ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.25
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৭
104
58736
160948
160789
2022-08-21T06:23:41Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>সেয়া মোৰ ভাগ্যৰ দোষ। ঘড়ীটোলৈ চাই নিজকে বুজনি দিয়াৰ চেষ্টা চলালোঁ। দ্ৰুততাৰে পাৰ হ'বলৈ ধৰিছে দিনটো। এতিয়া চাৰে এঘাৰ বাজিল।
{{gap}}'''দিগন্ত এটা ক'লা বিন্দু'''
{{gap}}দিনটো যিমানে গাঢ় হ’বলৈ ধৰিলে, মই পুনৰ কাৰটাজেনাৰ কথা ভাবিবলৈ ধৰিলোঁ। অনুশোচনা হৈছিল, কিয়নো উঠিলোঁ এই লাইফ বোটত? মোৰ বাকী সহকৰ্মীসকল নিশ্চয় ইতিমধ্যে উদ্ধাৰ পৰিছে। বোটখনেহে মোক ক'ৰবালৈ উটুৱাই আনিলে। ভাগ্য বেয়া বাবেহে মই এতিয়াও এই লাইফ বোটত।
{{gap}}কথাটো ভাবি থাকোতে চকুত পৰিল দিগন্তত এটি ক’লা বিন্দু। বিন্দুটো ক্ৰমান্বয়ে আগুৱাই আহিছে মোৰ পিনে। স্থিৰ নিষ্পলক দৃষ্টিৰে চাই ৰ'লোঁ মই। সমস্ত আকাশখন চকুৰ ভিতৰত জলমলাই উঠিল। ক’লা বিন্দুটো ধীৰে ধীৰে মোৰ বোটৰ পিনেই আগুৱাই আহিছে। কেইটামান মুহূৰ্তৰ পাছত অৱয়ৱ এটা জিলিকি উঠিল। সেই জিলিকনি ধাতৱ অৱয়ৱৰ। কান্ধত বিষ, চকুৱে সহিব পৰা নাই আকাশৰ বিশালতা। তথাপি চাই আছোঁ। দ্ৰুততাৰে আগুৱাই আহিছে বোটৰ পিনে। মই আনন্দত অধীৰ হোৱা নাই, আৱেগত উথলিও উঠা নাই। শান্তভাৱে বোটৰ ওপৰত থিয় হৈ আছোঁ। বিমানখন আগুৱাই আহিছে। মই কামিজটো খুলি পেলালোঁ। মই সংকেত দিব লাগিব। এক মিনিট, দুই মিনিট— হাতত কামিজটো, অপেক্ষা কৰিছোঁ আৰু কাষ চাপি আহক বিমানখন। পোনে পোনে বোটৰ পিনে আগুৱাই আহিল, ময়ো কামিজটো তুলি জোকাৰিবলৈ ধৰিলোঁ। ঢৌৰ শব্দৰ মাজতো শুনিবলৈ পালোঁ বিমানৰ ইঞ্জিনৰ শব্দ।<noinclude>{{rh||৩৭|}}</noinclude>
tih2t8b1msu485h2fh294ozagqv0fy9
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৬
104
58737
160947
160788
2022-08-21T06:22:41Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বাদে আৰু ক'তো একো পোহৰৰ চিন নাই।
{{gap}}পুৱা সাগৰত শীত অলপ বেছি হয়। শৰীৰত ক্লান্তি নামিছে। দিনটোৰ সূৰ্যৰ সমস্ত তাপ জমা লাগি আছে গাৰ ছালৰ তলত। শীত বঢ়াৰ লগে লগে জ্বলন অনুভৱ কৰিছোঁ। মাজনিশাৰ পৰা আঁঠুৰ বিষটোও বাঢ়িব ধৰিছে। এনে লাগিছে যেন হাড়ৰ ভিতৰলৈহে পানী সোমাই গৈছে। কিন্তু ইয়াৰ পাছতো মই এনেদৰে চিৎকাৰ কৰিব পাৰিম, যদি জাহাজৰ এটি পোহৰৰ ৰেশ দেখিবলৈ পাওঁ। নিশাৰ সমুদ্ৰৰ অন্তহীন এই শব্দৰ মাজতো মোৰ সেই চিৎকাৰ বহু দূৰণিলৈ শুনিবলৈ পোৱা যাব।
{{gap}}'''প্ৰত্যুষৰ পোহৰ'''
