ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.8
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৬
104
71623
254390
195009
2026-06-28T15:54:48Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
254390
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||ৰহদৈ লিগিৰী|১৩}}</noinclude>সকলোবিলাক ঘৰাঘৰি গ'ল। ঘৰলৈ যাবৰ সময়ত দয়াৰামে ৰহদৈক বাটত লগ ধৰি সুধিলে—“ৰহদৈ! প্ৰথম দিনাই ৰজাৰ ওচৰৰ পৰা সেই বিষয়াজনাই আহি তোক মোৰ পৰা অলপ আঁতৰ কৰি নি কি সুধিছিল?”
{{gap}}ৰহদৈ—সেইজনে দেখোন মোৰ নাম, ধাম, আই, বোপাই ইত্যাদি সকলোৰে কথা সুধিছিল।
{{gap}}দয়াৰাম—কিয় সুধিছিল ক'ব পাৰনে?
{{gap}}ৰহদৈ—এ পাই! মই একোকে বুজিব নোৱাৰিলোঁ।
{{gap}}দয়াৰাম— মোৰ দেখোন মনটোৱে কৈছে এই সোধ-পোছৰ শেহ ফলটো ভাল নহ'ব। যি কি নহওক ৰহদৈ! মই তোক কথা এষাৰ সোধোঁ। তই মোক এই কথাৰ সঠিক উত্তৰ দিবিনে?
{{gap}}ৰহদৈ—এ পাই! মইনো তোক কোন দিনা কোন কথাৰ সঠিক উত্তৰ দিয়া নাই। কি সুধিব খুজিছ সোধ আকৌ।
{{gap}}দয়াৰাম— ৰহদৈ! সৰুৰে পৰা মই তোৰ লগত একেলগে ম'হ ৰখি, নৈত সাঁতুৰি, বিহুত ৰং-ধেমালি কৰি নাচি-বাগি ডাঙৰ হৈছোঁ। মই তোক সৰুৰে পৰা ভাল পাই আহিছোঁ আৰু এতিয়া মই তোক আগতকৈও ভাল পাওঁ। মোৰ ইচ্ছা হয় মই যেন তোৰ লগ এখন্তেকো নেৰিম। পিছত মই যদি বোপাইৰ হতুৱাই তোক মোলৈ খোজবঢ়া কৰাওঁ, তেন্তে তই ভাল পাবিনে বেয়া পাবি ক!
{{gap}}দয়াৰামৰ এই কথাত ৰহদৈ নিমাত হৈ ৰ'ল। তাই তললৈ মূৰ কৰি ৰ'ল—কোনো উত্তৰ নিদিলে। দয়াৰামে তেতিয়া ৰহদৈৰ হাতখন ধৰি আকৌ ক'লে—“ক ৰহদৈ, তই বেয়া পাবি নেকি?”
{{gap}}ৰহদৈ—বেয়া-ভাল নো কি আছে। তোৰ দেউতাৰে যদি খোজে আৰু মোৰ আই-বোপায়ে যদি দিয়ে তেন্তেনো আৰু তোলৈ নগৈ কি কৰিম। যাব লাগিব।
{{gap}}দয়াৰাম—এঃ তই ভাল মনেৰে আহিবি নে দঁড়িত বান্দৰ নচাৰ দৰে আহিবি সেইটো ক।
{{gap}}ৰহদৈ—(অলপ হাঁহি) তোকনো মই কিদৰে ক'ব লাগে। মই দেখোন ক'লোৱেই। পিছত মই এটা কথা সোধোঁ। তহঁতৰ ঘৰৰ মানুহ ধনী, আমাৰ ঘৰ হ'লো দুখীয়া মানুহ। দেউতাৰ আকৌ সত্ৰৰ মেধি! আমাৰ নিচিনা দুখীয়া মানুহক জানো দেউতাৰে বোৱাৰী কৰিব ভাল পাব?
{{gap}}দয়াৰাম— ৰহদৈ! মই তোক এইটো সঠিককৈ ক'ব পাৰোঁ যদিও মাহীয়ে মোক দুখ-কষ্ট দিয়ে তথাপি দেউতাই হ'লে মোক পেটে সমন্বিতে বৰ মৰম কৰে যদিও মাহীৰ দঁড়িত সেই মৰম মুখেৰে দেখুৱাব নোৱাৰে। দেউতাই এদিন তেওঁৰ লগৰ<noinclude></noinclude>
l3ajn6kx1x3v1ycuc579mqjn19512k9
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৩০
104
84120
254416
252769
2026-06-29T11:03:45Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254416
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>লছিমিয়াই কৰুণ চাৱনিৰে মোলৈ চাই আছিল। ভাবিলোঁ বাঘৰ মুখৰ চিকাৰ সিংহই নিবলৈ আহিছে; খং ঈৰ্ষাত হিতাহিত জ্ঞান নোহোৱা হ'ল। ওচৰতে পৰি থকা কয়লা এডোখৰ তুলি তাৰ মূৰলৈ দলিয়াই প্ৰাণ লৈ পলালোঁ। গাৱত থাকোঁতে বাটলু গুটিৰে চৰাই চিকাৰ অভ্যাস আছিল; দলিটো ঠিক ঠাইতেই পৰিছিলগৈ। দেওছনে চিঞৰিলে – “খুন খুন।”
{{gap}}কপাল মুখ ফুটি ওলোৱা ঘাম কামিজটোৰ হাতৰ ওলমি পৰা অংশেৰে মছি লৰাটোৱে পুনৰ কলে, “পুলিচত লগাব নোৱাৰে বুলি বুজিছিলোঁ—তেতিয়া হলে ডাঙৰ মানুহৰ সুখ্যাতি সুনাম জাহিৰ হৈ যাব। ঘৰলৈ গৈ নিৰ্ভয়ে বিছনাত পৰিলোঁগৈ। লছিমিয়াক লৈ ঘৰ-সংসাৰ পতাৰ যি আশা মনত পুহিছিলোঁ তাক দুখ-বেজাৰেৰে জলাঞ্জলি দিলোঁ। কি কৰিম, তিৰোতাৰ জাতেই দুচমন।” গোটেই কাহিনীটোৰ ওপৰত আঁৰ কাপোৰ টানিবলৈ অযথা পেণ্টটোৰ তলৰ ডোখৰ ঘূৰাই ঘূৰাই আঠুৰ ওপৰলৈ অনাত লাগিল।
{{gap}}“লছিমিয়াক তোমাৰ মনত নপৰে?” –প্ৰেমই অনুকম্পাৰে সুধিলে।
{{gap}}“পৰিলেও কি লাভ?”
{{gap}}“কিয়?”
