ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.23
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯২
104
37284
160622
77173
2022-08-10T16:58:36Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh|১১০|জগন্নাথ বৰুৱা কলেজ আলোচনী|}}
{{Rule|}}</noinclude>বিলাকৰ যেন পোহৰ কমি আহিবলৈ ধৰিলে, আৰু লাহে লাহে পোহৰ একেবাৰে নাইকিয়া হৈ
কোঠাটো আন্ধাৰ হৈ পৰিল। জোনৰ মিঠা পোহৰ কোঠাটোলৈ সোমাই আহিল লগে লগে
এছাটি শীতল বতাহ, তেতিয়া দেখা পালো যে মই এটা বৰফাবৃত হ্ৰদ অতিক্ৰম কৰিছো আৰু
মোৰ হাত দুখন খালি, একো নাই।
{{gap}}হঠাৎ সাৰ পাই দেখো যে মই চানফ্ৰান্সিসস্ক’ৰ বাতৰি কাকতৰ অফিচৰ মোৰ টেবুল খনৰ
ওচৰত বহি আছো, ঘড়ীটোলৈ চাই জানিব পাৰিলে মই মাত্ৰ দুই মিনিটতকৈ কম সময় তন্দ্ৰাত
পৰিছিলো। বৰ আচৰিত কথা এইটোৱেই যে তেতিয়া মোৰ বয়স ২৯ বছৰ।
{{gap}}ইয়াৰ পাছৰ দু বছৰৰ ভিতৰত মোৰ সপোন প্ৰিয়াক ছেগাচেৰেকাকৈহে দেখা পাইছিলো।
{{gap}}মই ১৮৫৬ চনত কেই মাহ মান হাৱাই দ্বীপত কটাইছিলো, আৰু সেই বছৰৰ আক্টোবৰ
মাহত চানফ্ৰান্সিস্কত মই প্ৰথম বক্তৃতা আৰম্ভ কৰিছিলো। তাৰ পাছৰ বছৰৰ জানুৱাৰী মাহত
মই আকৌ মোৰ সপোনৰ প্ৰিয়াক দেখিছিলো।
{{gap}}এই সপোনটোত মই আকৌ চানফ্ৰান্সিস্ক’ৰ অপেৰা হাউচৰ ৰঙ্গমঞ্চত বক্তৃতা দিবলৈ সাজু
হৈছিলো। কেইআষাৰ মান কৈছিলো মাত্ৰ তাৰ পাছত ৰৈ গলো; ভয়ত শেতা পৰিলো কাৰণ
মোৰ কবলৈ একোৱেই নাছিল, কিছু সময় মই থতমত্ খাই আছিলো। পাচত মানুহৰ ভেঙুচালিৰ
পৰা হাত সাৰিবলৈ বুলি কেই আষাৰ মান কবলৈ মুখ মেলিলো। মুঠতে কেউপিনে হাঁহিৰ ৰোল
উঠিল। মোৰ লাজ লগা স্বত্তেও এই সকলো বোৰ মূৰ পাতি লৈছিলো। মোৰ এই দোষ বোৰৰ
কাৰণে নীচ লোকৰ দৰে ক্ষমা খুজিছিলো তাৰ উত্তৰত শ্ৰোতা সকলে মোৰ বক্তৃতাত ধিক্কাৰ দি
গালি-পাৰি বাহিৰ হৈ গৈছিল। যেতিয়া কোঠাটো একেবাৰে জনশূন্য হ’ল, তেতিয়া মোৰ পৰিচিত
এটা সপোন সুৰীয়া মাতে মোৰ সকলো দুখৰ অন্ত পেলাইছিল....ৰ—বা—ৰ্ট—এগনিছে
মাতিছিল? এগনিছ বুলি মইও চিঞৰি দিছিলো।
{{gap}}পিচ মুহুৰ্তত আমি ফুল গোটাই, হাৱাই দ্বীপৰ ফল-ফুলে জাতিস্কাৰ লাও উপত্যকা (1ao
