ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.26 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk সূচী:পাঁচনি.djvu 106 11050 161121 142973 2022-08-25T15:28:15Z Pranamikaadhikary 2157 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=পাঁচনি |Language=as |Volume= |Author=লক্ষ্মীনাথ বেজবৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সাহিত্য প্ৰকাশ |Address=গুৱাহাটী |Year=1913 |Key= |ISBN= |DLI= |IA=http://www.new.dli.ernet.in/handle/2015/452890 |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist /> |Volumes= |Remarks= |Notes=প্ৰায়বোৰ পৃষ্ঠাৰ সংশোধন ভুল হৈ আছে |Width= |Css= |Header= |Footer= }} ps2cdbwikohwif9uhv9dypox2py2n0f 161122 161121 2022-08-25T15:28:44Z Pranamikaadhikary 2157 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=পাঁচনি |Language=as |Volume= |Author=লক্ষ্মীনাথ বেজবৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সাহিত্য প্ৰকাশ |Address=গুৱাহাটী |Year=1913 |Key= |ISBN= |DLI= |IA=http://www.new.dli.ernet.in/handle/2015/452890 |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} ig9kw0f97fbcolfayob44s2mmz4r9ue পৃষ্ঠা:পাঁচনি.djvu/৭ 104 11063 161110 161086 2022-08-25T15:19:19Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude> {{Dhr|1em}} {{center|{{Xxx-larger|'''পাঁ‌চনি।'''}} {{Css image crop |Image = পাঁচনি.djvu |Page = 7 |bSize = 461 |cWidth = 165 |cHeight = 33 |oTop = 149 |oLeft = 140 |Location = center |Description = }} {{Xx-larger|'''প্ৰথম দৰ্শন'''}} '''পাঁচনিৰ ঘৰৰ পদূলিমুৰ।'''}} ধৰ্ম্মই পাঁচনি — (ৰাজবাটলৈ চাই, অপোনাআপুনি} অস্, অস্! মোৰ প্ৰভু। আজি মোক গধুলি ভাতমুঠি অকলৈ খাব লগীয়া কৰিলা! এজন আলহীভকতকো নাপালো! হায়! হায়! মই আলহী অতিথিক নিদি নিজৰ পেটলৈ ভাত সুমাই শূকৰৰ সদৃশ কাম কৰিব লগীয়া হলো। {{Block center|<poem> “অতিথিক নিদি যিটো কৰয় ভোজন। সিজয় পতক তাৰ অগম্যাগমন॥” </poem>}} {{gap}}হৰি, হৰি, আজি মই কি কামটো কৰিব লগীয়াত পৰিলো৷ যদিও হৰিয়ে মোক লৰা-ছোৱালী সন্তান-সন্ততি একো নিদিলে তথাপি মোক ভৰালত ভাত, বাৰীত শাক-পাচলি, পুখুৰীত মাছ, গোহালিত গাই দিছে। গৃহস্থ-বস্তুৱে মোক যি দিছে সেয়ে মোৰ অনেক, সেয়ে মোৰ পক্ষে উভৈনদী অস্ অস্! আজি কি কথাটো হল! বেলি পৰোঁ, পৰোঁ, তথাপি কাকো নেপালো!<noinclude></noinclude> d71bnxbgbop03ojcx2jtbrfwzsphgr2 161111 161110 2022-08-25T15:19:57Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude> {{Dhr|1em}} {{center|{{Xxx-larger|'''পাঁ‌চনি।'''}} {{Css image crop |Image = পাঁচনি.djvu |Page = 7 |bSize = 461 |cWidth = 165 |cHeight = 33 |oTop = 149 |oLeft = 140 |Location = center |Description = }} {{Xx-larger|'''প্ৰথম দৰ্শন'''}} '''পাঁচনিৰ ঘৰৰ পদূলিমুৰ।'''}} ধৰ্ম্মাই পাঁচনি — (ৰাজবাটলৈ চাই, অপোনাআপুনি} অস্, অস্! মোৰ প্ৰভু। আজি মোক গধুলি ভাতমুঠি অকলৈ খাব লগীয়া কৰিলা! এজন আলহীভকতকো নাপালো! হায়! হায়! মই আলহী অতিথিক নিদি নিজৰ পেটলৈ ভাত সুমাই শূকৰৰ সদৃশ কাম কৰিব লগীয়া হলো। {{Block center|<poem> “অতিথিক নিদি যিটো কৰয় ভোজন। সিজয় পতক তাৰ অগম্যাগমন॥” </poem>}} {{gap}}হৰি, হৰি, আজি মই কি কামটো কৰিব লগীয়াত পৰিলো৷ যদিও হৰিয়ে মোক লৰা-ছোৱালী সন্তান-সন্ততি একো নিদিলে তথাপি মোক ভৰালত ভাত, বাৰীত শাক-পাচলি, পুখুৰীত মাছ, গোহালিত গাই দিছে। গৃহস্থ-বস্তুৱে মোক যি দিছে সেয়ে মোৰ অনেক, সেয়ে মোৰ পক্ষে উভৈনদী অস্ অস্! আজি কি কথাটো হল! বেলি পৰোঁ, পৰোঁ, তথাপি কাকো নেপালো!<noinclude></noinclude> tgj63138y9rx86r23s2lwu3lik64bnn পৃষ্ঠা:পাঁচনি.djvu/৮ 104 11064 161112 161085 2022-08-25T15:21:04Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|}}</noinclude>{{center| (এটা মানুহে আলিৰ ইফালে চাই<br/> পাঁচনিৰ আগেদি যায়)}} {{gap}}হেৰি ভকত! আপুনি কৰপৰা আহিছে? কলৈ বা যায়? আপোনাক বিদেশী মানুহ যেন দেখিছো; আহক, মোৰ ঘৰত ভৰিৰ ধূলা দি ৰাতিটো থাকি চাউল-সিজোৱা এমুঠি লৈ যাব! মানুহ —ককাই, মোৰ ঘৰ পিতনি গাৱঁত। আজি তিন দিন হল মোৰ কলী গৰু এজনী হেৰাল; বিচাৰি পোৱা নাই। তাকে বিচাৰি ফুৰিছো, আপুনি কিবাজুতিৰে গাইজনী। আপোনাসকলৰ এইফালে অহা দেখিছে নে? পাঁচনি — নাই দেখা মোৰ কুটুম। গধুলি হব লগীয়া হল, এতিয়া নো কত আপুনি আপোনাৰ গাই বিচাৰি পাব? আহক আজি মোৰ বহাতে থাককহি, কাইলৈ পুৱা দিনে পোহৰেও গৰু-গাইৰ বিচাৰ-খোচাৰ কৰিব। মানুহ — নহয় ককাই, এতিয়াই যি পাৰে বিচাৰোঁ, এন্ধাৰ হবলৈ এতিয়াও কিছুমান সময় আছে আৰু মোৰ ঘৰ বৰ দূৰত নহয় ককাই, পোতনি গাওঁ সৌৱা, আপোনাসকলৰ গাঁৱৰ ওচৰতে, আপুনি নেজানে নে? {{Right|[ মানুহটোৰ প্ৰস্থান।}} পচনি —নাই! নাই। আজি মোৰ কপালত আলহী-অতিথি নাই। কাকো নেপাওঁ। {{center|( আন এটা মানুহ পাঁচনিৰ আগেদি বেগাই যায়)।}}<noinclude></noinclude> omuweem7yekcgkunu2onmaow8im9mp3 পৃষ্ঠা:পাঁচনি.djvu/৯ 104 11065 161104 161083 2022-08-25T15:00:21Z দিব্য দত্ত 575 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="দিব্য দত্ত" />{{rh||পাঁচনি|৩}}</noinclude> হেৰি বাটৰুৱা ভকত। কলৈ বা যায়? আহকচোন আহক, আজি আমাৰ ঘৰতে ভৰিৰ ধূলি পেলাই এসাজ খাই-বৈ যাওকহি আজি আমি অকলৈ ভাতমুঠি খাব লগীয়াত পৰিছোঁ! হৰি ভগৱন্তৰ নিগ্ৰহ! ২য় মানুহটো - ককাই, মই ইয়াৰে মানুহ; আমাৰ ঘৰৰ ঘৈণীৰ প্ৰসৱৰ পীড়া হৈছে, সেইবাবে লৰি বেজিনী আনিবলৈ যাওঁ {{Right|[ বেগাই প্ৰস্থান।}} পাঁচনি - আজি আৰু আশা নাই! আজি আমাৰ দুৰ্দ্দিন! {{center|( জাত লগাই গায়)।}} {{Block center|<poem>“সেহিসে দিনক ভাই, দুৰ্দ্দিন বুলিয়া মানো, {{gap|3em}}মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন। হৰিকথা অমৃতৰ সম্যকে-অমৃত পান, {{gap|3em}}যিটো দিন হোৱয় বিহীন॥”</poem>}} মোৰ প্ৰভু! অজি ভাল দুৰ্দ্দিনটো মোলৈ সঁচি থৈছিলা? {{center|( এটা চকু মুদা কানীয়াৰ প্ৰবেশ। দুৰ্দ্দিনৰ<br/> কথা ভাবি ভোঁ হৈ পাচনিৰ গাত<br/> কানীয়াই আওবাটে আহি উজুটি<br/> খাই পৰি, চকু মেলি ভয়<br/> খাই চিয়ৰে।)}} কানীয়া - মাৰিলে ঔ মাৰিলে! মাৰিলে ঔ মাৰিলে। ৰাজ আলিত দিন দুপৰত ডকাইত ঔ! ডকাইত! পাঁচনি- (উচাপ খাই) এইটো কি!! ককাই, তোমাক<noinclude></noinclude> 8r5y1xxhb8iet4ztsn66tlgrujf4il9 161114 161104 2022-08-25T15:23:40Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="দিব্য দত্ত" />{{rh||পাঁচনি|৩}}</noinclude> হেৰি বাটৰুৱা ভকত। কলৈ বা যায়? আহকচোন আহক, আজি আমাৰ ঘৰতে ভৰিৰ ধূলি পেলাই এসাজ খাই-বৈ যাওকহি আজি আমি অকলৈ ভাতমুঠি খাব লগীয়াত পৰিছোঁ! হৰি ভগৱন্তৰ নিগ্ৰহ! ২য় মানুহটো — ককাই, মই ইয়াৰে মানুহ; আমাৰ ঘৰৰ ঘৈণীৰ প্ৰসৱৰ পীড়া হৈছে, সেইবাবে লৰি বেজিনী আনিবলৈ যাওঁ {{Right|[ বেগাই প্ৰস্থান।}} পাঁচনি — আজি আৰু আশা নাই! আজি আমাৰ দুৰ্দ্দিন! {{center|( জাত লগাই গায়)।}} {{Block center|<poem>“সেহিসে দিনক ভাই, দুৰ্দ্দিন বুলিয়া মানো, {{gap|3em}}মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন। হৰিকথা অমৃতৰ সম্যকে-অমৃত পান, {{gap|3em}}যিটো দিন হোৱয় বিহীন॥”</poem>}} মোৰ প্ৰভু! অজি ভাল দুৰ্দ্দিনটো মোলৈ সঁচি থৈছিলা? ( এটা চকু মুদা কানীয়াৰ প্ৰবেশ। দুৰ্দ্দিনৰ কথা ভাবি ভোঁ হৈ পাচনিৰ গাত কানীয়াই আওবাটে আহি উজুটি খাই পৰি, চকু মেলি ভয় খাই চিয়ৰে।) কানীয়া — মাৰিলে ঔ মাৰিলে! মাৰিলে ঔ মাৰিলে। ৰাজআলিত দিন দুপৰত ডকাইত ঔ! ডকাইত! পাঁচনি— (উচাপ খাই) এইটো কি!! ককাই, তোমাক<noinclude></noinclude> 1s7vgwrerzksqxkbejz62ikfor0hioh পৃষ্ঠা:পাঁচনি.djvu/১০ 104 11066 161116 161087 2022-08-25T15:24:39Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৪|পাঁচনি।|}}</noinclude> {{gap}}কোনে মাৰিলে। চিয়ৰিছা কিয়? কোন ডাকাইত? কত ডাকাইত? থিৰ হোৱা। কঁপিছা কিয়? কানীয়া —(ভয়ত কঁপি কঁপি) মোৰ হাতত পাই-পইচা একো নাই ঐ! (মেৰ তলিৰপৰা উলিয়াই) এই চৰতীয়াটো হে মোৰ চুৰিয়াৰ খোচোনাত আছিল; কানীৰ টিকিৰা এটা আনিবলৈ বুলি লৈ আহিছিলো৷ তাকে লাগে যদি লোৱাঁ ঐ। তেওঁ মোক নামাৰিবা ঐ! (হাত যোৰ কৰি) মই বৰ দুখীয়া মানুহ। পাঁচনি — কানীয়া ককাই, তোমাৰ ভ্ৰম হৈছে , মই ডকাইত নহওঁ। মই পদূলিমূৰত আলহী ভকতলৈ বাটচাই আছোঁহি। তুমিয়েই যদি আজি ৰাতি থাকি মোৰ ঘৰত ভাত এমুঠি খাই যোৱা, মই বৰ সন্তোষ পাম। কানীয়া— ( হাতযোৰ কৈ) হে দেউতা ঈশ্বৰ, মোক এৰি দিয়ক, মই যাওঁ। মোক ঘৰলৈ ধৰি নি নেমাৰিব, মই কাকুতি কৰি চৰণত ধৰি মাতিছোঁ। মোৰ এই চৰতীয়টিকে লওক। মোৰ ঘৰত লৰা-তিৰোতা এজোপা আছে, মই মৰিলে সিহঁত অনাথিতি হব। {{Right|[ চকুৰ পানী টোকে}} পাঁচনি। যোৱা, যোৱা, তুমি মিছাতে ভয় খাইছা। {{Right|কানীয়াৰ প্ৰস্থান।}} {{center|⸻}}<noinclude></noinclude> qc7tpkwp9xv9z5kjpd5at2ajbrbiqhh পৃষ্ঠা:পাঁচনি.djvu/১১ 104 11067 161117 161088 2022-08-25T15:26:03Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude> {{center|{{Xx-larger|দ্বিতীয় দৰ্শন}}<br/> {{X-larger|পাঁচনিৰ ঘৰৰ আগ-চোতাল}}}} পাঁচনি—(ঘৈণীযেক) শুনিছানে, বোলে আজি মোৰ কপাল মন্দ। ইমান পুৰুষাৰ্থ কৰিও আলহী-অতিথি কাকো নেপালো কি কৰিবি! কপাল! যা, গা-পা ধূই ভাত-পানী এগালকে ৰান্ধিবৰ দিহা কৰগৈ, গাহৰিৰ দৰে তাৰে এসোপা মোনাত সুমাই থওঁ। পাঁচনীয়নী— (পেটে পেটে সন্তোষ পাই) কি কৰিবা; আলহী নেপালা নেপালা। আলহী নাহিলে নো কৰপৰা চৰ্জি উলিয়াই আনিবা? বোলোঁ ধান নাবানিলে অজি ভাতলৈ চাউলেই নাই। ঠোৰাটো বুটি হৈ গল, তাৰে ধান বানিব নোৱাৰি, এধা বনাকৈ খুবলিতে এৰি থৈ আহিছোঁ। ন ঠোৰা এটাকে চাছি দিয়া পাৰা যদি। পাঁচনি— দিও চাছি, তই হাতোৱাহখন মোক উলিয়াই দে। {{center|[ ঘৈণীয়েকে হাতোৱাহ এখন উলিয়াই দিয়ে আৰু পাঁচনিয়ে ঠোৰা চাছে।}} {{center|(দুজন আলীৰ প্ৰবেশ )}} ১ম জন আলহী — গিৰিহঁত কোন আছে? কিবাস্বৰূপে ৰাতিটোলৈ আমাক পৰি থাকিবলৈ আপোনাৰ ঘৰৰ আগচালিতে ঠাই এচিকটা দিব পাৰিব নে? আমি বহুত দূৰৈৰ পৰা আহিছেঁ। আমি কলিতা মানুহ; লখীমপুৰৰ কলাবাৰীত ঘৰ। আমি কেইবা ঘৰতো থাকিবলৈ ঠাই বিচাৰি নেপাই হে আহিছোঁ।<noinclude></noinclude> rs2ov7g2rqwad8sto458wvgu6nlonqs পৃষ্ঠা:পাঁচনি.djvu/১২ 104 11068 161089 118204 2022-08-25T13:44:14Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|পাঁচনি|}}</noinclude> এঘৰৰ ভৰালৰ আগতে বুৰুলিখেৰ এটাকে পাৰি ৰাতিটোলৈ কোনােমতে আমি পাৰি থাকিব খুজিছিলো, তাতো সেই গৃহস্থ জনে আমাক থাকিবলৈ নিদিলে। কলৈ যাওঁ, কি কৰােহঁক বুলি আমি দুয়ো গলাগপা কৰি ভাবি থাকোঁতেই, বাটৰ গৰখীয়া লৰা এটাই আপােনালোকৰ ঘৰ দেখুৱাই দি ইয়ালৈ আহিবলৈ কলে; সেইদেখি আহিলাে। কৃপা কৰি আমাক ৰাতিটোলৈ ইয়াতে পৰি থাকিবলৈ দিয়ক, ধৰম হব। পাঁচনি- ( উঠি বৰ অগ্ৰহ প্ৰকাশ কৰি) নিচয়, নিচয়, আপােনাসকলক মই থাকিবলৈ দিম। মােৰ প্ৰভুৰ বৰ অনুগ্রহ যে আপােনাসকলে আজি মােৰ ঘৰত ভৰিৰ ধূলা দিবলৈ আহিছে। আপােনাসকল “গধুলিৰ অথিতি সাক্ষাৎ দামােদৰ।” আহক বহক। (ঘৈণীয়েকলৈ চাই) হেৰ আন, আন, চটাই ঢৰাখন আন৷ আলহীক বহিবলৈ পাৰি দে। ভৰি ধুবলৈ দুইকো দুলােটা পানী আনি দে। মােৰ প্ৰভুৰ কৃপা। অন্তত ঈশ্বৰে মােক কৃপা কৰিলে। মইতো আজি আলহীৰ আশাকে এৰি দিছিলোঁ। যা, যা, বেগতে বহিবলৈ দে, ঢৰাখন আন! পানী আন! অনি! {{gap}}[ ঘৈণীয়েকে আলহীলৈ ঢৰা এখন আৰু দুলােটা পানী আনি দিয়ে। আলিহীয়ে ভৰি ধুই ঢৰাত বহে ।) পাঁচনিয়নী- (গিৰিয়েকক) কোনোমতে জোৰাফন্দা মাৰি চাউলৰ দিহা হলেও লােণ তেল হলে একো নাই। পাঁচনি—মােক তই তেলৰ চুপিটো দে, মই পােহাৰলৈ গৈ এতিয়াই তেল-লােণ লৈ আহোঁ গৈ। তই আলহীলৈ আনবােৰ দিহা<noinclude></noinclude> p0lhbvadqrmsuja9edbtykh7vnx72v3 161119 161089 2022-08-25T15:26:45Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|পাঁচনি|}}</noinclude> এঘৰৰ ভৰালৰ আগতে বুৰুলিখেৰ এটাকে পাৰি ৰাতিটোলৈ কোনোমতে আমি পাৰি থাকিব খুজিছিলো, তাতো সেই গৃহস্থ জনে আমাক থাকিবলৈ নিদিলে। কলৈ যাওঁ, কি কৰোহঁক বুলি আমি দুয়ো গলাগপা কৰি ভাবি থাকোঁতেই, বাটৰ গৰখীয়া লৰা এটাই আপোনালোকৰ ঘৰ দেখুৱাই দি ইয়ালৈ আহিবলৈ কলে; সেইদেখি আহিলো। কৃপা কৰি আমাক ৰাতিটোলৈ ইয়াতে পৰি থাকিবলৈ দিয়ক, ধৰম হব। পাঁচনি— ( উঠি বৰ অগ্ৰহ প্ৰকাশ কৰি) নিচয়, নিচয়, আপোনাসকলক মই থাকিবলৈ দিম। মোৰ প্ৰভুৰ বৰ অনুগ্ৰহ যে আপোনাসকলে আজি মোৰ ঘৰত ভৰিৰ ধূলা দিবলৈ আহিছে। আপোনাসকল “গধুলিৰ অথিতি সাক্ষাৎ দামোদৰ।” আহক বহক। (ঘৈণীয়েকলৈ চাই) হেৰ আন, আন, চটাই ঢৰাখন আন৷ আলহীক বহিবলৈ পাৰি দে। ভৰি ধুবলৈ দুইকো দুলোটা পানী আনি দে। মোৰ প্ৰভুৰ কৃপা। অন্তত ঈশ্বৰে মোক কৃপা কৰিলে। মইতো আজি আলহীৰ আশাকে এৰি দিছিলোঁ। যা, যা, বেগতে বহিবলৈ দে, ঢৰাখন আন! পানী আন! অনি! {{gap}}[ ঘৈণীয়েকে আলহীলৈ ঢৰা এখন আৰু দুলোটা পানী আনি দিয়ে। আলিহীয়ে ভৰি ধুই ঢৰাত বহে।) পাঁচনিয়নী— (গিৰিয়েকক) কোনোমতে জোৰাফন্দা মাৰি চাউলৰ দিহা হলেও লোণ তেল হলে একো নাই। পাঁচনি—মোক তই তেলৰ চুপিটো দে, মই পোহাৰলৈ গৈ এতিয়াই তেল-লোণ লৈ আহোঁ গৈ। তই আলহীলৈ আনবোৰ দিহা<noinclude></noinclude> dncvrm3ynh3qh75uqk8fgouu7vfe6ao পৃষ্ঠা:পাঁচনি.djvu/১৩ 104 11069 161090 118240 2022-08-25T13:49:56Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|৭}}</noinclude> কৰ। গোসাঁইঘৰৰ চুকতে খুটি মাৰি চাউল সিজাবৰ দিহা কৰি দে, পাত চৰু মই আনি দিওঁ। (আলহীলৈ চাই) ভকতসকল, মই এতিয়াই লৰি আহিম, আপেনাসকলে অলপ জিৰাই শতাই লৈ গা তিয়াবৰ কাৰবাৰ কৰক। ঘৰৰ আগতে সৌটো পুখুৰী। মই লোণ তেল আনি থৈ লৰালৰিকৈ মাছ দুটামান বিচাৰি আনি দিম। {{Right|লৰালৰিকৈ পাঁচনিৰ প্ৰস্থান।}} পাঁচনিয়নী— (অপোনাআপুনি ভোৰ্ ভোৰাই) বাৰু, মাৰতিয়েৰে আজি তহঁতক ভোজ-ভাত খুৱাম। মই বান্দীয় কৰি মেলি যতনাই থৈছো তহঁতে আহি খাবলৈ? ইস্ নেদেখিছা, আলহী নহলে টেটুলৈ ভাত নেযায়! আজি ময়ে নে তুমিয়েই চাম। (আলহীলৈ চাই) ভকতসকল কৰপৰা বা আহিছে, কলৈ বা যায়? ১ম জন — আমি কলাবাৰীৰপৰা আহিছো জিলালৈ যাবলৈ বুলি। পাঁচনিয়নী — আগেয়ে এইফালে আহিছিল নে? ১ম জন — আগেয়ে অহা নাই আই। আমি এইফালে এই বেলিহে আহিছোঁ। আমি একেবাৰে আচহুৱা মানুহ। পাঁচনিয়নী— দেহি ঐ। কোনে নো আপোনাসকলক আমাৰ ঘৰলৈ আহিবলৈ কৈ দিলে? ১ম জন— আমি কেবাঘৰতো থাকিবলৈ ঠাই নেপাই বিমোৰ হৈ আছিলো, এনেতে বাটৰ গৰখীয়া লৰা এটিয়ে আমাক অপোনাসকলৰ ঘৰলৈ আহিবলৈ কৈ বাট দেখুৱাই দিলে।<noinclude></noinclude> t2yac92064nue5vxmu80wqtaio7yreo পৃষ্ঠা:পাঁচনি.djvu/১৪ 104 11070 161091 118241 2022-08-25T13:55:06Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৮|পাঁচনি|}}</noinclude> পাঁচনিয়নী— (হুমুনিয়াহ কাঢ়ি) দেহি ঐ! ললাটত লেখা কথা কোনে খণ্ডাব সোণাইহঁত! দুইজন আলহী (বিস্ময় মানি) কি কথা? কি ললাটত লেখা কথা আই! কি হৈছে, আমাক কওকচোন আই? আমি আচহুৱা মানুহ, এই দেশৰ আও-ভাও একোকে বুজ নাপাওঁ। পাঁচনিয়নী — ( আকৌ দীঘলকৈ হুমুনিয়াহ কাঢ়ি, লাহে লাহে মূৰ জোকাৰি) এ সোণাইহঁত কিনো কম, কিনো শুনিবা। বোলে “বোকাত কোব মাৰে, গাত চিটিকণি পৰে।” কাৰ নো কথা কাক কম, কি কম কিনো শুনিবা মোৰ কুটুমহঁত? যি কপালত আছে সি ঘটিবই। শনি গৰহৰ কাম। আজি কিজানি শনিগৰহৰ এৰাবৰে সময় পৰিছে। দুইজনে — (ভয় খাই, হাত যোৰ কৈ) আই, অপোনাৰ ভৰিত ধৰি মাতিছোঁ, কওকচোন কি কথা কি বতৰা? আমি আচহুৱা মানুহ, ধৰম হব, কওক আই? পাঁচনিয়নী —এ সেইদেখিয়েই হে তো মই নকৈ থাকিব পৰা নাই, হাঁ-হুমুনিয়াহ কাঢ়ি উচ্ পিচাই আছোঁ। কওঁ শুনহঁক,— কব লাগে যদি, তোমালাকে আজি বৰ বেয়া ঠাইলৈ আহিলা; বৰ বেয়া মানুহৰ হাতত পৰিলাহি মোৰ কুটুমহঁত। তেওঁ যদিও মোৰ গিৰিহঁত, কিন্তু কি কৰিম, পাপৰ কাম দেখি নিজৰ মনতে নিজেই পুৰি-ডেই মৰি থাকোঁ। সঁচা কথা কবলৈ গলে, এইটো মহা অধৰমী মানুহ মোৰ বোপাইহঁত! মহা নৰকী! মহা পপীয়া! আলহী আহিলে তেওঁ আলহীক যেনেকৈ হে<noinclude></noinclude> k2qko3rkrp3ob5i3wm9en0y9i1gp2jl পৃষ্ঠা:পাঁচনি.djvu/১৫ 104 11071 161092 118242 2022-08-25T14:02:00Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি।|৯}}</noinclude> আস্তবেস্ত কৰিব, যেনেকৈ হে আতৌপুতৌ কৰি ৰাখিব, কি চাবা! যেন আলহীজন তেওঁৰ কোনোবা কালৰ আইৰ ফালৰ কুটম হে আছিল৷ পিছে আলহীক যেতিয়া ৰাতি খুৱাই-বুৱাই শুৱাই লব,—এ নকওঁ দেওহে, কেনেবাকৈ এই কথা ওলালে মই কেচা কিলখন খাই মৰিব লাগিব। আলহী — (ভয়ত কঁপি) নহয় আই, কওক, কওক, আমি দুখীয়া নিঃকিন প্ৰাণী, আই! আপোনাৰ পেটৰ পোৱালীৰ নিচিনা। আমাক কওক আই, নেভাবিব। পাঁচনিয়নী— এ কিনো কম আৰু কিনো শুনিবা। তেওঁ এই দৰে আতোপুতৌকৈ খুৱাই-বুৱাই ৰাখি, ৰাতি আলহীৰ টোপনি আহিলে মাজনিশা তেওঁৰ ধৰমবোৰ ঢেকীঠোৰাৰ আগত সোপাসোপে ওলাই পৰে। অধৰমীয়ে আলহীক এই ঢেকীঠোৰাৰেই কিলাই মৰিয়াই আলহীৰ বয়-বস্তু কপোৰ; কানি ৰূপ-বান যি পায় সোপাকে কাঢ়িলৈ লুৰ্ব্বূং লুঠুং কৰি খেদি দিয়ে। এই যে ঢেকীঠোৰাটো চাছিছে দেখিছা, সেইটোৰেই তেওঁ ৰাতিকৈ সেই কাম কৰিব। মইনো কি কম?—দিনৰে দিনটো তেওঁৰ কাম হৈছে ঢেকীঠোৰা চছা, আৰু ৰাতি তাৰে আলহীক কোবোৱা আমাৰ ঘৰৰ ভিতৰত কত ঢেকীঠোৰা আছে, এবাৰ উঠি ভিতৰ সোমাই চাই লবাহঁক নে? এইটোৱেই কথা, মোৰ বোপইহঁত, আৰু নো কি শুনিবা? ইয়াৰনো কথা কি কম মোৰ কুটুমহঁত। ই মানুহ নে পিশাচ মই কবই নোৱাৰোঁ। আলহী (ঠক্ ঠক্ কৰে কঁপি) আই মাতৃ, এতিয়া আমি কি<noinclude></noinclude> 6yjcl05tqimanh0eiyufnd634qamm63 পৃষ্ঠা:পাঁচনি.djvu/১৬ 104 11072 161093 118243 2022-08-25T14:07:20Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১০|পাঁচনি|}}</noinclude> কৰোঁ কলৈ যাওঁহক? আমাক ৰাখক! দহোকুৰি আমাক ৰাখক! আমি কি কৰিম, কলৈ যাম, কেনেকৈ সাৰিম আমাক কওক আই মাতৃ? আপোনাৰ চৰণত পৰিছোঁ। পাচনিয়নী—আৰু কি বুধি দিম, বুধি ওলাই আছে; —তেওঁ ঘূৰি অহাৰ আগেয়ে তোমালোক উঠি লৰি পলাই সাৰি যোৱাঁহঁক। তেওঁ উভতি আহি তোমালোকক পালেহি আৰু ৰোৱা টান হব। দুইজন আলহী—(উঠি) তেন্তে আই আমি যাওঁহে। পাঁচনিয়নী—যোৱা, যোৱা, বেগেতে যোৱাঁহঁক। কিন্তু তেওঁ উভতি আহি তোমালোকক ঘৰত নেদেখি পিছতে, খেদা দিব। যদি কিবাৰূপে তেওঁ তোমালোকক লগ পায়হে গৈ, তেন্তে বৰ দুৰ্ঘটনা ঘটিব। এতেকে খৰকৈ যোৱাহঁক মোৰ সোণাইহঁত এঃ দেহি। {{Right|[ দুইজন আলহী উঠি বেগাই গুচি যায়।}} {{center|('''পাঁচনিৰ প্ৰবেশ''')।}} পাঁচনি—(ঘৈণীয়েকক) বোলো আলহী ভকত দুজন কলৈ গল? পাঁচনিয়নী — আৰু নুশুধিবা, যি লাগে হল! তুমি যোৱাৰ পিছতে, তেওঁলোকে মোক সেই তুমি চাছি কাটি থোৱা ঢেকীঠোৰাটো খুজিছিল মই কলো আমাৰ তেওঁ ওৰেদিনটো বহি বৰ হাউচ কৰি ঢেকীঠোৰাটো চাছি থৈছে, সেইটো মই তেওঁক নোশোধাকৈ নো অপোনাসকলক কেনেকৈ দিও? লাগে যদি তেওঁ আহিলে আপোনাসকলে তেওঁক খুজি লব; মই দিবলৈ গলে কিজানি তেওঁ আহি মোক খঙকে কৰে। অলপ ৰওক, তেওঁ এতিয়াই আহিব নহয়। মই এই বুলি কলতে, দুয়ো খং কৰি উঠি গুচি<noinclude></noinclude> ezaxv9dbuom76uqmjfyb2btvnx0q3lz পৃষ্ঠা:পাঁচনি.djvu/১৭ 104 11073 161094 118245 2022-08-25T14:13:34Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|১১}}</noinclude>গল:— বোলে “সামাইন বস্তু ঢেকীঠোৰা এটাকে আমাক নিদিলে যেতিয়া আমাক নো আৰু কি খাবলৈ থাকিবলৈ দিব।” মই কত বুজালো, কিমান কাকুতি কৰিলোঁ কলো বোলাঁ, আপোনাসকল নেযাব, তেওঁ এতিয়াই আহি পাবহি, পালে ঢেকীঠোৰাহে নেলাগে অপোনাসকলে যিহকে খোজে তাকে দিব। আমাৰ তেওঁ আলহী নহলে ভাতকে নেখায়। অমাৰ পৰম ভাইগৰ গুণেহে আপোনালোক ওলাইছেহি, নেযাব দেওসকল। অপোনাসকল গলে, তেওঁ আহি মোকো শুদাই নেৰে। ইমান। কলো—মেলিলো তথাপি তেওঁলোকে মোৰ কথালৈ কাণকে নিদি উখৰামুৱা হৈ উচাট মাৰি উঠি গুচি গল। আৰু তুমি পোৱাঁহি বুলি ভো-ভো কৰে লৰ হে দিলে। পাঁচনি —( মূৰে কপালে হাত দি) হৰি হৰি, ভাল কথাটো হল! হেৰ তই ঢেকীঠোৰাটো দি নিদিলি কিয়? মই তোক কি খং কৰিলোহেঁতেন? ভকততকৈ মোৰ ঢেকীঠোৰাটোহে টান হল? ঘৈণীয়েক—এৰা ময়ো এনেতো হবগৈ বুলি বৰকৈ গমিবলৈ নহল। ভাবিলো, কিজানি তুমি খঙকে কৰা। আৰু ভাবিলো, তুমি তো এতিয়াই পাবাহি, পাই যি কৰা কৰিবা। কিন্তু তেওঁলোক সেই ফেৰাতে উচাট মাৰি গুচি যাব, মই নো কেনেকৈ জানিম বাৰু? পাঁচনি—হেৰ মোৰ মুৰখাতী, তই যি লাগে কিৰিলি। কি কপাল! কি মোৰ মৰিবৰ চিন হল। হাততে আলহীক পায়ো<noinclude></noinclude> g5jsu0yrz96i0lms5up8o9803x3ae6z পৃষ্ঠা:পাঁচনি.djvu/১৮ 104 11074 161095 118246 2022-08-25T14:19:41Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১২|পাঁচনি|}}</noinclude> মই হেৰুৱালো! হেৰ তেওঁলোক গৈ কিমানখিনি পালেগৈ? ঘৈণীয়েক —এতিয়াই অলপৰ আগতে গৈছে, সৰহ বাট পোৱা গৈ নাই। পাঁচনি—দে, দে, মোক ঢেকীঠোৰাটো দে, মই তাকে দি তেওঁলোকক কিজানি ওভোতাই আনিব পাৰোঁৱেই বেগতে দে। {{gap}}{{gap}}(ঘৈণীয়েকে ঢেকীঠোৰাটো তুলি আনি দিয়ে, পাঁচনিয়ে লৈ লৰ ধৰে।) {{Right|[ প্ৰস্থান।}} ঘৈণীযেক— (আপোনাআপুনি ) যোৱাঁ, যোঁৱা, আৰু লৰি যোঁৱা; আলহীক অমুকীয়ে যি পালি দৰব দিছোঁ, সিহঁত এতিয়াই উভতি আহিল আৰু কি! দিনৌ মোৰ ওপৰত বৰ মতা ওলাই দেখৰ মানুহ মাতি আনি ঘৰত আলহী চপাব, আৰু মই গোলামীয়ে ধান বানি পানী কঢ়িয়াই সেইবোৰক খুৱাব লাগে। ভাল নিকিনা গোলামীজনী পাইছিলা নহয় নে? ইস, আলহী নহলে মুনিহৰ টেটুত ভাতকে নোসোমায়! মই বান্দীয়ে শাকৰপৰা পাতলৈকে চাউলৰপৰা চৰুলৈকে গোটেইখন সংসাৰ গোটাই আনিব লাগে; ধান বানোতে বানোতে মোৰ ভৰি বুটি হল, আৰু তেওঁ “গধূলিৰ অথিতি সাইখাত দামোদৰ” বুলি চোলোখ এফাকি মাতিয়েই মোৰ ওপৰত দপালি ভাৰখন পেলাই দি পুইণ কৰি স্বৰ্গলৈ, লৰ ধৰিবলৈ ওলাইছে। মোৰ লৰা নাই,<noinclude></noinclude> h56urtzwf151myjikm3r3ge61nmyi8w পৃষ্ঠা:পাঁচনি.djvu/১৯ 104 11075 161096 118248 2022-08-25T14:25:03Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|১৩}}</noinclude>ছোৱালী নাই, আই নাই, বোপাই নাই, ভাই নাই, ককাই নাই, বাটৰ বাটৰুৱা কেলেহুৱা খোদ আলহী-মালহীক মই তিনি তেলনি মাৰি, এদিন নহয়, দুদিন নহয়, নিতৌ খুৱাই মোৰ হাৰ মূৰ ভাঙি, সেই কেলেহুৱাখনক ৰজাক আওধলাদি আওধালিব লাগে। কিহৰ বাবে? মোৰ গিৰিহঁতে পুইণ-পুইণ কৰিছে সেইবাবে। নেলাগে, মোক পুইণখন, মই পুইণ নকৰোঁ, সেইবাবে মোৰ যি হয় হওক। স্বৰ্গলৈ যাব নোৱাৰোঁ যদি সৌ আমাৰ বৰঘৰৰ চাটটোৰ ওপৰতে মই উঠি থাকিম। মই নেবান্ধো পুইণৰ টোপোলাটো দেওহে, মোক নেলাগে পুইণখন। গোহাঁয়ে মোক একোতে বঞ্চিত কৰা নাই, —খাব পিন্ধিবলৈ দিছে, ভৰালত ভাত বাৰীত শাক, পুখুৰীত আৰু বিলত মাছ দিছে, কাৰো ওচৰত হাত পাতিব লগীয়া কৰা নাই। নিজ হাতে বৈ-কাটি এডোখৰ পিন্ধিছোঁ, কাকো মাগিবলৈ যোৱা নাই, কাৰো কাটিহা সহিবলগীয়া মোক গোহাঁয়ে কৰা নাই। শুদাতে, শুদাতে, এইখন বাহদঙুৱা আলহীৰ লেদেনা উকতি মই মৰোঁ কিহৰ সতি হেঁ? মই নোৱাৰোঁ বুলি মুখেৰে কলৈও তো কোনেও নুশুনে, কিলাবলৈ উঠে। সেইদেখি একোকে, একোকে, মই একোকে নামাতোঁ, তেওঁ যি কৰে কৰি থাওক। মইও যদি বগাই হাজৰিকাৰ জীয়েক হওঁ, মই বাঘকে ছাগকে একে ঘাটতে পানী খুৱাম। তোমাক নাকত থৈ চাকত ঘুৰাম। মোক তুমি বলে নোৱাৰা বুলিছোঁ। {{center|⸻}}<noinclude></noinclude> lw82h4w1yfmmd2iwuhelctvis9wbdj6 পৃষ্ঠা:পাঁচনি.djvu/২০ 104 11076 161098 118250 2022-08-25T14:32:56Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude> {{center|{{Xx-larger|তৃতীয় দৰ্শন}}<br/> [ '''ৰাজআলি''' ]}} ( আলহী দুজন বেগাবেগিকৈ যায়, আৰু পাঁচনিয়ে হাতত ঢেকীঠোৰাটো লৈ তৰানৰা ছিঙি পিছে পিছে লৰে।) পাঁচনি—(দেখা পাই দূৰৰপৰা ৰিঙিয়াই) হেৰি ভকতসকল! নেযাব, নেযাব, ৰব, ৰব! আহক, আহক মোৰ ঈশ্বৰ। উভতি আহক! ঢেকীঠোৰাটো লৈ যাওক! নেলাগে যাব। ভকততকৈ মোৰ ঢেকীঠোৰাটো ডাঙৰ নহয়। {{center|( আলহী দুজনে উভতি চাই, হাতত ঢেকীঠোৰাৰে পাঁচনিক লৰি অহা দেখে।)