰু কানাডাত। তেওঁ নিজকেই নহয়, ঊনৈশবাৰ বিপদ সংকুল পথেৰে দক্ষিণলৈ গৈ বহুতকে মুক্ত কৰি আনিছে মালিকপক্ষৰ চকুত ধূলি দি। {{gap}}হেৰিয়েটৰ জীৱনটো আছিল ৰহস্য উপন্যাসৰ সৈতে তুলনীয়। তেওঁৰ সাধাৰণ ঘৰটোৰ সন্মুখত থিয় হৈ ভাবিছিলো ইয়াতে শেষ জীৱনটো কটাইছিল নে অসাধাৰণ মানুহগৰাকী, যাক কোৱা হয় ‘স্বজাতিৰ মোজেছ’! {{Gap}}মোজেছৰ কাহিনী পাওঁ বাইবেলৰ ওল্ড টেষ্টামেনত। তেওঁ আছিল হিব্ৰু বা ইহুদী ক্ৰীতদাসৰ সন্তান। ইহুদীসকল আছিল ইজিপ্তৰ ফাৰাও (ৰজা)সকলৰ ক্ৰীতদাস। খ্ৰীষ্টপূৰ্ব আনুমানিক চতুৰ্দশ-ত্ৰয়োদশ শতিকাত হিব্ৰু ধৰ্মৰ প্ৰৱৰ্তক তথা আইন পৰামৰ্শদাতা আছিল মোজেছ। বাইবেলৰ মতে তেওঁ ইজিপ্তৰ পৰা ইহুদীসকলক উলিয়াই আনি প্ৰমিজড লেণ্ডলৈ লৈ গৈছিল। এই প্ৰমিজড লেণ্ডেই হ’ল ইহুদী জাতিক ঈশ্বৰে দিব বুলি প্ৰতিশ্ৰুতি দিয়া আদৰ্শভূমি ইজৰাইল। যাত্ৰাৰ পথত মাউণ্ট ছিনাইত ঈশ্বৰে তেওঁক টেন কমাণ্ডমেণ্ট লিখিবলৈ অনুপ্ৰাণিত কৰে। {{gap}}মোজেছৰ দৰে হেৰিয়েট টাবমেনেও আমেৰিকাৰ দক্ষিণাঞ্চলত পশুৰ জীৱন-যাপন কৰা বহু ক্ৰীতদাসক পলুৱাই আনিছিল উত্তৰৰ মুক্তাঞ্চললৈ। সেই কাৰণে তেওঁক কোৱা হয় ‘স্বজাতিৰ মোজেছ’! {{gap}}নিজে মুক্ত হোৱাৰ পাছত বছৰি এবাৰ শৰৎকালত আৰু এবাৰ বসন্তকালত পাঁচশ<noinclude>{{rh|'''২৫৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> sl5bu21q5dnmz0sraezx6tdcnp217pt পৃষ্ঠা:অনিমা গুহ.pdf/২৫৬ 104 59642 159955 158596 2022-07-29T08:49:19Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মাইল দক্ষিণলৈ এইগৰাকী মহাশক্তিধাৰিণীয়ে নিৰ্ভয়ে যাত্ৰা কৰিছিল তেওঁৰ স্বজাতিক দাসত্বৰ পৰা মুকলি কৰি আনিবলৈ। {{gap}}দাসত্বৰ শিকলিৰে বান্ধ খাই থকাতকৈ মৃত্যুয়ে শ্রেয়— এই শাৰী বাক্যৰে হেৰিয়েটে পলাতকসকলক উদ্বুদ্ধ কৰিছিল। উদ্ধাৰ অভিযানলৈ যাওঁতে হাতত তেওঁ সদায় ৰাখিছিল এটা পিস্তল ! তদুপৰি যি কোনো পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ আছিল এটা স্বভাৱজাত পাৰদৰ্শিতা। সৈন্যবাহিনীৰ কমাণ্ডাৰৰ দৰে পলাতকসকলক মাজনিশাৰ এন্ধাৰত তেওঁ বাট দেখুৱাই নিছিল। কোনোবাই ভয়ত নাইবা কষ্ট সহ্য কৰিব নোৱাৰি উভতি যাব খুজিলে হেৰিয়েটে পিস্তলটো মানুহজনৰ মূৰত লগাই কৈছিল— ‘আগবাঢ়া নহ'লে মৰা।' অৱশ্যে কোনেও মৰিবলগীয়া হোৱা নাই। নিজান হাবি, জলাভূমি আদিৰ মাজেৰে যোৱা ভাগৰুৱা পলাতকসকলক উৎসাহ যোগাবলৈ হেৰিয়েটে গানো গাইছিল। বাল্যকালত মালিকৰ ঘোচা খাই অজ্ঞান হোৱা মানুহগৰাকীৰ মগজুৰ কোনোবা এটা অংশ ৰোগগ্রস্ত হোৱাত তেওঁ ওৰে জীৱন মাজে মাজে জ্ঞান হেৰুৱাই অসাৰ হৈ পৰিছিল। এই দুঃসাহসী মানুহগৰাকীয়ে দুর্গম অঞ্চলেৰে অহা-যোৱা কৰোতে সেই ৰোগটোৰ দ্বাৰা আক্ৰান্ত হ’লে তাতেই বাগৰি পৰিছিল। সুস্থ বোধ কৰাৰ পাছত স্প্রিংমেনৰ দৰে জাঁপ মাৰি উঠি আকৌ যাত্ৰা কৰিছিল। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল এনেধৰণৰ— {{gap}}Keep going, children if you are tired keep going, if you are scared keep going, if you are hungry keep going, if you want to taste freedom, keep going. {{gap}}হেৰিয়েটৰ জীৱনৰ এই মূলমন্ত্ৰটো সমগ্ৰ আমেৰিকাবাসীৰ জীৱনৰ মূলমন্ত্ৰ হিচাপে গৃহীত হৈছে। {{gap}}তেতিয়াৰ দিনতে হেৰিয়েটৰ মূৰৰ মূল্য বাৰ হেজাৰ ডলাৰ ধার্য কৰাৰ পিছতো তেওঁ ধৰা পৰা নাছিল। ধৰা পৰো পৰো অৱস্থাতো তেওঁ ভেশছন ধৰি ছলনাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। আৰু অনেক ঘটনা-পৰিঘটনাৰে সমৃদ্ধ এইগৰাকী অবিস্মৰণীয় নাৰীৰ জীৱনী পাঠ কৰি মুগ্ধ হৈছিলো। তেওঁৰ সমপৰ্যায়ৰ পুৰুষ বা মহিলা বিশ্বত বিৰল। {{gap}}দাসপ্রথাবিৰোধী আন্দোলনৰ (Abolition) প্রখ্যাত যোদ্ধা উইলিয়াম ছিৱাৰ্ডৰ ঘৰো আছিল আবাৰ্নত। হেৰিয়েট আৰু ছিৱাৰ্ডৰ লক্ষ্য একে আছিল, দুয়ো সহযোদ্ধাও আছিল। কিন্তু সামাজিক মর্যাদাত দুয়োৰে স্থান আছিল দুই মেৰুত। কৃষ্ণাংগিনী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৫৫'''}}</noinclude> ecju9vomfo2c5qblnjba3ahda9kitji পৃষ্ঠা:অনিমা গুহ.pdf/২৫৮ 104 59643 159957 158462 2022-07-29T08:54:28Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হেৰিয়েটৰ প্ৰথাগত শিক্ষা-দীক্ষা নথকাৰ বিপৰীতে প্ৰভাবশালী উচ্চশিক্ষিত শ্বেতাংগ উইলিয়াম ছিবাৰ্ড আছিল প্ৰেছিডেণ্ট আব্ৰাহাম লিংকনৰ (১৮০৯-১৮৬৫) সহকৰ্মী। ১৮৬৩ চনৰ ১ জানুৱাৰী তাৰিখে লিংকনে কুখ্যাত দাসপ্ৰথা তুলি দি সকলো মানুহক চিৰদিনৰ বাবে মুক্ত বুলি ঘোষণা কৰিছিল। তেওঁৰ এই মহৎ কীৰ্তিয়ে একাংশ মানুহৰ স্বাৰ্থত আঘাত হনাৰ ফলত ঘাতকৰ হাতত লিংকন নিহত হৈছিল আৰু ছিবাৰ্ড হৈছিল আহত। এওঁ আছিল লিংকনৰ বৈদেশিক সচিব। {{gap}}ছিৱাৰ্ডৰ প্ৰাসাদোপম গৃহৰ আটালত লুকুৱাই ৰখা হৈছিল পলাতক ক্ৰীতদাসসকলক। এলিজাবেথ কেডি ষ্টেনটন আৰু হেৰিয়েট টাবমেনৰ কৰ্ম তথা বাসস্থান দৰ্শন কৰিবলৈ আহি উইলিয়াম ছিৱাৰ্ডৰ সুসংৰক্ষিত প্ৰাসাদতো সোমাইছিলো। সমগ্ৰ দেহত এটা শিহৰণ অনুভৱ কৰিছিলো পলাতক ক্ৰীতদাসসকলক লুকুৱাই ৰখা আটালটো দেখি। তেওঁৰ লাইব্ৰেৰীটোও চাবলগীয়া। সেই লাইব্ৰেৰীৰ দহ হেজাৰ কিতাপ আজিও সুৰক্ষিত অৱস্থাত আছে। শ্বেলফত প্ৰথমতে মোৰ চকুত পৰিছিল গ্ৰে’জ এনাটমীখন। হয়তো সেইখন পাঠ কৰি তেওঁ উপলব্ধি কৰিছিল শাৰীৰিক দিশৰ পৰা মানুহে মানুহে কোনো পাৰ্থক্য নাই। {{gap}}ঐতিহাসিক স্থান, গৃহ আদি পশ্চিমৰ মানুহে বিনষ্ট হ’বলৈ নিদিয়ে, সংৰক্ষণ কৰি ৰাখে ভৱিষ্যৎ প্ৰজন্মৰ বাবে। মিছৰ, ইউৰোপ, ব্ৰিটেইনৰ সভ্যতা প্ৰাচীন। সংৰক্ষিত সকলো সৌধ আৰু কীৰ্তিসমূহ যুগ যুগ ধৰি অতীতৰ ইতিহাস বহন কৰি আছে। সেই তুলনাত আজিৰ আমেৰিকা শিশু। বয়স ছশ বছৰমান। কিন্তু তাৰে ভিতৰত ঘটি যোৱা ইতিহাসৰ কুটা এডালো ল’ৰ-চৰ হ’বলৈ দিয়া নাই। ফলত দেখা পালো ফিংগাৰ লেক অঞ্চলৰ ইতিহাস বিজড়িত গৃহবোৰ, দেখিছো পট’মাক নৈৰ পাৰত বিস্তীৰ্ণ এলেকা জোৰা মাউণ্ট ভাৰ্ননত আমেৰিকাৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট জৰ্জ ৱাশ্বিংটনৰ নিজস্ব এষ্টেট। প্ৰেছিডেণ্টেই নহয় তেওঁ আছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰধান সেনাপতি। তেওঁ কিন্তু মনে-প্ৰাণে আছিল এগৰাকী খেতিয়ক আৰু উদ্ভিদ বিজ্ঞানী। সুদীৰ্ঘ আঠ বছৰ যুদ্ধ ক্ষেত্ৰত কটাই তেওঁ আহিছিল মাউণ্ট ভাৰ্ননৰ নিজস্ব খেতিপথাৰলৈ। কিন্তু ভাগ্যই তেওঁক আকৌ টানি নিছিল এনে এটা পদলৈ যিয়ে তেওঁক কৰিলে ভুবন বিখ্যাত। দিলে অমৰত্ব। ১৭৮৯ চনৰ ৩০ এপ্ৰিলৰ দিনা হেজাৰ হেজাৰ ৰাইজৰ সন্মুখত দেশৰ প্ৰথম প্ৰেছিডেণ্ট হিচাপে শপতগ্ৰহণ কৰিবৰ সময়ত তেওঁ দুৰ্বল বোধ কৰিছিল— সকলোৰে আশা পূৰণ কৰিব পাৰিবতো? জৰ্জ ৱাশ্বিংটনৰ বিশাল চৌহদত, ঘৰৰ ভিতৰত, ফুলনিত, পাচলিৰৰ খেতিত সোমালে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৫৭'''}}</noinclude> kyqpvqeq4km3z5pt56dowtkqcab5cxi পৃষ্ঠা:অনিমা গুহ.pdf/২৬০ 104 59644 159958 158464 2022-07-29T08:57:05Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>এনে লাগে যেন ঘৰৰ গৰাকীজন ইয়াতে ক'ৰবাত আছে। {{gap}}একেই সুৰক্ষিত অৱস্থাত হাইড পাৰ্কত দেখিছো যোৱা শতিকাৰ ত্ৰিশৰ দশকত আমেৰিকাৰ মন্দাকালৰ পৰিত্ৰাতা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এগৰাকী বিশ্বনেতা, চাৰিবাৰকৈ আমেৰিকাৰ প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত জনপ্ৰিয় ফ্ৰেংকলিন ডি ৰুজভেল্টৰ (১৮৮২-১৯৪৫) এষ্টেট। ৩৯ বছৰ বয়সত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ কঁকালৰ তলৰ অংশ তেওঁৰ অৱশ হয়। তাৰ পাছতহে তেওঁ ৰাজনীতিৰ মঞ্চত প্ৰৱেশ কৰি বিশ্বনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁ খোজকাঢ়িব পৰা নাছিল, তেতিয়াৰ দিনত লিফ্‌টো নাছিল। দুই-তিনি মহলালৈ উঠা-নমা কৰিবলৈ তেওঁৰ ব্যৱহৃত হাতেৰে চালিত এখন বিশেষ ধৰণৰ চকী সুৰক্ষিত অৱস্থাত দেখিলো। ৰুজভেল্টে পৃথিৱীৰ সকলো ভয় জয় কৰিব পাৰিছিল বাবেহে ক'ব পাৰিছিল — The only thing we have to fear is fear itself. {{gap}}একেদৰে দেখিছো ৰিপ্ ভ্যান উইংক্‌লৰ গ্ৰন্থকাৰ ৱাশ্বিংটন আৰ্ভিঙৰ হাডচন নৈৰ পাৰৰ ঘৰটো। আনকি ১৮৯০ ৰ দশকত স্বামী বিবেকানন্দ আমেৰিকালৈ যাওঁতে নিউয়ৰ্কৰ উত্তৰে তেওঁৰ বন্ধু ধনকুবেৰ ফ্ৰান্সিছ লেগেতৰ বিশাল এষ্টেটৰ ৰিজ্‌লী মেনৰ নামৰ যিটো ঘৰত আছিল সেইটোও সুৰক্ষিত। ১৮৯৪ চনত নিউয়ৰ্ক মহানগৰীত প্ৰতিষ্ঠা লাভ কৰা বেদান্ত ছ'চাইটিৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট আছিল ফ্ৰান্সিছ লেগেত নামৰ চাহাবজন। বৰ্তমানে বিবেকানন্দ বাস কৰা ঠাইডোখৰ ৰামকৃষ্ণ মিছনৰ অধীনত। চাহাব-মেম সন্ন্যাসীসকলে হিন্দুৰ দৰেই ৰামকৃষ্ণ আৰু শ্ৰীমাক পূজা কৰে। বিবেকানন্দৰ বিছনা, চকী-মেজ সকলো সুৰক্ষিত। তেওঁ বোলে আইচক্ৰীম খাবলৈ ভাল পাইছিল। {{gap}}তদুপৰি দেখিছিলো সোতৰ শতিকাৰ এটা পৰিত্যক্ত ৰূপৰ খনি আৰু কাৰখানা, ডাচ্চ ব্যৱসায়ী গোষ্ঠীৰ পৰিত্যক্ত বসতি। পৰিত্যক্তৰ অৰ্থ হাবিৰ মাজত পেলাই থৈ যোৱা নহয়৷ সু-সংৰক্ষিত কৰি এনেকৈ ৰখা হয় যেন ৰূপৰ খনিৰ পৰা চপৰা চপৰে আকৰ আনি তাৰ পৰা ৰূপ উলিয়াই আছে। আগৰ সকলো সা-সামগ্ৰী পৰ্যন্ত সুৰক্ষিত। ডাচ্চ ব্যৱসায়ীসকলৰ ব্যৱসায়ো যেন চলিয়ে আছে। যিকোনো সংৰক্ষণৰ দায়িত্ব ঘাইকৈ গ্ৰহণ কৰে ধনশালী নাগৰিকসকলে। তদুপৰি পৰ্যটকলৈ বেচা টিকটৰ পৰাও অৰ্থ সংগ্ৰহ হয়। {{gap}}প্ৰায় ত্ৰিশ বছৰ অসমৰ বাহিৰত কটাই স্থায়ীভাৱে গুৱাহাটীলৈ আহি প্ৰথমতে গৈছিলো মোৰ মৰমৰ কটন কলেজখন চাবলৈ। তাত ঐতিহ্যপূৰ্ণ এ্যডমিনিষ্ট্ৰেটিভ বিল্ডিঙটোৰ ঠাইত কংক্ৰিটৰ বিল্ডিংটো দেখি বৰ হতাশ হৈছিলো। একেদৰে হতাশ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৫৯'''}}</noinclude> qx3cbqr1sfwdw7cmftmxr8ypah7477k পৃষ্ঠা:অনিমা গুহ.pdf/২৬৩ 104 59645 159959 158465 2022-07-29T08:59:35Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মহাপ্ৰতাপেৰে ব্যৱসায়-বাণিজ্যত লিপ্ত হৈ আছে। {{gap}}এখন দোকানত চিলিঙৰ পৰা মজিয়ালৈ নিৰ্মাণ কৰা শ্বেল্‌ফবোৰত ঠাহ খাই থকা দেখিলো বাংলাদেশ আৰু পশ্চিমবংগৰ গ্ৰন্থকাৰসকলৰ কিতাপ, গায়কসকলে গোৱা গীত-মাতৰ চিডি, বিবিধ বাংলা কাকত-আলোচনী আদি। তদুপৰি কথাছবিৰ ডিভিডিতো আছেই। সকলো কিন্তু বাংলা চিনেমাৰ, হিন্দী-ইংৰাজীৰ স্থান নাই বাংলাদেশী দোকানবোৰত। {{gap}}কাবাব কিং নামৰ ৰেস্তোৰাঁত বিৰিয়ানি আৰু কাবাব খাবলৈ সোমাই আন দেশৰ মানুহকো দেখিলো উৎকৃষ্ট কাবাবৰ সোৱাদ ল’বলৈ বহি আছে। ওৱেটাৰবোৰো বাংলাদেশী আছিল। এজনে মোক সম্ভাষণ কৰিছিল চেলাম আলেইকুম শব্দ দুটাৰে। ময়ো উত্তৰত কৈছিলো আলেইকুম চেলাম। {{gap}}ৰাতি দহমান বজাত কাবাব কিঙৰ পৰা ওলাই ফুটপাথত দেখিলো বিবিধ পাচলিৰ সম্ভাৰ মেলি বহি আছে বাংলাদেশী বিক্ৰেতা। এইবোৰৰ কিন্তু এবিধো নাছিল চাহাবৰ দেশৰ পাচলি। নিজকে প্ৰশ্ন কৰিছিলো আমি আমেৰিকাত নে গুৱাহাটীত? আমাৰ উলুবাৰী বজাৰতো ফুটপাথত বহি এওঁলোকৰ দৰেই লাও-কোমোৰাৰ আগ, পুৰৈ শাক, মৰাপাট শাক আদি বেচে পাচলিৱালাহঁতে। যি কি নহওক, নোপোৱাই পোৱা দি বেগ ভৰাই শাক কিনি ফুটপাথেৰে আগুৱাই গৈ আছিলো। এনেতে আকৌ আচৰিত হ'বৰ পাল পৰিল। পাচলি আৰু মাছৰ দোকানত কচুৰ ঠাৰি, কলডিল, পচলা, কাচকল, কেঁচা অমিতা, পটল আৰু বিবিধ মাছ— ইলিছ, কাৱৈ, ৰৌ, ভাঙন ইত্যাদি। মাছবোৰ হিমায়িত যদিও প্ৰতি শুকুৰবাৰে ঢাকাৰ পৰা আহে সতেজ মাছ। কিমান যে মাছ আৰু পাচলি কিনিলো! আমি তেতিয়া নিচাগ্ৰস্তৰ দৰে দোকানে দোকানে সোমাই চাইছো আৰু কি পোৱা যায়। এখনত আৱিষ্কাৰ কৰিলো খেজুৰৰ গুড় আৰু আম, জলফাই, তেঁতেলী, অমৰাৰ আচাৰ। আৰু মুড়িও। {{gap}}বিশ্বৰ কোনো দেশেই বোধকৰো বাংলাদেশীমুক্ত নহয়। যিবোৰ দেশত জনবিস্ফোৰণ ঘটিছে তাৰ মাজত এখন হ’ল বাংলাদেশ। সাধাৰণ বিস্ফোৰণ নহয়, হাইভল্টেজ বিস্ফোৰণ। দেশখনত প্ৰতি বৰ্গকিলোমিটাৰত জনবসতিৰ ঘনত্ব ৮৭৫, ভাৰতত এই সংখ্যা ৩২৪। বাংলাদেশ অনুন্নতও। জীৱিকাৰ সুযোগ ইমানে সীমিত যে তাৰপৰা ওলাই যোৱাৰ বাহিৰে উপায় নাই। বৈধ-অবৈধ দুয়ো পদ্ধতিৰে বহু দেশত সিঁচৰতি হৈ পৰিছে তেওঁলোক। আমেৰিকা চৰকাৰে লটাৰীৰ মাধ্যমেৰে মাজে মাজে বাংলাদেশীক ভিছা দিয়ে। বোধকৰো সেই কাৰণেই বাংলাদেশীসকলে নিউয়ৰ্কৰ এটা<noinclude>{{rh|'''২৬২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> tp5hkx2aavmfdnqksom6rhtjckuhbjh পৃষ্ঠা:অনিমা গুহ.pdf/৩৫২ 104 59723 159928 158586 2022-07-28T17:26:42Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কোৱা হয় ফাল্টু শ্ৰমিক। স্থায়ী মহিলা শ্ৰমিকক আন্তৰ্জাতিক শ্ৰম সংস্থা আৰু ভাৰতীয় শ্ৰমিক সংগঠনৰ নীতি-নিয়ম উলংঘা কৰি পুৰুষতকৈ কম মজুৰি দিয়া হয়। ৰেছন দিয়া হয় নিকৃষ্টমানৰ। এওঁলোকৰ ভিতৰত সাক্ষৰতাৰ হাৰ দুখ লগাকৈ কম। পঢ়া-শুনাৰ পৰিবেশ নাই। স্বাস্থ্য, শিক্ষা, খোৱাপানী, বাসস্থান ইত্যাদি মানুহৰ দৰে বাস কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম সা-সুবিধাৰ অভাৱ। এইদৰেই চলি আছে গণতান্ত্ৰিক ভাৰতৰ একাংশ নাগৰিকৰ জীৱনযাত্ৰা। {{Center|{{larger|'''মোৰ পৰিয়াল'''}}}} পৰিয়ালৰ যিটো সংজ্ঞা বা পৰিয়াল বুলিলে মানুহে যি বুজে তাৰ লগত মই কেতিয়াবা—একমত হ’ব নোৱাৰো। পিতৃপ্ৰধান সমাজৰ নিয়ম মতে একে পূৰ্বপুৰুষৰ পৰা নামি অহা উত্তৰ পুৰুষ সকল একেটা বংশৰ, গতিকে একেটা বৃহৎ পৰিয়ালৰ। পিছে একেজন পূৰ্বপুৰুষৰ বংশধৰ সকল কালক্ৰমে বাঢ়ি বাঢ়ি ইমান বিস্তৃত হয় যে এটা সময়ত কোনেও কাকো চিনি নোপোৱা হয়, সম্পৰ্কও নাথাকে। গতিকে সমাজেই নিৰূপণ কৰি দিয়ে পৰিয়ালৰ আকাৰ। যেনে, সাত বা পাঁচ পিৰি দূৰলৈ গ'লে সম্পৰ্ক ছিন্ন হয় কিছুমান পৰিয়ালত। প্ৰচলিত ধাৰণা মতে এহাল দম্পতী আৰু তেওঁৰ আটাইকেজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে গঠিত ঘৰখনেই এটা পৰিয়াল, যাক যৌথ পৰিয়াল বুলি কোৱা হয়। আজিকালি যৌথ পৰিয়ালবোৰ ভাগি যাবলৈ ধৰিছে। পতি-পত্নী আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰে গঠিত অণু (nuclear) পৰিয়ালবোৰেই আজিৰ সমাজত প্ৰাধান্য লাভ কৰি আছে। এটা কথা মন কৰিব লগা যে বংশৰ গতি নিৰ্ধাৰিত হয় পুৰুষৰ যোগেদি। তিৰোতা মানুহৰ ইয়াত কোনো স্থান নাই। পুৰুষৰ আটাইকেইজন ভায়েক ককায়েক একে পৰিয়ালৰ, কিন্তু মহিলাৰ বাই-ভনীসকলৰ বিয়া হৈ গ'লে মাক ভায়েক-ককায়েকৰ লগত সম্পৰ্ক ছিন্ন হৈ বেলেগ পৰিয়ালভুক্ত হয়। {{gap}}মই কিন্তু কোনো দিনে মানি লোৱা নাই সমাজে বান্ধি দিয়া এই বৈষম্যমূলক নিয়ম। মই কল্পনা কৰিব নোৱাৰো যে একে মাক-দেউতাকৰ জীয়ৰী বাইদেউ অনিতা, ভনী সবিতা, প্ৰতিমা, ৰীতা আৰু মই একে পৰিয়ালৰ নহওঁ। উপজিবৰ পাছৰে পৰা বহু বছৰলৈ একেখন ঘৰতে ডাঙৰ হৈছো, একেলগে খাইছো, শুইছো, পঢ়িছো, ফুৰিছো, সুখ-দুখ উপভোগ কৰিছো। ভায়েক-ককায়েক একেখন চালৰ তলত বাস<noinclude>{{rh|'''৩৫০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0oryox71yx8gnvp0ngdm9w23b1215kt পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৩ 104 59724 159929 158587 2022-07-28T17:28:48Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নকৰিলেও একেটা যৌথ পৰিয়ালৰ বুলি কোৱা হয়। ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম নাথাকে। মোৰ দৃষ্টিত মোৰ ভনীহঁতৰ অণু পৰিয়ালবোৰো মোৰ যৌথ পৰিয়ালৰ সদস্য। {{Gap}}মোৰ সংজ্ঞাত কেৱল বাই-ভনীয়ে নহয় মোৰ অনেক অতি আপোনজন, যাৰ সৈতে হয়তো তেজৰ সম্পৰ্ক নাই, তেওঁলোকো মোৰ পৰিয়ালভুক্ত। মই কেনেকৈ ক’ম সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ-মুকুল কলিতা, মঞ্জুলা আৰু তেওঁৰ পুত্ৰ কন্যা ভাস্কৰ-জিঞ্জি, তেওঁৰ পালিতা কন্যা ৰীমা-ববিতা, জুনু বৰা-নৰেন বৰা মোৰ পৰিয়ালৰ কোনো নহয় বুলি। মঞ্জুলাই তেওঁৰ গাঁঠিৰ ধন খৰচ কৰি মোৰ ‘সোঁতৰ বিপৰীতে’ নামৰ কিতাপখন প্ৰকাশ কৰি মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল। মই ক’ব পাৰো নে কুমুদ ৰঞ্জন দাস, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, অলক আৰু ৰাজীৱ অধিকাৰী ভ্ৰাতৃদ্বয়, ৰাজেন্দ্ৰ আৰু সৰিতা খেতোৱাত, খগেন শৰ্মা, হেমন্ত বৰ্মন-সম্প্ৰীতি মোৰ পৰিয়ালৰ কোনো নহয়। সুখে-দুখে তেওঁলোক আমাৰ কাষত থিয় দিয়েহি। আন অনেকৰ নাম হয়তো থাকি গ'ল। অনেকে ক’ব পাৰে তেওঁলোকক পৰিয়াল নহয় বন্ধু বুলি ক'ব পাৰি। কিন্তু বন্ধুত্ব হয় সমবয়সাৰ লগত। এওঁলোক আটায়ে মোৰ পুত্ৰ-কন্যা সম। {{gap}}মইনো কেনেকৈ কওঁ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ দক্ষিণ গুৱাহাটী শাখাত কৰ্মৰত শ্যামন্ত কোঁৱৰ, সঞ্জয় চক্ৰৱৰ্তী, সুৰজিত বৰুৱা — যি তিনিজনক মই ‘থ্ৰী এছ’ বুলি কওঁ মোৰ আপোন নহয় বুলি। আমাৰ সাহায্যকাৰিণী সুৰো দেৱীৰ লগত সাধাৰণতে বেঙ্কলৈ যাওঁ। উভতি আহি সুৰোই গৃহস্থক কয়, ‘মাহী বেংকত সোমাই থম থম মদন গোপাল হৈ বহি থাকে। সকলো কাম কৰি দিয়ে বেংকৰ মানুহে'। সঁচাই ভাবো এওঁলোক বদলি হৈ গ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। একেদৰে ইউ বি আই বেংকতো আছে মোৰ আপোনজন। তাতো বহি থাকো বিগ্ৰহটোৰ দৰে। দুদুলমণি শৰ্মা আৰু ৰুমা গোস্বামী থাকোতে কিহৰ চিন্তা? আন এজন আছিল দীপংকৰ খাওন্দ। তেওঁ বদলি হৈ গৈছে। ৰুমা আকৌ আমাৰ সহপাঠী ফুচুৰি গোঁসাই অৰ্থাৎ নৰেণ গোস্বামীৰ জীয়ৰী। আৰ্য হাস্পাতালৰ এম ডি ডাঃ বিজয়া গোস্বামী, অনিল শৰ্মা মোৰ আপোন নহয় নে? আপোন নহয় নে গল্পকাৰ প্ৰণৱজ্যোতি ডেকা আৰু তেওঁৰ পত্নী গীতা? {{gap}}মোৰ নিজস্ব সংজ্ঞা মতে মোৰ বৃহত্তৰ পৰিয়ালৰ সদস্য সংখ্যা অনেক।