valley) নামৰ পাছ পাইছিলোগৈ। গছৰ ছাঁত বহি আমি আকাশী লতাৰ আকাশৰ মাজলৈ যোৱা
আগ বিলাক চাই আছিলো। তাৰ ফুলি থকা সেউজীয়া আগবিলাক নিস্তেজ দেখা গৈছিল যেন
বহুত দূৰৰ সাগৰৰ মাজৰ ৰিনিকি ৰিনিকি দেখা এটা দ্বীপ। পাছত আমি পৃথিবীলৈ আমাৰ দৃষ্টি
নমাই আনিছিলো।
{{gap}}এটা চৰাই উৰি আহি তাইৰ গাত পৰিলহি, মই তাক মোৰ হাতলৈ লৈ আনিলো। লাহে
লাহে তাৰ পাখীবোৰ সৰি গ'ল আৰু চৰাইটোক এটা সৰু মেকুৰী হোৱা দেখা পালো। সেই
মেকুৰীটোও এটা ঘূৰণীয়া বল হ’ল, বলটো নোম আৰু দীঘল ঠেঙ্গেৰে এটা বিষাক্ত মকৰা হ'ল
যেতিয়া এই বিষাক্ত মকৰাটোৰে এটা তথা মাছৰ ৰূপ লোৱা দেখিলো তেতিয়া তাক মই দলিয়াই
দিলো।
{{gap}}পৃথিবীৰ বস্তুবিলাকৰ ক্ষণস্থায়ীত্বৰ বিষয়ে এগনিছে কবলৈ ধৰিলে—মই যেতিয়া শিল এটাৰ<noinclude></noinclude>
34iakbel4407brd3to4r39r9j4gqc95
পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৩
104
37285
160623
77174
2022-08-10T17:14:21Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||মোৰ মানসী প্ৰিয়া|১১১}}</noinclude>স্থায়ীত্বৰ বিষয়ে কৈছিলো, উত্তৰত তাই তাৰ অস্থায়ীত্ত্বৰ বিষয়ে বহুতো ক'লে, তাই এটা শিল ভাঙি
ল'লে। শিলটো এটা বাদুলী হৈ তাইৰ হাতৰ পৰা উৰি গুচি গ'ল। এই আচৰিত ৰকমৰ ঘটনা
বিলাক মোৰ খুব ভাল লাগিছিল কিন্তু তাত কোনো উত্তেজনা নাছিল।
{{gap}}এনেকৈ থাকোতে মই সাৰ পালো, আৰু মই তেতিয়া মোৰ এজন বন্ধুৰ সৈতে নিউইয়ৰ্ক চহৰৰ
বন্দ ষ্ট্ৰীট অতিক্ৰম কৰিছো। আমি দুয়ো লাগ-বান্ধ-নহোৱা কথা পাতিছিলোঁ, প্ৰায় ১৫ মিনিট
মানৰ পাচত, মোৰ বহাত শুবলৈ যোৱাৰ আগতে ডায়েৰীত মোৰ এই সপোনৰ কথা লিখিবলৈ ল'লো।
লিখা শেষ কৰি যেতিয়া মই লাইটটো নুমাবৰ কাৰণে চুইচত হাত দিওঁ তেতিয়া মই অনুভৱ
কৰিলো যেন মই এখন শক্তিশালী বহল মুখত হে হাত দিলো আৰু লগে লগে মই ক'ব নোৱাৰাহৈ
অলস হৈ পৰিলো। লাহে লাহে মোৰ টোপনি আহিল আৰু মই আকৌ সপোন দেখিলোঁ।
{{gap}}মই তেতিয়া এথেন্স নগৰীত, যিখনৰ কথা আগতে শুনিছিলোঁহে কিন্তু দেখা নাছিলো। মই
তাৰ শিলত কটা মূৰ্ত্তি বিলাক নতুন আৰু ধুনীয়া বুলি ভালকৈয়ে চিনিব পাৰিছিলো। এই বিলাক