{{gap}}“ডিঙিত ফাঁচ লগাই লছমিয়াই সেই ৰাতিয়েই আত্ম-হত্যা কৰিলে।” গাত ঠেলা মাৰি কাষৰ পৰা প্ৰেমক আঁতৰাই কলে, “ধেং, তোক মোৰ দুখৰ কথাবোৰ এনেয়ে কলোঁ।”
{{nop}}<noinclude>{{center|১২৪}}</noinclude>
9bqn0tjhz22145bg0ws5u636686vqzs
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১১৮
104
84544
254405
252748
2026-06-29T10:13:41Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254405
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{centre|সেউজী পাতৰ কাহিনী}}</noinclude>কথাত কোনো উত্তৰ নিদি তলমূৰকৈ সকলো শুনি থাকিল। সকলোৰে সকলো কথালৈ কাণ দিলে জীৱন ধাৰণই অসম্ভৱ।
{{gap}}“মাক নোহোৱা গাভৰু ছোৱালী থকা ঘৰত সেই বঙ্গালটোক সুমুৱাবই নেলাগিছিল। ঢাকোন নোহোৱা চৰু, বতাহত জুই এৰি থোৱা, ঘৰত গাভৰু ছোৱালী অকলশৰীয়াকৈ এৰা—এই তিনিটা সমান।” এজনে মন্তব্য কৰিলে।
{{gap}}“হয়েতো, বৈৰাগীকনো কি দোষ দিবা? জুইৰ লগত ঘী থাকিলে গলিবই।” পূৰ্ব্বজনক সমৰ্থন কৰি কলে।
{{gap}}“ঠিকেই কৈছা? তিৰোতাই সৃষ্টিও কৰে,প্ৰলয়ো ঘটায়। তিৰোতাৰ সঙ্গত ঋষি মুনিৰো তপোভঙ্গ হয়। সেই কিবা ঋষি জন?” ঋষিৰ নামটো মনলৈ নহাত ইপিনে সিপিনে চালে।
{{gap}}এজনে টপৰাই মাত দিলে,—“ঋষ্যশৃঙ্গ ঋষি।”
{{gap}}চাৰিও পিনৰপৰা হয় বুলি সমৰ্থিত হ’ল। ঋষিৰ নাম আওৰোৱা জনে উৎসাহ পাই লোমপাদ ৰজাৰ ৰাজ্যত বাৰি-বৰ্ষণ নোহোৱাত ঋষ্যশৃঙ্গ ঋষিক বাৰবনিতাই কেনেকৈ প্ৰলোভন দেখুৱাই অঙ্গদেশলৈ আনিছিল তাৰ কাহিনী আপোনা-আপুনি বৰ্ণাই গ’ল।
{{gap}}দেৱেশ্বৰৰ আকস্মিক দুৰ্ভাগ্যৰ কথা পাহৰি সকলোৱে কৌতুহলৰে পুৰাণৰ কাহিনী শুনাত মন দিলে। বহুত পৰ কিবা কওঁ কওঁ কৈ উচুপিচাই থকা এজনে পুৰাণৰ সাধু শেষ হোৱাৰ লগে লগে মাত দিলে, “তিৰোতাৰ চৰিত্ৰ দেৱতাৰো<noinclude>{{rh||১১২|}}</noinclude>
4yat148bjsxadzb3ivv8bl9mt1mtvbg
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১১৯
104
84552
254406
252749
2026-06-29T10:25:17Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254406
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>দুৰ্ব্বোধ।” শাস্ত্ৰবচন আওৰোৱাৰ গৌৰৱত মূৰটো পোনাই চাৰিওপিনে চালে।
{{gap}}“কি দুৰ্ব্বোধ-সুবোধৰ কথা কোৱাহে। পুৰুষ ভুলোৱা তিৰোতাৰ স্বভাৱেই; বিষ্ণুয়েও মোহিনী ৰূপতহে হৰক মুহিবলৈ গৈছিল,”— মেঘনাদৰ দৰে জুমৰ আঁৰৰপৰা এজনে বাণ বৰষিলে।
{{gap}}“প্ৰভূয়ে যাক যি স্বভাৱ দি সৃষ্টি কৰিছে—তাকনো এৰাব কেনেকৈ, তাৰ বাৱে দোষৰ ভাগীকেই বা কৰিবা কাক? মানুহ খায় বুলি বাঘক নিন্দা কৰিবা, নে বাঘৰ হাত সাৰিবলৈ তাৰপৰা আতৰি থাকিবা,”— প্ৰত্যুত্তৰ আহিল ডেকা এজনৰপৰা।
{{gap}}“এ পাণ হলেই বগাবলৈ গছ বিচাৰে তেহেলৈ তামোল গছেই হওক, মদাৰ গছেই হওক।”
{{gap}}“প্ৰেমৰ লগতে ইমান দিনে লেঠাটো ছিঙ্গি পেলোৱা হলে এইবোৰ ঘটিবলৈ নেপালেহেঁতেন! উঠন ছোৱালী; তাতে দিন নাই ৰাতি নাই ডেকা {{SIC|মানুহটোবৰ|মানুহটোৰ}} লগত ছাঁৰ দৰে লাগি আছে—তাইৰনো তালৈ ভাব এটা নহব কিয়?” যাৰে মুখত যি ওলাল, বাচ-বিচাৰ নোহোৱাকৈ কৈ গ’ল।
{{gap}}“থোৱাহে, প্ৰেমৰ দৰে দেৱতাটো এৰি সেই অসুৰটোলৈ তাইৰ মন যাব পাইনে?” জিকাৰ খাই উঠি এজনে মাতিলে।
{{gap}}“তিৰোতাই অসুৰহে বিচাৰে, দেৱতা নিবিচাৰে”— অন্য এজন ডেকাই মুখ ভেঙুচালি কৰি কোৱাত, ওচৰৰ কিজনে<noinclude>{{center|১১৩}}</noinclude>
pltwhowqfyji43xfcnruakxbo2qdjaw
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২০
104
84553
254407
252752
2026-06-29T10:33:01Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254407
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>ঢেক্ঢেক্কৈ হাঁহিলে। তিনি আঙুলীয়া জিভাৰেই যেয়ে যিমান পাৰে মনৰ হেপাহেৰে {{SIC|দেৱেশ্বৰৰ|দেৱেশ্বৰক}} ঘপিয়ালে।
{{gap}}দূৰৈত থকা মহীধৰে সেই উখনা-উখনিত দুই তিনিবাৰ পুতেকৰ নামটোৰ উল্লেখ শুনি, কিবা অপ্ৰিয় প্ৰসঙ্গ ওলাইছে বুলি উগ্ৰ প্ৰতিবাদৰে মূৰ মুখ জোকাৰি জোকাৰি কলে, “প্ৰেমই সেইজনী ছোৱালী কি ৰূপ গুণ চাই বিয়া কৰাব বুলি ভাবিছিলাহঁক। মোৰ লৰালৈ গাৱঁত কিবা ছোৱালীৰ আকাল হৈছেনে? মাক নোহোৱা ছোৱালী; শাসন নাই; বয়সতো বুঢ়ী—সেই জনীক বোৱাৰী কৰিবলৈ নেপাইহে আমি মৰিছোঁ।” কথাৰ সুৰ পৰিবৰ্ত্তন হল; ইমান পৰ কাৰো গাত নলগাকৈ যাৰে যি ইচ্ছা তাৰে আলোচনা চলিছিল, যাৰে যি মন গৈছিল সঙ্গতি থাককেই বা নেথাকক কাৰ্পণ্য নকৰাকৈ উপদেশ দিছিল। উপদেশ অযাচিতে আৰু মুক্ত হস্তেই মানুহে দান কৰে। মহীধৰৰ উত্তৰত ব্যক্তিগত কথা পৰিস্ফুট হ’ল। দেৱেশ্বৰৰ এই বিপদৰ সময়ত, মহীধৰ দেৱেশ্বৰৰ মাজত কুৰুক্ষেত্ৰ এখন সৃষ্টি হোৱা কোনেও বাঞ্ছা নকৰিলে। প্ৰকৃত কথাৰ সম্ভেদ লোৱাৰ লগে লগে লোকৰ অপবাদ শুনাৰ উৎসুকো অন্ত পৰিল। লাহে লাহে এজন দুজনকৈ সকলোৱে হাঁ-হুতাশ এৰি দেৱেশ্বৰৰ বাহী চোতাল এৰিলে। লোকৰ ঘৰৰ কলঙ্কৰ কাৰণে অধিক সময় থিয়াথি কৰি চিন্তা কৰিবলৈ অৱসৰ ক’ত?