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৩৫১'''}}</noinclude> 8wcnygu61uluzy3s9097zxh8uivdkuz পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৪ 104 59725 159930 158588 2022-07-28T17:30:41Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> '''মোৰ অনু পৰিয়াল''' : ইতিহাসবিদ, সমাজবিজ্ঞানী, গৱেষক, সাহিত্যিক আৰু কবি হিচাপে খ্যাত আমাৰ গৃহস্থ অধ্যাপক অমলেন্দু গুহ, আমাৰ পুত্ৰ সুপ্রতীক (জয়), বোৱাৰী মনীষা আৰু দুই নাতি ঋষভ-অনুভৱৰে আমাৰ অণু পৰিয়াল গঠিত। পুত্র-বোৱাৰীৰ কথা ইতিমধ্যে বিভিন্ন প্রসংগত উল্লেখ কৰিছো। কোৱা হৈছে পুত্র জয় আৰু বোৱাৰী মনীষা অগাপিছাকৈ খড়গপুৰ আই আই টিৰ পৰা ওলাই উচ্চ শিক্ষার্থে আমেৰিকালৈ গৈছিল ৷ দুয়ো ইউনিভাৰচিটি অব্ চাদাৰ্ন। কেলিফ’ৰ্নিয়াৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰি আমেৰিকাৰ পূৱ উপকূললৈ চাকৰি কৰিবলৈ আহে। মনীষা সোমালে ফিলিপচ্ কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হৈ আৰু জয় গ’ল মিনিয়া পলিচৰ 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হিচাপে ৷ দুবছৰমান পিছত জয় আহিল নিউয়র্ক ষ্টেটত অৱস্থিত আই বি এম কোম্পানীলৈ। বর্তমান তেওঁ কোম্পানীটোৰ এটা বিভাগৰ সঞ্চালক। পিছে ল’ৰাৰ দেহত আছে শিক্ষকৰ তেজ। দেউতাক শিক্ষক, ককাদেউতাক শিক্ষক। তাৰো ইচ্ছা আছিল শিক্ষকতা কৰা।কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ আহিছিল। পিছে বিয়া বাৰু কৰাই সংসাৰ পাতিলে মানুহে কেতিয়াবা স্বাধীনতা বিসর্জন দিবলগীয়া হয়। তাৰ বিয়াও পতা হৈছিল আজিকালিৰ তুলনাত কম বয়সত। আমেৰিকাত আত্মীয়-আপোনজনহীন পৰিবেশত অকলশৰে জীৱন কটোৱা কষ্টকৰ। নিজে পছন্দ কৰা বিয়া ঠিকেই হৈ আছিল। মনীষা বি টেক পাছ কৰি আমেৰিকালৈ উচ্চ শিক্ষার্থে যোৱাৰ এবছৰৰ পাছতে দুয়ো পি এইচ ডিৰ ছাত্ৰ হৈ থাকোতে তেওঁলোকৰ বিয়া পাতি দিয়া হৈছিল। ডিগ্রী লাভ কৰাৰ পাছত কম বয়সতে তেওঁলোক পিতৃ-মাতৃও হয়৷ {{Gap}}বিচাৰি বিচাৰি ভাল স্কুলত সন্তানক ভর্তি কৰোৱাৰ পাছত মাক-দেউতাকে সহজতে আন ঠাইলৈ চাকৰি সলনি কৰি যোৱাত হয় কিছু অসুবিধা। আন এটা সমস্যা পতি-পত্নী দুয়ো পছন্দমতে একে বিশ্ববিদ্যালয়ত নহ'লেও ওচৰা-ওচাৰিকৈ কাম পাব লাগিব। স্বামী-স্ত্রী দুয়ো বেলেগ বেলেগ ঠাইত থাকি কাম কৰাৰ উদাহৰণ নোহোৱা নহয়। পিছে ল'ৰা-বোৱাৰী দুয়ো নিজ নিজ পদত সুপ্রতিষ্ঠিত। তদুপৰি জয়ে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সপ্তাহত এদিন অবৈতনিক অধ্যাপক হিচাপে পঢ়ায়। মনীষায়ো এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউতত পঢ়াইছিল। কিছুদিন কৰাৰ পাছত এৰি দিছে। আচল চাকৰিটো কৰি নিউয়ৰ্ক চিটিলৈ গৈ ক্লাছ লৈ উভতি আহে মানে ভালেখিনে ৰাতি হয়। ঘৰত ল’ৰা দুটাৰ পঢ়া শুনাৰ খা-খবৰ ঘাইকৈ মনীষাই<noinclude>{{rh|'''৩৫২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> segk62opcxphew32l1ebzl887135um7 159931 159930 2022-07-28T17:31:08Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> '''মোৰ অনু পৰিয়াল''' : ইতিহাসবিদ, সমাজবিজ্ঞানী, গৱেষক, সাহিত্যিক আৰু কবি হিচাপে খ্যাত আমাৰ গৃহস্থ অধ্যাপক অমলেন্দু গুহ, আমাৰ পুত্ৰ সুপ্রতীক (জয়), বোৱাৰী মনীষা আৰু দুই নাতি ঋষভ-অনুভৱৰে আমাৰ অণু পৰিয়াল গঠিত। পুত্র-বোৱাৰীৰ কথা ইতিমধ্যে বিভিন্ন প্রসংগত উল্লেখ কৰিছো। কোৱা হৈছে পুত্র জয় আৰু বোৱাৰী মনীষা অগাপিছাকৈ খড়গপুৰ আই আই টিৰ পৰা ওলাই উচ্চ শিক্ষার্থে আমেৰিকালৈ গৈছিল ৷ দুয়ো ইউনিভাৰচিটি অব্ চাদাৰ্ন। কেলিফ’ৰ্নিয়াৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰি আমেৰিকাৰ পূৱ উপকূললৈ চাকৰি কৰিবলৈ আহে। মনীষা সোমালে ফিলিপচ্ কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হৈ আৰু জয় গ’ল মিনিয়া পলিচৰ 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হিচাপে ৷ দুবছৰমান পিছত জয় আহিল নিউয়র্ক ষ্টেটত অৱস্থিত আই বি এম কোম্পানীলৈ। বর্তমান তেওঁ কোম্পানীটোৰ এটা বিভাগৰ সঞ্চালক। পিছে ল’ৰাৰ দেহত আছে শিক্ষকৰ তেজ। দেউতাক শিক্ষক, ককাদেউতাক শিক্ষক। তাৰো ইচ্ছা আছিল শিক্ষকতা কৰা।কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ আহিছিল। পিছে বিয়া বাৰু কৰাই সংসাৰ পাতিলে মানুহে কেতিয়াবা স্বাধীনতা বিসর্জন দিবলগীয়া হয়। তাৰ বিয়াও পতা হৈছিল আজিকালিৰ তুলনাত কম বয়সত। আমেৰিকাত আত্মীয়-আপোনজনহীন পৰিবেশত অকলশৰে জীৱন কটোৱা কষ্টকৰ। নিজে পছন্দ কৰা বিয়া ঠিকেই হৈ আছিল। মনীষা বি টেক পাছ কৰি আমেৰিকালৈ উচ্চ শিক্ষার্থে যোৱাৰ এবছৰৰ পাছতে দুয়ো পি এইচ ডিৰ ছাত্ৰ হৈ থাকোতে তেওঁলোকৰ বিয়া পাতি দিয়া হৈছিল। ডিগ্রী লাভ কৰাৰ পাছত কম বয়সতে তেওঁলোক পিতৃ-মাতৃও হয়৷ {{Gap}}বিচাৰি বিচাৰি ভাল স্কুলত সন্তানক ভর্তি কৰোৱাৰ পাছত মাক-দেউতাকে সহজতে আন ঠাইলৈ চাকৰি সলনি কৰি যোৱাত হয় কিছু অসুবিধা। আন এটা সমস্যা পতি-পত্নী দুয়ো পছন্দমতে একে বিশ্ববিদ্যালয়ত নহ'লেও ওচৰা-ওচাৰিকৈ কাম পাব লাগিব। স্বামী-স্ত্রী দুয়ো বেলেগ বেলেগ ঠাইত থাকি কাম কৰাৰ উদাহৰণ নোহোৱা নহয়। পিছে ল'ৰা-বোৱাৰী দুয়ো নিজ নিজ পদত সুপ্রতিষ্ঠিত। তদুপৰি জয়ে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সপ্তাহত এদিন অবৈতনিক অধ্যাপক হিচাপে পঢ়ায়। মনীষায়ো এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউতত পঢ়াইছিল। কিছুদিন কৰাৰ পাছত এৰি দিছে। আচল চাকৰিটো কৰি নিউয়ৰ্ক চিটিলৈ গৈ ক্লাছ লৈ উভতি আহে মানে ভালেখিনে ৰাতি হয়। ঘৰত ল’ৰা দুটাৰ পঢ়া শুনাৰ খা-খবৰ ঘাইকৈ মনীষাই<noinclude>{{rh|'''৩৫২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 5o52u0uz9z84m205nmkaf364kq34z5i পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৫ 104 59726 159932 158589 2022-07-28T17:33:33Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কৰে। ইমান পৰিশ্ৰম কৰা আমাৰো ভাল লগা নাছিল। সাতে-পাঁচে এৰি দিলে। তেৱোঁ দৰমহা লোৱা নাছিল। {{Gap}}আমি এবাৰ তাত থাকোতে মনীষা সেইখন ইনষ্টিটিউটত কাম কৰি আছিল। আহিবৰ সময়ত প্ৰায়ে বাংলাদেশী দোকানৰ পৰা আনিছিল কাবাব আৰু চিকেন বা মাটন ৰোল। যাওক বাৰু খোৱাৰ কথা। {{gap}}ল’ৰাৰ পৰিয়ালটো নিউয়ৰ্ক মহানগৰীৰ উত্তৰে ওৱেষ্টচেষ্টাৰ কাউণ্টিত (কাউণ্টি আমাৰ মহকুমাৰ দৰে) চাপাকুৱা নামৰ চহৰত থাকে। ক্লিণ্টন দম্পতীৰ ঘৰো একেখন চহৰতে। জয়-মনীষা দুয়োৰে কৰ্মস্থল ঘৰৰ পৰা নাতিদূৰত। তাত ঘৰ কিনাৰ একমাত্ৰ উদ্দেশ্য আছিল ঠাইখনৰ প্ৰথম শ্ৰেণীৰ স্কুলবোৰ। সেইখন দেশত স্কুল ভাল হ’লে ঘৰৰ দাম বেছি হয়। গৃহস্থৰ ল’ৰা-ছোৱালী পঢ়ক বা নপঢ়ক নিৰ্দিষ্ট নিৰিখত নিজৰ ঘৰ থকা মানুহে স্কুল টেক্স দিবই লাগিব। পাব্লিক স্কুলবোৰ ঘাইকৈ টেক্সৰ টকাৰেই চলে। চাপাকুৱাৰ স্কুলবোৰৰ মান যে উন্নত মোৰ সৰু নাতিটোক প্ৰাইমাৰী স্কুলত ভৰ্তি কৰাবলৈ যাওঁতেই দেখিছিলো। প্ৰাইমাৰী স্কুলৰ লাইব্ৰেৰী, অডিটৰিয়াম, কম্পিউটাৰ কোঠা, গান-বাজনাৰ কোঠা, বাস্কেট বল কোৰ্ট ইত্যাদি চাওঁতে ভাবিছিলো কোনোবা বিশ্ববিদ্যালয়ৰ কেম্পাছতে সোমালো নেকি। আমেৰিকাত দ্বাদশ শ্ৰেণীলৈ পঢ়াশুনা বিনামূলীয়া; আনকি বাছেৰে অহা-যোৱাও বিনামূলীয়া। তেওঁলোকৰ নীতি হ’ল দেশৰ সকলোৱে উচ্চতৰ মাধ্যমিকলৈ পঢ়াটো আৱশ্যকীয়। তাৰ পিছত কলেজত পঢ়ক-নপঢ়ক নিজৰ কথা। গতিকে কলেজৰ শিক্ষা গ্ৰহণ অনেকে কৰে ঋণ লৈ। আজিকালি আমাৰ ইয়াতো ছাত্ৰ-ছাত্ৰীয়ে ঋণ লৈ শিক্ষা গ্ৰহণ কৰাটো সহজ হৈছে।আমাৰ ইয়াতো বিদেশৰ দৰে ঘৰ সাজিবলৈ বা গাড়ী কিনিবলৈ পইচা জমাব নালাগে। {{Gap}}সংস্কৃতত এশাৰী বাক্য আছে— ‘ঋণং কৃত্বা ঘৃতং পিবেৎ যাবজ্জীৱন সুখং জীবেৎ।' ঋণ কৰি ঘিউ খাই ওৰে জীৱন সুখেৰে থাকা। বেংকৰ ঋণ অৱশ্যে ঘুৰাই দিব লাগে। যি কি নহওক, ঋণ লৈ নিজৰ ভৰিত থিয় দিব পাৰিলে পিছত পৰিশোধ কৰাত অসুবিধা ক’ত? {{gap}}আমেৰিকাত সৰু ল’ৰা-ছোৱালী হোৱাৰ দৰে সুখ নাই। প্ৰথম সুখ হ’ল কোনোবা এটা শ্ৰেণীলে পঢ়া-শুনাৰ চাপ নাই, পৰীক্ষাও নাই, এসোপামান হ’ম ৱৰ্কো নাই। আমাৰ ইয়াৰ শিশুৰ দৰে তেওঁলোকৰ শৈশৱ হ'ম ৱৰ্কৰ হেঁচাত পংগুত্ব প্ৰাপ্ত নহয়। হালধীয়া ৰঙৰ স্কুল বাছে ছাত্ৰ-ছাত্ৰীক নমাবলৈ বা উঠাবলৈ ধৰিলে দুয়োফালৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৩৫৩'''}}</noinclude> q8g6u1hrxctmpgm14ipuja032g15ts3 পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৬ 104 59727 159933 158590 2022-07-28T17:35:33Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>ট্ৰেফিক বন্ধ হৈ যায়। দুৰ্ঘটনাত যাতে কোনো ছাত্ৰ-ছাত্ৰী আহত বা নিহত নহয় তাৰ বাবে এই সতৰ্কতা। {{gap}}কিতাপৰ দোকানত দেখিছো শিশু সকলৰ অবাধ স্বাধীনতা। বাৰ্নছ এণ্ড ন’ব্লছ নামৰ বিখ্যাত কিতাপৰ দোকানত দেখিছিলো এখোজ দুখোজ খোজ কাঢ়িব পৰা শিশুৰ বাবেও আবেষ্টনীৰ মাজত কিতাপৰ ব্যৱস্থা। ফালিব নোৱৰা প্লাচটিক জাতীয় কাগজত ছপা হয় সিহঁতলৈ কিতাপ। সেই কিতাপৰ লগত সজাই ৰাখে খেলিবলৈ নানা ধৰণৰ খেলনা। সেইবোৰ কণমানি বোৰে টানি-টুনি গছকি তহিলং কৰে। দোকানীৰ ভ্ৰক্ষেপ নাই। অবাধ স্বাধীনতা। স্বাধীনচিতীয়া নাগৰিক তৈয়াৰ কৰে এইদৰে। {{gap}}মোৰ নাতিহঁতৰ স্কুল দেখি আমাৰ দেশৰ স্কুলবোৰৰ অৱস্থাৰ কথা সিহঁতক কৈছিলো, বিশেষকৈ দুৰ্দশাৰ কথা। কিছুমান স্কুলৰ দুৱাৰ-খিৰিকী নাই, কিছুমানৰ বেৰেই নাই, চালখনো ফুটা। {{gap}}আমাৰ সৰুটো নাতিৰ বয়স তেতিয়া পাঁচ বছৰ। সি তাৰ খেলনা বেংকত খুচুৰা পইচা জমায়। এদিন বেংকৰ পৰা পইচাবোৰ উলিয়াই মোনা