পাৰ হৈ মই এটা ৰঙা বাৰান্দাৰে সজোৱা পকী ঘৰলৈ খোজ ললো। তেতিয়া ভৰ দুপৰ, তাত
কোনোৱেই নাছিল। ঘৰটোৰ ভিতৰত খোজ পেলাই মই চাৰিওফালে চকু ঘূৰালো, ঘৰটো আহল-
বহল, পোহৰ আহিব পৰাকৈ সজোৱা, বেৰ বিলাক মণি-মুক্তাৰে খচিত, মই এই সকলো বিলাক
লিখি ৰাখিলো। দিঠকত কিন্তু মোৰ এনেকৈ লিখা মনত নপৰে। কিন্তু এই বিলকে মনত সাঁচ
নৱহোৱাকৈও এৰা নাছিল, কিয়নো এতিয়াও মোৰ মনৰ পৰা সেই ছবি মাৰ যোৱা নাই, যদিও ই
প্ৰায় ৩০ বছৰৰ আগৰ কথা।
{{gap}}তাত এজনক লগ পাইছিলো সেয়া আন কোনো নহয়—এগনিছ, তাইৰ গাত সাধাৰণ গ্ৰীক
মহিলাৰ সাজ, তাইৰ চুলি আৰু চকুযোৰ আধা ঘণ্টাৰ আগত দেখা হাৱাই দ্বীপৰ চকু দুটাতকৈ
বেলেগ, তাই এখন বগা হাতী দাঁতৰ চোফাত বহি আছিল; আৰু তাই কিবা এটা গুথিছিল। মই
তাইৰ ওচৰতে বহিলো আৰু কথা পাতিবলৈ আৰম্ভ কৰিলে।
{{gap}}আমি যেতিয়া কথা পাতিছিলো তেতিয়া বহুতো সম্ভ্ৰান্ত গ্ৰীক্ নানা ধৰণৰ বিষয়ত তৰ্ক কৰি
আমাৰ ওচৰেদি ৰাজকীয় ভঙ্গীৰে পাৰ হৈ গৈছিল, সেই সম্ভ্ৰান্ত গ্ৰীক্ সকলৰ মাজত মই বিখ্যাত
দাৰ্শনিক মহামতি চক্ৰেটিচক দেখিছিলো, —তেওঁৰ নাকটো দেখিয়েই মই চিনিব পাৰিছিলো।
{{gap}}আজৰি সময়ত যেতিয়া মই এথেন্স নগৰীৰ সেই বিৰাট ঘৰটোৰ কথা ভাবো তেতিয়া মই
তাৰ শিল্পী জনৰ দক্ষতাৰ বিষয়ে ভূৰি ভুৰি প্ৰশংসা কৰিবলৈও নাপাহৰো, দিঠকত মই এখনো ছবি
অঁকা মনত নপৰে, অথবা কোনো এখন ছবি, কোনো এজন লোকৰ হুবহু প্ৰতিকৃতিও মোৰ মনঃ-
চক্ষুৰ আগলৈ আনিব নোৱাৰিছিলো কিন্তু মোৰ সপোন শিল্পী জনৰ, তুলিকাৰ প্ৰতিটো আৰ্ট সত্য
নিৰ্ভুল। অঙ্কনত, কল্পনাত এওঁ সিদ্ধ হস্ত, মই দিঠকত চকুদুটা মুদি মোৰ মনলৈ সেই আগেয়ে
দেখা সকলো বস্তুকে আনিবলৈ চেষ্টা কৰিছিলো আৰু প্ৰায় কৃতকাৰ্য্য হৈছিলো।
{{gap}}আমাৰ সপোনত মই জনাত আমি কৰিবলগীয়া বা দেখিবলগীয়া বস্তুবোৰকে দেখো।<noinclude></noinclude>
7mz7g9t1g5a3xgklvfkrsuecwx0x1rc
পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৪
104
37287
160624
77176
2022-08-10T17:27:38Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh|১১২|জগন্নাথ বৰুৱা কলেজ আলোচনী|}}
{{Rule|}}</noinclude>অন্যহাতে আমাৰ মানস পৰ্দাত মানুহ, গৰু-ম'হ, পশু-পক্ষী বিলাক জীৱন্ত, অমৰণ-অভগন হৈ