}} ১ম আলহী—(দ্বিতীয় আলহীক) সৰ্ব্বনাশ! সেই গিৰিহঁতনীয়ে কোৱা কথা সচা! আজি আমাৰ ফালে পতং! সৌটো বুঢ়াই ঢেকীঠোৰাটো হাতত লৈ লৰি খেদি আহিছে। পলোৱাঁ! পলোৱাঁ! ধৰিব পাৰিলে আজি আমি গলোঁ। {{Right|[ উধাতু খাই দুয়ো প্ৰাণ-কাতৰে লৰে।}} (আলহী দুজন লৰি গৈ চকুৰে নেদেখা হয়। পাঁচনিক ৰবাঁ ৰবাঁ কৰি চিয়ঁৰি গগন ফালি অন্তত হেলাই হেপাই ভাগৰি বাটতে বহে।) পাঁচনি—(অপোনাআপুনি) ইয়াকে বোলে ফুটা কপাল, দেওহে ফুটা কপাল। ফুটা কপাল ফুটা লোটা। তাত পানী ভৰালেও<noinclude></noinclude> 18epsckl2p4eghw8sn2e54wkx3b7wvs পৃষ্ঠা:পাঁচনি.djvu/২১ 104 11077 161099 118251 2022-08-25T14:42:50Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|১৫}}</noinclude>ফুটাইদি ওলাই যায়। হাততে এজন নহয়, বোলো। দুজনকৈ আলহীক পাইও হেৰুৱালোঁ। (ঢেকীঠোৰাটো দূৰলৈ দলিয়াই পেলাই) কটা কুকুৰ-ধূলি ঢেকীঠোৰা! যা কত হয় মৰ গৈ। যেতিয়া মোৰ আলহী ভকতত তই লাগিবলৈকে নেপালি, তোক নো লৈ মই কি পুইণ কি যইগোঁ সাধিম? বাঁহৰ ঢেকীঠোৰা পচ! পচি ভচম্ উঠি পলু পোক কিৰ্ মি-কীটৰ আহাৰ হ গৈ। বাৰু তাইনো মোলৈ বাট চাই ঢেকীঠোৰাটো নিদি ভকত দুজনক খেদিব পায়নে? কিয়, কি ডাঙৰ বস্তুটো যে তাই মোক নুশুধিলে ভকতক দিব নোৱাৰে? অ ভকতত কৈ মোৰ ঢেকীটোৰা টোহে টান হল? কি বুধি! কি আকল! কি গিয়ান!-ইয়াকে বোলে তিৰোতা! তিৰোতা!! তিৰোতা নে মিৰুতা। ইহঁত হেনো কিবা বোলে-নে ভাৰ্যা! ভাৰ্ ষা নে ভাৰ জোৰোৱা। শাস্ত্ৰত কৈছে “তিৰীয়ে-পুৰুষে হবা একেমতি। তেহে সিজিব হৰিত ভকতি॥” আমি তিৰী পুৰুষৰ মতি দুটা কেনেকৈ একে হৈ পিঠাসোপা হৈ পৰিছোঁ চাই লোৱাহঁক। বাৰু তাই ঠোৰাটো আলহী ভকতক দিয়াহেঁতেন নো মই তাইক কি কাটি মাৰি নৈত উটাই দিলোহেঁতেন? নাইবা কুন্দাত দি ছেপিলোঁহেঁতেন হেঁ, তোমালোক ৰাইজে মোক কোৱাহঁকচোন? তাইৰ নো এনেটো বুধি কি বুলি হল?—মিছা, মিছা, এই সংসাৰ, এই তিৰী পুত্ৰ, এটাইবোৰ জঞ্জাল। এটাইবোৰ মিছা, গুৰুজনে ঠিক কৈ গৈছে—; {{Block center|<poem>“যত দেখা ভাৰ্য্যা–পুত্ৰ সবে অকাৰণ। চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥ বিষয়ৰ আশা এক তিলে কৰি চুৰ। </poem>}}<noinclude></noinclude> lrft89aond5mvnk1ffteces63ymq6at পৃষ্ঠা:পাঁচনি.djvu/২২ 104 11078 161100 118298 2022-08-25T14:47:08Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|}}</noinclude> {{Block center|<poem>{{gap}}যমৰ কিঙ্কৰে ধৰি নিব যমপুৰ॥ {{gap}}যমৰ মূৰ্ত্তিক দেখি হুৰাইব চেতনা॥ {{gap}}দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইব যাতনা॥</poem>}} যাওঁ আৰু, যি হল হল!—পৰি থাকোঁগৈ॥ {{center|⸻}} {{Dhr|3em}} {{center|{{X-larger|চতুৰ্থ দৰ্শন}}<br/> '''পাঁচনি ৰাতি শোৱাপাটীত '''}} ঘৈণীয়েক —শুনিছা নে? উঠি আহাঁ; ভাত হৈছে, ভাত খোৱাঁহি। ৰাতি এপৰ হ'ল। পাঁচনি— গুচি যা, মই ভাত নেখাওঁ। মই আজি যিটো মনত বেজাই পাইছোঁ, আৰু ভাত খাম। ঘৈণীয়েক —আহাঁ, আহাঁ, বেজাৰ পালে আৰু কি হব? গোঁসায়ে যি কৰিব সিহে হব, তুমি আমি কৰিবলৈ যোৱাটো নহয়? এই পুহ- মহীয়া ৰাতি ভাত এমুঠি নেখালে জাৰত দুখ পাবা। বোলো মই তোমলৈ আলহী এটি আনি থৈছোঁ, উঠি আহাঁ। পাঁচনি—(আলহীৰ নাম শুনি গিৰিসকৰে পাটীৰপৰা উঠি) সঁচা নে? ক’ত পালি? ক’ত আছে? ঘৈণীয়েক—ৰবা তুমি বিতত নহব। পাছ-ছোতালতে তপত<noinclude></noinclude> jhjkrh9a89uu27apdp1wvdhm2fs7umy পৃষ্ঠা:পাঁচনি.djvu/২৩ 104 11079 161101 118300 2022-08-25T14:51:17Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|১৭}}</noinclude>পানী একলহ থৈছোঁ, তাকে গাত ঢলি গাটো তিয়াই আহাঁ, খাবৰ সময়ত আলহীক দেখিবলৈ ঠিক পাবা। {{Right|[ পাঁচনি উঠি গা ধুবলৈ যায়।}} পাঁচনি—( গা ধোৱা ঠাইৰপৰা) হেৰ, নাম-ঘৰত বন্তি এগছ দিছ নে? নাই দিয়া যদি চাকি এটা দে। ঘৈণীয়েক—দি থৈছোঁ, যোৱা তুমি বেগেতে নাম লৈ আহাঁ গৈ, ইফালে ভাত চেচা হব লগীয়া হল। {{center|⸻}} {{center|{{X-larger|পঞ্চম দৰ্শন}} {{center|'''পাঁচনি ভাতৰ পাতত'''}} {{center|(আগতে মেকুৰীপোৱালী এটাই মিউ মিউ কৰে)}} পাঁচনি—(ঘৈণীয়েকক) হেৰ, আলহী কতা? ঘৈণীয়েক—সেইজন দেখোন তোমাৰ আগতে। পাঁচনি—(আচৰিত মানি) কোনজন অ’? তই মোৰ সৈতে কিবা ঠেটা কৰিছ নে কি? ঘৈণীয়েক— কেতিয়া নো মই ঠেটা কৰিবলৈ গলোঁ? সেইজন আলহী দেখা নাই নে?—মিউ মিউ কৰি দেখোন তোমাক ভাত খুজিব লাগিছে। পাঁচনি—তই মোক কিবা উপহাস কৰিছ দেখিছোঁ। ঘৈণীয়েক—তোমাক মই উপহাস কৰিবলৈ মোৰ কি হৈছে?<noinclude>{{Left|২}}</noinclude> 36q1pcurqnrd5xg5c3esueiwbhlc3pt 161102 161101 2022-08-25T14:51:40Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|১৭}}</noinclude>পানী একলহ থৈছোঁ, তাকে গাত ঢলি গাটো তিয়াই আহাঁ, খাবৰ সময়ত আলহীক দেখিবলৈ ঠিক পাবা। {{Right|[ পাঁচনি উঠি গা ধুবলৈ যায়।}} পাঁচনি—( গা ধোৱা ঠাইৰপৰা) হেৰ, নাম-ঘৰত বন্তি এগছ দিছ নে? নাই দিয়া যদি চাকি এটা দে। ঘৈণীয়েক—দি থৈছোঁ, যোৱা তুমি বেগেতে নাম লৈ আহাঁ গৈ, ইফালে ভাত চেচা হব লগীয়া হল। {{center|⸻}} {{center|{{X-larger|পঞ্চম দৰ্শন}}}} {{center|'''পাঁচনি ভাতৰ পাতত'''}} {{center|(আগতে মেকুৰীপোৱালী এটাই মিউ মিউ কৰে)}} পাঁচনি—(ঘৈণীয়েকক) হেৰ, আলহী কতা? ঘৈণীয়েক—সেইজন দেখোন তোমাৰ আগতে। পাঁচনি—(আচৰিত মানি) কোনজন অ’? তই মোৰ সৈতে কিবা ঠেটা কৰিছ নে কি? ঘৈণীয়েক— কেতিয়া নো মই ঠেটা কৰিবলৈ গলোঁ? সেইজন আলহী দেখা নাই নে?—মিউ মিউ কৰি দেখোন তোমাক ভাত খুজিব লাগিছে। পাঁচনি—তই মোক কিবা উপহাস কৰিছ দেখিছোঁ। ঘৈণীয়েক—তোমাক মই উপহাস কৰিবলৈ মোৰ কি হৈছে?<noinclude>{{Left|২}}</noinclude> chqvfmypy5yifb9a8ekjdsg0ohkkdqq পৃষ্ঠা:পাঁচনি.djvu/২৪ 104 11080 161103 118302 2022-08-25T14:58:02Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮|পাঁচনি|}}</noinclude> মই জানো কিবা বলিয়া হৈছো? মানুহৰ ৰিদয়ত যেনেকৈ ভগৱন্ত আছে, মেকুৰীৰ ৰিদয়ৰ ভিতৰতো সেইদৰে ভগৱন্ত নাই নে, মোক কোৱাঁচোন? যদি আছে, মানুহক খুৱালেও গোসাঁয়ে পাব; মেকুৰী কুকুৰ শিয়ালক খুৱালেও গোসাঁয়ে পাব। এই কথা দেখোন তুমিয়েই মোক কত দিন কৈছা। মানুহক খুউৱাতকৈ মেকুৰী কুকুৰক খুৱাতো ভাল নহয় নে? মোৰ মনেৰে ভাল হে; কাৰণ মেকুৰী কুকুৰ অজান জীৱ, খাই সিহঁতে তোমাক পেটে পেটে শলাগিব, যদিও মুখেৰে মাতিব নোৱাৰে। আৰু মুখেৰে মাতিব পৰা মানুহে দবনি পিটি তোমাৰ খাব, আগতে দুষাৰ চাৰি আষাৰ তোমাৰ শলাগ লৈ তোমাক উচটাব, আৰু তুমি পিঠি দিলেই সিহঁতে খোৱা পাতখনকে ফালি তোমাক গালি পাৰি গুচি যাব। আৰু কব,—“ইয়াৰ আৰু সৰহ দিন নাই, ই উছন হয় হে লাগে।” এনে খাই-পাত-ফলা অগুণকাৰী মানুহতকৈ মেকুৰী কুকুৰক এমুঠি ভাত খুৱাটো বেয়ানে? তুমিয়েই দেখোন “কীৰ্ত্তন” শাস্ত্ৰৰ বাইক<br/> {{gap}}মানা, বোলে— {{Block center|<poem>“কুকুৰ চিৰ্কাল গাধৰো আত্ মা ৰাম। জানি জানি সকলোকে কৰিবা পৰ্ণাম॥</poem>}} মোৰ মনেৰে খাই-পাত-ফলা মানুহ আলহীতকৈ আমাৰ মেকুৰী কুকুৰক হে এমুঠি খুৱা ভাল। মেকুৰী কুকুৰে খাইও অলপ, গুণও লয় সৰহ; মানুহে খাইও সৰহ, গুণ ও লয় যদি, লয় অলপ; সৰহখিনি সময়ত নলৈ গালি হে পাৰে। [পাঁচনিয়ে ঘৈণীয়েকৰ দীঘল বক্তৃতা শুনি, তবধ মানি, একোকে নেমাতি ভাত খায়, আৰুমেকুৰী পোৱালীটোক ভাত এগৰাহ দিয়ে।]<noinclude></noinclude> f9iwsbchibztcmix4lx13zksz3j19an পৃষ্ঠা:পাঁচনি.djvu/২৫ 104 11081 161105 118303 2022-08-25T15:02:27Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{X-larger|ষষ্ঠ দৰ্শন}} '''পাঁচনিৰ ঘৰ'''<br/> গধুলি হল অলপ আগতে<br/> (পাঁচনিয়ে চোতালতে বহি খৰাহি এটা সাজিছে)}} পাঁচনি— [আপোনাআপুনি] কালিও ৰাতিটো বৃথাতে গল, আজিও যাব দেখিছো। আলহী আহিব আলহী আহিব বুলি বাটলৈ চাই থকাই সাৰ, আলহী আৰু নাই। ভগৱন্ত বস্তুৰ কিবাস্বৰূপে সেৱা চুৰ কৰিছো, সেইদেখি তেখেত মোৰ ওপৰত ৰুষ্ট। {{center|(এজন আলহীৰ প্ৰবেশ)}} আলহী—ককাই, মোক আজি ৰাতিটো থাকিবলৈ এফেৰি ঠাইদিব পৰা হব নে? পাঁচনি—(আলহীক দেখি আনন্দ পাই) আহক, আহক, মোৰ প্ৰভু, মোৰ ঘৰত ঠাই দিব কিয় নোৱাৰিম? পাৰিম আহক বহকতে। ( ঘৈণীয়কক মাতে) হেৰ ঢৰাখনকে বা কঠ এটাকে বেগতে লৈ আহ আলহী আহিছে। [ ঘৈণীয়েকে কঠ লৈ প্ৰবেশ আৰু আলহীক দেখি কপালৰ গাঁঠি থোপা কৰে।] আলহীক ভৰি ধুবলৈ পানী এলোটাও আনি দে।(আলহীলৈ চাই) আপুনি নো কৰপৰা আহিছে, আৰু কলৈ যাব? আলহী—আমি চাওখাটৰ পৰা অহা হৈছে, নগৰলৈ যোৱা হব। নগৰত গোচৰ এটা আছে। পাঁচনি—ভাল, ভাল সজ, সজ, আজি যেতিয়া দুখীয়াৰ ঘৰত<noinclude></noinclude> 7cdna19xa86t32zsvh3qlk9wjel2cgj পৃষ্ঠা:পাঁচনি.djvu/২৬ 104 11082 161106 118373 2022-08-25T15:07:10Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২০|পাঁচনি|}}</noinclude>ভৰিৰ ধুলি পেলাইছে, ৰাতিটো ইয়াতে খাই বৈ শুই থাকি কাইলৈ যাব। (উঠি গৈ ঘৈণীয়েকক লাহে লাহে শোধে) হেৰ, লোণ তেল আছে নে? নাই যদি ক, পোহাৰৰ পৰা লৰি গৈ আহোঁ গৈ। পাঁচনিয়নী—আনাগৈ যোৱা, ঘৰত একো নাই। পাঁচনি—যাওঁ তেন্তে, চুপিটো দে। মই এতিয়াই উভতি আহিম। চাবি যেন আলহীয়ে কোনো কথাত বিষম নাপায়। আকৌ কালিৰ দৰে যেন নহয়। কিবা বস্তু খুজিলে-মেলিলে তেতিয়াই দিবি, মোলৈ বাট চাব নেলাগে। পাঁচনিয়নী—দিম, তুমি ভয় কৰিব নেলাগে যোৱাঁ। [ পাঁচনিৰ প্ৰস্থান। ঘৈণীয়েকে মেকুৰী পোৱালীটো আনি আলহীৰ আগতে বহি, তাৰ গাত পানী ঢালি গা ধুৱায়।] আলহী—আই, মেকুৰী পোৱালীটোৰ গাত গধূলি বেলিকা পানী ঢালিছে নো কেলৈ? জাৰত সি ঠেৰেঙা লাগিব। পাঁচনিয়নী — লাগিব নোৱাৰিছে, এতিয়াই তাক মৈদাত কুটি বাছি পেলাম। আলহী—(আচৰিত মানি) কি কৰিব আই? পাঁচনিয়নী—কুটিবাছি ৰান্ধিবলৈ নিম। আলহী —আই কি কৈছে? মেকুৰীপোৱালীটো ৰান্ধিবলৈ নিব কিয়? পাঁচনিয়নী— নিনিলে আলহী শুধিমহঁক কিহেৰে? মাছ পহু হাঁহ পাৰ একো নাই; লৰালৰিকৈ পোৱাও নেযায়। আলহীক কিহেৰে ভাত এমুঠি খাবলৈ দিয়া হব? সেইদেখি আমাৰ বুঢ়াই মোক কৈ গৈছে, লৰালৰিকৈ মেকুৰীপোৱালীটোকে কুটি বাছি দিবলৈ।<noinclude></noinclude> op5s499x6cz2y3rcfe54i30ysa68cl1 পৃষ্ঠা:পাঁচনি.djvu/২৭ 104 11083 161107 118375 2022-08-25T15:12:20Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|২১}}</noinclude> আলহী—আই, কি কয়। আপোনাসকলে মেকুৰীৰ মঙহ খাই নে? পাঁচনিয়নী—আমি খাম, আপুনিও খাব। মাছ কাছ নেপালে নো কি কৰিব? আলহী— (লাহেকৈ উঠি) ইস ৰাম ৰাম! কি সৰ্ব্বনশীয়া কথা। এনেধৰনৰ মানুহৰ ঘৰলৈকে মই থাকিবলৈ বুলি আহিছিলোঁ! হৰি হৰি। আমাৰ আৰু ইয়াত থকা নহয়, গছৰ তলতে পৰি থাকিম, সিয়ো ভাল। [আলহী উঠি ইস্ ইস্ কৰি গুচি যায়। পাঁচনিৰ ঘৈণীয়েকে মিচিকীয়াই মেকুৰী পোৱালীটোৰ গাটো গামোছাৰে মছি শুকায়।] পাঁচনিয়নী—হেৰি ভকত, আপুনি নেযাব, গলে তেওঁ আহি মোক খং কৰিবহি। {{Right|[ আলহীয়ে নুশুনি বেগেৰে যায়।}} {{center|('''পাঁচনিৰ প্ৰবেশ''')}} পাঁচনি—(ব্যস্তভাৱে) হেৰ আলহী ভকতজন কলৈ গল? পাঁচনিয়নী —আৰু আলহী ভকতৰ কথা নুশুধিবা দেওহে, যি লাগে হল। তুমি ভাবিবা আকৌ মই হে খেদালো বুলি। আমাৰ মেকুৰী পোৱালীটো চোতালতে ফুৰিছিল; তাক দেখি তেওঁ ধৰি নি, ভৰি ধুবলৈ দিয়া পানীলোটা তাৰ গাত ঢালি দি, মোক কলে “এই মেকুৰীটোৰ ছালখন বখলিয়াই দিয়া, তাক আজি ভাতত দি খাম। আজি ভালে দিনৰে পৰা মোৰ মেকুৰী পোৱালী ভাতত দি এখাজ ভাত খাবৰ মন<noinclude></noinclude> 6p924yzulaqwp9k2z9govrhsm5tsl6z পৃষ্ঠা:পাঁচনি.djvu/২৮ 104 11084 161109 118376 2022-08-25T15:18:22Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২২|পাঁচনি|}}</noinclude>গৈছে৷’’ মই কলো “আলহী ভকত, আপুনি এইটো কি কথা কৈছে। আমাৰ ঘৰত মাছ আছে; লাগে যদি হাঁহ বা পাৰ এটাও মাৰি দিব পাৰোঁ ;আপুনি মেকুৰীপোৱালীটো খাব কেলৈ? মেকুৰী খাব নেপায়। আমি জানো কিবা অৰীতীয়া লালুং বৰাহি, নগা, ডফলা মানুহ? এনে জাত যোৱা পাপৰ কথা নকব। আমি হেন্দু মানুহ, কলিতা মানুহ৷ আমি ভকতীয়া মানুহ, আমাৰ গুৰুঘৰ গোসাইঘৰ আছে।” এই কথা শুনিয়েই আলহী উচাট মাৰি উঠি ভোঁ ভোঁ কৰে গুচি গল। মই নেযাবলৈ কত কলো, নুশুনিলে। এনে আচৰিত কথা দেখা শুনা নাইনে। পাচনি—সঁচা নে? পাচনিয়নী—মই নো তোমাক মিছা কথাষাৰ কৈছো নে? সেইটো মেকুৰিপোৱালী নহয়, তাৰ গাত হাত দি নোচাৱা কেলৈ, তিতি আছে। পাচনি—(মেকুৰীপোৱালীটোৰ গাত হাত দি তিতা পাই) তেনেহলে গল ভালেই হল। কৰবাৰ অৰীতীয়া মানুহ। নগাই কি মিকিৰেই কি আন কি তেনে জাতৰ আবৰী মানুহ হবলা। ঘৈণীয়েক --হব পায়, নহলে মেকুৰীপোৱালীটো খাবলৈ কিয় ওলাব? কথাষাৰ শুনিবৰেপৰা মোৰ কিবা বিকচিনা লাগি আছে। ৰাম ৰাম এই দেখিহে মই কালি তোমাক কৈছিলো, বোলো এনেবোৰ আলহী বিচাৰি ফুৰাৰ একো সকাম নাই। এনে আলহীতকৈ আমাৰ মেকুৰী কুকুৰ আলহীয়েই ভাল। এনে অচিনাকি আলহী অতিথি ফকিৰ ফকৰাৰু ঘৰত ঠাই দিয়াও ভাল নহয়; আমি পুইণ<noinclude></noinclude> fnie6agq6oi32o5na8mqikts2f3lify পৃষ্ঠা:পাঁচনি.djvu/২৯ 104 11085 161097 118377 2022-08-25T14:28:34Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|২৩}}</noinclude>কৰিবলৈ যাওঁতে কেতিয়াবা মতা তিৰুতা হালৰে ডিঙিতে কোনোবা ফকৰা আলহীয়ে ৰেপ দি, আমাৰ বইবস্ত সোপাকে লৈ সাং কৰি পলাব। বোলোঁ মই এই মেকুৰীপোৱালীটো আনিছোঁৱেই; কাইলৈ তোমাক ভাল কুকুৰ-পোৱালি এটাও আনি দিম; সিহঁতকে পুহি খুৱাই-বুৱাই ডাঙৰ দীঘল কৰাঁ; মেকুৰীয়ে ডাঙৰ হলে নিগনি-শলিয়া মাৰিব। কুকুৰে চোৰ খেদাব শিয়াল খেদাব আৰু দিনে ৰাতিয়ে আমাৰ ঘৰত পহৰা দিব; আৰু খাবও কম। {{center|{{X-larger|আঁৰ-কাপোৰ}}}}<noinclude></noinclude> i00dqse020l86dew81jye59py97qes9 পৃষ্ঠা:অঞ্জলি.djvu/২২ 104 53394 161108 133592 2022-08-25T15:15:37Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১২|অঞ্জলি|}}</noinclude>{{Block center|<poem>সেয়েই সকলো বিশ্ব-মিলনৰ চিন, {{gap}}নেলাগে বিশেষ দেখুৱাব, কেৱল ফুৰিবা তুমি প্ৰকৃতি লগত, {{gap}}প্ৰকৃতিয়ে সকলো শিকাব।</poem>}} {{center|⸻}} {{center|{{Xx-larger|হিয়া}}}} {{center|⸻}} {{Block center|<poem> মোৰ এই বুকু খনি ছবিৰ ভঁৰাল, ছবি তোলা পেৰা,- ততালিকে ৰয় এটি হিয়াত পৰিলে ছঁয়া,-মনোমোহা চাব। নহ’লে কিয়নো বাৰু সেই দিনা দেখা এখনি আকৃতি-ইমানৰ ভিতৰত- আউলি-বাউলী চুলি, ফুলি' পৰা ভাৱ, হঁহা মুখ, গাৰ ঠেও, চকুৰ ভাঙতি নেপাহৰোঁ,- বহি ল’লে হিয়াৰ-মাজত। </poem>}}<noinclude></noinclude> 6v93i51txjfzvd8ycxj9iizzoncehhs পৃষ্ঠা:অঞ্জলি.djvu/৩০ 104 53423 161113 133666 2022-08-25T15:22:10Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২০|অঞ্জলি|}}</noinclude>{{Block center|<poem>. {{gap|3em}}নাছিলে তোমাত, বসতি ল’লাহি দেৱি, {{gap|3em}}কিয়নো ইয়াত? শুনি জৰণাৰ গীত তোমাৰ কোমল চিত উঠিছিল পৰিছিল {{gap|3em}}ঠেৱে ঠেৱে তাত; তোমাৰ নুফুৰা নাই {{gap|3em}}পৰ্ব্বতীয়া বাট। সৰু নৈৰ ওপৰত, চন্দ্ৰমাৰ পোহৰত, ৰূপালী কিৰণ পৰা {{gap|3em}}দেখিছিলা তাত; শিল ধৰি ফেন তোলা, {{gap|3em}}শুনিছিলা মাত গধুলি পাৰতে ৰই গীত গোৱা অকলই, প্ৰতিধ্বনি হাঁহি মাৰে {{gap|3em}}তোমাৰ কথাত; </poem>}}<noinclude></noinclude> etuh4xylz9dpk7565mkw5hc3u0mwisu পৃষ্ঠা:অঞ্জলি.djvu/৬৪ 104 53428 161115 133440 2022-08-25T15:24:13Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৫৬|অঞ্জলি|}}</noinclude>{{Block center|<poem> {{center|{{Xx-larger|'''প্ৰতিদান'''}}}} {{center|⸻}} একো প্ৰতিদান মোক নেলাগে তোমাৰ, নেপেলোৱা মোৰ দান যদি দলিয়াই; মৰমেৰে যদি মোক চোৱা এটি বাৰ তাতে সুখ সাগৰত প্ৰাণ উটি যায়; হৃদয় খনিকে পাৰোঁ দিব উপহাৰ বুজালে ল’বৰ মন মুৰ দুপিয়াই। যাচি দিয়া মৰমকো নললে অৰ্জ্জুনে অপেশ্বৰী উববশীৰ স্বৰগ-ৰাজ্যত, কিন্তু হ'লে সুভদ্ৰাক কতনো যতনে কৰিছিলে লাভ তেওঁ এই জগতত; হিয়াৰ বান্ধনি যদি মিলে মনে মনে সদাই সকলো সেও গুণৰ কোষত। নেলাগে মাতিব মোক তুমি সাদৰেৰে, মাতিম তোমাক হ'লে সকলো খেনত; </poem>}}<noinclude></noinclude> aosbog78i0jqjzienqvn19dshvx0ur0 পৃষ্ঠা:অঞ্জলি.djvu/৫১ 104 53430 161120 133652 2022-08-25T15:28:07Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||অঞ্জলি|৪৩}}</noinclude>{{Block center|<poem> {{gap}}“গইছিলোঁ মোৰ বুলি ক'লোঁ, {{gap}}কলোঁ মই তোমাৰ নাছিল; ‘গুচি যা গুচি যা মোক যেতিয়া বুলিলে, {{gap}}শক্তি-শেল হিয়াত বাজিল। {{gap}}“আঁতৰৰ পৰা মোৰ পিনে {{gap}}চাই থাকি নোচোৱা ভাৱেৰে কাৰবাৰ কুমলীয়া সৰল পৰাণে {{gap}}চাটি-ফুটি কৰিলে দুখেৰে। {{gap}}“থিৰ ভাৱে মিঠা কথা কই {{gap}}নিলে মোক চলাই ভুলাই, আশা পূৰোৱাৰ ছলে প্ৰৱঞ্চনা কৰি {{gap}}ফাটকত দিলেহি সুমাই। {{gap}}“বহুদিন যদিও আছিলোঁ। {{gap}}নানা দুখ-ভুগি নৰকত, দুখতো নেপালোঁ দুখ, কিবা কিবি ভাবি {{gap}}সেই কালো গল অলপত।” </poem>}}<noinclude></noinclude> 6xhe8e0citg2j70kwdk940tqfenr85q পৃষ্ঠা:অঞ্জলি.djvu/৫৩ 104 53440 161123 133626 2022-08-25T15:31:24Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||অঞ্জলি|৪৫}}</noinclude>{{center| {{Xx-larger|'''মোৰ প্ৰেম'''}}}} {{center|⸻}} {{Block center|<poem>নুভুলিবা তুমি মোৰ লাৱণী ৰূপত’- মৰমীয়া চকু দেখি ধুনীয়া মুখত, নুভুলিবা গুণ মোৰ দেখি বাহিৰত, নুভুলিবা এটি প্ৰেম দেখি হৃদয়ত; সকলো ঢুকাব পাৰে পাপ পথ লই - থান থান হ’ম পিচে কৰবাত গই! সন্দেহৰ চকু থ'বা মোৰ অন্তৰত, নমজিবা একে বাৰে মোৰ মৰমত, ভাল পালে ভাল পাবা, তথাপি মোলই সদাই নথবা প্ৰেম নিৰ্ভয় নহই।</poem>}} {{center|⸻ {{Xx-larger|'''চিত্ৰ'''}}}} {{center|⸺}} {{Block center|<poem>লুকাল বেলিটি, সৰু নাওখনি {{gap}}ইপিনে দাঁতিয়ে যায়,</poem>}}<noinclude></noinclude> ew2137fkla0qthohpso4a80bch2lees 161124 161123 2022-08-25T15:32:23Z Rumi Borah~aswiki 1522 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||অঞ্জলি|৪৫}}</noinclude>{{center| {{Xx-larger|'''মোৰ প্ৰেম'''}}}} {{center|⸻}} {{Block center|<poem>নুভুলিবা তুমি মোৰ লাৱণী ৰূপত’- মৰমীয়া চকু দেখি ধুনীয়া মুখত, নুভুলিবা গুণ মোৰ দেখি বাহিৰত, নুভুলিবা এটি প্ৰেম দেখি হৃদয়ত; সকলো ঢুকাব পাৰে পাপ পথ লই - থান থান হ’ম পিচে কৰবাত গই! সন্দেহৰ চকু থ'বা মোৰ অন্তৰত, নমজিবা একে বাৰে মোৰ মৰমত, ভাল পালে ভাল পাবা, তথাপি মোলই সদাই নথবা প্ৰেম নিৰ্ভয় নহই।</poem>}} {{center|⸻ {{Xx-larger|'''চিত্ৰ'''}}}} {{center|⸺}} {{Block center|<poem>লুকাল বেলিটি, সৰু নাওখনি {{gap}}ইপিনে দাঁতিয়ে যায়,</poem>}}<noinclude></noinclude> khyexvmsfarnvrp60kpktp6q5ikc883 পৃষ্ঠা:অঞ্জলি.djvu/৪৮ 104 53587 161118 133672 2022-08-25T15:26:38Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪০|অঞ্জলি|}}</noinclude>{{Block center|<poem> সদাই সন্তোষ তুমি লোকৰ মনত দিলা, {{gap}}দিলা মোক সদাই বেজাৰ; কেনেনো বিলাই মোৰ হ’ব তুমি অবিহনে, {{gap}}নেভাবিলা কিয়নো এবাৰ? সংসাৰ-দুখৰ বোজা এনেয়ে নোৱাৰি ব’ব {{gap}}তাতে মোৰ এয়ো এটা হ’ল; হিয়াৰ ডাঙৰ দুখ নোৱাৰোঁ ফুটাই কব {{gap}}যত কথা হিয়াতেই ৰ'ল। কত আশা কৰিছিলোঁ একেলগে দুয়ো বহি {{gap}}মনৰ সকলো কথা ক’ম,- বুজিব নোৱাৰা ভাব সকলো আছিলোঁ সহি {{gap}}ভাবিছিলোঁ বুজোৱাই ল’ম। তোমাৰ কথাই মোক থাকোঁ মানে জগতত {{gap}}আন একো ভাবিব নিদিব, ভাল কিবা দেখিলেও মোৰ শুদা হৃদয়ত {{gap}}একো আৰু ভাল নেলাগিব। </poem>}}<noinclude></noinclude> 0gneck9g12b9ay5orp8pjsq6ec9fobc পৃষ্ঠা:অনিমা গুহ.pdf/১৪ 104 59427 161145 158398 2022-08-26T07:49:54Z -chanakyakdas 1728 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><section begin="A" />{{Center|{{larger|'''কল্লোলিনী কলকাতাত'''}}}} ব্ৰিটিছৰ শাসনকালত দেউতা-মাৰ লগত দুবাৰ কলকাতালৈ গৈছিলো ফুৰিবলৈ। কোকৰাঝাৰত ৰেলত উঠি গোলোকগঞ্জ হৈ পূৰ্ববংগৰ (আজিৰ বাংলাদেশ) মাজেদি তেতিয়াৰ দিনত কলকাতালৈ যাব লাগিছিল। যিমান দূৰ মনত পৰে পূৰ্ববংগৰ পাৰ্বতীপুৰ জংচনত গাড়ী সলাই কলকাতামুখী ৰে'লত উঠিছিলো। নামিছিলো শেষ ৰে'ল ষ্টেচন শিয়ালদহত। কলকাতাত কলকাতা নামৰ কোনো ষ্টেচন নাছিল। তেতিয়া হাওৰা আৰু শিয়ালদহ— এই দুটাই মহানগৰীৰ মুখ্য ৰেল ষ্টেচন আছিল। সম্প্ৰতি কলকাতা নামৰ এটা ষ্টেচন নিৰ্মিত হৈছে। যি কি নহওক আহল বহল বাট-পথ, ৰাজপ্ৰাসাদ যেন ঘৰ-দুৱাৰ, সুসজ্জিত দোকান বজাৰ, গাড়ী-ঘোঁৰা, ট্ৰাম ইত্যাদি দেখি আমাৰ ধুবুৰীয়া ভাষাত ‘চাকচান্দা’ খাইছিলো অৰ্থাৎ মূৰ ঘূৰোৱাকৈ মুগ্ধ হৈছিলো। ইমান সুন্দৰ ঠায়ো পৃথিৱীত থাকিব পাৰেনে? উভতি যাবৰ দিনা শোকে খুন্দা মাৰি ধৰিছিল। {{gap}}১৯৪৭ চনত দেশ বিভাজন হৈ ভাৰত স্বাধীন হ’ল। পূৰ্ববংগ পূৰ্ব পাকিস্তান হৈ হ’ল বিদেশ। নিজৰ মাটি-ভেটি ত্যাগ কৰি হেজাৰে হেজাৰে ভগনীয়া আহি সোমাবলৈ ধৰিলে কলকাতাত। জনস্ৰোতৰ হেঁচাত কলকাতাই তাৰ সৌন্দৰ্য হেৰুৱালে, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আগতে দেখা কলকাতাৰ ছবিখন মনৰ পৰা মচি পেলাবলগীয়া হোৱা বাবে কম মনোকষ্ট পোৱা নাছিলো। সঁচা কথা ক'বলৈ গ'লে কলকাতাক ভাল নোপোৱা হ'লো। তথাপিতো মাজে মাজে আহি থাকিবলগীয়া হৈছিলো দেওৰ হেমেন্দুৰ লগত শাহুআই থকা বাবে। ওভতনি যাত্ৰাত স্বস্তিৰ নিশ্বাস কাঢ়িছিলো হাওৰা ষ্টেচনত ৰে’লত উঠি। সেই কলকাতালৈকে আহিবলগীয়া হ'ল অনিৰ্দিষ্ট কালৰ বাবে পুনেৰ দৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনৰ পৰা। কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছোচিয়েল ছায়েন্স নামৰ গৱেষণামূলক প্ৰতিষ্ঠানত গৃহস্থই অধ্যাপকৰ পদটো পোৱা বাবে আহিবলগীয়া হৈছিল। {{gap}}কলকাতাৰ গাড়ী-মটৰ-ট্ৰাম আৰু মানুহৰ ভিৰে মোৰ উশাহ বন্ধ কৰি আনে। তদুপৰি ঠাইখনৰ চেপেটা লেণ্ডস্কেপে মনক পীড়া দিয়ে। অসমত পাহাৰ-পৰ্বত-নৈ <section end="A" /><noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৩'''}}</noinclude> f2g6gmcej98spjuv30rqw0imv4vmber পৃষ্ঠা:অনিমা গুহ.pdf/২২ 104 59434 161135 158401 2022-08-26T07:42:02Z -chanakyakdas 1728 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><section begin="A" />গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’। <section end="A" /> <section begin="B" />{{Center|{{larger|'''আত্মীয়-স্বজনৰ মাজত'''}}}} {{gap}}গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে। {{gap}}নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ <section end="B" /><noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১'''}}</noinclude> qf53cflpn8nhf7qd4ylr51ef3sbc40g 161142 161135 2022-08-26T07:48:46Z -chanakyakdas 1728 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>## B ## গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’। ## C ## {{Center|{{larger|'''আত্মীয়-স্বজনৰ মাজত'''}}}} {{gap}}গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে। {{gap}}নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১'''}}</noinclude> ed2ow4lolyh4byt7jxxpg4hsjh7g9hs 161143 161142 2022-08-26T07:49:09Z -chanakyakdas 1728 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><section begin="B" />গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’। <section end="B" /> <section begin="C" />{{Center|{{larger|'''আত্মীয়-স্বজনৰ মাজত'''}}}} {{gap}}গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে। {{gap}}নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ <section end="C" /><noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১'''}}</noinclude> ajk2unnzjvu95jd153g9ua2oxq31ksc 161151 161143 2022-08-26T07:52:09Z -chanakyakdas 1728 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude><section begin="A1" />গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’। <section end="A1" /> <section begin="B" />{{Center|{{larger|'''আত্মীয়-স্বজনৰ মাজত'''}}}} {{gap}}গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে। {{gap}}নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ <section end="B" /><noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''২১'''}}</noinclude> 2g8jc2pyb4korcr5hxbukh5s4bwxwel পৃষ্ঠা:অনিমা গুহ.pdf/১১৪ 104 59518 161125 159790 2022-08-26T07:10:47Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>'''আমাৰ ডাঙৰ ভিনীহিও গ'লগৈ :''' ১৯৮৫ চনত চকু বিশেষজ্ঞ ভাগিন অসীম উচ্চ শিক্ষাৰ্থে জাপানলৈ যোৱাৰ সময়ত দেউতাক ভুপেন্দ্ৰ নাৰায়ণ দাস অসুস্থ হৈ আছিল। সুযোগ জীৱনলৈ সদায় নাহিব পাৰে, গতিকে দেউতাকে তাক যাবলৈ উদ্‌গনি দিছিল। সি যোৱাৰ কিছুদিনৰ পাছত বাইদেউৰ ডাঙৰ আৰু মাজু পুতেক আলোক আৰু অৰূপে দেউতাকক চিকিৎসাৰ্থে মাদ্ৰাজলৈ (এতিয়াৰ চেন্নাই) নিছিল যদিও তাতেই তেওঁৰ দেহাবসান ঘটে। ভিনিহি মাৰ জোঁৱাই নহয়, আছিল পুত্ৰ সদৃশ। তেওঁৰ মৃত্যু সংবাদ পাই মনত পৰিছিল ১৯৫৪ চনৰ অক্টোবৰ মাহৰ দিন এটালৈ। আমাৰ ধুবুৰীৰ নিজা ঘৰত কৰ্কটৰোগত আক্ৰান্ত ৫৪ বছৰীয়া দেউতাই মৃত্যুৰ ক্ষণ গণি বিছনাত পৰি আছে মনত দুশ্চিন্তা লৈ। কি হ'ব কম বয়সীয়া ছোৱালীকেইজনী আৰু পত্নীৰ! তেওঁৰ মনৰ ভাব বুজিব পাৰি ভিনিহিয়ে কৈছিল তেওঁ জীয়াই থাকে মানে পৰিয়ালটোক তেৱেঁই চাব। দেউতাৰ চকুৰ কোণেৰে নিগৰি আহিছিল পৰম নিশ্চিন্ততাৰ দুধাৰি আনন্দাশ্ৰু। '''মামাবাবু আৰু মামীমা :''' তেজৰ সম্পৰ্ক নাথাকিলেও আত্মীয়তকৈও আপোন আছিল আমাৰ কলকাতাৰ ৪৪ ডি, দুৰ্গাপুৰ লেনৰ ভাৰাঘৰৰ মালিক-মালিকনী মজুমদাৰ দম্পতী। সেইটো দশকতে কেইটামান বছৰ অগা-পিছাকৈ তেওঁলোকৰ মৃত্যুই আমাক কম আঘাত দিয়া নাছিল। বাহিৰৰ পৰা চাবলৈ গ'লে তেওঁলোক কোনো খ্যাতনামা ব্যক্তি নাছিল যদিও দুয়োৰ ভিতৰত সমাবেশ ঘটিছিল বিৰল কিছুমান গুণৰ। দুয়ো আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসমুক্ত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক। চুবুৰিটোত তেওঁলোকক সকলোৱে মামাবাবু আৰু মামীমা বুলি মাতিছিল। দম্পতীযোৰ আছিল বৰ ইণ্টাৰেষ্টিং স্বভাৱৰো। {{gap}}সাধাৰণতে মামীমাৰ বয়সৰ মহিলাসকল ধাৰ্মিক হয়। তেওঁলোকে পূজা-পাতল কৰে, নামঘৰ-মন্দিৰলৈ যায়। মামাবাবুহঁতৰ ঘৰত পিছে কোনো গোসাঁইঘৰ দেখা নাছিলো। দুয়ো প্ৰায়ে কাজিয়া কৰিছিল যদিও এটা বিষয়ত বৰ মিল, দুয়ো ঘোৰ নাস্তিক। পুতেক দুজনৰ বিয়াৰ পাছত বোৱাৰীয়েকহঁতে বাৰাণ্ডাৰ এটা চুকত থাপনা পাতি পূজা-পাতল কৰিছিল। এবাৰ পুৰোহিত মাতি সৰস্বতী পূজা পাতিলে। পূজা শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অঞ্জলি প্ৰদান পৰ্ব। সৰুজনী বোৱাৰী সুজাতা কোবাকুবিকৈ আহিল মোক অঞ্জলি দিবলৈ মাতিবলৈ। স্কুল-কলেজত পঢ়োতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰস্বতীক তুষ্ট কৰিবলৈ অঞ্জলি দিছিলো। তাৰ পাছত সৰস্বতীৰ লগত সম্পৰ্ক শেষ হৈছিল যদিও মন্ত্ৰবোৰ পাহৰা নাই।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / ১১৩}}</noinclude> s5f7fm2df9q9q53wuu4uc08icw2t19f 161180 161125 2022-08-26T10:50:04Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>'''আমাৰ ডাঙৰ ভিনীহিও গ'লগৈ :''' ১৯৮৫ চনত চকু বিশেষজ্ঞ ভাগিন অসীম উচ্চ শিক্ষাৰ্থে জাপানলৈ যোৱাৰ সময়ত দেউতাক ভুপেন্দ্ৰ নাৰায়ণ দাস অসুস্থ হৈ আছিল। সুযোগ জীৱনলৈ সদায় নাহিব পাৰে, গতিকে দেউতাকে তাক যাবলৈ উদ্‌গনি দিছিল। সি যোৱাৰ কিছুদিনৰ পাছত বাইদেউৰ ডাঙৰ আৰু মাজু পুতেক আলোক আৰু অৰূপে দেউতাকক চিকিৎসাৰ্থে মাদ্ৰাজলৈ (এতিয়াৰ চেন্নাই) নিছিল যদিও তাতেই তেওঁৰ দেহাবসান ঘটে। ভিনিহি মাৰ জোঁৱাই নহয়, আছিল পুত্ৰ সদৃশ। তেওঁৰ মৃত্যু সংবাদ পাই মনত পৰিছিল ১৯৫৪ চনৰ অক্টোবৰ মাহৰ দিন এটালৈ। আমাৰ ধুবুৰীৰ নিজা ঘৰত কৰ্কটৰোগত আক্ৰান্ত ৫৪ বছৰীয়া দেউতাই মৃত্যুৰ ক্ষণ গণি বিছনাত পৰি আছে মনত দুশ্চিন্তা লৈ। কি হ'ব কম বয়সীয়া ছোৱালীকেইজনী আৰু পত্নীৰ! তেওঁৰ মনৰ ভাব বুজিব পাৰি ভিনিহিয়ে কৈছিল তেওঁ জীয়াই থাকে মানে পৰিয়ালটোক তেৱেঁই চাব। দেউতাৰ চকুৰ কোণেৰে নিগৰি আহিছিল পৰম নিশ্চিন্ততাৰ দুধাৰি আনন্দাশ্ৰু। '''মামাবাবু আৰু মামীমা :''' তেজৰ সম্পৰ্ক নাথাকিলেও আত্মীয়তকৈও আপোন আছিল আমাৰ কলকাতাৰ ৪৪ ডি, দুৰ্গাপুৰ লেনৰ ভাৰাঘৰৰ মালিক-মালিকনী মজুমদাৰ দম্পতী। সেইটো দশকতে কেইটামান বছৰ অগা-পিছাকৈ তেওঁলোকৰ মৃত্যুই আমাক কম আঘাত দিয়া নাছিল। বাহিৰৰ পৰা চাবলৈ গ'লে তেওঁলোক কোনো খ্যাতনামা ব্যক্তি নাছিল যদিও দুয়োৰ ভিতৰত সমাবেশ ঘটিছিল বিৰল কিছুমান গুণৰ। দুয়ো আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসমুক্ত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক। চুবুৰিটোত তেওঁলোকক সকলোৱে মামাবাবু আৰু মামীমা বুলি মাতিছিল। দম্পতীযোৰ আছিল বৰ ইণ্টাৰেষ্টিং স্বভাৱৰো। {{gap}}সাধাৰণতে মামীমাৰ বয়সৰ মহিলাসকল ধাৰ্মিক হয়। তেওঁলোকে পূজা-পাতল কৰে, নামঘৰ-মন্দিৰলৈ যায়। মামাবাবুহঁতৰ ঘৰত পিছে কোনো গোসাঁইঘৰ দেখা নাছিলো। দুয়ো প্ৰায়ে কাজিয়া কৰিছিল যদিও এটা বিষয়ত বৰ মিল, দুয়ো ঘোৰ নাস্তিক। পুতেক দুজনৰ বিয়াৰ পাছত বোৱাৰীয়েকহঁতে বাৰাণ্ডাৰ এটা চুকত থাপনা পাতি পূজা-পাতল কৰিছিল। এবাৰ পুৰোহিত মাতি সৰস্বতী পূজা পাতিলে। পূজা শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অঞ্জলি প্ৰদান পৰ্ব। সৰুজনী বোৱাৰী সুজাতা কোবাকুবিকৈ আহিল মোক অঞ্জলি দিবলৈ মাতিবলৈ। স্কুল-কলেজত পঢ়োতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰস্বতীক তুষ্ট কৰিবলৈ অঞ্জলি দিছিলো। তাৰ পাছত সৰস্বতীৰ লগত সম্পৰ্ক শেষ হৈছিল যদিও মন্ত্ৰবোৰ পাহৰা নাই।{{nop}}<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১১৩'''}}</noinclude> o67j86xevvi4hgb3ffdynofsbracjov পৃষ্ঠা:অনিমা গুহ.pdf/১১৫ 104 59519 161126 159792 2022-08-26T07:13:54Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude><poem>{{gap}}‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে {{gap}}বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। {{gap}}এষঃ সচন্দন পুষ্প বিল্ল পত্ৰাঞ্জলী {{gap}}নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ॥' </poem> {{gap}}সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্ৰস্থান কৰিলো। {{gap}}পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধৰ্মী সাহায্যকাৰিনীজনীয়ে। দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন। {{gap}}মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধৰ্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি-কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল। {{gap}}সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপাৰ্জনশীল বাবেই হেনো তাইৰ ইমান আস্পৰ্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্ৰ মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ<noinclude> {{rh|১১৪/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> q4qv41ca9enc2t1ju6d8x5tvd9dncm5 161181 161126 2022-08-26T10:50:25Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude><poem>{{gap}}‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে {{gap}}বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। {{gap}}এষঃ সচন্দন পুষ্প বিল্ল পত্ৰাঞ্জলী {{gap}}নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ॥' </poem> {{gap}}সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্ৰস্থান কৰিলো। {{gap}}পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধৰ্মী সাহায্যকাৰিনীজনীয়ে। দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন। {{gap}}মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধৰ্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি-কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল। {{gap}}সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপাৰ্জনশীল বাবেই হেনো তাইৰ ইমান আস্পৰ্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্ৰ মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ<noinclude> {{rh|'''১১৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> bh299w2tp2l0v9x0p0kpz2rqv63aqhg পৃষ্ঠা:অনিমা গুহ.pdf/১১৬ 104 59520 161127 158806 2022-08-26T07:16:47Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সংসাৰত পৰি আছো দুবেলা দুমুঠি খাবলৈ।’ তেওঁৰ কথা শুনি পুতেক-বোৱাৰীয়েকে বৰ আমোদ পাইছিল। আমিও হাঁহি হাঁহি তেওঁক সমৰ্থন কৰিছিলো। {{gap}}সময়তকৈ বহু আগতে ওপজা মামীমাগৰাকী দুবেলা দুমুঠি খাবৰ বাবে মামাবাবুৰ সংসাৰত বেছি দিনলৈ পৰি নাথাকিল। মৃত্যুৰ বহু আগতে তেওঁ কৈ থৈছিল পিতৃ-মাতৃৰ মৃত্যুৰ পাছত পালন কৰিবলগীয়া নীতি-নিয়মবোৰ যেন পুতেকহঁতে বৰ্জন কৰে। এইবোৰত তেওঁ অবিশ্বাসী আছিল। পিছে আত্মীয়-স্বজনৰ হেঁচাত সকলো কৰিবলগীয়া হৈছিল। {{gap}}মামাবাবুও আছিল বৈচিত্ৰ্যৰে ভৰা এগৰাকী অসাধাৰণ ব্যক্তি। তেওঁ জীৱিত অৱস্থাতেই পুতেকহঁতক সম্পত্তি ভগাই দিছে। মন কৰিছিলো সৰুটো পুতেকৰ ভাগৰ ফ্লেটটোত ৰ'দ-বতাহ অলপ কমকৈ সোমায়। মই এদিন কৈছিলো সি মনত দুখ নেপাবনে? মামাবাবুৰ তাৎক্ষণিক উত্তৰ আছিল, 'A beggar has no choice.' মোৰ জা কৰৱীৰ মৃত্যুৰ দুসপ্তাহমান পাছত মামাবাবুও গ'লগৈ। {{gap}}লানি নিছিগাকৈ আহি থকা মৃত্যুবোৰে জীৱনৰ প্ৰতি মোক যেতিয়া মায়া-মমতাহীন কৰি তুলিছিল তেতিয়া সৰুতে দেউতাৰ কিতাপ এখনৰ মেলি থোৱা পৃষ্ঠা এটাত পঢ়া কবিতা এফাঁকিলৈ মনত পৰিল। <poem>{{gap}}‘ওহে মৃত্যু তুমি মোৰে কী দেখাও ভয় {{gap}}ও ভয়ে কম্পিত নয় আমাৰ হৃদয়।’</poem> {{gap}}আমি স্কুলত পঢ়া সময়ত ভাল ভাল বচন বা উদ্ধৃতি কাপোৰৰ ওপৰত এমব্ৰোডাৰী কৰি কাঁচৰ ফ্ৰেমত বন্ধাই থোৱাৰ এটা নিয়ম আছিল। ইয়ো আছিল এবিধ আৰ্ট। উল্লিখিত কবিতাফাঁকি ক'লা কাপোৰৰ ওপৰত বগা সূতাৰে এমব্ৰোডাৰী কৰি বেৰত ওলোমাই থৈছিলো এইবাবে যেন মৃত্যুক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব পাৰো। পিছে মনটোক এই স্বাভাৱিক কথাষাৰৰ বাবে যিমানে ডাঠ নকৰো কিয় প্ৰিয়জনৰ মৃত্যু অসহনীয়। {{Center|{{larger|'''হোম চুইট হোম'''}}}} {{gap}}সাধাৰণতে দেখা যায় এবাৰ অসমৰ পৰা ওলাই গ'লে অধিকাংশই উভতি নাহে। ময়ো প্ৰথম প্ৰথম ভাবিছিলো গৃহস্থ কলকাতাতে থাকি যাব। পিছে লাহে লাহে বোধগম্য হ’ল শেষ জীৱনটো তেওঁ অসমতে কটাব। চৰাই-চিৰিকতিয়ে যেনেকৈ দিনটো ঘূৰি ঘূৰি বেলি মাৰ যোৱাৰ আগে আগে নিজ নীড়লৈ ওভতে গৃহস্থৰো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / ১১৫}}</noinclude> b00mrgwzkfpnzy16s0k7o3vr5222eyy 161182 161127 2022-08-26T10:50:44Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সংসাৰত পৰি আছো দুবেলা দুমুঠি খাবলৈ।’ তেওঁৰ কথা শুনি পুতেক-বোৱাৰীয়েকে বৰ আমোদ পাইছিল। আমিও হাঁহি হাঁহি তেওঁক সমৰ্থন কৰিছিলো। {{gap}}সময়তকৈ বহু আগতে ওপজা মামীমাগৰাকী দুবেলা দুমুঠি খাবৰ বাবে মামাবাবুৰ সংসাৰত বেছি দিনলৈ পৰি নাথাকিল। মৃত্যুৰ বহু আগতে তেওঁ কৈ থৈছিল পিতৃ-মাতৃৰ মৃত্যুৰ পাছত পালন কৰিবলগীয়া নীতি-নিয়মবোৰ যেন পুতেকহঁতে বৰ্জন কৰে। এইবোৰত তেওঁ অবিশ্বাসী আছিল। পিছে আত্মীয়-স্বজনৰ হেঁচাত সকলো কৰিবলগীয়া হৈছিল। {{gap}}মামাবাবুও আছিল বৈচিত্ৰ্যৰে ভৰা এগৰাকী অসাধাৰণ ব্যক্তি। তেওঁ জীৱিত অৱস্থাতেই পুতেকহঁতক সম্পত্তি ভগাই দিছে। মন কৰিছিলো সৰুটো পুতেকৰ ভাগৰ ফ্লেটটোত ৰ'দ-বতাহ অলপ কমকৈ সোমায়। মই এদিন কৈছিলো সি মনত দুখ নেপাবনে? মামাবাবুৰ তাৎক্ষণিক উত্তৰ আছিল, 'A beggar has no choice.' মোৰ জা কৰৱীৰ মৃত্যুৰ দুসপ্তাহমান পাছত মামাবাবুও গ'লগৈ। {{gap}}লানি নিছিগাকৈ আহি থকা মৃত্যুবোৰে জীৱনৰ প্ৰতি মোক যেতিয়া মায়া-মমতাহীন কৰি তুলিছিল তেতিয়া সৰুতে দেউতাৰ কিতাপ এখনৰ মেলি থোৱা পৃষ্ঠা এটাত পঢ়া কবিতা এফাঁকিলৈ মনত পৰিল। <poem>{{gap}}‘ওহে মৃত্যু তুমি মোৰে কী দেখাও ভয় {{gap}}ও ভয়ে কম্পিত নয় আমাৰ হৃদয়।’</poem> {{gap}}আমি স্কুলত পঢ়া সময়ত ভাল ভাল বচন বা উদ্ধৃতি কাপোৰৰ ওপৰত এমব্ৰোডাৰী কৰি কাঁচৰ ফ্ৰেমত বন্ধাই থোৱাৰ এটা নিয়ম আছিল। ইয়ো আছিল এবিধ আৰ্ট। উল্লিখিত কবিতাফাঁকি ক'লা কাপোৰৰ ওপৰত বগা সূতাৰে এমব্ৰোডাৰী কৰি বেৰত ওলোমাই থৈছিলো এইবাবে যেন মৃত্যুক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব পাৰো। পিছে মনটোক এই স্বাভাৱিক কথাষাৰৰ বাবে যিমানে ডাঠ নকৰো কিয় প্ৰিয়জনৰ মৃত্যু অসহনীয়। {{Center|{{larger|'''হোম চুইট হোম'''}}}} {{gap}}সাধাৰণতে দেখা যায় এবাৰ অসমৰ পৰা ওলাই গ'লে অধিকাংশই উভতি নাহে। ময়ো প্ৰথম প্ৰথম ভাবিছিলো গৃহস্থ কলকাতাতে থাকি যাব। পিছে লাহে লাহে বোধগম্য হ’ল শেষ জীৱনটো তেওঁ অসমতে কটাব। চৰাই-চিৰিকতিয়ে যেনেকৈ দিনটো ঘূৰি ঘূৰি বেলি মাৰ যোৱাৰ আগে আগে নিজ নীড়লৈ ওভতে গৃহস্থৰো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১১৫'''}}</noinclude> 4zxs1hcf2jfa9vbn7cp2q03m1em0l5f পৃষ্ঠা:অনিমা গুহ.pdf/১১৭ 104 59521 161128 159793 2022-08-26T07:19:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পৰিকলপনা তেনেকুৱাই। ইম্ফলত জন্মগ্ৰহণ কৰিলেও তেওঁ আঠ-ন বছৰ বয়সৰ পৰা গুৱাহাটীতে ডাঙৰ হৈছে। কটন কলেজত আই এ পঢ়ি থাকোতে অসমত বিশ্বযুদ্ধৰ বিধ্বংসী পৰিবেশে তেওঁলোকৰ পৰিয়ালটোৰ মহিলা আৰু ল'ৰা-ছোৱালীক পূৰ্ববংগৰ ঘৰলৈ যাবলৈ বাধ্য কৰে আৰু গৃহস্থ ভৰ্তি হয় শ্ৰীকাইল নামৰ জকাইচুকীয়া গাঁওখনৰ কলেজত। তালৈ হেনো নাৱত উঠিহে যাব লাগিছিল। অনুন্নত এলেকা হ'লেও কলেজখনত শিক্ষকতা কৰিছিল কেইগৰাকীমান মেধাৱী অধ্যাপকে। তেতিয়াৰ যুগত কলেজৰ সংখ্যা আছিল কম। গতিকে তেওঁলোকে নাম নথকা কলেজতে অধ্যাপনা কৰিবলৈ আহিছিল। সেই সময়ত তাত আছিল অসমৰ সৈতে সম্পৰ্ক থকা কান্তি চৌধুৰী নামৰ এগৰাকী অধ্যাপক। কান্তিৰ পত্নী সুজাতা ৰায় ১৯২৯ চনত কটন কলেজত ভৰ্তি হোৱা প্ৰথমগৰাকী ছাত্ৰী। এই লেখিকাৰ স্মৃতিকথাৰ প্ৰথম খণ্ডতে উল্লেখ কৰা হৈছে যে সুজাতাৰ আইতাক স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কান্তি চৌধুৰীয়ে কোনোবা এটা সময়ত বৰপেটা কলেজতো অধ্যাপনা কৰিছিল। শ্ৰীকাইল কলেজত আন এগৰাকী অধ্যাপক আছিল গৃহস্থৰ ভিনীহিয়েক। সংস্কৃত ভাষাত তেওঁ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তাৰ পৰা তেওঁ বেনাৰছলৈ যায়গৈ। যি কি নহওক চাৰি-পাঁচমাহ মান শ্ৰীকাইল কলেজত পঢ়া-শুনা কৰি গৃহস্থ ঢাকাৰ দাঁতিকাষৰীয়া মুন্সিগঞ্জ কলেজলৈ গৈ তাৰ পৰা আই এ পাছ কৰে বিশ্ববিদ্যালয়ত চতুৰ্থ স্থান অধিকাৰ কৰি। তাৰ পিছত বি এ, এম এ পাছ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা। {{gap}}গৃহস্থই য’তেই নপঢ়ক, য’লৈকে নাযাওক তেওঁৰ মন পৰি থাকে অসমত। বোধকৰো দেউতাক-মাক আৰু ককায়েকহঁতৰ ইচ্ছা আছিল মেধাৱী ভায়েকে কোনো প্ৰশাসনীয় বিভাগত সোমাওক। পিছে স্কুলৰ ছাত্ৰাৱস্থাৰ পৰা তেওঁ ঢাল খায় মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি। যিকোনো কাৰণৰ বাবেই নহওক এম এ পাছ কৰি আহি তেওঁ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগ দিছিল। আঠ-ন বছৰ তাত কাম কৰাৰ পাছত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ দিল্লীৰ ‘স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজ' নামৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে। তেতিয়াই আমাৰ বিয়া হয়। তাৰ পাছৰ আমাৰ ঘৰুৱা জীৱনৰ কাহিনী মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ডত লিখা হৈছে। {{gap}}১৯৯০ চনত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ'চিয়েল ছায়েন্স’ প্ৰতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা পখীটো নিজৰ নীড়লৈ আহিবলৈ ব্যস্ত হৈ পৰিল। সেই সময়ত মই কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ইউনিভাৰ্ছিটি<noinclude>{{rh|১১৬/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> hdgmj91u5bx516chai5tm7b38ds1dw7 161183 161128 2022-08-26T10:51:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পৰিকলপনা তেনেকুৱাই। ইম্ফলত জন্মগ্ৰহণ কৰিলেও তেওঁ আঠ-ন বছৰ বয়সৰ পৰা গুৱাহাটীতে ডাঙৰ হৈছে। কটন কলেজত আই এ পঢ়ি থাকোতে অসমত বিশ্বযুদ্ধৰ বিধ্বংসী পৰিবেশে তেওঁলোকৰ পৰিয়ালটোৰ মহিলা আৰু ল'ৰা-ছোৱালীক পূৰ্ববংগৰ ঘৰলৈ যাবলৈ বাধ্য কৰে আৰু গৃহস্থ ভৰ্তি হয় শ্ৰীকাইল নামৰ জকাইচুকীয়া গাঁওখনৰ কলেজত। তালৈ হেনো নাৱত উঠিহে যাব লাগিছিল। অনুন্নত এলেকা হ'লেও কলেজখনত শিক্ষকতা কৰিছিল কেইগৰাকীমান মেধাৱী অধ্যাপকে। তেতিয়াৰ যুগত কলেজৰ সংখ্যা আছিল কম। গতিকে তেওঁলোকে নাম নথকা কলেজতে অধ্যাপনা কৰিবলৈ আহিছিল। সেই সময়ত তাত আছিল অসমৰ সৈতে সম্পৰ্ক থকা কান্তি চৌধুৰী নামৰ এগৰাকী অধ্যাপক। কান্তিৰ পত্নী সুজাতা ৰায় ১৯২৯ চনত কটন কলেজত ভৰ্তি হোৱা প্ৰথমগৰাকী ছাত্ৰী। এই লেখিকাৰ স্মৃতিকথাৰ প্ৰথম খণ্ডতে উল্লেখ কৰা হৈছে যে সুজাতাৰ আইতাক স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কান্তি চৌধুৰীয়ে কোনোবা এটা সময়ত বৰপেটা কলেজতো অধ্যাপনা কৰিছিল। শ্ৰীকাইল কলেজত আন এগৰাকী অধ্যাপক আছিল গৃহস্থৰ ভিনীহিয়েক। সংস্কৃত ভাষাত তেওঁ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তাৰ পৰা তেওঁ বেনাৰছলৈ যায়গৈ। যি কি নহওক চাৰি-পাঁচমাহ মান শ্ৰীকাইল কলেজত পঢ়া-শুনা কৰি গৃহস্থ ঢাকাৰ দাঁতিকাষৰীয়া মুন্সিগঞ্জ কলেজলৈ গৈ তাৰ পৰা আই এ পাছ কৰে বিশ্ববিদ্যালয়ত চতুৰ্থ স্থান অধিকাৰ কৰি। তাৰ পিছত বি এ, এম এ পাছ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা। {{gap}}গৃহস্থই য’তেই নপঢ়ক, য’লৈকে নাযাওক তেওঁৰ মন পৰি থাকে অসমত। বোধকৰো দেউতাক-মাক আৰু ককায়েকহঁতৰ ইচ্ছা আছিল মেধাৱী ভায়েকে কোনো প্ৰশাসনীয় বিভাগত সোমাওক। পিছে স্কুলৰ ছাত্ৰাৱস্থাৰ পৰা তেওঁ ঢাল খায় মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি। যিকোনো কাৰণৰ বাবেই নহওক এম এ পাছ কৰি আহি তেওঁ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগ দিছিল। আঠ-ন বছৰ তাত কাম কৰাৰ পাছত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ দিল্লীৰ ‘স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজ' নামৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে। তেতিয়াই আমাৰ বিয়া হয়। তাৰ পাছৰ আমাৰ ঘৰুৱা জীৱনৰ কাহিনী মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ডত লিখা হৈছে। {{gap}}১৯৯০ চনত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ'চিয়েল ছায়েন্স’ প্ৰতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা পখীটো নিজৰ নীড়লৈ আহিবলৈ ব্যস্ত হৈ পৰিল। সেই সময়ত মই কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ইউনিভাৰ্ছিটি<noinclude>{{rh|'''১১৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 42yx2btfzhhdkg601nbk3g565elw6ru পৃষ্ঠা:অনিমা গুহ.pdf/১১৮ 104 59522 161184 159794 2022-08-26T10:54:07Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গ্ৰাণ্টছ কমিছনৰ ৰিছাৰ্চ এছ'চিয়েট পদত কাম কৰি আছিলো। সেইটো টাৰ্ম শেষ হ’বলৈ কেইমাহমান বাকী আছিল। আন এটা টাৰ্মৰ বাবে চেষ্টা নকৰি ময়ো সকলো সামৰি ১৯৯১ চনৰ মাজ ভাগত গুৱাহাটীমুৱা হ'বলৈ প্ৰস্তুত হ'লো। অনেকে আশা কৰিছিল গৃহস্থ তাতেই থাকিব, উপযাচি দুই-চাৰিজনে ফ্লেটৰ সন্ধানো দিছিল। কিন্তু তেওঁৰ এক কথা— অসমলৈ উভতি যাব। মই তেওঁলোকক এওঁৰ অসম সম্পৰ্কে লিখা অসমীয়া আৰু বাংলা কবিতা দুটা গাই শুনাইছিলো তেওঁৰ অসমৰ প্ৰতি থকা নিবিড় প্ৰেমৰ বান্ধোনৰ বিষয়ে উপলব্ধি কৰাবলৈ। {{Center|{{larger|'''লুইত পাৰেৰ গাথা'''}}}} <poem>::এখানে স্বপ্নেৰ মতো আমাৰ সত্তাৰ সাথে ::জড়ানো, ছড়ানো এক দেশ— ::আমি ভালোবাসি তাৰ বনৰাজি নীল পৰিবেশ। ::কখনও শীতেৰ সাঁঝে বুনো হাঁস ঝাঁক বেঁধে ওড়ে, ::কমলাৰ কুঞ্জে কুঞ্জে ৰসলুব্ধ মৌমাছিৰ ভিড়, ::ৰূপালি আশাৰ মতো বৰফ নিবিড় ::ভূটান পাহাড় চূড়া ঝিলকিয়ে ওঠে! ::কখনও বা প্ৰথম বৈশাখে ::শিপিনী কুমাৰী সাজে আনকোৰা ৰিহা-মেখেলায় ::ফাটা শিমুলেৰ মতো কিষানেৰ উড়ে চলে মন, ::বহাগীৰ আমন্ত্ৰণ ::... ... ... ... ... ... ::এই তো আমাৰ দেশ— ::শান্তিৰ নিবিড় নীড় আমাৰ অসম ::আমাৰ নাড়িতে জাগে এৰ যত নদীবন পাহাড় ভৈয়াম! ::... ... ... ... ... '</poem> {{gap}}অসমীয়াত লিখা একেটা কবিতাৰ পৰা কেইশাৰীমান তুলি ধৰিলো—<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} / '''১১৭'''}}</noinclude> loqz8n1w2uzakwer5g27e2beqj8oz7m পৃষ্ঠা:অনিমা গুহ.pdf/১১৯ 104 59523 161185 159795 2022-08-26T10:56:34Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{Center|{{larger|'''লুইত পাৰৰ গীত'''}}}} <poem>::.... শাওণত শুনো মই যৌৱনৰ গান ::কলঙৰ কল্লোলত, পৰ্বতীয়া নিজৰাৰ শুৱলা ধ্বনিত। ::আলি দিয়া জুমখেতি বুকু পাতি ধৰি ৰাখে পানী, ::ভৈয়ামৰ ভিজা মাটি সীৰলু সীৰলু হয়। ::নাঙলৰ ফালৰ মুখত, ::লুইতৰ গতিবেগে শিলায়ম গৰাকো খহায়। ::এয়েতো মোৰ দেশ, শান্তিৰ নিবিড় নীড় অসম মোৰ, ::হিয়াৰ আমঠু মোৰ ইয়াৰেই নদীবন ভৈয়াম পাহাৰ। ::.... .... .... ....’ </poem> {{gap}}নিজৰ ঘৰখনক ভালনো নাপায় কোনে? পিছে গৃহস্থৰ দৰে মোৰ তীব্ৰ আকৰ্ষণ নাই। থাকিব কেনেকৈ? মই যে পিতৃতান্ত্ৰিক সমাজৰ বিবাহিতা নাৰী। আমি হ'লো গৃহহীন। আমাৰ পিতাৰ ঘৰ আছে। শহুৰৰ ঘৰ আছে, মামাৰ ঘৰ আছে কিন্তু নিজা ঘৰ নাই। গতিকে সমগ্ৰ বিশ্বখনকে নিজা ঘৰ বুলি ভাবো। সেইফালৰ পৰা ভাবিবলৈ গ’লে মই এক বিশ্ব নাগৰিক। তথাপি বাই-ভনী, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক লগ পাম বুলি ভাবি ধীৰে ধীৰে মোৰো মন গুৱাহাটীমুখী হ’বলৈ ধৰিলে। {{gap}}ইমানৰ পিছতো কিন্তু এটা বিচ্ছেদ-বেদনাই হৃদয়ৰ কোনোবা এটা চুকক বেদনাৰ্ত কৰি তুলিলে। যিখন কলকাতাক কুৰি বছৰ আগতে আহি অসহ্য যেন লাগিছিল, সেইখন ঠাই এৰিব লাগিব শুনি নিজকে কিয় দেউলীয়া যেন লাগিছে। বিচিত্ৰ মানুহৰ মন! {{Center|{{larger|'''বাংময় হৈ উঠে ইতিহাস'''}}}} {{gap}}কলকাতাৰ পৰিবেশত এটা যাদু আছে। ওঠৰ-ঊনৈশ শতিকাতে পছিমৰ ৰেনাঁছাৰ আলোকেৰে আলোকিত হৈছিল কলকাতা। ইয়াৰ আকাশে-বতাহে মই বিচাৰি ফুৰো ৰাজা ৰামমোহন ৰায়ক (২২/৫/১৭৭২-২৭/৯/১৮৩৩), তিৰোতা জাতিটোৰ প্ৰতি নিৰ্দয়, নিষ্ঠুৰ সমাজৰ বিৰুদ্ধে যাৰ কণ্ঠ প্ৰথম ধ্বনিত হৈছিল। তিব্বতীয় ধৰ্মগুৰু দালাই লামাই কোৱাৰ দৰে ৰামমোহনেও সম্ভৱতঃ উপলব্ধি কৰিছিল, ‘আটাইতকৈ অন্ধকাৰাচ্ছন্ন<noinclude>{{Left|'''১১৮'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 93gvlpik9acw06shkxrynjmuym29ezr পৃষ্ঠা:অনিমা গুহ.pdf/১২০ 104 59524 161186 159624 2022-08-26T11:00:32Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দিনটোত মই আশাৰ ৰেঙণি বিচাৰি পাওঁ।’ নাৰীক শিক্ষিত কৰি পূৰ্ণ মানৱৰ মৰ্যাদা দিবলৈ তেওঁ প্ৰতিজ্ঞাৱদ্ধ হৈছিল। আনহাতে নাৰীৰ শিক্ষাৰ বিৰুদ্ধে উঠিছিল প্ৰতিবাদৰ ধুমুহা। বুদ্ধিহীন স্ত্ৰীজাতিক বিদ্যা-শিক্ষা? ই যে হাস্যকৰ কথা। মানুহৰ দৃঢ় বিশ্বাস আছিল যে নাৰী শিক্ষিতা হলে স্বামী স্বল্পায়ু হয়। কাণ্টৰ ( ১৭২৪-১৮০৪ ) দৰে জাৰ্মান দাৰ্শনিকেও নাৰীৰ বোধশক্তিক ব্যংগ কৰিছিল। মেডাম কুৰীয়ে আগবয়সত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিব পৰা নাছিল, কাৰণ তিৰোতা জাতিৰ বাবে সেই শিক্ষাৰ দুৱাৰ আছিল বন্ধ। আমেৰিকাৰ নাৰীমুক্তিৰ ধ্বজাধাৰিনী মেধাৱী এলিজাবেথ কেডি ষ্টেনটন ( ১৮১৫-১৯০২ ) কলেজীয়া শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল, কাৰণ আমেৰিকাত কলেজৰ দুৱাৰ বন্ধ আছিল নাৰীৰ বাবে। {{gap}}সি যি কি নহওক, প্ৰবল জনমতৰ প্ৰত্যুত্তৰত ৰামমোহনে জনাইছিল যে নাৰীক শিক্ষাদানেই যেতিয়া কৰা হোৱা নাই বা তেওঁলোকৰ জ্ঞান সম্পৰ্কে আলোচনাই কৰা হোৱা নাই, তেনেস্থলত প্ৰতিবাদকাৰীসকলে জানিলে কেনেকৈ যে স্ত্ৰী-জাতি বুদ্ধিহীন! বৈদিক যুগৰ গাৰ্গী আৰু মৈত্ৰেয়ী তথা কালিদাসৰ পত্নীয়ে প্ৰমাণ নকৰে নে যে নাৰী বুদ্ধিহীন নহয়। বৈদিকযুগীয় অৱস্থাৰ পৰা বিচ্যুত নাৰীয়ে সামন্তযুগত পুনৰ প্ৰৱেশ কৰিছে ঘোপমৰা এন্ধাৰৰ মাজত। ৰামমোহনৰ মতৰ বিৰুদ্ধে ৰাইজ ইমানে অসহিষ্ণু হৈ উঠে যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। সশস্ত্ৰ আক্ৰমণৰ পৰা তেওঁক ৰক্ষা কৰে মণ্টেগ’মাৰি মাৰ্টিন নামৰ এজন যুৱকে। ইমানৰ পিচতো ৰামমোহনৰ কণ্ঠ ৰোধ কোনেও কৰিব নোৱাৰিলে। নাৰীসত্তাক প্ৰথম স্বীকৃতি দিয়া ৰামমোহনে সোঁতৰ বিপৰীতে সাঁতুৰি ইতিহাসত সংযোজন কৰিলে এক নতুন অধ্যায়। সতীদাহ প্ৰথা ৰোধ কৰাৰ আঁৰতো আছিল ৰামমোহনৰ অৱদান। নাৰী শিক্ষাৰ প্ৰসাৰ তথা কিছুমান সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনত নেতৃত্ব দিছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে ( ১৮২০-১৮৯১ )। তেঁৱো সমাজৰ তথাকথিত শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ প্ৰচণ্ড বাধাৰ বিৰুদ্ধে গৈ বিধৱা বিবাহ আইন সিদ্ধ কৰে। দ্বাৰকানাথ গাংগুলিৰ ( ১৮৪৪-১৮৯৮ ) আশাশুধীয়া চেষ্টাৰ ফলত নাৰীৰ বাবে মুকলি হয় কলকাতা মেডিকেল কলেজৰ দুৱাৰ। {{gap}}অসমলৈ অহাৰ প্ৰায় এটা শতাব্দী আগতে ইংৰাজসকল বংগলৈ আহিছিল বাবে বাঙালী সমাজে আমাৰ আগতে আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ ইউৰোপীয় ৰেনাছাঁ বা নৱোন্মেষণৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছে। সেই সময়ত নানা দুৰ্যোগত জুৰুলা অসমৰ দুই-চাৰিজনমান ব্যক্তিৰ মনতো আধুনিক চেতনাৰ উন্মেষ<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১১৯'''}}</noinclude> m1a3moarhnicdutgxue8itlawlv5a4n পৃষ্ঠা:অনিমা গুহ.pdf/১২১ 104 59525 161187 159796 2022-08-26T11:02:59Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ঘটে। এওঁলোকৰ ভিতৰত ‘আসাম বুৰঞ্জী'ৰ ৰচয়িতা হলিৰাম ঢেকিয়াল ফুকন ( ১৮০২-১৮৩২ ) আৰু তেওঁৰ ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ ( ১৮০৫-১৮৩৮ ) নাম উল্লেখযোগ্য। তেওঁলোক বংগৰ শ্ৰীৰামপুৰৰ পৰা বেপ্টিষ্ট মিছনাৰীৰ দ্বাৰা প্ৰকাশিত ‘সমাচাৰ দৰ্পণ' পত্ৰিকাৰ গ্ৰাহক আছিল। বাংলা আৰু সংস্কৃত ভাষাৰে শিক্ষিত হলিৰামক বংগৰ সামাজিক আন্দোলনবোৰে প্ৰভাৱিত কৰিছিল। ‘সমাচাৰ দৰ্পণ'লৈ লিখা এখন চিঠিত হলিৰামে স্ত্ৰী শিক্ষাক সমৰ্থন কৰা পৰিলক্ষিত হয়। ১৮৩১ চনৰ ৯ জুলাই তাৰিখে ‘সমাচাৰ দৰ্পণ’লৈ লিখা চিঠিত সতীদাহ প্ৰথা ৰোধ কৰাৰ বাবে যজ্ঞৰাম খাৰঘৰীয়া ফুকনে চৰকাৰক অভিনন্দন জনায়। এওঁলোকৰ দৰে দুই-চাৰিজন ব্যক্তিৰ বাহিৰে অসমৰ অধিকাংশ মানুহ আছিল ৰক্ষণশীল। নতুন চিন্তাধাৰাৰ পক্ষে-বিপক্ষে তেওঁলোকৰ মাজত বিতৰ্কৰ ধুমুহা বৈ গৈছিল। {{gap}}ইতিহাস মই বৰকৈ নাজানো যদিও ঐতিহাসিক ঠাইবোৰলৈ গ'লে কল্পনাত ডেউকা লগাই অতীতলৈ গুচি যাওঁ। উত্তৰ কলকাতাৰ মাণিকতলা অঞ্চললৈ গ'লে সপৰিয়ালে শেষ জীৱনটো এইখিনি ঠাইৰে ক'ৰবাত কটোৱা গুণাভিৰাম বৰুৱালৈ ( ১৮৩৭-১৮৯৪ ) মনত পৰে। ঊনৈশ শতিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ পৰা কলকাতালৈ যোৱা ছাত্ৰসকলৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন ( ১৮২৯-১৮৫৯ ), গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ নাম উল্লেখযোগ্য। পাশ্চাত্যৰ ধ্যান-ধাৰণা আৰু বংগৰ নৱচেতনাই তেওঁলোকৰ মানসিকতাক এটা নিৰ্দিষ্ট গঢ় দিছিল। তদুপৰি বংগৰ বিদ্বৎজনৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা বাবে তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰাও প্ৰভাৱান্বিত হয়। দৰাচলতে অসমৰ জাতীয় জীৱনক নৱলব্ধ এই প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল আনন্দৰাম। অসমত স্ত্ৰীশিক্ষাৰ বাবে আগবাঢ়ি অহা প্ৰথম ব্যক্তিগৰাকীয়েই আছিল আনন্দৰাম। তেওঁ নিজৰ জীয়াৰী পদ্মাৱতীক ঘৰতে বিদ্যা শিক্ষা দিওৱাৰ ব্যৱস্থা কৰিছিল। {{gap}}আজি ইংৰাজী মাধ্যমৰ স্কুলত ল'ৰা-ছোৱালীক ভৰ্তি কৰিব নোৱাৰিলে জীৱন বৃথা বুলি ভবাসকলে শুনিলে অবাক হ’ব যে ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা বাবে আনন্দৰামৰ খুৰাক যজ্ঞৰামৰ পৰিয়ালটোক তেতিয়াৰ সমাজপতিসকলে ‘জাত যোৱা’ আখ্যা দিছিল। আনকি এইখন ঘৰৰ ছোৱালী বিয়া কৰোৱা বাবে উদাৰমনা নান্দীশ্বৰ বৰুৱাক দেউতাকে হেনো ত্যাজ্য পুত্ৰ কৰিছিল। এতিয়া ডেৰশমান বছৰ পাছত ফৰফৰাই ইংৰাজী ক’ব পৰা সকলেহে ‘জাতত উঠে'। {{gap}}তাহানিৰ সেই ৰক্ষণশীল সমাজখনত ছোৱালীক শিক্ষাদান কৰাটো আছিল এক<noinclude>{{Left|'''১২০'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> q9hnkpvzk68dxnkwfjbb0m2ur6461vz পৃষ্ঠা:অনিমা গুহ.pdf/১২২ 104 59526 161188 159808 2022-08-26T11:05:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুৰূহ কাম। আনন্দৰামৰ পাছতে এই কাৰ্যত অৱতীৰ্ণ হয় বিশেষকৈ গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা ( ১৮৩৬-১৮৯৬ )। সঁচা কথা ক'বলৈ গ'লে গুণাভিৰাম মোৰ প্ৰিয় পুৰুষ। তেওঁ কেইবাটাও ক্ষেত্ৰত ৰক্ষণশীল সমাজৰ বিৰুদ্ধে গৈ নিজৰ জীৱনত ‘উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ প্ৰতিষ্ঠা কৰিছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহি তেওঁৰ দ্বাৰা প্ৰভাৱিত গুণাভিৰামে বিয়া কৰাইছিল দুজনী ছোৱালীৰ মাক এগৰাকী বিধৱা মহিলাক, ১৮৭০ চনত। এই বিয়া তেওঁ ৰেজেষ্ট্ৰিও কৰাইছিল। এইখনেই আছিল অসমত প্ৰথম ৰেজেষ্ট্ৰি বিয়া। হিন্দু ধৰ্মৰ ৰক্ষণশীলতাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ তেওঁ ৰামমোহন ৰায় প্ৰৱৰ্তিত ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰে। ১৮৮০ চনত আঠবছৰীয়া জীয়াৰী স্বৰ্ণলতাক কলকাতাৰ বেথুন স্কুলত ভৰ্তি কৰাই অসমত স্ত্ৰী শিক্ষাৰ বাট মুকলি কৰে। কুৰি শতিকাৰ প্ৰথমৰ ফালে অসমৰ প্ৰগতিশীল পৰিয়ালৰ কেইবাগৰাকী ছাত্ৰী সেইখন স্কুলত আৰু একে নামৰ কলেজখনত পঢ়িছিল। মোৰ কটন কলেজৰ সহপাঠী মায়া কুণ্ডু বেথুন কলেজত অধ্যাপিকা হৈ থাকোতে মই এবাৰ তাইৰ লগত গৈ কলেজখন চাই আহিছিলো। আমাৰ মাৰ খুৰীয়েক সৰোজিনী চৌধুৰী ডিব্ৰুগড়ৰ এটা প্ৰগতিশীল পৰিয়ালৰ জীয়াৰী। ১৯২৬ চনত তেওঁ বেথুনৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। তাৰ পাছত ইন্দিৰা মিৰি, নৰ্মদা চৌধুৰী আৰু অমলপ্ৰভা দাসো স্নাতক হৈছিল একেখন কলেজৰ পৰা। {{gap}}বামপন্থী নেত্ৰী সুলেখিকা অঞ্জলি লাহিড়ী বাইদেউৰ মাক সুৱৰ্ণপ্ৰভা দাসক (১৮৯০-১৯৬৪) তেওঁৰ বিদ্যোৎসাহী মাতৃ শাৰদামঞ্জৰীয়ে ১৯০০ চনত ন বছৰ বয়সত শ্বিলঙৰ পৰা বেথুন স্কুললৈ পঠায় শিক্ষা কৰিবলৈ। তেওঁ শ্বিলঙৰ পৰা পাঁচ টকা ভাড়াত গৰুৰ গাড়ীৰে আহিছিল গুৱাহাটীলৈ। {{gap}}অসমৰ ছাত্ৰ-ছাত্ৰী বা অন্যান্য যাত্ৰীসকলে ৰে’ললাইন নথকা বাবে ব্ৰহ্মপুত্ৰইদি জাহাজেৰে ভটিয়াই গৈছিল বংগৰ গোৱালন্দ বন্দৰলৈ। তাৰ পৰা ৰে'লেৰে গৈছিল কলকাতালৈ। আমাৰ আতা গৌৰমোহনেও গোৱালপাৰাৰ জাহাজঘাটত জাহাজত উঠি কলকাতালৈ গৈছিল কলেজত শিক্ষাগ্ৰহণ কৰিবলৈ। {{gap}}এটা শতাব্দীতে বিজ্ঞানৰ দ্ৰুত উন্নতিৰ ফলত যোগাযোগ ব্যৱস্থাৰ কল্পনা কৰিব নোৱৰা উন্নতি হ’ল। আজিৰ দ্ৰুতগামী ৰে'ল নাইবা বিমানেৰে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পূৰ্বসুৰীসকলৰ কষ্টকৰ যাত্ৰাৰ বিষয়ে অৱগত নে? আমিও ৬০/৬৫ বছৰ আগতে কটন কলেজত পঢ়োতে লেহেমীয়া গতিত কয়লাৰ ইঞ্জিনে টনা ৰে’লত গুৱাহাটীলৈ আহিছিলো। তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১২১'''}}</noinclude> 9eoqg2t6u9m0kxvx60r9gcx8u230xnx পৃষ্ঠা:অনিমা গুহ.pdf/১৪১ 104 59543 161189 159604 2022-08-26T11:14:00Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>এৰিবৰ আগৰে পৰা মনে মনে প্লেন কৰিছিলো যে কৰ্মব্যস্ত জীৱনটোত সময়ৰ অভাৱত নিজে ভালপোৱা যিবোৰ ইচ্ছা পূৰাব পৰা নাই সেইবোৰকে এটা এটাকৈ কৰিম। তাৰ ভিতৰত প্ৰথমটো ইচ্ছা আছিল আৰাম চকীত আঁউজি মনে বিচৰা কিতাপ পঢ়াৰ। পিছে অদৃষ্টই মোৰ সকলো প্লেন-প্ৰ'গ্ৰাম নাকচ কৰি মোক কাণত ধৰি চোঁচৰাই আনি থিয় কৰাই দিলে তেৰাৰ প্লেনমতে এটা নিৰ্দিষ্ট বাটত। নিয়তিক বাধা দিয়ে কোনে? গতিকে ভবা মতে আৰাম চকীত আঁউজি কিতাপ নপঢ়ি হাতত কাগজ-কলম লৈ বহিবলগীয়া হ'লো সাধাৰণ চকী-মেজত। {{gap}}আমেৰিকাত চাৰিটা মাহ কটাই উভতি অহাৰ পাছত যাৰে লগত দেখা হয় সোধে তাত ক'লৈ গ'লো, কি দেখিলো, কেনে লাগিল, কি কৰিলো, কি খালো ইত্যাদি একেধৰণৰ প্ৰশ্ন। একেধৰণৰ প্ৰশ্নৰ উত্তৰো হয় একে। ফটা ৰেকৰ্ডখন বজাই বজাই ধৈৰ্যচ্যুতি ঘটিবলৈ আৰম্ভ হৈছিলহে এনেতে হেমন্ত বৰ্মনে সেই সময়ত তেওঁ সম্পাদনা কৰা ‘শ্ৰীময়ী’ নামৰ আলোচনীখনত মোৰ ভ্ৰমণকাহিনীটো প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।উৎসাহিতবোধ কৰি লিখিবলৈ আৰম্ভ কৰিলো যদিও পাঁচ-ছটামান কিস্তিত লেখাটো শেষ কৰিম বুলি ভাবিছিলো। পিছে লাগিল নহয় লেঠা। চিনাকি-অচিনাকি অনেকে লেখাটো ভালপোৱা বুলি ক'লে। সৰ্বোপৰি সাহিত্য আকাশৰ নক্ষত্ৰ নিৰুপমা বৰগোহাঞি, প্ৰীতি বৰুৱা, মামণি ৰয়ছম গোস্বামী, মঞ্জুমালা দাস প্ৰমুখ্যে কেইবাগৰাকীয়ে লেখাটোৰ উচ্চ প্ৰশংসা কৰি এই নিঃকিনক লেখা-মেলাৰ জগতখনত সোমাবলৈ অনুপ্ৰেৰণা যোগালে। এনেতে এদিন কলকাতাৰ পৰা গৌতম প্ৰসাদ বৰুৱাই চিঠিৰে লেখাটোৰ প্ৰশংসা কৰি ভ্ৰমণ কাহিনীটোৰ কলেৱৰ বৃদ্ধি কৰিবলৈ ক’লে। তাৰ পাছত এদিন আবেলি মিঠাইৰ টোপোলা এটা হাতত লৈ আমাৰ ঘৰলৈ আহিল অৰূপা পটংগীয়া কলিতা আৰু ৰাজেন কলিতা। সাহিত্যিক দম্পতীহালৰ লগত সিবাৰেই মোৰ প্ৰথম চিনাকি। ভ্ৰমণ কাহিনীটোৰ বাবে জনোৱা তেওঁলোকৰ শুভেচ্ছাই মোক অভিভূত কৰিলে। লিখাটো আৰম্ভ কৰোতে স্বতঃস্ফূৰ্তভাৱে কলমৰ আগেদি ওলোৱা অনুভূতিসমূহ লিখি গৈছিলো। বিশেষ ব্যক্তিসকলে পঢ়ি আছে বুলি জনাৰ পাছত সঁচা কথা ক'বলৈ গ'লে মই অলপ বিমোৰতে পৰিছিলো। কেইবাযোৰ অভিজ্ঞ চকু অনবৰতে মোৰ লেখাটোৰ আশে-পাশে ঘূৰি থকা যেন লাগিছিল। এদিন বীৰেশ্বৰ বৰুৱা আৰু সুভদ্ৰাৰ জীয়ৰী পলিৰ বিয়াত লগ পালো প্ৰশাসনিক বিষয়া নীলিময় চৌধুৰীক। ইতিমধ্যে ৰথী-মহাৰথীসকলৰ প্ৰশংসা শুনি শুনি মোৰ অহংবোধটো কিছু ওফোন্দি উঠা যেন অনুভৱ কৰিছিলো, চৌধুৰী ডাঙৰীয়াই যাৰ তুলনাত মোৰ<noinclude>{{Left|'''১৪০'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> qwfo4sw3hb0cl5pjkge3mkdwfqu4zni পৃষ্ঠা:অনিমা গুহ.pdf/১৪৬ 104 59547 161175 159820 2022-08-26T10:39:06Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}হঠাতে মানুহৰ জীৱনত কেতিয়াবা সৌভাগ্যৰ উদয় হয়। মোৰ কপালতো এবাৰ লটাৰীত অৰ্থপ্ৰাপ্তিতকৈও লোভনীয় সৌভাগ্যৰ আগমন ঘটিল আমেৰিকামুখী হোৱাৰ আগে আগে। তালৈ গৈ আছো বুলি গম পাই আমাৰ খুৰাদেউৰ স্কটলেণ্ডবাসী ল’ৰা ডাঃ অনিমেষ দাসে লণ্ডনত মোক ব্ৰেক জাৰ্নি কৰি যাবলৈ ক'লে। লগে লগে আমাৰ ভ্ৰমণ উপদেষ্টা আৰ্য ট্ৰেভেলছৰ মেনেজাৰ সঞ্জয় সৰকাৰৰ শৰণাপন্ন হলো। ব্ৰেক জাৰ্নি কৰা বাবে টিকটৰ মূল্য এটা ফুটা কড়িও নাবাঢ়িল। অৰ্থাৎ ইংলেণ্ড আৰু স্কট’লেণ্ড দৰ্শন বোনাচ পোৱা যেন লাগিল। {{gap}}যোৱাৰ আগে আগে অনিমেষৰ লগত পি চি অ'ৰ পৰা যোগাযোগ কৰিছিলো। পি চি অ'ৰ মালিকজন বোধকৰো পঞ্জাৱী আছিল। তেওঁ নুশুনা ভাও জুৰি মোৰ কথাবোৰ শুনি থাকিছিল। কিয়নো ফোনৰ বাবে দিবলগীয়া পইচাখিনি দিবলৈ যাওঁতে তেওঁ সুধিছিল ইংৰাজীত কাৰ লগত কথা পাতিলো। ক’লো অনিমেষৰ পত্নী এ্যনৰ লগত। তাই স্কটিশ্ব্‌ ছোৱালী। {{gap}}মানুহজনে সুধিলে— ‘কেই নম্বৰ?’ {{gap}}প্ৰশ্নটো নুবুজিলো বুলি কোৱাত তেওঁ যিষাৰ কথা ক'লে শুনি মই হাঁহি হাঁহ চকীখনত বহি গ'লো। কোনোমতে হাঁহি ৰখাব নোৱাৰা দেখি মানুহজনে ভেবা লাগি মোলৈ চাই আছিল। তেওঁ জানিব খুজিছিল অনিমেষ এ্যনৰ কেইনম্বৰ স্বামী। তেওঁ হেনো শুনিছে মেমহঁতে ঘনাই স্বামী সলায়। {{gap}}আমাৰ ইয়াৰ কিছুমানে বিদেশ সম্পৰ্কে বহু ভুল ধাৰণা পুহি ৰাখে। এ্যনৰ আগত কথাষাৰ উত্থাপন কৰোতে তেওঁ কৈছিল যে তেওঁলোকৰ পৰিয়ালত কাৰো বিবাহ-বিচ্ছেদ হোৱা নাই। তদুপৰি তেওঁলোক ৰোমান কেথলিক হোৱা হেতুকে বৰ ৰক্ষণশীল। যি কি নহওক, আজিৰ পৃথিৱীত আধুনিক সমাজবোৰত বিবাহ-বিচ্ছেদৰ সংখ্যা ক্ৰমবৰ্ধমান। ৰোমান কেথলিক সমাজতো কিবা পৰিবৰ্তন হ'ল নে নাই নাজানো। {{gap}}বিনা পইচাত ইংলেণ্ড ভ্ৰমণৰ কাহিনীলৈ ঘুৰি আহো। মোৰ জীৱনত কোনো কামেই চিধা পথেৰে নহয়। যাবৰ দিন-ক্ষণ ঠিক, এনেতে শুনিলো মোৰ টিকট বুক হৈ থকা এয়াৰ ইণ্ডিয়াৰ পাইলটসকলে দৰমহা বৃদ্ধিৰ বাবে ধৰ্মঘট কৰিছে। এওঁলোকে যিটো হাৰত দৰমহা পায় শুনিলে সাধু-সন্ন্যাসীৰ মনতো ঈৰ্ষা উপজিব। আকৌ দৰমহা বৃদ্ধি? মই যে সময়মতে আমেৰিকা পাবগৈ লাগিব। ইংলেণ্ড-স্কটলেণ্ডৰ আশা এৰি যথা সময়ত আমেৰিকা গৈ পাবলৈ ব্যস্ত হৈ উঠিছিলো। {{gap}}এয়াৰ ইণ্ডিয়াই জনালে ধৈৰ্য ধৰিবলৈ। ধৰ্মঘট উঠাই ল'লেই যোৱাৰ নতুন তাৰিখ<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} / '''১৪৫'''}}</noinclude> 9qrt80f9myfakz15f6at4r7tjme576p পৃষ্ঠা:অনিমা গুহ.pdf/১৪৭ 104 59548 161176 159821 2022-08-26T10:41:12Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁলোকে ঠিক কৰিব। উত্তৰত জনাইছিলো তেওঁলোকৰ ধৰ্মঘট উপলক্ষে মোৰ নাতিৰ পৃথিৱীলৈ আগমনৰ দিনটো স্থগিত ৰখা সম্ভৱ নহয়, গতিকে টকা ওভোতাই দিয়ক, অন্য কোম্পানীৰ বিমানত যাব লাগিব। আচলতে নাতিৰ ইতিমধ্যে আগমন ঘটিছিল যদিও এটা বিশেষ তাৰিখৰ পৰা তাক মোৰ জিম্মাত ৰাখি মাকে কামত যোগ দিয়াৰ কথা। {{gap}}জীৱনৰ প্ৰতিটো পদক্ষেপত ঠেকা খাবলগীয়া হোৱা দেখি আমাৰ সাহায্যকাৰিণী মঞ্জুকে ধৰি আমাৰ সাহিত্যিক বুদ্ধিজীৱী ভিনীহিলৈকে জ্যোতিষ শাস্ত্ৰত বিশ্বাসী বহুতে কৈছিল যে মোৰ ওপৰত শনিৰ দৃষ্টি পৰিছে। তেৰাৰ দৃষ্টিৰ পৰা উদ্ধাৰ পাবলৈ প্ৰত্যেকে একোটা বিধান দিলে।মঞ্জুৱে পৰামৰ্শ দিলে এটকা পঁচিশ পইচাৰে শনি মন্দিৰত পূজা এভাগ দিবলৈ আৰু এটা সপ্তাহ জুৰি পুৱা উঠি কাউৰীক এমুঠিকৈ চাউল খুৱাবলৈ। ভিনীহিয়ে দিহা দিলে এটা শনিবাৰে চণ্ডাল এজনক মাতি এসাঁজ ভালকৈ খুৱাই ক’লা ছাতি এটা দান কৰিবলৈ। তেওঁ সংস্কৃতজ্ঞ পণ্ডিত মানুহ, এই বিষয়ে শ্লোক এফাঁকিও গাই শুনালে। শনিৰ টেলেকা টেলেকা ৰঙা চকুযোৰৰ দৃষ্টি হেনো তাকে কৰিলে মোৰ ওপৰৰ পৰা আঁতৰি চণ্ডালৰ ওপৰত পৰিব। অৰ্থাৎ বেচেৰা চণ্ডালৰ জীৱনত আৰম্ভ হ’ব শনিৰ দশা। এইবোৰ বিষয়ত ঘোৰ অবিশ্বাসী হ'লেও ৰগৰ কৰিবলৈ ভিনীহিক ক’লো চণ্ডাল পাম ক’ত? তেওঁ ক'লে জামাদাৰ এজনকে মাতিবলৈ। ভিনীহিক ক’লো তথাকথিত নিম্নবৰ্গৰ মানুহৰ ওপৰত শনিৰ দৃষ্টি ডাইভাৰ্ট নকৰি বামুণ-কায়স্থ কলিতালৈ যদি পোনোৱা যায় তেনেহ'লে ব্ৰহ্মপুত্ৰ হোটেল নাইবা জেবিছতে খুৱাই দিম। ছাতিটোও ‘ফৰেন’ৰ পৰা আনিম। ভিনীহিয়ে ক’লে কমিউনিষ্টৰ লগত বাস কৰি তুমিও গুৰু-গোসাঁই নমনা বিধৰ হৈছা। পিছে কমিউনিষ্টৰ লগত লগুণ-গাঁঠি বান্ধিলেও কোনো ৰাজনৈতিক দলৰে পোনপটীয়া সম্পৰ্ক নথকা মই মানৱতাবাদীহে। যাওক বাৰু এইবোৰ কথা। {{gap}}শনিক আঁতৰোৱাৰ ব্যৱস্থা নকৰিলেও নিৰ্দিষ্ট তাৰিখে কলকতাৰ পৰা যাবলৈ বিমানৰ টিকট এখন সঞ্জয়ে আনি দিলে। অৱশ্যে ব্ৰিটিছ এয়াৰৱেজত। পিছে শনিয়ে যে লগ এৰা নাছিল কলকাতাত নামি গম পালো। বিমান উৰিব দিল্লীৰ পৰা! কেনেকৈ কলকাতাৰ পৰা দিল্লী পাই বিমানত বহিলোগৈ ই এক দীঘলীয়া কাহিনী। ক’লে পাঠকে অতিৰঞ্জিত বুলি ভাবিব, ময়ো ভাবিলোহেঁতেন। পিছে ‘শনি’য়ে যে মোক ফল’ কৰি আছিল এই কথা ভিনীহিহঁতে বিশ্বাস কৰে। অৱশ্যে ইমান দীঘলীয়া যাত্ৰাত শনিক সহযাত্ৰী হিচাপে পোৱা বাবে অকলশৰে যাবলগীয়া নহ'ল। তেৰাৰ<noinclude> {{rh|'''১৪৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 4mopoiwesanf46g6ym1sqmq71mk9k57 পৃষ্ঠা:অনিমা গুহ.pdf/১৪৮ 104 59549 161177 159822 2022-08-26T10:43:31Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>হস্তক্ষেপত বিমানত মোৰ আসনখন নিৰ্ধাৰিত হৈছিল তিনিগৰাকী চৰ্দাৰণীৰ আগৰ শাৰীত। ইংলেণ্ড আৰু কানাডাত বহু শিখ পঞ্জাবীৰ বাস। জীৱিকাৰ সন্ধানত তেওঁলোক সেইবোৰ দেশলৈ প্ৰব্ৰজন কৰে। সাধাৰণ কামৰ বাবে যোৱাসকলৰ অধিকাংশই পঢ়া-শুনাৰ সৈতে সম্পৰ্কহীন। মোৰ পিছফালৰ শাৰীত বহা তিনিগৰাকীক সেই শ্ৰেণীভুক্ত যেন লাগিল। বিমানখন ৰানৱেত থাকোতেই তেওঁলোকৰ পেটৰ আহাৰ ওলাই আহি মজিয়াখন ভৰাই পেলালে। সেই দুৰ্গন্ধ থপথপীয়া পদাৰ্থ বাগৰি আহি মোৰ জোতা-কাপোৰ স্পৰ্শ কৰে বুলি আতংকত জোতাৰে সৈতে ভৰি দুখন ওপৰলৈ তুলিলো। ওৰে ৰাতি প্ৰায় ন ঘণ্টামান সময় কটালো একেটা অৱস্থাত। {{gap}}এটা কথা মন কৰিছো ভ্ৰমণ কালত মোৰ কাষৰ আসনখনত সহযাত্ৰী হিচাপে একাধিকবাৰ পাইছো চৰ্দাৰ বা চৰ্দাৰণীক। এওঁলোকক দেখিলেই মোৰ বুকুত ছুনামীৰ আৱিৰ্ভাৱ ঘটে। ইয়ো সেই শনিৰে কাৰচাজি যেন পাওঁ। ১৯৯৬ চনত আমাৰ দ্বিতীয়টো নাতিৰ আগমন উপলক্ষে কলকাতাৰ পৰা দিল্লী হৈ একেখন বিমানতে গৈছিলো। মোৰ কাষৰ আসনখনত কোনো যাত্ৰী নথকা বাবে ভাবিছিলো দুয়োটা আসনৰ মাজৰ হাত মাৰিডাল তুলি দি আহল-বহলকৈ বহিম। কিন্তু মোৰ পোৰা কপাল! দিল্লীত সেইখনত আহি বহিল চুটেড্-বুটেড্ এজন চৰ্দাৰজী। কিছুমান সহযাত্ৰীয়ে উপযাচি কথা পাতিবলৈ ভাল পায়। সেই আশংকাত কিতাপ এখন মেলি লৈছিলো। বিমান উৰণৰ সময় উপস্থিত। চকুৰ আগত জিলিকি উঠিল নিৰ্দেশাৱলী – Fasten Your belt, Keep your seat in upright position ইত্যাদি। চৰ্দাৰজীৰ কোনো কাণসাৰ নাই, যেন এগৰাকী ধ্যানমগ্ন যোগী। এনেতে ৰূপৱতী বিমান সেৱিকা মেম এজনী আহি চৰ্দাৰ্জীক বেল্টডাল বন্ধাৰ কথা ক'লে। তেওঁ তেতিয়াও নিৰ্বিকাৰ। মই ভাবিলো হয় মানুহজনৰ মগজুৰ নাট্-বল্টুবোৰ ঢিলা নহ'লে তেওঁ বুদ্ধিজীৱী। পিছে মোৰ ধাৰণা ভুল বুলি বুজিলো যেতিয়া তেওঁ মূৰ-হাত জোকাৰি ক'লে— No English, No English। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও গন্তব্য স্থান পোৱালৈকে ময়ে আছিলো তেওঁৰ ইনটাৰপ্ৰিটাৰ। হিন্দীতো মই তথৈবচ। সেই জ্ঞানেৰেই কথা-পাতি জানিব পাৰিছিলো চৰ্দাৰজী পঞ্জাৱৰ এক অখ্যাত গাঁৱৰ কৃষক। পুতেক নিউয়ৰ্কত টেক্সিচালক। আমেৰিকাৰ নাগৰিকত্ব পোৱাৰ পাছত মাক-দেউতাকক তালৈ লৈ গৈ আছে। মাক ইতিমধ্যে গ'ল। তেওঁ বিমানত প্ৰথম উঠা বুলি শুনি মোৰ ভয় লাগিল বমি কৰে বুলি। বমি কৰিবলৈ বেগ ক’ত আছে দেখুৱাই দিছিলো। পিছে চৰ্দাৰণীসকলৰ দৰে এওঁ আলসুৱা নহয়।{{nop}}<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১৪৭'''}}</noinclude> j2dwrtk4r9or0exc2ba265sfwb2hgu1 পৃষ্ঠা:অনিমা গুহ.pdf/১৪৯ 104 59550 161178 159833 2022-08-26T10:46:22Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}আৰু এবাৰ বিমান যাত্ৰাত মোৰ চৰ্দাৰজীৰ কাষত বহাৰ দুৰ্ভাগ্য হৈছিল। এওঁ অৱশ্যে ফৰ্ফৰাই ইংৰাজী কোৱা শ্ৰেণীৰ। তেওঁ বহিছিল মোৰ সোঁফালে। এটা সময়ত মোৰ বাওঁফালৰ ঠেক কৰিড'ৰেৰে ডেকা এজনে চিগাৰেট জ্বলাবলৈ দিয়াচলাই এটা বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰি আছিল। কোনো এজন যাত্ৰীক ডেকাৰ কথাৰ উত্তৰ দিয়া নেদেখিলো, দিলে কেৱল মোৰ কাষত বহি থকা চৰ্দাৰজীয়ে। অৱশ্যে বেয়াকৈ একো কোৱা নাই, কৈছিল বিমানত চিগাৰেট খোৱা বাৰণ। ডেকাজনে চৰ্দাৰজীৰ কথা চেলেঞ্জ কৰিলে যুদ্ধংদেহি কায়দাত। চৰ্দাৰজীৰ তেজ উতলি উঠিল। প্ৰথমতে দুয়োৰে মাজত বাক্যবাণৰ আদান-প্ৰদান হ’ল, তাৰ পাছত দুয়ো পৰস্পৰক আঘাত হানিবলৈ হ’ল উদ্যত। মই প্ৰমাদ গণিলো। মোৰ সোঁফালে চৰ্দাৰ, বাওঁফালে ডেকা। দুয়োৰে মাজত ঘুচিয়া-ঘুচি আৰম্ভ হ’লে দুটামান মোৰ মূৰতো সৰি নপৰিব বুলি কোনে ক’ব পাৰে। উত্তপ্ত পৰিস্থিতি। নিজৰ মূৰটো চম্ভালিবলৈ মই দুখন হাতেৰে দুয়োকে ঠেলি দিলো। ডেকাজন বোধকৰো মানসিকভাৱে অলপ অসুস্থ আছিল। চৰ্দাৰজীক কৈছিল— ‘চালা, তোৰ ডাঢ়িত জুই লাগিব বুলি চিগাৰেট নাখাৱ, মই কিয় নাখাম?’ চিঞৰ-বাখৰ শুনি কেবিনকৰ্মী এজনে অৱশেষত ডেকাক টানি লৈ গৈছিল। {{gap}}আন এবাৰ মোৰ আগৰ শাৰীত উপবিষ্ট যাত্ৰী এজনে লাইটাৰটো জ্বলাই চিগাৰেটত অগ্নিসংযোগ কৰা দেখি তেওঁক আমাৰ বিপৰীত ফালৰ বেৰত আৰি থোৱা ফলক এখনলৈ আঙুলিয়াই কৈছিলো যে চিগাৰেট খোৱা বাৰণ বুলি তাত লিখা আছে। তেওঁৰ মোৰ কথা গ্ৰাহ্য নকৰি ক'লে সিটো ফালে বাৰণ, আমাৰ ফালে নহয়। মই জোৰ দি কৈছিলো সকলোফালে বাৰণ। মানুহজনে চাগৈ ভাবিছিল সাধাৰণ পোছাক পিন্ধা বয়সীয়া মহিলাজনীয়ে কি জানে। সেয়েহে বিমান সেৱিকাগৰাকীক ফুচফুচাই সুধিছিল চিগাৰেট খাব পাৰিব নে নাই। সেৱিকাই জোৰে উত্তৰ দিছিল— সৌ নোটিচখন দেখা নাই নে? মানুহজন অৱশ্যে চৰ্দাৰজী নাছিল। কিন্তু তেওঁ যে মহিলা হোৱা বাবে মোক উপেক্ষা কৰিছিল তাত সন্দেহ নাই। সাজ-পাৰত তেনেই গাঁৱলীয়া যেন বয়সীয়া তিৰোতা মানুহৰ সমুখত তেওঁ আৰু বেছি সময় কটাব নোৱাৰি উঠি বোধকৰো আঁতৰৰ কোনো খালী আসনত বহিছিলগৈ। {{gap}}ইংলেণ্ড যাত্ৰাৰ কাহিনীলৈ উভতি যাওঁ। লণ্ডনৰ গে’টউইক বিমান বন্দৰতো শনিৰ উপস্থিতি অনুভৱ কৰিলো। কনভেয়াৰ্ছ বেল্টৰ কাষত চুটকেচটোৰ বাবে থিয় হৈ আছো, যাত্ৰীসকলে নিজ নিজ লাগেজ মোকলাই প্ৰস্থান কৰিলে, মোৰটোৰ দেখা<noinclude>{{Left|'''১৪৮'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 9yly1sjxgwsa47e34spuu9oeacysza1 পৃষ্ঠা:অনিমা গুহ.pdf/১৫০ 104 59551 161179 159845 2022-08-26T10:48:46Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>সাক্ষাৎ নাই। এটা সময়ত বেল্টৰ গতি স্তব্ধ হ'ল, এজন যাত্ৰীও নাই। আন কোনো জনপ্ৰাণীও নাই। চকুপানী ওলাওঁ ওলাওঁ অৱস্থা এনেতে আঁতৰত দেখিলো গতিহীন কনভেয়াৰ্ছ বেল্টৰ শেষ সীমাত মোৰ চুটকেচটো। বাহিৰত মোৰ বাবে বাট চাই থকা অনিমেষো টেনশ্যনত ঘামি আছিল। দুয়ো ভাই-ভনীৰ দেখা-দেখি হোৱাৰ লগে লগে চকুপানী আৰু ঘাম মচি মনৰ আনন্দত হাঁহিবলৈ ধৰিলো। অৱশেষত শনি আৰু টেনশ্যনক বিমান বন্দৰতে এৰি অনিমেষৰ গাড়ীত লণ্ডন মহানগৰীৰ চহৰতলিৰে হ'লো স্কটলেণ্ডমুখী। সেইখিনিৰ পৰা তেওঁলোকৰ গ্লাছগোৰ ঘৰলৈ চাৰিশ মাইল বাট। পশ্চিমৰ দেশবোৰৰ হাইৱেবোৰ ইমান মসৃণ যে ভ্ৰমণত ক্লান্তি নাহে। অৱশ্যে আজিকালি ভাৰততো এনে উচ্চমানৰ বাট নোহোৱা নহয়। উদাহৰণস্বৰূপে মুম্বাই-পুনে হাইৱেৰ কথা ক’ব পাৰি। ইংলেণ্ডৰ পৰা স্কটলেণ্ডলৈ যাওঁতে বাটৰ দুয়োকাষে নয়নাভিৰাম দৃশ্য উপভোগ কৰি গৈছিলো। কাশ্মীৰলৈ মনত পৰিছিল। সমগ্ৰ স্কটলেণ্ডখনেই মনোমোহা। {{gap}}অনিমেষৰ পত্নী এ্যনে মোক কেউপিনে সিঁচৰতি হৈ থকা একাধিক সৰোবৰৰ পাৰলৈ লৈ গৈছিল। স্কটিশ ভাষাত লেকক কয় লক্ (Loch)। পশ্চিমৰ মানুহে জীৱনটো উপভোগ কৰিব জানে। বৰফৰ বতৰটো পাৰ হ'লেই ল’ৰা, বুঢ়া, ডেকা-ডেকেৰী সকলোৱে ঢাপলি মেলে নৌকা বিহাৰ কৰিবলৈ, কত ধৰণৰ যে নাও! দূৰদৰ্শনৰ কৃপাত আমি আজিকালি ঘৰতে বহি তেওঁলোকৰ নৌকা বিহাৰৰ দৃশ্য দেখিবলৈ পাওঁ। আমেৰিকাত জীৱনটো হাতত লৈ জয়-মনীষা আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীৰ লগত বিজুলীবেগেৰে চলা নাৱত উঠিছো। লেকবোৰক আকাৰত একোখন সমুদ্ৰ যেন লাগে। পাৰলৈ উভতি নহালৈকে বুকুৰ ধিপ্‌ধিপনি নুগুছে। পাৰতে বান্ধি ৰখা একোখন নাও ভাড়া কৰি গাড়ী ড্ৰাইভ কৰা দি এওঁলোকে যন্ত্ৰচালিত নাওবোৰ চলায়। সকলোৰে আনন্দ পণ্ড হয় বুলি মোৰ নিজৰ শংকাৰ কথা প্ৰকাশ নকৰো। য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। এবাৰ আমেৰিকাৰ ইপাৰ-সিপাৰ নেদেখা জৰ্জ লেকৰ মাজভাগত আমাৰ নাওখন লৰচৰ নকৰা হ'ল। বহু চেষ্টা কৰিও জয়ে এক ইঞ্চিও আগবাঢ়িব নোৱাৰিলে। ইতিমধ্যে দূৰৈত দেখিলো ভ্ৰমণবিলাসী কেইজনমান চাহাব আৰু মেমৰ নাও এখন। আমি হাতবাউলি তেওঁলোকক মতাত ওচৰ চাপি আহি আমাৰ নাওখনক ৰচিৰে বান্ধি পাৰলৈ লৈ গ'ল। মেম দুজনীও কম সাহসী নহয় দেই। ইখন নাৱৰ পৰা সিখনলৈ জাঁপ মাৰি গৈ ৰচি বন্ধা দেখি তবধ মানিছিলো। পাৰলৈ অহাৰ পাছত নাও কোম্পানীৰ মানুহে পৰীক্ষা কৰি দেখিলে নাওৰ ওপৰতে<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} / '''১৪৯'''}}</noinclude> j0jda6mdb9v690exj8ch22hybq4fe6i পৃষ্ঠা:অনিমা গুহ.pdf/১৫৩ 104 59553 161167 159823 2022-08-26T09:51:17Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পূৰ্বে মেৰিয়ে নিশ্চয় বহুবাৰ অহা-যোৱা কৰিছিল। {{gap}}ৰজা-ৰাণীহঁতৰ জীৱনত শান্তি নাই, ভাৰতৰে হওক বা বিদেশৰে হওক। কাৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ কৰে, কোনে কাক ওফৰায় এইবোৰেই আছিল তেওঁলোকৰ কাৰবাৰ। {{gap}}এপ্ৰিল মাহত ফুলে ফুলে জাতিষ্কাৰ হৈ থকা স্কটলেণ্ডখনকে এখন নন্দন-কানন যেন লাগিছিল। জাপান চেৰীফুলৰ বাবে বিখ্যাত। স্কটলেণ্ডৰ চেৰী-ব্লজম্ দেখিয়ে মই বলিয়া, জাপানলৈ গ'লে কিজানি উন্মাদ হ'ম। কোনফালে চাম? ডেফ’ডিলবোৰেওচোন হাতবাউলি মাতে। বাটৰ কাষত অযতনে ফুলি থকা ভায়োলেটবোৰেও মোৰ মন পৰশি গৈছিল। এইবোৰ ফুলতো নহয়, মোৰ সত্তাৰ সৈতে একাকাৰ হৈ থকা মোৰেই অতীতৰ এটা যেন স্মৰণীয় অধ্যায়। যোৱা শতিকাৰ চল্লিশৰ দশকত মই স্কুলৰ ছাত্ৰী। স্কুলৰ পাঠ্যপুথিত ৱৰ্ডছৱৰ্থৰ কবিতাত এই ফুলবোৰৰ নাম পাইছিলো। কেতিয়াবা দেখিম বুলি কল্পনা কৰিছিলো জানো? একেটা সময়তে আমাৰ ইয়াতো পলাশ, নাহৰ, কৃষ্ণচূড়া, গুলছ, সোণাৰু আদি বিবিধ ফুলৰ সম্ভাৰ লৈ আহে ঋতুৰাজ বসন্তই। সকলো ফুলেই মনক দিয়ে প্ৰশান্তি। এ্যনে যেতিয়া গম পালে সম্ৰাটসকলৰ প্ৰাচীন প্ৰাসাদ, দুৰ্গ আদিতকৈ ফুলে মোক অধিক আকৰ্ষণ কৰে তেতিয়া লৈ গৈছিল পাৰ্ক, নাৰ্ছাৰী আৰু ফুলনিবোৰলৈ। এদিন তেওঁলোকৰ চুবুৰীয়া চিকিৎসক এজনৰ ঘৰৰ চালত বহি থকা মেগ্‌পী নামৰ নেজ-দীঘল চৰাই এজনী দেখুৱাইছিল। এই নামটোও মোৰ চিনাকি। মই আচ্ছন্ন হৈছিলো নষ্টালজিয়াত। {{gap}}কেইবাবছৰ পাছত ইংলেণ্ডত মেড-কাউ নামৰ গৰুৰ বেমাৰ এটাই প্ৰায় মহামাৰীৰূপত দেখা দিছিল। এ্যনে আমাক জনাইছিল যিজন চিকিৎসকৰ ঘৰৰ চালত মেগ্‌পী জনীয়ে জিৰণি লৈছিল সেইজন চিকিৎসকেই ইউৰোপত আলোড়নসৃষ্টিকাৰী মেড্-কাউ ৰোগটো প্ৰথম লক্ষ্য কৰে। বিভিন্ন দেশলৈ গো-মাংস ৰপ্তানি বন্ধ হোৱাৰ ফলত ব্ৰিটেইনৰ অৰ্থনীতি ভাগি পৰাৰ অৱস্থা হৈছিল। অসুস্থ গৰুবোৰক মাৰি পেলোৱাৰ যো-জা কৰা বুলি গম পাই আমাৰ দেশৰ গো-প্ৰেমী দলটো এই সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল। প্ৰস্তাৱ দিছিল ব্ৰিটেইনৰ খৰচত বেমাৰী গৰুবোৰক ভাৰতলৈ পঠাবলৈ। গৰুৰ প্ৰেমত উথলি উঠা ভাৰতীয়সকলে সঁচাকৈয়ে গৰুক শ্ৰদ্ধা কৰেনে? ভাৰতীয় নাৰীক দেৱীৰ আসনত অধিষ্ঠিত কৰি নাৰী জাতিটোক নিৰ্যাতন কৰাৰ দৰে গো মাতা-পিতাক ঈশ্বৰৰ শাৰীত বহুৱাই অকথ্য অত্যাচাৰ কৰে নে নকৰে ভাবি চাওকচোন। এচাৰিৰে কোবাই পিঠিবোৰ ছিৰাছিৰ কৰে নে নকৰে?