ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.23 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk সূচী:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf 106 58757 160668 160658 2022-08-12T14:15:08Z JyotiPN 1603 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা |Language=as |Volume= |Author=সৌৰভ কুমাৰ চলিহা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ |Address= |Year=2018 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1="বেটুপাত" 2="শীৰ্ষক" 3="-" 5="প্ৰকাশন" 6="সূচীপত্ৰ" 7="-" 8="7" 4="প্ৰথম পৃষ্ঠা" 75="বেটুপাতৰ শেষ পৃষ্ঠা" 74="-" /> |Volumes= |Remarks={{পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬}} |Notes= |Width= |Css= |Header= |Footer={{rh|||চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা<<{{{pagenum}}}}} }} bkrwv8faol13p6186t7xgt5rsff1yta পৃষ্ঠা:অনিমা গুহ.pdf/৬ 104 59289 160675 159868 2022-08-12T14:54:05Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude><center> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 6 |bSize = 425 |cWidth = 33 |cHeight = 89 |oTop = 414 |oLeft = 215 |Location = left |Description = }} <poem>{{larger|উচৰ্গা}} সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো স্মৃতিকথাৰ দ্বিতীয় খণ্ড :::বাকীছোৱা জীৱন </poem> |} </center><noinclude></noinclude> hhdge8x2o82ryduaxrydd8xi22pcnrw পৃষ্ঠা:অনিমা গুহ.pdf/৭ 104 59290 160670 160179 2022-08-12T14:31:02Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ [[Special:Contributions/Pallabi Dutta.Baruah|Pallabi Dutta.Baruah]] ([[User talk:Pallabi Dutta.Baruah|আলোচনা]])-ই কৰা 160179 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{center|{{X-larger|মোৰ একাষাৰ}}}} {{Block center|<poem>মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্রকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্রথম খণ্ড প্রকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকর্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ । তচনচ কৰি যায় সকলো পৰিকল্পনা। {{gap}}পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্রথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ’লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম৷ অৱশেষত প্রতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা। {{gap}}স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব</poem>}}<noinclude></noinclude> hjljlvn0c9bbtdn58k91hzxpsljfyam 160676 160670 2022-08-12T14:54:56Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{center|{{X-larger|মোৰ একাষাৰ}}}} মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্রকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্রথম খণ্ড প্রকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকর্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ । তচনচ কৰি যায় সকলো পৰিকল্পনা। {{gap}}পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্রথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ’লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম৷ অৱশেষত প্রতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা। {{gap}}স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব<noinclude></noinclude> beptd9yuak88mckikl6n2w5kdjqm0kj পৃষ্ঠা:অনিমা গুহ.pdf/৮ 104 59422 160671 160213 2022-08-12T14:31:26Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ [[Special:Contributions/Pallabi Dutta.Baruah|Pallabi Dutta.Baruah]] ([[User talk:Pallabi Dutta.Baruah|আলোচনা]])-ই কৰা 160213 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{Block center|<poem>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। গুহ কমপ্লেক্স{{gap|5em}}'''ড° অনিমা গুহ''' উলুবাৰী, গুৱাহাটী-৭ </poem>}}<noinclude></noinclude> lrbx1x8om9qt818bji9tvdhcriutbsw 160677 160671 2022-08-12T14:56:11Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। <poem>গুহ কমপ্লেক্স{{gap|20em}}'''ড° অনিমা গুহ''' উলুবাৰী, গুৱাহাটী-৭ </poem><noinclude></noinclude> 05j1l06873krb7ngeey4oz011c2qyxx 160678 160677 2022-08-12T14:56:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। <poem>গুহ কমপ্লেক্স{{gap|28em}}'''ড° অনিমা গুহ''' উলুবাৰী, গুৱাহাটী-৭ </poem><noinclude></noinclude> 0hwttfmkx8d6mvkwecizlj0okdets3i 160682 160678 2022-08-12T14:59:49Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ। <poem>গুহ কমপ্লেক্স{{gap|20em}}'''ড° অনিমা গুহ''' উলুবাৰী, গুৱাহাটী-৭ </poem><noinclude></noinclude> 05j1l06873krb7ngeey4oz011c2qyxx পৃষ্ঠা:অনিমা গুহ.pdf/৯ 104 59423 160672 160232 2022-08-12T14:33:12Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{center|{{X-larger|প্ৰকাশকৰ একলম}}}} {{Block center|<poem>বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’ {{Right|— ''Bertrand Russell''}} ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। {{gap}}স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই </poem>}}<noinclude></noinclude> jsf853fn94zsjo62syywmzmugyt4myh 160673 160672 2022-08-12T14:33:36Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{center|{{X-larger|প্ৰকাশকৰ একলম}}}} {{Block center|<poem>বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’ {{Right|— ''Bertrand Russell''}} ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। {{gap}}স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই </poem>}}<noinclude></noinclude> 7xhckt345cj2x84xdvn08n9bi10k5bl 160679 160673 2022-08-12T14:57:26Z JyotiPN 1603 [[Special:Contributions/JyotiPN|JyotiPN]] ([[User talk:JyotiPN|আলোচনা]])-ই কৰা 160672 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{center|{{X-larger|প্ৰকাশকৰ একলম}}}} বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’ {{Right|— ''Bertrand Russell''}} ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। {{gap}}স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই<noinclude></noinclude> 5tzujk1m0e3z9wp35jsbfxsdfaqzhkm পৃষ্ঠা:অনিমা গুহ.pdf/১০ 104 59424 160674 160185 2022-08-12T14:33:59Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ [[Special:Contributions/Pallabi Dutta.Baruah|Pallabi Dutta.Baruah]] ([[User talk:Pallabi Dutta.Baruah|আলোচনা]])-ই কৰা 160185 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{Block center|<poem>অপূৰ্ব শব্দ চয়নেৰে এক যুগৰ পৰা আন এক যুগলৈ কৰা জীৱন পৰিক্ৰমাক অতি সাৱলীল আৰু সুপৰিকল্পিত ৰূপত পাঠকৰ সন্মুখত দাঙি ধৰিছে য'ত পৰিস্ফুট হৈছে এক বিশেষ সময়ৰ দস্তাবেজ। {{gap}}ড° অনিমা গুহৰ স্মৃতিকথাৰ দ্বিতীয় খণ্ড ‘বাকীছোৱা জীৱন’ সুধী সমাজৰ হাতত তুলি দিবলৈ পাই আমি এক অনিৰ্বচনীয় সুখ লাভ কৰিছো ৷ ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ৰ প্ৰথম খণ্ডই কম সময়তে পাঠকৰ পৰা পোৱা সঁহাৰি আৰু সমাদৰৰ দৰে ড° গুহৰ ‘বাকীছোৱা জীৱন’ কথাই পাঠকক আকৰ্ষিত কৰিব বুলি আমি আশা কৰো। {{gap}}শ্ৰদ্ধাৰে— {{Right|'''বিনু দেউৰী বৰুৱা'''}} </poem>}}<noinclude></noinclude> 83bi15mno05smqlacjgtq3k8nf4jyl1 160680 160674 2022-08-12T14:58:16Z JyotiPN 1603 [[Special:Contributions/JyotiPN|JyotiPN]] ([[User talk:JyotiPN|আলোচনা]])-ই কৰা 160674 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>অপূৰ্ব শব্দ চয়নেৰে এক যুগৰ পৰা আন এক যুগলৈ কৰা জীৱন পৰিক্ৰমাক অতি সাৱলীল আৰু সুপৰিকল্পিত ৰূপত পাঠকৰ সন্মুখত দাঙি ধৰিছে য'ত পৰিস্ফুট হৈছে এক বিশেষ সময়ৰ দস্তাবেজ। {{gap}}ড° অনিমা গুহৰ স্মৃতিকথাৰ দ্বিতীয় খণ্ড ‘বাকীছোৱা জীৱন’ সুধী সমাজৰ হাতত তুলি দিবলৈ পাই আমি এক অনিৰ্বচনীয় সুখ লাভ কৰিছো ৷ ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ৰ প্ৰথম খণ্ডই কম সময়তে পাঠকৰ পৰা পোৱা সঁহাৰি আৰু সমাদৰৰ দৰে ড° গুহৰ ‘বাকীছোৱা জীৱন’ কথাই পাঠকক আকৰ্ষিত কৰিব বুলি আমি আশা কৰো। {{gap}}শ্ৰদ্ধাৰে— {{Right|'''বিনু দেউৰী বৰুৱা'''}}<noinclude></noinclude> 1rsre6ixkqyamkvtzdnb7bntpgc6ym4 পৃষ্ঠা:অনিমা গুহ.pdf/৩ 104 59438 160685 158184 2022-08-12T15:12:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="দিব্য দত্ত" /></noinclude>{{Dhr|2em}} {{Center|{{X-larger|'''বাকীছোৱা জীৱন'''}}}} {{Center|(স্মৃতিকথাৰ দ্বিতীয় খণ্ড)}} {{Dhr|2em}}<noinclude></noinclude> 1lpbq0n6x73dnu17chlyet7js2fm1uu পৃষ্ঠা:অনিমা গুহ.pdf/৯৭ 104 59498 160732 158968 2022-08-13T04:55:34Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পিছদিনা আমাৰ ভিছাৰ মিয়াদ শেষ। {{gap}}ঘণ্টাৰ পাছত ঘণ্টা পাৰ হ’ল নতুন কোনো চালকৰ সাক্ষাৎ নিমিলিল। অৱশেষত মাজনিশা পৰিবহণ বিভাগৰ বিষয়া এজনে বাছত সোমাই যাত্ৰীসকলক উদ্দেশি ক’লে যে তেওঁৰ প্ৰিয় ড্ৰাইভাৰজন সম্পূৰ্ণ নিৰ্দোষী, তেওঁক জামিনত খালাচ কৰি অনা হৈছে। তেৱেঁই গাড়ী চলাই যাব, যাত্ৰীসকলে যেন তেওঁৰ লগত বেয়া ব্যৱহাৰ নকৰে। সিদিনা উপলব্ধি কৰিলো এজন গাড়ীচালকৰ গুৰুত্ব কিমান। গতিকে বেয়া ব্যৱহাৰ কৰা দূৰৈৰ কথা, আমি গাইপতি দহ টকাকৈ চান্দা তুলি চালকৰ হাতত অৰ্পিলো। {{gap}}মাজনিশা গাড়ীৰ চকা ঘূৰিল যদিও আৰিচাঘাটলৈ আহি শুনিলো নৈ পাৰ হ’বলৈ জাহাজ নাই। পিছদিনা পুৱালৈ বাট চাব লাগিব। আকাশৰ তলত নৈ পাৰৰ বালিত তেতিয়া অসংখ্য ট্ৰাক, গাড়ী-মটৰ। চালক আৰু যাত্ৰীসকলৰ কিছুমানে বালিতে শুইছে, কিছুমানে ঘূৰি ফুৰিছে। মহিলা কেৱল আমি পাঁচজনীহে। ভয় লগাটো স্বাভাৱিক। পিছে এতিয়া ভাবিছো আমাৰ দেশতকৈ বাংলাদেশ অধিক নিৰাপদ। {{gap}}দেশখনৰ সমতলভূমিৰ মাজেৰে আহি আহি আবেলি সীমান্ত পাওঁ পাওঁ হৈছিলো এনেতে লুঙী পিন্ধা ডেকাকেইজনমানে হাত দাঙি বাছখন ৰখালে। দিন-দুপৰতে আকৌ ডকাইতৰ আবিৰ্ভাৱ ঘটিল নেকি? ইয়াৰ পাছত সিহঁতৰ মুখত আমাৰ পাঁচজনীৰ নাম শুনিবলৈ পাই গাৰ তেজ আকৌ হিম হোৱা যেন পালো। জঁপিয়াই জঁপিয়াই বাছত উঠি সিহঁতে ক’লে আমাক হেনো ৰাতিপুৱাৰে পৰা প্ৰতিখন বাছত তেওঁলোকে বিচাৰি আছে। শুনি হৃদপিণ্ড স্তব্ধ হ’ল। হাতে হাতে চুটকেচবোৰ লৈ তেওঁলোকৰ কথামতে নামি আহিলো বাছৰ পৰা। আমাক বোধকৰো বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। ওচৰতে থকা টেক্সি এখনত আমাক উঠিবলৈ দি তেওঁলোক উঠিল আন এখনত। কেৱল ক’লে আমাক কাষ্টমচ অফিচলৈ লৈ গৈ আছে। কি বা অপৰাধ কৰিলো! অপৰাধৰ ভিতৰত ঢাকাই জামদানী শাৰী কিনিছিলো। সেইবোৰতে বোধহয় কিবা টেক্স দিব লাগিব। এজনীয়ে ক'লে টেক্সতো ল’ব ভাৰত চৰকাৰে। তেনেহ'লে কাষ্টমচে কিয় মাজবাটৰ পৰা ধৰি নিলে। এইদৰে নানা চিন্তা কৰি আহি আহি পালো কাষ্টমচ্ অফিচ। লুঙী পিন্ধাকেইটাই আমাক লৈ গ'ল কাষ্টমচ অফিচাৰৰ কোঠালৈ। আমি ভয়তে পেপুৱা লাগি সোমোৱাৰ লগে লগে বিষয়াগৰাকীয়ে ভক্তিত গদ্গদ হৈ আমাক বহিবলৈ দি ক’লে যে পুৱাৰ বাছতে আমি গৈ পাম বুলি ঢাকাৰ পৰা খবৰ পাইছে। সময়মতে আহি নোপোৱাৰ কাৰণটো ক’লো। মানুহজনৰ কথা শুনাৰ পিছত<noinclude> {{rh|'''৯৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 1x2e7kgf5ju8594pxtu3yi7mzqse5sq পৃষ্ঠা:অনিমা গুহ.pdf/১০৮ 104 59513 160686 159785 2022-08-13T02:19:18Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গান্ধীৰ কেবিনেটত শিক্ষামন্ত্ৰী আছিল। ইতিহাসবিদ হোৱা বাবে স্বাভাৱিকতেই আছিল আমাৰ গৃহস্থৰ চিনাকি। তেওঁক প্ৰথমতে পাইছিলো চিমলাত। চিমলাৰ চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজত অনুষ্ঠিত এখন সভাত যোগ দিবলৈ গৃহস্থৰ সৈতে ময়ো গৈছিলো। যিমানদূৰ মনত পৰে তেতিয়া প্ৰতিষ্ঠানটোৰ সঞ্চালক আছিল অধ্যাপক নীহাৰঞ্জন ৰায়। মানুহজনে সদায় টিপ্‌টপ পোছাক পিন্ধি থাকে, কোটৰ বাটন হ’লত এপাহ ফুলো গুজি লয়। ব্ৰিটিছৰ শাসনকালত তেওঁলোকৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল চিমলাত। গৱৰ্ণৰ জেনেৰেলৰ প্ৰাসাদোপম বাসভৱনটোতে স্বৰাজোত্তৰ কালত চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ প্ৰতিষ্ঠানটো স্থাপিত হয়। সেই প্ৰাসাদতে আমি কেইদিনমান মহা আৰামত কটাইছিলো, বিশেষকৈ চেমিনাৰত অংশগ্ৰহণকাৰী স্বামীসকলৰ পিছে পিছে লেংবোটৰ (longboat) দৰে যোৱা আমি মহিলাসকলে। কাম নাই বন নাই, ৰন্ধাবঢ়াৰ চিন্তা নাই, কেৱল ফুৰা-চকা কৰা আৰু ফুলৰ বাগিচাত বহি প্ৰাকৃতিক শোভা উপভোগ কৰাই আছিল একমাত্ৰ কাম। গধূলি পণ্ডিতসকলৰ কেইগৰাকীমান আমি থকা কোঠাটোত সমবেত হৈছিল আড্ডা মাৰিবলৈ। এওঁলোকৰ মধ্যমণি আছিল নৃতত্ববিদ গৌৰাংগ চট্টোপাধ্যায়। তেওঁৰ জোলোঙাত আছে সীমাসংখ্যাহীন মজাৰ মজাৰ কাহিনী। তেওঁৰ ককায়েক ইতিহাসবিদ গৌতমদাও কম ৰসিক ব্যক্তি নহয়। অথচ এওঁলোকক চেমিনাৰত গহীন-গম্ভীৰ হৈ বহি আলোচনাত অংশগ্ৰহণ কৰা দেখিলে কোনে ক’ব তেওঁলোকে ফুচুৰি কথাও ক’ব জানে। আন এগৰাকী ৰসিক আছিল ভূগোলবিদ সত্যেশ চক্ৰৱৰ্তী। {{gap}}এদিন নীহাৰৰঞ্জন ৰায়ৰ ঘৰত সকলোকে ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল। অতিথিসকলক নিবলৈ কেইবাখনো গাড়ীৰ ব্যৱস্থাও কৰা হৈছিল। আমি যোৱা গাড়ীখনৰ আগফালৰ আসনত চালকৰ কাষত বহিছিল অধ্যাপক নুৰুল হাছান। উঠোতে বহোতে তেওঁ বৰ কষ্ট পোৱা যেন লাগিছিল, কাৰণ তেওঁৰ দেহৰ ভাৰ আছিল সাধাৰণতকৈ বহু বেছি। অভিজাত পাৰিবাৰিক ঐতিহ্য গৰিমাই অধ্যাপকগৰাকীৰ মাজত গঢ়ি তুলিছিল ৰুচি আৰু নম্ৰতাবোধৰ। মৃদুভাষী, সংস্কৃতিৱান মানুহগৰাকী সকলোৰে শ্ৰদ্ধাৰ। {{gap}}পশ্চিমবংগৰ গৱৰ্ণৰ হৈ থাকোতে অধ্যাপক হাছানে আমাক এবাৰ গৱৰ্ণৰ হাউছত ডিনাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ খাদ্যৰসিক বুলি এটা জনশ্ৰুতি আছে। নীহাৰ ৰায়ৰ বাসভৱনত কথাষাৰ মন কৰা নাছিলো। গৱৰ্ণৰ হাউছত তেওঁৰ কাষত বহিবলৈ সুযোগ পোৱাত গম পালো শুনা কথাষাৰ অসত্য নহয়। অধ্যাপক বৰুণ দেও ভোজন<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১০৭'''}}</noinclude> 0gesdxrqydo84wxzhlti3g1bn1ikf3h পৃষ্ঠা:অনিমা গুহ.pdf/১০৯ 104 59514 160687 159786 2022-08-13T02:22:57Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ৰসিক। সিদিনা তেওঁ আৰু তেওঁৰ পত্নী ৰমাবায়ো নিমন্ত্ৰিত হৈছিল। দুয়োগৰাকী খাদ্যপ্রিয় মানুহক একেখন টেবুলত দেখি বৰ আমোদ পাইছিলো। তেওঁলোকৰ পিছে ভাত-ৰুটি জাতীয় খাদ্যৰ প্ৰতি অনীহা। দুয়ো নির্ভেজাল মাংসাশী। {{gap}}আন এজন ভোজন প্রিয় মানুহৰ কথা শুনিছো, তেওঁ কোকৰাঝাৰৰ। প্ৰয়োজনতকৈ বেছি খোৱা যে স্বাস্থ্যৰ বাবে ক্ষতিকৰ তাৰ প্ৰমাণ এওঁ। কম বয়সতে নানা ৰোগৰ চিকাৰ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল চিকিৎসা কৰাবলৈ। তেওঁৰ খাদ্য তালিকাখনৰ বৰ্ণনা পোৱাৰ লগে লগে কলকতীয়া চিকিৎসকজন হেনো বাকৰুদ্ধ হৈছিল। নহ'ব নো কিয়? শুনি আমিয়ো আচৰিত হৈছিলো। তেওঁ হেনো প্রতিদিনে ত্রিশটাকৈ কণী খাইছিল আৰু এটা গাহৰি অকলেই উদৰস্থ কৰিছিল। ডাক্তৰে ৱাৰ্নি দি কৈছিল অতি ভোজনে তেওঁৰ মৃত্যু চমু চপাই আনিব পাৰে। পিছে তেওঁৰ তালৈ ভ্রূক্ষেপ নাই। নোখোৱাকৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্রেয়। Eat, drink and be merry, for tomorrow you will die. — বাক্যাষাৰত বিশ্বাসী ডেকাজনে খাই খায়ে জীৱন বন্তি নুমুৱালে। {{Center|{{larger|'''জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্রা'''}}}} {{gap}}ওপজাৰ দিনৰে পৰা প্ৰাণীমাত্ৰৰে জীৱনত আৰম্ভ হয় মৃত্যুমুখী যাত্রা। এই ধ্ৰুৱসত্য কথাষাৰে কিন্তু আমাক অলপো আমনি নকৰে। কোনোবা আপোনজন যিদিনা আমাৰ মাজৰ পৰা আঁতৰি যায় চিৰদিনৰ বাবে সিদিনাহে আমি উপলব্ধি কৰো যে মৃত্যু জীৱনৰ এক অৱশ্যম্ভাৱী পৰিণতি। আশীৰ দশকত মৃত্যুই সংহাৰ মূৰ্তি ধাৰণ কৰি প্ৰৱেশ কৰিছিল আমাৰ বৃহত্তৰ পৰিয়ালটোত। '''মা ক’লৈ গ'ল :''' চনটো আছিল ১৯৮৭, ডিচেম্বৰ মাহ। এদিন ৰাতিপুৱা হঠাতে বন বিভাগৰ পদস্থ বিষয়া মোহন মালাকাৰৰ ফোন। তেওঁ আছিল আমাৰ মাৰ পুত্ৰৱৎ, মাক মা বুলিয়ে মাতিছিল। আমাক জনালে মা অসুস্থ। এমাহ আগতে ভনী টুলুৰ জীয়েক বৰ্ণালীৰ বিয়া উপলক্ষে কোকৰাঝাৰলৈ গৈ এটা মাহ মাৰ লগত থাকি আহিছিলো। মা আছিল নিৰোগী দেহৰ অধিকাৰী, গতিকে তেওঁৰ অসুস্থতাই আমাক চিন্তিত কৰি তুলিলে। ঘৰখন অলপ থানথিত লগাই কোকৰাঝাৰলৈ যাবলৈ যো-জা কৰিছিলো, এনেতে পিছদিনা ৰাতিপুৱা ৯ ডিচেম্বৰ তাৰিখে ভনীজোঁৱাই গোপাল<noinclude>{{rh|'''১০৮''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> l48xuufpb2ubccju2tnkvlruqo9m9zh পৃষ্ঠা:অনিমা গুহ.pdf/১১০ 104 59515 160688 159787 2022-08-13T02:26:36Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দাসৰ ফোনত পালো সেই হৃদয় বিদাৰক বাতৰিটো। মাত্ৰ ছদিন আগতে ধুবুৰীলৈ গৈ আত্মীয়-স্বজনক লগ পাই আহিছে। হঠাতে নৰিয়াপাটীত পৰি তিনিটা দিনৰ পাছত গুচি গ'ল অচিন দেশলৈ। বয়স হৈছিল ৭৭ বছৰ। মা পৃথিৱীৰ মধুৰতম শব্দ। সেই মাক চিৰদিনলৈ হেৰুৱালো।