ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.22
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:অনিমা গুহ.pdf/১৯২
104
59586
159989
158400
2022-07-29T17:16:41Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>মোৰ ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’ নামৰ প্ৰবন্ধ সংকলনখনত। নাৰী
মুক্তি আৰু নাৰী অধিকাৰৰ বাবে ঊনৈশ শতিকাতে আন্দোলন কৰা দেশখনত ১৯৯৪
চনৰ জুনত সংঘটিত বিস্ময়কৰ এটা ঘটনাৰ কিছু অংশ পোনপটীয়া সম্প্ৰচাৰত
দেখিছিলো। নাৰী সমগ্র বিশ্বতে নির্যাতিতা— ক'ৰবাত বেছি ক'ৰবাত কম। বিচ্ছেদৰ
পাছতো নাৰীৰ যে নিৰাপত্তা নাই তেনে এটা ঘটনা আছিল নিকোল ব্রাউন ছিম্পছন
হত্যাকাণ্ড।
{{gap}}ক্রীড়াজগতৰ বিষয়ে মোৰ জ্ঞান সীমিত। বোধকৰো সেইখন জগতৰ এজন
উজ্জ্বল নক্ষত্র অ’ জে ছিম্পছন। ডিভোর্ছী পত্নী নিকোলক কটাৰীৰে ঘপিয়াই হত্যা
কৰাৰ সন্দেহত পুলিচে অ' জেক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দৃশ্যটো আছিল এখন
ৰোমাঞ্চকৰ নাটকৰ দৃশ্যৰ দৰে। নব্বৈ মিনিট জোৰা এই দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ
সমগ্ৰ আমেৰিকাবাসীয়ে প্রত্যক্ষ কৰিছে। সেই নাটকৰ দৰ্শক আছিলো ময়ো। নিজৰ
মূৰত পিষ্টলৰ নলীটো লগাই অ’ জেই বন্ধু এজনক গাড়ীখন চলাই যাবলৈ কৈছিল,
ৰখালেই আত্মহত্যা কৰিব। পিছে পিছে খেদি গৈছিল এজাক পুলিচৰ গাড়ীয়ে। বাটৰ
ট্ৰেফিক বন্ধ হৈছিল। তাৰ ঠাইত আলিবাটৰ দুয়োকাষে থিয় দিছিল হেজাৰ হেজাৰ
মানুহ। অ’ভাৰ ব্ৰীজবোৰতো মানুহ গিজগিজাই আছিল আৰু মূৰৰ ওপৰেৰে উৰিছিল
বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰ, হাতত কেমেৰা আদি লৈ। অৱশেষত নিজৰ
প্রাসাদ গৈ পোৱাৰ পাছত পুলিচৰ হাতত ধৰা দিছিল অ’ জেই। মোৰ যিমান দূৰ
মনত পৰে দীঘলীয়া সময়ৰ বাবে তেওঁৰ কাৰাদণ্ড হৈছিল। আমেৰিকাত নাৰী নিৰ্যাতন
আৰু তাৰ বিৰুদ্ধে প্রণয়ন কৰা আইন তথা আইনৰ ৰূপায়ণ সম্পর্কে মোৰ উল্লিখিত
কিতাপখনত লিখা হৈছে।
{{gap}}নিজৰ দোষ, নিজৰ অদূৰদৰ্শিতা বা ব্যক্তিত্বহীনতাৰ বাবে কিছুমান ছোৱালী বিপদত পৰে নাইবা নির্যাতন ভোগ কৰে। কম বয়সীয়া হ'লে তেনে ছোৱালীৰ কাষত থিয় হওঁ। কিন্তু জানি-শুনি বাৰে বাৰে ভুল বাটেৰে আগবাঢ়ি গৈ বাৰে বাৰে বিপদক মাতি অনা চঞ্চল স্বভাৱাসকলৰ প্ৰতি অলপো সহানুভূতিশীল নহওঁ। এনে এজনী অবিবাহিতা মাতৃক প্ৰতাৰণা কৰা তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে মাত নমতা বাবে কেইজনমান সমাজসেৱী ডেকাৰ দ্বাৰা নিন্দিত হৈছিলো। খা-খবৰ লৈ জানিব পাৰিছিলো একেজন প্রেমিকে বিয়াৰ প্ৰলোভন দেখুৱাই ২৬/২৭ বছৰীয়া গাভৰুজনীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰিছিল। ইয়াৰ আগতে কেইবাবাৰো তেওঁ গর্ভপাত কৰোৱায়। প্ৰথমবাৰ প্ৰতাৰিত
হোৱাৰ পাছত বয়সীয়া গাভৰুজনী কিয় আকৌ একেজনৰে জালত পৰিল। কিশোৰী<noinclude>{{Right|বাকীছোৱা জীৱন / ১৯১}}</noinclude>
26qfuhz1gegoopt0qof1ojikcjovxl6
পৃষ্ঠা:অনিমা গুহ.pdf/১৯৩
104
59587
159990
158404
2022-07-29T17:20:05Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>এজনীয়ে নাজানিব পাৰে দৈহিক সম্পৰ্কৰ পৰিণতি কি, এওঁ নাজানিব কিয়?
{{gap}}আন এজনী ছোৱালীকো ‘উদ্ধাৰ’ কৰিবলৈ আগবাঢ়ি নহা বাবে মাকগৰাকী অসন্তুষ্ট হৈছিল মোৰ ওপৰত। কলেজত পঢ়া গাভৰু এজনী ঘৰৰ পৰা পলাই গৈছিল প্ৰেমিকৰ লগত। কাৰণ সিহঁত দুটাৰ বিয়াত মাক-দেউতাকৰ মত নাছিল। কোৱা বাহুল্য নিজে আহি ঘৰ সোমোৱা ছোৱালীক সকলো মানুহে বোৱাৰীৰ মর্যাদা দিব নোখোজে।
পুতেকে অনা বাবে অনিচ্ছাসত্ত্বেও ৰাখিবলগা হ'ল যদিও ভাল ব্যৱহাৰ নাপাই তাইৰ
মাক-দেউতাকৰ মৰমলৈ মনত পৰিছিল। কেনেবাকৈ যোগাযোগ কৰি তাইক উদ্ধাৰ
কৰিবলৈ ফোনতেই কন্দা–কটা কৰিছিল মাকৰ আগত। ‘মাক হোৱাৰ শতেক জ্বালা',
কৈছিল আমাৰ শাহু আয়ে। সন্তানৰ মংগলৰ চিন্তাই মাকৰ মনক অহৰহ আচ্ছন্ন কৰি
ৰাখে। পলাই যোৱা ছোৱালীজনীক কোনোদিনে ক্ষমা কৰিব নোৱাৰিব বুলি মনক
ডাঠ কৰা মাকগৰাকীয়ে জীয়েকৰ ফোন পাই তাইক উলিয়াই আনিবলৈ উপায়
বিচাৰি আছিল। এটা উপায়, তেওঁলোকে ভাবিছিল, নির্যাতন বিৰোধী ঐক্য মঞ্চৰ
সহায় লোৱা। ফোনতে আমাৰ লগত যোগাযোগ কৰি সবিশেষ জনোৱাত পোনচাটে
মই উদ্ধাৰ কাৰ্যত আগভাগ ল'ব নোৱাৰো বুলি কৈছিলো। কাৰণ যি ছোৱালীয়ে
মাকৰ ঘৰৰ পৰা পলাই যাব পাৰে সেই ছোৱালীয়ে শহুৰৰ ঘৰৰ পৰা পলাই আহিব
নোৱাৰিব কিয়? আগগুৰি নেভাবি প্রাপ্তবয়স্ক ছোৱালী এজনীয়ে অনিশ্চয়তাৰ জীৱন
এটাত অৱতীৰ্ণ হোৱাটো সমর্থনযোগ্য নহয়।
{{gap}}শহুৰৰ ঘৰত নির্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা ছোৱালী এগৰাকীৰ
মাকে অন্যায়ৰ প্ৰতিবাদত সভা এখন পাতি আমাকো অংশগ্রহণ কৰিবলৈ মাতিছিল।
মাক-দেউতাকে মনত আঘাত পাব বুলি অধিকাংশ ছোৱালীয়ে শহুৰৰ ঘৰত ভোগ
কৰা লাঞ্ছনা-গঞ্জনাৰ কথা ব্যক্ত নকৰে। কেতিয়াবা চৰম পৰ্যায়লৈ যোৱাৰ পাছত
ক’বলৈ বাধ্য হয়। সমাজৰ আগত লাজ ঢাকিবলৈ আৰু বিয়াখন ভাগি নাযাবলৈ
দেউতাকৰ পৰিয়ালে চেষ্টা কৰে। এইদৰে তাপলি মৰা বিয়া কোনোমতে তিষ্ঠি
থাকে। কিছুমান বোৱাৰীয়ে কাকো একো নজনাই আত্মঘাতী হয়। উল্লিখিত সভাখনত
যেতিয়া শুনিলো আত্মঘাতী বোৱাৰীজনী অর্থনৈতিকভাৱে স্বাধীন আছিল তেতিয়া
কিন্তু মাকৰ প্ৰতি সহানুভূতি মোৰ কমি আহিবলৈ ধৰিলে। মাককো অলপ টানকৈ
ক’লো জীৱন যুদ্ধত হাৰি নাযাবলৈ জীয়েকক তেওঁ নিশ্চয় শিক্ষা দিয়া নাছিল।
আমাৰ বেছিভাগ মাক-দেউতাকে ল'ৰা-ছোৱালীক ইমান আলাসত ডাঙৰ কৰে যে
বৃহত্তৰ বিশ্বৰ কঠিন পৰিস্থিতিক আলসুৱা সন্তানসকলে প্রত্যাহ্বান জনোৱাত বিফল<noinclude>{{Left|১৯২/ বাকীছোৱা জীবন}}</noinclude>
ccst4ir3txhtmbxo2gjrxiwapdy8qat
পৃষ্ঠা:অনিমা গুহ.pdf/১৯৪
104
59588
159993
158406
2022-07-29T17:24:56Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হয়। বিয়াত সুখী হ’ব নোৱৰা আন কেইজনীমান অর্থনৈতিকভাৱে স্বাধীন আত্মঘাতী
ছোৱালীৰ প্ৰাণহীণ দেহবোৰ একে একে আহি আছে মোৰ মনৰ পৰ্দালৈ। বিবাহেই
নাৰী জীৱনৰ একমাত্র লক্ষ্য আছিল সৌ সিদিনালৈকে। আজিৰ আধুনিক যেন লগা
ছোৱালীবোৰৰো মানসিক উত্তৰণ নোহোৱা দেখিলে হতাশ হওঁ।
{{gap}}বিবাহিত পুত্ৰৰ অত্যাচাৰ সহিব নোৱৰা এগৰাকী মাক সহায় বিচাৰি আমাৰ
ওচৰলৈ আহিছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকো তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ
এক তৃতীয়াংশৰ গৰাকী হৈছিল। সকলো বিষয়ত পুতেকৰ ওপৰত নিৰ্ভৰশীল
(আৰ্থিকভাৱে নহয়) মাকজনীক তেওঁৰ অংশটো পুতেকৰ নামত লিখি দিবলৈ হেঁচা
প্ৰয়োগ কৰিছিল নির্দয়ভাৱে। বাতৰি পাই মানুহগৰাকীৰ অসমৰ বাহিৰত থকা জীয়েকে
আমাৰ লগত যোগাযোগ কৰিছিল। মহিলাগৰাকীৰ আন এজন আত্মীয়ইও আমাৰ
সহায় বিচাৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমাৰ ওচৰলৈ অনেকে আহে যদিও
আমাৰ মূলধন একমাত্ৰ মনৰ জোৰ আৰু মানুহক সহায় কৰাৰ মানসিকতা। আমাৰ
ঐক্য মঞ্চৰ নাই কোনো ফাণ্ড, নাই কোনো ৰাজনৈতিক ক্ষমতা। সভা-সমিতি পাতিলে
সভাস্থলীতে সদস্যসকলৰ পৰা চান্দা আদায় কৰা হয়, কিছু সদাশয় ব্যক্তিয়ে সহায়ো
কৰে। কেতিয়াবা নিজকে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ যেন লাগে। যি কি
নহওক, নির্যাতিতা মাকগৰাকীৰ জীয়েকক কোৱা হৈছিল— থানাত এজাহাৰ দিবলৈ।
দৰবে ভাল কাম দিলে। নির্যাতক পুতেকক থানাত উত্তম-মধ্যম শোধোৱাৰ পাছত সি
চিধা হ’ল। কিছুদিনৰ বাবে বোধকৰো তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থাও কৰা
হৈছিল। অৱশেষত সপৰিয়ালে আহি মাকৰ ভৰিত দীঘল দি পৰিল। মাকৰ দৰে
ক্ষমাশীলা পৃথিৱীত দ্বিতীয় এজন নাই। শুনিছো তেওঁলোক মিলাপ্ৰীতিৰ মাজেৰে
একেলগে আছে।
{{gap}}কাকতে-পত্ৰে নাৰী নিৰ্যাতনৰ বিষয়ে পঢ়ো, কিন্তু নির্যাতিতা নাৰী আৰু তেওঁলোকৰ বিবিধ সমস্যাৰ সৈতে মুখামুখি হ’লো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ পাছত। কিছু হাই-প্রফাইল নির্যাতিতাও আমাৰ ওচৰলৈ অহা দেখি বিস্ময়বোধ কৰিছিলো। তেওঁলোকে ইচ্ছা কৰিলেই দিল্লী-মুম্বাই-কলকাতাৰ নামী-দামী নাৰী সংগঠনলৈ
অনায়াসে যাব পাৰে। কিন্তু আমাৰ ওচৰলৈ আহে। বহু অভিজ্ঞতা হ’ল জীৱনত।
আমি জানো আৰক্ষীয়ে নিৰাপত্তা দিয়ে, চোৰ-ডকাইত-প্ৰৱঞ্চক-নির্যাতকক শাস্তি দিয়ে।
কিন্তু কোনোবাই বিশ্বাস কৰিব নে উচ্চপদস্থ আই পি এছ বিষয়াই যৌতুকৰ বাবে
তেওঁৰ পত্নীক চূড়ান্ত পৰ্যায়ত নির্যাতন কৰে বুলি। গুৱাহাটীত নিযুক্তি পোৱা দক্ষিণ<noinclude>{{Right|বাকীছোৱা জীৱন / ১৯৩}}</noinclude>
teqqblhug2dcldn9mtg2tdis1ufnmwg
পৃষ্ঠা:অনিমা গুহ.pdf/১৯৫
104
59589
159995
158409
2022-07-29T17:42:05Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ভাৰতীয় আৰক্ষী বিষয়া এজনে কেইবা লাখ টকা আৰু কেইবা লাখ টকাৰ সোণৰ
বিনিময়ত কোনোবা চহকী মানুহৰ ছোৱালীক বিয়া কৰাই ল'ৰা-ছোৱালী হোৱাৰ
পাছতো শহুৰেকৰ পৰা ধন দাবী কৰিবলৈ এৰা নাছিল। তেওঁৰ পত্নীৰ মুখে শুনাৰ
পাছত মই তেওঁক ক’লো— এওঁক দেখোন সন্ত্রাসবাদীৰে তুলনা কৰিব পাৰি। ভাবুকি
দেখুৱাই ধন আদায় কৰাৰ পদ্ধতি দুয়োৰে হুবহু একে। দাবী কৰা টকা নিদিলে
মানুহগৰাকীক হেনো ডিভোৰ্ছ কৰিব। আন এটা পৰিয়ালে হেনো আই পি এছজনে
তেওঁলোকৰ ছোৱালী বিয়া কৰালে পঞ্চাশ লাখ দিবলৈ ৰেডী হৈ আছে। সকলো
শুনাৰ পাছত মোৰ মানুহজনীলৈ পুতৌ উপজিল। ইতিমধ্যে তেওঁ দেউতাকৰ লগত
আলোচনা কৰি ওলাই যাবলৈ সিদ্ধান্তও লৈছিল। আমি তেওঁক কৈছিলো, তেওঁৰ
যেতিয়া সুবিধা আছে দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত গোচৰ তৰিবলৈ। তেওঁ
গৈছিল। তাৰ পাছত তেওঁলোকৰ কি হ’ল গম নাপালো। আমি তেওঁক কৈছিলো
ডিভোৰ্ছত ৰাজী নহ'বলৈ।
{{gap}}নিৰ্যাতনৰ ঘটনাবোৰ নিৰ্যাতিতাৰ মুখে পোনপটীয়াকৈ যিসকলে শুনে তেওঁলোকৰ
হৃদয়বোৰ কেতিয়াবা লোৰ দৰে টান কৰি ল'বলগীয়া হয়। কাৰণ সহায়কাৰী ভাগি
পৰিলে সহায় কৰা কঠিন হৈ পৰে। সম্প্ৰতি মোৰ মাজত কিছু দুর্বলতা অনুভৱ
কৰিছো যেন লাগিছে। বয়স বঢ়াৰ ফলতেই এই দুৰ্বলতাৰ দ্বাৰা আক্রান্ত হ'লো
কিজানি। বেছি অত্যাচাৰৰ কাহিনী শুনিব নোৱৰা হ'লো।
{{gap}}অলপতে এজনী নৱবিবাহিতা গাভৰু আহিছিল নিজে ভাল পাই বিয়া কৰোৱা
স্বামীজনৰ চৰিত্ৰৰ বিষয়ে অভিযোগ কৰিবলৈ। তেওঁলোক অসমৰ বাহিৰত থাকে।
ব্লু-ফিল্মৰ নাম শুনিছো, এনে ফিল্ম বিকৃতমনাসকলে নিৰ্মাণ কৰে আৰু বিকৃতমনাসকলেই চায়। এই ফিল্মৰো ৰমৰমীয়া ব্যৱসায় চলে গুপুতে। বিয়াৰ পাছত ছোৱালীজনীয়ে গম পালে বহু দিনৰ চিনাকি স্বামীজনে সেই জঘন্য ফিল্ম নির্মাণ কৰে আৰু অচিনাকি পুৰুষৰে সৈতে পত্নীক অন্তৰংগ হ’বলৈ দি ছবি তোলে। ছোৱালীজনীক সি নজৰবন্দী কৰি ৰাখে যেন বাহিৰৰ কাৰো সংস্পৰ্শলৈ আহিবলৈ সুযোগ নাপায়। যি কি নহওক উপায় এটা উলিয়াই তাই এদিন গুৱাহাটীলৈ আহে। স্বামীৰ দ্বাৰা নানাভাৱে নির্যাতিতা অনেকৰ হৃদয় বিদাৰক কাহিনী শুনিছো, কিন্তু এইবাৰৰ উৎপীড়িতা-লাঞ্ছিতা
ছোৱালীজনীৰ কাহিনী কাৰো লগত তুলনা কৰিব নোৱাৰি। অলপো লুক-ঢাক নকৰাকৈ
তাই যিদৰে নিজকে মেলি ধৰিলে যে শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। সহ্য কৰিব
নোৱাৰি মাকৰ লগত অহা ছোৱালীজনীক কেৱল ক’লো— Stop it, আৰু শুনিব<noinclude>{{Left|১৯৪/ বাকীছোৱা জীৱন}}</noinclude>
o72pjqzgjsgd92mz4naba6acesei5ms
পৃষ্ঠা:অনিমা গুহ.pdf/১৯৬
104
59590
159996
158410
2022-07-29T17:52:39Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নোখোজো। তেওঁলোক যোৱাৰ পাছত মই বিছনাত শুই দিলো। সিদিনাই উপলব্ধি
কৰিলো মই মানসিকভাৱে দুৰ্বল হৈছো। শাৰীৰিকভাৱেও। আগৰ দৰে পূৰ্ণোদ্যমে
কাম কৰা বোধকৰো সম্ভৱ নহ’ব। গতিকে সক্রিয় অংশগ্ৰহণৰ পৰা কিছু বিৰত হৈ
আছো। বর্তমানে কাম-কাজ আন সদস্যসকলে কৰে। সেই বুলি মই সন্ন্যাস গ্ৰহণ কৰা
নাই। যিটো হাৰত সমাজত বিভিন্ন পৰিস্থিতিত মানুহে মানুহক শোষণ-নিষ্পেষণ-
নির্যাতন কৰে তাক উৎপাটন কৰা এক দুৰূহ কাম যদিও সচেতন ব্যক্তি হিচাপে চকু
মুদি বহি থাকিব নোৱাৰো। সেয়েহে আমাৰ ক্ষুদ্ৰ চেষ্টাৰে যিকণ পাৰো জীৱনৰ শেষ
দিনলৈ কৰি যাম।
'''নাৰীৰ ঐতিহাসিক পৰাজয়''' : পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ পিঞ্জৰাত বন্দিনীসকলৰ বাবে নির্যাতন কোনো নতুন ঘটনা নহয়। আদি প্ৰস্তৰ যুগত সমাজত, সম্ভৱ প্ৰচলিত আছিল আদিম সাম্যবাদ, যেতিয়া স্ত্রী-পুৰুষ নির্বিশেষে সকলোৱে ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত। নৱপ্ৰস্তৰ যুগত স্থূল খেতিবাতিৰ আৰম্ভণিৰ সময়তো সমাজৰ গাঁথনি জটিল নাছিল। কৃষি আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই নাৰীৰ পদমর্যাদা নিম্নগামী হ’বলৈ ধৰে। বীজৰ পৰা গছৰ উৎপত্তি — এই আৱিষ্কাৰক নাৰীৰ অৱদান বুলি কোৱা হয়। এনে এক যুগান্তকাৰী আৱিষ্কাৰৰ ফলতে সৃষ্টি হৈছে ভূ-সম্পত্তি, অধিকাৰ আদি
ধাৰণাবোৰৰ। এই ধাৰণাসমূহৰ মেৰপাকত পৰি নাৰীৰ হ’ল পুৰুষ নিৰ্ভৰ জীৱন।
গৃহবন্দী নাৰী ক্ৰমে পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়াৰ আহিলালৈ
ৰূপান্তৰিত হ’ল। এনে পৰিস্থিতিক এংগেলছে কৈছিল নাৰীৰ ঐতিহাসিক পৰাজয়
বুলি।
{{gap}}এংগেলছৰ ভাষাত – The overthrow of mother right was the world
historic defeat of the female sex. The man seized the reins in the
house also, the woman was degraded, enthralled, the slave of the
man's lust, a mere instrument for breeding children.' (Origin of the
Family, Private Property and State).
{{gap}}এনে এক পৰিস্থিতিত আমাৰ দেশত ধৰ্ম আৰু পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীক এষাৰ কথাত ক'বলৈ গ'লে Concentration Camp-ৰ চিৰস্থায়ী বাসিন্দাত পৰিণত
কৰিলে। ভাৰততে নহয় পৃথিৱীৰ সৰ্বত্ৰ নাৰীৰ ইতিহাস নিৰ্যাতনৰ এক সুদীৰ্ঘ ইতিহাস।
সীতা-দ্রৌপদীৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানকাললৈ নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ
}<noinclude>{{Right|বাকীছোৱা জীৱন /১৯৫}}</noinclude>
snxmpca9rjk29pme5r851z7md2y9dxk
পৃষ্ঠা:অনিমা গুহ.pdf/১৯৯
104
59593
160029
158413
2022-07-30T06:10:21Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>শস্যক্ষেত্র তুল্য। বীজ ৰোপণ কৰে পুৰুষে, যি বীজ তেওঁলোকৰ ধাৰণাত সদায়
অংকুৰণক্ষম। সেই বীজ অংকুৰিত নহ'লে দোষ জাপি দিয়া হয় অনুৰ্বৰ ক্ষেত্ৰৰ
ওপৰত। সেয়েহে বন্ধ্যা শব্দৰ নাই পুংলিংগ। সেইদৰে পুত্র সন্তান জন্ম দিবলৈ
নোৱৰাৰ অপৰাধো নাৰীৰ। আজিৰ যুগতো অনেক পৰিয়ালত বংশধৰ এটা জন্ম দিব
নোৱাৰিলে পুত্রহীনাই অপৰাধবোধত ভোগে। নিজৰ জৰায়ুটোত অধিকাৰ নথকা
বাবে স্বামী বা তেওঁৰ পৰিয়ালৰ অৰ্ডাৰমতে মহিলাগৰাকী পুত্ৰ সন্তানৰ আশাত বাৰে
বাৰে গৰ্ভৱতী হ’বলগীয়া হয়। ভ্রূণৰ লিংগ নিৰ্ধাৰণ কৰি কন্যা ভ্রূণ পালে গর্ভপাতৰ
যন্ত্রণাও ভুগিবলগীয়া হয় নাৰীয়ে। লিংগ নিৰ্ধাৰণ কৰিব নোৱৰাসকলে বাৰে বাৰে
কন্যা সন্তান জন্ম দিয়াৰ ‘অপৰাধ’ত দুর্ব্যৱহাৰো নোপোৱা নহয়। আজিৰ শিক্ষিত
প্রগতিশীল পৰিয়ালবোৰত অৱশ্যে এনে ধৰণৰ অত্যাচাৰ নাই। সন্তানৰ লিংগ নিৰ্ধাৰক
X (এক্স) আৰু Y (ওৱাই) ক্ৰমজ’মৰ ভূমিকাৰ কথা সত্তৰ-আশী বছৰ আগতেই
জীৱবিজ্ঞানীসকলে জনাইছে। পুত্র সন্তান সৃষ্টিকাৰী ওৱাই ক্ৰমজ’মটো পিতৃৰ ফালৰ
পৰা অহা বুলি জানিও দোষ জাপি দিয়ে পত্নীৰ ওপৰত। প্ৰকৃততে সুদূৰ অতীততে
পুৰুষ-মহিলাৰ মগজুত যি মানসিকতাই বাহ লৈছে তাক উৎপাটন কৰা বৰ সহজ
কাম নহয়। নহ'লেনো গুজৰাট সংঘৰ্ষত মুছলমান মহিলাৰ ওপৰত হোৱা যৌন
উৎপীড়নৰ তাৎক্ষণিক প্রতিক্রিয়া হিচাপে প্রাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফার্নাণ্ডেজৰ
মুখৰ পৰা কুখ্যাত উক্তি শাৰী—What is new about women getting raped
in riots নির্গত হয়নে? একৈশ শতিকাৰ বিজ্ঞানৰ আকাশলংঘী উন্নতিৰ সময়তো
কোনোবাই উচ্চাৰণ কৰে নে যে স্ত্ৰী দেহত হাড়ৰ সংখ্যা পুৰুষৰ হাড়ৰ সংখ্যাতকৈ
কম!
{{gap}}পুৰুষৰ মানসিকতা যে আওপুৰণি অৱস্থাতে আছে তাৰ এটা উদাহৰণ হ’ল নাৰী
নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাত তেওঁলোকৰ অধিকাংশৰে অনীহা। নির্যাতন বিৰোধী
ঐক্য মঞ্চৰ জন্মলগ্নৰ পৰা মন কৰিছো আমাৰ সহযাত্ৰী শংকৰ শইকীয়া, প্রয়াত
সুৰজিৎ বৰুৱা, মুকুল কলিতা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, সমাজসেৱী মুকুট সিংহ
চেতিয়া প্ৰমুখ্যে মুষ্টিমেয় কেইজনমান পুৰুষৰ বাহিৰে অধিকাংশ পুৰুষ নির্যাতিত
নাৰীৰ কাষত থিয় দিবলৈ আগবাঢ়ি নাহে। বর্তমানে যৌতুক সংক্রান্ত কাৰণত অসমত
যিটো হাৰত নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়িছে তাৰ প্ৰতিকাৰাৰ্থে একেটা হাৰত সমাজ
জাগি উঠা নাই। নাৰী সংগঠনবোৰো আশা কৰামতে সক্রিয় হ’ব পৰা নাই। কোনোবাই
ভাবি চায় নে মণিপুৰত হঠাতে কিয় কম বয়সীয়া বিধৱাৰ সংখ্যা বাঢ়িছে। কিয়<noinclude>
{{Left|১৯৮/ বাকীছোৱা জীৱন}}</noinclude>
2j3k259ti0nwsptpky0j94m3ju4zqvr
পৃষ্ঠা:অনিমা গুহ.pdf/২০১
104
59595
160030
158417
2022-07-30T06:14:57Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নিপীড়ন-নির্যাতন একো নাই। এনেয়ে আৰু কোৱা হয় নে স্বৰ্গসুখ! গতিকে মাৰি
পেলা এই আপদ কন্যা সন্তানবোৰক। পিছে অদূৰদৰ্শী এই মানুহবোৰে উপলদ্ধি
কৰিব নোৱাৰে কন্যা সন্তানবোৰক মাৰি পেলালে এটা সময়ত পুত্ৰ সন্তানৰ জন্ম
দিবলৈ কোনো নাথাকে।
{{gap}}তেনে এটা পৰিস্থিতিৰ উদ্ভৱ যে ঘটিব তাৰ লক্ষণ দেখা গ'ল ২০১১ চনৰ
লোকপিয়লত। ০-৬ বছৰৰ ভিতৰত পুত্ৰ শিশুৰ তুলনাত কন্যা শিশুৰ সংখ্যা ভয়লগাকৈ
কমিছে। এইটো বয়সত লিংগ অনুপাত (১০০০ পুত্ৰ শিশুৰ বিপৰীতে কন্যা শিশুৰ
সংখ্যা) প্রাকৃতিক নিয়মমতে যি হ’ব লাগে তাতকৈ বহু কম, মুঠ ৯১৪। স্বৰাজোত্তৰ
ভাৰতত কন্যা শিশুৰ কল্পনাতীতভাৱে কম সংখ্যা এয়ে প্রথম। লোক গণনা বিভাগৰ
ৰেজিষ্ট্ৰাৰ জেনেৰেল চন্দ্ৰশেখৰন্ চন্দ্ৰমৌলিয়ে কৈছে— ‘This decline in the
child sex ratio is perhaps the most serious negative finding from
this census.' এই সংখ্যাটোৱে ভাৰতীয়সকলৰ মানসত কন্যাৰ প্ৰতি থকা অমানৱীয়
দৃষ্টিভংগীৰ ফালে আঙুলিয়ায়। শিশুসকলৰ মাজত আদর্শ লিংগানুপাত হ’ব লাগে
৯৫০ ৰ পৰা ৯৭৫ ৰ ভিতৰত। পৃথিৱীৰ সকলো উন্নত দেশত আৰু ভাৰতৰ
প্রগতিশীল ৰাজ্য কেৰেলাত নাৰীৰ স্বাভাৱিক সংখ্যা নিৰ্ধাৰণ কৰে প্ৰকৃতিয়ে।
সামগ্ৰিকভাৱে আদৰ্শ লিংগানুপাত হ'ব লাগে ১,০৫০ ৰ সামান্য ইফালে সিফালে।
অৰ্থাৎ ১,০০০ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ'ব লাগে ১,০৫০ মান। কিন্তু
ভাৰতত এই সংখ্যাটো সদায় কম। ২০১১ চনৰ লোকপিয়লৰ মতে সামগ্ৰিকভাৱে
ভাৰতত নাৰীৰ সংখ্যা ১,০০০ পুৰুষৰ বিপৰীতে ৯৪০। অসমত ৯৫৪। জাতীয়
স্তৰৰ তুলনাত লিংগানুপাত অসমত বেছি হ’লৈও নাগালেণ্ড (৯৩১) আৰু অৰুণাচল
প্ৰদেশৰ (৯২০) বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ (৯৮৭), মেঘালয়
(৯৮৬), মিজোৰাম (৯৭৫) আৰু ত্ৰিপুৰাৰ (৯৬১) তুলনাত কম। এই সংখ্যাবোৰে
কি সূচায়? সূচায় যে প্রাকৃতিক নিয়মৰ বিৰুদ্ধে সামাজিক শক্তিয়ে নাৰীমেধ যজ্ঞ
পালন কৰি আছে।
{{gap}}অতদিনে কিছুমান পশু-পক্ষী বিপন্ন হোৱা বুলি (endangered) জানিছিলো—
যেনে এশিঙীয়া গঁড়, সোণালী বান্দৰ, শগুণ ইত্যাদি। এতিয়া সেইসকলৰ শাৰীত
থিয় হ’ল কন্যা সন্তান। পশু-পক্ষীবোৰক ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্রেমীসকলে উঠি-পৰি
লগাৰ দৰে ভাৰত চৰকাৰেও কন্যা সন্তান সুৰক্ষাৰ উদ্দেশ্যে ২০০৮ চনৰ ২৮ এপ্ৰিলত
প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল। এই প্রচেষ্টা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। সামাজিক<noinclude>
{{Left|২০০/ বাকীছোৱা জীৱন}}</noinclude>
ss2r91jwe7mqjjvlb2kwhh5eg1soyq3
পৃষ্ঠা:অনিমা গুহ.pdf/২০২
104
59596
160031
158418
2022-07-30T06:19:08Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পৰ্যায়ত আমাৰ পুৰুষ-নাৰীক সচেতন হোৱা নেদেখো। কাৰণ কি? কাৰণ সকলোৰে
জনা। ভ্রূণ হত্যা, শিশু কন্যা হত্যা, শিশু কন্যাক অনাদৰ, বোৱাৰী হত্যা আদিৰ
প্ৰতিবাদত কেৱল নাৰী সংগঠনবোৰেহে আগবাঢ়ে। যেন এই সমস্যা কেৱল নাৰীৰহে।
{{gap}}কেতিয়াবা দুখতো যে হাঁহি উঠে তেনে হাঁহি মোৰো মাজে মাজে নুঠা নহয়।
আমি কলকাতাত থাকোতে কিবা কাৰণত সাম্রাজ্যবাদী আমেৰিকাৰ বিৰুদ্ধে কিছুমান
মানহে প্রতিবাদ সাব্যস্ত কৰিছিল আমেৰিকান কনছ্যুলেটৰ অফিচৰ সন্মুখত। হাত-
ভৰি জোকাৰি, ডিঙিৰ সিৰা ফুলাই বক্তৃতা দি ঘৰলৈ উভতি আহি তেওঁলোকৰে
দুজনমানক দেখিছিলো খোৱা টেবুলত মুৰ্গীৰ ঠেং চোবাই চোবাই নানা ধৰণৰ অন্যায়ৰ
বিৰুদ্ধে, শ্ৰেণী সংগ্ৰামৰ কথাৰে গৰম গৰম আলোচনাত লিপ্ত হোৱা। একেখন টেবুলত
বহি চজিনা চোবাই আছিল বামুণৰ ঘৰখনৰ বিধৱা বোৱাৰীজনীয়ে।
{{gap}}হিন্দু সমাজত, ঘাইকৈ উচ্চ বৰ্ণৰ মাজত বৈধৱ্য এক যন্ত্রণাদায়ক কৰুণ অৱস্থা।
এই শ্ৰেণীৰ মহিলাই হেনো শুভকার্যত অংশগ্ৰহণ কৰাৰ নিয়ম নাই। কি কাৰণে, তাৰ
এটা যুক্তিসংগত উত্তৰ কোনোবাই আগবঢ়াব পাৰিব নে? নোৱাৰে। আজি চহৰ-
নগৰৰ প্ৰগতিশীল অংশটোৰ ভিতৰত আগৰদিনীয়া ৰক্ষণশীল মনোভাব নাই যদিও
বৃহত্তৰ সমাজখনৰ দৃষ্টিভংগীৰ সালসলনি হোৱা নাই। পিছে মোৰ এই সুদীৰ্ঘ জীৱনৰ
অভিজ্ঞতাই কয়, গাঁৱেই হওক, চহৰেই হওক বা মহানগৰীয়ে হওক কিছুমান অন্ধবিশ্বাসৰ পৰা মানুহৰ মুক্তি নাই। গুৱাহাটীৰ আধুনিকমনস্ক বুলি জনাজাত পৰিয়াল এটাৰ বিধৱা মাকগৰাকীয়ে জোৰণত হ'বলগীয়া বোৱাৰীজনীক সেন্দূৰ নিপিন্ধালে, জানোচা তেওঁৰ দুৰ্ভাগ্য সেন্দূৰৰ মাজেদি বিজুলী বৈ যোৱাৰ দৰে অদৃশ্যভাৱে বৈ বোৱাৰীয়েকৰ গাত লম্ভে! প্রগতিশীল শিক্ষিতা কইনাজনীয়েতো জোৰ কৰি শাহুয়েকৰ হাতেৰেই এই ফেৰা কাম কৰোৱাব পাৰিলেহেঁতেন। নাই, নকৰে। কিয়নো তেৱোঁ অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত নহয়।
{{gap}}অদৃশ্য পথেৰে এজনৰ দুৰ্ভাগ্য আন এজনলৈ প্ৰৱাহিত হোৱা ধাৰণাটোৰ জন্ম
হৈছিল সুদূৰ অতীতকালৰ সমাজত। নৃতত্ত্বৰ ভাষাত ইয়াক কয় ‘মানা’। পৃথিৱী বহু
আগুৱাই গ’ল, কিন্তু মানাৰ অস্তিত্ব লোপ নাপালে। দুখতো হাঁহি উঠিছিল যেতিয়া
অর্থনীতিত এম এ পাছ ছোৱালী এজনীয়ে জোৰণৰ সামগ্ৰীখিনিত নবৌয়েকক হাত
লগাবলৈ বাৰণ কৰিলে। তেওঁ আছিল নিঃসন্তান। কইনাৰ বিশ্বাস নবৌয়েকৰ
সন্তানহীনতা মানাৰ বোকোচাত উঠি ছোৱালীজনীৰ দেহত প্ৰৱেশ কৰিব।
{{gap}}কলকাতা মহানগৰীত, য’ত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে<noinclude>{{Right|বাকীছোৱা জীৱন / ২০১}}</noinclude>
2z9xxed3jzwmqvyz3yac46vihlbqdn5
পৃষ্ঠা:অনিমা গুহ.pdf/২০৩
104
59597
160041
158367
2022-07-30T08:09:40Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>ব্য়ক্তিয়ে সমাজ সংস্কাৰমূলক বহু কাম কৰিছে, যি দুগৰাকী মনীষীৰ প্ৰচেষ্টাত সতীদাহ
প্ৰথা ৰোধ আৰু বিধৱা বিবাহ আইনতঃ সিদ্ধ হৈছে ঊনৈশ শতিকাতে সেই কলকাতাৰ
এচাম শিক্ষিত, আধুনিক আৰু প্ৰগতিশীল বুলি দাবী কৰা মানুহৰ অতি ৰক্ষণশীল
দৃষ্টিভংগীৰ উমান পাই অবাক হৈছিলো।
ৰমা বেনাৰ্জী (নাম সলাই দিয়া হৈছে) কলকাতাৰ এগৰাকী নামকৰা গৱেষিকা-
অধ্যাপিকা তথা আগশাৰীৰ নাৰীবাদী লেখিকা। আমি পুনেত থকাৰ সময়ত আন্তৰ্জাতিক
চেমিনাৰ এখনত অংশগ্ৰহণ কৰিবলৈ আহোতে আমাৰ ঘৰত খোৱা-বোৱা কৰিছিল।
তেওঁ বামুণৰ ঘৰৰ প্ৰৌঢ়া বিধৱা আছিল। সময় ১৯৭০ চন।
{{gap}}‘আপুনি চিকেন খাব নে মাটন?' মোৰ প্ৰশ্ন শুনি ৰমাদি চক খাই উঠিছিল।
বোধকৰো এনে প্ৰশ্ন তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত কোনেও কৰা নাছিল। খাৱন-
পিন্ধনত ৰমাদিৰ কোনো বাছ-বিচাৰ নাই বুলি জনালে। গ’ল কথা গুছিল। আমি
কলকাতালৈ অহাৰ পাছত ১৯৭৪ চনত সাহিত্য অকাডেমীৰ সভা এখনলৈ গৈছিলো
শ্ৰোতা-দৰ্শক হিচাপে। ভাৰতৰ সকলো ৰাজ্যৰ পৰা আহিছিল সাহিত্য আকাশৰ
নক্ষত্ৰসকল। তাতেই প্ৰথম লগ পাইছিলো মহিম বৰাক। আন এগৰাকী বিখ্যাত
লেখকক দেখি মই সঁচাকৈয়ে উত্তেজিত হৈছিলো। তাৰ আগতে জবাসন্ধ ছদ্মনামেৰে
লেখা লৌহকপাট নামৰ এলানি কিতাপ পুনেত পঢ়িছিলো। জেইলাৰ হিচাপে
অপৰাধীসকলৰ জীৱন সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতাৰে সমৃদ্ধ কিতাপ কেইখন
সাহিত্য জগতলৈ জৰাসন্ধৰ মূল্যৱান অৱদান। সি যি কি নহওক দুপৰীয়াৰ আহাৰ
খাবৰ সময়ত জৰাসন্ধৰ কাষৰ আসনত বহা আমাৰ গৃহস্থই নিজৰ চকীখন মোলৈ
এৰি দি আন ক'ৰবাত বহিলে গৈ। প্ৰিয় লেখকগৰাকীক কাষতে পাই কিমান কথা
যে নাপাতিলো। তেতিয়া কিতাপখনৰ চৰিত্ৰবোৰ মনত স্পষ্ট হৈ আছিল। এনেতে
ৰসভংগকাৰীৰ দৰে উল্লিখিত ৰমাদিয়ে মোক তাৰ পৰা উঠাই চুকৰ টেবুল এখনত
বহুৱালে আৰু মোক পৰ্দা হিচাপে ব্যৱহাৰ কৰি তেওঁ খাবলৈ বহিল। কাৰণ কলকাতাৰ
পণ্ডিতসকলে হেনো তেওঁক মাছ-মাংস খোৱা দেখিলে নিন্দা কৰে। মনে মনে ভাবিলো
হায়ৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কলকাতাৰ সাহিত্যিকসকল! আনহাতে পিছপৰা অসমৰ
পিছপৰা ধুবুৰীৰ জীয়ৰী হিচাপে গৰ্ববোধো কৰিছিলো। নাজানো তেতিয়াৰে পৰা
আজি ত্ৰিশ/পঁইত্ৰিশ বছৰ পাছৰ কলকাতাত মুকলিমূৰীয়া হৈ ৰমাদিয়ে সকলোৰে
সৈতে একেলগে বহি আমিষ খাদ্য খায় নে নাই।
{{gap}}কলকাতাৰ আন এগৰাকী লুকাই ফুৰা অভিজাত পৰিয়ালৰ মহিলালৈ মনত<noinclude>{{rh|২০২ / বাকীছোৱা জীৱন||}}</noinclude>
l6jgsyaqnbny5sb30rkkmm6xoamz5j7
পৃষ্ঠা:অনিমা গুহ.pdf/২০৪
104
59598
160046
158419
2022-07-30T08:23:45Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>পৰিল। ধৰি ল'লো তেওঁৰ নাম ৰীণাদি। বংগৰ এক নামী তথা সমাজৰ আগশাৰীৰ
বিদ্বান পৰিয়ালৰ বোৱাৰী হৈ আহিছিল সুন্দৰী শিক্ষিতা ৰীণাদি। কেইবছৰমান পাছত
নিঃসন্তান মানুহগৰাকীৰ স্বামীৰ অকাল মৃত্যু হোৱাত ১৯৬১ চনত তেওঁ পুনৰ্বিবাহ
কৰায়। ৰীণাদিৰ দ্বিতীয় স্বামী এগৰাকী পণ্ডিত ব্যক্তি। প্ৰগতিশালী পৰিয়াল বুলি
জনাজাত প্ৰথম স্বামীৰ পৰিয়ালে বিয়াখন সুনজৰে দেখা নাছিল। তেওঁৰ এই কামে
পৰিয়ালটোৰ মান-সন্মান ভূলুণ্ঠিত কৰা বুলিও অনেকে মত প্ৰকাশ কৰিছিল।
মানুহগৰাকীৰ ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছিল, বিশেষকৈ দুয়োটা পৰিয়াল
বংগৰ আগশাৰীৰ হোৱা বাবে তেওঁলোকক চিনি নোপোৱা মানুহ কমেই আছিল।
ৰীণাদিৰো ৰমাদিৰ দৰে মোৰ ওপৰত আস্থা আছিল। গতিকে অলপ দিনৰ চিনাকি
হ'লেও সমাজৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। অৱশেষত
নিজৰ ৰাজ্যৰ বিষাক্ত পৰিবেশৰ পৰা ওলাই গৈ বিদেশৰ মুক্ত পৰিবেশত তেওঁলোকে
শান্তিৰে জীৱনৰ বাকীছোৱা কাল কটাই আছে।
{{gap}}ডাইনী হত্যাৰ বিৰুদ্ধে আমি সোচ্চাৰ। মানুহ কেতিয়াবা অশুভ হ'ব পাৰেনে?
ডাইনীসকল ‘অশুভ’ হোৱা বাবে তেওঁলোকক কোবাই মৰা হয়। আৰু বিধৱাসকল
‘অশুভ’ হোৱা বাবে মানসিক যন্ত্ৰণা দি তিলে তিলে মৰা নহয়নে? নাৰীৰ প্ৰতি
সমাজৰ অন্যায় আচৰণে মোৰ মনোজগতক সদায় ভাৰাক্ৰান্ত কৰি ৰাখে। তাতোকৈ
দুখৰ কথা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক
কৰে নিৰ্যাতন।
'''নৈৰ ইপাৰে কয়.'''.. : ৰবীন্দ্ৰ নাথৰ কবিতা এফাঁকি আছে—
{{gap|4em}}নদীৰ এপাৰ কহে ছাড়িয়া নিঃশ্বাস
{{gap|4em}}ওপাৰেতে কত সুখ এ মোৰ বিশ্বাস।
{{gap}}অৰ্থাৎ নৈৰ ইটো পাৰে হুমুনিয়াহ কাঢ়ি কয়— ‘মই ডাঠি ক’ব পাৰো সিটো
পাৰত বৰ সুখ’। ইয়াৰ আচল অৰ্থ হ'ল আমি নিজৰ দুখ-দুৰ্গতি, অভাৱ-অভিযোগবোৰ
নিজৰ জীৱনতহে ঘটি থকা বুলি ভাবো। আনৰ জীৱন যেন সুখৰ উভৈনদী।
{{gap}}পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মক আমি যিসকল মহিলাই ব্যক্তি স্বাধীনতাৰ
পৰিপন্থী বুলি ভাবো তেওঁলোকে মাতৃতান্ত্ৰিক খাচী আৰু গাৰো সমাজৰ মহিলাক
ঈৰ্ষা কৰো। তেওঁলোক কিমান মুকলিমুৰীয়া।
{{gap}}যাঠি-সত্তৰ বছৰ আগতে বাল্যকালত প্ৰথম শ্বিলঙলৈ গৈ তবধ মানিছিলো<noinclude>{{rh|||বাকীছোৱা জীৱন / ২০৩}}</noinclude>
i7oppqv2vz8oo5vcsla9viwqd1bv7xg
পৃষ্ঠা:অনিমা গুহ.pdf/২০৫
104
59599
160049
158420
2022-07-30T08:40:52Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>মহিলাসকলে শাক-পাচলি আদি বজাৰত বহি বিক্ৰী কৰা দেখি, তাকো ৰাতিৰ বজাৰত।
তেওঁলোকক দেখিবলৈ সদায় দেউতাৰ লগত বজাৰলৈ গৈছিলো। পাইন কাঠৰ
খণ্ডত জুই জ্বলাই পোহৰাই তুলিছিল বজাৰৰ চৌহদ। মুকলিমুৰীয়া মহিলাসকলক
দেখি আমাৰ মা-খুড়ী-মাহী-পেহীলৈ মনত পৰিছিল। তেওঁলোক আছিল অসূৰ্যম্পশ্যা।
দেউতাক সুধিছিলো মাবোৰে কিয় মাছ বেচিছে। তেওঁ কৈছিল এওঁলোকৰ সমাজত
এইটোৱে নিয়ম।
{{gap}}আমাৰ লগত দেউতাৰ অফিচৰ পিয়ন এজনো গৈছিল। মোৰ দৰে তেৱোঁ তিৰোতা মানুহে মাছ-পাচলি বেচা দেখি আচৰিত হৈছিল। পিছে তেওঁৰ প্ৰতিক্ৰিয়া আছিল সাংঘাতিক। শ্বিলঙৰ পৰা কোকৰাঝাৰলৈ উভতি আহি মানুহক কৈছিল এইদৰে—
{{gap}}‘শ্বিলংখন বৰ সুন্দৰ ঠাই। গৰম মুঠে নাই। কিন্তু আপীগুলা মস্ত ডাংকাটি। লাজ-চৰম নাই। তামোল খাই মুখখন লাল টিকটিকা কৰি আপাগুলাৰ লগত হাঁহিয়া
হাঁহিয়া কথা কয়। সব চৰিত্ৰহীন।'
{{gap}}যি কি নহওক আমি ভাবিছিলো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে আমাৰ নাৰীসকল নিৰ্যাতিতা, বঞ্চিতা। মহিলাৰ সম্পত্তিত অধিকাৰ থাকিও নথকা বাবেও দায়ী কৰো আমাৰ সমাজ ব্যৱস্থাক। আইনে সকলো ক্ষেত্ৰতে সম অধিকাৰ দিছে যদিও মানসিকতাৰ পৰিৱৰ্তন নোহোৱা বাবে প্ৰায় ভাগ আইন কাৰ্যকৰী হৈ উঠা নাই।
{{gap}}আমি জানো মাতৃতান্ত্ৰিক খাচী আৰু গাৰো ছোৱালী বিয়াৰ পাছত শহুৰেকৰ
ঘৰলৈ নাযায়, দৰাহে যায় কইনাৰ ঘৰলৈ। আমাৰ ধাৰণা দৰাবোৰে শহুৰৰ ঘৰলৈ গৈ
ভাত ৰান্ধে, কাপোৰ ধোৱে, শহুৰ শাহুৰ আলপৈচান ধৰে, সকলোকে সন্তুষ্ট কৰি
চলে। ঘৈণীয়েকৰ-মাকৰ ধমকি খাই কান্দি মৰে। ঘৈণীয়েকে গিৰিয়েকক চাহৰ অৰ্ডাৰ
মাৰি ভৰিৰ ওপৰত ভৰি তুলি থমথম মদন গোপালটো হৈ বহি থাকে। পিতৃতান্ত্ৰিক
সমাজৰ আমিসকলে গেবাৰি খাটি খাটি নৈখনৰ দৰেই ভাবো— আহ্, খাচী-গাৰো
সমাজৰ মহিলাসকলৰ কি যে সুখ। অহা জনমত যেন মেঘালয়তে ওপজো।
{{gap}}পিছে খাচী-গাৰো সমাজৰ বিষয়ে প্ৰবন্ধ, কিতাপ-পত্ৰ আদি পঢ়ি সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি উপলব্ধি কৰিছো কথাবোৰ নৈৰ ইটো পাৰে ভবাৰ দৰে নহয়। মাতৃতান্ত্ৰিক সমাজত বাস কৰিও সিপাৰৰ মহিলাৰ সুখ নাই।
{{Gap}}এই কথা সত্য যে খাচী-গাৰো সমাজত বংশৰ মূল ধাৰাটো বাহিত হয় মাতৃ
বংশৰ যোগেদি। খাচী আৰু জয়ন্তীয়াসকলৰ ক্ষেত্ৰত সম্পত্তি লাভ কৰে ঘৰৰ কনিষ্ঠ
জীয়েকজনীয়ে৷ এওঁক কোৱা হয় খাদ্দু। তেওঁ পৰিয়ালৰ সম্পত্তি লাভ কৰে। সম্পত্তি<noinclude>{{rh|২০৪ / বাকীছোৱা জীৱন||}}</noinclude>
a72iw5pcjf4euyzr7y58xlqahhrm6yi
পৃষ্ঠা:অনিমা গুহ.pdf/২০৬
104
59600
160051
158421
2022-07-30T08:50:45Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দুই প্ৰকাৰ। পৰিয়ালৰ পৰা পোৱা সম্পত্তি তেওঁ বেচিব নোৱাৰে। ভোগ কৰিব পাৰে।
পৰিয়ালৰ আন সদস্যৰ বিপদ-আপদ বা সংকটকালত সেই সম্পত্তি তেওঁলোকেও
ভোগ কৰে। উল্লেখযোগ্য বিষয়টো হ'ল নুমলীয়া জীয়ৰীয়ে সম্পত্তি লাভ কৰিলেও
সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে খাদ্দুৰ মোমায়েকেহে। অৰ্থাৎ তেওঁলোক পুৰুষৰ প্ৰতিপত্তিৰ
পৰা মুক্ত নহয়। গাৰো সমাজত আকৌ নুমলীয়া জীয়েকৰ স্বামীয়ে সম্পত্তি ৰক্ষা
কৰে। ডাঙৰ ছোৱালী কেইজনীয়েতো একোকেই নাপায়। এওঁলোকক ঈৰ্ষা কৰাৰ
কোনো যুক্তি নাই।
{{gap}}সাধাৰণ খাচী মহিলাৰ, বিশেষকৈ তেওঁ যদি দুখীয়া হয়, ভাগ্য পিতৃতান্ত্ৰিক
সমাজৰ মহিলাৰ দৰেই কষ্টকৰ। নিজৰ ঘৰখনৰ আৰু ল'ৰা-ছোৱালীৰ সুখৰ বাবে
কাম কৰি কৰি স্বাস্থ্যৰ অৱনতি ঘটায়। বেমাৰত চিকিৎসকৰ ওচৰলৈ মহিলাসকল
নাযায় বুলিয়ে ক’ব পাৰি। আমাৰ সমাজত পোৱাৰ দৰে স্বাস্থ্যৰক্ষাৰ বাবে প্ৰাধান্য পায়
পুৰুষেই। আমি ভবাৰ দৰে খাচী পুৰুষে ঘৰ-গৃহস্থালি চম্ভালিব নালাগে। তেওঁলোকে
চাকৰি কৰে অৰ্থ উপাৰ্জন কৰিবলৈ। গতিকে স্বাস্থ্য ভালে ৰখা প্ৰয়োজনীয়। সাধাৰণ
গৃহিণীসকলৰ স্বাস্থ্য ভালে নথকাৰ কাৰণ সঘনাই সন্তানৰ জন্ম দিয়া। আজিৰ যুগতো
তেওঁলোকে গড়ে আঠোটাকৈ সন্তানৰ জন্ম দিয়ে। স্বাস্থ্যহীন মাতৃয়ে স্বাস্থ্যৱান সন্তানৰ
জন্ম দিব নোৱাৰে। গতিকে ঘৰখনত স্বাস্থ্য ৰক্ষাৰ দ্বিতীয় অধিকাৰ লাভ কৰে সন্তানে।
{{gap}}মাক-সন্তান দুয়ো ঘাইকৈ ভোগে ৰক্তহীনতাত। ফলত কেঁকাই-গেঁথাই জীৱননিৰ্বাহ কৰে শতকৰা আশীগৰাকী খাচী মহিলাই। স্বাস্থ্যহীনাক অৰ্থনৈতিকভাৱে স্বাধীন হ’বলৈ আগ্ৰহী কৰাও অসম্ভৱ। তদুপৰি সময় ক’ত বাহিৰলৈ ওলাবলৈ। দিনটো কটায়
জুহালত। তাৰে মাজতে শাক-পাচলি দুটামান ৰোৱে। সেইখিনি বেচি নিমখ-তেল-
চাউল কিনে।
{{gap}}পিতৃতান্ত্ৰিক সমাজৰ পুৰুষৰ দৰে মাতৃতান্ত্ৰিক সমাজৰ পুৰুষো স্বাধীন। সকলো
কাম স্বইচ্ছাৰে কৰে। মদ খায়, চিগাৰেট হোপে, জুৱা খেলি সৰ্বস্বান্ত হয়। পত্নী প্ৰহাৰ
প্ৰতিদিনে কৰিবলগীয়া যেন এটা মহান কৰ্তব্য। চহৰৰ মহিলা গাঁৱৰ মহিলাৰ তুলনাত
বেছি উৎপীড়িতা। আনহাতে সমগ্ৰ ভাৰততে শিক্ষিতা মহিলাই স্বামীৰ দ্বাৰা অশিক্ষিতাৰ
তুলনাত বেছি নিৰ্যাতিতা হয়। বোধকৰো নিজকে বৰমতা বুলি ভবা পুৰুষ শ্ৰেণীটোৱে
তেওঁৰ সমপৰ্যায়ৰ পত্নীক সহ্য কৰিব নোখোজে। এই বিষয়ত যিকোনো সমাজ
ব্যৱস্থাৰ পুৰুষৰ একেটা চৰিত্ৰ।
{{gap}}মাতৃতান্ত্ৰিক সমাজ হোৱা হেতুকে সম্ভৱতঃ খাচী সমাজত বিয়াবোৰ প্ৰায়ে নিটিকে।<noinclude>{{rh|||বাকীছোৱা জীৱন / ২০৫}}</noinclude>
rdiiczdb49pdhr8oyja90t2l1i4is5u
পৃষ্ঠা:অনিমা গুহ.pdf/২০৭
104
59601
160053
158423
2022-07-30T08:58:28Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>সন্তানবোৰৰ ওপৰত দেউতাকৰ অভিভাৱকত্ব নথকাৰ বোধ ওপজে কিয়নো ৰীতিমতে
সিহঁত মাকৰ ঘৰৰ সদস্য। সম্ভৱতঃ পুৰুষ মানুহবোৰে পৰিচয় সমস্যাতো ভোগে।
অতীতত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। আজিকালি এওঁলোকে বিশ্বৰ প্ৰায়ভাগৰে
চিনাকি দেউতাকৰ যোগেদি হয় বুলি জনাৰ পাছত হীনমন্যতাত ভোগাটো অস্বাভাৱিক
নহয়। সন্তান এটাৰ মাকক চিনাক্ত কৰা সহজ। কিন্তু দেউতাকক? খাচী পৰিয়ালবোৰত
স্বামী এজন শিপাহীন ব্যক্তি। বিচ্ছেদৰ পাছত মহিলাই আকৌ বিয়া-বাৰু কৰাই
সন্তানৰ জন্ম দিলে আটায়ে মাকৰ নামেৰেই জনাজাত হয়, দেউতাকহঁতৰ চিন-চাব
নাথাকে। হয়তো এইবোৰেই বিয়া ভাগি যোৱাৰ কাৰণ।
{{gap}}আনহাতে বিবাহ বিচ্ছেদে খাচী সমাজৰ মহিলাক গৃহহীন নকৰে। তেওঁলোকেই
ঘৰখনৰ গৰাকী, সন্তানো তেওঁলোকৰ। আমাৰ সমাজৰ বিবাহ বিচ্ছেদিতাসকলৰ দৰে
ল’ৰা-ছোৱালীক লৈ অথৈ সাগৰত পৰিব নালাগে। কেতিয়াবা সিহঁতৰ মুখলৈ চাই
নীৰৱে সকলো সহ্য কৰে। এই ফালৰ পৰা খাচী মহিলা স্বাধীনচিতীয়া। বজাৰখনো
তেওঁলোকে চলায়। প্ৰবন্ধ এটাত পঢ়িছিলো বেপাৰ-বাণিজ্য কৰে যদিও বাণিজ্য
সম্পৰ্কে খাচী মহিলাৰ জ্ঞান সীমাবদ্ধ। হিচাপ পত্ৰও নিয়াৰিকৈ ৰাখিব নাজানে।
কেৱল বুদ্ধিৰ জোৰত চলি আছে।
{{gap}}এওঁলোকে কিছুমান ক্ষেত্ৰত সা-সুবিধা পালেও পিতৃতান্ত্ৰিক সমাজৰ নাৰীৰ দৰে
দ্বিতীয় শ্ৰেণীৰহে নাগৰিক। ৰাজনীতিৰ চোতালত কোনো ভূমিকাত নামিব পৰা নাই।
খাচী চিয়েম, অৰ্থাৎ ৰজাসকল সদায় পুৰুষ। তেনেহ'লে কোন তান্ত্ৰিক ব্যৱস্থাই
নাৰীক সমমৰ্যাদা দিব? মিছাকৈয়ে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মহিলাই ভাবিছিল
নৈৰ সিটো পাৰত সুখ বেছি। আজিৰ উন্নত বিশ্বত পিতৃ বা মাতৃতান্ত্ৰিক ব্যৱস্থাৰ
প্ৰয়োজন আছে নে? কোনেও কাকো দবাই ৰাখিব নোৱৰা ব্যৱস্থা এটাৰ উদ্ভাৱন কৰা
হওক।
'''পুৰুষ নিৰ্যাতন আৰু অসৎ নাৰী''' ঃ নাৰী মানেই ধোৱা তুলসীপাত নহয়। সকলো নাৰী নিৰ্যাতিতা নহয়। কিছুমান নাৰীয়ে পুৰুষকহে নিৰ্যাতন কৰে। এওঁলোকৰ সংখ্যা ক্ৰমবৰ্ধমান। পিছে আমাৰ সমাজৰ পুৰুষে পত্নীৰ হাতত নিৰ্যাতিতা হয় বুলি ক’বলৈ লাজ কৰে তেওঁলোকৰ অহং ভাবত আঘাত লগাৰ আশংকাত। তাৰে মাজত দুই-চাৰিজনে অভিযোগ নকৰাকৈ নাথাকে। কলকাতাত সচেতনা নামৰ এটা মহিলা
সংগঠন আছে। কোৱা বাহুল্য তেওঁলোকে নাৰী নিৰ্যাতনৰ বিষয়টোতহে গুৰুত্ব দিয়ে।<noinclude>{{rh|২০৬/ বাকীছোৱা জীৱন||}}</noinclude>
38l3zgip74oouu7jpenkznko4oaei60
পৃষ্ঠা:অনিমা গুহ.pdf/২০৮
104
59602
160056
158424
2022-07-30T09:03:57Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>এবাৰ এজন বৃদ্ধ ভদ্ৰলোকে সচেতনাৰ কৰ্ম-কৰ্তাসকলক লগ ধৰি কৈছিল যে
বোৱাৰীয়েকে আত্মহত্যা কৰি শহুৰকুলৰ সকলোকে জে'লৰ ভাত খুওৱাৰ ব্যৱস্থা
কৰিব বুলি সদায় ভাবুকি দিয়ে। নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওচৰলৈও নিৰ্যাতক
বোৱাৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আহিছিল একাধিক নিৰ্যাতিত স্বামী-শহুৰ আৰু
শাহু।
{{gap}}মহিলা সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হৈছে যদিও অধিকাংশ মহিলাই এইবোৰৰ ভু নাপায়। নোপোৱাৰ ঘাই কাৰণ শিক্ষাহীনতা আৰু সচেতনতাৰ অভাৱ। ২০১১
চনৰ জনপিয়ল মতে সাক্ষৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও অসমত নিৰক্ষৰ
নাৰীৰ হাৰ ৩২.৭৩ শতাংশ। তদুপৰি চহীটো কৰি সাক্ষৰ নাম পোৱা পুৰুষ বা নাৰী
শিক্ষিত নহ'বও পাৰে। গতিকে নিৰক্ষৰ বা নামত সাক্ষৰ মহিলাৰ মাজত সচেতনতা
শূন্য বুলি ক’ব পাৰি। তেওঁলোকে নাজানে স্বামী গৃহত নিৰ্যাতনৰ পৰা সুৰক্ষা পাবলৈ
আছে ব্ৰহ্মাস্ত্ৰ স্বৰূপ দুখন আইন— ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (ক) ধাৰা আৰু পাৰিবাৰিক
হিংসা নিৰ্মূল আইন ২০০৬।
{{gap}}যিসকল মহিলাই অজ্ঞতাৰ বাবে অথবা সন্তানৰ মুখলৈ চাই বা আন কাৰণে
আইনবোৰৰ বিষয়ে জনা সত্ত্বেও আইনৰ সহায় নলয় তেওঁলোকে অশান্তিৰ মাজেৰে
জীৱন কটায়। ইয়াৰ বিপৰীতে কিছুমান অসৎ স্বভাৱৰ মহিলাই আইনৰ সুৰুঙা
উলিয়াই শহুৰ-শাহু-স্বামী-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ
কৰোৱায়। ‘ৰক্ষা’ নামৰ বেচৰকাৰী সংস্থা এটাই কৰা সমীক্ষা মতে আইনৰ অপব্যৱহাৰ
কৰা এই মহিলাসকল চহৰ-নগৰৰ আৰু স্নাতক ডিগ্ৰীধাৰী। আমি যিসকলে নাৰী
মুক্তিৰ বাবে সংগ্ৰাম কৰি আছো তেওঁলোকে মুষ্টিমেয় স্বাৰ্থান্বেষী বিবেকহীন অসৎ
মহিলাৰ আচৰণত লজ্জাবোধ কৰিছো। উল্লিখিত সংস্থাটোৰ ৰিপ'ৰ্টৰ্মতে ১.২ লাখ
স্বামী-শহুৰ শাহু-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি ৪৯৮ (ক) ধাৰাৰ অধীনত
তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। এওঁলোকৰ মাজত দুই শতাংশহে অপৰাধী বুলি
প্ৰমাণিত হৈছে। যৌতুকৰ বাবে নিৰ্যাতনো এই ধাৰাৰ অধীনত পৰে। গতিকে যৌতুকৰ
বাবে নিৰ্যাতন ভোগ কৰি থকা বুলি মিছা অভিযোগ অনা সহজ।
{{gap}}শিক্ষিতা আৰু চহৰ-নগৰৰ মহিলাসকলৰ এনে হীন মনোবৃত্তিৰ উমান পাই যিসকল মহিলাই নাৰী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাবলৈ উঠি-পৰি লাগিছিল, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল তেওঁলোকে এতিয়া আইনখন সংশোধন কৰাবলৈ ব্যস্ত হৈ পৰিছে।<noinclude>{{rh|||বাকীছোৱা জীৱন / ২০৭}}</noinclude>
ffkvd6ymn73jx1kj5jle35bw2y3akoc
পৃষ্ঠা:অনিমা গুহ.pdf/২১৪
104
59608
160032
158431
2022-07-30T06:24:58Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>মাটিডৰা পাঁচ ভাই-ককাইৰ ভিতৰত ভাগ হ’লে কালৈকো নুজুৰিব। গতিকে মঙল
গ্ৰহত মাটিৰ দাম বঢ়াৰ আগতে সি কিছু কিনি থ'ব খোজে, যেন তাৰ নাতি-পুতিয়েও
খাই-বই সুখেৰে থাকিব পাৰে। তাৰ প্ৰস্তাৱ শুনি মই স্বগতোক্তি কৰিছিলো— অল্পবিদ্যা
ভয়ংকৰী। পিছে মঙল গ্ৰহলৈ যাবলৈ তাৰ মনত সংশয় এটা আছে। শূন্যতে ওলমি
থকা গ্ৰহটোৰ পৰা যদি ধুমকৈ পৰি যায় হাত-ভৰি ভাগি নমৰিব নে? মই অভয় দি
কৈছিলো যে বিজ্ঞানীসকলে নপৰাৰ ব্যৱস্থা কৰি দিব।
{{gap}}মোৰ কথা শুনি সি আশ্বস্ত হৈ কৈছিল যে তালৈ যাওঁতে কেইদিনমানৰ বাবে
খোৱা-বোৱাৰ সা-সামগ্ৰী লগত লৈ যাব লাগিব। কিছু খৰি, চাউল, নিমখ, তেল আৰু
আলু নিলেই যথেষ্ট। মই তাক কৈছিলো দিয়াচলাই এটা নিবলৈ যেন নাপাহৰে।
{{gap}}মঙল গ্ৰহলৈ যোৱাৰ স্বপ্নত বিভোৰ হৈ থকা ভূপতিয়ে হঠাতে দুদিনমান পাছত
উত্তেজিত হৈ আহি ক'লে— ‘জেঠী, আচল বস্তুটো নিয়াৰ কথাইতো মনত নাছিল।
অন্ততঃ এহাল গৰুতো নিবই লাগিব। মাটি চহাম কেনেকৈ?’
