ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.23
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২০
104
58682
160807
156238
2022-08-17T04:46:49Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>বহু দূৰৈত। কিন্তু তাৰ তেজে তেজে সমুদ্ৰ প্ৰবাহিত হৈ আছিল। কালডাছ মেৰামতিৰ বাবে মবিলত থকা সময়ছোৱাত লুই ৰেনগিফো কিন্তু নাৱিকসকলৰ মাজত নাছিল। সি আছিল ৱাশ্বিংটনত। তাতে সি অংকশাস্ত্ৰ বিষয়ত পঢ়া-শুনা কৰিছিল। সি আছিল শান্ত-শিষ্ট, মেধাৱী। স্পেনিছৰ দৰে ইংৰাজীও ক'ব পাৰে। চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰিছিল ৱাশ্বিংটনৰ পৰা। তাতে 1952ত ডেমিনিকান ৰিপাব্লিকৰ এজনী ছোৱালীক বিয়াও কৰাইছিল। কালডাছৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছত ৱাশ্বিংটনৰ পৰা আহি সি নাৱিক হিচাপে নিযুক্ত হ’ল। মবিল এৰাৰ মাত্ৰ কেইদিনমান আগতে সি মোক কৈছিল যে কলম্বিয়াত উপস্থিত হোৱাৰ পাছতে তাৰ প্ৰথম কাম হ’ব ঘৈণীয়েকক কাৰটাজেনালৈ লৈ অনা।
{{gap}}লুই ৰেনগিফো দীঘলীয়া সমুদ্ৰ যাত্ৰাৰ অভিজ্ঞতা নাছিল। জানিছিলোঁ, সি সমুদ্ৰ পীড়াত ভুগিব। যাত্ৰাৰ প্ৰথমদিনা পুৱা পোছাক পৰিধান কৰাৰ সময়ত মোক সুধিলে—
‘তোমাৰ অলপো গা বেয়া লগা নাই?’
{{gap}}‘নাই।' মই ক'লোঁ।
{{gap}}‘দুই-তিনি দিনৰ ভিতৰত দেখা পাম, তোমাৰ জিভা ওলাই আহিছে।’
{{gap}}‘ঠিক তোমাৰ যি হৈছে!’
{{gap}}‘মই যিদিনা অসুস্থ হ’ম’, সি ক'লে— ‘সিদিনা সমুদ্ৰও বেমাৰত পৰিব।’
{{gap}}বাংকত শুই টোপনিওৱাৰ চেষ্টা কৰোঁতে সেই ধুমুহাৰ কথা মনত পৰিল। সিদিনা ৰাতি পুনৰ মোৰ মনত ভয় ভাবৰ সঞ্চাৰ হ’ল। দুশ্চিন্তাত মই লুই ৰেনগিফোৰ কাষলৈ উভতি আহিলোঁ। সি তেতিয়া কাপোৰ পিন্ধি সাজু। মই ক'লোঁ— ‘এতিয়াৰে পৰা সাৱধান হ’বা, তোমাৰ জিভাই যাতে তোমাক শাস্তি নিদিয়ে।’{{nop}}<noinclude>{{rh||২০|}}</noinclude>
q2p86jm9t19higayrvx90m77f20no8d
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২১
104
58683
160808
157677
2022-08-17T04:50:32Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>
{{center|{{larger|দুই}}}}
{{center|{{X-larger|'''জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ'''}}}}
{{gap}}২৬ ফেব্ৰুৱাৰী। প্ৰীতি ভোজনৰ সময়ত এজন সহকৰ্মীয়ে ক'লে— 'আমি এতিয়া উপসাগৰৰ ওপৰত।’ আগদিনা মই মেক্সিকো উপসাগৰৰ বতৰক লৈ চিন্তিত আছিলোঁ। কিন্তু আমাৰ ডেষ্ট্ৰয়াৰ সামান্য দুলিলেও আগবাঢ়িছিল শান্তভাৱে। মোৰ ভালেই লাগিছিল। ভয়ৰ কোনো কাৰণ নাই। ডেকলৈ গৈ থিয় হ'লোঁ মই। উপকূল দিগন্তত বিলীন হৈ পৰিছে। কেৱল সেউজ সমুদ্ৰ আৰু নীলা আকাশ। ইয়াৰ পাছতো কিন্তু মিগুৱেল
ওৰতেগাই শেঁতা ৰুগ্ন চেহেৰাৰে ডেকৰ মাজতে বহি সমুদ্ৰ পীড়াৰ সৈতে যুঁজ দিছে যদিও সি নতুন নাৱিক নহয়, তথাপি যোৱা চৌবিছ ঘণ্টা সি থিয় হ’বই পৰা নাই।
{{gap}}ওৰতেগাই কাম কৰিছিল কোৰিয়াত। আল মিৰান্তে পাদিল্লা জাহাজত। সি বহু ঠাইত ঘূৰিছে, সমুদ্ৰক ভালদৰেই চিনি পায়। যদিও সাগৰ শান্ত, তথাপি নিৰীক্ষণৰ কাম শেষ হোৱাৰ পাছত ওৰতেগাক ওভতাই অনাত সহায় কৰিবলগা হ'ল। সি যন্ত্ৰণাত কাতৰ, খাদ্যবস্তু সহ্য কৰিব পৰা নাছিল। নিৰীক্ষণৰ কামত ব্যস্ত অন্যান্য সহকৰ্মীসকলে বাংকলৈ উভতি যোৱাৰ নিৰ্দেশ নহাপৰ্যন্ত তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু সি শুই পৰিল, মুখ গুঁজি মূৰটো একাতি কৰি বমি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
{{gap}}ৰেমন হেৰোৰাই ছাব্বিছ তাৰিখে ৰাতি যেন মোক কৈছিল— (কেৰিবিয়ানত প্ৰৱেশ কৰিলে অৱস্থা বেয়াৰ পিনে ঢাল খাব। মোৰ হিচাপ অনুসৰি মাজৰাতিৰ পাছত মেক্সিকো উপসাগৰ অতিক্ৰম কৰিম। টৰ্পেডোৰ নলৰ ওচৰত নিজৰ নিৰীক্ষণ কৰা ঠাইত থিয় হৈ মই বৰ আশান্বিত হৈ পৰিছিলোঁ। মনলৈ আহিছিল কেৱল কাৰটাজেনাৰ কথা। ৰাতিৰ পৰিষ্কাৰ আকাশ, আকাশত তৰা। নৌ বাহিনীত যোগদান কৰাৰ পাছৰে পৰা তৰা লেখাটো মোৰ অভ্যাসত পৰিণত হৈছে। সিদিনা ৰাতিও যেতিয়া কালডাছ ধীৰ গতিৰে কেৰিবিয়ানৰ পিনে ধাৱমান হৈছিল, মই আৰম্ভ কৰিছিলোঁ তৰা লেখিবলৈ।
{{gap}}সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা এজন নাৱিকে জাহাজৰ গতি দেখিয়েই ক’ব পাৰে সেইখন কোন সমুদ্ৰৰে আগুৱাইছে। যি টুকুৰা ঠাইত মই প্ৰথমবাৰৰ বাবে জাহাজত ভাঁহি আছোঁ, সেই অভিজ্ঞতাৰ পৰাই মোৰ ধাৰণা হ’ল, কেৰিবিয়ানত আহি উপস্থিত<noinclude>{{rh||২১|}}</noinclude>
hvssbddqdcwhgw4mxhte16eise2v9ay
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২২
104
58684
160809
156242
2022-08-17T04:56:57Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>
হৈছোঁ। ঘড়ীটোলৈ চালোঁ। ২৭ ফেব্ৰুৱাৰীৰ মাজৰাতি তেতিয়া, কিছু সময় পাছতে ৰাতি পুৱাব। জাহাজ বেছি দোলা নাছিল, তথাপি বুজিব পাৰিছিলোঁ, কেৰিবিয়ানতে আছোঁ। কিন্তু সকলো ওলট-পালট হৈ গ'ল। এক অদ্ভুত আশংকাই মোক ঘেৰি ধৰিলে। কিন্তু কিয় বুজিব পৰা নাছিলোঁ। তলৰ বাংকত থকা ওৰতেগাৰ কথা মনলৈ আহিল।
{{gap}}পুৱা ৬ বজাত ডেষ্ট্ৰয়াৰ ভয়ংকৰভাৱে নাচিব ধৰিলে। লুই ৰেনগিফোৰ নিদ্ৰা ভংগ হৈছিল, সি বমি কৰিবলৈ ধৰিছিল।
{{gap}}‘ফাতছোঁ!’, সি মোক সুধিলে— 'তোমাৰ এতিয়াও গা বেয়া লগা নাইনে?’
{{gap}}মই লগা নাই বুলি ক'লোঁ। কিন্তু তাক জনালোঁ যে মই বৰ চিন্তিত। আগতেই কৈছোঁ— ৰেনগিফো এজন অভিযন্তা, মেধাৱী ল’ৰা, ভাল নাৱিক। সি মোক বুজাইছিল, কিয় কেৰিবিয়ানত কালডাছৰ দৰে জাহাজৰ একো ক্ষয়-ক্ষতি হ’ব নোৱাৰে। সি ক'লে—‘এই জাহাজখন কুকুৰনেচীয়া বাঘৰ দৰে।’ মোৰ মনত পৰিল— যুদ্ধৰ সময়ত এনে এখন ডেষ্ট্ৰয়াৰেই এই এলেকাত এখন জাৰ্মান ছাবমেৰিনক ধ্বংস কৰিছিল।
{{gap}}‘এইখন নিৰাপদ জাহাজ।'— লুই ৰেনগিফোই পুনৰ ক'লে। মই মোৰ বাংকত দীঘল দি শুবলৈ যত্ন কৰিছিলোঁ যদিও জাহাজৰ দোলনত শুব পৰা নাছিলোঁ, তথাপি ৰেনগিফোৰ কথাই মোক আশ্বস্ত কৰিলে। ধীৰে ধীৰে বতাহ আৰু অধিক বেগেৰে বলিবলৈ ধৰিলে। মই কল্পনা কৰিবলৈ ধৰিলোঁ— ‘ভয়ংকৰ ঢৌৰ মুখত কালডাছৰ কি
{{Css image crop
|Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf
|Page = 22
|bSize = 425
|cWidth = 305
|cHeight = 192
|oTop = 321
|oLeft = 81
|Location = center
|Description =
}}<noinclude>{{rh||২২|}}</noinclude>
6q99nkdgozns51b6gt45i8xjg29636d
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৩
104
58685
160810
156243
2022-08-17T05:00:28Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>বিপৰ্যয় হ’ব পাৰে। তেতিয়াই ‘দি কেন মিউটিনি’ চিনেমাখনৰ কথা মনত পৰি গ'ল।
{{gap}}গোটেই দিনটো বতাহৰ কোনো পৰিৱৰ্তন নহ'ল। আমাৰ যাত্ৰাও অব্যাহত থাকিল। নিৰীক্ষণৰ ডিউটী শেষ কৰি উঠি কাৰটাগেনালৈ গৈ কি কৰিম তাকে ভাবিবলৈ ধৰিলোঁ। প্ৰথমেই মেৰীলৈ চিঠি লিখিম। ঠিক কৰিলোঁ, তাইলৈ সপ্তাহত দুখন চিঠি লিখিম। চিঠি লিখাৰ ক্ষেত্ৰত মোৰ কোনো এলাহ নাই। নৌ বাহিনীত যোগ দিয়াৰ পাছৰ পৰা প্ৰতি সপ্তাহত বোগোটাৰ ঘৰলৈ নিয়মিত চিঠি লিখি আহিছোঁ। মোৰ প্ৰতিবেশী এলেকা ওলেৱাত থকা বন্ধু-বান্ধৱলৈকো নিয়মিত লিখিছোঁ। মেৰীলৈ লিখিম কাৰটাজেনাত উপস্থিত হৈ। মই হিচাপ কৰি দেখিলোঁ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব— ছাব্বিছ ঘণ্টা। এয়াই মোৰ শেষবাৰৰ বাবে ঘড়ী চোৱা।
{{gap}}ৰেমন হেৰোৰাই মিগুৱেল ওৰতেগাক বাংকলৈ ওভতাই অনাত সহায় কৰিলে। তাৰ অৱস্থা আৰু অধিক শোচনীয় হৈছে। মবিল এৰি অহাৰ পাছত তিনিটা দিন একো এটা মুখত দিয়া নাই। কোনো প্ৰকাৰেহে কথা-বতৰা পাতিব পাৰিছে। মানুহজন তেনেই শেঁতা পৰি গৈছে। আৰু এতিয়া সাগৰীয় ধুমুহাত বিপৰ্যস্ত।
{{gap}}'''নৃত্য আৰম্ভ হ'ল'''
{{gap}}ঠিক দহ বজাৰ লগে লগে নৃত্য আৰম্ভ হ'ল। কালডাছ দুলিছিল গোটেই দিনটো, কিন্তু ২৭ তাৰিখৰ ৰাতি জাহাজৰ এই দোলন মাৰাত্মক ৰূপ ল’লে। বাংকত জাগি থাকি বাগৰ দি আছোঁ, নিৰীক্ষণৰ ডিউটী থকাসকলৰ কথা ভাবি চিন্তিত হৈছোঁ। কিন্তু আমি বাংকত থকাসকলেও শুব পৰা নাই। মাজনিশা এবাৰ তলৰ বাংকত থকা লুই ৰেনগিফোক সুধিলোঁ— ‘তুমি ঠিকে-ঠাকে আছাতো?’