{{nop}}<noinclude>{{Left|'''১৫২'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> e40l0fx9xsftgrbbpx6cfmltbbkyntc পৃষ্ঠা:অনিমা গুহ.pdf/১৫৪ 104 59554 161173 159837 2022-08-26T10:32:47Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}ঘূৰি আহো স্কটলেণ্ডলৈ। শতিকাৰ পাছত শতিকা জুৰি শাসন কৰা ৰজাসকলৰ সম্ভ্ৰম জগোৱা ৰাজপ্ৰাসাদবোৰ দেশখনত সিঁচৰতি হৈ আছে। অনিমেষে এদিন লৈ গ'ল এডিনবৰালৈ। তেওঁলোকৰ একেজনী জীয়ৰী ৰোনা তেতিয়া তাত চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী। তাতো প্ৰাসাদে প্ৰাসাদে ঘূৰি ফুৰিছিলো। অসমৰ বন বিভাগৰ বিষয়া মোহন মালাকাৰ সেই সময়ত কমনৱেল্‌থ বৃত্তি এটা লৈ এডিনবৰাত আছিল। অনিমেষে-ময়ে বিচাৰি বিচাৰি মালাকাৰৰ ঠিকনা পালো পুৰণি ৰাজপ্ৰাসাদ এটাৰ চৌহদত। পিছে তেওঁক নাপালো। {{gap}}এ্যনক গুৱাহাটীলৈ আহিলে লগ পাওঁ যদিও দুটা সপ্তাহ একেলগে থাকি এনে লাগিল যেন তেওঁ স্কটিশ নহয়, অসমীয়া বোৱাৰীহে। আগতেও অনিমেষৰ ভায়েক-ভনীয়েকহঁতৰ মুখে শুনিছিলো ছোৱালীজনী বৰ ঘৰুৱা। দিনটোত অনিমেষে যিয়ে নাখাওক ৰাতি অসমীয়া আহাৰ লাগিবই। গতিকে এ্যন অসমীয়া ব্যঞ্জন ৰন্ধাত সিদ্ধহস্ত। অনিমেষৰ ভনীয়েক ৰেণুকাই কৈছিল কোন আঞ্জাত কি ফোৰণ দিব লাগে তাই নাজানে, কিন্তু এ্যনে নজনা একো নাই। তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰেও ভাৰতীয় খাদ্য পছন্দ কৰে। লণ্ডনলৈ উভতি আহিবৰ দিনা মাজবাটত এৰাতি অনিমেষৰ বৰপুত্ৰ শ্বনৰ ঘৰত কটাই আহিছিলো। সি ডাক্তৰ। মাক এ্যনে তালৈ বিধে বিধে আঞ্জা ৰান্ধি আমাৰ লগত পঠাই দিছিল। দেখি অলপ আচৰিতেই হৈছিলো কাৰণ ৰন্ধন প্ৰণালী আছিল ভাৰতীয়। {{gap}}এই কেইদিন শনিৰ কথা পাহৰি আছিলো। লণ্ডনত দ্ৰষ্টব্য ঠাইবোৰ চোৱাৰ পাছত এদিন ব্ৰিটিছ মিউজিয়ামলৈ যাবলৈ মনস্থ কৰিছো এনেতে আবিৰ্ভাৱ ঘটিল শনিৰ। সিদিনা আই আৰ এ (আইৰিশ্ব ৰিভ'লিউশ্যনাৰী আৰ্মি) নামৰ সন্ত্ৰাসবাদী দলটোৱে লণ্ডনৰ এক গুৰুত্বপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ ঘটাই ঘৰ-দুৱাৰ ধ্বংসস্তুপত পৰিণত কৰিছিল। ফলত সিফাললৈ যোৱা নহ'ল। পিছদিনা লণ্ডন এৰিম, গতিকে ব্ৰিটিছ মিউজিয়াম কল্পনাতে থাকিল। {{gap}}শনিক বাৰে বাৰে জগৰীয়া কৰি আছো যদিও ৰগৰ কৰিবলৈহে তেৰাক মঞ্চলৈ আনিছো। কোনো গ্ৰহ-উপগ্ৰহ বা ৰাহু-কেতুৰ প্ৰভাৱক বিশ্বাস নকৰো। এইসকলৰ কুপ্ৰভাৱ খণ্ডন কৰিবলৈ জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে হেজাৰ হেজাৰ টকা খৰচ কৰি নানা ধৰণৰ পাথৰ পৰিধান কৰে। একো একোজন মানুহৰ আটাইকেইটা আঙুলিত দেখো বিধে বিধে পাথৰ — নীলা, গ'মেদ, প্ৰবাল, পান্না, ৰুবি আৰু বহুতো কিবা কিবি। একো একোজন জ্যোতিষীয়ে মানুহৰ বিশ্বাসক মূলধন কৰি লাখ লাখ টকা<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /''' ১৫৩'''}}</noinclude> s0nlupijjphbxonm2yl6xf22qdw94s2 পৃষ্ঠা:অনিমা গুহ.pdf/১৫৬ 104 59555 161174 159839 2022-08-26T10:35:44Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আৰ্জি আছে। আনৰ ভাগ্য নিয়ন্ত্ৰণকাৰী অন্ততঃ এজন জ্যোতিষীক জানো যি নিজৰ ভাগ্যৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ। নহ'লেনো তেওঁৰ পিঠিত এচাৰিৰ কোব কেইটামান পৰে নে? সেই এবাৰেই নহয়, একাধিকবাৰ তেওঁ নিজৰ ভাগ্যক জয় কৰিব পৰা নাই। অথচ তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে। হেজাৰ হেজাৰ টকা খৰচ কৰি যিসকলে ৰাহু-কেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ পাথৰ পৰিধান কৰে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ ১-১৫ জুলাই ২০০০ চনৰ ‘পূৱালী' নামৰ আলোচনীখনৰ ৭৪ পৃষ্ঠাত বিখ্যাত জ্যোতিষী ৰজনী বৰুৱাই লিখিছে যে জ্যোতিষী জাতটোৰ শতকৰা নিৰান্নবৈজনেই ভণ্ড। সেয়ে নহ'লে ছটকা ৰতিৰ Green Zede পোন্ধৰশ টকীয়া ৰতিৰ পান্না হিচাপে বেচে নে? {{gap}}যি কি নহওক, আইৰিশ্ব ৰিভলিউশ্যনাৰী আৰ্মি গোটটোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে মোৰ ব্ৰিটিছ মিউজিয়াম দেখা নহ'ল যদিও দেখিলো মৰ্ত্যৰ এখন বিশাল নন্দন কানন। লণ্ডনত আছিলো অসমৰ এহাল বাঙালী দম্পতীৰ ঘৰত। গৃহস্থ ডাঃ শিৱব্ৰত বিশ্বাস পেছাত চিকিৎসক যদিও নিচাত তেওঁ সংস্কৃত সাহিত্যৰ এজন একনিষ্ঠ পাঠক। সেয়েহে ষাঠি বছৰ বয়সত অৱসৰ গ্ৰহণৰ পিছত ডাক্তৰীৰ লগত সম্পৰ্ক ত্যাগ কৰি সংস্কৃত ভাষা অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। তেওঁৰ লক্ষ্য মূল সংস্কৃত ভাষাত বেদ, উপনিষদ, কালিদাস আদি অধ্যয়ন কৰা। তেওঁলোকৰ ঘৰৰ সমীপতে বিখ্যাত কিউ গাৰ্ডেনখন। এই উদ্যানখনৰ বিষয়ে ‘মন মোৰ উৰণীয়া পখী’ নামৰ কিতাপত লিখিছো। তথাপিতো আকৌ এবাৰ কওঁ যে আধুনিক স্থাপত্য, আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে ইয়াক সাধাৰণ উদ্যান কৰি ৰখা নাই। {{gap}}শ্বিলঙতো ৰড’ডেনড্ৰন ফুল ফুলে, কিন্তু মই ভালেখিনি এলেকাজুৰি ফুলি থকা অসংখ্য গছত নানাৰঙী ৰড’ডেনড্ৰন ফুল দেখিলো কিউ গাৰ্ডেনত। এইবিধ ফুলৰ নামটোৰ সৈতে মোৰ প্ৰথম চিনাকি ৰবীন্দ্ৰ নাথৰ ‘শেষেৰ কবিতা’ত - ‘উদ্ধৃত যত শাখাৰ শিখৰে ৰডোডেনড্ৰন গুচ্ছ’। ইয়াৰ পাছত ফ্ৰান্সৰ পটভূমিকাত লিখা দ্যফন দ্যু মাৰিয়াৰ ‘ৰেবেকা’ নামৰ উপন্যাসখনতো পঞ্চাশ ফুট ওখ গছত ফুলি থকা ৰড'ডেনড্ৰনৰ উল্লেখ পাইছো। কবি-সাহিত্যিকসকলে কিছুমান গছ, ফুল, চৰাই আদিৰ প্ৰতি পাঠকৰ মনত ভাবাবেগৰ সৃষ্টি কৰে। সেয়েহে বোধকৰো মই ৰড’ডেনড্ৰনৰ বাগিচাত উন্মাদৰ দৰে পাকঘূৰণি খাই আছিলো। সিদিনা ব্ৰিটিছ মিউজিয়াম নেদেখাৰ দুখ কৰ্পূৰৰ দৰে উৰি যোৱাত গোৰ মাৰি গংগাত পেলোৱা যেনহে লাগিছিল। উদ্যানখনৰ পৰা ওলাই আহি সন্ত্ৰাসবাদী আই আৰ এক আঁতৰৰ পৰা এটা চালাম জনাইছিলো।{{nop}}<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} / '''১৫৫'''}}</noinclude> fn65ivwssk05t3wrrzdcw8ioybnkwni পৃষ্ঠা:অনিমা গুহ.pdf/১৫৭ 104 59556 161172 159840 2022-08-26T10:01:18Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{gap}}হলেণ্ডৰ টিউলিপ বাগিচা দেখাৰ সৌভাগ্য এতিয়ালৈ হোৱা নাই যদিও ( আৰু নো কেতিয়া হ'ব? ) লণ্ডনৰ ৱাকিংহাম পেলেচৰ সন্মুখত টিউলিপ প্ৰাণ ভৰি উপভোগ কৰিছিলো। আমাৰ বোৱাৰীৰ ফুলনিতো পাছত দেখিছো এইবিধ ফুল। ৰড’ডেনড্ৰনো তেওঁৰ বাগিচাত আছে। {{Center|{{larger|'''হিংসাত উন্মত্ত পৃথিৱী'''}}}} {{gap}}নব্বৈৰ দশকৰ আগভাগৰ এটা গধূলি সক্ৰিয় গণশিল্পী জাগীৰোড কলেজৰ তৰুণ প্ৰবক্তা সুভাষ সাহা আমাৰ ঘৰলৈ আহিছিল গৃহস্থৰ সৈতে কিবা আলোচনা কৰিবলৈ। কলকাতাৰ পৰা আমি গুচি অহা বেছি দিন হোৱা নাছিল। সিদিনা চাহ-পানী খাই এওঁৰ ঘৰুৱা লাইব্ৰেৰীটোৰ পৰা কিছু কিতাপ আৰু ফাইল উলিয়াই মজিয়াতে পাটী এখন পাৰি বহিছিল সুভাষ। মই আহি বহিছিলো ভিতৰৰ কোঠাত। এনেতে কলিজাক স্তব্ধ কৰা এটা শব্দ শুনিলো। সেই শব্দৰ খুন্দাত আমাৰ ঘৰৰ দুৱাৰ-খিৰিকীবোৰ ঝন্‌ঝনাই কঁপি উঠিল৷ যোৱা শতিকাৰ নব্বৈৰ দশকত অ’ত ত’ত প্ৰায়ে বোমা বিস্ফোৰণ ঘটি আছিল। সিদিনা শব্দটোৰ প্ৰাবল্য ইমানে উচ্চ ক্ষমতাসম্পন্ন আছিল যে মোৰ ধাৰণা হ’ল আমাৰ ছাদতে বোমাটো ফাটিল। ওচৰ-চুবুৰীয়া সকলোৱে বাহিৰলৈ ওলাই আহি ভয়তে কঁপিবলৈ ধৰিলে। কেইজনমানে ভাবিলে আমাৰ চৌহদতে বিস্ফোৰণটো ঘটিছে। সেই সময়ত নানা ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। হঠাতে ভয় লাগিল আমাৰ গৃহস্থৰ ক্ষতি কৰিবলৈ কোনোবা দুৰ্বৃত্ত অহা নাইতো? সম্বিৎ ঘূৰি অহাৰ পাছত সুভাষক ক’লো বেগেতে ঘৰলৈ উভতি যাবলৈ। তেতিয়াৰ দিনত কেবল টিভি নাছিল যদিও জীৱনটো হাতত লৈ বাটেৰে লৰা-ঢপৰা কৰা মানুহৰ মুখে প্ৰায়ে লগে লগেই জানিলো শক্তিশালী বিস্ফোৰণটো ঘটিছে পল্টনবজাৰত। মানুহৰ কেঁচা তেজ, পোৰা মাংসৰ গোন্ধে এক নাৰকীয় দৃশ্যৰ সৃষ্টি কৰিছে। অলপ পাছতে গম পালো প্ৰায় একেটা সময়তে দিছপুৰতো একে কাণ্ড ঘটিছে। পিছদিনা সুভাষে কৈছিল বশিষ্ঠৰফালে তেওঁৰ ঘৰ গৈ পাওঁতে ভালেখিনি ৰাতি হৈছিল সিদিনা। লাহে-ধীৰে গম পালো এই পৈশাচিক নৰমেধ যজ্ঞৰ আঁৰত কাৰ হাত আছিল। বৰ্তমানে তেওঁলোকে কি কৰি আছে ই সকলোৰে জ্ঞাত। ৰাজনীতিত মই তেনেই কেঁচা। গতিকে কিছুমান বিষয়ে মোক আদিম যুগৰ মানুহৰ দৰে অবাক কৰে। নব্বৈৰ দশকত উল্লিখিত বিস্ফোৰণটোৱে আছিল আটাইতকৈ ধ্বংসাত্মক। অমানৱিক এই ঘটনাটোৰ<noinclude>{{Left|'''১৫৬'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 2jvd74m1xd40dc94wow8jxlytpztyt6 পৃষ্ঠা:অনিমা গুহ.pdf/১৫৮ 104 59557 161171 159627 2022-08-26T09:58:44Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> আঁৰত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোক এতিয়া সমাজৰ আগশাৰীৰ ব্যক্তি। {{gap}}সিবাৰেই আছিল বোমা বিস্ফোৰণ আৰু তাৰ ফলাফলৰ সৈতে মোৰ প্ৰথম পোনপটীয়া চিনাকি। সিবাৰেই যদি শেষ হ'লহেঁতেন! পিছে পৃথিৱী ইমান সোনকালে সন্ত্ৰাসমুক্ত নহয়। বিশ্বৰ বীভৎসতম সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখিছো ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে নিউয়ৰ্কত, যিদিনা অল কায়দাৰ উৰাজাহাজৰূপী উৰন্ত বোমাৰ আঘাতত আমেৰিকাৰ গৌৰৱ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক গাঁথনিটো চকুৰ পচাৰতে ভাগি পৰিছিল। নিউয়ৰ্কৰ স্কাইলাইন উদং কৰি ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ গগণচুম্বী টাৱাৰ দুটা, যি দুটাৰ প্ৰতিটোৰ উচ্চতা আছিল এক চতুৰ্থাংশ মাইল লো আৰু কংক্ৰিটৰ ধ্বংসস্তূপত পৰিণত হৈছিল। টাৱাৰ দুটাত বিভিন্ন মহলাগামী তেইশটা এক্সপ্ৰেছ আৰু তেসত্তৰটা সাধাৰণ লিফ্টৰ ওপৰলৈ যোৱাবোৰ ধ্বংস হোৱাৰ পাছতো তলৰবোৰ ভালেমান সময় চালু হৈ নথকা হ’লে মৃত্যুৰ সংখ্যা ২,৮০১ তকৈ বেছি হ'লহেঁতেন। নিজৰ জীৱনৰ মায়া ত্যাগ কৰি উদ্ধাৰকাৰ্যত ব্ৰতী কৰ্তব্যপৰায়ণ ব্যক্তিসকলৰো বহুতৰে সিদিনা মৃত্যু হৈছিল। অগ্নিনিৰ্বাপক বিভাগৰ অনেকৰে জুইৰ প্ৰচণ্ড উত্তাপত মৃত্যুতো হৈছিলেই, অৰ্ধমৃত অৱস্থাতো কিছুমানে উভতিছিল ঘৰলৈ। {{gap}}মুহূৰ্তৰ ভিতৰতে ফোনবোৰ বিকল হোৱা বাবে সেই অঞ্চলত চাকৰি কৰা আমাৰ ল’ৰা-বোৱাৰীৰ চিনাকি মানুহৰ খবৰ কৰিব পৰা সম্ভৱ নহ'ল। ইতিমধ্যে আন কিছুমান খা–খবৰ পাই মাৰ্কিন নাগৰিকসকলৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। যাত্ৰী অনা-নিয়া কৰিবলৈ যি কেইখন বাছ চলিছিল তাত উঠিবলৈ কোনেও হেঁতা-ওপৰা কৰা নাই। লাইনত থিয় হৈ আছিল ধৈৰ্য ধৰি। মেয়ৰ, গৱৰ্ণৰ আৰু অন্যান্য নেতাসকল আছিল শান্ত, সমাহিত, ধৈৰ্যশীল। বিশেষকৈ মেয়ৰ জিউলিয়ানিয়ে যিদৰে নেতৃত্ব দিছিল তাৰ তুলনা নাই। প্ৰতিহিংসাৰ ফলস্বৰূপে লংকাকাণ্ড ঘটিব পাৰিলেহেঁতেন, যিদৰে হৈছিল ইন্দিৰা গান্ধী হত্যাৰ সময়ত। কিন্তু হোৱা নাই। {{gap}}আমাৰ এজনী ভাগিনী জুলি বৰদলৈৰ অফিচটো কোনোবা এটা টাৱাৰৰ ত্ৰিশ মহলাত। তাই আহি পোৱাৰ অলপ আগতে ঘটনা ঘটি যোৱা বাবে সিদিনা ৰক্ষা পাইছিল। পিছে মৃতসকলৰ মাজত আছিল এজন চিনাকি ডেকা, মণিপুৰৰ জুপিটাৰ ইয়ামবেম। তেওঁ নৰ্থ টাৱাৰৰ এশ সাত মহলাত থকা The Windows of the World নামৰ ৰেস্তোৰাঁখনৰ মেনেজাৰ আছিল। বাৰ্ড কলেজৰ অধ্যাপক সঞ্জীৱ বৰুৱাই আমাক এবাৰ জুপিটাৰৰ ঘৰলৈ লৈ গৈছিল। দুপৰীয়াৰ আহাৰ সাজ খাই মাৰ্কিন গাভৰু নেনচিৰ সৈতে ইম্ফলত অনুষ্ঠিত জুপিটাৰৰ বিয়াৰ ফটোবোৰ দেখিছিলো।{{nop}}<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১৫৭'''}}</noinclude> kim2asq81wibnpl5jr11rgc5pgj3faj পৃষ্ঠা:অনিমা গুহ.pdf/১৫৯ 104 59558 161170 159843 2022-08-26T09:56:03Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পাছত শুনিছো নিউয়ৰ্ক ৰাজ্যৰ পাৰ্ক নাইবা আলিবাট এটাৰ নামকৰণ কৰা হৈছে জুপিটাৰৰ নামেৰে। {{gap}}মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকে কেতিয়াও নিৰাপত্তাহীনতাত ভোগা নাছিল। পৃথিৱীৰ অধিকাংশ দেশ পূব গোলাৰ্ধত। আমেৰিকাৰ পূব আৰু পশ্চিম দুয়োটা সীমা বিধৌত, যথাক্ৰমে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উত্তাল জলৰাশিৰে। উত্তৰ আৰু দক্ষিণ সীমাত দুখন বন্ধু ৰাষ্ট্ৰ। এনে সুৰক্ষিত আৱেষ্টনীত পশ্চিম গোলাৰ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাস ইত্যাদিৰ পৰা বহু নিলগত থাকি দিন কটাইছিল। উপসাগৰীয় আৰু ভিয়েটনাম আদি যিবোৰ যুদ্ধত আমেৰিকা লিপ্ত আছিল সেইবোৰ ঠাই মূল ভূখণ্ডৰ পৰা বহু দূৰৈত হোৱা হেতুকে সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি পোনপটীয়াকৈ হোৱা নাছিল। আনকি জাপানৰ সামৰিক শাসনে অতৰ্কিতে মাৰ্কিন নৌবাহিনীৰ ওপৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে য'ত আক্ৰমণ হানিছিল সেইখন ঠাই পাৰ্ল হাৰ্বাৰো মূল ভূ-খণ্ডৰ পৰা হেজাৰ হেজাৰ মাইল আঁতৰত সমুদ্ৰৰ মাজত অৱস্থিত হাৱাই দ্বীপপুঞ্জত। যুদ্ধ-বিগ্ৰহ, ইতিহাসৰ উত্থান-পতন অনাদি কালৰে পৰা সংঘটিত হৈ আছে পূব গোলাৰ্ধত। আমেৰিকাৰ সাধাৰণ অসামৰিক ৰাইজে এই প্ৰথম খুন্দা খালে। হঠাতে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণে তেওঁলোকক মানসিকভাৱে দুৰ্বল কৰিছিল। পিছে জাপানীসকলৰ দৰে আমেৰিকানসকলেও দুগুণ উছাহেৰে আকৌ নিজৰ ভৰিৰ ওপৰত থিয় দিছে। এটমবোমাত বিধ্বস্ত হিৰোশ্বিমা, নাগাছাকিৰ ধ্বংসৰ স্তূপৰ পৰা জাপানে ফিনিক্স পখীৰ দৰে উৰি আহি গঠন কৰিছে এক শক্তিশালী জাপান। প্ৰকৃতিও দেখিছো জাপানৰ প্ৰতি নিৰ্দয়। সম্প্ৰতি ছুনামী আৰু ভূমিকম্পৰ বিধ্বংসী প্ৰক্ৰিয়াৰ পাছতো কিন্তু কৰ্মপ্ৰিয় জাতিটোৰ মনোৱল অক্ষুণ্ণ হৈ আছে। {{gap}}যোৱা শতিকাৰ নব্বৈৰ দশকৰ প্ৰথমফালে পল্টনবজাৰত সংঘটিত বোমা বিস্ফোৰণৰ অভিজ্ঞতাৰ পাছত অসমত লানি নিছিগাকৈ দেখি আছো হত্যাকাণ্ড— কিছুমান গুপুতে, কিছুমান প্ৰকাশ্যে। তাৰ আগতে ১৯৮৩ চনত সংঘটিত কুখ্যাত নেলী হত্যাকাণ্ডৰ সময়ত আমি আছিলো কলকাতাত। শুনাৰ পাছত শৰীৰ-মন জঠৰ হৈ গৈছিল। বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত সঁচাই-মিছাই নানাধৰণৰ কাহিনী কাণত পৰিছিলহি। বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো আছিল গভীৰ। এই কথা উপলব্ধি কৰাৰ পাছতো আন্দোলনকাৰীসকলে বিদেশী বিতাড়ন কৰিবলৈ যি পথ লৈছিল তাক মুষ্টিমেয় কেইজনমানৰ মনঃপুত হোৱা নাছিল। এওঁলোকৰ মাজত এগৰাকী আছিল চিন্তাশীল,<noinclude>{{Left|'''১৫৮'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> 5osrf8a8r0xwlk3m0h3e0ufxvhqotm2 পৃষ্ঠা:অনিমা গুহ.pdf/১৬০ 104 59559 161168 159616 2022-08-26T09:54:07Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> দূৰদৰ্শী আৰু সাহসী সাহিত্যিক নিৰুপমা বৰগোহাঞি। গড্ডালিকা প্ৰৱাহত উটি নগৈ তেওঁ নিজৰ বিশ্বাসত অলৰ-অচৰ হৈ আছিল। তেওঁ দৃঢ়ভাৱে উপলব্ধি কৰিছিল যে আবেগৰ ঢৌত উটি-ভাহি অধিকাংশই একেটা পথৰে আগবাঢ়িলেও ই হিতে বিপৰীতহে হ'ব। তেওঁৰ ভাষাত 'সাপতো নমৰিবই, লাঠিডালহে ভাগি যাব'। স্পষ্টবাদিতাৰ বাবে তেওঁ চাকৰিটো হেৰুৱাই গভীৰ অৰ্থসংকটত পৰিছিল। নিৰুপমাক মই কলেজ জীৱনৰ পৰাই জানো। তেওঁ অসমৰ সাহিত্য আকাশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। এই কথা স্বীকাৰ কৰিও মই কিন্তু তেওঁৰ সৎ সাহসিকতাকহে অধিক সন্মান কৰো। ছাত্ৰী জীৱনৰে পৰা তেওঁ অত্যন্ত নিৰ্ভীক। তেওঁৰ কথা শতকৰা এশভাগেই সঁচা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছে। সাপতো আজিলৈকে নমৰিল, লাঠিডাল ডোখৰ ডোখৰ হ'ল। সুদীৰ্ঘ ছবছৰীয়া এটা গণ আন্দোলন আৰু আন্দোলনৰ ফলত নিহত কেইবাশ ব্যক্তিৰ মৃত্যুৰ পাছত ১৯৮৫ চনত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি। আজি ইমান বছৰ পাছতো সেই চুক্তিখন তেনেকৈয়ে থাকিল। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়া এটা যেন প্ৰহসনত পৰিণত হৈছে। আনহাতে ডিটেনশ্যন কেন্দ্ৰবোৰত বছৰৰ পাছত বছৰ ধৰি পোহপাল দি চৰকাৰে খৰচ কৰি আছে অসমৰ ৰাজকোষৰ কোটি কোটি টকা। বয়সত কনিষ্ঠ হ'লেও কবি-সাহিত্যিক তোষপ্ৰভা কলিতা আজি মোৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী। তেওঁৰ লগত মোৰ চিনাকি আমি গুৱাহাটীলৈ অহাৰ পাছত। তেৱোঁ আছিল আন্দোলনবিৰোধী, ফলত সামাজিকভাৱে তেওঁৰ পৰিয়ালটোও অস্পৃশ্য হৈ থাকিবলগীয়া হৈছিল। {{gap}}আন্দোলনটোৰ কংগ্ৰেছৰ বাহিৰে ঘাইকৈ বিৰোধিতা কৰিছিল কমিউনিষ্টসকলে। যিসকল অকমিউনিষ্টে আন্দোলনৰ বিৰোধিতা কৰিছিল তেওঁলোককো মানুহে কমিউনিষ্ট নাম দিছিল। আন্দোলনৰ ভৰপকৰ সময়তে ধুবুৰীত কোনোবাই উলিয়ালে কলকাতাত উলিওৱা অসমবিৰোধী সমদল এটাৰ আনন্দবজাৰ পত্ৰিকাত প্ৰকাশ পোৱা ছবি এখনত মোক দেখা গৈছে। মই হেনো অসমবিৰোধী কমিউনিষ্ট দলত বাঙালী মানুহৰ সৈতে যোগ দিছো! মোৰ ভনীহঁতে বাতৰিটো শুনি চিন্তিত হৈ মোলৈ ফোন কৰিলে। মই ফোনতে হাঃ হাঃ কৰি হাঁহিছিলো। বিৰাট মহানগৰীত কোনে ক’ত সমদল উলিয়ায় তাৰ খবৰে নাজানো, আৰু মোক আৱিষ্কাৰ কৰিলে হেজাৰ মানুহৰ ছবিৰ মাজত। কি ধাৰণাৰ বশৱৰ্তী হৈ যে মোক মোৰ নিজৰ ঠাইৰে মানুহে সমদলটোৰ ফটোত বিচাৰি পালে এই ৰহস্য মই এবাৰ ঘৰলৈ আহোতে তেওঁলোকক সুধিও উদ্ঘাটন কৰিব নোৱাৰিলো।{{nop}}<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১৫৯'''}}</noinclude> tapbw2l49qdfm6iw479nkbuxobwc0hu 161169 161168 2022-08-26T09:54:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> দূৰদৰ্শী আৰু সাহসী সাহিত্যিক নিৰুপমা বৰগোহাঞি। গড্ডালিকা প্ৰৱাহত উটি নগৈ তেওঁ নিজৰ বিশ্বাসত অলৰ-অচৰ হৈ আছিল। তেওঁ দৃঢ়ভাৱে উপলব্ধি কৰিছিল যে আবেগৰ ঢৌত উটি-ভাহি অধিকাংশই একেটা পথৰে আগবাঢ়িলেও ই হিতে বিপৰীতহে হ'ব। তেওঁৰ ভাষাত 'সাপতো নমৰিবই, লাঠিডালহে ভাগি যাব'। স্পষ্টবাদিতাৰ বাবে তেওঁ চাকৰিটো হেৰুৱাই গভীৰ অৰ্থসংকটত পৰিছিল। নিৰুপমাক মই কলেজ জীৱনৰ পৰাই জানো। তেওঁ অসমৰ সাহিত্য আকাশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। এই কথা স্বীকাৰ কৰিও মই কিন্তু তেওঁৰ সৎ সাহসিকতাকহে অধিক সন্মান কৰো। ছাত্ৰী জীৱনৰে পৰা তেওঁ অত্যন্ত নিৰ্ভীক। তেওঁৰ কথা শতকৰা এশভাগেই সঁচা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছে। সাপতো আজিলৈকে নমৰিল, লাঠিডাল ডোখৰ ডোখৰ হ'ল। সুদীৰ্ঘ ছবছৰীয়া এটা গণ আন্দোলন আৰু আন্দোলনৰ ফলত নিহত কেইবাশ ব্যক্তিৰ মৃত্যুৰ পাছত ১৯৮৫ চনত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি। আজি ইমান বছৰ পাছতো সেই চুক্তিখন তেনেকৈয়ে থাকিল। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়া এটা যেন প্ৰহসনত পৰিণত হৈছে। আনহাতে ডিটেনশ্যন কেন্দ্ৰবোৰত বছৰৰ পাছত বছৰ ধৰি পোহপাল দি চৰকাৰে খৰচ কৰি আছে অসমৰ ৰাজকোষৰ কোটি কোটি টকা। বয়সত কনিষ্ঠ হ'লেও কবি-সাহিত্যিক তোষপ্ৰভা কলিতা আজি মোৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী। তেওঁৰ লগত মোৰ চিনাকি আমি গুৱাহাটীলৈ অহাৰ পাছত। তেৱোঁ আছিল আন্দোলনবিৰোধী, ফলত সামাজিকভাৱে তেওঁৰ পৰিয়ালটোও অস্পৃশ্য হৈ থাকিবলগীয়া হৈছিল। {{gap}}আন্দোলনটোৰ কংগ্ৰেছৰ বাহিৰে ঘাইকৈ বিৰোধিতা কৰিছিল কমিউনিষ্টসকলে। যিসকল অকমিউনিষ্টে আন্দোলনৰ বিৰোধিতা কৰিছিল তেওঁলোককো মানুহে কমিউনিষ্ট নাম দিছিল। আন্দোলনৰ ভৰপকৰ সময়তে ধুবুৰীত কোনোবাই উলিয়ালে কলকাতাত উলিওৱা অসমবিৰোধী সমদল এটাৰ আনন্দবজাৰ পত্ৰিকাত প্ৰকাশ পোৱা ছবি এখনত মোক দেখা গৈছে। মই হেনো অসমবিৰোধী কমিউনিষ্ট দলত বাঙালী মানুহৰ সৈতে যোগ দিছো! মোৰ ভনীহঁতে বাতৰিটো শুনি চিন্তিত হৈ মোলৈ ফোন কৰিলে। মই ফোনতে হাঃ হাঃ কৰি হাঁহিছিলো। বিৰাট মহানগৰীত কোনে ক’ত সমদল উলিয়ায় তাৰ খবৰে নাজানো, আৰু মোক আৱিষ্কাৰ কৰিলে হেজাৰ মানুহৰ ছবিৰ মাজত। কি ধাৰণাৰ বশৱৰ্তী হৈ যে মোক মোৰ নিজৰ ঠাইৰে মানুহে সমদলটোৰ ফটোত বিচাৰি পালে এই ৰহস্য মই এবাৰ ঘৰলৈ আহোতে তেওঁলোকক সুধিও উদ্ঘাটন কৰিব নোৱাৰিলো।