{{gap}}দেৱেশ্বৰৰ চোতালৰ পৰা প্ৰেম পোনে পোনেই তোষেশ্বৰ অধ্যাপকৰ ঘৰ পালেগৈ। অধ্যাপকে পঞ্জিকাৰ পাত লুতিয়াই<noinclude>{{center|১১৪}}</noinclude>
fw83nu8w3fud0pqsgt1k3pcmrq7eou5
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২১
104
84554
254408
252753
2026-06-29T10:35:27Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254408
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>বগৰাই চাই পালে যে দোকমোকালিতে বৈৰাগীয়ে ঘৰ এৰিছে, উত্তৰ মুখে গৈছে। উত্তৰ দিশ চহৰকেই নিৰ্দেশ কৰে। নিশা গতে ২৩।৩০।১২ৰ পৰা আলতীৰ শনিৰ দশা; প্ৰেমই যি সন্দেহ কৰিছে অৰ্থাৎ নিদ্ৰাবাণ মাৰি টোপনিতে আলতীক পলুৱাইছে — সি সঁচা। কালবেলা দোষ; সিদ্ধিতন্ত্ৰযোগে সেই সময়ত বশীভূত কৰণ ক্ৰিয়াৰ উত্তম সময় বুলি পঞ্জিকাত উল্লেখ আছে। আজিৰ পৰা তৃতীয় দিনত পলৰীয়া ছোৱালীৰ লগত আত্মীয়-স্বজনৰ দেখা-সাক্ষাতৰ লক্ষণ আছে; হয়তো ঘৰলৈ উভতি আহিব পাৰে। পণ্ডিতৰপৰা উভতি অহা সম্ভাৱনা শুনি প্ৰেমৰ শোক-জৰ্জৰিত মুখ কিছু শান্ত হ’ল।
{{gap}}বাপেক মাকৰ নিষেধ নেমানি প্ৰেমই আলতীক বিচাৰি ঘূৰাই আনিবলৈ পিছদিনা পুৱাই ওলাল। মহীধৰে বাটলৈকে খেদা মাৰি গৈ শাসনৰ নিৰ্দেশত কলে, – “খবৰদাৰ, দেৱেশ্বৰৰ ছোৱালী এই ঘৰত আনি সুমুৱাব নোৱাৰিবি? দুইটাকে ঘপিয়াম।”
{{gap}}বাপেকলৈ ঘূৰি নেচাই প্ৰেমই বেগেৰে খোজ দিলে। চৰকাৰী আলিৰ পৰা চহৰলৈ বাছত নগৈ খোজ কাঢ়ি গলে বাটে বাটে মানুহক সুধি যাব পাৰিব—এই ভাবি সি খোজ কাঢ়ি যাবলৈকে ঠিক কৰিলে। কুৰি মাইল বাটহে; গাৱেঁ গাৱেঁ বা-বাতৰি লৈ গলেও সন্ধিয়াৰ লগে লগে চহৰ ওলাবগৈ পাৰিব। প্ৰেমই দিয়া বৰ্ণনাৰ ডেকা গাভৰু বাটত লগ পোৱা কোনো মানুহে যোৱা দুদিনৰ ভিতৰত দেখা নাই।<noinclude>{{center|১১৫}}</noinclude>
2noc5dxq5d5kbf9taspcxer2hu7lg8a
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২২
104
84555
254409
252754
2026-06-29T10:37:58Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254409
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>চহৰ পাওঁতে পাওঁতে প্ৰেমৰ ৰাতি হ’ল। চহৰৰ বজাৰৰ গাতে লগা বাচ-ষ্টেণ্ড; ভাগৰত ক্লান্ত হৈছিল যদিও ষ্টেণ্ডত ৰৈ থকা বাচবোৰত সি লৰালৰিকৈ ভুমুকি মাৰিলে। নাই, সকলো বাচ খালি, কোনো যাত্ৰী নাই। বজাৰত চাহ একাপ নিমকি দুখনমান খাই ৰাতিটো বাচ-ষ্টেণ্ডৰ অফিচ-ঘৰৰ বাৰাণ্ডাতে পৰি থাকিবলৈ ঠিক কৰিলে। তাতেই তাতকৈ বয়সত সৰু লাইন বাচত কাম কৰা লৰা এটাৰ লগত পৰিচয় ঘটিল। কোনো মানুহ মুহূৰ্ত্তৰ চিনা পৰিচয়তে বন্ধু হৈ পৰে — বিশেষকৈ অকলশৰীয়া অসহায় অৱস্থাত। লৰাটোৰ লগত প্ৰেমৰ ক্ষন্তেক কথা-বতৰাতে মিল হ’ল। প্ৰেমই লৰাটোক নিজৰ বিপদৰ কথা দুখৰে জনালে। লৰাটোয়ে প্ৰেমৰ পিঠিত ঢকা এটা মাৰি দেহত নতুন প্ৰেৰণাৰ সঞ্চাৰ কৰিবলৈ গাটো জোকাৰি দি কলে, “ধ্যেত, তুমি কি মানুহ হে, লোকে পলুৱাই নিয়া তিৰোতাজনী বিচাৰি বলিয়া হৈ ফুৰিছা?”
{{gap}}“তুমি বুজা নাই; তাই নিজে যোৱা নাই—তন্ত্ৰ-মন্ত্ৰ কৰি ফুচুলাই নিলে।”
{{gap}}“কি বুৰ্ব্বক মানুহ হে। তিৰোতা পলুৱাবলৈ তন্ত্ৰ-মন্ত্ৰ কৰিব লাগে? তাই ভাল পাইছে, তাৰ লগত গুচি গৈছে। এই সাধাৰণ কথাটো বুজিবলৈ তোমাৰ মগজ নোহোৱা হলনে?” ৰহস্যময় হাত-মুখৰ ভঙ্গীৰে উত্তৰ দিলে।
{{gap}}“তাইক যে মই বৰ ভাল পাইছিলোঁ।”
{{gap}}“ভাল পাইছিলা? ভাল পাইছিলা যদি ধৰি ৰাখিব<noinclude>{{center|১১৬}}</noinclude>
46jwbjw2hrq62buxwm61ptp3btd49tl
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৩
104
84556
254410
252762
2026-06-29T10:41:40Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254410
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>নোৱাৰিলা কিয়? তিৰোতাক জোৰ কৰি ভাল পাব নোৱাৰি, বুজিছা?”
{{gap}}“তাই নিজেও যে মোক ভাল পাইছিল।”
{{gap}}“তোমাক ভাল পোৱা বুলি মিছায়ে ভাবিছা! তোমাৰ লগত তাই লৰা-ধেমালি খেলিছিল; তোমাক নচুৱাই চাইছিল। সঁচাকৈ কোৱাচোন, তাইক তুমি তিৰোতা কৰিবলৈ বিচাৰি ছিলানে, নাই তাইৰ অন্তৰত উঠা যৌৱনটো জগাবলৈ চেষ্টা কৰিছিলা? পিয়াহত থকা মানুহক মুখৰ কথাৰে সন্তোষ লগাব নোৱাৰি, বুজিছা?”
{{gap}}“বৈৰাগীক তাই দুই চকু পাৰি দেখিবই নোৱাৰিছিল......।” “আহা হা; বৈৰী ভাবত বৈৰাগীক লাভ কৰিলে, বঢ়িয়া কৈছা, বঢ়িয়া কৈছা,” হে-হে-কৈ হাঁহিবলৈ ধৰিলে।
{{gap}}“তুমি নুবুজিবা, তাইৰ দৰে ছোৱালী........"প্ৰেমৰ কথাষাৰ শেষ নৌহওঁতেই লৰাটোয়ে মুখ ভেঙুচালি কৰি কলে,—“তাইৰ দৰে ছোৱালী! ওলোৱা মোৰ লগত—তাইৰ দৰে ছোৱালী ৰাতিটোৰ ভিতৰত কেইগণ্ডা তোমাক গটাব পাৰোঁ। আহিবা মোৰ লগত? জেপত পইচা আছে তো?” নিজৰ জেপৰ পইচা কেইটা জুনজুনাই বজালে। বাওঁ চকুটে৷ জপাই বিড়িটোত টানকৈ হোপা এটা মাৰি কলে।—“আ-হা, আ-হা, কি বুকেৰ জালা গো!”... ব্যঙ্গপূৰ্ণ বিষাদৰ শব্দ কৰি প্ৰেমৰ বুকুত হাতখন দি ভাটিয়ালি সুৰত গীত জুৰিলে,
{{gap}}হে বন্ধু ৰে...<br/><noinclude>{{center|১১৭}}</noinclude>
ss8rvhjnbt2pos2rfcf0rqkb7dibad6
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৪
104
84557
254411
252761
2026-06-29T10:46:33Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254411
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}আশা লৌকায় ঝামুৰ ঝুমুৰ পাছা লৌকায় ছায়া<br/>
{{gap}}ধীৰে সুস্থে বাইও লৌকা আমি বন্ধুৰ কান্দোন শুনি ৰে।<br/>
{{gap}}কাইন্দ না কাইন্দ না বন্ধু ৰে, না কান্দিও আৰ<br/>
{{gap}}ঘৰে আছে অলঙ্কাৰ বন্ধু আবেক বিয়া কইৰ ৰে।<br/>
{{gap}}শুন শুন বন্ধু<br/>
{{gap}}আমাৰ কইথা শুন ৰে।
{{gap}}বেৰত মূৰটো আওজাই ভৰি দুখন আগলৈ মেলি প্ৰেমই তন্ময়ৰে গান শুনিলে। লগৰীয়াবোৰে লৰাটোৰ গানৰ এটা দুটা কলি শুনিলেই “থাক্ থাক্, গাধই চিঞৰিব নেলাগে—”বুলি জোৰ কৰি বন্ধ কৰায়। প্ৰেমই গোটেই গানটো মনোযোগেৰে শুনাত লৰাটোৰ স্ফুৰ্ত্তি বাঢ়িল; সঙ্গীৰ প্ৰতি পুতৌও হ’ল। মেলি দিয়া প্ৰেমৰ ভৰি দুখন জোকাৰি দি নাটকীয় সুৰত কলে; “কি গাৱঁলীয়া প্ৰেমত পৰিলাহে? একেজনী ছোৱালী ভাল পাবা, তাইক বিয়া কৰাবা, ঘৰ-সংসাৰ পাতিবা, লৰা-ছোৱালী ফুকাবা—বচ্, প্ৰেম খতম হৈ গল।”
{{gap}}কথাখিনি স্পষ্টভাৱে শুনিবলৈ প্ৰেমই লৰাটোৰ পিনে মূৰটো দোৱাই দিলে : প্ৰেমৰ আগ্ৰহ দেখি সি উৎসাহেৰে কলে,—“ঘৰ-সংসাৰ কৰিলে প্ৰেম নহয়; প্ৰেম তেতিয়া মৰি যায়; তাৰ দুৰ্গন্ধহে সৌ নৰ্দমাটোৰ দৰে ওলায়।” বিড়িটোত আৰু এটা হোপা মাৰি কলে,
{{gap}}“ময়োতো গাৱঁৰে লৰা আছিলোঁ; দেখিছোঁ নহয় কত ডেকাই সাধ্য সাধনা কৰি মন যোগাবলৈ কত বস্তু উপহাৰ<noinclude>{{center|১১৮}}</noinclude>
2bnh7fh9rdn1z3se0bnmedowwuzbh3z
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৫
104
84558
254412
252763
2026-06-29T10:49:38Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254412
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>দি ছোৱালী পলুৱায় আনে। কিন্তু পিছত কি হয়? বিয়া কৰোৱা বছৰ ছমাহ নৌহওঁতেই ঘৰত বন-বাৰি নকৰাৰ দোষত, মুখে মুখে উত্তৰ দিয়াত—প্ৰেমৰ ওপৰত ঔ-কিল পৰে। বুজিছা, দাসী-বৃত্তিত প্ৰেম নেথাকে।”
{{gap}}অলপ ৰৈ আকৌ আৰম্ভ কৰিলে—“প্ৰেম একচনীয়া মাটিৰ দৰে উৰ্ব্বৰা; যি ইচ্ছা যায়, সেই শস্যকে কৰা—কিন্তু বছৰটোলৈহে। ম্যাদি কৰিলেই চিৰকাল তাত এক খেতিহে হব। সাধাৰণ মানুহে ম্যাদি মাটি বিচাৰে; সহজে হস্তান্তৰ নোহোৱাৰ ভয় নেথাকে। বেচি খাজানা দিয়ে, নিদ্দিষ্ট উৎপন্নৰ আশাত। কিন্তু একচনীয়া মাটিত খেতি কৰিবও পাবা—মন গলে ইস্তফা দিবও পাৰা; নিজৰ ইচ্ছামতে এৰিব ধৰিব পৰা ব্যৱস্থা ভাল নহয় বুলি কোৱানে?”