‘কোনে মোক তুলি তালি কৰিলে ডাঙৰ/মৌসনা মিঠামাতে পাহৰি ভাগৰ।’ আজিও ভাবিব নোৱাৰো মা নাই বুলি। {{gap}}পত্নী সাবিত্ৰীৰ কোলাত প্রিয়দর্শিনী জ্যেষ্ঠ কন্যাক প্রথমদিনা দেখাৰ পাছত কবি-সাহিত্যিক কেশৱ চন্দ্ৰ চৌধুৰীয়ে শিশুটিৰ নাম দিছিল নীহাৰিকা। অতি মধুৰ স্বভাৱৰ সেই নীহাৰিকা আছিল আমাৰ মা। পঢ়া-শুনাৰ ক্ষেত্ৰত মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাছিলো। ছোৱালীৰ শিক্ষাৰ বাবে স্কুল নথকা কোকৰাঝাৰত দেউতা আৰু মায়ে আছিল আমাৰ প্ৰথম শিক্ষক। তেওঁলোক দুয়ো এটা সংস্কৃত শ্লোক আমাৰ মগজুত স্থায়ীৰূপে সুমুৱাই দি গৈছে। <poem>{{gap}}‘ৰূপযৌৱন সম্পন্না বিশালকুলসম্ভৱাঃ {{gap}}বিদ্যাহীনাঃ ন শোভন্তে নির্গন্ধা ইব কিংসুকাঃ।</poem> {{gap}}মাৰ কথা ভাবি ভাবি কোকৰাঝাৰ আহি পালো। চিনাকি ষ্টেচন, চিনাকি বাট-পথ, চিনাকি ঘৰ-দুৱাৰ, মাৰ তাঁতৰ শাল, গোঁসাই ঘৰ, ফুলনি, লেচু গছবোৰ। সকলো আছে, কেৱল নাই জন্মদাত্রী মাজনী। নাই, তেওঁৰ প্ৰাণহীন দেহটোহে নাই। তেওঁ জীয়াই আছে আমাৰ প্ৰাণত। আমাৰ হৃদয়ত। তথাপিতো কিয় সেই হৃদয় আকাশত জমে মেঘ, কিয় দুচকুৰে বৈ আহে শাওণৰ ঢল। সিদিনা উপলদ্ধি কৰিছিলো ১৯৪১ চনত আবুৰ প্ৰাণহীন দেহটোও দেখা নোপোৱা সৰু খুৰাই কিয় ৰে'লৰ পৰা নামি শ্মশানলৈ যাবলৈ উদ্যত হৈছিল। {{gap}}মৰমৰ আবুয়েকৰ দেহাৱসানৰ বাতৰি পাই আমেৰিকাৰ পৰা জয়ে লিখিছিল—যিসকলে আত্মা বা স্বৰ্গ বিশ্বাস কৰে তেওঁলোকৰ এটা আশা থাকে যে এদিন দেখা হ’ব। তোমালোকে সৰুৰে পৰা মোক যুক্তিবাদী হিচাপে ডাঙৰ কৰিলা। কিন্তু তেওঁ মোৰ অন্তৰত অমৰ হৈ থাকিব। {{gap}}শোক-তাপ পাহৰাই মানুহৰ মনত প্ৰশান্তি আনিবলৈকে হ’বলা আত্মা, অমৃতলোক, স্বৰ্গ আদি ধাৰণাৰ সৃষ্টি হৈছিল। ১৯৫৪ চনত দেউতাৰ পৰলোকগমনৰ সময়ত মই আত্মাক বিশ্বাস কৰিছিলো। বিশ্বাস কৰিছিলো গীতাৰ বিখ্যাত শ্লোকটো— <poem>{{gap}}ৱাসাংসি জীর্ণানি যথা ৱিহায় {{gap}}নৱানি গৃহ্নাতি নৰোহপৰাণি।</poem> {{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১০৯'''}}</noinclude> kjs04jnlvguxyoaeoow2qvz0swkbzut পৃষ্ঠা:অনিমা গুহ.pdf/১১১ 104 59516 160689 159788 2022-08-13T02:30:19Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude><poem>{{gap}}তথা শৰীৰাণি ৱিহায় জীৰ্ণানি {{gap}}অন্যানি সংযাতি নৱানি দেহী॥ {{gap}}(অসমীয়ালৈ অনুবাদ, মহেন্দ্ৰ বৰা) {{gap}}পুৰণি সাজটো ফাটি-ছিটি গ'লে মানুহে যিদৰে {{gap}}সেইটো সলাই পিন্ধে নতুন এসাজ, {{gap}}আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱলি গ'লে {{gap}}আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ।</poem> {{gap}}তাৰ পিছত নিজৰ অজ্ঞাতে ধীৰে ধীৰে আত্মাৰ প্ৰতি অবিশ্বাসী হ’লো, বোধকৰো জিন, ক্ৰমজ’ম, ডি এন এ আদিৰ ভিতৰলৈ সোমোৱাৰে পৰা। বৰ্তমানে কট্টৰ যুক্তিবাদী হৈছো। আত্মাবিশ্বাসী দুই-এজনে মোক পুতৌ কৰি মোকো বিশ্বাসী কৰি তুলিবলৈ চেষ্টা কৰে। অযথা মোৰ সময় নষ্ট কৰা বাবে গালিও খায়। {{gap}}মৰণোত্তৰ দেহদানতো কৰিয়ে থৈছো। শ্ৰাদ্ধ-ট্ৰাদ্ধ নকৰিবলৈকো কোৱা হৈছে। এই প্ৰসংগত মোৰ ডাঙৰ জা এগৰাকীলৈ মনত পৰিছে। মেট্ৰিক পাছ কৰাৰ পাছতে তেওঁৰ বিয়া হৈছিল। ঘৰ-গৃহস্থালিক কেন্দ্ৰ কৰিয়ে তেওঁ জীৱন কটাইছে। সমাজৰ ৰীতি-নীতি মানি চলা মহিলাৰ দৰেই লাগিছিল তেওঁক। তেওঁৰ মৃত্যুৰ পাছতহে পুতেক-জীয়েকৰ মুখে জানিব পাৰিলো যে শ্ৰাদ্ধাদি কাৰ্যত তেওঁ অবিশ্বাসী। পিছে ঘৰত কিবা এটা অনুষ্ঠান নকৰিলে পৰিয়ালৰ মানুহৰ ভাল নালাগিব বাবে পূজা এভাগ কৰিবলৈ কৈ থৈছিল। মাকৰ কথামতে তেওঁৰ মৃত্যুৰ পাছত শ্ৰাদ্ধৰ সলনি মাতৃপূজা কৰে পুত্ৰ-কন্যাই। {{gap}}যি কি নহওক, চকু মুদাৰ পাছত কোনোবা অচিন দেশত আকৌ সকলোৰে লগত দেখা-সাক্ষাৎ হ’ব, কথাষাৰ কল্পনা কৰিবলৈ ভালেই লাগে। {{gap}}মা আছিল অজাতশত্ৰু। তেওঁক শ্ৰদ্ধা নকৰা মানুহ কমেই আছিল। শেষ বয়সত তেওঁ সাইবাবাৰ ভক্ত হৈছিল। কোকৰাঝাৰত এটি মন্দিৰ নিৰ্মাণ কৰিবলৈ অলপ মাটি দান কৰিছিল। তাতেই নিৰ্মিত হয় সাই মন্দিৰটো। '''গুহ পৰিয়ালত মৃত্যুৰ সমদল :''' আশী চনত শাহু আইৰ মৃত্যুৰ পাছত অগা-পিছাকৈ তেওঁৰ তিনিপুত্ৰ — জ্যেষ্ঠ যোগেশ্বৰ গুহ, মাজু অৰ্ধেন্দু গুহ আৰু তৃতীয় সুধেন্দু গুহ প্ৰয়াত হয়। তেওঁলোকৰ পিছতে আমি হেৰুৱালো মাজু জা বীণা<noinclude>{{rh|'''১১০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> tgp6bejgunysg77yk34z07ouate5wtl পৃষ্ঠা:অনিমা গুহ.pdf/১১২ 104 59517 160690 159789 2022-08-13T02:34:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বাইদেউক। তেওঁলোকৰ পৰিণত বয়সতে মৃত্যু হৈছিল। তাৰ পাছতে আৰম্ভ হ'ল অকাল মৃত্যু। {{gap}}গুৱাহাটীত মাজু জাৰ শ্ৰাদ্ধৰ দিনা গধূলি কলকাতাত থকা সৰু জা কৰবীৰ লগত টেলিফোনত কৰিছিলো দীৰ্ঘ বাৰ্তালাপ। তেওঁ কৈছিল বৃহত্তৰ গুহ পৰিয়ালৰ আৰু দুই-তিনিগৰাকী সদস্যই মৃত্যুৰ লগত যুঁজি আছে। তেওঁলোক আমাৰ খুৰা শহুৰৰ পুত্ৰসকল। পিছদিনা ৰাতি দহমান বজাত দেওৰৰ ফোন— ‘বৌদি, আপোনালোক আহক, কৰৱী বোধকৰো নাই।’ শুনি মোৰ সৰ্বশৰীৰ অসাৰ হৈ পৰিল। কম বয়সীয়া এইগৰাকী জাই আগদিনা যেতিয়া ফোনত মৃত্যুৰ সৈতে যুঁজি থকা আত্মীয়ৰ কথা কৈ আছিল তেতিয়া জানিছিল নে সেই মৃত্যু থিয় হৈ আছিল তেওঁৰ পিছফালে! মাজনিশা গুৱাহাটীৰ ঘৰত বাতৰিটো পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠিল। {{gap}}কৰৱী গুচি যোৱাৰ কেইটামান মাহ আগতে মাজু বৰজনাৰ সৰু পুত্ৰ চল্লিশৰ ডেওনা পাৰ হোৱা দেশব্ৰতৰ আকস্মিক মৃত্যুই পৰিয়ালটোৰ ওপৰত চৰম আঘাত হানি থৈ গৈছিল। তাৰ বিয়াখনৰ ঘটকালী ময়েই কৰিছিলো কলকাতাত আমাৰ প্ৰতিবেশী টুটুৰ লগত। তাইৰ সন্মুখত থিয় দিবলৈ মই মানসিক শক্তি হেৰুৱাই পেলাইছিলো! দুটি এমা-ডিমা পুত্ৰ-কন্যাৰ পঁইত্ৰিশ বছৰীয়া মাকজনী প্ৰথম আঘাতত ভাগি পৰিছিল যদিও সন্তানৰ মুখলৈ চাই অসীম ধৈৰ্য আৰু সাহসেৰে তেওঁ জীৱনৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। সেই যুদ্ধত জয়ী হোৱা তেওঁ এগৰাকী আদৰ্শ মাতৃ। আজি এই যুৱ উচ্ছৃংখলতাৰ দিনত পঢ়াই-শুনাই, স্বভাৱে-চৰিত্ৰই দুয়োকে দুটি ৰত্ন হিচাপে প্ৰতিষ্ঠিত কৰিছে টুটুই। ইতিমধ্যে দুয়ো সুখ্যাতিৰে ইঞ্জিনিয়াৰিং পাছ কৰি উচ্চ শিক্ষাৰ্থে আমেৰিকালৈ গৈছে। ছোৱালীজনীৰ বিয়া-বাৰুও হ’ল। {{gap}}আশীৰ দশকটোত এজনৰ পাছত এজনক যোৱা দেখি মানসিকভাৱে আমি ভাগি পৰিছিলো। মনত সদায় এটা আতংক লৈ ফুৰো। আৰু যেন শুনিবলগীয়া নহয় মৃত্যুৰ বাতৰি। কিন্তু নিয়তিক বাধা দিব কোনে? কৰৱীৰ শ্ৰাদ্ধৰ পাছত শোকাহত পিতৃক সংগদান কৰিবলৈ জীয়েক মহুৱাই কিছুদিন থাকি যোৱাৰ সিদ্ধান্ত লৈছিল। তাইৰ কথা শুনি নিয়তিয়ে বোধকৰো অলক্ষে হাঁহিছিল। বিনা মেঘে বজ্ৰপাতৰ দৰে খবৰ আহিল দুবছৰ আগতে বিয়া হোৱা দহমহীয়া পুত্ৰ এটাৰ পিতৃ মহুৱাৰ দেওৰেকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল। তাইৰ কুৰি বছৰীয়া জা–কজনী ইমানে আঁকৰী যে বৰফৰ ওপৰত শুৱাই থোৱা স্বামীৰ মৃতদেহ দেখি ভাবিছিল চিকিৎসা চলি আছে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১১১'''}}</noinclude> i746rx8dvd19j684o9fd2ubd3ku2ceu পৃষ্ঠা:অনিমা গুহ.pdf/১৭২ 104 59569 160720 159850 2022-08-13T04:20:50Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বাঙালী লেখিকাৰ পিছে পিছে আহি তেওঁলোকৰ চিৰিৰ তলত দুদিনমানৰ বাবে থাকিবলৈ হিপ্পীজনে অনুমতি বিচাৰিছিল। তাত দুটামান বাটৰ ভতুৱা কুকুৰ থাকে বুলি কোৱাত হিপ্পীয়ে কৈছিল সিহঁতৰ লগতে থাকিব। লেখিকাৰ এই পগলা যেন ল'ৰাটোৰ অদ্ভুত ধৰণৰ প্ৰস্তাৱটো ভাল নালাগিল। নিজৰ ঘৰতো ঠাই নাই যে থাকিবলৈ দিব। অৱশেষত দুদিনমানৰ বাবে থাকিবলৈ আত্মীয় এজনৰ ঘৰত ব্যৱস্থা কৰি দিলে। পিছে হিপ্পীৰ যোৱাৰ কোনো লক্ষণতো নেদেখিলেই, বৰঞ্চ ৰাতি ৰাতি তেওঁলোকৰ লগত খোৱা টেবুলত বহিবলৈ আৰম্ভ কৰিলে। আপদটোক বহু কষ্ট কৰি খেদাৰ কিছুদিনৰ পাছত আকৌ উভতি অহাত গৃহস্থই ভূত দেখা যেন পাইছিল। এইবাৰ সি কেৱল থাকিবলৈ খোজাই নহয়, তেওঁলোকৰ ছোৱালীজনীক বিয়া কৰোৱাৰ প্ৰস্তাৱো দিলে। ইমান আস্পর্ধা বাটৰ ভিকহুটোৰ! দীঘলীয়া ইতিহাস চমুকৈ কওঁ, সি জাৰ্মানীৰ চহকীয়ে নহয় এটা আঢ্যৱন্ত পৰিয়ালৰো ল'ৰা। তাৰ প্ৰেমত পৰিছিল ছোৱালীজনীও। অৱশেষত বিয়াও হ’ল। বিয়ালৈ দৰাৰ পৰিয়ালৰ অনেকে আহিছিল। কইনাই শহুৰৰ ঘৰৰ পৰা মাক-দেউতাকলৈ লিখিলে যে দৰা ঘৰক যিমান চহকী বুলি ভাবিছিল তাতোকৈ কেইবাগুণে বেছি চহকী! {{gap}}হিপ্পীক ইয়াতে এৰি কেপকডলৈ উভতি যাওঁ। তাৰে এটা আলিবাটত থিয় হৈ কেনেডি পৰিয়ালৰ বিশাল সাম্ৰাজ্যৰ এটা অংশ চাই আমি সমুদ্র সৈকতলৈ গৈছিলো। ইয়াত নিৰ্জন তটভূমিৰ অভাৱ নাই। সমুদ্ৰৰ ঢৌবোৰৰ দৰেই বলিয়া বতাহে সাগৰৰ পাৰবোৰত ধুমুহাৰ সৃষ্টি কৰে। আমাৰ দৰে মানুহক উৰুৱাই নিব পৰা তাৰ দুৰন্ত শক্তি। তাৰ লগত এই জাকে কঢ়িয়াই আনিছিল বৰফৰ শীতলতা। এনে লাগিছিল যেন কলিজা গোট মাৰিব এতিয়াই। আচৰিত হৈ দেখিছিলো এনে পৰিবেশত এজন মানুহে ভুৰৰ দৰে বস্তু এছটাত উঠি ঢৌৰ সৈতে উঠা-নমা কৰি আছে। কি যে অদম্য মনোবল আৰু দুৰ্দান্ত সাহস। {{gap}}তিমি মাছ নেদেখাৰ দুখ পাতলাবলৈ জয়ে আমাক কেপকডৰ বিখ্যাত লৱষ্টাৰ খুবাবলৈ ৰেস্তোৰাঁ এখনলৈ নিছিল। দীঘল দীঘল হাতোৰাসদৃশ ঠেং থকা ডাঙৰ মিছা মাছেই লৱষ্টাৰ। দুগৰাকী পৰিচাৰিকাই লৱষ্টাৰ খাওঁতে কাপোৰ-কানি নষ্ট নহ’বলৈ প্রত্যেকৰ ডিঙিত একো একোখন প্লাচটিকৰ কাপোৰ আৰি দিলে। তাৰ পাছত সমুখলৈ আনিলে একো একোখন বিৰাট আকাৰৰ প্লেট, যিবোৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ আছিল একো একোটা নোদোকা লৱষ্টাৰ। দুয়োখন হাত ব্যৱহাৰ নকৰিলে লৱষ্টাৰ খাব নোৱাৰি। ভদ্র সমাজত মুখখন সামান্য মেলি নিঃশব্দে খোৱাৰ ৰীতি লৱষ্টাৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৭১'''}}</noinclude> 80b7voyazu4yisury9nik4d8hf8jv4b পৃষ্ঠা:অনিমা গুহ.pdf/১৭৫ 104 59571 160721 159851 2022-08-13T04:24:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>উল্লিখিত আইনজীৱীগৰাকীৰ মতে তিৰোতা মানুহৰ পক্ষে ওকালতি কৰা টান। পিছে হিলাৰীহঁতৰ দৰে মহিলাৰ বাবে সকলো সম্ভৱ। মিশ্বেল ওবামাও এগৰাকী সফল আইনজীৱী। দুয়োগৰাকীৰ উপাৰ্জন স্বামীসকলতকৈ বেছি আছিল। {{gap}}দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী অনসূয়া সেনগুপ্তই হিলাৰী ক্লিনটনক স্বৰচিত কবিতা এটা উপহাৰ দিছিল যেতিয়া তেওঁ দিল্লীলৈ আহিছিল। কবিতাটো তেওঁ আত্মজীৱনীত প্ৰকাশ কৰি অনসূয়াক বিখ্যাত কৰিছে। নাৰীবাদী কবিতাটোৰ শিৰোনাম SILENCE। কবিতাটোৱে যিকোনো অনুভূতিসম্পন্ন ব্যক্তিক আলোড়িত কৰিব। <poem>{{gap}}Too many women {{gap}}In too many countries {{gap}}Speak the same language {{gap}}Of Silence. {{gap}}We seek only to give words {{gap}}To those who can not speak {{gap}}(too many women in too many countries) {{gap}}I seek only to forget {{gap}}The sorrows of my grandmother's {{gap}}Silence.</poem> {{Center|{{larger|'''নানা কামত সাঙোৰ খাই পৰিলো'''}}}} {{gap}}'''সাহিত্য-সংস্কৃতিৰ জগতত :''' কুৰি শতিকাৰ ষাঠি-সত্তৰ আৰু আশীৰ দশকত কাকত-পত্ৰ আৰু আলোচনী আদিত ছেগাচোৰোকাকৈ লিখা-মেলা কৰিছিলো যদিও নব্বৈৰ দশকৰে পৰা কলমে মোৰ পিছ নেৰা হ'ল। মোৰ ভাগ্য ভাল বুলিয়ে ক’ব পাৰো। একাংশ পাঠকৰ পৰা উদগনি নোপোৱা হ'লে কলমৰ গতি স্তব্ধ হ'লহেঁতেন। বিশেষকৈ নাৰীৰ অধিকাৰকে ধৰি নাৰীকেন্দ্ৰিক সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পর্কে লিখিবলৈ আৰম্ভ কৰাত মহিলাসমাজৰ পৰা সমাদৰ লাভ কৰিছো। {{gap}}এই প্ৰসংগত মোৰ পদ্মশ্ৰী ড° শীলা বৰঠাকুৰলৈ মনত পৰিছে। ১৯৭৪ চনত প্রতিষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী শীলা বৰঠাকুৰে ১৯৭৮ চনত সমিতিৰ নগাঁৱত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি<noinclude>{{rh| '''১৭৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> dpdvc1b03g24gqlx4jl5zzct4gun4gx পৃষ্ঠা:অনিমা গুহ.pdf/১৭৬ 104 59572 160722 159852 2022-08-13T04:26:57Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নাইবা বক্তা হিচাপে আমাক আমন্ত্রণ জনাইছিল। তেতিয়া আমি কলকাতাতে আছিলো। তাৰ পৰা আহি মহিলা লেখিকাসকলৰ এনে এক সমাবেশত উপস্থিত হৈ মুগ্ধ হৈছিলো। শীলা মোতকৈ দুই শ্রেণী তলত পঢ়িছিল যদিও তেওঁৰ লগত মোৰ ঘনিষ্ঠ সম্পর্ক যোৰহাটৰ স্কুলীয়া জীৱনৰে পৰা। আমি একেলগে নাটক কৰিছিলো। ‘আলিবাবা’ নামৰ নাটকত মই লৈছিলো আলিবাবাৰ ভাও আৰু নৃত্যপটিয়সী শীলাই মর্জিনাৰ ভাও লৈছিল। অসমলৈ অহাৰ পাছত সমাৰোহ সমিতিৰ আজীবন সদস্য হ'লো, নিয়মীয়াকৈ বিভিন্ন অধিবেশনতো যোগদান কৰিছিলো। ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অষ্টাদশ দ্বি-বার্ষিক অধিবেশনত মুকলি সভাৰ সভানেত্রী হিচাপে আমন্ত্রিত হৈছিলো। শীলাৰ এটা প্রশংসা কৰিবলগীয়া গুণ হ'ল তেওঁ এগৰাকী দক্ষ জহুৰী। কাৰ দ্বাৰা কি কাম হ’ব তেওঁ দৈৱজ্ঞৰ দৰে আগধৰি ক'ব পাৰে। বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ (১৯৯৫) আমন্ত্রণ জনাই তেওঁ মোক ড° তিলোত্তমা মিশ্ৰ ৰচিত ‘স্বর্ণলতা' উপন্যাসখনৰ এটা সমালোচনা প্রস্তুত কৰিবলৈ কৈছিল। কিতাপ সমালোচনা কৰাৰ অভিজ্ঞতা বা যোগ্যতা মোৰ নাই, কিয়নো এই বিষয়ে মোৰ কোনো অধ্যয়ন তেতিয়ালৈকে নাছিল । শীলাই কমাণ্ডাৰৰ সুৰত আদেশ দিলে, ‘তুমি লিখিবই লাগিব।' তাৰ পাছতে ফোনৰ লাইন কাটি দিলে। {{gap}}মোৰ নিজৰ ওপৰতে খং উঠিল। কি কুক্ষণত ভ্রমণ কাহিনীটো যে লিখি উলিয়ালো। সেইখন নিলিখা হ’লে কাৰো চকুত মোৰ নামটো নপৰিলহেঁতেন। এবাৰ ভাবিলো মোৰ টাইফয়েড জাতীয় কিবা টান নৰিয়া হোৱা বুলি শীলাক জনাওঁ নেকি। পিছে মিছা কথাৰ ঠেং চুটি। উপায়ান্তৰ হৈ তেতিয়ালৈকে অপঠিত ‘স্বর্ণলতা’ উপন্যাসখন মেলি ল'লো ৷ গুণাভিৰাম বৰুৱাৰ জীয়ৰী স্বর্ণলতা কিতাপখনৰ মুখ্য চৰিত্ৰ। উপন্যাসখনে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱাকে ধৰি ঊনৈশ শতিকাৰ যুগনায়কসকলৰ বিষয়ে আৰু তেতিয়াৰ অসমৰ ইতিহাস সম্পর্কে অধিক জানিবলৈ মোক আগ্রহী কৰিলে। আমাৰ গৃহস্থৰ ঘৰৱা লাইব্রেৰীত এইবোৰ কিতাপৰ অভাৱ নাই। গতিকে স্বর্ণলতাক একাষৰীয়াকৈ থৈ উল্লিখিত কিতাপবোৰতে মনোনিৱেশ কৰি অসমৰ ইতিহাসৰ এটা বিস্তাৰিতভাৱে নজনা অধ্যায়ত প্ৰৱেশ কৰিছিলো। অৱশেষত ভালে বেয়াই এটা সমালোচনা লিখি উলিয়ালো। মঞ্চত সেই সমালোচনা পাঠ কৰিবলৈ গৈ নিজৰ হৃদপিণ্ডৰ ধুক্‌ধুকনি নিজে শুনি থকা যেন লাগিছিল। মঞ্চত বহি আছিল অসমীয়া সাহিত্যৰ অধ্যাপিকা দেৱীকা শ‍ইকীয়া। তেওঁ মোক কিতাপ-পত্ৰৰ সমালোচনা লিখি পুস্তকাকাৰে প্ৰকাশ কৰিবলৈ কোৱাত মই মনে মনে শীলাক ধন্যবাদ জনালো।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১৭৫'''}}</noinclude> 381l7o6512wdedf0u3gmoa720ch1vzr পৃষ্ঠা:অনিমা গুহ.pdf/১৭৭ 104 59573 160723 159853 2022-08-13T04:31:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইয়াৰ পিছত ভালে কেইখন কিতাপৰ সমালোচনা লিখিছো যদিও বিশেষজ্ঞ সমালোচক মই নহওঁ। মোৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। এই বিষয়ে কিছু পঢ়া-শুনা, চিন্তা-চৰ্চা কৰিলে হয়তো সেই সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰিলোহেঁতেন, কিন্তু সময় ক’ত? জীৱনত এটা কামো নিয়াৰিকৈ ক'ৰা নহ'ল। ইয়াকেই কয় জেক অব্ অল, মাষ্টাৰ অব্ নান্। {{gap}}বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ আমন্ত্ৰিত হৈ কলকাতাৰ পৰা আহিছিল স্নেহলতা ভট্টাচাৰ্য নামৰ এগৰাকী লেখিকা। সিদিনা গুৱাহাটীৰ পৰা তোষপ্ৰভা কলিতা আৰু মোৰ লগত তেওঁ বিশ্বনাথ চাৰিআলিলৈ যাওঁতে ওৰেটো বাট আতংকগ্ৰস্ত হৈ যোৱা যেন লাগিছিল। তিনিওৰে থকা-মেলাৰ বন্দবস্ত কৰিছিল বিনন্দি কলিতাৰ ঘৰত। মন কৰিছিলো তেওঁলোকৰ ঘৰ পোৱাৰ পাছতহে স্নেহলতাৰ মুখত সামান্য হাঁহি বিৰিঙি উঠিছিল৷ গুৱাহাটীৰ পৰা ৰাওনা হওঁতে পলম হোৱা বাবে তেজপুৰৰ পাছত ভালেখিনি বাট নিজান চাহ বাগিচাৰ বুকু ফালি এন্ধাৰৰ মাজেৰে যাবলগীয়া হৈছিলো। তেতিয়াৰ দিনত সন্ত্ৰাসৰ ভয় বৰকৈ নাছিল যদিও কলিকতীয়া মানুহজনীৰ হেনো ঘোপমৰা এন্ধাৰৰ মাজেৰে আহোঁতে খুব ভয় লাগিছিল। ইমান নিৰ্জন ঠাই হেনো জীৱনতে তেওঁ দেখা নাই। ওৰে বাট ইষ্টনাম জপ কৰি অহা বুলি শুনি আমি বৰ আমোদ পাইছিলো৷ পিছদিনা সভাস্থলীলৈ গৈ সাহিত্যিক আৰু সাহিত্যপ্ৰেমী অসংখ্য মহিলাক একেলগে দেখি স্নেহলতা অবাক। কেৱল মহিলাৰে গঠিত সাহিত্য সমাৱেশৰ কথা তেওঁলোকে হেনো কল্পনাও কৰিব নোৱাৰে। সিবাৰ অৱশ্যে পঞ্চাশৰো অধিক মহিলা কবিক কবি সন্মিলনীৰ দিনা কবিতা পাঠ কৰা দেখি ময়ো কম আচৰিত হোৱা নাছিলো। সকলো কবিতা উচ্চ স্তৰৰ নহ'লেও মহিলাসকলে হেতা-কৰচ এৰি কলম হাতত তুলি ল’বলৈ আগ্ৰহী হোৱাটোৱে উত্তৰণৰ প্ৰথম সোপান। লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য হলেও একে সময়তে প্ৰীতি বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ অসম লেখিকা সংস্থাৰ লগতো মোৰ ওচৰ সম্পৰ্ক। তেওঁলোকৰো একাধিক অধিৱেশন তথা সভা-সমিতিলৈ আমন্ত্ৰিত হৈছো। কেৱল মহিলাৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ এই দুটা সাহিত্য-সংস্কৃতিমূলক প্ৰতিষ্ঠানে অসমৰ নাৰী সমাজক জুহালৰ পৰা উলিয়াই আনি সৃষ্টিধৰ্মী কাম-কাজ কৰিবলৈ আৰু সাহিত্যৰ অনুৰাগী হ’বলৈ উদ্বুদ্ধ কৰিছে। পিতৃতান্ত্ৰিক সমাজত সৌসিদিনালৈকে নাৰীৰ সকলো প্ৰতিভা ৰান্ধনি ঘৰৰ জুইত জাহ গৈছিল। আজিও নাৰী মুক্ত হৈছে বুলি ক'ব নোখোজো। কিন্তু উল্লিখিত সংস্থা দুটাই মহিলা কবি-ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ আদিৰ ৰচনা পুস্তকাকাৰে প্ৰকাশ<noinclude>{{rh|'''১৭৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> fck5qenmu8zgp6r5i3oz3vmdq3wtfdf পৃষ্ঠা:অনিমা গুহ.pdf/১৭৮ 104 59574 160724 159854 2022-08-13T04:33:21Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰি অসমীয়া সাহিত্যৰ ভঁৰাল কৰিছে সমৃদ্ধ। সমাজ সংস্কাৰমূলক কামতো তেওঁলোক জড়িত হৈ আছে। {{gap}}সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৮৮ চনত বৰপেটাত অনুষ্ঠিত দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত মহিলাসকলে বৰপেটাৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ ঘটাবলৈ চেষ্টা কৰি বিফল হৈছিল। বৰপেটা সত্ৰত প্ৰচলিত এই যুক্তিহীন পৰম্পৰাই আমাক যুগপৎ মনত দুখ দিয়ে আৰু মনটোক বিদ্ৰোহী কৰি তোলে। বৰপেটাৰ সত্ৰাধিকাৰ আৰু ভকতসকলে কয় এই পৰম্পৰাটো হেনো মহিলাসকলেই জীয়াই ৰাখিছে। এটা কথা অস্বীকাৰ নকৰো যে ৰক্ষণশীলতা মহিলাসকলৰ মাজত বেছি। পৰম্পৰাক জীয়াই ৰাখিছে তেওঁলোকেই। পিছে মহিলাসকলৰ বিষয়ে থকা আন এটা ধাৰণা স্বীকাৰ নকৰো যে বংশগতভাৱে (hereditarily) মহিলা প্ৰজাতিটো ৰক্ষণশীল বা পৰম্পৰাগত মূল্যবোধ খামুচি ধৰি থকা বিধৰ। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ নিষ্ঠুৰ পৰিৱেশে মহিলা প্ৰজাতিটোৰ স্বাভাৱিক প্ৰবৃত্তিবোৰক হেঁচি থকা বাবে ই প্ৰস্ফূটিত হ’ব পৰা নাই। নাৰীৰ চেতনাক বৰ্ধিত হ’বলৈ নিদি বাওনা কৰি ৰাখিছে। {{gap}}নাৰীয়ে মাহৰ তিনিটা দিন নিজকে অশুচি বুলি ভাবে বাবে সেই তিনি দিন গোসাঁইঘৰত বা মন্দিৰত নোসোমায়। কীৰ্তন ঘৰত সোমাবলৈ নিদিয়াৰ এইটোৱে কাৰণ। বোধকৰো ভকতনীসকলৰ ভয় কোনোবাই অশুচি দেহাৰেই সোমাব। এবাৰ কেইজনীমান বান্ধৱী আৰু সহকৰ্মীৰ সৈতে কলকাতাৰ এখন চহৰতলীৰ মন্দিৰ এটালৈ গৈছিলো তাত অধিষ্ঠিত বিপদতাৰিণী গোসাঁনীক দৰ্শন কৰিবলৈ। নিৰাকাৰ শক্তি এটা প্ৰকৃতিৰ মাজত আছে বুলি বিশ্বাস কৰো যদিও মন্দিৰ, দেৱস্থান আদিৰ লগত মোৰ সম্পৰ্ক ক্ষীণ। তথাপিতো বিপদতাৰিণী মন্দিৰলৈ যাবলগীয়া হ'লো। সেই মন্দিৰত সকলোৰে অবাধ প্ৰৱেশ চাবলৈ। বিপদতাৰিণী কালী গোসাঁনীৰ এটা অন্য ৰূপ। অবাধ প্ৰৱেশৰ কাৰণ হ’ল মাকৰ দৰ্শন পোৱাত বাধা থাকিব কিয়? কেৱল দৰ্শনে নহয় মহিলাসকলে দেখিলো দহ ফুটমান ওখ বিপদতাৰিণীৰ কিচ্‌কিচীয়া ক’লা আৰু চিক্‌চিকীয়া মসৃণ দেহটোক সাবটি ধৰি আছে। ৰজস্বলা ছোৱালীও মন্দিৰত সোমাই বিপদতাৰিণীক চুমা খাই আহিব পাৰে। সঁচাকৈয়ে মন্দিৰৰ কাণ্ড-কাৰখানা দেখি বিচূৰ্তি খাইছিলো। মাটিৰ মূৰ্তিটো তো আৰু প্ৰগতিশীল দৃষ্টিভংগী সম্পন্ন হ’ব নোৱাৰে, পৰিচালনা কমিটীয়ে বিপদতাৰিণীক আধুনিকমনস্ক কৰিছে। পৰিচালনা কমিটীৰ প্ৰশংসা কৰি গোসাঁনীক সিদিনা প্ৰণাম কৰি আহিছিলো। {{gap}}ইয়াৰ বিপৰীত চিত্ৰ দেখিবলৈ পাওঁ বৰপেটা কীৰ্তন ঘৰত। কিয় এনে হ’ল তাৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৭৭'''}}</noinclude> jd6vubk2uiejga7mmyibs17077nareo পৃষ্ঠা:অনিমা গুহ.pdf/১৭৯ 104 59575 160725 159855 2022-08-13T04:36:24Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>উত্তৰ বিচাৰি নাপাওঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধৰ্ম আছিল উদাৰ। এই ধৰ্মই সকলো প্ৰাণীক সমদৃষ্টিৰে চাবলৈ কোৱা নাই জানো। কোৱা নাই জানো ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।/ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥’ {{gap}}শংকৰ-মাধৱে প্ৰচাৰ কৰা ধৰ্ম ইমানে উদাৰ আৰু গভীৰ যে এই উদাৰতা বা গভীৰতা আন ধৰ্মত ইমান অৰ্থবহভাৱে আছে বুলি ধাৰণা নহয়। এনেস্থলত বৰপেটাৰ কীৰ্তন ঘৰ বা সুন্দৰীদিয়া আৰু পাটবাউসীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা ব্যৱস্থাটো শংকৰদেৱৰ ধৰ্ম আৰু মানৱতাৰ পৰিপন্থী যেন নালাগেনে? {{gap}}মহাত্মা গান্ধীয়ে কৈছিল— Assam indeed is fortunate for Sankardava has five centuries back given to the Assamese people an ideal, which is also idea of my Ram Rajya. {{gap}}একেটা সুৰতে আন এটা কথাও কওঁ যে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ দৰেই মহাপুৰুষজনাৰ দৃষ্টিভংগীও নাৰীৰ প্ৰতি বৰ উদাৰ নাছিল বুলি কোৱা হয়। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত আজিও সমাজৰ নিম্নবৰ্গ আৰু জনজাতীয় লোকক যি চকুৰে চোৱা হয়, স্ত্ৰী জাতিকো একেই চকুৰে চোৱা হয়। মহাপুৰুষজনাও এই দৃষ্টিভংগীৰ ব্যতিক্ৰম নাছিল। শূদ্ৰসকলৰ সৈতে বহু ৰচনাত তেওঁ নাৰীৰ নাম উচ্চাৰণ কৰি তেওঁলোককো মানুহৰ আসনত স্থান দিব খুজিছে। যেনে— <poem>::ভাগৱতত কৈছে— ::স্ত্ৰী শূদ্ৰ অন্ত্য জাতি তাকো শিক্ষা দিন্ত আতি ::ধৰিবে সি সৱে অহোপ্ৰাণে। ::কীৰ্তন ঘোষাত আছে— ::স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি ::তাহাত কৰিবা ইটো জ্ঞান মহামতি।</poem> {{gap}}জীৱনৰ এটা সময়ত গুৰুজনাৰ প্ৰধান শিষ্য মাধৱদেৱ সুন্দৰীদিয়াত বাস কৰিছিল যদিও প্ৰথমফালে শংকৰদেৱে মাধৱদেৱক সুন্দৰী নাৰীপ্ৰধান ঠাইখনত বাস কৰিবলৈ নিষেধ কৰিছিল। কীৰ্তন ঘোষাত তাৰ কাৰণ আমি বিচাৰি পাওঁ। <poem>::ঘোৰ নাৰী মায়াসৰ্ব্ব মায়াতে কুৎসিত।৷ ::মহা সিদ্ধ মুনিৰো কটাক্ষে মোহে চিত্ত॥ ::দৰশনে কৰে তপ-জপ-যোগ-ভংগ। ::জানি জ্ঞানীগণে কামিনীৰ এৰে সংগ॥ ১৮</poem><noinclude>{{rh|'''১৭৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> n16gibufqg8hwaqst3k2aw0cv0yxcne পৃষ্ঠা:অনিমা গুহ.pdf/১৯২ 104 59586 160729 159989 2022-08-13T04:45:45Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>মোৰ ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’ নামৰ প্ৰবন্ধ সংকলনখনত। নাৰী মুক্তি আৰু নাৰী অধিকাৰৰ বাবে ঊনৈশ শতিকাতে আন্দোলন কৰা দেশখনত ১৯৯৪ চনৰ জুনত সংঘটিত বিস্ময়কৰ এটা ঘটনাৰ কিছু অংশ পোনপটীয়া সম্প্ৰচাৰত দেখিছিলো। নাৰী সমগ্র বিশ্বতে নির্যাতিতা— ক'ৰবাত বেছি ক'ৰবাত কম। বিচ্ছেদৰ পাছতো নাৰীৰ যে নিৰাপত্তা নাই তেনে এটা ঘটনা আছিল নিকোল ব্রাউন ছিম্পছন হত্যাকাণ্ড। {{gap}}ক্রীড়াজগতৰ বিষয়ে মোৰ জ্ঞান সীমিত। বোধকৰো সেইখন জগতৰ এজন উজ্জ্বল নক্ষত্র অ’ জে ছিম্পছন। ডিভোর্ছী পত্নী নিকোলক কটাৰীৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহত পুলিচে অ' জেক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দৃশ্যটো আছিল এখন ৰোমাঞ্চকৰ নাটকৰ দৃশ্যৰ দৰে। নব্বৈ মিনিট জোৰা এই দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ সমগ্ৰ আমেৰিকাবাসীয়ে প্রত্যক্ষ কৰিছে। সেই নাটকৰ দৰ্শক আছিলো ময়ো। নিজৰ মূৰত পিষ্টলৰ নলীটো লগাই অ’ জেই বন্ধু এজনক গাড়ীখন চলাই যাবলৈ কৈছিল, ৰখালেই আত্মহত্যা কৰিব। পিছে পিছে খেদি গৈছিল এজাক পুলিচৰ গাড়ীয়ে। বাটৰ ট্ৰেফিক বন্ধ হৈছিল। তাৰ ঠাইত আলিবাটৰ দুয়োকাষে থিয় দিছিল হেজাৰ হেজাৰ মানুহ। অ’ভাৰ ব্ৰীজবোৰতো মানুহ গিজগিজাই আছিল আৰু মূৰৰ ওপৰেৰে উৰিছিল বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰ, হাতত কেমেৰা আদি লৈ। অৱশেষত নিজৰ প্রাসাদ গৈ পোৱাৰ পাছত পুলিচৰ হাতত ধৰা দিছিল অ’ জেই। মোৰ যিমান দূৰ মনত পৰে দীঘলীয়া সময়ৰ বাবে তেওঁৰ কাৰাদণ্ড হৈছিল। আমেৰিকাত নাৰী নিৰ্যাতন আৰু তাৰ বিৰুদ্ধে প্রণয়ন কৰা আইন তথা আইনৰ ৰূপায়ণ সম্পর্কে মোৰ উল্লিখিত কিতাপখনত লিখা হৈছে। {{gap}}নিজৰ দোষ, নিজৰ অদূৰদৰ্শিতা বা ব্যক্তিত্বহীনতাৰ বাবে কিছুমান ছোৱালী বিপদত পৰে নাইবা নির্যাতন ভোগ কৰে। কম বয়সীয়া হ'লে তেনে ছোৱালীৰ কাষত থিয় হওঁ। কিন্তু জানি-শুনি বাৰে বাৰে ভুল বাটেৰে আগবাঢ়ি গৈ বাৰে বাৰে বিপদক মাতি অনা চঞ্চল স্বভাৱাসকলৰ প্ৰতি অলপো সহানুভূতিশীল নহওঁ। এনে এজনী অবিবাহিতা মাতৃক প্ৰতাৰণা কৰা তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে মাত নমতা বাবে কেইজনমান সমাজসেৱী ডেকাৰ দ্বাৰা নিন্দিত হৈছিলো। খা-খবৰ লৈ জানিব পাৰিছিলো একেজন প্রেমিকে বিয়াৰ প্ৰলোভন দেখুৱাই ২৬/২৭ বছৰীয়া গাভৰুজনীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰিছিল। ইয়াৰ আগতে কেইবাবাৰো তেওঁ গর্ভপাত কৰোৱায়। প্ৰথমবাৰ প্ৰতাৰিত হোৱাৰ পাছত বয়সীয়া গাভৰুজনী কিয় আকৌ একেজনৰে জালত পৰিল। কিশোৰী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১৯১'''}}</noinclude> ba1afb24agiqqfbfhp5sp3gzgc8qd4z পৃষ্ঠা:অনিমা গুহ.pdf/১৯৩ 104 59587 160730 159990 2022-08-13T04:47:56Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>এজনীয়ে নাজানিব পাৰে দৈহিক সম্পৰ্কৰ পৰিণতি কি, এওঁ নাজানিব কিয়? {{gap}}আন এজনী ছোৱালীকো ‘উদ্ধাৰ’ কৰিবলৈ আগবাঢ়ি নহা বাবে মাকগৰাকী অসন্তুষ্ট হৈছিল মোৰ ওপৰত। কলেজত পঢ়া গাভৰু এজনী ঘৰৰ পৰা পলাই গৈছিল প্ৰেমিকৰ লগত। কাৰণ সিহঁত দুটাৰ বিয়াত মাক-দেউতাকৰ মত নাছিল। কোৱা বাহুল্য নিজে আহি ঘৰ সোমোৱা ছোৱালীক সকলো মানুহে বোৱাৰীৰ মর্যাদা দিব নোখোজে। পুতেকে অনা বাবে অনিচ্ছাসত্ত্বেও ৰাখিবলগা হ'ল যদিও ভাল ব্যৱহাৰ নাপাই তাইৰ মাক-দেউতাকৰ মৰমলৈ মনত পৰিছিল। কেনেবাকৈ যোগাযোগ কৰি তাইক উদ্ধাৰ কৰিবলৈ ফোনতেই কন্দা–কটা কৰিছিল মাকৰ আগত। ‘মাক হোৱাৰ শতেক জ্বালা’, কৈছিল আমাৰ শাহু আয়ে। সন্তানৰ মংগলৰ চিন্তাই মাকৰ মনক অহৰহ আচ্ছন্ন কৰি ৰাখে। পলাই যোৱা ছোৱালীজনীক কোনোদিনে ক্ষমা কৰিব নোৱাৰিব বুলি মনক ডাঠ কৰা মাকগৰাকীয়ে জীয়েকৰ ফোন পাই তাইক উলিয়াই আনিবলৈ উপায় বিচাৰি আছিল। এটা উপায়, তেওঁলোকে ভাবিছিল, নির্যাতন বিৰোধী ঐক্য মঞ্চৰ সহায় লোৱা। ফোনতে আমাৰ লগত যোগাযোগ কৰি সবিশেষ জনোৱাত পোনচাটে মই উদ্ধাৰ কাৰ্যত আগভাগ ল'ব নোৱাৰো বুলি কৈছিলো। কাৰণ যি ছোৱালীয়ে মাকৰ ঘৰৰ পৰা পলাই যাব পাৰে সেই ছোৱালীয়ে শহুৰৰ ঘৰৰ পৰা পলাই আহিব নোৱাৰিব কিয়? আগগুৰি নেভাবি প্রাপ্তবয়স্ক ছোৱালী এজনীয়ে অনিশ্চয়তাৰ জীৱন এটাত অৱতীৰ্ণ হোৱাটো সমর্থনযোগ্য নহয়। {{gap}}শহুৰৰ ঘৰত নির্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা ছোৱালী এগৰাকীৰ মাকে অন্যায়ৰ প্ৰতিবাদত সভা এখন পাতি আমাকো অংশগ্রহণ কৰিবলৈ মাতিছিল। মাক-দেউতাকে মনত আঘাত পাব বুলি অধিকাংশ ছোৱালীয়ে শহুৰৰ ঘৰত ভোগ কৰা লাঞ্ছনা-গঞ্জনাৰ কথা ব্যক্ত নকৰে। কেতিয়াবা চৰম পৰ্যায়লৈ যোৱাৰ পাছত ক’বলৈ বাধ্য হয়। সমাজৰ আগত লাজ ঢাকিবলৈ আৰু বিয়াখন ভাগি নাযাবলৈ দেউতাকৰ পৰিয়ালে চেষ্টা কৰে। এইদৰে তাপলি মৰা বিয়া কোনোমতে তিষ্ঠি থাকে। কিছুমান বোৱাৰীয়ে কাকো একো নজনাই আত্মঘাতী হয়। উল্লিখিত সভাখনত যেতিয়া শুনিলো আত্মঘাতী বোৱাৰীজনী অর্থনৈতিকভাৱে স্বাধীন আছিল তেতিয়া কিন্তু মাকৰ প্ৰতি সহানুভূতি মোৰ কমি আহিবলৈ ধৰিলে। মাককো অলপ টানকৈ ক’লো জীৱন যুদ্ধত হাৰি নাযাবলৈ জীয়েকক তেওঁ নিশ্চয় শিক্ষা দিয়া নাছিল। আমাৰ বেছিভাগ মাক-দেউতাকে ল'ৰা-ছোৱালীক ইমান আলাসত ডাঙৰ কৰে যে বৃহত্তৰ বিশ্বৰ কঠিন পৰিস্থিতিক আলসুৱা সন্তানসকলে প্রত্যাহ্বান জনোৱাত বিফল<noinclude>{{rh|'''১৯২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> r107y3tj6x3cneui0q1pi5jec23tr7r পৃষ্ঠা:অনিমা গুহ.pdf/১৯৪ 104 59588 160731 159993 2022-08-13T04:51:49Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হয়। বিয়াত সুখী হ’ব নোৱৰা আন কেইজনীমান অৰ্থনৈতিকভাৱে স্বাধীন আত্মঘাতী ছোৱালীৰ প্ৰাণহীণ দেহবোৰ একে একে আহি আছে মোৰ মনৰ পৰ্দালৈ। বিবাহেই নাৰী জীৱনৰ একমাত্ৰ লক্ষ্য আছিল সৌ সিদিনালৈকে। আজিৰ আধুনিক যেন লগা ছোৱালীবোৰৰো মানসিক উত্তৰণ নোহোৱা দেখিলে হতাশ হওঁ। {{gap}}বিবাহিত পুত্ৰৰ অত্যাচাৰ সহিব নোৱৰা এগৰাকী মাক সহায় বিচাৰি আমাৰ ওচৰলৈ আহিছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকো তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ এক তৃতীয়াংশৰ গৰাকী হৈছিল। সকলো বিষয়ত পুতেকৰ ওপৰত নিৰ্ভৰশীল ( আৰ্থিকভাৱে নহয় ) মাকজনীক তেওঁৰ অংশটো পুতেকৰ নামত লিখি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল নিৰ্দয়ভাৱে। বাতৰি পাই মানুহগৰাকীৰ অসমৰ বাহিৰত থকা জীয়েকে আমাৰ লগত যোগাযোগ কৰিছিল। মহিলাগৰাকীৰ আন এজন আত্মীয়ইও আমাৰ সহায় বিচাৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমাৰ ওচৰলৈ অনেকে আহে যদিও আমাৰ মূলধন একমাত্ৰ মনৰ জোৰ আৰু মানুহক সহায় কৰাৰ মানসিকতা। আমাৰ ঐক্য মঞ্চৰ নাই কোনো ফাণ্ড, নাই কোনো ৰাজনৈতিক ক্ষমতা। সভা-সমিতি পাতিলে সভাস্থলীতে সদস্যসকলৰ পৰা চান্দা আদায় কৰা হয়, কিছু সদাশয় ব্যক্তিয়ে সহায়ো কৰে। কেতিয়াবা নিজকে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ যেন লাগে। যি কি নহওক, নিৰ্যাতিতা মাকগৰাকীৰ জীয়েকক কোৱা হৈছিল— থানাত এজাহাৰ দিবলৈ। দৰবে ভাল কাম দিলে। নিৰ্যাতক পুতেকক থানাত উত্তম-মধ্যম শোধোৱাৰ পাছত সি চিধা হ’ল। কিছুদিনৰ বাবে বোধকৰো তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থাও কৰা হৈছিল। অৱশেষত সপৰিয়ালে আহি মাকৰ ভৰিত দীঘল দি পৰিল। মাকৰ দৰে ক্ষমাশীলা পৃথিৱীত দ্বিতীয় এজন নাই। শুনিছো তেওঁলোক মিলাপ্ৰীতিৰ মাজেৰে একেলগে আছে। {{gap}}কাকতে-পত্ৰে নাৰী নিৰ্যাতনৰ বিষয়ে পঢ়ো, কিন্তু নিৰ্যাতিতা নাৰী আৰু তেওঁলোকৰ বিবিধ সমস্যাৰ সৈতে মুখামুখি হ’লো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ পাছত। কিছু হাই-প্ৰফাইল নিৰ্যাতিতাও আমাৰ ওচৰলৈ অহা দেখি বিস্ময়বোধ কৰিছিলো। তেওঁলোকে ইচ্ছা কৰিলেই দিল্লী-মুম্বাই-কলকাতাৰ নামী-দামী নাৰী সংগঠনলৈ অনায়াসে যাব পাৰে। কিন্তু আমাৰ ওচৰলৈ আহে। বহু অভিজ্ঞতা হ’ল জীৱনত। আমি জানো আৰক্ষীয়ে নিৰাপত্তা দিয়ে, চোৰ-ডকাইত-প্ৰৱঞ্চক-নিৰ্যাতকক শাস্তি দিয়ে। কিন্তু কোনোবাই বিশ্বাস কৰিব নে উচ্চপদস্থ আই পি এছ বিষয়াই যৌতুকৰ বাবে তেওঁৰ পত্নীক চূড়ান্ত পৰ্যায়ত নিৰ্যাতন কৰে বুলি। গুৱাহাটীত নিযুক্তি পোৱা দক্ষিণ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১৯৩'''}}</noinclude> d38c0j4ul8cmj33zimsa5awoylukf8u পৃষ্ঠা:অনিমা গুহ.pdf/১৯৫ 104 59589 160728 159995 2022-08-13T04:43:37Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ভাৰতীয় আৰক্ষী বিষয়া এজনে কেইবা লাখ টকা আৰু কেইবা লাখ টকাৰ সোণৰ বিনিময়ত কোনোবা চহকী মানুহৰ ছোৱালীক বিয়া কৰাই ল'ৰা-ছোৱালী হোৱাৰ পাছতো শহুৰেকৰ পৰা ধন দাবী কৰিবলৈ এৰা নাছিল। তেওঁৰ পত্নীৰ মুখে শুনাৰ পাছত মই তেওঁক ক’লো— এওঁক দেখোন সন্ত্রাসবাদীৰে তুলনা কৰিব পাৰি। ভাবুকি দেখুৱাই ধন আদায় কৰাৰ পদ্ধতি দুয়োৰে হুবহু একে। দাবী কৰা টকা নিদিলে মানুহগৰাকীক হেনো ডিভোৰ্ছ কৰিব। আন এটা পৰিয়ালে হেনো আই পি এছজনে তেওঁলোকৰ ছোৱালী বিয়া কৰালে পঞ্চাশ লাখ দিবলৈ ৰেডী হৈ আছে। সকলো শুনাৰ পাছত মোৰ মানুহজনীলৈ পুতৌ উপজিল। ইতিমধ্যে তেওঁ দেউতাকৰ লগত আলোচনা কৰি ওলাই যাবলৈ সিদ্ধান্তও লৈছিল। আমি তেওঁক কৈছিলো, তেওঁৰ যেতিয়া সুবিধা আছে দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত গোচৰ তৰিবলৈ। তেওঁ গৈছিল। তাৰ পাছত তেওঁলোকৰ কি হ’ল গম নাপালো। আমি তেওঁক কৈছিলো ডিভোৰ্ছত ৰাজী নহ'বলৈ। {{gap}}নিৰ্যাতনৰ ঘটনাবোৰ নিৰ্যাতিতাৰ মুখে পোনপটীয়াকৈ যিসকলে শুনে তেওঁলোকৰ হৃদয়বোৰ কেতিয়াবা লোৰ দৰে টান কৰি ল'বলগীয়া হয়। কাৰণ সহায়কাৰী ভাগি পৰিলে সহায় কৰা কঠিন হৈ পৰে। সম্প্ৰতি মোৰ মাজত কিছু দুর্বলতা অনুভৱ কৰিছো যেন লাগিছে। বয়স বঢ়াৰ ফলতেই এই দুৰ্বলতাৰ দ্বাৰা আক্রান্ত হ'লো কিজানি। বেছি অত্যাচাৰৰ কাহিনী শুনিব নোৱৰা হ'লো। {{gap}}অলপতে এজনী নৱবিবাহিতা গাভৰু আহিছিল নিজে ভাল পাই বিয়া কৰোৱা স্বামীজনৰ চৰিত্ৰৰ বিষয়ে অভিযোগ কৰিবলৈ। তেওঁলোক অসমৰ বাহিৰত থাকে। ব্লু-ফিল্মৰ নাম শুনিছো, এনে ফিল্ম বিকৃতমনাসকলে নিৰ্মাণ কৰে আৰু বিকৃতমনাসকলেই চায়। এই ফিল্মৰো ৰমৰমীয়া ব্যৱসায় চলে গুপুতে। বিয়াৰ পাছত ছোৱালীজনীয়ে গম পালে বহু দিনৰ চিনাকি স্বামীজনে সেই জঘন্য ফিল্ম নির্মাণ কৰে আৰু অচিনাকি পুৰুষৰে সৈতে পত্নীক অন্তৰংগ হ’বলৈ দি ছবি তোলে। ছোৱালীজনীক সি নজৰবন্দী কৰি ৰাখে যেন বাহিৰৰ কাৰো সংস্পৰ্শলৈ আহিবলৈ সুযোগ নাপায়। যি কি নহওক উপায় এটা উলিয়াই তাই এদিন গুৱাহাটীলৈ আহে। স্বামীৰ দ্বাৰা নানাভাৱে নির্যাতিতা অনেকৰ হৃদয় বিদাৰক কাহিনী শুনিছো, কিন্তু এইবাৰৰ উৎপীড়িতা-লাঞ্ছিতা ছোৱালীজনীৰ কাহিনী কাৰো লগত তুলনা কৰিব নোৱাৰি। অলপো লুক-ঢাক নকৰাকৈ তাই যিদৰে নিজকে মেলি ধৰিলে যে শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। সহ্য কৰিব নোৱাৰি মাকৰ লগত অহা ছোৱালীজনীক কেৱল ক’লো— Stop it, আৰু শুনিব<noinclude>{{rh|'''১৯৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> q85uguhig090e0o4hbpnmj8vp9iytyg পৃষ্ঠা:অনিমা গুহ.pdf/১৯৬ 104 59590 160727 159996 2022-08-13T04:41:51Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নোখোজো। তেওঁলোক যোৱাৰ পাছত মই বিছনাত শুই দিলো। সিদিনাই উপলব্ধি কৰিলো মই মানসিকভাৱে দুৰ্বল হৈছো। শাৰীৰিকভাৱেও। আগৰ দৰে পূৰ্ণোদ্যমে কাম কৰা বোধকৰো সম্ভৱ নহ’ব। গতিকে সক্রিয় অংশগ্ৰহণৰ পৰা কিছু বিৰত হৈ আছো। বর্তমানে কাম-কাজ আন