{{gap}}ঠিকেই ভাবিছিলোঁ— ৰেনগিফোয়ো শুব পৰা নাই। জাহাজৰ দোলন সত্ত্বেও ৰসিকতা কৰিবলৈ এৰা নাছিল— ‘মই তোমাক কৈছিলোঁ নহয়, সিদিনাই মোৰ অসুখ হ’ব, যিদিনা সাগৰখনৰো অসুখ হ’ব।’ কিন্তু সিদিনা সেই ৰাতি তাৰ কথাবোৰ সম্পূৰ্ণ হ’বলৈ নাপালে।
{{gap}}মই আগতেই কৈছোঁ, নিজৰ অস্বস্তিৰ কথা। মনত অবুজ ভয়ৰ সঞ্চাৰ হৈছে। লাউড স্পীকাৰত নিৰ্দেশ আহিল— ‘সকলো কৰ্মীয়ে ‘পোৰ্ট ছাইড’ৰ কাষত আহি থিয় হওক।’
{{gap}}মই বুজি পালোঁ— এই নিৰ্দেশৰ অৰ্থ কি। জাহাজ বিপজ্জনকভাৱে ষ্টাৰ ৰোডৰ পিনে হাওলি গৈছিল। সকলোৱে পোৰ্ট ছাইডৰ ফালে গৈ নিজৰ দেহৰ ভাৰেৰে জাহাজখনক পোন কৰিব লাগিব। দুবছৰ ধৰি কৰা সমুদ্ৰযাত্ৰাৰ পাছত এই প্ৰথম সমুদ্ৰলৈ ভয় কৰিলোঁ। ডেকৰ ওপৰত বতাহৰ প্ৰচণ্ড শব্দ, সকলো নাৱিকে পানীত<noinclude>{{rh||২৩|}}</noinclude>
e9s8ciw0ova567pox7fesz7nufmw41t
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৪
104
58686
160811
156244
2022-08-17T05:03:36Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>তিতি জুৰুলি-জুপুৰি হৈছে আৰু ঠাণ্ডাত কঁপিছে।
{{gap}}নিৰ্দেশটো শুনাৰ লগে লগে মই বাংকৰ পৰা জাঁপ মাৰি নামিলোঁ। লুই ৰেনগিফো শান্তভাৱে উঠি পোৰ্ট ছাইডৰ পিনে এটা বাংকলৈ গ'ল। সেইটো উদং আছিল, তাৰে নাৱিকজন তেতিয়া নিৰীক্ষণৰ কামত ব্যস্ত। আন বাংকবোৰত ধৰি খুপি খুপি আগুৱাবলৈচেষ্টা কৰিলোঁ আৰু তেতিয়াই মনত পৰিল মিগুৱেল ওৰতেগালৈ।
{{gap}}সি লৰচৰ কৰিব পৰা নাছিল। নিৰ্দেশ শুনি উঠিবলৈ চেষ্টা কৰোঁতেই বাংকত পৰি গ’ল। ক্লান্তি আৰু সমুদ্ৰপীড়াই তাক জঠৰ কৰি পেলাইছিল। মই তাক তুলিবলৈ যত্ন কৰিলোঁ। পোৰ্ট ছাইডৰ পিনে থকা এটা বাংকলৈ লৈ গৈ তাক আশ্বস্ত কৰিলোঁ। ম্লান স্বৰত সি মোক ক'লে— সি অসুস্থ।
{{gap}}মই ক'লোঁ— ‘জানো। মোক কিবা এটা ব্যৱস্থা কৰিবলৈ দিয়া— যাতে তুমি নিৰীক্ষণৰ ডিউটীলৈ যাব নালাগে।’