{{gap}}ধীৰে ধীৰে সমুদ্ৰ আলোকিত হৈ উঠিল। কিন্তু উপকূলৰ দৰে নহয়। প্ৰথমে বিৱৰ্ণ হ’ল আকাশ, তৰাবোৰ এটি এটিকৈ আঁতৰি গ'ল। ঘড়ীলৈ চালোঁ, তাৰ পাছতে চালোঁ দিগন্তলৈ। সমুদ্ৰৰ বিশাল ৰূপ দৃশ্যমান হৈ পৰিল। বাৰটা ঘণ্টা পাৰ হ’ল। দিনতকৈও দীঘল এই ৰাতিটোৰ সমাপ্তিৰ পাছত আৰম্ভ হ'ল এটা নতুন দিন।
{{gap}}ৰাতি পুৱাল। কিন্তু কি হ’ব? খোৱাৰ ইচ্ছা নাই। বতাহৰ উষ্ণতা সামান্য বৃদ্ধি পাইছে। সমুদ্ৰ শান্ত, সোণালী বৰণ ধৰিছে। যোৱা ৰাতি অলপো শোৱা নাই৷ তথাপি এনে লাগিছিল যে এইমাত্ৰহে নিদ্ৰাৰ পৰা উঠিলোঁ। বোটত শৰীৰটো এৰি দিলোঁ। হাড়ে হাড়ে বিষ, দেহৰ ছালত জ্বলন।
{{gap}}ফৰকাল বতৰ, উমাল বতাহ বলিছে। বতৰটোৱে যেন মোক অপেক্ষা কৰিবলৈ শক্তি যোগাইছে। নিজকে বেছ স্বাভাৱিক যেন অনুভৱ কৰিলোঁ। কুৰি বছৰৰ জীৱনত এই প্ৰথম নিজকে সুখী যেন লাগিল। বোটখন সমুখলৈ আগুৱাইছে। গোটেই ৰাতিটো কিমান দূৰত্ব আগবাঢ়িল বুজিব নোৱাৰিলোঁ। কিন্তু দিগন্ত এতিয়াও অপৰিৱৰ্তিত। যেন মই একে ঠাইতে স্থিৰ হৈ আছোঁ। সাত বজাত ডেষ্ট্ৰয়াৰৰ কথা মনত পৰি গ'ল মোৰ।প্ৰাতঃভোজনৰ সময় এতিয়া। মোৰ সহকৰ্মীসকলে খোৱা মেজৰ চাৰিওফালে বহি আপেল খাইছে। অলপ পাছতে আহিব কণী, মাংস, পাওৰুটী আৰু ক'ফী। মোৰ জিভালৈ পানী আহি গ'ল। পেটৰ ভিতৰত খলখলাই উঠিল। ভোক পাহৰিবলৈ চেষ্টা কৰিলোঁ। বোটৰ তলৰ ফালে দেহটো আগুৱাই দিলোঁ, ৰ’দে পোৰা পিঠিত শীতল পানীৰ স্পৰ্শত বৰ আৰাম পালোঁ। ঘূৰাই পালোঁ শৰীৰৰ শক্তি। শুই শুই ভাবিবলৈ চেষ্টা কৰিলোঁ ৰেমন হেৰোৰাৰ সৈতে কিয় বাৰু ডেকত থিয় হ’বলৈ গৈছিলোঁ? কিয় নিজৰ বাংকত আহি শোৱা নাছিলোঁ। প্ৰতিটো মুহূৰ্তৰ সেই ভয়ংকৰ ঘটনাটোক স্মৰণ কৰিবলৈ চেষ্টা চলালোঁ। কোনো কাৰণেই নাছিল এই দুৰ্ঘটনাত পতিত হোৱাৰ। নিৰীক্ষণৰ দায়িত্বত নাছিলোঁ, যেতিয়া ডেকলৈ আহি থিয় হোৱাৰো দৰকাৰ নাছিল। যি ঘটিল<noinclude>{{rh||৩৬|}}</noinclude>
so97bl3sl1rstsaemcnsu4qah8gjkua
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৪
104
58797
160951
160858
2022-08-21T06:31:53Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>বিশেষ একো কাৰণ নোহোৱাকৈ। যি নহওক আজি কামত লাগিল। শক্তি অলপ ঘূৰাই পালোঁ। কিছু আশাৰো সঞ্চাৰ হ'ল। এনে লাগিছিল যেন হনুৰ বিষ কমাবলৈ মই এনেদৰে কাৰ্ডবোৰ অনন্ত কাল ধৰি চোবাই থাকিম পাৰিম। যদি এইবোৰ পেলাই দিলোহেঁতেন, কিয়েই যে ক্ষতি নহ'লহেঁতেন। কাৰ্ডবোৰ মোৰ পাকস্থলী পালেগৈ। কিয় জানো ভাব হ’ল, বাচি যাম মই। হাঙৰে মোক শেষ কৰি দিব নোৱাৰে।
{{gap}}'''জোতাৰ সোৱাদ কেনে?'''