{{gap}}ভূপতি সঁচাকৈয়ে এটা মনত ৰাখিবলগীয়া চৰিত্ৰ।
{{gap}}'''চৰিত্ৰ নম্বৰ ছয়''' : কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰতি বাইদেউৰ বায়েক ছোড়দি— অৰ্থাৎ সৰু বাইদেউ— আমাৰো ছোড়দি। ছোড়দিৰ ল'ৰা-ছোৱালী হালেই বিদেশবাসী আৰু আৰতিদি নিঃসন্তান। গতিকে দুয়ো অকলশৰীয়া বাই-ভনী একেলগে থাকে ৷ দুয়ো বৰ সাদৰী আৰু ৰসৰ ভঁৰালো৷ ছোড়দি ৰন্ধন পটিয়সী। তেওঁ ৰন্ধা আঞ্জাৰ জুতি বহুদিনলৈ জিভাত লাগি থাকে। ৰন্ধা বঢ়া, পূজা কৰা আৰু গল্প
কিতাপ পঢ়া ছোড়দিৰ জীৱনৰ ঘাই কাম। তেওঁৰ গোসাঁই ঘৰটো চাবলগীয়া। আহল-
বহল কোঠাটোৰ ইমূৰৰ পৰা সিমূৰ অধিকাৰ কৰি আছে এক ডজনমান হিন্দু দেৱ-
দেৱীৰ মূৰ্তিয়ে। দেৱীতো নহয় এওঁলোক যেন ছোড়দিৰ খেলৰ পুতলা। এওঁলোকক
গা ধোৱায়, খুৱায়, ৰাতি গাদী থকা বিছনাত শুৱায়, পুৱা জগায়, নতুন নতুন ফেশ্বনৰ
কাপোৰ পিন্ধায় আৰু ক’ত যে কি নকৰে! ইমানৰ পাছতো তেওঁ ভগৱানসকলৰ
মাজত যীশুৰ অভাৱ বোধ কৰে। আৰতিদি চেমিনাৰ-কনফাৰেন্স আদিত অংশগ্ৰহণ
কৰিবলৈ প্ৰায়ে দেশ-বিদেশলৈ যায়। এবাৰ ক'ৰবাৰ পৰা বায়েকলৈ আনিলে এটা
যীশুৰ মূৰ্তি। ছোড়দিৰ জীৱনৰ এটা অপূৰ্ণ বাসনা পূর্ণ হ’ল। যথা সময়ত গোসাঁই
ঘৰত মূৰ্তিসকলৰ শাৰীৰ এটা মূৰত যীশুৱেও স্থান পালে। পিছে চাহাব হোৱা বাবে
তেৰাক স্থান দিলে এখন টেবুলৰ ওপৰত। হিন্দুৰ দেৱতা বাহিনীলৈ ফল-মূল-মাহ
আদি আগবঢ়োৱাৰ বিপৰীতে যীশুলৈ আগবঢ়োৱা হয় টফী, পাওৰুটি, বিস্কুট, কেক<noinclude>{{Right|বাকীছোৱা জীৱন / ২১৩}}</noinclude>
9juai9cehhm3vcjclyu66d2myx8fyc0
পৃষ্ঠা:অনিমা গুহ.pdf/২১৯
104
59613
160069
158435
2022-07-30T10:27:58Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দেখি ধাৰণা হৈছিল কোনোবা অভিজাত ঘৰৰ ল'ৰা সি। নিশ্চয় অবৈধ। পিছে এই
আঢ়ৈ বছৰ ক’ত আছিল, মনত প্ৰশ্ন জগাটো স্বাভাৱিক। পাছত জনা গ'ল ল'ৰাৰ জন্ম
ইতিহাস ৰহস্য উপন্যাসতকৈও ৰহস্যময়।
{{gap}}মধুমিতা কলকাতাৰ অভিজাত পৰিয়াল এটাৰ স্মাৰ্ট কনভেণ্ট শিক্ষিতা সুন্দৰী
গাভৰু। গ্ৰেজুৱেট হোৱাৰ পাছত তাইৰ বিয়া হয় মুম্বাইৰ এঘৰ চহকী দম্পতীৰ
একমাত্ৰ পুত্ৰ আদিত্যৰ লগত। দেউতাক আনন্দ ৰয় আদিত্যৰ জন্মদাতা পিতৃ নহয়।
মাক অলকাৰ প্ৰথম স্বামীৰ পুতেক সি। আদিত্যৰ এবছৰ নৌহওঁতেই দেউতাক
ঢুকায় আৰু মাকে দুবছৰমান পাছত আনন্দ ৰয়ক বিয়া কৰায়। এওঁ ৰেজেষ্ট্ৰী কৰি
নিজপুত্ৰ হিচাপে ল’ৰাজনক তুলি লৈছে। মুম্বাইত এওঁলোকৰ আছে আমদানী-ৰপ্তানীৰ
বিৰাট ব্যৱসায়৷
{{gap}}বিয়াৰ কিছুদিনৰ পাছতে মধুমিতাই বুজি পালে আদিত্য এজন অতি বৰ্বৰ প্ৰকৃতিৰ মানুহ। প্ৰথমে নীৰৱে সকলো সহ্য কৰিছিল যদিও ইতিমধ্যে জন্ম হোৱা পুতেক
পাপুক লৈ তেওঁ মাকৰ ঘৰলৈ উভতি আহে। আদিত্যই মাক-পুতেকক লৈ যাবলৈ
বহু চেষ্টা কৰি বিফল হৈছিল। অৱশেষত এদিন সি সোঁ-শৰীৰে আহি শহুৰেকৰ
কলকাতাৰ ঘৰত উপস্থিত হ’ল। তাক অভ্যৰ্থনা দূৰৈৰ কথা সোধ-পোছ পৰ্যন্ত প্ৰথমতে
কৰা নাছিল। আদিত্যই মধুমিতাহঁতৰ ঘৰৰ আগ বাৰাণ্ডাৰ মজিয়াতে বহি কান্দিবলৈ
ধৰিলে। সিদিনা পাপুৰ চাৰি বছৰীয়া জন্মদিন। তাক এবাৰ কোলাত তুলি আশীৰ্বাদ
কৰিব খোজে দেউতাকে। সুদীৰ্ঘ কাল পুতেকক নেদেখি আদিত্যৰ পিতৃহৃদয় হেনো
থান-বান হৈছে। মিতাৰ দেউতাকৰ সন্দেহ হ’ল পাষণ্ডটোৱে পাপুক টানি-আঁজুৰি
লৈ যাবলৈকে আহিছে। মধুমিতাৰ পিছে অলপ কৰুণা উপজিছিল। হেজাৰ হওক
পাপুৰ দেউতাক, তাইৰ স্বামী। মানুহৰ মনৰ গতি বুজা টান। এই মুহূৰ্তত যাৰ ওপৰত
অসম্ভৱ খং উঠে পিছ মুহূৰ্ততে তাৰ প্ৰতি কৰুণাৰ উদ্ৰেকো হয়।
{{gap}}দাৰোৱান, চকীদাৰ, কাম কৰা মানুহ আদিক ওচৰে-পাজৰে পহৰা দিবলৈ ৰাখি
পাপুক উলিয়াই আনিছিল। আদিত্যই তাক সাবটি লৈ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে
সহস্ৰবাৰ চুমা খোৱা দেখি মধুমিতাও কান্দিবলৈ ধৰিলে। দেউতাক-মাকে জোঁৱায়েকৰ
হৃদয় পৰিৱৰ্তন হোৱা বুলি নিশ্চিত হ’ল। অনুশোচনাত পুৰি পুৰি সি হেনো সোণ
হৈছে। অনুমতি দিলে ল’ৰা-তিৰোতাক লৈ যাব খোজে। ইতিমধ্যে দিল্লীত এটা
নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে। মধুমিতাৰ দেউতাকে ভাবি চাব বুলি কৈ
আদিত্যক বিদায় দিলে। তাৰ পাছত আদিত্যৰ মাক-দেউতাকৰ লগত তেওঁলোক<noinclude>{{rh|২১৮/ বাকীছোৱা জীৱন||}}</noinclude>
b9rkaj1pdlux0lozuarplbwapjiqg7x
পৃষ্ঠা:অনিমা গুহ.pdf/২২০
104
59614
160070
158436
2022-07-30T10:34:23Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দীঘলীয়া আলোচনাত বহিল। তেওঁলোকো পুতেকৰ অঘৰী জীৱনটোৰ বাবে চিন্তিত
আছিল। গতিকে তাৰ সুমতি দেখি ভাল পালে। দিল্লীত নতুনকৈ ব্যৱসায় খোলাটো
মিছা নহয়। মধুমিতাৰ দেউতাকে ভাবিলে ৰত্নাকৰ দস্যু যদি বাল্মিকী হ'ব পাৰে
আদিত্যই মনুষ্যত্ব ফিৰাই নাপাব কিয়।
{{gap}}যি কি নহওক পাপুক পোনে পোনে দিল্লীলৈ নিব বুলি কৈ মধুমিতাৰে সৈতে
আদিত্য মুম্বাইলৈ উৰা মাৰিলে। তেওঁলোক থাকিল গৈ এখন অভিজাত হোটেলত;
কাৰণ আদিত্যৰ মাক-দেউতাক বাহিৰলৈ গৈছিল। তেওঁলোক উভতি নহালৈকে
হোটেলতে থাকি পিছত দিল্লীলৈ যাব।
{{gap}}কেইদিনমান আদিত্যই মধুমিতাক সংগদান কৰাৰ পাছত ব্যৱসায়ৰ কামত দিনটো বাহিৰত কটাবলগীয়া হৈছিল। এদিন দুপৰীয়া হোটেলৰ মেনেজাৰজন মধুমিতাৰ
কোঠালৈ আহি সুধিলে মুম্বাইত তেওঁৰ কোনোবা আপোন মানুহ আছে নেকি।
ভাগ্যক্রমে সিদিনাই শহুৰ শাহু আহি পাইছিল। তেওঁলোকৰ ঠিকনা আৰু ফোন নম্বৰ
লৈ ততালিকে মেনেজাৰে প্রস্থান কৰিলে। মধুমিতাৰ দুশ্চিন্তা হ’ল। ইমান ডাঙৰ
হোটেলৰ মেনেজাৰ নিজে কিয় কাষ্টমাৰৰ কোঠালৈ আহিছিল। শহুৰৰ ঠিকনাই বা
নিলে কিয়। এনেতে মেনেজাৰজন আকৌ আহিল। মধুমিতাৰ হাত ভৰি চেঁচা হৈ
আহিছিল, মানুহজনৰ কু-মতলব নাইতো?
{{gap}}মেনেজাৰে মধুমিতাৰ মনটো পাঠ কৰিব পাৰি কৈছিল— ‘মেডাম, এটা অতি
গোপন কথাৰ বাবে নিজেই আহিছো। আপোনাৰ টয়লেটৰ পিছফালে থকা ঘূৰণীয়া
চিৰিটোৰে তললৈ নিঃশব্দে নামি তাত অপেক্ষা কৰি থকা গাড়ীখনত উঠিব। তাত
আপোনাৰ শহুৰ আৰু শাহু আছে।'
{{gap}}মধুমিতাই ভেবাচেকা খাই মেনেজাৰৰ মুখলৈ চাই থাকিল।
{{gap}}‘আপোনাৰ স্বামীয়ে বহু টকাৰ বিনিময়ত আপোনাক আৰব শ্বেখহঁতৰ ওচৰত
বেচিছে! আজি সিহঁতে আপোনাক লৈ যাব। কোনো প্রশ্ন নকৰি পলাওক। পলাওক।
সিহঁতো এই হোটেলতে আছে।'
{{gap}}মধুমিতাই সম্বিৎ হেৰুৱাই জঠৰ হৈ ৰ'ল। মেনেজাৰৰ ধমকি খাই দেহাটো
তললৈ টানি লৈ গ'ল কোনোমতে। শহুৰ শাহুয়েকে তেওঁক পোনে পোনে লৈ গৈছিল
এয়াৰ প'ৰ্টলৈ ৷ পিছে পিছে গৈছিল পুলিচৰ গাড়ী। বহু সতর্কতাৰ মাজেৰে মধুক তুলি
দিয়া হ’ল কলকাতাগামী বিমানত। আন্তর্জাতিক ট্রেফিকিং। কোনে ক’ত খাপ পিটি
আছে বুজা টান।<noinclude>{{rh|||বাকীছোৱা জীৱন / ২১৯}}</noinclude>
1ivm70c9zuy0kgstqpsqg99nam1ep38
পৃষ্ঠা:অনিমা গুহ.pdf/২২১
104
59615
160071
158437
2022-07-30T10:39:37Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{gap}}কলকাতা বিমান বন্দৰত মাকৰ বুকুত আশ্ৰয় পাই মধুমিতাই জ্ঞান হেৰুৱালে।
জ্ঞান উভতি আহিল যদিও মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। মাক-দেউতাক,
চিকিৎসক আৰু মনোবিজ্ঞানীৰ চেষ্টাত সুস্থ হৈ উঠিল যদিও তেওঁ স্বাভাৱিক নহ'ল।
আনহাতে দেখিলে তেওঁ অন্তঃসত্ত্বা। গৰ্ভপাত কৰোৱাৰ সময় উকলি গৈছে। মাকে
জীয়েকক অত্যন্ত কঠোৰ হৈ হৃদয়হীনা হ’বলৈ আদেশ জাৰী কৰিছিল। তুমি তোমাৰ
গৰ্ভত বাঢ়ি অহা সন্তানটোৰ প্ৰতি স্নেহশীলা হ’ব নোৱাৰিবা। আকৌ তুমি নতুন
জীৱন গঢ়ি তুলিব লাগিব। কথা দিলো দুয়োটা ল’ৰাক মই চোৱাচিতা কৰিম, কিন্তু
তুমি সিহঁতক পাহৰি যোৱা। তোমাৰ বাকী জীৱন ইহঁতৰ বাবে নষ্ট হোৱাটো চাই
থাকিব নোৱাৰিম।'
{{gap}}দ্বিতীয় ল’ৰাটোৰ জন্মৰ পাছত মাকে তাক মধুমিতাৰ ওচৰলৈ এবাৰো অনা
নাছিল। তেওঁলোক চহকী মানুহ, টকাৰ অভাৱ নাই। অভাৱ শান্তিৰ। ডাঙৰ পাপুক
বোৰ্ডিং হাউছলৈ পঠালে। মধুমিতাক পঠালে বায়েকৰ ওচৰলৈ লণ্ডনত। সৰুটো
ঘৰতে আয়াৰ হাতত ডাঙৰ হ’বলৈ ধৰিলে। দুয়োটা ল’ৰাক আইতাকে মৰম নকৰিলেও
অৱজ্ঞা কৰা নাছিল।
{{gap}}অহুকাণে-পহুকাণে খবৰ পাই ৰমলা দত্ত আহিছিল সৰুটোক তুলি ল'বলৈ।
আইতাকে যেন স্বৰ্গ হাতত পালে। ৰমলাৰ চৰ্তটো আছিল মধুমিতাই কোনো দিনে
যেন তাক চাবলৈ নাহে।
{{gap}}আঢ়ৈ বছৰীয়া ল'ৰা। মানুহ চিনি পায়। নতুন পৰিবেশত খাপখাইছে নে নাই
চাবলৈ আইতাক মাজে মাজে আহিছিল। পিছে আইতাকক দেখিলে সি ৰমলাৰ
কোলাত জাঁপ মাৰি উঠি সাবটি ধৰিছিল তেওঁক। আইতাকে কৰ্তব্যহে কৰিছিল, মৰম
কৰা নাছিল। আয়াৰ লগতো মানসিক সম্পৰ্ক গঢ়ি উঠা নাছিল তাৰ। বহু বছৰৰ মূৰত
লণ্ডনৰ পৰা উভতি আহি মধুমিতাই হেনো পুতেকক এবাৰ চাই যাব খুজিছিল।
চৰ্তমতে ৰমলাই নিষেধ কৰিলে। আঢ়ৈ বছৰীয়া সেই মানসে ইতিমধ্যে নিশ্চয় বিয়া-
বাৰুও কৰালে, নিজেও দেউতাক হ’ল কিজানি। মানুহক, তাকো নিজৰ সন্তানৰ
মাতৃক পণ্য কৰি ব্যৱসায় কৰা তাৰ জন্মদাতা দেউতাকটোৰ কথা মানসে জানিলে নে,
মাজে মাজে মই ভাবো।
{{gap}}বৈচিত্ৰ্যৰে ভৰা এই বিশ্বত বোধকৰো আটাইতকৈ বিচিত্ৰ প্ৰাণী হ’ল মানুহ।
মধুমিতাক তাইৰ স্বামীয়ে কিমান ডলাৰত বেচিছিল নাজানিলো। বোধহয় বহু ডলাৰত।
মধুমিতা ৰূপৱতী আৰু আৰৱ শ্বেখৰ টকা অজস্ৰ। সেই ভয়ংকৰ গধুলি শ্বেখহঁতে<noinclude>{{rh|২২০/ বাকীছোৱা জীৱন||}}</noinclude>
9g6xtvjrathllei2o8suvubnfygzebj
পৃষ্ঠা:অনিমা গুহ.pdf/২২২
104
59616
160072
158438
2022-07-30T10:48:27Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>মধুমিতাক নাপাই হেনো আদিত্যক বিচাৰি বম্বে মহানগৰী চলাথ কৰিছিল। আদিত্যয়ো
হোটেলৰ কোঠাত মধুমিতাক নেদেখি বোধকৰো পিছফালৰ চিৰিটোৰে পলাই অন্তৰ্ধান
হৈ গৈছিল।
{{gap}}মোৰ এই দীঘলীয়া জীৱনটোত বহু অভিজ্ঞতা হ’ল। মধুমিতাৰ ঘটনাটোৰ দৰে
অকল্পনীয় কাহিনীও যে শুনিব লাগিব ই আছিল কল্পনাৰ সীমাৰ বাহিৰত। পৃথিৱীখন
যে বিস্ময়ৰে ভৰা।
{{Center|'''অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক'''}}
{{gap}}এসময়ত ভাবিছিলো সমকামিতা এটা অস্বাভাৱিক লাজ লগা সম্পৰ্ক। সৰুৰে
পৰা জানো, বিয়াবোৰ হয় এজন ল'ৰাৰ লগত এজনী ছোৱালীৰ। এতিয়া শুনো
এহাল দম্পতীৰ দুয়োজনে পুৰুষ বা দুয়োজনে মহিলা হ’ব পাৰে। এনেধৰণৰ আমাৰ
দৃষ্টিত অস্বাভাৱিক সম্পৰ্কক অনেক দেশে বৈধ বুলি মানি লৈছে। পৃথিৱীত ঘটা
অসংখ্য ঘটনাক মানি লৈছো যেতিয়া আচহুৱা যেন লাগিলেও সমকামী বিবাহক
আজি আৰু আচহুৱা বুলি নাভাবো।
{{gap}}আমি পুনেত থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণাৰ কামত আহিছিল লিলিয়ানা
স্তিয়াকোভিচ নামৰ ছোৱালী এজনী। প্ৰথম ভাৰতলৈ আহি তেওঁ ঠাইখনৰ ৰেহ-ৰূহ
চাই ফুৰিছিল আৰু মানুহৰ লগত চিনাকি হৈছিল। আমাৰ পৰিয়ালটোৰ লগত এটা
সময়ত তেওঁৰ ঘনিষ্ঠতা হোৱাৰ পাছত এদিন তেওঁ মোক কণ্ঠস্বৰ তললৈ নমাই প্ৰশ্ন
এটা কৰিছিল— ‘তোমালোকৰ ইয়াত সমকামীৰ সংখ্যা ইমান বেছি কিয় বাৰু?
ভাৰতৰ আন ঠাইতো এনেকুৱাই নেকি? আমাৰ সিফালে দুটা-এটা যোৰাহে সমকামী।'
{{gap}}লিলিয়ানাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱৰা অৱস্থা মোৰ। তাই ক’ত দেখিলে ইমান
সমকামী! সুধিছিলো। ইয়াত হেনো ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই বন্ধুত্ব
বেছি। বাটে-পথে দেখে ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই একেলগে ফুৰা!
মোৰ যে তাইৰ কথাত হাঁহি উঠিছিল! পাগলিজনীক বুজাই ক’লো যে আমাৰ
সংস্কৃতিত ল'ৰা-ছোৱালীয়ে হলি-গলি কৰা নিয়ম নাই। গতিকে সিহঁত সমকামী
নহয়। তাই আচৰিত হ'ল মোৰ কথা শুনি।
{{gap}}‘কি অদ্ভুত দেশহে তোমালোকৰ। ল’ৰাই ল’ৰাই, ছোৱালীয়ে ছোৱালীয়ে বন্ধুত্ব অথচ সমকামী নহয়। ঘৰলৈ উভতি গৈ মানুহক ক’ব লাগিব।'<noinclude>{{rh|||বাকীছোৱা জীৱন / ২২১}}</noinclude>
4cd2roke73g05jdu9urbiy1qc151jlt
পৃষ্ঠা:অনিমা গুহ.pdf/২২৩
104
59617
160068
158439
2022-07-30T09:57:45Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}আমি আগৰদিনীয়া ছোৱালীবোৰ বৰ অঁকৰা আছিলো। সমকামী শব্দটো শুনাই
নাছিলো। গুৱাহাটীৰে হোষ্টেল এখনৰ ছোৱালীবোৰে কোৱা-কুই কৰিছিল যে হোষ্টেলৰ
দুজনী ছোৱালীৰ সম্পৰ্ক বৰ লাজ লগা। যেন দুয়ো গিৰিয়েক-ঘৈণীয়েকহে। দুয়ো
একেটা ৰুমতে থাকে। আমি আলেঙে আলেঙে থাকি কৃত্রিম প্রেমিক-প্রেমিকা দুজনীক
চাইছিলো। নিলাজ অসভ্য ছোৱালী বুলি নিন্দা কৰা মনত পৰে।
{{gap}}কেইবাবছৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। গৃহস্থ এবছৰৰ বাবে লণ্ডনলৈ
যাওঁতে মই থাকিলো মিৰাণ্ডা হাউছ হোষ্টেলত। ছোৱালী এজনীয়ে এদিন মোক
আবেলি তাইৰ ৰুমলৈ মাতি লৈ গৈছিল। বেলকনিত মোক বহিবলৈ চকী এখন
আগবঢ়াই দি তাই আন এখনত বহিলে। কোঠাত মূৰ ফণিয়াই আছিল তাইৰ ৰুমমেট।
ধৰি ল'লো মোক মাতি নিয়া ছোৱালীজনীৰ নাম ৰূপা আৰু ৰুমমেটৰ নাম ৰমা।
ৰূপাই এটা সময়ত ৰমাক মাতি ক’লে চিগাৰেটৰ পেকেটটো দিবলৈ আৰু আমালৈ
দুকাপ চাহ কৰিবলৈ। মই চকখাই উঠিলো। চিগাৰেট? কোনে খাব? মিৰাণ্ডা হাউছৰ
অনেকে চিগাৰেট খায় জানো, কিন্তু ৰূপাৰ দৰে তেনেই সাধাৰণ সাজপাৰ পিন্ধা,
প্ৰসাধন নকৰা ছোৱালীজনীয়ে লাইটাৰটো ফচ্কৈ জ্বলাই যে চিগাৰেট হুপিব আশা
কৰা নাছিলো। মই কৈয়ে পেলালো কিয় এই ধোঁৱা সোপা গিলিছা। তাই ক'লে
তাইৰ দেউতাকে খায়, ককায়েকে খায় তাই কিয় নাখাব। মই হেনো তাইৰ মাকৰ
দৰে কথা কওঁ। মাকৰো বৰ দুখ জীয়েকে চিগাৰেট খোৱা বাবে।
{{gap}}ইতিমধ্যে ৰমাই কোঠাটো সাৰি বিছনা দুখন নিয়াৰিকৈ পাৰি আমালৈ চাহ লৈ
আহিল।। তাৰ পাছত দুয়োৰে কাপোৰ জাপি-জুপি থ’লে। সিহঁত দুটা যে সমকামী
বুজিবলৈ মোৰ বাকী নাথাকিল। কিবা ঘিণ লাগি গৈছিল। সিহঁতৰ কোঠালৈ
দ্বিতীয়বাৰলৈ যোৱা নাছিলো। ইয়াৰ পাছত গে’ আৰু লেছবিয়ানসকলৰ বিষয়ে
কাগজে-পত্রে পঢ়ি জানিছিলো যে প্রতিখন সমাজতে এটা নিৰ্দিষ্ট হাৰত সমকামী
মানুহ থাকে। প্রকৃতিৰে সৃষ্টি এওঁলোক, কোনো বিকৃতমনা নহয়।
{{Gap}}আমি ১৯৯১ চনত প্ৰথমবাৰ আমেৰিকালৈ যাওঁতে বষ্টনত আত্মীয় এঘৰত দুৰাতি
আছিলো। গৃহিণী অনুৰ লগত ঘূৰি-পকি তেওঁলোকৰ সোতৰ মহলাৰ এপার্টমেণ্টলৈ
যাবলৈ এলিভেটৰত উঠিছিলো। কোনোবা এটা মহলাত উঠিল এজনী মেম। অনুই
মোৰ লগত ৰুথ নামৰ মেমজনীক চিনাকি কৰি দিছিল। তেওঁলোকৰ ঘৰলৈ মোক
এপাক লৈ যাবলৈ ৰুথে অনুক কৈছিল।
{{gap}}অনুই কৈছিল ৰুথে চাকৰি নকৰে। পৰ্বত বগোৱা তেওঁৰ হবি। তাৰ বাবে তেওঁ<noinclude>{{Left|২২২/ বাকীছোৱা জীৱন}}</noinclude>
i76sycj6q083ce6ahgs0om4r34p12cl
পৃষ্ঠা:অনিমা গুহ.pdf/২২৪
104
59618
160064
158440
2022-07-30T09:41:31Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পুৰস্কাৰ আদিও পাইছে। ৰুথৰ লগত অনুৰ প্ৰথম চিনাকি কৰিড’ৰত। লাহে লাহে
অন্তৰংগতা। মাজে মাজে দুয়োগৰাকী মহিলাই অৱসৰৰ সময়ত ইজনীয়ে সিজনীৰ
ঘৰলৈ আড্ডা মাৰিবলৈ যায়। ৰুথৰ বান্ধৱী লিয়েনেও পর্বত বগায়। লিয়েন চাকৰিয়াল।
এদিন ৰুথৰ ফটোৰ এলবামত দুয়োগৰাকী বান্ধৱীৰ ফটো এখন চকুত পৰিছিল অনুৰ।
উৎসৱমুখৰ পৰিবেশ। অনুই ভাবিছিল পুৰস্কাৰ পোৱাৰ আনন্দত তোলা ছবি। পিছে
নহয়। সেইখন আছিল সিহঁতৰ বিয়াৰ ফটো। অনু হতবাক। ৰুথ আৰু লিয়েন দুয়ো
ছোৱালী, সিহঁতৰ আকৌ বিয়া কিহৰ? লুকাই-চুৰ কৰি কৰা বিয়া নহয়। ৰেজিষ্ট্রি কৰি
পতা বিয়া।
{{gap}}অনুৰ কথা শুনি মোৰ গুৱাহাটী আৰু দিল্লীৰ লেছবিয়ান যোৰা দুটালৈ মনত
পৰিছিল। সিহঁতে নিশ্চয় ৰুথ-লিয়েনৰ দৰে বিয়া পাতিব পৰা নাই।
{{gap}}যোৱা শতিকাৰ নব্বৈৰ দশকতে আমেৰিকাত সমকামী বিয়া আইনতঃ সিদ্ধ আছিল। শুনি ভাবিছিলো কি অদ্ভুত দেশ এইখন। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে আন্দোলনো কৰিছিল। মার্কিন প্ৰতিৰক্ষা বিভাগত তেওঁলোকে এসময়ত চাকৰি পোৱা নাছিল। প্ৰতিৰক্ষা বিভাগত সমকামী সৈনিকক পালে বৰ্খাস্ত কৰা হৈছিল। বিল ক্লিনটন ৰাষ্ট্ৰপতি হৈ থকা সময়ত এই নিষেধাজ্ঞা উঠাই দিয়া হৈছে।
{{gap}}সেই সময়তে এগৰাকী জার্মান মহিলাৰ কথা পঢ়িছিলো আলোচনী এখনত।
তেওঁ টিভিত কাম কৰে, নাম হেলনা ভন ছিলেন। তেওঁৰ সমকামী বান্ধৱী কর্নেলিয়া
স্কীল ভূতপূর্ব জার্মান ৰাষ্ট্ৰপতি ৱাল্টাৰ স্কীলৰ জীয়ৰী। এওঁলোকে বিবাহপাশত
আবদ্ধ হ’বলৈ আবেদন কৰিছিল, কিন্তু জার্মান কোর্টে অনুমতি দিয়া নাই৷ আজিকালি
বহুদেশত সমকামী বিবাহ বৈধ।
{{gap}}যিমানে বৈধ নহওক, হয়তো মোৰ পুৰণিকলীয়া মনে এনে বিবাহক স্বাভাৱিক
বুলি মানি ল’ব পৰা নাই।
{{Center|'''খেনোৱে কয় মই হেনো প্রো-আমেৰিকান আৰু প্ৰো-বাঙালী'''}}
{{gap}}আমাৰ একমাত্র সন্তান আমেৰিকাবাসী হোৱা বাবে মাজে-সময়ে স্বাভাৱিক কাৰণে তালৈ যাওঁ। বিশাল দেশ। ভাৰততকৈ আয়তনত তিনিগুণ ডাঙৰ। দেশখন তন্নতন্নকৈ চোৱা অসম্ভৱ যদিও প্রতিবাৰেই নতুন নতুন ঠাইলৈ গৈ অভিজ্ঞতা সঞ্চয় কৰিছো। প্ৰথম দৰ্শনৰ অভিজ্ঞতা মোৰ ভ্ৰমণকাহিনীখনত লিখা বুলি ইতিমধ্যে উল্লেখ কৰা<noinclude>{{Right|বাকীছোৱা জীৱন /২২৩}}</noinclude>
flg09qf2dyknqyazm5rbcwleljxvvm5
পৃষ্ঠা:অনিমা গুহ.pdf/২২৬
104
59619
160061
158442
2022-07-30T09:25:45Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হৈছে। পাছৰ কিছুমান অভিজ্ঞতা বিভিন্ন কাকতে-পত্ৰে প্ৰকাশ কৰা হৈছে। তথাপিতো
মোৰ মনত আঁচ বহুওৱা কিছুমান বিষয় পাঠকক অৱগত কৰিবলৈ মন যায়। কেতিয়াবা
আকৌ কলম আগবাঢ়িব নোখোজে যেতিয়া কোনোবাই কোৱা শুনো মই হেনো প্রো-
আমেৰিকান। কিছুমানে আকৌ মোক প্রো-বাঙালী বুলি কোৱাও কাণত পৰে।
আমেৰিকাৰ ৰাজনীতি, বৈদেশিক নীতি বা তেওঁলোকৰ বিভিন্ন কাম-কাজৰ সমৰ্থক
হোৱা হ'লে মোক প্রো-আমেৰিকান ক’লে শুৱালেহেঁতেন। তেনেবোৰ আলোচনা
কৰাৰ মোৰ পাৰদৰ্শিতাও নাই। মই আদাৰ বেপাৰী তাত দেখা দুটামান বিষয়ৰ
প্রশংসা কৰিলেই আমেৰিকাপ্রেমী হ’লো নে? মোৰ সন্দেহ নিন্দুকসকলে প্রো-ৰ
অর্থই বুজি নাপায়।
{{gap}}কিছুমানে কোৱা শুনো একমাত্র পুতেকে মাক-দেউতাকক ইয়াত পেলাই থৈ
বিদেশবাসী হৈছে। আজিৰ যুগত আমি প্ৰায়বোৰ পৰিয়ালতে দেখা পাওঁ ল'ৰা-
ছোৱালীহঁতে সুযোগ-সুবিধা পালে আন ঠাইলৈ যায় চাকৰিৰ সন্ধানত। আনকি গাঁৱৰ
ল’ৰা-ছোৱালীও জীৱিকাৰ সন্ধানত চহৰ-নগৰলৈ আহে। অৰ্থাৎ কৃষিভিত্তিক সমাজৰ
মানুহো বর্তমান যুগত চহৰমুখী হ’বলৈ বাধ্য হৈছে। দিল্লী-কলকাতাত আগতেই
দেখিছো, এতিয়া গুৱাহাটীতো দেখো বহু পৰিয়ালৰ ল’ৰা-ছোৱালী অসমৰ বাহিৰত
চাকৰি কৰা বাবে মাক-দেউতাক অকলে থাকিবলগীয়া হয় নাইবা নিজৰ ঘৰ এৰি
তেওঁলোক পুতেকৰ লগত থাকেগৈ।
{{gap}}উচ্চ শিক্ষার্থে আমাৰ ল’ৰাক আমেৰিকালৈ যাবলৈ অনুপ্ৰেৰণা যোগোৱা মানুহজনী মই। তাত থাকি যোৱাৰ ইচ্ছা তাৰ নাছিল। পি এইচ ডি প্রগ্রাম শেষ হোৱাৰ আগে আগে সি ভাৰতলৈ আহি খড়গপুৰ আই আই টিত তাৰ শিক্ষাগুৰুৰ সৈতে ইয়াত
গৱেষণাধর্মী কাম-কাজৰ সা-সুবিধাৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ কৈছিল
গৱেষণামূলক কাম কৰিব খুজিলে আমেৰিকাত কৰাই ভাল। ‘নিশ্চিন্ত মনেৰে কাম
কৰিব পাৰিবা। গৱেষক কোন দেশৰ, কোন জাতৰ সেই চিন্তা তেওঁলোকে নকৰে।
তেওঁলোকক লগে পৰিশ্ৰমী, দক্ষ ব্যক্তি। আমাৰ চৰকাৰৰ ৰঙাফিতা সংস্কৃতিৰ ভিতৰত
থাকি গৱেষণা কৰা সহজ নহয়। দেখা নাই আমাৰ হতাশাগ্রস্ত বিজ্ঞানীসকলে কেনেকৈ
আত্মহত্যাৰ পথ বাছি লয়।'
{{gap}}এনেবোৰ হেঙাৰ সম্ভৱতঃ আজি নাই। মই ১৯৮৮-৮৯ ৰ কথা কৈছো। এই
প্ৰসংগত মনত পৰিল বিজ্ঞানী ডাঃ সুভাষ মুখাৰ্জীলৈ। ইন-ভিট্ৰ ফার্টিলাইজেশ্যন
(IVF) নামৰ এটা প্ৰযুক্তিৰে বিশ্বৰ প্ৰথমজনী শিশু কন্যা লুইছ ব্ৰাউনৰ মানচেষ্টাৰত<noinclude>{{Right|বাকীছোৱা জীৱন /২২৫}}</noinclude>
qj34d0r0t6r8p55bairbzgkgt2jul9i
পৃষ্ঠা:অনিমা গুহ.pdf/২২৭
104
59620
160062
158443
2022-07-30T09:33:39Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>জন্ম হৈছিল ১৯৭৮ চনৰ ২৫ জুলাইত। সহজ ভাষাত এওঁলোকক আমি টেষ্টটিউব
বেবী বুলি কওঁ। তাইৰ জন্মৰ তিনি মাহ পাছত ১৯৭৮ চনৰ ৩ অক্টোবৰত বিশ্বৰ
দ্বিতীয়জনী টেষ্টটিউব বেবী দুৰ্গাৰ জন্ম হয় কলকাতাত। কৃত্রিম প্রজনন পদ্ধতিত
জন্মলাভ কৰা দুৰ্গাৰ আগমনৰ আঁৰত আছিল ৰিপ্ৰডাকটিভ্ বিজ্ঞানী সুভাষ মুখার্জী।
আমি তেতিয়া কলকাতাত। হৈ চৈ লাগিল। মানুহে বিশ্বাস কৰিবলৈ টান পালে যে
এজন বাঙালীয়ে এনে এটা কাম কৰিব পাৰে। তেওঁক ঠগ, প্ৰৱঞ্চক, ধোকেবাজ আদি
শব্দেৰে সমালোচনা কৰিবলৈ ধৰিলে বিদগ্ধমহলেও। আনকি আমোলাতন্ত্ৰই তেওঁৰ
বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈছিল। লাজ-অপমান সহ্য কৰিব নোৱাৰি ১৯৮১ চনৰ
১৯ জুলাই তাৰিখে সুভাষ মুখার্জীয়ে আত্মহত্যা কৰে।
{{gap}}ডাঃ মুখার্জীয়ে লিখি থৈ যোৱা গৱেষণামূলক ৰচনাসমূহ পৰৱৰ্তী বিজ্ঞানীসকলে
পাঠ কৰি নতুনকৈ তাৰ মূল্যায়ন কৰিছে। ডাঃ মুখাৰ্জীৰ আছিল এটা নিজস্ব টেক্নিক।
২০০৫ চনত ইণ্ডিয়ান মেডিকেল কাউন্সিলে কিছুমান বিষয়ত তেওঁক বাটকটীয়াৰ
সন্মান যাচিছে। সেইবোৰ টেক্নিক পৰৱৰ্তী সময়ত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত প্ৰয়োগ
কৰা হৈছে। কিন্তু মূৰ্খ আৰু হিংসাকুৰীয়া তেওঁৰ সতীৰ্থসকলে বিজ্ঞানীগৰাকীক
অপমানজনক বাক্যবাণেৰে থকাসৰকা কৰিছিল। ১৯৯৭ চনত ভাৰতীয় জ্যেষ্ঠ প্রজনন
বিজ্ঞানী টি চি আনন্দ কুমাৰে Current Science নামৰ এখন জাৰ্নেলত লিখিছে যে
পশ্চিমবংগ চৰকাৰে মুখার্জীৰ কাম-কাজবোৰ পৰীক্ষা কৰিবলৈ যিখন তদন্ত কমিটী
গঠন কৰিছিল তাত থকা কোনো এজন বিশেষজ্ঞ বিজ্ঞানীগৰাকীৰ কামৰ মূল্যায়ন
কৰাৰ যোগ্য নাছিল। তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছে চৰকাৰে কি যুক্তিত সম্পূর্ণ
অচিনাকি ক্ষেত্ৰৰ বিশেষজ্ঞ এজনক তদন্ত কমিটীৰ শীৰ্ষত স্থান দিলে। গৱেষণাপত্র
নিজা খৰচত পাঠ কৰিবলৈ জাপানৰ বিশ্ববিদ্যালয় এখনে আমন্ত্ৰণ কৰা চেমিনাৰ
এখনলৈ পশ্চিমবংগ চৰকাৰে মুখাৰ্জীক অনুমতি দিয়া নাছিল। তাৰ পৰিবৰ্তে তেওঁক
এনে এটা বিভাগলৈ বদলি কৰিছিল যিটো বিষয়ত ডাঃ মুখার্জীৰ পাৰদৰ্শিতা নাই।
ইয়াৰ এমাহ পাছতে তেওঁ আত্মঘাতী হৈছিল। তেওঁৰ মৃত্যুৰ বহু বছৰ পাছত সত্য
উদ্ঘাটন কৰিলে উল্লিখিত বিজ্ঞানী আনন্দ কুমাৰে।
{{gap}}বিশ্বৰ প্ৰথমগৰাকী টেষ্টটিউব বেবীৰ জন্মৰ আঁৰত থকা বিজ্ঞানী ৰবাৰ্টছ এডোৱাৰ্ডছে ২০১০ চনৰ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা নবেল বঁটাটো লাভ কৰিছে; সুভাষ মুখাৰ্জীয়ে কি লাভ কৰিলে? অপমান।
{{gap}}যিয়েই নহওক কেৱল আমাৰ ল’ৰাহে আমেৰিকাত থাকেনে? অসমৰ বহু মানুহ<noinclude>
{{Left|২২৬/ বাকীছোৱা জীৱন}}</noinclude>
o3rcatjgmijgzhns07xrznlg9xskhnp
পৃষ্ঠা:অনিমা গুহ.pdf/২২৮
104
59621
160065
158445
2022-07-30T09:45:20Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আমেৰিকা, ইংলেণ্ড, অষ্ট্রেলিয়াকে ধৰি বহু দেশত গিজগিজাই আছে। তেনেহ'লে
তেওঁলোকৰ মাক-দেউতাকো ‘প্রো’। কেতিয়াবা কৌতুকবোধ কৰো যেতিয়া
আমেৰিকাবিদ্বেষীসকলক ফ্ৰীজৰ পৰা উলিয়াই বৰফশীতল কোকাকোলা খোৱা দেখো।
নাইবা মে’ ডেত ডিঙিৰ সিৰা ফুলাই বিশ্বৰ শ্রমিকক এক হোৱাৰ আহ্বান জনোৱা
শুনো। মে’ ডে নো কোন দেশৰ শ্ৰমিকে প্রথম কৰা আন্দোলনৰ ফলত প্রতিষ্ঠা লাভ
কৰিছে। একেদৰে ৮ মাৰ্চ নাৰী দিৱস পালন কৰা কিছু আমেৰিকাবিদ্বেষী মহিলায়ো
পাহৰি যায় কোন দেশৰ আন্দোলনকাৰী নাৰী শ্রমিকক ওলগ জনাবলৈ সমাজতান্ত্রিক
নেত্রী ক্লাৰা জেটকিনে ৮ মাৰ্চ তাৰিখটো বিশ্ব নাৰী দিৱস হিচাপে পালন কৰিবলৈ
আহ্বান জনাইছিল।
{{gap}}মই আমেৰিকালৈ যাওঁ, সেই দেশৰ কথা লিখো আৰু মোৰ পুত্ৰ তাত থাকে বাবে মই যেনিবা প্রো-আমেৰিকান বুলি জনাজাত হ'লো। পিছে প্রো-বাঙালী স্টাম্প এটা
মোৰ পিঠিত কিয়বা মৰা হ’ল? আমাৰ গৃহস্থ বাঙালী বাবে? তেওঁ যে জন্মগত সূত্রে
বাঙালী মই কেতিয়াবা পাহৰিয়ে যাওঁ। পঁইত্রিশ বছৰ অসমৰ বাহিৰত কটোৱাৰ
পাছত অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসমলৈ উভতি আহিবলৈ, বিশেষকৈ কলকাতাৰ
পৰা, ব্যাকুল হোৱা মানুহজনক, অসমৰ ইতিহাস-সমাজ আদিৰ অধ্যয়নৰ বাবে দিনে-
ৰাতি কাম কৰা মানুহজনক বাঙালী কওঁ কেনেকৈ? গতিকে মইনো কি কাৰণে প্রো-
বাঙালী বিশ্লেষণটো লাভ কৰিলো আজিও গম নাপালো। অৱশ্যে সেইদৰে কথা কৈ
যদি কোনোবাই মানসিক শান্তি লাভ কৰে কৈ থাকক। ময়ো মেলি থাকো মোৰ
বকলাখন।
{{gap}}মাক-দেউতাকৰ পৰা আঁতৰত থাকিলেই তেওঁলোকক অৱজ্ঞা কৰা নুবুজায়।
অনেকে একেলগে থাকিও তেওঁলোকক বোজা বুলি ভাবে। এনে স্বভাৱৰ পুত্র-কন্যাৰ
অভাৱ নাই আজিৰ এই স্বাৰ্থপৰ সমাজখনত। সেই ফালৰ পৰা নিজকে ভাগ্যৱান
বুলিয়ে ভাবো। আজি স্কুল-কলেজৰ শিক্ষকসকলে পেন্সন পায়। আমাৰ গৃহস্থহঁতৰ
সময়ত এই সুবিধা নাছিল৷ তদুপৰি দৰমহাও আছিল কম। এনে অৱস্থাত তেওঁলোকে
বাকী জীৱনটো কটাবলৈ কিমান টকা জমাব পাৰে অলপ চিন্তা কৰিলেই উপলব্ধি
কৰিব পাৰি। তেনেহ'লে আমিনো কেনেকৈ জীয়াই আছো। ঘৰৰ পৰা বহু আঁতৰত
থকা ল’ৰা-বোৱাৰীয়ে আমাক অৱজ্ঞা নকৰা বাবেইতো? অৱশ্যে আমাৰো অলপ-
অচৰপ উপাৰ্জন নথকা নহয়, পিছে আজিৰ দৰবৃদ্ধিৰ সময়ত জীৱন ধাৰণ কৰাটোৱে
এটা সমস্যা।<noinclude>{{Right|বাকীছোৱা জীৱন /২২৭}}</noinclude>
p3k9g8d0sf8t6ifw16ts38dm2ez38ha
পৃষ্ঠা:অনিমা গুহ.pdf/২৩০
104
59622
160059
158446
2022-07-30T09:15:15Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}এই প্ৰসংগত মনত পৰিল আমাৰ খুড়াৰ জীয়ৰী গীতা বাইদেউলৈ। তেওঁ কবি-
সাহিত্যিক অধ্যাপক প্রয়াত মহেন্দ্ৰ বৰাৰ পত্নী। বৰা ভিনীহিও আগৰ জমানাৰ পেন্সনহীন
অধ্যাপক। আমাৰ মাজত বয়সৰ ব্যৱধান কম হোৱা বাবে দুয়ো বাই-ভনী হ’লেও
আমি বন্ধুও। আমাৰ দুয়োৰে গৃহস্থ সমাজত নামী ব্যক্তি কিন্তু অর্থনৈতিক দিশৰ পৰা
দাৰিদ্র্য সীমাৰ ওচৰা-উচৰি। গীতা বাইদেৱে এদিন ফোনত আমাৰ ধুবুৰীয়া ভাষাত
প্রচলিত ফকৰা এষাৰ মাতি মোক বৰ আমোদ দিলে। ‘নামে গগন ফাটে, হাড়ীৰ ভাত
কুকুৰে চাটে (চেলেকে)'।
{{gap}}যাওক বাৰু সেইবোৰ কথা। আমাৰ ল'ৰাই তেওঁলোকৰ লগত থাকিবলৈ বহুবাৰ
কৈছে। তাত থকা হ’লে আমি জ্যেষ্ঠ নাগৰিক হিচাপে বহু সুবিধা পালোহেঁতেন। এই
সুবিধাবোৰৰ বাবে কেইবাটাও পৰিয়ালৰ মাক-দেউতাকক তাত থকা দেখিছো।
আটাইতকৈ ডাঙৰ সুবিধা উন্নত চিকিৎসাপ্রাপ্তি। তাৰ বাবে অৱশ্যে গ্রীনকার্ড কৰাব
লাগে। গ্রীনকার্ড অর্থাৎ তাত থকাৰ অনুমতি থাকিলে ভাৰততো থাকিব পাৰি কিন্তু
বছৰি এবাৰ হাজিৰা দিবগৈ লাগে। ইয়ো এক সমস্যা। নিজৰ দেশত আমাৰ নিজস্ব
জীৱন থাকোতে বিদেশত স্থায়ীভাৱে বা তাঁতবাটি কৰি থাকিবলৈ কাৰোবাৰ ভাল
লাগিলেও আমাৰ নালাগে। মাজে-সময়ে গৈ থাকিবলৈ অৱশ্যে ভাল লাগে। ল'ৰা-
বোৱাৰী আৰু নাতিহঁতৰ সান্নিধ্য লাভ কৰো, অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ হয়, লগ পাওঁ
পৃথিৱীৰ নানা দেশৰ মানুহক। অভিজ্ঞতাৰ সেই ভঁৰালটোৰ পৰা উলিয়াই আনিলো
মোৰ মনত চাব পেলোৱা কিছু কথা।
'''ককা-আইতাৰ গুৰুত্ব''' : আমেৰিকাত ‘ককা-আইতাকৰ গুৰুত্ব’ নিউয়র্ক টাইমছত পৃষ্ঠজোৰা বিজ্ঞাপন এটা চকুত পৰাত আচৰিতে হৈছিলো। বুঢ়া বয়সত কর্মহীন হৈ নিজকে বহুতে পৰিয়ালৰ বোজা বুলি ভাবে। একেদৰে সমাজে বয়সীয়া মানুহক
গুৰুত্ব দিয়া বৰকৈ দেখা নাযায়। ঘৰৰ মানুহেও কেতিয়াবা তেওঁলোকক বোজা বুলি
নভবা নহয়। এনে পৰিস্থিতিত ককা-আইতাকৰ গুৰুত্ব শীৰ্ষক বিজ্ঞাপনখনে মোক
ভালকৈয়ে আকৰ্ষণ কৰিছিল। বিজ্ঞাপনৰ যোগেদি ককা-আইতাহঁতক আবেদন জনাই
কোৱা হৈছে যে নাতিসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক মধুৰ। তদুপৰি তেওঁলোক
অসীম মানসিক শক্তিৰ অধিকাৰী। এখন সুস্থ সমাজ গঢ়িবলৈ তেওঁলোক আগবাঢ়ি
আহক। তেওঁলোকৰ অৱদানে মানৱ জাতিৰ কল্যাণ সাধিব। কোনে কয় ককা-আইতা
মূল্যহীন বুলি। নাতি-নাতিনীৰ সৈতে থকা মিঠা সম্পৰ্ক আৰু নিজৰ মানসিক শক্তি<noinclude>{{Right|বাকীছোৱা জীৱন / ২২৯}}</noinclude>
s64y7pejjjq4iugcwf2dljv2ikazhl4
পৃষ্ঠা:অনিমা গুহ.pdf/২৩৩
104
59625
160040
158461
2022-07-30T08:08:47Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুৱাৰত তলা মাৰি চকীদাৰৰ পৰিয়ালটোক গেৰেজত থাকিবলৈ দিহা দি নিজ নিজ
কর্মক্ষেত্ৰলৈ ঢাপলি মেলে।
{{gap}}আমেৰিকাত ‘চেণ্ডউইচ জেনেৰেশ্যন’ এটা নতুন শব্দ শুনিলো। আজিকালি মানুহৰ আয়ুসকাল বঢ়া বাবে বৃদ্ধ-বৃদ্ধাৰ সংখ্যা বাঢ়িছে। এফালে পিতৃ-মাতৃ আৰু আনফালে পুত্র-কন্যাৰ দায়িত্বৰ হেঁচাত তৰুণ প্রজন্ম হৈছে চেণ্ডউইচ্ড। নাই, মাক-দেউতাকক অধিকাংশই উপেক্ষা নকৰে। এনেবোৰ ধাৰণাৰ প্ৰচাৰ কৰাৰ আঁৰত আছে সাত দিনৰ বাবে দেশ এখনলৈ গৈ সাতশ পৃষ্ঠাৰ ভ্ৰমণ কাহিনীৰ লেখক কেইজনমান।
{{gap}}মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে ১৯৯৩ চনৰ আগষ্টত এখন আইন প্রণয়ন কৰে। এই
আইনমতে কমপক্ষে পঞ্চাশজন কৰ্মচাৰী থকা যিকোনো অফিচ বা কোম্পানীয়ে
কৰ্মৰত সকলো ব্যক্তিকে বছৰি বাৰ সপ্তাহ বিনা বেতনে মাক-দেউতাক, স্বামী-স্ত্রী,
পুত্র-কন্যা বা আন আপোনজনৰ বেমাৰ-আজাৰত ছুটী মঞ্জুৰ কৰিবলৈ বাধ্য। আইনখন জাৰি হোৱাৰ লগে লগে দূৰণিবটীয়া বয়সীয়া আত্মীয়ৰ খা-খবৰ কৰিবলৈ ছুটী লোৱাৰ ধুম উঠিছিল। আইনখন এতিয়াও বলৱৎ হৈ আছে নে নাই নাজানো।
'''লেবাৰ ডে’''' : এটা কথা মন কৰিছো নিজকে বিশ্বৰ বৰ ককাই বুলি ভবা মার্কিন যুক্তৰাষ্ট্ৰই সকলো বিষয়তে অনন্য হৈ থাকিব বিচাৰে। বিশ্বৰ বহু দেশে যেতিয়া মে’ ডে' পালন কৰে সিদিনা তেওঁলোকৰ সেইফালে কাণসাৰ নাই। অথচ মে' ডে’
তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰাই সৃষ্ট এটা দিন। তেওঁলোকে পালন কৰে লেবাৰ ডে’ প্ৰতি
ছেপ্টেম্বৰৰ প্ৰথমটো সোমবাৰে।
{{gap}}আৰম্ভণিতে লেবাৰ ডে’ বা শ্ৰম দিৱস প্ৰকৃততেই আছিল শ্রমিক শ্ৰেণীৰ দিন।
ইয়াৰ মেজাজ আছিল শ্রেণী সংগ্ৰামৰ মেজাজ, যাৰ লগত শ্রেণী চেতনাৰ গৰ্ববোধো
জড়িত আছিল। যেনে ১৮৮২ চনত নিউয়ৰ্কত প্ৰথম শ্রম দিৱস উদযাপিত হোৱাৰ
সময়ত শ্রমিকসকলে বিৰাট পাৰ্ক এখনত নিজ নিজ ইউনিয়ন পার্টি সমন্বিতে সমবেত
হৈ শ্রমিক নেতাসকলৰ ভাষণ শুনিছিল, পান-ভোজন কৰিছিল আৰু ইউনিয়নৰ
বেণ্ডৰ তালে তালে নাচিছিল। এইদৰেই দিনটো অতিবাহিত কৰিছিল। মে’ ডে’ৰ
মেজাজটো তাত থকাৰ উপৰি মার্কিন দেশাত্মবোধৰো প্ৰকাশ ঘটিছিল। এই উৎসৱত
একচেটিয়া শিল্পপতি আৰু তেওঁলোকৰ ‘মোচাহেব'সকলৰ কোনো ভূমিকা নাছিল।
পৰৱৰ্তী কালত লেবাৰ ডে’ই তাৰ মূল চৰিত্ৰ হেৰুৱাই পেলাইছে। ইউনিয়নবোৰৰ
ক্ষমতা কমি অহা বাবে ইয়াৰ মাজত ফুটি উঠা radicalism আৰু শ্ৰমিকেই দেশৰ<noinclude>{{Left|২৩২/ বাকীছোৱা জীৱন}}</noinclude>
19qzfcglt73uavwukb35wp8s8sqt81x
পৃষ্ঠা:অনিমা গুহ.pdf/২৩৪
104
59626
160042
158460
2022-07-30T08:13:54Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সম্পদ সৃষ্টি কৰিছে – এই সচেতনতা নোহোৱা হৈছে। ১৮৯৪ চনত চৰকাৰে এই
দিনটো ছুটীৰ দিন হিচাপে ঘোষণা কৰি শ্রমিক ইউনিয়নৰ লগত ব্যৱসায় আৰু শিল্পৰ
পৰিচালনাকো সাঙুৰি লৈ ইয়াক সকলো শ্ৰেণীৰ মানুহৰ শ্ৰম দিৱসত পৰিণত কৰিছে।
এতিয়া সকলোৱে সমদলত অংশ লয় আৰু ছুটী উপভোগ কৰে। অৱশ্যে আদিতে
যিবোৰ দাবী সন্মুখত ৰাখি সমদলকাৰীসকল আগবাঢ়িছিল তাৰ ভালেখিনি তেওঁলোকৰ
উত্তৰপুৰুষে ইতিমধ্যে লাভ কৰিছে।
'''মাতাজী''' : নিউয়ৰ্কৰ সমীপৱৰ্তী মাউণ্ট কিচ্কো চহৰৰ ম্যল এখনত চেলোৱাৰ-
কামিজ পিন্ধা বয়সীয়া মহিলা এগৰাকীক দেখি থমকি ৰৈ দিছিলো। মহানগৰী নিউয়ৰ্কত
শাৰী বা চেলোৱাৰ পৰিহিতা মহিলাক বাটে-ঘাটে দেখিবলৈ পোৱা যায়, কিন্তু সৰু
সৰু চহৰবোৰত এই দৃশ্য বিৰল। ওচৰত থকা হ’লে কথা পাতিলোহেঁতেন। যি কি
নহওক ট্রলী এখন ঠেলি ঠেলি ম্যলত সজাই থোৱা বিবিধ সম্ভাৰ চাই চাই আহি
থাকোতে কেশ্ব কাউণ্টাৰত থকা মহিলা এগৰাকী আগুৱাই আহি মোলৈ চাই মিচিকিয়াই
হাঁহিলে। তেওঁ চাৰ্ট-পেণ্ট পিন্ধি আছিল যদিও চুটিকৈ কটা চুলিৰ মাজত সেন্দুৰৰ
ৰেখা এডাল দেখি বুজিলো মহিলাগৰাকী ভাৰতীয়। পঞ্জাৱৰ জলন্ধৰত ঘৰ, দুবছৰমান
