ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.25 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৯ 104 29887 160824 65709 2022-08-18T01:09:45Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="অনামিকা(চুমু) বড়া" />{{Head2Columns}}</noinclude>কেইবা ঠাইতো থাকি শেষত ধুঞাঁহাটাত গৈ বাস কৰে। ইয়াত তেওঁ ওঠৰ বছৰ কাল একেৰাহে থাকি বহুতক এক শ্ৰণ ধৰ্ম্মত শৰণ দিয়ে। মহাপুৰুষ ত্ৰীমাধৱদেৱে ইয়াতেই শ্ৰীশঙ্কৰৰ সঙ্গ লাভ কৰে। এই সময়ৰপৰা এক শৰণ ধৰ্ম্ম উজনীত কোৱাল ভাৱে চলিবলৈ ধৰে। কিন্তু কিছুদিন পাছতেই ৰজাৰ কোপদৃষ্টি পৰাত শ্ৰীশঙ্কৰে উজনী অসম ত্যাগ কৰি ভটিয়াই আহি মহাৰাজ নৰনাৰায়ণৰ ৰাজ্য কামৰূপৰ পাটবাউসী পায়হি। শ্ৰীশঙ্কৰে শিষ্যসকলৰ সৈতে পাটবাউসীত বহুকাল থাকে।<br/> {{gap}}শ্ৰীশঙ্কৰদেৱে প্ৰাচীনকালৰ বৌদ্ধসংস্ৰামৰ দৰে সত্ৰপাতি বহুতো উদাসীন আৰু গৃহস্থী ভকত বাস কৰোৱাৰ ব্যৱস্থা কৰিছিল। সত্ৰবোৰ গণতান্ত্ৰিক নিয়মে চলেৱাইছিল; তদুপৰি প্ৰত্যেক সত্ৰতে পুথিভৰাল, পণ্ডিত, লিখা-পঢ়া, শিকাৰ ব্যৱস্থা, ঔষধ তৈয়াৰ কৰা শিক্ষা, চিত্ৰ বিদ্যা, খনিকৰি বিদ্যা আদিৰ চৰ্চ্চাৰো ব্যৱস্থা আছিল।<br/> {{gap}}শ্ৰীমস্ত শঙ্কৰদেৱৰ প্ৰধান কৰ্ম্মক্ষেত্ৰ পাটবাউসী ধাম; ইয়াত থকা কালতেই শ্ৰীদামোদৰদেৱ, শ্ৰীহৰিদেৱ, শ্ৰীগোপাল দেৱ (আতা) আৰু শ্ৰীনাৰায়ণ ঠাকুৰে তেওঁৰ সঙ্গলাভ কৰি এক শৰণ ধৰ্ম্ম প্ৰাচীন কামৰূপত বহুলভাৰ প্ৰচাৰ কৰে। কিছুদিন এইদৰে ধৰ্ম্মপ্ৰচাৰ হলত শ্ৰীশঙ্কৰৰ ওপবত মহাৰাজ নৰনাৰায়ণৰ কোপদৃষ্টি পৰে; কিন্তু পাছত মহাৰাজে শ্ৰীশঙ্কৰৰ গুণ-গৰিমা বুজি পাই তেওঁক বিশেষ আদৰ কৰে আক নিজ ৰাজধানীৰ ওচৰতে তেওঁৰ থকা মেলাৰ বন্দোৱন্ত কৰি দিয়ে। শ্ৰীশঙ্কৰে প্ৰায় ৯১ বছৰ বয়সত এই পাটবাউসীৰ পৰা ১১০ জন শিষ্য লগত লৈ ২য় বাৰ {{TwoColumns}} यहाँ लगातार १८ बरस तक रह कर बहुत लोगोंको एक शरजल धर्मकी शिक्षा दोक्षा दी। महापुरुष माधवदेव यहोपर इनके सत्संगम' आये। इसो समयसेहो उजनोम' एक शरण धर्मका प्रभाव जोरसे होने लगा। लेकिन थोड़े दिनोंके बाद वे राजाकी कोपहष्टिम पड़ कर उजनो असम छोड़ कर महाराज नरनारायणक राज्यमें' तथा कामरूप जिलेक पाटबाउसी नाम्रक स्थानम' चले गये और अपने शिष्यो' सहित वहीं पर अनेक दिनो तक रहे। जऔीशंकरदेवने बौद्ध संघारास कहीं कह्तींपर सत्र बनवाकर बचुतसे उदासौन और ग्टहस्थो भक्नोंको बसानेकों व्यवस्था कौ थो। सत्नोंको गणतान्विक पद्रतिसे चलानेकों व्यवस्था थो। उसमे भो हर सक्नमे पुस्तकालय, शिक्षा देनेकी व्यवस्था, औषध बनानेको शिक्षा, चित्रविद्या, तथा कारीगरी विद्या आदिको चर्चा करनेको व्यवस्था थी। औश करदेवका प्रधान कर्मचेत्र पाटबाउसी है। इस समयमे'हो ओऔदाभोदरदेव, श्ौह्रिदेव, योगोपालदेव (आता ) और जौनारायण ठाकुर आदि पुरुषों ने उनका स'ग लाभ किया था।, बे एक शरण धर्मका प्रचार, कामरुपमे करते थे। कुछदिन इसो तरह घमम- प्रचार करनेके बाद महाराज नरनारायणको कोपदृष्टि पड़ी- लेकिन बादमें महाराजने श्रोशंकरको गुण-गरिसा देखकर उन्हें विशेष सब्मानित कर अपनी राजधानोक नजदीक ही उनको रहनेको व्यवस्था करवा दौ। ग्रोश'करदेवने करोब ८१ बरस हो उस्प्रमे' पाटवाउसोसे हो १२५ शिश्यो' को लेकर दूसरोबार<noinclude>{{Foot2Columns}}</noinclude> 188rzpj1ndbukr6rprbklhsazje3kom সূচী:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf 106 58276 160828 160647 2022-08-18T02:41:14Z Scatter2021 2529 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক |Language=as |Volume= |Author=গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ |Co-author1= |Co-author2= |Co-author3= |Translator=প্ৰশান্ত কুমাৰ দাস |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আঁক-বাক |Address=গুৱাহাটী |Year=2015 |Key= |ISBN=978-93-85-934-04-9 |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 4="প্ৰকাশন" 2to3="শিৰোনাম পৃষ্ঠা" 3="প্ৰথম পৃষ্ঠা" 5="উছৰ্গা" 6to9="কৃতজ্ঞতা" 7to9="অনুবাদকৰ কথা" 10to14=''মূল লেখকৰ একাষাৰ" 14="-" 15="15" 95="-" 96="বেটুপাতৰ দ্বিতীয় পৃষ্ঠা" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer={{rh||{{{pagenum}}}|}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা লেখা]] [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] hzj6np25ruaqe4gl55tixoi2y4qdsz1 160829 160828 2022-08-18T02:43:38Z Scatter2021 2529 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক |Language=as |Volume= |Author=গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ |Co-author1= |Co-author2= |Co-author3= |Translator=প্ৰশান্ত কুমাৰ দাস |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আঁক-বাক |Address=গুৱাহাটী |Year=2015 |Key= |ISBN=978-93-85-934-04-9 |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 4="প্ৰকাশন" 2to3="শিৰোনাম পৃষ্ঠা" 3="প্ৰথম পৃষ্ঠা" 5="উছৰ্গা" 6to9="কৃতজ্ঞতা" 7to9="অনুবাদকৰ কথা" 10to13=''পাতনি" 14="-" 15="15" 95="-" 96="বেটুপাতৰ দ্বিতীয় পৃষ্ঠা" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer={{rh||{{{pagenum}}}|}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা লেখা]] [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] o1kjy19om35su40rh465dq6svq8cvdp পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১১ 104 58281 160842 156228 2022-08-18T02:52:18Z Scatter2021 2529 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>হৈছিল। কেৱল তেওঁলোকে বাতৰি প্ৰকাশৰ অধিকাৰ পাইছিল, যিয়ে কেৱল পঢ়ুৱৈক সস্তীয়া মনোৰঞ্জন দিবলৈ অৰাজনৈতিক বাতৰিহে ছপা কৰিছিল। এল প্ৰছপেক্টাডৰ’ত এই মহান কামফেৰা সম্পন্ন কৰাৰ দায়িত্ব লৈছিল সঞ্চালক গুইলেৰমো কানো, মুখ্য সম্পাদক জোছ ছালগাৰ আৰু ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে মই। আমি কোনেও ত্ৰিছ বয়স অতিক্ৰম কৰা নাছিলোঁ। {{gap}}লুই আলজেন্দ্ৰো ভেলাছকোৱে কিছু অৰ্থৰ বিনিময়ত তেওঁৰ নিজৰ কাহিনীটো ক’বলৈ মান্তি হ’ল। আমি এই কাহিনীটো নতুনকৈ সজাই প্ৰকাশ কৰিব বিচাৰিছিলোঁ। কিন্তু সেনা বিভাগে তেওঁক মানুহৰ পৰা আঁতৰাই ৰাখিছিল নৌ বাহিনীৰ এখন চিকিৎসালয়ত শুশ্ৰূষা কৰাৰ নামত। কেৱল সেইসকল সাংবাদিককহে তেওঁক সাক্ষাতৰ অনুমতি দিয়া হৈছিল, যিসকল আছিল চৰকাৰৰ সমৰ্থক। কিন্তু এজন বিৰোধী সাংবাদিকেহে দুঃসাহসেৰে চিকিৎসকৰ ছদ্মৱেশ সাজি প্ৰৱেশ কৰিছিল সেই চিকিৎসালয়খনত। ইতিমধ্যে ভেলাছকোৰ কাহিনীটো বহুবাৰ বহু ঠাইত প্ৰকাশ পাইছে। কিন্তু সেই অতিৰঞ্জিত উদ্ভট-অস্বাভাৱিক কাহিনীবোৰ পঢ়ি পঢ়ি পঢ়ুৱৈ ক্লান্ত হৈ পৰিছিল। ইফালে কাহিনীৰ নায়কজন পৰিণত হৈছিল ৰূপকথাৰ নায়কত— যিয়ে ভুমুকি মাৰিছিল ঘড়ীৰ বিজ্ঞাপনত ( কিয়নো সেই সাগৰীয় বিপৰ্যয়তো নষ্ট হোৱা নাছিল তেওঁৰ ঘড়ীটো ), ভুমুকি মাৰিছিল জোতাৰ বিজ্ঞাপনত ( কিয়নো তেওঁ ক্ষুধা নিবৃত্তিৰ অৰ্থে সেই জোতা ফালি উলিয়াবলৈ সক্ষম নহয় ) আৰু তেওঁ বহু প্ৰচাৰৰ কামতো নায়ক হিচাপে ভুমুকি মাৰিছিল। সকলো ধৰণে তেওঁক সজাই তোলা হৈছিল। ৰেডিঅ’ত উদাত্তকণ্ঠে দেশপ্ৰেমমূলক ভাষণ দিবলৈ কোৱা হৈছিল, টিভিত তেওঁক দেখুওৱা হৈছিল ভৱিষ্যৎ প্ৰজন্মৰ আদৰ্শ হিচাপে আৰু ফুলেৰে সজাই গান-বাজনা কৰি তেওঁক গোটেই দেশতে ঘূৰাই ফুৰোৱা হৈছিল। ৰাজহুৱাভাৱে তেওঁক চুম্বন কৰিছিল সুন্দৰী ৰমণীসকলে। তেওঁৰ সৌভাগ্যৰ দুৱাৰ খোল খাই গৈছিল। তেওঁ আমাৰ ওচৰলৈ আহি ওলাইছিল কোনোধৰণৰ আমন্ত্ৰণ অবিহনে— যদিও প্ৰথমাৱস্থাত আমি তেওঁৰ কাষ চাপিবলৈ বহু চেষ্টা কৰিছিলোঁ। তেতিয়ালৈ তেওঁৰ নতুনকৈ ক'বলগীয়া একো নাছিল। টকাৰ বিনিময়ত তেওঁৰ কাহিনী কোৱা শেষ হৈ গৈছে। ইফালে চৰকাৰেও তেওঁৰ মুখত বান্ধি থৈছে লেকাম। তেওঁক আমি বিদায় দিছিলোঁ। কিন্তু ( কাৰ্যালয়ৰ পৰা নামি যাওঁতে ) চিৰিত মুখামুখি হ'ল গুইলেৰমো কেনোৰে, কেনোৱে তেওঁৰ চৰ্তবোৰ মানি ল’লে আৰু শোধাই দিলে মোৰ হাতত-- যেন এটা বোমাহে তুলি দিলে। {{gap}}এই সুঠাম চেহেৰাৰ ডেকাজনক দেখি প্ৰথমে মই হতবাক হৈ পৰিছিলোঁ। এগৰাকী জাতীয় নায়কৰ সলনি তেওঁক ট্ৰামপেট বজোৱা মানুহ যেনহে লাগিছিল, কিন্তু তাৰ আছিল কথা কোৱাৰ অপূৰ্ব দক্ষতা। প্ৰখৰ স্মৃতি আৰু বিশ্লেষণ ক্ষমতা আছিল অকল্পনীয়।{{nop}}<noinclude></noinclude> 94lka575rjmjftbm2otzyqmc8ouqb8m পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৫ 104 58283 160848 155293 2022-08-18T02:55:25Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 15 |bSize = 425 |cWidth = 237 |cHeight = 249 |oTop = 54 |oLeft = 83 |Location = center |Description = }} {{center|{{smaller|''লুই আলজেন্দ্ৰা ভেলাছকো''}}}} {{center|{{larger|এক}}}} {{center|<poem>{{X-larger|'''সমুদ্ৰত মৃত্যু হ'ল''' '''জাহাজৰ সহকৰ্মীসকলৰ'''}}</poem>}} {{gap}}কলম্বিয়ালৈ উভতি যোৱা হ’ব— এই কথা আমাক ২২ ফেব্ৰুৱাৰীৰ দিনা জনাই দিয়া হ’ল। আঠ মাহ ধৰি আমি আলবামাৰ মবিলত আছিলোঁ, ইলেক্ট্ৰ’নিক যন্ত্ৰ-পাতি আৰু আমাৰ জাহাজ কালডাছৰ কামান মেৰামতি কৰাৰ উদ্দেশ্যেৰে কামৰ পৰা মুক্ত হ’লে বন্দৰলৈ আহি নাৱিকসকলে যি কৰে, তাকে কৰিছিলোঁ। বান্ধৱী এজনী যোগাৰ কৰি হয়তো চিনেমা চাবলৈ গৈছোঁ অথবা গৈছোঁ বন্দৰত থকা ‘জো পালুকা’ নামৰ বাৰত হুইস্কি খাবলৈ, কেতিয়াবা হয়তো পৰস্পৰৰ সৈতে লিপ্ত হৈছোঁ মাৰপিটতো। {{gap}}মেৰী এড়ৰেছ মোৰ বান্ধৱীগৰাকীৰ নাম। এজন নাৱিকে তাইৰ সৈতে মোক<noinclude>{{rh||১৫|}}</noinclude> 8rre1srbz8cqqvrdbcixn35oox3svbh পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৬ 104 58285 160847 156233 2022-08-18T02:55:12Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>চিনাকি কৰাই দিছিল। মবিলত দুমাহ কটোৱাৰ পাছত মেৰীয়ে অলপ-অচৰপ স্পেনিছ ক’বলৈ শিকি পেলালে। কিন্তু মই জানো যে বন্ধুবৰ্গই যেতিয়া তাইক Maria Direccion বুলি ঠাট্টা কৰি মাতে, তাৰ মৰ্ম তাই এতিয়াও বুজিব পৰা হোৱা নাই। যিমানবাৰ মই বন্দৰত নামিছিলোঁ, তাইক চিনেমালৈ লৈ গৈছোঁ, কেতিয়াবা হয়তো তাই ইচ্ছা কৰিছিল বাবে নিছোঁ আইচক্ৰীম খাবলৈকো। অৰ্ধেক ইংৰাজী আৰু অৰ্ধেক স্পেনিছ ভাষাৰে আমি পৰস্পৰক কোনো প্ৰকাৰে বুজি উঠিছিলোঁ। কিন্তু চিনেমা চাবলৈ বা আইচক্ৰীম খাবলৈ আমি পৰস্পৰক বুজি পোৱাত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল। {{gap}}যিদিনা ‘দ্য কেন মিউটিনি’ নামৰ চিনেমাখন চাবলৈ গৈছিলোঁ, কেৱল সিদিনাহে ৰাতি মেৰী মোৰ লগত নাছিল। মোৰ বন্ধুসকলে কৈছিল যে মাইন ছুইপাৰ জাহাজৰ জীৱনযাত্ৰাৰ বিষয়ে এইখন এখন বঢ়িয়া চিনেমা। সেইবাবেই চাবলৈ গ’লোঁ। কিন্তু চিনেমাখনৰ আটাইতকৈ বঢ়িয়া বস্তুটো হ’ল ধুমুহাৰ দৃশ্যসমূহহে, মাইন ছুইপাৰ জাহাজখন নহয়। আমি সকলোৱে একমত হ’লোঁ⸺ এনেধৰণৰ অৱস্থাত পতিত হ’লে জাহাজৰ গতিপথ সলনি কৰাত বাদে আৰু কোনো বিকল্প নাই। বিদ্ৰোহীসকলেও তাকেই কৰিছিল। কিন্তু বাস্তৱ জীৱনত আমি কোনেও এনেধৰণৰ ধুমুহাৰ মুখামুখি হ’বলগা হোৱা নাছিলোঁ সেয়ে ধুমুহাৰ দৃশ্যবোৰে আমাৰ মনত যিধৰণে প্ৰভাৱিত কৰিলে, চিনেমাখনে তেনেধৰণে কৰিব নোৱাৰিলে। সিদিনা নিশা জাহাজলৈ যেতিয়া উভতি আহিলোঁ, ডিয়েগো ভেলাছকোয়েছ নামৰ নাৱিকজনে আমাক সোঁৱৰাই দিলে যে দুই-এদিনৰ ভিতৰতে আমি সমুদ্ৰলৈ ৰাওনা হ’ম। চিনেমাখনে ডিয়েগোকো প্ৰভাৱিত কৰিছিল। সম্ভৱতঃ সেইবাবেই চিন্তিতভাৱে তেওঁ ক’লে⸺ ‘যদি আমাৰো তেনে অৱস্থা হয়?’ {{gap}}মই স্বীকাৰ কৰিবই লাগিব যে চিনেমাখনে আমাৰ সকলোৰে মাজত যথেষ্ট ছাপ পেলাইছে। যোৱা আঠ মাহ ধৰি মই সমুদ্ৰৰ জীৱন অতিবাহিত কৰিছোঁ। মই ভয়াতুৰ নহয়। জাহাজৰ শিক্ষক এজনে আমাক শিকাইছিল— জাহাজ ডুবিলে কি কি কৰিব লাগে। তথাপি ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত কিয় জানো অস্বস্তিত ভুগিছিলোঁ! {{gap}}এই অস্বস্তি এই সংশয় যে আচলতে কোনো ভয়াৱহ বিপদৰ আগজাননী, মই তাকো ক’ব খোজা নাই। কিন্তু ইয়াৰ আগতে মোৰ কেতিয়াও ইমান ভয় লগা নাছিল। মোৰ শৈশৱকালত বোগোটাত কিতাপৰ ছবি চাই চাই আত্মবিভোৰ হওঁতেও মোৰ কেতিয়াও ভাব হোৱা নাছিল যে কোনোবাই সমুদ্ৰত মৃত্যুমুখত পৰিবলগীয়া হয়। বৰং সমুদ্ৰৰ প্ৰতি মোৰ আছিল অগাধ বিশ্বাস। দুবছৰ আগতে নৌ বাহিনীত যোগ দিয়াৰ সময়ৰে পৰা মই কেতিয়াও সমুদ্ৰলৈ যাবলৈ ভীতিগ্ৰস্ত হোৱা নাই। কিন্তু ক’বলৈ লাজ নকৰোঁ⸺ ‘দ্য কেন মিউটিনি’ চোৱাৰ পাছত সঁচাকৈয়ে ভয়ৰ ভূত মোৰ কান্ধত উঠি<noinclude>{{rh||১৬|}}</noinclude> sd3rfv09j742sv0oec8n1d8oks2huec পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৭ 104 58286 160846 156234 2022-08-18T02:54:50Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>বহিল। বাংকত উবুৰি হৈ শুই শুই মই কেৱল পৰিয়ালৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ। বাৰে বাৰে ব্যাঘাত জন্মিল টোপনিত। হাত দুখন ভাঁজ কৰি তাতে মূৰটো থৈ নীৰৱে শুনি গ'লোঁ সাগৰৰ ঢৌবোৰৰ শব্দ। বাৰে বাৰে আহি মোৰ কাণত বাজি থাকিল কুঠৰিটোৰ নিদ্ৰামগ্ন চল্লিছজন নাৱিকৰ শ্বাস-প্ৰশ্বাসৰ আৱাজ। মোৰ বাংকৰ তলতে প্ৰথম শ্ৰেণীৰ নাৱিক লুই ৰেনগিফোৱে বাঁহীৰ দৰে নাক বজাইছিল। নাজানো তেওঁ কি ধৰণৰ সপোন দেখিছে। যদি তেওঁ জানিলেহেঁতেন আৰু মাত্ৰ আঠটা দিন পাছত সমুদ্ৰত তেওঁৰ মৃত্যু ঘটিব, তেন্তে এনেদৰে তেওঁ কেতিয়াও নিশ্চিতভাৱে শুব নোৱাৰিলেহেঁতেন। {{gap}}গোটেই সপ্তাহটো ধৰি মোৰ অস্বস্তি থাকিয়ে গ’ল। যাত্ৰাৰ দিনটো যেন ভয়ংকৰভাৱে আগুৱাই আহিছে। আত্মবিশ্বাস ওভতাই অনাৰ বাবে সহকৰ্মীসকলৰ সৈতে গল্প-গুজব আৰম্ভ কৰিলোঁ। বিশেষকৈ পৰিয়াল, ল’ৰা-ছোৱালীয়েই আছিল আমাৰ আলোচনাৰ বিষয়। কলম্বিয়া, আমাৰ প্ৰত্যাৱৰ্তন এইবোৰৰ বিষয়ে সকলোৱে বাৰে বাৰে আলোচনা কৰিছিল। অলেখ উপহাৰেৰে জাহাজ ভৰি পৰিছিল, আমি এই সকলোবোৰেই ঘৰলৈ কঢ়িয়াই লৈ যাম। ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, ষ্টোভ। ময়ো এটা ৰেডিঅ’ কিনিছিলোঁ। {{gap}}মনৰ উদ্বেগ-অস্থিৰতা দূৰ কৰিব নোৱাৰি মনে মনে সিদ্ধান্ত কৰি পেলালোঁ যে কাৰ্টাজেনাত উপস্থিত হোৱাৰ পাছতে নৌ বাহিনী ত্যাগ কৰি দিম। এৰি দিম কাম। যাত্ৰাৰ আগদিনা ৰাতি মেৰীক বিদায় জনাবলৈ গ'লোঁ। ভাবিলোঁ, তাইক কৈ দিওঁ মোৰ সিদ্ধান্তৰ কথা। কিন্তু কোৱা হৈ নুঠিল, কাৰণ তাইক মই কথা দিছিলোঁ উভতি অহাৰ। তাই মোক মুঠেও বিশ্বাস নকৰিব, যদি কৈয়ে দিওঁ আৰু কোনোদিনে সমুদ্ৰত পাৰি নিদিওঁ। একমাত্ৰ দ্বিতীয় শ্ৰেণীৰ নাৱিক ৰেমন হেৰেৰাকহে কথাটো ক'লোঁ। কিয়নো সিও সেই একেই সিদ্ধান্ত লৈছিল। আমি ভয়ৰ ভাব ভাগ-বাটোৱাৰা কৰি ৰেমন হেৰোৰা আৰু ডিয়েগো ভেলাছকুইছৰ সৈতে আকণ্ঠ হুইস্কি পান কৰিলোঁ আৰু বিদায় জনালোঁ জো পালুকাক। {{gap}}ভাবিছিলোঁ এবটলেই হুইস্কি খাম, কিন্তু শেষ কৰিলোঁ পাঁচটা বটলত। সকলো বান্ধৱীয়ে জানিছিল আমাৰ বিদায় আসন্ন, তেওঁলোকে আমাক শুভেচ্ছা জনাবলৈ আহিছিল। বহুতে মদ খাই কন্দা—কটাও কৰিলে। ‘বেণ্ড পাৰ্টী’ৰ চছ্‌মা পৰিহিত গুৰু-গম্ভীৰ যিজন দলপতি আছিল— যাক মুঠেও শিল্পী যেন নালাগে, কেৱল আমাৰ সন্মানাৰ্থেই প্ৰাণঢালি এনেদৰে মেম্বোছ আৰু ট্যাংগো বজালে যেন সেয়া কলম্বিয়াৰহে সুৰ। আমাৰ বান্ধৱীসকলে ফেঁকুৰি উঠিল আৰু ডেৰ ডলাৰ দামৰ বটলৰ হুইস্কি পান কৰাত লাগিল।