জিলিকি থাকে।
{{gap}}মোৰ দুকুৰি চাৰি বছৰ বয়সত মোৰ সপোনৰ প্ৰিয়াক দুবছৰত গড়ে এবাৰকৈ দেখিছিলো।
মই তাইক এসপ্তাহৰ আগতে অলপ সময়ৰ কাৰণে দেখিছিলো, তাই সেই একেই ১৫ বছৰীয়া আৰু
মই ১৭ বছৰীয়া যদিও তেতিয়া মোৰ আচল বয়স তিনিকুৰি তিনি বছৰ। এগনিছ মোৰ কাৰণে
কিবা এটা বেছি সত্য; তাই মোৰ জীৱনৰ সুন্দৰ আৰু মনোৰম অভিজ্ঞতা।
{{gap}}সপোনপুৰীৰ সকলোৱেই সত্য, আনহাতে, দিঠকত মুখা-পিন্ধি ঘূৰি ফুৰা, আমাৰ এই সংসাৰ
খনৰ সকলোবোৰেই অসত্য। আমি যেতিয়া মৰিম তেতিয়া হয়তো আমি আমাৰ প্ৰকৃত ৰূপলৈ
সপোন পুৰীলৈ যাত্ৰা কৰিম!*
{{Rule|}}
* Mark twainৰ My Platonic Sweetheartৰ ভাঙনি৷
{{Rule|}}
{{gap}}'''''“আজিকালি উচ্চ শিক্ষা পোৱা অসমীয়া ডেকাৰ অভাৱ নাই কিন্তু'''''
'''''তেওঁবিলাকৰ পৰা আমি যি পাবলৈ আশা কৰোঁ তাক নেপাওঁ। তেওঁবিলাকৰ'''''
'''''সৰহভাগেই স্কুল বা কলেজত যি শিক্ষা আৰু কৃষ্টি অৰ্জন কৰে সেই সোপাকে'''''
'''''চাকৰিত সোমোৱা মাত্ৰকে মোহাৰি সামৰি এচুকত দলিয়াই পেলাই দি পুনৰাই'''''
'''''সেইবিলাক চৰ্চা কৰিব নোখোজে। এইখিনিতে এটা চুটি গল্প কবলৈ বাধ্য'''''
'''''হলো। খলিফা আব্দুল মালিক ৰাজপাটত উঠাৰ আগতে তেখেত মদিনা নগৰত'''''
'''''অতি বিদ্বান আৰু ধৰ্ম্মানুৰাগী পুৰুষ বুলি খ্যাত আছিল। তেখেত বেছিভাগ'''''
'''''সময় মছজিদৰ ভিতৰত শাস্ত্ৰ আদি মনোযোগেৰে সৈতে পাঠ কৰি কটাইছিল।'''''
'''''কিন্তু য়িদিনা তেওঁৰ পিতৃদেৱতা স্বৰ্গগামী হয় আৰু তেওঁক ৰাজপাটত উঠিবলৈ'''''
'''''আমীৰ সকলে জয়ধ্বনি দি অভিনন্দিত কৰে সেই সময়ত তেওঁৰ হাতৰ কিতাপ-'''''
'''''খনি জপাই থৈ এইদৰে কয় “আজিৰ পৰা তোমাৰ আৰু মোৰ ভিতৰত'''''
'''''চিৰবিচ্ছেদ হল।” আজ প্ৰায় বাৰশ বছৰ আগেয়ে কোৱা এই কথা ফাকিৰ মূল'''''
'''''মন্ত্ৰ আমাৰ বৰ্ত্তমান ডেকাসকলৰ গাত ফলিৱা দেখা যায়। কিন্তু এই মনোবৃত্তি'''''
'''''আমাৰ সমাজ আৰু দেশৰ কাৰণে অহিতকাৰী।”'''''
{{Right|—ময়িদুৰ ইচলাম বৰা}}
{{Right|(অষ্টাদশ অধিবেশন, ১৯৪০ )}}
{{Rule|}}<noinclude></noinclude>
4fpxv5ds4zli842s4tutrmxovusdwuz
পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৫