{{gap}}লৰাটোৰ বক্তৃতা প্ৰেমৰ শুনিবলৈ ইচ্ছা নাছিল; যি শুনিছিল তাৰ অৰ্থও বুজিবলৈ চেষ্টা নকৰিলে। তথাপি বিপদৰ বন্ধু; এষাৰো কথা নকলে কিজানি লগ হেৰুৱাব লাগে—তাকে ভাবি কলে, -- "ইমান ডাঙৰ ডাঙৰ কথা কোন স্কুলত শিকিলা?”
{{gap}}“চব, কথা কি মানুহে স্কুল-কলেজত পঢ়ি শিকে? ভক্তমল কেঞাঁই যে লাখ লাখ টকাৰ বেপাৰ চলায় — সি কেইখন ধাৰাপাত মুখস্থ কৰিছে? আমাৰ নিচিনা বজৰুৱা লৰাই হাট-বজাৰ, থিয়টৰ-বায়স্কোপ, বাট-ঘাট, বাচ-মটৰতে নতুন নতুন অনেক কথা শিকোঁ। এই বোৰ প্ৰেম কথা স্কুলৰ<noinclude>{{center|১১৯}}</noinclude>
2a5kgc4nstfkawvi8hitt5576ec96x1
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৬
104
84559
254413
252764
2026-06-29T10:51:56Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */
254413
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>কিতাপত নিলিখে, মাষ্টৰেও নপঢ়ায়।” বিড়িটোৰ আগৰ ছাইখিনি জোকাৰি পুনৰ কলে, “কিছু শিকোঁ লোকৰপৰা, কিছু নিজৰ জীৱনৰ পৰা। মোৰ জীৱনৰ কথা শুনিবা?”
{{gap}}প্ৰেমই শুনিবলৈ আগ্ৰহেৰে কাষ চাপিল।
{{gap}}“ময়ো তোমাৰ দৰে গাৱলীয়া আছিলোঁ, গৰু চৰাই, হাল বাই ধিক্কাৰ লাগিছিল। তাতে বোপাইৰ কথাই কথাই খং। গৰু পোৱালি এটা ঘৰলৈ নাহিলেই, বাৰী লুৰুকি খৰি একোছা নানিলেই পিঠিত বাবৰি বাছে। ঘৰৰপৰা সেই কাৰণেই পলালোঁ। পিছে টাউনলৈ আহিও সেই একে গতি হৈছিল। উকিল এজনৰ ঘৰত মাহে তিনি টকাকৈ চাকৰ সোমালোঁ; দোকমোকালিৰপৰা মাজ নিশালৈকে জিৰণি নাই। বাচন-বৰ্তন মজা, ঘৰ সৰাৰপৰা বাৰীত কোৰ মৰালৈকে কোনো কাম কৰিবলৈ বাকী নাই। চাকৰৰ যেন লোহাৰ শৰীৰহে—একোতে পোটোকা নপৰে। উকিলনী জনী ও বাঘিনী—মুহূৰ্ত্ত মুখৰ খতি নাই; হোৱাই নোহোৱাই গালি-শপনি। এদিন গিৰিয়েকক লগাই জোতাৰে মৰালে; বোপাইৰ হাততো এনে মাৰ-খোৱ৷ নাছিলো। সেই দিনাই উকিলৰ ঘৰ এৰিলোঁ; কুৰি দিনৰ দৰ্ম্মহা পাব লগা আছিল, তাকো নিবিচাৰিলোঁ। আহি সোমালোঁহি উধম সিঙৰ মটৰ কাৰখানাত। মহাজনে অৱশ্যে মৰমেই কৰিলে; তিনি মাহৰ মূৰত লাইন বাচত হেণ্ডিমেনৰ কাম দিলে।”
{{gap}}নুমোৱা বিড়িটোত দিয়াচলাই কাঠীটো মাৰি পুনৰ আৰম্ভ<noinclude>{{center|১২০}}</noinclude>
rijwe34mxs9vfe8awaabhtjgnl1utxb
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৭
104
84560
254414
252766
2026-06-29T10:56:20Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254414
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>কৰিলে—“উধম সিঙৰ তাত থাকোঁতেই গাত শনিয়ে লম্ভিলে। মহাজনৰ কাপোৰ অনা-নিয়া কৰিবলৈ দেওছন ধুবীৰ ঘৰলৈ অহা-যোৱা কৰিব লাগে। তাতে দেওছনৰ ছোৱালী লছিমিয়াৰ লগত চিনাকি হ’ল। তোমাৰ ছোৱালীতকৈও ধুনীয়া, বুজিছা।” চকু টিপিয়াই প্ৰেমলৈ চালে।
{{gap}}“সন্ধিয়া লাইনৰপৰা আহিয়েই দেওছনৰ ঘৰলৈ যাওঁ; লছিমিয়াৰ লগত মিলা-মিছাত দেওছনে আপত্তি নকৰে; দেওছনক মাজে মাজে মদৰ বটল নি দিওঁ। উধম সিঙৰ ঘৰত খাওঁ; হাত খৰচৰ বাহিৰে অন্য খৰচ নাই। যি কেইটা দৰ্ম্মহা পাওঁ—দেওছনৰ মদ, লছিমিয়াৰ ইটো-সিটো বস্তু কিনোতেই খৰচ হয়। দেওছন আৰু ঘৈণীয়েকে লছিমিয়াক মোক বিয়া দিবলৈ ঠিকেই কৰিলে; কথাই কথাই মোক জোৱাই বুলি কোৱাও হল। লছিমিয়াই কুতুৰিলে তাইক এজোৰ সোণৰ কাণফুল গঢ়াই দিবই লাগে। প্ৰফুল্ল স্বৰ্ণকাৰৰ তাত খবৰ ললোঁ, সোণৰ দাম ধৰি গঢ়নিৰে সৈতে কুৰি টকাৰ কমে নহব। ইমান টকা একেলগে পাওঁ কত? উধম সিঙ ধাৰ দিয়া মহাজন নহয়। কপাল ভাল থাকিলে সুবিধাও এটা ওলায়। মৰিয়নি ষ্টেচনত বাচৰপৰা নামি ৰেল ধৰিবলৈ পেচেঞ্জাৰ এটাই খৰ-খেদা লগাওঁতে মনি-বেগটো বাছতে পেলাই থৈ গ’ল। কিছু সময় বেগটো ভৰিৰে গচকি ঢাকি ধৰিলোঁ; পেচেঞ্জাৰ নামি শেষ হোৱাত সাউতকৈ হাতত তুলি চাহৰ দোকানলৈ বেগ দিলোঁ। জীৱনত সেইটোৱেই প্ৰথম চুৰি; বেগটো ৰখাওঁ নে ওভোতাই<noinclude>{{center|১২১}}</noinclude>
6t3an0zy9fll5xhgbmorvunt5o625j7
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১২৮
104
84561
254415
252767
2026-06-29T10:58:48Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254415
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>দিওঁ বহুত পৰ ভাবিলোঁ। কিন্তু লছিমিয়াক কাণ-ফুল জোৰা গঢ়াই দিয়া বেচি দৰ্কাৰ। চাহৰ দোকানত বহি বেগটো মনে মনে মেলি চাই গন্তি কৰিলোঁ—সোতৰ টকা দহ অনা - দুপইচা আছে। বহুত পৰলৈকে ভয় লাগি আছিল—কিজানিবা গৰাকীয়ে আহি গা খানা-তালাচ কৰে; ৰেল এৰাতহে ভয়তো ভাগিল।”
{{gap}}মুখৰ বিড়িটোৰ ছাইখিনি আকৌ জোকাৰি ললে।
{{gap}}“লছিমিয়াক যি দিনা কাণৰ ফুল উপহাৰ দিলোঁ সেইদিনা মাক বাপেক জীয়েক তিনিওৰে স্ফূৰ্ত্তি চাই কোনে? দেওছনলৈ মদ এবটল লৈ গৈছিলোঁ, মদ খাই সি কথাই কথাই হাঁহে। মাকে ৰাতি তাহাঁতৰ তাতে খাবলৈ কলে—একেবাৰে কন্যাদানৰ ভোজ ৰান্ধিলে। মাজ ৰাতিলৈকে লছিমিয়াৰ লগত হাঁহি-খিকিন্দালি কথা পাতি পাতি দেওছনৰ কাপোৰ ইস্ত্ৰি কৰা বাহিৰৰ বাঁহৰ চাংখনতে শুই থাকিলোঁ; মোৰ লগতে লছিমিয়াও টোপনি গ'ল। পুৱা মাকে আহি জগাওঁতেহে দুয়ো ধৰমৰ কৰি উঠিলোঁ। সেই দিনাৰপৰা দেওছনৰ সঁচাসঁচিকৈ জোঁৱাই হলো।”
{{gap}}হেণ্ডিমেন লৰাটোৰ কথাৰ সুৰ সলনি হ’ল; সমুখত থকা কোনোবা জনলৈ চাই দাঁত কৰছি কলে, “ছালা, আমি বজৰুৱা লৰা, আমি বদমাইচ; অবাইচ মাত মাতো; বেয়া কাম কৰোঁ, মদ খাই বজাৰত পৰি থাকোঁ। ছালা, চুৱৰৰ পোৱালি, বৰ ধনী মানুহ, চেলাইছ? ভদ্ৰ মানুহৰ লৰা হৈ তহঁতে কি ভাল কাম কৰ?”