{{nop}}<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১৫৯'''}}</noinclude> 5z7xakmeu4obht4q20cg3fvgd8tmkmb পৃষ্ঠা:অনিমা গুহ.pdf/১৬১ 104 59560 161157 159841 2022-08-26T08:49:43Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> '''মৰ্ত্যভূমিত এডোখৰ স্বৰ্গ :''' ২০০০ চনৰ ডিচেম্বৰত হোজাইৰ জাকাৰিয়া যুৱ সংঘই পতা এখন আলোচনাচক্ৰত যোগ দিবলৈ গৈ স্থানীয় এছ অ’ এছ গাঁওখনৰ অতিথিশালাত দুৰাতি আছিলো। যুগ যুগ ধৰি বানপানী, ভূমিকম্প, যুদ্ধ-বিগ্ৰহ, দুৰ্ভিক্ষ, মহামাৰী, হিংসাত্মক সংঘৰ্ষ আদি বিপৰ্যয়ৰ সন্মুখীন হৈছে পৃথিৱীৰ অজস্ৰ মানুহ। এনেবোৰ মহাবিপদত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল। এওঁলোকৰ মাজত ভাগ্যৱানসকলে অনাথ আশ্ৰম নাইবা শিশুভৱনত স্থান পায়। সৰহভাগে বাটে-পথে ঘূৰি ভিক্ষাৰী হয় নাইবা সমাজবিৰোধী কামত লিপ্ত হয় নাইবা মৃত্যুমুখত পৰে। অনাথ আশ্ৰম আৰু শিশু ভৱনতকৈও এক উন্নত পৰ্যায়ৰ সেৱা আগবঢ়াইছে ডাঃ হেৰমান গ্মিনাৰে (১৯১৯-১৯৮৬) ‘এছ অ’ এছ ভিলেজ' নামৰ প্ৰকল্পৰ মাধ্যমেৰে। {{gap}}দ্বিতীয় বিশ্বযুদ্ধৰ (১৯৩৯-১৯৪৫) প্ৰলয়ংকৰী দিনবোৰৰ পাছত ডেকা চিকিৎসক ডাঃ গ্মিনাৰে অষ্ট্ৰিয়া ৰাজ্যৰ ভিয়েনা চহৰৰ বাটে-পথে শ শ অনাথ আৰু পৰিত্যক্ত শিশুক দেখি আবেগিক হৈ পৰে। এদিন বাটৰ কাষত ডাষ্টবিন এটাত পৰিত্যক্ত শিশু এটিৰ কান্দোন শুনি ডাঃ গ্মিনাৰৰ ধাৰণা হ’ল শিশুটিয়ে যেন ‘Save my soul' বুলি তেওঁক মিনতি জনাইছে। তাক তুলি আনি তেওঁ অনাথ আশ্ৰম নহয় বিকল্প মাতৃ হিচাপে এগৰাকী নাৰ্ছক শিশুটিৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। শিশু এটি স্বাভাৱিকভাৱে ডাঙৰ হ’বলৈ প্ৰয়োজন ঘৰুৱা পৰিবেশৰ। যুদ্ধত ক্ষতিগ্ৰস্ত কেইবাটি শিশুক ডাঃ গ্মিনাৰে বন্ধু-বান্ধৱৰ সহযোগিতাত ঘৰুৱা পৰিবেশত লালন-পালন কৰিছিল। {{gap}}এইদৰেই সূত্ৰপাত হ’ল এছ অ’ এছ (Save our soul) আন্দোলন, যাৰ প্ৰতিষ্ঠাতা ডাঃ গ্মিনাৰ। ১৯৬৪ চনত ইন্দিৰা গান্ধীৰ আগ্ৰহত হাৰিয়ানাত ভাৰতৰ প্ৰথমখন এছ অ’ এছ গাঁও স্থাপিত হয়। যোৱা শতিকাৰ আশীৰ দশকত অসমত গোষ্ঠীগত সংঘৰ্ষৰ ফলত বহু ল’ৰা-ছোৱালী অনাথ আৰু গৃহহাৰা হৈছিল। এই অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱাত ৰাজ্য চৰকাৰে এছ অ’ এছ প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাবোধ কৰে। ফলস্বৰূপে মঙলদৈৰ সমীপৱৰ্তী ভকতপাৰাত ১৯৮৪ চনৰ ফেব্ৰুৱাৰীত প্ৰথমখন গাঁও স্থাপিত হয়। সেই বছৰেই মাৰ্চত দ্বিতীয়খনৰ দ্বাৰোদ্‌ঘাটন হয় হোজাইত। ১৯৮৩ চনত কুখ্যাত নেলী আৰু অবিভক্ত দৰঙৰ ধুলা, চাউলখোৱা, খাৰুপেটীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত নৰকৰ দুৱাৰখন মেলি দিয়া হৈছিল। মুহূৰ্ততে অনাথ তথা গৃহহীন হোৱা পাঁচশ ল’ৰা-ছোৱালীয়ে এই দুখন এছ অ’ এছ গাঁৱত নতুন ঘৰ আৰু নতুন মাতৃৰ সন্ধান পাইছে। {{gap}}আমি যাওঁতে হোজাই এছ অ’ এছ গাঁৱৰ সহকাৰী সঞ্চালক আছিল জনাব নুৰুল<noinclude>{{rh| '''১৬০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> j7qnc5soa20lrcol9h7r5j8m6fhdioh পৃষ্ঠা:অনিমা গুহ.pdf/১৬২ 104 59561 161158 159842 2022-08-26T08:54:18Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইছলাম। তেওঁ আছিল নেলী গণহত্যাৰ বলি এহাল পিতৃ-মাতৃৰ সন্তান। দুই-আঢ়ৈ ঘণ্টাৰ হত্যাকাণ্ডই কিশোৰ নুৰুলৰ জীৱনটোক ওলট-পালট কৰি দিছে। তেজৰ নৈৰ মাজত সিদিনা কিশোৰজনে আৱিষ্কাৰ কৰিছিল নিজ পৰিয়ালৰ তেৰজন সদস্যৰ ছিন্ন-ভিন্ন প্ৰাণহীন দেহ। খুড়ীয়েকৰ শিশু সন্তানটিক দেখিছিল মাকৰ নিষ্প্ৰাণ দেহত বহি পিয়াহ খাই থকা। এখন্তেক থমকি ৰৈ শিশুটিক তুলি লৈছিল কোলাত। এই মানসিক আঘাত কেনেকৈ সহ্য কৰিলে নুসুধিলো জানোচা পুৰণি স্মৃতিয়ে তেওঁক আঘাত দিয়ে। জাগীৰোড কলেজৰ গ্ৰেজুৱেট নুৰুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সমাজসেৱা কৰি আছে। {{gap}}কবি তোষপ্ৰভা কলিতাই তেওঁৰ ‘ছিন্নমূলৰ গান' কবিতাটো নুৰুল ইছলামক উদ্দেশ্য কৰি ৰচনা কৰিছে। কবিৰ ‘নিৰ্বাচিত কবিতা’ত প্ৰকাশিত কবিতাটোৰ প্ৰথম চাৰিটা শাৰী আছিল এনেধৰণৰ— <poem>:‘ৰুলে নে নুৰুলে তেজৰ বোকাত সুৱাগমণিৰ কঠীয়া :পালে নে ঘূৰাই সহোদৰ ভাই ভাঙি অথাউনি পানী :কোনে পঢ়ি দিব আখৰ নথকা কাগজৰ সেই বতৰা :দিলেনে ঘূৰাই জলকোঁৱৰে কমলা কুঁৱৰী জননী?... </poem> {{gap}}এছ অ’ এছ গাঁৱত বিকল্প মাতৃৰ উমত লালিত-পালিত হৈ নেলী হত্যাকাণ্ডত অনাথ হোৱা কেইবাটাও শিশু আজি চিকিৎসক, অভিযন্তা, প্ৰবক্তা আদি বিভিন্ন বৃত্তি গ্ৰহণ কৰি জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। স্বাভাৱিকতে মনত প্ৰশ্ন জাগিছিল এওঁলোকে আৰ্থিক সাহায্য পায় ক’ৰ পৰা। নুৰুল ইছলামে মোৰ কৌতূহল নিবৃত্তি কৰিলে ইয়াকে কৈ যে এই পৃথিৱীত বহু দাতা আছে। তেওঁলোকে ঘাইকৈ আৰ্থিক সাহায্য লাভ কৰে ইউৰোপীয় দেশসমূহৰ পৰা। ভাৰত আৰু অসমৰো অনেক সহৃদয় ব্যক্তিয়ে নিয়মীয়াকৈ দান আগবঢ়ায়। হোজাইৰ স্থানীয় বিত্তশালীসকলেও মুক্ত হাতেৰে দান কৰে। এওঁলোকৰ অনেকে একো একোজন ল'ৰা-ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব লয়। জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত এছ অ’ এছ গাঁৱৰ কৰ্ম-কৰ্তাসকলে তেওঁলোকৰ বিয়াও পাতি দিয়ে। মাটি-বাৰী কিনি ঘৰ সাজিবলৈ আৰু পুৰণি আত্মীয়-স্বজনৰে সম্পৰ্ক স্থাপন কৰিবলৈ সহায় কৰা হয়। {{gap}}আজিৰ আত্মকেন্দ্ৰিক, অৱক্ষয়প্ৰাপ্ত দুৰ্নীতিসৰ্বস্ব সমাজখনক দেখি মানুহৰ ওপৰত আস্থা হেৰুৱাইছিলো। হোজাইৰ এছ অ’ এছ গাঁওখন পৰিদৰ্শন কৰি উপলব্ধি কৰিছো সকলো মানুহে মনুষ্যত্ব হেৰুৱাই পেলোৱা নাই। পৃথিৱীক বাসযোগ্য কৰি ৰাখিছে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৬১'''}}</noinclude> s4kx8baruxl3j8odz9rg2ght8x0xavl পৃষ্ঠা:অনিমা গুহ.pdf/১৬৩ 104 59562 161159 159844 2022-08-26T09:00:12Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আৰু ৰাখিব একাংশ মহামানৱে। মাজে-সময়ে মই ভাবো যিসকল নৰপিশাচে মানুহ কাটি-মাৰি হাতবোৰ তেজেৰে ৰাঙলী কৰিছে তেওঁলোকে বাৰু সেইখন হাত চাবোনেৰে ধোৱাৰ পাছতো তেজ লাগি থকা যেন নাপায়নে? {{gap}}এই প্ৰসংগতে বহুবছৰ আগতে কলকাতাত লগ পোৱা পুলিচৰ এগৰাকী উচ্চ পদস্থ বিষয়ালৈ মনত পৰিল। নক্সাল আন্দোলন দমন কৰিবৰ উদ্দেশ্যে অনেক তৰুণৰ জীৱন নিমিষতে নিৰ্বাপিত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল। ছাত্ৰাৱস্থাত মেধাৱী ল’ৰা হিচাপে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী বিভাগৰ উচ্চ পদত নিযুক্তি পায় বিষয়াজনে। নক্সাল পৰ্বৰ পাছত তেওঁৰ সামান্যভাৱে হ'লেও মানসিক বিপৰ্যয় যে ঘটিছিল তাৰ উমান পাইছিলো তেওঁৰ লগত প্ৰথম দৰ্শনৰ সময়তে। প্ৰেছিডেন্সি কলেজত তেওঁ গৃহস্থৰ সহপাঠী আছিল। আমি পুনেৰ পৰা কলকাতালৈ অহাৰ পাছত এদিন তেওঁ গৃহস্থক লগ পাবলৈ আমাৰ ঘৰলৈ আহিছিল। মাজে মাজে জেপৰ পৰা হাত দুখন উলিয়াই তেওঁক কোৱা শুনিছিলো— ‘ক্ষমা কৰা ভগৱান, এই হাত দুখনক ক্ষমা কৰা। ক্ষমা কৰা প্ৰভু। এই চাকৰিৰ বাবে মইতো উপযুক্ত নাছিলো...।’ {{gap}}শুনিছিলো কলকাতাৰ ময়দানত হেনো নক্সাল দমনৰ নামত ডেকা ল’ৰাবোৰক শাৰীপাতি থিয় কৰাই এটা সময়ত দৌৰিবলৈ দি পাছফালৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। নক্সাল আন্দোলনৰ লগত সম্পৰ্কহীন ল’ৰাও আছিল এওঁলোকৰ মাজত। শিপাৰে সৈতে আন্দোলনটো উঘালিবৰ উদ্দেশ্যে তৰুণ প্ৰজাতিটোক এইদৰে নিশ্চিহ্ন কৰাৰ আঁচনি যুগুতাইছিল কৰ্তৃপক্ষই। এনে ঘৃণনীয় কাম সমাপ্ত কৰিছিল পৃথিৱী সাৰ পোৱাৰ আগতে কাহিলি পুৱাত। {{gap}}আমি পুনেত থাকোতে তাত বাস কৰা কলকাতাৰ পৰিয়ালবোৰৰ মুখে শুনিছিলো তেওঁলোকৰ আতংকৰ কথা। এনে অৱস্থা হৈছিল যে ল’ৰা মানেই যেন নক্সাল। অনেকে হেনো পুতেকহঁতক কলকাতাৰ বাহিৰৰ আত্মীয়-স্বজনৰ ঘৰলৈ পঠাই দিছিল। শুনিছিলো চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা উত্তম কুমাৰে ময়দানত এদিন প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি শাৰী পাতি থিয় দি থকা ল’ৰাবোৰক দেখা পাই আচৰিত হৈছিল। একশ্যন আৰম্ভ হোৱাৰ আগত উত্তম কুমাৰক দেখা পাই ‘ঘাতক’সকলে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। কিছুমানৰ মতে উত্তম কুমাৰে ঘটনাটো দেখিছে। শিল্পী মানুহ, অন্তৰখন কোমল। ঘটনাটো দেখিয়ে হওক বা শুনিয়ে হওক সহ্য কৰিব নোৱাৰি অসুস্থবোধ কৰিছিল তেওঁ। তাৰ পাছৰে পৰা তেওঁৰ হৃদপিণ্ড দুৰ্বল হ’বলৈ<noinclude>{{rh|'''১৬২'''/{{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> tai6b21gli99siib0awvlzsgcnrpi4h পৃষ্ঠা:অনিমা গুহ.pdf/১৬৪ 104 59563 161160 159253 2022-08-26T09:02:30Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ধৰে আৰু অকালতে এদিন তেওঁৰ জীৱনদীপ নিৰ্বাপিত হয়। {{gap}}উত্তম কুমাৰৰ মৃত্যুৰ সময়ত আমি কলকাতাত আছিলো। তেওঁৰ নশ্বৰ দেহ শ্মশানলৈ আনোতে বাটত সৃষ্টি হৈছিল জনসমুদ্ৰৰ। ঠেলাঠেলিত আহত হৈছিল অনেকে। মৃতদেহটো লৈ টনা-আঁজোৰা হৈছিল দুগৰাকী মহিলাৰ মাজত— এগৰাকী তেওঁৰ বিবাহিতা পত্নী, যাৰ লগত শেষ জীৱনত তেওঁ বাস কৰা নাছিল আৰু আনগৰাকীৰ লগত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভিত্তিত একেলগে থাকিছিল। বিবাহিতা পত্নী আৰু পুত্ৰই মৃতদেহটো অৱশেষত লাভ কৰে। জীৱন্ত অৱস্থাত যেয়ে পত্নীক ত্যাগ কৰি আনৰ লগত বাস কৰিছিল তেনে স্বামীৰ মৃতদেহটো অধিকাৰ কৰি মহিলাৰ যে কি লাভ হ'ল! '''আলফা :''' আমি কলকাতাত থাকোতে জানিব পাৰিছিলো যে ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে স্বাধীন অসম গঢ়িবৰ উদ্দেশ্যেৰে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত কেইজনমান স্বপ্নদ্ৰষ্টা যুৱকে প্ৰতিষ্ঠা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম বা United Liberation Front of Assam ( ULFA) নামৰ এটা সংগঠন। স্বাধীন অসমৰ ধাৰণাটো মোৰ অবাস্তৱ যেন লাগিছিল যদিও যুৱকসকলে কৰা কিছু সংস্কাৰমুখী কাম-কাজৰ প্ৰশংসা নকৰাকৈ থকা নাছিলো। ৰাইজৰ সমৰ্থন পাই থকা বুলিও শুনিছিলো। অৱশেষত সশস্ত্ৰ বিপ্লৱৰ নামত সংগঠনটোৱে ৰাজ্যজুৰি সন্ত্ৰাস চলাই যোৱাত ধীৰে ধীৰে যে জনবিচ্ছিন্ন হৈ পৰে সেই কথা সকলোৰে জ্ঞাত। আলফাৰ জন্মৰ এঘাৰ/বাৰ বছৰ পাছত আমি গুৱাহাটীলৈ স্থায়ীভাৱে আহিছো। অসমৰ ইতিহাসৰ সেই ৰক্তাক্ত অধ্যায়টো চকুৰ আগতে ৰচিত হোৱা দেখিলো। ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজিৰ ফুলকুমলীয়া অবোধ দহটি শিশুৰ অমানৱীয় হত্যাকাণ্ড সেই অধ্যায়ৰ এখিলা ঘোৰ কৃষ্ণবৰ্ণ পৃষ্ঠা। একেটা অধ্যায়ৰ পাতে পাতে খাজি থোৱা আছে ৰুছ অভিযন্তা গ্ৰেট চাংকো চাৰ্গেই, অধ্যাপক অনিল বৰুৱা, জননেতা নগেন নেওগ, সাংবাদিক কমলা শইকীয়া, মানৱসেৱী সঞ্জয় ঘোষকে ধৰি ছহেজাৰমান নিৰীহ ব্যক্তিৰ নাম। এওঁলোকৰ উপৰি সেইবোৰ পৃষ্ঠাত বিলীন হৈ আছে মৃত সামৰিক জোৱান আৰু নিৰাপত্তাৰক্ষীসকল। উগ্ৰবাদীসকলক দমন কৰাৰ নামত সৃষ্টি হ’ল ৰাষ্ট্ৰ সন্ত্ৰাসৰ। দুয়োটা সন্ত্ৰাসে মানুহৰ মাজত নমাই আনিলে বিভীষিকা। আলফাৰ বিৰুদ্ধে চৰকাৰে চলোৱা বিভিন্ন অপাৰেচনত অসংখ্য কেডাৰৰে সৈতে নিহত হৈছিল কেইবাগৰাকী শীৰ্ষনেতা। ভাৰত চৰকাৰে সংগঠনটো নিষিদ্ধ কৰাৰ পাছত নিজ ৰাজ্য<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৬৩'''}}</noinclude> nco0emtj5uavded6jv7w5linudxdmkn পৃষ্ঠা:অনিমা গুহ.pdf/১৬৫ 104 59564 161161 159846 2022-08-26T09:05:12Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ত্যাগ কৰি এওঁলোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈ তাৰ পৰাই দিছিল বিপ্লৱৰ নেতৃত্ব, বিশেষকৈ বাংলাদেশৰ পৰা। {{gap}}ইতিমধ্যে শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত প্ৰতিষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক দৃশ্যপটত পৰিবৰ্তন আহিল। আলফাৰ শীৰ্ষ নেতা কেইগৰাকীমানক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ হাতত তুলি দিয়াৰ পাছৰ পৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাত পৰিবৰ্তন আহিবলৈ ধৰে। বহুদিনৰ মূৰত নিজ ৰাজ্যলৈ আহি তেওঁলোকে হয়তো উপলব্ধি কৰিছে যে নিজ দেশৰ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন অসম পোৱাটো সম্ভৱ নহয়। তদুপৰি আলফাৰ এই গোটটোৱে উপলব্ধি কৰিছে যে তিনিটা দশক জুৰি হত্যা-হিংসাত লাগি থকাৰ ফলত অসংখ্য নিৰীহৰ তেজেৰে ৰাঙলী হৈছে অসমৰ মাটি, কিন্তু সেই মাটিত উদয় হোৱা নাই স্বাধীনতাৰ সূৰ্য। অনুশোচনা কৰি ব্যক্ত কৰিছে যে সশস্ত্ৰ সংগ্ৰামেৰে নহয় গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধানতহে তেওঁলোক আগ্ৰহী। অসমৰ অধিকাংশ শান্তিপ্ৰিয় ৰাইজে এনে এটা সমাধানেই বিচাৰে। {{gap}}পিছে শান্তিৰ পথ ইমান সহজ নহয়। আলফাৰ আন এটা গোটৰ যুদ্ধংদেহি মনোবৃত্তি। অসমক স্বাধীন কৰিহে এৰিব তেওঁলোকে। স্বাধীন অসমৰ চাৰিসীমা কি, এই প্ৰশ্ন কৰি কৰি হাইৰান হ’লো। উত্তৰ নাপালো। বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে সেই স্বাধীন অসমত যোগ দিব নে? একাংশ বড়োই বিচাৰিছে স্বাধীন বড়ো ৰাজ্য, কোচ ৰাজবংশীয়ে বিচাৰে কমতাপুৰ, অন্যান্য সকলৰো বেলেগ বেলেগ দাবী। বৰাক উপত্যকা সেই স্বাধীন অসমত চামিল নহয় নিশ্চয়। গতিকে স্বাধীন অসমৰ চাৰিসীমা কি হ’ব তেওঁলোকে ৰাইজক অৱগত কৰা উচিত। {{gap}}আন এটা বিষয়ে মোক অনবৰতে আমনি কৰে। আলোচনাপন্থী দলটোৱে গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধান বিচাৰিছে। এই প্ৰস্তাৱে আশাৰ বতৰা কঢ়িয়াই আনিলেও সন্দেহ বাতিক মনটোত আন এটা কথাই খুন্দা মাৰে। ঐতিহাসিক অসম চুক্তিৰ পুনৰাবৃত্তি নহয়তো? বিদেশী বহিষ্কাৰ কৰি সোণৰ অসম গঢ়িব খোজা দলটোৱে অসমীয়া জাতিটোক চৰম প্ৰৱঞ্চনা কৰাৰ কথা ৰাইজে পাহৰা নাই। ধৰি ল'লো আলফা সমস্যাৰ সফল সমাধান হোৱাৰ পাছত অসমত ৰামৰাজ্য প্ৰতিষ্ঠাৰ ইংগিত পোৱা গ'ল। সেইক্ষেত্ৰত সঁচাকৈয়ে শান্তি প্ৰতিষ্ঠা হ’ব নে? এন ডি এফ বি, কে পি এল টি, কে এল অ’, ইউ পি ডি এফ, ডি এইচ ডি, আলনা ইত্যাদি দলবোৰে কি কয়? এন ডি এফ বিৰ তাণ্ডৱৰ কথা মানুহে পাহৰিব নোৱাৰে কোনদিনে। ২০০৮ চনৰ ৩০ অক্টোবৰত একেদিনাই অলপ সময়ৰ ব্যৱধানত দলটোৱে কোকৰাঝাৰ,<noinclude>{{rh| '''১৬৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> jifg4hweaf7n2owidiipsp6eaulxt6j 161162 161161 2022-08-26T09:05:35Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ত্যাগ কৰি এওঁলোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈ তাৰ পৰাই দিছিল বিপ্লৱৰ নেতৃত্ব, বিশেষকৈ বাংলাদেশৰ পৰা। {{gap}}ইতিমধ্যে শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত প্ৰতিষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক দৃশ্যপটত পৰিবৰ্তন আহিল। আলফাৰ শীৰ্ষ নেতা কেইগৰাকীমানক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ হাতত তুলি দিয়াৰ পাছৰ পৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাত পৰিবৰ্তন আহিবলৈ ধৰে। বহুদিনৰ মূৰত নিজ ৰাজ্যলৈ আহি তেওঁলোকে হয়তো উপলব্ধি কৰিছে যে নিজ দেশৰ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন অসম পোৱাটো সম্ভৱ নহয়। তদুপৰি আলফাৰ এই গোটটোৱে উপলব্ধি কৰিছে যে তিনিটা দশক জুৰি হত্যা-হিংসাত লাগি থকাৰ ফলত অসংখ্য নিৰীহৰ তেজেৰে ৰাঙলী হৈছে অসমৰ মাটি, কিন্তু সেই মাটিত উদয় হোৱা নাই স্বাধীনতাৰ সূৰ্য। অনুশোচনা কৰি ব্যক্ত কৰিছে যে সশস্ত্ৰ সংগ্ৰামেৰে নহয় গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধানতহে তেওঁলোক আগ্ৰহী। অসমৰ অধিকাংশ শান্তিপ্ৰিয় ৰাইজে এনে এটা সমাধানেই বিচাৰে। {{gap}}পিছে শান্তিৰ পথ ইমান সহজ নহয়। আলফাৰ আন এটা গোটৰ যুদ্ধংদেহি মনোবৃত্তি। অসমক স্বাধীন কৰিহে এৰিব তেওঁলোকে। স্বাধীন অসমৰ চাৰিসীমা কি, এই প্ৰশ্ন কৰি কৰি হাইৰান হ’লো। উত্তৰ নাপালো। বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে সেই স্বাধীন অসমত যোগ দিব নে? একাংশ বড়োই বিচাৰিছে স্বাধীন বড়ো ৰাজ্য, কোচ ৰাজবংশীয়ে বিচাৰে কমতাপুৰ, অন্যান্য সকলৰো বেলেগ বেলেগ দাবী। বৰাক উপত্যকা সেই স্বাধীন অসমত চামিল নহয় নিশ্চয়। গতিকে স্বাধীন অসমৰ চাৰিসীমা কি হ’ব তেওঁলোকে ৰাইজক অৱগত কৰা উচিত। {{gap}}আন এটা বিষয়ে মোক অনবৰতে আমনি কৰে। আলোচনাপন্থী দলটোৱে গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধান বিচাৰিছে। এই প্ৰস্তাৱে আশাৰ বতৰা কঢ়িয়াই আনিলেও সন্দেহ বাতিক মনটোত আন এটা কথাই খুন্দা মাৰে। ঐতিহাসিক অসম চুক্তিৰ পুনৰাবৃত্তি নহয়তো? বিদেশী বহিষ্কাৰ কৰি সোণৰ অসম গঢ়িব খোজা দলটোৱে অসমীয়া জাতিটোক চৰম প্ৰৱঞ্চনা কৰাৰ কথা ৰাইজে পাহৰা নাই। ধৰি ল'লো আলফা সমস্যাৰ সফল সমাধান হোৱাৰ পাছত অসমত ৰামৰাজ্য প্ৰতিষ্ঠাৰ ইংগিত পোৱা গ'ল। সেইক্ষেত্ৰত সঁচাকৈয়ে শান্তি প্ৰতিষ্ঠা হ’ব নে? এন ডি এফ বি, কে পি এল টি, কে এল অ’, ইউ পি ডি এফ, ডি এইচ ডি, আলনা ইত্যাদি দলবোৰে কি কয়? এন ডি এফ বিৰ তাণ্ডৱৰ কথা মানুহে পাহৰিব নোৱাৰে কোনদিনে। ২০০৮ চনৰ ৩০ অক্টোবৰত একেদিনাই অলপ সময়ৰ ব্যৱধানত দলটোৱে কোকৰাঝাৰ,<noinclude>{{rh| '''১৬৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> qfx029ikjktcdm533c9q16d3dzdmtxv পৃষ্ঠা:অনিমা গুহ.pdf/১৬৬ 104 59565 161163 158275 2022-08-26T09:07:02Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বঙাইগাঁও, বৰপেটা আৰু গুৱাহাটীৰ তিনিখন গুৰুত্বপূৰ্ণ ঠাইত নৰহত্যাৰ যি মৰ্মান্তিক ঘটনা সংঘটিত কৰিলে সেই কথা ভাবিলে মানুহৰ ওপৰত আস্থা হেৰুৱাওঁ। ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ৰাজনৈতিক সন্ত্ৰাসো অসমবাসীৰ অভিশাপ স্বৰূপ। {{gap}}নিজকে বিপ্লৱী বুলি দাবী কৰিলেও অধিকাংশ দল সন্ত্ৰাসবাদীহে। প্ৰকৃত বিপ্লৱীসকলে এনে এটা সামাজিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খোজে য'ত সৰ্বহাৰাৰ আধিপত্যই স্বীকৃতি পায়। যুক্তিবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মাই কৈছে আমাৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ কোনোবাই বিচাৰিছে স্বাধীন ৰাষ্ট্ৰ, কোনোবাই স্বায়ত্তশাসন। সমাজ পৰিৱৰ্তন বিচৰা নাই কোনেও। বিপ্লৱত কিছু ৰক্তপাত হ’বই, কিন্তু নিৰীহৰ নহয়, হ’ব লাগে শোষক-শাসকৰ। {{gap}}সন্ত্ৰাসবাদৰ সমস্যা কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, ই বৰ্তমান বিশ্বত এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। প্ৰকৃততে ই বিশ্বৰ সমাজ ব্যৱস্থাৰ এটা জটিল অৱস্থা। অসমকে লৈ উত্তৰ-পূৰ্বাঞ্চলত জংগী সমস্যাৰ ঘাই কাৰণ অনগ্ৰসৰতা আৰু অনুন্নয়ন। সাধাৰণ মানুহৰ চাহিদা বেছি নহয়, তেওঁলোকে বিচাৰে এটা নিৰাপদ জীৱন আৰু জীৱিকা। পিছে ন্যূনতম সা-সুবিধা কোনো মানুহে পোৱা নাই। সংস্থাপনহীনতা, অৰ্থনৈতিক সমস্যা, শিক্ষাহীনতা, স্বাস্থ্যজনিত সমস্যা আদি একাধিক সমস্যাই যুৱকসকলৰ মনত হতাশাৰ সৃষ্টি কৰে। হতাশাই গঠন কৰে উগ্ৰবাদী দল আৰু ইয়েই এটা সময়ত সন্ত্ৰাসবাদৰ ৰূপ লৈ সমাজ ব্যৱস্থাত আঘাত হানে। {{gap}}যিহেতু বঞ্চনাই উগ্ৰবাদী সমস্যাৰ ঘাই কাৰণ, সেই হেতুকে সমস্যাসমূহৰ মোকাবিলা কৰি শান্তি স্থাপন কৰিবলৈ হ'লে অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপনৰ ওপৰত জোৰ দিব লাগিব। দৰাচলতে উন্নয়নৰ বিকল্প নাই। কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ'লে, বাট-পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হ’লে, শিক্ষা, স্বাস্থ্যৰক্ষাৰ সুব্যৱস্থা হ’লে আপোনা আপুনি শান্তি উভতি আহিব। {{gap}}মাজে মাজে আমাৰ শান্তিপূৰ্ণ জীৱনৰ পুৰণি স্মৃতিয়ে মনত ভুমুকি মাৰে। হয়, আমি বিধ্বংসী দ্বিতীয় বিশ্বযুদ্ধ দেখিছো, কিন্তু সন্ত্ৰাসবাদ দেখা নাছিলো। বিভিন্ন জনগোষ্ঠীৰ মাজত অনৈক্য দেখা নাই। আজি কোনেও কাকো যেন সহিব নোৱৰা হৈছো। আজি ঘৰৰ পৰা ওলাবলৈ কিয় ভয় লগা হ'ল। কিয় আজি হত্যাকাৰীৰ ৰাজত্ব চলিছে দেশত। কিয় আজি নাৰী নিৰ্যাতন, বোৱাৰী হত্যা, ভ্ৰূণ হত্যা, শিশু কন্যা হত্যা, ডাইনী হত্যা আদি নানা ধৰণৰ হত্যাই কলুষিত কৰিছে সমাজখনক। আমাৰ জীৱনকালত বোধকৰো পৃথিৱীত শান্তি স্থাপন নহয়। দুখ লাগে এইখন বিশ্ব<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৬৫'''}}</noinclude> 6pvu039fhloszect79d3ge8zwwsddfa পৃষ্ঠা:অনিমা গুহ.pdf/১৬৮ 104 59566 161164 159847 2022-08-26T09:14:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>আমি এৰি যাম আমাৰ উত্তৰপুৰুষসকলৰ বাবে। {{gap}}আমাৰ চকুৰ আগতে সমাজখনক বৰ জটিল হৈ থকা দেখি আছো। কাণ্ডাৰীবিহীন নাৱৰ দৰে উটি-ভাহি গৈ থকা যেন লাগিছে ৰাজ্যখন। আশাকৰো এনে অৱস্থাৰ অৱসান ঘটিব অচিৰেই। নে ৰসাতললৈহে যাব। এনেবোৰ আবোল-তাবোল চিন্তাই মগজুত খুন্দা মাৰি থাকে। {{Center|{{larger|'''তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত'''}}}} {{gap}}হিংসাত উন্মত্ত পৃথিৱীখনৰ পৰা ওলাই তিমি মাছ বিচাৰি আটলাণ্টিকৰ উত্তাল ঢৌৰ সৈতে নাচি নাচি ঘূৰি ফুৰা দিনটোৰ স্মৃতি ৰোমন্থন কৰা যাওক। চনটো আছিল ১৯৯৬। সৰুটো নাতি অনুভৱৰ জন্ম উপলক্ষে নিউয়ৰ্কলৈ গৈছিলো সেই চনত। {{gap}}আমেৰিকাৰ উত্তৰ-পূব সীমাত ওপৰফাললৈ পকোৱা কুকুৰৰ নেজডালৰ আকৃতিৰ এডোখৰ ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ মাজলৈ সোমাই গৈছে। এই ভূখণ্ডৰ নাম কেপ কড্ বা কড্ অন্তৰীপ। নামটো শুনাৰ লগে লগে মনত পৰিছিল বাল্যকাললৈ। ভিটামিন-ডি সমৃদ্ধ দুৰ্গন্ধ কডলিভাৰ তেল আমি নাকত টিপা মাৰি খাইছিলো স্বাস্থ্য সচেতন দেউতাৰ নিৰ্দেশত! আজিকালি কাকো এইবিধ অখাদ্য বস্তু খোৱা নেদেখো। {{gap}}অন্তৰীপটোৰ আগীয়াঠুঁটিত চেথাম নামৰ সৰু চহৰ এখনৰ পৰ্যটকলৈ ভাড়া দিয়া ঘৰ এটাত দুৰাতি আছিলো। বোৱাৰী মনীষাৰ সহকৰ্মী এগৰাকীৰ শহুৰ শাহু ঢুকোৱাৰ পাছত বস্তু-বাহানিৰে সৈতে ঘৰটো পৰ্যটকক ভাড়া দিছিল। সুসজ্জিত ঘৰটোৰ প্ৰতিটো বস্তুতে মৃত দম্পতীৰ প্ৰাণৰ পৰশ বিচাৰি পাইছিলো। চকী-মেজ, টিভি, ভিচিপি- ভিচিআৰ, ৱাশ্বিং মেচিন, মাইক্ৰৱেভ, ৰান্ধনি ঘৰৰ বয়-বস্তু, শোৱনি কোঠাৰ সা-সামগ্ৰী সকলো একেদৰে আছে। নাই কেৱল গৃহস্থ-গৃহিণী। ড্ৰেছিং টেবুলৰ ওপৰত ধুনীয়া টেমা এটাত দেখিলো গৃহিণীয়ে ব্যৱহাৰ কৰা বিধে বিধে গহনা। আন এটা ফালে আটোমটোকাৰিকৈ থৈছে ফণি, ব্ৰাছ, প্ৰসাধন সামগ্ৰী। এইবোৰ দেখি হঠাতে মই জীৱন সম্পৰ্কে উদাসীন হৈ পৰিছিলো। মানুহ পৃথিৱীলৈ আহে কেইটামান দিনৰ বাবে, তাৰ বাবে প্ৰয়োজন কিমান বস্তুৰ! মাটি-বাৰী-সম্পত্তি আদিৰ বাবে কাজিয়া-পেচাল, কোৰ্ট-কাছাৰী, মৰা-মৰি কি নহয়। যৌতুকৰ বাবে কৰে বোৱাৰী হত্যা। চকু মুদিলেই সকলো পৰি থাকে। মোৰ মনত পৰিছিল আমাৰ শশী আতালৈ। পাৰ্থিৱ বস্তুৰ প্ৰতি নিষ্পৃহ মানুহজনৰ একমাত্ৰ সংগী আছিল এটা দোতাৰা। তাকে বজাই<noinclude>{{rh|{{smaller|বাকীছোৱা জীৱন}} /'''১৬৭'''||}}</noinclude> angwkw7xmh2j6riodq43wybvwdpxdmw পৃষ্ঠা:অনিমা গুহ.pdf/১৬৯ 104 59567 161165 159848 2022-08-26T09:47:13Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>তেওঁ গাইছিল দেহতত্ত্বৰ গীত — ‘অ' মোৰ দেহাৰ ভৰসা নাইৰে...।’ {{gap}}ফুৰিবলৈ আহি জীৱনৰ শেষ পৰিণতিৰ কথা ভাবিবলৈ এৰি পিছদিনা পুৱা প্ৰভিন্স টাউনৰ জাহাজঘাটত ওপঙি থকা বিশাল সমুদ্ৰগামী জাহাজখনত টিকেট কাটি উঠিলোগৈ। মূৰৰ ওপৰত আদিগন্ত বিয়পি থকা নীলা আকাশ আৰু তলত পাৰাপাৰহীন তৰংগায়িত নীলা সমুদ্ৰ। নিজৰ গাত চিকুটি চালো, সঁচাকৈয়ে আটলাণ্টিকত ওপঙি আছো নে? {{gap}}উপকূলৰ লগত সংযোগ বিচ্ছিন্ন কৰি জাহাজ আগুৱাই যাবলৈ ধৰিলে সমুদ্ৰৰ গভীৰলৈ। মোৰ উৰণীয়া মনেও দিলে ডেউকা মেলি। পাহৰি গৈছিলো দৈনন্দিন জীৱনৰ হেজাৰ সমস্যাৰ কথা। আগদিনা গুৱাহাটীৰ চিঠিৰ পৰা গম পাইছিলো পিঁয়াজৰ মূল্য আকাশস্পৰ্শী, বজাৰত খোৱা তেলৰ আকাল, অসমত বানপানী আৰু বোমা-পিষ্টলপ্ৰেমী যুৱকৰ তাণ্ডৱ...। পাহাৰ সদৃশ ওখ ওখ ঢৌবোৰ জাহাজত খুন্দা খাই ৰূপোৱালী ফেনলৈ নিমিষতে ৰূপান্তৰিত হৈছিল। সেই ফেনৰ ছিটিকনিয়ে আমাকো চুই গৈছিল। নয়নাভিৰাম এই দৃশ্য আজিও চকু মুদিলেই দেখা পাওঁ। সীমাহীন নীলা বিশালতাই ঢাকি ৰাখিছিল অসমৰ নিৰীহ ৰাইজৰ তেজৰ ৰঙা বৰণ। বহু আঁতৰৰ পৰা নাচি নাচি অহা গৰ্জনমুখৰ ঢৌবোৰৰ তলত অদৃশ্য হৈছিল গুৱাহাটীৰ তেল-পিঁয়াজৰ মূল্য। {{gap}}জাহাজৰ ডেকত উন্মুক্ত নীলাৰ তলত থিয় হৈ দূৰ দিগন্তত সমুদ্ৰ আৰু আকাশৰ বাহুবন্ধনৰ মনোমোহা দৃশ্য চাই আছিলো। এটা সময়ত ৰেলিঙত ধৰিও থিয় হৈ থকা অসম্ভৱ যেন লাগিল। পগলা ঢৌবোৰে জাহাজকো কৰি তুলিলে উন্মত্ত। জাহাজখনো ঢৌ হৈ উঠিল— এবাৰ ওপৰলৈ উঠে, এবাৰ তললৈ নামে। দোল খাই খাই মোৰ মূৰটোও লাটুম ঘূৰাদি ঘূৰিবলৈ ধৰিলে। বেগৰ পৰা ভাৰ্টিগন টেবলেট এটা উলিয়াই কোনোমতে খাবপৰা নাছিলো। পানীখিনি মুখৰ ওচৰলৈ আনিলেই জাহাজৰ দোলনিত ক'ৰবাত ছিটিকি পৰে। {{gap}}মনীষাৰ বায়েক কাজৰীয়ে মোৰ কাণ্ড দেখি ক’লে যে মূৰ ঘূৰণিৰ টেবলেট কোনো কামত নাহে; কাৰণ মোৰ Sea sickness হৈছিল। জাহাজৰ অফিচ কাউণ্টাৰৰ পৰা সামুদ্ৰিক নৰিয়াৰ বাবে দৰব এটা তেওঁ আনি দিছিল। জয় আৰু তাৰ শালপতি কুলদীপে হাতত ভিডিঅ’ কেমেৰা লৈ জাহাজৰ ওপৰৰ পৰা তললৈ চলাথ কৰি থাকোতে দুয়োকে দোলনি বেমাৰটোৱে বাৰুকৈয়ে আক্ৰমণ কৰিছিল। কুলদীপে নিজৰ কাণ দুখনত ধৰি প্ৰতিজ্ঞা কৰিলে জীৱনত দ্বিতীয়বাৰলৈ আৰু জাহাজত নুঠে।