104
37288
160625
77177
2022-08-10T17:36:42Z
Pranamikaadhikary
2157
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Anamika baruah" /></noinclude>{{center|{{Xx-larger|বহুত পলম হ’ল}}}}
{{center|ৰচনা—এ, গ্ৰোজ্ ডাভা}}
{{center|অনুবাদ—শ্ৰীফটিক বৰা, (প্ৰথম বাৰ্ষিক : কলা)।}}
{{gap}}মস্কো-টাচখাণ্ট এক্সপ্ৰেচ্ এৰিবৰ কাৰণে দুবাৰ সঙ্কেত পৰিল,—পৰিচালক সকল দুৱাৰ
জপোৱাত ব্যস্ত। দ্বিতীয় শ্ৰেণীৰ কম্পাৰ্টমেন্ট এটাৰ পৰা এজন যাত্ৰী হাতত এটা ভ্ৰমণোপযোগী
বাকচ লৈ নামি আহিল। এগৰাকী বৃদ্ধা পৰিচালিকাই তেওঁৰ হাতত এটা টিকট দি গুণগুণাই কলে,
“যিহেতু আপুনি আপোনাৰ ইচ্ছা পৰিবৰ্ত্তন কৰিছে আপোনাৰ উদ্দেশ্য সাধন কামনা কৰিলো।”
বৃদ্ধা মহিলা গৰাকীয়ে আৰু এটা বাকচ প্লেটফৰ্মৰ ওপৰত নমাই ৰাখিলে। তেওঁ মূৰ জোকাৰি
মহিলা গৰাকীক ধন্যবাদ জনালে আৰু অটল দৃষ্টিৰে গেটৰ ফালে খোজ চলালে।
ৰেল চলিল, লগৰ যাত্ৰী সকলে সেই মানুহজনৰ কথা ভাবিলে—কিয় তেওঁ দুৰ্ব্বোধ্যভাবে যাত্ৰাৰ মাজ ভাগতে
নামি ৰ’ল।
{{center|{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*}}
{{gap}}“এতিয়া কি কৰা যায়?” – তেওঁ মনতে ভাবিলে। বাকচ দুটা হাতত লৈ চমভ কুইৰিচেভ্
ষ্টেচনৰ হালধীয়া ৰঙৰ ঘৰটোৰ পৰা ওলাই আহিল। তেওঁ এতিয়া কেনিনো যাব একো সিদ্ধান্ত
কৰিব নোৱাৰিলে। চমভে দীঘলীয়া ছুটী লৈ তেওঁৰ পত্নীৰ ফালৰ মিটিৰ-কুতুম্ব সকলৰ লগত দেখা-
সাক্ষাৎ হ’বৰ কাৰণে গৈছিল; কিন্তু যেতিয়া তেওঁ মস্কো ট্ৰেইনত উঠিছিল তেতিয়া আধা বাটতে
নমাৰ কথা তেওঁ সপোনতো ভবা নাছিল;- কুইৰিচেভৰ ষ্টেচনৰ কথা মনলৈ অহাই নাছিল।
{{gap}}এই ঘটনা ঘটিল মাথোন এজনী ছোৱালীৰ পৰা। ছোৱালীজনী তেওঁৰ লগতে একেটা
কম্পাৰ্টমেটতে আহিছিল। তাৰোপৰি চিৰপৰিচিত ভলগাৰ জলৰাশি আজ নৈৰ কাষত ইফাল-
সিফাল কৰি থকা মাছমৰীয়া সকল আৰু গছ-গছনীৰ সুশোভিত দৃশ্যয়ো তেওঁৰ মন সচকিত
কৰিলে। ছোৱালীজনী মাথোন আৰম্ভনিহে।
{{gap}}এই ছোৱালীজনী,—চমভৰ সহযাত্ৰী তাই, খুবেই কথকী আৰু চঞ্চল। ছোৱালীজনী টাচ-
খান্টলৈ মামাকৰ লগত গৈছিল। মামাক এজন বিষন্ন বদনেৰে গাম্ভীৰ্য্যপূৰ্ণ মানুহ। তেওঁ সঘনে