আগতে আমেৰিকালৈ স্থায়ীভাৱে আহিছে। দুজনী গাভৰু জীয়েক আৰু মাকজনীয়ে
এইখন ম্যলতে কাম কৰে। দুটা বছৰৰ ভিতৰতে আটায়ে চাকৰি যোগাৰ কৰি লোৱা
বাবে অলপ আচৰিতো হ’লো। অৱশ্যে পঞ্জাৱী আৰু বাংলাদেশী মানুহ বৰ যোগাৰী।
পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণুও। যোগ্য-ভোগ্যা বসুন্ধৰা বাক্য শাৰী তেওঁলোকৰ ক্ষেত্ৰত
সঁচা।
{{gap}}ম্যলৰ আনটো মূৰৰ পৰা বোৱাৰী মনীষাৰ লগত অলপ আগতে দেখা চেলোৱাৰ
পিন্ধা মহিলাগৰাকীক আহি থকা দেখি মোৰ লগত কথা পাতি থকা মানুহগৰাকীয়ে
ক’লে বুঢ়ী ভদ্রমহিলা তেওঁৰ শাহুৱেক, ওচৰ আহি পোৱাৰ পাছত মনীষাই ক'লে—
‘এঁৱেই মাতাজী’। ৭৭ বছৰীয়া মাতাজীৰ নাম আগতেই শুনিছো। তেওঁ বহু ভাৰতীয়
পৰিয়ালক হাতেৰে কৰা আটাৰ ৰুটিৰ যোগান ধৰে।
{{gap}}পিছে আটাৰ ৰুটিৰ ব্যৱসায় কৰিবলৈ মাতাজী আমেৰিকালৈ অহা নাছিল। পঁচিশ বছৰ বয়সতে দুটা এমা-ডিমা পুত্ৰক লৈ তেওঁ জলন্ধৰত থাকোতেই বৈধৱ্যক আঁকোৱালি ল'বলগীয়া হৈছিল। কঠোৰ বাস্তৱৰ সৈতে সংগ্ৰাম কৰি শিশু দুটাক অলপ ডাঙৰ কৰাৰ পাছত চহকী ভাৰতীয় পৰিয়াল এটাৰ সাহায্যকাৰিনী হিচাপে তেওঁ আমেৰিকালৈ<noinclude>{{Right|বাকীছোৱা জীৱন /২৩৩}}</noinclude>
iv99xl8ktbjj10za4dh7qukdicfzeq9
পৃষ্ঠা:অনিমা গুহ.pdf/২৩৮
104
59629
160063
158448
2022-07-30T09:37:57Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দেখিলো গোমধান, জলফাই, বিলাহী, নহৰু-পিঁয়াজৰ খেতি। আমাৰ ইয়াৰ দৰে
সিফালৰ জলফাই টেঙা নহয়। যি কি নহওক প্রকৃতিক জয় কৰি মৰুভূমিত ফলৰ বাগিচা পতা দেখি আজিৰ বিজ্ঞানীসকলৰ জয়গান নাগাই নোৱাৰিলো।
{{gap}}বাগিচাবোৰৰ দাঁতিয়ে দাঁতিয়ে পোহাৰ মেলা দেখিলো ফলৰ দোকানীসকলক।
আমাৰ ইয়াত ফল দুর্মূল্য। সস্তীয়া ফলবোৰ দেখি দোকানবোৰকে উঠাই আনিবলৈ
মন গৈছিল। গৰাকীৰ অনুমতি লৈ আঙুৰ খেতিত সোমাই কেইথোকমান আঙুৰ
ছিঙি আনিছিলো। আৰু পানীৰ দামত কিনি আনিছিলো ডাঙৰ পাচি এটা ভৰাই
সুমথিৰা, মুচম্বী, নেকটাৰিন ইত্যাদি। দুটকা কিলো মূল্যৰ আপেল খাইছিলো আশীৰ
দশকত কাশ্মীৰত। ১৯৯৭ চনত অৰুণাচলত সোতৰটকীয়া কিলোৰ আপেল, পঞ্চাশ
পইচা কিলোৰ প্লাম খাইছিলো। পিছে এইবোৰ অঞ্চল ফ্ৰেচনোৰ দৰে মৰুভূমি নহয়।
{{gap}}বাগিচাবোৰ চাই উভতি আহিবৰ সময়ত বিপৰীত ফালৰ পৰা অহা গাড়ীবোৰৰ
প্রতিবিম্ব আলিবাটত দেখা পাই ভাবিছিলো বৰষুণ দিছে। পিছে ক’ত বৰষুণ? সেইয়া
যে মৰীচিকা! মৰুভূমিত তৃষ্ণার্ত বাটৰুৱাই মৰীচিকাকে পানী বুলি ভ্ৰম কৰাৰ কথা
পঢ়িছিলো। সেই ভ্ৰমৰ অভিজ্ঞতা হ’ল। মৰীচিকা আৰু ফলৰ বাগিচাৰ সহ অৱস্থানে
মোক অবাক কৰিছিল। পানী অবিহনে গছ-গছনি হ’ল কেনেকৈ? সকলো সম্ভৱ
কৰিছে মানুহৰ মগজুৱে। ফ্ৰেচনো উপত্যকাক বেৰি ৰাখিছে কেইখনমান ৰুক্ষ পৰ্বতে।
তাৰে এলানি চিয়েৰা নেভেদা পৰ্বতৰ নাম স্কুলৰ ভূগোলত পঢ়িছিলো। জাৰকালি
এইবোৰ পৰ্বতত জমা হৈ থকা বৰফৰ এটোপমানো পানী অথলে যাবলৈ দিয়া নহয়।
সেইবোৰ অঞ্চলত জানুৱাৰীৰ পৰা মাৰ্চলৈ হোৱা বৃষ্টিপাতৰ পানীও ধৰি ৰাখে।
এইদৰে সঞ্চয় কৰি ৰখা পানী খেতিয়কসকলে জুখি-মাখি ব্যৱহাৰ কৰে। শাৰী পাতি
ৰোৱা ফলৰ গছবোৰৰ কাষেৰে খন্দা নলাৰে পৰিমিত পৰিমাণৰ পানীৰ যোগান ধৰা
হয়। প্রয়োজন নহ'লে গছৰ পাতত পানী নছটিয়ায়।
{{gap}}মোৰ নিজৰ ৰাজ্যখনলৈ মনত পৰিছিল। লুইতকে ধৰি উপনৈবোৰত পানীৰ
আকাল নাই। তদুপৰি আছে বানপানী। অথচ আমাৰ ইয়াত খোৱাপানীৰ অভাৱ। এই
পানী ধৰি ৰাখিলে বানপানীত মানুহৰ দুৰ্গতি নহ’ব। খোৱাপানীৰ বাবেও হাহাকাৰ
কৰিবলগীয়া নহ'ব। ইমান জীপাল সাৰুৱা মাটিৰে চহকী ৰাজ্যখনত ফলৰ অভাৱ।
পাচলিৰ অভাৱ। এনে এটা অৱস্থাৰ লগত আজীৱন চিনাকি মই। গতিকে মৰুভূমিত
ফলৰ বাগিচাবোৰ দেখি দেশখনৰ কৃষি বিজ্ঞান উন্নতিৰ জখলাৰে কিমান ওপৰলৈ
উঠিছে তাৰ উমান পাইছিলো।<noinclude>{{Right|বাকীছোৱা জীৱন /২৩৭}}</noinclude>
hjekehon6m06xuxazleci9rz4l04e3e
পৃষ্ঠা:অনিমা গুহ.pdf/২৬৪
104
59646
159963
158467
2022-07-29T14:20:53Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>অঞ্চলত নিগাজীকৈ বহিব পাৰিছে। অৱস্থাই মানুহক সাহসী আৰু এ্যডভেনচাৰপ্ৰিয় কৰে। সেয়েহে অতীতৰে পৰা বাংলাদেশৰ মানুহ জীয়াই থকাৰ তাড়নাত মৰসাহ কৰি ওলাই গৈ আছে অনিশ্চিত ভৱিষ্যতৰ মাজলৈ।
{{gap}}আমেৰিকাত ১৯৯৩ চনত এখন গুজৰাটী ৰেস্তোৰাঁত ওৱেটাৰ হিচাপে কাম কৰি থকা কপৰ্দকহীন আব্দুল জলিল নামৰ বাংলাদেশী ডেকা এজনক লগ পাইছিলো। জীৱন যুদ্ধত হাৰ নমনা ডেকাজন আজি মোগল পেলেচ আৰু ৰাণী মহল নামৰ দুখন ৰেস্তোৰাঁৰ, এটা তিনি মহলীয়া ঘৰৰ আৰু এখন বি এম ডব্লিউ গাড়ীৰ মালিক। ঢাকাৰ অভিজাত অঞ্চলতো মাটি কিনি থৈছে। আব্দুলে মোক মাকৰ দৰেই শ্ৰদ্ধা কৰে। তেওঁৰ উল্কাৰ গতিত হোৱা উত্তৰণ ঘটিছে আমাৰ চকুৰ আগত। সাফল্যৰ কোনো চুটি পথ নাই। তেওঁ দীঘলীয়া বাটেৰেই আগবাঢ়িছে। য’ৰেই মানুহ নহওক, যি ধৰ্মাৱলম্বীয়ে নহওক কঠোৰ পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰা মানুহ মোৰ শ্ৰদ্ধাৰ পাত্ৰ। জলিলক আপোন কৰি লৈছো একমাত্ৰ সেইকাৰণে। এওঁ বাংলাদেশী অধ্যুষিত জেকচন হাইটছ এলেকাৰ বাসিন্দা নহয়।
'''জামীক বিচাৰি হাবাথুৰি :''' জামীৰ লগত মোৰ চিনাকি নাই। কিন্তু তেওঁক মই জানো। তেওঁকে বিচাৰি ফুৰিছো যোৱা তিনিটা দশক ধৰি। সুনীল গাংগুলী ৰচিত ‘পূৰ্ব পশ্চিম’ নামৰ গ্ৰন্থখনত পাইছিলো ৰুমী-জামী নামৰ দুটা ভাই-ককাইৰ নাম। তেওঁলোকৰ মাক সুন্দৰী-শিক্ষিতা-আধুনিকা জাহানাৰা ইমাম বাংলাদেশৰ এগৰাকী নামী লেখিকা। দেউতাক শৰীফ এগৰাকী দেশপ্ৰেমিক।
{{gap}}১৯৭১ চনত পাকিস্তানৰ হাতোৰাৰ পৰা পূব পাকিস্তানক মুক্ত কৰি স্বাধীন বাংলাদেশ গঠিত হয়। ডেকা মুক্তিযোদ্ধা আৰু স্বাধীনতাকামী নাগৰিকে এই যুঁজত অংশগ্ৰহণ কৰিছিল। তাৰ পাছত অৱশ্যে ভাৰত চৰকাৰৰ সৈন্যবাহিনীয়ে বিজয় ত্বৰান্বিত কৰিলে। মুক্তিযুদ্ধত আন বহু বাংলাভাষী মানুহৰ দৰে ৰুমী-জামীহঁতৰ পৰিয়ালটোৱেও যোগ দিছিল। সেই সময়ৰ প্ৰতিদিনৰ ঘটনাসমূহ লিপিবদ্ধ কৰিছিল জাহানাৰা ইমামে। পাছত তেওঁ ‘একাত্তৰেৰ দিনগুলি' নামেৰে সেই লিপি গ্ৰন্থাকাৰে প্ৰকাশ কৰে। ওঠৰ-ঊনৈশ বছৰীয়া ৰুমীয়ে পোনপটীয়াকৈ যোগ দিছিল মুক্তিযুদ্ধত। পাক সেনাৰ অমানৱিক অত্যাচাৰত অসংখ্য মুক্তিযোদ্ধাই প্ৰাণ হেৰুৱায়। ৰুমীও আছিল তেওঁলোকৰ মাজত এজন। তেওঁৰ মৃতদেহটো পোৱা নগ'ল। জামী তেতিয়া বাৰ-তেৰ বছৰীয়া কিশোৰ। দেউতাকৰ লগত জামীকো পাক সেনাই মাজে মাজে ধৰি লৈ গৈছিল। ইও আছিল<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৬৩'''}}</noinclude>
p3uv42lunai2zrznt70oplx8ttxf6x7
পৃষ্ঠা:অনিমা গুহ.pdf/২৬৬
104
59647
159964
158468
2022-07-29T14:24:44Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মানসিকভাৱে বিহা এক কঠোৰ শাস্তি। ৰুমীৰ মৃত্যু, দেশবাসীৰ ওপৰত বিহা শাৰীৰিক তথা মানসিক নিৰ্যাতন, দেশৰ অৱস্থা আদি সহিব নোৱাৰি ৰুমী-জামীৰ দেউতাকে হৃদৰোগত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱায়।
{{gap}}সুনীল গাংগুলীৰ ‘পূৰ্ব পশ্চিম’ পঢ়িয়েই জামীহঁতৰ পৰিয়ালটোৰ প্ৰতি মই সহানুভূতিশীল হৈছিলো, ‘একাত্তৰেৰ দিনগুলি’য়ে অচিনাকি পৰিয়ালটোক মোৰ আপোন কৰি পেলালে। মোকেই নহয় ৰুমী যেন অলক্ষে হৈ উঠিল কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভ্ৰাতৃ। শৰীফ হয়গৈ স্নেহশীল পিতৃ বা ভ্ৰাতৃ বা অন্তংৰগ বন্ধু বা পৰামৰ্শদাতা। পিতৃ-ভ্ৰাতৃক হেৰোৱা কণমানি জামী সকলোৰে মৰমৰ। হৃদয়ক কঠিন কৰি, মনৰ কোনোবা গভীৰত বহন কৰি থকা বেদনাসমূহক এক মুক্তিযোদ্ধাৰ মাতৃ আৰু সংগ্ৰামী দেশপ্ৰেমিকৰ পত্নী জাহানাৰাই ব্যক্ত কৰিছে দিনলিপিবোৰত। অসম্ভৱ দৃঢ়মনা মহিলা
জাহানাৰা ইমাম।
{{gap}}১৯৮৮ চনত মই বাংলাদেশলৈ যাওঁতে ঢাকাত তেওঁক লগ পোৱাৰ ব্যৱস্থা কৰি দিছিল এগৰাকী মহিলাই তেওঁৰ ঘৰত। পিছে নিৰ্দিষ্ট দিনত তেওঁ আহিব নোৱাৰিলে অসুস্থতাৰ বাবে। বিৰাশী চনত তেওঁ ঘাতক ব্যাধি কেন্সাৰৰ দ্বাৰা আক্ৰান্ত হৈ অত্যন্ত সাহসেৰে কেন্সাৰৰ মুখামুখি হৈছিল।
{{gap}}ঢাকাত নাইবা সুনীলৰ কিতাপ পঢ়ি জানিছিলো জামী আমেৰিকাবাসী। সেই সময়ত আমেৰিকালৈ কেতিয়াবা যাম বুলি ভবা নাছিলো। গতিকে মাক-পুতেক কাকো লগ নোপোৱাৰ দুখ মনৰ এটা কোণত থাকি গৈছিল।
{{gap}}কেইটামান বছৰ পাছৰে পৰা মাজে-সময়ে ল’ৰা-বোৱাৰী-নাতিহঁতক লগ পাবলৈ আমেৰিকালৈ গ'লে বাংলাদেশৰ কাৰোবাক লগ পালেই জামীৰ খবৰ কৰাটো এটা অভ্যাসত পৰিণত হৈছিল। ১৯৯১ চনত আমেৰিকালৈ প্ৰথম যোৱাৰ পৰা ২০০৯ চনলৈ জামীক বিচাৰি বিচাৰি যেতিয়া হাইৰান হৈছিলো তেতিয়াই সেই আপ্তবাক্যটো— heart's earnest desire never remains unfulfilled— মোৰ মগজুৰ পৰা সাউত কৰে ওলাই আহিল।
{{gap}}আমি ঘৰলৈ উভতি আহিবৰ দুদিন আগতে জয়ৰ কেইজনমান সহকৰ্মীক সপৰিয়ালে ৰাতিৰ সাজলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ মাজত আছিল মহম্মদ নামৰ এগৰাকী বাংলাদেশী বিজ্ঞানী। লগে লগে মনত পৰিল জামীলৈ। তেওঁ চিনি পায় বুলি কোৱাত কেতিয়াবাই হেৰাই যোৱা পৰমাত্মীয়ক বিচাৰি পোৱাৰ আনন্দ উপজিল হিয়াৰ সোঁমাজত। মহম্মদক মোৰ আন্তৰিক ধন্যবাদ জনালো।{{nop}}<noinclude>{{rh|'''২৬৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
qk9to3itpevgjzosv3sfenkzcthu5v7
পৃষ্ঠা:অনিমা গুহ.pdf/২৬৭
104
59648
159965
158479
2022-07-29T14:28:18Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>ধাৰণা হ’ল জাহানাৰা ইমামক জানে এলিট শ্ৰেণীৰ মানুহে। জামীৰ ফোন নম্বৰটো পাই বিশ্বখন হাতৰ মুঠিত পোৱা যেন পাইছিলো।
{{gap}}ডেকাজনৰ কণ্ঠস্বৰ শুনি মোৰ নিজৰ মাতটো থোকাথুকি হৈছিল। জামীও অভিভূত। তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতিশীল কোনোবা ভাৰতীয় মহিলাই তিনিটা দশক ধৰি তেওঁক যে বিচাৰি ফুৰিব পাৰে ই হেনো তেওঁৰ কল্পনাৰ অতীত। স্বাভাৱিকতেই আমি পৰস্পৰৰ ওচৰ চাপিলো। মোক তেওঁ ‘খালা’ (মাহী) বুলিয়ে সম্বোধন কৰিলে। ইতিমধ্যে মাক প্ৰয়াত। ঢাকাত তেওঁলোকৰ ঘৰৰ এটা অংশত জাহানাৰা ইমামৰ নামেৰে এটা মিউজিয়াম প্ৰতিষ্ঠা কৰিছে। মই আকৌ ঢাকালৈ গ’লে তেওঁক জনাবলৈ কৈছে; থকা-মেলাৰ সকলো ব্যৱস্থা কৰি দিব। তেওঁৰ আমেৰিকাৰ মিচিগানৰ ঘৰলৈকো আমন্ত্ৰণ জনালে। মাকে অসুস্থ অৱস্থাত লিখা ‘ক্যান্সাৰেৰ সাথে বসবাস’ গ্ৰন্থখন পঢ়িবলৈ কৈ বাংলাদেশী কোন দোকানত পোৱা যায় কৈছিল। কিতাপখন ভাৰতমুখী বিমানত বহি পঢ়ি লেখিকাৰ মৃত্যুভয় জয় কৰাৰ অদম্য মানসিক শক্তিক প্ৰশংসা নকৰি নোৱাৰিলো। কেন্সাৰ শব্দটোৰ সৈতে নিবিড়ভাৱে যুক্ত মৃত্যু ভয়। মৃত্যুৰ আগতেই ৰোগীক মৃত্যুৰ অতল গুহাত নিক্ষেপ কৰে এই ৰোগে। অতি মহৎ ব্যক্তিয়েহে পাৰে মৃত্যু সম্পৰ্কে নিৰ্মোহ হ’বলৈ। তেওঁৰ এই নাতিদীৰ্ঘ কিতাপখনে মৃত্যুভয় অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। ৰূপৱতী লাৱণ্যময়ী জাহানাৰাক কালৰোগে আক্ৰমণ কৰিছিল মুখত। চিকিৎসা কৰাবলৈ গৈ তেওঁ হেৰুৱাইছিল ৰূপ-লাৱণ্য। হয়তো মনৰ জোৰতে তেওঁ চিকিৎসাধীন অৱস্থাত জীয়াই
আছিল দহ বছৰ। মৃত্যুৰ দিন যিমানেই আগুৱাই আহিছিল সিমানেই সক্ৰিয়ভাৱে লেখা-মেলাত ব্যস্ত হৈছিল লিখিব খোজা কথাবোৰ ব্যক্ত কৰিবলৈ। প্ৰতি গ্ৰন্থমেলাত এখন-দুখন কিতাপ প্ৰকাশ কৰিছিল অসুস্থ অৱস্থাতে। এসত্তৰত স্বামী আৰু পুত্ৰ ছহিদ হওঁতে যি মৃত্যুই তেওঁক স্পৰ্শ কৰিব পৰা নাছিল সেই মৃত্যুই কেন্সাৰৰ ৰূপত দেখা দিলে কেইটামান বছৰ পাছত।
{{gap}}জাহানাৰা ইমামৰ দৰে মৃত্যুভয় জয় কৰিব পৰা মহিলাসকলক দেখিলে নিজকে তুচ্ছাতিতুচ্ছ যেন লাগে। এবাৰ বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ চেম্বাৰলৈ যাওঁতে পেটটো হেঁচি হেঁচি চাই চক খাই উঠি ডাক্তৰে মোক ধমকি এটা মাৰি কৈছিল— ‘পেটত এটা ইমান ডাঙৰ টিউমাৰ লৈ কেনেকৈ ঘূৰি ফুৰিছে।' সুধিছিলো কেন্সাৰ হ’ব পাৰে নেকি? ‘পাৰে’— তেওঁৰ খাৰাংখাচ উত্তৰ। কেন্সাৰ নামটো শুনিয়ে তাত মই ঢলি পৰিছিলো। ডাক্তৰে লৰালৰিকৈ কিবা এটা বেজী দি মোক স্বাভাৱিক কৰিছিল যদিও<noinclude>{{rh|||
{{smaller|বাকীছোৱা জীৱন}} / '''২৬৫'''}}</noinclude>
7ply6tw9yes9zltk44l6ande3baadgg
পৃষ্ঠা:অনিমা গুহ.pdf/২৬৮
104
59649
159966
158485
2022-07-29T14:32:48Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মৃত্যুৰ ক্ষণ গণিবলৈ আৰম্ভ কৰা মনত পৰে। গালি পাৰিলেও তেওঁ ফোনেৰে গৃহস্থক মাতি আনি আবেলি তেওঁৰ লগত কোনোবা বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ ৰেডী হৈ থাকিবলৈ কৈছিল।
{{gap}}সিদিনা আমাৰ ঘৰত বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা। ৰন্ধা ভাত-আঞ্জা তেনেকৈয়ে পৰি থাকিল। আনকি মীনা নামৰ আমাৰ সাহায্যকাৰিনীজনীয়ো লঘোনে থাকিল। আমাৰ ঘৰৰ মালিকৰ ঘৰৰ পৰিবেশো থমথমীয়া। মুঠতে আমি সকলোৱে নিশ্চিত আছিলো যমদূতহঁত আমাৰ চৌহদৰ আশে-পাশে ঘূৰা-পকা কৰি আছে, চিত্ৰগুপ্তৰ পৰা ফোন এটা পালেই মোক সিহঁতে টানি-আঁজুৰি লৈ যাব।
{{gap}}আমাৰ ঘৰুৱা চিকিৎসক ডাঃ অৰুণ মিত্ৰ খঙাল হ'লেও অন্তৰখন মাখনৰ দৰে। তেওঁ কোনোবা বিশেষজ্ঞক ৰেফাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু গধূলি নিজে লৈ গ’ল গৃহস্থৰ সৈতে মোক গাড়ীত তুলি। যদিও বায়োপ্ছিৰ ফলাফল নোপোৱালৈকে ডাঠি একো কোৱা নাযায় তথাপি গোটেইটো জীৱন টিউমাৰ লাৰিচাৰি থকা ডাক্তৰসকলে বুজি পায় কোনটো ম্যালিগ্নাণ্ট, কোনটো বিনাইন। মোৰ টিউমাৰটো ভয়ংকৰ বিধ নহয় বুলি জানি সদ্যহতে যমদূতসকলৰ হাতৰপৰা মুক্তি পোৱা যেন লাগিছিল।
{{gap}}মৃত্যু ভয়ে সাধাৰণ মানুহক ওৰে জীৱন খেদি নুফুৰে যদিও ল’ৰা-ছোৱালীয়ে নিজে খুটি খাব পৰা নোহোৱালৈকে মাক-বাপেকৰ মনত সেই ভয়টো অন্তঃসলিলা নৈৰ দৰে বৈ থাকে। আমাৰ পুত্ৰ সেই সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী আছিল বাবে সম্ভৱ কেন্সাৰৰ নাম শুনিয়ে মই মূৰ্ছা গৈছিলো।
{{gap}}জামী আৰু জাহানাৰাৰ কথা উলিয়াই প্ৰসংগান্তৰলৈ গ'লো। অসমলৈ উভতি আহি তেওঁলোকৰ কথা শিশু-সাহিত্যিক কবি তোষপ্ৰভা কলিতাক কওঁতে তেওঁৰ জীয়ৰী পূৰৱী জাঁপ মাৰি উঠিছিল। তেৱোঁ হেনো জামীক বিচাৰি ফুৰিছে! আমি বিভিন্ন বিষয়ে আলোচনা কৰো। কিন্তু কোনো দিনে জামীৰ প্ৰসংগ ওলোৱা নাছিল। বিজ্ঞানী তথা কবি স্বামী বিপুল শইকীয়াৰ লগত জাপানত থাকোতে পূৰৱীয়েও হেনো মোৰ দৰে বাংলাদেশৰ মানুহক লগ পালে জামীৰ কথা সুধিছিল।
{{gap}}জামীক লগ পোৱাৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা মোৰ শূন্য। তেওঁ মোক বাৰে বাৰে কৈছিল ইয়াৰ পাছত আমেৰিকালৈ গ'লে যেন তেওঁলোকৰ তালৈ যাওঁ। পিছে তালৈ হয়তো আৰু যোৱা নহ'ব। ২০১০ চনৰ ফেব্ৰুৱাৰীৰ ২৮ তাৰিখে গৃহস্থৰ ভৰিখন ভগাৰ পাছত হাড় ভালকৈয়ে জোড়া লগা সত্ত্বেও তেওঁক যেন বাৰ্ধক্যই হেঁচি<noinclude>{{rh|'''২৬৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
9zdmeemwd1nksnm8krhyhg94fq9l8pz
পৃষ্ঠা:অনিমা গুহ.pdf/২৬৯
104
59650
159967
158597
2022-07-29T14:35:59Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>ধৰিছে। ঘৰৰ পৰা ওলাবলৈ মন নকৰে। এনে অৱস্থাত ক'লৈকো যোৱা সম্ভৱ নহয়। মোৰ আন এটা মনৰ ইচ্ছা অপূৰ্ণ হৈয়ে থাকিব। মোৰ গাড়ী-ঘোঁৰা, টকা-পইচা, ভাল এটা ঘৰ, কাপোৰ-কানি বা আ-অলংকাৰৰ প্ৰতি অলপো আকৰ্ষণ নাই। কিন্তু নতুন নতুন ঠাই চোৱাৰ তীব্ৰ ইচ্ছা। সেই ইচ্ছা মোৰ কিছু পূৰ্ণ হৈছে যদিও ইউৰোপলৈ যোৱা নহ'ল। গৃহস্থ যেতিয়া কৰ্মসূত্ৰে গৈছিল তেতিয়া নিজৰ পইচাৰে ময়ো যোৱা সম্ভৱ নাছিল। পুত্ৰই দেখুৱাব বুলি কয় যদিও সময়-সুবিধা নহয়। বৰ্তমানে বাৰ্ধক্যই হেঁচি ধৰাত ঘৰৰ পৰা ওলোৱাই হৈছে সমস্যা। চাহাবৰ দেশৰ বুঢ়া-বুঢ়ীবোৰক ডেম্কেয়াৰ হৈ ঘূৰি-ফুৰা দেখিলে আচৰিত হওঁ। পঁচাশী বছৰীয়া মেমে হাতীত উঠি কাজিৰঙা অভয়াৰণ্যত বন্যপ্ৰাণী উপভোগ কৰে। তেওঁলোকৰ মানসিক শক্তি সঁচাই
প্ৰশংসনীয়।
{{gap}}বিদেশীসকলে নিজৰ বয়স বাঢ়িছে বুলি সম্ভৱ নাভাবে। যিমান দিন জীয়াই থাকে প্ৰতিটো মুহূৰ্ত উপভোগ কৰে। আমাৰ মাহঁতৰ যুগত ছোৱালী আছিল কুৰিতে বুঢ়ী। তাৰ পাছত যেনিবা বুঢ়া হোৱাৰ সময়টো অলপ পিছুৱাই গ’ল। কিন্তু পঁচাশী বছৰীয়াই হাতীত উঠি অভয়াৰণ্য চলাথ কৰিব ই যেন গছ গৰু উঠা কথা।
'''আজব দেশ :''' এসময়ত কোৱা হৈছিল All roads lead to Rome. বৰ্তমান যুগত ধাৰণা হয় All roads lead to United States of America. চাইচিতি ধাৰণা হয় দেশখনত যেন আমেৰিকানসকলতকৈ বাহিৰা মানুহে বেছি। ১৪৯২ খ্ৰীষ্টাব্দত কলম্বাচ চাহাবে পদাৰ্পণ কৰাৰ পাছৰে পৰা নতুন এই ভূখণ্ডত প্ৰব্ৰজনৰ যি সোঁত আৰম্ভ হৈছিল তাৰ গতি এতিয়াও স্তব্ধ হোৱা নাই। প্ৰথম ফালে গৈছিল ইউৰোপ, ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মানুহ। এতিয়া গৈ আছে চীন, ভাৰত, পাকিস্তান, বাংলাদেশ, কোৰিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ আমেৰিকা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ। সম্প্ৰতি ভুটিয়াসকলো গৈ আছে।
{{gap}}এওঁলোকৰ কিছুমানে যায় দাৰিদ্ৰ্যৰ তাড়নাত, কিছুমানে যায় সোণালী সপোন- American Dream দিঠকত পৰিণত কৰিবলৈ, কিছুমানে আকৌ যায় ৰাজনৈতিক কাৰণে। প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত আছে দুখীয়াৰ পৰা ৰজা-মহাৰজালৈ, আছে সাধুৰ পৰা অপৰাধ জগতৰ লগত লেটিপেটি থকা অসৎ ব্যক্তিলৈ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় বিচাৰি ইহুদীসকল গৈছিল আমেৰিকালৈ, আনহাতে যুদ্ধ শেষ হোৱাৰ পাছত শাস্তিৰ হাতৰ পৰা বাচিবলৈ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৬৭'''}}</noinclude>
bf0azl5qa3ab9sftt197f9s3vxep65b
পৃষ্ঠা:অনিমা গুহ.pdf/২৭১
104
59651
159969
158599
2022-07-29T14:39:53Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>
কুখ্যাত নাৎসীসকল আত্মগোপন কৰিবলৈ পলাই গৈছিল একেখন আমেৰিকালৈ। বংগবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ কেইজনমান হত্যাকাৰী এতিয়াও লুকাই আছে আমেৰিকাত। আন দেশত এইদৰে বহিৰাগত সোমালে পিটি লাচ বনালেহেঁতেন, নহ'লে খেদি উলিয়াই দিলেহেঁতেন। ইয়াৰ বিপৰীতে কেইদিনমান ইফালে সিফালে ঘূৰাঘুৰি কৰি, বসবাস কৰাৰ অনুমতি যোগাৰ কৰি বহিৰাগতসকল একো একোটা অঞ্চলত পেট পেলাই বহি যায়।
{{gap}}আগতে আমাৰ দেশৰ পৰা জীৱিকাৰ সন্ধানত গৈছিল কম বয়সীয়া মানুহ। আন দেশৰ পৰা যোৱা সকলো আছিল ডেকা। তাত ভালদৰে খোপনি পোতাৰ পাছত লৈ গৈছিল পত্নী-পুত্ৰ-কন্যাসকলক। সাধাৰণতে মাক-দেউতাক নিজৰ দেশতে থাকিছিল। সাম্প্ৰতিককালত বাপেক-মাকৰ পৰা আৰম্ভ কৰি অঙহী-বঙহী সকলোকে লৈ যাবলৈ ধৰিছে।
{{gap}}১৯৭০ চনৰ পাছত ইউৰোপত জন্মগ্ৰহণ কৰা ৬৫ বছৰৰ ওপৰৰ মানুহৰ সংখ্যা আমেৰিকাত কমি আধালৈ নামি আহিছে। ইয়াৰ বিপৰীতে আমেৰিকালৈ অহা এনে বয়সৰ এছিয়া আৰু লেটিন আমেৰিকাত ওপজা মানুহৰ সংখ্যা দহগুণ বাঢ়িছে। অৰ্থাৎ ইউৰোপৰ পৰা বয়সীয়া মানুহৰ নতুন প্ৰব্ৰজন বিশেষ হোৱা নাই। বিপৰীতে এছিয়া আৰু লেটিন আমেৰিকাৰ পৰা হৈয়ে আছে। বুঢ়া-বুঢ়ীৰে ভৰি পৰিছে আমেৰিকা।
{{gap}}এটা সমীক্ষামতে কেলিফ'ৰ্নিয়াৰ ফ্ৰিমণ্ট নামৰ ঠাই এখনত এসময়ত শতকৰা ৭৬ জনেই আছিল ককেচীয় অৰ্থাৎ চাহাব। আজি তাৰ আধা সংখ্যক মানুহ এছিয়াৰ আৰু ১৪ শতাংশ লেটিন আমেৰিকাৰ। ভগনীয়া হিচাপে অহাসকলৰ আধা আফগান।
{{gap}}ফ্ৰিমণ্টৰ এসময়ৰ সৌন্দৰ্য চৰ্চাৰ কলেজখনত প্ৰতিষ্ঠা কৰিছে এটা মছজিদ। চিনেমা হল এটা ৰূপান্তৰিত হৈছে বলিউড মাল্টিপ্লেক্সলৈ। বেংকত পাতিছে আফগান মাৰ্কেট। আনকি বাটৰ নাম পৰ্যন্ত সলনি কৰি নতুন নাম দিছে গুৰদ্বাৰা ৰোড। বুঢ়া বয়সত ঘৰ-দুৱাৰ এৰি আধা বিশ্ব অতিক্ৰম কৰি অচিনাকি ঠাই এখনলৈ ঢাপলি মেলাসকলৰ অৱস্থা হয়গৈ অতি শোচনীয়। এওঁলোকৰ অধিকাংশই আমেৰিকাৰ নাগৰিকত্ব পোৱা ডেকাসকলৰ মাক-দেউতাক। তেওঁলোকো আহে পৰিয়ালৰ লগত জীৱনটো সুখেৰে কটাবলৈ। ইতিমধ্যে কোৱা হৈছে জ্যেষ্ঠ নাগৰিক হিচাপে এওঁলোকে বহু সা-সুবিধা পায়। কিন্তু এওঁলোকৰ একাংশই নিঃসংগ জীৱন কটাবলগীয়া হয়। বয়সীয়া বহিৰাগতসকলৰ ভিতৰত শতকৰা সত্তৰজনেই ইংৰাজী নকয়, গাড়ী চলাব নাজানে। নিজৰ চিনাকি পৰিবেশ এৰি বিদেশ নালাগে নিজৰ দেশৰে আন ঠাইত কৰ্মবিহীন<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৬৯'''}}</noinclude>
qshs2y9atr1c2rhxwlg7n6y7vreayuv
পৃষ্ঠা:অনিমা গুহ.pdf/২৭২
104
59652
159970
158600
2022-07-29T14:51:33Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>জীৱন কটাবলৈ ভাল নালাগে। চাকৰি-বাকৰি কৰা অবিবাহিত ডেকা-গাভৰুৰো নিসংগ লাগে। ইংৰাজী নুবুজা মাক-দেউতাকবোৰৰ হয় চৰম অসুবিধা। এওঁলোকৰ বহুতে চৰম হতাশাত ভুগি মনস্তাত্বিক সমস্যাৰ বলি হ'বলগীয়া হৈছে। এওঁলোকৰ নিজা কোনো সমাজ নাই, আমেৰিকান সংস্কৃতিৰ লগত হয় সংঘাত। নিজৰ নাতি-নাতিনী আৰু ল'ৰা-ছোৱালীকো কেতিয়াবা তেওঁলোকৰ বিদেশী যেন লাগে। ফ্ৰিমণ্ট চহৰৰ একেটা অঞ্চলত বাস কৰা বয়োজ্যেষ্ঠসকলে নিঃসংগতা দূৰ কৰিবলৈ সপ্তাহৰ পাঁচোটা দিন ম্যল এখনৰ সন্মুখত হাতত ডিচপ’জেব্ ল কাপত চাহ একোকাপ লৈ সুখ-দুখৰ কথা পাতে, এইখন অদ্ভুত দেশৰ অদ্ভূত সংস্কৃতিৰ বিষয়ে আলোচনা কৰে, বোৱাৰীৰ নিন্দা কৰে ইত্যাদি।
{{gap}}বিদেশৰ পৰা অহা এই বয়োজ্যেষ্ঠসকল সাম্প্ৰতিক কালত আমেৰিকালৈ অহা বহিৰাগতসকলৰ সংখ্যাৰ ১১ শতাংশ। ১৯৯০ চনত ৬৫ বছৰৰ ওপৰৰ বহিৰাগতৰ সংখ্যা ২.৭ নিযুতৰ পৰা বাঢ়ি ২০০৯ চনত ৪.৩ নিযুত হৈছে। ধাৰণা কৰা হৈছে ২০৫০ চনত ১৬ নিযুত হ’বগৈ। কেলিফ’ৰ্নিয়াৰ প্ৰতি তিনিজন জ্যেষ্ঠ নাগৰিকৰ এজন বহিৰাগত।
{{gap}}নিউয়ৰ্ক মহানগৰীৰ উত্তৰে চহৰতলী এখনৰ জে চি ম্যলত প্ৰায়ে ধুতি পিন্ধা বয়সীয়া মানুহ এজনক যেতিয়াই তালৈ গৈছো দেখা পাইছিলো। মাজে মাজে তেওঁৰ লগত দেখিছিলো শকত-আৱত শাৰী পিন্ধা তেওঁৰ পত্নীক। গুজৰাটী মানুহজনৰ উপাধি আছিল পানঢ্যে। গুজৰাটী দম্পতীহালক আমেৰিকাবাসী পুতেকসকলে বৰোদাৰ পৰা উঠাই আনিছে। দেখা হ’লে কথা পাতিছিলো। আমেৰিকালৈ আহি নিজৰ সমাজখনক হেৰুৱাই মনোকষ্টত ভুগিছে হেনো।
{{gap}}মই নিজে কেইবাবাৰো গৈ উপলব্ধি কৰিছো নিজৰ ঘৰ এৰি, চিনাকি পৰিবেশ এৰি ওৰে জীৱনটো কটোৱা কষ্টকৰ। কিন্তু তাৰ লাইব্ৰেৰী আৰু কিতাপৰ দোকানবোৰৰ তুলনা নাই। কিতাপেই নিঃসংগতা দূৰ কৰিব পাৰে। কিন্তু সকলোৱেতো আৰু কিতাপ ভাল নাপায়।
{{gap}}ফ্ৰিমণ্টবাসী ৭৯ বছৰীয়া দেবেন্দ্ৰ সিং নামৰ বিপত্নীক মানুহ এজনৰ কথা কাগজত পঢ়িছিলো। নিজৰ দেশত তেওঁ জাকৰুৱা ঘৰ এখনত চৈধ্যজন সদস্যৰে সৈতে বাস কৰিছিল। তাৰ পৰা পুতেকৰ লগত থাকিবলৈ আমেৰিকালৈ আহিল তেওঁ। আহি নাতিহঁতক চোৱা-মেলা কৰাত ব্যস্ত হৈ পৰিল। সিহঁতক স্কুললৈ অনা-নিয়া, খেলিবলৈ লৈ যোৱা ইত্যাদি কামত ব্যস্ত হৈ থাকিলেও নিজা সমাজখনক হেৰুৱাই মনোকষ্ট<noinclude>{{rh|'''২৭০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
0u3zhhkmtu08plp9jknbqesjarndgqr
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৩
104
59653
159971
158601
2022-07-29T14:54:25Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পাইছিল সিঙে। অৱশ্যে ল’ৰাৰ লগত থকা বাবে নিশ্চিন্ত হৈয়ো থাকিছিল। হঠাতে এদিন তেওঁৰ ভৰিৰ তলত মাটি নথকা যেন পালে দেবেন্দ্ৰ সিঙে। ল’ৰা-বোৱাৰীক হেনো প্ৰাইভেচী লাগে। মনৰ দুখত তেওঁ পুতেকৰ ঘৰৰ পৰা ওলাই ভাড়া কৰা কোঠা এটাত ভাৰতীয় জীৱনৰ কথা সোঁৱৰে। তেওঁ ভাবে ভাৰতৰ মানুহে জ্যেষ্ঠজনক সন্মান কৰে আৰু আমেৰিকাৰ মানুহে নিজৰ সুখ-সুবিধাক প্ৰাধান্য দিয়ে। মোৰ বিশ্বাস সিংজীয়ে তাহানিতে ভাৰত এৰিছে। আজি ইয়াতো একেই অৱস্থা।
{{gap}}সৌসিদিনা গুৱাহাটীৰ এগৰাকী মানুহে ফোন কৰি ক'লে— ‘তোমালোকে বোৱাৰী নিৰ্যাতনৰ কথাত প্ৰাধান্য দিয়া। আজিকালি বোৱাৰী নহয়, শাহু নিৰ্যাতনৰ জমানা চলিছে। কথাষাৰ জানি থোৱা।’
{{gap}}মই সুধিলো, ‘হঠাৎ কথাষাৰ কিয় ক’লা? তুমিও নিৰ্যাতিতা নে কি?’
{{gap}}‘নহ’লোনো কিয় ক’লো’?
{{gap}}‘তোমাক নিৰ্যাতন? তুমিতো সোণৰ কণীপৰা হাঁহ। তোমাৰ স্বামীয়ে তোমাক ৰাজৰাণী কৰি থৈ গৈছে৷ তদুপৰি তুমি তেওঁলোকৰ কোনো কামতে হস্তক্ষেপ নকৰা।’
{{gap}}‘নাজানো কিয়’?
{{gap}}বোৱাৰীয়েকক খুৱাবলৈ মিঠা দৰব এপালি দিছিলো। সদ্যহতে বোৱাৰীৰ মুখো হেনো মিঠা হ’ল। আজিকালি শাহু নিৰ্যাতন বহু পৰিয়ালতে চলিছে। জমানা বদল গিয়া। এগৰাকী বোৱাৰীয়েতো শহুৰৰ পৰিয়ালটোক জে'লৰ ভাত খুৱাবলৈ প্ৰায়ে চিলিং ফেনত ওলমিব বুলি ভাবুকি দিছিল।
{{gap}}কাৰ দোষত এনে এটা সম্পৰ্কৰ সৃষ্টি হয় কোৱা সহজ নহয়। মানুহৰ মনত এটা প্ৰতিশোধ স্পৃহা বোধহয় কেতিয়াবা জাগে। এনে স্পৃহা শাহু-বোৱাৰীৰ ক্ষেত্ৰতে নহয় স্বামী-স্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। অলপতে এগৰাকী মহিলাই মোক কৈছিল তেওঁলোকৰ প্ৰতিবেশী প্ৰৌঢ়া মহিলাগৰাকীয়ে হেনো অসুস্থ স্বামীজনৰ লগত বেয়া ব্যৱহাৰ কৰে। কেতিয়াবা ভাতৰ কাঁহীখন নোধোৱাকৈয়ে জধে-মধে আহাৰ পৰিবেশন কৰে। আনকি পুতেকহঁতেও দেউতাকক উপেক্ষা কৰে। মানুহগৰাকীয়ে নিজেই কৈছে বিয়াৰ পিছৰে পৰা গিৰিয়েকে এদিনৰ বাবেও তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাই। পুতেকহঁতেও দেউতাকক ক্ষমা কৰিব নোখোজে। এতিয়া হাতী গাঁতত পৰিল, এওঁলোকৰো প্ৰতিশোধ স্পৃহা জাগি উঠিল। Tit for tat নীতি মানি চলিছে পত্নী-পুতেকহঁতে। ডেকা তেজ দেখুওৱাৰ ফল ভোগ কৰিছে বুঢ়াকালত।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৭১'''}}</noinclude>
gfherxj4lb9qjqt55kfg79vldcsux6b
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৫
104
59654
159973
158482
2022-07-29T15:00:25Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আজব দেশবাসী আন এহাল ভাৰতীয় মূলৰ দম্পতীৰ কপালৰ কথা কওঁ। জী-জোঁৱাই, নাতি-নাতিনী আৰু জোঁৱাইৰ মাকৰে সৈতে তেওঁলোক কেইবাবছৰ কটালে সুখেৰে। নাতিহঁত ডাঙৰ হোৱাৰ পাছত গেৰেজৰ ওপৰত কোঠা এটা সাজি ককা-আইতাকক তাত থাকিবলৈ দিলে। জাৰকালি হেনো কোঠাটো বৰফ শীতল হৈ থাকে। জীয়েকে কয় মাক-দেউতাকক তেওঁ সুখত ৰাখিব খোজে কিন্তু জীয়েকৰ ঘৰত সুখত থাকি ভাৰতত থকা পুতেককহে প্ৰাধান্য দিয়ে। জীয়েকৰ কথা সঁচা হ’লে নিজৰ কপালৰ বাবে পিতৃপ্ৰধান সমাজৰ পুত্ৰ বলিয়া বুঢ়া-বুঢ়ীহালেই দায়ী।
{{gap}}আমেৰিকাত জ্যেষ্ঠ নাগৰিকে চৰকাৰৰ ফালৰ পৰা আৰ্থিক আৰু আন নানা ধৰণৰ সুবিধা পায়, তেহেলৈ তেওঁলোকৰ জন্ম য’তেই নহওক কিয়। কোনে কি হাৰত পায় নাজানো। মোৰ চিনাকি গৌৰীপুৰৰ বোৱাৰী এগৰাকী দুজন স্বচ্ছল পুতেকৰ লগত কেলিফৰ্নিয়াত থাকে। সেই দেশৰ নাগৰিকত্ব পোৱা হেতুকে অন্ততঃ চিকিৎসাৰ ক্ষেত্ৰত ভালেখিনি সা-সুবিধা পায় তেওঁ। বৃদ্ধ নাগৰিক দেউতাকে চৰকাৰৰ পৰা সাহায্য হিচাপে পোৱা ডলাৰৰ পৰা হাত খৰচৰ বাবে কেইটামান তেওঁক দি বাকী অৰ্থ হেনো অনেক পুতেকে নিজৰ জেপত ভৰায়।
{{gap}}এসময়ত ছানফ্ৰানছিচকোৰ পৰা চল্লিশ মাইল দক্ষিণে ফ্ৰিমণ্ট চহৰখনত আছিল মাইলৰ পাছত মাইলজোৰা ফলৰ বাগিচা আৰু ফুলকবিৰ খেতি। বৰ্তমানে Bay Area নামেৰে খ্যাত অঞ্চলটোত ফ্ৰিমণ্টেই চতুৰ্থ ডাঙৰ চহৰ য'ত ১৫২ খন দেশৰ পৰা আহি নাগৰিকত্ব লোৱা ভোটদাতা বাস কৰে। এওঁলোকৰ ১৩ শতাংশ বয়সীয়া বহিৰাগতই আন কোনো ভাষা নজনা বাবে ঘৰতেই অকলশৰীয়া হৈ থাকে।
{{gap}}প্ৰবীন চন্দ্ৰ পেটেল নামৰ অশীতিপৰ ভাৰতীয় বহিৰাগত এজনে ‘গৃহবন্দী’ জ্যেষ্ঠ নাগৰিকসকলক দেখি তেওঁলোকৰ মনোৰঞ্জনৰ বাবে ফ্ৰিমণ্ট চহৰত পোন্ধৰ-ষোল্ল বছৰ আগতে এটা আড্ডাখানা গঢ়ি তুলিছিল, নাম দিছে হাণ্ডেড ইয়াৰ্ছ লিভিং ক্লাব। ভাৰতীয়মূলৰ জ্যেষ্ঠ নাগৰিকসকলে তালৈ অহা-যোৱা কৰি নিঃসংগতা আৰু নিৰ্জনতাৰ বেদনাৰ পৰা মুক্তি পায়।
{{gap}}মানুহে দলবদ্ধভাৱে থাকিবলৈ বিশেষকৈ সমবয়সীৰ সংগ কামনা কৰে। কেৱল ভাল আহাৰ খাই মানুহে জীয়াই থাকিব নোৱাৰে, মনৰ খাদ্যৰো প্ৰয়োজন হয়। আমেৰিকাত কেইবাঘৰ বাঙালী পৰিয়ালত মাক-দেউতাক বা বিধৱা মাকক পুতেকহঁতৰ লগত থকা দেখিছো। উৎসৱে-পাৰ্বণে বয়সীয়া মানুহখিনি একেলগ হ’লে চিনাকি হওক-নহওক মুহূৰ্ততে দেখিছো পৰম বন্ধুৰ দৰে হাঁহি-মাতি মচগুল হৈ থাকে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৭৩'''}}</noinclude>
jpfo5nf6caeav5a7levq2g85gtad5jf
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৬
104
59655
159974
158483
2022-07-29T15:03:16Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আলোচনা কৰে কোনে কিমান দিন ‘দেশ' লৈ যোৱা নাই বা কেতিয়া যাব ইত্যাদি। নিসংগবোধ আলোচনাৰ আন এটা বিষয়। বুঢ়া-বুঢ়ী দুয়ো জীয়াই থাকিলে পৰস্পৰক সংগদান কৰিব পাৰে। পৰিয়ালৰ আটায়ে যেতিয়া ৰাতিপুৱাতে নিজ নিজ কামত ওলাই যায় তেতিয়া জনমানৱহীন ঘৰখনত তিষ্ঠাই টান।
{{gap}}গৃহস্থৰ তুলনাত ল’ৰাহঁতৰ তালৈ মই বেছি গৈছো। ল’ৰা-বোৱাৰী আৰু নাতি দুটা পুৱা ওলাই যাবৰ সময়ত সাৱধান কৰি দি যায় যেন বিজুলী চালিত ষ্টোভটো নজ্বলাওঁ। ল’ৰাৰ ভয় মাকে যদি নুমাবলৈ পাহৰি যায়, যদি মাকক শ্বক মাৰে, যদি আঞ্জাখন নমাওঁতে হাত পিছলি গৈ মাকৰ হাত-ভৰি পোৰে। চিঞৰিলেও ওচৰ-চুবুৰীয়া কাকো পাবলৈ নাই। নাতিহঁতে কয় তথাপিতো যদি কিবা বিপদ হয় ৯১১ ক মাতিবা। আচলতে মই নিঃসংগ নহওঁ। কিতাপেই মোৰ বন্ধু, কিতাপেই মোৰ সংগী। তদুপৰি লেখাৰ সমল গোটাওঁ। দুপৰীয়া কোনোমতে খাওঁ বাবে গধূলি বোৱাৰীৰ ধমকি খাওঁ।
{{gap}}বহিৰাগতৰ প্ৰসংগলৈ উভতি যাওঁ। আফগানিস্তান আন এখন দেশ য’ৰ পৰা আহে বহিৰাগতসকল। এওঁলোকৰ ভিতৰত বিধৱাৰ সংখ্যাই বেছি। কেলিফ'ৰ্নিয়া ষ্টেট ইউনিভাৰ্চিটিৰ ছ'চিয়ল'জিৰ প্ৰফেচাৰ এগৰাকীয়ে কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে নিজৰ দেশত দেখি অহা বিভীষিকাই আফগান মহিলাসকলক মানসিক আঘাতৰ বলি কৰে। জিয়ামুস্তাফা নামৰ আফগান মহিলাগৰাকীৰ স্বামীৰ আৰু ডাঙৰ ল’ৰাটোৰ কাবুলত মৃত্যু ঘটিছিল এটা ৰকেটৰ আঘাতত। আনটো চৌবিশ বছৰীয়া পুত্ৰ মাকৰ লগত আছে। তেওঁৰো এখন ভৰি ছিগি গৈছে। আফগানসকল
এনে এখন দেশৰ পৰা আহিছে য'ত জীয়াই থকা এটা সমস্যা। এওঁলোকৰ মানসিক স্বাস্থ্য-পাতিৰ বুজ ল’বলৈ আমেৰিকাত আছে বিভিন্ন সংস্থা, মানসিক ৰোগৰ চিকিৎসক আদি। আফগান বয়োজ্যেষ্ঠ মহিলাসকলৰ সংগঠন এটাৰ প্ৰতিষ্ঠাতা নাজমা হামিদে ভাবিছিল আমেৰিকাৰ আধুনিক ঘৰত বাস কৰি, সুখাদ্য খাই, গাড়ীত উঠি আফগান বিধৱা মহিলাসকলে নিশ্চয় সুখেৰে কটাব। কিন্তু তেওঁলোকক নাজমাই সদায় কান্দি থকাহে দেখে।
{{gap}}এইদৰেই সুখ-দুখৰ মাজেৰে কটায় নিজ নিজ দেশ ত্যাগ কৰি আমেৰিকাত খোপনি পোতা জ্যেষ্ঠ ভাৰতীয় বা আন আন মূলৰ বহিৰাগতসকলে। আমেৰিকাত ওপজা জ্যেষ্ঠ নাগৰিকৰ ১২ শতাংশই বাস কৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত। ইয়াৰ বিপৰীতে বিদেশৰ পৰা অহাসকলৰ ভিতৰত এই হাৰ ১৬ শতাংশ। আন এটা ২৪<noinclude>{{rh|'''২৭৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
jnmadmuheirw7ln7y4zcsr6t7rujli5
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৭
104
59656
159975
158484
2022-07-29T15:08:52Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>শতাংশ বয়সীয়া বহিৰাগতৰ দল বহি আছে দাৰিদ্ৰ্য সীমাৰেখাতে। অৱশ্যে এওঁলোকৰ দাৰিদ্ৰ্য সীমাৰ সংজ্ঞা আমাৰ দেশৰ সৈতে একে নহয়।
{{gap}}পৃথিৱীৰ সকলো বৃদ্ধ-বৃদ্ধাই বিচৰাৰ দৰে এওঁলোকেও বিচাৰে এষাৰ মৰমৰ মাত। কিছুমানে পায়, কিছুমানে নাপায়। জীৱনটো যেন এটা যন্ত্ৰণা বৃদ্ধ বয়সত।
{{gap}}আনহাতে কম বয়সতে প্ৰব্ৰজন কৰি অহাসকলৰ এই সমস্যা নাই। তেওঁলোকে নিজৰ কৰ্মজীৱনত ব্যস্ত হৈ থাকোতে অজানিতে দেশখনৰ লগত একাত্ম হৈ পৰে। তাতেই গঢ়ি তোলে নিজস্ব সমাজ। আজব এই দেশখনে কিমানক যে আশ্ৰয় দিছে!