{{nop}}<noinclude>{{center|১২২}}</noinclude>
buoq9hg5nbdos4zxxvxaotw7j1hcp1m
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৭
104
92364
254403
252990
2026-06-29T08:29:35Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254403
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh|৫৬|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>
'''সামাজিক ক্ষেত্ৰত অবদান :'''
{{gap}}শিক্ষকতাৰ সমান্তৰালভালে ৰেৱতী শইকীয়া পেগুৱে সমাজৰ প্ৰতি দায়বদ্ধতাৰ কথা চিন্তা কৰিলে। ১৯৭৮ চনত উদয় নগৰৰ মহিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদিকাৰূপে দায়িত্ব লৈ আজিলৈকে (বৰ্তমান উপদেষ্টা হিচাপে) কাৰ্য্যনিৰ্বাহ কৰি আছে। মহিলা সমিতিৰ সম্পাদিকা হৈ থকাৰ সময়ছোৱাত তেওঁ সমিতিৰ সদস্যাসকলক লগত লৈ মদ নিবাৰণী সভা, ধঁপাত নিবাৰণী সভা, শিক্ষা সজাগতা সভা, স্বাক্ষৰতা অভিযান আদি অনেক উন্নয়নমূলক কাৰ্য্যসূচী হাতত লৈ ধোবা আটী গাঁও, বহিখোৱা গাঁও আদিত সজাগতামুলক সভা পাতিছিল। কেৱল সেয়ে নহয় ধনশিৰিমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি প্ৰতিষ্ঠা কৰাত এইগৰাকী নাৰীৰ ভূমিকা লেখত ল’বলগীয়া। বিশেষকৈ গ্ৰাম্য অঞ্চলসমূহত ডাক্তৰৰ অনুপস্থিতিত নাৰ্চসকলেই ৰোগীসকলৰ বাবে ভগৱানস্বৰূপ। অনেক প্ৰচেষ্টাৰ অন্তত ধনশিৰিমুখৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি স্থাপন হোৱাত বৰ্তমান অঞ্চলটোৰ লোকসকল যথেষ্ট উপকৃত হোৱা দেখা যায়। শিক্ষা, স্বাস্থ্য আদি সজাগতামুলক সভা আয়োজন কৰাৰ উপৰি এইগৰাকী নাৰীয়ে মৰি ধনশিৰিৰ ওপৰত থকা দলংখনকো পকীকৰণ কৰিব লাগে বুলি স্থানীয় ৰাইজৰ সহযোগত চৰকাৰৰ ওচৰত আৱেদন-নিবেদন কৰিছিল। দলংখন পকীকৰণত সম্পূৰ্ণ নেতৃত্ব লোৱা নাছিল যদিও গড়কাপ্তানী বিভাগৰ পৰা আৰম্ভ কৰি বিধায়ক মন্ত্ৰীলৈকে বিষয়টো অৱগত কৰাত তেওঁ আগভাগ লৈছিল। বৰ্তমান সেই দলংখন পকী হোৱাত সমগ্ৰ অঞ্চলটি যাতায়তৰ দিশত উপযোগী হোৱা দেখা গৈছে। ফলত ব্যৱসায়-বাণিজ্যৰ দিশতো অঞ্চলটোৰ লোকসকল আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। সামাজিক ক্ষেত্ৰখন যিটো বিষয়ে ৰেৱতী শইকীয়াৰ নাম যুগ যুগ ধৰি সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব সেইটো হৈছে ককায়েক মেঘনাথ শইকীয়াৰ সৈতে লগ লাগি ১৯৮৮ চনত ধনশিৰিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ বাবে তেৰ বিঘা মাটি দান কৰিছিল। তেওঁলোকৰ লগতে ললিত বাহাদূৰ ছেত্ৰীয়েও দুবিঘা মাটি বিদ্যালয়খনৰ বাবে দান কৰিছিল। প্ৰকৃত অৰ্থত তেনে বহল মানসিকতাৰ পৰিচয় আজিৰ তাৰিখত তেনেই বিৰল। ২০১৮ চনৰ তিনি চেপ্তেম্বৰত উদয় নগৰস্থিত ৰেৱতী শইকীয়াৰ নিজা বাসগৃহত লোৱা সাক্ষাৎকাৰৰ দৰে আমাৰ মাজত<noinclude></noinclude>
60uvlmix8317mbf7wasjen0pbztmpg2
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৪৮
104
92424
254393
252937
2026-06-29T06:48:47Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
254393
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ৪৭ |}}</noinclude>{{center|{{Xx-larger|'''পদ্মাৱতী পেগু কুটুম'''}}}}
{{gap}}ভাৰতীয় সামাজিক প্ৰেক্ষাপটত নাৰীসকলক পুৰুষৰ তুলনাত পিছপৰা বুলি সততে স্বীকাৰ কৰা হয়। নাৰীক নদী, লক্ষ্মী, মাতৃ, দেৱী আদি নানান বন্দনাৰেও বন্দিত কৰা বিভিন্ন সমাজত লক্ষ্য কৰা হয়। আনহাতে যুগে যুগে সমাজভেদে নাৰীয়ে লাঞ্ছিত, বঞ্চিত আৰু ত্যাগৰ প্ৰতীক হিচাপেই নিজকে জলাঞ্জলি দিবলগীয়াও হয়। সকলো দুখ-ক্ষোভ বুকুৰ মাজতে ৰাখি নীৰৱে সহ্য কৰি যোৱা অনন্য সত্তাই হ’ল নাৰী। ভূপেন হাজৰিকাৰ দৰে বিশ্বমানৱৰ গীত গোৱা শিল্পীয়েও নিজা ভাতৃ জয়ন্ত হাজৰিকাৰ কণ্ঠেৰে “নিয়তি” বোলছবিত নাৰী সম্পৰ্কে কৈছে—“হেজাৰ হওক মহিলা পাহৰি নাযাবা মহিলা পুৰুষৰ তল।” ইয়াতকৈও এখোপ বগাই নাৰীক পুনৰ একেটি গীতত “পুৰুষ জাতিটো পৃথিৱীত নহ’লে মহিলা থাকিব পাৰে?”—বুলি তাচ্ছিল্য কৰিবলৈকো এৰা নাই। তাৰ মাজেৰেই সমাজত কিছুমান সবলা নাৰীয়ে সকলো বাধা অতিক্ৰম কৰি নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়—তেনে এগৰাকী নাৰী হৈছে পদ্মাৱতী পেগু কুটুম।
{{Gap}}গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত এখন গাঁও হৈছে দুসুঁতি মুখ। দুসুঁতি মুখ নামটোৱে পোনছাতেই নদীকেন্দ্ৰিক শব্দ হিচাপে (দুখন নদীৰ মুখ সংগম থলী) সকলোৰে আগত পৰিচয় বহন কৰে। দুসুঁতিমুখ গাঁওখনৰ উৎপত্তি তথা বিদ্যালয় সম্পৰ্কে দিলীপ বৰাদেৱে দুসুঁতি মুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ (২৮ আৰু ২৯ জানুৱাৰী, ২০১১ খৃষ্টাব্দ) ‘দুসুঁতিমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চমু ইতিহাস আৰু সোণালী জয়ন্তী উৎসৱ’ শীৰ্ষক লেখাটোত লিখিছ—“আৰম্ভণিতেই দুসুঁতিমুখ গাঁওখনৰ নামটো উৎপত্তি সম্পৰ্কে থোৰতে ক’বলৈ গ’লে ই দুটা সুঁতিৰ সঙ্গমস্থলৰ পাৰত অৱস্থিত। এটা হ’ল দিচৈ সুঁতি আৰু আনটো হ’ল এই দিচৈ সুঁতিৰে আন এটা অংশ চেঙেলী সুঁতি নামে দুসুঁতিমুখৰ কিছু আগত দুভাগ হৈ যোৱাত এই ঠাইৰ নাম দুসুঁতিমুখ হ’ল<noinclude></noinclude>
d5dit5grbfgu5gmllwtigoo9bdjgi0p
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৪৯
104
92425
254394
252938