সদস্যসকলে কৰে। সেই বুলি মই সন্ন্যাস গ্ৰহণ কৰা নাই। যিটো হাৰত সমাজত বিভিন্ন পৰিস্থিতিত মানুহে মানুহক শোষণ-নিষ্পেষণ-নির্যাতন কৰে তাক উৎপাটন কৰা এক দুৰূহ কাম যদিও সচেতন ব্যক্তি হিচাপে চকু মুদি বহি থাকিব নোৱাৰো। সেয়েহে আমাৰ ক্ষুদ্ৰ চেষ্টাৰে যিকণ পাৰো জীৱনৰ শেষ দিনলৈ কৰি যাম। '''নাৰীৰ ঐতিহাসিক পৰাজয় :''' পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ পিঞ্জৰাত বন্দিনীসকলৰ বাবে নির্যাতন কোনো নতুন ঘটনা নহয়। আদি প্ৰস্তৰ যুগত সমাজত, সম্ভৱ প্ৰচলিত আছিল আদিম সাম্যবাদ, যেতিয়া স্ত্রী-পুৰুষ নির্বিশেষে সকলোৱে ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত। নৱপ্ৰস্তৰ যুগত স্থূল খেতিবাতিৰ আৰম্ভণিৰ সময়তো সমাজৰ গাঁথনি জটিল নাছিল। কৃষি আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই নাৰীৰ পদমর্যাদা নিম্নগামী হ’বলৈ ধৰে। বীজৰ পৰা গছৰ উৎপত্তি — এই আৱিষ্কাৰক নাৰীৰ অৱদান বুলি কোৱা হয়। এনে এক যুগান্তকাৰী আৱিষ্কাৰৰ ফলতে সৃষ্টি হৈছে ভূ-সম্পত্তি, অধিকাৰ আদি ধাৰণাবোৰৰ। এই ধাৰণাসমূহৰ মেৰপাকত পৰি নাৰীৰ হ’ল পুৰুষ নিৰ্ভৰ জীৱন। গৃহবন্দী নাৰী ক্ৰমে পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়াৰ আহিলালৈ ৰূপান্তৰিত হ’ল। এনে পৰিস্থিতিক এংগেলছে কৈছিল নাৰীৰ ঐতিহাসিক পৰাজয় বুলি। {{gap}}এংগেলছৰ ভাষাত – The overthrow of mother right was the world historic defeat of the female sex. The man seized the reins in the house also, the woman was degraded, enthralled, the slave of the man's lust, a mere instrument for breeding children.' (Origin of the Family, Private Property and State). {{gap}}এনে এক পৰিস্থিতিত আমাৰ দেশত ধৰ্ম আৰু পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীক এষাৰ কথাত ক'বলৈ গ'লে Concentration Camp-ৰ চিৰস্থায়ী বাসিন্দাত পৰিণত কৰিলে। ভাৰততে নহয় পৃথিৱীৰ সৰ্বত্ৰ নাৰীৰ ইতিহাস নিৰ্যাতনৰ এক সুদীৰ্ঘ ইতিহাস। সীতা-দ্রৌপদীৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানকাললৈ নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৯৫'''}}</noinclude> h2ymwuvfqopb4ygntxb7hjwzd0d6umi পৃষ্ঠা:অনিমা গুহ.pdf/১৯৯ 104 59593 160726 160029 2022-08-13T04:39:15Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>শস্যক্ষেত্র তুল্য। বীজ ৰোপণ কৰে পুৰুষে, যি বীজ তেওঁলোকৰ ধাৰণাত সদায় অংকুৰণক্ষম। সেই বীজ অংকুৰিত নহ'লে দোষ জাপি দিয়া হয় অনুৰ্বৰ ক্ষেত্ৰৰ ওপৰত। সেয়েহে বন্ধ্যা শব্দৰ নাই পুংলিংগ। সেইদৰে পুত্র সন্তান জন্ম দিবলৈ নোৱৰাৰ অপৰাধো নাৰীৰ। আজিৰ যুগতো অনেক পৰিয়ালত বংশধৰ এটা জন্ম দিব নোৱাৰিলে পুত্রহীনাই অপৰাধবোধত ভোগে। নিজৰ জৰায়ুটোত অধিকাৰ নথকা বাবে স্বামী বা তেওঁৰ পৰিয়ালৰ অৰ্ডাৰমতে মহিলাগৰাকী পুত্ৰ সন্তানৰ আশাত বাৰে বাৰে গৰ্ভৱতী হ’বলগীয়া হয়। ভ্রূণৰ লিংগ নিৰ্ধাৰণ কৰি কন্যা ভ্রূণ পালে গর্ভপাতৰ যন্ত্রণাও ভুগিবলগীয়া হয় নাৰীয়ে। লিংগ নিৰ্ধাৰণ কৰিব নোৱৰাসকলে বাৰে বাৰে কন্যা সন্তান জন্ম দিয়াৰ ‘অপৰাধ’ত দুর্ব্যৱহাৰো নোপোৱা নহয়। আজিৰ শিক্ষিত প্রগতিশীল পৰিয়ালবোৰত অৱশ্যে এনে ধৰণৰ অত্যাচাৰ নাই। সন্তানৰ লিংগ নিৰ্ধাৰক X (এক্স) আৰু Y (ওৱাই) ক্ৰমজ’মৰ ভূমিকাৰ কথা সত্তৰ-আশী বছৰ আগতেই জীৱবিজ্ঞানীসকলে জনাইছে। পুত্র সন্তান সৃষ্টিকাৰী ওৱাই ক্ৰমজ’মটো পিতৃৰ ফালৰ পৰা অহা বুলি জানিও দোষ জাপি দিয়ে পত্নীৰ ওপৰত। প্ৰকৃততে সুদূৰ অতীততে পুৰুষ-মহিলাৰ মগজুত যি মানসিকতাই বাহ লৈছে তাক উৎপাটন কৰা বৰ সহজ কাম নহয়। নহ'লেনো গুজৰাট সংঘৰ্ষত মুছলমান মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়নৰ তাৎক্ষণিক প্রতিক্রিয়া হিচাপে প্রাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফার্নাণ্ডেজৰ মুখৰ পৰা কুখ্যাত উক্তি শাৰী—What is new about women getting raped in riots নির্গত হয়নে? একৈশ শতিকাৰ বিজ্ঞানৰ আকাশলংঘী উন্নতিৰ সময়তো কোনোবাই উচ্চাৰণ কৰে নে যে স্ত্ৰী দেহত হাড়ৰ সংখ্যা পুৰুষৰ হাড়ৰ সংখ্যাতকৈ কম! {{gap}}পুৰুষৰ মানসিকতা যে আওপুৰণি অৱস্থাতে আছে তাৰ এটা উদাহৰণ হ’ল নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাত তেওঁলোকৰ অধিকাংশৰে অনীহা। নির্যাতন বিৰোধী ঐক্য মঞ্চৰ জন্মলগ্নৰ পৰা মন কৰিছো আমাৰ সহযাত্ৰী শংকৰ শইকীয়া, প্রয়াত সুৰজিৎ বৰুৱা, মুকুল কলিতা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, সমাজসেৱী মুকুট সিংহ চেতিয়া প্ৰমুখ্যে মুষ্টিমেয় কেইজনমান পুৰুষৰ বাহিৰে অধিকাংশ পুৰুষ নির্যাতিত নাৰীৰ কাষত থিয় দিবলৈ আগবাঢ়ি নাহে। বর্তমানে যৌতুক সংক্রান্ত কাৰণত অসমত যিটো হাৰত নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়িছে তাৰ প্ৰতিকাৰাৰ্থে একেটা হাৰত সমাজ জাগি উঠা নাই। নাৰী সংগঠনবোৰো আশা কৰামতে সক্রিয় হ’ব পৰা নাই। কোনোবাই ভাবি চায় নে মণিপুৰত হঠাতে কিয় কম বয়সীয়া বিধৱাৰ সংখ্যা বাঢ়িছে। কিয়<noinclude>{{rh|'''১৯৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 2fqviq6684ocfwne6ywx5etb1uc4hvk পৃষ্ঠা:অনিমা গুহ.pdf/২০১ 104 59595 160701 160030 2022-08-13T03:08:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নিপীড়ন-নির্যাতন একো নাই। এনেয়ে আৰু কোৱা হয় নে স্বৰ্গসুখ! গতিকে মাৰি পেলা এই আপদ কন্যা সন্তানবোৰক। পিছে অদূৰদৰ্শী এই মানুহবোৰে উপলদ্ধি কৰিব নোৱাৰে কন্যা সন্তানবোৰক মাৰি পেলালে এটা সময়ত পুত্ৰ সন্তানৰ জন্ম দিবলৈ কোনো নাথাকে। {{gap}}তেনে এটা পৰিস্থিতিৰ উদ্ভৱ যে ঘটিব তাৰ লক্ষণ দেখা গ'ল ২০১১ চনৰ লোকপিয়লত। ০-৬ বছৰৰ ভিতৰত পুত্ৰ শিশুৰ তুলনাত কন্যা শিশুৰ সংখ্যা ভয়লগাকৈ কমিছে। এইটো বয়সত লিংগ অনুপাত ( ১০০০ পুত্ৰ শিশুৰ বিপৰীতে কন্যা শিশুৰ সংখ্যা ) প্রাকৃতিক নিয়মমতে যি হ’ব লাগে তাতকৈ বহু কম, মুঠ ৯১৪। স্বৰাজোত্তৰ ভাৰতত কন্যা শিশুৰ কল্পনাতীতভাৱে কম সংখ্যা এয়ে প্রথম। লোক গণনা বিভাগৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল চন্দ্ৰশেখৰন্ চন্দ্ৰমৌলিয়ে কৈছে— ‘This decline in the child sex ratio is perhaps the most serious negative finding from this census.' এই সংখ্যাটোৱে ভাৰতীয়সকলৰ মানসত কন্যাৰ প্ৰতি থকা অমানৱীয় দৃষ্টিভংগীৰ ফালে আঙুলিয়ায়। শিশুসকলৰ মাজত আদর্শ লিংগানুপাত হ’ব লাগে ৯৫০ ৰ পৰা ৯৭৫ ৰ ভিতৰত। পৃথিৱীৰ সকলো উন্নত দেশত আৰু ভাৰতৰ প্রগতিশীল ৰাজ্য কেৰেলাত নাৰীৰ স্বাভাৱিক সংখ্যা নিৰ্ধাৰণ কৰে প্ৰকৃতিয়ে। সামগ্ৰিকভাৱে আদৰ্শ লিংগানুপাত হ'ব লাগে ১,০৫০ ৰ সামান্য ইফালে সিফালে। অৰ্থাৎ ১,০০০ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ'ব লাগে ১,০৫০ মান। কিন্তু ভাৰতত এই সংখ্যাটো সদায় কম। ২০১১ চনৰ লোকপিয়লৰ মতে সামগ্ৰিকভাৱে ভাৰতত নাৰীৰ সংখ্যা ১,০০০ পুৰুষৰ বিপৰীতে ৯৪০। অসমত ৯৫৪। জাতীয় স্তৰৰ তুলনাত লিংগানুপাত অসমত বেছি হ’লৈও নাগালেণ্ড ( ৯৩১ ) আৰু অৰুণাচল প্ৰদেশৰ ( ৯২০ ) বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ ( ৯৮৭ ), মেঘালয় ( ৯৮৬ ), মিজোৰাম ( ৯৭৫ ) আৰু ত্ৰিপুৰাৰ (৯৬১) তুলনাত কম। এই সংখ্যাবোৰে কি সূচায়? সূচায় যে প্রাকৃতিক নিয়মৰ বিৰুদ্ধে সামাজিক শক্তিয়ে নাৰীমেধ যজ্ঞ পালন কৰি আছে। {{gap}}অতদিনে কিছুমান পশু-পক্ষী বিপন্ন হোৱা বুলি ( endangered ) জানিছিলো— যেনে এশিঙীয়া গঁড়, সোণালী বান্দৰ, শগুণ ইত্যাদি। এতিয়া সেইসকলৰ শাৰীত থিয় হ’ল কন্যা সন্তান। পশু-পক্ষীবোৰক ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্রেমীসকলে উঠি-পৰি লগাৰ দৰে ভাৰত চৰকাৰেও কন্যা সন্তান সুৰক্ষাৰ উদ্দেশ্যে ২০০৮ চনৰ ২৮ এপ্ৰিলত প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল। এই প্রচেষ্টা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। সামাজিক<noinclude>{{rh|'''২০০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> ly1em2i5jq6tc6h7rf83rmi6cvdnd1c পৃষ্ঠা:অনিমা গুহ.pdf/২০২ 104 59596 160700 160031 2022-08-13T03:06:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পৰ্যায়ত আমাৰ পুৰুষ-নাৰীক সচেতন হোৱা নেদেখো। কাৰণ কি? কাৰণ সকলোৰে জনা। ভ্রূণ হত্যা, শিশু কন্যা হত্যা, শিশু কন্যাক অনাদৰ, বোৱাৰী হত্যা আদিৰ প্ৰতিবাদত কেৱল নাৰী সংগঠনবোৰেহে আগবাঢ়ে। যেন এই সমস্যা কেৱল নাৰীৰহে। {{gap}}কেতিয়াবা দুখতো যে হাঁহি উঠে তেনে হাঁহি মোৰো মাজে মাজে নুঠা নহয়। আমি কলকাতাত থাকোতে কিবা কাৰণত সাম্রাজ্যবাদী আমেৰিকাৰ বিৰুদ্ধে কিছুমান মানহে প্রতিবাদ সাব্যস্ত কৰিছিল আমেৰিকান কনছ্যুলেটৰ অফিচৰ সন্মুখত। হাত-ভৰি জোকাৰি, ডিঙিৰ সিৰা ফুলাই বক্তৃতা দি ঘৰলৈ উভতি আহি তেওঁলোকৰে দুজনমানক দেখিছিলো খোৱা টেবুলত মুৰ্গীৰ ঠেং চোবাই চোবাই নানা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে, শ্ৰেণী সংগ্ৰামৰ কথাৰে গৰম গৰম আলোচনাত লিপ্ত হোৱা। একেখন টেবুলত বহি চজিনা চোবাই আছিল বামুণৰ ঘৰখনৰ বিধৱা বোৱাৰীজনীয়ে। {{gap}}হিন্দু সমাজত, ঘাইকৈ উচ্চ বৰ্ণৰ মাজত বৈধৱ্য এক যন্ত্রণাদায়ক কৰুণ অৱস্থা। এই শ্ৰেণীৰ মহিলাই হেনো শুভকার্যত অংশগ্ৰহণ কৰাৰ নিয়ম নাই। কি কাৰণে, তাৰ এটা যুক্তিসংগত উত্তৰ কোনোবাই আগবঢ়াব পাৰিব নে? নোৱাৰে। আজি চহৰ-নগৰৰ প্ৰগতিশীল অংশটোৰ ভিতৰত আগৰদিনীয়া ৰক্ষণশীল মনোভাব নাই যদিও বৃহত্তৰ সমাজখনৰ দৃষ্টিভংগীৰ সালসলনি হোৱা নাই। পিছে মোৰ এই সুদীৰ্ঘ জীৱনৰ অভিজ্ঞতাই কয়, গাঁৱেই হওক, চহৰেই হওক বা মহানগৰীয়ে হওক কিছুমান অন্ধবিশ্বাসৰ পৰা মানুহৰ মুক্তি নাই। গুৱাহাটীৰ আধুনিকমনস্ক বুলি জনাজাত পৰিয়াল এটাৰ বিধৱা মাকগৰাকীয়ে জোৰণত হ'বলগীয়া বোৱাৰীজনীক সেন্দূৰ নিপিন্ধালে, জানোচা তেওঁৰ দুৰ্ভাগ্য সেন্দূৰৰ মাজেদি বিজুলী বৈ যোৱাৰ দৰে অদৃশ্যভাৱে বৈ বোৱাৰীয়েকৰ গাত লম্ভে! প্রগতিশীল শিক্ষিতা কইনাজনীয়েতো জোৰ কৰি শাহুয়েকৰ হাতেৰেই এই ফেৰা কাম কৰোৱাব পাৰিলেহেঁতেন। নাই, নকৰে। কিয়নো তেৱোঁ অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত নহয়। {{gap}}অদৃশ্য পথেৰে এজনৰ দুৰ্ভাগ্য আন এজনলৈ প্ৰৱাহিত হোৱা ধাৰণাটোৰ জন্ম হৈছিল সুদূৰ অতীতকালৰ সমাজত। নৃতত্ত্বৰ ভাষাত ইয়াক কয় ‘মানা’। পৃথিৱী বহু আগুৱাই গ’ল, কিন্তু মানাৰ অস্তিত্ব লোপ নাপালে। দুখতো হাঁহি উঠিছিল যেতিয়া অর্থনীতিত এম এ পাছ ছোৱালী এজনীয়ে জোৰণৰ সামগ্ৰীখিনিত নবৌয়েকক হাত লগাবলৈ বাৰণ কৰিলে। তেওঁ আছিল নিঃসন্তান। কইনাৰ বিশ্বাস নবৌয়েকৰ সন্তানহীনতা মানাৰ বোকোচাত উঠি ছোৱালীজনীৰ দেহত প্ৰৱেশ কৰিব। {{gap}}কলকাতা মহানগৰীত, য’ত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২০১'''}}</noinclude> 60ht3eu1n711tt6g7zabr2833i8p5v5 পৃষ্ঠা:অনিমা গুহ.pdf/২০৩ 104 59597 160699 160041 2022-08-13T03:03:41Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>ব্য়ক্তিয়ে সমাজ সংস্কাৰমূলক বহু কাম কৰিছে, যি দুগৰাকী মনীষীৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা ৰোধ আৰু বিধৱা বিবাহ আইনতঃ সিদ্ধ হৈছে ঊনৈশ শতিকাতে সেই কলকাতাৰ এচাম শিক্ষিত, আধুনিক আৰু প্ৰগতিশীল বুলি দাবী কৰা মানুহৰ অতি ৰক্ষণশীল দৃষ্টিভংগীৰ উমান পাই অবাক হৈছিলো। {{gap}}ৰমা বেনাৰ্জী ( নাম সলাই দিয়া হৈছে ) কলকাতাৰ এগৰাকী নামকৰা গৱেষিকা-অধ্যাপিকা তথা আগশাৰীৰ নাৰীবাদী লেখিকা। আমি পুনেত থকাৰ সময়ত আন্তৰ্জাতিক চেমিনাৰ এখনত অংশগ্ৰহণ কৰিবলৈ আহোতে আমাৰ ঘৰত খোৱা-বোৱা কৰিছিল। তেওঁ বামুণৰ ঘৰৰ প্ৰৌঢ়া বিধৱা আছিল। সময় ১৯৭০ চন। {{gap}}‘আপুনি চিকেন খাব নে মাটন?’ মোৰ প্ৰশ্ন শুনি ৰমাদি চক খাই উঠিছিল। বোধকৰো এনে প্ৰশ্ন তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত কোনেও কৰা নাছিল। খাৱন-পিন্ধনত ৰমাদিৰ কোনো বাছ-বিচাৰ নাই বুলি জনালে। গ’ল কথা গুছিল। আমি কলকাতালৈ অহাৰ পাছত ১৯৭৪ চনত সাহিত্য অকাডেমীৰ সভা এখনলৈ গৈছিলো শ্ৰোতা-দৰ্শক হিচাপে। ভাৰতৰ সকলো ৰাজ্যৰ পৰা আহিছিল সাহিত্য আকাশৰ নক্ষত্ৰসকল। তাতেই প্ৰথম লগ পাইছিলো মহিম বৰাক। আন এগৰাকী বিখ্যাত লেখকক দেখি মই সঁচাকৈয়ে উত্তেজিত হৈছিলো। তাৰ আগতে জৰাসন্ধ ছদ্মনামেৰে লেখা লৌহকপাট নামৰ এলানি কিতাপ পুনেত পঢ়িছিলো। জেইলাৰ হিচাপে অপৰাধীসকলৰ জীৱন সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতাৰে সমৃদ্ধ কিতাপ কেইখন সাহিত্য জগতলৈ জৰাসন্ধৰ মূল্যৱান অৱদান। সি যি কি নহওক দুপৰীয়াৰ আহাৰ খাবৰ সময়ত জৰাসন্ধৰ কাষৰ আসনত বহা আমাৰ গৃহস্থই নিজৰ চকীখন মোলৈ এৰি দি আন ক'ৰবাত বহিলে গৈ। প্ৰিয় লেখকগৰাকীক কাষতে পাই কিমান কথা যে নাপাতিলো। তেতিয়া কিতাপখনৰ চৰিত্ৰবোৰ মনত স্পষ্ট হৈ আছিল। এনেতে ৰসভংগকাৰীৰ দৰে উল্লিখিত ৰমাদিয়ে মোক তাৰ পৰা উঠাই চুকৰ টেবুল এখনত বহুৱালে আৰু মোক পৰ্দা হিচাপে ব্যৱহাৰ কৰি তেওঁ খাবলৈ বহিল। কাৰণ কলকাতাৰ পণ্ডিতসকলে হেনো তেওঁক মাছ-মাংস খোৱা দেখিলে নিন্দা কৰে। মনে মনে ভাবিলো হায়ৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কলকাতাৰ সাহিত্যিকসকল! আনহাতে পিছপৰা অসমৰ পিছপৰা ধুবুৰীৰ জীয়ৰী হিচাপে গৰ্ববোধো কৰিছিলো। নাজানো তেতিয়াৰে পৰা আজি ত্ৰিশ/পঁইত্ৰিশ বছৰ পাছৰ কলকাতাত মুকলিমূৰীয়া হৈ ৰমাদিয়ে সকলোৰে সৈতে একেলগে বহি আমিষ খাদ্য খায় নে নাই। {{gap}}কলকাতাৰ আন এগৰাকী লুকাই ফুৰা অভিজাত পৰিয়ালৰ মহিলালৈ মনত<noinclude>{{rh|'''২০২''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> ruhg2li8lj9visriya4g4pbynryymaz পৃষ্ঠা:অনিমা গুহ.pdf/২০৪ 104 59598 160697 160046 2022-08-13T03:00:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>পৰিল। ধৰি ল'লো তেওঁৰ নাম ৰীণাদি। বংগৰ এক নামী তথা সমাজৰ আগশাৰীৰ বিদ্বান পৰিয়ালৰ বোৱাৰী হৈ আহিছিল সুন্দৰী শিক্ষিতা ৰীণাদি। কেইবছৰমান পাছত নিঃসন্তান মানুহগৰাকীৰ স্বামীৰ অকাল মৃত্যু হোৱাত ১৯৬১ চনত তেওঁ পুনৰ্বিবাহ কৰায়। ৰীণাদিৰ দ্বিতীয় স্বামী এগৰাকী পণ্ডিত ব্যক্তি। প্ৰগতিশালী পৰিয়াল বুলি জনাজাত প্ৰথম স্বামীৰ পৰিয়ালে বিয়াখন সুনজৰে দেখা নাছিল। তেওঁৰ এই কামে পৰিয়ালটোৰ মান-সন্মান ভূলুণ্ঠিত কৰা বুলিও অনেকে মত প্ৰকাশ কৰিছিল। মানুহগৰাকীৰ ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছিল, বিশেষকৈ দুয়োটা পৰিয়াল বংগৰ আগশাৰীৰ হোৱা বাবে তেওঁলোকক চিনি নোপোৱা মানুহ কমেই আছিল। ৰীণাদিৰো ৰমাদিৰ দৰে মোৰ ওপৰত আস্থা আছিল। গতিকে অলপ দিনৰ চিনাকি হ'লেও সমাজৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। অৱশেষত নিজৰ ৰাজ্যৰ বিষাক্ত পৰিবেশৰ পৰা ওলাই গৈ বিদেশৰ মুক্ত পৰিবেশত তেওঁলোকে শান্তিৰে জীৱনৰ বাকীছোৱা কাল কটাই আছে। {{gap}}ডাইনী হত্যাৰ বিৰুদ্ধে আমি সোচ্চাৰ। মানুহ কেতিয়াবা অশুভ হ'ব পাৰেনে? ডাইনীসকল ‘অশুভ’ হোৱা বাবে তেওঁলোকক কোবাই মৰা হয়। আৰু বিধৱাসকল ‘অশুভ’ হোৱা বাবে মানসিক যন্ত্ৰণা দি তিলে তিলে মৰা নহয়নে? নাৰীৰ প্ৰতি সমাজৰ অন্যায় আচৰণে মোৰ মনোজগতক সদায় ভাৰাক্ৰান্ত কৰি ৰাখে। তাতোকৈ দুখৰ কথা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক কৰে নিৰ্যাতন। '''নৈৰ ইপাৰে কয়... :''' ৰবীন্দ্ৰ নাথৰ কবিতা এফাঁকি আছে— {{Block center|<poem>নদীৰ এপাৰ কহে ছাড়িয়া নিঃশ্বাস ওপাৰেতে কত সুখ এ মোৰ বিশ্বাস।</poem>}} {{gap}}অৰ্থাৎ নৈৰ ইটো পাৰে হুমুনিয়াহ কাঢ়ি কয়— ‘মই ডাঠি ক’ব পাৰো সিটো পাৰত বৰ সুখ’। ইয়াৰ আচল অৰ্থ হ'ল আমি নিজৰ দুখ-দুৰ্গতি, অভাৱ-অভিযোগবোৰ নিজৰ জীৱনতহে ঘটি থকা বুলি ভাবো। আনৰ জীৱন যেন সুখৰ উভৈনদী। {{gap}}পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মক আমি যিসকল মহিলাই ব্যক্তি স্বাধীনতাৰ পৰিপন্থী বুলি ভাবো তেওঁলোকে মাতৃতান্ত্ৰিক খাচী আৰু গাৰো সমাজৰ মহিলাক ঈৰ্ষা কৰো। তেওঁলোক কিমান মুকলিমুৰীয়া। {{gap}}যাঠি-সত্তৰ বছৰ আগতে বাল্যকালত প্ৰথম শ্বিলঙলৈ গৈ তবধ মানিছিলো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২০৩'''}}</noinclude> 6bws6lx7si2rhga77rz72btmcrkuorj 160698 160697 2022-08-13T03:00:45Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>পৰিল। ধৰি ল'লো তেওঁৰ নাম ৰীণাদি। বংগৰ এক নামী তথা সমাজৰ আগশাৰীৰ বিদ্বান পৰিয়ালৰ বোৱাৰী হৈ আহিছিল সুন্দৰী শিক্ষিতা ৰীণাদি। কেইবছৰমান পাছত নিঃসন্তান মানুহগৰাকীৰ স্বামীৰ অকাল মৃত্যু হোৱাত ১৯৬১ চনত তেওঁ পুনৰ্বিবাহ কৰায়। ৰীণাদিৰ দ্বিতীয় স্বামী এগৰাকী পণ্ডিত ব্যক্তি। প্ৰগতিশালী পৰিয়াল বুলি জনাজাত প্ৰথম স্বামীৰ পৰিয়ালে বিয়াখন সুনজৰে দেখা নাছিল। তেওঁৰ এই কামে পৰিয়ালটোৰ মান-সন্মান ভূলুণ্ঠিত কৰা বুলিও অনেকে মত প্ৰকাশ কৰিছিল। মানুহগৰাকীৰ ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছিল, বিশেষকৈ দুয়োটা পৰিয়াল বংগৰ আগশাৰীৰ হোৱা বাবে তেওঁলোকক চিনি নোপোৱা মানুহ কমেই আছিল। ৰীণাদিৰো ৰমাদিৰ দৰে মোৰ ওপৰত আস্থা আছিল। গতিকে অলপ দিনৰ চিনাকি হ'লেও সমাজৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। অৱশেষত নিজৰ ৰাজ্যৰ বিষাক্ত পৰিবেশৰ পৰা ওলাই গৈ বিদেশৰ মুক্ত পৰিবেশত তেওঁলোকে শান্তিৰে জীৱনৰ বাকীছোৱা কাল কটাই আছে। {{gap}}ডাইনী হত্যাৰ বিৰুদ্ধে আমি সোচ্চাৰ। মানুহ কেতিয়াবা অশুভ হ'ব পাৰেনে? ডাইনীসকল ‘অশুভ’ হোৱা বাবে তেওঁলোকক কোবাই মৰা হয়। আৰু বিধৱাসকল ‘অশুভ’ হোৱা বাবে মানসিক যন্ত্ৰণা দি তিলে তিলে মৰা নহয়নে? নাৰীৰ প্ৰতি সমাজৰ অন্যায় আচৰণে মোৰ মনোজগতক সদায় ভাৰাক্ৰান্ত কৰি ৰাখে। তাতোকৈ দুখৰ কথা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক কৰে নিৰ্যাতন। '''নৈৰ ইপাৰে কয়... :''' ৰবীন্দ্ৰ নাথৰ কবিতা এফাঁকি আছে— {{Block center|<poem>নদীৰ এপাৰ কহে ছাড়িয়া নিঃশ্বাস ওপাৰেতে কত সুখ এ মোৰ বিশ্বাস।