{{nop}}<noinclude>{{rh|{{smaller|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-২}}|১৭|}}</noinclude> 021761dd8zs3j8k0ycmdvxz51f4isfl পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২ 104 58287 160831 155296 2022-08-18T02:44:18Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{Dhr|4em}} {{center|<poem>{{Xx-larger|'''ডুবন্ত জাহাজৰ''' '''দুৰন্ত নাৱিক'''}}</poem>}} {{Dhr|4em}}<noinclude></noinclude> ie124hurywoksnvw9tzoai0tlu612f2 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১ 104 58288 160825 156354 2022-08-18T02:27:54Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{Dhr|2em}} {{overfloat image | image = [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক (page 1 crop).jpg|400px|center]] |width=450 |item1= {{font-size|150%|{{white|গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ}}}} |x1 =120 |y1 =40 |item2={{font-size|300%|{{red|ডুবন্ত জাহাজৰ}}}} |x2 =100 |y2 =80 |item3={{font-size|300%|{{red|দুৰন্ত নাৱিক}}}} |x3=120 |y3=130 |item4= {{font-size|150%|{{white|অনুবাদ ⵓ প্ৰশান্ত কুমাৰ দাস}}}} |x4=110 |y4=210 }} {{Dhr|2em}}<noinclude></noinclude> 3xd87d6rmeyead13ux6pbefoq47lh86 160830 160825 2022-08-18T02:44:02Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Dhr|2em}} {{overfloat image | image = [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক (page 1 crop).jpg|400px|center]] |width=450 |item1= {{font-size|150%|{{white|গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ}}}} |x1 =120 |y1 =40 |item2={{font-size|300%|{{red|ডুবন্ত জাহাজৰ}}}} |x2 =100 |y2 =80 |item3={{font-size|300%|{{red|দুৰন্ত নাৱিক}}}} |x3=120 |y3=130 |item4= {{font-size|150%|{{white|অনুবাদ ⵓ প্ৰশান্ত কুমাৰ দাস}}}} |x4=110 |y4=210 }} {{Dhr|2em}}<noinclude></noinclude> 1l6bgv713qgm0v7qi0f3i20yantsriw পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩ 104 58289 160832 156219 2022-08-18T02:44:34Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{center|<poem>{{Xxx-larger|'''ডুবন্ত জাহাজৰ'''}} {{Xxx-larger|'''দুৰন্ত নাৱিক'''}}</poem>}} {{Dhr|4em}} {{center|{{X-larger|'''মূল : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ'''}}}} {{center|{{X-larger|'''অনুবাদ : প্ৰশান্ত কুমাৰ দাস'''}}}} {{Dhr|4em}} {{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 3 |bSize = 425 |cWidth = 65 |cHeight = 68 |oTop = 452 |oLeft = 170 |Location = center |Description = }} {{center|{{X-larger|'''আঁক-বাক'''}}}}<noinclude></noinclude> c2373snyt970yk93darnlj0s5qbkf8o পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪ 104 58290 160833 156221 2022-08-18T02:45:07Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Dhr|2em}} {{X-larger|'''dubanta záházar duranta návik'''}} A Novel "The Story of a Shipwrecked Sailor" by Gabriel Garcia Marquez, translated into Assamese by Prasanta Kumar Das, published by Saumitra Jogee on behalf of AANK-BAAK, 3/Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati-781 003, Assam, India, e-mail: aankbaak@gmail.com '''বিক্ৰী কেন্দ্ৰ : সৰস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১''' '''প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১৫''' '''অনুবাদকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত''' প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। '''ISBN : 978-93-85934-04-9''' '''দাম : এশ টকা''' '''অংগসজ্জা : নিতুল কুমাৰ দত্ত''' '''আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা''' '''প্ৰকাশিত আৰু আঙ্গিক প্ৰেছ, আমবাৰী, গুৱাহাটী-১ত মুদ্ৰিত।'''<noinclude></noinclude> bmecaebi5lvw8r2amungt9zyizdjx2t পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫ 104 58291 160834 156222 2022-08-18T02:45:23Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Dhr|4em}} {{center|{{larger|'''উছৰ্গা'''}}}} {{center|টিমন আৰু ৰিহানৰ বাবে}} {{Dhr|4em}}<noinclude></noinclude> hjcneeridrfes7hvlmwtkaqq6yf9981 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯৪ 104 58474 160887 155879 2022-08-18T08:37:56Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>পাৰে। তেওঁলোকে মোক পাঁচশ পেছোঁ আৰু এটা নতুন দামী ঘড়ী উপহাৰ দিলে। এটি বিশেষ ব্ৰেণ্ডৰ ছুইংগাম খাইছিলোঁ বাবে বিজ্ঞাপন দি পালোঁ এহেজাৰ পেছোঁ। মই এইবাবেও ভাগ্যৱান যে মই পিন্ধা জোতাযোৰৰ বিজ্ঞাপন এটা দিয়া বাবে কোম্পানীয়ে মোক দিলে ছয় হেজাৰ পেছোঁ। মোৰ কাহিনীটো ৰেডিঅ'ত ক'লোঁ বাবে লাভ কৰিলোঁ আন পাঁচ হেজাৰ পেছোঁ। কাহানিও কল্পনা কৰিব নোৱৰা কথা— দহ দিনৰ ক্ষুধা আৰু তৃষ্ণা সহিব পৰা কথাটো যে ইমান লাভজনক হৈ উঠিব পাৰে। কিন্তু বাস্তৱিকতে সেয়াই ঘটিছে। এইপৰ্যন্ত মই লাভ কৰিছোঁ দহ হেজাৰ পেছোঁ৷ পিছে এটা কথা ঠিক— দহ লক্ষ পালেও মই আৰু এনে অভিযানলৈ দুনাই নাযাওঁ। {{gap}}কিন্তু অচিৰেই শেষ হৈ গ'ল মোৰ বীৰৰ জীৱন যাত্ৰা। তেনেই স্বাভাৱিক জীৱনৰ গৰাকী মই। পুৱা দহ বজাত বিছনা এৰোঁ। কাফেলৈ গৈ বন্ধু-বান্ধৱৰ সৈতে আড্ডা দিওঁ বা কোনোবা বিজ্ঞাপন সংস্থাৰ সৈতে কথা পাতোঁ— যি হয়তো মোৰ অভিজ্ঞতাক লৈ কিবা কাম কৰিছে। নিয়মিত চিনেমা চাওঁ মই। {{gap}}মোলৈ নিতৌ চিঠি আহে বিভিন্ন ঠাইৰ পৰা। পত্ৰলেখকৰ বেছিভাগকে মই চিনি- জানি নাপাওঁ। এদিন পেৰেইৰাৰ পৰা এখন চিঠি আহিল। চিঠিৰ তলত এটা নাম— জে ভি চি। লগত লাইফ বোট আৰু গঙাচিলনীক কেন্দ্ৰ কৰি ৰচা এটা দীঘল কবিতা। মেৰী এড্ৰেছে মোলৈ নিয়মিত চিঠি পঠিয়াইছে। তাই এখন ফটোও পঠিয়াইছে— য'ত আছে মোৰ বিদেহ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাৰ দৃশ্য। এই ফটোখনো শেষত প্ৰকাশিত হ’ল বাতৰি কাকতৰ পৃষ্ঠাত। {{gap}}মোৰ গল্প দোহাৰিছোঁ বাৰম্বাৰ। ৰেডিঅ'ত কৈছোঁ, টেলিভিছনত কৈছোঁ। কৈছোঁ মোৰ সমস্ত বন্ধু-বৰ্গ, আত্মীয়-স্বজনক। কোনোবাই মোক কৈছে— এই গল্পটো হেনো অবাস্তৱ-অলীক কল্পনা। {{gap}}মই তেওঁলোকক তেতিয়া প্ৰশ্ন কৰিছোঁ— ‘যদি সেয়ে হয়, তেন্তে সমুদ্ৰৰ বুকুত দহটা দিনে কি কৰি আছিলোঁ মই?’{{nop}}<noinclude>{{rh||৯৪|}}</noinclude> bwkaep6msu64xym95v36bzbb00zw58g পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৯ 104 58504 160844 156237 2022-08-18T02:54:22Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>নিজৰ ঠাইত থাকিব লাগিব। টৰ্পেডোৰ নলীৰ সন্মুখত শান্তভাৱে থিয় হৈ মই লক্ষ্য কৰিছিলোঁ মবিলৰ পোহৰ ধীৰে ধীৰে বিলীন হৈ গৈছে কুঁৱলীৰ সৈতে। মোৰ কিন্তু মেৰীলৈ মনত পৰা নাছিল, মনলৈ আহিছিল বাৰে বাৰে সমুদ্ৰৰ কথাহে। মই জানিছিলোঁ যে পিছদিনা আমি মেক্সিকো উপসাগৰত উপস্থিত হ'ম আৰু বছৰৰ এইছোৱা সময়ত সেয়া হ’ব এক বিপদসংকুল যাত্ৰা। পুৱাৰ পৰাই লেফটেনেণ্ট জেম মাৰ্টিনেজক চকুত পৰা নাই মোৰ। তেওঁ জাহাজৰ নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি, ওখ-পাখ, হৃষ্ট-পুষ্ট স্বল্পভাষী এই মানুহজনক মই মাত্ৰ কেইবাৰমানহে দেখিছোঁ। মই জানো— তেওঁ তলিমাৰৰ বাসিন্দা আৰু চমৎকাৰ ব্যক্তিত্বৰ মানুহ (আৰু তেওঁ হ’ল একমাত্ৰ অফিচাৰ—যিয়ে এই বিপৰ্যয়ত প্ৰাণ দিব লাগিব)। {{gap}}পুৱা মোৰ সাক্ষাৎ হ’ল প্ৰথম ৱাৰেণ্ট অফিচাৰ হুলিঅ' আমাদোৰ কাৰবালোৰ সৈতে। দীৰ্ঘকায়, সুদৰ্শন চেহেৰা তেওঁৰ। মোৰ কাষেৰে পাৰ হৈ তেওঁ বন্দৰৰ বিলীয়মান পোহৰ চাবলৈ থিয় হ'ল। সম্ভৱতঃ এয়া শেষবাৰৰ বাবে মই তেওঁক জাহাজত দেখিবলৈ পাইছিলোঁ। কালডাছৰ কোনো নাৱিকে সম্ভৱতঃ মুখ্য অভিযন্তা তথা ৱাৰেণ্ট অফিচাৰ এলিয়াছ ছাবোগালৰ দৰে প্ৰত্যাৱৰ্তনক লৈ ইমান আনন্দিত হোৱা নাছিল। তেওঁ আছিল সাগৰৰ কুকুৰনেচীয়া বাঘ। চুটি-চাপৰ এই মানুহজন বৰ স্ফূৰ্তিবাজ। বহুবল্কীও। বয়স তেওঁৰ চল্লিছ, মোৰ ধাৰণা তেওঁৰ জীৱনৰ বেছিভাগ বছৰ গৈছে কথা কওঁতে। {{gap}}অৱশ্যে তেওঁ ইমান আনন্দ কৰাৰ যুক্তিও আছে। কাৰ্টাজেনাত তেওঁৰ পত্নী অপেক্ষা কৰিছে ছটাকৈ সন্তানৰ সৈতে। ছাবোগালে পাঁচটি সন্তানক দেখিছে, কিন্তু অন্তিম শিশুটিৰ জন্ম যেতিয়া হৈছে, তেতিয়া মবিলৰ বন্দৰত। {{gap}}পুৱালৈ নিশ্চিত শান্তিৰ যাত্ৰা অব্যাহত থাকিল। এঘণ্টাৰ ভিতৰতে মই এই যাত্ৰাৰ সৈতে নিজকে সহজ কৰি তুলিবলৈ সক্ষম হ'লোঁ। পূবত সূৰ্য উদয় হৈছে। মোৰ কোনো অস্বস্তি নাছিল, ময়ো ক্লান্তি অনুভৱ কৰিছিলোঁ। তৃষ্ণাও লাগিছিল, শৰীৰত আছিল যোৱা ৰাতিৰ হুইস্কিৰ অবাঞ্ছিত হেং অভাৰ। {{gap}}ঠিক ছয় বজাত নিৰ্দেশ আহিল — ‘সাধাৰণ কৰ্মীসকলৰ ছুটী। জাহাজ চালনাৰ কৰ্মীসকলে নিজৰ নিজৰ স্থানত অৱস্থান কৰক।’ ঘোষণা শুনি মই কুঠৰীলৈ উভতি আহিলোঁ। মোৰ বাংকৰ তলত থকা লুই ৰেনগিফোৱে চকু মোহাৰি উঠি থিয় হ’ল। {{gap}}‘আমি কলৈ যাব লাগে?’ সি সুধিলে। {{gap}}বন্দৰ ত্যাগ কৰাৰ কথাটো ক'লোঁ। তাৰ পাছত নিজৰ বাংকত উঠি দীঘল দি পৰিলোঁ। {{gap}}লুই ৰেনগিফো একেবাৰে হাড়ে-হিমজুৱে নাৱিক। তাৰ জন্ম চেকোত, সমুদ্ৰৰ পৰা<noinclude>{{rh||১৯|}}</noinclude> sokczu2i2wkfgp4p7gxr1we2upg8b28 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬ 104 58672 160835 156223 2022-08-18T02:45:38Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Dhr|4em}} '''কৃতজ্ঞতা''' অপূৰ্ব কুমাৰ শইকীয়া, মনোজ শৰ্মা, সৌমিত্ৰ যোগী বলেন দত্ত, মৃদুল হালৈ, নিতুল কুমাৰ দত্ত<noinclude></noinclude> 1ihyuddnlh3slb93mw51s9sitgce0c2 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭ 104 58673 160836 156224 2022-08-18T02:46:05Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{center|{{Xx-larger|'''অনুবাদকৰ কথা'''}}}} {{gap}}২০০২ চনৰ বুকাৰ বঁটাপ্ৰাপক য়ান মৰ্টেলৰ উপন্যাস ‘লাইফ অৱ পি’ পঢ়িবলৈ পোৱাৰ সময়ত মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ'ৰ কথা মনত পৰি গৈছিল অৱলীলাক্ৰমেই। দুয়োখন উপন্যাসৰ ধৰণ-কৰণ একেই। দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা দুই মানৱৰ অদম্য সাহসৰ কাহিনী। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। ‘কনটিকি অভিযান’ৰ কাহিনীৰ পৰা উমবাৰ্টো একোৰ .....লৈ সাগৰীয় এডভেঞ্চাৰৰ সাহিত্যই আমাক মুগ্ধ কৰিছে। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে'জৰ ‘দ্য ষ্ট’ৰী অৱ এ ছিপৰেড ছেইলৰ'। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক। ১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। আমেৰিকাৰ পৰা চোৰাংভাৱে বয়বস্তু কঢ়িয়াই অনাৰ ফলত যি ভৰৰ সৃষ্টি হৈছিল, সেয়া সহিব নোৱাৰি মাজসাগৰত ডুব যোৱাৰ উপক্ৰম হয় জাহাজখন। কোনোপ্ৰকাৰে জাহাজ ৰক্ষা পৰিলেও সাগৰৰ অতল বুকুত হেৰাই যায় আঠজনকৈ নাৱিক। জাহাজখন কলম্বিয়াত উপস্থিত হোৱাৰ পাছত দুৰ্ঘটনাৰ খবৰ বিশ্বই জানিবলৈ পালে। নিৰুদ্দিষ্ট নাৱিকসকলক বিচাৰি তৎকালীনভাৱে উদ্ধাৰ অভিযানো চলোৱা হ’ল। তিনি দিন ধৰি নিৰৱচ্ছিন্নভাৱে অভিযান চলোৱাৰ পাছতো পোৱা নগ'ল কোনো এজন নাৱিকৰে সন্ধান। স্বাভাৱিকতে কলম্বিয়া চৰকাৰৰ নৌ বাহিনীৰ তৰফৰ পৰা দুৰ্ভগীয়া নাৱিককেইজনৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি দহ দিনৰ পাছত কলম্বিয়াৰ এক আওহতীয়া উপকূলত আহি উপস্থিত হ’ল লুই আলজেন্দ্ৰো ভেলাছকো। অনাহাৰ-অনিদ্ৰাৰ পৰিণতিত তেতিয়া মৃতপ্ৰায় অৱস্থা তেওঁৰ। তেওঁৰ সেই প্ৰাণৰক্ষাৰ ঘটনা এক ব্যাখ্যাতীত বিষয়ৰূপে আজিও<noinclude></noinclude> im97umg6s5qfvluml3sx2z2efpa2t9s পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮ 104 58674 160837 156225 2022-08-18T02:46:22Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>চিহ্নিত হৈ আছে। {{gap}}সাগৰক জয় কৰি নিজক ৰক্ষা কৰাৰ এই অবিশ্বাস্য ঘটনাৰ পাছত ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয় লুই আলজেন্দ্ৰো। বিপুল আয়োজনেৰে চৰকাৰে তেওঁক সম্বৰ্ধনা জনায়, ৰাষ্ট্ৰপতিয়ে তেওঁক কৰমৰ্দন কৰে, দেশৰ সুন্দৰীসকলে তেওঁক জনসমাগমত চুমাৰে সম্ভাষণ জনায়। তেওঁৰ খবৰেৰে ভৰি পৰে বাতৰি কাকতৰ পৃষ্ঠা, তেওঁৰ উদাত্ত ভাষণ শুনা যায় ৰেডিঅ'ত। ভুমুকি মাৰে বিজ্ঞাপনৰ ছবিত। ধনী হোৱাৰ বিৰল সুযোগ নামি আহে জীৱনলৈ। {{gap}}লুই আলজেন্দ্ৰো ভেলাছকোৰ জীৱনৰ এই বাস্তৱ কাহিনীটোৰ আধাৰত গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জে স্পেনিছ ভাষাত লিখি উলিয়াইছিল ‘দ্য ষ্ট'ৰী অৱ ছিপৰেক্ড ছেইলৰ'। ১৯৫৫ চনত কলম্বিয়াৰ ‘এল প্ৰছপেক্টাডৰ'ত ১৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই কাহিনীটো। মাৰ্কে’জ তেতিয়া চফল ডেকা – উৎসাহী সাংবাদিক। তেওঁ সেই কাকতখনতে কাম কৰিছিল। উক্ত কাহিনীটোৰ লেখক যে মাৰ্কে’জ, সেই কথা কেইজনমানৰ বাহিৰে কোনেও জনা নাছিল। প্ৰথম পুৰুষত ৰচিত এই কাহিনীটোৰ কাহিনীকাৰ হিচাপে লুই আলজেন্দ্ৰোৰহে নামটো ছপা হৈছিল। ১৫ বছৰ পাছত প্ৰকাশকে কিতাপ আকাৰে যেতিয়া প্ৰকাশ কৰি উলিয়ালে, তেতিয়াহে প্ৰথমবাৰৰ বাবে মাৰ্কে’জৰ নামটো ৰচয়িতাৰূপে উল্লেখ কৰা হ’ল। অৱশ্যে মাৰ্কে’জে কিতাপখনৰ সমস্ত ‘ৰয়েল্টী’ লুই আলজেন্দ্ৰোৰ নামত উৎসৰ্গা কৰে। {{gap}}সম্ভৱতঃ মাৰ্কে’জৰ এইখনেই একমাত্ৰ গ্ৰন্থ— যাৰ বাবে তেওঁ পোনপটীয়াভাৱে ৰাষ্ট্ৰৰ ৰোষত পৰিবলগীয়া হৈছিল। সেই সময়ত চিলিত জেনেৰেল গুস্তাভো ৰোজাছ পিনিল্লাৰ নেতৃত্বত একনায়কত্ববাদী শাসন চলিছিল। গণতন্ত্ৰ ভূ-লুণ্ঠিত হৈছিল, বাক স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। লুই আলজেন্দ্ৰোৰ কাহিনীটো প্ৰকাশ হোৱাৰ লগে লগে সেনা বিভাগৰ জৰিয়তে শাসকে যে চোৰাং বস্তুৰ সৰবৰাহত নামিছে, নৌ বাহিনীৰ জাহাজক অবৈধ সৰবৰাহৰ কামত ব্যৱহাৰ কৰিছে— সেয়াও গোমৰ ফাঁক হৈ পৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰিছিল শাসক পিনিল্লা। পাছলৈ মাৰ্কে’জৰ বিৰুদ্ধে পিনিল্লা চৰকাৰ ইমানেই প্ৰতিহিংসাপৰায়ণ হৈ পৰিছিল যে মাৰ্কে’জে দেশ এৰি গুচি আহিবলগীয়া হৈছিল আৰু ইউৰোপকে ধৰি বিভিন্ন দেশত আশ্ৰয় লৈ প্ৰায় ৭ বছৰ কাল সাংবাদিকতাৰ জীৱন পাৰ কৰিছিল। দেশলৈ মাৰ্কে’জৰ প্ৰত্যাৱৰ্তন ঘটিছিল পিনিল্লাৰ পতনৰ পাছতহে। {{gap}}তেতিয়ালৈ অৱশ্যে মাৰ্কে’জ বিশ্বখ্যাত হৈ পৰা নাই, যদিও স্পেনিছ সাহিত্য তথা লেটিন আমেৰিকাত কথাকাৰ হিচাপে তেওঁৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আহিছে। এই বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰেক্ষাপটতে প্ৰকাশকৰ তৎপৰতাত লুই আলজেন্দ্ৰোৰ কাহিনীটো<noinclude></noinclude> 7oq0jp4e9huneosiojitserokhnnj2q পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯ 104 58675 160838 156226 2022-08-18T02:46:44Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>কিতাপ আকাৰত প্ৰকাশ পালে। পিছে এইক্ষেত্ৰত মাৰ্কে'জ বৰ বিশেষ উৎসাহী নাছিল। আনকি কিতাপখনত লেখক হিচাপে নিজৰ নামটোও দিবলৈ ইচ্ছা কৰা নাছিল। ১৯৮২ চনত নোবেল বঁটা লাভ কৰাৰ পাছত তেওঁৰ প্ৰায় সকলো ৰচনাই অতি সোনকালে ইংৰাজীলৈ ভাঙনি হ’ল, কিন্তু আটাইতকৈ পলমকৈ যিখন হ’ল, সেইখনেই লুই আলজেন্দ্ৰোৰ কাহিনীটো— যাৰ স্পেনিছ নাম Relato de naufrago | ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ' নামেৰে ৰেল্ডল’ফ হোগান অনূদিত এই গ্ৰন্থখন প্ৰকাশ পালে ১৯৯৬ চনত। {{gap}}সাধাৰণতে মাৰ্কে’জৰ সাহিত্য বুলিলে আমি তেওঁৰ গল্প-উপন্যাসকে প্ৰত্যাশা কৰোঁ। ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’ গল্প-উপন্যাস নহয়— ‘অকাহিনী মূলক (Non-fictional) লেখা। কিন্তু তেওঁৰ অন্যান্য উপন্যাসৰ দৰেই সুখপাঠ্য, কৌতূহল উদ্দীপক— যদিও ইয়াৰ ভাব-ভাষা আৰু আৱেদন ভিন্ন আৰু অভিনৱ। এগৰাকী কুৰি বছৰীয়া নাৱিকে কি অদম্য প্ৰাণশক্তিৰে প্ৰকৃতিৰ নিৰ্মমতাৰ বিৰুদ্ধে যুঁজ দি ৰক্ষা পৰিছিল, সেই অপৰাজেয় মানৱীয় শক্তিক তুলি ধৰিছে মাৰ্কে’জে নিজস্ব ভাষাশৈলীৰে। এই কাহিনীটোৰ মাজেৰে লুই আলজেদ্ৰোৰ সাহস আৰু ক্ষমতাক যিদৰে বুজা যায়, তেনেদৰে মাৰ্কে’জৰ সাহিত্যিক প্ৰতিভাৰ বৈচিত্ৰ্যকো উপলব্ধি কৰা যায়। {{gap}}আমোদজনক কথা এয়ে যে সাহিত্য কৃতি হিচাপে চিৰকালৰ বাবে এই কাহিনীটোৱে স্থায়িত্ব লাভ কৰিলে মাৰ্কে’জৰ কাপৰ জৰিয়তে। কিন্তু বহু সোনকালেই বিস্মৃতিৰ গৰ্ভত হেৰাই গ'ল কাহিনীটোৰ নায়ক লুই আলজেন্দ্ৰো। চৰকাৰৰ ৰোষত পৰি নিৰ্বাসিত জীৱন কটাবলৈ বাধ্য হোৱা লুই আলজেন্দ্ৰোৰ বাকী জীৱনছোৱা পাৰ হ’ল নিশ্চুপ- নিঃসাৰে। নৌ বাহিনীৰ চাকৰি এৰি তেওঁ দূৰৈৰ চহৰ এখনত বাছ কোম্পানী এটাত কেইবছৰমান নিযুক্ত হোৱাৰ পাছত বীমা কোম্পানী এটাৰ কামতো সোমাইছিল। ১৯৮৩ চনত গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হোৱাত তেওঁ ৰয়েল্টী বিচাৰি মাৰ্কে’জৰ বিৰুদ্ধে গোচৰো দিছিল, কিন্তু সেই গোচৰত তেওঁ জিকিব নোৱাৰিলে। মৃত্যুৰ মাত্ৰ এসপ্তাহ আগতে ৰোগশয্যাৰ পৰা তেওঁ মাৰ্কে’জৰ ওচৰত ক্ষমা বিচাৰে। ২০০০ চনৰ ২ আগষ্টত ৬৬ বছৰ বয়সত লুই আলজেন্দ্ৰো ভেলাছকোৰ মৃত্যু হয়। {{Right|'''প্ৰশান্ত কুমাৰ দাস'''<br/> গুৱাহাটী-৩}}<noinclude></noinclude> cahcvvflktbiaatewpvbiznp2xddnmx পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১০ 104 58676 160839 156227 2022-08-18T02:47:11Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{center|{{Xx-larger|'''গল্পটোৰ গল্প'''}}}} {{gap}}১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো। {{gap}}তেওঁৰ এই দুঃসাহসিক অভিযানৰ প্ৰতিটো মুহূৰ্তক আমি বহু পৰিশ্ৰমেৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা এই কাহিনীটোৱে যে এদিন তেওঁক দেশজোৰা সন্মান আনি দিব আৰু মোলৈ আনিব জীৱনৰ ভাবুকি, সেই কথা নাৱিক বা মই-আমি কোনেও জনা নাছিলোঁ। সেই সময়ত কলম্বিয়াত জেনেৰেল গুস্তাভো ৰোজাছ পিনিলাৰ একনায়কত্ববাদী শাসন চলি আছিল। তেওঁৰ শাসনকালত দুটা ভয়ংকৰ ঘটনাৰ ভিতৰত এটা আছিল ৰাজধানী চহৰত শান্তিপূৰ্ণ বিক্ষোভৰ পাছতো ছাত্ৰসকলক সেনাৰ দ্বাৰা গুলীয়াই হত্যা আৰু আনটো ঘটনাত গুপ্ত আৰক্ষীৰ দ্বাৰা দেওবৰীয়া ষাঁড়যুঁজৰ অসংখ্য দৰ্শকক গুলীয়াই হত্যা কৰা হৈছিল। কিয়নো এইসকল দৰ্শকে যুঁজথলীত স্বেচ্ছাসেৱী শাসকগৰাকীৰ কন্যাক বিৰোধ কৰি মন্তব্য কৰিছিল। সংবাদ মাধ্যমক নাকী লগোৱা<noinclude></noinclude> 6cogxbegab85dablmszuk0mg589ye3u পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১২ 104 58677 160827 156229 2022-08-18T02:36:45Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>তেওঁ নিজৰ বীৰত্বক লৈ কৌতুক কৰিবও জানিছিল। মই দিনে ছঘণ্টাকৈ কুৰিটা দিন তেওঁৰ সৈতে কাহিনীটো সন্দৰ্ভত আলোচনা কৰিছিলোঁ। তেওঁৰ দহদিনীয়া অভিযানৰ বিৰল অভিজ্ঞতা যাতে সঠিক তথ্যৰে প্ৰকাশ পায়, সেইবাবে তেওঁক বাৰে বাৰে স্ববিৰোধ কথাসমূহ সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ আৰু সকলো উত্তৰেই মই টুকি ৰাখিছিলোঁ। পঢ়ুৱৈৰ বিশ্বাসযোগ্য হ’বলৈ কাহিনীটোৰ খুঁটি-নাটিক মই গুৰুত্ব দিছিলোঁ আৰু যত্ন কৰিছিলোঁ কৌতূহল উদ্দীপক কৰি তুলিবলৈ। সেইবাবেই কাহিনীটো প্ৰথম পুৰুষত লিখি উলিয়াইছিলোঁ আৰু তাতে তেওঁৰ দ্বাৰা স্বাক্ষৰ কৰাই লৈছিলোঁ। কিতাপ হিচাপে প্ৰকাশ কৰোঁতেহে মোৰ নামটো লেখকৰূপে উল্লেখ কৰা হ'ল। {{gap}}দ্বিতীয়তে মোৰ বাবে আশ্চৰ্যকৰ কথা আছিল এয়ে যে আমাৰ বৈঠকৰ চতুৰ্থ দিনা মই যেতিয়া লুই আলজেন্দ্ৰো ভেলাছকোক ধুমুহাৰ কাৰণ কি আছিল সুধিলোঁ, তেতিয়া তেওঁ ধুমুহাৰ কথা অস্বীকাৰ কৰিলে। তেওঁৰ উত্তৰ মোৰ বাবে আছিল সোণৰ সমান মূল্যৱান, তেওঁ হাঁহি মাৰি কৈছিল— ‘সিদিনা কোনো ধুমুহা নাছিল।’ {{gap}}হয়, সেয়াই সত্য আছিল। বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছিল যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা কেৰিবিয়ান উপসাগৰ আছিল শান্ত আৰু পৰিষ্কাৰ। কিন্তু সেই সত্য তেতিয়া লুকুৱাই ৰখা হৈছিল, গভীৰ সাগৰত জাহাজখনৰ বিপৰ্যয় আৰু আঠজনকৈ নাৱিক তথা মালবস্তু উটি যোৱাৰ পাছতো। তেওঁৰ এই প্ৰকাশে তিনিটা গুৰুতৰ আইন উলংঘাৰ ঘটনা স্পষ্ট কৰি তুলিছিল— প্ৰথম, ডেষ্ট্ৰয়াৰখনক অবৈধভাৱে মালবাহী জাহাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, জাহাজখনৰ অতিৰিক্ত ওজনৰ বাবেই সাগৰত পতিত হোৱা নাৱিকসকলক উদ্ধাৰ কৰিব পৰা নগ’ল আৰু তৃতীয়তে, কঢ়িয়াই অনা সেই মালবস্তুবোৰ আছিল চোৰাং পণ্যদ্ৰব্য, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন ছেট আৰু ৱাশ্বিং মেচিন। স্পষ্ট কথাত ডেষ্ট্ৰয়াৰৰ জৰিয়তে চোৰাংভাৱে চলা এই সৰবৰাহৰ ঘটনাই নৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত এক ব্যৱস্থাক প্ৰথমবাৰৰ বাবে উদঙাই তুলিলে। {{gap}}এই কাহিনীটোক একেৰাহে চৈধ্য দিন ধাৰাবাহিক ৰূপত প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত চৰকাৰে এই সাহিত্যকৰ্মক প্ৰশংসা কৰিছিল যদিও পাছত যেতিয়া গোপন সত্যবোৰ ওলাই পৰিল, তেতিয়া চৰকাৰে লৰা-ঢপৰা আৰম্ভ কৰিলে। উঠি-পৰি লাগিল ধাৰাবাহিকখনৰ প্ৰকাশ বন্ধ কৰিবলৈ। ইতিমধ্যে কাকতৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল আৰু পঢ়ুৱৈসকলে পুৰণি সংখ্যাবোৰ বিচাৰি অফিচৰ সমুখত হেতা-ওপৰা লগাইছিল। আন সকলো কলম্বিয়ান চৰকাৰৰ দৰেই একনায়কত্ববাদী চৰকাৰখনো সত্যক বিকৃত কৰাৰ ক্ষেত্ৰত আছিল সিদ্ধহস্ত। তেওঁলোকে এক ‘পবিত্ৰ’ বিবৃতিৰ জৰিয়তে অস্বীকাৰ কৰি ক'লে যে ডেষ্ট্ৰয়াৰে কোনো চোৰাং মাল কঢ়িওৱা নাছিল।{{nop}}<noinclude></noinclude> 6zslu8sdf68r9c25zgef5yyo42k688z 160840 160827 2022-08-18T02:48:19Z Scatter2021 2529 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>তেওঁ নিজৰ বীৰত্বক লৈ কৌতুক কৰিবও জানিছিল। মই দিনে ছঘণ্টাকৈ কুৰিটা দিন তেওঁৰ সৈতে কাহিনীটো সন্দৰ্ভত আলোচনা কৰিছিলোঁ। তেওঁৰ দহদিনীয়া অভিযানৰ বিৰল অভিজ্ঞতা যাতে সঠিক তথ্যৰে প্ৰকাশ পায়, সেইবাবে তেওঁক বাৰে বাৰে স্ববিৰোধ কথাসমূহ সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ আৰু সকলো উত্তৰেই মই টুকি ৰাখিছিলোঁ। পঢ়ুৱৈৰ বিশ্বাসযোগ্য হ’বলৈ কাহিনীটোৰ খুঁটি-নাটিক মই গুৰুত্ব দিছিলোঁ আৰু যত্ন কৰিছিলোঁ কৌতূহল উদ্দীপক কৰি তুলিবলৈ। সেইবাবেই কাহিনীটো প্ৰথম পুৰুষত লিখি উলিয়াইছিলোঁ আৰু তাতে তেওঁৰ দ্বাৰা স্বাক্ষৰ কৰাই লৈছিলোঁ। কিতাপ হিচাপে প্ৰকাশ কৰোঁতেহে মোৰ নামটো লেখকৰূপে উল্লেখ কৰা হ'ল। {{gap}}দ্বিতীয়তে মোৰ বাবে আশ্চৰ্যকৰ কথা আছিল এয়ে যে আমাৰ বৈঠকৰ চতুৰ্থ দিনা মই যেতিয়া লুই আলজেন্দ্ৰো ভেলাছকোক ধুমুহাৰ কাৰণ কি আছিল সুধিলোঁ, তেতিয়া তেওঁ ধুমুহাৰ কথা অস্বীকাৰ কৰিলে। তেওঁৰ উত্তৰ মোৰ বাবে আছিল সোণৰ সমান মূল্যৱান, তেওঁ হাঁহি মাৰি কৈছিল— ‘সিদিনা কোনো ধুমুহা নাছিল।’ {{gap}}হয়, সেয়াই সত্য আছিল। বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছিল যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা কেৰিবিয়ান উপসাগৰ আছিল শান্ত আৰু পৰিষ্কাৰ। কিন্তু সেই সত্য তেতিয়া লুকুৱাই ৰখা হৈছিল, গভীৰ সাগৰত জাহাজখনৰ বিপৰ্যয় আৰু আঠজনকৈ নাৱিক তথা মালবস্তু উটি যোৱাৰ পাছতো। তেওঁৰ এই প্ৰকাশে তিনিটা গুৰুতৰ আইন উলংঘাৰ ঘটনা স্পষ্ট কৰি তুলিছিল— প্ৰথম, ডেষ্ট্ৰয়াৰখনক অবৈধভাৱে মালবাহী জাহাজ হিচাপে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয়তে, জাহাজখনৰ অতিৰিক্ত ওজনৰ বাবেই সাগৰত পতিত হোৱা নাৱিকসকলক উদ্ধাৰ কৰিব পৰা নগ’ল আৰু তৃতীয়তে, কঢ়িয়াই অনা সেই মালবস্তুবোৰ আছিল চোৰাং পণ্যদ্ৰব্য, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন ছেট আৰু ৱাশ্বিং মেচিন। স্পষ্ট কথাত ডেষ্ট্ৰয়াৰৰ জৰিয়তে চোৰাংভাৱে চলা এই সৰবৰাহৰ ঘটনাই নৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত এক ব্যৱস্থাক প্ৰথমবাৰৰ বাবে উদঙাই তুলিলে। {{gap}}এই কাহিনীটোক একেৰাহে চৈধ্য দিন ধাৰাবাহিক ৰূপত প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত চৰকাৰে এই সাহিত্যকৰ্মক প্ৰশংসা কৰিছিল যদিও পাছত যেতিয়া গোপন সত্যবোৰ ওলাই পৰিল, তেতিয়া চৰকাৰে লৰা-ঢপৰা আৰম্ভ কৰিলে। উঠি-পৰি লাগিল ধাৰাবাহিকখনৰ প্ৰকাশ বন্ধ কৰিবলৈ। ইতিমধ্যে কাকতৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল আৰু পঢ়ুৱৈসকলে পুৰণি সংখ্যাবোৰ বিচাৰি অফিচৰ সমুখত হেতা-ওপৰা লগাইছিল। আন সকলো কলম্বিয়ান চৰকাৰৰ দৰেই একনায়কত্ববাদী চৰকাৰখনো সত্যক বিকৃত কৰাৰ ক্ষেত্ৰত আছিল সিদ্ধহস্ত। তেওঁলোকে এক ‘পবিত্ৰ’ বিবৃতিৰ জৰিয়তে অস্বীকাৰ কৰি ক'লে যে ডেষ্ট্ৰয়াৰে কোনো চোৰাং মাল কঢ়িওৱা নাছিল।<noinclude></noinclude> 1t2axf1yb8p1sakdax5aiuuwnrtyxer পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৩ 104 58678 160841 156231 2022-08-18T02:49:21Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>আমি আমাৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ লুই আলজেন্দ্ৰো ভেলাছকোৰ পৰা জানি ল'লোঁ কোন কোন নাৱিকৰ সৈতে কেমেৰা আছিল। যদিও তেওঁলোকৰ বেছিভাগেই দেশৰ বিভিন্ন অঞ্চলত ছুটী কটাইছিল, তেওঁলোকক আমি বিচাৰি উলিয়ালোঁ আৰু অৰ্থৰ বিনিময়ত সংগ্ৰহ কৰিলোঁ সেইসমূহ ফটো— যিবোৰ তেওঁলোকে ডেষ্ট্ৰয়াৰৰ যাত্ৰাকালত তুলিছিল। এসপ্তাহ পাছতে এক বিশেষ পৰিপূৰিকাত সেই ফটোসহ সম্পূৰ্ণ কাহিনীটো একত্ৰে প্ৰকাশ পালে। মাজসাগৰত তোলা ফটোত দেখা গ'ল দলবদ্ধ নাৱিকসকলৰ পিছফালে সেই চোৰাং পণ্যদ্ৰব্যৰ বাকচসমূহ, য'ত কাৰখানাৰ লেবেলপৰ্যন্ত লগোৱা আছিল। একনায়কত্ববাদী শাসকে আমাক প্ৰত্যুত্তৰ দিলে তীব্ৰ প্ৰতিশোধপৰায়ণ মনোবৃত্তিৰে। এমাহৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হ’ল কাকতখন। কিন্তু তীব্ৰ হেঁচা, ভাবুকি আৰু প্ৰলোভন সত্ত্বেও লুই আলজেন্দ্ৰো ভেলাছকোৱে কাহিনীটোৰ এটা শব্দও উঠাই নল'লে। তেওঁ নৌবাহিনী ত্যাগ কৰিবলগীয়া হ'ল— যিটো তেওঁৰ আছিল একমাত্ৰ জীৱিকা আৰু অচিৰেই মানুহৰ দৈনন্দিন জীৱনৰ পৰা বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গ'ল। দুবছৰ পাছত একনায়কত্বৰ অন্ত পৰিল, কলম্বিয়াৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিলেও পূৰ্বতকৈ সামান্যহে উন্নতৰ আছিল। মই তেতিয়া পেৰিছত যাযাবৰী জীৱন অতিবাহিত কৰিছিলোঁ। সেয়া যেন আছিল সাগৰত দিক্‌বিদিক হেৰুওৱা বোটখনৰ দৰেই। সেই সময়ত কোনেও উক্ত নাৱিকজনৰ শুংসূত্ৰ পোৱা নাছিল। কেইমাহমান পাছত এজন পৰিব্ৰাজক সাংবাদিকে তেওঁক এটা বাছ কোম্পানীৰ কৰ্মচাৰীৰ চকীত আৱিষ্কাৰ কৰিলে। মই সেই ফটোখন দেখিছিলোঁ। তেওঁক যথেষ্ট বৃদ্ধ আৰু থূলকায় যেন দেখা গৈছিল। বহু দূৰৈত তেওঁ এৰি থৈ আহিছে অতীত জীৱন, তেওঁৰ নায়কোচিত ভাবমূৰ্তিৰ জ্যোতি এতিয়া নিৰ্বাপিত। যোৱা ১৫ বছৰ ধৰি এই কাহিনীটো দ্বিতীয়বাৰৰ বাবে পঢ়া নাছিলোঁ। এতিয়া ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰিব খোজা হৈছে, কিন্তু মই বুজিব পৰা নাই, প্ৰকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কিমান। মই হতাশ হৈছিলোঁ এইবাবেই যে প্ৰকাশকে কাহিনীৰ মূল্যতকৈ কাহিনীকাৰৰ নামটোৰ মূল্যহে অধিক বুলি বিবেচনা কৰিছিল। ইয়ে মোক দুখো দিছিল। মই কোনো ভবা-চিন্তা নকৰাকৈ মান্তি হ'লোঁ আৰু কাহিনীটো কিতাপৰ ৰূপত প্ৰকাশ পালে— কিয়নো নিজৰ কথাত খামোচ মাৰি ধৰি থকা মানুহ মই নহওঁ। {{Right|'''গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে'জ'''<br/> বাৰ্চিলোনা, ফেব্ৰুৱাৰী, ১৯৭০}}<noinclude></noinclude> nh4bvzwgu40n37x0j9fyndxj5lcxrhf পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/১৮ 104 58681 160845 156236 2022-08-18T02:54:35Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{gap}}আমি সেই সপ্তাহটোত দৰমহা পাইছিলোঁ তিনিবাৰ, ঠিক কৰিলোঁ, শেষবাৰৰ বাবে হৈ-হুলস্থূল অলপ হওক। মাতাল হৈ মই ভয়-দুশ্চিন্তাৰ পৰা মুক্ত হ'ব বিচাৰিছিলোঁ, ঠিক ৰেমন হেৰোৰাৰ দৰে— যি অৰজনাৰ মানুহৰ দৰে সদায়ে দিলখুচ ভাবত থাকে। সি সুন্দৰভাৱে ড্ৰাম বজাবলৈ জানিছিল আৰু জানিছিল বিখ্যাত অভিনেতাৰ নকল কৰিবলৈ। {{gap}}বাৰখনৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্তত উত্তৰ আমেৰিকাৰ এগৰাকী নাৱিক আহি কাষ চাপিল আমাৰ টেবুলৰ। ৰেমন হেৰোৰাৰ বান্ধৱীগৰাকীৰ সৈতে নাচিবলৈ অনুমতি বিচাৰিলে তেওঁ। কিন্তু তাই আছিল এগৰাকী দীৰ্ঘদেহী যুৱতী। সিদিনা যথেষ্ট মদ্যপান কৰিছিল আৰু কেৱল কান্দিছিল। উত্তৰ আমেৰিকাৰ নাৱিকজনে ইংৰাজীতে অনুমতি বিচাৰিলে আৰু ৰেমন হেৰোৰাই তাৰ সৈতে হেণ্ডশ্বেক কৰি বিৰক্তিৰে স্পেনিছতে উত্তৰ দিলে— ‘কি কৈছা একো বুজা নাই, কুত্তাৰ বাচ্ছা।’ {{gap}}ইয়াৰ পৰাই আৰম্ভ হ’ল তাণ্ডৱলীলা। হৈ-হুলস্থূল, মৰামৰি, আহিল ৰেডিঅ' টহলদাৰী পুলিচ, সামৰিক বাহিনী। ৰেমন হেৰোৰাই তাৰ মাজতে কেইবাটাও ঘোচা শোধাইছিল উত্তৰ আমেৰিকান দলক। জাহাজলৈ উভতি আহোঁতে ৰাতি এক বাজিল। সি উভতিল ডেনিয়েল ছেনটোছৰ দৰে গান গাই গাই। সি কৈছিল— এইবাৰ তাৰ অন্তিম বিদেশ যাত্ৰা, আৰু বাস্তৱিকতে সেয়াই সঁচা হ'ল। {{gap}}ছাব্বিছ তাৰিখৰ ৰাতি তিনি বজাৰ লগে লগে মবিল বন্দৰৰ পৰা কালডাছে লংগৰ তুলিলে। যাত্ৰা আৰম্ভ কৰিলে কাৰ্টাজেনা অভিমুখে। ঘৰলৈ উভতিছোঁ বাবে আমাৰ সকলোৰে বিৰাট স্ফূৰ্তি। সকলোৰে লগত অলেখ উপহাৰ। সবাতোকৈ বেছি আনন্দিত প্ৰধান হিলৈধাৰীৰ সহকৰ্মী মিগুৱেল অৰ্তেগা। মোৰ বিশ্বাস — মিগুৱেলৰ দৰে আৰু কোনো দূৰদৰ্শী নাৱিক নাই। মবিলত সি এক ডলাৰো বাজে কামত খৰচ কৰা নাই। হাতলৈ যিমান টকা আহিছে, সেই টকাৰে কাৰ্টাজেনাতে অপেক্ষা কৰি থকা তাৰ ঘৈণীয়েকলৈ উপহাৰ কিনিছে কেৱল। পুৱা আমি যেতিয়া জাহাজত উঠিলোঁ, অৰ্তেগাই ব্ৰীজৰ ওপৰত থিয় হৈ নিজৰ ল'ৰা-তিৰোতাৰ কথাকে পাতি আছিল। সিহঁতৰ বাবে সি কিনিছে এটা ৰেফ্ৰিজাৰেটৰ, এটা স্বয়ংক্ৰিয় ৱাশ্বাৰ মেচিন, এটা ৰেডিঅ’ আৰু এটা ষ্টোভ। বাৰ ঘণ্টাৰ পাছত অৱশ্যে অৰ্তেগাই বাংকত সমুদ্ৰপীড়াত মৰোঁ মৰোঁ হ’ব আৰু চৌবিছ ঘণ্টাৰ পাছত সমুদ্ৰৰ অতল গৰ্ভত ডুবি মৰিব লাগিব। {{gap}}'''মৃত্যুৰ অতিথিসকল''' {{gap}}জাহাজৰ লংগৰ তোলাৰ লগে লগে নিৰ্দেশ আহিল — ‘কৰ্মীসকল, প্ৰত্যেকেই নিজৰ নিজৰ ঠাইত অৱস্থান কৰক।’ জাহাজে বন্দৰ ত্যাগ নকৰাপৰ্যন্ত প্ৰত্যেকেই নিজৰ<noinclude>{{rh||১৮|}}</noinclude> sgt2e3xxtl92hymtbhxk5tpsr45oiiw পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৬ 104 58721 160843 157678 2022-08-18T02:53:51Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>সাগৰত পেলাবলগীয়া হ’লৈ আমাকো ঢৌৱে উটুৱাই নিব। {{gap}}ঢৌৰ বিৰুদ্ধে তীব্ৰ যুঁজ অব্যাহত আছে জাহাজখনৰ। বেছি হৈছে দোলন। ৰেমন হেৰোৰাই তাৰপোলিন এখনেৰে নিজক ঢাকি ৰখাৰ চেষ্টা চলাইছে। তেতিয়াই আমাৰ ওপৰত আছাৰ খাই পৰিল এটা বিশাল ঢৌ। কেনভাছ এখনেৰে মই আত্মৰক্ষাৰ চেষ্টা কৰিলোঁ। মূৰৰ ওপৰত হাত তুলি ৰৈ আছোঁ। ঢৌ আঁতৰি গ'ল। আধা মিনিট পাছত লাউড স্পীকাৰত মাত শুনা গ'ল। শান্ত অথচ দৃঢ় কণ্ঠ— ‘ডেকৰ কৰ্মীসকলে লাইফ জেকেট পিন্ধি লওক।’ {{gap}}লুই ৰেনগিফোৱে শান্তভাৱে এহাতেৰে হেডফোন, আনখন হাতেৰে জেকেটটো পিন্ধি ল’লে। প্ৰথমে মোৰ সকলো অলীক যেন লাগিছিল। ৰৈ ৰৈ ঢৌ আহিছে। লুই ৰেনগিফোৰ পিনে চালোঁ। হেডফোনটো খুলি পেলাইছে। চকুহাল মুদি দিলোঁ মই— ঘড়ীৰ টিক্ টিক্ শব্দ কাণত পৰিল। {{gap}}প্ৰায় এটা মিনিট ধৰি কাণত বাজি থাকিল সেই শব্দ। ৰেমন হেৰোৰাৰ সাৰসুৰ নাই। মনত সময়ৰ লেখ ল’বলৈ চেষ্টা কৰিলোঁ— নিশ্চয় বাৰমান বাজিছে। কাৰটাগেনা পাবলৈ এতিয়াও দুঘণ্টা বাকী। হঠাৎ মুহূৰ্তৰ ভিতৰতে জাহাজখন শূন্যলৈ উঠি গ'ল। মই হাত তুলি ঘড়ীটো চাবলৈ যত্ন কৰিলোঁ। হাতো চকুত নপৰিল, ঘড়ীও। ঢৌটোও দৃষ্টিগোচৰ হোৱা নাছিল। জাহাজখনে যেন আশা আৰু উদ্যম হেৰুৱাই পেলাইছে। আমি আঁৰ হৈ আশ্ৰয় লৈ থকা সমস্ত মালপত্ৰ ঢৌত উটি গ'ল। কোনো প্ৰকাৰে থিয় হ'লোঁ— মোৰ ডিঙিলৈ পানী। চকুত পৰিল লুই ৰেনগিফোক, চকু দুটা ডাঙৰ হৈ পৰিছে, কিন্তু শান্ত— পানীত ভাঁহি থাকিবলৈ চেষ্টা চলাই গৈছে, হেডফোন শূন্যত। মই ডুবিবলৈ ধৰিলোঁ, সাঁতুৰি প্ৰাণৰক্ষাৰ বাবে চেষ্টা চলালোঁ। {{gap}}এক, দুই, তিনি ছেকেণ্ড। পানীৰ ওপৰলৈ উঠি আহিলোঁ, পানীৰ ওপৰ পাবই লাগিব। মোক বতাহ লাগে। উশাহ বন্ধ হৈ যাব খুজিছে মোৰ। বয়-বস্তু ক’ৰবাত ধৰিবলৈ খেপিয়াই চালোঁ। কিন্তু ক’তো একো নাই— সকলো উটি গৈছে। একোৱেই নাই মোৰ কাষত। এশ মিটাৰ দূৰৈত ঢৌৰ মাজত ছিটিকি আহিছোঁ বাহিৰলৈ।{{nop}}<noinclude>{{rh||২৬|}}</noinclude> ak35zeoe73ipdvjfok5r15scvq5ma6v পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৭ 104 58722 160849 157679 2022-08-18T02:58:14Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{center|{{larger|তিনি}}}} {{center|{{X-larger|'''চাৰি বন্ধুৰ সলিল সমাধি'''}}}} {{gap}}প্ৰথমেই মোৰ ধাৰণা হ'ল — মই যেন ভয়ংকৰভাৱে অকলশৰীয়া হৈ পৰিছোঁ। পানীত ওপঙি থাকিবলৈ চেষ্টা কৰি থাকোঁতেই আৰু এটা বিশাল ঢৌ ডেষ্ট্ৰয়াৰৰ ওপৰত জঁপিয়াই পৰিল। জাহাজখন দুশ মিটাৰ দূৰত পাক খাই পানীত পৰিল। তাৰ পাছত চকুৰ সন্মুখত অদৃশ্য হৈ গ'ল। হয়তো ডুব গ’ল সাগৰত। এক মুহূৰ্তৰ পাছতে যি ভাবিছিলোঁ, সেয়াই ঘটা দেখিবলৈ পালোঁ। যিমানবোৰ মালপত্ৰ জাহাজত তোলা হৈছিল, সকলো ওপঙি উঠিছে সাগৰৰ পানীত। এটা এটাকৈ আগুৱাই আহিছে মোৰ ওচৰলৈ। চাৰিওকাষে ঢৌৰ কোবত নাচি-বাগি ভাঁহি ভাঁহি উঠিছে কাপোৰৰ বাকচ, ৰেফ্ৰিজাৰেটৰকে আদি কৰি সমস্ত ঘৰুৱা আচবাব। মই সেইবোৰ খামুচি ধৰি ওপঙি থাকিবলৈ চেষ্টা কৰিলোঁ। এইবোৰ কি ঘটিব ধৰিছে মই যেন একো তত্‌ ধৰিব পৰা নাছিলোঁ। ভাসমান এটা বাকচত সাবটি ধৰি হতভম্ব হৈ চাই ৰ'লোঁ সাগৰৰ এই উত্তাল ৰূপ। দিনটো পৰিষ্কাৰ আছিল। মাথোঁ বিশৃংখল কোবাল বতাহ আৰু ঢৌ। সাগৰৰ বুকুত সিঁচৰতি হোৱা ভাসমান বয়-বস্তুবোৰৰ বাদে আৰু ক’তো একো চিন-চাব নাছিল। {{gap}}হঠাতে ওচৰত যেন কাৰোবাৰ চিৎকাৰ শুনিবলৈ পালোঁ। বতাহৰ তীব্ৰ সোঁ-সোঁৱনিৰ মাজত মই কণ্ঠস্বৰ চিনি পালোঁ— সেয়া প্ৰথম ৱাৰেণ্ট বিষয়া হুলিও আমাডোৰ কাৰবালোৰ মাত। তেওঁ যেন কাৰোবাক নিৰ্দেশ দিছে— ‘লাইফবেল্টৰ তলত খামুচি ধৰি থাকা।’ মই যেন এক মুহূৰ্তৰ গভীৰ নিদ্ৰাৰ পৰা জাগি উঠিলোঁ। সমুদ্ৰত তেন্তে মই অকলশৰীয়া নহয়। মাত্ৰ কেইমিটাৰমান আঁতৰত মোৰ সহকৰ্মীসকলে পৰস্পৰক উদ্দেশ্য কৰি চিঞৰ-বাখৰ কৰিছে— সকলোৱে চেষ্টা কৰিছে ওপঙি থাকিবলৈ। বুজি উঠিছোঁ— কোনো এটা নিৰ্দিষ্ট দিশলৈ সাঁতোৰ কটোৱা সম্ভৱ নহয়।কাৰটাজেনা এতিয়াও আৰু পঞ্চাছ মাইল দূৰত। তেতিয়াও মোৰ মনত ভয়ৰ সঞ্চাৰ হোৱা নাই। এনে লাগিছিল যেন অনন্ত কাললৈ এই বাকচটোত ধৰিয়েই কটাব পাৰিম, অন্ততঃ যেতিয়ালৈ উদ্ধাৰকাৰী আহি নাপায়। চতুৰ্দিশৰ অন্য নাৱিকসকলৰো একেই দুৰৱস্থা দেখি মোৰ আস্থা উভতি আহিছিল। ঠিক সেই মুহূৰ্ততে চকুত পৰিল পানীত উটি অহা<noinclude>{{rh||২৭|}}</noinclude> 33gh9nfm48wf1f9z1lejfbqegv1yj9n পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৮ 104 58723 160850 157680 2022-08-18T03:00:04Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>এখন লাইফ বোট। {{gap}}দুখন বোট ভাঁহি আহিছে, সাত-আঠ মিটাৰ ওচৰা-উচৰিকৈ। ঢৌৰ খুন্দাত ভাঁহি উঠিছে বোট দুখন, দৃশ্যটো মোৰ বাবে আছিল অকল্পনীয়। ওচৰতে মোৰ সহকৰ্মীসকলে চিৎকাৰ কৰিছে। আশ্চৰ্যকৰ কথা এয়ে যে সেই লাইফ বোটখন কোনেও ধৰিব পৰা নাছিল। হঠাৎ এখন বোট পানীত ডুবি গ'ল। মই ঠিক কৰিব পৰা নাছিলোঁ— সাঁতুৰি গৈ বোটখন ধৰিবলৈ চেষ্টা কৰিম নে এনেদৰে বাকচটোকে খামোচ মাৰি ধৰি থাকিম। মৰণত শৰণ দি মই বোটখন ধৰিবলৈ সাঁতুৰিবলৈ ধৰিলোঁ, কিন্তু সেইখন যেন মোৰ পৰা ক্ৰমশঃ আঁতৰিহে যাবলৈ ধৰিছে। প্ৰায় তিনি মিনিট ধৰি সাঁতুৰি থাকিলোঁ। মোৰ চকুৰ সন্মুখৰ পৰা যেন বোটখন অদৃশ্য হৈ পৰিছে। কিন্তু মই মন বান্ধি ল'লোঁ— লক্ষ্য মই হেৰুৱাব নোৱাৰোঁ। বোটখন পাবই লাগিব। হঠাৎ এটা বিৰাট ঢৌৱে বোটখন মোৰ কাষলৈ ঠেলি লৈ আনিলে। এখন বিশাল উদং বোট। জঁপিয়াই উঠাৰ চেষ্টা চলালোঁ যদিও বাৰে বাৰে ব্যৰ্থ হ'লোঁ।অৱশেষত উঠিবলৈ সক্ষম হ'লোঁ মই। ফোঁপাই ফোঁপাই বোটত খামোচ মাৰি ধৰি থাকিলোঁ, বতাহৰ বেগ তেতিয়াও তীব্ৰ। ঠাণ্ডাত গোটেই শৰীৰ কঁপিছে। বহি থকাও অসম্ভৱ। দেখিবলৈ পালোঁ— মোৰ তিনিজন সহকৰ্মী বোটৰ ওচৰলৈ অহাৰ চেষ্টা চলাইছে। {{gap}}চিনি পালোঁ তেওঁলোকক — কোৱাৰ্টাৰ মাষ্টাৰ এডোৱাৰ্ড কাস্তিলো, হুলিঅ' আমাডোৰ কাৰাবালো আৰু লুই ৰেনগিফো। এডোৱাৰ্ড কাস্তিলোই কাৰবালোৰ কান্ধত সজোৰে খামুচি ধৰিছিল। দুৰ্ঘটনাটো ঘটাৰ সময়ত কাৰবালো আছিল নিৰীক্ষণৰ দায়িত্বত। জীৱন ৰক্ষাৰ জেকেটো পিন্ধি আছিল তেওঁ। {{gap}}‘কাস্তিলো, টানকৈ ধৰি থাকা।’— চিৎকাৰ কৰি উঠিল তেওঁ। কমেও দহ মিটাৰ দূৰত জাহাজৰ বয়-বস্তুবোৰ ওপঙি আছে। {{gap}}ইফালে লুই ৰেনগিফো, মাত্ৰ কিছু সময় আগতে তাক ডেষ্ট্ৰয়াৰত দেখিছিলোঁ, সোঁহাত শূন্যলৈ তুলিছে হেডফোনটো বচোৱাৰ চেষ্টাৰে। তাৰ স্বভাৱসুলভ সুস্থিৰতা আৰু অভিজ্ঞ নাৱিকৰ আত্মবিশ্বাসৰ বাবেই হয়তো ক’ব পাৰিছিল যে তাৰ অসুস্থতাৰ আগতেই অসুস্থ হৈ পৰিব সমুদ্ৰ।সাঁতুৰিবলৈ যাতে অসুবিধা নহয়, সেইবাবে সি পিন্ধি থকা কাপোৰ-কানিও ফালি পেলাইছিল— কিন্তু হেৰুৱাই পেলাইছিল জীৱন ৰক্ষাৰ জেকেটটো। মই তাক দেখিবলৈ নাপালেও তাৰ কণ্ঠস্বৰ কাণত পৰিছিল। সি কৈছিল— ‘এইফালে ভৰি মাৰা।’ {{gap}}লৰালৰিকৈ ব’ঠাপাট তুলি ল'লোঁ। কাষ চাপিবলৈ চেষ্টা কৰিলোঁ সিহঁতৰ। হুলিঅ’ আমাডোৰৰ কান্ধত ধৰি আছে এডোৱাৰ্ড কাস্তিলো। সিহঁত বোটৰ কাষ পাইছে। কিছু দূৰত মোৰ চতুৰ্থ সহকৰ্মী ৰেমন হেৰোৰা। নিসংগ আৰু ক্ষুদ্ৰ যেন দেখাইছে তাক—<noinclude>{{rh||২৮|}}</noinclude> e6c7n88ku4x2sr5qf796ihtmn927al3 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/২৯ 104 58724 160851 157683 2022-08-18T03:01:42Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>এটা বাকচৰ ওপৰত উঠি উন্মাদৰ দৰে হাত জোকাৰি মাতিছে মোক। {{gap}}'''মাত্ৰ তিনি মিটাৰ''' {{gap}}সিদ্ধান্ত লোৱা কঠিন— প্ৰথমে ঠিক কোনজন সহকৰ্মীৰ ওচৰলৈ যাম। আৰজোনাৰ উচ্ছ্বল ডেকা-মবিলৰ স্ফূৰ্তিৱান ৰেমন হেৰোৰাই মাত্ৰ কিছুপৰ আগলৈকে মোৰ সৈতে ডিউটীত ব্যস্ত আছিল। সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰথমে তাৰ দিশেই আগুৱাবলৈ চেষ্টা কৰিলোঁ। লাইফ বোটখনো প্ৰায় দুই মিটাৰ দীঘল। বতাহৰ তীব্ৰ সোঁতৰ বিপৰীতে নাও এখন চলাই নিয়াটো মোৰ বাবে একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছিল। কেৱল লুই ৰেনগিফো আত্মবিশ্বাসেৰে বোটৰ ওচৰলৈ সাঁতুৰি আগুৱাই আহিবলৈ ধৰিছে। মই নিশ্চিত, সি পাৰিব। মোৰ বাংকৰ তলত তাৰ টোপনি সদায়ে গভীৰ।সমুদ্ৰতকৈও আছিল কঠিন তাৰ মন। {{gap}}ইফালে হুলিঅ’ আমাডোৰৱে আপ্ৰাণ চেষ্টাৰে আগুৱাই আহিছে, এডোৱাৰ্ড কাস্তিলোক লগত লৈ। সিহঁতো মাত্ৰ তিনি মিটাৰ আঁতৰত। ঠিক কৰিলোঁ, সিহঁত আৰু অলপ কাষ চাপিলেই ব’ঠাপাট আগুৱাই দিম। ঠিক সেই মুহূৰ্ততে এই বিশাল ঢৌৱে বোটখনক আছাৰ মাৰি দিলে। সেই ঢৌৰ ওপৰত উঠি শূন্যলৈ উঠি যাওঁতেই ক্ৰমশঃ দূৰলৈ আঁতৰি যোৱা ডেষ্ট্ৰয়াৰৰ মাস্তুল দেখিবলৈ পালোঁ। পুনৰ আৰু এটা ঢৌৰ খুন্দাত নামি আহিলোঁ তললৈ। দেখিলোঁ— পানীৰ বুকুৰ পৰা অদৃশ্য হৈ গৈছে এডোৱাৰ্ড কাস্তিলোঁ আৰু হুলিঅ' আমাডোৰ। মাথোঁ দুই মিটাৰ দূৰত তেতিয়াও শান্তভাৱে মোৰ বোটৰ দিশলৈ সাঁতুৰি আছে লুই ৰেনগিফো। {{gap}}এটা কাম কিয় নকৰিলোঁ নাজানিলোঁ। আগুৱাবলৈ নোৱাৰোঁ বুলি জানিও মই ব’ঠাপাট পানীত ৰাখিলোঁ। বোটখনক লৰচৰ হ’বলৈ নিদিওঁ — যেন লংগৰ পেলাই ৰাখিম। লুই ৰেনগিফো একেবাৰে বিধ্বস্ত। সি অলপ ৰ'ল। হাতখন ওপৰত তুলি ধৰিলে, যিদৰে সি জাহাজত হেডফোনটো তুলি ধৰিছিল। চিৎকাৰ কৰি ক'লে— ‘এইফালে বাই আনা।’ {{gap}}তাৰ দিশৰ পৰাই বতাহ বলিছিল। মই চিঞৰি চিঞৰি তাক ক'লোঁ যে বতাহক নেওচি আগুৱাবলৈ কষ্ট হৈছে। ভাব হ’ল, মোৰ কথাখিনি তাৰ কাণত নপৰিল। মাল বোজাই বাকচবোৰ ইতিমধ্যে অদৃশ্য হৈ পৰিছে। ঢৌৰ খুন্দাত ইফালে-সিফালে দুলিছে বোটখন। হঠাৎ লুই ৰেনগিফোৰ পৰা মই কমেও পাঁচ মিটাৰ দূৰলৈ আঁতৰি গ'লোঁ। সিও চকুৰ আঁৰ হৈ পৰিল। হঠাৎ পুনৰ অন্য এটা দিশত ভাঁহি উঠিল, কিন্তু তেতিয়াও ভীতিগ্ৰস্ত হোৱা নাই। প্ৰাণ-পণ চেষ্টাৰে ওপঙি থাকিবলৈ চেষ্টা কৰিছে। মই ব’ঠাপাট আগুৱাই দিলোঁ। দেখিলোঁ, সি ক্লান্ত হৈ পৰিছে, উশাহ লোৱাৰো শক্তি নাই। ডুবোঁ<noinclude>{{rh||২৯|}}</noinclude> si70i1a8g72r2p18hynn30q9teosjtm পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩০ 104 58725 160853 157682 2022-08-18T03:03:58Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>ডুবোঁ অৱস্থাৰ মাজতে সি চিঞৰিলে— ‘ফাতছোঁ, ফাতছোঁ।’ {{gap}}কোনোপধ্যেই মই ব’ঠাপাট তালৈ আগুৱাই দিব পৰা নাই, চেষ্টা চলালোঁ শেষবাৰৰ বাবে— যাতে লুই ৰেনগিফোৱে খামুচি ধৰিব পাৰে। পানীৰ তলৰ পৰা হাত দুখন তুলি ধৰিছে, কিছু আগতেও এই হাত দুখনেৰে পানীৰ পৰা বচাবলৈ হেডফোনটো তুলি ধৰি আছিল। লাহে লাহে মোৰ চকুৰ সন্মুখতে সেই হাত দুখন পানীৰ তলত ডুব গ'ল। ঘটনাটো ঘটিল ব’ঠাৰ পৰা মাত্ৰ দুই মিটাৰ আঁতৰত। কিমান সময় মই তেনেদৰে জঠৰ হৈ ৰ'লোঁ ক'ব নোৱাৰোঁ। লাইফ বোটখনৰ ভাৰসাম্য বজাই ৰাখি উঠি ব’ঠাপাট থৈ পানীলৈ সন্ধানী দৃষ্টিৰে চালোঁ। কোনোবা যদি ভাঁহি উঠে। সমুদ্ৰ পৰিষ্কাৰ, কিন্তু বতাহৰ বেগ বাঢ়িছে। মোৰ গাৰ পোছাক বতাহত কঁপি কুকুৰৰ গেঙনিৰ দৰে শব্দ হৈছে। মাল-পত্ৰ সকলো ডুব গ'ল। হঠাৎ মাস্তুলটো চকুত পৰিল— তাৰ মানে ডেষ্ট্ৰয়াৰ এতিয়াও ডুব যোৱা নাই। কি যেন এক অদ্ভুত শান্ত পৰিৱেশ। ভাব হৈছিল, কিছু সময়ৰ পাছতে যেন মোক বিচাৰি আহিব উদ্ধাৰকাৰীৰ দল। অন্য সহকৰ্মীৰ কোনোবা নিশ্চয় বেলেগ লাইফ বোটত উঠিব পাৰিছে। {{gap}}বাকীসকলে উঠিব নোৱৰাৰো কোনো কাৰণ নাই। বোটবোৰত খাদ্যবস্তু জমা নাছিল, যন্ত্ৰ-পাতিৰো ব্যৱস্থা বেয়া। {{gap}}কিছু সময়ৰ পাছতে সূৰ্যৰ উপস্থিতি অনুভৱ কৰিলোঁ। ভৰ দুপৰীয়াৰ সূৰ্য তপত ধাতুৰ দৰে। মই তেতিয়াও একেবাৰে প্ৰকৃতিস্থ হ’ব পৰা নাই। ঘড়ীলৈ চালোঁ— কাঁটাত মাজ দুপৰীয়াৰ ইংগিত। {{gap}}'''অকলে''' {{gap}}ডেষ্ট্ৰয়াৰত শেষবাৰৰ বাবে লুই ৰেনগিফোৱে মোক যেতিয়া সময়ৰ কথা সুধিছিল, তেতিয়া ১১ বাজি ৩০ মিনিট। পাছত মই এবাৰ ঘড়ী চাওঁতে দেখিছিলোঁ ১১.৫০ মিনিট। তেতিয়াও দুৰ্যোগ আৰম্ভ হোৱা নাই। এতিয়া লাইফ বোটত সময় বাৰ বাজিছে। মাত্ৰ দহ মিনিটৰ ভিতৰতে সকলো তচনচ হৈ। গ'ল লাইফ বোটত উঠা সহকৰ্মীসকলক বচোৱাৰ চেষ্টা কৰা, নিৰ্বাক হৈ বোটত বহি থকা, শূন্য সমুদ্ৰত সন্ধান কৰা, বতাহৰ গৰ্জন শূন্য— দহ মিনিটৰ ঘটনাক্ৰম এয়া। হয়তো উদ্ধাৰকাৰীৰ দল আহি পাবলৈ কমেও দুই-তিনি ঘণ্টা লাগিব। {{gap}}দুই বা তিনি ঘণ্টা। ভাব হ’ল এই বিশাল সমুদ্ৰৰ নিসংগতাৰ মাজত অসম্ভৱ দীঘলীয়া সময়। কিন্তু অপেক্ষাতো কৰিবই লাগিব। পানী নাই, খাদ্য নাই। আবেলি তিনি বজাৰ পাছত নিশ্চয় পিয়াহত কণ্ঠ শুকাই যাব। সূৰ্যৰ তীক্ষ্ণ ৰ'দত মোৰ দেহ পুৰিবলৈ আৰম্ভ কৰিছে। টুপীটোও হেৰাই গ'ল। মূৰটো পানীৰে তিয়াই লৈ বোটৰ<noinclude>{{rh||৩০|}}</noinclude> 7yrg2qc1ja35e64aqeeiia0wi4quo3s পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩১ 104 58726 160852 157689 2022-08-18T03:02:35Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>একাষে বহি ৰ'লোঁ। অপেক্ষা মাথোঁ উদ্ধাৰৰ। {{gap}}ঠিক তেনে সময়তে সোঁ আঁঠুত বিষ এটা অনুভৱ কৰিলোঁ। পানীৰে তিতা পেণ্টটো কোঁচাবলৈ কষ্ট হ’ল। দেখিলোঁ আঁঠুৰ তলতে অৰ্ধচন্দ্ৰৰ দৰে এটুকুৰা গভীৰ ঘা। সম্ভৱতঃ জাহাজৰ ক'ৰবাত খুন্দা খাইছিলোঁ। তেজ ওলোৱা নাছিল। আঘাতটোনো লাগিল কেতিয়া, জাহাজৰ ক'ৰবাত খুন্দা খাই নে পানীত পৰাৰ পাছত? লাইফ বোটত বহাৰ আগতে বিষৰ উমানে পোৱা নাছিলোঁ। {{gap}}কি কৰিম, নকৰিম বুজিব নোৱাৰি মোৰ আচবাববোৰকে বিচৰাত লাগিলোঁ। সমুদ্ৰৰ এই নিসংগতাৰ মাজত কি আছে মোৰ। প্ৰথমেই ঘড়ীটোৰ কথা ভাবিলোঁ। এইটোক নিৰ্ভৰ কৰা যায়, এতিয়াও সঠিক সময় দি আছে। প্ৰতি দুই-তিনি মিনিটৰ মূৰে মূৰে ঘড়ীটোলৈ লক্ষ্য কৰিছোঁ। তাৰ পাছত মোৰ সোণৰ আঙঠি। কাৰটাজেনাত যোৱা বছৰ কিনিছিলোঁ। আৰু এডাল হাৰ, ভাৰ্জিল অৱ কাৰমেনৰ মেডেল এটা ওলোমোৱা আছে।