এখনত ভৰাই মোক দি কৈছিল অসমৰ স্কুলবোৰ এই টকাৰে মেৰামতি কৰাবলৈ। তাৰ উদাৰতা দেখি মই গৌৰৱবোধ কৰিছিলো। মাকে সেই খুচুৰা পইচাখিনি বেংকত দি বিনিময়ত নোট লৈ আহিছিল। মই গুৱাহাটীত ডলাৰৰ নোটকেইখন ভঙাই দুহেজাৰ ভাৰতীয় টকা পাই জালুকবাৰী শিশু সদনত অনুভৱৰ নামত দি আহিছো। ডাঙৰটো নাতি ঋষভৰ তেতিয়া আঠ বছৰ বয়স। সি মোক কৈছিল আমেৰিকাৰ প্ৰেছিডেণ্টক লগ ধৰি অসমৰ ভগা-ছিগা স্কুলবোৰ মেৰামতি কৰিবলৈ কিছু সহায় আনিবলৈ। সেই সময়ত বোধকৰো আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল বুশ্ব (সৰু গৰাকী বুশ্ব)। মোৰ ধাৰণা সিহঁতক স্কুলতে বোধকৰো দান কৰিবলৈ শিকোৱা হয়। কিয়নো সিহঁতক কিবা দিব খুজিলেই কয়, ‘আমাৰ আছে, তুমি charity কৰা'। সেইখন দেশত হেনো কোৱা হয় ‘তোমাৰ উপাৰ্জনৰ টকা আটাইখিনি তোমাৰ নহয়, এটা অংশ দান কৰিবা'। {{gap}}আমেৰিকাৰ দাতাসকলৰ ভিতৰত প্ৰথমেই মনত পৰে মাইক্ৰ'ছফটৰ গৰাকী বিল গেট্ছৰ নাম। তেওঁ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে পৃথিবীৰ মংগলাৰ্থে, বিশেষকৈ পিছ পৰা দেশবোৰৰ বাবে। তেওঁ আৰু তেওঁৰ পত্নী মিলিন্দা গেট্ছে তেওঁলোকৰ সম্পত্তিৰ আধামান জনহিতকৰ কামত ব্যয় কৰে। পৃথিবীৰ পৰা পলিঅ' নিৰ্মূল কৰিবলৈ কিমান অৰ্থ তেওঁলোকে ব্যয় কৰি আছে তাৰ হিচাপ হয়তো<noinclude>{{rh|'''৩৫৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 09m4em0s6ajhryj9yqkkyqt61nqlbbk পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৯ 104 59729 159921 158472 2022-07-28T17:05:40Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বিশ্ববিদ্যালয়ৰ শিক্ষাৰম্ভৰ দৰে নাভূত-নাশ্ৰুত কথাষাৰ মই কটন কলেজিয়েট উচ্চতৰ মাধ্যমিৰ স্কুলৰ বিষয় শিক্ষয়িত্রী মঞ্জুলাক কৈছিলো। তেওঁ ক'লে এজন অসমীয়া ডেকাই আমেৰিকালৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ হেনো প্রথম তিনি মাহ উপন্যাস পঢ়িলে। মানে পঢ়াটো আছিল বাধ্যতামূলক। মানুহৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিবলৈ, তেওঁলোকক ভালদৰে বুজিবলৈ উপন্যাস পাঠ হেনো কৰিবই লাগে। কাৰণ অভিযন্তা হৈ তেওঁ আলিবাট বন্ধা, দলং বন্ধা আদি যি কামেই কৰিব সেইবোৰ মানুহৰ সুবিধাৰ বাবে। গতিকে কামবোৰ যান্ত্ৰিকভাৱে নহয় অনুভূতি মিহলাই কৰিব লাগে। {{gap}}আমেৰিকাৰ স্কুলত ইউনিফর্ম পোছাকৰ প্ৰচলন নাই। একে ধৰণৰ পোছাক পৰিধান কৰা সকলৰ হেনো ব্যাক্তিত্বৰ বিকাশ নহয়। প্ৰতিটো শিশু যে স্বতন্ত্র তাক হৃদয়ংগম কৰিবলৈ হ’লে সিহঁতক হেনো সিহঁতৰ ইচ্ছামতে বিচৰণ কৰিবলৈ এৰি দিব লাগে। সেইবুলি জহন্নামে যাবলৈ দিয়া শিক্ষকৰ উদ্দেশ্য নহয়। মই কোনো দিনে নাতিহঁতক ইস্ত্ৰি কৰা কাপোৰ পিন্ধি স্কুললৈ যোৱা দেখা নাই। {{gap}}আমেৰিকাত মাক-দেউতাকে সন্তানক যদি নির্দয়ভাৱে অতিৰিক্ত শাসন কৰে বা সিহঁতৰ ওপৰত নির্যাতন চলায় তেনেহ'লে সেই শিশুসকলক তেওঁলোকৰ পৰা আঁতৰাই লৈ গৈ তোলনীয়া মাক-দেউতাকৰ (Foster parent) অধীনত ৰাখে। {{gap}}সৰু নাতি অনুভৱৰ গুৰু আৰু আদৰ্শ তাতকৈ তিনি বছৰে ডাঙৰ ককায়েক ঋষভ। তাৰ এটা নিজস্ব সত্তাও আছে। বাহিৰা জ্ঞানৰ কিতাপ পঢ়িবলৈ যদিও ভাল পায় সি ককায়েকৰ দৰে গ্ৰন্থকীট নহয়। ককায়েকৰ দৰে বেহেলাখন বজাব লাগে বাবেই সি নবজায়, সংগীতৰ প্ৰতি সি অনুৰক্ত। আমাৰ পুত্ৰও সংগীতানুৰাগী। সৰুটো পুতেকক প্ৰথমতে ৰাছিয়ান গাভৰু এজনীৰ তত্ত্বাৱধানত ঘৰতে পিয়ানো শিকোৱা হৈছিল। আৰু গীটাৰ শিকিছিল গানৰ স্কুলত। পাছত তাক পিয়ানোৰ স্কুলত ভৰ্তি কৰি দিয়া হয়। বর্তমান সি নানা ঠাইত বজাই ফুৰে। নিউয়র্ক মহানগৰীতো নামকৰা হলত কণ কণ ল’ৰাবোৰে শ্বো কৰি সুনাম অর্জন কৰিছে। আমি ইনটাৰনেটত সেই শ্বো দেখিলো। পুতেকৰ সাফল্যত গর্বিত দেউতাকে আমালৈ এখন চি ডি কৰি পঠাইছে। অনুভৱৰ এসময়ত ইচ্ছা আছিল ৰকষ্টাৰ হোৱাৰ। ইফালে ডাক্তৰ হোৱাৰো চখ। পঢ়াশুনাত সি ভাল। এতিয়া ভবিষ্যতে কি কৰে ভৱিতব্যইহে জানে। {{gap}}দিনটো জয়হঁতৰ ঘৰখন নিমাও-মাও হৈ থাকে, আবেলি আটায়ে নিজ নিজ কামৰ পৰা উভতি অহাৰ পাছত কিছুসময় এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৫৭'''}}</noinclude> m8yy6j1s8mpqbuje9anhcctiqaohjm4 পৃষ্ঠা:অনিমা গুহ.pdf/৩৬০ 104 59730 159922 158474 2022-07-28T17:09:03Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>এফালে পোৱালি ৰকষ্টাৰে নাচি নাচি গীটাৰ বজায় বা পিয়ানোত সুৰৰ মুৰ্ছনা তোলে— মোজাৰ্ট, বিথোফেন, দেবুছি আৰু কিবাকিবি। আন এটা কোঠাত ঋষভে কিবা এটা বিষয় উত্থাপন কৰি মাকৰ লগত তৰ্কযুদ্ধত অৱতীৰ্ণ হয়। সি এজন ভাল তাৰ্কিক। স্কুল টীমৰ লগত তৰ্কযুদ্ধ কৰিবলৈ নানা ঠাইলৈ গৈছে— কেতিয়াবা জিকিছে, কেতিয়াবা হাৰিছে। মাকো তাৰ্কিক। {{gap}}ল’ৰা-বোৱাৰী-নাতিহঁতক লৈ একেলগে বাস কৰাৰ এক সুকীয়া আনন্দ আছে। সেই আনন্দৰ পৰা বঞ্চিত হৈ আমি দুয়ো বুঢ়া-বুঢ়ী গুৱাহাটীৰ ঘৰত সেই স্মৃতি পাগুলি থাকো। নাতিহঁতেও আমাক সিহঁতৰ লগত থাকিবলৈ কয়। পিছে গুৱাহাটীত আমাৰ এটা নিজস্ব জীৱন আছে যিটো এৰি সুদূৰ বিদেশত থকাটো কষ্টকৰ। দুই নাৱত দুই ভৰি যেন অৱস্থা। {{gap}}মানুহ মোৰ প্ৰিয় বিষয়। প্ৰতিজন মানুহ স্বতন্ত্ৰ হৈ-ও মানুহ প্ৰজাতিটো মূলতঃ একেই। ধৰ্ম, ভৌগলিক অৱস্থান, ভাষা আদিয়ে মানুহক পৰস্পৰৰ পৰা দূৰতৈ ৰাখিছে। গৃহস্থৰ কৰ্মসূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত দেশ-বিদেশৰ মানুহক লগ পোৱাৰ সুযোগ পাইছিলো; ল’ৰা-বোৱাৰী নাতিহঁতৰ সান্নিধ্যই আন বহু দেশৰ মানুহক লগ পোৱাৰ ক্ষেত্ৰখন বহল কৰিলে। {{gap}}বামুণ আৰু ক্ষত্ৰিয়সকলৰ উপনয়ন আৰু ইছলামধৰ্মী সকলৰ ছুন্নত অনুষ্ঠানৰ দৰে ইহুদীসকলেও এটা ধৰ্মীয় নিয়ম পালন কৰে। ঋষভৰ ইহুদী বন্ধুৰ বাবে অনুষ্ঠিত এনে এটা উৎসৱত যোগ দিবলৈ সিহঁতক নিমন্ত্ৰণ কৰিছিল আৰু গাইপতি একোটাকৈ মূৰৰ ওপৰ অংশ ঢাকিব পৰা বিশেষ ধৰণৰ ইহুদী টুপী উপহাৰ দিছিল। ঋষভে সেই টুপীটো আনি ককাকক পিন্ধাই দিছে। {{gap}}ইহুদী বা Jew নামৰ যে এটা জনগোষ্ঠী আছে সৰুতে শ্বেইক্সপিয়াৰৰ ‘মাৰ্চেণ্ট অব্ ভেনিচ’ নাটকত ‘শ্বাইলক দ্য জ্যু’ চৰিত্ৰটোৰ উল্লেখ পাই জানিছিলো। এই সাউদজন বৰ কঠুৱা স্বভাৱৰ আছিল আৰু আছিল সুত পিশাচ। ধাৰণা কৰিছিলো ইহুদী মাত্ৰেই দয়ামায়াহীন হয়। শ্বাইলকৰ বাহিৰে আন কোনো ইহুদীৰ বিষয়ে বহু দিনলৈ শুনা নাছিলো। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ কথা ঘনাই কাণত পৰিছিল। হিটলাৰে এই জাতিটোক বিশ্বৰ বুকুৰ পৰা উৎখাত কৰিবলৈ লাখে লাখে ইউৰোপবাসী ইহুদীক গেছ চেম্বাৰত ভৰাই নিধন কৰে। এইবোৰ সকলোৱে জনা কথা। যি কি নহওক, তেওঁলোকৰ প্ৰতি থকা ভুল ধাৰণা উঠাই লৈ সেই ঠাই পূৰণ কৰিছিলো স্নেহ, সহানুভূতি আৰু সহমৰ্মিতাৰে। শ্বেইক্সপিয়াৰে শ্বাইলকক ‘জ্যু’ বুলি<noinclude>{{rh|'''৩৫৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> kjigj7udtt5sj57ep7u1evezm0hu5ku পৃষ্ঠা:অনিমা গুহ.pdf/৩৬১ 104 59731 159923 158475 2022-07-28T17:11:29Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নকৈ শ্বাইলক নামৰ সাউদ এজন বুলি ক'লে কি ক্ষতি আছিল। মিছাকৈয়ে বহুদিনলৈ জাতিটোৰ প্ৰতিয়ে এটা ভাল ধাৰণা পোষণ কৰিব পৰা নাছিলো। ঋষভৰ বুদ্ধিমান আৰু মৰমলগা ইহুদী বন্ধুটোক দেখি মোৰ পুৰণি কথাবোৰ মনত পৰিছিল। {{Gap}}অনুভৱৰ আটাইতকৈ অন্তৰংগ বন্ধুজন আছিল পাকিস্তানী, নাজানো এতিয়াও সেই বন্ধুত্ব আগৰ দৰে আছে নে নাই। সিহঁত মাজে মাজে ইজনে সিজনৰ ঘৰত ৰাতি কটাইছিল। সিহঁতৰ অন্তৰংগতাৰ ঘাই কাৰণ দুয়ো পশুপ্ৰেমী। পশু-পক্ষীৰ লগত চিনাকি হ'বলৈ, সিহঁতক ভাল পাবলৈ নানা ধৰণৰ জন্তু স্কুল কৰ্তৃপক্ষই মাজে মাজে আনে। দুয়োটা নাতিয়ে অজগৰৰ গাত হাত বুলাই মৰম কৰিছে বুলি শুনি মোৰ গা জিকাৰ খাই উঠিছিল। সাপৰ পিঠিতো কোনোবাই হাত বুলায় নে? অনুভৱে ঘৰতে পুহিছিল তিনিবিধমান গেকো অৰ্থাৎ ডাঙৰ ডাঙৰ জেঠি পোক যেন প্ৰাণী। এইবোৰ দোকানতে কিনিবলৈ পোৱা যায়; সিহঁতৰ বাবে সজা, বিভিন্ন ধৰণৰ খাদ্য আদিও দোকানতে পাব পাৰি। পুহিব পৰা সকলো ধৰণৰ জীৱ জন্তু দোকানতে বিক্ৰী হয়। চেৰাবলিয়া আমেৰিকানসকলে নিগনিও পোহে। অনুভৱৰ বন্ধুজনৰ ঘৰত হেনো পুহিছে বাইশবিধ প্ৰাণী। তাৰে ভিতৰত আছে এডাল সাপ। ইমানবোৰ পশু-পক্ষী পুহিলেই নহ’ব, চোৱাচিতা কৰিবলৈ মানুহো লাগিব। সিহঁতৰ হেনো যৌথ পৰিয়াল। মাক-দেউতাক দুয়ো ডাক্তৰ। আমেৰিকাৰ ডাক্তৰসকল বৰ চহকী। গতিকে জন্তু পোহা টান কাম নাছিল। {{Gap}}এইবোৰ কথা শুনি আমাৰ আত্মীয় এজনে কৈছিল অনুভৱে যেন পাকিস্তানীৰ সংগ ত্যাগ কৰে। কাৰণ সিহঁতৰ বিশ্বাস নাই। নিজৰ দেশত ভাৰত-পাকিস্তানৰ মাজত মিত্ৰতাৰ অভাৱ আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত কূটাঘাতমূলক কাম-কাজ চলাই থকা বাবে আমি ধাৰণা কৰো এই দুখন দেশৰ মানুহৰ মাজত বন্ধুত্ব হ’ব নোৱাৰে। অথচ বাহিৰত ভাৰতীয় উপমহাদেশৰ মানুহৰ মাজত কোনো বৈৰী ভাব নাই। অনুভৱ আৰু তাৰ বন্ধু দুয়ো জন্মসূত্ৰে আমেৰিকান, গতিকে সিহঁতৰ ককাদেউতাকৰ দেশৰ শত্ৰুতাই সিহঁতক নোচোৱে। {{gap}}নাতিহঁতৰ যোগেদি নানা ধৰ্ম, নানা জাতি, নানা দেশৰ মানুহক পালো। একেদৰে ল’ৰা-বোৱাৰীৰ সহকৰ্মী, বন্ধু-বান্ধৱ আদিও বিভিন্ন দেশৰ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ। পৰস্পৰৰ লগত সৌহাৰ্দমূলক সম্পৰ্কই মনত জগায় বিশ্বভ্ৰাতৃত্ববোধ, যাৰ ফলত বিশ্বত শান্তি স্থাপিত হোৱা সম্ভৱ বুলি ভাবো। এটা কথা মন কৰিছো ধৰ্মই পৰস্পৰৰ মাজত বিভেদৰ সৃষ্টি কৰে। পৃথিৱীখন যদি এটা ধৰ্মৰ অধীন হ'লহেঁতেন!