'''ফাৰ্মাৰ্ছ মাৰ্কেট :''' জাৰকালি বৰফত পোত খোৱা দেশৰ মানুহে বসন্ত আৰু জহকাললৈ বাট চাই থাকে। স্বাস্থ্য সচেতন মহিলাসকলৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত ডাঙৰ ডাঙৰ ম্যল আদিত বৰফত সতেজ কৰি ৰখা পাচলি কিনাতকৈ খেতিয়কৰ বাগানৰ পৰা পোনপটীয়াকৈ অনা শাক-পাচলিৰ কদৰ বেছি। আমাৰ দেশত এনেধৰণৰ পাচলি দুষ্প্ৰাপ্য নহয়। তথাপিতো আজিকালি চহৰ-নগৰে গঢ়ি উঠা বিভিন্ন ম্যল, শ্বপিং চেণ্টাৰ আদিৰ শীততাপ নিয়ন্ত্ৰিত কক্ষত অৱস্থাপন্নসকলে পেকেটত বেচা বাহী পাচলি কিনি গৌৰৱবোধ কৰে।
{{gap}}কৃত্ৰিম সাৰে শাক-পাচলিৰ উৎপাদন বঢ়ায়, আকাৰো বঢ়ায়। কিন্তু ৰাসায়নিক সাৰ শৰীৰৰ বাবে ক্ষতিকৰো। গোটেই বিশ্বজুৰি মানুহ আকৌ সচেতন হৈছে নিজৰ খেতিত কৰা পাচলিৰ প্ৰতি। আমাৰ গুৱাহাটীত খেতি কৰিবলৈ কোনোবাই মাটি এৰেনে? দুটামান চালিঘৰ তুলি দিলেও পইচা আহে। গুৱাহাটীত মুকলি মাটিও নাই, গছ-গছনিও নাই, ফলত বতাহত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।
{{gap}}যি কি নহওক, আমেৰিকাৰ মানুহৰ মাজত খেতিয়কৰ মাটিত কৰা ৰাসায়নিক সাৰহীন পাচলি বৰ্তমানে জনপ্ৰিয় হৈছে। ছুপাৰ মাৰ্কেটৰ তুলনাত ফাৰ্মাৰ্ছ মাৰ্কেট বা খেতিয়কৰ বজাৰত দাম বেছি হ'লেও স্বাস্থ্য সচেতনসকলে দ্বিতীয়বিধ বজাৰক প্ৰাধান্য দিয়ে। বিক্ৰেতাজন নিজে উৎপাদক নহ'লে চৰকাৰে তেনে ব্যক্তিক ফাৰ্মাৰ্ছ মাৰ্কেটত বহিবলৈ অনুমতি নিদিয়ে। আন ঠাইৰ পৰা পাচলি কিনি আনি বেচা নিয়ম নাই। এই ব্যৱস্থাই স্থানীয় অৰ্থনীতিক টনকিয়াল কৰাত অৰিহণা যোগাইছে।
{{gap}}নিউয়ৰ্ক ৰাজ্যৰ মাজেদি উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈছে হাডছন নৈখন। হাডছনক মোৰ মাজে মাজে ব্ৰহ্মপুত্ৰ যেন লাগে। সমতল ভূমিৰ মাজেৰে বৈ যোৱা গংগাতকৈ ব্ৰহ্মপুত্ৰৰ ৰূপ অধিক আকৰ্ষণীয়, কাৰণ ইয়াৰ গতিপথৰ প্ৰায়বোৰ অঞ্চলত দুয়োপাৰৰে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৭৫'''}}</noinclude>
ad6sgxxbj1ymqx6ax14ccopyyrf45kr
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৮
104
59657
159976
158486
2022-07-29T15:11:03Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>থিয় দি আছে সেউজীয়া পাহাৰ। হাডছনো ভালেমান ঠাইত বৈ গৈছে পাহাৰী অঞ্চলৰ মাজেৰে। দুয়োখন নৈৰ উপত্যকাৰ মাটি সাৰুৱা। এসময়ত হাডছন উপত্যকাক কোৱা হৈছিল Bread basket of Newyork. ১৯৭৬ চনৰে পৰা নিউয়ৰ্ক মহানগৰীত খেতিয়কৰ বজাৰবোৰে প্ৰাধান্য লাভ কৰি আছে। নৈপৰীয়া অন্যান্য মহকুমাবোৰেও পাইছে একেই সুবিধা। আমাৰ ইয়াৰ দৰে ‘লোকেল’ৰ আদৰ তাতো বেছি।
{{gap}}পিছে কেৱল পাচলিয়ে নহয়, হাডছনৰ পাৰৰ ফলৰ বাগিচায়ো দৃষ্টি কাঢ়ি নিয়ে। দুই-একৰ বাহিৰে এই অঞ্চলৰ বাসিন্দাই সাধাৰণতে ব্যৱসায়-বাণিজ্য কৰিব পৰাকৈ উৎপাদন নকৰে। মাছ-পুঠিৰ খেতি কৰে জলাশয়ত আৰু গৰু-গাহৰি পোহে ফাৰ্মত।
{{gap}}আমাৰ ল'ৰাহঁতো থাকে হাডছন উপত্যকাত। প্ৰতি শনিবাৰে আগবেলা খেতিয়কৰ বজাৰলৈ যোৱাটো মোৰ এটা নিচাৰ দৰে হৈছিল। বাটৰ কাষত আহল বহল ঠাই এডোখৰত তম্বুৰ তলত বজাৰখন বহে, ঠিক যেনিবা আমাৰ এইফালৰ হাট। পাৰ্থক্য হ'ল আমাৰ খেতিয়কসকলৰ সাজপোছাক আচাৰ-আচৰণ, কথা-বতৰাত যিটো গ্ৰাম্য ভাব দেখিবলৈ পাওঁ চাহাব খেতিয়কৰ ক্ষেত্ৰত সেই গ্ৰাম্যতা অনুপস্থিত। তদুপৰি আমাৰ হাট-বজাৰ তেওঁলোকৰ দৰে পৰিষ্কাৰ-পৰিচ্ছন্ন নহয়।
{{gap}}ৰাতিপুৱাৰে পৰা ফাৰ্মাছ মাৰ্কেটত দেখিছিলো লানি নিছিগা ভিৰ। একো একোজনৰ হাতত পাঁচ-ছটাকৈ মোনা। বুঢ়া-বুঢ়ীসকলে লাখুটিত ভৰ দি টুকটুককৈ খোজ কাঢ়ি বয়-বস্তু কিনিছে। কেঁচুৱাৰ মাকবোৰে শিশুক ষ্ট্ৰলাৰত বহুৱাই, খোজকাঢ়িব পৰা কেইটাক খোজ কঢ়াই বজাৰ কৰিছে। খেতিয়ক গৃহিণীসকলে ঘৰতে কৰা কেক, বিস্কুট, চকলেট আৰু নাম নজনা মিঠা বস্তু কিনি ফুটপাথতে বহুৱাই শিশুবোৰক খুৱাইছে। চাৰিওফালে উৎসৱমুখৰ পৰিবেশ। কফিও পোৱা যায়। চিনাকি মানুহৰ লগত দেখা-সাক্ষাৎ হয়। হাতত কফিৰ ডিচপ’জেৱল পাত্ৰটো লৈ বজাৰো কৰে আড্ডাও মাৰে ক্ৰেতাসকলে।
{{gap}}মই কাকো চিনি নাপাওঁ, গতিকে আড্ডাৰ প্ৰশ্ন নুঠে। বজাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ পাক মাৰি খাদ্য সামগ্ৰীবোৰ চাওঁ। পাচলিৰ বৈচিত্ৰ্যই মন কাঢ়ি নিয়ে। ইমান দিনে বীট ৰঙা বুলিয়ে জানিছিলো, পিছে এওঁলোকে সোণোৱালী বীটো উৎপাদন কৰিছে। আলুৰ আকাৰ আৰু ৰঙৰো যে কিমান বৈচিত্ৰ্য। কিছুমানৰ বাকলিখনেই নহয় ভিতৰখনো ৰঙা বা গুলপীয়া বা নীলা। কিছুমান আলু শকত-আৱত মানুহৰ আঙুলিৰ আকাৰৰ। এইবিধ আলুক কোৱা হয় ফিংগাৰ লিং। এই আলুবিধ পুৰি খাবলৈ ভাল। পুৰিবলৈ আধুনিক সা-সৰঞ্জাম থাকিলেও কাঠৰ জুইত আলু পুৰি<noinclude>{{rh|'''২৭৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
2crpws1221532ibsmqqdia31bqesvcp
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৯
104
59658
159977
158487
2022-07-29T15:13:31Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>খোৱাৰ সোৱাদেই বেলেগ।
{{gap}}আমেৰিকা কাঠৰ দেশ, অলপ কষ্ট কৰিলে কাঠৰ অভাৱ নাই। কুঠাৰেৰে কাঠ কাটিবও নালাগে। জয়হঁতৰ চৌহদ মেপল, ওক আদি গছেৰে ভৰা। এইবোৰ গছ শাল, চেগুণৰ দৰেই বিৰাট আকাৰৰ। কেইবাডাল গছ কাটিবলৈ তেওঁলোকে এবাৰ গছ কটা কোম্পানী এটাৰে যোগাযোগ কৰিছিল। সেইমৰ্মে যন্ত্ৰ-পাতি লগোৱা বিশেষ ধৰণৰ গাড়ী এখন এদিন উপস্থিত হ’ল গছ কাটিবলৈ। বাৰাণ্ডাত বহি গছ কটা পৰ্ব চাবলৈ জয়ে মোক পৰামৰ্শ দিয়াত আধুনিক প্ৰযুক্তি বিদ্যাৰ উৎকৰ্ষ চাবলৈ বাট চাই আছিলো। এই মস্ত মস্ত গছবোৰৰ কাণ্ডবোৰ মুহূৰ্তৰ মাজত যন্ত্ৰই এনেকৈ নিঃশব্দে
ডোখৰ ডোখৰ কৰিলে যেন মাখনহে কাটিছে। ইয়াৰ পাছত কাঠৰ খণ্ডবোৰ ট্ৰাকত লগাই থোৱা যন্ত্ৰটোত ভৰাই মেচিন চালু কৰিবলৈ বুটাম এটাত টিপা মৰাৰ লগে লগে কাঠৰ প্ৰকাণ্ড খণ্ডবোৰ চকুৰ পচাৰতে কণ কণ টুকুৰালৈ ৰূপান্তৰিত হোৱা দেখিলো। গছৰ ডাল-পাতবোৰো ট্ৰাকৰ আন এফালে দি ভৰাই চুইছটো টিপাৰ লগে লগে সিটো মূৰেদি সৰু সৰু কাঠৰ টুকুৰা ওলাই আহিল। চকুৰ পচাৰতে ওক মেপলৰ দৰে দৈত্যাকৃতি গছবোৰৰ এই ৰূপান্তৰ দেখি মোৰ গাঁজাখুৰী গল্প এটালৈ মনত পৰিল। উন্নত দেশত এনেবোৰ প্ৰযুক্তি দেখি পেটে পেটে অবাক হোৱা
পৰশ্ৰীকাতৰ ভাৰতীয় এজনে কৈছিল, ‘আমাৰ দেশলৈ আহিবা। আমাৰ ইমান উন্নত ধৰণৰ মেচিন আছে যে এফালেদি গৰু এটা ভৰাই দিলে সিফালেদি গৰুৰ চালৰ জোতা কেইযোৰমান ওলাই আহে'।
{{gap}}উভতি যাওঁ ফাৰ্মাৰ্ছ মাৰ্কেটলৈ। কাঠৰ কাহিনী ইমান কোৱাৰ পাছতো আমি কিন্তু ওভেনত ভৰাইহে ফিংগাৰ লিং আলু বেক কৰি খালো। আমাৰ মানিমুনি, দ্ৰোণ, ভেদাইলতা আদিৰ দৰে তেওঁলোকেও বিবিধ বনৌষধি বেচিবলৈ অনা দেখিছিলো। পিছে সিবোৰৰ নাম জনা নহ'ল।
{{gap}}মিঠালাও দেখিও তবধ মানিছিলো। সৰু বাটি এটাৰ আকাৰৰ পৰা হাতীৰ মূৰটোৰ সমান ডাঙৰ মিঠালাও এইখন দেশত উৎপাদন কৰা হয়। আচলতে মিঠালাওৰ জন্মভূমিয়ে আমেৰিকা, আলুৰ জন্মস্থান দক্ষিণ আমেৰিকা। বিলাহী, জলকীয়াও পশ্চিমৰ পাচলি। আজি বিলাহীক কেৱল বিলাহী বুলি কওঁ যদিও আমাৰ বাল্যকালত বিলাতী বেঙেনা বুলি কৈছিলো।
{{gap}}খেতিয়কৰ বজাৰখনত বিলাহীৰ বৈচিত্ৰ্য কি চাব। ৰঙা বিলাহী দেখাত মোৰ অভ্যস্ত চকুযোৰ থমকি ৰৈছিল বেঙুনীয়া আৰু হালধীয়া ‘চেৰোকি’ বিলাহীৰ পাচিটোত।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৭৭'''}}</noinclude>
rdstfzzlvdh6zzh2qcbftl7n64vvidu
পৃষ্ঠা:অনিমা গুহ.pdf/২৮০
104
59659
159978
158488
2022-07-29T15:16:53Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>‘চেৰোকি’ হ’ল এক শ্ৰেণীৰ ৰেড ইণ্ডিয়ান জনগোষ্ঠী। আজি ৰেড ইণ্ডিয়ানক আমেৰিকান ইণ্ডিয়ান বোলা হয়। চেৰোকি বিলাহীৰ পাছত দেখিলো বুল্ছ আই (ষাঁড় গৰুৰ চকু), জাপানীজ ব্লেক, জেব্ৰা ষ্ট্ৰাইপ, ব্ৰেণ্ডি ৱাইন, বেনানা লেগ আদি নানা জাতৰ বিলাহী। এনেধৰণৰ প্ৰজাতিৰ পাচলি বাণিজ্যিক কাৰণে উৎপাদিত নহয়।
{{gap}}চিমলা জলকীয়া বা কেপছিকামৰ সেউজীয়াবিধহে দেখিছো। ফাৰ্মাৰ্ছ মাৰ্কেটত ৰঙা, হালধীয়া আৰু বেঙুনীয়া জাতৰ কেপছিকাম দেখিলো। ৰং-বিৰঙী বিলাহী, কেপছিকাম আদিৰে কৰা চালাদখন বৰ দৃষ্টিনন্দন হয়।
{{gap}}হাডছন উপত্যকাত জাৰকালি ডিচেম্বৰৰ পৰা মাৰ্চলৈ প্ৰচুৰ তুষাৰপাত হয়। গতিকে সেই সময়ত বন্ধ হৈ থাকে খেতিপথাৰৰ কাম। ডিচেম্বৰৰ পাছত ফাৰ্মাৰ্ছ মাৰ্কেট নব’হে। মানুহে বাট চাই থাকে পিছৰ বছৰ মে’-জুন মাহলৈ। জাৰকালি শাক-পাচলিৰ বাবে শ্বপিং ম্যললৈ যাবলৈ বাধ্য গৃহিণীসকল।
'''চীনলৈ নোযোৱাকৈয়ে দেখিলো চায়না টাউন :''' নিউয়ৰ্কৰ জেকচন হাইটচ অঞ্চলত এডোখৰ বাংলাদেশ দেখিছিলো। মহানগৰীৰ আন এটা অঞ্চল মেনহাটনৰ শেষপ্ৰান্তত চীনাসকলৰ সাম্ৰাজ্য দৰ্শন কৰিবলৈ গৈছিলো আন এদিন। গাড়ীৰে নিভাঁজ আমেৰিকান বগা চাহাবৰ চকুত ছাট মাৰি ধৰা অভিজাত চুবুৰি পাৰ হৈ পাতাললৈ সোমাই গৈছিলো। তাৰ পৰা পাতাল ৰে’লে আমাক লৈ গ'ল কিছু দূৰলৈ। বহু পীতাংগ ব্যক্তিৰ সৈতে আমিও মৰ্ত্যলৈ উঠি আহি অচিনাকি পৰিবেশ এটাত সোমাই গ’লো। নিজকে প্ৰশ্ন কৰিলো কিবা যাদু-মন্ত্ৰই চীনদেশক স্বস্থানৰ পৰা উৎপাটিত কৰি
আনি আমেৰিকাত খাজি থ’লে নেকি? নেভাবিমনো কিয়? কেউপিনে পিলপিলাই ফুৰিছে দুৰ্বোধ্য ভাষাত কথা কোৱা চীনা ল’ৰা-ছোৱালী, মুনিহ-তিৰোতা। এওঁলোকৰ দোকানবোৰৰো ছাইনবোৰ্ড চীনা আখৰেৰে লিখিত। ফুটপাথবোৰত শাক-পাচলি, মাছ-ফলৰ পোহাৰ মেলি বহা দেখিছিলো নিজৰ মাজত চুংচুং-চাংচাং কৰি কথা কোৱা পুৰুষ-তিৰোতাসকলক।
{{gap}}সামুদ্ৰিক প্ৰাণীৰ দোকান এখনত ষ্টাৰফিশ্ব, অক্টোপাচ আদি বেচি আছিল চীনাসকলে। এবাৰ ভাবিলো সোধোচোন অক্টোপাচ ৰন্ধাৰ পদ্ধতিটো। পিছে সুধিয়ে বা কি লাভ! জীৱটোৰ যি চেহেৰা, খোৱা দূৰৈৰ কথা দেখিলেই ধাৰণা হয় সিহে আমাক খাবলৈ তাৰ লেকপেকীয়া শুঁৰকেইডাল মেলা-জপা কৰি আছে। গাহৰিৰ মাংসৰ দোকানলৈ গৈ দেখিছিলো নাড়ী-ভূৰুৰ পৰা তেজলৈ গাহৰিৰ দেহৰ কোনো<noinclude>{{rh|'''২৭৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
bf5y7k963a7tjwxi4x53ic6bzatau29
পৃষ্ঠা:অনিমা গুহ.pdf/২৮১
104
59660
159979
158489
2022-07-29T15:21:10Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>অংশ নেপেলায়। তেজখিনি বা কেনেকৈ খায়? আমাৰ এজন সম্পৰ্কীয় ভতিজা বোৱাৰী চীনদেশীয়। তেওঁলোক অষ্ট্ৰেলিয়াবাসী। কেতিয়াবা লগ পালে তেজৰ ৰেচিপিটো সুধি ল'ব লাগিব।
{{gap}}নিউয়ৰ্কৰ চীনাসকল থকা অঞ্চলটোক চায়না টাউন বুলি কোৱা হয়। তাত কিন্তু সকলো চীনা মানুহ একেটা অঞ্চলত বাস নকৰে। এটা নিৰ্দিষ্ট এলেকাত বাস কৰে তুলনামূলকভাৱে অভিজাত কেণ্টনীভাষী চীনাসকল। এওঁলোক এশ বছৰ আগতে অহা। ৰাজনৈতিক আৰু সামাজিক জীৱনত গুৰুত্ব পায় গুৱানদং প্ৰদেশৰ পৰা অহাসকলে। ফুজিয়ান প্ৰদেশৰ পৰা অহাসকলৰ অধিকাংশই আহিছে অবৈধভাৱে। এওঁলোকৰ পঢ়া-শুনা কম আৰু ইংৰাজী নজনা বাবে জাহাজৰ পৰা নামিয়ে কাৰো চকুত পৰাৰ আগতে সামান্য মজুৰিত দৰ্জিৰ দোকানত, ৰেস্তোৰাঁ বা সৰু-সুৰা কাৰখানাত সোমায়। ফুজিয়ান প্ৰদেশত শিক্ষাৰ হাৰ আৰু বাৰ্ষিক আয় কম। এনে পৰিস্থিতিত সৰল-সহজ কম বুদ্ধিৰ ডেকাসকলে আমেৰিকাৰ সোণালী সপোন দেখুওৱা দালালৰ জালত পৰি মাটি বেচি আৰু সুতখোৰ মহাজনৰ পৰা উচ্চ হাৰত টকা ধাৰলৈ লৈ সমুদ্ৰ নাইবা আকাশ পথেৰে ‘সপোন'ৰ দেশলৈ ধাৱমান হয়। পিছে আহি নমাৰ পাছত সপোন ভাগি-ছিগি থানবান হয়। দিনটো হাড়ভগা খাটনিৰ পাছত যিখিনি আৰ্জে তাৰ সিংহভাগ দালালক আৰু মহাজনক দিয়ে। কিছু ঘৰলৈ পঠোৱাৰ পাছত নিজলৈ একো নাথাকে। আনহাতে যিসকল মালিকে আইন অমান্য কৰি শ্ৰমিক খটুৱায় তেওঁলোকৰ বাবে পৰিশ্ৰমী ফুজিয়ানীসকল হ’ল নয়নৰ মনি। ঋণ পৰিশোধ কৰাৰ তাগিদাত এইসকল দুৰ্ভগীয়াই ৰান্ধনিৰ কাম কৰি, বাচন মাজি এনে অৱস্থালৈ
আহে যে ঋণমুক্ত হোৱাৰ পাছত দক্ষতাৰ অভাৱত আন কোনো কাম কৰা সম্ভৱ নহয়গৈ।
{{gap}}মাৰ্কিন সপোন দেখা দৰিদ্ৰ চীনা পুৰুষ-নাৰীৰ বিষয়ে ‘মানুহৰ চিত্ৰশালা’ শীৰ্ষক মোৰ কিতাপ এখনত লিখিছো। আমেৰিকালৈ যোৱাৰ আগতে অজ্ঞতাৰ বাবেই জনা নাছিলো যে পৃথিৱীৰ বহুদেশৰ পৰা সাধাৰণ শ্ৰেণীৰ মানুহ তালৈ যায় জীৱিকাৰ সন্ধানত। অসম বা পশ্চিমবংগৰ যিসকল ব্যক্তিক বিদেশলৈ যোৱা দেখো তেওঁলোক শিক্ষিত শ্ৰেণীৰ। আমাৰ ইয়াৰ পৰা শ্ৰমিক শ্ৰেণীৰ কাকো যোৱা দেখা নাই বাবেই হয়তো মোৰ মনত ভুল ধাৰণাই বাহ লৈছিল। ভাৰতৰ পৰা ব্যৱসায় কৰিবলৈ যায় ঘাইকৈ গুজৰাটিসকল। পঞ্জাৱীৰেও ভৰি পৰিছে ইংলেণ্ড, আমেৰিকা, বিশেষকৈ কানাডাৰ মাটি। পৃথিৱীখন সঁচাই এখন গাঁৱত পৰিণত হৈছে। সুদূৰ অতীতৰে পৰা<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৭৯'''}}</noinclude>
9fyph9sjmhey299v8p2kdihrr2x8c8h
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৩
104
59661
159981
158490
2022-07-29T15:29:05Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>প্ৰব্ৰজন মানুহৰ জীৱনৰ এটা স্বাভাৱিক স্পৃহা। আজিৰ দৰে যোগাযোগ ব্যৱস্থাৰ অনুন্নত দিনতো মানুহে পাল তোলা জাহাজেৰে সমুদ্ৰ যাত্ৰা কৰিছিল নতুন ভূ-খণ্ডৰ সন্ধানত। মানুহৰ লক্ষ্য এতিয়া সৌৰজগতৰ অন্যান্য গ্ৰহ।
'''স্কেজুল কাহিনী :''' আমেৰিকাবাসী ভাৰতীয়সকলৰ মুখত মাজে মাজে মই জীৱনতে নুশুনা শব্দ এটা শুনি বিবুদ্ধিত পৰিছিলো। শব্দটো হ’ল ‘স্কেজুল’। মনে মনে ভাবো এই শব্দটো অসমীয়া-বাংলা-হিন্দী নহয়। মাৰাঠী মই অলপ-অচৰপ জানো। পুনেত আঠটা বছৰ কটাইছো, স্কেজুল শব্দটো শুনা নাই। দাক্ষিণাত্যৰ ভাষা? কিন্তু অসমীয়া-বাঙালীয়ে কিয় সেই ভাষা ব্যৱহাৰ কৰিব। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও দীৰ্ঘদিন ধৰি ভাষাটোৰ লগত চিনাকি। কোনো দিনে এনে এটা শব্দৰ সান্নিধ্যলৈ অহা নাই। জয়-মনীষায়ো স্কেজুল স্কেজুল কৰি থাকে। হ’ব পাৰে আমেৰিকাৰ ইংৰাজীত মেক্সিকান শব্দ সোমাই গৈছে। আমি অসমীয়া কওঁতে ইংৰাজী শব্দৰ বাহিৰেও হিন্দী, বাংলা আদি শব্দ ব্যৱহাৰ নকৰো জানো? বনোৱা শব্দটো অসমীয়া নহয় কিন্তু আজিকালি বহুতে ঘৰ বনায়, চাহ বনায়, ভাত বনায়। আন কি শব্দটো লিখেও। বোধকৰো বাংলাৰ পৰা অহা শব্দ বনোৱা। আন এটা বাংলা শব্দ ৰমৰমা আজিকালি ৰমৰমীয়া হিচাপে ব্যৱহৃত হোৱা দেখো। নিজৰ মনতে এইবোৰ চিন্তা কৰি একপ্ৰকাৰ নিশ্চিত হ’লো স্কেজুল মেক্সিকান শব্দ হ’ব লাগিব। কেতিয়াবা অৱশ্যে অভিধানখনো মেলি চাওঁ, কিজানিবা ইংৰাজী শব্দ। এছ বৰ্ণটো চলাথ কৰিও স্কেজুলক বিচাৰি নাপালো।
{{gap}}অৱশেষত ল’ৰাহঁতৰ বন্ধু-বান্ধৱ আহিলে আলেঙে আলেঙে থাকি তেওঁলোকৰ কথোপকথন মনযোগেৰে শুনিবলৈ আৰম্ভ কৰিলো। ল’ৰা-বোৱাৰীক সুধিলেই লেঠা মৰিলহেঁতেন। কিন্তু সোধা নাই। ভাৰতৰ পৰা বিয়া হৈ নতুনকৈ আমেৰিকালৈ যোৱা ছোৱালীবোৰেও মন কৰিছিলো অসমীয়া বা বাংলাৰ মাজতে স্কেজুল স্কেজুল মাৰি থাকে। অৰ্থাৎ ই এটা বৰ কঠিন ইংৰাজী নহয়। ল’ৰা-বোৱাৰীক সুধিলে যদি ইতিকিং কৰি কয়— এইটোও নাজানা নে, তেতিয়া লাজ নালাগিব নে? অৱশেষত নিজেই আৱিষ্কাৰ কৰিলো স্কেজুল বস্তুটো কি। আমেৰিকাৰ ইংৰাজী আৰু ব্ৰিটিছৰ যুগত
আমি শিকা ইংৰাজীৰ বানান, উচ্চাৰণ একে নহয়। আমি জনা cheque বানানটো আমেৰিকাই লিখে check, centre হ'ল center, metre হ'ল meter ইত্যাদি। বানানৰ দৰে উচ্চাৰণতো পাৰ্থক্য। ভাবি ভাবি মূৰ ঘোলা কৰা স্কেজুল হ’ল শিডিউল (schedule)! তেওঁলোকৰ যুক্তি school যদি স্কুল হয়, schedule স্কেজুল নহ'ব<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৮১'''}}</noinclude>
mf8acqeqvh577kck8wve331oaqyj9hy
159982
159981
2022-07-29T15:29:32Z
JyotiPN
1603
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>প্ৰব্ৰজন মানুহৰ জীৱনৰ এটা স্বাভাৱিক স্পৃহা। আজিৰ দৰে যোগাযোগ ব্যৱস্থাৰ অনুন্নত দিনতো মানুহে পাল তোলা জাহাজেৰে সমুদ্ৰ যাত্ৰা কৰিছিল নতুন ভূ-খণ্ডৰ সন্ধানত। মানুহৰ লক্ষ্য এতিয়া সৌৰজগতৰ অন্যান্য গ্ৰহ।
'''স্কেজুল কাহিনী :''' আমেৰিকাবাসী ভাৰতীয়সকলৰ মুখত মাজে মাজে মই জীৱনতে নুশুনা শব্দ এটা শুনি বিবুদ্ধিত পৰিছিলো। শব্দটো হ’ল ‘স্কেজুল’। মনে মনে ভাবো এই শব্দটো অসমীয়া-বাংলা-হিন্দী নহয়। মাৰাঠী মই অলপ-অচৰপ জানো। পুনেত আঠটা বছৰ কটাইছো, স্কেজুল শব্দটো শুনা নাই। দাক্ষিণাত্যৰ ভাষা? কিন্তু অসমীয়া-বাঙালীয়ে কিয় সেই ভাষা ব্যৱহাৰ কৰিব। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও দীৰ্ঘদিন ধৰি ভাষাটোৰ লগত চিনাকি। কোনো দিনে এনে এটা শব্দৰ সান্নিধ্যলৈ অহা নাই। জয়-মনীষায়ো স্কেজুল স্কেজুল কৰি থাকে। হ’ব পাৰে আমেৰিকাৰ ইংৰাজীত মেক্সিকান শব্দ সোমাই গৈছে। আমি অসমীয়া কওঁতে ইংৰাজী শব্দৰ বাহিৰেও হিন্দী, বাংলা আদি শব্দ ব্যৱহাৰ নকৰো জানো? বনোৱা শব্দটো অসমীয়া নহয় কিন্তু আজিকালি বহুতে ঘৰ বনায়, চাহ বনায়, ভাত বনায়। আন কি শব্দটো লিখেও। বোধকৰো বাংলাৰ পৰা অহা শব্দ বনোৱা। আন এটা বাংলা শব্দ ৰমৰমা আজিকালি ৰমৰমীয়া হিচাপে ব্যৱহৃত হোৱা দেখো। নিজৰ মনতে এইবোৰ চিন্তা কৰি একপ্ৰকাৰ নিশ্চিত হ’লো স্কেজুল মেক্সিকান শব্দ হ’ব লাগিব। কেতিয়াবা অৱশ্যে অভিধানখনো মেলি চাওঁ, কিজানিবা ইংৰাজী শব্দ। এছ বৰ্ণটো চলাথ কৰিও স্কেজুলক বিচাৰি নাপালো।
{{gap}}অৱশেষত ল’ৰাহঁতৰ বন্ধু-বান্ধৱ আহিলে আলেঙে আলেঙে থাকি তেওঁলোকৰ কথোপকথন মনযোগেৰে শুনিবলৈ আৰম্ভ কৰিলো। ল’ৰা-বোৱাৰীক সুধিলেই লেঠা মৰিলহেঁতেন। কিন্তু সোধা নাই। ভাৰতৰ পৰা বিয়া হৈ নতুনকৈ আমেৰিকালৈ যোৱা ছোৱালীবোৰেও মন কৰিছিলো অসমীয়া বা বাংলাৰ মাজতে স্কেজুল স্কেজুল মাৰি থাকে। অৰ্থাৎ ই এটা বৰ কঠিন ইংৰাজী নহয়। ল’ৰা-বোৱাৰীক সুধিলে যদি ইতিকিং কৰি কয়— এইটোও নাজানা নে, তেতিয়া লাজ নালাগিব নে? অৱশেষত নিজেই আৱিষ্কাৰ কৰিলো স্কেজুল বস্তুটো কি। আমেৰিকাৰ ইংৰাজী আৰু ব্ৰিটিছৰ যুগত আমি শিকা ইংৰাজীৰ বানান, উচ্চাৰণ একে নহয়। আমি জনা cheque বানানটো আমেৰিকাই লিখে check, centre হ'ল center, metre হ'ল meter ইত্যাদি। বানানৰ দৰে উচ্চাৰণতো পাৰ্থক্য। ভাবি ভাবি মূৰ ঘোলা কৰা স্কেজুল হ’ল শিডিউল (schedule)! তেওঁলোকৰ যুক্তি school যদি স্কুল হয়, schedule স্কেজুল নহ'ব<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৮১'''}}</noinclude>
7fupjbg8cm2a2xqqmmd4ulqjjafs7rz
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৪
104
59662
159983
158491
2022-07-29T15:33:58Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কিয়? অকাট্য যুক্তি। ভাৰতীয়সকলে হেনো ভুলতে শ্বিডিউল কাষ্টক স্কেজুল কাষ্ট বুলি কয় কেতিয়াবা।
{{gap}}বৰ্তমানে বিশ্বজুৰি SMS ৰ ইংৰাজী প্ৰচলিত। বহু ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীতো লিখে ‘ব্ৰেভ নিউ ৱৰ্ডবোৰ। যেনে— Bcoz (because), Plz (please ), 2nite (to night), LOL (laughing out loudly), Xcelnt (excellent), 4 (for), d(the), dat (that), U (you), ur (your) ইত্যাদি।
{{gap}}দক্ষিণ পূব এছিয়াৰ কোনোবা এখন দেশে হেনো ইংৰাজী পঢ়াবলৈ বিদেশৰ পৰা শিক্ষক অনাইছে। কাৰণ সেইখন দেশৰ শিক্ষকেও লিখে SMS ৰ ভাষা! ইংৰাজী ভাষাটোক SMS- এ বিকৃত নকৰিলেই ৰক্ষা৷
'''মন্দিৰ আৰু পুৰোহিত :''' বাংলাভাষাত এষাৰ কথা আছে, য’তেই বাঙালী, তাতেই কালীবাড়ী। দক্ষিণ ভাৰতীয়ৰ ক্ষেত্ৰতো একে কথাকে ক’ব পাৰি— দক্ষিণ ভাৰতীয় য’ত, মন্দিৰ ত’ত। আমেৰিকাৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম য’লৈকে গৈছো তাতেই দেখিছো দক্ষিণীসকলে সজা মন্দিৰ। এবাৰ ই প্ৰসাদ নামৰ পুৰোহিত এজনক পাইছিলো অসমীয়া চিকিৎসক ডাঃ অশ্বিনী চৌধুৰীৰ ঘৰত। সত্যনাৰায়ণ পূজা কৰিবলৈ আহিছিল তালৈ। মাহ-প্ৰসাদ খাই থাকোতে ই প্ৰসাদে উপস্থিত আটাইকে তেওঁৰ ঠিকনা, ফোন নম্বৰ লিখা একোখনকৈ কাৰ্ড দিছিল। কথাই কথাই ক'লে তেতিয়া তেওঁ ইংৰাজী
আৰু ড্ৰাইভিং শিকি আছিল দেশখনৰ নাগৰিকত্ব লাভ কৰিবলৈ। জীয়েকক ভাৰততে ভনীয়েকৰ তত্ত্বাৱধানত ৰাখি ল’ৰা-তিৰোতাক লৈ আহিছে তেওঁ। এইখন দেশৰ মুক্ত সমাজত তেওঁ জীয়েকক ৰাখিব নোখোজে। কেইবছৰমান পাছত আকৌ ই প্ৰসাদক লগ পালো একেখন ঘৰতে। এইবাৰ তেওঁক কথা-বতৰা আদব-কায়দাত আগতকৈ অনেক স্মাৰ্ট যেন লাগিছিল। ইতিমধ্যে নাগৰিকত্ব পাইছে, জীয়েককো আনিছে। তেৱেঁ কৈছিল দেশখনত হেনো পুৰোহিতৰ ‘হেভী ডিমাণ্ড’। তেওঁক দক্ষিণ ভাৰতীয় সংস্থাই স্পনছৰ কৰি আনিছে। ঠায়ে ঠায়ে হেনো খালী হৈ আছে পুৰোহিতৰ বহু
পোষ্ট। তেওঁৰ কথা বৰকৈ গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিলো। পুৰোহিতৰো ডিমাণ্ড থাকেনে?
{{gap}}ভাৰতলৈ উভতি অহাৰ পাছত ২০০৬ চনৰ মাৰ্চত শুনিলো অন্ধ্ৰ প্ৰদেশৰ কাকতে পত্ৰে আৰু টিভিত পুৰোহিত বিচাৰি বিজ্ঞাপন দিয়া হৈছে। লগে লগে উচ্চাকাংক্ষী বেদজ্ঞ পুৰোহিতসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হ’ল। ই প্ৰসাদে কোৱা কথাষাৰ মনত<noinclude>{{rh|'''২৮২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
invtfgl6lx8wxymo6nyr76ambj2cg1g
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৫
104
59663
159984
158492
2022-07-29T15:43:02Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পৰিল। বিদেশৰ মন্দিৰবোৰত পুৰোহিতৰ অনেক পোষ্ট খালী হৈ আছে। পুৰোহিতৰ বাবে বিজ্ঞাপনৰ বিষয়টো কেতিয়াও ভবা নাছিলো। পিছে পশ্চিমৰ দেশবোৰলৈ উচ্চ পৰ্যায়ৰ জীৱিকাৰ বাবে যদি ডাক্তৰ, ইঞ্জিনিয়াৰৰ পৰা টেক্সিচালক, ৰান্ধনি, ঝাড়ুৱালাসকল যাব পাৰে পুৰোহিতে বা নোৱাৰিব কিয়? কিন্তু বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে পুৰোহিতৰ ইংৰাজীৰ জ্ঞান থাকিব লাগিব।
{{gap}}মূৰত বজ্ৰাঘাত পৰাৰ অনুভূতি হ’লেও তেলেগুভাষী আচাৰ্যসকল হতাশ নহ'ল। তেওঁলোকে উপলব্ধি কৰিলে যে আজিৰ গোলকীকৰণৰ যুগত বেদপাঠ আৰু সংস্কৃত আওৰাই থাকিলে কেৰিয়াৰ গঢ়িব নোৱাৰি। হাইটেক জীৱনৰ বাবে ইংৰাজী জানিবই লাগিব। অলংঘনীয় এই ডেওনাখন পাৰ হোৱা অসম্ভৱ নহ'লেও সহজ নহয়। পিছে মন্ত্ৰতো ইংৰাজীত মাতিব নালাগে তেনেহ'লে এই ভাষাটোৰ জ্ঞানৰ প্ৰয়োজন কিয়? পুৰোহিত ৰিক্ৰুট কৰিবলৈ অহা কমিটীৰ মেম্বাৰসকলৰ মতে যিখন দেশলৈ যাবলৈ ওলাইছে সেই দেশৰ ভাষা নুবুজিলে বা প্ৰয়োজনত কথা ক’ব নোৱাৰিলে তাত থকা
অসম্ভৱ। তদুপৰি বিমানত উঠোতে আৰু নামিবৰ আগতে প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণ কৰিবলৈ ভাষাটো জনা জৰুৰী।
{{gap}}৩৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ একোছা টিকনিৰে সৈতে টকলামূৰা, কপালত তিলক কটা বেদজ্ঞ পুৰোহিতসকল Spoken English ক্লাছত ভৰ্তি হ’বলৈ শাৰী পাতি থিয় দিছিল বিদেশত চাকৰিৰ আশাত। ভিৰ দেখি বৈদিক স্কুল আৰু মন্দিৰ প্ৰাংগণতো খোলা হৈছিল Spoken English ক্লাছ। যুগৰ লগত খাপ খুৱাবলৈ পুৰোহিতসকলক শিকোৱা হৈছিল ই-মেইল কৰিবলৈ, ম’বাইলত এছ এম এছ কৰিবলৈ আৰু এছ এম এছৰ পাঠোদ্ধাৰ কৰিবলৈ।
{{gap}}কেৱল ইংৰাজী শিকিলেই পশ্চিমীয়া দেশত নিজকে খাপ খুৱাব নোৱাৰি। যিসকল পুৰোহিতে চুৰিয়াখনৰ বাহিৰে আন একো পোছাক পিন্ধা নাই তেওঁলোকক পিন্ধালে চাৰ্ট-পেণ্ট। বাৰে বাৰে কোৱা হ’ল চুৰিয়া পিন্ধি উদং গাৰে যেন ঘৰৰ পৰা নোলায়। নিৰামিষাহাৰী দেউসকলক সতৰ্ক কৰি দিয়া হ'ল যেন পনিৰ বুলি ভুল কৰি গৰু-গাহৰিৰ মাংসৰ কিমাৰ চপৰাটো কিনি নানে।
{{gap}}যদিও বেদজ্ঞ পুৰোহিতসকলক ইংৰাজীৰে চিনাকি কৰিহে বিমানত উঠাইছে ময়েই বিমানত তিনিগৰাকী— এজন পুৰুষ আৰু দুগৰাকী তিৰোতা— পাইছো যিসকলে ইংৰাজীৰ ই-টোকে চিনি নাপায়। নো ইংলিছ, নো ইংলিছ কোৱা চৰ্দাৰজীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। ইংৰাজী নজনা এগৰাকীৰ পুতেকে মাক ক'লৈ যাব,<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/'''২৮৩'''}}</noinclude>
9r5b4i2u7o935ctwfv66x3dxcnnce8n
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৬
104
59664
159985
158493
2022-07-29T15:45:57Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কি খাব, নাম-ধাম কি ইত্যাদি সকলো বিৱৰি কাগজখনত লিখি দিছিল। মাকক কৈ দিছে কাষৰে-পাজৰে বহা কাৰোবাক কাগজখন দেখুৱাবলৈ। মোৰো কপাল, মানুহজনী বহিছিল মোৰ কাষত। তেওঁ নিৰামিষ খায় কথাষাৰ মোৰ হতুৱাই কোৱাইছিল। আহাৰৰ লগত ফল আৰু গাখীৰ কিয় দিয়া নাই ময়েই সুধিবলগীয়া হ'লো। ইংৰাজী নজনাকৈয়ে পৃথিৱীৰ বহু দেশৰ মানুহ অহা-যোৱা কৰি আছে। হয়তো পুৰোহিতসকলক ভৱিষ্যতে নাগৰিকত্ব দিয়াবলৈ ইংৰাজী শিকোৱাৰ কথা ভবা হৈছিল। ভাৰতীয় মানুহ, বিশেষকৈ দক্ষিণ ভাৰতীয়সকল বৰ ধাৰ্মিক। গতিকে মন্দিৰ আৰু পুৰোহিতৰ চাহিদা
নকমে। অকল আমেৰিকাতে নহয় ইউৰোপ, অষ্ট্ৰেলিয়াতো পুৰোহিতৰ প্ৰয়োজন।
'''পৰিশ্ৰমী জাতি :''' ব্ৰিটিছ শাসিত ভাৰতত ওপজা আমিসকলে আমাৰ শাসকসকলৰ ৰজা-মহাৰজা সুলভ লাইফ ষ্টাইল দেখি ধাৰণা কৰিছিলো নিজৰ দেশতো হয়তো লগুৱা-লিকচৌ পৰিবেষ্টিত হৈ তেওঁলোকে আৰামত দিন কটায়। তেতিয়াৰ দিনত ঘৰুৱা কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা স্থানীয় মহিলাসকলক ব্যংগ কৰি কোৱা হৈছিল, ‘ফুটনী চা, খাবা নাপাওয়াৰ বেটী, মেম চাহেব হৈছে’। অৰ্থাৎ কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা মানেই মেম।
{{gap}}ঊনৈশ শতিকাৰ এগৰাকী দুঃসাহসী ব্ৰিটিছ মহিলা পৰ্যটক ফেনি পাৰ্কছে ১৮৫০ চনত প্ৰকাশ কৰা তেওঁৰ ভাৰত ভ্ৰমণৰ কাহিনীৰ ২০০২ চনত প্ৰকাশিত এটা সংস্কৰণ Begum, Thugs and White Mughals- the journal of Fanny Parks (Sickle Moon Books Publication) পঢ়ি তেতিয়াৰ দিনত ভাৰতত বাস কৰা ব্ৰিটিছসকলৰ লাহ-বিলাহপূৰ্ণ জীৱনৰ ছবি এখন পাইছিলো।
{{gap}}ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ চাকৰিয়ালৰ ঘৰত কাম কৰিছিল ৫৭ জন লগুৱা-লিগিৰিয়ে। এওঁলোকক ফেনিয়ে ১৮২২ ৰ পৰা ১৮৪৫ চনৰ ভিতৰত দেখিছে চিনাকি পৰিয়ালবোৰত। ৫৭ জনৰ মাজত মাহিলী ১২ টকা হাৰত দৰমহা পোৱা খানচামাজন ইছলামধৰ্মী। তেওঁৰ কাম খোৱা বস্তু কিনা, খোৱা টেবুল পৰিচালনা কৰা আৰু কেক-বিস্কুট তৈয়াৰ কৰা। একে হাৰত দৰমহা পাইছিল বাবুৰ্চি বা ৰান্ধনিজনে। পানী ঠাণ্ডা কৰা আৰু সুৰাত বৰফ সংযোগকাৰী আবদাৰৰ দৰমহা মাহিলী ৮ টকা। পৰিয়ালৰ মানুহে খাই থাকোতে টেবুলৰ ওচৰত প্ৰভুহঁতৰ নিৰ্দেশ শুনিবলৈ সাজু হৈ থকা খিদমগাৰৰ মাহিলী দৰমহা ৭ টকা। বেচেৰা মানুহজনে চাগৈ গিৰিহঁতে খাই থকা বিবিধ ব্যঞ্জন চকুৰ আগত দেখি সেপ ঢুকিছিল। এওঁলোকে কি খাইছিল তাৰ<noinclude>{{rh|'''২৮৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
ki127ektsibmzm8y9hy8wr1tqg235u5
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৭
104
59665
159986
158494
2022-07-29T17:04:16Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>তালিকাখন অলপ পাছত দিম। গৃহস্থৰ পিন্ধা-উৰা কাপোৰ-পোছাক আদি ৰক্ষণাবেক্ষণ কৰিছিল ৮ টকা দৰমহাত এজন হিন্দু চৰ্দাৰে। এওঁলোকৰ উপৰি কাম কৰা মানুহৰ ৰেজিমেণ্টটোত আছিল যোগালি, মশ্বালচী, ধোবা, ইস্ত্ৰিৱালা, দৰ্জী, আয়া, জমাদাৰ, পাংখা টানোতা, গুৱাল, ফেৰীৱালা, মুৰ্গীৱালা, ছাতুৱালা, ৮-১০ টা ঘোঁৰাৰ চহিছ, মালী, ভিস্তি, চকীদাৰ, দাৰোৱান, চাপ্ৰাচী ইত্যাদি। এওঁলোকৰ দৰমহা ৪ টকাৰ পৰা ৮ টকালৈ। জহকালি পানী ছটিয়াবলৈ আৰু পানী কঢ়িয়াবলৈ অতিৰিক্ত ১২-১৪ জন লগুৱাক নিযুক্তি দিছিল।
{{gap}}ভাৰতবাসীক শোষণ কৰি স্বৰ্গসুখ লভিলে চাহাবসকলে। সাধাৰণ ভাৰতবাসী গণতান্ত্ৰিক ভাৰততো শোষিত। শ্ৰেণী সংগ্ৰাম অবিহনে বৈষম্য নুগুচে।
{{gap}}তাহানিৰ ভাৰতৰ শাসক ইংৰাজসকলে কি আহাৰ খাইছিল তাৰ এখন তালিকা পাইছিলো উইলিয়াম ডালৰিমপ্লৰ The Last Mughal নামৰ গ্ৰন্থত। ইষ্ট ইণ্ডিয়াৰ সাধাৰণ চাকৰিয়ালসকল খাদ্যাভ্যাসত আছিল মোগল বাদশ্বাহৰ দৰে। হঠাতে চহকী হৈ ভেম প্ৰদৰ্শন কৰা ধুবুৰীৰ মানুহ এজনক দেখি বহু বছৰ আগতে ৰসিক আইনজীৱী ৰমনী ঘোষ কাকাবাবুই ব্যংগ কৰি কৈছিল— ‘চুট্কী বান্দীৰ পোলা (পুতেক) চুলতান শ্বাহ’। চাহাব কেইটাৰো একে অৱস্থা, যেনিবা চুলতানহে। ‘বান্দীৰ’ পুতেকহঁতৰ খোৱাৰ কি আড়ম্বৰ চাব! ১৯৪৭ চনত ভাৰত ত্যাগ কৰাৰ আগলৈকে হেনো
তেওঁলোকৰ গুৰু ভোজনৰ অভ্যাস আছিল।
{{gap}}১৯২৬ চনত খ্যাতনামা সাহিত্যিক Aldous Huxley (১৮৯৪-১৯৬৩) ভাৰতলৈ আহি ব্ৰিটিছসকলৰ পাকস্থলীৰ শক্তি দেখি বিচূৰ্তি খাই লিখিছে— ‘সমগ্ৰ ভাৰতত সাম্ৰাজ্যবাদী ব্ৰিটিছসকলে দিনটোত খায় পাঁচবাৰ — দুবাৰ প্ৰাতঃভোজন, দুপৰীয়াৰ আহাৰ, আবেলিৰ চাহ-জলপান আৰু ৰাতিৰ আহাৰ৷ ডাঙৰ ডাঙৰ চহৰবোৰত য'ত থিয়েটাৰ-নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয় তাত এই ৰুটিনখনত আন এবাৰৰ ভোজন যুক্ত কৰা হয়। আনহাতে ভাৰতীয়সকলে খায় দুসাঁজ, কেতিয়াবা এসাঁজো খোৱা নহয়। ফলত তেওঁলোকে হীনমন্যতাত ভোগে। ...ভাৰতীয়সকল আমাৰ পাকস্থলীৰ শক্তি দেখি মুগ্ধ হয়, অতিভোজনে আমাৰ সন্মান বঢ়ায়।'
{{gap}}বিট্ৰিছসকল বোধকৰো বকাসুৰৰ সমগোত্ৰীয়। ভাৰতত বাস কৰা ভিক্টোৰীয় যুগৰ কোনো ইংৰাজে ৰাজসিক খানা নাখাই দিনটো আৰম্ভ কৰা নাছিল। আমি জনাত ব্ৰিটিছসকলৰ ব্যঞ্জন সোৱাদহীন। ঊনৈশ শতিকাত ব্যৱসায় কৰিবলৈ অহা ব্ৰিটিছসকলে মোগলৰ সংস্পৰ্শলৈ আহি নিশ্চয় মোগলাই খানাৰ জুতি পাই নিজ দেশৰ ৰন্ধন<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৮৫'''}}</noinclude>
e0tj5qyu9ez9q05anzvgweon7801f6o
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৮
104
59666
159987
158495
2022-07-29T17:13:27Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পাহৰি গৈছিল।
{{gap}}তেওঁলোকৰ খাদ্যৰ তালিকাখনত চকুফুৰালে অবাক হ’ব লাগে। প্ৰাতঃভোজনত খাইছিল চপ্, ব্ৰেইন কাটলেট (কাৰ ব্ৰেইন গম নাপালো), বীফ ৰিজোল, ডেভিলড কিডনী, হাঁহৰ স্টু, আইৰিচ স্টু, পঠাৰ হেছেজ (এইটো বা কি?) আৰু বহুতো দাঁত ভগা দুৰ্বোধ্য খাদ্য। লগত পৰিবেশন কৰা ভাৰতীয় খাদ্য আছিল মিছামাছৰ দো পিঁয়াজা, মালাই চিকেন, বীফ হুছেইনী। দক্ষিণ ভাৰতীয় আৰু এ্যংলো ইণ্ডিয়ান খাদ্যৰ জুতিও লৈছিল মাজে মাজে। ৰাতিৰ আহাৰৰ ৰাহী মাংস সৰু সৰুকৈ কাটি আদা-জলকীয়াৰে ভাজি প্ৰাতঃভোজনৰ লগত পৰিবেশন কৰিছিল। বোধকৰো খাদ্যৰ পাহাৰ
একে বহাতে খাই শেষ কৰিব নোৱৰা বাবে দুবাৰ প্ৰাতঃভোজন কৰিছিল। বাবুৰ্চিসকলে সম্ভৱ ওৰে নিশা উজাগৰে থাকি বকাসুৰহঁতলৈ আহাৰ ৰান্ধিছিল। ইয়াৰ পাছত দুপৰীয়া, আবেলি আৰু ৰাতিৰ আহাৰ কোনটো পেটত যে ভৰাইছিল!