এইডালো কাৰটাজেনাত পঁয়ত্ৰিছ পেগ্ৰোত এজন নাৱিকৰ পৰা কিনা। জেপত মাথোঁ ডেষ্ট্ৰয়াৰৰ মোৰ লকাৰৰ চাবি আৰু তিনিখন ব্যৱসায়িক কাৰ্ড— ( মেৰীৰ সৈতে বজাৰ-সমাৰ কৰোঁতে ) মবিলৰ এজন দোকানীয়ে দিছিল মোক। কৰিবলৈ একোৱেই নাই, সেয়ে বাৰে বাবে কাৰ্ডকেইখনকে পঢ়িলোঁ। এয়াই নিজকে ব্যস্ত ৰখাৰ উপায়, যেতিয়ালৈ কোনেও মোক উদ্ধাৰ নকৰে। কিয় জানো ভাব হ’ল— জাহাজ ডুবিলে নাৱিকে বটলত ভৰাই যি বাৰ্তা উটুৱাই দিয়ে, এই কাৰ্ডবোৰো যেন সেয়াই। এটা বটল পোৱাহেঁতেন, ময়ো এই কাৰ্ডবোৰ ভৰাই সাগৰৰ পানীত উটুৱাই দিলোহেঁতেন। {{SIC|কাৰটাগেনাত |কাৰটাজেনাত}} লগ-সংগবোৰক ক’বলৈ এইটো নিশ্চয় ৰসাল ঘটনা।{{nop}}<noinclude>{{rh||৩১|}}</noinclude> 996x562eddgc0slddqejxk91btdhfel পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩২ 104 58727 160854 157690 2022-08-18T03:16:31Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{center|{{larger|চাৰি}}}} {{center|{{X-larger|'''কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি'''}}}} {{gap}}আবেলি ঠিক চাৰিমান বজাত ধুমুহা শাম কাটিল। সৰ্বত্ৰ পানী আৰু আকাশ—চকুত পৰিবলৈ আৰু আন একো নাই। কৰিবলৈকো নাই একো। দুঘণ্টা পাৰ হ’ল, এতিয়া বুজিছোঁ, বোটখন উটি গৈ আছে বতাহৰ সৈতে। ব’ঠাৰে ইয়াক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ। কোন দিশলৈ গৈছোঁ, ক’ত আছোঁ— একোৱেই বুজিব পৰা নাই। বোটখন পাৰলৈকে গৈছে নে মাজসাগৰলৈকে গৈছে, সেয়াও বুজিব পৰা নাই। হয়তো পাছৰটোৱেই ঘটিব ধৰিছে, কিয়নো পঞ্চাছ মাইল দূৰৰ কোনো বস্তু সমুদ্ৰৰ খুন্দাত পাৰ পোৱা সম্ভৱ নহয়। বিশেষকৈ মানুহৰ দৰে ভাৰী বস্তুসহ এখন বোট। {{gap}}পাছৰ দুঘণ্টা ডেষ্ট্ৰয়াৰৰ এই যাত্ৰাৰ সমগ্ৰ ঘটনাটো একোটা মিনিটত ভাগ কৰি সজাবলৈ ধৰিলোঁ। মই নিজকে বুজালোঁ, যদি ৰেডিঅ’ অপাৰেটৰজনে কাৰটাজেনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিৰলৈ সক্ষম হৈছিল, তেন্তে নিশ্চয় দুৰ্ঘটনাৰ কথা জনাব পৰা গৈছিল, সেই হিচাপত কিছু সময় পাছতে বিমান আৰু হেলিকপ্টাৰ আহি পোৱাৰ কথা। {{gap}}দুপৰীয়া এক বজাত মই বোটৰ ওপৰত বহি দুচকুৰে দিগন্তৰ সন্ধান চলালোঁ। তিনিপাট ব’ঠা সাজু কৰি থ'লোঁ। যিপিনে বিমান দেখিবলৈ পাওঁ, সেইফালেই ব’ঠা মাৰিম। মিনিটবোৰ দীঘল আৰু উত্তেজনাপূৰ্ণ। বেলিৰ প্ৰখৰ ৰ’দে মোৰ দেহ পুৰি পেলাইছে। সাগৰৰ লুণীয়া বতাহত মোৰ ওঁঠ ছিৰাছিৰ হৈছে। কিন্তু ভোক বা তৃষ্ণা অনুভৱ কৰা নাছিলোঁ। মই কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ— এখন যেন বিমান উৰি আহে। যদি বিমানখন আহি পায়, মই বোটত থিয় হ’ম, কামিজটো উৰুৱাই সংকেত দিম— যাতে এটা মুহূৰ্তও নষ্ট নহয়, প্ৰথমৰ পৰাই সাজু হৈ থাকিব পাৰোঁ, সেয়ে খুলি থ'লোঁ কামিজৰ বুটাম। তাৰ পাছত বোটৰ একোণত বহি দিগন্তৰ চতুৰ্দিশে কেৱল নিৰীক্ষণ কৰি গ'লোঁ। নাজানো কোন দিশেৰে আহিব বিমান। {{gap}}দুই বাজিল। বতাহে গৰ্জি আছে। বতাহৰ সেই গৰ্জনৰ মাজতো লুই ৰেনগিফোৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ। ‘ফাতছোঁ, এইফালে বাই লৈ আহা।’ তাৰ স্পষ্ট কণ্ঠস্বৰ মোৰ<noinclude>{{rh||৩২|}}</noinclude> 0nsgy0ckjb5ray6xhf65m9xrquq6cf1 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৫ 104 58738 160857 157685 2022-08-18T03:21:57Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 35 |bSize = 425 |cWidth = 296 |cHeight = 176 |oTop = 38 |oLeft = 56 |Location = center |Description = }} {{center|''কলম্বিয়ান নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছ : যাত্ৰাৰ আগমুহূৰ্তত''}} ছেৰো ডা লা পোপাৰ মূৰৰ ওপৰত আছে। মই কল্পনা কৰিলোঁ, হয়তো কাৰটাজেনাত কোনোবাই এতিয়া চাই আছে সপ্তৰ্ষিলৈ। মই চাই আছোঁ সমুদ্ৰৰ বুকুৰ পৰা। মই যেন এতিয়া আৰু নিসংগ নহয়। সমুদ্ৰৰ প্ৰথম ৰাতিটো আছিল বৰ দীঘলীয়া, কিয়নো সিদিনা একোৱেই নঘটিল। ঘটনাহীন সেই ৰাতিৰ বৰ্ণনা দিয়াটোও মোৰ সম্ভৱ নহয়। মোৰ ভয় হৈছিল কেৱল সাগৰীয় প্ৰাণীবোৰলৈ। হাতত কেৱল ঘড়ীৰ ডায়েলখন চিকমিক কৰিছে। প্ৰতি মিনিটৰ অন্তৰে অন্তৰে মই ঘড়ীটোলৈ চাইছোঁ। ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ। সমুদ্ৰত মোৰ প্ৰথম ৰাতি। প্ৰতিজ্ঞা কৰিলোঁ আৰু ঘড়ী নাচাওঁ। ঘড়ীটো জেপত ভৰাই থ'ম— যাতে সময়ৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া নহয়। ন বাজিবলৈ কুৰি মিনিট থকালৈ মই নিজক ধৈৰ্য ধৰি ৰাখিলোঁ, তেতিয়া মোৰ ভোক-পিয়াহৰ অনুভৱ অহা নাই। মই মনটো বান্ধি ল'লোঁ— পাৰিম, নিশ্চয় পাৰিম, পিছদিনা পুৱাই বিমান আহি পাব। কিন্তু ঘড়ীটোৱে যেন মোক পাগল কৰি দিব। বৰং এইটো সাগৰৰ পানীত দলিয়াই দিয়াই ভাল হ’ব। কিন্তু হঠাৎ ভয় হ’ল— ঘড়ীটো অবিহনে মই আৰু অধিক নিসংগ হৈ পৰিম। পুনৰ মণিবন্ধনত ঘড়ীটো পিন্ধি ল'লোঁ। পুনৰ মই চাবলৈ ধৰিলোঁ ঘড়ীৰ কাঁটালৈ, প্ৰতি মিনিটৰ অন্তৰে অন্তৰে। মাজে মাজে দিগন্তলৈ দৃষ্টি দিলোঁ বিমানৰ আশাত। মই চাই ৰ'লোঁ চকু নিবিষোৱাপৰ্যন্ত। {{gap}}মাজনিশা মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল। এটা মুহূৰ্তও টোপনি মৰা নাই। টোপনিৰ ভাবো অহা নাছিল মোৰ। পুৱা যি আশাৰে বিমানলৈ অপেক্ষা কৰিছিলোঁ, সেই একেই আশাৰে এতিয়াও বাট চাই আছোঁ। জাহাজৰ পোহৰো বিচাৰিছোঁ। ঘণ্টাৰ পাছত ঘণ্টা কেৱল দৃষ্টি দিছোঁ শান্ত, গভীৰ, নিস্তব্ধ সমুদ্ৰৰ বুকুলৈ। আকাশৰ নক্ষত্ৰৰ<noinclude>{{rh||৩৫|}}</noinclude> 58kci180txmui55qsn7w2d1bu41kyyv পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৪ 104 58739 160856 157686 2022-08-18T03:19:56Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {{gap}}গভীৰ আন্ধাৰত ডুব গ'লোঁ মই। ইমান আন্ধাৰ যে নিজৰ হাতৰ পতাপৰ্যন্ত দেখা পোৱা নাযায়। ভয়-আতংকত মই জঠৰ হৈ পৰিলোঁ। লাইফ বোটত ঢৌৰ খুন্দাত বুজিছিলোঁ সাগৰৰ বুকুৰে ভাঁহি গৈ আছোঁ। ধীৰে ধীৰে, বাধাহীনভাৱে। আন্ধাৰৰ মাজত ডুব গৈ ভাব হ’ল দিনৰ পোহৰত নিজকে ইমান নিসংগ অনুভৱ কৰা নাছিলোঁ। কিন্তু এই অন্ধকাৰত, লাইফ বোটত এই নিঃশব্দতা অতি ভয়ংকৰ। একো এটা দেখা নাই, কিন্তু ভাঁহি ভাঁহি আগুৱাইছোঁ। অদ্ভুত প্ৰাণীৰে ভৰা এই সমুদ্ৰ। একাকীত্ব দুৰ কৰিবলৈ ঘড়ীলৈ চালোঁ, সাত বাজিবলৈ দহ মিনিট। মিনিটবোৰ যে অনন্ত দীঘল হৈ পৰিছে। সাত বজাৰ ভিতৰত তৰাৰে আকাশ ভৰি গ'ল। মই উদ্‌ভ্ৰান্তৰ দৰে বিমানৰ কথাই চিন্তা কৰিবলৈ ধৰিলোঁ। {{gap}}ঠাণ্ডা লাগিছে। এইধৰণৰ বোটত এটা মুহূৰ্তও গাত পানী নলগাকৈ থাকিব নোৱাৰি। ওপৰত বহিলেও শৰীৰৰ অৰ্ধেক পানীৰ তলতে থাকে, কিয়নো তলভাগ খৰাহিৰ দৰে। আধা মিটাৰ পানীৰ তলত। আঠমান বজালৈ পানীৰ উষ্ণতা বতাহতকৈ বৃদ্ধি পালে। সামুদ্ৰিক প্ৰাণীৰ পৰা ৰক্ষা পাবলৈ হ'লে এতিয়া বোটৰ তলৰ ফালেই থাকিব লাগিব। তলত ৰছীৰে জাল দিয়া আছে। স্কুলতেই শিকিছিলোঁ— এনে জালেৰে নিজক কিদৰে সামুদ্ৰিক প্ৰাণীৰ পৰা বচাব লাগে। দিনৰ দুই বজাত শিক্ষকে যেতিয়া লাইফ বোটৰ এটা মডেল লৈ চল্লিছজন ছাত্ৰক এইবোৰ শিকায়, নিশা আঠ বজাত সমুদ্ৰৰ বুকুত অকলে উদ্ধাৰৰ কোনো আশা নথকাৰ সময়ত এইবোৰ কথাৰ কোনো মূল্য নাথাকে। শিক্ষকৰ মতে বোটৰ ওপৰ অংশটোৱেই সবাতোকৈ কম নিৰাপদ। তথাপি সকলো জানি-বুজিও ভাব হৈছিল— এই ঠাইখিনিয়েই সামুদ্ৰিক প্ৰাণীৰ পৰা বেছি দূৰৈত। উমান পাইছোঁ, বিশাল অজান প্ৰাণীবোৰ বোটৰ ওচৰেৰে পিয়াপি দিছে। {{gap}}সিদিনা ৰাতি অগণন তৰাৰ মাজত হেৰাই যোৱা সপ্তৰ্ষি মণ্ডলক বিচাৰি উলিওৱাতো মোৰ বাবে অসুবিধা হৈছিল। ইমানবোৰ তৰা মই কোনোদিন দেখা নাই। সপ্তৰ্ষি মণ্ডলক বিচাৰি পোৱাৰ পাছত আৰু কোনোফালে চাবলৈ ইচ্ছা নহ'ল। কিয় নাজানো, সেইফালে চাই মোৰ নিসংগতা সামান্য হলেও যেন দূৰ হৈছিল। {{gap}}কাৰটাজেনাত যেতিয়া বন্দৰত অৱসৰৰ দিনবোৰ কটাইছিলোঁ, প্ৰায়ে আমি সকলোৱে মিলিত হৈছিলোঁ মাংগা সাঁকোৰ তলত। ৰেমন হেৰোৰাই ডেনিয়েল ছাণ্টোছৰ কণ্ঠ নকল কৰি গান গাইছিল। কোনোবাই তাৰ কণ্ঠৰ সৈতে তাল মিলাই বজাইছিল গীটাৰ ৷ শিলৰ সেই সাঁকোৰ দেৱালত বহি মই দেখিছিলোঁ— সপ্তৰ্ষি ওলাইছে ছেৰো ডা লা পোপাৰ ফালে। আজি ৰাতি বোটৰ ওপৰত বহি এক মুহূৰ্তৰ বাবে যেন ভাব হল, মই মাংগা সাঁকোলৈ পুনৰ উভতি আহিছোঁ। কাষত ৰেমন হেৰোৰাই গীত জুৰিছে গীটাৰৰ মূৰ্ছনাৰ তালে তালে। সপ্তৰ্ষি যেন পৃথিৱীৰ পৰা দুশ মাইলৰ অধিক নহয়।{{nop}}<noinclude>{{rh||৩৪|}}</noinclude> nx38b1mtxncxkewtw925rk58hut2ezg পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৩ 104 58740 160855 157687 2022-08-18T03:18:18Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>কাণত বাজি উঠিল। যেন সি ইয়াতে আছে। মাত্ৰ দুই মিটাৰ আঁতৰত, ব’ঠাপাটৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। সমুদ্ৰৰ বতাহৰ কান্দোনত, ঢৌৰ আছাৰবোৰত, স্মৃতিৰ ভিতৰত, সকলোতে তাৰ কণ্ঠস্বৰ বাজি উঠিছে। ‘এইফালে বাই আনা।’— তাৰ এই উন্মত্ত অস্থিৰ আৱাজে মোক যেন পাগল কৰি দিব। {{gap}}তিনি বজাৰ পাছত ধৈৰ্য হেৰুৱাই পেলালোঁ মই। এইখিনি সময়তে ডেষ্ট্ৰয়াৰে কাৰটাজেনাত উপস্থিত হোৱাৰ কথা আছিল। বন্ধুবোৰে চাগে’ আমি উভতিলোঁ বুলি গোটেই চহৰত আনন্দ কৰিছে। সকলোৱে আমাৰ কথাই ভাবিছে নিশ্চয়। এইবোৰ চিন্তাই মোৰ শক্তি আৰু ধৈৰ্য যোগালে আবেলি চাৰিটালৈ। যদি সিহঁতক ৰেডিঅ’যোগে খবৰ দিব পৰা যায়ো, এতিয়ালৈ যিহেতু বন্দৰত উপস্থিত হ’ব পৰা নাই, গতিকে সকলোৱে নিশ্চয় বুজিছে, কিবা এটা অঘটন ঘটিছে। সিহঁত নিশ্চয় সতৰ্ক হৈছে। {{gap}}বিমানৰ যদি উৰণত পলম কৰিছে, তথাপি আধা ঘণ্টাৰ ভিতৰত আহি পোৱাৰ কথা। চাৰি বজাত বা খুব বেছি চাৰি বাজি পোন্ধৰ মিনিটৰ ভিতৰত মোৰ মূৰৰ ওপৰত বিমান ঘূৰা-পকা কৰিব। {{gap}}দিগন্তলৈ চকু ফুৰালোঁ আকৌ। এক অন্তহীন নিস্তব্ধতাৰে ঢাক খাই গ'লোঁ মই। {{gap}}তাৰ পাছত আৰু লুই ৰেনগিফোৰ আৰ্তনাদ মোৰ কাণত নপৰিল। {{gap}}'''সুদীৰ্ঘ নিশাটো''' {{gap}}প্ৰথম তিনি ঘণ্টা অকলে সমুদ্ৰত অসহ্য লাগিছিল। পাঁচ ঘণ্টা পাৰ হৈ গৈছে। ভাব হৈছে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। ধীৰে ধীৰে বেলিটো পশ্চিমত মাৰ যাবলৈ ধৰিছে। টিকটিকীয়া ৰঙা বেলি। মই সহজ হ’বলৈ চেষ্টা কৰিলোঁ। সূৰ্য বাওঁফালে, এইবাৰ বুজিছোঁ বিমান আহিব কোন দিশৰ পৰা। সেই দিশলৈ নিশ্চল ভংগিমাত দৃষ্টি স্থিৰ কৰি ৰাখিছোঁ। ভয় হৈছে, কিন্তু চকু মুদা নাই। সেইফালেই নিশ্চয় কাৰটাজেনা। ছয় বাজে মানে চকু বিষাবলৈ ধৰিলে। তথাপি মই আশা এৰা নাই। আন্ধাৰ হ’বলৈ ধৰিছে। তথাপি ধৈৰ্য হেৰুওৱা নাই। ইঞ্জিনৰ শব্দ শুনাৰ আগতে প্ৰথমে বিমানৰ ৰঙা আৰু সেউজীয়া পোহৰ দেখিবলৈ পাম। কিন্তু মোৰ মুঠেও ভাব হোৱা নাছিল যে মই বিমানৰ পোহৰ দেখিলেও সিহঁতে মোক দেখা নাপাব। {{gap}}ইতিমধ্যে আকাশে ৰক্তিম বৰণ ধৰিলে। তেতিয়াও মোৰ দৃষ্টি দিগন্তত। অলপ পাছতে গভীৰ বেঙুনীয়া ৰং ধাৰণ কৰিলে আকাশে। মই মাথোঁ চাই আছোঁ। লাইফ বোটৰ এচুকত বহি দেখিছোঁ হুইস্কি বৰণৰ আকাশৰ বুকুত হালধীয়া হীৰাৰ দৰে প্ৰথম তৰাটো ফুটি উঠিল। নিশ্চল, নিখুঁত। যেন কিবা সংকেত দিছে। তাৰ পাছতে ৰাত্ৰি নামি আহিল।{{nop}}<noinclude>{{rh|{{smaller|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৩}}|৩৩|}}</noinclude> dhr0uawae6apegk5it3oe74m545u65j পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬০ 104 58741 160865 157693 2022-08-18T03:49:03Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>ধৰিলোঁ। প্ৰথমে মোৰ ভাব হৈছিল যে এটা সম্পূৰ্ণ হাঙৰকে খাই পেলাব পাৰিম। কিন্তু দুটুকুৰামান খোৱাৰ পাছতে পেট ভৰি গ'ল। এটা মুহূৰ্ততে সাত দিনৰ ভয়ংকৰ ক্ষুধা পূৰ হৈ গ'ল। দেহত বল ঘূৰাই পোৱা যেন লাগিছে এতিয়া। যেন প্ৰথম দিনটোৰ দৰে বলৱান। আগতে জনা নাছিলোঁ যে কেঁচা মাছে পানীৰ তৃষ্ণাও দূৰ কৰে। এতিয়া দেখিলোঁ মাছটোৱে মোৰ ক্ষুধা আৰু তৃষ্ণা দুয়োটাই দূৰ কৰিছে। এতিয়া মোৰ মনত আশাৰো সঞ্চাৰ হ’ব ধৰিছে। বেছ কিছুদিনলৈ খাদ্য সঞ্চিত হ’ল এতিয়া। এই আধা মিটাৰ দীঘল মাছটোত মই মাত্ৰ দুটাহে কামোৰ দিছোঁ। {{gap}}মাছটোক কামিজটোৰে মেৰিয়াই বোটখনৰ তলৰ ফালে থৈ দিলোঁ— যাতে সতেজ হৈ থাকে। কিন্তু পাছত প্ৰথমে ধুই ল’বলৈ ফিচাত ধৰি বোটৰ একাষলৈ আনিলোঁ। হাঙৰৰ কথা মনলৈ নাহিল। মাছটো সাগৰৰ পানীত নমাই দিয়াৰ লগে লগেই এটা হাঙৰৰ ভয়ংকৰ খুন্দা অনুভৱ কৰিলোঁ। সৰ্বশক্তিৰে মই মাছটো ধৰি থাকিলোঁ। কিন্তু হাঙৰটোৰ খুন্দাত মই পৰি গ'লোঁ বোটৰ ওপৰত। তথাপি মই এৰি দিয়া নাই মাছটো। ধৰি আছোঁ প্ৰাণপণে। সেই মুহূৰ্তত মোৰ অলপো খেয়াল হোৱা নাই যে হাঙৰে এটা কামোৰত মোৰ হাতখনেই ছিঙি লৈ যাব পাৰে। {{gap}}দুৰ্ভাগ্য! মোৰ হাত খালী কৰি হাঙৰটোৱে চিকাৰ লৈ পলাই গ'ল। খং-হতাশাৰে ব’ঠাপাট লৈ বোটৰ কাষত থকা হাঙৰটোৰ মূৰতে মাৰ এটা শোধাই দিলোঁ। জাপ মাৰি উঠিল সি। নিৰ্ভুল কামোৰ তাৰ— ব’ঠাপাট অনায়াসে ভাঙি খাই পেলালে সি।{{nop}}<noinclude>{{rh||৬০|}}</noinclude> rouw8tetsitzc3elofoay1uro5vjifz পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৯ 104 58742 160864 156327 2022-08-18T03:46:25Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>মানেই যে বিষ। নাজানো এই মাছৰ মাংস বিষাক্ত হয় নে নহয়। জানিবলৈ মোৰ ইচ্ছাও নাই। মোৰ পেট কলমলাই উঠিছে মাছৰ টুকুৰা এটাৰ আশাত। {{gap}}'''বেচেৰা শৰীৰ''' {{gap}}যেতিয়া খাবলৈ হাতত সঁচাকৈয়ে একো নাথাকে, তেতিয়া ক্ষুধা সহ্য কৰা যায়। কিন্তু যেতিয়া এই সতেজ মাছটো চাবিপাটেৰে কাটিবলৈ চেষ্টা কৰিছোঁ তেতিয়া অসহ্যকৰ হৈ উঠিল ক্ষুধা। বুজিলোঁ, এইটো যদি সঁচাকৈয়ে খাবলৈ বিচাৰোঁ, তেন্তে মই আৰু অধিক দৃঢ় হ'ব লাগিব। লাহেকৈ থিয় দিলোঁ। মাছৰ ফিচাত গচকি ধৰি ফুলেৰে ব’ঠাৰ হাতলপাট সুমুৱাই দিলোঁ। মাছটো তেতিয়াও জীৱিত। মূৰত আৰু এবাৰ কোব এটা শোধালোঁ। ঢাকি ৰখা কঠিন অংশটোকে আঁজুৰি ছিঙি পেলাবলৈ চেষ্টা কৰিলোঁ। আঙুলি তেজেৰে ৰাঙলী হৈ পৰিছিল। মাছৰে তেজ নে মোৰেই তেজ ধৰিবই নোৱাৰিলোঁ। মোৰো হাত কাটিছে। আঙুলিৰ ছাল এৰি গৈছে। মাছটোৰ তেজৰ গোন্ধ পাই পুনৰ অস্থিৰ হৈ পৰিল হাঙৰবোৰ। বিৰক্তিত এবাৰ ভাবিলোঁ— হাঙৰৰ মাজলৈকে দলিয়াই দিওঁ নেকি মাছটো। যিদৰে গঙাচিলনীটো দিছিলোঁ। {{gap}}মই হতাশ আৰু অসহায়। মাছটোকো কাটিব পৰা নাই। {{gap}}অৱশেষত মাছটোৰ কোমল ঠাই এটুকুৰা বিচাৰি উলিয়ালোঁ। দুয়ো ফুলৰ মাজত আঙুলি সুমুৱাই ভিতৰৰ অংগবোৰ বাহিৰ কৰি আনিবলৈ চেষ্টা চলালোঁ। ভিতৰৰ অংগবোৰ কোমল। মানুহে কয়, হাঙৰৰ ফিচাত হেঁচুকি দিলে মুখেৰে পেট, পাকস্থলী সকলো ওলাই আহে। মই কাৰ্টাজেনাত দেখিছিলোঁ, ওলোমাই থোৱা হাঙৰৰ মুখৰ পৰা কিদৰে ক’লা ক’লা নাড়ী-ভুৰুবোৰ ওলাই আহিছে। {{gap}}সৌভাগ্যবশতঃ মাছটোৰ পেটৰ ভিতৰখিনি হাঙৰৰ দৰেই কোমল। আঙুলিৰে খামুচি বাহিৰলৈ টানি উলিয়াবলৈ বেছি সময় নালাগিল। পেটৰ ভিতৰত এসোপা কণী। চাফা কৰি লৈ প্ৰথম কামোৰটো দিলোঁ। ছাল ভেদ কৰিব নোৱাৰিলোঁ। দ্বিতীয়বাৰ কামোৰ দিলোঁ আৰু জোৰেৰে। মুখখন বিষাই উঠিল। লাহে লাহে ঢিলা হ’ল। গোটেই টুকুৰাটো মুখত ভৰাই চোবাবলৈ ধৰিলোঁ। {{gap}}কিন্তু সোৱাদ অসহ্যকৰ। কেঁচা মাছৰ গোন্ধ এনেই সহ্য কৰিব নোৱাৰি। এই মাছ টুকুৰাৰ গোন্ধ আৰু উৎকট। সামান্য পাথৰৰ দৰে, তেলতেলীয়া। ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে কোনোবাই কেঁচা মাছ খাব পাৰে। কিন্তু মুখৰ ভিতৰত সুমুৱাই মাছ টুকুৰা চোবাই থকাৰ সময়ত মোৰ বিশ্বাস হ’ল যে সঁচাকৈয়ে আজি মই কিবা এটা খাবলৈ পাইছোঁ। {{gap}}যি নহওক, অৱশেষত খাবলৈ পাই ভালেই লাগিল। আৰু এটুকুৰা চোবাবলৈ<noinclude>{{rh||৫৯|}}</noinclude> 637pv10pexlgyj4wc3lwnd91d7t2zyg পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৮ 104 58743 160862 156328 2022-08-18T03:39:04Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্‌ফটাইছে সি। {{gap}}আঘাতপ্ৰাপ্ত মাছৰ ছট্‌ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন। {{gap}}সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব। {{gap}}কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং<noinclude>{{rh||৫৮|}}</noinclude> 08od1c2osjc975xtmj31u6nbmi2ktl9 160863 160862 2022-08-18T03:40:08Z Scatter2021 2529 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্‌ফটাইছে সি। {{gap}}আঘাতপ্ৰাপ্ত মাছৰ ছট্‌ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন। {{gap}}সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব। {{gap}}কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং<noinclude>{{rh||৫৮|}}</noinclude> bvg8ppjrlnyth0am6vdjao5yf70089n পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৭ 104 58744 160861 156329 2022-08-18T03:33:26Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>শান্ত। চাৰিওফালে ইমান সুন্দৰ আৰু লোভনীয় মাছ— যেন হাত আগবঢ়ালেই ধৰিব পাৰি। ক’তো হাঙৰ চকুত পৰা নাই। পানীত ভাঁহি আছে এটা উজ্জ্বল নীল বৰণীয়া মাছ, কমেও ২০ চেণ্টিমিটাৰ দীঘল, বক্ৰাকাৰ দেহ। মাছটো ধৰিবলৈ সতৰ্কতাৰে হাতখন আগবঢ়াই দিলোঁ। লগে লগে পানীত আলোড়ন তুলি অদৃশ্য হৈ গ'ল মাছবোৰ। কিন্তু খন্তেক পাছত পুনৰ ভাঁহি উঠিল। হাতেৰে মাছ ধৰাটো প্ৰায় দুঃসাধ্য কাম। অতি ক্ষিপ্ৰ হ’ব নোৱাৰিলে সফল হোৱা নাযাব। পানীৰ তলত হাতৰ শক্তি কমি যায়। ক্ষিপ্ৰতাও নাথাকে। জাকৰ মাজত নিৰ্দিষ্টকৈ এটা মাছক বাছি ল'লোঁ। পুনৰ চেষ্টা চলালোঁ ধৰিবলৈ। আৰু ধৰিবলৈ সক্ষম হ'লোঁ। কিন্তু অকল্পনীয় তড়িৎ গতিৰে সি হাতৰ পৰা সৰকি গ'ল। মই ধৈৰ্যসহকাৰে পুনৰ অপেক্ষা কৰাত লাগিলোঁ। {{gap}}আন্দাজ কৰিব পৰা নাই যে ইয়াত হাঙৰ থাকিব পাৰে। কিলাকুটিপৰ্যন্ত সুমুৱাৰ পাছত ভাব হ’ল, যদি হাঙৰ থাকে, তেন্তে একে কামোৰত হাতখন ছিগি লৈ যাব পাৰে। পুৱা দহ বজালৈ মাছ ধৰাৰ চেষ্টা অব্যাহত ৰাখিলোঁ। কিন্তু একেবাৰেই ব্যৰ্থ। মাছবোৰে মোৰ আঙুলিত খুঁটিবলৈ ধৰিছিল। এটা স্বচ্ছ ৰূপালী মাছ। কমেও ডেৰ ফুট দীঘল, ক্ষুদ্ৰ ক্ষুদ্ৰ চোকা দাঁত। হঠাৎ কামোৰ মাৰি দিলে মোৰ আঙুলিত। ওলাই আহিল তেজ। {{gap}}'''বোটৰ ওপৰত হাঙৰ''' {{gap}}হয়তো মোৰ আঙুলিৰ পৰা ওলোৱা তেজৰ গোন্ধৰ বাবেই আহি ওলাল হাঙৰবোৰ। মুহূৰ্তৰ ভিতৰত সিহঁতে পৰস্পৰৰ মাজত ‘যুঁজ’ আৰম্ভ কৰি দিলে। ইমানবোৰ হাঙৰ একেলগে কেতিয়াও দেখা নাছিলোঁ মই। ডলফিনৰ দৰে লফিয়াইছে, মাছবোৰ খেদি ফুৰিছে আৰু গিলিছে গোটে গোটে। ভয় খাই মই বোটৰ মাজলৈ আহি সিহঁতৰ এই ধ্বংসলীলা চাবলৈ ধৰিলোঁ। {{gap}}হঠাৎ এটা হাঙৰে পানীৰ ওপৰপৃষ্ঠলৈ উঠি আহি ফিচাৰে এনেদৰে কোব মাৰিলে যে বোটখন কঁপি উঠিল। পানীত এসোঁতা যেন তুলি পুনৰ অদৃশ্য হৈ পৰিল হাঙৰটো। এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটৰ ওপৰত। মই হাতত তুলি ল'লোঁ ব’ঠা এপাট। তেনেতে হাঙৰৰ খেদা খাই বোটৰ ওপৰত জঁপিয়াই উঠি আহিল এটা সেউজীয়া বৰণৰ মাছ। দীঘলে প্ৰায় আধা মিটাৰ। দেহৰ সমস্ত শক্তিৰে মই তাৰ মূৰত সজোৰে আঘাত কৰিলোঁ। {{gap}}এনেধৰণে বোটৰ ভিতৰত মাছ মৰা মামুলি কথা নহয়। বোটখন দুলিবলৈ ধৰিলে। আৰু অলপ বেছি হ’লেই হয়তো লুটি খাই গ'লহেঁতেন। বিপজ্জনক পৰিস্থিতি। বুদ্ধিভ্ৰষ্ট হ’লে নহ’ব। যদি অন্ধৰ দৰে কাম কৰিবলৈ লওঁ, নিমিষতে বোটখন ডুব যাব পানীত।{{nop}}<noinclude>{{rh||৫৭|}}</noinclude> qhhuq44wbar145ad37gyopoepa3fyb5 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৬ 104 58745 160860 156330 2022-08-18T03:30:42Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{center|{{larger|আঠ}}}} {{center|<poem>{{X-larger|'''এটা মাছৰ বাবে''' '''হাঙৰৰ সৈতে যুদ্ধ'''}}</poem>}} {{gap}}বিগত সাতটা দিন পাৰৰ ফালে নগৈ সমুদ্ৰৰ মাজলৈ আঁতৰি গৈ আছোঁ— এই দুশ্চিন্তাই মোৰ যুঁজ দিয়াৰ শক্তি নোহোৱা কৰি পেলালে। কিন্তু মৃত্যু কাষলৈ আহিলে হেনো আত্মৰক্ষাৰ প্ৰবৃত্তি বাঢ়ি যায়। সম্ভৱতঃ শেষত মোৰো সেয়ে হ’ল। বহুকেইটা কাৰণত আজিৰ দিনটো বাকী দিনবোৰৰ তুলনাত বেলেগ আছিল। সমুদ্ৰ শান্ত, সূৰ্যৰ পোহৰো উজ্জ্বল আৰু পৰিষ্কাৰ। মৃদু বতাহে বোটখনক ধীৰে ধীৰে আগুৱাই নিছে। সূৰ্যৰ তাপো উপভোগ্য হৈ উঠিছে। {{gap}}আজি মাছবোৰেও যেন অন্য ৰূপ লৈছে। পুৱাৰে পৰাই সিহঁত বোটৰ কাষে কাষে সাঁতুৰি ফুৰিছে। স্পষ্টকৈ দেখিবলৈ পাইছোঁ— নীলা, ৰঙা, বাদামী সকলো ৰঙৰ, সকলো আকৃতিৰ মাছ। এনে লাগিল যেন বোটখন এটা একুয়াৰিয়ামৰ ভিতৰতহে ভাঁহি ফুৰিছে। {{gap}}নাজানো— সাত দিন ধৰি অনাহাৰে এনেদৰে সমুদ্ৰত থকাৰ পাছত বাচি থাকিবলৈ মানুহ অভ্যস্ত হৈ পৰেনে নাই। মাছবোৰ যেন মোৰ যাত্ৰাৰ সহচৰ, বিশ্বস্ত সংগী। মোৰ সাদিনীয়া পুৰণি বন্ধু। {{gap}}আজিৰ এই পুৱা আকৌ চিন্তা কৰিলোঁ যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’বই লাগিব। যদিও মই নিশ্চিত, বোটখন য'ত আহি উপস্থিত হৈছে, সেই ঠাইত কোনো জাহাজ নাই। আনকি গঙাচিলনীবোৰো দিশহাৰা। {{gap}}তথাপি ভাব হ’ল সাতটাকৈ দিন এনেদৰে দিক্‌বিদিক হেৰুৱাই উটি-ভাঁহি ফুৰাৰ পাছত সমুদ্ৰত অভ্যস্ত হৈ পৰিছোঁ মই। মৃত্যুভয়ৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। জীয়াই থাকিবলৈ মোৰ আৰু কোনো ব্যাকুলতা নাই। এটা সপ্তাহ প্ৰবল ঢৌ আৰু বতাহৰ মাজত জীৱন পাৰ কৰি দিছোঁ। গোটেই জীৱনটো এই বোটতে অতিবাহিত কৰা অসম্ভৱ নেকি? {{gap}}মাছবোৰে পানীৰ ওপৰভাগত সাঁতুৰি ফুৰিছে। সমুদ্ৰ এতিয়াও পৰিষ্কাৰ আৰু<noinclude>{{rh||৫৬|}}</noinclude> 6s159oxlfu7ekt51vqgynmitfwpj6gu পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৫ 104 58746 160859 156331 2022-08-18T03:26:19Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>হেৰাই যায় সমুদ্ৰত। দিনৰ পাছত দিন উৰি থাকে সিহঁত, যেতিয়ালৈ আশ্ৰয়ৰ বাবে কোনো জাহাজ বিচাৰি নাপায়। জাহাজেই সিহঁতক পাৰ দেখুৱায়। তিনি দিন ধৰি দেখা এইবোৰ সম্ভৱতঃ পথভ্ৰষ্ট চিলনী। তাৰ মানে মোৰ বোট পাৰৰ পৰা নিশ্চয় বহু দূৰলৈ আঁতৰি গৈছে।{{nop}}<noinclude>{{rh||৫৫|}}</noinclude> pqcnrlrwzeoqge306ysalzrcz1yhskd পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭৮ 104 58751 160881 156336 2022-08-18T06:36:56Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{larger|বাৰ}}}} {{center|{{X-larger|'''আজব দেশত নতুন জীৱন'''}}}} {{gap}}পোন্ধৰ মিনিট ধৰি সৰ্বশক্তিৰে সাঁতোৰাৰ পাছত মাটি দেখিবলৈ পালোঁ। এতিয়াও কমেও এক কিলোমিটাৰ দূৰ। মই নিশ্চিত হ'লোঁ— এয়া আৰু ভ্ৰম নহয়, বাস্তৱ। নাৰিকল গছবোৰৰ চূড়াত সূৰ্যটোৱে সোণ ছটিয়াইছে। পাৰত আৰু কোনো পোহৰ নাই। সমুদ্ৰৰ পৰা কোনো চহৰ, আনকি দেখা যোৱা নাই এটা ঘৰো। কিন্তু নিশ্চয় সেয়া পাৰৰ মাটিয়েই। বিছ মিনিটমান সাঁতোৰাৰ পাছত বিধ্বস্ত হৈ পৰিলোঁ মই। কিন্তু দৃঢ় বিশ্বাস, মই পাৰিমেই। আৱেগক মোৰ নিয়ন্ত্ৰণ শিথিল কৰিবলৈ দিব নোৱাৰোঁ। মোৰ আধা জীৱন পাৰ হৈছে পানীত। কিন্তু ৯ মাৰ্চৰ এই পুৱাৰ আগলৈকে এজন দক্ষ সন্তৰণ হোৱাটো কিমান জৰুৰী, সেয়া মুঠেও অনুভৱ কৰিব পৰা নাছিলোঁ। যিমানে আগুৱাইছোঁ, সিমানে স্পষ্টকৈ দেখিবলৈ পাইছোঁ নাৰিকলৰ গছবোৰ। সূৰ্য আকাশলৈ উঠি আহিছে। এনে লাগিল যেন মই এতিয়া মাটি চুবলৈ পামেই আৰু। চেষ্টা কৰিলোঁ, কিন্তু বেছ দ। সাঁতুৰিবই লাগিব। অন্য কোনো বিকল্প নাই। তাৰ পাছত কিমানপৰ সাঁতুৰিলোঁ মনত নাই। পাৰ পাওঁ মানে মূৰৰ ওপৰত তপত সূৰ্য। কিন্তু শৰীৰৰ পেশীত এতিয়া আৰু কোনো বিষ নাই, ছালতো পোৰণি নাই। প্ৰথম কেইমিনিটমানৰ ঠাণ্ডা পানীয়ে মোক ভয় খুৱাই দিছিল, কিজানিবা খজুৱতি তোলে। কিন্তু লাহে লাহে সজীৱ অনুভৱ কৰিলোঁ। {{gap}}পাৰৰ কাষত পানীৰ উষ্ণতা সামান্য বাঢ়ি আহিল। হ’লেও মই ভীষণ ক্লান্ত। এনে লাগিছে যেন টোপনিৰ মাজতহে আছোঁ। ভোক আৰু পিয়াহক দমাই ৰাখি কেৱল মনৰ শক্তিৰে সাঁতুৰিছোঁহে সাঁতুৰিছোঁ। {{gap}}চকুৰ সমুখত স্পষ্টকৈ ভাঁহি উঠিছে সূৰ্যৰ মৃদু আলোকত উজলি উঠা ঘন গছ-গছনি। পুনৰ মাটি স্পৰ্শ কৰিবলৈ চেষ্টা চলালোঁ। ঠিক ভৰিৰ তলতে মাটি। সমুদ্ৰৰ বুকুত দহটা দিন উটি-ভাঁহি ফুৰাৰ পাছত মাটিৰ এই স্পৰ্শ— আঃ সেয়া যে কি সুখৰ অনুভূতি! {{gap}}হঠাৎ বুজিলোঁ— এতিয়াও মোৰ দুৰ্দশাৰ অন্ত পৰা নাই। শৰীৰৰ সকলো শক্তি<noinclude>{{rh||৭৮|}}</noinclude> 89a5xfowcizefpnbe7ro1oflpk2gnrg পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৪ 104 58770 160882 156384 2022-08-18T06:40:59Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{larger|বাৰ}}}} {{center|<poem>{{X-larger|'''ছশ মানুহে মোক''' '''কঢ়িয়াই নিলে ছান জুৱানলৈ'''}}</poem>}} {{gap}}সেই মুহূৰ্তত মই মুঠেও যি আশা কৰা নাছিলোঁ স্পষ্টকৈ তেওঁ সেয়াই উত্তৰ দিলে— ‘কলম্বিয়া।’ {{gap}}প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই মানুহজন উভতি আহিল। মই অপেক্ষা কৰাৰ আগতেই কিছু সময় পাছতে মানুহজন উভতি আহিল৷ খৰাহি বোজাই গাধটো আৰু এলুমিনিয়ামৰ পাত্ৰটো লোৱা সেই ক’লী ছোৱালীজনীও ( পাছত জানিবলৈ পাইছিলোঁ, তাই হেনো মানুহজনৰ বান্ধৱী ) তেওঁৰ লগত আছে। কুকুৰটোৱে মোক এতিয়াও এৰি দিয়া নাই। শুঙা আৰু চেলেকা বন্ধ কৰি সি মোৰ কাষতে শুই পৰিছিল। আধা টোপনিৰ মাজত থাকি সি তাৰ গৰাকীলৈ সম্ভৱতঃ অপেক্ষা কৰিছিল। গাধটো দেখাৰ পাছত সি এতিয়া নেজ জোকাৰি জঁপিয়াবলৈ ধৰিলে। {{gap}}‘তুমি খোজকাঢ়িব পাৰিবানে?’- মানুহজনে প্ৰশ্ন কৰিলে। {{gap}}‘চাওঁচোন বাৰু।’— থিয় হ’বলৈ চেষ্টা কৰিলোঁ মই, কিন্তু ভাৰসাম্য ৰাখিব নোৱাৰি বাগৰি পৰিলোঁ। {{gap}}মাটিত পৰাৰ আগতেই তেওঁ মোক ধৰি পেলালে। {{gap}}‘ওহোঁ, তুমি নোৱাৰিবা।’ তেওঁ ক'লে। {{gap}}ছোৱালীজনীৰ সৈতে ধৰাধৰিকৈ মানুহজনে কোনোপ্ৰকাৰে মোক গাধটোৰ পিঠিত তুলি দিলে। মই দুয়ো হাতেৰে ভালদৰে ধৰাৰ পাছত গাধটোক টানি লৈ যাবলৈ ধৰিলে। চাৰিওফালে জঁপিয়াই জঁপিয়াই কুকুৰটোও আগবাঢ়িল আগে আগে। {{gap}}ৰাস্তাৰ কাষত শাৰী শাৰী নাৰিকলৰ গছ। সমুদ্ৰত মই তৃষ্ণা সহ্য কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া এনেদৰে শাৰী শাৰী নাৰিকল গছৰ মাজেৰে গাধৰ পিঠিত উঠি গৈ থাকোঁতে ভাব হ'ল আৰু এক মুহূৰ্তও মই নোৱাৰিম। মই নাৰিকলৰ পানী খাব বিচাৰিলোঁ।{{nop}}<noinclude>{{rh||৮৪|}}</noinclude> h6c2wq9psicg5wkp9cr50phl99wcanu পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯০ 104 58776 160883 156390 2022-08-18T06:44:14Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|{{larger|চৈধ্য}}}} {{center|<poem>{{X-larger|'''নিজক মৰিবলৈ'''}} {{X-larger|'''নিদিয়াটোৱেই মোৰ বীৰত্ব'''}}</poem>}} {{gap}}কেতিয়াও কল্পনা কৰা নাছিলোঁ— ক্ষুধা-তৃষ্ণা উপেক্ষা কৰি সাগৰৰ বুকুত দহটা দিন পাৰ কৰিব পাৰিলে এনেদৰে মানুহে যে বীৰলৈ ৰূপান্তৰিত হ'ব পাৰে। কোনো বিকল্প মোৰ হাতত নাছিল। যদি বোটত সমস্ত ৰচদ-পাতি থাকিলহেঁতেন, যদি থাকিলহেঁতেন পুষ্টিদায়ক বিস্কুট, কম্পাছ, মাছ ধৰা সঁজুলি— মই সুস্থ-সতেজ হৈয়ে থাকিব পাৰিলোহেঁতেন। কিন্তু তেতিয়া বীৰৰ দৰে এই সন্মান নাপালোহেঁতেন। কিয়নো দহ দিনৰ অনাহাৰ-অনিদ্ৰাৰ পাছতো নিজক জীয়াই ৰাখিব পৰাটোৱেই হ'ল মোৰ বীৰত্ব। {{gap}}কিন্তু আচলতে বীৰৰ দৰে মই একো অসাধ্য সাধন কৰা নাই। মানুহৰ সহজাত প্ৰবৃত্তিৰ দৰে মই মোক জীয়াই ৰাখিবলৈ চেষ্টা চলাই গৈছিলোঁ। আজি মোৰ জীৱন ৰক্ষা পৰাটোৱেই স্বৰ্গীয় উপহাৰ। পালোঁ বীৰোচিত সন্মান। {{gap}}বহুতে মোক সুধিছে— নিজক বীৰ হিচাপে কেনে লাগিছে? মই নাজানো কি শব্দৰে ইয়াৰ উত্তৰ দিয়া যায়। মই অতীতত যি আছিলোঁ, আজিও সেয়াই আছোঁ। মোৰ মাজত একোৱেই পৰিৱৰ্তন হোৱা নাই। ৰ’দৰ তাপে সৃষ্টি কৰা দেহৰ জ্বলন উপশম হৈছে। আঁঠুৰ ঘা টুকুৰা শুকাইছে, এতিয়া তাত বগা দাগ। মই পুনৰ লুই এলজাণ্ড্ৰোত ভেলাছকোত পৰিণত হৈছোঁ। ইয়াতকৈ মোক আৰু একো নালাগে। {{gap}}বাস্তৱিকতে পৃথিৱীখনহে সলনি হৈছে। সলনি হৈছে বাকী মানুহবোৰ। বন্ধুসকলৰ সৈতে মোৰ সম্পৰ্ক আৰু গভীৰ হৈছে। শত্ৰুসকল হয়তো আৰু বেছি শত্ৰুত পৰিণত হৈছে— যদিও শত্ৰু বুলিবলৈ মোৰ কোনো নাই। বাটে-পথে মানুহে মোক পৰম কৌতূহলেৰে চায়— যেন মই কোনো অদ্ভুত জন্তু। সেইবাবেই মই তেনেই সাধাৰণ সাজ-পোছাক পিন্ধো, সাধাৰণভাৱেই চলা-ফিৰা কৰোঁ— যাতে মোক সোনকালে পাহৰি যাব পাৰে। মানুহে যাতে পাহৰি যায় যে মই আহাৰ-পানী নোহোৱাকৈয়ে সাগৰৰ বুকুত দহটা দিন কটাই দিছোঁ।