{{nop}}<noinclude>{{rh|'''১৬৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> idit2jukam6qqg50vh39oedki0mcfhu পৃষ্ঠা:অনিমা গুহ.pdf/১৭০ 104 59568 161166 159849 2022-08-26T09:48:43Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পুৰণি কালত পালতোলা নাৱত দুঃসাহসী নাৱিকসকলে কেনেকৈ যে সমুদ্ৰ যাত্ৰা কৰিছিল নাজানো। {{gap}}যিসকলক বিচাৰি কেপকডলৈ আহিছিলো সেই তিমি মাছবোৰ সিদিনা ক’ত যে লুকাই থাকিল! সেইখিনি অঞ্চলত তিমিবোৰে জাক বান্ধি ঘূৰি ফুৰে বাবে পৰ্যটক কোম্পানীবোৰে ৰমৰমীয়া ব্যৱসায় কৰি আছে। সিদিনা জাহাজ ভৰা পৰ্যটকক তিমি দেখুৱাব নোৱাৰি তেওঁলোক হতাশ। আমিও হতাশ। নিৰ্দিষ্ট সময়তকৈ কেইবাঘণ্টা বেছি এই উথল-পাথল মহাসমুদ্ৰত আমাক ঘূৰোৱাৰ পাছত প্ৰত্যেকৰ হাতত জাহাজ কোম্পানীয়ে দহ বছৰৰ বাবে কাৰ্যকৰী একোখনকৈ বিনামূলীয়া টিকেট দিলে। অৱশ্যে আমি আৰু তেখেতসকলক বিচাৰি যোৱা নাই। {{gap}}তিমি দৰ্শন নোহোৱা বাবে জাহাজৰ পৰা নামিয়ে পোনে পোনে গ’লো পিলগ্ৰিম মনুমেণ্ট দৰ্শন কৰিবলৈ। এইখিনি ঠাইত ১৬২০ চনৰ ২১ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ পৰা অহা পিলগ্ৰিম ফাদাৰসকল নামিছিল। স্বভূমি ত্যাগ কৰি অচিনাকি ভূ-খণ্ড এডোখৰলৈ আটলাণ্টিক মহাসাগৰ নাৱেৰে পাৰ হৈ অহা মানুহবোৰক দুঃসাহসী নুবুলি কি বুলিম? এওঁলোকৰ পাছত ইংলেণ্ড-ইউৰোপৰ পৰা দলে দলে প্ৰব্ৰজনকাৰী বিভিন্ন প্ৰৱাহত আমেৰিকামুখী হয় নতুন জীৱনৰ সন্ধানত। সেইখন দেশলৈ প্ৰব্ৰজনৰ সোঁত আজিও বন্ধ হোৱা নাই। ইউৰোপৰ পৰা হোৱা প্ৰব্ৰজনৰ কাহানিবাই অন্ত পৰিছে, তাৰ পাছত আৰম্ভ হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকামুখী জনস্ৰোত। আমেৰিকাক এখন মিনি বিশ্ব বুলিব পাৰি। কোন দেশৰ মানুহ নাই তাত? {{gap}}মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত কেনেডি পৰিয়ালৰ বাস কেপকডত। এওঁলোকৰ পূৰ্বপুৰুষ আহিছিল ইংলেণ্ডৰ পৰা। অস্বাভাৱিক মৃত্যুৰ কৱলত পৰিছে অভিশপ্ত পৰিয়ালটোৰ কেইবাজনেও। প্ৰেছিডেণ্ট জন এফ কেনেডি আৰু তেওঁৰ ভায়েক ৰবাৰ্ট কেনেডি দুয়ো আততায়ীৰ গুলীৰ আঘাতত নিহত হয়। জন এফ আৰু জেকুলিনৰ একমাত্ৰ পুত্ৰই স্বচালিত বিমানত কেপকডলৈ আহি থাকোতে সপত্নীক বিমান দুৰ্ঘটনাত আটলাণ্টিকৰ পানীত জীৱন হেৰুৱায়। ডেকা বয়সত এইজনা কেনেডিয়ে নিজৰ চিনাকি লুকুৱাই সাধাৰণ পৰ্যটকৰ দৰে সাধাৰণভাৱে ভাৰত দৰ্শন কৰি গৈছে। দিল্লীৰ বাটে বাটে হেনো ফুৰিছে চাইকেল চলাই। দিল্লীৰ পৰা কেৰেলালৈ তেতিয়াৰ দিনৰ ৰে'লৰ তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল। এওঁ বুলিয়ে নহয় চহকী দেশৰ মানুহবোৰ অলপ চেৰাবলিয়াই হয় নেকি। ধন-ঐশ্বৰ্যই এওঁলোকক মাজে মাজে আমুৱায়। {{gap}}বহু বছৰ আগতে কলকাতালৈ আহিছিল এজন জাৰ্মান হিপ্পী। এদিন এগৰাকী<noinclude>{{Right|{{smaller|বাকীছোৱা জীৱন}} /'''১৬৯'''}}</noinclude> hi4m0aag3e69yyoo81752dtr1zj7pat পৃষ্ঠা:অনিমা গুহ.pdf/১৮০ 104 59576 161129 159856 2022-08-26T07:27:41Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}আনহাতে নাৰীক ধৰ্মীয় জগতত এখন উচ্চ আসন দিয়াৰ কথাও অবিদিত নহয়, চন্দৰী আইক তেওঁ শৰণ দিছিল। চন্দৰী আয়ে গীতাৰ ব্যাখ্যা দাঙি ধৰিছিল। কনকলতাক পাতিছিল সত্ৰৰ অধিকাৰিনী। এইবোৰ প্ৰগতিশীলতাৰে লক্ষণ। তথাপিতো কিয় তেওঁ ‘জ্ঞানীগনে কামিনীৰ সংগ’ এৰাৰ দৰে বাক্যবোৰ লিখিলে ই মোৰ বাবে এক বিস্ময়। আৰু মনোকষ্টও। {{gap}}মই কোনোমতে বুজি নাপাওঁ যিগৰাকী মাকে নিজৰ গৰ্ভত ভ্ৰূণ হিচাপে ধাৰণ কৰি তাক সেই অৱস্থাৰ পৰা এটি পূৰ্ণমানৱলৈ বৃদ্ধি কৰি জন্ম দিয়ে অসহ্য যন্ত্ৰণা সহ্য কৰি, সেইজনা মানৱে কেনেকৈ ভাবিব পাৰে সেইগৰাকী মাতৃৰ স্থান সমাজত তুচ্ছাতিতুচ্ছ! অনেক লেখাত পঢ়ো — অমুকৰ সন্তানক ধাৰণ কৰিছে অমুকীয়ে নাইবা অমুকীয়েও কয়, আপোনাৰ সন্তানক গৰ্ভত ধাৰণ কৰিছো ইত্যাদি ইত্যাদি। কিছুমানৰ ধাৰণা নাৰীৰ গৰ্ভ শস্যক্ষেত্ৰ, পুৰুষে ছটিওৱা বীজৰ পৰা গজালি মেলি এটি মানৱ শিশুৰ সৃষ্টি হয়। পুত্ৰ জন্ম দিব নোৱৰিলে কয় মাটি সাৰুৱা নোহোৱা বাবে উন্নত বীজ ৰোৱাৰ পাছত উৎপাদিত হ’ল নিকৃষ্ট কন্যা ফচল! এনেবোৰ অদ্ভূত ধাৰণা আজিও অনেকৰ মাজত আছে। এই সম্পৰ্কে এজন অৰ্বাচীনৰ লগত তৰ্ক কৰি কৈছিলো— তোমাৰ সন্তান আকৌ কেনে কথা? তোমাৰ তেইশটা আৰু তোমাৰ শ্ৰীমতীৰ তেইশটা ক্ৰমজ’মৰ মিলনৰ ফলত তেইশযোৰ ক্ৰমজ’ম বিশিষ্ট তোমালোকৰ সন্তান এটা উপজিছে। '''মোক প্ৰশ্ন কৰে :''' এবাৰ আলোচনী এখনৰ পক্ষৰ পৰা মোক কেইটামান প্ৰশ্ন কৰিছিল। তাৰে এটা আছিল কোন কোন কিতাপ পঢ়ি মোৰ মনত নাৰীবাদী ধাৰণাৰ জন্ম হৈছিল। উত্তৰত কৈছিলো— কোনো কিতাপে নহয়, বাল্যকালত চাৰিওফালৰ সামাজিক পৰিৱেশে মোৰ মনত এই ধাৰণাৰ জন্ম দিয়ে। অৱশ্যে তাৰ নাম নাৰীবাদ নে আন কিবা বাদ জনা নাছিলো! আজিও মই নাৰীবাদ শব্দটো শুনিবলৈ ভাল নাপাওঁ। নাৰী আৰু পুৰুষ সৃষ্টিৰ দুটা ৰূপ, এটা আনটোৰ পৰিপূৰক। জ্ঞান হ’বৰ পাছতেই চাৰিজন ব্যক্তিক ঘনিষ্ঠভাৱে পাইছো— মা-দেউতা আৰু আতা (মাতামহ)- আবুক (পিতামহী)। এওঁলোকৰ পাছতেই বৃহত্তৰ পৰিয়ালৰ আন অনেকক। এওঁলোকৰ প্ৰত্যেকৰে মোৰ মানৱিক আৰু চাৰিত্ৰিক গঠন সৃষ্টিত অৱদান সমান বুলি ভাবো। এওঁলোকৰ কোনোবা উচ্চতৰ কোনোবা নিম্নতৰ বুলি মোৰ ধাৰণাত ঠাই পোৱা নাছিল। ধীৰে ধীৰে পাৰিপাৰ্শ্বিক পৰিৱেশে হেড মাষ্টৰৰ ভূমিকা লৈ মোক জীৱনৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /১৭৯}}</noinclude> hmyg5s881p1ozkds4y8nxx0a5jmx22g 161146 161129 2022-08-26T07:50:25Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}আনহাতে নাৰীক ধৰ্মীয় জগতত এখন উচ্চ আসন দিয়াৰ কথাও অবিদিত নহয়, চন্দৰী আইক তেওঁ শৰণ দিছিল। চন্দৰী আয়ে গীতাৰ ব্যাখ্যা দাঙি ধৰিছিল। কনকলতাক পাতিছিল সত্ৰৰ অধিকাৰিনী। এইবোৰ প্ৰগতিশীলতাৰে লক্ষণ। তথাপিতো কিয় তেওঁ ‘জ্ঞানীগনে কামিনীৰ সংগ’ এৰাৰ দৰে বাক্যবোৰ লিখিলে ই মোৰ বাবে এক বিস্ময়। আৰু মনোকষ্টও। {{gap}}মই কোনোমতে বুজি নাপাওঁ যিগৰাকী মাকে নিজৰ গৰ্ভত ভ্ৰূণ হিচাপে ধাৰণ কৰি তাক সেই অৱস্থাৰ পৰা এটি পূৰ্ণমানৱলৈ বৃদ্ধি কৰি জন্ম দিয়ে অসহ্য যন্ত্ৰণা সহ্য কৰি, সেইজনা মানৱে কেনেকৈ ভাবিব পাৰে সেইগৰাকী মাতৃৰ স্থান সমাজত তুচ্ছাতিতুচ্ছ! অনেক লেখাত পঢ়ো — অমুকৰ সন্তানক ধাৰণ কৰিছে অমুকীয়ে নাইবা অমুকীয়েও কয়, আপোনাৰ সন্তানক গৰ্ভত ধাৰণ কৰিছো ইত্যাদি ইত্যাদি। কিছুমানৰ ধাৰণা নাৰীৰ গৰ্ভ শস্যক্ষেত্ৰ, পুৰুষে ছটিওৱা বীজৰ পৰা গজালি মেলি এটি মানৱ শিশুৰ সৃষ্টি হয়। পুত্ৰ জন্ম দিব নোৱৰিলে কয় মাটি সাৰুৱা নোহোৱা বাবে উন্নত বীজ ৰোৱাৰ পাছত উৎপাদিত হ’ল নিকৃষ্ট কন্যা ফচল! এনেবোৰ অদ্ভূত ধাৰণা আজিও অনেকৰ মাজত আছে। এই সম্পৰ্কে এজন অৰ্বাচীনৰ লগত তৰ্ক কৰি কৈছিলো— তোমাৰ সন্তান আকৌ কেনে কথা? তোমাৰ তেইশটা আৰু তোমাৰ শ্ৰীমতীৰ তেইশটা ক্ৰমজ’মৰ মিলনৰ ফলত তেইশযোৰ ক্ৰমজ’ম বিশিষ্ট তোমালোকৰ সন্তান এটা উপজিছে। '''মোক প্ৰশ্ন কৰে :''' এবাৰ আলোচনী এখনৰ পক্ষৰ পৰা মোক কেইটামান প্ৰশ্ন কৰিছিল। তাৰে এটা আছিল কোন কোন কিতাপ পঢ়ি মোৰ মনত নাৰীবাদী ধাৰণাৰ জন্ম হৈছিল। উত্তৰত কৈছিলো— কোনো কিতাপে নহয়, বাল্যকালত চাৰিওফালৰ সামাজিক পৰিৱেশে মোৰ মনত এই ধাৰণাৰ জন্ম দিয়ে। অৱশ্যে তাৰ নাম নাৰীবাদ নে আন কিবা বাদ জনা নাছিলো! আজিও মই নাৰীবাদ শব্দটো শুনিবলৈ ভাল নাপাওঁ। নাৰী আৰু পুৰুষ সৃষ্টিৰ দুটা ৰূপ, এটা আনটোৰ পৰিপূৰক। জ্ঞান হ’বৰ পাছতেই চাৰিজন ব্যক্তিক ঘনিষ্ঠভাৱে পাইছো— মা-দেউতা আৰু আতা (মাতামহ)- আবুক (পিতামহী)। এওঁলোকৰ পাছতেই বৃহত্তৰ পৰিয়ালৰ আন অনেকক। এওঁলোকৰ প্ৰত্যেকৰে মোৰ মানৱিক আৰু চাৰিত্ৰিক গঠন সৃষ্টিত অৱদান সমান বুলি ভাবো। এওঁলোকৰ কোনোবা উচ্চতৰ কোনোবা নিম্নতৰ বুলি মোৰ ধাৰণাত ঠাই পোৱা নাছিল। ধীৰে ধীৰে পাৰিপাৰ্শ্বিক পৰিৱেশে হেড মাষ্টৰৰ ভূমিকা লৈ মোক জীৱনৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৭৯'''}}</noinclude> 85ja5iixstrf2wabsbn93xmbnuvnzea পৃষ্ঠা:অনিমা গুহ.pdf/১৮১ 104 59577 161130 159857 2022-08-26T07:33:27Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্ৰথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ। তেতিয়াই মোৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে? চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা- বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই। তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্ৰ সন্তান ওপজা দেখি গৈছে। কিন্তু তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্ৰকাশ কৰা নাই। মাছ বিলোৱা নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে। {{gap}}এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্‌লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে। দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।' {{gap}}আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক খুলি খুলি খায়। '''ভাৰতীয় গৃহিণীৰ মৰ্যাদা :''' সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ ঘাই দায়িত্ব গৃহকৰ্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্ৰেণী গৃহিণীৰ মাজত সমাজৰ চকুততো হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্ৰভেদ।{{nop}}<noinclude>{{rh|||১৮০/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> m6t26olzjlltsp4l3ka7d0ue8qje1m0 161147 161130 2022-08-26T07:50:51Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্ৰথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ। তেতিয়াই মোৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে? চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা- বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই। তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্ৰ সন্তান ওপজা দেখি গৈছে। কিন্তু তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্ৰকাশ কৰা নাই। মাছ বিলোৱা নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে। {{gap}}এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্‌লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে। দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।' {{gap}}আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক খুলি খুলি খায়। '''ভাৰতীয় গৃহিণীৰ মৰ্যাদা :''' সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ ঘাই দায়িত্ব গৃহকৰ্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্ৰেণী গৃহিণীৰ মাজত সমাজৰ চকুততো হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্ৰভেদ।{{nop}}<noinclude>{{rh|||'''১৮০'''/ {{smaller|বাকীছোৱা জীৱন}}}}</noinclude> d1709bw4aqthi9iunytoe268c52gjsq 161150 161147 2022-08-26T07:51:50Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>প্ৰথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ। তেতিয়াই মোৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে? চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা- বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই। তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্ৰ সন্তান ওপজা দেখি গৈছে। কিন্তু তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্ৰকাশ কৰা নাই। মাছ বিলোৱা নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে। {{gap}}এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্‌লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে। দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।' {{gap}}আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক খুলি খুলি খায়। '''ভাৰতীয় গৃহিণীৰ মৰ্যাদা :''' সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ ঘাই দায়িত্ব গৃহকৰ্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্ৰেণী গৃহিণীৰ মাজত সমাজৰ চকুততো হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্ৰভেদ।{{nop}}<noinclude>{{rh|'''১৮০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> hcaar29d2ekauhhyyleow2kbfsez6j3 পৃষ্ঠা:অনিমা গুহ.pdf/১৮২ 104 59578 161131 159858 2022-08-26T07:35:57Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}নিৰ্ভেজাল গৃহিণী অৰ্থাৎ অৰ্থ উপাৰ্জন নকৰা গৃহিণীসকলক ক’বলৈ মন যায় তেওঁলোকে সচেতন হৈ উপলব্ধি কৰক যে বিয়া হ'বৰ পিছদিনাৰে পৰা নিজৰ ঘৰ বুলি গ্ৰহণ কৰা এই ঘৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে উদয়াস্ত খাটনি খটাৰ পাছত পুৰুষপ্ৰধান ভাৰত চৰকাৰে তেওঁলোকক কাৰ লগত ক’ত স্থান দিছে। {{gap}}অৰ্থোপাৰ্জন নকৰা মহিলাসকল হেনো অৰ্থনৈতিকভাৱে অনুৎপাদনশীল কৰ্মী। মানিছো তেওঁলোকে দৃশ্যমান দৰমহা ঘৰলৈ আনিব নোৱাৰে, কিন্তু অদৃশ্যমান কিমান ধন যে ৰাহি কৰে তাক সচেতনভাৱে আমিও নাভাবো। জাতীয় আয়ৰ টোপোলাত দেখদেখকৈ নিৰ্ভেজাল গৃহিণী শ্ৰেণীটোৰ কোনো অৱদান নাই, গতিকে তেওঁলোক economically unproductive worker. অৱশ্যে গৃহিণীসকলৰ দৰে অৰ্থনৈতিকভাৱে অনুৎপাদনশীল মানুহ ভূ-ভাৰস্তত নোহোৱা নহয়। এনে মানুহবোৰক একেটা গোহালিৰ গৰুৰ দৰে ১৯৪৮ চনতে ৰচনা কৰা ভাৰত চৰকাৰৰ লোক গণনা আইনে একেলগে থূপ খুৱাই থৈছে। {{gap}}কোন এওঁলোক? আৰু কোন কোন শ্ৰেণীৰ ভাৰতীয় অৰ্থনৈতিকভাৱে অনুৎপাদনশীল? এওঁলোক হ’ল কয়দী, ভিক্ষাৰী আৰু বেশ্যা। ২০১০ চনৰ ২৩ জুলাইৰ বাতৰি কাকতত পঢ়ি প্ৰথমতে চিন্তাশক্তি হেৰুৱাই পেলাইছিলো। বিষয়টো আলোচনা কৰিলো কেইগৰাকীমান গৃহিণীৰ লগত, আকৌ চিন্তাশক্তি হেৰুৱালো কাৰো কোনো প্ৰতিক্ৰিয়া নেদেখি। দিনটো গেবাৰি খাটোতে খাটোতে গৃহিণীসকলে আত্মসন্মানবোধ হেৰুৱাই পেলাইছে নে মান-অপমানবোধৰ ঊৰ্ধ্বত ধ্যানমগ্ন ঋষি-মুনিৰ পৰ্যায়লৈ উন্নীত হৈছে উপলব্ধি কৰিব পৰা নাছিলো। {{gap}}বহু চিন্তা কৰি তেওঁলোকৰ নিৰ্লিপ্ততাৰ আন এটা কাৰণ বিচাৰি পালো। হয়তো তেওঁলোকে ভাবে গোলাপক ভিক্ষাৰী বুলি ক'লেও গোলাপ গোলাপেই, কয়দী বুলি ক’লেও গোলাপেই, বেশ্যা বুলিলেও গোলাপৰ মৰ্যাদা হ্ৰাস নহয়, তেওঁলোকো মানুহ। {{gap}}কিছুমানে আকৌ ক’লে চৰকাৰে ভুলটো ক’ত কৰিলে? গৃহিণীসকল কয়দী নহয় নো কি? তেওঁলোকৰ ভৰি দুখন অদৃশ্য শিকলিৰে বান্ধি থোৱা। গৃহস্থ ওলাব খুজিলেই ওলাব পাৰে গৃহিণীয়ে নোৱাৰে। এগৰাকী মহিলাই দুখ কৰি কৈছিল— গুৱাহাটীৰ পৰা তেজপুৰলৈ বহু বছৰ মাকক চাবলৈ যাব পৰা নাই, কাৰণ শাহু অসুস্থ, আলপৈচান ধৰিব লাগে। কিন্তু যাৰ মাক তেওঁ টলৌ টলৌকৈ ঘূৰি ফুৰে। {{gap}}গৃহিণীসকল ভিক্ষাৰীও, কৈছিল এগৰাকীয়ে। আচলতে ভিক্ষাৰীৰো অধম। জাতীয় আয়ত অৱদান নাথাকিলেও ভিক্ষাৰীৰ উপাৰ্জন নথকা নহয়। কিছুমান ভিক্ষাৰীৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / ১৮১}}</noinclude> 3d8ehej7ebhmicvxbsncx3b7q760qnv 161149 161131 2022-08-26T07:51:21Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{gap}}নিৰ্ভেজাল গৃহিণী অৰ্থাৎ অৰ্থ উপাৰ্জন নকৰা গৃহিণীসকলক ক’বলৈ মন যায় তেওঁলোকে সচেতন হৈ উপলব্ধি কৰক যে বিয়া হ'বৰ পিছদিনাৰে পৰা নিজৰ ঘৰ বুলি গ্ৰহণ কৰা এই ঘৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে উদয়াস্ত খাটনি খটাৰ পাছত পুৰুষপ্ৰধান ভাৰত চৰকাৰে তেওঁলোকক কাৰ লগত ক’ত স্থান দিছে। {{gap}}অৰ্থোপাৰ্জন নকৰা মহিলাসকল হেনো অৰ্থনৈতিকভাৱে অনুৎপাদনশীল কৰ্মী। মানিছো তেওঁলোকে দৃশ্যমান দৰমহা ঘৰলৈ আনিব নোৱাৰে, কিন্তু অদৃশ্যমান কিমান ধন যে ৰাহি কৰে তাক সচেতনভাৱে আমিও নাভাবো। জাতীয় আয়ৰ টোপোলাত দেখদেখকৈ নিৰ্ভেজাল গৃহিণী শ্ৰেণীটোৰ কোনো অৱদান নাই, গতিকে তেওঁলোক economically unproductive worker. অৱশ্যে গৃহিণীসকলৰ দৰে অৰ্থনৈতিকভাৱে অনুৎপাদনশীল মানুহ ভূ-ভাৰস্তত নোহোৱা নহয়। এনে মানুহবোৰক একেটা গোহালিৰ গৰুৰ দৰে ১৯৪৮ চনতে ৰচনা কৰা ভাৰত চৰকাৰৰ লোক গণনা আইনে একেলগে থূপ খুৱাই থৈছে। {{gap}}কোন এওঁলোক? আৰু কোন কোন শ্ৰেণীৰ ভাৰতীয় অৰ্থনৈতিকভাৱে অনুৎপাদনশীল? এওঁলোক হ’ল কয়দী, ভিক্ষাৰী আৰু বেশ্যা। ২০১০ চনৰ ২৩ জুলাইৰ বাতৰি কাকতত পঢ়ি প্ৰথমতে চিন্তাশক্তি হেৰুৱাই পেলাইছিলো। বিষয়টো আলোচনা কৰিলো কেইগৰাকীমান গৃহিণীৰ লগত, আকৌ চিন্তাশক্তি হেৰুৱালো কাৰো কোনো প্ৰতিক্ৰিয়া নেদেখি। দিনটো গেবাৰি খাটোতে খাটোতে গৃহিণীসকলে আত্মসন্মানবোধ হেৰুৱাই পেলাইছে নে মান-অপমানবোধৰ ঊৰ্ধ্বত ধ্যানমগ্ন ঋষি-মুনিৰ পৰ্যায়লৈ উন্নীত হৈছে উপলব্ধি কৰিব পৰা নাছিলো। {{gap}}বহু চিন্তা কৰি তেওঁলোকৰ নিৰ্লিপ্ততাৰ আন এটা কাৰণ বিচাৰি পালো। হয়তো তেওঁলোকে ভাবে গোলাপক ভিক্ষাৰী বুলি ক'লেও গোলাপ গোলাপেই, কয়দী বুলি ক’লেও গোলাপেই, বেশ্যা বুলিলেও গোলাপৰ মৰ্যাদা হ্ৰাস নহয়, তেওঁলোকো মানুহ। {{gap}}কিছুমানে আকৌ ক’লে চৰকাৰে ভুলটো ক’ত কৰিলে? গৃহিণীসকল কয়দী নহয় নো কি? তেওঁলোকৰ ভৰি দুখন অদৃশ্য শিকলিৰে বান্ধি থোৱা। গৃহস্থ ওলাব খুজিলেই ওলাব পাৰে গৃহিণীয়ে নোৱাৰে। এগৰাকী মহিলাই দুখ কৰি কৈছিল— গুৱাহাটীৰ পৰা তেজপুৰলৈ বহু বছৰ মাকক চাবলৈ যাব পৰা নাই, কাৰণ শাহু অসুস্থ, আলপৈচান ধৰিব লাগে। কিন্তু যাৰ মাক তেওঁ টলৌ টলৌকৈ ঘূৰি ফুৰে। {{gap}}গৃহিণীসকল ভিক্ষাৰীও, কৈছিল এগৰাকীয়ে। আচলতে ভিক্ষাৰীৰো অধম। জাতীয় আয়ত অৱদান নাথাকিলেও ভিক্ষাৰীৰ উপাৰ্জন নথকা নহয়। কিছুমান ভিক্ষাৰীৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /''' ১৮১'''}}</noinclude> fgw0eo9w804raym3jp78vf8pga5he16 পৃষ্ঠা:অনিমা গুহ.pdf/১৮৩ 104 59579 161132 159859 2022-08-26T07:38:03Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ফাণ্ড বেচ টনকিয়াল। কলকাতাৰ ফুটপাথবাসী বুঢ়ী ভিক্ষাৰী এজনীৰ মৃত্যুৰ পাছত গাৰুৰ তলত পোৱা গৈছিল পঁচিশ বছৰ আগতে পঁচিশ হেজাৰ টকাৰ এটা টোপোলা। দক্ষিণ ভাৰতৰ ভিক্ষাৰীবোৰ হেনো বেচ চহকী। গৃহিণীৰো উপাৰ্জন নথকা নহয়। তেওঁলোকৰ উপাৰ্জনৰ উৎস দুটা। অনেকক দেখিছো খোৱা-বোৱা বাবদ মাহটোৰ খৰচ চলাবলৈ গৃহস্থই একেলগে কিছু টকা গৃহিণীৰ হাতত দিয়ে। সুগৃহিণীসকলে তাৰ পৰা কিছু ৰাহি কৰি নিজৰ তহবিলত জমা কৰে। কিছুমানে স্বামীৰ পকেট মাৰে। স্বামীৰ উপাৰ্জন বেছি হ’লে তেওঁৰো হয়। {{gap}}মনত পৰিল কলিকতীয়া বান্ধৱী বেলাৰ জীয়েক টুনীলৈ। বেলা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল গৃহিণী, অৰ্থাৎ ডবল ডিউটি মহিলা। পুৱাৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘৰুৱা কাম-বন সামৰি থিয়ই থিয়ই দুগৰাহ গিলি কাপোৰখন মেৰিয়াই বাছ ষ্টেণ্ডলৈ বুলি ঢাপলি মেলে। শিশু বয়সৰে পৰা টুনীয়ে মাকৰ এই বিধ্বস্ত অৱস্থা দেখিছে। ইয়াৰ বিপৰীতে দেউতাকক দেখিছে আৰামত জীৱনটো কটোৱা। মাকে যেতিয়া লৰা-ঢপৰা কৰি কাম সামৰে দেউতাকে তেতিয়া ভৰিৰ ওপৰত ভৰিখন তুলি দি বাতৰি কাকত পঢ়ে, দাঢ়ি খুৰায়, আইনাৰ আগত থিয় হৈ টাইৰ গাঁঠি মাৰে আলফুলকৈ। টুনীয়ে মনে মনে সিদ্ধান্ত লৈছিল তাই বিয়াৰ পাছত ফুল টাইম গৃহিণী হ’ব। {{gap}}এবাৰ গৰম বন্ধত মোমায়েকৰ ঘৰত পোন্ধৰ দিন কটাই টুনী উভতি আহিল পৰিৱৰ্তিত দৃষ্টিভংগী লৈ। ফুল টাইম গৃহিণী মামীয়েকে মোমায়েকৰ ওচৰত টকা কেইটামান বিচাৰি যাওঁতে মোমায়েকে হেনো ইমান ঘনাই পইচা কিয় লাগে বুলি প্ৰশ্ন কৰিছিল। লগতে কৈছিল টকা আৰ্জিবলৈ কিমান কষ্ট কৰিব লাগে দিনটো ঘৰত আৰাম কৰাসকলে জানিব কেনেকৈ? টুনীৰ জাধলী মাকজনীলৈ মনত পৰিছিল। তেওঁতো কোনো দিনে ভিক্ষাৰীৰ দৰে দেউতাকৰ ওচৰত হাত পতা নাই। তাই চাকৰি কৰিব৷ পিছে দেউতাকৰ দৰে ঘৰুৱা কাম নকৰা মানুহক নকৰায়। ফিফ্‌টি ফিফ্‌টি হাৰত কাম ভগাই ল’ব। নকৰিলে ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজিৰ পুৰুষৰ মাজত বহু পৰিৱৰ্তন আহিছে। তেওঁলোক অনেকে ঘৰুৱা কামত ঘৈণীয়েকক সহায় কৰে, শিশুৰ কেথা ডায়েপাৰ সলাই দিয়ে, ভাত ৰান্ধে। পিছে কিছুমানে প্ৰকাশ্যে আনৰ সমুখত নকৰে, জানোচা কোনোবাই তিৰোতা সেৰুৱা বুলি কয়। {{gap}}যি কি নহওক আলোচনাত বহা নিৰ্ভেজাল গৃহিণীসকলে তেওঁলোকক কয়দী আৰু ভিক্ষাৰীৰ শাৰীত স্থান দিয়া বাবে লোকগণনা আইনত ত্ৰুটি বিচাৰি নাপালে। তৃতীয় আনটো শ্ৰেণীভুক্ত কৰাৰ সপক্ষে যুক্তি কি, সুধিছিলো। এগৰাকীয়ে টপৰাই<noinclude>{{rh|১৮২/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0pa0zviztdqzay11x820kuw8tjsu5gn 161152 161132 2022-08-26T07:52:19Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ফাণ্ড বেচ টনকিয়াল। কলকাতাৰ ফুটপাথবাসী বুঢ়ী ভিক্ষাৰী এজনীৰ মৃত্যুৰ পাছত গাৰুৰ তলত পোৱা গৈছিল পঁচিশ বছৰ আগতে পঁচিশ হেজাৰ টকাৰ এটা টোপোলা। দক্ষিণ ভাৰতৰ ভিক্ষাৰীবোৰ হেনো বেচ চহকী। গৃহিণীৰো উপাৰ্জন নথকা নহয়। তেওঁলোকৰ উপাৰ্জনৰ উৎস দুটা। অনেকক দেখিছো খোৱা-বোৱা বাবদ মাহটোৰ খৰচ চলাবলৈ গৃহস্থই একেলগে কিছু টকা গৃহিণীৰ হাতত দিয়ে। সুগৃহিণীসকলে তাৰ পৰা কিছু ৰাহি কৰি নিজৰ তহবিলত জমা কৰে। কিছুমানে স্বামীৰ পকেট মাৰে। স্বামীৰ উপাৰ্জন বেছি হ’লে তেওঁৰো হয়। {{gap}}মনত পৰিল কলিকতীয়া বান্ধৱী বেলাৰ জীয়েক টুনীলৈ। বেলা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল গৃহিণী, অৰ্থাৎ ডবল ডিউটি মহিলা। পুৱাৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘৰুৱা কাম-বন সামৰি থিয়ই থিয়ই দুগৰাহ গিলি কাপোৰখন মেৰিয়াই বাছ ষ্টেণ্ডলৈ বুলি ঢাপলি মেলে। শিশু বয়সৰে পৰা টুনীয়ে মাকৰ এই বিধ্বস্ত অৱস্থা দেখিছে। ইয়াৰ বিপৰীতে দেউতাকক দেখিছে আৰামত জীৱনটো কটোৱা। মাকে যেতিয়া লৰা-ঢপৰা কৰি কাম সামৰে দেউতাকে তেতিয়া ভৰিৰ ওপৰত ভৰিখন তুলি দি বাতৰি কাকত পঢ়ে, দাঢ়ি খুৰায়, আইনাৰ আগত থিয় হৈ টাইৰ গাঁঠি মাৰে আলফুলকৈ। টুনীয়ে মনে মনে সিদ্ধান্ত লৈছিল তাই বিয়াৰ পাছত ফুল টাইম গৃহিণী হ’ব। {{gap}}এবাৰ গৰম বন্ধত মোমায়েকৰ ঘৰত পোন্ধৰ দিন কটাই টুনী উভতি আহিল পৰিৱৰ্তিত দৃষ্টিভংগী লৈ। ফুল টাইম গৃহিণী মামীয়েকে মোমায়েকৰ ওচৰত টকা কেইটামান বিচাৰি যাওঁতে মোমায়েকে হেনো ইমান ঘনাই পইচা কিয় লাগে বুলি প্ৰশ্ন কৰিছিল। লগতে কৈছিল টকা আৰ্জিবলৈ কিমান কষ্ট কৰিব লাগে দিনটো ঘৰত আৰাম কৰাসকলে জানিব কেনেকৈ? টুনীৰ জাধলী মাকজনীলৈ মনত পৰিছিল। তেওঁতো কোনো দিনে ভিক্ষাৰীৰ দৰে দেউতাকৰ ওচৰত হাত পতা নাই। তাই চাকৰি কৰিব৷ পিছে দেউতাকৰ দৰে ঘৰুৱা কাম নকৰা মানুহক নকৰায়। ফিফ্‌টি ফিফ্‌টি হাৰত কাম ভগাই ল’ব। নকৰিলে ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজিৰ পুৰুষৰ মাজত বহু পৰিৱৰ্তন আহিছে। তেওঁলোক অনেকে ঘৰুৱা কামত ঘৈণীয়েকক সহায় কৰে, শিশুৰ কেথা ডায়েপাৰ সলাই দিয়ে, ভাত ৰান্ধে। পিছে কিছুমানে প্ৰকাশ্যে আনৰ সমুখত নকৰে, জানোচা কোনোবাই তিৰোতা সেৰুৱা বুলি কয়। {{gap}}যি কি নহওক আলোচনাত বহা নিৰ্ভেজাল গৃহিণীসকলে তেওঁলোকক কয়দী আৰু ভিক্ষাৰীৰ শাৰীত স্থান দিয়া বাবে লোকগণনা আইনত ত্ৰুটি বিচাৰি নাপালে। তৃতীয় আনটো শ্ৰেণীভুক্ত কৰাৰ সপক্ষে যুক্তি কি, সুধিছিলো। এগৰাকীয়ে টপৰাই<noinclude>{{rh|'''১৮২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> kl5itex140oono5tkbs3qxlqh878xnw পৃষ্ঠা:অনিমা গুহ.pdf/১৮৪ 104 59580 161153 159860 2022-08-26T07:54:16Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৈছিল— ‘পাৰ্থক্য এটাই। আমাৰ কাষ্টমাৰ এজন।' {{gap}}মুষ্টিমেয় সচেতন গৃহিণীকেইগৰাকীৰ মন্তব্য