2026-06-29T06:55:45Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254394
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||৪৮ ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>বুলি ক’ব পাৰি। প্ৰথম অৱস্থাত বৰ্তমানৰ দুসুঁতিমুখ মধ্য ইংৰাজী বিদ্যালয়খনিত দেশে স্বাধীনতা লাভ কৰা বৰ্ষতে ১৯৪৭ চনত তাতে প্ৰতিষ্ঠা হৈছিল। কিন্তু বানপানী, গৰাখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি বিদ্যালয়ৰ ভেটিও বিপন্ন হোৱাত পিছলৈ ইয়াক সুৰক্ষণৰ স্বাৰ্থত বৰ্তমান স্থানলৈ স্থানান্তৰিত কৰা হয়। বৰ্তমান এই গাঁও ৰাজহ গাঁও হিচাপে ‘১নং পাঠৰী মিৰি’ বুলি পৰিচিত। এই দুসুঁতিমুখ মধ্য ইংৰাজী বিদ্যালয়খনিৰ ওপৰত ভেজা দিয়েই সেই সময়ৰ অঞ্চলটোৰ কেইগৰাকীমান সমাজকৰ্মী, শিক্ষানুৰাগী আৰু বিদ্যোৎসাহী স্বনামধন্য ব্যক্তিৰ অক্লান্ত শ্ৰম, ত্যাগ আৰু নিৰলস প্ৰচেষ্টাৰ বলত ১৯৬০ চনত দুসুঁতি মুখ হাইস্কুলখনিয়ে প্ৰতিষ্ঠা লাভ কৰিছিল।” এই দুসুঁতিমুখতেই ১৯৪৮ চনৰ ০১ জানুৱাৰী তাৰিখে পদ্মাৱতী পেগুই জন্মলাভ কৰিছিল। পিতৃৰ নাম আছিল স্বৰ্গীয় সুন্দৰ পেগু আৰু মাতৃ স্বৰ্গীয়া বুন্দুৰী পেগু। খেতিয়ে বাতিয়ে নদন-বদন সুন্দৰ পেগু আৰু বুন্দুৰী পেগুৰ যুগ্ম জীৱনৰ সাক্ষীস্বৰূপে সাতোটাকৈ সন্তান ক্ৰমে কমল, গৰখীয়া, অসমনী, ভোগীৰাম, পদ্মা, চন্দ্ৰ আৰু বিলাচনৰ জন্ম হৈছিল। সেই সময়ত মিচিং মানুহে নাৰী শিক্ষাৰ প্ৰতি একেবাৰে গুৰুত্ব প্ৰদান কৰা নাছিল। সেয়ে পদ্মাৰ জ্যেষ্ঠা ভগ্নী অসমনীকো বিদ্যালয়লৈ পঠিওৱা নাছিল। কিন্তু বায়েক অসমনী আৰু জ্যেষ্ঠ ভাতৃ কমল আৰু গৰখীয়াই পদ্মাক বিদ্যালয়লৈ শিক্ষা গ্ৰহণ কৰিবৰ বাবে আগুৱাই দিছিল। দুসুঁতি মুখ প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই দেউতাক সুন্দৰ পেগুৰ মৃত্যু হোৱাত পদ্মাৱতীৰ ঘৰখনলৈকো অমানিশা নামি আহিল। পদ্মাৰ মাতৃয়ে সেয়ে বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে ঘৰত কাম কৰা, পথাৰত আহুধান নিৰোৱা, কঠিয়া তোলা, ভৰিৰে ধান মৰা আদি কামত নিয়োগ কৰিছিল। তদুপৰি সেইসময়তে পদ্মাৰ কনিষ্ঠ ভাতৃ বিলাচন তেনেই কুমলীয়া অৱস্থাত থকা বাবে তেওঁকো বোকোচাত উঠাই লৈ ফুৰাবলগীয়া হৈছিল। বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে ঘৰত থাকিলে সকলোৰে সহায়-সাৰথি হ’ব বুলি মাতৃয়ে তেওঁক বিদ্যালয়লৈ যোৱাত বাধা দিছিল। দুসুঁতি মুখত ষষ্ঠ শ্ৰেণীলৈকে পঢ়াৰ পিছত তেওঁলোকৰ বংশৰে বায়েক গোলাপী পেগুৱে (এই পুথিখনত অগ্ৰণী নাৰী হিচাপে ঠাই পাইছে) লক্ষীমপুৰৰ গাৰ্লচ স্কুলত সপ্তম শ্ৰেণীত নাম ভৰ্ত্তি কৰি দিছিল। গোলাপী পেগুৰ স্বামী লক্ষ্য দলে<noinclude></noinclude>
rn92d9jorzev8n8miwq3m46iv101xnx
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫০
104
92426
254395
252939
2026-06-29T07:00:48Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254395
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ৪৯|}}</noinclude>সেইসময়ত লক্ষীমপুৰ সমষ্টিৰ বিধায়ক আছিল। কিন্তু সেইসময়ত দুসুঁতি মুখত হাইস্কুল প্ৰতিষ্ঠা কৰাৰ বাতৰি পাই পদ্মা পেগুৱে গাঁৱতে শিক্ষা গ্ৰহণ কৰিবলৈ লক্ষীমপুৰৰ পৰা উভতি আহে। দুসুঁতি মুখত শিক্ষা গ্ৰহণ কৰি ১৯৬৪ চনত দহজন বিদ্যাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তাৰে চাৰিগৰাকীয়ে উত্তীৰ্ণ হয়। তেওঁলোক আছিল ক্ৰমে—টংকেশ্বৰ লইং, নন্দেশ্বৰ লইং, কমলেশ্বৰ গগৈ আৰু একমাত্ৰ ছাত্ৰী পদ্মাৱতী পেগু।
{{Gap}}দুসুঁতি মুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছতেই কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ পদ্মাৱতী পেগুই যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত কলা শাখাত নামভৰ্ত্তি কৰে। ১৯৬৫ চনত প্ৰি-ইউনিভাৰচিটি পাছ কৰি উঠিয়েই শিৱসাগৰ জিলাৰ যোৰহাট মহকুমাৰ অন্তৰ্গত ভলুকাগুৰি গাঁৱৰ চেনিৰাম কুটুমৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ভলুকাগুৰি গাঁওখন গৰাখহনীয়াৰ কবলত পৰি তিনিবাৰমান স্থান সলাবলগীয়া হ’ল। বৰ্তমান তেওঁলোকৰ গাঁওখন বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত লোহিতমুখৰ অন্তৰ্গত (কিছুদিন আগলৈকে শোণিতপুৰ জিলাৰ অন্তৰ্গত আছিল) চেনিৰাম কুটুম আৰু পদ্মাৰ যুগ্মজীৱনৰ সাক্ষীস্বৰূপে দুজন পুত্ৰ ক্ৰমে সন্তোষ আৰু শৈলেন আৰু দুগৰাকী কন্যা অৰুণা আৰু পপীৰ জন্ম হয়। ১৯৬৬ চনত ‘ৰঙাগড়া চিনিয়ৰ বেছিক’ স্কুলত এজন শিক্ষকে ট্ৰেইনিঙত যোৱাৰ বাবে তাৰ ঠাইত পদ্মা পেগুৱে শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে পিছত ১৯৬৭ চনত তেওঁ কুটুম গাঁও প্ৰাথমিক বিদ্যালয়ত স্থায়ী পদত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। সেইসময়ত মিচিং সমাজত নাৰী শিক্ষাৰ প্ৰসাৰ নিচেই কম আছিল বাবে দুই-এজনী ছাত্ৰীয়ে কিছুদিনৰ বাবে বিদ্যালয়লৈ গৈছিল যদিও আধাতে শিক্ষা সামৰি গুচি গৈছিল। ১৯৬৯ চনত কুটুম গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা স্থান বদলিকৰণ হৈ ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে তেওঁ যোগদান কৰে। পদ্মাৱতী পেগুৱে শিক্ষাদান দিয়া অনেক ছাত্ৰ-ছাত্ৰীয়ে (বেংকৰ বিষয়া যেনে ভাৰতীয় ষ্টেট বেংকৰ বিষয়া লক্ষ্য কুটুম, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰী মাণিক কুটুম, ট্ৰাইবেল কৰ্পৰেশ্যনৰ শাখা প্ৰৱন্ধক ৰবি পেগু, কেইবাগৰাকীও শিক্ষয়িত্ৰী, অনেক চিকিৎসা বিভাগৰ কৰ্মীয়ে) আজিও দেশ আৰু জাতিৰ স্বাৰ্থত<noinclude></noinclude>