{{gap}}ফেনি পাৰ্কছৰ বহু বছৰ পাছতো আমি দেখিছো মেমহঁতে কূটা এগছো ইফাল সিফাল কৰা নাই। গতিকে মেমহঁতে কোনো কাম নকৰে এনে এটা দৃষ্টিভংগী আমাৰ মনত গঢ়ি উঠা আচৰিত নহয়। আটলাণ্টিকৰ সিপাৰে আমেৰিকাত প্ৰচলিত আছিল দাসপ্ৰথা। অৰ্থাৎ তেওঁলোকেও কুটা এডালো উঘালিবলগীয়া হোৱা নাছিল। মুঠতে ইউৰোপ-আমেৰিকাৰ মহিলা-পুৰুষে ভৰিৰ ওপৰত ভৰি তুলি খোৱাত অভ্যস্ত বুলি ভাবিছিলো। সেয়েহে প্ৰথম ইংলেণ্ড আৰু আমেৰিকা দৰ্শনৰ পাছত সম্পূৰ্ণ বিপৰীত ছবি এখন দেখি কম আচৰিত হোৱা নাছিলো। আনকি আমাৰ অসমীয়া মহিলাবোৰো
তালৈ গৈ দশভূজা হোৱা দেখিছো। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী কোনেও বহি নাথাকে। সপ্ৰতিভ আৰু সক্ৰিয় বয়সীয়া মানুহবোৰক দেখি গম পোৱা টান তেওঁলোকৰ প্ৰকৃত বয়স কিমান।
{{gap}}আমি মধ্যবিত্ত মহিলাসকলে নিজৰ ঘৰৰ ভিতৰখন সৰা-মোচা কৰিলেও ঘৰৰ আগফালে সাধাৰণতে বাঢ়নীতাৰ গৈ ওলাবলৈ সংকোচ বোধকৰো। সেয়েহে বিদেশত জয়হঁতৰ আগফালে থকা শিক্ষয়িত্ৰীগৰাকীৰ কাম-কাজ মুগ্ধ হৈ চাইছিলো। হাতত নানা আকাৰৰ বাঢ়নী লৈ তেওঁ কাম কৰে। আনকি ঘৰৰ আগফালে থকা ওখ গছবোৰৰ পৰা দীঘলীয়া বাঢ়নীৰে মকৰাৰ জাল, এলান্ধু ইত্যাদি গুচোৱা দেখিছো।
{{gap}}এই প্ৰসংগত মনত পৰিল মোৰ নুমলীয়া জা কৰবীৰ এগৰাকী জেঠীমালৈ। জেঠীমা সৰুৰে পৰা বিদেশত ডাঙৰ হৈ এগৰাকী কূটনীতিবিদৰ লগত বিয়াৰ পাছত বিদেশতে থাকি গৈছিল। স্বামীৰ অৱসৰৰ পাছত তেওঁলোক কলকাতাৰ টালীলঞ্জ<noinclude>{{rh|'''২৮৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
bx74qke06jrvpof0bwu2n1s182u4rt5
পৃষ্ঠা:অনিমা গুহ.pdf/২৮৯
104
59667
159988
158496
2022-07-29T17:15:35Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>অঞ্চললৈ আহে। জেঠীমা তেতিয়াৰ দিনতে পেণ্ট পিন্ধিছিল আৰু ঘৰ-দুৱাৰ নিজেই চাফা কৰিছিল। এদিন ঘৰৰ আগফালৰ আলিবাটটো চাফা কৰি থাকোতে সিফালৰ পৰা টেক্সী এখন আহিল। টেক্সীচালকে ‘মানুহজন’ক মিউনিচিপালিটিৰ ঝাড়ুদাৰ বুলি ভাবি কৈছিল— ‘অ’ দাদা, অলপ ৰাস্তা দিয়াচোন ওলাই যাওঁ”। জেঠীমাই তেওঁলৈ ঘূৰি চাই উত্তৰ দিছিল, ‘দাদা নহয়, দিদি'। টেক্সীচালকজনে ভূত দেখা যেন পালে। পুৰুষৰ দৰে চুলিকটা পেণ্ট পিন্ধা বাঙালী বুঢ়ী তেওঁ কেতিয়াও দেখা নাই। হাতত আকৌ দীঘল ঝাড়ু এডাল লৈ ৰাস্তা সাৰিছে। সাজ-পোছাক আৰু চেহেৰাত জমাদাৰণী
যেন লগা নাই। নিৰ্ঘাত ‘শাকচুন্নী’ (তিৰোতা ভূত) হ’ব লাগিব। কাষৰ গে'টখনেৰে মানুহগৰাকী সোমাই যোৱাৰ ফালে চাই চালক আকৌ এবাৰ চক্খাই উঠিল, যেতিয়া দেখিলে ঘাঁহনিত পাতি থোৱা চকী এখনত এজন বুঢ়াৰ কাষত বহিলেগৈ তেওঁ। আজিৰ যুগত হোৱা হ'লে চালকজন আচৰিত নহ'লহেঁতেন। যি কি নহওক, জেঠীমাই কিন্তু সম্পূৰ্ণ ঘটনাটো উপভোগ কৰিছিল। ইংলেণ্ডত মানুহ হৈ স্বামীৰ সৈতে আমেৰিকাত বাস কৰা মানুহগৰাকী কলকাতালৈ অহাৰ পাছতো ফুটপাথ আৰু নৰ্দমা চাফা কৰা কাম নিজেই কৰিছিল।
{{gap}}পশ্চিমৰ মানুহ বৰ পৰিশ্ৰমী। আনহাতে অৱসৰৰ সময়বোৰ বিনোদনৰ মাজেৰে কটায়। তাৰে মাজত ব্যায়াম কৰিবলৈ নাপাহৰে। দুচকীয়া চাইকেল চলাই ব্যায়াম কৰিবলৈ লুংলুঙীয়া বাটো আছে তাত। আমেৰিকানসকলৰ দৰে আমাৰ ল'ৰাৰ পৰিয়ালকো দেখিছো গাড়ীৰ পিছফালে বিশেষধৰণে নিৰ্মিত ষ্টেণ্ডত চাৰিখন চাইকেল লৈ ওলাই যোৱা। পাৰ্কিঙত গাড়ীখন ৰখাই চাইকেলত বাপেক-মাকৰ সৈতে ল’ৰা দুটাও লুংলুঙীয়া বাটেৰে চাইকেল চলাবলৈ যায়। আমি থাকিলে আমাকো লৈ যায় সেই বাটেৰে খোজ কাঢ়িবলৈ। কেতিয়াবা দেখিব গাড়ীৰ ওপৰত নাও বান্ধি লৈ
সপৰিয়ালে মানুহবোৰ গৈ আছে সৰোবৰলৈ। মুঠতে পৰিশ্ৰম আৰু বিনোদনৰ মাজত এটা সমন্বয় ৰক্ষা কৰি চলে তেওঁলোকে। তেওঁলোকৰ নিয়মানুৱৰ্তীতাও প্ৰশংসনীয়। নৈৰ সোঁতৰ দৰে গাড়ীবোৰ একেটা গতিতে গৈ থাকে, কাকো ঠেলি-হেঁচি আগলৈ যোৱাৰ নিয়ম নাই। একো একোটা লেইনত একো একোটা গতিত গাড়ী চলে। গতি সলাব খুজিলে বেলেগ লেইনলৈ যাব লাগে। তাত কিছুদিন থাকি নিয়মানুৱৰ্তীতাত অভ্যস্ত চকুবোৰে গুৱাহাটীৰ বাটত উন্মাদৰ দৰে গাড়ী চলোৱা দেখিলে বৰ অশান্তিবোধ কৰে। অৱশ্যে দুদিনমানৰ বাবেহে।
{{gap}}মাৰ্কিন যুক্তৰাষ্ট্ৰত অধিকাংশ মানুহে সাঁতুৰিব জানে, নাও বাব জানে, পাহাৰ বগাব<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৮৭'''}}</noinclude>
7qdkj92p4ldv4r0ez416fh6qf0esf8g
পৃষ্ঠা:অনিমা গুহ.pdf/২৯০
104
59668
159991
158602
2022-07-29T17:21:26Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>জানে আৰু গাড়ী চলাবলৈ শিকে। ওঠৰ বছৰ পোৱাৰ লগে লগে লাইছেন্স পাই যায়। প্ৰয়োজন মতে ৰান্ধিবলৈও শিকে। মুঠতে প্ৰতিজন মানুহকে নিজৰ ওপৰত নিৰ্ভৰশীল কৰি গঢ়ি তোলা হয়। সকলো কামৰ সমমৰ্যাদা বুলি জানি অলপ অবাক হৈছিলো। কোনেও কাকো যেনেকৈ অযথা সন্মান প্ৰদৰ্শন নকৰে তেনেকৈ কোনেও কাকো অসন্মানো নকৰে। বৰ আমোদ পাইছিলো শুনি যে তাত যিকোনো ব্যক্তিক তেওঁলোকে নাম কাঢ়ি মাতে। ড° সঞ্জীৱ বৰুৱাই কৈছিল আমেৰিকাত তেওঁৰ গৱেষণাৰ গাইডজনক তেওঁ ‘ছাৰ' বুলি সম্বোধন কৰাত গাইডে হেনো কৈছিল, ‘মোক আকৌ ছাৰ বুলিছা
কিয়? মইতো কোনোদিনে নাইট উপাধি পোৱা নাছিলো!’ সৰুৱে ডাঙৰক নাম কাঢ়ি মতা নিয়মটো কিন্তু মোৰ মুঠেও ভাল লগা নাছিল।
{{gap}}আমেৰিকাৰ বিষয়ে লিখি থাকিলে শেষ নহ’ব। আৰু দুটামান বিষয় উত্থাপন কৰি অন্য প্ৰসংগলৈ যাম।
'''৯১১ নম্বৰৰ মাহাত্ম্য :''' আজিকালি আমাৰ ইয়াত ১০৮ নম্বৰ স্বাস্থ্যসেৱা চালু হোৱা বাবে বিপদ-আপদত ৰোগীক হাস্পতাললৈ স্থানান্তৰিত কৰা সহজ হৈছে। পিছে এই সেৱাৰপৰা আমি বঞ্চিত হৈছিলো প্ৰথম চেষ্টা কৰাৰ দিনাই। ১০৮ নম্বৰে উত্তৰ দিছিল তেওঁলোকে সেৱা আগবঢ়ায় চৰকাৰী হাস্পতাললৈ যোৱা ৰোগীসকললৈহে। এদিন ১০৮ মৃত্যুঞ্জয়ক প্ৰাইভেট হাস্পতালৰ চৌহদত দেখা বুলি কোৱাত ফোনৰ সিপাৰৰ মানুহজনে গাড়ী থাকিলেহে নিব বুলি কৈছিল। সেই আশা ত্যাগ কৰিছিলো। আমাৰ মন্ত্ৰী-আমোলাসকলে পানী লাগিলেও অসমৰ বাহিৰলৈ যায় চিকিৎসা কৰিবলৈ।
এনে অৱস্থাত চৰকাৰে কেনেকৈ আশা কৰে যে ১০৮ ৰ সেৱা পাবলৈ হ'লে চৰকাৰী হাস্পতাললৈহে যাব লাগিব। চৰকাৰী হাস্পতাল আছেনো কেইখন? প্ৰাইভেট হাস্পতাললৈ নগৈ উপায় নাই।
{{gap}}আমেৰিকাৰ ৯১১ নম্বৰলৈ আহো। ই সমগ্ৰ আমেৰিকাৰ বিপদৰ বন্ধু আৰু উদ্ধাৰকাৰী। নম্বৰটোত বাৰ্তা গ্ৰহণ কৰিবলৈ বহি থাকে এদল ত্ৰাণকৰ্তা। ফোনত বাতৰি পোৱাৰ পাঁচ মিনিটৰ ভিতৰত সকলো ধৰণৰ সাহায্য যে আগবঢ়োৱা হয় তাক নিজ চকুৰে দেখিছিলো। ঠিকনা জনাবৰ প্ৰয়োজন নাই। সহায়প্ৰাৰ্থীৰ নাম-ঠিকনা তেওঁলোকৰ সন্মুখৰ ব’ৰ্ডত জিলিকি উঠে। শুনি অবাক হৈছিলো যদিও তথ্য-প্ৰযুক্তিৰ কল্পনাতীত উন্নতিৰ যুগত আজি আৰু আচৰিত নহওঁ। ম'বাইল ফোন আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা মানুহে হাতৰ মুঠিত বিশ্বখনক পাইছে। কথাত কথা বাঢ়ে। GPS<noinclude>{{rh|'''২৮৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
4yvixli6hgimu7mlomu5g8jxfq1f19s
পৃষ্ঠা:অনিমা গুহ.pdf/২৯১
104
59669
159992
158603
2022-07-29T17:23:47Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>(Global Positioning System) ৰ প্ৰচলন বৰ্তমানে কিছু পুৰণি হ’ল যদিও আমেৰিকাত প্ৰথম দেখি ভাবিছিলো বিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰসমূহ চাবলৈ ভাগ্যে জীয়াই আছিলো। এই ব্যৱস্থাটোৱে গাড়ীচালকক সম্পূৰ্ণ পথছোৱাত এটা নিৰ্দেশ দি থাকে সোঁৱে যাব নে বাঁৱে যাব। ক’ত টাৰ্ন ল'ব ইত্যাদি। মই ইয়াৰ নাম দিছিলো দৈৱবাণী। দৈৱবাণীৰ নিৰ্দেশমতে লক্ষ্যস্থান পায়গৈ।
{{gap}}বৰ্তমানে ঘৰে ঘৰে প্ৰৱেশ কৰা আন এটা বস্তু দেখিলো ফেচ বুক। আজিকালি ছাত্ৰ-ছাত্ৰী থকা প্ৰায় ঘৰতে আছে কম্পিউটাৰ আৰু ইণ্টাৰনেট। অৱস্থাপন্ন ঘৰৰ এটা-দুটা সন্তানৰ চাকৰি নকৰা মাকবোৰৰ দিনটোত অফুৰন্ত সময়। আমাৰ পৰিয়ালৰে ভতিজী, ভাগিনীহঁতক দেখো সময় কটায় ফেচ বুক মেলি লৈ৷ ইমান নিচা যে গেছত বহাই দিয়া আঞ্জা পুৰি ছাই হয়, সিফালে গৃহিণী ব্যস্ত ফেচ বুকত। পৃথিৱীখন প্ৰকৃতাৰ্থতে হাতৰ মুঠিত সোমাল।
{{gap}}যাওক বাৰু এইবোৰ কথা। ৯১১ নম্বৰটোলৈ উভতি যাওঁ। ১৯৯৮ চন। সৰুটো নাতি দুবছৰীয়া। এদিন হঠাতে কাহিলী পুৱাবেলা জ্বৰ বাঢ়ি সি মূৰ্ছা গ'ল। জয়ে ডায়েল কৰিলে ৯১১ ক। মুহূৰ্তৰ ভিতৰত পদূলিমুখত থিয় দিলেহি এখন গাড়ী। তাৰপৰা ছফুটতকৈও ওখ মেদহীন দুজন সুপুৰুষ নামি আহিছিল। তেওঁলোকৰ কঁকালত পিস্তল দেখি ভাবিছিলো আমেৰিকাৰ ডাক্তৰবোৰ দেখাত সুপুৰুষেই নহয়, আগ্নেয়াস্ত্ৰও লৈ ফুৰে। পিছে তেওঁলোক পুলিচ। তেওঁলোকৰ পিছে পিছে আহিছিল ডাক্তৰী সা-সৰঞ্জাম, অক্সিজেন চিলিণ্ডাৰ আৰু এম্বুলেন্স এখনৰে সৈতে দহ-বাৰজনীয়া এটা
পেৰা-মেডিকেল টীম। শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত তেওঁলোকে এখন চিকিৎসালয়ত ফোন কৰি ৰোগীক ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল। নাতি সুস্থ হৈ অহাৰ পাছতো হাস্পতাল কৰ্তৃপক্ষই ফোন কৰি তাৰ খা-খবৰ কৰিছিল। দেশখনত জনসংখ্যা কমবাবেই বোধকৰো মানুহৰ ইমান মূল্য।
{{gap}}আন এদিনৰ কথা। দুপৰীয়াৰ নিস্তব্ধতা ভেদ কৰি বিকট আৱাজ এটা কাণত পৰিল। ভাবিছিলো আনটো কোঠাত শব্দ কৰা কিবা খেলনা লৈ ডাঙৰটো নাতিয়ে খেলি আছে। পিছে সি ভয়তে কান্দি কান্দি আহি ক’লে ফায়াৰ এলাৰ্ম বাজিছে অৰ্থাৎ ঘৰত জুই লাগিছে। ধোঁৱাৰ গোন্ধ পালে ফায়াৰ এলাৰ্ম সজাগ হয়। সি ভয় খাই মোৰ কোলাত উঠি ক’লে ৯১১ ক ফোন কৰিবলৈ। দেউতাক-মাক ঘৰত নাই, পাঁচ বছৰীয়া ল'ৰাটোৰ কথাত কৰিলো ডায়েল ৯১১। এফালে বিকট শব্দ আনফালে দুয়োটা নাতিৰ ভয়াৰ্ত কান্দোন। এনেতে সশব্দে আহি উপস্থিত হ’ল বিৰাট আকাৰৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৮৯'''}}</noinclude>
q636gredtztprtr4ltu1syg1qtba5si
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৩
104
59670
159997
158604
2022-07-29T18:01:33Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কেইবাখনো ফায়াৰ ব্ৰিগেডৰ গাড়ী। তাৰ পৰা জাঁপ মাৰি নামিল হালধীয়া ৰঙৰ ফায়াৰ প্ৰুফ পোছাক পিন্ধা অগ্নিনিৰ্বাপক বাহিনী। সিহঁতৰ ক্ষিপ্ৰ গতি দেখি ধাৰণা হ’ল অলিম্পিকৰ দৌৰবিদসকলে ইয়াত নিযুক্তি পাইছে। ঘৰৰ বেছমেণ্টৰ পৰা ওপৰ মহলালৈ অহা-যোৱা কৰি তেওঁলোকে ক’লৈ এলাৰ্মৰ বেটাৰী ডাউন হোৱা বাবে এলাৰ্মটো গৰ্জনমুখৰ হৈছে।
{{gap}}বেটাৰীৰ আয়ুস কমাটো আমাৰ দোষ। গতিকে তেওঁলোকক মাতি আনি কষ্ট দিয়া বাবে লাজতে মৰি যোৱা যেন লাগিল। অসমীয়া উচ্চাৰণেৰে ইংৰাজীত ক’লো যে মই ইণ্ডিয়াৰ পৰা আহিছো ইয়াৰ ৰীতি-নীতিৰ বিষয়ে অৱগত নহওঁ। নাতিয়ে কোৱা বাবেহে তেওঁলোকক অযথা মাতি কষ্ট দিলো ইত্যাদি ইত্যাদি ইনাই বিনাই এসোপা কিবাকিবি ক'লো। মোৰ ধাৰণা আছিল তেওঁলোকক কিবা এটা মাচুল দিব লাগে আৰু বিনাকাৰণত মাতিলে জৰিমনা ভৰিব লাগে। পিছে মোক আচৰিত কৰি দলপতিয়ে ক’লৈ সকলো ফ্ৰী। বৰঞ্চ পাঁচবছৰীয়া ল’ৰা এটাৰ সজাগতা দেখি তেওঁলোক মুগ্ধ। যাবৰ সময়ত আমাক বাই বাই কৰি কৈ গ'ল have a good day। আমেৰিকাৰ মানুহ ব্ৰিটিছৰ দৰে গোমোঠামুখীয়া নহয়। বাটে-ঘাটে অচিনাকি মানুহক দেখিলেও হাই হাই কৈ সম্ভাষণ যাচে। নাতিহঁতক লৈ যোৱা স্কুল বাছৰ চালকজনে মোক দেখা পালে এমোকোৰা হাঁহিৰে কয়— হাই গেম্মা (গ্ৰেণ্ড মাদাৰ)! তিনি বছৰ পাছত মোক আকৌ দেখা পাই তেওঁ বৰ স্ফূৰ্তি পোৱা যেন লাগিল, যেন বহুদিনৰ মূৰত গেম্মাকক লগ পালে।
{{gap}}দুই নাতি ঋষভ আৰু অনুভৱক স্কুল ছুটীৰ পাছত ঘৰতে সংগ দিবলৈ পঞ্চল্লিশ বছৰীয়া লিণ্ডা নামৰ শ্বেতাংগিনী এগৰাকী আহিছিল। তেওঁৰো মই আছিলো গেম্মা আৰু গৃহস্থ গেন্পা। তেৱোঁ বৰ কথকী। মাক-দেউতাক ইটালীয়মূলৰ আৰু বিচ্ছেদিত স্বামী জাৰ্মানমূলৰ। ঊনৈশ বছৰ বয়সতে বিয়া কৰাই ছোৱালী এজনীৰ জন্মৰ কেইবছৰমান পাছত বিয়াখন ভাগে। লিণ্ডাই আকৌ বিয়া কৰোৱা নাই যদিও এজন অন্তৰংগ বন্ধু আছে। চিনাকি হোৱাৰ দুই-তিনি দিনৰ ভিতৰতে হিয়া উজাৰি কথা পাতিছিল। ব্ৰিটিছৰ যুগত ভাৰতত বগী মেমৰ বিষয়ে কৰা ধাৰণাবোৰ লিণ্ডাৰে কথা পাতোতে মনত উক্ দি উঠিছিল। ভাৰতত বগীমেমৰ ল'ৰা-ছোৱালীক ভাৰতীয় আয়াই চোৱা-চিতা কৰা দেখিছো। ষাঠি বছৰ পাছত নিজৰ ঘৰতে ওলোটা চিত্ৰ এখন দেখিলো। তেওঁলোকক অৱশ্যে ‘আয়া’ নহয় বেবী-ছিটাৰ বুলিহে কয়। সু-সজ্জিতা লিণ্ডা গাড়ী চলাই আহি যেতিয়া নামে তেতিয়া কোনে ক’ব তেওঁ বেবী-ছিটাৰ। শ্ৰমৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৯১'''}}</noinclude>
gnyijmwbt8581hl300e4wmxjhge4q98
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৪
104
59671
159998
158609
2022-07-29T18:04:31Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মর্যাদাক এইখন দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। সৰু-বৰ যিকোনো কাম কৰিবলৈ এওঁলোকে সংকোচবোধ নকৰে।
{{gap}}প্রাপ্তবয়স্ক অনেক ছাত্র-ছাত্ৰীয়ে বেবী ছিটিং কৰি, মানুহৰ ঘৰ-দুৱাৰ চাফা কৰি, কাপোৰ ধুই, ৰাতিপুৱা ঘৰে ঘৰে বাতৰি কাকত বিলাই, ঘাঁহনিৰ ঘাঁহ কাটি পইচা আর্জে। অৱশ্যে ঘৰ চাফা কৰে যন্ত্ৰৰ সহায়ত আৰু কাপোৰ ধোৱা-শুকোৱাও কৰে যন্ত্ৰেৰে। সপ্তাহত এদিন আমাৰ ল'ৰাৰ ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি যায় এগৰাকী মহিলাৰ নেতৃত্বত তিনিজনী ছোৱালীয়ে। আহে নিজৰ গাড়ীত। দুঘণ্টা কাম কৰি নব্বৈ ডলাৰ পাৰিশ্ৰমিক লৈ যায়। বাকীকেইদিন তেওঁলোকে নিজেই চাফা কৰে। ধূলি-মাকতি কম বাবে আমাৰ ইয়াৰ দৰে ঘৰ-দুৱাৰ লেতেৰাও নহয়।
{{gap}}৯১১ৰ কথা উলিয়াই বেলেগ প্ৰসংগলৈ গ'লো। আমেৰিকাৰ উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিমলৈ প্ৰতিজন নাগৰিকে ৯১১ ৰ সেৱা পায় মুহূৰ্তৰ ভিতৰত।
{{center|'''{{X-larger|চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত}}'''}}
{{gap}}স্বীকাৰ কৰো চিকিৎসকসকলেও চিকিৎসা কৰে জীৱননিৰ্বাহ কৰিবলৈ। এইটো তেওঁলোকৰ পেচা। কিন্তু অন্য পেচাৰ লগত ইয়াৰ এটা নীতিগত পার্থক্য আছে, যিটো কাৰণে আমাৰ ধাৰণা চিকিৎসা সেৱাক শ্ৰেষ্ঠ পেচা বুলি ভবা হয়। চিকিৎসকক আমি ভগৱান বুলি নাভাবো নে? মানৱদৰদী হোৱাটো চিকিৎসকৰ এটা শ্ৰেষ্ঠ গুণ। জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে তেওঁলোকে যে ব্যাধিগ্রস্তজনৰ চিকিৎসা কৰে তাৰ এটা শ্রেষ্ঠ নিদর্শন দেখিছিলো আমাৰ সম্পৰ্কীয় চাপৰবাসী ননী পেহীৰ ক্ষেত্ৰত।
{{gap}}পেহীৰ পুতেক ড° প্রশান্ত কলিতা আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ত এগ্রিকালচাৰেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। এবাৰ দুজন সংগীৰে সৈতে পেহী ওলাইছিল পুতেকৰ ঘৰলৈ। যাবৰ সময়ত হলেণ্ডৰ আমষ্টাডাম বিমানকোঠত বিমান সলাবলগীয়া হৈছিল তেওঁলোকে। হঠাতে পেহী অসুস্থ হোৱাত বিমানকোঠৰ ডাক্তৰে পৰীক্ষা কৰি তেওঁক হাস্পতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে। বিমান কোম্পানীয়ে হাস্পতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত সুমুৱাই দিলে যদিও বাকী দুজনৰ ভৰিৰ তলত মাটি নোহোৱা অৱস্থা। হলেণ্ডৰ ভিছা আদি কৰি প্ৰশান্ত আমষ্টাৰডাম পায় মানে দুটা দিন পাৰ হ'ল।
{{gap}}বিদেশত চিকিৎসা কৰোৱা ব্যয়বহুল। বীমা নাথাকিলে সর্বনাশ। কিন্তু পেহীৰ<noinclude>{{rh|'''২৯২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
clcqnpkrlzpsitge5cotcjem0y1t9b8
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৫
104
59672
159999
158610
2022-07-29T18:10:34Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>চিকিৎসাত ত্ৰুটি নহ'ল। ভৰ্তি কৰিবৰ আগত আগধন নিবিচাৰিলে। চিকিৎসকসকলৰ প্ৰধান কৰ্তব্য ৰোগীৰ চিকিৎসা, টকা-পইচাৰ লেনদেন পাছত। ৰোগী কোন দেশৰ, কোন ধৰ্মাৱলম্বী, কোন ভাষা-ভাষী, ধনী নে দুখীয়া, শ্বেতাংগ-পীতাংগ নে কৃষ্ণাংগ একো বিচাৰ নকৰিলে চিকিৎসা দানৰ ক্ষেত্ৰত। মহাবিপদৰ মাজতো আমষ্টাৰডামৰ চিকিৎসালয়ৰ অকল্পনীয় সু-ব্যৱস্থা দেখি সকাহ পালে ঘৰৰ মানুহে। নাৰ্ছসকলৰ ব্যৱহাৰ, সেৱা-শুশ্ৰূষাৰ ধৰণ-ধাৰণ দেখি প্ৰশান্তৰ হেনো ফ্লোৰেন্স নাইটিংগেললৈ মনত পৰিছিল। ননী পেহীৰ কোঠাত ওলোমাই থোৱা হৈছিল তেওঁৰ স্বামী-পুত্ৰ-কন্যা আৰু আপোনজনৰ ছবি, যাতে তেওঁ অকলশৰীয়াবোধ নকৰে।
{{gap}}চাৰিওপিনে সু-ব্যৱস্থা আছিল যদিও স্বাস্থ্য বীমা নথকা বাবে প্ৰশান্তই খৰচৰ চিন্তা কৰিবলগীয়া হ’ল। ছুটীৰ কথাও ভাবিবলগীয়া হ’ল। তিনিখন মহাদেশ জড়িত পেহীৰ বেমাৰৰ লগত। ৰোগী এছিয়াৰ, চিকিৎসা ইউৰোপত আৰু চিকিৎসাৰ দায়িত্ব আমেৰিকাবাসী চাকৰিয়ালৰ। ঘোৰ সমস্যা। মহা বিপদ।
{{gap}}ছুটীৰ ফালৰ পৰা প্ৰশান্ত নিশ্চিন্ত হ’ল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাকৰ চিকিৎসাক প্ৰাধান্য দি দীঘলীয়া ছুটী মঞ্জুৰ কৰিলে। হাস্পতাল কৰ্তৃপক্ষই চিকিৎসাৰ খৰচ এতিয়া নিদিলেও চিকিৎসাৰ ত্ৰুটি নহ'ব বুলি কৈ প্ৰশান্তক সকাহ দিলে। ইতিমধ্যে জানিব পৰা গ'ল দক্ষিণ আফ্ৰিকা নাইবা দক্ষিণ আমেৰিকাৰ এবিধ বিৰল ভাইৰাছৰৰ দ্বাৰা পেহী বিমান যাত্ৰাত আক্ৰান্ত হৈছিল। ইচ্ছা কৰা হ'লে প্ৰশান্তই বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিব পাৰিলেহেঁতেন। পাছত শুনিছো এইটো বিমান কোম্পানী আৰু আন দুটামান বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিছে কেইগৰাকীমান ৰোগাক্ৰান্ত আৰু মৃত পৰিয়ালৰ মানুহে। আচলতে আমি এইবোৰ বিষয়ত কেঁচা। জনা হ’লে ভুল ছাৰ্জাৰী কৰি মোক দুবছৰৰ বাবে শয্যাগত কৰি ৰখা কলকাতাৰ ছাৰ্জনৰ বিৰুদ্ধে আদালতলৈ যাব পাৰিলোহেঁতেন। কেতিয়াবা জানিলেও আমি এলাহতে বা আন কিবা কাৰণে মনৰ জোৰ হেৰুৱাওঁ।
{{gap}}গুৱাহাটীৰ জোঁৱাই এজনৰ লগত পুনেত আমাৰ ঘনিষ্ঠতা আছিল। শুনিছিলো পুনেৰ বিখ্যাত নাৰ্ছিং হোম এখনত অস্ত্ৰোপচাৰ কৰিও তেওঁৰ পেটৰ ৰোগটো ভালতো নহ'লেই বৰঞ্চ পেটৰ বিষ বাঢ়িবলৈহে ধৰিছিল। ছাৰ্জনৰ ওচৰলৈ গ'লে তেওঁ ধমকি মাৰি কয় যে ৰোগীৰ মানসিক ব্যাধি হৈছে। অৱশেষত বন্ধু-বান্ধৱৰ পৰামৰ্শ মতে এজন বন্ধুৰ লগত কলকাতালৈ ৰাওনা হ’ল। কলকাতা আহি পোৱাৰ কিছু আগৰেপৰা মানুহজনৰ বিষ ইমানে বাঢ়িল যে হাওড়া ষ্টেচনৰপৰা তেওঁক পোনে পোনে কাষৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৯৩'''}}</noinclude>
28r9jm7noq470i4dh6fl8izxw7ry4xz
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৬
104
59673
160000
158634
2022-07-29T18:15:37Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হাস্পতাল এখনলৈ লৈ যোৱা হ'ল। ইমাৰ্জেন্সি বিভাগৰ চিকিৎসকে ৰোগীৰ কটা ঠাইডোখৰ চায়ে তুৰন্তে ওলাই গৈ মুহূৰ্তৰ ভিতৰত চাৰিটা পাহুৱাল ৱাৰ্ড বয়ক লৈ আহিল। ৰোগী হতবাক। পাহুৱাল চাৰিজনে ৰোগীক আক্ৰমণ কৰা দি তেওঁৰ হাত-ভৰি চাৰিখন হেঁচা মাৰি ধৰিলে। ৰোগীৰ ধাৰণা হৈছিল ইহঁত চাৰিটা যমৰজাৰ দূত। তেওঁক নিবলৈ আহিছে। তেনে অৱস্থাত ডাক্তৰ এজনে কটা ঠাইডোখৰৰ পৰা টান মাৰি কিবা এটা উলিয়ালে। তাকে কৰোতে ৰোগীয়ে ইমান দুখ পাইছিল যে সেই দুখৰ প্ৰাবল্য ভাষাৰে প্ৰকাশ কৰা টান।
{{gap}}পাছত জনা গ'ল পুনেৰ নাৰ্ছিং হোমৰ ছাৰ্জনে ৰোগীৰ পেটটো চিলাই কৰোতে দীঘলীয়া গজ এডাল পেটৰ ভিতৰতে থৈ দিছিল। কলকাতাৰ ডাক্তৰে তেওঁৰ কটা ঘাটো চাওঁতে চিলাই ফাটি গজৰ এটা অংশ ওলাই অহা দেখা পাই উপলদ্ধি কৰিলে যে ৰোগীক অ’টিলৈ লৈ গৈ এনাছথেছিয়া দিয়ে মানে কলিজা বন্ধ হৈ যাব পাৰে। আনহাতে স্বাভাৱিক অৱস্থাত গজডাল উলিয়ালে ৰোগীয়ে অসহ্য যন্ত্ৰণা পাব। মুহূৰ্ততে ইমাৰ্জেন্সিৰ চিকিৎসকজনে হেঁচি ধৰি গজডাল টানি উলিওৱাৰ সিদ্ধান্ত লৈছিল। জোঁৱাইক পাছত বহুতে পৰামৰ্শ দিছিল পুনেৰ ছাৰ্জনজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ, পিছে ধৰ্মভীৰু মানুহজন কোনোমতেই মান্তি নহ’ল। জীৱনটো যে ঘূৰাই পালে ইয়ে পৰম সৌভাগ্য বুলি ভাবে তেওঁ।
{{gap}}প্ৰশান্তয়ো ভাবে ছুটী পাইছে, আগধন নিদিয়াকৈ সু-চিকিৎসা পাইছে আৰু কিবা লাগেনে? এতিয়া মাক সুস্থ হ’লেই হয়। পিছে তেওঁ সুস্থ হৈ নুঠিল। পেহী এনেয়ে আছিল দুৰ্বল, তাতে আক্ৰান্ত হ’ল বিদেশী ভাইৰাছৰ দ্বাৰা। অৱশেষত তিনি মাহৰ মূৰত তেওঁক ঘৰলৈ ওভোতাই অনাৰ দিহা কৰিলে। দিল্লীলৈকে ৰোগীৰ লগত আহিল দুগৰাকী হলেণ্ডৰ ডাক্তৰ।
{{gap}}নিজৰ দেশত নামি দেখিলে আগতীয়াকৈ ব্যৱস্থা কৰা সত্ত্বেও এম্বুলেন্স আহি পোৱা নাই। বিমান বন্দৰতে কটালে মুমূৰ্ষু ৰোগীজনে দুঘণ্টা। এটা সপ্তাহ দিল্লীৰ হাস্পতালত থকাৰ পাছত উৰুৱাই অনা হ'ল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা এম্বুলেন্সৰে চাপৰলৈ, পিছদিনা নিজাঘৰত পেহীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে।
{{gap}}মানুহে কোৱা-কুই কৰিলে প্ৰশান্ত ভিকহু হ’ল। কোনোবাই ক’লে আমেৰিকাৰ ঘৰ-দুৱাৰ বেচিলে। মানুহৰ দোষ নাই। আমাৰ ইয়াত হ’লেও দীঘলীয়া চিকিৎসা বাবদ কেইবা লাখ লাগিলহেঁতেন। প্ৰশান্তই পাছত কৈছিল ভিকহুও হোৱা নাই, ঘৰো বেচা নাই। ধাৰো কৰা নাই। মাকক বচাব নোৱাৰিলেও হলেণ্ডৰ হাস্পতালৰ ডাক্তৰ,<noinclude>{{rh|'''২৯৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
i5vhlk3xxvh1n6if9kukexccf760rtw
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৭
104
59674
160001
158608
2022-07-29T18:27:24Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নাৰ্ছ আৰু অন্যান্যসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ কৈছিল— ‘মানুহ যে ইমান সুসভ্য হ'ব পাৰে, ইমান উচ্চস্তৰৰ মানৱ হ'ব পাৰে, সেৱাপৰায়ণ হ’ব পাৰে নিজৰ অভিজ্ঞতা নহ'লে হয়তো বিশ্বাস নকৰিলোহেঁতেন’। দিল্লীলৈ লগত অহা ডাক্তৰ দুজনে অহা-যোৱা আৰু এৰাতি থকা খৰচৰ বাহিৰে আন একো নিয়া নাছিল।
{{gap}}হাস্পতালৰ বিল হৈছিল বিৰাট অংকৰ। হাস্পতাল কৰ্তৃপক্ষই প্ৰশান্তৰ প্ৰতি সহানুভূতিশীল হৈ তেওঁলোকৰ প্ৰাপ্য ধন অতি সামান্য — almost zero percent- সুতত ধীৰে ধীৰে পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে।
{{gap}}বিশ্বৰ আগশাৰীৰ দেশবোৰ অৰ্থনৈতিক দিশৰ পৰাই নহয় মানৱতাৰ ফালৰ পৰাও চহকী। প্ৰশান্তই কৈছিল— ‘জীৱনত যদি মই কিবা সঞ্চয় কৰিব পাৰো তেন্তে সেই সঞ্চয়ৰ ধন আমষ্টাডামৰ হাস্পাতালখনত দান দি যাম'।
{{gap}}বিশ্ববিদ্যালয়ৰ প্ৰতিও তেওঁ কৃতজ্ঞ আৰু শ্ৰদ্ধাশীল। এটা পাই পইচা দৰমহা নকটাকৈ দুমাহৰ ছুটী দিছিল। শুনি মনত পৰিছিল পঞ্চাশৰ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্ত ভূপেন হাজৰিকালৈ। ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ৰাছিয়াত অনুষ্ঠিত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল তেওঁ। তেতিয়াৰ দিনত বিমান সেৱা আজিৰ দৰে উন্নত নাছিল। আহি পাওঁতে তিনি দিন পলম হোৱা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁৰ তিনি দিনৰ দৰমহা কৰ্তন কৰাত অপমানিত ভূপেন হাজৰিকাই আৰ্থিক অৱস্থা সচ্ছল নোহোৱা সত্ত্বেও চাকৰিত ইস্তাফা দি কলকাতালৈ যোৱাৰ কথা আজি সকলোৱে জানে।
{{gap}}ডাঃ অশ্বিনী চৌধুৰী নামৰ আমেৰিকাবাসী অসমীয়া ডাক্তৰ এগৰাকীয়ে কৈছিল কোনো ৰোগী হাস্পতাললৈ আহিলে তেওঁ কোন দেশৰ, পইচা দিব পাৰিব নে নাই অনুসন্ধান কৰা নহয়। তেওঁৰ একমাত্ৰ চিনাকি তেওঁ এজন চিকিৎসা বিচাৰি অহা ৰোগী। মেক্সিকোৰ সীমা পাৰ হৈ বহু দৰিদ্ৰ মেক্সিকান হেনো আমেৰিকাৰ হাস্পতালৰ সন্মুখত পৰি থাকে চিকিৎসাৰ আশাত।
{{gap}}আমেৰিকাৰ কলেজ এখনত পাঠৰত এজন কলকতীয়া ছাত্ৰৰ মাক এবাৰ পুতেকক লগ পাবলৈ তালৈ গৈছিল, নাজানো কিয়, স্বাস্থ্য বীমা নকৰোৱাকৈ। হঠাতে মাক অসুস্থ হ’ল। দুয়োৰে মূৰত বজ্ৰাঘাত। ছাত্ৰ এজনৰ পক্ষে সেইখন দেশৰ ব্যয়বহুলচিকিৎসা কৰোৱা অসম্ভৱ। গতিকে মাকক হাস্পতালত নমাই দি তেওঁ গুচি আহিল। কলকাতাৰ ঠিকনা দি মাক ভৰ্তি হ’ল। পুতেকজনে আলেঙে আলেঙে থাকি মাকক চাইছিল। অৱশেষত কলকাতাৰ ঠিকনালৈ গ'ল বিৰাট অংকৰ হৃদপিণ্ড স্তব্ধকাৰী বিল<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /''' ২৯৫'''}}</noinclude>
66lo6qaw8tsrh3qclszegyq2yihp6gh
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৮
104
59675
160002
158633
2022-07-29T18:30:07Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>এখন। কাহিনীটো কৈছিল ছাত্ৰজনৰ পত্নীয়ে। চাকৰি পোৱাৰ পাছত তেওঁ অলপ অলপকৈ ধাৰ মাৰিছিল। কিছুমানে একো নিদিয়াকৈ মনে মনে থাকে।
{{gap}}আমাৰ ধাৰণা চহকী দেশৰ মানুহ নিৰ্দয় হয়, বিশেষকৈ তৃতীয় বিশ্বৰ মানুহৰ প্ৰতি। অভিজ্ঞতাৰ ভিত্তিত কওঁ কথাষাৰ সত্য নহয়। এবাৰ দাঁতৰ বিষত দন্ত চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হৈছিলো। ভাৰতত বীমা কৰাই নিলেও দাঁত আৰু চকুৰ চিকিৎসা বীমাৰ অন্তৰ্ভুক্ত নহয়। মোৰ বীমা নাই বুলি শুনি ডাক্তৰৰ বোধকৰো পুতৌ হ’ল। অচিনাকি মানুহজনে মোৰ পৰা তেওঁৰ প্ৰাপ্য টকা অলপ কমকৈ লৈছিল। আনকি দৰব দোকানীয়েও মোৰ মুখলৈ চাই জ্যেষ্ঠ নাগৰিক যেন পাই দৰৱৰ দামো কমাই ললে। দুয়োৰে প্রতি কৃতজ্ঞতাত মোৰ চকু সেমেকি উঠিছিল।
{{gap}}প্রশান্ত কলিতাই কৈছিল, ‘চহকী দেশৰ মানুহৰ মনবোৰো চহকী। দয়ালু, কর্তব্যপৰায়ণ, মানৱৰদী, সহানুভূতিশীল আদি শব্দবোৰৰ অৰ্থ কি ঘোৰ বিপদত বুজি পালো’।
{{Center|{{larger|'''অন্তৰত খুন্দা মৰা কথাৰে'''}}}}
{{gap}}নিজকে মই যুক্তিবাদী বুলিয়ে ভাবো। সেয়েহে অন্তৰত খুন্দা মাৰি যোৱা ঘটনাই মোৰ মনক দীর্ঘ সময় ধৰি যন্ত্রণাকাতৰ কৰি ৰাখিব নোৱাৰে। আবেগৰ ঢৌৱে মোক উটুৱায়ো নিনিয়ে। কিন্তু কোনোবাই, বিশেষকৈ আপোনজনে যদি পৰিয়ালৰ সকলোৰে ভালৰ বাবে কৰিব খোজা কিবা কামৰ আঁৰত উদ্দেশ্য বিচাৰি পায় তেনেহ'লে মনত যিটো আঘাত পাওঁ তাক কোনো যুক্তিয়ে নির্মূল কৰিব নোৱাৰে।
{{Gap}}কথাষাৰ অলপ বহলাই কোৱা যাওক। মোৰ কলকাতাৰ সহকৰ্মী জয়াৰ কথা একাধিকবাৰ উল্লেখ কৰিছো। তেওঁ বৰ্তমানে কলকাতাবাসী হ’লেও পূব বাংলা অর্থাৎ আজিৰ বাংলাদেশ মূলৰ। ভাৰত দ্বিখণ্ডিত হোৱাৰ পাছত সা-সম্পত্তি সকলো ত্যাগ কৰি কলকাতালৈ আহিছে। মোৰ শহুৰৰ পৰিয়ালটো কুৰি শতিকাৰ আৰম্ভণিতে চাকৰিসূত্ৰে মণিপুৰলৈ আৰু ১৯৩২-৩৩ চনত পৰিয়ালৰ একাংশ গুৱাহাটীলৈ আহিছিল যদিও টাঙাইলত তেওঁলোকৰ সা-সম্পত্তি আছিল। সেইবোৰৰ সমমূল্যৰ ধন কেতিয়াবা কোনোবাই পাব বুলি দেশ ত্যাগ কৰিবলৈ বাধ্য হোৱাসকলে সপোনতো ভবা নাছিল।
{{gap}}কলকাতাত এদিন জয়াই আহি মোক ক'লে Enemy Property আইনৰ অধীনত বাংলাদেশৰ পৰা ভাৰতলৈ অহাসকলে বা ভাৰতৰ পৰা বাংলাদেশলৈ যোৱাসকলে<noinclude>{{rh|'''২৯৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
nytm2mm2bfcmfhp11zfjv1c4vf5bd2z
পৃষ্ঠা:অনিমা গুহ.pdf/২৯৯
104
59676
160003
158632
2022-07-29T18:32:21Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সম্পত্তিৰ বিনিময়ত সংশ্লিষ্ট চৰকাৰৰ পৰা অৰ্থ পাই আছে। তেওঁৰ মাহীয়েকে ইতিমধ্যে পালেই। মাহীয়েকহঁতে কি উপায়ে পালে জানি লৈ আমিও চেষ্টা নকৰোনো কিয়? দুয়ো ভাবিলো। ইতিমধ্যে আমাৰ ভাৰাঘৰৰ মালিকনীৰ ককায়েকেও একে কামকে কৰি থকা বুলি তেওঁলোকে কৈছিল।
{{gap}}জয়া বৰ উৎসাহী। তেওঁ মোকো উৎসাহিত কৰাত গুৱাহাটীত বৰজনা দুজনৰ লগত যোগাযোগ কৰিলো। তেতিয়া বোধকৰো শাহুআই জীয়াই আছিল। মোৰ প্ৰস্তাৱত আনন্দিত হৈ তেওঁলোকে টাঙাইলৰ মাটিৰ পট্টাকে ধৰি খাজনা-টেক্সৰ ৰছিদ আদিৰ শকত পেকেট এটা ৰেজেষ্ট্ৰি ডাকযোগে পঠালে। আমাৰ গৃহস্থৰ দৃষ্টিত ঠাকুৰ ৰামকৃষ্ণৰ ভাষাত ক’বলৈ গ’লে, ‘টাকা মাটি, মাটি টাকা'। জয়াৰ মুখে শুনাৰ পাছত কথাষাৰ তেওঁক কৈছিলো যদিও ইনটাৰেষ্টতো নেদেখুৱালেই উত্তৰ পৰ্যন্ত দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল। ময়ো তেওঁক উপেক্ষা কৰি গুৱাহাটীৰ লগত যোগাযোগ কৰিছিলো। ইতিমধ্যে জয়াই খা-খবৰ কৰি গম পালে পথ সুদীৰ্ঘ আৰু এঁকা-বেঁকা। উকীলৰ ওচৰলৈ অহা-যোৱা কৰোতে কমপক্ষে তিনিযোৰ জোতাৰ তলি ক্ষয় হ’ব। হওক। কষ্ট নকৰিলে ৰত্ন পাবা কেনেকৈ।
{{gap}}এদিন দলিলৰ টোপোলাটো আহি পালে। গৃহস্থ কামৰ পৰা উভতি অহাৰ পাছত অতি উৎসাহেৰে বস্তুটো দেখুৱালো। এইবাৰ তেওঁ উত্তৰ দিলে, টকা-পইচাৰ প্ৰতি আসক্তি নথকাই ভাল। পালে ভাগিনহঁতক দি দিম’। সেই সময়ত এগৰাকী বায়েকৰ অৱস্থা বৰ ভাল নাছিল। পুতেকহঁতে তেতিয়ালৈকে ভালদৰে প্ৰতিষ্ঠিত হ’ব পৰা নাই। পাছৰ কথা আগতে কৈ থওঁ মেধাৱী ভাগিনকেইজনে এতিয়া মোমায়েকহঁতকে কিনিব পাৰিব। যি কি নহওক তেওঁৰ উত্তৰে মোৰ বুকুত শেল বিন্ধাদি বিন্ধিলে। সেই শেলপাত আজিও তাৰ পৰা উৎপাটন কৰিব পৰা নাই। বিশেষকৈ তেওঁ জানে মই
নিৰ্লোভী। আমাৰ দেউতাই সংস্কৃত শ্লোক এটা সৰুতেই শিকাইছিল আনৰ বস্তুক শিলগুটি বুলি ভাবিবলৈ। বাংলাদেশৰ পৰা টকা পালেও সেই টকাৰ গৰাকী হ’ব তেওঁলোকৰ মাক আৰু ইতিমধ্যে তেওঁ প্ৰয়াত হ'লে তেওঁৰ পুত্ৰ-কন্যা দহজন। কোনো অৱস্থাতে সেই টকা মই পাব নোৱাৰো। তেওঁৰ কথাৰ পোনপটীয়া উত্তৰ নিদি ক’লো তিনিযোৰ জোতা কিনিবলৈ মোৰ টকা নাই, অৰ্থাৎ মই কামটো নকৰো ৷ মোৰ স্বভাৱ পাৰিলে মানুহৰ উপকাৰ কৰা। উপকাৰীক অজগৰে খায়। অজগৰে মোক কেইবাবাৰো খাইছে। তথাপি এই বয়সতো অজগৰৰ পেটৰ পৰা ওলাই সাধ্যমতে উপকাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰো। তথাপিতো মোৰ যুক্তিবাদী স্বভাৱে মনতে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৯৭'''}}</noinclude>
6y5fvdpnjcv0uzs2fycb9fujty3eduq
160004
160003
2022-07-29T18:33:09Z
JyotiPN
1603
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সম্পত্তিৰ বিনিময়ত সংশ্লিষ্ট চৰকাৰৰ পৰা অৰ্থ পাই আছে। তেওঁৰ মাহীয়েকে ইতিমধ্যে পালেই। মাহীয়েকহঁতে কি উপায়ে পালে জানি লৈ আমিও চেষ্টা নকৰোনো কিয়? দুয়ো ভাবিলো। ইতিমধ্যে আমাৰ ভাৰাঘৰৰ মালিকনীৰ ককায়েকেও একে কামকে কৰি থকা বুলি তেওঁলোকে কৈছিল।
{{gap}}জয়া বৰ উৎসাহী। তেওঁ মোকো উৎসাহিত কৰাত গুৱাহাটীত বৰজনা দুজনৰ লগত যোগাযোগ কৰিলো। তেতিয়া বোধকৰো শাহুআই জীয়াই আছিল। মোৰ প্ৰস্তাৱত আনন্দিত হৈ তেওঁলোকে টাঙাইলৰ মাটিৰ পট্টাকে ধৰি খাজনা-টেক্সৰ ৰছিদ আদিৰ শকত পেকেট এটা ৰেজেষ্ট্ৰি ডাকযোগে পঠালে। আমাৰ গৃহস্থৰ দৃষ্টিত ঠাকুৰ ৰামকৃষ্ণৰ ভাষাত ক’বলৈ গ’লে, ‘টাকা মাটি, মাটি টাকা'। জয়াৰ মুখে শুনাৰ পাছত কথাষাৰ তেওঁক কৈছিলো যদিও ইনটাৰেষ্টতো নেদেখুৱালেই উত্তৰ পৰ্যন্ত দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল। ময়ো তেওঁক উপেক্ষা কৰি গুৱাহাটীৰ লগত যোগাযোগ কৰিছিলো। ইতিমধ্যে জয়াই খা-খবৰ কৰি গম পালে পথ সুদীৰ্ঘ আৰু এঁকা-বেঁকা। উকীলৰ ওচৰলৈ অহা-যোৱা কৰোতে কমপক্ষে তিনিযোৰ জোতাৰ তলি ক্ষয় হ’ব। হওক। কষ্ট নকৰিলে ৰত্ন পাবা কেনেকৈ।
{{gap}}এদিন দলিলৰ টোপোলাটো আহি পালে। গৃহস্থ কামৰ পৰা উভতি অহাৰ পাছত অতি উৎসাহেৰে বস্তুটো দেখুৱালো। এইবাৰ তেওঁ উত্তৰ দিলে, টকা-পইচাৰ প্ৰতি আসক্তি নথকাই ভাল। পালে ভাগিনহঁতক দি দিম’। সেই সময়ত এগৰাকী বায়েকৰ অৱস্থা বৰ ভাল নাছিল। পুতেকহঁতে তেতিয়ালৈকে ভালদৰে প্ৰতিষ্ঠিত হ’ব পৰা নাই। পাছৰ কথা আগতে কৈ থওঁ মেধাৱী ভাগিনকেইজনে এতিয়া মোমায়েকহঁতকে কিনিব পাৰিব। যি কি নহওক তেওঁৰ উত্তৰে মোৰ বুকুত শেল বিন্ধাদি বিন্ধিলে। সেই শেলপাত আজিও তাৰ পৰা উৎপাটন কৰিব পৰা নাই। বিশেষকৈ তেওঁ জানে মই নিৰ্লোভী। আমাৰ দেউতাই সংস্কৃত শ্লোক এটা সৰুতেই শিকাইছিল আনৰ বস্তুক শিলগুটি বুলি ভাবিবলৈ। বাংলাদেশৰ পৰা টকা পালেও সেই টকাৰ গৰাকী হ’ব তেওঁলোকৰ মাক আৰু ইতিমধ্যে তেওঁ প্ৰয়াত হ'লে তেওঁৰ পুত্ৰ-কন্যা দহজন। কোনো অৱস্থাতে সেই টকা মই পাব নোৱাৰো। তেওঁৰ কথাৰ পোনপটীয়া উত্তৰ নিদি ক’লো তিনিযোৰ জোতা কিনিবলৈ মোৰ টকা নাই, অৰ্থাৎ মই কামটো নকৰো ৷ মোৰ স্বভাৱ পাৰিলে মানুহৰ উপকাৰ কৰা। উপকাৰীক অজগৰে খায়। অজগৰে মোক কেইবাবাৰো খাইছে। তথাপি এই বয়সতো অজগৰৰ পেটৰ পৰা ওলাই সাধ্যমতে উপকাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰো। তথাপিতো মোৰ যুক্তিবাদী স্বভাৱে মনতে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২৯৭'''}}</noinclude>
9sjok74is0mm34a07yb9p84frz0p4a3
পৃষ্ঠা:অনিমা গুহ.pdf/৩০০
104
59677
160005
158631
2022-07-29T18:36:17Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বিশ্লেষণ কৰিবলৈ ধৰিলে কিয় তেনেকৈ ক'লে গৃহস্থই। হয়তো ভাগিন কেইজনৰ বাবে তেওঁ যথেষ্ট চিন্তিত আছিল। তেওঁ বোধকৰো ভাবিছিল বাংলাদেশ চৰকাৰে টকাখিনি এনেয়ে পঠাই দিব।
{{gap}}যি কি নহওক বৰজনাহঁতক জনালো ঘটনাটো। তেওঁলোকে বুজালে ভায়েকে ভাবি একো কোৱা নাই। ‘সি তেনেকুৱাই’। তদুপৰি মই কষ্ট কৰি সম্পত্তিৰ মূল্য উলিয়াব পাৰিলে মোক পাৰিশ্ৰমিক কিয় দিয়া নহ'ব। এই কথাৰ উত্তৰত কৈছিলো যে নিজৰ শাহুৰ সম্পত্তি উদ্ধাৰ কৰাৰ বিনিময়ত পাৰিশ্ৰমিক পোৱাৰ প্ৰশ্নই নাই। পিছে জোতা তিনিযোৰৰ মূল্য পালেই সন্তুষ্ট হ’লোহেঁতেন। তদুপৰি মই নিঃস্বাৰ্থও নাছিলো। গৃহস্থই এটা ভাগ পালে তেতিয়াও পঢ়ি থকা পুত্ৰৰ কামত লাগিব পাৰে, এনেধৰণৰ চিন্তাও নিশ্চয় কৰিছিলো। আজিও মোৰ ভাবি দুখ লাগে এই পৰিয়ালটোত
কেইবাজনো উপযুক্ত ব্যক্তি থকা সত্ত্বেও কামটো কৰিবলৈ কোনো আগবাঢ়ি নাহিল। দলিলবোৰ ক’ত আছে নাজানো। মই ঘূৰাই দিছো। মই প্ৰয়োজনত ফুলৰ দৰে কোমল, প্ৰয়োজনত বজ্ৰৰ দৰে কঠিন। মোৰ সিদ্ধান্তক কোনেও টলাব নোৱাৰে।
{{gap}}গৃহস্থ স্বল্পবাক, কিন্তু মাজে মাজে ঘপহকৈ কিছুমান কথা নভবা-নিচিন্তাকৈ কয়। আৰু কিছুমান কাম নভবা-নিচিন্তাকৈ কৰে। কেতিয়াবা তাৰ বাবে মই পৰো শ’লঠেকত। এওঁ হেনো ল’ৰালিকালত আগজাননী নিদিয়াকৈ স্কুলৰ পৰা বন্ধু-বান্ধৱক লৈ আহি মাকক প্ৰায়ে কৈছিল সকলোকে ভাত খুৱাবলৈ। তেওঁ আকৌ ৰান্ধিবলগীয়া হয় ইটো-সিটো। শাহু আছিল ৰন্ধন পটিয়সী। তদুপৰি মানুহক বিবিধ ব্যঞ্জনেৰে খুৱাই ভাল পাইছিল। মোক অৱশ্যে সেইফালৰ পৰা বিপদত পেলোৱা নাই। কিন্তু তাতোকৈ ডাঙৰ এটা অৱস্থাই মোৰ লগত আপোন মানুহ এঘৰৰ সম্পৰ্কত ফাট এটা মেলাইছিল। তেতিয়া আমি কলকাতা আহি পাইছো মাত্ৰ। কলকাতালৈ আহি মোৰ কি অৱস্থা হৈছিল এই কিতাপখনৰ প্ৰথমফালে লিখিছো। এদিন এওঁ আপোন মানুহ এঘৰৰ পৰা আহি মোক ক'লে তেওঁলোকে এওঁক হেনো কৈছে কলকাতাত পঢ়িবলৈ অহা আন এজন আত্মীয়ৰ পুতেকক আমাৰ ঘৰত ৰাখিবলৈ। টালি-টোপোলা লৈ তেওঁ দুদিন পাছত আহিব। মোৰ টিঙিচকৈ খং উঠিল যদিও প্ৰকাশ নকৰিলো। এওঁতো জানেই, আনকি আত্মীয় স্বজন সকলোৱে জানে কলকাতাত বহু সমস্যাৰ মাজত থাকিবলগীয়া হৈছো। গেছ নাই, কেৰাচিনো নাই, কয়লাৰ চৌকা জীৱনত জ্বলাই পোৱা নাই। জয়ক পাব্লিক বাছত স্কুললৈ লৈ যাওঁ, লৈ আহো ইত্যাদি হেজাৰটা অসুবিধাত তেতিয়া মোৰ বলিয়া হোৱাৰ অৱস্থা। তথাপিতো কিয় মোৰ ওপৰত আটায়ে এই<noinclude>{{rh|'''২৯৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