<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৫৯'''}}</noinclude> lq0x9u4o3sl14smd17m42s79nlqhemn পৃষ্ঠা:অনিমা গুহ.pdf/৩৬২ 104 59732 159926 158476 2022-07-28T17:21:52Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আৰু সেই ধৰ্মটোৰ নাম যদি মানৱ ধৰ্ম হ'লহেঁতেন। পিছে মোৰ এই আশা দুৰাশাৰে নামান্তৰ। {{gap}}জয়-মনীষাৰ নানা দেশীয় বহু সহকৰ্মীৰ লগত চিনাকি হৈ তেওঁলোকক বেলেগ ঠাইৰ মানুহ যেনতো লগা নাই। মোৰ আটাইতকৈ ভাল লাগিছিল তাৰ্কি নামৰ দেশখনৰ পৰা অহা দম্পতীহালক। গৃহস্থ ছেভদেত নোৱান কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৃহিণী ফুছুন কোনোবা এখন কলেজৰ। {{gap}}স্কুলৰ তল শ্ৰেণীত এখন পাঠ্যপুথিত তাৰ্কিত গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা মুস্তাফা কামাল আতাতুৰ্কৰ বিষয়ে পঢ়িছিলো। ১২৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত অটোমেন সাম্ৰাজ্যখনৰ চুলতান সকলে কেইবা শতাব্দী ধৰি তাৰ্কিক শাসন কৰিছিল। এটা সময়ত কামাল আতাতুৰ্কৰ নেতৃত্বত তাত বিপ্লৱৰ সূত্ৰপাত হয় আৰু ১৯২৩ চনত ৰাজতন্ত্ৰক ওফৰাই তাৰ্কিত প্ৰতিষ্ঠিত হয় গণতন্ত্ৰ। তাৰ পাছত বিশাল সেই অটোমেন সাম্ৰাজ্যৰ ভাগ্য চুৰমাৰ হ’ল আধুনিকতাৰ বতাহ এছাটিৰ খুন্দাত। আধুনিক তাৰ্কিৰ মুক্ত পৰিৱেশত ডাঙৰ হোৱা অধ্যাপক নোৱানৰ লগত আমাৰ গৃহস্থৰ সম্পৰ্ক বৰ ঘনিষ্ঠ হৈছিল। নোৱান গোমোঠামুখীয়া অধ্যাপক নহয়। জয়ক কৈছিল বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ক তেওঁৰ চাবৰ মন। জয়ে ঐশ্বৰ্যই অভিনয় কৰা চিনেমা এখনৰ চি ডিত বিশ্বসুন্দৰীক দেখুৱাইছিল। নোৱানৰ মতে তেওঁৰ পত্নী ফুছুন হেনো বেছি ধুনীয়া, অৱশ্যে ৰসিকতা কৰিয়ে কৈছিল। পিছে ফুছুন সঁচাকৈয়ে ৰূপৱতী। {{gap}}আমি তাত থাকোতেই বাতৰি কাকতত পঢ়িছিলো অটোমেন সাম্ৰাজ্যৰ শেষ উত্তৰাধিকাৰী হিজ ইম্পিৰিয়েল হাইনেছ প্ৰিন্স আৰটুগ্ৰুল ওছমানৰ ৯৭ বছৰ বয়সত তাৰ্কিৰ মাটিত মৃত্যু হয়। কামাল আতাতুৰ্কে যেতিয়া ৰাজবংশৰ সকলো পুৰুষ-নাৰীক তাৰ্কিৰ পৰা বহিষ্কাৰ কৰে তেতিয়া ওছমান ভিয়েনাত স্কুলৰ ছাত্ৰ। ওৰে জীৱনটো তেওঁ কটাইছিল নিউয়ৰ্কৰ মেনহাটনত এটা দুকোঠীয়া এপাৰ্টমেন্টত। কিন্তু সুদীৰ্ঘকাল বাস কৰিও তেওঁ আমেৰিকাৰ নাগৰিকত্ব লোৱা নাছিল, তাৰ্কিৰ নাগৰিক হৈয়ে থাকিল। তেওঁ আছিল আধুনিকমনস্ক। গতিকে ৰাজতন্ত্ৰৰ ঠাইত তাৰ্কিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাক আদৰণি জনাইছে। তেওঁ বাৰু মনে মনে ভৱা নাছিল নে যে তাৰ্কিৰ চুলতান হৈ থকা হ'লে ২৮৫ টা কোঠাৰ দোলমাবাহছে ৰাজপ্ৰাসাদত মহা আৰামত জীৱনটো কটাব পাৰিলেহেঁতেন। জীৱনৰ প্ৰথম দহ-এঘাৰটা বছৰ তেওঁ ৰাজপুত্ৰ হিচাপে তাতেই কটাইছে। জয়হঁতৰ তাত লগ পোৱা তাৰ্কিৰ দম্পতীহালৰ বয়স কম, তেওঁলোকৰ জন্ম গণতান্ত্ৰিক তাৰ্কিত, গতিকে দুৰ্দান্ত আধুনিকমনস্ক ব্যক্তি।{{nop}}<noinclude>{{rh|'''৩৬০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> mx8t8oc5m9ar84wkqseqx3lcuxvitqz পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৩ 104 59733 159927 158477 2022-07-28T17:23:58Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>গুৱাহাটীৰ মহিলা সাংবাদিক টেৰেছা ৰহমান এবাৰ কৰ্মসূত্ৰে তাৰ্কিলৈ গৈ দেখিছিল সকলো মানুহেই তাত আধুনিকমনস্ক। সাধাৰণতে মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ, তাৰ্কিত সেই বাধা নাই। টেৰেছাই নিজে মছজিদত সোমাই নামাজ পঢ়ি আহিছে। {{gap}}আমাৰ দেশতো সকলো মানুহ আধুনিক হোৱা হ'লে অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে কুপ্ৰথাৰ অৱসান ঘটিলহেঁতেন। আমাৰো প্ৰয়োজন এজন কামাল আতাতুৰ্কৰ। {{Center|{{larger|'''শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ'''}}}} {{gap}}জীৱনৰ শেষ পৃষ্ঠাত উপনীত হৈ পিছলৈ উভতি চাইছো। মহাকালৰ এটা সামান্য অংশৰ সৈতে একোজন মানুহৰ সম্পৰ্ক। এই সম্পৰ্কৰ স্থায়িত্ব এখন এঘণ্টীয়া নাটকৰ দৰে। মোৰ জীৱন নাটকখন প্ৰথম পৃষ্ঠাৰ পৰা লুটিয়াই চাবৰ মন গ'ল একান্ত নিৰলে। আজিৰ এই বিশ্বখনত নিৰ্জনতা বিচাৰি পোৱা টান। সেয়েহে এদিন গভীৰ নিশা সেই নাটকৰ আলফুলে সাঁচি থোৱা কমপেক্ট ডিস্ক বা চি ডিখন মনৰ ডি ভি ডিত সুমুৱাই চুইচ অন্ কৰি দিলো। {{gap}}....মাৰ কোলাত ফ্ৰক পিন্ধা ঘূৰণীয়ামুৱা নোদোকা শিশুটি কোন? ময়েই নে, নিজৰ শোটৰা-শোটৰ হাত দুখনলৈ চাই ভাবো। দেউতাই সৌৱা ভয় কৰিছে কেঁচুৱাটিক তুলি ল’বলৈ কিজানিবা তেওঁৰ হাতৰ পৰা পিছলি পৰি যায়। মাহী-পেহীহঁতে কোলাত লৈ মাজনী, সোণা-মইনাজনী কৈ কৈ মৰম কৰিছে। কোনোবা এজনে চুমা খাম বুলি মুখখন ওচৰলৈ অনাৰ লগে লগে দেউতাই সতৰ্ক কৰিলে— চুমা-টুমা নেখাবি, ইনফেকশ্যন হ’ব। আমাৰ দেউতাৰ যে আৰু বেমাৰলৈ ইমান ভয়! ওৰে জীৱন বীজাণুৰ ভয়তে কটালে। পিছে বীজাণুৰ ভয়ে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। {{gap}}ইতিমধ্যে নোদোকা শিশুটি স্কুললৈ যাব পৰা হ’ল। কোনো চিন্তা-ভাবনা নাই। খায়-বয়, খেলে-শোৱে। পুতলা খেলিবলৈ বৰ ভাল পায় তাই। পুতলাৰ বিৰাট সংসাৰ। পুতলাৰ বিয়া পাতে। মাহীয়েকহঁতে পুতলা সাজি দিয়ে, সিহঁতৰ বাবে কাপোৰ চিলাই দিয়ে, মণিৰে সিহঁতলৈ কেৰু-খাৰু বনায়। কোহিনুৰ মাহীয়ে পুতলাৰ আচবাব-পত্ৰ, আ-অলংকাৰ আদি তৈয়াৰ কৰিবলৈ ইটো-সিটো বুটলি ফুৰে। সেই সাধাৰণ বস্তু অসাধাৰণ হৈ উঠে শিল্পী মাহীজনীৰ হাতত পৰি। তেতিয়া আছিল ব্ৰিটিছৰ যুগ। বিলাতী পুতলাবোৰ কিন্তু সজাই ৰাখিছিল কাঁচৰ আলমাৰীত। সেইবোৰেৰে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৬১'''}}</noinclude> id4qmqvqjyx5qn0wauvzinlj70pmdcl পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৪ 104 59734 159925 158478 2022-07-28T17:17:18Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কাচিৎহে খেলিছিল। {{gap}}সাত-আঠ বছৰ বয়সত পুতলা খেলিবলৈ ভাল পোৱা ছোৱালীজনীৰ চিকাৰী হ’বৰ মন গ'ল। দুপৰীয়া সকলোৱে যেতিয়া দিবানিদ্ৰাত মগ্ন ছোৱালীজনীয়ে তেতিয়া হাতত সাৰে ভৰিত সাৰে ঘৰৰ পৰা ওলাই যায়। বাৰীৰ পাছফালে হাবিত তাইৰ এড্ভেঞ্চাৰ আৰম্ভ হয়। এদিন দুটামান পখিলা আৰু কেইটামান ফৰিং ধৰাৰ পাছত হঠাতে উজুতি খাই পৰি গ'ল মামৰে ধৰা ভগা টিন এটাৰ ওপৰত। কোমল হাতখন কাটি বৈ আহিল তেজৰ নৈ আৰু চকুৰ পানী। বাধ্য হ’ল ঘৰত ক’বলৈ। সিদিনাৰে পৰা চিকাৰ পৰ্বৰ সমাপ্তি ঘটিল। সমাপ্তি ঘটিল শৈশৱৰ সোণালী দিনবোৰৰো। {{gap}}..শৈশৱ পাৰ হৈ কিশোৰী হ'লো, কৈশোৰ পাৰ হৈ যুৱতী হ’লো। যৌৱন জোৱাৰত নাও মেলি দি বঠাখন টানকৈ ধৰিলো, হাত পিছলি যাতে মহাসমুদ্ৰলৈ গৈ নাওখন বুৰ নাযায়। নাওখনে টুলুং ভুটুং কৰা নাই বুলি নকওঁ, কিন্তু সেইয়াতো যৌৱনৰে ধৰ্ম। ভৰ যৌৱনৰ স্থায়িত্ব কম। এই সময়ছোৱাই গাত ডেউকা লগাই আহে। আমাৰ যুগত ছোৱালী কুৰিতে বুঢ়ী। মোৰ ক্ষেত্ৰত এক কাল ধুমুহাই যৌৱনৰ দিনবোৰ আৰু চমুৱাই আনিলে। বীজাণুৰ ভয়ত কঁপি থকা দেউতাক পঞ্চাশৰ ডেওনা পাৰ হোৱাৰ চাৰি বছৰ পাছতে কালৰোগ কেন্সাৰে হৰণ কৰি নিলে। তাৰ পাছতে জীৱনটো ফ্লপ। ফ্লপ নাটক চায় কোনে? গতিকে চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো। য’তে ষ্টাৰ্ট কৰো ত’তেই এন্ধাৰ... ফ্লপ.....। {{gap}}এটা কথা মন কৰিছো বছৰবোৰ ঘূৰি ঘূৰি নতুন বছৰ হৈ আহে যদিও আমাৰ জীৱনবোৰ কিন্তু নতুন নহয়। পুৰণিহে হয়। বয়সৰ লগে লগে পদমৰ্যাদা সলনি হৈ গৈ থাকে। শৈশৱৰ মাজনী, সোণ মইনাজনীক কৈশোৰত কোনেও আৰু মৰমসনা শব্দবোৰেৰে নামাতে। মোৰ কপালতো সেয়েই হ’ল। মই তেতিয়া এজনী সাধাৰণ ছোৱালী যাক সকলোৱে ‘বুলু’ বুলি মাতে। ‘বুলু’ মোৰ ঘৰত মতা নাম। সৰুবোৰৰ মই হ'লো বুলু বাইদেউ। ঘৰৰ পৰা ওলাই বাহিৰা জগতত বিচৰণ কৰিবলৈ ধৰাৰ পাছত হ’লো অনিমা দাস বা অনিমা বাইদেউ বা কেৱল অনিমা। {{gap}}জীৱন নাটৰ বাকীছোৱা চাবলৈ বন্ধ কৰি থোৱা চি ডিখন আকৌ ষ্টাৰ্ট কৰিলো। মই দেখোন নিজৰ ঘৰখনৰ পৰা ওলাই সোমাইছো বেলেগ এখন ঘৰত – অচিনাকি এখন ঘৰত। সমাজৰ ৰীতিমতে সিদিনাৰে পৰা সেইখনেই হেনো মোৰ ঘৰ। সেইখন ঘৰৰ হেনো গৃহিণী মই। মই পিছে আগৰ অনিমা দাস নহওঁ দেই। মোৰ নাম- গোত্ৰ সকলো সলনি হ'ল। অৰ্থাৎ মোৰ আইডেনটিটি হেৰাই গ'ল। এইখন ঘৰৰ<noinclude>{{rh|'''৩৬২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> fwrdtmumo73q6k6eyac4s88b7kdlyk2 পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৫ 104 59735 159924 158480 2022-07-28T17:14:19Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সৌ সিদিনালৈকে অচিনাকি মানুহবোৰ হেনো মোৰ পৰিয়াল। মোৰ আগতে পৰিচয় মচি এইখন ঘৰত সোমাইছে আন কেইগৰাকীমান বোৱাৰী। বেলেগ বেলেগ পৰিয়ালৰ পৰা অহা। আমিসকল হেনো বাই-ভনী, একেটা পৰিয়ালৰ সদস্য। মোৰ কিয় জানো আমিকেইজনীক গৰু যেন লাগিল। গৰাকী সলনি হৈ একেটা গোহালিলৈ আহিছো। এই গোহালিটোৱে বাকীছোৱা জীৱনৰ বাবে আমাৰ ঘৰ। তাকেই মানি লৈছিলো। পিছে বহু বছৰ পাছত আইন-আদালতৰ কথা জানিবলৈ সুযোগ পাই গম পালো বিবাহিতা নাৰীৰ ঘৰ নাই। তেওঁলোক আচলতে গৃহহীন গৃহিণীহে। স্বামীৰ মৃত্যু হলে ল’ৰা-ছোৱালীৰে সৈতে সমানে ভাগ কৰা ঘৰৰ এটা ভাগ বিধৱাগৰাকীয়ে পায়। সেই এটা ভাগ পাবলৈ কোনোবাই স্বামীৰ মৃত্যু কামনা কৰিব নে? নিশ্চয় নকৰে। {{gap}}আমি মাকৰ ঘৰ বুলি কওঁ যদিও আচলতে ঘৰ দেউতাকৰহে। বাংলা ভাষাত কিন্তু ‘বাপেৰ বাড়ি’ বুলিয়ে কয়। আইনে বাৰু এই অপমানজনক নিয়মটো কিয় কৰিলে। সঁচা কথা ক’বলৈ গ'লে কথাষাৰ জনাৰ পাছৰে পৰা ঘৰখনক মোৰ আপোন আপোন যেন নলগা হ’ল। আত্মসন্মানবোধ থকা মানুহৰ এই অনুভৱ হ'বই। কেতিয়াবা দকৈ ভাবো তেনেহ'লে ঘৰখনত গৃহিণীৰ(?) পদমৰ্যাদা কি? ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰা মানুহজনী তেনেহ'লে সহায়কাৰিণী নে? নাই নহয়, সহায়কাৰিণীয়ে দৰমহা পায়। মন গ'লেই কামটো এৰি ওলাই যাব পাৰে। গৃহিণী তেনেহ'লে কি? ক্ৰীতদাস? জন ষ্টুৱাৰ্ট মিলে (১৮০৬–৭৩) কাহানিবাই কোৱা কথাষাৰ যে বিবাহবোৰতে ক্ৰীতদাস প্ৰথা জীয়াই আছে, আজিৰ তাৰিখতো সঁচা। {{gap}}সদ্যহতে নাৰীবাদী কথাৰ পৰা আঁতৰি আহো। গৃহহীন গৃহিণী হোৱাৰ পাছত নিজৰ নামটোও পাহৰি যোৱাৰ অৱস্থা হৈছে৷ মই হ'লোগৈ কাৰোবাৰ জেঠী, কাৰোবাৰ খুৰী, কাৰোবাৰ বোৱাৰী। আমোদজনক কথাষাৰ হ’ল মই ধীৰে ধীৰে বাৰোৱাৰী খুৰীলৈ ৰূপান্তৰিত হলো। আমাৰ চুবুৰীয়া এগৰাকী বয়সীয়া মহিলাই মোক এদিন বাটত পাই সাবটি ধৰি সুধিলে, ‘খুৰী ভাল নে?’ মই আচৰিত। মূৰত চুলি সেৰেঙা বাবে ওচৰ-চুবুৰীয়াই ‘টকলা বুঢ়ী’ বুলি কোৱা মানুহগৰাকীৰ খুৰীয়েক যে কোনটো সম্পৰ্কত হ’লো তেওঁহে জানে। আমাৰ ৰসিক ভতিজা এজনে মোক কৈছিল, ‘আপুনি টকলা বুঢ়ীক ক'ব লাগিছিল— কি হে বৰজনাৰ জীয়েক কেনে আছা তুমি?' {{Gap}}মনটো বেয়া লাগি গ'ল। টকলা বুঢ়ীয়ে নিয়ম মতে মোক নামকাঢ়ি মতা উচিত।<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৬৩'''}}</noinclude> ao1kpn26y6otxew8r10h39nbc4ue54c পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৬ 104 59736 159919 158481 2022-07-28T15:24:34Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সেইক্ষেত্ৰত বাইদেউ বা নবৌ বুলি মাতিলেও শোভা পায়। ত্রিশ বছৰ বয়সতে যাঠী বছৰীয়াৰ খুৰী! যাওক বাৰু দুখৰ কথাবোৰ, ময়ো পুৰণি কথাবোৰ মনত নেপেলাবলৈ চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো। {{gap}}অলপ সময়ৰ পাছত আকৌ ষ্টাৰ্ট কৰি দেখিলো বুঢ়া শালিকাই মাত মতাৰ দৰে গৃহস্থৰ ইচ্ছানুযায়ী দিল্লীবিশ্ববিদ্যালয়ত নাম লগালো গ্রেজুৱেট হোৱাৰ আঠ বছৰ পিছত। মনত শান্তি পালো যে দিল্লীত খুৰী বুলি মাতিবলৈ কোনো টকলা বুঢ়ী নাই। {{gap}}দিল্লী পর্ব শেষ কৰি ল’ৰা এটাৰ মাক হৈ সোমালো পুনেত। মোৰ কপাল ! ইয়াত মোৰ নামটো পর্যন্ত জানিবলৈ কোনো আগ্রহী নহয়। গৃহস্থৰ সহকর্মী তথা অন্যান্য সকলৰ বাবে মই হলো মিছেছ অমুকা। ওচৰ-চুবুৰীয়া মহিলা আৰু কেম্পাছৰ ল'ৰা-ছোৱালীয়ে মোক মাতে ‘জয়চা আই’ অর্থাৎ জয়ৰ মাক। ইংৰাজী কোৱাসকলে কয় Joy's mother. আমাৰ ইয়াত গাঁৱৰ মহিলাসকলে পৰস্পৰক অমুকৰ মাক তমুকৰ মাক বুলি মতা শুনো। পুনেৰ শিক্ষিত মহলতো একেটা সম্বোধন শুনি আচৰিত হৈছিলো। সঁচাকৈয়ে মই নিজৰ নামটোৱে পাহৰি গৈছিলো। মনত পৰিল পুনেত পাঁচটা বছৰ কটোৱাৰ পাছত যেতিয়া পি এইচ ডি কৰিবৰ উদ্দেশ্যে পুনে বিশ্ববিদ্যালয়ত নাম ৰেজেষ্ট্ৰি কৰিছিলো। {{gap}}ন বছৰ পুনেত কটোৱাৰ পাছত জয়চা আই আহি পালে কলকাতা। ইতিমধ্যে তেওঁ চল্লিশৰ ডেওনাখন পাৰ হৈ প্রৌঢ়ত্বৰ ফালে ধাৱমান। জয়চা আইৰ কি গতি হ’ল চোৱা যাওক। প্ৰথমফালে দোকানে বজাৰে মানুহে দিদি বুলি সম্বোধন কৰিছিল যদিও কেইবছৰমান পাছত বয়সৰ চাব পৰাত দিদিৰ পৰা প্ৰমোচন পাই হ'লো মাসীমা অর্থাৎ মাহীদেউ। ল’ৰাৰ সহপাঠীসকলে পুনেৰ ল’ৰাহঁতৰ দৰে জয়ৰ মা বুলি মতা নাছিল।তেওঁলোকেও মাসীমা বুলিছিল। অসমত মাহী হ’ল মাকৰ ভনীয়েক। অনাত্মীয়ৰ পক্ষে মাহী বা জেঠাই কোৱা এটা সমস্যা। জেঠাই বুলি মাতিলে মানুহজনীৰ খং উঠিব পাৰে— তাৰ মাকক মোতকৈ সৰু বুলি ভাবিছে নে কি? আনহাতে মাহী বুলি মাতিলে মাতোতাৰ মাকৰ খং উঠে— তই যে আমুকীক মাহী বুলি মাতিলি মোতকৈ তাই সৰু নেকি? এনেবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আজিৰ অনেক ল’ৰা-ছোৱালীয়ে আণ্টি শব্দটো ব্যৱহাৰ কৰে। এটা কথা মন কৰিছো অধিকাংশ মহিলাই নাজানো কিয় নিজৰ বয়স লুকুৱাবলৈ ভাল পায়। সাধাৰণ সকলেই নহয়, অসাধাৰণৰো অনেকে। যি কি নহওক, বাঙালী সমাজত মাৰ বায়েক-ভনীয়েক সকলোৱে মাসীমা আৰু দেউতাৰ বায়েক-ভনীয়েক সকলোৱে পিসিমা। গতিকে আণ্টি শব্দটো<noinclude>{{rh|'''৩৬৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> qirx5qp2ozvko7r9mlwpnkqtsewe74x পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৭ 104 59737 159917 158469 2022-07-28T15:19:23Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>ব্যৱহাৰ নকৰিলেও হয়। {{gap}}কলকাতাত অৱশ্যে মই নিজৰ নামটোৰেও চিনাকি হ’ব পাৰিছিলো শিক্ষামূলক বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে যুক্ত হৈ থকা বাবে। কিছুমান মহিলাক দেখিছো স্বামীৰ প্ৰতিফলিত গৌৰৱেৰে গৌৰৱান্বিত হ’বলৈ ভাল পায়। মই অমুকৰ মিচেছ, মই মিচেছ তমুক বুলি কোৱা মহিলাক মই পুতৌ কৰো। প্ৰত্যেকৰ এটা নিজস্ব চিনাকি থকা উচিত। মোক এবাৰ এজন পুৰুষ মানুহে বহুদিন আগতে কৈছিল মই হেনো অহংকাৰী, বিবাহিত মহিলাৰ ইমান ফুটনি ভাল নহয়। তদুপৰি তেওঁ ভৱিষ্যৎ বাণী কৰিছিল যে মই এদিন স্বামীৰ নামেৰেই চিনাকি হ’ম। কোনো দিনে নিজৰ নামেৰে চিনাকি হ’ব নোৱাৰিম। অলপ সময়ৰ বাবে চি ডি খন বন্ধ কৰি মানুহজনৰ কথা ভাবিলো। {{gap}}আকৌ ষ্টাৰ্ট।.....মনত পেলাই দিলে গুৱাহাটীলৈ অহাৰ পাছত ঘটা মজাৰ ঘটনাটো। কলকাতাত প্ৰায় কুৰি বছৰ আছিলো। পাচলিয়ে হওক, কাপোৰেই হওক বা যিকোনো বাণিজ্যিক সামগ্ৰীয়ে হওক বিক্ৰেতাবোৰে আখৈ ফুটা দি নিজৰ সামগ্ৰীৰ গুণগান গাই ক্ৰেতাক এনেকৈ মোহিত কৰে যে এটা বস্তু নিকিনি সাৰিব নোৱাৰি। ফেৰিয়ালাহঁতৰ কথা শুনিলে ধাৰণা হয় ক'ৰবাত যেন এড্ভাৰটাইজ কৰিবলৈ ট্ৰেইনিং লৈ আহিছে। {{gap}}গুৱাহাটীৰ ঘৰত এদিন কাপোৰৰ টোপোলা এটা লৈ আহিছিল এজন ফেৰিৱালা। সাধাৰণতে এওঁলোকৰ ফান্দত মই নপৰো। সিদিনা যে কি হ’ল মাতি তেওঁৰ কাপোৰবোৰ চালো। মানুহজনে যদিও নিজকে গুৱাহাটীৰ বাঙালী বুলি কৈছিল মই বিশ্বাস নকৰিলো। তেওঁৰ বিশুদ্ধ বাংলা আৰু কথা কোৱাৰ ঢং আছিল নিভাঁজ কলকতীয়াৰ দৰে। মই হেঁচা মাৰি ধৰাত আৰু আসৈ মাতিব নোৱাৰিলে। বাহিৰৰ পৰা বেপাৰ কৰিবলৈ অহা বুলি জানিলে স্থানীয় মানুহৰ হাতত নিৰ্যাতন ভোগ কৰিবলগীয়া হ'ব পাৰে বুলি মিছা মাতিছিল। কাপোৰ কিনাৰ চখ নাছিল, কিন্তু ডেকাই মাসীমা মাসীমা কৰি তেওঁৰ জালত মোক ইতিমধ্যে বন্দী কৰি পেলাইছে। তাৰ পৰা ওলায় কাৰ সাধ্য। তাৰ পাছত তেওঁ এটা পেকেজ আগবঢ়ালে, তিনিখন শাৰী দুহেজাৰ টকাত কিনিলে এখন ফ্ৰী। ফ্ৰী শুনি মই লৰি-চৰি বহিলো। ফ্ৰী শব্দটো বৰ মিঠা। এখন চিল্ক আৰু দুখন কপাহী পছন্দ কৰাৰ পাছত মিঠামুৱা কলকতীয়া চালু বেপাৰীজনে ক’লে, ‘মাসীমা, চাৰি নম্বৰ ফ্ৰীখন আপোনাৰ একান্ত সেৱক অধম এই ভাগিনজনে পছন্দ কৰি দিওঁ।' তেওঁ কৃত্ৰিম চিল্কৰ ৰঙা পাৰি থকা শাৰী এখন মোৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৬৫'''}}</noinclude> l2w5swsdu8kbnx7moncj73ayttexp17 159918 159917 2022-07-28T15:21:11Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>ব্যৱহাৰ নকৰিলেও হয়। {{gap}}কলকাতাত অৱশ্যে মই নিজৰ নামটোৰেও চিনাকি হ’ব পাৰিছিলো শিক্ষামূলক বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে যুক্ত হৈ থকা বাবে। কিছুমান মহিলাক দেখিছো স্বামীৰ প্ৰতিফলিত গৌৰৱেৰে গৌৰৱান্বিত হ’বলৈ ভাল পায়। মই অমুকৰ মিচেছ, মই মিচেছ তমুক বুলি কোৱা মহিলাক মই পুতৌ কৰো। প্ৰত্যেকৰ এটা নিজস্ব চিনাকি থকা উচিত। মোক এবাৰ এজন পুৰুষ মানুহে বহুদিন আগতে কৈছিল মই হেনো অহংকাৰী, বিবাহিত মহিলাৰ ইমান ফুটনি ভাল নহয়। তদুপৰি তেওঁ ভৱিষ্যৎ বাণী কৰিছিল যে মই এদিন স্বামীৰ নামেৰেই চিনাকি হ’ম। কোনো দিনে নিজৰ নামেৰে চিনাকি হ’ব নোৱাৰিম। অলপ সময়ৰ বাবে চি ডি খন বন্ধ কৰি মানুহজনৰ কথা ভাবিলো। {{gap}}আকৌ ষ্টাৰ্ট।.....