{{gap}}এয়া মোৰ নিৰ্মম ৰসিকতা যেনহে লাগিল। কিন্তু যদি মিগুৱেল বাংকতে থাকিলেহেঁতেন, সি নিশ্চয় বাচি গ'লহেঁতেন। ২৮ তাৰিখে ৪ বজাৰ লগে লগে পুনৰ নিৰ্দেশ আহিল। এটা মিনিটো সময় নষ্ট নকৰি আমি ছজন ডেকলৈ আহিলোঁ। আমাৰ মাজত আছিল মোৰ সকলো সময়ৰ সংগী ৰেমন হেৰোৰা আৰু নিৰীক্ষণ অফিচাৰ গিলাৰমো ৰোজো৷ আমাৰ জাহাজত এয়াই আছিল আমাৰ অন্তিম ডিউটী। জানিছিলোঁ যে দুপৰীয়া দুই বজাৰ ভিতৰত কাৰটাজেনাত উপস্থিত হ’ব। ডিউটী শেষ হ'লেই আকৌ শুবলৈ যাম— যাতে আঠ মাহৰ অন্তত দেশৰ মাটিত উপস্থিত হৈ মনৰ ইচ্ছাৰে ফুৰা-চকা কৰিব পাৰোঁ— প্ৰাণভৰি উপভোগ কৰিব পাৰোঁ সকলো। চাৰে পাঁচমান বজাত কেবিন কৰ্মী এজনক লগত লৈ ডেকৰ তল পৰীক্ষা কৰিবলৈ গ'লোঁ। যিসকলে ইমানপৰে ফুল ডিউটীত আছিল, প্ৰাতঃভোজনৰ বাবে ৭ বজাত তেওঁলোকক ছুটী দিয়া হ’ল। আঠ বজাত তেওঁলোক উভতি অহাৰ পাছত আমি ৰেহাই পালোঁ। এয়াই মোৰ শেষ নিৰীক্ষণ। অস্বাভাৱিক একো ঘটা নাই, যদিও বতাহৰ কোপ ক্ৰমান্বয়ে বাঢ়িছে আৰু সাগৰৰ ঢৌ আৰু অধিক বিশালতৰ ৰূপ লৈছে। জাহাজৰ মাস্তুলত ঠেকা খাইছে, পানীৰে ভৰি পৰিছে ডেক।
{{gap}}ৰেমন হেৰোৰা জাহাজৰ শেষ প্ৰান্তত আৰু তাত লুই ৰেনগিফো ব্যস্ত জীৱন ৰক্ষক হিচাপে হেডফোন লৈ। ডেকৰ সোঁমাজত মিগুৱেল ওৰতেগা শুই পৰিছে, যন্ত্ৰণা আৰু সমুদ্ৰ-ৰোগত। জাহাজৰ এইখিনি ঠাই সকলোতকৈ শান্ত। মই যোগান বিভাগৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক এডোৱাৰ্ডো কাষ্টিলোৰ সৈতে কিছু কথা পাতিলোঁ। তাক বেছ শান্ত যেন দেখা গৈছিল। বোগাতাৰ স্নাতক সি। মনত নাই তাৰ স’তে কি কথা পাতিছিলোঁ। মনত আছে কেৱল পাছত আৰু তাৰ সৈতে কেতিয়াও দেখা নহ'ল। এঘণ্টামান পাছত<noinclude>{{rh||২৪|}}</noinclude>
0pre197erqd9ekjsgi5wmzig42qjfnk
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৫
104
58687