crh5agdetntqp2zuk6b9datol705xet
পৃষ্ঠা:অনিমা গুহ.pdf/৩০১
104
59678
160006
158630
2022-07-29T18:39:50Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>দায়িত্ব জাপি দিলে। আজিকালি ল’ৰাবোৰেও ঘৰুৱা কামত সহায় কৰে। তেতিয়াৰ দিনত কৰাৰ ৰীতি নাছিল। মোৰ লগত আলোচনা কৰা উচিত আছিল তেওঁলোকৰ। নে তেওঁলোকে মোক এইখন ঘৰৰ কাম কৰা মানুহ বুলি ধৰি লৈছিল। মোৰ আধালিখা থিছিছখন তেতিয়া ধোঁৱা-চাঙত। যি কি নহওক, ল’ৰাটো আহিল। ৰাতিপুৱা উঠি কয়লাৰ চৌকা জ্বলাইছিলো চকুপানী টুকি। আজি মই ভাবিব নোৱাৰো কেনেকৈ কামবোৰ কৰি মেলি ভিৰ বাছেৰে জয়ক অনা-নিয়া কৰিছিলো। মই স্বীকাৰ কৰো ইয়াৰ পাছত আত্মীয় ঘৰৰ লগত আৰু পঢ়িবলৈ অহা ল'ৰাজনৰ লগত মোৰ আন্তৰিকভাৱে সুসম্পৰ্ক গঢ়ি নুঠিল। গৃহস্থৰ ওপৰতো খং নুঠা বুলি নকওঁ। মোৰ অনুমতি নোলোৱাকৈ আৰু মোৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে এই সিদ্ধান্তলৈ অহা বাবে মই অত্যন্ত অপমানিত বোধ কৰিছিলো। বিশেষকৈ আত্মীয়সকলে মোৰ ওপৰত চৰ্দাৰী কৰা বাবে তেওঁলোকক কোনো দিনে ক্ষমা কৰিব পৰা নাই। তেওঁলোকৰ লগত এটা শীতল সম্পৰ্ক থাকি গ'ল। দ্বিতীয়তে ল'ৰাজনৰ লগতো সু-সম্পৰ্ক গঢ়ি তুলিব নোৱাৰিলো। অথচ সি এটা ৰত্ন। বিজ্ঞানী হিচাপে আজি সু-প্ৰতিষ্ঠিত। গৌৰৱ কৰিব পৰা ডেকা। তেওঁলোকেও নিশ্চয় কোনোদিনে মোক ভাল পাব পৰা নাই। মই অৱশ্যে কোনো দিনে কাৰো লগত বেয়া ব্যৱহাৰ কৰা নাছিলো। পিছে বাধ্যত পৰি কৰ্তব্য কৰা আৰু আন্তৰিকভাৱে কৰ্তব্য কৰাৰ মাজত আকাশ-পাতাল পাৰ্থক্য।
{{gap}}আন এটা কথালৈ মনত পৰিল। কলকাতাত থাকোতেই আমাৰ দুয়োৰে বাবে দুখন স্বাস্থ্যবীমা কৰাৰ কথা এওঁক বৰকৈ কৈ আছিলো। ইয়াৰ গুৰুত্ব সম্পৰ্কে এওঁ অজ্ঞ যেনে লাগিছিল। তেতিয়া ডেকা তেজ শৰীৰত। বেমাৰ-আজাৰ হোৱা নাছিল। এদিন বয়স হ'ব বুলি চিন্তাও বোধকৰো কৰা নাছিল। অৱশেষত মই নিজলৈ স্বাস্থ্য বীমা কৰালো। সংসাৰ সম্পৰ্কে গৃহস্থ ইমানে অনভিজ্ঞ যে এদিন ক’লে তেওঁৰ ত্ৰিশ হেজাৰ টকা আছে সেই টকাৰে চিকিৎসা কৰাব। সিদিনা তেওঁৰ কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰি তেওঁৰ নামতো মনে মনে বীমা কৰাই লৈছিলো। শেষত দেখা গ’ল কিছুদিনৰ পাছতে তেওঁৰ দুয়োটা চকুৰ কেটাৰেক্ট কটাবলগীয়া হোৱাত একেকোবে ত্ৰিশ হেজাৰ টকা খৰচ কৰিবলগীয়া হ'ল। ভাগ্যে বীমা কৰোৱা আছিল। ইতিমধ্যে বয়স বঢ়াৰ লগে লগে হাস্পতাললৈ যোৱাৰ প্ৰয়োজনীয়তা বাঢ়িল। দিনে দিনে চিকিৎসাৰ খৰচো বাঢ়িবলৈ ধৰিলে। এবাৰ মই বীমাৰ অংক বঢ়াব খুজিলো, তেওঁ কমাবলৈহে ক'লে, কি ভাবি যে কথাবোৰ কয় বুজি নাপাওঁ। কথাষাৰ মোৰ মনঃপুত নহ'ল যদিও নবঢ়ালো। অলপ কমালোহে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীবন}} / '''২৯৯'''}}</noinclude>
c6ytsuom61ny4edgk79cnhvx2pg8jg6
পৃষ্ঠা:অনিমা গুহ.pdf/৩০২
104
59679
160007
158629
2022-07-29T18:43:25Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{gap}}সেইবছৰে তেওঁৰ ফিমাৰ নামৰ ভৰিৰ হাড়ডাল ভগা বাবে চিকিৎসাৰ বাবদ হাস্পতালৰ পৰা শকত অংকৰ বিল এখন পালো। বীমা থাকিলেও প্ৰায় আধামান টকা নিজৰ পৰা ভৰিবলগীয়া হৈছিল। আমাৰ পুত্ৰসম বীমা কোম্পানীৰ বিষয়া তথা গল্পকাৰ প্ৰণৱজ্যোতি ডেকাই আচৰিত হৈ সুধিছিলে কিয় বীমাৰ অংক কমালো। সকলো শুনি তেওঁ কৈছিল পণ্ডিত ব্যক্তিসকলৰ মগজুৰ এটা অংশ অতি উন্নত, আন এটা তাৰ ওলোটা। উল্লেখযোগ্য যে প্ৰণৱ চিন্তাশীল বুদ্ধিজীৱী সমালোচক শশী শৰ্মাদেৱৰ জোঁৱায়েক। এটা ফাল অনুন্নত মগজুৰ ধাৰকৰ লগত আলোচনা কৰা বৃথা বুলি ভাবি নিজৰ সিদ্ধান্ত মতে বীমাৰ অংকৰ পৰিমাণ বৰ্তমানে কিছু বঢ়াই দিলো।
{{Center|{{larger|'''ইটো সিটো কথাৰে'''}}}}
{{gap}}বৰ্তমান যুগত চিকিৎসা শাস্ত্ৰৰ ইমান উন্নতি হৈছে যে মানুহৰ সহজতে মৃত্যু নহয়। মোৰ ধাৰণা উন্নত চিকিৎসা ব্যৱস্থাৰ আটাইতকৈ বেয়া দিশটো হ’ল লাইফ চাপ'ৰ্ট ছিচটেম বা ভেণ্টিলেটাৰৰ ব্যৱস্থা। এই ব্যৱস্থাই মানুহক স্বাভাৱিক উপায়ে মৰিবলৈ নিদিয়ে। গৃহস্থই এটা সময়ত কৈ থৈছিল তেওঁক যেন ভেণ্টিলেটৰত ভৰাই জীয়াই ৰখা নহয়। ময়ো নিবিচাৰো সেইদৰে জীয়াই থাকিবলৈ। কিন্তু হাস্পতাললৈ গ’লে চিকিৎসা কৰিবলৈ ডাক্তৰসকলে প্ৰয়োজনত সেই বস্তুটো ব্যৱহাৰ কৰিবই। ভাবি ভয় লাগি গ'ল।
{{gap}}সাধাৰণতে আমি আৰ্য হাস্পতাললৈ যাওঁ। মই হাস্পতালৰ মেনেজিং ডাইৰেক্টৰ ডাঃ বিজয়া গোস্বামীক লিখিতভাৱে অনুৰোধ কৰিলো যে আমাৰ দুয়োৰে যথেষ্ট বয়স হৈছে, এনে অৱস্থাত আমাৰ পৰমায়ু বঢ়াবলৈ ভেন্টিলেটাৰ ব্যৱহাৰ কৰা যেন নহয়। বিজয়া গোস্বামী যুক্তিবাদী। তেওঁ মোৰ প্ৰস্তাৱক সমৰ্থন কৰি ক’লে তেওঁ ষাঠি বছৰৰ ডেওনা পাৰ হ’লে ভেণ্টিলেটাৰ ব্যৱহাৰ নকৰে। মই পিছে তেওঁক সমৰ্থন নকৰিলো। আজিৰ যুগত যাঠি বছৰত মানুহ ডেকা হৈয়ে থাকে।
{{gap}}আমাৰ গৃহস্থৰ আকৌ ঘৰতে শেষ নিশ্বাস পেলোৱাৰ ইচ্ছা। এদিন হঠাতে তেওঁৰ সাংঘাতিকভাৱে মূৰ ঘূৰালে। তেওঁৰ ভয় হ’ল হাস্পতাললৈ নিওঁ বুলি। আতংকিত হৈ অস্থিৰভাৱে ক'বলৈ ধৰিলে হাস্পতাললৈ নিনিবলৈ — ‘ঘৰতে মৰিবলৈ দিয়া'। পিছে নৰিয়াত পৰিলে নিজৰ দেহাটোৰ ওপৰত নিজৰ অধিকাৰ নাথাকে।
{{gap}}এম আৰ আই কৰোৱা চিকিৎসা শাস্ত্ৰৰ এটা অতি উন্নত ব্যৱস্থা। মই নিজে কৰি<noinclude>{{rh|'''৩০০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
0gwfq41nm7t0672onvgx2hoc10tj9kp
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৩
104
59680
160008
158628
2022-07-29T18:46:15Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পোৱা নাই যদিও অভিজ্ঞসকলৰ মুখে শুনিয়ে মোৰ উশাহ বন্ধ হোৱা যেন পাইছিলো। চুঙা এটাত ভৰাই তীব্ৰ শব্দৰ মাজত ৰোগীক হেনো আধাঘণ্টা ৰাখি থোৱা হয়। ৰোগীয়ে ত্ৰাহি মধুসুধন দেখিলেও ওলাই অহা অসম্ভৱ।
{{gap}}এবাৰ জি এন আৰ চি লৈ অসুস্থ হৈ গৈছিলো। ড° নোমল বৰাই ভৰি-হাতৰ তলুৱা আৰু গাঁঠিবোৰ হাতুৰীৰে কোবাই কোবাই চাই সুধিছিল মোৰ ভয় লাগিছে নেকি? মই টপৰাই ক'লো ইমান পৰে ভয় লগা নাছিল এম আৰ আই কৰিব লাগে বুলি ভয় লাগিছে। তেওঁ তাৰ সলনি চি টি স্কেন কৰাইছিল।
{{gap}}আমাৰ গৃহস্থহঁতৰ পৰিয়ালৰ মানুহৰ এটা এলাৰ্জি আছে, তেজ দেখিলে তেওঁলোকৰ মূৰ ঘূৰায়। এইটো তেওঁলোকৰ বংশগত এটা খুঁত। বেজী দিয়া দেখিলেও তেওঁলোক নাৰ্ভছ হয়। মোৰ শৰীৰত দুবাৰ চাৰ্জনে কেঁচি চলাইছিল। প্ৰথমবাৰ কলকাতাত, দ্বিতীয়বাৰ গুৱাহাটীত। মনত নাই কি কাৰণে নাৰ্ছি হোমলৈ যোৱাৰ কেইদিনমান আগৰে পৰা কঁকালত বেজী ল’বলগীয়া হৈছিলো। মই উবুৰি হ’বৰ সময়ত দেখিছিলো গৃহস্থ আৰু পুত্ৰ দুয়ো ওচৰতে আছে। বেজী দিয়াৰ পাছত উঠি চাওঁ বাপেক-পুতেক দুয়ো অন্তৰ্ধান। আনটো কোঠালৈ আহি দেখিলো এজনে বিছনাত দীঘল দি আছে, আনজনে বিছনাৰ চাৰিওফালে তেলপেৰা গৰুৰ দৰে ঘূৰিবলৈ ধৰিছে। বেজী দিওঁতেই এই অৱস্থা, অস্ত্ৰোপচাৰৰ দিনা তেওঁলোককো হাস্পতালত ভৰ্তি কৰাব লাগিব। মই বিছনাত পৰি থকা ৰোগী নাছিলো বাবে নাৰ্ছিং হোমৰ লগত কথাবতৰা নিজেই কৈছিলো। তেওঁলোক আচৰিত হৈছিল ময়েই পেচেণ্ট বুলি শুনি।
{{gap}}একেধৰণে আচৰিত হৈছিল গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকৰ ৰিছেপচন কাউণ্টাৰত কৰ্মৰতসকল, যেতিয়া শুনিলে ময়েই পেচেণ্ট।আচলতে অৱস্থাই মানুহক তৈয়াৰ কৰে। দেউতাৰ অকাল মৃত্যুৱে কম বয়সতে মোক Rough and tough কৰিছিল। গৃহস্থ বেমাৰ-আজাৰত নাৰ্ভাৰ্ছ হোৱা মানুহ। দিছপুৰ পলিক্লিনিকত পেছমেকাৰ সংস্থাপন কৰিবৰ দিনা তেওঁক ঘৰতে বহি থাকিবলৈ কৈছিলো। আবেগ প্ৰৱণ হৈ পৰিছিলো যেতিয়া শুনিছিলো মই অ' টিত থকাৰ সময়ত খবৰ ল'বলৈ আত্মীয়-বন্ধু অনেকে আহিছিল। এওঁলোকৰ মাজত আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, কুমাৰ ভাস্কৰজ্যোতি, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, নৰেন বৰা, গিৰীন্দ্ৰ নাথ কাৰ্জি প্ৰমুখ্যে বন্ধু-বান্ধুৱকে লৈ ভনীজোঁৱাই ডাঃ চি দাস, ভাগিন-ভাগিনজোঁৱাই বৰ্ণালী-নৱ কলিতা, নাতিনী জোঁৱাই-নাতিনী ডাঃ দেবব্ৰত বৰ্মন-দেবাঞ্জনা, ভাই হৰ্ষ দাস, ভতিজা শুভেন্দু গুহ, বাইদেউ অনিতা আৰু তেওঁৰ ল'ৰা-ছোৱালী অসীম-অৰূপ-অমিত-আল্পনা আৰু অনেক<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৩০১'''}}</noinclude>
cgotfkrfjxi75b33p24mi7ni42irg61
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৪
104
59681
160033
158627
2022-07-30T07:14:57Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আত্মীয়। পলিক্লিনিকত এক মুহূৰ্তৰ বাবেও অকলশৰীয়া হৈ থকা নাছিলো। প্ৰথম দুনিশা পৰ দিছিল ৰিপুঞ্জয় আৰু খাইৰুলে। ইছমাইল হোছেইনে পঠাই দিছিল কেইবাজন ছাত্ৰক ৰাতি পৰ দিবলৈ। মই সঁচাকৈয়ে আবেগিক হৈ পৰিছিলো। মই ভাগ্যৱতী, মোৰ কাষত থিয় দিবলৈ কিমান মানুহ।
{{gap}}প্ৰথম দিনাই ডাক্তৰ-ছিছটাৰসকলৰ মাজত জনাজাত হৈছিল যে মই লিখো। লেখকসকল যে ইমান জনপ্ৰিয় হ'ব পাৰে সিদিনা গম পাইছিলো। সেই আঠদিনতে ইমান ঘনিষ্ঠতা হৈছিল বিশেষকৈ ছিছটাৰসকলৰ লগত যে আহিবৰ দিনা কোনোবা পৰমাত্মীয়ক এৰি থৈ অহা যেন লাগিছিল।
{{gap}}মোৰ কোঠাটো আছিল আড্ডাখানাৰ দৰে। পুৱাৰে পৰা হৈছিল জনসমাগম। দুদিনমান কটোৱাৰ পাছত মই ৰুটিন কৰি দিছিলো সদায় অহাসকল কোন কেতিয়া আহিব। ৰাতিপুৱা আঠ বজাত পুৱাৰ আহাৰ লৈ আহিছিল ভনী আৰতি। দুপৰীয়া কেণ্টিনৰ পৰা অনা মাছে-ভাতে দুয়ো বাই-ভনীয়ে খাই অলপ জিৰণি লোৱাৰ পাছত ৰুটিনমতে আহিছিল ভতিজী বুলা, ভতিজা বোৱাৰী মুক্তি কৃষ্ণা সাবিত্ৰী, ভাইবোৱাৰী ৰীণা, নাতিবোৱাৰী ৰুমা, পুত্ৰ জীউৰে সৈতে ভাগিন মিমি, পিউ, ভাগিন জোঁৱাই নৰেন মেহৰা ইত্যাদি। আবেলি-গধূলি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, মঞ্জুলা শৰ্মা,
অনিমা গগৈ, ঋতুৰাজ কলিতা, তোষপ্ৰভা কলিতা, জুনু বৰা, নৰেন বৰা, ডাঃ যোগেন ভূঞা, ডাঃ দীপক ভূঞা কোন যে অহা নাছিল। প্ৰত্যেকে হাতত অনা ফল-মিঠাইৰ টোপোলা ৰাখিবলৈ ঠাইৰ অভাৱ হৈছিল। তাৰে মাজতে দুদিন টিফিন কেৰিয়াৰ ভৰাই দুপৰীয়াৰ আহাৰ পঠাইছিল দলিত অসমৰ স্বত্বাধিকাৰী গিৰীন্দ্ৰ নাথ কাৰ্জিয়ে লখিমী হোটেলৰ পৰা। কি ডাঙৰ ডাঙৰ মাছৰ টুকুৰা! আৰতিয়ে ময়ে খাওঁ আৰু কওঁ হাস্পতাললৈ চিকিৎসা কৰিবলৈ আহিছো নে ফুৰিবলৈ আহি হোটেলত আছো! উস্ কি আৰাম! মোৰ পৰিচৰ্যা কৰিবলৈ ভাগিন কৌশিকে আয়া এগৰাকী ঠিক কৰি দি
গৈছিল। পেছমেকাৰ সংস্থাপন কৰাৰ পাছত হৃদপিণ্ডটো বোধকৰো সাৱলীল গতিত চলি আছিল। বেটাৰী চালিত হৃদপিণ্ড। অৱশ্যে যেতিয়া নিজৰ হৃদপিণ্ডটো নচলে তেতিয়া বেটাৰীয়ে চলায়।
{{gap}}মোক কোনোবা ডাক্তৰী নপঢ়াকৈ ডাক্তৰ হোৱা ‘চবজান্তা' মানুহে কৈছিল যে লাইটৰ চুইচবোৰ চুব নোৱাৰিম। ম'বাইল ব্যৱহাৰো এৰিব লাগিব। ম'বাইলৰ লগত ইমান ঘনিষ্ঠ সম্পৰ্ক হৈছিল যে তাক ত্যাগ কৰা যথেষ্ট কষ্টকৰ। কিন্তু গধূলি লাইট জ্বলাবলৈ বা নুমাবলৈ মোৰ পিছে পিছে ঘূৰিব কোনে? ডাঃ জি বসুমতাৰী আছিল<noinclude>{{rh|'''৩০২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
gr5yxtofesep8xxikvgjm61vgiclqj0
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৫
104
59682
160034
158626
2022-07-30T07:23:17Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মোৰ চাৰ্জন। চুইচৰ প্ৰসংগটো উত্থাপন কৰিলো। বিছনাৰ কাষতে বেৰত আছিল হামনিয়মৰ ৰীডৰ দৰে এশাৰী চুইচ। ডাক্তৰে সেই চুইচ শাৰী মোৰ হতুৱাই দুৱাৰমান জ্বলোৱা-নুমোৱা কৰালে। শ্বক খাই মই নমৰিলো। যিটো ফালে পেছমেকাৰটো বহুওৱা হৈছে তাৰ বিপৰীত ফালৰ কাণেৰে ম'বাইল ব্যৱহাৰ কৰিবলৈ কোৱাত নিশ্চিন্ত হৈছিলো।
{{gap}}মোক সংগ দিবলৈ অহাসকলৰ ম'বাইলেৰে ঘৰত এৰি থৈ যোৱা মোৰ ম'বাইলত ফোন কৰিবলৈ ল’লে এটা দৈৱবাণী শুনিছিলো— not reachable. চৌবিশ ঘণ্টাই ফোনটো ধৰা ছোৱাৰ বাহিৰত কিয়, ভাবো। আমাৰ গৃহস্থৰ খা-খবৰ কৰিবলৈ প্ৰতিদিনেই আমাৰ ঘৰলৈ আহিছিল অংকুৰ তামুলী ফুকন। এদিন আমাৰ ঘৰৰ পৰা মোৰ তালৈ যাওঁতে অংকুৰক ফোনটোৰ কথা সুধিলো, উত্তৰ তেওঁৰ ওঁঠত লাগি আছিল। ফোনটো বেয়া হোৱা বাবে গৃহস্থই হেনো ৰিপেয়াৰ কৰিবলৈ দিছে। শুনি মোৰ মনত দুইধৰণৰ প্ৰতিক্ৰিয়া হৈছিল। ফোনটো যে বেয়া হৈছে তেওঁ জানিলে কেনেকৈ? তেওঁতো ম'বাইল ব্যৱহাৰ নকৰে। দ্বিতীয়তে ৰিপেয়াৰ কৰিবলৈ ইমান লৰাঢপৰা লাগিল কিয়? আঠ দিন হাস্পতালবাসৰ পাছত ছুটী পালো। মনটো বেয়া লাগি গৈছিল। Home sweet home বুলি কবিয়ে লিখিছে যদিও মই ভাবো ঘৰৰ বাহিৰখনহে মিঠা। চিন্তা নাই, ভাবনা নাই, বিশেষকৈ দায়িত্ব নাই। মুকলি মনেৰে যিফালে মন যায় ঘূৰি ফুৰা বোহেমিয়ানৰ দৰে। কি ৰান্ধিবা, কি খুৱাবা, চাউল আছে নে নাই, নিমখ-তেল, পাচলি, বিস্কুট, আটা, চাহপাত-চেনি আছে নে নাই ইত্যাদি চিন্তাৰ পৰা মুকলি হৈ সপ্তম স্বৰ্গত বিচৰণ কৰি ফুৰিবলৈ কি যে ভাল লাগে। ঘৰত সোমোৱা আৰু জে’লখানাত
সোমোৱা একেই কথা। তদুপৰি বেছিভাগ বিবাহিতা তিৰোতা গৃহহীন। তেওঁলোকৰ স্বামীৰ ঘৰ আছে, শহুৰেকৰ ঘৰ আছে, দেউতাকৰ ঘৰ আছে, মোমায়েকৰ ঘৰ আছে, নাই নিজৰ ঘৰ। যিসকলে নিজে ঘৰ বান্ধে, নিজৰ মাটিত তেওঁলোকৰ কথা সুকীয়া।
{{gap}}মাজতে উত্তৰ-পূব ভাৰতৰ মানুহৰ ম'বাইল ফোনবোৰৰ ঠিকনা পুনৰীক্ষণ কৰোৱাৰ নিৰ্দেশ দিছিল। আমাৰ প্ৰতিবেশী মহিলা এগৰাকীৰ এয়াৰচেল কোম্পানীৰ ফোনটোৰ বাবে দাখিল কৰা ঠিকনাটো তেওঁলোকে মানি নল'লে। ঠিকনাৰ প্ৰমাণ হিচাপে দাখিল কৰিছিল ঘৰৰ ইলেকট্ৰিচিটিৰ বিলখন। বিলখন আহে তেওঁৰ স্বামীৰ নামত। মানুহজনৰ ঠিকনা তেওঁৰ হ'ব পাৰে তাৰ প্ৰমাণ কি? তেওঁলোকৰতো ৰেজেষ্ট্ৰি বিয়াও হোৱা নাছিল যে প্ৰমাণ-পত্ৰ দাখিল কৰিব পাৰিব। মানুহগৰাকী লাজে-অপমানে উভতি আহিছিল। এনে পৰিস্থিতিত একমাত্ৰ মান-অপমানহীন মহিলাইহে ভাবিব পাৰে হোম<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''৩০৩'''}}</noinclude>
ok6i5uz8xb5sg3xz7muthrse0gu496w
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৬
104
59683
160035
158625
2022-07-30T07:25:44Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>চুইট হোম। মই সদায় ভাবো বেংকত জয়েন্ট একাউণ্ট কৰাৰ দৰে ঘৰৰ মালিকীস্বত্ত্বও পতি-পত্নী দুয়োৰে হোৱা উচিত। গৃহিণীৰ অৱস্থা Stateless মানুহৰ দৰে।
{{gap}}যি কি নহওক আকৌ সংসাৰৰ ঘানি ঘূৰাব লাগিব বাবে হাস্পতালৰপৰা আহিবৰ দিনা মনটো অলপ গধুৰ হোৱা যেন লাগিছিল। এইবোৰ কথা এফলীয়াকৈ ৰাখি ৰিপেয়াৰ কৰিবলৈ দিয়া ম'বাইলৰ প্ৰসংগলৈ আহো। সাহায্যকাৰী ল’ৰাজনে কৈছিল গৃহস্থৰ হাতৰপৰা পৰি গৈ ফোনটো বেয়া হৈছে আৰু মেৰামত কৰিবলৈ অংকুৰে লৈ গৈছে। ময়ো সেই আশাত কেইবাদিন কটালো। এদিন কলকতীয়া বিয়ৈৰ লগত লেণ্ড লাইনত কথা পাতোতে কথা প্ৰসংগত আমাৰ ম'বাইল বিপৰ্যয়ৰ কাহিনীটো উত্থাপন কৰিছিলো। তেওঁ সিটো মূৰত ঢেক্ঢেকাই হাঁহিবলৈ ধৰিলে। মোৰ ফোনটো কাৰো
হাতৰ পৰা সৰি পৰা নাই, হস্তান্তৰিতহে হৈছে। মোৰ বাহিৰে সকলোৱে জানে মই হাস্পতাললৈ যোৱাৰ পিছদিনাই বস্তুটো বেলেগৰ পকেটলৈ গ'ল। মোৰ দেওৰ এজনে ক’লে, ‘বৌদি, চিন্তা নকৰিব। দাদাক যে কোনেও চুৰি কৰা নাই এয়েই ভাগ্য।'
{{gap}}আমাৰ সাহায্যকাৰী ল'ৰাজন আছিল বৰ টেঙৰ। সি আহিবৰ দিনৰে পৰা আমাক অধ্যয়ন কৰি উপলব্ধি কৰিছিল যে আতা (গৃহস্থ) মানুহজন সহজ-সৰল হোলাৰ ভাই মোলা ৷ কিতাপ আৰু কাগজ-কলমৰ বাহিৰে একো নাজানে। আবুৰ মূৰৰ চাৰিওফালে চাৰিটা চকু। মই হাস্পতাললৈ যোৱাৰ পিছদিনাই সি ম'বাইলটো সৰকালে বুলি মোৰ বিশ্বাস। সি ধুৰন্ধৰে ফোনটো নোহোৱা হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়াৰ ঘৰে ঘৰে বাতৰিটো দি আহিছে। তেওঁলোকেও সন্দেহ কৰিছিল সিয়ে উঠোৱা বুলি। বিশ্বাস কৰা নাই কেৱল আতাকে। ময়ো অৱশ্যে প্ৰথমতে ভবা নাছিলো। পিছে দিন দুপৰীয়া দহ বজাত শোৱা কোঠাত বাহিৰৰ কোনো চোৰ সোমাব নোৱাৰে, কেৱল এটা ফোনৰ বাবে। তাৰ মতি-গতি, সাজ-পাৰ, চাল-চলন দেখি বহুতে মোক ৱাৰ্নি দিছিল যে এদিন সি আমাৰ সৰ্বনাশ ঘটাব। সি হাতত পিন্ধিছিল শকত শকত খাৰু, এখন কাণত আৰু ডিঙিত পিন্ধিছিল বিচিত্র অলংকাৰ। ৰাতি দুপৰলৈ নিজৰ কোঠা বন্ধ কৰি নিচাযুক্ত কিবা খাইছিল। পুৱা ন বজালৈ শুই থকা ল’ৰাটোক জগাবলৈ ঢাক-ঢোল বজাবলগীয়া অৱস্থা হৈছিল। সৰু ল’ৰা বাবে তাক আমি প্ৰথমতে বৰ মৰম কৰিছিলো। বৃত্তিমূলক কিবা শিক্ষা দিয়াৰ চিন্তাও গৃহস্থই কৰিছিল। কিন্তু সি আছিল এটা বিহৰ গুটি। তাৰ প্ৰতি থকা আমাৰ মৰমক দুর্বলতা বুলি ভাবি আমাক ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰিছিল। অতিষ্ঠ হৈ এদিন তাৰ লগত সম্পর্ক বিচ্ছিন্ন কৰিলো।
{{gap}}আমাৰ ঘৰত বহু ইন্টাৰেষ্টিং ঘটনা ঘটে। যাৰ বাবে কিছুমানে মূৰৰ বিকৃতি ঘটা<noinclude>{{rh|'''৩০৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
6japz2tt9an1s5inr978q3hthfnyf3n
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৭
104
59684
160036
158624
2022-07-30T07:28:20Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বুলিও কয়। হাস্পতালত ভৰ্তি হোৱাৰ আগতে চিন্তা হ’ল যদি এই যাত্ৰাত মোৰ পঞ্চত্বপ্রাপ্তি ঘটে তেনেহ'লে মোক দাহ কৰিবলৈ গৃহস্থই টকা যোগাৰ কৰিব কেনেকৈ। তদুপৰি বজাৰ-সমাৰৰ বাবেও টকা লাগিল, মোক হাস্পতালৰ পৰা এৰুৱাই অনাৰ খৰচ ইত্যাদি লাগিল। সাতে-পাঁচে চিন্তা কৰি বেংকলৈ গৈ কিছু টকা তুলি আনিলো। তাৰ পাছত বেলেগ বেলেগ শিতানত যেনে – বজাৰ, হাস্পতাল, দৰব, শ্মশানযাত্রা, শ্রাদ্ধ, incidental expenditure ইত্যাদি – টকা ভাগ কৰি বেলেগ বেলেগ খামত ভৰাই এওঁক দেখুৱাই আলমাৰিত থৈছিলো। হাস্পতালৰ পৰা সুস্থ হৈ অহাৰ পাছত
গৃহস্থই খামকেইখন ঘূৰাই দিলে। এই কেইদিনত কোন শিতানত কিমান খৰচ হ’ল চাবলৈ গৈ মই হতভম্ব। শ্মশানৰ খামত ভালেখিনি টকা কম, বজাৰৰ খামৰ পৰা এটা ফুটাকড়িও খৰচ হোৱা নাই। তাৰ মানে বতাহ খাই আছিল নেকি? তাৰ পাছত মূৰ ঠাণ্ডা কৰি বুজিলো শ্মশানৰ টকা খৰচ কৰি বজাৰ কৰিছে, শ্ৰাদ্ধৰ পেকেটটোৰ পৰা হাস্পতালৰ খৰচ উলিয়াইছে। অকলে অকলে হাঁহিলো। মনত পৰিলে আজিও হাঁহো।
{{gap}}এতিয়া অৱশ্যে শ্মশানৰ চিন্তা নাই, কিয়নো ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি মৰণোত্তৰ দেহ-দান কৰা হৈছে। শ্ৰাদ্ধৰ চিন্তাও নাই। আগতেও অৱশ্যে শ্রাদ্ধৰ কথা ভবা নাছিলো, কাৰণ বিশ্বাস নাই। কিন্তু স্মৃতিসভা এখন পাতি এসাঁজ খুৱাবলৈ ঘৰত কোৱা আছে।
{{gap}}আমাৰ ভাগিন বোৱাৰীৰ আইতাক বৰ দূৰদৰ্শী। তেওঁ প্ৰায় একডজন সন্তানৰ মাক। তথাপিতো তেওঁ নিজৰ শৱ সৎকাৰৰ পৰা বছৰেকীয়া শ্ৰাদ্ধলৈ সকলো ব্যৱস্থা কৰি থৈছে। শটো বান্ধি নিবলৈ প্ৰয়োজনীয় ঢাৰিকেইখনমানো কিনি আটালত তুলি থ’বলৈ পাহৰা নাই। এওঁতকৈ একোব চৰা আমাৰ ভাগিন এজন। তেওঁ নিজৰ শ্ৰাদ্ধ হৰিদ্বাৰলৈ গৈ নিজে কৰি লেঠা মাৰি থৈছে। জীৱিতাৱস্থাতে শ্রাদ্ধ কৰিব পৰা যায় প্রথম শুনিলো। যি কি নহওক, এই শ্ৰেণীৰ মানুহক কিছুমানে ক’ব দূৰদৰ্শী, কিছুমানৰ ধাৰণাত মগজুৰ নাট-বল্টু ঢিলা।
{{gap}}আমি সীমিত আয়ৰ মানুহ। আমাৰ আকালো নাই, ভঁৰালো নাই। তাৰে মাজত গৃহস্থই সাধ্যমতে মানুহক সহায় কৰে, কেতিয়াবা ধাৰলৈ দিয়ে। মজাৰ কথা ঘৰটোৰ কিবা এটা মেৰামতি কৰিবলগীয়া হোৱাত অলপ টকাৰ বাবে হাত পাতিছিলো। উত্তৰ শুনি তবধ মানিছিলো। ক’লে ফিক্সড ডিপ’জিটৰ পৰা ঋণ ল'বলৈ! শতকৰা কিবা এটা হাৰত সুতৰ বিনিময়ত ঋণেই লৈছিলো। প্ৰণৱজ্যোতিয়ে ঠিকেই কৈছে উন্নত<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /''' ৩০৫'''}}</noinclude>
0sahw3gkvxin5brm6easry2xipwxc30
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৮
104
59685
160037
158623
2022-07-30T07:31:01Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মগজুৰ মানুহৰ মস্তিষ্কৰ এটা ফাল অনুন্নত হয়।
{{gap}}যিসকল মানুহে এওঁৰ পৰা দান বা বিনা সুতে ঋণ দীঘলীয়া সময়ৰ বাবে পাইছে তেওঁলোকে বিশ্বাস কৰিবলৈ টান পাব যে ঘৰ মেৰামতিৰ বাবে বেংকত কেইবাখনো প্ৰ-পত্ৰ পূৰণ কৰি বোন্দাপৰ দি থাকি মই ফিক্সড ডিপজিটৰ পৰা ওঠৰ হেজাৰ টকা উলিয়াইছিলো। সুতৰ হাৰ কিমান আছিল মনত পৰা নাই। এই কথা আজিহে প্ৰকাশ কৰিলো। কথাষাৰ গৃহস্থয়ো নাজানে।
{{Center|{{larger|'''একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ'''}}}}
{{gap}}মাজে মাজে হতাশাই মনটোক হেঁচি ধৰে। কিয়নো পৃথিৱী জ্ঞান-বিজ্ঞানত আগুৱাই যোৱাৰ লগে লগে ভাবিছিলো মানুহৰ মনৰ দিগন্তই প্ৰসাৰ লাভ কৰিব। সাক্ষৰতাৰ হাৰ দিনে দিনে বৃদ্ধি পাইছে, মানুহ শিক্ষিত হৈ গৈ আছে। শিক্ষাই মানুহক মুক্ত চিন্তা কৰি যুক্তিবাদী আৰু বিজ্ঞানমনস্ক হ’বলৈ শিকায়। কিন্তু ভবামতে মানুহৰ মানসিক উত্তৰণ নেদেখো। মানুহৰ বাহ্যিক পৰিবৰ্তন ঘটিছে দ্ৰুতগতিত। এসময়ত গৰুৰ গাড়ীত উঠা আমিসকলে জেট বিমানত উঠিলো, লেমৰ পোহৰত পঢ়াসকলে বিজুলী নহ'লে এন্ধাৰ দেখো। ঘৰে ঘৰে আহিল মটৰ গাড়ী, এয়াৰ কণ্ডিশ্যনাৰ, ৱাশ্বিং মেচিন, ম’বাইল ফোন, মাইক্ৰ'ৱেভ অ’ভেন ইত্যাদি। সাজ-সজ্জাত আহিল বৈপ্লৱিক পৰিবৰ্তন। খোৱা-বোৱা, আদৱ-কায়দাতো।
{{gap}}পৰিৱৰ্তন নেদেখো মানসিকতাত। ই যেন স্থবিৰ হৈ সমাজৰ বুকুত হেঁচা মাৰি বহি আছে। ‘দৈনিক অগ্ৰদূত’ কাকতখনৰ ৯ নৱেম্বৰ ২০০৫ সংখ্যাত এটা বাতৰিৰ শিৰোনাম আছিল ‘ভৌতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্ৰীয়ে, ইটা বটল দলিয়াই মহানগৰীত ‘ভূত’ৰ তাণ্ডৱ’। কেইবা কলমজোৰা বাতৰিটো পঢ়ি সপোন দেখা যেন পাইছিলো। কোনো গাঁও নহয়, সৰু চহৰ নহয় মহানগৰীৰ মাজমজিয়াত ভূত! আমি সাধাৰণ মানুহৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনীৰ ধাৰণা আদি উৎপাটন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছো। ইফালে বিজ্ঞানৰ ছাত্ৰ হৈও সমাজৰ
আগশাৰীৰ নাগৰিকে মান্ধাতাযুগৰ ধ্যান-ধাৰণাৰ প্ৰচাৰ চলাই সভ্যতাৰ ওলোটামুখী যাত্ৰাৰ ‘শুভাৰম্ভ’ ঘটাইছে। ২০০৫ চনৰ ধ্যান-ধাৰণাৰ অলপো পৰিবৰ্তন হোৱা নাই। ২০১১ চনতো ডাইনীৰ অবাধ বিচৰণ।
{{gap}}সংস্কাৰমুক্ত মনৰ মানুহ পৃথিৱীত বিৰল। অন্ধবিশ্বাসৰ ভিত্তিত গঢ়ি উঠা যিবোৰ<noinclude>{{rh|'''৩০৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
ls3p7lt2dfpe3kvn6z52pvdpoh8da26
পৃষ্ঠা:অনিমা গুহ.pdf/৩০৯
104
59686
160038
158622
2022-07-30T07:42:01Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সংস্কাৰে নিজৰ, দহৰ আৰু সমাজৰ ক্ষতি কৰে দেশৰ শান্তি বিঘ্নিত কৰে আৰু প্ৰগতিৰ পথ বন্ধ কৰে সেইবোৰক কোৱা হয় কুসংস্কাৰ। প্ৰকৃত শিক্ষাই মানুহক যুক্তিবাদী কৰে। আজিৰ যুগ বিজ্ঞানৰ যুগ, বিজ্ঞানমনস্কতাৰ যুগ। কিন্তু দেখি হতাশ হৈছো শিক্ষিত পুৰুষ-নাৰীৰ মানসিকতাও সম্পূৰ্ণভাৱে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত হ’ব পৰা নাই। আদিম মানৱ-মানৱীৰ দৰে অজান আশংকাত ভুগি নিৰাপত্তাৰ বাবে জ্যোতিষী, ঈশ্বৰপুৰুষ, বাবাজীসকলৰ শৰণাপন্ন হৈছে। আঙুলিবোৰত ধাৰণ কৰিছে হৰেক ৰকমৰ পাথৰ, বাহুত ওলোমাইছে মাদলি, মণিবন্ধনত মেৰিয়াই লৈছে মন্ত্ৰস্নাত
নানাৰঙী সূতা।
{{gap}}আজিৰ ৰাজনীতিকসকলৰ অলৌকিক শক্তিৰ ওপৰত অগাধ বিশ্বাস। নিৰ্বাচনৰ আগত আৰু ভোট গণনাৰ সময়ত তেওঁলোকৰ অনেকে হিন্দু-মুছলমান-খ্ৰীষ্টান-শিখ কোনো ঈশ্বৰকে বাদ নিদিয়ে। গাদী হেৰোৱাৰ ভয়ত বা গাদী দখলৰ আশাত সাধু-সন্ন্যাসী, নাঙঠ বাবা আনকি ভূত-প্ৰেত-বীৰাৰ আশ্ৰয় লোৱা দেখি তবধ মানিছো। মাজে মাজে সভ্যতাৰ কলংক নাঙঠ বাবাৰ আগমন ঘটে। বাটে বাটে সেই অসভ্যটোক পূজা কৰি কৰি চেলা-চামুণ্ডাসকলে সমদল উলিয়ায়। সাধাৰণ মানুহ উলংগ হৈ বাটে বাটে ঘূৰি ফুৰিলে তৎক্ষণাত পুলিচে ধৰিব, কিন্তু নাঙঠ বাবা নামৰ কলংকটোক
সমাজৰ নামী-দামী মানুহে পূজাহে কৰে। ডিজগাষ্টিং।
{{gap}}জৱাহৰলাল নেহৰু কেতিয়াবা সাধু-সন্ন্যাসীৰ শৰণাপন্ন হোৱা বুলি শুনা নাই, কিন্তু তেওঁৰ কন্যা ইন্দিৰা গান্ধী আছিল চন্দ্ৰস্বামীৰ ভক্ত৷ নৰসিংহ ৰাৱো একেজনাৰে শৰণাপন্ন হৈছিল। এবাৰ লোকসভা নিৰ্বাচনৰ আগত অটলবিহাৰী বাজপেয়ীক টিভিত দেখিছিলো সাইবাবাৰ কাষত।ৰাজনীতিকসকলৰ কোনে কাৰ শিষ্যত্ব গ্ৰহণ কৰিছে তাৰ এখন তালিকা পাইছিলো তেহেলকা নামৰ আলোচনীত। এবাৰ জনতা ভৱনত এগৰাকী কেবিনেট মন্ত্ৰীৰ ওচৰলৈ যাবলগীয়া হৈছিলো। মই তেওঁৰ হাতৰ আঠোটা আঙুলিত আঠবিধ পাথৰৰ আঙঠি দেখি তাজ্জব! হাফ চাৰ্টৰ হাতৰ তলেৰে বাহুত দেখিছিলো একাধিক তাবিজ-মাদলি। ইমানৰ পাছতো তেওঁ যোৱা বিধানসভা নিৰ্বাচনত (২০১১) মন্ত্ৰীৰ গাদীখনত উপৱিষ্ট হ'ব নোৱাৰিলে।
{{gap}}মোৰ দীঘলীয়া জীৱনটোত যুগৰ পৰিবৰ্তন হোৱা দেখি আছো। এটা সময়ত যেতিয়া আজিৰ দৰে বিজ্ঞান-প্ৰযুক্তিবিদ্যা ইত্যাদিয়ে আকাশলংঘী উন্নতি কৰা নাছিল তেতিয়া কিন্তু শিক্ষিত মানুহৰ পৰিবেশ আছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত। তেওঁলোক আছিল ৰেশ্বনেল। আমাৰ দেউতাহঁতৰ সময়ত শিক্ষিত শ্ৰেণীটো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩০৭'''}}</noinclude>
p4f59d546iwdysv2jxzklcxdr7c9y7g
পৃষ্ঠা:অনিমা গুহ.pdf/৩১০
104
59687
160039
158592
2022-07-30T07:44:24Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কেইবাগৰাকী সমাজ সংস্কাৰকৰ কৰ্মৰাজিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আমাক প্ৰভাৱিত কৰিছিল দেউতাহঁতে। আজি বড়ো অধ্যুষিত অঞ্চলবোৰত ডাইনী হত্যা সংঘটিত হৈ আছে সঘনে। মই কোকৰাঝাৰত ডাঙৰ হৈছো। কোনো দিনে ডাইনী হত্যাৰ কথা শুনা নাছিলো। ১৯৮৪ চনত যেতিয়া সেইবোৰ অঞ্চলত নৃতাত্ত্বিক গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ আহিছিলো তেতিয়া তথ্যৰ যোগান ধৰা গাঁৱৰ মুৰব্বীসকলে অতীতত প্ৰচলিত ডায়না-ডাইনীৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰি কৈছিল যে পৰৱৰ্তীকালত কাৰোবাক ডাইনী বুলি সন্দেহ কৰিলে তেওঁলোকক গাঁও এৰিবলৈহে কোৱা হৈছিল। হত্যা কৰা নাছিল। ঊনৈশ শতিকাৰ শেষৰ ফালৰ পৰা কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকলৈ বড়ো সমাজখনৰ সংস্কাৰ কৰিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মই। আমাৰ ধাৰণা তেওঁৰ প্ৰভাৱত অতীতৰ ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি লোপ পাইছিল। বৰ্তমানে কোনো সমাজকে পথ প্ৰদৰ্শন কৰিবলৈ কোনো উপযুক্ত ব্যক্তি নাই আৰু থাকিলেও তেওঁলোকৰ কথা শুনিবলৈ কাৰো সময় নাই। আজিৰ যুগত যাৰ হাতত আছে ক্ষমতা আৰু অৰ্থ তেৱেঁই আদৰ্শ। তাবিজ-মাদলি ওলমোৱা এনে ‘আদৰ্শ ব্যক্তি’ক আমি সমাজৰ অধঃপতনৰ কাৰণ বুলিহে ভাবো। নিজৰ ওপৰত যাৰ বিশ্বাস নাই, যেয়ে মানসিক শক্তি আহৰণ কৰিবলৈ নাঙঠ বাবাৰ ভৰিত লুটি খাই পৰে বা জ্যোতিষীৰ পৰা পাঁচটকীয়া পাথৰ পাঁচ হেজাৰত কিনে তেনে মানুহৰ ওপৰত আমাৰ আস্থা নাই। অথচ তেনে মানুহ আজি সংখ্যাত বেছি।
{{Center|{{larger|'''নষ্টালজিয়া'''}}}}
{{gap}}উপজিবৰ মুহূৰ্তৰে পৰা বায়’ল'জিকেল ঘড়ীটো টিক্টিকাই আছে। এতিয়ালৈকে যে বেটাৰী ডাউন হোৱা নাই ই পৰম সৌভাগ্য। ইতিমধ্যে আমাৰ সমসাময়িক অনেকৰ সেই ঘড়ীটোৰ টিক্টিকনি স্তব্ধ হৈছে। ৰাতিপুৱা সাৰ পাই ভাবো তেনেহলে এটা দিন বোনাচ পালো। আজিকালি প্ৰায়ে এৰি অহা অতীতৰ দিনবোৰলৈ মনত পৰে। নপৰিব কিয়? ভৱিষ্যৎতো নাই, অতীত আৰু বৰ্তমানেই শেষ সম্বল।
{{gap}}প্ৰায়ে মনত পৰে কটন কলেজত পঢ়া দিনবোৰলৈ। সপোনত প্ৰায়ে দেখো গণিতত ফেল কৰা, নাইবা পৰীক্ষা হল পাওঁতে পলম হোৱা, এডমিট কাৰ্ড হেৰোৱা ইত্যাদি। সপোনতে আফচোচ কৰো বি এছ চি পাছ কৰা নহ’ল বাবে। সহপাঠী বন্ধু (যাক ক্লাছ ফ্ৰেণ্ড বুলিয়ে কওঁ) সকললৈ মনত পৰে। গুৱাহাটীলৈ স্থায়ীভাৱে অহাৰ পাছত এবাৰ<noinclude>{{rh|'''৩০৮''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
cgxd5fzemfkxz9vv9npheyt9bh61v2v
পৃষ্ঠা:অনিমা গুহ.pdf/৩১১
104
59688
160043
158593
2022-07-30T08:15:08Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>তেওঁলোকক লগ পাবলৈ মনটো অস্থিৰ হৈ উঠিছিল। আহিয়ে শুনিছিলো আমাৰ ক্লাছৰ আটাইতকৈ ৰসিক ছাত্ৰ নৰেন গোস্বামী নাই। গতিকে বাকী ঘনিষ্ঠকেইজনমানক পাবলৈ মনটো ব্যাকুল হোৱা স্বাভাৱিক।
{{gap}}আমাৰ জমানাৰ (১৯৪৭ চন) নিয়মমতে কলেজৰ প্ৰথম দুটা বছৰ ছাত্ৰসকলৰ লগত বাক-বিনিময় কৰাত বাধা আছিল, যেন তেওঁলোক বাঘ আৰু আমি ছাগলী। অৱশ্যে বাঘ-ছাগলী সম্পৰ্কটোৰ আঁৰত কিছুমান কাৰণ নথকা নহয়। আমি নাম লগোৱাৰ কেইবছৰমান পাছলৈকে সহশিক্ষাৰ প্ৰচলন থকা কলেজতো ছাত্ৰ আৰু ছাত্ৰীয়ে পৰস্পৰৰ সৈতে বন্ধুত্ব কৰা দূৰৈৰ কথা বাক-বিনিময় কৰাৰো পৰিবেশ নাছিল। সেই সময়ত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা আছিল মুষ্টিমেয়। সমাজৰ অধিকাংশই আছিল ৰক্ষণশীল। আমাৰ তিনিশজনীয়া ক্লাছটোত ছোৱালীৰ সংখ্যা আছিল তেৰজনী। আজি ভাবিলে হাঁহি উঠে ছাৰহঁত ক্লাছত সোমোৱাৰ পাছতহে আমি ক্লাছত সোমাইছিলো আৰু তেওঁ ওলোৱাৰ আগত ওলাইছিলো। পিছে কেতিয়াবা দুই-এগৰাকী ছাৰৰ আচৰণহে আছিল বাঘৰ দৰে, ছাত্ৰৰ নহয়। আমাৰ সমাজত তেতিয়াৰ যুগত সহজভাৱে ল’ৰা-ছোৱালীৰ মাজত মিলা-মিচা কৰাৰ ৰীতি নথকাবাবেই নিয়মটো মানি লৈছিলো। ঘৰতো আত্মীয়-স্বজনৰ বা ঘৰুৱা বন্ধু-বান্ধৱৰ ল’ৰাৰ বাহিৰে আন কোনো ল’ৰাৰ লগত কথা কোৱা নাছিলো! যি কি নহওক সহশিক্ষাৰ কলেজত পঢ়িলেও আমি লগৰ ছোৱালীবোৰৰ লগতে কথা পাতিছিলো আৰু অফ্পি ৰিয়ডত সন্দিকৈ কলেজলৈ গৈ সেইখন কলেজৰ ছোৱালীৰ সৈতে আড্ডা মাৰিছিলো। পাণবজাৰত মাজে সময়ে পাক এটা মৰাও আমাৰ ৰুটিনৰ অন্তৰ্ভুক্ত আছিল। জামাতুল্লাত কোল্ড ড্রিংক, শ্বেখ ব্রাদাৰ্ছত কেক আৰু গুৱাহাটী ডায়েৰীত মিঠাই খোৱা আছিল আমাৰ নিচা।
{{Gap}}আজিৰ ছোৱালীবোৰে মুকলিমূৰীয়া হৈ অকলেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰে। আজিৰে পৰা যাঠি-সত্তৰ বছৰ আগতে খাটি খোৱা মেহনতী মহিলা বাহিৰলৈ ওলালেও তথাকথিত ‘ভদ্র’ পৰিয়ালৰ মহিলাই প্ৰয়োজনত লগ এটা লৈহে ওলাইছিল। মনত আছে আমাৰ মা-খুৰীহঁত দিনৰ পাছত দিন ধৰি ঘৰৰ চাৰিবেৰৰ মাজতে কটাইছিল। কেতিয়াবা ইঘৰ-সিঘৰলৈ যাবলগীয়া হ'লে ওৰণি-চৰণি লৈ আগে-পিছে দুটা ‘দেহৰক্ষী’ লৈহে গৈছিল। যোৱা যাঠি-সত্তৰ বছৰৰ ভিতৰতে দ্ৰুত গতিত সামাজিক পৰিবৰ্তন হোৱা দেখিলো। বৈপ্লৱিক পৰিবৰ্তন বুলিয়ে ক’ব পাৰি। বৰ্তমান যুগত এতিয়াৰ ছোৱালীৰ কথা বাদেই, আমি যিসকলে এসময়ত বাহিৰৰ কাম কৰাৰ কথা ভাবিব<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/'''৩০৯'''}}</noinclude>
72hide8kwdz5bgyam21439dmw1n3shq
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৩
104
59689
160045
158605
2022-07-30T08:20:24Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পৰা নাছিলো তেওঁলোকেই এতিয়া হাতত মোনাখন লৈ হাট-বজাৰ কৰো, ৰন্ধন গেছৰ বাবে শাৰী পাতো, বিজুলী-ফোন আদিৰ বিল দাখিল কৰো, ঠেলা-হেঁচা কৰি পাব্লিক বাছত ঘূৰি ফুৰো। আমাৰ বাহিৰে কোনো এটা যুগৰ মানুহে নিজৰ জীৱনকালত ইমান দ্রুত গতিত সামাজিক পৰিবৰ্তন দেখা নাই।
{{gap}}চল্লিশ-পঞ্চাশৰ দশকত কলেজত পঢ়া সহপাঠীসকলৰ কথা উলিয়াইছিলো, অবাধ্য কলমে বেলেগ বাটেৰে এপাক ঘূৰাই আনিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বাঘ-ছাগলী সম্পৰ্কটো বি এছ চি ক্লাছত শিথিল হ’বলৈ ধৰিছিল, বিশেষকৈ প্রেকটিকেল ক্লাছত। ধীৰে ধীৰে নিৰ্ভেজাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল পৰস্পৰৰ মাজত। তাৰ পাছত এদিন কলেজৰ পৰা পাছ কৰি ওলাই সকলোৱে জীৱন যুদ্ধত ব্যস্ত হৈ পৰিলো । বন্ধু-বান্ধৱীৰে যোগাযোগ বিচ্ছিন্ন হ’বলৈ ধৰিলে। আজিৰ দৰে ম'বাইল ফোন, ফেচবুক, ইণ্টাৰনেট, ই-মেইল আদি যোগাযোগৰ মাধ্যম থকা হ'লে হয়তো চকুৰ বাহিৰে হ’লে মনৰো বাহিৰ হ’বলগীয়া অৱস্থা নহ'লহেঁতেন।
{{gap}}কিন্তু এহো বাহ্য। সঁচা অৰ্থত মনৰ বাহিৰলৈ যে যোৱা নাছিল তাক উপলব্ধি কৰিলো ব্যস্ততাৰে ভৰা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত। বহু বছৰ অসমৰ বাহিৰত কটাই যোৱা শতিকাৰ নব্বৈৰ দশকত গুৱাহাটীলৈ স্থায়ীভাৱে আহি প্ৰথমতে কিয় মনত পৰিল সহপাঠীসকললৈ? মনৰ কোনোবা কোণত আছিল বাবেহে। সকলোকে একেলগে লগ পাবলৈ মনটো ব্যাকুল হৈ পৰিছিল। এনেতে এখন বিয়াত হঠাতে লগ পালো ভুবনক। ভুবন হ’ল খ্যাতনামা নৃতত্ত্ববিদ ড° ভুবনমোহন দাস, যাৰ খ্যাতি ভুবনজোৰা। তেওঁক মই চেমিনাৰ-কনফাৰেন্স আদিত দিল্লী-কলকাতাত মাজে
মাজে লগ পাইছিলো, কনফাৰেন্স আদিৰ সভাপতি বা মুখ্য আলোচক হিচাপে। দিল্লীত অনুষ্ঠিত আন্তর্জাতিক নৃতাত্ত্বিক কনফাৰেন্সত তেওঁ পৰিচালনা কৰা চেমিনাৰত মই গৱেষণাপত্ৰ এখন পাঠ কৰিছিলো। পিছে তেনে পৰিস্থিতিত তেওঁক বন্ধু হিচাপে পোৱা সম্ভৱ নাছিল। তাৰে মাজত অৱশ্যে এদিন সময় ওলাইছিল। কনফাৰেন্সত যোগদানকাৰী দেশ-বিদেশৰ প্ৰতিনিধিসকলক দিল্লী দৰ্শন কৰাবলৈ কেইবাখনো বিলাসী গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। তাৰে এখনত ভুবনৰ সহযাত্ৰী হৈছিলো ‘ক্লাছফ্ৰেণ্ড’ হিচাপে।
{{gap}}যি কি নহওক, বিয়া ঘৰত তেওঁক জোৰ দি ক’লো পুৰণি সহপাঠীসকলক যেনে-তেনে একেলগ কৰিবলৈ। ফলত কেইদিনমানৰ ভিতৰতে ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা আবেলি আমি এক ডজন প্রাক্তন কটনিয়ান সহপাঠী বন্ধু সমবেত হ’লো ভুবনৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩১১'''}}</noinclude>
o3cpz6tvct12q7zit1cm7myixpv1qg5
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৪
104
59690
160047
158606
2022-07-30T08:30:38Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পাণবজাৰৰ ঘৰত কটন কলেজ এৰাৰ সাতচল্লিশ বছৰ পাছত। নিমিষতে আমাৰ বয়স সাতচল্লিশ বছৰ কমি আহিছিল। চকুৱে-মুখে আটাইৰে মুখত বিৰিঙি উঠিছিল নির্ভেজাল আনন্দৰ চিন। পুৰণি দিনবোৰ ডেউকা লগাই উপস্থিত হ’ল আমাৰ আগত। ইতিমধ্যে আমি যে ককা-আইতা হ’লো, চুলিত ৰূপোৱালী ৰং লাগিল, কেইটামান দাঁতো সৰিল পাহৰি গৈছিলো। যোৱা প্ৰায় পঞ্চাশ বছৰ জুৰি কি কৰিলো, আমাৰ ল'ৰা-ছোৱালী, পতি-পত্নী, নাতি-নাতিনী ইত্যাদি সেই আলোচনাৰ মাজলৈ নাহিল। কাৰণ তেতিয়া আমি ঊনৈশ-কুৰি বছৰীয়া কটনিয়ান। আমাৰ আলোচনাৰ মুখ্য বিষয় আমাৰ ছাৰসকল। কটন কলেজৰ স্মৃতিয়ে প্রৌঢ়ত্বৰ শেষ সীমা পোৱা আমিসকলক যেন পুনৰুজ্জীৱিত কৰি তুলিলে। সিদিনাৰ মিলনসভা বা ইংৰাজীত ক’বলৈ গ'লে get together ত উপস্থিত আছিল থানুৰাম দাস, নিলয় দাস, ধীৰেন চৌধুৰী, ৰণেন বৰুৱা, ভুবনমোহন দাস, মাখনলাল দাস, মণি দেৱী, অনসূয়া হাজৰিকা (আগৰ চৌধুৰী), তুলতুল বৰুৱা (আগৰ ভৰালী), ৰেণুপ্ৰভা বৰদলৈ (আগৰ মমিন), কমলা দাস (আগৰ বৰুৱা) আৰু