মনত পেলাই দিলে গুৱাহাটীলৈ অহাৰ পাছত ঘটা মজাৰ ঘটনাটো। কলকাতাত প্ৰায় কুৰি বছৰ আছিলো। পাচলিয়ে হওক, কাপোৰেই হওক বা যিকোনো বাণিজ্যিক সামগ্ৰীয়ে হওক বিক্ৰেতাবোৰে আখৈ ফুটা দি নিজৰ সামগ্ৰীৰ গুণগান গাই ক্ৰেতাক এনেকৈ মোহিত কৰে যে এটা বস্তু নিকিনি সাৰিব নোৱাৰি। ফেৰিয়ালাহঁতৰ কথা শুনিলে ধাৰণা হয় ক'ৰবাত যেন এড্ভাৰটাইজ কৰিবলৈ ট্ৰেইনিং লৈ আহিছে। {{gap}}গুৱাহাটীৰ ঘৰত এদিন কাপোৰৰ টোপোলা এটা লৈ আহিছিল এজন ফেৰিৱালা। সাধাৰণতে এওঁলোকৰ ফান্দত মই নপৰো। সিদিনা যে কি হ’ল মাতি তেওঁৰ কাপোৰবোৰ চালো। মানুহজনে যদিও নিজকে গুৱাহাটীৰ বাঙালী বুলি কৈছিল মই বিশ্বাস নকৰিলো। তেওঁৰ বিশুদ্ধ বাংলা আৰু কথা কোৱাৰ ঢং আছিল নিভাঁজ কলকতীয়াৰ দৰে। মই হেঁচা মাৰি ধৰাত আৰু আসৈ মাতিব নোৱাৰিলে। বাহিৰৰ পৰা বেপাৰ কৰিবলৈ অহা বুলি জানিলে স্থানীয় মানুহৰ হাতত নিৰ্যাতন ভোগ কৰিবলগীয়া হ'ব পাৰে বুলি মিছা মাতিছিল। কাপোৰ কিনাৰ চখ নাছিল, কিন্তু ডেকাই মাসীমা মাসীমা কৰি তেওঁৰ জালত মোক ইতিমধ্যে বন্দী কৰি পেলাইছে। তাৰ পৰা ওলায় কাৰ সাধ্য। তাৰ পাছত তেওঁ এটা পেকেজ আগবঢ়ালে, তিনিখন শাৰী দুহেজাৰ টকাত কিনিলে এখন ফ্ৰী। ফ্ৰী শুনি মই লৰি-চৰি বহিলো। ফ্ৰী শব্দটো বৰ মিঠা। এখন চিল্ক আৰু দুখন কপাহী পছন্দ কৰাৰ পাছত মিঠামুৱা কলকতীয়া চালু বেপাৰীজনে ক’লে, ‘মাসীমা, চাৰি নম্বৰ ফ্ৰীখন আপোনাৰ একান্ত সেৱক অধম এই ভাগিনজনে পছন্দ কৰি দিওঁ।' তেওঁ কৃত্ৰিম চিল্কৰ ৰঙা পাৰি থকা শাৰী এখন মোৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৬৫'''}}</noinclude> 78oh6ouc6l5x6vinn0rwy7ar6hqbwvp পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৯ 104 59738 159915 158470 2022-07-28T15:13:45Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হাতত তুলি দি কৈছিল— ‘এইখন কাপোৰ পিন্ধি পূজা কৰিব’। মাসীমাই যে পূজা নকৰে ভাগিনে জানিব কেনেকৈ। যি কি নহওক চাৰিখনকৈ কাপোৰ দুহেজাৰত পাই মোৰ মহাফূৰ্তি। আবেলি কলকতীয়া ভতিজা বোৱাৰীয়ে চাৰিওখন লিৰিকি-বিদাৰি চাই ক'লে চাৰিওখনৰ মুঠ দাম পোন্ধৰশৰ বেছি হ’ব নালাগে। দেখাত ভাল হলেও All that glilters is not gold. ভাবিছো মই অঁকৰা নে বয়সে মোক বুদ্ধিহীন কৰিছে। {{gap}}আজিকালি বয়সীয়া মানুহক শ্ৰুতিমধুৰ ভাষাত কোৱা হয় জ্যেষ্ঠ নাগৰিক। জ্যেষ্ঠ নাগৰিকজনে কিন্তু জানে তেওঁৰ ওচৰলৈ যমৰজাৰ দূতসকল আহিবলৈ প্ৰস্তুত হৈ আছে। যমৰ ছেক্ৰেটাৰী চিত্ৰগুপ্তৰ অফিচে প্ৰয়োজনীয় কাগজ-পত্ৰবোৰ ৰেডী কৰিলেই দূতসকল আহি হাজিৰ হ’ব। জ্যেষ্ঠ নাগৰিকৰ আত্মীয়-স্বজন আৰু চিনাকি সকলেও ধৰি লয় যে এই জনাৰ দিন ঘনাই আহিছে, পিছে ভদ্ৰতাৰ খাতিৰত যেনিবা উচ্চাৰণ নকৰে। কেতিয়াবা অসতৰ্ক মুহূৰ্তত নাইবা চকু-মুখৰ অভিব্যক্তিত জ্যেষ্ঠজনে তেওঁলোকৰ মনবোৰ নুবুজা নহয়। {{gap}}১৯৯১চনত আমি গুৱাহাটীলৈ নিগাজিকৈ থাকিবলৈ অহাৰ সময়ত মোৰ তিনি কুৰি বছৰ পূৰ্ণ হোৱা নাছিল। নিজকে বুঢ়া বুলি ভবা নাছিলো যদিও কমবয়সীয়া সকলে ভাবিছিল। ইয়ালৈ আহি দুজোপামান তামোল-নাৰিকলৰ পুলি ৰুবলৈ দেখি ঘৰ মেৰামতি কৰি থকা দুজনমান কামলাই কোৱাকুই কৰা মোৰ কাণত পৰিছিল— বুঢ়া-বুঢ়ীহালে যে তামোল-নাৰিকল ৰুইছে ফল হোৱালৈ টিকিব জানো? ফল হোৱালৈ টিকিলো পিছে। {{gap}}আন এদিনৰ কথা। ১৯৭৫ চনতে কিনা মোৰ ফ্ৰীজটো বুঢ়ী হ’ল। আগৰ দিনৰ মেচিন বাবে তিষ্ঠি আছিল যদিও গাটোত বাৰ্ধক্যৰ আঁচোৰ দেখি নাতিনী এজনীক ক’লো ফ্ৰীজৰ দোকানলৈ মোক লৈ যাবলৈ, উদ্দেশ্য নতুন এটা কিনা। তাই অলপ সময় মনে মনে থাকি পৰামৰ্শ দিলে বুঢ়ীজনীকে অলপ মেক-আপ দি গাভৰু সজাবলৈ। নাতিনীয়ে নিশ্চয় ভাবিছিল, আইতাকৰ আৰু কেইদিন? মিছাকৈ নতুন ফ্ৰীজ এটা কিনি পইচা নষ্ট কৰে কিয়? {{gap}}আলোচনা প্ৰসঙ্গত এদিন কৈছিলো ডায়েবেটিচ নহ'বলৈ মিঠা খোৱা কমাইছো। লগে লগে কলিজাত খুন্দা লগাকৈ ডেকা এজনে টপৰাই ক’লে, ‘জেঠাই মনৰ ইচ্ছা পূৰাই দীঘলীয়া জীৱন কটালে। এতিয়া হেঁপাহ পলুৱাই যি মন যায় খাওক’। মানুহবোৰৰ কথা-বতৰা শুনি এতিয়া জীয়াই থাকিবলৈকে লাজ লাগিছে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৬৭'''}}</noinclude> tjeku47b36bptxy821l80v9ef4w0a8t পৃষ্ঠা:অনিমা গুহ.pdf/৩৭০ 104 59739 159914 158471 2022-07-28T15:09:52Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{gap}}অতপৰে চাই থকা জীৱন নাটৰ চি ডিখন অফ্ কৰি দি ভাবিছো মা-দেউতাৰ ডেউকাৰ তলত থকা সময়ছোৱাত ভাবিছিলো নে কেতিয়াবা জোৱাৰত জীৱন ওফন্দি উঠিব, কেতিয়াবা ভাটাত নামি জীৱন হৈ উঠিব অসহনীয়। কিন্তু দুয়োটা অৱস্থাই পাৰ হৈছো। সন্মুখত আৰু কিমান জোৱাৰ-ভাটা আহিব-যাব নাজানো, মানুহৰ জীৱনত কোনো অৱস্থা স্থায়ী নহয়। সমুদ্ৰৰ জোৱাৰ-ভাটাৰ দৰে জীৱনতো অহৰহ চলে জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকৰ্ষণ। জীৱন এক যুদ্ধক্ষেত্ৰও, আছে জয়-পৰাজয়। সকলো অৱস্থাৰ যেয়ে সাহসেৰে মুখামুখি হ’ব পাৰে তেৱেঁই জয়ী। নিজকে প্ৰশ্ন কৰো, মই পাৰিছো নে? উত্তৰ বিচাৰি পোৱা নাই।■■{{nop}}<noinclude>{{rh|'''৩৬৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 50xhq6etbuxu4s669yazm1oa8ggiatp পৃষ্ঠা:অনিমা গুহ.pdf/১৭ 104 59743 159880 158399 2022-07-28T12:52:22Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 17 |bSize = 425 |cWidth = 280 |cHeight = 300 |oTop = 100 |oLeft = 70 |Location = center |Description = }} ‌■ {{smaller|''কলকাতাত লেখিকা''}} |} </center><noinclude>{{rh|'''১৬'''/{{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 9btuvazq373s6qm6w6khp2efuf145jd পৃষ্ঠা:অনিমা গুহ.pdf/৬৫ 104 59744 159891 158691 2022-07-28T13:11:36Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 65 |bSize = 425 |cWidth = 280 |cHeight = 290 |oTop = 100 |oLeft = 70 |Location = center |Description = }} ‌‌■ {{smaller|''লেখিকাৰ হাতৰ বিষৰ বাবে জেৰিনাই (জৰা-ফুকা) কৰি আছে''}} |} </center><noinclude>{{rh|'''৬৪'''/{{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 682qty1adqd5i8wmwbzhm8qkp4ea1kt পৃষ্ঠা:অনিমা গুহ.pdf/২৩ 104 59745 159881 158402 2022-07-28T12:52:50Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 23 |bSize = 425 |cWidth = 280 |cHeight = 280 |oTop = 100 |oLeft = 70 |Location = center |Description = }} ‌■ {{smaller|''দুগৰাকী জাৰ সৈতে লেখিকা''}} |} </center><noinclude>{{rh|'''২২'''/{{smaller|বাকীছোৱা জীৱন}}}}</noinclude> ctbaonw5wjz2f1dxhzvheg2g7s2pmup পৃষ্ঠা:অনিমা গুহ.pdf/২৫ 104 59746 159882 158403 2022-07-28T12:53:11Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 25 |bSize = 425 |cWidth = 300 |cHeight = 240 |oTop = 160 |oLeft = 70 |Location = center |Description = }} ‌■ {{smaller|''ককাই-ভাইৰে সৈতে অমলেন্দু গুহ''}} |} </center><noinclude>{{rh|'''২৪'''/{{smaller|বাকীছোৱা জীৱন}}}}</noinclude> rpf1srp158xvq3qg1ygiipq1tabo8ck পৃষ্ঠা:অনিমা গুহ.pdf/২৭ 104 59747 159883 158405 2022-07-28T12:53:31Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 27 |bSize = 425 |cWidth = 280 |cHeight = 280 |oTop = 100 |oLeft = 70 |Location = center |Description = }} ‌■ {{smaller|''লেখিকাৰ দেওৰ হেমেন্দু আৰু জা কৰৱী''}} |} </center><noinclude>{{rh|'''২৬'''/{{smaller|বাকীছোৱা জীৱন}}}}</noinclude> j7r7ydiqi4ukun1lnhl8ksiutemzrdj পৃষ্ঠা:অনিমা গুহ.pdf/৫৫ 104 59748 159892 158677 2022-07-28T13:12:05Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 55 |bSize = 425 |cWidth = 280 |cHeight = 240 |oTop = 140 |oLeft = 70 |Location = center |Description = }} ‌‌■ {{smaller|''পুত্ৰ জয়''}} |} </center><noinclude>{{rh|'''৫৪'''/{{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> fon6o2kxbgog7l3rd3cr0b5bjaaj0gh পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৮ 104 59749 159916 158143 2022-07-28T15:16:25Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 368 |bSize = 425 |cWidth = 297 |cHeight = 104 |oTop = 228 |oLeft = 68 |Location = center |Description = }} ■ {{smaller|''লেখিকাৰ ডাঙৰ নাতি ঋষভ, পুত্ৰ জয়, বোৱাৰী মনীষা আৰু সৰু নাতি অনুভৱ''}} |} </center><noinclude>{{rh|'''৩৬৬'''/ {{smaller|বাকীছোৱা জীবন}}||}}</noinclude> 3wlhundf4k7sfa13wec3pbq0axdjk5v পৃষ্ঠা:অনিমা গুহ.pdf/১৩ 104 59750 159877 158180 2022-07-28T12:41:16Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 13 |bSize = 425 |cWidth = 300 |cHeight = 280 |oTop = 140 |oLeft = 70 |Location = center |Description = }} ‌❏ {{smaller|''লেখিকাৰ মাক-দেউতাক, কলকাতাত দেউতাক চিকিৎসাধীন হৈ থাকোতে''}} |} </center><noinclude></noinclude> gciakm5tum817ykkm916tsidtyrsjuj 159879 159877 2022-07-28T12:50:04Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 13 |bSize = 425 |cWidth = 300 |cHeight = 280 |oTop = 140 |oLeft = 70 |Location = center |Description = }} ‌■ {{smaller|''লেখিকাৰ মাক-দেউতাক, কলকাতাত দেউতাক চিকিৎসাধীন হৈ থাকোতে''}} |} </center><noinclude></noinclude> p4yqr5wdagwqsn6e4hgpk5wmnisik9m পৃষ্ঠা:অনিমা গুহ.pdf/৩৩ 104 60439 159884 2022-07-28T12:54:02Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 33 |bSize = 425 |cWidth = 294 |cHeight = 204 |oTop = 173 |oLeft = 80 |Location = center |Description = }} ■ {{smaller|''লেখিকাৰ দুই নাতি ঋষভ আৰু অনুভৱ''}} |} </center><noinclude>{{rh|'''৩২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> e57hkxoih3nvpj99ugk3xcce6l56pd8 পৃষ্ঠা:অনিমা গুহ.pdf/৩৭ 104 60440 159885 2022-07-28T12:57:10Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 37 |bSize = 425 |cWidth = 290 |cHeight = 218 |oTop = 161 |oLeft = 83 |Location = center |Description = }} ■ {{smaller|''ড° ভূপেন হাজৰিকাৰ সৈতে লেখিকা''}} |} </center><noinclude>{{rh|'''৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> oswwttx083l90agvucecgklyd1e6i7c পৃষ্ঠা:অনিমা গুহ.pdf/৪৩ 104 60441 159886 2022-07-28T12:59:32Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 43 |bSize = 425 |cWidth = 297 |cHeight = 186 |oTop = 197 |oLeft = 86 |Location = center |Description = }} ■ {{smaller|এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ সহকৰ্মীসকলৰ সৈতে লেখিকা}} |}<noinclude>{{rh|'''৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> awdshov4alm77mn7ow68b98rf23nqny পৃষ্ঠা:অনিমা গুহ.pdf/৬৯ 104 60442 159893 2022-07-28T13:14:25Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 69 |bSize = 425 |cWidth = 300 |cHeight = 219 |oTop = 162 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|বড়ো সাজত লেখিকা}} |} </center><noinclude>{{rh|'''৬৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> jjwbwvu7tt46rujf7li6ip8xp7dqq0q 159897 159893 2022-07-28T13:18:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 69 |bSize = 425 |cWidth = 300 |cHeight = 219 |oTop = 162 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''বড়ো সাজত লেখিকা''}} |} </center><noinclude>{{rh|'''৬৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> e2i2eh4wt7rem0iiz2ixwhaof0d876u পৃষ্ঠা:অনিমা গুহ.pdf/৭৩ 104 60443 159895 2022-07-28T13:17:07Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 73 |bSize = 425 |cWidth = 290 |cHeight = 219 |oTop = 174 |oLeft = 84 |Location = center |Description = }} ■ {{smaller|বোৱাৰী মনীষা}} |} </center><noinclude>{{rh|'''৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> imrhioh45hsak178vl8si3wef6y92wv 159896 159895 2022-07-28T13:17:33Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 73 |bSize = 425 |cWidth = 290 |cHeight = 219 |oTop = 174 |oLeft = 84 |Location = center |Description = }} ■ {{smaller|''বোৱাৰী মনীষা''}} |} </center><noinclude>{{rh|'''৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> kxrn99drivu225fhqm6cnbmkmpkqrnd পৃষ্ঠা:অনিমা গুহ.pdf/৭৭ 104 60444 159900 2022-07-28T13:27:22Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 77 |bSize = 425 |cWidth = 248 |cHeight = 350 |oTop = 105 |oLeft = 107 |Location = center |Description = }} ■ {{smaller|''পুত্ৰ জয়ৰ বিয়াত দুই মাহীয়েক প্ৰতিমা, ৰীতা আৰু ভূপেন হাজৰিকা''}} |} </center><noinclude>{{rh|'''৭৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 27apogb08100fi6hd4fv2yczrrgx35o পৃষ্ঠা:অনিমা গুহ.pdf/৭৯ 104 60445 159901 2022-07-28T13:29:20Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 79 |bSize = 425 |cWidth = 299 |cHeight = 200 |oTop = 177 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''পবিত্ৰ বান্ধোনত জয়-মনীষা''}} |} </center><noinclude>{{rh|'''৭৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 3i1x2uaiddi65kescucwua27p2zr6pl পৃষ্ঠা:অনিমা গুহ.pdf/৮৩ 104 60446 159902 2022-07-28T13:32:09Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 83 |bSize = 425 |cWidth = 290 |cHeight = 180 |oTop = 180 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''জয়ৰ বিয়াত ভায়েক-ভনীয়েক কৌশিক, কাবেৰী, পিউ আৰু মিঠু ভূপেন হাজৰিকাৰ সৈতে''}} |} </center><noinclude>{{rh|'''৮২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> gla4tiit99h85d83ddpu6udt8oejndt পৃষ্ঠা:অনিমা গুহ.pdf/১০৭ 104 60447 159913 2022-07-28T14:19:34Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 107 |bSize = 425 |cWidth = 297 |cHeight = 201 |oTop = 168 |oLeft = 74 |Location = center |Description = }} ‌■ {{smaller|''ড° অমলেন্দু গুহক সম্বৰ্ধনা জনাইছে ড° হীৰেন গোহাঁয়ে। বাওঁকাষে উদয়াদিত্য ভৰালী আৰু সোঁকাষে শৰৎ চন্দ্ৰ সিংহ''}} |} </center><noinclude>{{rh|'''১০৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> cwgpn3bv50834txvebztoicp2nzoz6p পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৮ 104 60448 159920 2022-07-28T15:27:07Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 358 |bSize = 425 |cWidth = 222 |cHeight = 345 |oTop = 102 |oLeft = 101 |Location = center |Description = }} ‌■ {{smaller|''নিউয়ৰ্ক চহৰত লেখিকাৰ পৰিয়াল''}} |} </center><noinclude>{{rh|'''৩৫৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 6jdueui1mvqn57dpl539p4xbulmrph9 পৃষ্ঠা:অনিমা গুহ.pdf/২৪১ 104 60449 159945 2022-07-29T08:14:22Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 241 |bSize = 425 |cWidth = 228 |cHeight = 338 |oTop = 113 |oLeft = 86 |Location = center |Description = }} ■ {{smaller|''১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাই তাৰিখে প্ৰথম Women's Rights''<br/> ''Convention অনুষ্ঠিত হোৱা ডিক্লেৰেশ্যন পাৰ্কৰ কাষত লেখিকা''}} |} </center><noinclude>{{rh|'''২৪০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> hbhkmwm5g31ps7hdohdgenpp05l38j4 পৃষ্ঠা:অনিমা গুহ.pdf/২৪৩ 104 60450 159946 2022-07-29T08:16:49Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 243 |bSize = 425 |cWidth = 294 |cHeight = 219 |oTop = 171 |oLeft = 68 |Location = center |Description = }} ‌■ {{smaller|''এলিজাবেথ কেডি ষ্টেনটনৰ বাসগৃহত দুই নাতিৰ সৈতে লেখিকা, ছেনেকা ফলছত''}} |} </center><noinclude>{{rh|'''২৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> ahorfz3kxr424p74srcizach3t0t15w পৃষ্ঠা:অনিমা গুহ.pdf/২৪৯ 104 60451 159948 2022-07-29T08:25:58Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 249 |bSize = 425 |cWidth = 294 |cHeight = 201 |oTop = 162 |oLeft = 62 |Location = center |Description = }} ‌■ {{smaller|''ছেনেকা ফলছৰ ওৱেছলিয়ান প্ৰাৰ্থনা গৃহ। ইয়াত ১৮৪৮ চনৰ ১৯-২০ জুলাইত প্ৰথম Women's''<br/> ''Rights Convention অনুষ্ঠিত হৈছিল।''}} |} </center><noinclude>{{rh|'''২৪৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0j04vbgly1eed671lm48egw8n3r2hto পৃষ্ঠা:অনিমা গুহ.pdf/২৫৩ 104 60452 159952 2022-07-29T08:39:08Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 253 |bSize = 425 |cWidth = 296 |cHeight = 191 |oTop = 179 |oLeft = 65 |Location = center |Description = }} ‌■ {{smaller|''গাইডৰ সৈতে নাৰী মুক্তিৰ বাটকটীয়া এলিজাবেথ কেডি ষ্টেনটনৰ ঘৰৰ সন্মুখত লেখিকা''}} |} </center><noinclude>{{rh|'''২৫২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> rb7g11lpyuzyawe0tp5sr1it1mxzmgq পৃষ্ঠা:অনিমা গুহ.pdf/২৫৭ 104 60453 159956 2022-07-29T08:51:37Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> <center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 257 |bSize = 425 |cWidth = 300 |cHeight = 191 |oTop = 197 |oLeft = 78 |Location = center |Description = }} ‌■ {{smaller|''হেৰিয়েট টাবমেনৰ ঘৰ, অবান''}} |} </center><noinclude>{{rh|'''২৫৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> e5lfe1b3ryu0pjk2ue62mqhfg8szho8