{{gap}}কাৰ্ডবোৰ চোবাই যি তৃপ্তি পালোঁ— সিয়ে মোৰ ক্ষুধা আৰু অধিক বঢ়াইহে তুলিলে। এতিয়া আকৌ কি খাব পৰা যায়? ছুৰী এখন থকা হ'লে জোতাৰ ৰবৰৰ শ্বোলটো এৰুৱাই টুকুৰা-টুকুৰকৈ কাটি তাকেই চোবালোহেঁতেন। ওচৰতে আছে জোতাপাট। চাবিপাটেৰে পৰিষ্কাৰ বগা শ্বোলটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কোনোমতেই সফল নহ'লোঁ। টানকৈ আঠা লগোৱা আছে।
{{gap}}পাগলৰ দৰে এইবাৰ বেল্টডালকে চোবাবলৈ ধৰিলোঁ। চোবাবলৈ গৈ দাঁতত বিষ উঠিল। এটা টুকুৰাও ছিঙি উলিয়াব নোৱাৰিলোঁ। মোক নিশ্চয় ৰাক্ষসৰ দৰে দেখা গৈছে। জোতা, বেল্ট, চোলা একোৱেই বাদ দিয়া নাই খাবলৈ। সন্ধিয়া নমাৰ সময়তে মই ইমান ঘামিবলৈ ধৰিলোঁ যে লংপেণ্টটো খুলি পেলাবলগীয়া হ'ল। পিন্ধি ৰ'লোঁ হাফ পেণ্টটোকে। নাজানো হয়তো কাৰ্ডবোৰ খোৱাৰে পৰিণতি। প্ৰচণ্ড টোপনিয়ে মোক হেঁচা মাৰি ধৰিলে। মই বোটৰ সমস্যাবোৰৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ ইতিমধ্যে শিকি পেলাইছোঁ। ছটাকৈ নিশা সতৰ্ক হৈ থকাৰ পাছত এতিয়া ইমানে ক্লান্ত হৈ পৰিছোঁ যে কেতিয়ানো টোপনিত ঢলি পৰিলোঁ, কিমান সময়নো শুলোঁ একো টলকিবই নোৱাৰিলোঁ। মাজতে হয়তো ঢৌৰ খুন্দাত সাৰ পাই গৈছোঁ, ভয়ত চঁক খাই উঠিছোঁ। কিন্তু পিছ মুহূৰ্ততে পুনৰ ঢলি পৰিছোঁ টোপনিত।
{{gap}}যেতিয়া টোপনি ভাগিল, সমুদ্ৰত মোৰ সপ্তম দিনটো আৰম্ভ হৈ গৈছে। কিয় জানো ভাব হৈছে এইটোও মোৰ শেষ দিনটো নহয়। সমুদ্ৰ শান্ত, মেঘময় আকাশ। আঠ বজাত সূৰ্যটো দেখা গ'ল আকাশত। যোৱা নিশা গভীৰ নিদ্ৰাৰ পাছত আজি কিছু সতেজ অনুভৱ হৈছে। মনৰ মাজত আশা এটাও সুৰসুৰাই উঠিছে। বোটৰ কাষলৈ ওলমি পৰা আকাশৰ বুকুত সাতটা গঙাচিলনী উৰিছে। উৰিছে ঠিক মোৰ বোটখনৰ ওপৰত।
{{gap}}দুদিন আগতে সিহঁতক দেখি উল্লসিত হৈ পৰিছিলোঁ। কিন্তু তৃতীয়বাৰ সিহঁতক পুনৰ দেখিবলৈ পাই ভয় খাই গ'লোঁ। সম্ভৱতঃ সিহঁত সমুদ্ৰত জাকৰ পৰা পথ হেৰোৱা চৰাই। সকলো নাৱিকেই জানে, মাজে মাজে গঙাচিলনীবোৰ লক্ষভ্ৰষ্ট হৈ<noinclude>{{rh||৫৪|}}</noinclude>
gorccee3gm7d5eyuogb758u8zr1z4um
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৮
104
58798
160949
160791
2022-08-21T06:25:38Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>
{{center|{{larger|পাঁচ}}}}