{{nop}}<noinclude>{{rh||৯০|}}</noinclude> c5dj4v8a0opwwbeu2tn8nhpuysgimh2 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯১ 104 58777 160884 156391 2022-08-18T08:08:08Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>কোনো বিশেষ ব্যক্তিত পৰিণত হোৱাটোও মানুহৰ জীৱনৰ ডাঙৰ বিড়ম্বনা। দিন হওক, ৰাতি হওক বা যি পৰিস্থিতিয়েই নহওক কিয়, মানুহে বিচাৰে, মই যেন কেৱল নিজৰ কথাকে কৈ যাওঁ। কাৰৰ্টাজেনাৰ হাস্পতাললৈ আহি এই কথাটো মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। সেইবাবেই হাস্পতালৰ তৰফৰ পৰা মোক এজন ৰখীয়া দিয়া হৈছিল— যাতে কোনেও আমনি কৰিব নোৱাৰে। তিনি দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ। কিন্তু হাস্পতালৰ পৰা বিদায় মাগিব নোৱাৰিলোঁ। ৰখীয়াই ক'লে— গোটেই দেশৰ অজস্ৰ সাংবাদিক আহি মোৰ বাবে অপেক্ষা কৰিছে। মোৰ ফটো আৰু সাক্ষাৎকাৰ লাগে তেওঁলোকক। এওঁলোকৰ মাজৰে এজন প্ৰায় কুৰি চেণ্টিমিটাৰ দীঘল গোঁফৰ সাংবাদিকে মোৰ পঞ্চাছৰো অধিক ফটো তুলিলে। কিন্তু মোক প্ৰশ্ন কৰাৰ কোনো অনুমতি তেওঁলোকক দিয়া নহ'ল। {{gap}}ইয়াৰ মাজতে এজন দুঃসাহসী সাংবাদিকে চিকিৎসকৰ ছদ্মৱেশ ধাৰণ কৰি ৰখীয়াসকলক আভুৱা-ভাঁৰি হাস্পতালৰ মোৰ কক্ষত আহি প্ৰৱেশ কৰিছিল। তেওঁ একপ্ৰকাৰ অসম্ভৱ সাধনেই কৰিছিল। কিন্তু তেওঁৰ সেই চেষ্টা দীৰ্ঘস্থায়ী নাছিল। {{gap}}'''এটা বাতৰিৰ গল্প''' {{gap}}নৌ-হাস্পতালৰ মোৰ কক্ষত প্ৰৱেশৰ অনুমতি পাইছিল কেৱল ৰক্ষী, চিকিৎসক, নাৰ্ছ আৰু মোৰ দেউতাই। এদিন আগেয়ে কেতিয়াও নেদেখা চিকিৎসক এজন আহিল। ডেকা চিকিৎসক। চকুত চা্মা, পিন্ধনত দীঘল এটা চোলা আৰু ডিঙিত ওলমি আছে এডাল ফোনেণ্ডোস্কোপ। কিন্তু একো নোকোৱাকৈয়ে তেওঁ গুচি গ'ল। {{gap}}ৰক্ষীবোৰৰ মুৰব্বী বিষয়াগৰাকীয়ে হঠাৎ এই নতুন চিকিৎসকজন দেখি বিভ্ৰান্ত হ’ল। তেওঁৰ পৰিচয় জানিব খুজিলে। ডেকা চিকিৎসকজনে জেপ খুঁচৰিবলৈ ধৰিলে। তাৰ পাছত ইতস্তত কণ্ঠৰে তেওঁ ক'লে যে কাগজ-পত্ৰ লগত আনিবলৈ পাহৰি গৈছে। তেতিয়া বিষয়াই স্পষ্টকৈ তেওঁক জনাই দিলে যে হাস্পতালৰ সঞ্চালকৰ বিশেষ অনুমতি অবিহনে মোৰ সৈতে কথা পাতিব পাতিব নোৱাৰিব। তেওঁলোক সঞ্চালকৰ সন্ধানত ওলাই গ'ল, কিন্তু কুৰি মিনিটমান পাছতে আটায়ে উভতি আহিল। {{gap}}ৰক্ষী এজনে আহি মোক ক'লে যে এই নতুন চিকিৎসকজনক মোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনুমতি দিয়া হৈছে। তেওঁ বোগোটাৰ এজন মনোৰোগবিদ, যদিও ৰক্ষীসকলে তেওঁক এজন ছদ্মৱেশী সাংবাদিক বুলি সন্দেহ কৰিছিল। {{gap}}‘আপুনি কিয় ভাবি লৈছে যে তেওঁ ছদ্মৱেশী সাংবাদিক?’ — ৰক্ষীজনক মই প্ৰশ্ন কৰিলোঁ। {{gap}}‘কাৰণ তেওঁ বৰ ভয় খাইছে আৰু এটা কথা, মানসিক চিকিৎসকসকলে কেতিয়াও<noinclude>{{rh||৯১|}}</noinclude> 4idf5qz87ih8f7idrbott9fhfx3v3kl পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯২ 104 58778 160885 156392 2022-08-18T08:10:42Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>ফোনেণ্ডোস্কোপ ব্যৱহাৰ নকৰে।’ {{gap}}যিয়ে নহওক, হাস্পতালৰ সঞ্চালকগৰাকীয়ে তেওঁৰ সৈতে কথা-বতৰা পতাৰ পাছত সন্দেহ কৰিবলৈ একো বিচাৰি নাপালে। জটিল চিকিৎসাশাস্ত্ৰৰ ভাষাৰে ঔষধ আৰু মনস্তত্ত্বক লৈ সাৰগৰ্ভ ভাষণ দিয়াৰ পাছত চিকিৎসকজনক বিনাদ্বিধাই অনুমতি দিয়া হ'ল। {{gap}}নাজানো, ৰক্ষীজনে মোক হয়তো সতৰ্ক কৰি দিব খুজিছিল। যেতিয়া ডেকা চিকিৎসকজন আহি মোৰ কোঠাটোত প্ৰৱেশ কৰিলে, দেখি তেওঁক সঁচাকৈয়ে চিকিৎসক যেন লগা নাছিল। কিন্তু তেওঁক সেইবুলি মোৰ সাংবাদিক বুলিও বিশ্বাস হোৱা নাছিল। যদিও মই তেতিয়ালৈ কেতিয়াও সাংবাদিকৰ সৈতে মুখামুখি হোৱা নাছিলোঁ। মোৰ এনে লাগিছিল— চিকিৎসকৰ বেশত আচলতে তেওঁ চাগে’ এজন পুৰোহিতহে। তেওঁ কেনেদৰে আৰম্ভ কৰিব উৱাদিহ পোৱা নাছিল। প্ৰকৃততে তেওঁ চেষ্টা কৰিছিল, কিদৰে ৰখীয়াজনক আঁতৰাই পঠোৱা যায়। {{gap}}‘মোক এখন কাগজ আনি দিবনে?’ তেওঁ ৰখীয়াজনক অনুৰোধৰ সুৰত ক'লে। {{gap}}চিকিৎসকজনে হয়তো আশা কৰিছিল যে কাগজ আনিবলৈ ৰখীয়াজন অফিচলৈ গুচি যাব। কিন্তু ৰক্ষীসকলক নিৰ্দেশ দিয়া আছিল, মোক যাতে কেতিয়াও অকলশৰীয়াকৈ এৰি থৈ নাযায়৷ ৰখীয়াজনে কাগজ বিচাৰি নগৈ কৰিড’ৰলৈ ওলাই গ'ল। তাৰ পৰা সি চিৎকাৰ কৰি কোনোবা এজনক নিৰ্দেশ দিলে— 'লিখিবলৈ কাগজ এখন আনাচোন সোনকালে।’ {{gap}}কিছু সময়ৰ ভিতৰত কাগজ আহি পালে। প্ৰায় পাঁচ মিনিট ধৰি মই বহি আছোঁ চিকিৎসকজনৰ সমুখত। মোক এটা প্ৰশ্নও কৰা নাই। কাগজ আহি নোপোৱাপৰ্যন্ত স্বাস্থ্য পৰীক্ষাৰ কাম তেওঁ আৰম্ভ কৰিব খোজা নাই। তেওঁ কাগজখন মোৰ পিনে আগুৱাই দি এটা ছবি আঁকিবলৈ ক'লে। মই আঁকিলোঁ। তাতে মোক চহী এটাও কৰিবলৈ অনুৰোধ কৰিলে। চহীও কৰিলোঁ মই। তাৰ পাছত তেওঁ এটা ফাৰ্ম হাউছ আঁকিবলৈ ক’লে। সাধ্য অনুসাৰে তাকো আঁকিলোঁ। কাষতে এজোপা কলগছো আঁকিলোঁ। তেওঁ এইখন ছবিতো চহী কৰিবলৈ ক'লে— তেতিয়াহে মই নিশ্চিত হ'লোঁ যে তেওঁ এজন ছদ্মৱেশী সাংবাদিকহে। কিন্তু তেওঁ বাৰে বাৰে নিজকে চিকিৎসক বুলি দাবী কৰি গ'ল। {{gap}}অঁকা হোৱাৰ পাছত তেওঁ মোৰ ছবিসমূহ মন দি পৰীক্ষা কৰিলে। বিৰবিৰকৈ কি জানো ক’লে তেওঁ! তাৰ পাছত সাগৰত কি ঘটিছিল জানিবলৈ বিচাৰিলে। তেতিয়াই বাধা প্ৰদান কৰিলে ৰক্ষীজনে। সোঁৱৰাই দিলে যে এনেধৰণৰ প্ৰশ্ন কৰাৰ কোনো অনুমতি নাই। বাধা পাই এইবাৰ তেওঁ মোৰ শৰীৰ পৰীক্ষা কৰাত<noinclude>{{rh||৯২|}}</noinclude> 6rte4g416j7rf34dbsg1avdg4za3mn3 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯৩ 104 58779 160886 156393 2022-08-18T08:17:53Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>লাগিল, ঠিক সকলো চিকিৎসকে কৰাৰ দৰেই। তেওঁৰ হাত দুখন বৰফৰ দৰে শীতল। ৰখীয়াবোৰে যদি তেওঁৰ স্পৰ্শ পালেহেঁতেন, সেই মুহূৰ্ততে তেওঁক নিশ্চয় কোঠাৰ পৰা উলিয়াই দিলেহেঁতেন। কিন্তু মই একো নামাতিলোঁ। কিয়নো তেওঁ যে এজন সাংবাদিক আৰু এনেদৰে মৰসাহ কৰি খবৰ গোটাবলৈ আহি যে কিছু বিব্ৰতবোধ কৰিছে, তাকে দেখি তেওঁলৈ মোৰ সহানুভূতি জাগিল। পোন্ধৰ মিনিটৰ ভিতৰতে মই অঁকা ছবিবোৰ সামৰি কোঠাটোৰ পৰা তেওঁ পোন বাটে ওলাই গুচি গ'ল। {{gap}}পিছদিনা আকাশ ভাগি পৰিল। এল টিমপো কাকতৰ প্ৰথম পৃষ্ঠাত ছবিবোৰ ছপা হৈ ওলাল। শিৰোনাম এটা দিয়া হৈছে— ‘ইয়াতেই মই পানীত পৰি গৈছিলোঁ।’ কাঁড়চিহ্নৰে জাহাজৰ ব্ৰীজ এখনৰ পিনে ইংগিত কৰা হৈছিল। কিন্তু এয়া শুদ্ধ নহয়, কিয়নো মই আছিলোঁ ষ্টাৰ্নৰ পিনে, ব্ৰীজৰ পিনে নহয়। তথাপি যিয়েই নহওক, সেই ছবিবোৰ কিন্তু ময়ে অঁকা। {{gap}}পাছত কোনোবাই মোক ভুলৰ সেই সংশোধন বিচাৰিবলৈ পৰামৰ্শ দিছিল। হয়তো সেই দাবী মই তুলিব পাৰিলোহেঁতেন। কিন্তু এয়া ঠিক নহ’ব যেন লাগিল। সাংবাদিকগৰাকীৰ প্ৰতি মোৰ অৱশ্যেই শ্ৰদ্ধাৰ ভাব জাগিছিল। সামৰিক বাহিনীৰ এখন হাস্পতালত সকলোকে আভুৱা-ভাঁৰি চিকিৎসকৰ ছদ্মৱেশত এনেদৰে প্ৰৱেশ কৰাটো মুঠেও মামুলি কথা নাছিল। তেওঁ যদি এবাৰ মোক সাংবাদিক বুলি পৰিচয় দিলেহেঁতেন, মই অৱশ্যেই কৌশলেৰে ৰখীয়াজনক আঁতৰাই পঠালোহেঁতেন ৷ কিয়নো মোৰ কাহিনী আনক ক’বৰ বাবে যাৱতীয় অনুমতিও মই সিদিনাই লাভ কৰিছিলোঁ। {{gap}}'''গল্পৰ মূল্য''' {{gap}}ছদ্মৱেশী সাংবাদিকজনৰ দুঃসাহসিক প্ৰচেষ্টা দেখি স্পষ্ট ধাৰণা হ’ল যে মোৰ কাহিনী সন্দৰ্ভত বাতৰি কাকতসমূহ উৎসুক হৈ পৰিছে। উৎসুক প্ৰত্যেকেই। বন্ধুসকলেও মোক বাৰে বাৰে এই একেটা কাহিনীকে ক’বলৈ অনুৰোধ জনাইছে। সুস্থ হৈ বোগোটালৈ ওভতাৰ পাছত বুজিলোঁ, মোৰ জীৱন সলনি হৈ গৈছে। বিমানবন্দৰত বিৰাট আয়োজনেৰে মোক অভিনন্দন জনোৱা হ’ল। বীৰ আখ্যা দি দেশৰ ৰাষ্ট্ৰপতিয়েও মোক অভিনন্দন জনালে। সিদিনা অৱশ্যে মই বুজিলোঁ, নৌ বাহিনীত মোৰ চাকৰিটো সুৰক্ষিত হৈ আছে। যদিও মই পাছত পদোন্নতি পাই যোগ দিলোঁ কেডেটৰ মৰ্যাদাৰে। {{gap}}ইয়াৰ পাছত যিবোৰ ঘটিল, সেয়া আগতে কল্পনাও কৰিব পৰা নাছিলোঁ। বিজ্ঞাপন আৰু বিভিন্ন প্ৰচাৰ সংস্থাবোৰৰ পৰা নানান লোভনীয় প্ৰস্তাৱ আহিবলৈ ধৰিলে। মোৰ ঘড়ীটোৰ প্ৰতি মই সঁচাই চিৰকৃতজ্ঞ। সমুদ্ৰত কটোৱা দিনবোৰত নিৰ্ভুল সময় দেখুৱাইছে। কিন্তু ভবা নাছিলোঁ, ইয়ে এতিয়া ঘড়ী কোম্পানীটোৰ বাবে কিবা আগ্ৰহৰ বস্তু হ’ব<noinclude>{{rh||৯৩|}}</noinclude> lze8g185pr2kqpeicbr7ymzrd1lmd7c পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৪ 104 58783 160866 156397 2022-08-18T03:52:28Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>নাই। অলপ আগলৈকে হাঙৰেৰে ভৰা এই পানীয়েই আছিল মোৰ আতংক। সম্ভৱতঃ এইবাৰেই মোৰ জীৱন ৰক্ষাৰ শেষ চেষ্টা। সৰ্বশক্তি প্ৰয়োগ কৰি বোটত জঁপিয়াই উঠিলোঁ। বিধ্বস্ত মানুহৰ দৰে পৰি গ'লোঁ বোটত। {{gap}}নাজানো কিমানপৰ এনেদৰে উবুৰি খাই পৰি আছিলোঁ। ডিঙি পুৰিছে পিয়াহত। আঙুলিৰ কটা ঘাত তীব্ৰ বিষ। এটাই মোৰ কামনা, আৰু যেন বোটখন লুটি নামাৰে। {{gap}}'''পুৱাৰ সূৰ্য''' {{gap}}এনেকৈয়ে সমুদ্ৰত পাৰ হৈ গ'ল মোৰ অষ্টমটো দিন। পাছদিনা পুৱাও বতাহ তীব্ৰ। যদি এতিয়া বৰষুণো পৰে, হয়তো ধৰি খাবলৈকো মোৰ শক্তি নহ'ব। শৰীৰ তেতিয়া অৱশ, টোপনিৰ অতল গহ্বৰত যেন মই সোমাই পৰিব খুজিছোঁ। বৰষুণ যদি আহে জাগিবলৈ চেষ্টা কৰিম। কিন্তু এটোপালো বৰষুণ নাহিল। বতাহ অৱশ্যে সেমেকা, যেন বৃষ্টিৰ পূৰ্বাভাস। {{gap}}সমুদ্ৰ যেন সমাগত। বোটত একাটি হৈ শুই সমুদ্ৰৰ এচলু পানী খালোঁ। আশা কৰোঁ, শৰীৰৰ ক্ষতি নকৰিব। পানীখিনি খাই কিছু শক্তি পোৱা যেন লাগিল। ধুমুহা একেবাৰে যেতিয়া শাম কাটিল, সমুদ্ৰ ছবিৰ দৰে পৰিষ্কাৰ নীলা হৈ পৰিল। পানীৰ ৰঙো সলনি হ’ল। তাৰ মাজতে বোটখন ভাঁহি গৈ থাকিল। উষ্ম বতাহে মোৰ শৰীৰ আৰু মনত সামান্য শক্তিৰ সঞ্চাৰ কৰিলে। {{gap}}পূৰ্বৰ তুলনাত ডাঙৰ আৰু এজনী বুঢ়া গঙাচিলনী বোটৰ ওপৰত উৰিবলৈ ধৰিছে। এইবাৰ নিশ্চয়কৈ সমুদ্ৰৰ পাৰ আহি পাইছোঁ। কিছুদিন আগতে ধৰা চিলনীটো আছিল কম বয়সীয়া। তেনে এটা বয়সত সিহঁতে বহু দূৰপৰ্যন্ত উৰিব পাৰে। কিন্তু আজিৰ এই বুঢ়া চিলনীজনীৰ বিশাল ডেউকা, ওজনো নিশ্চয় কম নহ'ব। এনে এটা চৰায়ে এশ মাইল দূৰলৈ উৰি ফুৰাটো সম্ভৱ নহয়। কথাটো ভাবি মনত সাহস পালোঁ। প্ৰথম দিনবোৰৰ দৰে মই আকৌ ব্যাকুল হৈ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ। দেখিলোঁ চাৰিওফালৰ পৰা অলেখ চিলনী উৰি আহিবলৈ ধৰিছে। {{gap}}যি নহওক, অৱশেষত মই এটা সংগী পালোঁ, তাতেই সুখী। কেইবাবাৰো সমুদ্ৰৰ পানী খালোঁ। মূৰৰ ওপৰত চিলনীবোৰ উৰিছে। মই আৰু এতিয়া অকলশৰীয়া নহয়। মেৰী এড্ৰেছৰ কথা মনত পৰিল। তাইৰ বা এতিয়া কি খবৰ? তাইৰ মাত-কথাবোৰ মোৰ কাণত যেন বাজি উঠিল। চিনেমা চাবলৈ গ'লে তাইক সংলাপবোৰ ভাঙনি কৰি দিব লাগিছিল। আচলতে কেৱল আজিৰ এই দিনটোতে, অকাৰণতে হঠাৎ মেৰীৰ কথা মনত পৰিল। হয়তো সিদিনা মেৰীয়ে মবিলৰ গিৰ্জাত মোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। কাৰটেজেনালৈ পঠিওৱা চিঠিত পাছলৈ মেৰীয়ে মোক জনাইছিল যে<noinclude>{{rh||৬৪|}}</noinclude> f7hzots01b8v4u77qmc6x2t738z9d77 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৫ 104 58784 160867 156398 2022-08-18T03:54:22Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>সেই উপাসনাৰ আয়োজন হৈছিল মই হেৰাই যোৱাৰ অষ্টম দিনটোত। কেৱল মোৰ আত্মাৰ বাবেই নহয়, শৰীৰৰ শান্তিৰ বাবেও। সিদিনা পুৱা কেৱল মেৰীৰ কথাই ভাবিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত নিমগ্ন, তেতিয়া মই সমুদ্ৰৰ চিলনীবোৰ দৰ্শন কৰি উপকূলৰ সপোন দেখিছিলোঁ। {{gap}}গোটেই দিনটো কেৱল পাৰৰে সন্ধান কৰিলোঁ। দিনটো আছিল উজ্জ্বল। মই নিশ্চিত হৈছিলোঁ যে অন্ততঃ পঞ্চাছ মাইল দূৰত্বৰ ভিতৰত দিগন্ত ৰেখা জিলিকি উঠিছে। বোটখনো আগুৱাইছে তীব্ৰ বেগেৰে। দুজন মানুহে ৰছী লগাই টানিলেও ইমান বেগেৰে আগুৱাব নোৱাৰিলেহেঁতেন। শান্ত নীলাভ পানীৰ বুকুৰে বোটৰ পোন-মসৃণ গতি, যেন মটৰহে লগোৱা আছে। {{gap}}সাতটা দিন কটালে সমুদ্ৰৰ পানীৰ ৰং কিদৰে সলনি হয়, অনুমান কৰিব পৰা যায়। ৭ মাৰ্চৰ আবেলি ৩.৩০ বজাৰ ভিতৰত বোটখন আহি য'ত উপস্থিত হ’ল, তাত পানীৰ ৰং আৰু নীলা হৈ থকা নাই। ঘন সেউজীয়া। নিৰ্দিষ্ট এডাল সীমাৰেখাহে যেন। যোৱা সাতটা দিনে যি দেখিলোঁ সেয়া নীলা পানীহে। এতিয়া এয়া সেউজীয়া, ঘনত্বও যেন বেছি। {{gap}}মূৰৰ ওপৰত চিলনীৰে ভৰা আকাশ। খুব কাষেৰেই উৰিছে। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পাইছোঁ। এই লক্ষণবোৰক ভিত্তি কৰি মোৰ যি অনুমান, ভুল হ'ব নালাগে। সমুদ্ৰৰ পানীৰ ৰং সলনি হৈছে, আকাশত অসংখ্য চিলনীয়ে ভিৰ বান্ধিছে, এইবোৰে সঘনাই যেন মোক সোঁৱৰাই দিছে— ৰাতি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব তীৰৰ প্ৰথম পোহৰ চাবৰ বাবে।{{nop}}<noinclude>{{rh|{{smaller|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৫}} |৬৫|}}</noinclude> l3jc8ymw6wg1zl2jggphycaio65m88a পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৬ 104 58785 160868 156399 2022-08-18T03:57:20Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{larger|দহ}} {{center|<poem>{{X-larger|'''আশা এৰি দিলোঁ''' '''কেৱল মৃত্যুৰ অপেক্ষা'''}}</poem>}} {{gap}}অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই। {{gap}}মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল। {{gap}}শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে।<noinclude>{{rh||৬৬|}}</noinclude> 4hev44upk7u7kqnbdb0xuxf0z7lzkiy 160869 160868 2022-08-18T03:57:35Z Scatter2021 2529 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{center|{{larger|দহ}}}} {{center|<poem>{{X-larger|'''আশা এৰি দিলোঁ''' '''কেৱল মৃত্যুৰ অপেক্ষা'''}}</poem>}} {{gap}}অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই। {{gap}}মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল। {{gap}}শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে।<noinclude>{{rh||৬৬|}}</noinclude> 64cm8ssr2ywcyqsv0tpoxztzwhxnjd0 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৭ 104 58786 160870 156400 2022-08-18T04:01:00Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{gap}}পুৱা মই মোৰ অৱস্থাৰ সলনি কৰিলোঁ। গঙাচিলনীজনী এতিয়া ভৰিৰ কাষত। এইবাৰ তাই মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে। লৰচৰ কৰিছে জোতা। মই স্থিৰ হৈ ৰ’লে তায়ো স্থিৰ হৈ থাকে। ধীৰে ধীৰে পুনৰ মোৰ মূৰ শিতানলৈ আহিল। পুনৰ মূৰত খুঁটিয়াবলৈ ধৰিলে। কিন্তু শান্তভাৱে। মই আপত্তি প্ৰকাশ কৰিবলৈ মূৰটো জোকাৰি দিয়াত তাই এইবাৰ চুলিত খুঁটিয়ালে— যেন মোৰ স'তে খেলিছেহে তাই। বাৰে বাবে অৱস্থান সলনি কৰিলোঁ। পিছে তায়ো কম নহয়, যেন মোক কোনোমতেই ৰেহাই নিদিব। বাৰে বাৰে তায়ো মূৰৰ ওচৰলৈ আহিয়ে থাকিল। {{gap}}ইতিমধ্যে ৰাতি পুৱাল। খুব সহজেই মই হাত আগুৱাই তাইক ধৰি পেলালোঁ। কিন্তু তাইক মৰাৰ মোৰ কোনো ইচ্ছা নাই। সেয়া হ’ব অৰ্থহীনভাৱে তাইক বলি দিয়াৰ দৰে কথা। মই ক্ষুধাৰ্ত, কিন্তু এই বৃদ্ধ চৰাইটোৱে মোৰ ক্ষুধা দূৰ কৰিব নোৱাৰে। গোটেই ৰাতিটো তাই মোক সংগ দিছে। কোনো ক্ষতি কৰা নাই। তাইক ধৰাৰ লগে লগে ডেউকা দুখন মেলি দিলে তাই, মোৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। মই ডেউকা দুখন ভাঁজ কৰি তাইক চেপি ধৰি থাকিলোঁ— যাতে লৰচৰ কৰিব নোৱাৰে। তাই মূৰ তুলি মোলৈ চালে। পুৱাৰ প্ৰথম পোহৰত দেখিবলৈ পালোঁ তাইৰ ভয়াৰ্ত চকু দুটা। যদি তাইক মাৰিবলৈ মোৰ পৰিকল্পনাও থাকিলহেঁতেন, তাইৰ এই চকু দুটাৰ বাবে মই সফল হ’ব নোৱাৰিলোহেঁতেন। {{gap}}সোনকালেই সূৰ্য উদয় হ’ল। ৰ’দ ইমানেই প্ৰখৰ যে সাত বজাৰ ভিতৰতে গৰমত সকলো উতলিবলৈ ধৰিলে। মই তেতিয়াও চৰাইজনীক চেপি ধৰি শুই আছোঁ। আগৰ দিনবোৰৰ দৰেই সমুদ্ৰ গভীৰ আৰু সেউজীয়া বৰণৰ। কিন্তু পাৰৰ চিন কোনো ফালেই নাই। বতাহো চঞ্চল। বন্দী চৰাইজনীক এৰি দিলোঁ মই। চৰাইজনী মূৰ জোকাৰি তড়িৎ বেগেৰে আকাশলৈ উৰা মাৰিলে। জাকৰ আনবোৰ চৰাইৰ সৈতে পুনৰ মিলি গ'ল। {{gap}}সিদিনাৰ পুৱাৰ সূৰ্যটো আছিল বিগত দিনবোৰৰ তুলনাত অধিক যন্ত্ৰণাদায়ক। পিঠিত পানীজোলা উঠিছে মোৰ। ব’ঠাপাটৰ ওপৰত ভেঁজা দি শুই আছিলোঁ মই, কিন্তু কাঠৰ চাপত পিঠিখন ইমান বিষাবলৈ ধৰিলে যে বঠাপাট আঁতৰাই নিবলৈ বাধ্য হ'লোঁ। মোৰ কান্ধ আৰু হাত দুখনো বিষাবলৈ ধৰিছে। আনকি আঙুলিৰে মোৰ গাৰ ছালো চুই চাব পৰা নাই— যেন পোৰা কয়লাহে। চকু দুটাতো পোৰণি উঠিছে॥ স্থিৰ দৃষ্টিৰে কোনো বস্তুৰ ফালেই চাব পৰা নাছিলোঁ। চকু ছাট মাৰি ধৰা উজ্জ্বল পোহৰ চাৰিওফালে। আজিহে যেন মোৰ দুৰৱস্থাৰ উমান পালোঁ। সূৰ্যৰ তাপ আৰু নিমখীয়া বতাহত মই যেন ফাটি-ফুটি যাবলৈ ধৰিছোঁ। খুব সহজেই মই হাতৰ ছাল কিছু এৰুৱাই পেলালোঁ। ছালৰ তলত কোমল আৰু ৰঙা মঙহ। পিছ মুহূৰ্তত পোৰণিত ছট্‌ফটাবলৈ ধৰিলোঁ। নোমকূপৰ পৰা তেজ বিৰিঙি উঠিল।{{nop}}<noinclude>{{rh||৬৭|}}</noinclude> ds7yjq5hrtkll43e9629fk3gx2ocx26 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৮ 104 58787 160872 156401 2022-08-18T04:06:33Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{gap}}মই মোৰ দাঢ়ি-চুলিৰ অৱস্থা নো কি নজৰেই দিয়া নাছিলোঁ। এঘাৰ দিন ধৰি দাঢ়ি কমোৱা নাই। গলধনপৰ্যন্ত দাঢ়িৰে ভৰি পৰিছে। চুই চাব পৰা নাই, সূৰ্যৰ তাপত ছালত অসহনীয় যন্ত্ৰণা। মোৰ আপচু মুখ আৰু আহত শৰীৰে স্পষ্ট কৰি তুলিছে এই একাকীত্ব আৰু বিপন্ন দিনবোৰত মই কি অন্তহীন কষ্টৰ মাজেৰে পাৰ কৰিছোঁ। কথাবোৰ ভাবি পুনৰ হতোদ্যম হৈ পৰিলোঁ। পাৰৰ কোনো চিহ্ন নাই। এতিয়া ভৰ দুপৰীয়া। মাটি যে পাম, তাৰ শেষ আশাও নোহোৱা হৈ গ'ল মনৰ পৰা। এতিয়াও {{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 68 |bSize = 425 |cWidth = 204 |cHeight = 371 |oTop = 159 |oLeft = 138 |Location = center |Description = }} {{center|''ভেলাস্কোৰ উদ্ধাৰৰ পাছত কলম্বিয়াৰ কাকতৰ বাতৰি''}}<noinclude>{{rh||৬৮|}}</noinclude> sn6jrfrq9cl2jl00nd9omgmr9g6dxpl পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৯ 104 58788 160871 156402 2022-08-18T04:04:01Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>পাৰ দৃষ্টিগোচৰ হোৱা নাই, বোট বহু দূৰ আগুৱালেও সন্ধিয়াৰ ভিতৰত গৈ পাৰ পোৱাৰ কোনো আশা নাই। {{gap}}'''মই মৰিবলৈ বিচাৰোঁ''' {{gap}}বিগত বাৰ ঘণ্টা ধৰি মোৰ মনৰ মাজত থকা সুখী ভাবটো মুহূৰ্ততে উৰি গ'ল। মোৰ শক্তি নিঃশেষ হৈছে। চেষ্টাও কৰা নাই। ন দিনৰ পাছত মই প্ৰথম মূৰ তল কৰি শুবলৈ ধৰিলোঁ। পিঠি পুৰি গৈছে সূৰ্যৰ তাপত। শৰীৰৰ প্ৰতি মোৰ আৰু কোনো মায়া নাই। এনেদৰে ৰাতিলৈ পৰি থাকিলে, মই নিৰ্ঘাত মৰি যাম। {{gap}}মই এতিয়া যন্ত্ৰণাবোৰো অনুভৱ নকৰা হ'লোঁ। অনুভৱ শক্তি শেষ হৈ গৈছে। চিন্তাশক্তি হেৰাই গৈছে। স্থান আৰু সময়ৰ প্ৰতি কোনো ধাৰণা মই কৰিব নোৱৰা হ'লোঁ। বোটৰ মাজত মূৰ তল কৰি, দুয়োখন হাত ওলমাই, এমুখ দাঢ়িৰে মই সূৰ্যৰ নিৰ্দয় অত্যাচাৰ সহি গ'লোঁ নীৰৱে। ঘণ্টাৰ পাছত ঘণ্টা। ধীৰে ধীৰে মোৰ চকুহাল জাপ খাই আহিল। এনে লাগিল, সূৰ্যৰ পোহৰত মোৰ দেহ আৰু জ্বলা নাই। ভোকো নাই, পিয়াহো নাই মোৰ।অনুভূতিহীন জীৱন বা মৃত্যুৰ প্ৰতি মই কোনো উদ্বিগ্ন নহয়। ভাব হ’ল মোৰ মৃত্যু হৈছে। কিন্তু মৃত্যুৰ ভাবনাই পাছমুহূৰ্ততে এটা খীণ আশা কঢ়িয়াই আনিলে। {{gap}}চকু মেলি দেখিলোঁ, মই মবিলত। উৎকট গৰমৰ মাজত এটা পাৰ্টীত মই আছোঁ। পাৰ্টীৰ আয়োজন চলিছিল ৰাস্তাৰ ওপৰতে এখন মুকলি কাফেত। মোৰ কাষতে আছে মবিলৰ দোকানৰ ইহুদি কৰ্মচাৰী এজন। আমি নাৱিকবোৰে তেওঁৰ দোকানত কাপোৰ-কানি কিনিছিলোঁ। তেৱেঁই মোক ‘বিজিনেছ কাৰ্ড’বোৰ দিছিল। আঠ মাহ ধৰি জাহাজৰ মেৰামতি চলাৰ সময়ত আমাৰ কলম্বিয়াৰ নাৱিকসকলৰ যত্ন লৈছিল তেওঁলোকে।কৃতজ্ঞতাস্বৰূপে আমি তেওঁলোকৰ পৰা কিনা-কটা কৰিছিলোঁ। তেওঁ স্পেনিছ ভাষা ক'ব পাৰিছিল সলসলীয়াকৈ, যদিও তেওঁ স্পেনিছ ভাষাৰ প্ৰচলন থকা কোনো দেশলৈকে যোৱা নাই। {{gap}}কাফেখনলৈ আমি গৈছিলোঁ প্ৰতি শনিবাৰে। তাতে কেৱল ভিৰ বান্ধিছিল ইহুদি আৰু কলম্বিয়াৰ নাৱিকবোৰে। প্ৰতি শনিবাৰে একেগৰাকী মহিলাই নাচিছিল মঞ্চত। মহিলাগৰাকীৰ পেট উন্মুক্ত আছিল। কিন্তু মুখ ঢাকি লৈছিল ওৰণিৰে। ঠিক আৰবী চিনেমাৰ নৰ্তকীৰ দৰে। আমি হাততালি দিছিলোঁ আৰু চুমুক দিছিলোঁ বীয়েৰৰ গিলাচত। আমাৰ সকলোৰে মাজত অধিক উৎসাহী-আগ্ৰহী আছিল মাৰ্চে নাৰ্ছেৰ নামৰ সস্তীয়া কিন্তু চৌখিন কাপোৰ বেচা এই ইহুদি দোকানৰ কৰ্মচাৰীজন। {{gap}}নাজানো কিমান সময় ধৰি মই এই বিভ্ৰমৰ মাজত পৰি আছিলোঁ। মবিলৰ পাৰ্টীক<noinclude>{{rh||৬৯|}}</noinclude> 3pthqv4xwpkiosw5zq45dtkcop0a2u6 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭১ 104 58791 160873 156405 2022-08-18T04:19:07Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude> {{gap}}কিন্তু ভোজন সমাপ্তিৰ পাছত বৰ এটা ভাল অনুভৱ নহ'ল। সম্ভবতঃ এইডাল জলফাই গছৰ শিপা। বাইবেলৰ গল্পটো মনত পৰিল। নোৱাই যেতিয়া কপৌজনীক মুক্তি দিছিল, সি পুনৰ নৌকালৈ উভতি আহিছিল এডাল জলফাইৰ ডাল লৈ। সেয়া আছিল পাৰৰ ইংগিত। বাইবেলৰ সেই কাহিনীটো মোৰ সঁচা বুলি বিশ্বাস হ’ল। আজি মই সেই জলফাইৰ শিপাৰেই ক্ষুধা আঁতৰাইছোঁ। {{gap}}কালিলৈকে পৰম আশাৰে অপেক্ষা কৰিছিলোঁ— মোৰ টোপনি ভাঙিব সমুদ্ৰৰ পাৰত। কিন্তু ইতিমধ্যে চৌবিছ ঘণ্টা কাটি গ'ল। আজি নৱম দিন। যোৱা নটা দিন মই কেৱল চাই আছোঁ সমুদ্ৰ আৰু আকাশৰ পিনে। এতিয়া এই অপেক্ষা অৰ্থহীন যেন লাগিছে। সম্ভৱতঃ মোৰ ঘৰত এই মুহূৰ্তত সকলো আত্মীয়-স্বজন, বন্ধুবৰ্গ আহি উপস্থিত হৈছে। মোৰ বাবে কৰা প্ৰতীক্ষাৰ হয়তো আজি অন্তিম ৰাতি। কাইলৈ সিহঁতে বেদীটো ভাঙি পেলাব। ধীৰে ধীৰে মানি ল’ব যে মোৰ মৃত্যু হৈছে। {{gap}}কিন্তু সিদিনা ৰাতিও মই খীণ আশা এৰি দিয়া নাই। কোনোবা নহয় কোনোবাই মোক নিশ্চয় স্মৰণ কৰিব। নিশ্চয় মোক উদ্ধাৰৰ চেষ্টা চলাব। এই কথা যেতিয়া ভাবি মনত আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া পৰিয়ালৰ বাবে মোৰ মৃত্যুৰ নটা দিন পাৰ হৈ গৈছে আৰু মোৰ বাবে সম্ভৱতঃ মই বাচি থকাৰ শেষতম দিন। সমুদ্ৰৰ বুকুত নিজকে একেবাৰে নিঃস্ব যেন লাগিল। এনে লাগিল যেন চিৎকাৰ কৰি উঠিম— ‘মই আৰু কেতিয়াও উঠিব নোৱাৰিম।' কথাখিনি ডিঙিত আবদ্ধ হৈ পৰিল। একোৱেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ। {{gap}}স্কুলীয়া দিনবোৰলৈ মনত পৰিল। 'ভাৰ্জিন অৱ কাৰমেন’ৰ মেডেলটো ওঁঠেৰে স্পৰ্শ কৰিলোঁ। প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ কাতৰভাৱে। হয়তো মোৰ ঘৰতো প্ৰাৰ্থনাৰ পূৰ্ণ আয়োজন চলিছে। ভাব হ’ল— ওহোঁ নাই, মই জীয়াই থকা নাই। মোৰ মৃত্যু হৈছে।{{nop}}<noinclude>{{rh||৭১|}}</noinclude> b5rtn4auwomaiond6xlxqi1lvywhqk6 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৪ 104 58797 160858 156412 2022-08-18T03:25:49Z Scatter2021 2529 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Scatter2021" /></noinclude>বিশেষ একো কাৰণ নোহোৱাকৈ। যি নহওক আজি কামত লাগিল। শক্তি অলপ ঘূৰাই পালোঁ। কিছু আশাৰো সঞ্চাৰ হ'ল। এনে লাগিছিল যেন হনুৰ বিষ কমাবলৈ মই এনেদৰে কাৰ্ডবোৰ অনন্ত কাল ধৰি চোবাই থাকিম পাৰিম। যদি এইবোৰ পেলাই দিলোহেঁতেন, কিয়েই যে ক্ষতি নহ'লহেঁতেন। কাৰ্ডবোৰ মোৰ পাকস্থলী পালেগৈ। কিয় জানো ভাব হ’ল, বাচি যাম মই। হাঙৰে মোক শেষ কৰি দিব নোৱাৰে। {{gap}}'''জোতাৰ সোৱাদ কেনে?''' {{gap}}কাৰ্ডবোৰ চোবাই যি তৃপ্তি পালোঁ— সিয়ে মোৰ ক্ষুধা আৰু অধিক বঢ়াইহে তুলিলে। এতিয়া আকৌ কি খাব পৰা যায়? ছুৰী এখন থকা হ'লে জোতাৰ ৰবৰৰ শ্বোলটো এৰুৱাই টুকুৰা-টুকুৰকৈ কাটি তাকেই চোবালোহেঁতেন। ওচৰতে আছে জোতাপাট। চাবিপাটেৰে পৰিষ্কাৰ বগা শ্বোলটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কোনোমতেই সফল নহ'লোঁ। টানকৈ আঠা লগোৱা আছে। {{gap}}পাগলৰ দৰে এইবাৰ বেল্টডালকে চোবাবলৈ ধৰিলোঁ। চোবাবলৈ গৈ দাঁতত বিষ উঠিল। এটা টুকুৰাও ছিঙি উলিয়াব নোৱাৰিলোঁ। মোক নিশ্চয় ৰাক্ষসৰ দৰে দেখা গৈছে। জোতা, বেল্ট, চোলা একোৱেই বাদ দিয়া নাই খাবলৈ। সন্ধিয়া নমাৰ সময়তে মই ইমান ঘামিবলৈ ধৰিলোঁ যে লংপেণ্টটো খুলি পেলাবলগীয়া হ'ল। পিন্ধি ৰ'লোঁ হাফ পেণ্টটোকে। নাজানো হয়তো কাৰ্ডবোৰ খোৱাৰে পৰিণতি। প্ৰচণ্ড টোপনিয়ে মোক হেঁচা মাৰি ধৰিলে। মই বোটৰ সমস্যাবোৰৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ইতিমধ্যে শিকি পেলাইছোঁ। ছটাকৈ নিশা সতৰ্ক হৈ থকাৰ পাছত এতিয়া ইমানে ক্লান্ত হৈ পৰিছোঁ যে কেতিয়ানো টোপনিত ঢলি পৰিলোঁ, কিমান সময়নো শুলোঁ একো টলকিবই নোৱাৰিলোঁ। মাজতে হয়তো ঢৌৰ খুন্দাত সাৰ পাই গৈছোঁ, ভয়ত চঁক খাই উঠিছোঁ। কিন্তু পিছ মুহূৰ্ততে পুনৰ ঢলি পৰিছোঁ টোপনিত। {{gap}}যেতিয়া টোপনি ভাগিল, সমুদ্ৰত মোৰ সপ্তম দিনটো আৰম্ভ হৈ গৈছে। কিয় জানো ভাব হৈছে এইটোও মোৰ শেষ দিনটো নহয়। সমুদ্ৰ শান্ত, মেঘময় আকাশ। আঠ বজাত সূৰ্যটো দেখা গ'ল আকাশত। যোৱা নিশা গভীৰ নিদ্ৰাৰ পাছত আজি কিছু সতেজ অনুভৱ হৈছে। মনৰ মাজত আশা এটাও সুৰসুৰাই উঠিছে। বোটৰ কাষলৈ ওলমি পৰা আকাশৰ বুকুত সাতটা গঙাচিলনী উৰিছে। উৰিছে ঠিক মোৰ বোটখনৰ ওপৰত। {{gap}}দুদিন আগতে সিহঁতক দেখি উল্লসিত হৈ পৰিছিলোঁ। কিন্তু তৃতীয়বাৰ সিহঁতক পুনৰ দেখিবলৈ পাই ভয় খাই গ'লোঁ। সম্ভৱতঃ সিহঁত সমুদ্ৰত জাকৰ পৰা পথ হেৰোৱা চৰাই। সকলো নাৱিকেই জানে, মাজে মাজে গঙাচিলনীবোৰ লক্ষভ্ৰষ্ট হৈ<noinclude>{{rh||৫৪|}}</noinclude> b3zfawj9tcz40kxhert88be0jr5swbq ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক 0 60702 160826 160815 2022-08-18T02:32:56Z JyotiPN 1603 wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/অনুবাদকৰ কথা|অনুবাদকৰ কথা]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=1 to=1/> {{page break|label=}} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=2 to=2/> {{page break|label=}} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=3 to=3/> {{page break|label=}} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=4 to=4/> {{page break|label=}} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=5 to=5/> {{page break|label=}} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=6 to=6/> {{page break|label=}} {{CC-BY-SA-4.0}} {{PermissionOTRS|id=2022061010009081|user=Jayantanth}} [[শ্ৰেণী:প্ৰশান্ত কুমাৰ দাসৰ সাহিত্যকৰ্ম]] [[শ্ৰেণী:আঁক-বাকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ]] fxc38w8qep8i3zdueea5nst81wdyqem ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ 0 60710 160874 2022-08-18T04:26:08Z JyotiPN 1603 "{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/লাইফ বোটত আৰু এজন সংগী|লাইফ বোটত আৰু এজন সংগী]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা|ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=44 to=49/> e79y4q01c3bbe6ylhii72thczvu22al ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা 0 60711 160875 2022-08-18T06:06:29Z JyotiPN 1603 "{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ|উদ্ধাৰকাৰী জাহাজ আৰু নৰভক্ষীৰ দ্বীপ]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ|এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=50 to=55/> aqtpq3jcsyad4yjfjdo8e0metqjjcl3 ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ 0 60712 160876 2022-08-18T06:09:48Z JyotiPN 1603 "{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা|ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি|কেৰিবিয়ানত অকলে প্ৰথমটো ৰাতি]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=56 to=60/> hlaaxa2x267q9fzxnywp9u3x0dfrxa3 160877 160876 2022-08-18T06:22:00Z JyotiPN 1603 wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা|ক্ষুধাৰ্ত মানুহৰ বেপৰোৱা চেষ্টা]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সলনি হ’ল সমুদ্ৰৰ ৰং|সলনি হ’ল সমুদ্ৰৰ ৰং]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=56 to=60/> fl6l81n2fmldaw7o1g1af2nio0pr8b3 ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সলনি হ’ল সমুদ্ৰৰ ৰং 0 60713 160878 2022-08-18T06:27:02Z JyotiPN 1603 " {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ|এটা মাছৰ বাবে হাঙৰৰ সৈতে যুদ্ধ]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা|আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=61 to=65/> mf6ejtgtniqtj6alcihgwb31ib9rwyz ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা 0 60714 160879 2022-08-18T06:30:15Z JyotiPN 1603 "{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/সলনি হ’ল সমুদ্ৰৰ ৰং|সলনি হ’ল সমুদ্ৰৰ ৰং]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আৰু এটি ভ্ৰমঃ মাটি|আৰু এটি ভ্ৰমঃ মাটি]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=66 to=71/> hsxg5xo9o3i1aghqtjzsfuszhbl24jz ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আৰু এটি ভ্ৰমঃ মাটি 0 60715 160880 2022-08-18T06:33:16Z JyotiPN 1603 "{{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>ডুবন্ত জাহাজৰ দুৰন্ত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{header | title = ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক | author = গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ | year = ২০১৫ খ্ৰীষ্টাব্দ | translator = প্ৰশান্ত কুমাৰ দাস | section = | previous = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা|আশা এৰি দিলোঁ কেৱল মৃত্যুৰ অপেক্ষা]]</big> | next = <big>[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আজব দেশত নতুন জীৱন|আজব দেশত নতুন জীৱন]]</big> | notes = | categories = }} <pages index="ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf" from=72 to=77/> puo2vqdmb8huhgpahwavfkp8n1aqwbv