</poem>}} {{gap}}অৰ্থাৎ নৈৰ ইটো পাৰে হুমুনিয়াহ কাঢ়ি কয়— ‘মই ডাঠি ক’ব পাৰো সিটো পাৰত বৰ সুখ’। ইয়াৰ আচল অৰ্থ হ'ল আমি নিজৰ দুখ-দুৰ্গতি, অভাৱ-অভিযোগবোৰ নিজৰ জীৱনতহে ঘটি থকা বুলি ভাবো। আনৰ জীৱন যেন সুখৰ উভৈনদী। {{gap}}পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মক আমি যিসকল মহিলাই ব্যক্তি স্বাধীনতাৰ পৰিপন্থী বুলি ভাবো তেওঁলোকে মাতৃতান্ত্ৰিক খাচী আৰু গাৰো সমাজৰ মহিলাক ঈৰ্ষা কৰো। তেওঁলোক কিমান মুকলিমুৰীয়া। {{gap}}ষাঠি-সত্তৰ বছৰ আগতে বাল্যকালত প্ৰথম শ্বিলঙলৈ গৈ তবধ মানিছিলো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২০৩'''}}</noinclude> 2h83burx2s6dykirr0jyn1019uee0wy পৃষ্ঠা:অনিমা গুহ.pdf/২০৫ 104 59599 160695 160049 2022-08-13T02:56:16Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>মহিলাসকলে শাক-পাচলি আদি বজাৰত বহি বিক্ৰী কৰা দেখি, তাকো ৰাতিৰ বজাৰত। তেওঁলোকক দেখিবলৈ সদায় দেউতাৰ লগত বজাৰলৈ গৈছিলো। পাইন কাঠৰ খণ্ডত জুই জ্বলাই পোহৰাই তুলিছিল বজাৰৰ চৌহদ। মুকলিমুৰীয়া মহিলাসকলক দেখি আমাৰ মা-খুড়ী-মাহী-পেহীলৈ মনত পৰিছিল। তেওঁলোক আছিল অসূৰ্যম্পশ্যা। দেউতাক সুধিছিলো মাবোৰে কিয় মাছ বেচিছে। তেওঁ কৈছিল এওঁলোকৰ সমাজত এইটোৱে নিয়ম। {{gap}}আমাৰ লগত দেউতাৰ অফিচৰ পিয়ন এজনো গৈছিল। মোৰ দৰে তেৱোঁ তিৰোতা মানুহে মাছ-পাচলি বেচা দেখি আচৰিত হৈছিল। পিছে তেওঁৰ প্ৰতিক্ৰিয়া আছিল সাংঘাতিক। শ্বিলঙৰ পৰা কোকৰাঝাৰলৈ উভতি আহি মানুহক কৈছিল এইদৰে— {{gap}}‘শ্বিলংখন বৰ সুন্দৰ ঠাই। গৰম মুঠে নাই। কিন্তু আপীগুলা মস্ত ডাংকাটি। লাজ-চৰম নাই। তামোল খাই মুখখন লাল টিকটিকা কৰি আপাগুলাৰ লগত হাঁহিয়া হাঁহিয়া কথা কয়। সব চৰিত্ৰহীন।’ {{gap}}যি কি নহওক আমি ভাবিছিলো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে আমাৰ নাৰীসকল নিৰ্যাতিতা, বঞ্চিতা। মহিলাৰ সম্পত্তিত অধিকাৰ থাকিও নথকা বাবেও দায়ী কৰো আমাৰ সমাজ ব্যৱস্থাক। আইনে সকলো ক্ষেত্ৰতে সম অধিকাৰ দিছে যদিও মানসিকতাৰ পৰিৱৰ্তন নোহোৱা বাবে প্ৰায় ভাগ আইন কাৰ্যকৰী হৈ উঠা নাই। {{gap}}আমি জানো মাতৃতান্ত্ৰিক খাচী আৰু গাৰো ছোৱালী বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ নাযায়, দৰাহে যায় কইনাৰ ঘৰলৈ। আমাৰ ধাৰণা দৰাবোৰে শহুৰৰ ঘৰলৈ গৈ ভাত ৰান্ধে, কাপোৰ ধোৱে, শহুৰ শাহুৰ আলপৈচান ধৰে, সকলোকে সন্তুষ্ট কৰি চলে। ঘৈণীয়েকৰ-মাকৰ ধমকি খাই কান্দি মৰে। ঘৈণীয়েকে গিৰিয়েকক চাহৰ অৰ্ডাৰ মাৰি ভৰিৰ ওপৰত ভৰি তুলি থমথম মদন গোপালটো হৈ বহি থাকে। পিতৃতান্ত্ৰিক সমাজৰ আমিসকলে গেবাৰি খাটি খাটি নৈখনৰ দৰেই ভাবো— আহ্, খাচী-গাৰো সমাজৰ মহিলাসকলৰ কি যে সুখ। অহা জনমত যেন মেঘালয়তে ওপজো। {{gap}}পিছে খাচী-গাৰো সমাজৰ বিষয়ে প্ৰবন্ধ, কিতাপ-পত্ৰ আদি পঢ়ি সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি উপলব্ধি কৰিছো কথাবোৰ নৈৰ ইটো পাৰে ভবাৰ দৰে নহয়। মাতৃতান্ত্ৰিক সমাজত বাস কৰিও সিপাৰৰ মহিলাৰ সুখ নাই।{{nop}} {{Gap}}এই কথা সত্য যে খাচী-গাৰো সমাজত বংশৰ মূল ধাৰাটো বাহিত হয় মাতৃ বংশৰ যোগেদি। খাচী আৰু জয়ন্তীয়াসকলৰ ক্ষেত্ৰত সম্পত্তি লাভ কৰে ঘৰৰ কনিষ্ঠ জীয়েকজনীয়ে৷ এওঁক কোৱা হয় খাদ্দু। তেওঁ পৰিয়ালৰ সম্পত্তি লাভ কৰে। সম্পত্তি<noinclude>{{rh|'''২০৪''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> bafwr7qe61rahl8o2grmngcasuazxbh 160696 160695 2022-08-13T02:56:50Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>মহিলাসকলে শাক-পাচলি আদি বজাৰত বহি বিক্ৰী কৰা দেখি, তাকো ৰাতিৰ বজাৰত। তেওঁলোকক দেখিবলৈ সদায় দেউতাৰ লগত বজাৰলৈ গৈছিলো। পাইন কাঠৰ খণ্ডত জুই জ্বলাই পোহৰাই তুলিছিল বজাৰৰ চৌহদ। মুকলিমুৰীয়া মহিলাসকলক দেখি আমাৰ মা-খুড়ী-মাহী-পেহীলৈ মনত পৰিছিল। তেওঁলোক আছিল অসূৰ্যম্পশ্যা। দেউতাক সুধিছিলো মাবোৰে কিয় মাছ বেচিছে। তেওঁ কৈছিল এওঁলোকৰ সমাজত এইটোৱে নিয়ম। {{gap}}আমাৰ লগত দেউতাৰ অফিচৰ পিয়ন এজনো গৈছিল। মোৰ দৰে তেৱোঁ তিৰোতা মানুহে মাছ-পাচলি বেচা দেখি আচৰিত হৈছিল। পিছে তেওঁৰ প্ৰতিক্ৰিয়া আছিল সাংঘাতিক। শ্বিলঙৰ পৰা কোকৰাঝাৰলৈ উভতি আহি মানুহক কৈছিল এইদৰে— {{gap}}‘শ্বিলংখন বৰ সুন্দৰ ঠাই। গৰম মুঠে নাই। কিন্তু আপীগুলা মস্ত ডাংকাটি। লাজ-চৰম নাই। তামোল খাই মুখখন লাল টিকটিকা কৰি আপাগুলাৰ লগত হাঁহিয়া হাঁহিয়া কথা কয়। সব চৰিত্ৰহীন।’ {{gap}}যি কি নহওক আমি ভাবিছিলো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে আমাৰ নাৰীসকল নিৰ্যাতিতা, বঞ্চিতা। মহিলাৰ সম্পত্তিত অধিকাৰ থাকিও নথকা বাবেও দায়ী কৰো আমাৰ সমাজ ব্যৱস্থাক। আইনে সকলো ক্ষেত্ৰতে সম অধিকাৰ দিছে যদিও মানসিকতাৰ পৰিৱৰ্তন নোহোৱা বাবে প্ৰায় ভাগ আইন কাৰ্যকৰী হৈ উঠা নাই। {{gap}}আমি জানো মাতৃতান্ত্ৰিক খাচী আৰু গাৰো ছোৱালী বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ নাযায়, দৰাহে যায় কইনাৰ ঘৰলৈ। আমাৰ ধাৰণা দৰাবোৰে শহুৰৰ ঘৰলৈ গৈ ভাত ৰান্ধে, কাপোৰ ধোৱে, শহুৰ শাহুৰ আলপৈচান ধৰে, সকলোকে সন্তুষ্ট কৰি চলে। ঘৈণীয়েকৰ-মাকৰ ধমকি খাই কান্দি মৰে। ঘৈণীয়েকে গিৰিয়েকক চাহৰ অৰ্ডাৰ মাৰি ভৰিৰ ওপৰত ভৰি তুলি থমথম মদন গোপালটো হৈ বহি থাকে। পিতৃতান্ত্ৰিক সমাজৰ আমিসকলে গেবাৰি খাটি খাটি নৈখনৰ দৰেই ভাবো— আহ্, খাচী-গাৰো সমাজৰ মহিলাসকলৰ কি যে সুখ। অহা জনমত যেন মেঘালয়তে ওপজো। {{gap}}পিছে খাচী-গাৰো সমাজৰ বিষয়ে প্ৰবন্ধ, কিতাপ-পত্ৰ আদি পঢ়ি সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি উপলব্ধি কৰিছো কথাবোৰ নৈৰ ইটো পাৰে ভবাৰ দৰে নহয়। মাতৃতান্ত্ৰিক সমাজত বাস কৰিও সিপাৰৰ মহিলাৰ সুখ নাই। {{gap}}এই কথা সত্য যে খাচী-গাৰো সমাজত বংশৰ মূল ধাৰাটো বাহিত হয় মাতৃ বংশৰ যোগেদি। খাচী আৰু জয়ন্তীয়াসকলৰ ক্ষেত্ৰত সম্পত্তি লাভ কৰে ঘৰৰ কনিষ্ঠ জীয়েকজনীয়ে৷ এওঁক কোৱা হয় খাদ্দু। তেওঁ পৰিয়ালৰ সম্পত্তি লাভ কৰে। সম্পত্তি<noinclude>{{rh|'''২০৪''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> qf20vqmga7716x1ixye5dff0hipgcbf পৃষ্ঠা:অনিমা গুহ.pdf/২০৬ 104 59600 160694 160051 2022-08-13T02:54:01Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দুই প্ৰকাৰ। পৰিয়ালৰ পৰা পোৱা সম্পত্তি তেওঁ বেচিব নোৱাৰে। ভোগ কৰিব পাৰে। পৰিয়ালৰ আন সদস্যৰ বিপদ-আপদ বা সংকটকালত সেই সম্পত্তি তেওঁলোকেও ভোগ কৰে। উল্লেখযোগ্য বিষয়টো হ'ল নুমলীয়া জীয়ৰীয়ে সম্পত্তি লাভ কৰিলেও সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে খাদ্দুৰ মোমায়েকেহে। অৰ্থাৎ তেওঁলোক পুৰুষৰ প্ৰতিপত্তিৰ পৰা মুক্ত নহয়। গাৰো সমাজত আকৌ নুমলীয়া জীয়েকৰ স্বামীয়ে সম্পত্তি ৰক্ষা কৰে। ডাঙৰ ছোৱালী কেইজনীয়েতো একোকেই নাপায়। এওঁলোকক ঈৰ্ষা কৰাৰ কোনো যুক্তি নাই। {{gap}}সাধাৰণ খাচী মহিলাৰ, বিশেষকৈ তেওঁ যদি দুখীয়া হয়, ভাগ্য পিতৃতান্ত্ৰিক সমাজৰ মহিলাৰ দৰেই কষ্টকৰ। নিজৰ ঘৰখনৰ আৰু ল'ৰা-ছোৱালীৰ সুখৰ বাবে কাম কৰি কৰি স্বাস্থ্যৰ অৱনতি ঘটায়। বেমাৰত চিকিৎসকৰ ওচৰলৈ মহিলাসকল নাযায় বুলিয়ে ক’ব পাৰি। আমাৰ সমাজত পোৱাৰ দৰে স্বাস্থ্যৰক্ষাৰ বাবে প্ৰাধান্য পায় পুৰুষেই। আমি ভবাৰ দৰে খাচী পুৰুষে ঘৰ-গৃহস্থালি চম্ভালিব নালাগে। তেওঁলোকে চাকৰি কৰে অৰ্থ উপাৰ্জন কৰিবলৈ। গতিকে স্বাস্থ্য ভালে ৰখা প্ৰয়োজনীয়। সাধাৰণ গৃহিণীসকলৰ স্বাস্থ্য ভালে নথকাৰ কাৰণ সঘনাই সন্তানৰ জন্ম দিয়া। আজিৰ যুগতো তেওঁলোকে গড়ে আঠোটাকৈ সন্তানৰ জন্ম দিয়ে। স্বাস্থ্যহীন মাতৃয়ে স্বাস্থ্যৱান সন্তানৰ জন্ম দিব নোৱাৰে। গতিকে ঘৰখনত স্বাস্থ্য ৰক্ষাৰ দ্বিতীয় অধিকাৰ লাভ কৰে সন্তানে। {{gap}}মাক-সন্তান দুয়ো ঘাইকৈ ভোগে ৰক্তহীনতাত। ফলত কেঁকাই-গেঁথাই জীৱননিৰ্বাহ কৰে শতকৰা আশীগৰাকী খাচী মহিলাই। স্বাস্থ্যহীনাক অৰ্থনৈতিকভাৱে স্বাধীন হ’বলৈ আগ্ৰহী কৰাও অসম্ভৱ। তদুপৰি সময় ক’ত বাহিৰলৈ ওলাবলৈ। দিনটো কটায় জুহালত। তাৰে মাজতে শাক-পাচলি দুটামান ৰোৱে। সেইখিনি বেচি নিমখ-তেল-চাউল কিনে। {{gap}}পিতৃতান্ত্ৰিক সমাজৰ পুৰুষৰ দৰে মাতৃতান্ত্ৰিক সমাজৰ পুৰুষো স্বাধীন। সকলো কাম স্বইচ্ছাৰে কৰে। মদ খায়, চিগাৰেট হোপে, জুৱা খেলি সৰ্বস্বান্ত হয়। পত্নী প্ৰহাৰ প্ৰতিদিনে কৰিবলগীয়া যেন এটা মহান কৰ্তব্য। চহৰৰ মহিলা গাঁৱৰ মহিলাৰ তুলনাত বেছি উৎপীড়িতা। আনহাতে সমগ্ৰ ভাৰততে শিক্ষিতা মহিলাই স্বামীৰ দ্বাৰা অশিক্ষিতাৰ তুলনাত বেছি নিৰ্যাতিতা হয়। বোধকৰো নিজকে বৰমতা বুলি ভবা পুৰুষ শ্ৰেণীটোৱে তেওঁৰ সমপৰ্যায়ৰ পত্নীক সহ্য কৰিব নোখোজে। এই বিষয়ত যিকোনো সমাজ ব্যৱস্থাৰ পুৰুষৰ একেটা চৰিত্ৰ। {{gap}}মাতৃতান্ত্ৰিক সমাজ হোৱা হেতুকে সম্ভৱতঃ খাচী সমাজত বিয়াবোৰ প্ৰায়ে নিটিকে।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২০৫'''}}</noinclude> ogll0opv4x0zm36flmvsp2cwp72vbf8 পৃষ্ঠা:অনিমা গুহ.pdf/২০৭ 104 59601 160693 160053 2022-08-13T02:51:23Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>সন্তানবোৰৰ ওপৰত দেউতাকৰ অভিভাৱকত্ব নথকাৰ বোধ ওপজে কিয়নো ৰীতিমতে সিহঁত মাকৰ ঘৰৰ সদস্য। সম্ভৱতঃ পুৰুষ মানুহবোৰে পৰিচয় সমস্যাতো ভোগে। অতীতত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। আজিকালি এওঁলোকে বিশ্বৰ প্ৰায়ভাগৰে চিনাকি দেউতাকৰ যোগেদি হয় বুলি জনাৰ পাছত হীনমন্যতাত ভোগাটো অস্বাভাৱিক নহয়। সন্তান এটাৰ মাকক চিনাক্ত কৰা সহজ। কিন্তু দেউতাকক? খাচী পৰিয়ালবোৰত স্বামী এজন শিপাহীন ব্যক্তি। বিচ্ছেদৰ পাছত মহিলাই আকৌ বিয়া-বাৰু কৰাই সন্তানৰ জন্ম দিলে আটায়ে মাকৰ নামেৰেই জনাজাত হয়, দেউতাকহঁতৰ চিন-চাব নাথাকে। হয়তো এইবোৰেই বিয়া ভাগি যোৱাৰ কাৰণ। {{gap}}আনহাতে বিবাহ বিচ্ছেদে খাচী সমাজৰ মহিলাক গৃহহীন নকৰে। তেওঁলোকেই ঘৰখনৰ গৰাকী, সন্তানো তেওঁলোকৰ। আমাৰ সমাজৰ বিবাহ বিচ্ছেদিতাসকলৰ দৰে ল’ৰা-ছোৱালীক লৈ অথৈ সাগৰত পৰিব নালাগে। কেতিয়াবা সিহঁতৰ মুখলৈ চাই নীৰৱে সকলো সহ্য কৰে। এই ফালৰ পৰা খাচী মহিলা স্বাধীনচিতীয়া। বজাৰখনো তেওঁলোকে চলায়। প্ৰবন্ধ এটাত পঢ়িছিলো বেপাৰ-বাণিজ্য কৰে যদিও বাণিজ্য সম্পৰ্কে খাচী মহিলাৰ জ্ঞান সীমাবদ্ধ। হিচাপ পত্ৰও নিয়াৰিকৈ ৰাখিব নাজানে। কেৱল বুদ্ধিৰ জোৰত চলি আছে। {{gap}}এওঁলোকে কিছুমান ক্ষেত্ৰত সা-সুবিধা পালেও পিতৃতান্ত্ৰিক সমাজৰ নাৰীৰ দৰে দ্বিতীয় শ্ৰেণীৰহে নাগৰিক। ৰাজনীতিৰ চোতালত কোনো ভূমিকাত নামিব পৰা নাই। খাচী চিয়েম, অৰ্থাৎ ৰজাসকল সদায় পুৰুষ। তেনেহ'লে কোন তান্ত্ৰিক ব্যৱস্থাই নাৰীক সমমৰ্যাদা দিব? মিছাকৈয়ে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মহিলাই ভাবিছিল নৈৰ সিটো পাৰত সুখ বেছি। আজিৰ উন্নত বিশ্বত পিতৃ বা মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰয়োজন আছে নে? কোনেও কাকো দবাই ৰাখিব নোৱৰা ব্যৱস্থা এটাৰ উদ্ভাৱন কৰা হওক। '''পুৰুষ নিৰ্যাতন আৰু অসৎ নাৰী :''' নাৰী মানেই ধোৱা তুলসীপাত নহয়। সকলো নাৰী নিৰ্যাতিতা নহয়। কিছুমান নাৰীয়ে পুৰুষকহে নিৰ্যাতন কৰে। এওঁলোকৰ সংখ্যা ক্ৰমবৰ্ধমান। পিছে আমাৰ সমাজৰ পুৰুষে পত্নীৰ হাতত নিৰ্যাতিতা হয় বুলি ক’বলৈ লাজ কৰে তেওঁলোকৰ অহং ভাবত আঘাত লগাৰ আশংকাত। তাৰে মাজত দুই-চাৰিজনে অভিযোগ নকৰাকৈ নাথাকে। কলকাতাত সচেতনা নামৰ এটা মহিলা সংগঠন আছে। কোৱা বাহুল্য তেওঁলোকে নাৰী নিৰ্যাতনৰ বিষয়টোতহে গুৰুত্ব দিয়ে।{{nop}}<noinclude>{{rh|'''২০৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> i1blk6dwuzzyjhfe5noejsel8hxx8j1 পৃষ্ঠা:অনিমা গুহ.pdf/২০৮ 104 59602 160692 160056 2022-08-13T02:49:07Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>এবাৰ এজন বৃদ্ধ ভদ্ৰলোকে সচেতনাৰ কৰ্ম-কৰ্তাসকলক লগ ধৰি কৈছিল যে বোৱাৰীয়েকে আত্মহত্যা কৰি শহুৰকুলৰ সকলোকে জে'লৰ ভাত খুওৱাৰ ব্যৱস্থা কৰিব বুলি সদায় ভাবুকি দিয়ে। নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওচৰলৈও নিৰ্যাতক বোৱাৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আহিছিল একাধিক নিৰ্যাতিত স্বামী-শহুৰ আৰু শাহু। {{gap}}মহিলা সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হৈছে যদিও অধিকাংশ মহিলাই এইবোৰৰ ভু নাপায়। নোপোৱাৰ ঘাই কাৰণ শিক্ষাহীনতা আৰু সচেতনতাৰ অভাৱ। ২০১১ চনৰ জনপিয়ল মতে সাক্ষৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও অসমত নিৰক্ষৰ নাৰীৰ হাৰ ৩২.৭৩ শতাংশ। তদুপৰি চহীটো কৰি সাক্ষৰ নাম পোৱা পুৰুষ বা নাৰী শিক্ষিত নহ'বও পাৰে। গতিকে নিৰক্ষৰ বা নামত সাক্ষৰ মহিলাৰ মাজত সচেতনতা শূন্য বুলি ক’ব পাৰি। তেওঁলোকে নাজানে স্বামী গৃহত নিৰ্যাতনৰ পৰা সুৰক্ষা পাবলৈ আছে ব্ৰহ্মাস্ত্ৰ স্বৰূপ দুখন আইন— ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ ( ক ) ধাৰা আৰু পাৰিবাৰিক হিংসা নিৰ্মূল আইন ২০০৬। {{gap}}যিসকল মহিলাই অজ্ঞতাৰ বাবে অথবা সন্তানৰ মুখলৈ চাই বা আন কাৰণে আইনবোৰৰ বিষয়ে জনা সত্ত্বেও আইনৰ সহায় নলয় তেওঁলোকে অশান্তিৰ মাজেৰে জীৱন কটায়। ইয়াৰ বিপৰীতে কিছুমান অসৎ স্বভাৱৰ মহিলাই আইনৰ সুৰুঙা উলিয়াই শহুৰ-শাহু-স্বামী-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰোৱায়। ‘ৰক্ষা’ নামৰ বেচৰকাৰী সংস্থা এটাই কৰা সমীক্ষা মতে আইনৰ অপব্যৱহাৰ কৰা এই মহিলাসকল চহৰ-নগৰৰ আৰু স্নাতক ডিগ্ৰীধাৰী। আমি যিসকলে নাৰী মুক্তিৰ বাবে সংগ্ৰাম কৰি আছো তেওঁলোকে মুষ্টিমেয় স্বাৰ্থান্বেষী বিবেকহীন অসৎ মহিলাৰ আচৰণত লজ্জাবোধ কৰিছো। উল্লিখিত সংস্থাটোৰ ৰিপ'ৰ্টমতে ১.২ লাখ স্বামী-শহুৰ শাহু-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি ৪৯৮ ( ক ) ধাৰাৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। এওঁলোকৰ মাজত দুই শতাংশহে অপৰাধী বুলি প্ৰমাণিত হৈছে। যৌতুকৰ বাবে নিৰ্যাতনো এই ধাৰাৰ অধীনত পৰে। গতিকে যৌতুকৰ বাবে নিৰ্যাতন ভোগ কৰি থকা বুলি মিছা অভিযোগ অনা সহজ। {{gap}}শিক্ষিতা আৰু চহৰ-নগৰৰ মহিলাসকলৰ এনে হীন মনোবৃত্তিৰ উমান পাই যিসকল মহিলাই নাৰী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাবলৈ উঠি-পৰি লাগিছিল, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল তেওঁলোকে এতিয়া আইনখন সংশোধন কৰাবলৈ ব্যস্ত হৈ পৰিছে।<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২০৭'''}}</noinclude> 9z4lofuw1qioax8bc02ske777q4j8n3 পৃষ্ঠা:অনিমা গুহ.pdf/২০৯ 104 59603 160691 159729 2022-08-13T02:41:36Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}নাৰী হ'লেই যে মধুৰ স্বভাবা হ’ব আশা কৰা ভুল। শাহু-বোৱাৰীৰ তিক্ত সম্পৰ্কৰ কথা আজিৰ নহয়। ব্যতিক্ৰমীসকলৰ প্ৰসংগ উত্থাপন কৰা নাই। প্ৰথম জীৱনত শাহুৰ দ্বাৰা নিৰ্যাতিত বোৱাৰীয়ে বুঢ়া বয়সত শাহুৰ চোকটো কমিলে প্ৰতিশোধ লোৱা দেখিছো। সামান্য কথাৰ আলম লৈ মহিলাই মহিলাৰ চুলি কটা, মুখত চূণ সনা, প্ৰহাৰ কৰা উদাহৰণ গুৱাহাটী মহানগৰীতে দেখিবলৈ পাওঁ। এইবোৰ অপৰাধৰ শাস্তি হোৱা নেদেখো। {{gap}}নামমাত্ৰ কথাতে ৪৯৮ ( ক ) ধাৰাৰ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰোৱা নাৰী আমাৰ সমাজৰ কলংক। শীঘ্ৰেই এনে আইনৰ সংশোধনী হোৱাটো বাঞ্ছনীয়। আজিকালি নাৰীও জংগী হ’ল। {{Center|{{larger|'''নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ'''}}}} {{gap}}চোৰ-ডকাইত-হত্যাকাৰী-ধৰ্ষক-নিপীড়ক-সন্ত্ৰাসবাদী আদিৰ বিষয়ে আলোচনা কৰি কৰি যেতিয়া দেহ-মন অশান্ত হৈ উঠে, যেতিয়া হাঁহিবলৈ পাহৰি যাওঁ তেতিয়া মনত পেলাওঁ কেইটামান নিমাখিত চৰিত্ৰক, যিসকলে মানুহক দিয়ে নিৰ্মল আনন্দ। জীৱনৰ বাটত লগ পোৱা তেনে কেইজনমানক স্মৃতিৰ জোলোঙাখনৰ পৰা উলিয়াই খাজি থ’লো মোৰ এই স্মৃতিকথাত। কেৱল দুজনমানৰ নামবোৰ সলাই দিয়া হ'ল। {{gap}}'''চৰিত্ৰ নম্বৰ এক :''' কোকৰাঝাৰত পৰমা নামৰ আমাৰ এজন সাহায্যকাৰী ল’ৰা আছিল। আন এজনৰ প্ৰয়োজন হোৱাত গাঁৱৰ পৰা পৰমাই কানাই নামৰ ল’ৰা এজনক আনি দেউতাক ক’লে সি তাৰ ভাই। দেউতাই সুধিছিল— ‘আপোন ভাই নে?’ পৰমাই টপৰাই কৈছিল— ‘আপোন নহয়। টেম্প’ৰাৰী ব্ৰাদাৰ’। কথাষাৰ মনত পৰিলে আজি ষাঠি বছৰ পাছতো হাঁহি উঠে। আচলতে কানাই পৰমাৰ গাঁও সম্পৰ্কীয় ভাই, অৰ্থাৎ একেখন গাঁৱৰ ল’ৰা। টেম্প’ৰাৰী ব্ৰাদাৰ শব্দ দুটা আমাৰ ভনীকেইজনীৰ ভ’কেব্যুলাৰীত সেইদিনাৰে পৰা চিৰস্থায়ীভাৱে সোমাই গ'ল। আনকি আমাৰ ভিনীহিদেৱেও সেই শব্দটো ৰপ্ত কৰিছিল। শব্দটোৰে সৈতে পৰমাও থাকিল মনৰ মাজত। {{gap}}'''চৰিত্ৰ নম্বৰ দুই আৰু তিনি :''' দুটা প্ৰাতঃস্মৰণীয় চৰিত্ৰ আমাৰ গুৱাহাটীৰ ঘৰৰ সাহায্যকাৰী ওখ-পাখ পাহুৱাল ডেকা মনু আৰু চুবুৰীয়াৰ সাহায্যকাৰী ক্ষীণ-মিন চাপৰ ওঠৰ বছৰীয়া কিশোৰ হেমন্ত। দুয়ো নলে-গলে লগা বন্ধু, আমি কওঁ লৰেল-<noinclude>{{rh|'''২০৮''' / {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 2iw2e2w5c1b6hdv2viru9prjz9nd9tu পৃষ্ঠা:অনিমা গুহ.pdf/২১৪ 104 59608 160705 160032 2022-08-13T03:42:24Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>মাটিডৰা পাঁচ ভাই-ককাইৰ ভিতৰত ভাগ হ’লে কালৈকো নুজুৰিব। গতিকে মঙল গ্ৰহত মাটিৰ দাম বঢ়াৰ আগতে সি কিছু কিনি থ'ব খোজে, যেন তাৰ নাতি-পুতিয়েও খাই-বই সুখেৰে থাকিব পাৰে। তাৰ প্ৰস্তাৱ শুনি মই স্বগতোক্তি কৰিছিলো— অল্পবিদ্যা ভয়ংকৰী। পিছে মঙল গ্ৰহলৈ যাবলৈ তাৰ মনত সংশয় এটা আছে। শূন্যতে ওলমি থকা গ্ৰহটোৰ পৰা যদি ধুমকৈ পৰি যায় হাত-ভৰি ভাগি নমৰিব নে? মই অভয় দি কৈছিলো যে বিজ্ঞানীসকলে নপৰাৰ ব্যৱস্থা কৰি দিব। {{gap}}মোৰ কথা শুনি সি আশ্বস্ত হৈ কৈছিল যে তালৈ যাওঁতে কেইদিনমানৰ বাবে খোৱা-বোৱাৰ সা-সামগ্ৰী লগত লৈ যাব লাগিব। কিছু খৰি, চাউল, নিমখ, তেল আৰু আলু নিলেই যথেষ্ট। মই তাক কৈছিলো দিয়াচলাই এটা নিবলৈ যেন নাপাহৰে। {{gap}}মঙল গ্ৰহলৈ যোৱাৰ স্বপ্নত বিভোৰ হৈ থকা ভূপতিয়ে হঠাতে দুদিনমান পাছত উত্তেজিত হৈ আহি ক'লে— ‘জেঠী, আচল বস্তুটো নিয়াৰ কথাইতো মনত নাছিল। অন্ততঃ এহাল গৰুতো নিবই লাগিব। মাটি চহাম কেনেকৈ?’ {{gap}}ভূপতি সঁচাকৈয়ে এটা মনত ৰাখিবলগীয়া চৰিত্ৰ। {{gap}}'''চৰিত্ৰ নম্বৰ ছয় :''' কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰতি বাইদেউৰ বায়েক ছোড়দি— অৰ্থাৎ সৰু বাইদেউ— আমাৰো ছোড়দি। ছোড়দিৰ ল'ৰা-ছোৱালী হালেই বিদেশবাসী আৰু আৰতিদি নিঃসন্তান। গতিকে দুয়ো অকলশৰীয়া বাই-ভনী একেলগে থাকে ৷ দুয়ো বৰ সাদৰী আৰু ৰসৰ ভঁৰালো৷ ছোড়দি ৰন্ধন পটিয়সী। তেওঁ ৰন্ধা আঞ্জাৰ জুতি বহুদিনলৈ জিভাত লাগি থাকে। ৰন্ধা বঢ়া, পূজা কৰা আৰু গল্প কিতাপ পঢ়া ছোড়দিৰ জীৱনৰ ঘাই কাম। তেওঁৰ গোসাঁই ঘৰটো চাবলগীয়া। আহল-বহল কোঠাটোৰ ইমূৰৰ পৰা সিমূৰ অধিকাৰ কৰি আছে এক ডজনমান হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে। দেৱীতো নহয় এওঁলোক যেন ছোড়দিৰ খেলৰ পুতলা। এওঁলোকক গা ধোৱায়, খুৱায়, ৰাতি গাদী থকা বিছনাত শুৱায়, পুৱা জগায়, নতুন নতুন ফেশ্বনৰ কাপোৰ পিন্ধায় আৰু ক’ত যে কি নকৰে! ইমানৰ পাছতো তেওঁ ভগৱানসকলৰ মাজত যীশুৰ অভাৱ বোধ কৰে। আৰতিদি চেমিনাৰ-কনফাৰেন্স আদিত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে দেশ-বিদেশলৈ যায়। এবাৰ ক'ৰবাৰ পৰা বায়েকলৈ আনিলে এটা যীশুৰ মূৰ্তি। ছোড়দিৰ জীৱনৰ এটা অপূৰ্ণ বাসনা পূর্ণ হ’ল। যথা সময়ত গোসাঁই ঘৰত মূৰ্তিসকলৰ শাৰীৰ এটা মূৰত যীশুৱেও স্থান পালে। পিছে চাহাব হোৱা বাবে তেৰাক স্থান দিলে এখন টেবুলৰ ওপৰত। হিন্দুৰ দেৱতা বাহিনীলৈ ফল-মূল-মাহ আদি আগবঢ়োৱাৰ বিপৰীতে যীশুলৈ আগবঢ়োৱা হয় টফী, পাওৰুটি, বিস্কুট, কেক<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১৩'''}}</noinclude> cttlzx1vvww0as1hz8zgtuq0c3a69uc 160706 160705 2022-08-13T03:43:47Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>মাটিডৰা পাঁচ ভাই-ককাইৰ ভিতৰত ভাগ হ’লে কালৈকো নুজুৰিব। গতিকে মঙল গ্ৰহত মাটিৰ দাম বঢ়াৰ আগতে সি কিছু কিনি থ'ব খোজে, যেন তাৰ নাতি-পুতিয়েও খাই-বই সুখেৰে থাকিব পাৰে। তাৰ প্ৰস্তাৱ শুনি মই স্বগতোক্তি কৰিছিলো— অল্পবিদ্যা ভয়ংকৰী। পিছে মঙল গ্ৰহলৈ যাবলৈ তাৰ মনত সংশয় এটা আছে। শূন্যতে ওলমি থকা গ্ৰহটোৰ পৰা যদি ধুমকৈ পৰি যায় হাত-ভৰি ভাগি নমৰিব নে? মই অভয় দি কৈছিলো যে বিজ্ঞানীসকলে নপৰাৰ ব্যৱস্থা কৰি দিব। {{gap}}মোৰ কথা শুনি সি আশ্বস্ত হৈ কৈছিল যে তালৈ যাওঁতে কেইদিনমানৰ বাবে খোৱা-বোৱাৰ সা-সামগ্ৰী লগত লৈ যাব লাগিব। কিছু খৰি, চাউল, নিমখ, তেল আৰু আলু নিলেই যথেষ্ট। মই তাক কৈছিলো দিয়াচলাই এটা নিবলৈ যেন নাপাহৰে। {{gap}}মঙল গ্ৰহলৈ যোৱাৰ স্বপ্নত বিভোৰ হৈ থকা ভূপতিয়ে হঠাতে দুদিনমান পাছত উত্তেজিত হৈ আহি ক'লে— ‘জেঠী, আচল বস্তুটো নিয়াৰ কথাইতো মনত নাছিল। অন্ততঃ এহাল গৰুতো নিবই লাগিব। মাটি চহাম কেনেকৈ?’ {{gap}}ভূপতি সঁচাকৈয়ে এটা মনত ৰাখিবলগীয়া চৰিত্ৰ। {{gap}}'''চৰিত্ৰ নম্বৰ ছয় :''' কলিকতা বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰতি বাইদেউৰ বায়েক ছোড়দি— অৰ্থাৎ সৰু বাইদেউ— আমাৰো ছোড়দি। ছোড়দিৰ ল'ৰা-ছোৱালী হালেই বিদেশবাসী আৰু আৰতিদি নিঃসন্তান। গতিকে দুয়ো অকলশৰীয়া বাই-ভনী একেলগে থাকে ৷ দুয়ো বৰ সাদৰী আৰু ৰসৰ ভঁৰালো৷ ছোড়দি ৰন্ধন পটিয়সী। তেওঁ ৰন্ধা আঞ্জাৰ জুতি বহুদিনলৈ জিভাত লাগি থাকে। ৰন্ধা বঢ়া, পূজা কৰা আৰু গল্প কিতাপ পঢ়া ছোড়দিৰ জীৱনৰ ঘাই কাম। তেওঁৰ গোসাঁই ঘৰটো চাবলগীয়া। আহল-বহল কোঠাটোৰ ইমূৰৰ পৰা সিমূৰ অধিকাৰ কৰি আছে এক ডজনমান হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে। দেৱীতো নহয় এওঁলোক যেন ছোড়দিৰ খেলৰ পুতলা। এওঁলোকক গা ধোৱায়, খুৱায়, ৰাতি গাদী থকা বিছনাত শুৱায়, পুৱা জগায়, নতুন নতুন ফেশ্বনৰ কাপোৰ পিন্ধায় আৰু ক’ত যে কি নকৰে! ইমানৰ পাছতো তেওঁ ভগৱানসকলৰ মাজত যীশুৰ অভাৱ বোধ কৰে।আৰতিদি চেমিনাৰ-কনফাৰেন্স আদিত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে দেশ-বিদেশলৈ যায়। এবাৰ ক'ৰবাৰ পৰা বায়েকলৈ আনিলে এটা যীশুৰ মূৰ্তি। ছোড়দিৰ জীৱনৰ এটা অপূৰ্ণ বাসনা পূর্ণ হ’ল। যথা সময়ত গোসাঁই ঘৰত মূৰ্তিসকলৰ শাৰীৰ এটা মূৰত যীশুৱেও স্থান পালে। পিছে চাহাব হোৱা বাবে তেৰাক স্থান দিলে এখন টেবুলৰ ওপৰত। হিন্দুৰ দেৱতা বাহিনীলৈ ফল-মূল-মাহ আদি আগবঢ়োৱাৰ বিপৰীতে যীশুলৈ আগবঢ়োৱা হয় টফী, পাওৰুটি, বিস্কুট, কেক<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১৩'''}}</noinclude> tqa3mpp61p1pufe675b0ixkcwvmykmy পৃষ্ঠা:অনিমা গুহ.pdf/২১৯ 104 59613 160707 160069 2022-08-13T03:46:26Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দেখি ধাৰণা হৈছিল কোনোবা অভিজাত ঘৰৰ ল'ৰা সি। নিশ্চয় অবৈধ। পিছে এই আঢ়ৈ বছৰ ক’ত আছিল, মনত প্ৰশ্ন জগাটো স্বাভাৱিক। পাছত জনা গ'ল ল'ৰাৰ জন্ম ইতিহাস ৰহস্য উপন্যাসতকৈও ৰহস্যময়। {{gap}}মধুমিতা কলকাতাৰ অভিজাত পৰিয়াল এটাৰ স্মাৰ্ট কনভেণ্ট শিক্ষিতা সুন্দৰী গাভৰু। গ্ৰেজুৱেট হোৱাৰ পাছত তাইৰ বিয়া হয় মুম্বাইৰ এঘৰ চহকী দম্পতীৰ একমাত্ৰ পুত্ৰ আদিত্যৰ লগত। দেউতাক আনন্দ ৰয় আদিত্যৰ জন্মদাতা পিতৃ নহয়। মাক অলকাৰ প্ৰথম স্বামীৰ পুতেক সি।আদিত্যৰ এবছৰ নৌহওঁতেই দেউতাক ঢুকায় আৰু মাকে দুবছৰমান পাছত আনন্দ ৰয়ক বিয়া কৰায়। এওঁ ৰেজেষ্ট্ৰী কৰি নিজপুত্ৰ হিচাপে ল’ৰাজনক তুলি লৈছে। মুম্বাইত এওঁলোকৰ আছে আমদানী-ৰপ্তানীৰ বিৰাট ব্যৱসায় ৷ {{gap}}বিয়াৰ কিছুদিনৰ পাছতে মধুমিতাই বুজি পালে আদিত্য এজন অতি বৰ্বৰ প্ৰকৃতিৰ মানুহ। প্ৰথমে নীৰৱে সকলো সহ্য কৰিছিল যদিও ইতিমধ্যে জন্ম হোৱা পুতেক পাপুক লৈ তেওঁ মাকৰ ঘৰলৈ উভতি আহে। আদিত্যই মাক-পুতেকক লৈ যাবলৈ বহু চেষ্টা কৰি বিফল হৈছিল।অৱশেষত এদিন সি সোঁ-শৰীৰে আহি শহুৰেকৰ কলকাতাৰ ঘৰত উপস্থিত হ’ল। তাক অভ্যৰ্থনা দূৰৈৰ কথা সোধ-পোছ পৰ্যন্ত প্ৰথমতে কৰা নাছিল। আদিত্যই মধুমিতাহঁতৰ ঘৰৰ আগ বাৰাণ্ডাৰ মজিয়াতে বহি কান্দিবলৈ ধৰিলে। সিদিনা পাপুৰ চাৰি বছৰীয়া জন্মদিন। তাক এবাৰ কোলাত তুলি আশীৰ্বাদ কৰিব খোজে দেউতাকে। সুদীৰ্ঘ কাল পুতেকক নেদেখি আদিত্যৰ পিতৃহৃদয় হেনো থান-বান হৈছে। মিতাৰ দেউতাকৰ সন্দেহ হ’ল পাষণ্ডটোৱে পাপুক টানি-আঁজুৰি লৈ যাবলৈকে আহিছে। মধুমিতাৰ পিছে অলপ কৰুণা উপজিছিল। হেজাৰ হওক পাপুৰ দেউতাক, তাইৰ স্বামী। মানুহৰ মনৰ গতি বুজা টান। এই মুহূৰ্তত যাৰ ওপৰত অসম্ভৱ খং উঠে পিছ মুহূৰ্ততে তাৰ প্ৰতি কৰুণাৰ উদ্ৰেকো হয়। {{gap}}দাৰোৱান, চকীদাৰ, কাম কৰা মানুহ আদিক ওচৰে-পাজৰে পহৰা দিবলৈ ৰাখি পাপুক উলিয়াই আনিছিল। আদিত্যই তাক সাবটি লৈ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে সহস্ৰবাৰ চুমা খোৱা দেখি মধুমিতাও কান্দিবলৈ ধৰিলে। দেউতাক-মাকে জোঁৱায়েকৰ হৃদয় পৰিৱৰ্তন হোৱা বুলি নিশ্চিত হ’ল। অনুশোচনাত পুৰি পুৰি সি হেনো সোণ হৈছে। অনুমতি দিলে ল’ৰা-তিৰোতাক লৈ যাব খোজে। ইতিমধ্যে দিল্লীত এটা নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে। মধুমিতাৰ দেউতাকে ভাবি চাব বুলি কৈ আদিত্যক বিদায় দিলে। তাৰ পাছত আদিত্যৰ মাক-দেউতাকৰ লগত তেওঁলোক<noinclude>{{rh|'''২১৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> tu1jv8mix3ee6cu9bktxi5yj0os7lt3 পৃষ্ঠা:অনিমা গুহ.pdf/২২০ 104 59614 160708 160070 2022-08-13T03:49:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>দীঘলীয়া আলোচনাত বহিল। তেওঁলোকো পুতেকৰ অঘৰী জীৱনটোৰ বাবে চিন্তিত আছিল। গতিকে তাৰ সুমতি দেখি ভাল পালে। দিল্লীত নতুনকৈ ব্যৱসায় খোলাটো মিছা নহয়। মধুমিতাৰ দেউতাকে ভাবিলে ৰত্নাকৰ দস্যু যদি বাল্মিকী হ'ব পাৰে আদিত্যই মনুষ্যত্ব ফিৰাই নাপাব কিয়। {{gap}}যি কি নহওক পাপুক পোনে পোনে দিল্লীলৈ নিব বুলি কৈ মধুমিতাৰে সৈতে আদিত্য মুম্বাইলৈ উৰা মাৰিলে। তেওঁলোক থাকিল গৈ এখন অভিজাত হোটেলত; কাৰণ আদিত্যৰ মাক-দেউতাক বাহিৰলৈ গৈছিল। তেওঁলোক উভতি নহালৈকে হোটেলতে থাকি পিছত দিল্লীলৈ যাব। {{gap}}কেইদিনমান আদিত্যই মধুমিতাক সংগদান কৰাৰ পাছত ব্যৱসায়ৰ কামত দিনটো বাহিৰত কটাবলগীয়া হৈছিল। এদিন দুপৰীয়া হোটেলৰ মেনেজাৰজন মধুমিতাৰ কোঠালৈ আহি সুধিলে মুম্বাইত তেওঁৰ কোনোবা আপোন মানুহ আছে নেকি। ভাগ্যক্ৰমে সিদিনাই শহুৰ শাহু আহি পাইছিল। তেওঁলোকৰ ঠিকনা আৰু ফোন নম্বৰ লৈ ততালিকে মেনেজাৰে প্ৰস্থান কৰিলে। মধুমিতাৰ দুশ্চিন্তা হ’ল। ইমান ডাঙৰ হোটেলৰ মেনেজাৰ নিজে কিয় কাষ্টমাৰৰ কোঠালৈ আহিছিল। শহুৰৰ ঠিকনাই বা নিলে কিয়। এনেতে মেনেজাৰজন আকৌ আহিল। মধুমিতাৰ হাত ভৰি চেঁচা হৈ আহিছিল, মানুহজনৰ কু-মতলব নাইতো? {{gap}}মেনেজাৰে মধুমিতাৰ মনটো পাঠ কৰিব পাৰি কৈছিল— ‘মেডাম, এটা অতি গোপন কথাৰ বাবে নিজেই আহিছো। আপোনাৰ টয়লেটৰ পিছফালে থকা ঘূৰণীয়া চিৰিটোৰে তললৈ নিঃশব্দে নামি তাত অপেক্ষা কৰি থকা গাড়ীখনত উঠিব। তাত আপোনাৰ শহুৰ আৰু শাহু আছে।’ {{gap}}মধুমিতাই ভেবাচেকা খাই মেনেজাৰৰ মুখলৈ চাই থাকিল। {{gap}}‘আপোনাৰ স্বামীয়ে বহু টকাৰ বিনিময়ত আপোনাক আৰব শ্বেখহঁতৰ ওচৰত বেচিছে! আজি সিহঁতে আপোনাক লৈ যাব। কোনো প্ৰশ্ন নকৰি পলাওক। পলাওক। সিহঁতো এই হোটেলতে আছে।’ {{gap}}মধুমিতাই সম্বিৎ হেৰুৱাই জঠৰ হৈ ৰ'ল। মেনেজাৰৰ ধমকি খাই দেহাটো তললৈ টানি লৈ গ'ল কোনোমতে। শহুৰ শাহুয়েকে তেওঁক পোনে পোনে লৈ গৈছিল এয়াৰ প'ৰ্টলৈ। পিছে পিছে গৈছিল পুলিচৰ গাড়ী। বহু সতৰ্কতাৰ মাজেৰে মধুক তুলি দিয়া হ’ল কলকাতাগামী বিমানত।আন্তৰ্জাতিক ট্ৰেফিকিং। কোনে ক’ত খাপ পিটি আছে বুজা টান।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১৯'''}}</noinclude> 27b9kepm35biam8c4djo07j3709djvt পৃষ্ঠা:অনিমা গুহ.pdf/২২১ 104 59615 160709 160071 2022-08-13T03:51:33Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude> {{gap}}কলকাতা বিমান বন্দৰত মাকৰ বুকুত আশ্ৰয় পাই মধুমিতাই জ্ঞান হেৰুৱালে। জ্ঞান উভতি আহিল যদিও মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। মাক-দেউতাক, চিকিৎসক আৰু মনোবিজ্ঞানীৰ চেষ্টাত সুস্থ হৈ উঠিল যদিও তেওঁ স্বাভাৱিক নহ'ল। আনহাতে দেখিলে তেওঁ অন্তঃসত্ত্বা। গৰ্ভপাত কৰোৱাৰ সময় উকলি গৈছে। মাকে জীয়েকক অত্যন্ত কঠোৰ হৈ হৃদয়হীনা হ’বলৈ আদেশ জাৰী কৰিছিল। তুমি তোমাৰ গৰ্ভত বাঢ়ি অহা সন্তানটোৰ প্ৰতি স্নেহশীলা হ’ব নোৱাৰিবা। আকৌ তুমি নতুন জীৱন গঢ়ি তুলিব লাগিব। কথা দিলো দুয়োটা ল’ৰাক মই চোৱাচিতা কৰিম, কিন্তু তুমি সিহঁতক পাহৰি যোৱা। তোমাৰ বাকী জীৱন ইহঁতৰ বাবে নষ্ট হোৱাটো চাই থাকিব নোৱাৰিম।’ {{gap}}দ্বিতীয় ল’ৰাটোৰ জন্মৰ পাছত মাকে তাক মধুমিতাৰ ওচৰলৈ এবাৰো অনা নাছিল। তেওঁলোক চহকী মানুহ, টকাৰ অভাৱ নাই। অভাৱ শান্তিৰ। ডাঙৰ পাপুক বোৰ্ডিং হাউছলৈ পঠালে। মধুমিতাক পঠালে বায়েকৰ ওচৰলৈ লণ্ডনত। সৰুটো ঘৰতে আয়াৰ হাতত ডাঙৰ হ’বলৈ ধৰিলে। দুয়োটা ল’ৰাক আইতাকে মৰম নকৰিলেও অৱজ্ঞা কৰা নাছিল। {{gap}}অহুকাণে-পহুকাণে খবৰ পাই ৰমলা দত্ত আহিছিল সৰুটোক তুলি ল'বলৈ। আইতাকে যেন স্বৰ্গ হাতত পালে। ৰমলাৰ চৰ্তটো আছিল মধুমিতাই কোনো দিনে যেন তাক চাবলৈ নাহে। {{gap}}আঢ়ৈ বছৰীয়া ল'ৰা। মানুহ চিনি পায়। নতুন পৰিবেশত খাপখাইছে নে নাই চাবলৈ আইতাক মাজে মাজে আহিছিল। পিছে আইতাকক দেখিলে সি ৰমলাৰ কোলাত জাঁপ মাৰি উঠি সাবটি ধৰিছিল তেওঁক। আইতাকে কৰ্তব্যহে কৰিছিল, মৰম কৰা নাছিল। আয়াৰ লগতো মানসিক সম্পৰ্ক গঢ়ি উঠা নাছিল তাৰ। বহু বছৰৰ মূৰত লণ্ডনৰ পৰা উভতি আহি মধুমিতাই হেনো পুতেকক এবাৰ চাই যাব খুজিছিল। চৰ্তমতে ৰমলাই নিষেধ কৰিলে। আঢ়ৈ বছৰীয়া সেই মানসে ইতিমধ্যে নিশ্চয় বিয়া-বাৰুও কৰালে, নিজেও দেউতাক হ’ল কিজানি। মানুহক, তাকো নিজৰ সন্তানৰ মাতৃক পণ্য কৰি ব্যৱসায় কৰা তাৰ জন্মদাতা দেউতাকটোৰ কথা মানসে জানিলে নে, মাজে মাজে মই ভাবো। {{gap}}বৈচিত্ৰ্যৰে ভৰা এই বিশ্বত বোধকৰো আটাইতকৈ বিচিত্ৰ প্ৰাণী হ’ল মানুহ। মধুমিতাক তাইৰ স্বামীয়ে কিমান ডলাৰত বেচিছিল নাজানিলো। বোধহয় বহু ডলাৰত। মধুমিতা ৰূপৱতী আৰু আৰৱ শ্বেখৰ টকা অজস্ৰ। সেই ভয়ংকৰ গধুলি শ্বেখহঁতে<noinclude>{{rh|'''২২০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> sovn2b9yxr8iitmln6bogc5foi7miln পৃষ্ঠা:অনিমা গুহ.pdf/২২২ 104 59616 160710 160072 2022-08-13T03:54:03Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>মধুমিতাক নাপাই হেনো আদিত্যক বিচাৰি বম্বে মহানগৰী চলাথ কৰিছিল। আদিত্যয়ো হোটেলৰ কোঠাত মধুমিতাক নেদেখি বোধকৰো পিছফালৰ চিৰিটোৰে পলাই অন্তৰ্ধান হৈ গৈছিল। {{gap}}মোৰ এই দীঘলীয়া জীৱনটোত বহু অভিজ্ঞতা হ’ল। মধুমিতাৰ ঘটনাটোৰ দৰে অকল্পনীয় কাহিনীও যে শুনিব লাগিব ই আছিল কল্পনাৰ সীমাৰ বাহিৰত। পৃথিৱীখন যে বিস্ময়ৰে ভৰা। {{Center|{{larger|'''অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক'''}}}} {{gap}}এসময়ত ভাবিছিলো সমকামিতা এটা অস্বাভাৱিক লাজ লগা সম্পৰ্ক। সৰুৰে পৰা জানো, বিয়াবোৰ হয় এজন ল'ৰাৰ লগত এজনী ছোৱালীৰ। এতিয়া শুনো এহাল দম্পতীৰ দুয়োজনে পুৰুষ বা দুয়োজনে মহিলা হ’ব পাৰে। এনেধৰণৰ আমাৰ দৃষ্টিত অস্বাভাৱিক সম্পৰ্কক অনেক দেশে বৈধ বুলি মানি লৈছে। পৃথিৱীত ঘটা অসংখ্য ঘটনাক মানি লৈছো যেতিয়া আচহুৱা যেন লাগিলেও সমকামী বিবাহক আজি আৰু আচহুৱা বুলি নাভাবো। {{gap}}আমি পুনেত থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণাৰ কামত আহিছিল লিলিয়ানা স্তিয়াকোভিচ নামৰ ছোৱালী এজনী। প্ৰথম ভাৰতলৈ আহি তেওঁ ঠাইখনৰ ৰেহ-ৰূহ চাই ফুৰিছিল আৰু মানুহৰ লগত চিনাকি হৈছিল। আমাৰ পৰিয়ালটোৰ লগত এটা সময়ত তেওঁৰ ঘনিষ্ঠতা হোৱাৰ পাছত এদিন তেওঁ মোক কণ্ঠস্বৰ তললৈ নমাই প্ৰশ্ন এটা কৰিছিল— ‘তোমালোকৰ ইয়াত সমকামীৰ সংখ্যা ইমান বেছি কিয় বাৰু? ভাৰতৰ আন ঠাইতো এনেকুৱাই নেকি? আমাৰ সিফালে দুটা-এটা যোৰাহে সমকামী।’ {{gap}}লিলিয়ানাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱৰা অৱস্থা মোৰ। তাই ক’ত দেখিলে ইমান সমকামী! সুধিছিলো। ইয়াত হেনো ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই বন্ধুত্ব বেছি। বাটে-পথে দেখে ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই একেলগে ফুৰা! মোৰ যে তাইৰ কথাত হাঁহি উঠিছিল!পাগলিজনীক বুজাই ক’লো যে আমাৰ সংস্কৃতিত ল'ৰা-ছোৱালীয়ে হলি-গলি কৰা নিয়ম নাই। গতিকে সিহঁত সমকামী নহয়। তাই আচৰিত হ'ল মোৰ কথা শুনি। {{gap}}‘কি অদ্ভুত দেশহে তোমালোকৰ। ল’ৰাই ল’ৰাই, ছোৱালীয়ে ছোৱালীয়ে বন্ধুত্ব অথচ সমকামী নহয়। ঘৰলৈ উভতি গৈ মানুহক ক’ব লাগিব।’{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২২১'''}}</noinclude> 1t7x45txxvltetd7omuv9krn9lsosv2 পৃষ্ঠা:অনিমা গুহ.pdf/২২৩ 104 59617 160711 160068 2022-08-13T03:56:50Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}আমি আগৰদিনীয়া ছোৱালীবোৰ বৰ অঁকৰা আছিলো। সমকামী শব্দটো শুনাই নাছিলো। গুৱাহাটীৰে হোষ্টেল এখনৰ ছোৱালীবোৰে কোৱা-কুই কৰিছিল যে হোষ্টেলৰ দুজনী ছোৱালীৰ সম্পৰ্ক বৰ লাজ লগা। যেন দুয়ো গিৰিয়েক-ঘৈণীয়েকহে। দুয়ো একেটা ৰুমতে থাকে। আমি আলেঙে আলেঙে থাকি কৃত্ৰিম প্ৰেমিক-প্ৰেমিকা দুজনীক চাইছিলো। নিলাজ অসভ্য ছোৱালী বুলি নিন্দা কৰা মনত পৰে। {{gap}}কেইবাবছৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। গৃহস্থ এবছৰৰ বাবে লণ্ডনলৈ যাওঁতে মই থাকিলো মিৰাণ্ডা হাউছ হোষ্টেলত। ছোৱালী এজনীয়ে এদিন মোক আবেলি তাইৰ ৰুমলৈ মাতি লৈ গৈছিল। বেলকনিত মোক বহিবলৈ চকী এখন আগবঢ়াই দি তাই আন এখনত বহিলে। কোঠাত মূৰ ফণিয়াই আছিল তাইৰ ৰুমমেট। ধৰি ল'লো মোক মাতি নিয়া ছোৱালীজনীৰ নাম ৰূপা আৰু ৰুমমেটৰ নাম ৰমা। ৰূপাই এটা সময়ত ৰমাক মাতি ক’লে চিগাৰেটৰ পেকেটটো দিবলৈ আৰু আমালৈ দুকাপ চাহ কৰিবলৈ। মই চকখাই উঠিলো। চিগাৰেট? কোনে খাব? মিৰাণ্ডা হাউছৰ অনেকে চিগাৰেট খায় জানো, কিন্তু ৰূপাৰ দৰে তেনেই সাধাৰণ সাজপাৰ পিন্ধা, প্ৰসাধন নকৰা ছোৱালীজনীয়ে লাইটাৰটো ফচ্‌কৈ জ্বলাই যে চিগাৰেট হুপিব আশা কৰা নাছিলো। মই কৈয়ে পেলালো কিয় এই ধোঁৱা সোপা গিলিছা। তাই ক'লে তাইৰ দেউতাকে খায়, ককায়েকে খায় তাই কিয় নাখাব। মই হেনো তাইৰ মাকৰ দৰে কথা কওঁ। মাকৰো বৰ দুখ জীয়েকে চিগাৰেট খোৱা বাবে। {{gap}}ইতিমধ্যে ৰমাই কোঠাটো সাৰি বিছনা দুখন নিয়াৰিকৈ পাৰি আমালৈ চাহ লৈ আহিল॥ তাৰ পাছত দুয়োৰে কাপোৰ জাপি-জুপি থ’লে। সিহঁত দুটা যে সমকামী বুজিবলৈ মোৰ বাকী নাথাকিল। কিবা ঘিণ লাগি গৈছিল। সিহঁতৰ কোঠালৈ দ্বিতীয়বাৰলৈ যোৱা নাছিলো। ইয়াৰ পাছত গে’ আৰু লেছবিয়ানসকলৰ বিষয়ে কাগজে-পত্ৰে পঢ়ি জানিছিলো যে প্ৰতিখন সমাজতে এটা নিৰ্দিষ্ট হাৰত সমকামী মানুহ থাকে। প্ৰকৃতিৰে সৃষ্টি এওঁলোক, কোনো বিকৃতমনা নহয়। {{gap}}আমি ১৯৯১ চনত প্ৰথমবাৰ আমেৰিকালৈ যাওঁতে বষ্টনত আত্মীয় এঘৰত দুৰাতি আছিলো। গৃহিণী অনুৰ লগত ঘূৰি-পকি তেওঁলোকৰ সোতৰ মহলাৰ এপাৰ্টমেণ্টলৈ যাবলৈ এলিভেটৰত উঠিছিলো। কোনোবা এটা মহলাত উঠিল এজনী মেম। অনুই মোৰ লগত ৰুথ নামৰ মেমজনীক চিনাকি কৰি দিছিল। তেওঁলোকৰ ঘৰলৈ মোক এপাক লৈ যাবলৈ ৰুথে অনুক কৈছিল। {{gap}}অনুই কৈছিল ৰুথে চাকৰি নকৰে। পৰ্বত বগোৱা তেওঁৰ হবি। তাৰ বাবে তেওঁ<noinclude>{{rh|'''২২২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 6df2p7jhzzd99ru7us415d1t5882v3m পৃষ্ঠা:অনিমা গুহ.pdf/২২৪ 104 59618 160712 160064 2022-08-13T03:59:08Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পুৰস্কাৰ আদিও পাইছে। ৰুথৰ লগত অনুৰ প্ৰথম চিনাকি কৰিড’ৰত। লাহে লাহে অন্তৰংগতা। মাজে মাজে দুয়োগৰাকী মহিলাই অৱসৰৰ সময়ত ইজনীয়ে সিজনীৰ ঘৰলৈ আড্ডা মাৰিবলৈ যায়। ৰুথৰ বান্ধৱী লিয়েনেও পর্বত বগায়। লিয়েন চাকৰিয়াল। এদিন ৰুথৰ ফটোৰ এলবামত দুয়োগৰাকী বান্ধৱীৰ ফটো এখন চকুত পৰিছিল অনুৰ। উৎসৱমুখৰ পৰিবেশ। অনুই ভাবিছিল পুৰস্কাৰ পোৱাৰ আনন্দত তোলা ছবি। পিছে নহয়। সেইখন আছিল সিহঁতৰ বিয়াৰ ফটো। অনু হতবাক। ৰুথ আৰু লিয়েন দুয়ো ছোৱালী, সিহঁতৰ আকৌ বিয়া কিহৰ? লুকাই-চুৰ কৰি কৰা বিয়া নহয়। ৰেজিষ্ট্রি কৰি পতা বিয়া। {{gap}}অনুৰ কথা শুনি মোৰ গুৱাহাটী আৰু দিল্লীৰ লেছবিয়ান যোৰা দুটালৈ মনত পৰিছিল। সিহঁতে নিশ্চয় ৰুথ-লিয়েনৰ দৰে বিয়া পাতিব পৰা নাই। {{gap}}যোৱা শতিকাৰ নব্বৈৰ দশকতে আমেৰিকাত সমকামী বিয়া আইনতঃ সিদ্ধ আছিল। শুনি ভাবিছিলো কি অদ্ভুত দেশ এইখন। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে আন্দোলনো কৰিছিল। মার্কিন প্ৰতিৰক্ষা বিভাগত তেওঁলোকে এসময়ত চাকৰি পোৱা নাছিল। প্ৰতিৰক্ষা বিভাগত সমকামী সৈনিকক পালে বৰ্খাস্ত কৰা হৈছিল। বিল ক্লিনটন ৰাষ্ট্ৰপতি হৈ থকা সময়ত এই নিষেধাজ্ঞা উঠাই দিয়া হৈছে। {{gap}}সেই সময়তে এগৰাকী জার্মান মহিলাৰ কথা পঢ়িছিলো আলোচনী এখনত। তেওঁ টিভিত কাম কৰে, নাম হেলনা ভন ছিলেন। তেওঁৰ সমকামী বান্ধৱী কর্নেলিয়া স্কীল ভূতপূর্ব জার্মান ৰাষ্ট্ৰপতি ৱাল্টাৰ স্কীলৰ জীয়ৰী। এওঁলোকে বিবাহপাশত আবদ্ধ হ’বলৈ আবেদন কৰিছিল, কিন্তু জার্মান কোর্টে অনুমতি দিয়া নাই৷ আজিকালি বহুদেশত সমকামী বিবাহ বৈধ। {{gap}}যিমানে বৈধ নহওক, হয়তো মোৰ পুৰণিকলীয়া মনে এনে বিবাহক স্বাভাৱিক বুলি মানি ল’ব পৰা নাই। {{Center|{{larger|'''খেনোৱে কয় মই হেনো প্রো-আমেৰিকান আৰু প্ৰো-বাঙালী'''}}}} {{gap}}আমাৰ একমাত্র সন্তান আমেৰিকাবাসী হোৱা বাবে মাজে-সময়ে স্বাভাৱিক কাৰণে তালৈ যাওঁ। বিশাল দেশ। ভাৰততকৈ আয়তনত তিনিগুণ ডাঙৰ। দেশখন তন্নতন্নকৈ চোৱা অসম্ভৱ যদিও প্রতিবাৰেই নতুন নতুন ঠাইলৈ গৈ অভিজ্ঞতা সঞ্চয় কৰিছো। প্ৰথম দৰ্শনৰ অভিজ্ঞতা মোৰ ভ্ৰমণকাহিনীখনত লিখা বুলি ইতিমধ্যে উল্লেখ কৰা<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২২৩'''}}</noinclude> kjfckyrpep569qp4uzgdqnqjuwhpavj পৃষ্ঠা:অনিমা গুহ.pdf/২২৬ 104 59619 160713 160061 2022-08-13T04:01:25Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হৈছে। পাছৰ কিছুমান অভিজ্ঞতা বিভিন্ন কাকতে-পত্ৰে প্ৰকাশ কৰা হৈছে। তথাপিতো মোৰ মনত আঁচ বহুওৱা কিছুমান বিষয় পাঠকক অৱগত কৰিবলৈ মন যায়। কেতিয়াবা আকৌ কলম আগবাঢ়িব নোখোজে যেতিয়া কোনোবাই কোৱা শুনো মই হেনো প্রো-আমেৰিকান। কিছুমানে আকৌ মোক প্রো-বাঙালী বুলি কোৱাও কাণত পৰে। আমেৰিকাৰ ৰাজনীতি, বৈদেশিক নীতি বা তেওঁলোকৰ বিভিন্ন কাম-কাজৰ সমৰ্থক হোৱা হ'লে মোক প্রো-আমেৰিকান ক’লে শুৱালেহেঁতেন। তেনেবোৰ আলোচনা কৰাৰ মোৰ পাৰদৰ্শিতাও নাই। মই আদাৰ বেপাৰী তাত দেখা দুটামান বিষয়ৰ প্রশংসা কৰিলেই আমেৰিকাপ্রেমী হ’লো নে? মোৰ সন্দেহ নিন্দুকসকলে প্রো-ৰ অর্থই বুজি নাপায়। {{gap}}কিছুমানে কোৱা শুনো একমাত্র পুতেকে মাক-দেউতাকক ইয়াত পেলাই থৈ বিদেশবাসী হৈছে। আজিৰ যুগত আমি প্ৰায়বোৰ পৰিয়ালতে দেখা পাওঁ ল'ৰা-ছোৱালীহঁতে সুযোগ-সুবিধা পালে আন ঠাইলৈ যায় চাকৰিৰ সন্ধানত। আনকি গাঁৱৰ ল’ৰা-ছোৱালীও জীৱিকাৰ সন্ধানত চহৰ-নগৰলৈ আহে। অৰ্থাৎ কৃষিভিত্তিক সমাজৰ মানুহো বর্তমান যুগত চহৰমুখী হ’বলৈ বাধ্য হৈছে। দিল্লী-কলকাতাত আগতেই দেখিছো, এতিয়া গুৱাহাটীতো দেখো বহু পৰিয়ালৰ ল’ৰা-ছোৱালী অসমৰ বাহিৰত চাকৰি কৰা বাবে মাক-দেউতাক অকলে থাকিবলগীয়া হয় নাইবা নিজৰ ঘৰ এৰি তেওঁলোক পুতেকৰ লগত থাকেগৈ। {{gap}}উচ্চ শিক্ষার্থে আমাৰ ল’ৰাক আমেৰিকালৈ যাবলৈ অনুপ্ৰেৰণা যোগোৱা মানুহজনী মই। তাত থাকি যোৱাৰ ইচ্ছা তাৰ নাছিল। পি এইচ ডি প্রগ্রাম শেষ হোৱাৰ আগে আগে সি ভাৰতলৈ আহি খড়গপুৰ আই আই টিত তাৰ শিক্ষাগুৰুৰ সৈতে ইয়াত গৱেষণাধর্মী কাম-কাজৰ সা-সুবিধাৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ কৈছিল গৱেষণামূলক কাম কৰিব খুজিলে আমেৰিকাত কৰাই ভাল। ‘নিশ্চিন্ত মনেৰে কাম কৰিব পাৰিবা। গৱেষক কোন দেশৰ, কোন জাতৰ সেই চিন্তা তেওঁলোকে নকৰে। তেওঁলোকক লগে পৰিশ্ৰমী, দক্ষ ব্যক্তি। আমাৰ চৰকাৰৰ ৰঙাফিতা সংস্কৃতিৰ ভিতৰত থাকি গৱেষণা কৰা সহজ নহয়। দেখা নাই আমাৰ হতাশাগ্রস্ত বিজ্ঞানীসকলে কেনেকৈ আত্মহত্যাৰ পথ বাছি লয়।’ {{gap}}এনেবোৰ হেঙাৰ সম্ভৱতঃ আজি নাই। মই ১৯৮৮-৮৯ ৰ কথা কৈছো। এই প্ৰসংগত মনত পৰিল বিজ্ঞানী ডাঃ সুভাষ মুখাৰ্জীলৈ। ইন-ভিট্‌ৰ ফার্টিলাইজেশ্যন ( IVF ) নামৰ এটা প্ৰযুক্তিৰে বিশ্বৰ প্ৰথমজনী শিশু কন্যা লুইছ ব্ৰাউনৰ মানচেষ্টাৰত<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২২৫'''}}</noinclude> cise3h7uvzpijbaoilt47xz9ayoclae পৃষ্ঠা:অনিমা গুহ.pdf/২২৭ 104 59620 160714 160062 2022-08-13T04:03:26Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>জন্ম হৈছিল ১৯৭৮ চনৰ ২৫ জুলাইত। সহজ ভাষাত এওঁলোকক আমি টেষ্টটিউব বেবী বুলি কওঁ। তাইৰ জন্মৰ তিনি মাহ পাছত ১৯৭৮ চনৰ ৩ অক্টোবৰত বিশ্বৰ দ্বিতীয়জনী টেষ্টটিউব বেবী দুৰ্গাৰ জন্ম হয় কলকাতাত। কৃত্রিম প্রজনন পদ্ধতিত জন্মলাভ কৰা দুৰ্গাৰ আগমনৰ আঁৰত আছিল ৰিপ্ৰডাকটিভ্ বিজ্ঞানী সুভাষ মুখার্জী। আমি তেতিয়া কলকাতাত। হৈ চৈ লাগিল। মানুহে বিশ্বাস কৰিবলৈ টান পালে যে এজন বাঙালীয়ে এনে এটা কাম কৰিব পাৰে। তেওঁক ঠগ, প্ৰৱঞ্চক, ধোকেবাজ আদি শব্দেৰে সমালোচনা কৰিবলৈ ধৰিলে বিদগ্ধমহলেও। আনকি আমোলাতন্ত্ৰই তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈছিল। লাজ-অপমান সহ্য কৰিব নোৱাৰি ১৯৮১ চনৰ ১৯ জুলাই তাৰিখে সুভাষ মুখার্জীয়ে আত্মহত্যা কৰে। {{gap}}ডাঃ মুখার্জীয়ে লিখি থৈ যোৱা গৱেষণামূলক ৰচনাসমূহ পৰৱৰ্তী বিজ্ঞানীসকলে পাঠ কৰি নতুনকৈ তাৰ মূল্যায়ন কৰিছে। ডাঃ মুখাৰ্জীৰ আছিল এটা নিজস্ব টেক্‌নিক। ২০০৫ চনত ইণ্ডিয়ান মেডিকেল কাউন্সিলে কিছুমান বিষয়ত তেওঁক বাটকটীয়াৰ সন্মান যাচিছে। সেইবোৰ টেক্‌নিক পৰৱৰ্তী সময়ত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। কিন্তু মূৰ্খ আৰু হিংসাকুৰীয়া তেওঁৰ সতীৰ্থসকলে বিজ্ঞানীগৰাকীক অপমানজনক বাক্যবাণেৰে থকাসৰকা কৰিছিল। ১৯৯৭ চনত ভাৰতীয় জ্যেষ্ঠ প্রজনন বিজ্ঞানী টি চি আনন্দ কুমাৰে Current Science নামৰ এখন জাৰ্নেলত লিখিছে যে পশ্চিমবংগ চৰকাৰে মুখার্জীৰ কাম-কাজবোৰ পৰীক্ষা কৰিবলৈ যিখন তদন্ত কমিটী গঠন কৰিছিল তাত থকা কোনো এজন বিশেষজ্ঞ বিজ্ঞানীগৰাকীৰ কামৰ মূল্যায়ন কৰাৰ যোগ্য নাছিল। তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছে চৰকাৰে কি যুক্তিত সম্পূর্ণ অচিনাকি ক্ষেত্ৰৰ বিশেষজ্ঞ এজনক তদন্ত কমিটীৰ শীৰ্ষত স্থান দিলে। গৱেষণাপত্র নিজা খৰচত পাঠ কৰিবলৈ জাপানৰ বিশ্ববিদ্যালয় এখনে আমন্ত্ৰণ কৰা চেমিনাৰ এখনলৈ পশ্চিমবংগ চৰকাৰে মুখাৰ্জীক অনুমতি দিয়া নাছিল। তাৰ পৰিবৰ্তে তেওঁক এনে এটা বিভাগলৈ বদলি কৰিছিল যিটো বিষয়ত ডাঃ মুখার্জীৰ পাৰদৰ্শিতা নাই। ইয়াৰ এমাহ পাছতে তেওঁ আত্মঘাতী হৈছিল। তেওঁৰ মৃত্যুৰ বহু বছৰ পাছত সত্য উদ্‌ঘাটন কৰিলে উল্লিখিত বিজ্ঞানী আনন্দ কুমাৰে। {{gap}}বিশ্বৰ প্ৰথমগৰাকী টেষ্টটিউব বেবীৰ জন্মৰ আঁৰত থকা বিজ্ঞানী ৰবাৰ্টছ এডোৱাৰ্ডছে ২০১০ চনৰ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা নবেল বঁটাটো লাভ কৰিছে; সুভাষ মুখাৰ্জীয়ে কি লাভ কৰিলে? অপমান। {{gap}}যিয়েই নহওক কেৱল আমাৰ ল’ৰাহে আমেৰিকাত থাকেনে? অসমৰ বহু মানুহ<noinclude>{{rh|'''২২৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0ggj6mbx7ogyzyyxh5v8jfswi2zu6ys পৃষ্ঠা:অনিমা গুহ.pdf/২২৮ 104 59621 160715 160065 2022-08-13T04:06:18Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়াকে ধৰি বহু দেশত গিজগিজাই আছে। তেনেহ'লে তেওঁলোকৰ মাক-দেউতাকো ‘প্ৰো’। কেতিয়াবা কৌতুকবোধ কৰো যেতিয়া আমেৰিকাবিদ্বেষীসকলক ফ্ৰীজৰ পৰা উলিয়াই বৰফশীতল কোকাকোলা খোৱা দেখো। নাইবা মে’ ডেত ডিঙিৰ সিৰা ফুলাই বিশ্বৰ শ্ৰমিকক এক হোৱাৰ আহ্বান জনোৱা শুনো। মে’ ডে নো কোন দেশৰ শ্ৰমিকে প্ৰথম কৰা আন্দোলনৰ ফলত প্ৰতিষ্ঠা লাভ কৰিছে। একেদৰে ৮ মাৰ্চ নাৰী দিৱস পালন কৰা কিছু আমেৰিকাবিদ্বেষী মহিলায়ো পাহৰি যায় কোন দেশৰ আন্দোলনকাৰী নাৰী শ্ৰমিকক ওলগ জনাবলৈ সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনে ৮ মাৰ্চ তাৰিখটো বিশ্ব নাৰী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল। {{gap}}মই আমেৰিকালৈ যাওঁ, সেই দেশৰ কথা লিখো আৰু মোৰ পুত্ৰ তাত থাকে বাবে মই যেনিবা প্ৰো-আমেৰিকান বুলি জনাজাত হ'লো। পিছে প্ৰো-বাঙালী স্টাম্প এটা মোৰ পিঠিত কিয়বা মৰা হ’ল? আমাৰ গৃহস্থ বাঙালী বাবে? তেওঁ যে জন্মগত সূত্ৰে বাঙালী মই কেতিয়াবা পাহৰিয়ে যাওঁ। পঁইত্ৰিশ বছৰ অসমৰ বাহিৰত কটোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসমলৈ উভতি আহিবলৈ, বিশেষকৈ কলকাতাৰ পৰা, ব্যাকুল হোৱা মানুহজনক, অসমৰ ইতিহাস-সমাজ আদিৰ অধ্যয়নৰ বাবে দিনে-ৰাতি কাম কৰা মানুহজনক বাঙালী কওঁ কেনেকৈ? গতিকে মইনো কি কাৰণে প্ৰো-বাঙালী বিশ্লেষণটো লাভ কৰিলো আজিও গম নাপালো। অৱশ্যে সেইদৰে কথা কৈ যদি কোনোবাই মানসিক শান্তি লাভ কৰে কৈ থাকক। ময়ো মেলি থাকো মোৰ বকলাখন। {{gap}}মাক-দেউতাকৰ পৰা আঁতৰত থাকিলেই তেওঁলোকক অৱজ্ঞা কৰা নুবুজায়। অনেকে একেলগে থাকিও তেওঁলোকক বোজা বুলি ভাবে। এনে স্বভাৱৰ পুত্ৰ-কন্যাৰ অভাৱ নাই আজিৰ এই স্বাৰ্থপৰ সমাজখনত। সেই ফালৰ পৰা নিজকে ভাগ্যৱান বুলিয়ে ভাবো। আজি স্কুল-কলেজৰ শিক্ষকসকলে পেন্সন পায়। আমাৰ গৃহস্থহঁতৰ সময়ত এই সুবিধা নাছিল৷ তদুপৰি দৰমহাও আছিল কম। এনে অৱস্থাত তেওঁলোকে বাকী জীৱনটো কটাবলৈ কিমান টকা জমাব পাৰে অলপ চিন্তা কৰিলেই উপলব্ধি কৰিব পাৰি। তেনেহ'লে আমিনো কেনেকৈ জীয়াই আছো। ঘৰৰ পৰা বহু আঁতৰত থকা ল’ৰা-বোৱাৰীয়ে আমাক অৱজ্ঞা নকৰা বাবেইতো? অৱশ্যে আমাৰো অলপ-অচৰপ উপাৰ্জন নথকা নহয়, পিছে আজিৰ দৰবৃদ্ধিৰ সময়ত জীৱন ধাৰণ কৰাটোৱে এটা সমস্যা।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২২৭'''}}</noinclude> qh4ol9wfhhzis0zolczrzq25vxohavy পৃষ্ঠা:অনিমা গুহ.pdf/২৩০ 104 59622 160716 160059 2022-08-13T04:09:07Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}এই প্ৰসংগত মনত পৰিল আমাৰ খুড়াৰ জীয়ৰী গীতা বাইদেউলৈ। তেওঁ কবি-সাহিত্যিক অধ্যাপক প্ৰয়াত মহেন্দ্ৰ বৰাৰ পত্নী। বৰা ভিনীহিও আগৰ জমানাৰ পেন্সনহীন অধ্যাপক। আমাৰ মাজত বয়সৰ ব্যৱধান কম হোৱা বাবে দুয়ো বাই-ভনী হ’লেও আমি বন্ধুও। আমাৰ দুয়োৰে গৃহস্থ সমাজত নামী ব্যক্তি কিন্তু অৰ্থনৈতিক দিশৰ পৰা দাৰিদ্ৰ্য সীমাৰ ওচৰা-উচৰি। গীতা বাইদেৱে এদিন ফোনত আমাৰ ধুবুৰীয়া ভাষাত প্ৰচলিত ফকৰা এষাৰ মাতি মোক বৰ আমোদ দিলে। ‘নামে গগন ফাটে, হাড়ীৰ ভাত কুকুৰে চাটে ( চেলেকে )’। {{gap}}যাওক বাৰু সেইবোৰ কথা। আমাৰ ল'ৰাই তেওঁলোকৰ লগত থাকিবলৈ বহুবাৰ কৈছে। তাত থকা হ’লে আমি জ্যেষ্ঠ নাগৰিক হিচাপে বহু সুবিধা পালোহেঁতেন। এই সুবিধাবোৰৰ বাবে কেইবাটাও পৰিয়ালৰ মাক-দেউতাকক তাত থকা দেখিছো। আটাইতকৈ ডাঙৰ সুবিধা উন্নত চিকিৎসাপ্ৰাপ্তি। তাৰ বাবে অৱশ্যে গ্ৰীনকাৰ্ড কৰাব লাগে। গ্ৰীনকাৰ্ড অৰ্থাৎ তাত থকাৰ অনুমতি থাকিলে ভাৰততো থাকিব পাৰি কিন্তু বছৰি এবাৰ হাজিৰা দিবগৈ লাগে। ইয়ো এক সমস্যা। নিজৰ দেশত আমাৰ নিজস্ব জীৱন থাকোতে বিদেশত স্থায়ীভাৱে বা তাঁতবাটি কৰি থাকিবলৈ কাৰোবাৰ ভাল লাগিলেও আমাৰ নালাগে। মাজে-সময়ে গৈ থাকিবলৈ অৱশ্যে ভাল লাগে। ল'ৰা-বোৱাৰী আৰু নাতিহঁতৰ সান্নিধ্য লাভ কৰো, অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ হয়, লগ পাওঁ পৃথিৱীৰ নানা দেশৰ মানুহক। অভিজ্ঞতাৰ সেই ভঁৰালটোৰ পৰা উলিয়াই আনিলো মোৰ মনত চাব পেলোৱা কিছু কথা। '''ককা-আইতাৰ গুৰুত্ব :''' আমেৰিকাত ‘ককা-আইতাকৰ গুৰুত্ব’ নিউয়ৰ্ক টাইমছত পৃষ্ঠজোৰা বিজ্ঞাপন এটা চকুত পৰাত আচৰিতে হৈছিলো। বুঢ়া বয়সত কৰ্মহীন হৈ নিজকে বহুতে পৰিয়ালৰ বোজা বুলি ভাবে। একেদৰে সমাজে বয়সীয়া মানুহক গুৰুত্ব দিয়া বৰকৈ দেখা নাযায়। ঘৰৰ মানুহেও কেতিয়াবা তেওঁলোকক বোজা বুলি নভবা নহয়। এনে পৰিস্থিতিত ককা-আইতাকৰ গুৰুত্ব শীৰ্ষক বিজ্ঞাপনখনে মোক ভালকৈয়ে আকৰ্ষণ কৰিছিল। বিজ্ঞাপনৰ যোগেদি ককা-আইতাহঁতক আবেদন জনাই কোৱা হৈছে যে নাতিসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক মধুৰ। তদুপৰি তেওঁলোক অসীম মানসিক শক্তিৰ অধিকাৰী। এখন সুস্থ সমাজ গঢ়িবলৈ তেওঁলোক আগবাঢ়ি আহক। তেওঁলোকৰ অৱদানে মানৱ জাতিৰ কল্যাণ সাধিব। কোনে কয় ককা-আইতা মূল্যহীন বুলি। নাতি-নাতিনীৰ সৈতে থকা মিঠা সম্পৰ্ক আৰু নিজৰ মানসিক শক্তি<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২২৯'''}}</noinclude> 01e3pz3yiq4mwlir7uu0us2np2cl0qx পৃষ্ঠা:অনিমা গুহ.pdf/২৩৩ 104 59625 160717 160040 2022-08-13T04:11:32Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুৱাৰত তলা মাৰি চকীদাৰৰ পৰিয়ালটোক গেৰেজত থাকিবলৈ দিহা দি নিজ নিজ কৰ্মক্ষেত্ৰলৈ ঢাপলি মেলে। {{gap}}আমেৰিকাত ‘চেণ্ডউইচ জেনেৰেশ্যন’ এটা নতুন শব্দ শুনিলো। আজিকালি মানুহৰ আয়ুসকাল বঢ়া বাবে বৃদ্ধ-বৃদ্ধাৰ সংখ্যা বাঢ়িছে। এফালে পিতৃ-মাতৃ আৰু আনফালে পুত্ৰ-কন্যাৰ দায়িত্বৰ হেঁচাত তৰুণ প্ৰজন্ম হৈছে চেণ্ডউইচ্‌ড। নাই, মাক-দেউতাকক অধিকাংশই উপেক্ষা নকৰে। এনেবোৰ ধাৰণাৰ প্ৰচাৰ কৰাৰ আঁৰত আছে সাত দিনৰ বাবে দেশ এখনলৈ গৈ সাতশ পৃষ্ঠাৰ ভ্ৰমণ কাহিনীৰ লেখক কেইজনমান। {{gap}}মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে ১৯৯৩ চনৰ আগষ্টত এখন আইন প্ৰণয়ন কৰে। এই আইনমতে কমপক্ষে পঞ্চাশজন কৰ্মচাৰী থকা যিকোনো অফিচ বা কোম্পানীয়ে কৰ্মৰত সকলো ব্যক্তিকে বছৰি বাৰ সপ্তাহ বিনা বেতনে মাক-দেউতাক, স্বামী-স্ত্ৰী, পুত্ৰ-কন্যা বা আন আপোনজনৰ বেমাৰ-আজাৰত ছুটী মঞ্জুৰ কৰিবলৈ বাধ্য। আইনখন জাৰি হোৱাৰ লগে লগে দূৰণিবটীয়া বয়সীয়া আত্মীয়ৰ খা-খবৰ কৰিবলৈ ছুটী লোৱাৰ ধুম উঠিছিল। আইনখন এতিয়াও বলৱৎ হৈ আছে নে নাই নাজানো। '''লেবাৰ ডে’ :''' এটা কথা মন কৰিছো নিজকে বিশ্বৰ বৰ ককাই বুলি ভবা মাৰ্কিন যুক্তৰাষ্ট্ৰই সকলো বিষয়তে অনন্য হৈ থাকিব বিচাৰে। বিশ্বৰ বহু দেশে যেতিয়া মে’ ডে' পালন কৰে সিদিনা তেওঁলোকৰ সেইফালে কাণসাৰ নাই। অথচ মে' ডে’ তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰাই সৃষ্ট এটা দিন। তেওঁলোকে পালন কৰে লেবাৰ ডে’ প্ৰতি ছেপ্টেম্বৰৰ প্ৰথমটো সোমবাৰে। {{gap}}আৰম্ভণিতে লেবাৰ ডে’ বা শ্ৰম দিৱস প্ৰকৃততেই আছিল শ্ৰমিক শ্ৰেণীৰ দিন। ইয়াৰ মেজাজ আছিল শ্ৰেণী সংগ্ৰামৰ মেজাজ, যাৰ লগত শ্ৰেণী চেতনাৰ গৰ্ববোধো জড়িত আছিল। যেনে ১৮৮২ চনত নিউয়ৰ্কত প্ৰথম শ্ৰম দিৱস উদযাপিত হোৱাৰ সময়ত শ্ৰমিকসকলে বিৰাট পাৰ্ক এখনত নিজ নিজ ইউনিয়ন পাৰ্টি সমন্বিতে সমবেত হৈ শ্ৰমিক নেতাসকলৰ ভাষণ শুনিছিল, পান-ভোজন কৰিছিল আৰু ইউনিয়নৰ বেণ্ডৰ তালে তালে নাচিছিল। এইদৰেই দিনটো অতিবাহিত কৰিছিল। মে’ ডে’ৰ মেজাজটো তাত থকাৰ উপৰি মাৰ্কিন দেশাত্মবোধৰো প্ৰকাশ ঘটিছিল। এই উৎসৱত একচেটিয়া শিল্পপতি আৰু তেওঁলোকৰ ‘মোচাহেব'সকলৰ কোনো ভূমিকা নাছিল। পৰৱৰ্তী কালত লেবাৰ ডে’ই তাৰ মূল চৰিত্ৰ হেৰুৱাই পেলাইছে। ইউনিয়নবোৰৰ ক্ষমতা কমি অহা বাবে ইয়াৰ মাজত ফুটি উঠা radicalism আৰু শ্ৰমিকেই দেশৰ<noinclude>{{rh|'''২৩২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 9vfc6knuor9r9wzm2ltim157g3r87a9 পৃষ্ঠা:অনিমা গুহ.pdf/২৩৪ 104 59626 160718 160042 2022-08-13T04:15:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সম্পদ সৃষ্টি কৰিছে – এই সচেতনতা নোহোৱা হৈছে। ১৮৯৪ চনত চৰকাৰে এই দিনটো ছুটীৰ দিন হিচাপে ঘোষণা কৰি শ্ৰমিক ইউনিয়নৰ লগত ব্যৱসায় আৰু শিল্পৰ পৰিচালনাকো সাঙুৰি লৈ ইয়াক সকলো শ্ৰেণীৰ মানুহৰ শ্ৰম দিৱসত পৰিণত কৰিছে। এতিয়া সকলোৱে সমদলত অংশ লয় আৰু ছুটী উপভোগ কৰে। অৱশ্যে আদিতে যিবোৰ দাবী সন্মুখত ৰাখি সমদলকাৰীসকল আগবাঢ়িছিল তাৰ ভালেখিনি তেওঁলোকৰ উত্তৰপুৰুষে ইতিমধ্যে লাভ কৰিছে। '''মাতাজী :''' নিউয়ৰ্কৰ সমীপৱৰ্তী মাউণ্ট কিচ্‌কো চহৰৰ ম্যল এখনত চেলোৱাৰ-কামিজ পিন্ধা বয়সীয়া মহিলা এগৰাকীক দেখি থমকি ৰৈ দিছিলো। মহানগৰী নিউয়ৰ্কত শাৰী বা চেলোৱাৰ পৰিহিতা মহিলাক বাটে-ঘাটে দেখিবলৈ পোৱা যায়, কিন্তু সৰু সৰু চহৰবোৰত এই দৃশ্য বিৰল। ওচৰত থকা হ’লে কথা পাতিলোহেঁতেন। যি কি নহওক ট্ৰলী এখন ঠেলি ঠেলি ম্যলত সজাই থোৱা বিবিধ সম্ভাৰ চাই চাই আহি থাকোতে কেশ্ব কাউণ্টাৰত থকা মহিলা এগৰাকী আগুৱাই আহি মোলৈ চাই মিচিকিয়াই হাঁহিলে। তেওঁ চাৰ্ট-পেণ্ট পিন্ধি আছিল যদিও চুটিকৈ কটা চুলিৰ মাজত সেন্দুৰৰ ৰেখা এডাল দেখি বুজিলো মহিলাগৰাকী ভাৰতীয়। পঞ্জাৱৰ জলন্ধৰত ঘৰ, দুবছৰমান আগতে আমেৰিকালৈ স্থায়ীভাৱে আহিছে। দুজনী গাভৰু জীয়েক আৰু মাকজনীয়ে এইখন ম্যলতে কাম কৰে। দুটা বছৰৰ ভিতৰতে আটায়ে চাকৰি যোগাৰ কৰি লোৱা বাবে অলপ আচৰিতো হ’লো। অৱশ্যে পঞ্জাৱী আৰু বাংলাদেশী মানুহ বৰ যোগাৰী। পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণুও। যোগ্য-ভোগ্যা বসুন্ধৰা বাক্য শাৰী তেওঁলোকৰ ক্ষেত্ৰত সঁচা। {{gap}}ম্যলৰ আনটো মূৰৰ পৰা বোৱাৰী মনীষাৰ লগত অলপ আগতে দেখা চেলোৱাৰ পিন্ধা মহিলাগৰাকীক আহি থকা দেখি মোৰ লগত কথা পাতি থকা মানুহগৰাকীয়ে ক’লে বুঢ়ী ভদ্ৰমহিলা তেওঁৰ শাহুৱেক, ওচৰ আহি পোৱাৰ পাছত মনীষাই ক'লে— ‘এঁৱেই মাতাজী’। ৭৭ বছৰীয়া মাতাজীৰ নাম আগতেই শুনিছো। তেওঁ বহু ভাৰতীয় পৰিয়ালক হাতেৰে কৰা আটাৰ ৰুটিৰ যোগান ধৰে। {{gap}}পিছে আটাৰ ৰুটিৰ ব্যৱসায় কৰিবলৈ মাতাজী আমেৰিকালৈ অহা নাছিল। পঁচিশ বছৰ বয়সতে দুটা এমা-ডিমা পুত্ৰক লৈ তেওঁ জলন্ধৰত থাকোতেই বৈধৱ্যক আঁকোৱালি ল'বলগীয়া হৈছিল। কঠোৰ বাস্তৱৰ সৈতে সংগ্ৰাম কৰি শিশু দুটাক অলপ ডাঙৰ কৰাৰ পাছত চহকী ভাৰতীয় পৰিয়াল এটাৰ সাহায্যকাৰিনী হিচাপে তেওঁ আমেৰিকালৈ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৩৩'''}}</noinclude> tvulwlk10p3g05hw948dt0mmfm25apw পৃষ্ঠা:অনিমা গুহ.pdf/২৩৮ 104 59629 160719 160063 2022-08-13T04:17:52Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দেখিলো গোমধান, জলফাই, বিলাহী, নহৰু-পিঁয়াজৰ খেতি। আমাৰ ইয়াৰ দৰে সিফালৰ জলফাই টেঙা নহয়। যি কি নহওক প্রকৃতিক জয় কৰি মৰুভূমিত ফলৰ বাগিচা পতা দেখি আজিৰ বিজ্ঞানীসকলৰ জয়গান নাগাই নোৱাৰিলো। {{gap}}বাগিচাবোৰৰ দাঁতিয়ে দাঁতিয়ে পোহাৰ মেলা দেখিলো ফলৰ দোকানীসকলক। আমাৰ ইয়াত ফল দুর্মূল্য। সস্তীয়া ফলবোৰ দেখি দোকানবোৰকে উঠাই আনিবলৈ মন গৈছিল। গৰাকীৰ অনুমতি লৈ আঙুৰ খেতিত সোমাই কেইথোকমান আঙুৰ ছিঙি আনিছিলো। আৰু পানীৰ দামত কিনি আনিছিলো ডাঙৰ পাচি এটা ভৰাই সুমথিৰা, মুচম্বী, নেকটাৰিন ইত্যাদি। দুটকা কিলো মূল্যৰ আপেল খাইছিলো আশীৰ দশকত কাশ্মীৰত। ১৯৯৭ চনত অৰুণাচলত সোতৰটকীয়া কিলোৰ আপেল, পঞ্চাশ পইচা কিলোৰ প্লাম খাইছিলো। পিছে এইবোৰ অঞ্চল ফ্ৰেচনোৰ দৰে মৰুভূমি নহয়। {{gap}}বাগিচাবোৰ চাই উভতি আহিবৰ সময়ত বিপৰীত ফালৰ পৰা অহা গাড়ীবোৰৰ প্রতিবিম্ব আলিবাটত দেখা পাই ভাবিছিলো বৰষুণ দিছে। পিছে ক’ত বৰষুণ? সেইয়া যে মৰীচিকা! মৰুভূমিত তৃষ্ণার্ত বাটৰুৱাই মৰীচিকাকে পানী বুলি ভ্ৰম কৰাৰ কথা পঢ়িছিলো। সেই ভ্ৰমৰ অভিজ্ঞতা হ’ল। মৰীচিকা আৰু ফলৰ বাগিচাৰ সহ অৱস্থানে মোক অবাক কৰিছিল। পানী অবিহনে গছ-গছনি হ’ল কেনেকৈ? সকলো সম্ভৱ কৰিছে মানুহৰ মগজুৱে। ফ্ৰেচনো উপত্যকাক বেৰি ৰাখিছে কেইখনমান ৰুক্ষ পৰ্বতে। তাৰে এলানি চিয়েৰা নেভেদা পৰ্বতৰ নাম স্কুলৰ ভূগোলত পঢ়িছিলো। জাৰকালি এইবোৰ পৰ্বতত জমা হৈ থকা বৰফৰ এটোপমানো পানী অথলে যাবলৈ দিয়া নহয়। সেইবোৰ অঞ্চলত জানুৱাৰীৰ পৰা মাৰ্চলৈ হোৱা বৃষ্টিপাতৰ পানীও ধৰি ৰাখে। এইদৰে সঞ্চয় কৰি ৰখা পানী খেতিয়কসকলে জুখি-মাখি ব্যৱহাৰ কৰে। শাৰী পাতি ৰোৱা ফলৰ গছবোৰৰ কাষেৰে খন্দা নলাৰে পৰিমিত পৰিমাণৰ পানীৰ যোগান ধৰা হয়। প্রয়োজন নহ'লে গছৰ পাতত পানী নছটিয়ায়। {{gap}}মোৰ নিজৰ ৰাজ্যখনলৈ মনত পৰিছিল। লুইতকে ধৰি উপনৈবোৰত পানীৰ আকাল নাই। তদুপৰি আছে বানপানী। অথচ আমাৰ ইয়াত খোৱাপানীৰ অভাৱ। এই পানী ধৰি ৰাখিলে বানপানীত মানুহৰ দুৰ্গতি নহ’ব। খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া নহ'ব। ইমান জীপাল সাৰুৱা মাটিৰে চহকী ৰাজ্যখনত ফলৰ অভাৱ। পাচলিৰ অভাৱ। এনে এটা অৱস্থাৰ লগত আজীৱন চিনাকি মই। গতিকে মৰুভূমিত ফলৰ বাগিচাবোৰ দেখি দেশখনৰ কৃষি বিজ্ঞান উন্নতিৰ জখলাৰে কিমান ওপৰলৈ উঠিছে তাৰ উমান পাইছিলো।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''২৩৭'''}}</noinclude> gyyd3gwuuekbkf45yfqtcs1b6qt5lnm পৃষ্ঠা:অনিমা গুহ.pdf/২৯৪ 104 59671 160704 159998 2022-08-13T03:31:33Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>মর্যাদাক এইখন দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। সৰু-বৰ যিকোনো কাম কৰিবলৈ এওঁলোকে সংকোচবোধ নকৰে। {{gap}}প্রাপ্তবয়স্ক অনেক ছাত্র-ছাত্ৰীয়ে বেবী ছিটিং কৰি, মানুহৰ ঘৰ-দুৱাৰ চাফা কৰি, কাপোৰ ধুই, ৰাতিপুৱা ঘৰে ঘৰে বাতৰি কাকত বিলাই, ঘাঁহনিৰ ঘাঁহ কাটি পইচা আর্জে। অৱশ্যে ঘৰ চাফা কৰে যন্ত্ৰৰ সহায়ত আৰু কাপোৰ ধোৱা-শুকোৱাও কৰে যন্ত্ৰেৰে। সপ্তাহত এদিন আমাৰ ল'ৰাৰ ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি যায় এগৰাকী মহিলাৰ নেতৃত্বত তিনিজনী ছোৱালীয়ে। আহে নিজৰ গাড়ীত। দুঘণ্টা কাম কৰি নব্বৈ ডলাৰ পাৰিশ্ৰমিক লৈ যায়। বাকীকেইদিন তেওঁলোকে নিজেই চাফা কৰে। ধূলি-মাকতি কম বাবে আমাৰ ইয়াৰ দৰে ঘৰ-দুৱাৰ লেতেৰাও নহয়। {{gap}}৯১১ৰ কথা উলিয়াই বেলেগ প্ৰসংগলৈ গ'লো। আমেৰিকাৰ উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিমলৈ প্ৰতিজন নাগৰিকে ৯১১ ৰ সেৱা পায় মুহূৰ্তৰ ভিতৰত। {{center|'''{{larger|চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত}}'''}} {{gap}}স্বীকাৰ কৰো চিকিৎসকসকলেও চিকিৎসা কৰে জীৱননিৰ্বাহ কৰিবলৈ। এইটো তেওঁলোকৰ পেচা। কিন্তু অন্য পেচাৰ লগত ইয়াৰ এটা নীতিগত পার্থক্য আছে, যিটো কাৰণে আমাৰ ধাৰণা চিকিৎসা সেৱাক শ্ৰেষ্ঠ পেচা বুলি ভবা হয়। চিকিৎসকক আমি ভগৱান বুলি নাভাবো নে? মানৱদৰদী হোৱাটো চিকিৎসকৰ এটা শ্ৰেষ্ঠ গুণ। জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে তেওঁলোকে যে ব্যাধিগ্রস্তজনৰ চিকিৎসা কৰে তাৰ এটা শ্রেষ্ঠ নিদর্শন দেখিছিলো আমাৰ সম্পৰ্কীয় চাপৰবাসী ননী পেহীৰ ক্ষেত্ৰত। {{gap}}পেহীৰ পুতেক ড° প্রশান্ত কলিতা আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ত এগ্রিকালচাৰেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। এবাৰ দুজন সংগীৰে সৈতে পেহী ওলাইছিল পুতেকৰ ঘৰলৈ। যাবৰ সময়ত হলেণ্ডৰ আমষ্টাডাম বিমানকোঠত বিমান সলাবলগীয়া হৈছিল তেওঁলোকে। হঠাতে পেহী অসুস্থ হোৱাত বিমানকোঠৰ ডাক্তৰে পৰীক্ষা কৰি তেওঁক হাস্পতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে। বিমান কোম্পানীয়ে হাস্পতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত সুমুৱাই দিলে যদিও বাকী দুজনৰ ভৰিৰ তলত মাটি নোহোৱা অৱস্থা। হলেণ্ডৰ ভিছা আদি কৰি প্ৰশান্ত আমষ্টাৰডাম পায় মানে দুটা দিন পাৰ হ'ল। {{gap}}বিদেশত চিকিৎসা কৰোৱা ব্যয়বহুল। বীমা নাথাকিলে সর্বনাশ। কিন্তু পেহীৰ<noinclude>{{rh|'''২৯২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> jsowq6l6vu2m32eiovew9d385u2qwvn পৃষ্ঠা:অনিমা গুহ.pdf/৩২৪ 104 59699 160702 160067 2022-08-13T03:25:07Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্ৰত্যাহাৰ নকৰালৈকে আমৰণ অনশনত বহিবলৈ সিদ্ধান্ত লয়। এই অনশনক আত্মহত্যাৰ প্ৰচেষ্টা বুলি ধৰি লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰামতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আজি এঘাৰ বছৰ ধৰি এই লৌহমানৱী বন্দী অৱস্থাত অনশনৰত হৈ আছে। অহিংস আন্দোলনৰ পূজাৰী শৰ্মিলা গান্ধীবাদী। চৰকাৰে জোৰ কৰি তেওঁক নাকেৰে জুলীয়া পদাৰ্থ খুৱাই আছে। {{gap}}উত্তৰ-পূৰ্বাঞ্চল যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মানুহৰ দ্বাৰা উপেক্ষিত তাৰ প্ৰমাণ আমি খোজেপতি পাওঁ। আন্না হাজাৰে আৰু শৰ্মিলা দুয়ো অহিংসাৰ পূজাৰী আৰু দুয়ো ন্যায়সংগত কাৰণে আমৰণ অনশনত ব্ৰতী হৈছিল। আন্না হাজাৰেৰ ক্ষেত্ৰত চৰকাৰ, জনসাধাৰণ আৰু মিডিয়াই তেৰ দিনৰ অনশনতেই যিটো ভূমিকা ল’লে শৰ্মিলাৰ ক্ষেত্ৰত তাৰ সামান্যতম লৈছেনে? নাই লোৱা। কিয় এই বৈষম্য। প্ৰথম কাৰণ শৰ্মিলা পূৰ্বভাৰতৰ, দ্বিতীয়তে তেওঁ মহিলা। পৃথিৱীৰ বহু ঠাইৰ পৰা শৰ্মিলাই মান-সন্মান, বঁটা পাইছে। মানৱ অধিকাৰ কৰ্মীবৃন্দই তেওঁৰ নামত সংস্থা গঠন কৰিছে, বহুতে তেওঁৰ সন্মানাৰ্থে কবিতা, গ্ৰন্থ আদি ৰচনা কৰিছে, মহাশ্বেতা দেৱীয়ে বৰ্তমান শতিকাটোক ইৰম শৰ্মিলা শতিকা বুলি অভিহিত কৰিছে। কিন্তু ভাৰত চৰকাৰ অলৰ-অচৰ। মনত প্ৰশ্ন জাগে মাওবাদী অধ্যুষিত এলেকাত এই আইনখন বলৱৎ কৰা নাই কিয়? {{gap}}সেনা বাহিনীৰ চকুত মণিপুৰীয়ে নহয় অসমীয়া মানুহ মাত্ৰেই উগ্ৰপন্থী। ২০১১ চনত আমাৰ ম'বাইলবোৰৰ কাকত-পত্ৰ নৱীকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ আহিছিল। উদ্দেশ্য উগ্ৰবাদীৰ সন্ধান কৰা। বাহিৰৰ পৰা অহাসকলৰ ম'বাইল ফোনবোৰ অচল হৈ গৈছিল অসমত সোমোৱাৰ লগে লগে। এই আদেশ এতিয়া তুলি লোৱা হৈছে। কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰযোজ্য নীতি-নিয়মবোৰ ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰয়োগ কৰা নহয়। যেন সেইবোৰ ঠাইত শান্তি বিৰাজমান, যেন মাওবাদীসকল হাবি এৰি ঘৰলৈ উভতিছে, যেন মুম্বাই-দিল্লীত উগ্ৰবাদী নাই, যেন এইবোৰ ঠাইত কোনো দিনে বোমা বিস্ফোৰণ ঘটা নাই। '''মণিপুৰ পালোহি :''' মণিপুৰৰ লগত গুহ পৰিয়ালৰ সম্পৰ্ক এক শতাব্দীজোৰা। পূৰ্বে কোৱা হৈছে যে কুৰি শতিকাৰ প্ৰথম দশকত বৰ্তমান বাংলাদেশৰ টাঙাইলৰ (তেতিয়া ভাৰতৰ অংগ আছিল) পৰা শিক্ষকতা কৰিবলৈ ইম্ফললৈ আহিছিল যামিনী সুন্দৰ গুহ। ১৯৩৭ চনত অৱসৰ গ্ৰহণ নকৰালৈকে তেওঁ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান<noinclude>{{rh|'''৩২২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> gzhi2klg4mj57o20c35mdqkpx2ylcnh পৃষ্ঠা:অনিমা গুহ.pdf/৩২৬ 104 59701 160703 160066 2022-08-13T03:27:52Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>নাই। বান্ধটোৰ কাষতে থকা পাহাৰ এখনৰ উচ্চ শিখৰত থকা এডোখৰ সমতল ভূমিলৈ অকোৱা পকোৱা আধা নিৰ্মিত বাট এটাৰে মাৰুতি-জিপছিত উঠি গৈছিলো। নামিয়ে চকুৰ আগত দেখিলো চিৰহৰিৎ পৰ্বতমালাৰ এক দিগন্ত প্ৰসাৰিত দৃশ্য। দুনয়ন ভৰি দেখিলো চৌদিশে বিয়পি থকা পাহাৰ-উপত্যকা, পথাৰ প্ৰান্তৰত সেউজীয়া বৰণটোৰ বিভিন্ন মাত্ৰাৰ ঘনত্ব। বোধকৰো এনেকুৱা কোনোবা এডোখৰ ঠাইত থিয় হৈ ভাৰতৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে মণিপুৰক কৈছিল ভাৰতৰ চুইজাৰলেণ্ড! আচল চুইজাৰলেণ্ড নেদেখাকৈয়ে যে চকু মুদিব লাগিব ভাবিলেই চকু চলচলীয়া হ'ব খোজে। {{gap}}পানী আৰু বিজুলী কঙাল মণিপুৰক ছিংদা বান্ধে জীয়াই ৰাখিব বুলি শুনিছিলো, প্ৰায় ওঠৰ-ঊনৈশ বছৰ পাছত ২০১১ চনত বাতৰি কাকতত পঢ়িলো মণিপুৰ এতিয়াও বিজুলী কঙাল। বাহিৰৰ পৰা কিনিব লাগে বিদ্যুৎ। কিছুমান অঞ্চল হেনো বিজুলীহীন হৈয়ে থাকে। সেয়েহে আজিকালি মণিপুৰী মানুহে জীয়েকৰ বিয়াত উপহাৰ হিচাপে দিয়ে একোটা জেনেৰেটৰ। নাই, দৰা ঘৰে দাবী নকৰে। মণিপুৰী সমাজত নাৰীৰ স্থান তলত নহয়। মৈৰা পাইবি মণিপুৰী মহিলাৰ এক সক্ৰিয় সংগঠন। অতীতৰে পৰা তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজখনক পহৰা দি আছে। এশ বছৰ আগতেই তেওঁলোকে মণিপুৰৰ চাউল বাহিৰলৈ নিয়াত বাধা দিছিল। বোধকৰো মণিপুৰী ছোৱালী বাবেই ইৰম শৰ্মিলা চানু লৌহমানৱী হ’ব পাৰিছে। {{gap}}ইম্ফলৰ এক মুখ্য আকৰ্ষণ ইমা বজাৰ। বিৰাট এক অঞ্চল জোৰা বজাৰখনত নোপোৱা বস্তু নাই। বজাৰখন পৰিচালনা কৰে মহিলাই, আটাইবোৰ ষ্টলৰ গৰাকী মহিলা। এদিন দুই ভনী প্ৰতিমা, সবিতা আৰু ৰামৰ লগত কাহিলি পুৱাতে গৈছিলো মহিলা অধ্যুষিত পাইকাৰী বজাৰলৈ। ট্ৰাকৰ পৰা পাচলিৰ বস্তাবোৰ তেওঁলোকেই টানি টানি নমাই যথাস্থানলৈ লৈ গৈ বহিছে, বেচিছে। তাৰ পৰা ইমাবজাৰলৈ গৈছিলোহে, হঠাতে ভূমিকম্পৰ এক প্ৰচণ্ড জোকাৰণি অনুভৱ কৰি লোৰ খুঁটা এটা সাবটি তিনিও বাই-ভনী থৰ লাগি থাকিলো। জোকাৰণি শেষ হোৱাৰ পাছতো তেনেকৈ থকা দেখি মণিপুৰী মহিলাসকলে হাঁহিবলৈ ধৰিলে। বোধকৰো ভাবিছিল বীৰাংগনাহঁতৰ দেশলৈ ক’ৰ পৰানো আহিল এই ভয়-পাদুৰীকেইজনী। আমালৈ পুতৌ ওপজা বাবে এগৰাকী মহিলাই আমাক একোপাহকৈ দি গ'ল সোণালী চম্পা, ৰাতি গাৰুৰ তলত লৈ শুবলৈ। চম্পা আৰু পদুম নাৰীৰ প্ৰিয় ফুল। {{gap}}ফুলৰ দৰে কোমলপ্ৰাণা হ'লেও মহিলাসকল লতাগছ নহয়। ইমাবজাৰতে<noinclude>{{rh|'''৩২৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> a95lnkdua0yzhup5ka4ccps41t1lzqc পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/১ 104 60660 160667 160663 2022-08-12T14:12:25Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image |image =[[File:চলিহাৰ চিঠি আৰু অন্যান্যৰ বেটুপাত.jpg|400px|center]] |width=482 |item1={{xxxx-larger block|{{থিয়|{{White|'''সৌৰভ&nbsp;কুমাৰ&nbsp;চলিহা'''}}}}}} |x1=65 |y1=105 |item2= {{Right|{{Xxx-larger|{{maroon|চলিহাৰ চিঠি<br/> আৰু <br/>অন্যান্য ৰচনা}}}}}} |x2=260 |y2=400 }}<noinclude></noinclude> r0vv9fuzbxrxxj6eahdnlz19aynynoe চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা 0 60662 160669 160562 2022-08-12T14:26:37Z JyotiPN 1603 wikitext text/x-wiki {{header | title = চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা | author = সৌৰভ কুমাৰ চলিহা | year = ২০১৮ | translator = | section = | previous = | next = [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে|সম্পাদকীয়ৰ পৰিৱৰ্তে]] | notes = | categories = }} <pages index="চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf" from=1 to=1/> {{page break|label=}} <pages index="চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf" from=2 to=2/> {{page break|label=}} <pages index="চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf" from=4 to=4/> {{page break|label=}} <pages index="চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf" from=5 to=5/> {{page break|label=}} <pages index="চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf" from=6 to=6/> {{page break|label=}} [[শ্ৰেণী:সৌৰভ কুমাৰ চলিহাৰ সাহিত্যকৰ্ম]] [[শ্ৰেণী:২০১৮ চনত প্ৰকাশিত গ্ৰন্থ]] {{CC-BY-SA-4.0}} {{PermissionOTRS|id=2022061710007874}} tdnpcol41uoc90meu7fd6acd5hadxav বাকীছোৱা জীৱন 0 60699 160681 2022-08-12T14:59:02Z JyotiPN 1603 "{{header | title = বাকীছোৱা জীৱন | author = ড° অনিমা গুহ | year = ২০১২ | translator = | section = | previous = | next = [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে|সম্পাদকীয়ৰ পৰিৱৰ্তে]] | notes = |..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড° অনিমা গুহ | year = ২০১২ | translator = | section = | previous = | next = [[চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে|সম্পাদকীয়ৰ পৰিৱৰ্তে]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=1 to=1/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=3 to=3/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=4 to=4/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=5 to=5/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=6 to=6/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=7 to=8/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=9 to=10/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=11 to=12/> {{page break|label=}} [[শ্ৰেণী:ড° অনিমা গুহৰ সাহিত্যকৰ্ম]] [[শ্ৰেণী:২০১২ চনত প্ৰকাশিত গ্ৰন্থ]] {{CC-BY-SA-4.0}} {{PermissionOTRS|id=2022061410011098|user=Yahya}} nhleze7q8hjuv1yso8flpw99zmy5bxf 160683 160681 2022-08-12T15:02:09Z JyotiPN 1603 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড° অনিমা গুহ | year = ২০১২ | translator = | section = | previous = | next = | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=1 to=1/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=3 to=3/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=4 to=4/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=5 to=5/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=6 to=6/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=7 to=8/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=9 to=10/> {{page break|label=}} <pages index="অনিমা গুহ.pdf" from=11 to=12/> {{page break|label=}} [[শ্ৰেণী:ড° অনিমা গুহৰ সাহিত্যকৰ্ম]] [[শ্ৰেণী:২০১২ চনত প্ৰকাশিত গ্ৰন্থ]] {{CC-BY-SA-4.0}} {{PermissionOTRS|id=2022061410011098|user=Yahya}} exxz4wi3w83m69txth5s6mf4ux2p8mt অনিমা গুহ/কল্লোলিনী কলকাতাত 0 60700 160684 2022-08-12T15:10:39Z JyotiPN 1603 "{{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=22/> {{page break|label=}} avfeqxune9pmxcuhzjufteev97jlmfq