মই অনিমা গুহ (আগৰ দাস)।
{{Gap}}আগৰ আৰু পাছৰ উপাধি লিখিবলগা বিবাহিতা নাৰীক আজি মই পুতৌ কৰো। নিজকো। আজিকালি এটা নতুন ষ্টাইল ওলাইছে— পিতৃ আৰু স্বামী দুয়োৰে উপাধি লিখাটো। আমাৰ যুগত ব্যক্তি স্বতন্ত্রতাৰ ধাৰণাটো বোধকৰো মহিলাৰ মাজত গঢ়ি উঠা নাছিল। মই পিছে পছন্দ কৰো উপজিবৰ সময়ত যিটো চিনাকি লৈ ওপজে গোটেই জীৱন তাকে বহন কৰা। অতি কমসংখ্যক মহিলাই নিজৰ চিনাকি বজাই ৰাখে। বিয়াৰ পাছত স্বামীৰ উপাধি গ্রহণে কেনেকৈ নিজৰ চিনাকি নিৰ্ধাৰণত খেলি- মেলি লগায় তাৰ এটা উদাহৰণ মই নিজে। কিছুদিনৰ আগতে হোমেন বৰগোহাঞিদেৱে অমুলেন্দু গুহৰ প্ৰশস্তি গাই লিখা ৰচনাখনত উল্লেখ কৰিছিল যে তেওঁ অসমীয়া ছোৱালী বিয়া কৰাইছে। তাৰ পাছত কেইবাজনৰ পৰা ফোন পালো— আপুনি অসমীয়া বুলি জনা নাছিলো। আগৰ মানুহে মই কি জানে যদিও আজিৰ প্ৰজন্মই নজনাটো স্বাভাৱিক।
{{Gap}}নিৰুপমা বৰগোহাঞিৰ বিষয়েও অনেকৰ ভুল ধাৰণা আছে। এদিন তেওঁৰ সাহসিকতাৰ কথা ডেকা এজনক কৈছিলো। ডেকাজন নামনি অসমৰ। মোৰ কথা শুনি ডেকাই ক'লে যে উজনি অসমৰ আহোম ছোৱালী সাহসী হয়েই। জন্মগতভাৱে নিৰুপমা উজনিৰো নহয়, আহোমো নহয়। উত্তৰ শুনি ডেকাই ভেকাহি মাৰি ক'লে, ‘আপোনালোকৰ মান-সন্মানবোধ নাই। আজি এটা নাম, কাইলৈ আন এটা। এইবাবেই<noinclude>{{rh|'''৩১২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
4es9nsiyuviurwb4bn73ou2pseacfif
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৫
104
59691
160048
158607
2022-07-30T08:34:48Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নির্যাতিত হৈ মৰে’। তেওঁৰ কথা মই শতকৰা এশ ভাগেই মানি লৈছো। পিতৃতান্ত্রিক সমাজখনৰ নীতি-নিয়মবোৰ সঁচাকৈয়ে জটলগা। আমাৰে নহয়, আমেৰিকাৰ কিছুমান তুলনামূলকভাৱে পিছপৰা অঞ্চলৰ ৰাইজো নীতি-নিয়ম সম্পর্কে সজাগ। এনে এখন ৰাজ্য দক্ষিণৰ আৰাকানছাছ। বিল ক্লিনটন বর্তমানে নিউয়ৰ্ক ৰাজ্যত থাকে যদিও তেওঁৰ মূল ঘৰ আৰাকানছাছত। প্ৰেছিডেণ্ট হোৱাৰ আগতে তেওঁ কেইবাবাৰো আৰাকানছাছৰ গৱৰ্ণৰ পদৰ বাবে নিৰ্বাচিত হয়। হিলাৰীৰ লগত বিয়া হোৱাৰ পাছত নিৰ্বাচনত এবাৰ তেওঁ পৰাজিত হৈছিল। কাৰণটো আছিল হিলাৰী। তেতিয়ালৈকে
স্বামীৰ উপাধি তেওঁ গ্ৰহণ কৰা নাছিল। পৰাজিত হোৱাৰ পাছত জনা গ'ল স্বামীৰ উপাধি নোলোৱা ঘোৰ নাৰীবাদীক বিয়া কৰোৱা ব্যক্তি যিমানে উপযুক্ত নহওক ৰাইজক নালাগে! তেতিয়াৰে পৰা হিলাৰীয়ে নামৰ পাছত পূৰ্বৰ উপাধি ৰোধামৰ নেগুৰত ক্লিনটনকো আৰি লৈছে। ফলত পিছৰবাৰ গৱৰ্ণৰতো হ’লেই এটা সময়ত প্ৰেছিডেণ্টো হ’ল দুটা টাৰ্মৰ বাবে। আমেৰিকাত প্ৰেছিডেণ্টে দুবাৰতকৈ অধিক টাৰ্মৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰা নিয়ম বর্তমানে নাই।
{{gap}}আমাৰ মিলনসভাখনলৈ উভতি যাওঁ৷ সাধাৰণতে কটন কলেজৰ ছাত্ৰ-ছাত্ৰী জীৱনত সফল হয়েই। সিদিনা একেলগ হোৱাসকলৰ মাজত আছিল স্কুল-কলেজ-বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা কৃতী শিক্ষক-অধ্যাপক-গৱেষক, আছিল উচ্চ পদস্থ প্রশাসনিক বিষয়া, চাহ উদ্যোগৰ কৰ্ম-কৰ্তা, মীনপালন বিভাগৰ শিক্ষা সংক্রান্ত অনুষ্ঠানৰ অধ্যক্ষ, মহানগৰ উন্নয়ন প্রকল্পৰ বিশেষজ্ঞ আৰু লেখিকা। একমাত্র লেখিকাসকলৰ বাহিৰে বাকী আটায়ে আছিল অৱসৰপ্ৰাপ্ত। সিদিনা কোনেও কাৰো কৰ্মজীৱনত কিমান উন্নতি কৰিলে জানিবলৈ আগ্রহী নাছিল। এক মধুৰ আবেগে আমাক আপ্লুত কৰি ৰাখিছিল।
{{Gap}}সিদিনাৰ স্মৃতি স্মৰণীয় কৰি ৰাখিবলৈ ফটো তোলাৰ ব্যৱস্থা কৰি থৈছিল ভুবনে। আমি তেওঁলোকৰ ছাদলৈ গৈছিলো ফটোগ্ৰাফাৰজন অহাৰ পাছত। ভুবনৰ পত্নী ড° মঞ্জুমালা দাস এগৰাকী সুৰুচিসম্পন্না মহিলা। ছাদত গঢ়ি তুলিছে এখন অপূর্ব ফুলনি। আমাৰ মনবোৰৰ দৰে সিদিনা বতৰটোও আছিল বন্ধুভাবাপন্ন। নাতিশীতোষ্ণ।
{{gap}}মঞ্জুমালাৰ গুণৰ অন্ত নাই। তেওঁ সন্দিকৈ কলেজৰ অধ্যাপিকা, সুকণ্ঠী আবৃত্তিকাৰ আৰু অতি ওখখাপৰ ৰান্ধনীও। নানা ধৰণৰ exotic খাদ্য নিজহাতেৰে তৈয়াৰ কৰি আমাক আপ্যায়িত কৰাই নহয় নিজে আঁতৰি থাকি সাতচল্লিশ বছৰ পাছত একেলগ হোৱা সহপাঠীসকলক আড্ডা মাৰিবলৈ সুযোগ দিছিল। সিদিনা সিদ্ধান্ত লৈছিলো যে প্রতিমাহতে নহ'লেও মাজে মাজে আমি লগ হ'ম। নির্মল আনন্দৰ সোৱাদ কাক<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩১৩'''}}</noinclude>
jesjgkj1fvgxdrznosqc5xb9xa97b31
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৭
104
59692
160052
158621
2022-07-30T08:57:52Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বোলে সিদিনা আমি মর্মে মর্মে উপলব্ধি কৰিছিলো। আমাৰ ইচ্ছা আছিল আগলৈ মিলন সভা ডাঙৰকৈ পাতিম য’লৈ আমন্ত্রণ জনাম সকলো সহপাঠী বন্ধু-বান্ধৱীক। কিন্তু সেয়া সম্ভৱ নহ'ল যদিও সৰু সুৰাকৈ আমি প্রতিমাহে ইজন-সিজনৰ ঘৰত একেলগ হৈছিলো। এদিন লগে-ভাগে গৈছিলো চন্দ্ৰপুৰলৈ আৰু এদিন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰিবলৈ। সিদিনা অৱশ্যে Spouse সকলো নিমন্ত্রিত আছিল।
{{gap}}ইংৰাজী Spouse শব্দটো ব্যৱহাৰ কৰা বাবে হয়তো মই সমালোচিত হ’ম। সুবিধাৰ বাবে Cousin শব্দটো মাজে মাজে ব্যৱহাৰ কৰো অসমীয়াত ইয়াৰ প্ৰতিশব্দ নথকা বাবে। কিন্তু এই শব্দটোৰ ব্যৱহাৰ বহুতে পছন্দ কৰা নাই, আনকি মোৰ আপোন খুৰাৰ পুতেকেও। ‘মোৰ আপোন খুৰাৰ পুতেক’ৰ সলনি মোৰ প্ৰথম কাজিন বুলি ক'লেই সম্পৰ্কটো বহলাই কোৱাৰ প্ৰয়োজন নহয়। কাৰোবাৰ লগত থকা সম্বন্ধ যিমানে দূৰলৈ যায় অসমীয়াত বুজাবলৈ সিমানে কঠিন। এওঁ মোৰ থাৰ্ড কাজিন বুলি কোৱাৰ লগে লগে বুজা যায় যে আমাৰ দেউতাৰ (বা মাৰ) দেউতাকৰ দেউতাকহঁত
আপোন ভাই-ভনী (বা ভাই বা ভনী) আছিল। এইখিনি কথা অসমীয়াত বুজাবলৈ মগজুৰ কিমান যে কচৰৎ কৰিবলগীয়া নহয়! গতিকে কাজিন শব্দটো পছন্দ কৰো। পিছে মই কৰিলে কি হ’ব অসমীয়া ভাষাৰ পৱিত্ৰতা যদি নষ্ট হয় মই তাকে মানি ল’ব লাগিব। সেই বুলি আমাৰ ভাষাত ইতিমধ্যে অসংখ্য ইংৰাজী শব্দ নোসোমোৱাকৈ থকা নাই, যিবোৰক আমি আজি আৰু ইংৰাজী বুলি নাভাবো। অভিধানত এটা বা দুটা শব্দেৰে বুজাব পৰা কাজিনৰ অসমীয়া অৰ্থ বিচাৰি নাপালো। একেদৰে স্পাউছ মানে স্বামী বা স্ত্রী যদিও সিদিনা হাজোলৈ যাওঁতে আমাৰ সহপাঠীসকলৰ স্পাউছো
গৈছিল বুলি নকৈ ইংৰাজীবৰ্জিত ভাষাত ক’বলৈ হ'লে ক’ব লাগিব পুৰুষ সহপাঠীসকলৰ পত্নী আৰু মহিলা সহপাঠীসকলৰ স্বামীও গৈছিল। যাওক বাৰু এইবোৰ কথা। মই ভাষাবিদ নহওঁ, সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কৈছিলো।
{{gap}}কিছুমান ইংৰাজী শব্দ, অসমীয়া আৰু বাংলাত এনেকৈ সোমাই গৈছে যে ইংৰাজীৰ ই-টো নজনা নিৰক্ষৰ মানুহেও নিজৰ ভাষা বুলি ধৰি লৈ সেই শব্দবোৰ ব্যৱহাৰ কৰে। কেতিয়াবা কিন্তু সঠিক প্রয়োগ নহয়। টেম্প’ৰাৰী ব্রাদাৰৰ কথা আগতেই কোৱা হৈছে। এজনী পাৰ্টটাইম বায়ে পূজাৰ কাপোৰ কিনি মোক দেখুৱাবলৈ আহিছিল। দাম কিমান সোধাত ক’লে, ‘হওঁতে দুশ টকাই খুজিছিল, মই ‘কোশ্চেন’ কৰি কৰি ডেৰশলৈ নমালো’। তেওঁ ক'ব খুজিছিল বার্গেন, হ’লগৈ কোশ্চেন।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩১৫'''}}</noinclude>
834wzwk4jzei2e8uctc7ktxtai5fx3n
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৮
104
59693
160054
158620
2022-07-30T09:00:00Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>
{{gap}}কেতিয়াবা আকৌ তেওঁলোকে অসমীয়া বা বাংলা শব্দটোকে নাজানে। কলকাতাত এদিন গৃহস্থ আৰু মই ৰিক্সাৰে এঘৰলৈ গৈ আছিলো। ঘৰটোৰ কাষত এটা পুখুৰী আছে। কিছুদূৰ অহাৰ পাছত আমি বাট হেৰুৱালো। ৰিক্সাৱালাক গৃহস্থই ক'লে, ‘সৰোবৰৰ কাষলৈ লৈ যাওক, আমি ঘৰটো বিচাৰি পাম'। তেওঁ ঘূৰিয়ে আছে ঘূৰিয়ে আছে সৰোবৰ নোলায়হে নোলায়। অৱশেষত সৰোবৰ দৃষ্টিগোচৰ হ’ল। এওঁ ক’লে,— ইয়াতেই ৰিক্সা চলায় আপুনি সৰোবৰ চিনি নাপায়?’ ‘কি সৰবৰ সৰবৰ কৰি আছে,এইটোতো লেক্।' এওঁক মই কৈছিলো পুকুৰ (পুখুৰী) বুলি ক'লে ৰিক্সাৱালাইবুজিলেহেঁতেন। তেওঁৰ হেনো ধাৰণা বিৰাট লেক্টোক পুকুৰ বুলি ক'লে ৰিক্সাৱালাই নুবুজিলেহেঁতেন।
{{gap}}লেকৰ কাহিনীটো গৃহস্থৰ বন্ধু এজনক কৈছিলো। এই সন্দৰ্ভত ঢাকাত হোৱা তেওঁৰ একেধৰণৰ অভিজ্ঞতাৰ কথা ক’লে। ঢাকা বিশ্ববিদ্যালয়লৈ গৈছিল তেওঁ ৰিক্সাৰে। ঢাকাৰ ৰিক্সাবোৰ বৰ ধুনীয়া দেই। যি কি নহওক ৰিক্সাৱালাই ঢাকা বিশ্ববিদ্যালয় চিনি নাপায়। বন্ধুজনে বিমোৰত পৰি দোকান এখনৰ সন্মুখত নামি বিশ্ববিদ্যালয়ৰ অৱস্থান সম্পর্কে ৰিক্সাৱালাক ক’বলৈ দোকানীজনক অনুৰোধ কৰিছিল। ৰিক্সাৱালাই
আমাৰ বন্ধুজনক ভেকাহি মাৰি কৈছিল, ইউনিভাৰ্ছিটি বুলি নকয় কিয় ? মিছাকৈ মোক ইমান ঘূৰালে।’ বন্ধুজনক কৈছিলো তেওঁনো কিয় বিশ্ববিদ্যালয় বুলি কৈছিল। বাংলাদেশৰ মানুহে বাংলা ভাষাক অতি শ্রদ্ধা কৰে। ভাষাক কেন্দ্ৰ কৰিয়েতো পাকিস্তানৰ লগত যুদ্ধ হ’ল আৰু জয়ী হৈ স্বাধীন বাংলাদেশ গঠন কৰিলে। তেওঁলোকৰ বাংলা নিষ্কলুষ। পশ্চিমবংগৰ মানুহৰ দৰে ইংৰাজী ব্যৱহাৰ নকৰে। তেৱোঁ আমাৰ গৃহস্থৰ দৰে
ভাবিছিল সাধাৰণ ৰিক্সাৱালাই ইউনিভাৰ্ছিটি ক’লে বুজি নাপাব নিশ্চয়।
{{gap}}সহপাঠী বন্ধুসকলৰ কথা উলিয়াই বাহিৰা কথা বহুত কোৱা হ'ল। ইতিমধ্যে আমাৰ বাৰজনীয়া সহপাঠীকেইজনৰ মাজৰ চাৰিজনেই ছবি হৈ বেৰত ওলমি আছে। ছবি হৈছে আৰু অনেক সহপাঠী। ছবিয়ে কথা ক’বলৈ নাজানে, কিন্তু সেই ছবিৰ মাজত কত স্মৃতি যে জীয়াই আছে! ৰোহিনী কাকতীয়ে হেনো মোৰ লগত ফোনেৰে যোগাযোগ কৰি উষ্ণ সম্ভাষণ পোৱা নাছিল, কথাষাৰ তেওঁৰ মৃত্যুৰ পাছত এজনে কৈছিল। মই বাৰু ৰোহিনী কাকতী বুলি চিনাকি দিলে কেনেকৈ চিনি পাম। ৰোহিনীক আমি ‘কপাৰ চালফেট’ বুলিহে জানো। ক’ব লাগিছিল কপাৰ চালফেট, ফোনৰ বিল ক'ৰবাত উঠিলগৈহেঁতেন। কেমেষ্ট্রি প্রেকটিকেল ক্লাছত ৰোহিনীয়ে এই নামটো পাইছিল। ব’টানী প্রেকটিকেল ক্লাছত প্রভাত শৰ্মাই কিয় ‘ovule’ নামটো ল'বলগা<noinclude>{{rh|'''৩১৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
66ts4sramk2m9r7uehc5su4mrit7pjz
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৯
104
59694
160055
158619
2022-07-30T09:02:39Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হৈছিল মনত পেলাব পৰা নাই। তেওঁ নাই, অৰুণ নাই, মনোমামা নাই। মুঠতে নাইৰ তালিকাখন গধুৰ হৈ গৈ আছে। এদিন হঠাতে ডাঃ ৰজনী দাসে ফোন কৰিলে ডাঃ মালতী বৰুৱাৰ পৰা ফোন নম্বৰটো লৈ । দুয়ো আমাৰ সহপাঠী, যিমান দূৰ মনত পৰে ৰজনী দাস, অসিত কুমাৰ দেশমুখ প্ৰমুখ্যে আই এছ চি পাছ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ যোৱা সহপাঠী ছাত্ৰসকলৰ লগত বোধকৰো কথা পাতি পোৱা নাছিলো। আগতেই কোৱা মতে কলেজৰ প্ৰথম দুবছৰ ল'ৰাৰ লগত কথা কোৱা আছিল নিষিদ্ধ। এতিয়া তেওঁলোকৰ লগত বন্ধু হিচাপে কথা পাতো। ডাঃ চক্ৰেশ্বৰ দাসো কথা পাতি নোপোৱা সহপাঠী আছিল। পাছত মোৰ ভনী প্রতিমাক তেওঁ বিয়া কৰাই ভনীজোঁৱাই হ’ল। আমাৰ আন এজন সহপাঠী নীহাৰ লস্কৰ কেন্দ্ৰীয় মন্ত্রীসভাৰ মন্ত্ৰী আছিল। তেৱোঁ ফটো হৈ গৈছে। ফটোৰ সংখ্যা গধুৰ হৈ গৈ আছে।
{{Center|{{larger|'''মোৰ যদি দুখন পাখি থাকিলহেঁতেন'''}}}}
{{gap}}পাখি দুখন থকা হ’লে পৃথিৱীৰ চুকে-কোণে ঘূৰি ফুৰিলোহেঁতেন। আখৰ চিনিবৰ আগতেই দেউতাই চিনাকি কৰি দিছিল পৃথিৱীৰ মানচিত্ৰখনৰ সৈতে। বাইদেউ অনিতালৈ অনা গ্ল’বটোৰ সৈতেও মোৰ চিনাকি জ্ঞান হোৱাৰে পৰা। দেউতাই বিশ্বাস কৰিছিল বাহিৰৰ বিশ্বখনক নাজানিলে মানুহ কূপমণ্ডুক হৈ থাকে। সেয়েহে তেওঁৰ সাধ্যানুযায়ী আমাক চাৰিবেৰৰ মাজৰ পৰা মাজে-সময়ে উলিয়াই নিছিল। বাহিৰৰ জগতখনৰ প্ৰতি আকর্ষণ মোৰ তেতিয়াৰে পৰা। সোঁ শৰীৰে সদায় ওলোৱা অসম্ভৱ। গতিকে কল্পনাত ডেউকা লগাই বিশ্বব্রহ্মাণ্ড চলাথ কৰি ফুৰো। সংস্কৃতত যাক কোৱা হয় মনসা মথুৰাং গচ্ছামি।
{{gap}}কল্পনাত পাখি লগাই ফুৰিবলৈ বৰ ভাল। টিকট, পাছপ'ৰ্ট, ভিছা একো নালাগে। নীলা আকাশৰ বুকু ফালি উৰিবলৈ, উৰি উৰি পাহাৰ-পৰ্বত, নৈ-সমুদ্ৰ পাৰ হোৱাত যি উত্তেজনা আৰু আনন্দ গাড়ী-মটৰ-ট্ৰেইন-প্লেনত সেই আনন্দ বিচাৰি নাপাওঁ। যান-বাহনত উঠাৰে পৰা ননমালৈকে মনটো আতংকতে নিমজ্জিত হৈ থাকে। ট্ৰেইনত চোৰ-ডকাইত উঠিল নেকি, সন্ত্রাসবাদীয়ে লুকুৱাই ৰখা বোমা ফাটিব নেকি? ৰে'ল লাইন উঘালিলে নেকি?বাছতো একেই চিন্তা— মুখামুখি সংঘৰ্ষত স্পট ডেথ্ হয় নেকি? বিমানত তো আৰু ভয়। কোনোবা বিমান দস্যুই হাইজেক কৰিলে নেকি? যান্ত্রিক বিজুতি ঘটি সমুদ্রত বা হাবি-জংঘলত চূৰ্ণ-বিচূৰ্ণ হৈ সৰি পৰে নেকি ইত্যাদি<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩১৭'''}}</noinclude>
6lzsknp1b76djtipvddj5onc1r27qil
পৃষ্ঠা:অনিমা গুহ.pdf/৩২০
104
59695
160060
158618
2022-07-30T09:16:44Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হৰেক ৰকমৰ চিন্তা। তাৰ পাছত আছে টকাৰ চিন্তা। সাতে-পাঁচে আজিকালি ডেউকাক আশ্ৰয় কৰিয়ে ফুৰিবলৈ ভালপোৱা হৈছো। তদুপৰি টিভিতে আজিকালি দেখিবলৈ পোৱা যায় পৃথিৱীখন। বুঢ়া বয়সত এইদৰে বিশ্বদৰ্শন কৰিয়ে সন্তুষ্ট হৈ আছো। বাংলা ভাষাত ইয়াকে কয় ‘দুধেৰ স্বাদ ঘোলে মেটানো'।
{{gap}}যি কি নহওক বাৰ্ধক্যৰ আগমনৰ আগলৈকে দিহিঙে-দিপাঙে ঘূৰি ফুৰিছো। অৱসৰগ্ৰহণ কৰাৰ পাছত গুৱাহাটীলৈ উভতি আহি উপলব্ধি কৰিছিলো উত্তৰ-পূৰ্বাঞ্চলখনেই চোৱা হোৱা নাই। অথচ এই অঞ্চলক ভূস্বৰ্গ বুলি ক'ব পাৰি। তদুপৰি ঘৰৰ কাষতে।
{{gap}}মনে মনে থিৰাং কৰিলো বয়সে বিধি-পথালি দিয়াৰ আগতে উত্তৰ-পূৰ্বাঞ্চলৰ পর্বতে-ভৈয়ামে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিব লাগিব। ভাবি আচৰিত হৈছিলো ইমান বছৰে অৰুণাচল বা মণিপুৰ দৰ্শন কৰাৰ কথা ভবা নাছিলো কিয়? ইয়াৰ উত্তৰ পাইছো ৰবীন্দ্ৰনাথৰ কবিতাত। আচৰিত হৈ ভাবো জীৱনৰ যিকোনো পৰিস্থিতি চম্ভালিবলৈ আৰু যিকোনো বিপদ-আপদৰ সন্মুখীন হ’বলৈ এশ বছৰ আগতে তেওঁ লিখি থৈ গৈছে। সেয়েহে আনন্দতো তেওঁক পাওঁ, দুখতো পাওঁ, বিপদতো পাওঁ। তেওঁ আমাৰ পৰম সুহৃদ।
{{center|{{larger|'''‘A Jewel of India’ মণিপুৰলৈ'''}}}}
{{gap}}ৰবীন্দ্ৰনাথ ঠাকুৰে দেশ ভ্ৰমণৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰিছে কবিতাৰ মাজেদি—
<poem>{{gap}}‘বহুদিন ধৰে বহু ক্রোশ দূৰে
{{gap}}বহু ব্যয় কৰি বহু দেশ ঘুৰে,
{{gap}}দেখিতে গিয়েছি পর্বতমালা
{{gap}}দেখিতে গিয়েছি সিন্ধু।
{{gap}}দেখা হয় নাই চক্ষুমেলিয়া
{{gap}}ঘৰ হতে শুধু দুই পা ফেলিয়া,
{{gap}}একটি ধানেৰ শিষেৰ ওপৰে
{{gap}}একটি শিশিৰ বিন্দু।'</poem>
{{Gap}}মোৰ ক্ষেত্ৰত ই এশভাগেই সঁচা। ভাৰতৰ ভিতৰে বাহিৰে বহু ঠাই ফুৰিলো, কিন্তু<noinclude>{{rh|'''৩১৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
os3z02y4d275zikkvg7ivfel6jn2kgt
পৃষ্ঠা:অনিমা গুহ.pdf/৩২৪
104
59699
160067
158614
2022-07-30T09:52:38Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্রত্যাহাৰ নকৰালৈকে আমৰণ অনশনত বহিবলৈ সিদ্ধান্ত লয়। এই অনশনক আত্মহত্যাৰ
প্ৰচেষ্টা বুলি ধৰি লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰামতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আজি এঘাৰ বছৰ ধৰি এই লৌহমানৱী বন্দী অৱস্থাত অনশনৰত হৈ আছে। অহিংস
আন্দোলনৰ পূজাৰী শৰ্মিলা গান্ধীবাদী। চৰকাৰে জোৰ কৰি তেওঁক নাকেৰে জুলীয়া
পদাৰ্থ খুৱাই আছে।
{{gap}}উত্তৰ-পূৰ্বাঞ্চল যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মানুহৰ দ্বাৰা
উপেক্ষিত তাৰ প্ৰমাণ আমি খোজেপতি পাওঁ। আন্না হাজাৰে আৰু শৰ্মিলা দুয়ো
অহিংসাৰ পূজাৰী আৰু দুয়ো ন্যায়সংগত কাৰণে আমৰণ অনশনত ব্ৰতী হৈছিল।
আন্না হাজাৰেৰ ক্ষেত্ৰত চৰকাৰ, জনসাধাৰণ আৰু মিডিয়াই তেৰ দিনৰ অনশনতেই
যিটো ভূমিকা ল’লে শৰ্মিলাৰ ক্ষেত্ৰত তাৰ সামান্যতম লৈছেনে? নাই লোৱা। কিয়
এই বৈষম্য। প্রথম কাৰণ শৰ্মিলা পূৰ্বভাৰতৰ, দ্বিতীয়তে তেওঁ মহিলা। পৃথিৱীৰ বহু
ঠাইৰ পৰা শৰ্মিলাই মান-সন্মান, বঁটা পাইছে। মানৱ অধিকাৰ কৰ্মীবৃন্দই তেওঁৰ নামত
সংস্থা গঠন কৰিছে, বহুতে তেওঁৰ সন্মানাৰ্থে কবিতা, গ্ৰন্থ আদি ৰচনা কৰিছে, মহাশ্বেতা দেৱীয়ে বর্তমান শতিকাটোক ইৰম শর্মিলা শতিকা বুলি অভিহিত কৰিছে। কিন্তু
ভাৰত চৰকাৰ অলৰ-অচৰ। মনত প্রশ্ন জাগে মাওবাদী অধ্যুষিত এলেকাত এই
আইনখন বলৱৎ কৰা নাই কিয়?
{{gap}}সেনা বাহিনীৰ চকুত মণিপুৰীয়ে নহয় অসমীয়া মানুহ মাত্রেই উগ্রপন্থী। ২০১১
চনত আমাৰ ম'বাইলবোৰৰ কাকত-পত্ৰ নৱীকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা
নির্দেশ আহিছিল। উদ্দেশ্য উগ্রবাদীৰ সন্ধান কৰা। বাহিৰৰ পৰা অহাসকলৰ ম'বাইল
ফোনবোৰ অচল হৈ গৈছিল অসমত সোমোৱাৰ লগে লগে। এই আদেশ এতিয়া
তুলি লোৱা হৈছে। কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রযোজ্য নীতি-নিয়মবোৰ
ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰয়োগ কৰা নহয়। যেন সেইবোৰ ঠাইত শান্তি বিৰাজমান,
যেন মাওবাদীসকল হাবি এৰি ঘৰলৈ উভতিছে, যেন মুম্বাই-দিল্লীত উগ্রবাদী নাই,
যেন এইবোৰ ঠাইত কোনো দিনে বোমা বিস্ফোৰণ ঘটা নাই।
'''মণিপুৰ পালোহি''' : মণিপুৰৰ লগত গুহ পৰিয়ালৰ সম্পৰ্ক এক শতাব্দীজোৰা। পূর্বে কোৱা হৈছে যে কুৰি শতিকাৰ প্ৰথম দশকত বৰ্তমান বাংলাদেশৰ টাঙাইলৰ (তেতিয়া ভাৰতৰ অংগ আছিল) পৰা শিক্ষকতা কৰিবলৈ ইম্ফললৈ আহিছিল যামিনী সুন্দৰ গুহ। ১৯৩৭ চনত অৱসৰ গ্ৰহণ নকৰালৈকে তেওঁ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান<noinclude>{{Left|৩২২/ বাকীছোৱা জীৱন}}</noinclude>
rue9pd5labmeh71uj3rg1wep0xk3wvt
পৃষ্ঠা:অনিমা গুহ.pdf/৩২৬
104
59701
160066
158612
2022-07-30T09:49:46Z
Pallabi Dutta.Baruah
2125
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নাই। বান্ধটোৰ কাষতে থকা পাহাৰ এখনৰ উচ্চ শিখৰত থকা এডোখৰ সমতল
ভূমিলৈ অকোৱা পকোৱা আধা নির্মিত বাট এটাৰে মাৰুতি-জিপছিত উঠি গৈছিলো।
নামিয়ে চকুৰ আগত দেখিলো চিৰহৰিৎ পর্বতমালাৰ এক দিগন্ত প্ৰসাৰিত দৃশ্য।
দুনয়ন ভৰি দেখিলো চৌদিশে বিয়পি থকা পাহাৰ-উপত্যকা, পথাৰ প্ৰান্তৰত সেউজীয়া
বৰণটোৰ বিভিন্ন মাত্রাৰ ঘনত্ব। বোধকৰো এনেকুৱা কোনোবা এডোখৰ ঠাইত থিয়
হৈ ভাৰতৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে মণিপুৰক কৈছিল ভাৰতৰ
চুইজাৰলেণ্ড! আচল চুইজাৰলেণ্ড নেদেখাকৈয়ে যে চকু মুদিব লাগিব ভাবিলেই চকু
চলচলীয়া হ'ব খোজে।
{{gap}}পানী আৰু বিজুলী কঙাল মণিপুৰক ছিংদা বান্ধে জীয়াই ৰাখিব বুলি শুনিছিলো,
প্ৰায় ওঠৰ-ঊনৈশ বছৰ পাছত ২০১১ চনত বাতৰি কাকতত পঢ়িলো মণিপুৰ এতিয়াও
বিজুলী কঙাল ৷ বাহিৰৰ পৰা কিনিব লাগে বিদ্যুৎ। কিছুমান অঞ্চল হেনো বিজুলীহীন
হৈয়ে থাকে। সেয়েহে আজিকালি মণিপুৰী মানুহে জীয়েকৰ বিয়াত উপহাৰ হিচাপে
দিয়ে একোটা জেনেৰেটৰ। নাই, দৰা ঘৰে দাবী নকৰে। মণিপুৰী সমাজত নাৰীৰ স্থান
তলত নহয়। মৈৰা পাইবি মণিপুৰী মহিলাৰ এক সক্রিয় সংগঠন। অতীতৰে পৰা
তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজখনক পহৰা দি আছে। এশ বছৰ আগতেই
তেওঁলোকে মণিপুৰৰ চাউল বাহিৰলৈ নিয়াত বাধা দিছিল। বোধকৰো মণিপুৰী ছোৱালী
বাবেই ইৰম শৰ্মিলা চানু লৌহমানৱী হ’ব পাৰিছে।
{{gap}}ইম্ফলৰ এক মুখ্য আকৰ্ষণ ইমা বজাৰ। বিৰাট এক অঞ্চল জোৰা বজাৰখনত
নোপোৱা বস্তু নাই। বজাৰখন পৰিচালনা কৰে মহিলাই, আটাইবোৰ ষ্টলৰ গৰাকী
মহিলা। এদিন দুই ভনী প্রতিমা, সবিতা আৰু ৰামৰ লগত কাহিলি পুৱাতে গৈছিলো
মহিলা অধ্যুষিত পাইকাৰী বজাৰলৈ। ট্রাকৰ পৰা পাচলিৰ বস্তাবোৰ তেওঁলোকেই
টানি টানি নমাই যথাস্থানলৈ লৈ গৈ বহিছে, বেচিছে। তাৰ পৰা ইমাবজাৰলৈ গৈছিলোহে,
হঠাতে ভূমিকম্পৰ এক প্ৰচণ্ড জোকাৰণি অনুভৱ কৰি লোৰ খুঁটা এটা সাবটি তিনিও
বাই-ভনী থৰ লাগি থাকিলো। জোকাৰণি শেষ হোৱাৰ পাছতো তেনেকৈ থকা দেখি
মণিপুৰী মহিলাসকলে হাঁহিবলৈ ধৰিলে। বোধকৰো ভাবিছিল বীৰাংগনাহঁতৰ দেশলৈ
ক’ৰ পৰানো আহিল এই ভয়-পাদুৰীকেইজনী। আমালৈ পুতৌ ওপজা বাবে এগৰাকী
মহিলাই আমাক একোপাহকৈ দি গ'ল সোণালী চম্পা, ৰাতি গাৰুৰ তলত লৈ
শুবলৈ। চম্পা আৰু পদুম নাৰীৰ প্রিয় ফুল।
{{gap}}ফুলৰ দৰে কোমলপ্ৰাণা হ'লেও মহিলাসকল লতাগছ নহয়। ইমাবজাৰতে<noinclude>
{{Left|৩২৪/ বাকীছোৱা জীৱন}}</noinclude>
h4nzbv8yx915am9bdtruklczzi0f4u7
পৃষ্ঠা:অনিমা গুহ.pdf/৩২৯
104
59703
160057
158571
2022-07-30T09:05:15Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>তেওঁলোকৰ বহুতকে ব্ৰিটিছৰ চকুৰ আঁৰত প্ৰিয়সখীৰ দেউতাকে নিজৰ ঘৰৰ পিছফালে বাৰীত কবৰ দিছিল।
{{gap}}ময়ৰাঙৰ নাতিদূৰত অৱস্থিত বিৰাট লোগতাগ সৰোবৰ। ইয়াৰ পানীৰ মাজত অৱস্থিত ছান্দ্ৰা দ্বীপলৈ এতিয়া আৰু নাৱেৰে যাব নালাগে। তালৈ পাৰৰ পৰা গাড়ী যোৱা বাট এটা বন্ধা হৈছে। ছান্দ্ৰা দ্বীপৰ টুৰিষ্ট বাংলাৰ চৌহদত থিয় হৈ সৰোবৰৰ বিশাল বিস্তৃতি দেখি তবধ মানিছিলো। চাৰিওফালে দেখিলো অসংখ্য সৰু সৰু দ্বীপত মাছমৰীয়াসকলৰ পঁজা ঘৰ। প্ৰিয়সখীয়ে কৈছিল এইবোৰ প্ৰাকৃতিক দ্বীপ নহয়। পুনি আৰু আন জলজ উদ্ভিদৰ ওপৰত ধূলি-বালি জমি দ্বীপ যেন লগা একো একো ডোখৰ ভাসমান চাপৰি। মাছমৰীয়াসকলে তাত খেতিবাতিও কৰে। শ্ৰীনগৰৰ ডাললেকৰ ওপৰতো এনেকুৱা ভাসমান খেতি দেখিছিলো। বতাহত লৰি ফুৰা পঁজাবোৰ দেখি ভাবো মানুহে কিমান প্ৰতিকুল অৱস্থাত বাস কৰিব পাৰে। কৃত্ৰিম আলিবাটটো নবন্ধা হ’লে নাৱেৰে ছান্দ্ৰা দ্বীপলৈ আহিব নোৱাৰিলোহেঁতেন। পানীলৈ যে মোৰ অসম্ভৱ ভয়। ছান্দ্ৰালৈ নগ'লে লোকতাগৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰি।
{{gap}}পানীত ডুবি প্ৰাণ হেৰুৱাবৰ ভয়তে হওক বা বাহিৰা মানুহৰ চকুৰ আগত শিকিব লাগিব বুলিয়ে হওক দেউতাই আমাক সাঁতোৰ নিশিকালে। বহু বছৰ পাছত পুনেত জয়ক সাঁতোৰ শিকাবলৈ চুইমিং পুললৈ যাওঁতে ভাবিছিলো ময়ো শিকো। মাকে ইমান মানুহৰ আগত পানীত নামিব— এনে এটা দৃশ্য দেখিবলৈ মোৰ পুত্ৰ নাৰাজ। সিদিনা উপলব্ধি কৰিলো যে কম বয়সত পিতাৰ আৰু বেছি বয়সত পাঁচ বছৰীয়া পুত্ৰৰ অধীনস্থ মই এক দুৰ্ভগীয়া নাৰী। ইয়াৰ বহু বছৰ পাছত ওপজা মোৰ চাৰি বছৰীয়া নাতিক প্ৰগতিশীল বুলি মানিবই লাগিব৷ মই সাঁতোৰ নজনা বাবে তাৰ বৰ চিন্তা। যদি পানীত পৰো বাচিম কেনেকৈ। গতিকে দেউতাকক কৈছিল মোলৈ সাঁতোৰৰ পোছাক এসাজ আনি দিবলৈ। নাতিৰ ইচ্ছা অৱশ্যে পূৰণ কৰা সম্ভৱ
নহ'ল।
{{gap}}ময়ৰাঙৰ পৰা উভতি আহোতে দ্বিতীয় বিশ্বযুদ্ধত মৃত ব্ৰিটিছ সৈনিকসকলৰ সমাধিক্ষেত্ৰখনত সোমাইছিলো। ভাৰতীয় মৃত সৈনিকসকলৰ বাবে আছে এখন সুকীয়া সমাধিক্ষেত্ৰ। কমনৱেল্থ ওৱাৰ গ্ৰেভছ কমিশ্যনে সমাধি ক্ষেত্ৰবোৰৰ ৰক্ষণাবেক্ষণ কৰে।
{{gap}}মোৰ ধাৰণা মাজে-সময়ে সমাধিক্ষেত্ৰ বা শ্মশান দৰ্শন কৰিলে মানুহৰ মনবোৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩২৭'''}}</noinclude>
fzu2nfqf4tdk3w1onjkgkijv2rwuipt
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩১
104
59704
160014
158572
2022-07-29T19:07:09Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>নিৰ্মল হৈ থাকে। হিংসা-দ্বেষ, ক্ষুদ্ৰতা-নীচতা আদি হৃদয়-মনক কলুষিত কৰা ত্ৰুটিবোৰ সেই নিৰ্মল হৃদয়ত প্ৰৱেশ কৰাত বাধা পায়। দৈনন্দিন জীৱনত আমি পাহৰি যাওঁ যে মৃত্যুই আমাৰ শেষ পৰিণতি। পাহৰি যাওঁ বাবে আমি যুদ্ধবিগ্ৰহত লিপ্ত হওঁ, হাইকাজিয়া কৰো। মৰামৰি, কটাকটি, মনোমালিন্য আদিয়ে জীৱনৰ শান্তি হৰণ কৰে। ইম্ফলত মৃত সৈনিকৰ সমাধিক্ষেত্ৰৰ প্ৰশান্ত পৰিবেশত বহু চিন্তাই জুমুৰি দি ধৰিছিল। কাৰ বাবে বিদেশৰ মাটিত শায়িত সৈনিকসকলৰ জীৱন বীণাৰ তাঁৰবোৰ অকালতে ছিগি গ'ল। প্ৰতিটো কবৰৰ ওপৰত আছে একোখনকৈ স্মৃতি ফলক।ফলকবোৰৰ ওপৰত খোদাই কৰা স্মৃতিলিপিবোৰ পঢ়ি বুকুত এক অসহনীয় বেদনা বোধ কৰিছিলো। কাৰ পুত্ৰ, কাৰ পিতৃ, কাৰ স্বামীয়ে ক'ৰ পৰা ক’লৈ আহি প্ৰাণ বিসৰ্জন দিলে। পৃথিৱী কেতিয়াবা যুদ্ধমুক্ত হ’বনে? তৃতীয় বিশ্বযুদ্ধ হয়তো নহ'ব কিয়নো বৰ্তমানে ছুপাৰপাৱাৰ নালাগে কম ক্ষমতাৱান দেশৰ হাততো এনে মাৰণাস্ত্ৰ আছে যে নিমিষতে বিশ্বখনক প্ৰাণীমুক্ত কৰা সম্ভৱ। কিন্তু যুদ্ধক সহজতে দমাব পৰা হয়তো সম্ভৱ নহ'ব। মানুহ জাতিটোৰ স্বভাৱেই জংগী।
{{gap}}সমাধিক্ষেত্ৰত কবৰবোৰৰ কাষেৰে গৈ থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণা কৰিবলৈ পুনেলৈ অহা লিলিয়ানা নামৰ ছোৱালীজনীলৈ মনত পৰিছিল। ১৯৩৯ চনৰ পহিলা ছেপ্টেম্বৰৰ দিনা দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। লিলিয়ানা তেতিয়া মাতৃগৰ্ভত। আন বহুতো ডেকাৰ সৈতে লিলিয়ানাৰ দেউতাকক হিটলাৰৰ সেনাই গুলীয়াই মাৰে। কোনো দিনে দেউতাকক নেদেখা জীয়েকে তেজেৰে লুতুৰি-পুতুৰি হোৱা তেওঁৰ মোজাযোৰকে একমাত্ৰ স্মৃতি হিচাপে লগত লৈ ফুৰে। যুদ্ধৰ পাছত মানুহবোৰক শ্ৰদ্ধা জনাবলৈ ৰক্তাক্ত ঠাইডোখৰত গোলাপ ফুলৰ বাগিচা পাতিছে। লিলিয়ানাৰ দৰে আপোনজনক হেৰোৱাসকলে সেই বাগিচাৰ নিজানত বহি চকু পানী টোকে নীৰৱে। কেইবছৰমান আগতে সেইখন দেশ আকৌ যুদ্ধত বিধ্বস্ত হৈছিল। নাজানো গোলাপ বাগিচাখন অক্ষত অৱস্থাত আছে নে নাই।
{{gap}}বৰ্তমানে মণিপুৰকে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই উগ্ৰবাদীৰ কৱলত। তাৰ লগত যুক্ত ৰাষ্ট্ৰসন্ত্ৰাস। পিছলৈ উভতি চাই ভাবো বৰ পলমকৈ হ'লেও দৰ্শন কৰি অহিলো এনে এখন ৰাজ্য য’ৰ নাগৰিকৰ সুৰুচিপূৰ্ণ প্ৰকৃতিৰ আৰু শিল্পবোধৰ উমান পাওঁ তেওঁলোকৰ নৃত্যগীতত, তাঁত শিল্পত, সাজ-পাৰত, হস্তশিল্পত আৰু দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰত। মণিপুৰী কপাহী আৰু ৰেচমী বস্ত্ৰ সম্ভাৰে বিশ্বৰ বজাৰত এখন আসন অধিকাৰ কৰিব পাৰিছে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /''' ৩২৯'''}}</noinclude>
owbsywb33un6baf75873rzn93l96iip
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩২
104
59705
160015
158573
2022-07-29T19:09:33Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{gap}}ইম্ফলৰ ৰাজপ্ৰাসাদ সংলগ্ন শ্ৰীশ্ৰীগোবিন্দজীৰ মন্দিৰ আৰু ইয়াৰ প্ৰাংগণ অতি চাফ-চিকুণ। আমাৰ অধিকাংশ মন্দিৰৰ পৰিবেশত পৰিচ্ছন্নতাৰ অভাৱ। গোবিন্দজীৰ মন্দিৰৰ পুৰোহিতসকলকে ধৰি মন্দিৰৰ বিভিন্ন কামৰ সৈতে জড়িত অন্যান্যসকলৰ অংগত দেখিছিলো শুভ্ৰ বসন। তেওঁলোকৰ শিল্পীমনৰ প্ৰতিফলন আনকি খাদ্য পৰিবেশনৰ ক্ষেত্ৰতো দেখি মুগ্ধ হৈছিলো। ডাঃ প্ৰিয়সখীৰ বায়েকৰ ঘৰত কলপাতত
খাদ্য পৰিবেশন কৰিছিল, আমি মজিয়াত বহি খাইছিলো। গৃহস্থৰ হাতৰ পৰশত কলপাতে অপৰূপ ৰূপ ধাৰণ কৰিছিল। ডাঙৰকৈ কটা কলপাত এখনৰ সোঁমাজত ঘূৰণীয়াকৈ কটা আন এডোখৰ কলপাতত দিছিল জৰজৰীয়া ভাতখিনি। তাৰ চাৰিওফালে সজাই দিছিল কলপটুৱাৰে সজা সুদৃশ্য বাৰটা বাটিত বিধে বিধে আঞ্জা। শিল্পীসুলভ পদ্ধতিত জুতিলগাকৈ ৰন্ধা খাদ্য আগবঢ়োৱাত আমাৰ ৰসনাই কেৱল তৃপ্ত হোৱা নাই, দৃষ্টিকো কৰিছিল পুলকিত।
{{gap}}সেয়েহে ভাবো সেই সময়ত নোযোৱা হ'লে জীৱনত বহুত হেৰুৱালোহেঁতেন। দেখা নাপালোহেঁতেন নজৰ কাঢ়ি নিয়া মণিপুৰৰ হাবি-বননিয়ে ফুলি থকা নানাৰঙী অৰ্কিডবোৰ।
{{gap}}কাশ্মীৰ দৰ্শনো কৰিছিলো সন্ত্ৰাসবাদে উগ্ৰমূৰ্তি ধাৰণ কৰাৰ আগে আগে। আমি অহাৰ পাছত তালৈ পৰ্যটকৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰে। আনকি কাশ্মীৰৰ হিন্দু পণ্ডিতসকলেও জীৱনটো হাতত লৈ ওলাই আহিবলগীয়া হৈছিল নিজ নিজ ঘৰ, মাটি-ভেটি ত্যাগ কৰি।
{{Center|{{larger|'''মেক মোহন লাইনৰ ওচৰলৈ'''}}}}
{{gap}}সময়বোৰ বৰ দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। পিছলৈ উভতি চালে এনে অনুভৱ হয় যে সৌ সিদিনা উপজিছিলোহে। যাবৰ সময় হ’লেই নে? কৰিবলৈ কিমান কাম যে বাকী থাকিল। ‘ঘৰ হতে শুধু দুই পা ফেলিয়া’ কিমান ‘শিশিৰ বিন্দু’ যে দেখা নহ'ল! এনেতে শিশিৰ বিন্দু বা নিয়ৰৰ টোপাল নহয় হিম কণিকা দৰ্শন কৰিবলৈ আমন্ত্ৰণ পালো ১৯৯৭ চনত ভনীজোঁৱাই ডাঃ চি দাসৰ পৰা। ‘বাইদেউ, তাৱাঙলৈ যাওঁ ব’লক’।
{{gap}}তাৱাং! এক ভয়ংকৰ নাম তাৱাং। চীন-ভাৰত যুদ্ধৰ ভয়াৱহ স্মৃতি বিজড়িত তাৱাং। এই যুদ্ধই মোৰ জীৱনত যি ধুমুহাৰ সৃষ্টি কৰিছিল সেই বিষয়ে মোৰ স্মৃতিকথাৰ<noinclude>{{rh|'''৩৩০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
01dgqazg6j5b5gh0aocdhuh7cbtoywr
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৩
104
59706
160016
158574
2022-07-29T19:12:20Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>প্ৰথম খণ্ড 'জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ত লিখিছো। তাৱাং নামটো শুনাৰ লগে লগে অশান্ত সেই দিনবোৰৰ ইতিহাস যেন মূৰ্ত হৈ উঠিল। যিবোৰ অঞ্চলৰ ঘটনাই মোৰ জীৱনৰ ভেটি কঁপাই তুলিছিল সেইবোৰ ঠাই নিজ চকুৰে চাবলৈ এটা সুযোগ আহিল। যাওঁ নে নাযাওঁ?
{{gap}}অৰুণাচল প্ৰদেশৰ পশ্চিম সীমামূৰীয়া জিলা পশ্চিম কামেং আৰু তাৱাং। গুৱাহাটীৰ পৰা ভৌগোলিক দূৰত্ব বেছি নহ'লেও দুৰ্গম পাৰ্বত্য অঞ্চল হোৱা হেতুকে তালৈ যোৱা সহজ নহয়। তথাপিতো যিটো পথেৰে ১৯৫৯ চনত দালাই লামা পলাই আহিছিল, ১৯৬২ চনত চীনাসকল যিটো পথেৰে আহিছিল, যিটো পথ ভাৰতীয় জোৱানৰ তেজেৰে ৰাঙলী হৈছিল সেই পথেৰে মেক মোহন লাইনৰ ওচৰলৈ যাবলৈ মনস্থিৰ কৰিলো।
'''বমডিলালৈ : ''' ১৯৯৭ চনৰ ২৭ অক্টোবৰ। দোকমোকালিতে দুখন গাড়ীত আমাৰ সাতজনীয়া দলটো তেজপুৰৰ পৰা ৰাওনা হ’লো। ৰসিক ডেকা সুৰেন বড়ো চালিত গাড়ীত আছিলো ভনী প্ৰতিমা, ডাঃ দাসৰ অফিচ পিয়ন ৰাম আৰু মই। ৰাম তেওঁলোকৰ ঘৰত সৰুৰে পৰা ডাঙৰ হোৱা বাবে সি আমাৰ পুত্ৰসম। সিও সুৰেনৰ দৰেই ৰসিক। সিখন গাড়ীৰ চালক অবনী বনিক অৰুণাচল গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী। তেওঁ আমাৰ গাইডো আছিল। ডাঃ দাসৰ লগত থকা বিনোদ নামৰ ডেকাজন বৌদ্ধধৰ্মাৱলম্বী। অৰুণাচলতে তেওঁৰ ঘৰ।
{{gap}}তেজপুৰ এৰাৰ পাছতে উত্তৰে দেখিছিলো এলানি বৰফেৰে ঢাকি থোৱা পাহাৰ। অলপ পাছতে সিহঁতে এবাৰ সোঁৱে এবাৰ বাঁৱে গৈ আমাৰ লগত লুকাভাকু খেলি আছিল। ৬০ কিলোমিটাৰ যোৱাৰ পাছত অসম-অৰুণাচল সীমাত ভালুকপুঙৰ ওখ টিলা এটাত সজা আৱৰ্ত ভৱনটোৰ চৌহদত সোমাই ধাৰণা হ’ল কোনোবা শিল্পীয়ে অঁকা ছবি এখনৰ মাজত থিয় দি আছো। এফালে ডাঠ সেউজীয়া অৰণ্য, আন ফালেদি বৈ গৈছে কামেং নৈ। পাৰৰ প্ৰশস্ত বালিচৰক সমুদ্ৰ সৈকত যেন লাগিছিল। গভীৰ অৰণ্যৰ এক নিজা শব্দৰ বাহিৰে নাছিল তাত আন কোনো কোলাহল। গুৱাহাটীত চৌবিশ ঘণ্টাই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ মাজত থকা নাৰ্ভবোৰৰ ওপৰত যেন শান্তিৰ প্ৰলেপ পৰিল। মনত পৰিছিল গৃহস্থই লিখা কবিতা এফাঁকি—
<poem>::বৰষুণ নাই, আজি জিলমিল
::ৰ’দহে আছে।</poem><noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৩১'''}}</noinclude>
pfwjiy1so69oj8ais8eqqjjhwnwp2ji
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৪
104
59707
160017
158575
2022-07-29T19:15:26Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude><poem>::মেলি দি ৰ’দত চুলি বননিয়ে
::কাচোন কাচে।
::শেলুৱৈয়ে ঢকা গছৰ বুকুৰ
::কপৌফুল—
::বুটলিবা যদি
::ব’লা যাওঁ আমি, ভালুকপুং।
</poem>
{{gap}}আমি ভালুকপুঙলৈ যোৱাৰ অলপ দিনৰ আগতে কথাছবিৰ শ্বুটিং কৰিবলৈ ইয়ালৈ আহিছিল হিন্দী চিনেমাৰ অভিনেতা শ্বাহৰুখ খান আৰু অভিনেত্ৰী মাধুৰী দীক্ষিত। আৱৰ্ত ভৱনৰ কৰ্মচাৰীসকলৰ নিস্তৰংগ জীৱনত এওঁলোকে খলকনি তুলি গৈছে। ভালুকপুঙৰ পৰা তিনি কিলোমিটাৰ নিলগত টিপিত আছে এখন অৰ্কিড (কপৌফুল) ক্ষেত্ৰ। গৱেষণালব্ধ অৰ্কিডবোৰেও মন কাঢ়ি নিয়ে। মণিপুৰ আৰু অৰুণাচলৰ কপৌফুল জগত বিখ্যাত। টিপি আকৌ হাতীৰ বাবেও বিখ্যাত। হাতী অধ্যুষিত টিপিৰ অৰ্কিড ক্ষেত্ৰখনক হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ বিদ্যুৎবাহী তাঁৰেৰে বেৰি ৰখা হয় ৰাতি ৰাতি।
{{gap}}অকোৱা পকোৱা বাটেৰে পাহাৰ বগাই গৈ থাকোতে বাটৰ দুয়োকাষে ঘন অৰণ্যত দেখিছিলো নানা ধৰণৰ গছ-গছনি। উদ্ভিদ বিজ্ঞানীৰ স্বৰ্গ। ওখ পৰ্বতসমূহৰ পৰা অজস্ৰ ধাৰাত নামি অহা স্বচ্ছ পানীৰ অসংখ্য জলপ্ৰপাত দেখিছিলো ভালুকপুঙৰ পৰা তাৱাঙলৈ। আৰু কিমান আকাৰ আৰু প্ৰকাৰৰ নানাৰঙী ফুল যে দেখিলো ওৰেটো বাটত! প্ৰাকৃতিক এই বিনন্দীয়া পৰিবেশৰ পটভূমিত বাটে বাটে চকুত পৰিছিল ভাৰতীয় সেনাৰ শিবিৰসমূহ।
{{gap}}চেঁচা নামৰ ঠাইখনৰ মাজেৰে যাওঁতে গাটো অলপ গৰম কৰিবলৈ ভাগিন অমিতে কোৱা বিখ্যাত চাহ দোকানখনত এটুপি চাহ খোৱাৰ কথা ভাবিছিলো। তেওঁ কৈছিল দোকানখনৰ ওপৰত এখন চাইন বোৰ্ডত হেনো লিখা আছে— 'ইয়াৰ উৎকৃষ্ট চাহ পোৱা যায়, চেঁচা’। কিন্তু তেনে কোনো দোকান আমাৰ চকুত নপৰিল। বুজিলো কথাষাৰ গাঁজাখুৰী। আমিও যে আৰু অঁকৰা! অৰুণাচলত অসমীয়া লিপিত লিখা চাইনব’ৰ্ড ক’ত পাম? আমিও চেঁচাত গৰম চাহটোপা নাপাই হাত-মুখ চেলেকি গৈ থাকিলো।
{{gap}}আমি যোৱাৰ কেইদিনমান আগতে এইটো বাটেৰে দালাই লামা গৈছিল তাৱাঙলৈ। এই উপলক্ষে বাটে বাটে সাজি থোৱা তোৰণবোৰৰ তলেদি আমিও গৈছিলো।{{nop}}<noinclude>{{rh|'''৩৩২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
f4dhxcpiskhol5cgequ8xazx4z6oixb
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৫
104
59708
160018
158576
2022-07-29T19:18:17Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>কামেং জিলাত বাস কৰে চেৰদুকপেন আৰু তাৱাঙত মনপাসকল। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী, গতিকে বৌদ্ধ গুম্ফা থকাটো স্বাভাৱিক। কিন্তু ওৰে বাটটোত চকুত পৰিছিল দেৱ-দেৱীৰ মন্দিৰো। গীর্জা আৰু মছজিদো চকুত পৰিছিল। সম্ভৱতঃ মন্দিৰবোৰ হিন্দু সৈনিকসকলে সাজিছে। যি দুর্গম পার্বত্য পৰিবেশত তেওঁলোকে সদা জাগ্ৰত হৈ সীমান্ত পহৰা দিছে ঘৰ-সংসাৰ এৰি, তাত এক ঐশ্বৰিক শক্তি অবিহনে বাস কৰা টান।
{{gap}}বেঁকা-বেঁকি, অকোৱা-পকোৱা ঠেক বাটটোৰ এফালে সুউচ্চ প্রাচীৰ, আনটো ফালে গভীৰ খাদ। গাড়ীৰ চালক অলপ অন্যমনস্ক হ’লে অতল গহ্বৰত নিশ্চিত পতন। আলিবাটটো কিন্তু অতি সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি আছে চীন-ভাৰত সংঘৰ্ষৰ পাছৰে পৰা। চালকক সজাগ হৈ থাকিবলৈ বাটৰ কাষে কাষে পাহাৰৰ গাত বা ফলকত লিখি থোৱা দেখিলো— 'Married or unmarried Divorce speed, It is risky after whisky, It is fine without wine' ইত্যাদি। বাটৰ কেঁকুৰিবোৰত কাব্যিক ভাষাত লিখিত— 'Be gentle with my curve'.