স্মাকিং কম্পাৰ্টমেন্টলৈ গৈছিল।
{{gap}}চমভক অকলে পাই সেই তেজস্বী, সমাজপ্ৰিয় ছোৱালীজনীয়ে কথাৰ উদ্ভাৱনা কৰিলে।
ভ্লাডিমাৰ চমভে বিনীতভাবে হাঁহি এটি মাৰি কিতাপখন হাতৰপৰা আঁতৰাই ৰাখি কথাবাৰ্ত্তাত
যোগ দিলে।<noinclude>{{rh|১৫||}}</noinclude>
frhvnshjj40sa4o6mqd87uxhm4x4vpa
160626
160625
2022-08-10T17:36:52Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" /></noinclude>{{center|{{Xx-larger|বহুত পলম হ’ল}}}}
{{center|ৰচনা—এ, গ্ৰোজ্ ডাভা}}
{{center|অনুবাদ—শ্ৰীফটিক বৰা, (প্ৰথম বাৰ্ষিক : কলা)।}}
{{gap}}মস্কো-টাচখাণ্ট এক্সপ্ৰেচ্ এৰিবৰ কাৰণে দুবাৰ সঙ্কেত পৰিল,—পৰিচালক সকল দুৱাৰ
জপোৱাত ব্যস্ত। দ্বিতীয় শ্ৰেণীৰ কম্পাৰ্টমেন্ট এটাৰ পৰা এজন যাত্ৰী হাতত এটা ভ্ৰমণোপযোগী
বাকচ লৈ নামি আহিল। এগৰাকী বৃদ্ধা পৰিচালিকাই তেওঁৰ হাতত এটা টিকট দি গুণগুণাই কলে,
“যিহেতু আপুনি আপোনাৰ ইচ্ছা পৰিবৰ্ত্তন কৰিছে আপোনাৰ উদ্দেশ্য সাধন কামনা কৰিলো।”
বৃদ্ধা মহিলা গৰাকীয়ে আৰু এটা বাকচ প্লেটফৰ্মৰ ওপৰত নমাই ৰাখিলে। তেওঁ মূৰ জোকাৰি
মহিলা গৰাকীক ধন্যবাদ জনালে আৰু অটল দৃষ্টিৰে গেটৰ ফালে খোজ চলালে।
ৰেল চলিল, লগৰ যাত্ৰী সকলে সেই মানুহজনৰ কথা ভাবিলে—কিয় তেওঁ দুৰ্ব্বোধ্যভাবে যাত্ৰাৰ মাজ ভাগতে
নামি ৰ’ল।
{{center|{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*}}
{{gap}}“এতিয়া কি কৰা যায়?” – তেওঁ মনতে ভাবিলে। বাকচ দুটা হাতত লৈ চমভ কুইৰিচেভ্
ষ্টেচনৰ হালধীয়া ৰঙৰ ঘৰটোৰ পৰা ওলাই আহিল। তেওঁ এতিয়া কেনিনো যাব একো সিদ্ধান্ত
কৰিব নোৱাৰিলে। চমভে দীঘলীয়া ছুটী লৈ তেওঁৰ পত্নীৰ ফালৰ মিটিৰ-কুতুম্ব সকলৰ লগত দেখা-
সাক্ষাৎ হ’বৰ কাৰণে গৈছিল; কিন্তু যেতিয়া তেওঁ মস্কো ট্ৰেইনত উঠিছিল তেতিয়া আধা বাটতে
নমাৰ কথা তেওঁ সপোনতো ভবা নাছিল;- কুইৰিচেভৰ ষ্টেচনৰ কথা মনলৈ অহাই নাছিল।
{{gap}}এই ঘটনা ঘটিল মাথোন এজনী ছোৱালীৰ পৰা। ছোৱালীজনী তেওঁৰ লগতে একেটা
কম্পাৰ্টমেটতে আহিছিল। তাৰোপৰি চিৰপৰিচিত ভলগাৰ জলৰাশি আজ নৈৰ কাষত ইফাল-
সিফাল কৰি থকা মাছমৰীয়া সকল আৰু গছ-গছনীৰ সুশোভিত দৃশ্যয়ো তেওঁৰ মন সচকিত