g6xdwt0aktvwh5c56cul7ojuk18palr
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫১
104
92428
254396
252941
2026-06-29T07:40:40Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254396
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||৫০ ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>সেৱা আগবঢ়াই আছে। ১৯৬৯ চনৰ পৰা সুদীৰ্ঘ সাতত্ৰিশ বছৰ ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি ২০০৬ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে।
'''সাংসাৰিক জীৱন :'''
{{gap}}১৯৬৭ চনত কুটুম গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী পদত যোগদান কৰাৰ লগতে পদ্মা পেগুৱে নিৰানব্বৈ জনীয়া এটা যৌথ পৰিয়ালৰ সদস্যা হ’বলগীয়া হয়। তেওঁ নিজ মুখেৰে কোৱা শুনিবলৈ সাধু যেন লগা কথাখিনি আছিল এনেধৰণৰ—একেখন ঘৰত তিনিজনকৈ শহুৰ, দুগৰাকীকৈ শাহু আই (এগৰাকী শাহুৰেক সেইসময়ত ইহলীলা সম্বৰণ কৰিছিল) ডাঙৰজন শহুৰেকৰ চাৰিজনকৈ পুত্ৰ আৰু বোৱাৰী, মাজু শহুৰেকৰ দুজনকৈ পুত্ৰ আৰু বোৱাৰী, নিজা শহুৰেকৰ তিনিজন পুত্ৰ আৰু বোৱাৰীৰে সৈতে নিৰানব্বৈ জনীয়া সংসাৰৰ মাজত এক বিচিত্ৰ জীৱন-যাপন কৰিবলগীয়া হৈছিল। তেওঁলোকৰ এশ পুৰাতকৈ অধিক কৃষিভূমি আছিল আৰু নিতৌ ম’হৰ পৰা এশ লিটাৰতকৈ অধিক গাখীৰ বিক্ৰী কৰিছিল। দুজনকৈ মাছ ধৰা বিহাৰী লোক তেওঁলোকৰ ঘৰত ৰাখিছিল আৰু তেওঁলোকে নিতৌ বিশ-ত্ৰিশ কেজিতকৈয়ো বেছি মাছ ধৰি আনিছিল। ঘৰত ম’হৰ উপৰি সাত হাল মণিপুৰী গৰু ৰাখিছিল। সাত-আঠজন স্থায়ী খেতি কৰা লোক ৰখাৰ উপৰি গাঁৱৰে ছয়-সাত গৰাকীমান কাম কৰা ছোৱালীয়ে নিতৌ পথাৰত কাম কৰিছিল। তিনিটা ভঁৰালত মেটমৰা ধানেৰে ফুটি-ফাটি থকাৰ উপৰি দুশ কুইণ্টলমান ধান বজাৰত বছেৰেকত বিক্ৰী কৰিছিল। ধানৰ উপৰি বছৰেকত এশ কুইণ্টলমান সৰিয়হ চল্লিশ-পঞ্চাশ কুইণ্টলমান মটৰ বিক্ৰী কৰা হৈছিল। উল্লেখযোগ্য যে সেইসময়ত কাজিৰঙাৰ পৰা হৰিণা পহুবোৰ বাৰিষা সময়ত (কেতিয়াবা খৰালি সময়ত বেছিকৈ ওলাইছিল আৰু পহু মাংসও খাবলৈ পাইছিল —সেয়া আছিল ১৯৬৮ চনৰ কথা। উল্লেখযোগ্য যে পদ্মাৱতীৰ শহুৰেক বইৰিং কুটুম সমগ্ৰ আহঁতগুৰি মৌজাৰ ভিতৰত এজন নামী-দামী ব্যৱসায়ী আছিল। দেৰগাঁৱৰ কাংকানী ষ্টৰৰ মালিকৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ব্যৱসায় প্ৰসাৰৰ কাৰণে তেওঁলোকে সৰিয়হ পিহি বিক্ৰী কৰিছিল। তেনে এক পৰিৱেশৰ মাজতো পদ্মা পেগুই নিজকে সজাই<noinclude></noinclude>
mtucgfl5j9vnhwxxuafk0krivei5y8a
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৪
104
92432
254398
252944
2026-06-29T08:00:06Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254398
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ৫৩}}</noinclude>{{center|{{Xx-larger|'''ৰেৱতী শইকীয়া পেগু'''}}}}
{{Gap}}গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ অন্তৰ্গত এখন ঠাইৰ নাম হৈছে ধনশিৰিমুখ। এই ধনশিৰিমুখ অঞ্চলৰ পৰাই অনেক মিচিং ব্যক্তিয়ে বিভিন্ন সময়ত সমাজক নেতৃত্ব দি অহা দেখিবলৈ পোৱা গৈছে। ধনশিৰিমুখ সম্পৰ্কে শিশুৰাম পেগুৰ ‘ধনশিৰিমুখৰ কথা’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে এনেদৰে— “১৯৪০ চনৰ আগৰ কথা। তেতিয়া ধনশিৰি মুখ আছিল এটা নামজ্বলা জাহাজঘাট। সুদূৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে দুয়োপাৰ সাঙুৰি ব্ৰহ্মপুত্ৰৰ ওপৰত তাহানিৰ জল পৰিৱৰ্তন ব্যৱস্থা অনুযায়ী জাহাজ চলাচল কৰিছিল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা ডাঙৰ ডাঙৰ চহৰ-নগৰবোৰ সংযোগ কৰি জাহাজঘাটবোৰ পতা হৈছিল। গুৱাহাটী, তেজপুৰ, শিলঘাট, গমিৰি, ধনশিৰিমুখ, বদতি, নিমাতি আৰু ডিব্ৰুগড়েই প্ৰধান জাহাজঘাট আছিল। ... জাহাজঘাটটো যি ঠাইত অৱস্থিত তাৰ কাষতে মিলিত ধনশিৰি নদীখন ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছিল। সেইবাবেই সম্ভৱ ঠাইডোখৰৰ নাম দিয়া হৈছিল ধনশিৰিমুখ (পৃষ্ঠা-১৫)
{{Gap}}উল্লেখযোগ্য যে মিচিং সকলৰ মাজত থকা মুঠ এঘাৰটা দলৰ ভিতৰত ‘বিহিয়া’সকল অন্যতম। এই বিহিয়াসকলৰ বিষয়ে টংকেশ্বৰ লইঙৰ ১৯৭০ চনৰ দুই আগষ্টত ‘দৈনিক অসম’ত প্ৰকাশিত ‘দোৱান নোকোৱা মিৰি’ শীৰ্ষক প্ৰৱন্ধত প্ৰথম উল্লেখ পোৱা যায়। টংকেশ্বৰ লইঙৰ মতে—“তেওঁলোক সাংস্কৃতিক দিশত মিচিং। জাতিগত হিচাপে অসমৰ বিভিন্ন সম্প্ৰদায়ৰ লোক গোট হৈ মানৰ আক্ৰমণৰ সময়ত মিচিংসকলৰ কাষতে থাকি মিচিং জীৱনধাৰাকে গ্ৰহণ কৰি তেওঁলোকে নিজকে মিচিং বুলি পৰিচয় দি আহিছে। বৰ্তমান তেওঁলোকো ভঙা অসমীয়াত ভাৱ বিনিময় কৰা দেখা যায়। অন্যান্য ভাষা নোকোৱা মিচিং সম্প্ৰদায়কতকৈ তেওঁলোকৰ ভাষাটো উচ্চাৰণৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ বেছি ওচৰ চপা। উপাধিবোৰ তেওঁলোকে পূৰ্বৰ দৰে গগৈ, বৰুৱা, শইকীয়া আদি হৈ আছে।... বিহিয়া শব্দটোৱে<noinclude></noinclude>
je9mz17dd87dvwszzvc780nk8xwf77b
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৫
104
92433
254399
252987
2026-06-29T08:05:29Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254399