160812
156245
2022-08-17T05:14:04Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>সি জাঁপ দিছিল সমুদ্ৰৰ বুকুত।
{{gap}}গা ঢাকি শুবৰ বাবে ৰেমন হেৰোৰাই অলপ পিচবোৰ্ড যোগাৰ কৰি গৈছিল। জাহাজৰ এই দোলনত কুঠৰীত শোৱাটো আমাৰ বাবে অসম্ভৱ আছিল। ঢৌবোৰ দীঘলীয়া হৈছিল, শক্তিও আছিল প্ৰবল, বাৰে বাৰে আছাৰ খাই পৰিছে ডেকত। জাহাজৰ পিছ অংশত থকা ৰেফ্ৰিজাৰেটৰ, ৱাচিং মেচিন, ষ্টোভৰ মাজতে মই আৰু ৰেমন হেৰাৰাই বাগৰ দিছোঁ। সতৰ্ক হৈ যাতে ঢৌৰ খুন্দাত উটি নাযাওঁ। আকাশলৈ চালোঁ মই। কিছু যেন নিশ্চয়তা পালোঁ— এনে লাগিছিল, এনেদৰে আৰু কেইঘণ্টামান পাৰ কৰিব পাৰিলেই কাটাজেনাৰ উপসাগৰত উপস্থিত হ’ব পাৰিম।
{{gap}}'''এক মুহূৰ্তৰ নীৰৱতা'''
{{gap}}‘কেইটা বাজিছে?’— লুই ৰেনগিফোৱে সুধিলে। সেই মুহূৰ্তত ঘড়ীত চাৰে এঘাৰ বজাৰ সংকেত। জাহাজখন বিপজ্জনকভাৱে ষ্টাৰবোৰ্ডৰ পিনে হাওলি পৰাৰ সেই ঘটনা ঘটাৰ এটা ঘণ্টা অতিক্ৰম কৰিছে। হঠাৎ লাউড স্পীকাৰত পুনৰ যোৱা নিশাৰ নিৰ্দেশটো বাজি উঠিল— ‘সকলো কৰ্মী পোৰ্ট ছাইডৰ পিনে আহি থিয় হওক।’ মই আৰু ৰেমন হেৰোৰাই লৰচৰ নকৰিলোঁ, কিয়নো আমি যথাস্থানতে আছিলোঁ।
{{gap}}মনলৈ আহিল মিগুৱেল ওৰতেগাৰ কথা। তাক মই ষ্টাৰবোৰ্ডৰ পিনে দেখিলোঁ। সমুদ্ৰ-ৰোগ যন্ত্ৰণা সহিব নোৱাৰি মোৰ কাষেৰে ঘূৰি সি পোৰ্ট ছাইডৰ পিনে আঁতৰি গ’ল। ঠিক সেই মুহূৰ্ততে জাহাজখন মাৰাত্মকভাৱে হাওলি গ'ল। চকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ পৰিল মিগুৱেল। মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটিল। এটা বিশাল ঢৌ আছাৰ খাই পৰিল মোৰ গাত। সম্পূৰ্ণ তিতি গ'লোঁ। যেন সমুদ্ৰৰ পৰাহে উঠি আহিছোঁ। ধীৰে ধীৰে জাহাজখন সোঁদিশে হাওলিবলৈ ধৰিলে। লুই ৰেনগিফো ভয়ত একেবাৰে শেঁতা পৰি গৈছে, বিব্ৰতকণ্ঠে সি ক'লে— ‘হে ভগৱান জাহাজ ডুবিব এতিয়া, কি কৰোঁ?’
{{gap}}এই প্ৰথম লুই ৰেনগিফোক ভয় খোৱা দেখিলোঁ। মোৰ কাষতে ৰেমন হেৰোৰা চিন্তামগ্ন, পানীৰে তিতি গৈছে সিও। আমাৰ মাজত নিস্তব্ধতা। ৰেমনে প্ৰথমে মাত দিলে— ‘যেতিয়া ৰছী কাটি মালবোৰ সাগৰত পেলাই দিয়াৰ নিৰ্দেশ আহিব, প্ৰথমে মই যাম।’
{{gap}}এঘাৰ বাজি পঞ্চাছ মিনিট। ভাবিছিলোঁ— ৰছী কটাৰ নিৰ্দেশ আহিব। ৰছী কটাৰ অৰ্থ হ’ল ডেকক ভাৰমুক্ত কৰা। নিৰ্দেশ দিয়াৰ লগে লগেই ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ষ্টোভ— সকলো উটি যাব সমুদ্ৰত। তেতিয়া আমি তলৰ কুঠৰিত আশ্ৰয় ল’ব লাগিব। কাৰণ ৰেফ্ৰিজাৰেটৰ আৰু ষ্টোভৰ আঁৰতেই আমি আশ্ৰয় লৈ আছোঁ। সেইবোৰ<noinclude>{{rh||২৫|}}</noinclude>
sugdxv8kdoq3xth36y09hen0imvbqnw
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
0
60702
160813
2022-08-17T06:46:25Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = | next = | notes = | categories = }} <pages index="..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous =
| next =
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=1 to=96/>
{{page break|label=}}
n00aq2d4tthq9adrwt6nrejdddj6f7u
160814
160813
2022-08-17T06:55:28Z
ঈশান জ্যোতি বৰা
1642
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous =
| next =
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=1 to=96/>
{{page break|label=}}
[[শ্ৰেণী:প্ৰশান্ত কুমাৰ দাসৰ সাহিত্যকৰ্ম]]
[[শ্ৰেণী:আঁক-বাকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ]]
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2022061010009081|user=Jayantanth}}
669rpc9rc7xl70shi72k8w361v0tila
160815
160814
2022-08-17T07:14:16Z
ঈশান জ্যোতি বৰা
1642
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous =
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/অনুবাদকৰ কথা|অনুবাদকৰ কথা]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=1 to=3/>
{{page break|label=}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=4 to=6/>
{{page break|label=}}
[[শ্ৰেণী:প্ৰশান্ত কুমাৰ দাসৰ সাহিত্যকৰ্ম]]
[[শ্ৰেণী:আঁক-বাকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ]]
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2022061010009081|user=Jayantanth}}
rfpa88rs6mn2mwf3i5pm6cywgp0a82w
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/অনুবাদকৰ কথা
0
60703
160816
2022-08-17T07:17:37Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = | next = <big>ডুবন্ত জাহাজৰ দু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous =
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ভূমিকা|ভূমিকা]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=7 to=9/>
7kduqddnd43snp8a1tm598ue9nwecto
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ভূমিকা
0
60704
160817
2022-08-17T07:19:35Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/অনুবাদকৰ কথা|অনুবাদকৰ কথা]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ|সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=10 to=13/>
bsor5fd4mo01ypdsaz7elshsz8surx2
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ
0
60705
160818
2022-08-17T07:21:43Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ|সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ|জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=14 to=20/>
770r2f2qaxvn9lscr533ril43wypv5w
160819
160818
2022-08-17T07:23:38Z
ঈশান জ্যোতি বৰা
1642
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ভূমিকা|ভূমিকা]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ|জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=14 to=20/>
c17oakohzppr0klgt9dwrpa5q0vpsje
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ
0
60706
160820
2022-08-17T11:12:58Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ|সমুদ্ৰত মৃত্যু হ'ল জাহাজৰ সহকৰ্মীসকলৰ]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/চাৰি বন্ধুৰ সলিল সমাধি|চাৰি বন্ধুৰ সলিল সমাধি]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=21 to=26/>
rkrdpvbeouakolnxwz272zbddggszcq
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/চাৰি বন্ধুৰ সলিল সমাধি
0
60707
160821
2022-08-17T11:16:21Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ|জাহাজত আমাৰ অন্তিম মুহূৰ্তবোৰ]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি|কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=27 to=31/>
ay6lqmjuy2ibgedygvb4druqw9bscsa
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি
0
60708
160822
2022-08-17T11:19:20Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/চাৰি বন্ধুৰ সলিল সমাধি|চাৰি বন্ধুৰ সলিল সমাধি]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/লাইফ বোটত আৰু এজন সংগী|লাইফ বোটত আৰু এজন সংগী]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=32 to=37/>
71s59x7iske20nmkq8s9kvrzn1ux3tt
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/লাইফ বোটত আৰু এজন সংগী
0
60709
160823
2022-08-17T11:21:57Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
| author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ
| year = ২০১৫ খ্ৰীষ্টাব্দ
| translator = প্ৰশান্ত কুমাৰ দাস
| section =
| previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি|কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি]]</big>
| next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ|উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ]]</big>
| notes =
| categories =
}}
<pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=38 to=43/>
mbftdkvprgpdsznf5nmhv8nymqwrolh