কৰিলে। ছোৱালীজনী মাথোন আৰম্ভনিহে।
{{gap}}এই ছোৱালীজনী,—চমভৰ সহযাত্ৰী তাই, খুবেই কথকী আৰু চঞ্চল। ছোৱালীজনী টাচ-
খান্টলৈ মামাকৰ লগত গৈছিল। মামাক এজন বিষন্ন বদনেৰে গাম্ভীৰ্য্যপূৰ্ণ মানুহ। তেওঁ সঘনে
স্মাকিং কম্পাৰ্টমেন্টলৈ গৈছিল।
{{gap}}চমভক অকলে পাই সেই তেজস্বী, সমাজপ্ৰিয় ছোৱালীজনীয়ে কথাৰ উদ্ভাৱনা কৰিলে।
ভ্লাডিমাৰ চমভে বিনীতভাবে হাঁহি এটি মাৰি কিতাপখন হাতৰপৰা আঁতৰাই ৰাখি কথাবাৰ্ত্তাত
যোগ দিলে।<noinclude>{{rh|১৫||}}</noinclude>
b6om5oyc0hd0oo3wr6yb2j9rbzal95s
পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৬
104
37290
160627
77179
2022-08-10T17:45:10Z
Pranamikaadhikary
2157
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh|১১৪|জগন্নাথ বৰুৱা কলেজ আলোচনী|}}</noinclude>{{gap}}গলয়াই ক'লে যে তেওঁৰ মাকে বৰ্তমান ওৱৰ্কাৰচ্ ডিপ্লোমাৰ কাৰণে পঢ়ি আছে আৰু
তেখেতৰ সময় নাই দেখিয়েই মামাক মায়চাই তেওঁক গ্ৰীস্ম কালৰ সময়ছোৱা মাকৰ লগত কটাবৰ
কাৰণে নিবলৈ টাচখাণ্টৰ পৰা আহিছে।
{{gap}}“মামাই কৈছে যে, টাচখাণ্ট খুউব সুন্দৰ ঠাই কিন্তু। মই মামাৰ কাৰাণ খুউব ভয় খাইছো।
তেখেত উগ্ৰ প্ৰকৃতিৰ মানুহ, আনহাতে মোৰ দেউতা খুউব শান্ত,”– ছোৱালীজনীয়ে দুঃখেৰে ক'লে।
{{gap}}“তোমাৰ দেউতা ক’ত থাকে?
{{gap}}“দেউতাৰ যুদ্ধত মৃত্যু হ’ল”—তাই নম্ৰভাবে উত্তৰ দিলে। যুদ্ধ শেষ হোৱা প্ৰায় দহ বছৰ
হৈছে আৰু গলয়াৰ বয়স তেতিয়া মাথোন সাত বছৰ হৈছিল। মামাক ঘূৰি আহিল আৰু তেওঁ
লোকে কথা পতা শুনিলে। মামাকে চমভক মনেমনে অনুৰোধ কৰিলে যাতে তাইৰ দেউতাকৰ কথা
আৰু নুলিয়ায়। দেউতাকৰ কথা ওলালে তাই দুখ কৰে।
{{gap}}চমভ কোমল তুলিৰ পৰা চিটত বহি পৰিল আৰু আগত কিতাপখন মেলি ল'লে, কিন্তু তেওঁ
ইখিলাৰ পাচত সিখিলা পাতহে লুটিয়াই গ'ল—পঢ়া নহ'ল। তেওঁ অন্য কথাহে ভাবিবলৈ ধৰিলে।
চমভে কাম কৰা অনুষ্ঠানটোৰ খাজাঞ্চিজনে তেওঁৰ দৰ্মহাৰ কিছু অংশ টকা বাদ দি ৰাখিছিল আৰু
তাক কুইৰিচেভলৈ পঠাইছিল। বহুতবাৰ নতুন ঠিকনাৰ কথা জনোৱা হৈছিল কিন্তু খাজাঞ্চিজনৰ
বাদে অন্য কোনেও সেই কথাত মনোযোগ দিয়া নাছিল।