{{center|{{X-larger|'''লাইফ বোটত আৰু এজন সংগী'''}}}}
{{gap}}পাঁচ মিনিট ধৰি কামিজটো উৰুওৱাৰ পাছত হঠাৎ বুজিলোঁ, মই ভুল কৰিছোঁ। বিমানখন বোটৰ ফালে অহাই নাই। মই ক'লা বিন্দুটোলৈ লক্ষ্য কৰি আছিলোঁ, ক্ৰমান্বয়ে বিন্দু ডাঙৰ হৈছিল। এনে লাগিছিল যেন বিমানখন মূৰৰ ওপৰেৰে যাব। কিন্তু সেইখন আছিল বহু দূৰৈত আৰু বহু ওপৰেৰে পাৰ হৈ গ'ল। বোটৰ ওপৰত থিয় হৈ জ্বলন্ত বেলিটোৰ তলত মই মাথোঁ ক'লা চিহ্নটোলৈ চাই ৰ'লোঁ। ধীৰে ধীৰে সেইটো দিগন্তত বিলীন হৈ গ'ল। পুনৰ বহি পৰিলোঁ মই। ভাগি পৰিছোঁ, কিন্তু আশা হেৰুওৱা নাই। সূৰ্যৰ পৰা নিজকে বচাবলৈ কিবা এটা কৰিব লাগিব।
{{gap}}বোটত চৌবিছ ঘণ্টা পাৰ হ'ল। মুখমণ্ডলত পানীৰে তিওৱা কামিজটো দি এইবাৰ বোটৰ একাষে বাগৰ দিলোঁ। টোপনিওৱাৰ আগ্ৰহ নাই, কাৰণ তেনে কৰিলে কি বিপদ হ'ব জানো। বিমানখনৰ কথা পুনৰ মনলৈ আহিল। মই নিশ্চিত নহয় যে সিহঁতে মোকেই বিচাৰি আহিছিল। আৰু সেইখননো কি বিমান মই ভালদৰে চিনাক্তও কৰিব পৰা নাছিলোঁ।
{{gap}}বোটৰ ওপৰত শুই থাকোঁতে তৃষ্ণাৰ যন্ত্ৰণা অনুভূত হ'ল। মুখৰ থু গধুৰ হৈ পৰিছে, ডিঙি শুকাই কাঠত পৰিণত হৈছে। ইচ্ছা হ’ল, সাগৰৰ পানীকে খাওঁ, কিন্তু নিজক সম্বৰণ কৰিলোঁ, জানো সাগৰৰ পানীয়ে ক্ষতি কৰিব। যদি প্ৰয়োজন হয়, পাছতো খাব পাৰিম। হঠাৎ পিয়াহৰ কথা পাহৰি পেলালোঁ। ঢৌৰ শব্দ তল পেলাই আকাশত পুনৰ বিমান আগমনৰ আৱাজ।
{{gap}}পুনৰ উত্তেজনা জাগি উঠিল মোৰ। প্ৰথম বিমানখন যি দিশৰ পৰা আহিছিল, সেই দিশৰ পৰাই আহিছে। আহিছে বোটৰ ফালেই। মূৰৰ ওপৰ পোৱাৰ আগতেই মই পুনৰ কামিজটো উৰুৱাবলৈ ধৰিলোঁ। কিন্তু বিমানখন বহু আঁতৰেৰে, বহু ওপৰেৰে পাৰ হৈ গুচি গ'ল। বিলীন হৈ গ'ল আকাশৰ শূন্যতাত। কিন্তু খন্তেক পাছতে সচকিত হৈ পৰিলোঁ মই, বিমানখন পুনৰ উভতি আহিছে। সিহঁতে নিশ্চিতভাৱে মোকেই বিচাৰিছে। বোটৰ ওপৰত থিয় দি কামিজটো হাতত লৈ পুনৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ।{{nop}}<noinclude>{{rh||৩৮|}}</noinclude>
8wxpgq80kydm78jyy2zmmv9iue9skg7
পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৩৯
104
58799
160950
160790
2022-08-21T06:29:47Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>