শুনি হাঁহিছিলো যদিও কিমান গভীৰ দুখত যে সেইদৰে কৈছিল! পুৰুষপ্ৰধান সমাজে যুগ যুগ ধৰি নাৰীক অৱজ্ঞাই নহয়, নিৰ্যাতনো কৰিছে নানাভাৱে। বাল্যবিবাহ, সতীদাহ প্ৰথা, সামাজিক পদমৰ্যাদাৰ পৰা বঞ্চিত হোৱা আদি আছিল নাৰী জীৱনৰ অভিশাপ। অসমত জনজাতীয় গোষ্ঠীৰ প্ৰভাৱত পণ–প্ৰথা আৰু সতীদাহ-প্ৰথাৰ প্ৰচলন নাছিল যদিও বৰ্ণহিন্দু মহিলাৰ জীৱন অত্যন্ত পুতৌ লগা আছিল। পুৰুষতান্ত্ৰিক সমাজত ঘাইকৈ পুৰুষৰ দ্বাৰাই নাৰী উপেক্ষিতা হ'বলগীয়া হৈছিল যদিও নিৰ্যাতিতা নাৰীসত্তাক প্ৰথম স্বীকৃতি দিছিল ঊনৈশ শতিকাত পুৰুষে। {{gap}}তেতিয়াৰে পৰা প্ৰায় দুটা শতিকা পাছত গৃহিণী শ্ৰেণীটোক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰ শাৰীৰ পৰা তুলি আনি যথাযোগ্য স্থানত উপবিষ্ট কৰাবলৈ ২০১০ চনৰ ২২ জুলাইত এটা ৰায়ৰ যোগেদি আগবাঢ়ি আহিছে আন দুগৰাকী পুৰুষ। {{gap}}উচ্চতম ন্যায়ালয়ৰ বিচাৰক ন্যায়াধীশ জি এছ সিংভী আৰু ন্যায়াধীশ এ কে গাংগুলীয়ে এটা গোচৰৰ ৰায় দিবলৈ যাওঁতে আৱিষ্কাৰ কৰিলে যে ভাৰতৰ লোকগণনা আইনে অনুৎপাদনশীল কৰ্মী হিচাপে গৃহিণী শ্ৰেণীটোক কয়দী, ভিক্ষাৰী আৰু বেশ্যাৰ সৈতে একে শাৰীতে ঠাই দিছে। তেওঁলোকে এইখন আইনক কঠোৰ ভাষাৰে নিন্দা কৰি কৈছে যে দেশৰ সাংসদসকলে অনতিপলমে পুৰণি আইন সংশোধন কৰি নতুন আইন প্ৰণয়ন কৰক। মাতৃসকলক যথাযোগ্য স্থান দিয়ক। তেওঁলোকে কয় যে এগৰাকী গৃহিণীৰ মূল্য আৰু তেওঁলোকৰ অৱদানৰ পৰিমাণ জুখি উলিওৱাৰ ক্ষমতা কাৰো নাই। অতি নিৰ্দয়ভাৱে কোৱা হৈছে যে গৃহিণী এগৰাকী অৰ্থনৈতিকভাৱে উৎপাদনশীল নহয়। তেওঁলোকক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰে একেখন আসনত বহুৱাই অপমান কৰাৰ সাহস আৰু অধিকাৰ আইন প্ৰণেতাসকলে ক’ত পালে। হয়তো অদূৰ ভৱিষ্যতে লোক গণনা আইনখন সংশোধিত হ’ব। মোৰ দুখ গৃহিণীসকলে অপমানৰ প্ৰতিবাদ নকৰিলে কিয়? {{gap}}মাজে মাজে হতাশাই মনটো ছাটি ধৰে। আদৰ্শ-সুস্থ সমাজ— য'ত নাৰী-পুৰুষৰ বৈষম্য নাথাকিব— এখন গঢ়িব পাৰিম বুলি বৰ আশা কৰিছিলো নিজৰ ক্ষুদ্ৰ শক্তিৰে। বহুদিনৰ পৰা পৃষ্ঠাৰ পাছত পৃষ্ঠা জুৰি বহুত কিবা কিবি লিখি আছো। বিয়াৰ আগত দৰা-কইনাৰ তেজ পৰীক্ষা কৰোৱাৰ বিষয়টো তাৰ মাজত এটা। কোনোবাই কথাষাৰ শুনে নে? সেই যে মান্ধাতা যুগতে সোঁৱৰণী মিলোৱা ধাৰণাটোৰ জন্ম দিলে কোনোবাই<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৮৩'''}}</noinclude> o3p8r3o6ichnegnka3fv50wki4ll50e পৃষ্ঠা:অনিমা গুহ.pdf/১৮৫ 104 59581 161155 159861 2022-08-26T07:56:45Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ইয়েই অধিকাংশৰ মূৰত চিৰস্থায়ী হৈ থাকিল। সকলো দিশৰ পৰা জনা বুজা অত্যাধুনিক পৰিয়ালৰ মনবোৰো যেন একো একোটা লৰচৰ কৰিব নোৱৰা শিলাখণ্ড। {{gap}}অলপতে এঘৰৰ পৰা ফোন আহিছিল। চাৰি মাহ আগতে জীয়েকৰ বিয়া দিছে উপযুক্ত ল'ৰা এজনলৈ। ল'ৰাৰ ঘৰৰ অৱস্থা খুবেই ভাল, ভাল নহয় ল’ৰাৰ স্বাস্থ্য। অৱশেষত কম বয়সতে ভগ্নস্বাস্থ্যৰ কাৰণ নিৰ্ধাৰণ কৰি ফলাফল পাই সকলোৰে হৃদপিণ্ড স্তব্ধ, বিশেষকৈ কইনাৰ। ল'ৰাৰ দেহত আশ্ৰয় লৈছে কালব্যাধি এইডচৰ বীজাণুৱে। বহুদিনৰ পৰা লিখি আছো যিবোৰ বিষয়ত সাৱধান হ’বলৈ সেইবোৰত অলপো গুৰুত্ব নিদিলে কোনেও। তাৰ পাছত যদি কোনোবাই দিহা-পৰামৰ্শ বিচাৰে কেনে লাগিব পৰামৰ্শদাতাৰ। বিয়াৰ আগত ভাৰতৰ আধুনিক মহিলাই হ'বলগীয়া দৰাৰ ক্ৰিমিনেল ৰেকৰ্ড কিবা আছে নেকি জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ শৰণাপন্ন হয়। বিয়াৰ আগত তেজপৰীক্ষা কৰোৱাৰ ধাৰণাটো যোৱা শতিকাৰ সত্তৰৰ দশকতে প্ৰচাৰ কৰা হৈছিল। {{gap}}পঁচিশ বছৰীয়া ছোৱালীৰ দেউতাক-মাকক আগৰদিনীয়া বুলি ক'ব নোখোজো। তেজৰ নমুনা পৰীক্ষা কৰোৱা ব্যৱস্থাৰ বিষয়ে তেওঁলোক নিশ্চয় অৱগত। কেনেকৈনো তেওঁলোকে ভাবিলে ল'ৰাজন ধোৱা তুলসীপাত। এতিয়া ছোৱালীজনীৰ ডাক্তৰৰ পৰামৰ্শ মতে তেজ পৰীক্ষা কৰাই থকা বাঞ্ছনীয়। {{gap}}মাজে মাজে ধাৰণা হয় মগজুটো যেন মোৰ জঠৰ হৈ আহিছে। চিন্তা কৰিব পৰা শক্তিৰ চোক কমি আহিছে। জীৱনত ভাল কাম একো কৰিব নোৱাৰিলো। এফালে চিঞৰি মৰিছো যৌতুকৰ বিৰুদ্ধে, ভ্ৰূণ হত্যাৰ বিৰুদ্ধে, নিৰ্যাতনৰ বিৰুদ্ধে। আনফালে দেখিছো এনেবোৰ অপৰাধ বাঢ়ি গৈ আছে। তেনেহ'লে লিখি কি লাভ হ’ব। কথাবোৰ ফুলজাৰি হৈ বতাহত মিহলি হৈ নগ'ল নে? {{gap}}দীৰ্ঘ হতাশাৰ পাছত আকৌ মেৰুদণ্ড পোন কৰিছো। মনলৈ জোৰ আনি বাৰাক ওবামাৰ ভাষাত কওঁ— Yes, we can. '''নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসম :''' ২০০২ চনৰ ১৩ জুলাই তাৰিখে আমাৰ উলুবাৰীৰ ঘৰৰ নিচেই কাষতে নেটৱৰ্ক ট্ৰেভেলছ নামৰ বে-চৰকাৰী বাছ আস্থানটোত ঘটিছিল এক অমানৱীয় অকল্পনীয় দুৰ্ঘটনা। ত্ৰিপুৰাৰ পৰা দুটি শিশু সন্তানেৰে সৈতে নিম্ন মধ্যবিত্ত দম্পতী এহালে দীঘলীয়া বাছ ভ্ৰমণ কৰি ৰাতিটোৰ বাবে সেই আস্থানত আশ্ৰয় লৈছিল পুৱাৰ বাছত ডিমাপুৰলৈ ৰাওনা হ’ব বুলি। ক্লান্ত পৰিয়ালটো মজিয়াতে<noinclude>{{rh|'''১৮৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> lwe36feeij1pvud6nhchixpde6jm3c8 পৃষ্ঠা:অনিমা গুহ.pdf/১৮৬ 104 59582 161144 159862 2022-08-26T07:49:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পাৰি লোৱা বিছনাত আশ্ৰয় লোৱাৰ লগে লগে টোপনিত লালকাল হৈ পৰিছিল। ৰাতি নৌপুৱাওঁতে সাৰ পাই সাত বছৰীয়া জীয়েক বৰ্ণালীক বিছনাত নেদেখি স্বাভাৱিকতেই মাক-দেউতাকৰ বুকু কঁপি উঠে। ক’তো বিচাৰি-খোচৰি নাপাই ওচৰৰ পল্টন বজাৰ থানালৈ তেওঁলোক যায়। বাছ আস্থানৰ চৌৱন্ন বছৰীয়া চকীদাৰটোৱে হেনো ধমকি দি কৈছিল দুটা নহয় এটা সন্তানকহে তেওঁলোকে আনিছিল। যি কি নহওক বৰ্ণালীক জীৱিত নহয়, মৃত অৱস্থাত আৱিষ্কাৰ কৰা হ’ল শৌচাগাৰ সংলগ্ন ছেপটিক টেংকত! সেই কাল নিশা দেউতাক-মাকৰ মাজৰ পৰা ককাকৰ বয়সীয়া যমদূতৰূপী চকীদাজনে কণমানি শিশুটিক উঠাই নি বলাৎকাৰ কৰে। অকলে নহয় আন এজন পাষণ্ড হেণ্ডিমেনৰ সহযোগত। সেই ৰাতি শিশুটিৰ ওপৰত কি ভয়ংকৰ অত্যাচাৰ সংঘটিত হৈছিল তাক আমি কল্পনাও কৰিব নোৱাৰো। কোৱা বাহুল্য এই নাৰকীয় ঘটনাই বিশ্বত জোকাৰণি তোলে। বি বি চিৰ বাতৰিত ঘটনাটোৰ বিষয়ে শুনা বুলি আমাৰ বোৱাৰীয়ে জনাইছিল। {{gap}}এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদত পঁচপন্নটামান নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠনক একত্ৰিত কৰি নিৰ্যাতনবিৰোধী ঐক্যমঞ্চ নামেৰে এটা অনুষ্ঠান গঠন কৰা হ’ল। ই আছিল সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান। দলীয় ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত থাকি সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগী সন্মুখত ৰাখি নৱগঠিত অনুষ্ঠানটোৱে বৰ্ণালী হত্যাৰ প্ৰতিবাদত এক শক্তিশালী আন্দোলন গঢ়ি তোলে। জন্মলগ্নৰে পৰা অনুষ্ঠানটোৰ সৈতে যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি, সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ, চম্পা বড়া, দীপ্তি বৰুৱা, শংকৰ শইকীয়া, মুকুল কলিতা, মুনীন মহন্ত, প্ৰণতি হাজৰিকা, জীমণি চৌধুৰীকে ধৰি ময়ো জড়িত হৈ আছো। অতন্দ্ৰ প্ৰহৰীৰ দৰে বৰ্ণালী হত্যাৰ বিচাৰ ব্যৱস্থা নিৰীক্ষণ কৰি আছিলো মঞ্চৰ প্ৰতিজন সদস্যই। আমিয়ে নহয় সমগ্ৰ অসমৰ ৰাইজেও সহযোগ কৰিছিল এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত। কোৱা বাহুল্য যিকোনো প্ৰতিবাদত বিৰোধী ব্যক্তিও থাকে। গতিকে সাক্ষ্যদান কৰিবলৈ ত্ৰিপুৰাৰ পৰা বৰ্ণালীৰ দেউতাক মাক গুৱাহাটীলৈ আহিবৰ সময়ত ত্ৰিপুৰা আৰু অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিবলগীয়া হৈছিল। কিছুমান দুৰ্বৃত্তই হেনো দুখীয়া পৰিয়ালটোক প্ৰায়ে ভাবুকি দিছিল। আগৰতলাত ত্ৰিপুৰাৰ ৰাজ্যিক মহিলা আয়োগৰ তেতিয়াৰ চেয়াৰপাৰ্চন অধ্যাপিকা মীনাক্ষী সেনে পৰিয়ালটোক নানাভাৱে সহায় কৰিছিল। সাক্ষ্যদান কৰিবলৈ আহোতে তেৱোঁ লগত আহিছিল। {{gap}}বৰ্ণালীক তাইৰ মাক-দেউতাকে ঘূৰাই পোৱাটো অসম্ভৱ যদিও তাইৰ হত্যাকাৰী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৮৫'''}}</noinclude> cv9fvsm8wk2o0vy8utt38e2gbq7n65m পৃষ্ঠা:অনিমা গুহ.pdf/১৮৮ 104 59583 161141 159863 2022-08-26T07:47:42Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>দুজনৰ মৃত্যুদণ্ড হোৱাৰ বাতৰি পাই তেওঁলোকৰ দগ্ধ অন্তৰে কিছু শান্তিও পাইছিল। বৰ্ণালী হত্যাৰ বিচাৰ আৰম্ভ হোৱাৰ দিনৰে পৰা প্ৰতিটো তাৰিখে আমি আদালতত উপস্থিত থাকিছিলো। ইয়াৰ আগতে আদালতৰ ভিতৰখন চিনেমাতহে দেখিছিলো। বৰ্ণালীৰ মাক-দেউতাকৰ সাক্ষ্য ল’বৰ দিনা এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছিল। অপৰাধী দুজনক দেখি বৰ্ণালীৰ দেউতাক কাঠগড়াতে অচেতন হৈ পৰিছিল। শেষ বিচাৰৰ দিনা আদালত চৌহদ হৈছিল লোকে লোকাৰণ্য। এওঁলোকৰ মাজত আছিল বাহিৰৰ পৰাও অহা বৈদ্যুতিন তথা ছপা মাধ্যমৰ সাংবাদিক। আদালত কক্ষৰ পৰা ওলাই আহিবৰ সময়ত পল্টনবজাৰ থানাৰ অ' চিয়ে সহায় নকৰা হ'লে মই কিজানি মানুহৰ হেঁচা-ঠেলাত তাত মূৰ্ছা গ'লোহেঁতেন। ৰায় শুনি সন্তুষ্ট হৈছিলো যদিও ডেকা অপৰাধীজনৰ হিয়া ভগা কান্দোনে মোৰ অন্তৰ কঁপাই তুলিছিল। বুঢ়াটোৰ বাবে অৱশ্যে অলপো অনুকম্পা বোধ কৰা নাই। শুনিছো মানুহজনৰ দুষ্কৰ্মত লজ্জিত হৈ তেওঁৰ পৰিয়ালটোৱে গুৱাহাটী এৰিছে। {{gap}}উচ্চ আদালততো নিম্ন আদালতৰ ৰায়টো বাহাল থাকিল। বৰ্তমান বিশ্বৰ বহু দেশত মৃত্যুদণ্ড উঠাই দিয়া হৈছে। আমাৰ ইয়াতো এইবিধ শাস্তিৰ বিৰুদ্ধে জনমত গঠন হোৱা পৰিলক্ষিত হৈছে। বৰ্ণালী বিচাৰৰ ৰায় ওলোৱাৰ পাছত আমাৰ চকুৱে-মুখে আনন্দৰ অভিব্যক্তি দেখি কেইগৰাকীমান বুদ্ধিজীৱীয়ে মৃত্যুদণ্ডৰ বিৰুদ্ধে প্ৰবন্ধ লিখা মনত পৰে। দৰাচলতে যাৱজ্জীৱন কাৰাদণ্ড কিছুমান অপৰাধীৰ বাবে যোগ্য শাস্তি নহয় যেন লাগে। নামত যাৱজ্জীৱন হ’লেও প্ৰকৃততে বাৰ-তেৰ বছৰৰ বাবেহে কাৰাদণ্ড হয়। বৰ্ণালী হত্যাৰ অপৰাধী দুজন বাৰ বছৰ পাছত ওলাই আহি আকৌ একেই পৈশাচিক কাণ্ডত লিপ্ত নহ'ব বুলি কোনে গেৰাণ্টি দিব পাৰে। প্ৰকৃত অৰ্থতে সিহঁতক আজীৱন জে’লত ৰাখিব পৰা হ'লে যোগ্য শাস্তি হোৱা বুলি ভাবিব পাৰিলোহেঁতেন। সিহঁতৰ দৰে নিকৃষ্ট মানুহৰ মুকলিকৈ বাস কৰাৰ অধিকাৰ আছে জানো? {{gap}}‘বিৰলৰ মাজত বিৰলতম’ অপৰাধত লিপ্ত অপৰাধীক হেনো মৃত্যুদণ্ড দিয়া হয়। উচ্চতম ন্যায়ালয়ে বৰ্ণালীৰ দৰে সাত বছৰীয়া শুই থকা শিশুটিক সুৰক্ষিত বাছ আস্থানৰ পৰা তুলি নি বলাৎকাৰ কৰি হত্যা কৰা বৰ্বৰোচিত ঘটনাটোক ‘বিৰলৰ মাজত বিৰতলম’ বুলি স্বীকাৰ নকৰি নিম্ন আৰু উচ্চ আদালতে বিহা মৃত্যুদণ্ড নাকচ কৰিছে। উচ্চতম আদালতৰ এই ৰায়ে বৰ্ণালীৰ মাক-দেউতাকক যথেষ্ট আঘাত দিছে। আমিও হতাশ হৈছো। কিয়নো একেই অপৰাধত কলকাতাত ধনঞ্জয় নামৰ<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} /'''১৮৭'''}}</noinclude> bwo0if0g7py4invo7tlrcxgjkfku722 পৃষ্ঠা:অনিমা গুহ.pdf/১৮৯ 104 59584 161138 159864 2022-08-26T07:44:38Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বলাৎকাৰীজনৰ ফাঁচী হৈছিল, ফাঁচী হৈছিল উত্তৰ প্ৰদেশৰ এজন ডেকাৰো। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আমাৰ নাই যদিও প্ৰশ্ন এটা মনত থাকি গ'ল — বিৰলৰ মাজত বিৰলতম ঘটনা তেনেহ'লে কাক কোৱা হয়। {{gap}}বৰ্ণালী ইছ্যুটোৰ পাছত নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওপৰত অনেকৰ আস্থা বাঢ়িছে। বহু নিৰ্যাতিত নাৰী সহায় বিচাৰি আমাৰ ওচৰলৈ আহে। কত ধৰণৰ যে নিৰ্যাতন! বাহিৰৰ পৰা সুখী যেন লগা কিছুমান দম্পতীৰ ভিতৰি কিমান যে অশান্তি। নিৰ্যাতনৰ কোনো বয়স নাই। স্তম্ভিত হৈ গৈছিলো যিদিনা তিনিগৰাকী প্ৰাপ্তবয়স্ক বিবাহিত ভাই-ভনী আমাৰ ওচৰলৈ পঁচাশী বছৰ বয়সীয়া দেউতাকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা লোৱা যায় পৰামৰ্শ বিচাৰি আহিছিল। ভয়ংকৰ অশান্তিৰ মাজেৰে ওৰে জীৱন কটাবলগীয়া হৈছে মাকে, বুঢ়া বয়সতো যাৰ অন্ত পৰা নাই। বৰ্তমানে খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। লাজ-মান কাতি কৰি মাকে জীয়েকহঁতৰ আগত তেওঁ যৌন নিৰ্যাতনৰ বলি বুলি দুখ কৰে। এটা সময়ত তেওঁ হেনো স্বামীৰ ভৰিত ধৰি অনুৰোধ কৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ। ষাঠি-সত্তৰ বছৰ বয়সতো চলিছিল এই নিৰ্যাতন। মানুহজন অৱসৰপ্ৰাপ্ত চৰকাৰী পেন্সনাৰ, সমাজত নাম আছে। আমি এপালি কাঢ়া দৰব দিয়াৰ পাছত বুঢ়ীৰ লগত মাত-বোল নাথাকিলেও খাবলৈ পিন্ধিবলৈ খৰচ দিছিল। অৰ্থনৈতিক স্বাধীনতা নথকা মহিলাৰ কি যে দুৰ্গতি! {{gap}}এবাৰ দামী গাড়ী এখন ড্ৰাইভ কৰি আহিছিল কথা-বতৰা, চেহেৰা-পাতি, সাজ-পাৰত এগৰাকী ঈৰ্ষণীয় আধুনিকা। দেখাত সুখী যেন লগা ৰূপৱতীজনী কিন্তু ভিতৰি নিঃস্ব। প্ৰতি নিশা মদ্যপান কৰি অহা স্বামীজনে হেনো তেওঁক প্ৰাণভৰি প্ৰহাৰ কৰে। শৰীৰৰ ক্ষতবোৰ ঢাকি ৰাখিবলৈ তেওঁ চাৰ্ট পিন্ধি আহিছিল। বুকুৱে-পিঠিয়ে-ডিঙিয়ে-হাতে কালসিৰাবোৰ দেখি মানুহগৰাকীক থানাত এজাহাৰ দিবলৈ কোৱাত তেওঁ মান্তি নহ’ল। কাৰণ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যৎ এন্ধাৰ হ’ব। তেনেহ'লে আমাৰ ওচৰলৈ অহাৰ অৰ্থ কি? ক’লে এটা চাকৰিৰ সন্ধানত আহিছিল তেওঁ। চাকৰিটো পালে মাৰ খাই থাকিবলগীয়া নহ'ব। সন্তান দুটাক লৈ ওলাই আহিব ঘৰৰ পৰা। পিছে চাকৰি দিয়াৰ ক্ষমতাতো আমাৰ নাই! {{gap}}আন এদিনৰ কথা। সিদিনাও আহিছিল এগৰাকী নিজৰ গাড়ীত। পিছে এওঁ উপাৰ্জনশীলা, নাম কৰা কোম্পানী এটাত উচ্চ পদস্থ বিষয়া। তেওঁৰো একেই সমস্যা— স্বামীৰ অত্যাচাৰ। পাণবজাৰ মহিলা থানাত গোচৰ তৰিছিল। স্বামীজনক তালৈ মাতি পঠোৱাৰ পাছত মিঠা মিঠা কথাৰে বুদ্ধিমান মানুহজনে সকলোকে মোহিত<noinclude>{{rh|১৮৮/ {{smaller|বাকীছোৱা জীৱন}}|||}}</noinclude> jouwexaf8eam3rggzs4g1pkzfbansgr 161140 161138 2022-08-26T07:45:41Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বলাৎকাৰীজনৰ ফাঁচী হৈছিল, ফাঁচী হৈছিল উত্তৰ প্ৰদেশৰ এজন ডেকাৰো। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আমাৰ নাই যদিও প্ৰশ্ন এটা মনত থাকি গ'ল — বিৰলৰ মাজত বিৰলতম ঘটনা তেনেহ'লে কাক কোৱা হয়। {{gap}}বৰ্ণালী ইছ্যুটোৰ পাছত নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওপৰত অনেকৰ আস্থা বাঢ়িছে। বহু নিৰ্যাতিত নাৰী সহায় বিচাৰি আমাৰ ওচৰলৈ আহে। কত ধৰণৰ যে নিৰ্যাতন! বাহিৰৰ পৰা সুখী যেন লগা কিছুমান দম্পতীৰ ভিতৰি কিমান যে অশান্তি। নিৰ্যাতনৰ কোনো বয়স নাই। স্তম্ভিত হৈ গৈছিলো যিদিনা তিনিগৰাকী প্ৰাপ্তবয়স্ক বিবাহিত ভাই-ভনী আমাৰ ওচৰলৈ পঁচাশী বছৰ বয়সীয়া দেউতাকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা লোৱা যায় পৰামৰ্শ বিচাৰি আহিছিল। ভয়ংকৰ অশান্তিৰ মাজেৰে ওৰে জীৱন কটাবলগীয়া হৈছে মাকে, বুঢ়া বয়সতো যাৰ অন্ত পৰা নাই। বৰ্তমানে খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। লাজ-মান কাতি কৰি মাকে জীয়েকহঁতৰ আগত তেওঁ যৌন নিৰ্যাতনৰ বলি বুলি দুখ কৰে। এটা সময়ত তেওঁ হেনো স্বামীৰ ভৰিত ধৰি অনুৰোধ কৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ। ষাঠি-সত্তৰ বছৰ বয়সতো চলিছিল এই নিৰ্যাতন। মানুহজন অৱসৰপ্ৰাপ্ত চৰকাৰী পেন্সনাৰ, সমাজত নাম আছে। আমি এপালি কাঢ়া দৰব দিয়াৰ পাছত বুঢ়ীৰ লগত মাত-বোল নাথাকিলেও খাবলৈ পিন্ধিবলৈ খৰচ দিছিল। অৰ্থনৈতিক স্বাধীনতা নথকা মহিলাৰ কি যে দুৰ্গতি! {{gap}}এবাৰ দামী গাড়ী এখন ড্ৰাইভ কৰি আহিছিল কথা-বতৰা, চেহেৰা-পাতি, সাজ-পাৰত এগৰাকী ঈৰ্ষণীয় আধুনিকা। দেখাত সুখী যেন লগা ৰূপৱতীজনী কিন্তু ভিতৰি নিঃস্ব। প্ৰতি নিশা মদ্যপান কৰি অহা স্বামীজনে হেনো তেওঁক প্ৰাণভৰি প্ৰহাৰ কৰে। শৰীৰৰ ক্ষতবোৰ ঢাকি ৰাখিবলৈ তেওঁ চাৰ্ট পিন্ধি আহিছিল। বুকুৱে-পিঠিয়ে-ডিঙিয়ে-হাতে কালসিৰাবোৰ দেখি মানুহগৰাকীক থানাত এজাহাৰ দিবলৈ কোৱাত তেওঁ মান্তি নহ’ল। কাৰণ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যৎ এন্ধাৰ হ’ব। তেনেহ'লে আমাৰ ওচৰলৈ অহাৰ অৰ্থ কি? ক’লে এটা চাকৰিৰ সন্ধানত আহিছিল তেওঁ। চাকৰিটো পালে মাৰ খাই থাকিবলগীয়া নহ'ব। সন্তান দুটাক লৈ ওলাই আহিব ঘৰৰ পৰা। পিছে চাকৰি দিয়াৰ ক্ষমতাতো আমাৰ নাই! {{gap}}আন এদিনৰ কথা। সিদিনাও আহিছিল এগৰাকী নিজৰ গাড়ীত। পিছে এওঁ উপাৰ্জনশীলা, নাম কৰা কোম্পানী এটাত উচ্চ পদস্থ বিষয়া। তেওঁৰো একেই সমস্যা— স্বামীৰ অত্যাচাৰ। পাণবজাৰ মহিলা থানাত গোচৰ তৰিছিল। স্বামীজনক তালৈ মাতি পঠোৱাৰ পাছত মিঠা মিঠা কথাৰে বুদ্ধিমান মানুহজনে সকলোকে মোহিত<noinclude>{{rh|'''১৮৮'''/ {{smaller|বাকীছোৱা জীৱন}}|||}}</noinclude> tp8d6n4tmppy5tj934qzjfud3822x93 পৃষ্ঠা:অনিমা গুহ.pdf/১৯০ 104 59585 161134 159865 2022-08-26T07:41:57Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰি আগলৈ ‘হঠাতে’ কৰা ভুলৰ বহিঃপ্ৰকাশ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। দুদিনমানৰ পাছত ‘পূনৰ্মূষিক ভৱ’ পৰিস্থিতি। আমি কৈছিলো অৰ্থনৈতিকভাৱে স্বাধীন মানুহগৰাকীক সেইখন ঘৰ ত্যাগ কৰি আন ঠাইলৈ যাবলৈ। তেওঁ ক'লে এতিয়া বাস কৰা এপাৰ্টমেণ্টটো কিনোতে দুই-তৃতীয়াংশ টকা হেনো তেৱেঁই দিছে। তেওঁৰ এই সমস্যা সমাধান কৰা সহজ নহয়। ক’লো মাক-দেউতাকৰ লগত আলোচনা কৰিবলৈ। তেওঁলোক প্ৰয়াত। ককায়েক-ভায়েক? ভনীয়েকৰ জীৱনৰ সমস্যাৰ লগত আজিৰ ব্যস্ততাৰ দিনত কোনেও সাঙোৰ খাব নোখোজে। গতিকে তেওঁলোকৰ মতে ভনীয়েকৰহে দোষ। দ্ৰৌপদীয়ে পাঁচোটাকৈ স্বামীক চম্ভালিছিল, তাই এটাকো নোৱাৰে নে? এৰা, ঠিকেই কৈছে পিতৃপ্ৰধান সমাজত ‘যত দোষ নন্দঘোষ’ৰূপী ব্যক্তিজন সদায় মহিলাগৰাকীয়ে হ’ব লাগে। বিবাহ-বিচ্ছেদে উত্তম উপায় বুলি আমি কোৱাত তেওঁ ভয় খাইছে কিজানিবা শিশু পুত্ৰ-কন্যা দুটাৰ দায়িত্ব দেউতাকেই পায়। যিমানদূৰ জানো নাবালক সন্তানৰ দায়িত্ব বৰ্তায় মাকৰ ওপৰত৷ সোণালী জীৱন এটা কটাবলৈ মানুহে বিবাহপাশত আবদ্ধ হয়। কিন্তু এনে পৰিণতি দেখিলে বিবাহ প্ৰতিষ্ঠানটোৰ ওপৰত আস্থা হেৰুৱাও। কিছুদিনৰ আগতে আদালতত বিবাহ-বিচ্ছেদ সম্পৰ্কীয় গোচৰবোৰৰ কলেৱৰ বৃদ্ধি হৈ থকা দেখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে কৈছিল marriages are made in heaven, কিন্তু মৰ্ত্যলৈ নামি অহাৰ পাছত কিয় বা ভাঙোন ধৰে! {{gap}}অৰ্থনৈতিকভাৱে স্বাধীন আৰু থকা ঘৰটোৰ গৰাকী হ’লেও যে মহিলাৰ নিৰাপত্তা নাই তাৰ এটা জ্বলন্ত উদাহৰণ বোধকৰো গুৱাহাটীৰ মানুহে পাহৰা নাই। বেচেৰী এম এ পাছ শিক্ষয়িত্ৰীগৰাকী নিৰাপত্তাৰ সন্ধানত আইনৰ দুৱাৰে দুৱাৰে ঘূৰি প্ৰাপ্য অধিকাৰতো নাপালেই, শেষত জীৱনটো স্বামীৰ দিয়াচলাইৰ কাঠিত দিবলগীয়া হৈছিল। আমিও তেওঁক বচাব নোৱাৰিলো। তাৰ বাবে আজিও বিবেক দংশনত ভুগো। স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কন্দলক পুলিচে গুৰুত্ব দিব নোখোজে। আমাৰ ইয়াতে নহয়, আমেৰিকাৰ দৰে স্বাধীন আৰু মুক্ত নাৰীৰ দেশতো এনেবোৰ গোচৰ গুৰুত্বহীন। হত্যা বা সশস্ত্ৰ ডকাইতিৰ বাতৰি পালে যিটো গতিত পুলিচ ঘটনাস্থলীত ওলায়হি ঘৰুৱা সংঘৰ্ষৰ ক্ষেত্ৰত সেই তৎপৰতা দেখা নাযায়। নিৰ্যাতিতা নাৰীক অৱজ্ঞা কৰি থূপতে এওঁলোকক ‘ডমেছটিক্স’ বুলি কৈ থয় আমেৰিকাৰ পুলিচে। কেইবাটা হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত পুলিচ কিছু সজাগ হৈছে। {{gap}}আমেৰিকাত চকুৰ আঁৰত হোৱা গৃহযুদ্ধ আৰু তাৰ পৰিণাম সম্পৰ্কে লিখিছো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / ১৮৯}}</noinclude> kdfk68xg16g1sld4yxknplthbr1k2qc 161139 161134 2022-08-26T07:45:19Z JyotiPN 1603 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>কৰি আগলৈ ‘হঠাতে’ কৰা ভুলৰ বহিঃপ্ৰকাশ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। দুদিনমানৰ পাছত ‘পূনৰ্মূষিক ভৱ’ পৰিস্থিতি। আমি কৈছিলো অৰ্থনৈতিকভাৱে স্বাধীন মানুহগৰাকীক সেইখন ঘৰ ত্যাগ কৰি আন ঠাইলৈ যাবলৈ। তেওঁ ক'লে এতিয়া বাস কৰা এপাৰ্টমেণ্টটো কিনোতে দুই-তৃতীয়াংশ টকা হেনো তেৱেঁই দিছে। তেওঁৰ এই সমস্যা সমাধান কৰা সহজ নহয়। ক’লো মাক-দেউতাকৰ লগত আলোচনা কৰিবলৈ। তেওঁলোক প্ৰয়াত। ককায়েক-ভায়েক? ভনীয়েকৰ জীৱনৰ সমস্যাৰ লগত আজিৰ ব্যস্ততাৰ দিনত কোনেও সাঙোৰ খাব নোখোজে। গতিকে তেওঁলোকৰ মতে ভনীয়েকৰহে দোষ। দ্ৰৌপদীয়ে পাঁচোটাকৈ স্বামীক চম্ভালিছিল, তাই এটাকো নোৱাৰে নে? এৰা, ঠিকেই কৈছে পিতৃপ্ৰধান সমাজত ‘যত দোষ নন্দঘোষ’ৰূপী ব্যক্তিজন সদায় মহিলাগৰাকীয়ে হ’ব লাগে। বিবাহ-বিচ্ছেদে উত্তম উপায় বুলি আমি কোৱাত তেওঁ ভয় খাইছে কিজানিবা শিশু পুত্ৰ-কন্যা দুটাৰ দায়িত্ব দেউতাকেই পায়। যিমানদূৰ জানো নাবালক সন্তানৰ দায়িত্ব বৰ্তায় মাকৰ ওপৰত৷ সোণালী জীৱন এটা কটাবলৈ মানুহে বিবাহপাশত আবদ্ধ হয়। কিন্তু এনে পৰিণতি দেখিলে বিবাহ প্ৰতিষ্ঠানটোৰ ওপৰত আস্থা হেৰুৱাও। কিছুদিনৰ আগতে আদালতত বিবাহ-বিচ্ছেদ সম্পৰ্কীয় গোচৰবোৰৰ কলেৱৰ বৃদ্ধি হৈ থকা দেখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে কৈছিল marriages are made in heaven, কিন্তু মৰ্ত্যলৈ নামি অহাৰ পাছত কিয় বা ভাঙোন ধৰে! {{gap}}অৰ্থনৈতিকভাৱে স্বাধীন আৰু থকা ঘৰটোৰ গৰাকী হ’লেও যে মহিলাৰ নিৰাপত্তা নাই তাৰ এটা জ্বলন্ত উদাহৰণ বোধকৰো গুৱাহাটীৰ মানুহে পাহৰা নাই। বেচেৰী এম এ পাছ শিক্ষয়িত্ৰীগৰাকী নিৰাপত্তাৰ সন্ধানত আইনৰ দুৱাৰে দুৱাৰে ঘূৰি প্ৰাপ্য অধিকাৰতো নাপালেই, শেষত জীৱনটো স্বামীৰ দিয়াচলাইৰ কাঠিত দিবলগীয়া হৈছিল। আমিও তেওঁক বচাব নোৱাৰিলো। তাৰ বাবে আজিও বিবেক দংশনত ভুগো। স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কন্দলক পুলিচে গুৰুত্ব দিব নোখোজে। আমাৰ ইয়াতে নহয়, আমেৰিকাৰ দৰে স্বাধীন আৰু মুক্ত নাৰীৰ দেশতো এনেবোৰ গোচৰ গুৰুত্বহীন। হত্যা বা সশস্ত্ৰ ডকাইতিৰ বাতৰি পালে যিটো গতিত পুলিচ ঘটনাস্থলীত ওলায়হি ঘৰুৱা সংঘৰ্ষৰ ক্ষেত্ৰত সেই তৎপৰতা দেখা নাযায়। নিৰ্যাতিতা নাৰীক অৱজ্ঞা কৰি থূপতে এওঁলোকক ‘ডমেছটিক্স’ বুলি কৈ থয় আমেৰিকাৰ পুলিচে। কেইবাটা হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত পুলিচ কিছু সজাগ হৈছে। {{gap}}আমেৰিকাত চকুৰ আঁৰত হোৱা গৃহযুদ্ধ আৰু তাৰ পৰিণাম সম্পৰ্কে লিখিছো<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}} / '''১৮৯'''}}</noinclude> t2asf8apkz6vhovqorawl6npxq9o6d6 অনিমা গুহ/কল্লোলিনী কলকাতাত 0 60700 161133 160684 2022-08-26T07:39:13Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=21 tosection=E21/> {{page break|label=}} 6ra35ly69hkxi3kss84idx1fyb4modq 161136 161133 2022-08-26T07:42:47Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=21 tosection=A/> {{page break|label=}} l2fis95jf7hl061wgb9kb8mtr2t69za 161137 161136 2022-08-26T07:43:14Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=21 tosection="A"/> {{page break|label=}} m6x03trm0169ljlyjsihiwm1587j03j 161148 161137 2022-08-26T07:51:00Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=21 fromsection="A" tosection="B"/> {{page break|label=}} fzs2kf5s4djov2icpvf52ajafu2du44 161154 161148 2022-08-26T07:56:20Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=13 to=22 fromsection="A" tosection="A1"/> {{page break|label=}} pjl1qyruq78n6o0opcjmmqiqute1afd 161156 161154 2022-08-26T07:56:49Z -chanakyakdas 1728 wikitext text/x-wiki {{header | title = বাকীছোৱা জীৱন | author = ড॰ অনিমা গুহ | year = ২০১২ | translator = | section = | previous = [[বাকীছোৱা জীৱন/সূচীপত্ৰ| সূচীপত্ৰ ]] | next = [[বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত|আত্মীয়-স্বজনৰ মাজত]] | notes = | categories = }} <pages index="অনিমা গুহ.pdf" from=14 to=22 fromsection="A" tosection="A1"/> {{page break|label=}} 2mpu5ialh4uzjxkc1z7jp3go28aia77