{{gap}}তেওঁৰ অতীতৰ কথা আনকি তেওঁৰ দ্বিতীয় পত্নীয়েও কেতিয়াও উল্লেখ কৰা নাছিল, কিন্তু
এই ছোৱালীজনীৰ লগত কথা-বতৰা হোৱাৰ লগেলগে তেওঁৰ অতীতৰ সকলো কথা মনত পৰিল।
বিগত দিনৰ স্মৃতিয়ে তেওঁৰ মনত খেলা কৰিবলৈ ধৰিলে আৰু তেতিয়া তেওঁ ভাবৰ আবেগ ৰোধ
কৰিব নোৱাৰিলে।
{{gap}}এইবিলাক কোনো আবেগপূৰ্ণ বা হৃদয়বিদাৰক সোঁৱৰণ নহয়—ই হ’ল এক মানবীয়, জ্ঞাত
গধুৰ ভাব, যি তেওঁৰ মনত লুকাভাকু খেলিছে।
{{gap}}“মই টাচখাণ্টৰ পৰা সোনকালে ঘূৰি আহি কুইৰিচেভলৈ যাম”, এইবুলি চমভ দৃঢ়প্ৰতিজ্ঞ
হ'ল আৰু এই সংকল্প লোৱাৰ পৰাহে তেওঁ কিছু সকাই পালে। কিন্তু সন্ধ্যা সময়ত যেতিয়া
কোঢ়াল কমি আহিল তেতিয়া চমভৰ মন গধুৰ ভাবে আৱৰি ধৰিলে।
{{center|{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*}}
{{gap}}চমভে তেওঁৰ প্ৰথম পত্নী ইৰিনাৰ লগত প্ৰথম চিনাকি হয় কুইৰিচেভত। সেই সময়ত
ভেও প্ৰশিক্ষণ লৈ কুইৰিচেভৰ এটা কাৰখানাত কাম কৰিছিল। অপৰিচিত নগৰখনত প্ৰথমেই
চমভে অকলশৰীয়া অনুভব কৰিছিল, কিন্তু অতি সোনকালেই তেওঁ সহকৰ্ম্মী সকলৰ সৈতে চিনাকি
হ'ল আৰু মাজেসময়ে তেওঁলোকৰ ঘৰলৈ যাবলৈ ধৰিলে। তেওঁৰ সহকৰ্ম্মী ষ্টিপেনভিচৰ লগতে
তেওঁৰ ভনীয়েকো আছিল। সেই গা-পাতল, চঞ্চল ছোৱালীজনীৰ ধুনীয়া চকুজুৰীয়ে চমভক মোহিত
কৰিলে। সেই ক'লা, অলপ ডাঙৰ চকুৰে ছোৱালীজনীক কিছু আচৰিত আৰু বিষণ্ণ দেখাইছিল।<noinclude></noinclude>
ntk9ckpjp23ng1qrqwdv9umakz0yhu5
পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১
104
60660
160628
160609
2022-08-11T05:44:43Z
JyotiPN
1603
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="JyotiPN" /></noinclude>
{{Dhr|2em}}
{{overfloat image
|image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]]
|width=382
|item1={{center|{{color|White|{{X-larger|{{Xxxx-larger|সৌৰভ কুমাৰ চলিহা}}}}}}}}
|x1 =50
|y1 =100
|item2= {{Right|{{Xx-larger|{{color|Brown|চলিহাৰ চিঠি<br/> আৰু <br/>অন্যান্য ৰচনা}}}}}}
|x2 =210
|y2 =420}}
{{Dhr|2em}}<noinclude></noinclude>
8izm7a29xj4f27tqz4ltozm191ojdja