{{gap}}সচেতন হৈ গাড়ী চলাবলৈ প্ৰতিমাই চালক সুৰেন বড়োক তামোল-পাণৰ যোগান ধৰি আছিল। আমাক অভয় দি তেওঁ কৈছিল, ‘ভয় নাখাবিৰে মেডামবিলাক। পিছে লাখ টকা দৰমহা দিলেও ইয়াত চাকৰি নকৰিম ৰে মই।'
{{gap}}সুৰেনৰ কথা শেষ হ’ল কি নহল এনেতে থিয়ৈ থিয়ৈ গাড়ী পাতাল অভিমুখে গতি কৰিবলৈ ধৰিলে। ব্রেক ফেইল কৰা বুলি শুনি ঈশ্বৰক মাতিবলৈ ধৰিলো। সিখন গাড়ীৰ চালক বনিকে পাছত কৈছিল গাড়ী কেইবাশ মিটাৰ তললৈ হঠাতে নামি যায় হেনো এইডোখৰ ঠাইত। সমীপৱৰ্তী নাগ মন্দিৰটোৰ আগত গাড়ীখনক অলপ জিৰণি দিয়া হৈছিল। দুয়ো ফালৰ পৰা অহা-যোৱা গাড়ী ইয়াত ৰখাই আৰোহীসকলে মন্দিৰ দৰ্শন কৰে। আমি অৱশ্যে সাপ-বেং-হনুমান, গছ, শিল আদিক ভগৱান বুলি নাভাবো। গতিকে মন্দিৰলৈ নগৈ প্ৰকৃতি বন্দনাতে লাগিছিলো।
{{gap}}ভালুকপুং এৰাৰ চাৰি ঘণ্টামান পাছত আঠ হেজাৰ ফুট উচ্চতাত পালোগৈ বমডিলা। অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ অতিথি হিচাপে ডাঃ দাস কামেং আৰু তাৱাং ভ্ৰমণলৈ আহিছিল, গতিকে তেওঁৰ লগতে আমিও ভি আই পি সন্মান লাভ কৰিছিলো। থাকিলো আৱৰ্ত ভৱনত।
{{gap}}বুখাৰিত জ্বলোৱা জুইৰ উত্তাপত গৰম হোৱা কোঠা এটাত বহিও মই কঁপিবলৈ ধৰিছিলো। বুখাৰি হ’ল এটা আহল বহল টিনৰ চুঙা। তাৰ ভিতৰত খৰি জ্বলাই এই<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৩৩'''}}</noinclude>
lhosis002450pq6gf7mbn5ce50q6dv7
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৬
104
59709
160019
158577
2022-07-29T19:20:13Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>অঞ্চলৰ মানুহে জাৰকালি উম লয়। ধোঁৱাখিনি বাহিৰলৈ ওলাই যাবলৈ এটা দীঘলীয়া চিমনী চুঙাটোত লগোৱা থাকে।
{{gap}}চীন-ভাৰত যুদ্ধত সঘনাই শুনা বমদিলা নামটোৱে মোৰ স্মৃতিত আকৌ এটা জোকাৰণি তুলিলে। মই উভতি গৈছিলো সেই দুৰ্যোগপূৰ্ণ দিনবোৰলৈ। গৃহস্থ কাৰাগাৰত, প্ৰথম সন্তানৰ আগমন উপলক্ষে এডোখৰ নিৰাপদ ঠাই বিচাৰি ঠায়ে ঠায়ে হাবাথুৰি খাই ঘূৰি ফুৰিছো মই। চীনৰ ভয়ত পেপুৱা লাগিছে অসমবাসী। চৰকাৰে ঢোলপিটি জনাই দিছে যে এই পৰিস্থিতিৰ বাবে কমিউনিষ্ট আদৰ্শত বিশ্বাসী আৰু অসমত বাস কৰা চীনাসকল দায়ী। গতিকে এই দুয়োটা দলকে জধে-মধে ধৰি কাৰাগাৰত নিক্ষেপ কৰিলে। ড° ৰীতা চৌধুৰীৰ ‘মাকাম’ নামৰ উপন্যাসখন এইসকল চীনাক কেন্দ্ৰ কৰি লিখা। ৰাইজেও পাৰিলে সেই সময়ত ‘দেশদ্ৰোহী’ কমিউনিষ্ট আৰু চীনাসকলক ফাঁচী দিয়ে। বন্দুকতকৈ কলমৰ জোৰ বেছি বুলি ভবা কবি-গায়ক-লেখকসকলে দিস্তাৰ পাছত দিস্তা কাগজ খৰচ কৰি দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দেখুৱাইছিল, দুখীয়া-নিচলায়ো দেশপ্ৰেমত গদ্গদ হৈ কাণৰ কেৰুযোৰ, হাতৰ খাৰুপাত চৰকাৰৰ দালালৰ হাতত তুলি দিছিল। সেই সোণ, সেই টকা কাৰ ভোগত যে লাগিল! বোধহয় প্ৰচণ্ড ঠাণ্ডাৰ সৈতে পুৰণি স্মৃতি লগ লাগি মোৰ শৰীৰত ছুনামীৰ সৃষ্টি কৰিছিল।
{{gap}}এনেতে ৰামে আহি ক’লে, ‘জেঠী, ইমান কঁপিছে কিয়? আপোনালোকৰ এই কোঠাতে আছিল মাধুৰী দীক্ষিত, ছাৰ থকাটোত শাহৰুখ খান। তেওঁলোকৰ দৰ্শন পাবলৈ সৰু এই চহৰখনত ছাৰ্কিট হাউছৰ সন্মুখত পোন্ধৰ হেজাৰ মানুহৰ ভিৰ হৈছিল।....’ ইত্যাদি।
{{gap}}সদ্যহতে আহি যোৱা দালাই লামা আৰু চিত্ৰতাৰকাহঁতৰ বাতৰিয়ে মোক বহু বছৰ আগতে হোৱা চীন যুদ্ধৰ কথা পাহৰাব নোৱাৰিলে। বিৰোধৰ প্ৰকৃত কাৰণ, পৰাজয়ৰ বাবে দায়ী কোন ইত্যাদি এটা এটাকৈ মনত পৰিল। এনেতে আৱৰ্ত ভৱনৰ কৰ্মী সত্যনাৰায়ণ ধাৰাই ভাত খাবলৈ মাতি মোৰ চিন্তাত আউল লগালে। সুদূৰ কলকাতাৰ পৰা আহি বমদিলা পাহাৰত কাম কৰি আছে এওঁ।
{{gap}}উৎকৃষ্ট সোৱাদৰ আঞ্জা খাই ৰান্ধনিজনক মাতি পঠালো। একেবাৰে মিলিটাৰী কায়দাত মাৰ্চ কৰি আহিল ৰান্ধনি বাবুলি ডেকা। ঠিকেই ধৰিছো তেওঁ সৈনিকে আছিল। হাবিলদাৰৰ লগত মনোমালিন্য হোৱাত কামত ইস্তাফা দিছে। বাবুলি আছিল সীমান্ত প্ৰহৰী। ঠেক নৈ এখনৰ ইপাৰে থকা ভাৰতীয় সৈনিকসকলৰ সিপাৰৰ চীনা<noinclude>{{rh|'''৩৩৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
4l4yw96jkrq0j0wmene4ro33py7ctr4
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৭
104
59710
160020
158578
2022-07-29T19:23:00Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সৈনিকসকলৰ সৈতে সম্পৰ্ক হেনো মধুৰ। কোনেও কাৰো ভাষা নুবুজিলেও অংগী-ভংগী কৰি তেওঁলোকে কথা পাতে, চিগাৰেট দলিয়ায় ইদলে সিদললৈ। স্থানীয় মানুহৰ লগত অন্তৰংগতা গঢ়ি নুতুলিবলৈ তিনি মাহৰ মূৰে মূৰে এওঁলোকক বদলি কৰা হয়।
{{gap}}বমডিলা চহৰখনক এখন ফুলনি বুলি ক'লে বেছি কোৱা নহয়। উৎকৃষ্টজাতৰ আপেলো তাত সস্তাতে পাইছিলে, দিৰাঙৰ ডালিমো বৰ সোৱাদ লগা। সস্তাও।
{{gap}}বমডিলা চহৰখন আমাক দেখুৱালে অভিযন্তা এ এন ৰয়ে। এমাহ আগতে দালাই লামাই উন্মোচন কৰা নতুন গুম্ফাটো দেখিলো। এৰাতিৰ বাবে দালাই লামা শোৱা বিছনাখনৰ মূল্য তেতিয়া আছিল পঁয়ষষ্ঠি হেজাৰ টকা। দৰ্শকসকলে বিছনাখনৰ ওপৰত জাপ জাপ টকা দক্ষিণা দি থোৱা দেখিলো। ৰাজসিক বিছনাখনলৈ চাই ৰামে ক’লে, ‘জেঠী, ভলাই ৰামাৰ বিছনাখনত এবাৰ শুব পাৰিলে বৰ ভাল আছিল।’ সিদিনাৰে পৰা ৰামক আমি ভলাই ৰামা বুলি মাতিছিলো।
{{gap}}আঠ হেজাৰ ফুট উচ্চতাত গাটো অলপ বেয়া লগা বাবে চিভিল হাস্পতাললৈ গৈ লগ পালো ডাঃ বি চি শৰ্মাক। তেওঁ নলবাৰীৰ মানুহ। সিদিনাই প্ৰথম চিনাকি হ’লেও ৰাতি তেওঁলোকৰ ঘৰত আমাক খাবলৈ মাতিছিল। ডাঃ শৰ্মা আৰু তেওঁৰ পত্নী পূৰ্ণিমা শৰ্মা কিতাপৰ পোক। অসংখ্য ইংৰাজী, অসমীয়া আৰু বাংলা কিতাপ দেখিলো কাঁচৰ আলমাৰীত। পূৰ্ণিমা ৰন্ধন পটিয়সীও। তেওঁ ৰন্ধা মোমোৰ সোৱাদ জিভাত লাগি আছে যেন লাগিছে। তেওঁলোকৰ উষ্ণ সম্ভাষণ আৰু মধুৰ ব্যৱহাৰে মনত এক মছিব নোৱাৰা ছাব পেলাই থৈ গ'ল।
'''দিৰাং-চেলালৈ :''' বমডিলাৰ পৰা ৪৫ কিলোমিটাৰ নামনিত দিৰাং উপত্যকাত দিৰাং চহৰ। ডাক বঙলাৰ সন্মুখেদি ধীৰ গতিত বৈ গৈছে দিৰাং নৈ। ভালুকপুঙৰ পৰা তাৱাঙলৈ প্ৰায় তিনিশ কিলোমিটাৰ পাৰ্বত্য পথত এখনৰ পাছত এখনকৈ কামেং, দিৰাং আৰু তাৱাং নৈয়ে আমাৰ সংগ এৰা নাছিল। বাটৰ আনটো ফালে থকা শাৰী শাৰী পৰ্বতমালা কোনো কোনো ঠাইত চাপৰ কিছুমান আকাশখন চুই থকা, কিছুমান গছ-গছনিৰে আবৃত, কিছুমান খহটা প্ৰাচীৰৰ দৰে থিয়। অকাই পকাই যোৱা বাটটোৰে যাওঁতে পাহাৰবোৰ কেতিয়াবা সোঁফালে দেখো, কেতিয়াবা বাওঁফালে। কেউপিনে যেন পাহাৰৰ মেলা বহিছে। যিমানে ওপৰলৈ গৈছিলো সিমানে বাঢ়ি গৈ আছিল নৈবোৰৰ চপলতা। পানীৰ খুন্দা খাই খাই নিমজ হোৱা শিলৰ ওপৰেদি বাগৰি যোৱা<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৩৫'''}}</noinclude>
6fyxw88nhe14x3q01igls2t8r5ny3v8
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৯
104
59711
160009
158498
2022-07-29T18:54:53Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>দুৰন্ত গতিৰ নৈবোৰৰ তুলনাত দিৰাং কিছু শান্ত। এইখন নৈৰ মাছ মানুহে নাখায়। স্থানীয় মানুহৰ মৃত্যু হ’লে নিজা পুৰোহিতৰ হতুৱাই গণনা কৰি কি পদ্ধতিত সৎকাৰ কৰা হ’ব স্থিৰ কৰা হয়। এটা পদ্ধতিমতে মৃতদেহটো খণ্ড খণ্ড কৰি নৈত উটুৱাই দিয়ে। মাছ নোখোৱাৰ কাৰণ ইয়েই।
{{gap}}দিৰাং চহৰ এৰাৰ পাছত ন্যুকমাদাং নামৰ ঠাইখনত ১৯৬২ ৰ ১৮ নৱেম্বৰত চীন যুদ্ধত নিহত সৈনিকসকলৰ সমাধিক্ষেত্ৰত সোমাইছিলো। তাত থিয় হৈ আকৌ মনত পৰিল ৰক্তাক্ত সেই দিনবোৰৰ কথা। মনত পৰিল ভূপেন হাজৰিকাৰ সেই গীতটো—
<poem>::আজি কামেং সীমান্তত দেখিলো
::দেখি শত্ৰুৰ পশুত্ব চিনিলো।
::মৃত মৌন শত জোৱানলৈ
::মোৰ অশ্ৰু অঞ্জলি যাচিলো।...</poem>
{{gap}}সমাধিক্ষেত্ৰৰ দুৱাৰ মুখত ফলক এখনত লিখি থোৱা কবিতা এফাঁকি পঢ়ি চকু দুটা সেমেকি উঠিল—
<poem>:: When you go home
:: Tell them of us and say
:: For your tomorrow
:: We gave our today...</poem>
{{gap}}মনে মনে ক’লো— আমাক যুদ্ধ নালাগে, লাগে শান্তি। পিছে মানুহ জাতিটোৱে দেখোন যুদ্ধ বিচাৰে, বিচাৰে বোমা বিস্ফোৰণ। বিচাৰে ধ্বংস।
{{gap}}...ক্ৰমে ওপৰলৈ উঠি আছো। এৰি অহা বাটটো ফিতাৰ দৰে পৰি থকা দেখিলো বহু তলত। দূৰৈৰ পৰা আকাশ চুই থকা যিবোৰ পৰ্বত দেখিছিলো সেইবোৰ এটা সময়ত হাতেৰে ঢুকি পালো যেন লাগিল। ভয় আৰু আনন্দই মনগহনত লুকাভাকু খেলিবলৈ ধৰিলে। প্ৰকৃতি এনে ভয়ংকৰভাৱে উপভোগ্য হ’ব পাৰেনে?
{{gap}}‘সুৰেন, তোমাৰ পত্নী আৰু শিশু পুত্ৰ নয়নলৈ ভাবি সাৱধানে গাড়ী চলোৱা।’ আমাৰ সতৰ্কবাণী।
{{gap}}‘আজি কালি মাইকীটোলৈ বেছি মনত নপৰে অ’। পোৱালিটোৰ মুখখনহে মনত পৰি থাকে।’— সুৰেনে টপৰাই কয়।
{{gap}}‘অথচ ই যোৱা বছৰ মাইকীটোৰ মন পাবলৈ বটলে বটলে পাৰফিউম চাৰ্টত ঢালিছিল।’— ৰামে হাঁহি হাঁহি কয়।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৩৭'''}}</noinclude>
ccr6fkv8wfak937z2vkkr1lm6r59ee9
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪০
104
59712
160010
158499
2022-07-29T18:57:02Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>
{{gap}}‘পুৰণি ৰোমান্সৰ কথা ভাবি ষ্টিয়াৰিং নেৰিবা।’— আমাৰ দুয়ো বাই-ভনীৰ সতৰ্কবাৰ্তা।
{{gap}}সমুদ্ৰ পিঠিৰ পৰা চৈধ্য হেজাৰ ফুট উচ্চতাত ছেলা গিৰিপথত নামিলো। ১৯৬২ চনৰ নৱেম্বৰ মাহটো আহি চকুৰ আগত উপস্থিত হ'ল। ৰেডিঅ'ত ঘোষণা— চীনাসকল ছে-লা পাৰ হৈ দিৰাং পালেহি... বমদিলাত চীনা সৈন্যৰ প্ৰৱেশ। ছেলা গিৰিপথৰ বাটৰ দুয়োকাষে টান শিলেৰে গঠিত সুঠাম পৰ্বতবোৰলৈ চাই ভাবিছিলো— ভয়ংকৰভাৱে সুগঠিত দেখনিয়াৰ পৰ্বতশাৰীক মেদহীন, পেশীবহুল, বাহুবলী প্ৰাচীন গ্ৰীক আৰু ৰোমান যোদ্ধাসকলৰে ৰিজাবলৈ মন নাযায় নে? আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ানত দেখিছিলো এনে ভয়ংকৰভাৱে সুন্দৰ পৰ্বতমালা।
{{gap}}প্ৰতিমাই অবাক দৃষ্টিৰে পৰ্বতবোৰলৈ চাই কৈছিল, 'বিশাল এই পৰ্বতবোৰক বোকোচাত লৈ পৃথিৱীখন যে কেনেকৈ ঘূৰি আছে!'
{{gap}}জীৱনত প্ৰথম বৰফ দেখি বিনোদ, সুৰেন আৰু ৰামে সৰু ল'ৰাৰ দৰে জঁপিয়াই জঁপিয়াই নাচিবলৈ ধৰিলে। আঁজলি ভৰাই বৰফ তুলি ইফালৰ পৰা সিফাললৈ সিহঁতক দৌৰা দৌৰি কৰা দেখি মোৰ নিজৰ প্ৰথম বৰফপাত দেখা দিনটোলৈ মনত পৰিছিল। বৰফৰ পাতল চকলাবোৰ নিঃশব্দে আকাশৰ পৰা সৰি পৰে। দেখিলে ধূনা কপাহ যেন লাগে।
{{gap}}ছে-লাৰ দক্ষিণে দিৰাং উপত্যকাত ছেৰদুক্পেন আৰু উত্তৰে তাৱাং উপত্যকাত মনপাসকলৰ বাস। এই অঞ্চলটোত তিব্বতৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। ছে-লাৰ পাহাৰৰ বুকুত আলফুলকৈ বহি থকা পেৰাডাইছ সৰোবৰে অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।
{{gap}}ছে-লা পাৰ হৈ চীন যুদ্ধত মৃত সৈনিক, লেন্সনায়ক যশোৱন্তৰ স্মৃতি বিজড়িত যশোৱন্ত গড় নামৰ দ্ৰষ্টব্য ঠাইখন পালো। সেনাপতিৰ আদেশ পাই ভাৰতীয় সৈন্যদল যেতিয়া যুদ্ধক্ষেত্ৰ ত্যাগ কৰি পিছ-হোঁহকি গৈছিল, তেতিয়া সেনাপতিৰ আদেশ অমান্য কৰি দুজনী স্থানীয় বাই-ভনীৰ সহায় লৈ যশোৱন্তই অকলশৰে মাতৃভূমিক ৰক্ষা কৰিবলৈ পৰাক্ৰমী চীন সৈন্যৰ লগত যুদ্ধ চলাই যায়। বাসত্তৰ ঘণ্টা তেওঁ চীনা সৈন্যক আগবাঢ়িবলৈ দিয়া নাছিল। অৱশেষত ধৰা পৰাত তেওঁৰ ফাঁচী হয়। বাই-ভনী দুজনীয়ে আত্মহত্যা কৰে। ছোৱালীৰ পাকত পৰি যশোৱন্তই যুদ্ধক্ষেত্ৰ ত্যাগ কৰা নাছিল বুলি ভবা বাবে যশোৱন্তৰ কোৰ্ট মাৰ্শ্বাল অৰ্ডাৰ হয়। পাছত যশোৱন্তৰ দেশপ্ৰেম আৰু ফাঁচীৰ কথা চীনে ভাৰতক জনোৱাত তেওঁক বীৰৰ সন্মান যঁচা হয়<noinclude>{{rh|'''৩৩৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
py8gacs39ku2j40k94pz9gf5z0z883o
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪১
104
59713
160011
158500
2022-07-29T18:59:11Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আৰু ঠাইডোখৰৰ নাম দিয়ে যশোৱন্ত গড়।
{{gap}}বাটৰ পৰা অলপ ওখ ঠাইত সৰু ঘৰ এটাৰ এটা কোঠাত সংৰক্ষণ কৰিছে যশোৱন্তই ব্যৱহাৰ কৰা বাকচ, বিছনা, জোতা আৰু হাৱাই চেণ্ডেলযোৰ। আনটোত ধূপ-ধুনা জ্বলাই বীৰজনৰ ফটো পূজা কৰা হয়। যুদ্ধত ব্যৱহাৰ কৰা বাংকাৰ দুটাই পুৰণি দিনৰ স্মৃতি বহন কৰিছে। ঠাইখন পহৰা দিবলৈ সৈন্য বিভাগে পহৰাদাৰ নিযুক্ত কৰিছে। আমাৰ দলৰ আটাইকেইজনে যেতিয়া পাহাৰৰ কিছু উচ্চতাত যশোৱন্তক ফাঁচী দিয়া ঠাইডোখৰ দৰ্শন কৰিবলৈ গৈছিল তেতিয়া প্ৰতিমা আৰু মই তলতে ইটো-সিটো চাই ফুৰিছিলো। এনেতে আকৰ্ণ বিস্তৃত গোঁফধাৰী সৈনিক এজনে আমাক দুয়োকে তেওঁলোকৰ ছাউনীত বহুৱাই। কাঢ়া চাহ খুৱাই সতেজ কৰিলে। শুনিলো যশোৱন্তৰ ফাঁচী হ’লেও ভাৰত চৰকাৰৰ চকুত তেওঁ জীৱিত। অশৰীৰি যশোৱন্ত তেতিয়াও চাকৰিত আছিল। আমি যোৱাৰ সময়ত প্ৰমোচন পাই পাই তেওঁ কেপ্টেইন হৈছিলগৈ। তেওঁৰ দৰমহা বাঢ়ে, বছৰেকীয়া ছুটী পায়। গোঁফৱালাই কৈছিল যশোৱন্ত হেনো সেই সময়ত তেহৰী গাঢ়োৱালৰ ঘৰলৈ ছুটীত গৈছিল। বোধকৰো ইমান দিনে যশোৱন্ত অৱসৰো গ্ৰহণ কৰিছে। সৈন্য বিভাগৰ সকলো ৰেংকৰ পদাধিকাৰীয়ে গাড়ী ৰখাই বীৰ যশোৱন্তক শ্ৰদ্ধাঞ্জলি যাচি যায়।
{{gap}}দিনটো পাহাৰ বগাই বগাই ভাগৰি পৰিছিলো। এনেতে ফেনে-ফোটোকাৰে বিৰাট বিৰাট শিলত খুন্দা খাই ধাৱমান কল্লোলিনী তাৱাঙৰ মন বলিয়া কৰা ৰূপে নিমিষতে দেহ-মনৰ ক্লান্তি উৰুৱাই নিলে। ছে-লাৰ পাছত সঘনে ইংৰাজী ‘U’ বৰ্ণটোৰ আকাৰত পাক খাই খাই নামি অহা আলিবাটটো চাবলগীয়া, ঠিক যেন ওপৰলৈ উঠিবলৈ এশাৰী দীঘলীয়া চিৰি।
{{gap}}লাহে লাহে আমি জনবসতিপূৰ্ণ এলেকাত সোমালো, খেতিয়কে আলিবাটত মৰণা মাৰি আছিল। আঁতৰৰ পৰা দেখা ৰঙা ৰঙৰ চালৰ ঘৰবোৰ ওচৰ পাই দেখিলো ৰং নহয়, পকা জলকীয়া শুকুৱাইছে চালত। একেদৰে শুকুৱাইছে মুঠিয়ে মুঠিয়ে হালধীয়া মাকৈ, কোমোৰা, ৰঙা লাও আৰু নানাধৰণৰ পাচলি। চালি ঘৰত দ’ম কৰি থৈছে খৰি। জাৰকালি বৰফৰ চাদৰে ঢাকি ৰাখে কামেং তাৱাং অঞ্চল। তাৰে সৈতে সংগ্ৰাম কৰি চলিবলৈ শীতৰ আগমনৰ আগে আগে চলে প্ৰস্তুতি। মাজে মাজে চকুত পৰিছিল চমৰী গৰুৰ দল।
{{gap}}আহি পালো যুদ্ধৰ সময়ত সঘনাই শুনা জং নামৰ ঠাইখনলৈ। বুকুখন যেন কঁপি উঠিল, যেন চীনা সৈন্যবোৰ ওচৰতে ক'ৰবাত খাপপিটি বহি আছে! ডেৰ ঘণ্টামান<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৩৯'''}}</noinclude>
g84wj2v2llw2nts059eo7mt7l1i560m
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪২
104
59714
160012
158501
2022-07-29T19:01:13Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পাছত তাৱাঙৰ আৱৰ্ত ভৱনত সোমাওতে গে'টৰ ওপৰত লিখি থোৱা দেখিলো— তাশ্বী দেলেক অৰ্থাৎ স্বাগতম। ভিতৰফালে লিখিছে ‘থুবজে চ্যে’ ‘ধন্যবাদ’। এয়া মনপা ভাষা।
{{gap}}কামেঙত সোমোৱাৰে পৰা চীন যুদ্ধৰ অভিজ্ঞতা থকা মানুহ এজনৰ সন্ধানত আছিলো। অৱশেষত চৰকাৰী বিষয়া এজনক পালো। দেখাত তেওঁ হুবহু চীনাৰ দৰে। পিছে তেওঁ মনপাহে। ১৯৬২ ত তেওঁৰ বয়স আছিল দহ বছৰ। বাট-পথৰ প্ৰয়োজন নোহোৱা চীনা সৈন্যবোৰ যেতিয়া কাকতি ফৰিঙৰ দৰে হঠাতে উদয় হৈছিল তেতিয়া ভয়তে ৰাইজৰ হেনো পেপুৱা লগা অৱস্থা। পিছে দোভাষীৰ মাধ্যমেৰে চীনাসকলে কৈছিল স্থানীয় ৰাইজ আৰু তেওঁলোক একে গোষ্ঠীভুক্ত, চেহেৰা-পাতিও একে। গতিকে ভয় খাব নালাগে, তেওঁলোকৰ কোনো ক্ষতি নকৰে। তেওঁলোক আহিছে ভাৰতীয় শত্ৰুক এশিকনি দিবলৈ।
{{gap}}পিছদিনা তাৱাঙৰ উত্তৰে তেৰ হেজাৰ ফুট ওপৰত পিটিছোলৈ যাওঁতে বাটৰ দুয়োকাষে দেখিছিলো ৰড’ডেনড্ৰন ফুলৰ বননি। তেতিয়া অৱশ্যে ফুল ফুলাৰ বতৰ নাছিল। যিমানে উত্তৰলৈ গৈ আছিলো সিমানেই পৰিবেশ হৈ আহিছিল ৰুক্ষৰ পৰা ৰুক্ষতৰ। বাঢ়ি আহিছিল সৈন্যবাহিনীৰ ছাউনীৰ সংখ্যা। যুদ্ধত ব্যৱহৃত পৰিত্যক্ত বাংকাৰৰ সংখ্যা দেখিও ভৰি দুখন লৰচৰ কৰিব পৰা নাছিলো। উদ্দেশ্য আছিল মেক মোহন লাইনৰ ওচৰলৈ যোৱা, পিছে তালৈ যাবলৈ অনুমতি লাগে, লেঠাও বহু।
{{gap}}এইবোৰ অঞ্চলক লৈয়েতো খোৱা-কামোৰা লাগিছিল দুখন দেশৰ মাজত। চীনৰমতে সাম্ৰাজ্যবাদী ব্ৰিটিছে নিজ ইচ্ছামতে এইবোৰ ঠাই ভাৰতভুক্ত কৰিছিল। হঠাতে চকুত পৰিল এখন চাইনবোৰ্ড— নাথু-লালৈ৷ ‘লা’ৰ অৰ্থ গিৰিপথ। এই গিৰিপথৰ মাজেদিয়েতো পঙ্গপালৰ দৰে আহিছিল চীনা বাহিনী।
{{gap}}আজি আৰু কামেং-তাৱাং অঞ্চলত চীন যুদ্ধৰ কথা কাৰো মনত নাই। মনত জীৱন্ত হৈ আছে মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খান। জলপ্ৰপাতৰ সুউচ্চ উৎসত শ্বাহৰুখে কৰা অভিনয়ৰ কথা, তাৰ পৰা জাঁপ মৰা দৃশ্যৰ ৰুদ্ধশ্বাস শ্বুটিঙৰ কথা। নায়কৰ সলনি, ওপৰৰ পৰা পুতলা এটা পেলাই দিয়াত হেনো দৰ্শকসকলৰ ধৰলৈ প্ৰাণ উভতি আহিছিল৷ মাধুৰী দীক্ষিতক সকলোৱে কুঁজা বুলি কোৱাৰ কাৰণ বুজিলো তেওঁ শ্বুটিং কৰা ঠাই ডোখৰ দেখি। ঘটনা শুনি ময়েই কুঁজা হৈ গৈছিলো। নৱেম্বৰৰ হিমালয়ৰ দহ-বাৰ ফুট উচ্চতাত হিমশীতল জলধাৰাত নাচি-বাগি গা ধুলে কোন<noinclude>{{rh|'''৩৪০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
4l3m1q2lmpty8i1xho2tfi41azcvv2a
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৩
104
59715
160013
158502
2022-07-29T19:04:06Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মানৱ বা মানৱী পোন হৈ থাকিব বাৰু? স্নানৰতা সিক্ত বসনা নায়িকাক দৰ্শকৰ সন্মুখলৈ অনাৰ পাছতো ‘কয়লা’ নামৰ ছবিখনে ফ্লপ কৰিলে যদিও অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ভূ-ভাৰতত জনাজাত হৈ পৰিল।
'''তাৱাং গুম্ফা :''' অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দ্ৰষ্টব্য ঠাই হ’ল ৩৫০ বছৰ আগতে নিৰ্মিত তাৱাং গুম্ফা অৰ্থাৎ মঠ। ই কেৱল দেৱস্থানেই নহয়, বহু আঁতৰৰ পৰা শত্ৰুক নিৰীক্ষণ কৰিবলৈ আৰু সিহঁতৰ আক্ৰমণৰ পৰা তাৱাং উপত্যকাক ৰক্ষা কৰিবলৈ সজা এটা দুৰ্গও। দহ হেজাৰ ফুট উচ্চতাত প্ৰতিষ্ঠিত গুম্ফাটোৰ অৱস্থিতি ৰণকৌশলৰ ফালৰ পৰা অতি শক্তিশালী।
{{gap}}দুৰ্গম হ’লেও এই অঞ্চলৰ সৈতে তিব্বতৰ ঘনিষ্ঠ যোগাযোগ প্ৰাচীন কালৰে পৰা আছিল। তিব্বতত বৌদ্ধধৰ্ম বিকাশৰ সময়ত সৃষ্টি হোৱা চাৰিটা ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰত গেলুগ্পা দলৰ অনুগামী তাৱাং কামেঙৰ মনপা আৰু চেৰদুকপানসকল। তিব্বতৰ প্ৰথম দালাই লামাৰ (১৩৯১-১৪৭৫)— যাক তিব্বতীসকলে বুদ্ধৰ অৱতাৰ বুলি ভাবে— সময়ত তেওঁৰ শিষ্য এজনে মনপাসকলৰ মাজত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে। সন্ন্যাসী হৈও তেওঁ আছিল এজন পাকৈত অভিযন্তা। ছাংপো নৈৰ ওপৰত তেওঁ বন্ধা আঠখন লোৰ ওলোমা দলঙৰ কেইবাখন এতিয়াও আছে। তেওঁৰ আশীৰ্বাদধন্য মনপা পৰিয়ালৰ বংশধৰ এজনে তিব্বতৰ ৰাজধানী লাছাত ধৰ্মশিক্ষা লাভ কৰিবলৈ যায়। ভূটানৰ দুক্পাসকলৰ আক্ৰমণৰ পৰা তাৱাং ভূমিৰ মঠবোৰ ৰক্ষা কৰাৰ উপায় বিচাৰি তেওঁ পঞ্চমজনা দালাই লামাৰ (১৬১৭-১৬৮২) ওচৰ চাপে। তেওঁৰ পৰামৰ্শ মতে মেৰা লামা নামেৰে খ্যাত বৌদ্ধ ভিক্ষুজনে সোতৰ শতিকাৰ মাজভাগত শ্বোসমত (তাৱাঙৰ পুৰণি নাম) বিখ্যাত গুম্ফাটো নিৰ্মাণ কৰে।
{{gap}}কথিত আছে স্থান নিৰ্বাচন কৰাৰ আগতে গুহা এটাত সোমাই ধ্যানমগ্ন হয় তেওঁ। তাৰ পৰা ওলাই দেখে ঘোঁৰাটো নাই। খুৰাৰ চিন অনুসৰণ কৰি আহি আহি দেখিলে এঠাইত ই থিয় হৈ আছে। ভগৱানৰ নিৰ্দেশ বুলি বুজি পাই মেৰা লামাই সেইডোখৰ ঠাইতে গুম্ফাটো সাজিবলৈ সিদ্ধান্ত লয়। তেতিয়াৰে পৰা ঠাইডোখৰৰ নাম হয় তাৱাং। ‘তা’ৰ অৰ্থ ঘোঁৰা আৰু ‘ৱাঙ’ৰ অৰ্থ নিৰ্বাচন। ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত ঠাই। গাঁৱৰ মানুহে গুম্ফাৰ একো একোটা অংশ নিৰ্মাণ কৰাৰ ভাৰ লয়। আজিও সেইবোৰ অংশৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বৰ্তি আছে সেইবোৰ গাঁৱৰ ওপৰত। লাছাৰ প'টালা ৰাজকাৰেঙৰ পৰা পঞ্চম দালাই লামাই মন্ত্ৰোচ্চাৰণ কৰি তাৱাং গুম্ফাটো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৪১'''}}</noinclude>
ap2avpe326tu4atsmbfw9hx5clsivmr
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৫
104
59716
160022
158579
2022-07-29T19:27:12Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
{{gap}}বিশাল গে'ট এখনৰ মাজেৰে গুম্ফাৰ চৌহদত সোমাই জলৌ-জপৌ পোছাক পিন্ধা দুটা পোৱালি লামাক দেখি বৰ স্ফূৰ্তি পাইছিলো।
{{gap}}প্ৰথমতে আমি সোমাইছিলো গুম্ফাৰ লাইব্ৰেৰীটোত, তাত ৰক্ষিত আছে কানজুৰ আৰু তানজুৰ শ্ৰেণীৰ ধৰ্মগ্ৰন্থবোৰ। কানজুৰ হ’ল বুদ্ধৰ বাণীৰ অনুবাদ আৰু তানজুৰত আছে টীকা-টিপ্পনীৰ সৈতে তাৰ ব্যাখ্যা। তানজুৰ গ্ৰন্থৰ সংখ্যা ২২৫। কানজুৰৰ ছপা খণ্ড ১০১খন, হাতে লিখা ২৫৬ খন। এখন ধৰ্মপুথিৰ তিনিখন পাত সোণৰ আখৰেৰে লিখিত। লাইব্ৰেৰীটোৰ অৱস্থা হতাশাজনক। ৰক্ষণাবেক্ষণ অনুন্নত। দেখুৱাবলৈ নাছিল কোনো উপযুক্ত নিৰ্দেশক।
{{gap}}গুম্ফাৰ আটাইতকৈ সুৰক্ষিত অট্টালিকাটো তিনিমহলীয়া। তলৰ মহলাৰ সভাগৃহটোত পাঁচশ লামাই বহি ধৰ্ম চৰ্চা কৰিব পাৰে। ইয়াৰ সমগ্ৰ উত্তৰ দিশটো অধিকাৰ কৰি আছে এখন ওখ বেদীয়ে। বেদীৰ সোঁমাজত অধিষ্ঠিত বুদ্ধৰ ২৬ ফুট ওখ এটা প্ৰকাণ্ড মূৰ্তি। তদুপৰি আছে গুম্ফাৰ প্ৰতিষ্ঠাতা মেৰা লামা, মনপা ৰাজ্যত ওপজা ষষ্ঠ দালাই লামা (১৬৮৩-১৭০৬) আৰু নানা দেৱ-দেৱীৰ প্ৰতিকৃতি। বুদ্ধদেৱে প্ৰচাৰ কৰা জীৱন চকৰিৰ ছবিত দেখুৱাইছে জীৱনৰ ছটা অৱস্থা, যাৰ ফলত মানুহৰ পুনৰজনম হয়।
{{gap}}শুনি আচৰিত হওঁ য'ত আজিও আমি এইবোৰ দুৰ্গম অঞ্চললৈ সহজতে যাব নোখোজো তালৈ ৭৪৭ চনতে নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তিব্বতলৈ গৈছিল পদ্মসম্ভৱা নামৰ এগৰাকী সন্ন্যাসী। মনপাসকলৰ মাজত জনপ্ৰিয় এইগৰাকী সন্ন্যাসীৰ প্ৰতিমূৰ্তি তাৱাং গুম্ফাত ৰক্ষিত আছে। তিব্বতৰ ৰজাৰ আমন্ত্ৰণ ক্ৰমে আহি তেওঁ এই অঞ্চলত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে।
{{gap}}ধৰ্মসংক্ৰান্ত সকলো দায়িত্ব ন্যস্ত পুৰোহিত লামাসকলৰ ওপৰত। বৌদ্ধ ট্ৰিনিটিৰ--বুদ্ধ, ধৰ্ম আৰু সংঘৰ তৃতীয় স্থান সংঘ অধিকাৰ কৰি আছে লামাসকলে। সৰ্বোচ্চ স্তৰত উপৱিষ্ট ‘অৱতাৰ' লামাসকল। ১৯৫১ চনলৈ অৱতাৰ লামাজন আহিছিল তিব্বতৰ পৰা। বৰ্তমানে মনপাসকলে এই দায়িত্ব পালন কৰি আছে। গুম্ফাৰ ইতিহাস, নীতি-নিয়ম, কৰ্মপদ্ধতি, লামাসকলৰ জীৱন আদিৰ বিষয়ে লিখিবলৈ হ'লে এখন গ্ৰন্থ হ’বগৈ। গতিকে তেওঁলোকক ইয়াতে এৰিলো।
{{gap}}সপ্তাহজোৰা অভিযানৰ পাছত উভতিবৰ সময় উপস্থিত হ’ল। দিৰাঙৰ ডাকবঙলাত গোলক দাসে নিজৰ বাৰীৰ জাতিলাওৰে ৰন্ধা সুস্বাদু খাৰৰ আঞ্জা আৰু পাতলকৈ ৰন্ধা<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৪৩'''}}</noinclude>
30ophdeihsm1sxi7bo4zdo0q87bww7i
পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৭
104
59728
160058
158591
2022-07-30T09:07:40Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>তেওঁলোকেও নাজানে। ক'ৰবাত পঢ়িছিলো ল'ৰা-ছোৱালীৰ বাবে তেওঁলোকে কোনো সম্পত্তি এৰি থৈ নাযায়, দি যাব জনহিতার্থে। প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন তেওঁৰ দৰে চহকী নহয়, কিন্তু জনপ্রিয়। তেওঁ নানা উপায়েৰে দান-বৰঙণি সংগ্ৰহ কৰি আৰ্তৰ্জনৰ সেৱাত খটুৱায়। এসময়ত ছুনামী বিধ্বস্ত দক্ষিণ ভাৰতলৈ সহায়ৰ হাত আগবঢ়াবলৈ বিল ক্লিণ্টন অসুস্থ দেহাৰেই আহিছিল। কোনোবা এগৰাকী অষ্ট্রেলিয়ান ক্রিকেট খেলুৱৈয়েও ভাৰতত জনহিতকৰ কাম কৰি আছে।
{{gap}}ভাৰততো জনহিতকৰ কামত ব্যয় কৰা মানুহ আছে। কিন্তু যিটো হাৰত চহকীৰ সংখ্যা বাঢ়িছে সেই হাৰত দাতাৰ সংখ্যা বঢ়া নাই। আমাৰ অসমতে কোটিপতিৰ সংখ্যা ইমান আছে বুলি জনা নাছিলো। নির্বাচন খেলিবলৈ অহাসকলৰ সম্পত্তিৰ তালিকা প্রকাশ কৰাৰ পাছতহে গম পালো অসমীয়া দুখীয়া নহয়। সাধাৰণতে ভাৰতীয় মানুহে মন্দিৰত দান কৰে পুণ্য অৰ্জন কৰিবলৈ। আম্বানী পৰিয়ালে প্ৰায়ে তিৰুপতি মন্দিৰলৈ গৈ সোণৰূপেৰে উপচাই দিয়ে মন্দিৰৰ ভঁৰাল। দক্ষিণ ভাৰতত আছে অসংখ্য চহকী মানুহ। তেওঁলোকেও ঘাইকৈ দান দিয়ে মন্দিৰত। আমাৰ মন্দিৰবোৰত কোটি কোটি টকা মূল্যৰ সোণ নিষ্ক্ৰিয় হৈ পৰি আছে। ভগৱানেনো এইবোৰেৰে কি কৰিব। জনমংগলৰ বাবে উলিয়াই দিলে দেশৰ শ্ৰীবৃদ্ধি কৰাত কামত লাগিলহেঁতেন। কিছুমান মন্দিৰে হেনো দিয়েও।
{{Gap}}নাতিহঁতৰ কথা উলিয়াইছিলো। চাওঁতে চাওঁতে সিহঁত ডাঙৰ হ'ল। উচ্চতৰ মাধ্যমিকৰ হেঙাৰ পাৰ হৈ ডাঙৰ নাতি ঋষভ এই বছৰ অৰ্থাৎ ২০১১ চনত নিউয়র্কস্থিত কলম্বিয়া বিশ্ববিদ্যালয়ত নাম লগালে গণিত আৰু অর্থনীতি বিষয় লৈ। ইঞ্জিনিয়াৰিং বা ডাক্তৰী পঢ়াৰ যোগ্যতা অৰ্জন কৰাৰ পাছতো সি অৰ্থনীতিৰ ফালেহে ঢাল খালে। দেউতাক-মাক দুয়ো বিজ্ঞানী কিন্তু হেজাৰ হেজাৰ মাইল আঁতৰত ভাৰতত থকা ককাকৰ বিষয়টোৰ প্ৰতিহে সি বেছি আকর্ষণ বোধ কৰিছে। সি সৰুৰে পৰা কিতাপৰ পোক। ককাকে তাক কেইখনমান কিতাপ দিছিল ডাঙৰ হ’লে পঢ়িবলৈ। সৰুতেই সেইবোৰ পাগুলি খাই নিজৰ লক্ষ্য স্থিৰ কৰিছে সি। ল’ৰাটো বৰ একাডেমিক। জোৰ কৰি তাক খেলিবলৈ পঠোৱা হয়। সিহঁতৰ স্কুলত তলৰ ক্লাছৰে পৰা সংগীতো এটা বিষয়। ঋষভৰ মনটো থাকে সদায় কিতাপত। উপায়হীন হৈ সি বেহেলা বজাবলৈ লৈছিল। নাজানো কলেজতো সংগীত বাধ্যতামূলক নে কি। কলেজত নাম লগোৱাৰ পাছতে শুনিলো ক্লাছ আৰম্ভ হোৱাৰ আগত ছাত্ৰসকলক দুদিনত ১৫০ মাইল চাইকেল চলাবলৈ দিয়া হৈছিল। চাইকেল চলোৱা ক্লাছেৰে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''৩৫৫'''}}</noinclude>
8cf1in3erd64vjxbe377e6z6fqnu5zp
পৃষ্ঠা:অনিমা গুহ.pdf/২৫৯
104
60454
159960
2022-07-29T14:05:35Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 259
|bSize = 425
|cWidth = 300
|cHeight = 206
|oTop = 161
|oLeft = 83
|Location = center
|Description =
}}
■ {{smaller|''পৰিত্যক্ত ৰূপৰ খনিত স্বামীৰ সৈতে লেখিকা''}}
|}
</center><noinclude>{{rh|'''২৫৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
jotkrqxebluuj166wqgjk2fmbb6xst8
পৃষ্ঠা:অনিমা গুহ.pdf/২৬১
104
60455
159961
2022-07-29T14:09:35Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 261
|bSize = 425
|cWidth = 297
|cHeight = 180
|oTop = 198
|oLeft = 80
|Location = center
|Description =
}}
■ {{smaller|''জৰ্জ ৱাশ্বিংটনৰ বাসগৃহ''}}
|}
</center><noinclude>{{rh|'''২৬০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
8vn0xb8yr8t3a3mhomu7kvgv1zh88eu
পৃষ্ঠা:অনিমা গুহ.pdf/২৬২
104
60456
159962
2022-07-29T14:14:34Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>হওঁ আমাৰ উলুবাৰীৰ ঘৰৰ ওচৰত এসময়ত গোপীনাথ বৰদলৈ বাসকৰা ঘৰটোলৈ চালে। দৰ্শনীয় গৃহ হিচাপে সুৰক্ষিত কৰি ৰাখিব পৰা নগ'লহেঁতেননে?
'''আমেৰিকাত বাংলাদেশ দেখিলো :''' অসমৰ পৰা সাত সাগৰ তেৰ নৈ পাৰ হৈ গৈ ঘৰৰ কাষৰে বাংলাদেশৰ পৰা অহা ইলিছ মাছ কিনিবলৈ নিউয়ৰ্ক মহানগৰীৰ কুইন্ছ অঞ্চলৰ জেকচন হাইটছ চুবুৰীটোলৈ আহিছিলো। পুত্ৰৰ ঘৰৰ পৰা সেইখিনি ঠাইলৈ এঘণ্টামানৰ দূৰত্ব। চাহাবহঁতৰ দোকান-বজাৰৰ মাজত বাংলাদেশী দোকান এখন দেখা পাম বুলি আশা কৰিছিলো। পিছে ক’ত চাহাব। ক’ত চাহাবৰ দোকান। বগা বা ক’লা কোনো বৰণৰ আমেৰিকান চকুত নপৰিল। কেউপিনে বাংলাদেশীৰ দোকান, বাটেৰে অহা-যোৱা কৰা সকলো মানুহ বাংলাদেশী। মানুহবোৰে কথা পাতিছে বাঙাল ভাষাত। অলপো আশা নকৰা পৰিস্থিতি। বাংলা ভাষা বাংলাদেশৰ ৰাষ্ট্ৰীয় ভাষা। কিন্তু কথা বিশুদ্ধ বাংলাত নাপাতে, পাতে পূব বাংলাত প্ৰচলিত কথিত বাংলাত। অসমৰ বাঙালীসকলেও কথিত বাংলাত কথা কয়। এই কথিত ভাষাটোকে কোৱা হয় বাঙাল ভাষা। পশ্চিমবংগৰ মানুহে পূৰ্ববংগৰ মানুহক বাঙাল বুলি ইতিকিং কৰে, উজনি অসমৰ মানুহে নামনিক ঢেকেৰী বুলি কোৱাৰ দৰে। সিদিনা বাংলাদেশী অধ্যুষিত এলেকাটোত এষাৰ ইংৰাজী বাক্যও কাণত নপৰিল। সকলোৱে বাঙাল ভাষাত কথা কোৱাত ব্যস্ত। চাৰিওফালে গিজগিজাই থকা দোকানবোৰৰ ছাইনবোৰ্ডবোৰো বাংলা আখৰেৰে লিখা! বিস্ময়ত হতবাক হৈ দোকানবোৰৰ নামবোৰ পঢ়ি গ'লো এফালৰ পৰা — অৱকাশ, মুক্তাধাৰা, আলাদ্দীন, ৰাজভোগ, খামাৰবাৰী (পামঘৰ) ইত্যাদি। হালাল কৰা মাংস বেচিছে ‘হালাল-মাংস’ৰ দোকানত। কাবাব বিক্ৰীৰ দোকানখনৰ নাম ‘কাবাব কিং’।
{{gap}}সিদিনা আছিল শুকুৰবাৰ। এটা নিৰ্দিষ্ট সময়ত নামাজ পঢ়িবলৈ কিছুমানে ধুপ্ধাপ বহি গৈছিল এটা গলিৰ ফুটপাথত। এইবোৰ চাই-চিতি অবাক হোৱা বন্ধ কৰি সোমাই গৈছিলো আলাদীন নামৰ ৰেস্তোৰাঁ এখনত। সোমায়ে দেখিলো চাহৰ পিয়লাত ধুমুহা তুলি ডেকাসকল বাঙাল ভাষাত বিবিধ আলোচনাত ব্যস্ত। আমিও একোটাকৈ চিংৰা আৰু খেজুৰৰ গুড়ৰ সন্দেশ লৈ বহি কাষ্টমাৰসকলৰ ৰেহ-ৰূপ চাই থাকিলো। এওঁলোকক দেখি আমাৰ বিশুদ্ধ বাংলাভাষী কলকতীয়া বিয়ৈ অবাক। উত্তেজিত। তেওঁৰ বিশ্বাস হ’ব নোখোজে সেই অকমাণি পিছপৰা বাংলাদেশৰ এটা সাধাৰণভাৱে শিক্ষিত শ্ৰেণীৰ মানুহ চাহাবৰ দেশৰ আহল- বহল অঞ্চল এটাত কি যাদুৰ বলত<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৬১'''}}</noinclude>
dwg8o6kk40y9xfof7h9ndmvx534np5b
পৃষ্ঠা:অনিমা গুহ.pdf/২৭০
104
60457
159968
2022-07-29T14:38:04Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 270
|bSize = 425
|cWidth = 299
|cHeight = 201
|oTop = 189
|oLeft = 78
|Location = center
|Description =
}}
■ {{smaller|''ৱাশ্বিংটনৰ নেশ্বনেল মাল, অদূৰত কেপিটল ভৱন''}}
|}
</center><noinclude>{{rh|'''২৬৮ '''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
f9fa2awgojhof5c1euomp9clfb26mrg
পৃষ্ঠা:অনিমা গুহ.pdf/২৭৪
104
60458
159972
2022-07-29T14:56:17Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 274
|bSize = 425
|cWidth = 222
|cHeight = 318
|oTop = 111
|oLeft = 107
|Location = center
|Description =
}}
■ {{smaller|''ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত লেখিকা''}}
|}
</center><noinclude>{{rh|'''২৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
30dcjufil41nyuudor7tr9elum5i2zj
পৃষ্ঠা:অনিমা গুহ.pdf/২৮২
104
60459
159980
2022-07-29T15:24:03Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 282
|bSize = 425
|cWidth = 293
|cHeight = 200
|oTop = 173
|oLeft = 62
|Location = center
|Description =
}}
■ {{smaller|''আমেৰিকাৰ চায়না টাউন''}}
|}
</center><noinclude>{{rh|'''২৮০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
p687ntrr5t6wrfr9ouv2qy6essqg5az
পৃষ্ঠা:অনিমা গুহ.pdf/২৯২
104
60460
159994
2022-07-29T17:26:17Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 292
|bSize = 425
|cWidth = 264
|cHeight = 296
|oTop = 123
|oLeft = 92
|Location = center
|Description =
}}
■ {{smaller|''লেখিকাৰ পুত্ৰ-বোৱাৰী আৰু দুই নাতি''}}
|}
</center><noinclude>{{rh|'''২৯০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
dz25gofg30v75cl05uyu562oqf6sbac
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৮
104
60461
160021
2022-07-29T19:24:53Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 338
|bSize = 425
|cWidth = 306
|cHeight = 197
|oTop = 180
|oLeft = 65
|Location = center
|Description =
}}
■ {{smaller|''তাৱাঙত লেখিকা আৰু অন্যান্যসকল''}}
|}
</center><noinclude>{{rh|'''৩৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
ftg65wxn7w8rwzpw26t21hl1yggusd3
পৃষ্ঠা:অনিমা গুহ.pdf/৩২৮
104
60462
160023
2022-07-29T19:43:08Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 328
|bSize = 425
|cWidth = 299
|cHeight = 219
|oTop = 186
|oLeft = 60
|Location = center
|Description =
}}
■ {{smaller|''মায়ৰাঙৰ লোগতাগ হৃদৰ ওপৰত''}}
|}
</center><noinclude>{{rh|'''৩২৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
qw5f4rjrwkpj5jdy6zvo4ork0kmzobj
পৃষ্ঠা:অনিমা গুহ.pdf/৩৩০
104
60463
160024
2022-07-29T19:45:15Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 330
|bSize = 425
|cWidth = 305
|cHeight = 212
|oTop = 173
|oLeft = 62
|Location = center
|Description =
}}
■ {{smaller|''১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ময়ৰাঙৰ এই স্থানতে''
''ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল।''}}
|}
</center><noinclude>{{rh|'''৩২৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
o0rsv1ostb7oza3dan39t4z8n4c426q
160025
160024
2022-07-29T19:45:31Z
JyotiPN
1603
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 330
|bSize = 425
|cWidth = 305
|cHeight = 212
|oTop = 173
|oLeft = 62
|Location = center
|Description =
}}
■ {{smaller|''১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ময়ৰাঙৰ এই স্থানতে''<br/>
''ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল।''}}
|}
</center><noinclude>{{rh|'''৩২৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
7odc5uphvooot48rgd223kcultgrco5
পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৪
104
60464
160026
2022-07-29T19:47:34Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 344
|bSize = 425
|cWidth = 302
|cHeight = 204
|oTop = 186
|oLeft = 60
|Location = center
|Description =
}}
■ {{smaller|''মনপা লামাৰ সৈতে তাৱাং গুম্ফাৰ সন্মুখত লেখিকা''}}
|}
</center><noinclude>{{rh|'''৩৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
egyclk4n6oelcjkvfz6e46lp4vbxzzf
পৃষ্ঠা:অনিমা গুহ.pdf/৩৭২
104
60465
160027
2022-07-29T19:48:53Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 372
|bSize = 425
|cWidth = 390
|cHeight = 558
|oTop = 42
|oLeft = 17
|Location = center
|Description =
}}<noinclude></noinclude>
gf3djam5c4u8thztpzf7t3ywtaxgjfm
পৃষ্ঠা:অনিমা গুহ.pdf/১১৩
104
60466
160028
2022-07-29T19:51:25Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 113
|bSize = 425
|cWidth = 294
|cHeight = 198
|oTop = 186
|oLeft = 72
|Location = center
|Description =
}}
■ {{smaller|''নাতি-নাতিনী, জী-জোঁৱাইৰ সৈতে আমাৰ মা''}}
|}
</center><noinclude>{{rh|'''১১২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
i98dxyjbjdx7prn94kqx4usrx3mws34
পৃষ্ঠা:অনিমা গুহ.pdf/৩১২
104
60467
160044
2022-07-30T08:18:41Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 312
|bSize = 425
|cWidth = 300
|cHeight = 215
|oTop = 191
|oLeft = 66
|Location = center
|Description =
}}
■ {{smaller|''নষ্টালজিয়া। ভুবন মোহন দাসৰ ঘৰত সহপাঠীৰ সৈতে লেখিকা''}}
|}
</center><noinclude>{{rh|'''৩১০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
1kuwcpldz92xsoc8pqsz96eiw2741ca
পৃষ্ঠা:অনিমা গুহ.pdf/৩১৬
104
60468
160050
2022-07-30T08:48:54Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>
<center>
{|
|-
|
{{Css image crop
|Image = অনিমা_গুহ.pdf
|Page = 316
|bSize = 425
|cWidth = 300
|cHeight = 257
|oTop = 156
|oLeft = 65
|Location = center
|Description =
}}
■ {{smaller|''ডাঃ চি দাস আৰু প্ৰতিমা''}}
|}
</center><noinclude>{{rh|'''৩১৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude>
k49s86y8z09bl89ugkc8h9johsmsss7