{{gap}}এটা কথা স্পষ্ট— বিমানকেইখনৰ অহা-যোৱাৰ দিশতে আছে মাটি। মই জানো এতিয়া কি কৰা উচিত। কিন্তু কেনেকৈ? নিশা যদিও বোটখন বহুদূৰ আগুৱাই আহিছে, তথাপি এতিয়াও মাটিৰ পৰা বহু দূৰৈত। পাৰ পাবলৈ কিমান ব’ঠা মাৰিব লাগিব নাজানো। ৰ'দৰ তাপে মোৰ ছাল শুকুৱাই পেলাইছে। ঠিক মুৰ্গীৰ ছালৰ দৰে। পেটত ক্ষুধাৰ দহন। আৰু এই সকলোকে অতিক্ৰমি তৃষ্ণাৰ যন্ত্ৰণা। আনকি হুমুনিয়াহ এৰাৰো শক্তি নাই মোৰ।
{{gap}}১২.৩০ মিনিটত, সঠিক সময়টো কিমান চোৱা নাই, দেখিলোঁ পানীত অৱতৰণ কৰিব পৰা এখন বিৰাট ক’লা বিমান পোনে পোনে মূৰৰ ওপৰলৈ উৰি আহিছে। স্পষ্টকৈ দেখিবলৈ পালোঁ সেইখন। দিনটো ইমান ফৰকাল যে মই দেখিবলৈ পালোঁ এজনে কক্পিটৰ পৰা হাওলি বাইন’কুলাৰেৰে সমুদ্ৰৰ বুকুত তালাচ কৰিছে। বিমানখন ইমান তলেৰে মোৰ কাষেৰে উৰি গ'ল যে ইঞ্জিনৰ বতাহ আহি মোৰ মুখত লাগিল।
বিমানখনৰ গাত লিখা আখৰবোৰ পঢ়িবলৈ সক্ষম হ'লোঁ। কানাল এলেকাৰ উপকূলৰক্ষীৰ বিমান এইখন।
{{gap}}বিমানখন যেতিয়া কেৰিবিয়ানৰ মাজেৰে উভতি গ’ল, মোৰ আৰু কোনো সন্দেহ নাথাকিল। সিহঁতে মোক দেখা নাপালে। কিন্তু মই অবিৰত কামিজটো জোকাৰি গৈছোঁ আৰু চিঞৰিছোঁ— ‘সিহঁতে মোক বিচাৰি আহিছে।’ উত্তেজনাত উন্মাদৰ দৰে মই বোটৰ ওপৰত জঁপিয়াবলৈ ধৰিলোঁ।
{{gap}}'''মোৰ সন্ধান পালে'''
{{gap}}পাঁচ মিনিটৰ ভিতৰত ক’লা বিমানখন বিপৰীত দিশৰ পৰা পুনৰ উভতি আহিল। পূৰ্বৰ দৰে সেই একেই উচ্চতাৰে বাওঁফালে মোৰ ল'লে। সেইফালৰ খিৰিকীত দেখিবলৈ পালোঁ— মানুহ এজনে বাইন’কুলাৰ লৈ সমুদ্ৰ নিৰীক্ষণ কৰিছে। মই পুনৰ কামিজটো জোকাৰিলোঁ। এইবাৰ ধীৰে-সুস্থিৰে। যেন সাহায্য বিচৰা নাই, কেৱল ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মোৰ উদ্ধাৰকাৰীসকলক।
{{gap}}বিমানখন আগুৱাই আহিছে। যেন ভাৰসাম্য হেৰুৱাইহে নামি আহিছে তললৈ। যেন একেবাৰে সাগৰৰ পানীৰ ওপৰেৰে উৰি যাব। ভাব হ’ল পানীত অৱতৰণে কৰিব চাগে'। মই সাজু হ'ম। বিমানখন য’ত নামিব, মই তালৈকে ব’ঠা মাৰিম। কিন্তু পিছমুহূৰ্ততে বিমানখন পুনৰ ওপৰলৈ উঠি গ'ল। এপাক দি মূৰৰ ওপৰত অৱস্থান কৰিলে। কামিজটো আৰু জোকাৰিবলৈ বাদ দিলোঁ, অপেক্ষা কৰিলোঁ তললৈ নামি অহালৈ। কিন্তু ওলোটাটোহে ঘটিল— যি দিশৰ পৰা আহিছিল সেই দিশলৈ উভতি গ’ল বিমানখন। যি নহওক মোৰ দুশ্চিন্তাৰ কাৰণ নাই— মই নিশ্চিত, সিহঁতে মোক<noinclude>{{rh||৩৯|}}</noinclude>
hl7iqwc07dd48dxerd7yc3hn3w4416b