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||৫৪ ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>কি অৰ্থ কৰে এই বিষয়ে জনা নাযায়। কিন্তু অকল মিচিংসকলৰ মাজতেহে যে বিহিয়া মানুহ আছে এনে নহয়, উত্তৰ লক্ষীমপুৰৰ দেউৰী মানুহৰ মাজতো বিহিয়া মানুহ থকা দেখা গৈছে।” অৱশ্যে শিশুৰাম পেগুৱে বিহিয়াসকলৰ সম্পৰ্কে ‘ধনশিৰিমুখৰ কথা’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে—“পূৱে মৰিয়াহোলাৰ ওচৰৰ ধনশিৰি নদীৰ পৰা এটি সুঁতি ওলাই বিহিয়া গাঁৱৰ সন্মুখেদি বৈ গৈ পুনৰ ধনশিৰিমুখ জাহাজঘাটৰ ওচৰৰ ধনশিৰি নদীতে মিলিছিলগৈ। এই সুঁতিটোক বিহিয়া সুঁতি বুলি নাম দিয়া হৈছিল। শুনা যায় বিহিয়া নামৰ মানুহ এজনৰ ঘৰৰ কাষেদি এই সুঁতিটো বৈ অহা বাবে মানুহজনৰ নামেৰেই সুঁতিটোৰ নামো বিহিয়া সুঁতি বুলি কোৱা হ’ল। তাৰোপৰি এই বিহিয়া সুঁতিটোৰ পাৰত গাঁও পাতি বহা বাবেই গাঁওখনৰ নাম দি লোৱা হ’ল বিহিয়া গাঁও।” মিচিংসকলৰ ভিতৰত অন্যতম ফৈদ এই বিহিয়াসকলৰ মাজৰপৰা এক অতি সাংস্কৃতিক পৰিৱেশৰ মাজেৰে ডাঙৰ-দীঘল হৈ শিক্ষা গ্ৰহণ কৰি নিজকে প্ৰতিষ্ঠা কৰি আনকো জ্ঞানৰ পোহৰ দিয়া অন্যতম নাৰীগৰাকীয়েই হৈছে ৰেৱতী শইকীয়া।
{{Gap}}গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ অন্তৰ্গত চহলা গাঁৱত ১৯৫০ চনৰ ১৬ ডিচেম্বৰত ৰেৱতী শইকীয়া পেগুৰ জন্ম হয়। পিতৃৰ নাম আছিল চুৱাৰাম শইকীয়া আৰু মাতৃ লয়ন শইকীয়া। পিতৃ ‘চুৱাৰাম মহাজন’ কেৱল ধনশিৰিমুখ অঞ্চলৰেই নহয় সমগ্ৰ বোকাখাট অঞ্চলৰেই নামজ্বলা ব্যৱসায়ী আছিল। মেঘনাথ শইকীয়াৰ স্মৃতিত প্ৰকাশ কৰা (সম্পাদকঃ ধৰ্মিন্দৰ দলে) গ্ৰন্থখনত চুৱাৰাম মহাজন আৰু লয়নীৰ সাতোটাকৈ পুত্ৰ ক্ৰমে খনক, গোবিন, গোপাল, মেঘনাথ, লালুৰাম, গংগাধৰ, গোনন্দ আৰু তিনিজনী জী ক্ৰমে লখিমী, পদুমী আৰু ৰেৱতীৰ জন্ম হৈছিল। ৰেৱতী আছিল চুৱাৰাম মহাজনৰ নৱম গৰাকী সন্তান।
'''শিক্ষা :'''
{{Gap}}ৰেৱতী শইকীয়াই চহলা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ১৯৬৭ চনত বোকাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ<noinclude></noinclude>
4nr8gq232zdi72wy99y57yfzy51mfxg
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৬
104
92434
254402
252989
2026-06-29T08:25:34Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
254402
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ৫৫ |}}</noinclude>কৰিছিল। ১৯৬৮ চনত বোকাখাট যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী কলেজৰ পৰা প্ৰি-ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত মহাবিদ্যালয়ৰ পৰা ১৯৭১ চনত স্নাতক (কলা শাখাৰ) ডিগ্ৰী লাভ কৰিছিল। এতিয়ালৈকে পোৱা তথ্য অনুসৰি ৰেৱতী শইকীয়া গোলাঘাট জিলাৰ প্ৰথম মিচিং মহিলা স্নাতক। বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত তেওঁ কেইবাখনো নাটকৰ নাৰী চৰিত্ৰত অভিনয় কৰিছিল। সৰুৰেপৰাই শিক্ষয়িত্ৰী হোৱাৰ মন আছিল বাবে ১৯৭১ চনত ধনশিৰি মুখ জনজাতীয় মজলীয়া বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৭৪ চনত বিদ্যালয়খন প্ৰাদেশিকীকৰণ হোৱাৰ পিছৰেপৰা আজীৱন প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ চলাই ২০১০ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে। মানৱ সম্পদ গঢ়া এইগৰাকী কৃতী শিক্ষয়িত্ৰীৰ তাগিদাত জনজাতি অধ্যুষিত অঞ্চলৰ পৰা কেইবাজনো স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীয়ে সমাজলৈ বৰঙণি আগবঢ়োৱা দেখা গৈছে। এইক্ষেত্ৰত প্ৰশাসনিক সেৱা আগবঢ়োৱা উৎপল দলে (বৰ্তমান গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত), অনেক সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ীকে আদি কৰি অনেক ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়াই আহিছে। অতি গহীন আৰু সহজ-সৰল ‘ৰেৱতী বাইদেউ’ক আজিও সকলোৱে সমীহ কৰি চলে। অনুষ্ঠানটোৰ মুৰব্বী হিচাপে তেওঁ নিজে অতি নিয়মীয়া হোৱাৰ লগতে
সহকৰ্মীসকলকো Dignity of Work সম্পৰ্কে অৱগত কৰাইছিল।
'''সাংসাৰিক জীৱন :'''
{{gap}}১৯৮০ চনত ৰেৱতী শইকীয়াই যুগ্মজীৱনৰ পাতনি মেলে। মাজুলী জিলাৰ বেচামৰা গাঁৱৰ নিবাসী স্বৰ্গীয় দেৱেশ্বৰ পেগু আৰু স্বৰ্গীয়া পদ্মাৱতী পেগুৰ পুত্ৰ মহেন্দ্ৰ পেগুৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ জীৱনলৈ সাক্ষীৰূপে দেৱাশীষ পেগু আৰু দেৱাহুতি পেগুৰ জন্ম হয়। বৰ্তমান দেৱাশীষ পেগুৱে স্নাতক ডিগ্ৰী সমাপ্ত কৰাৰ পিছত ব্যৱসায়ী হিচাপে আত্মনিয়োগ কৰিছে। একমাত্ৰ জী দেৱাহুতিয়ে শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত বৰ্তমান ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।{{nop}}<noinclude></noinclude>
a9xtwn8zq4skihh06vz62viklie07sd
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৮
104
92435
254404
253374
2026-06-29T08:33:20Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
254404
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ৫৭|}}</noinclude>হোৱা কথোপকথনবোৰ আছিল এনেধৰণৰ—
{{Playscript|gap=10| প্ৰথম প্ৰশ্ন :|‘মিচিং নাৰী তেতিয়াৰ আৰু এতিয়াৰ’—কি পাৰ্থক্য দেখা পাইছে?}}
{{Playscript|gap=10| ৰেৱতী শইকীয়া পেগু :| আগতকৈ মিচিং নাৰী আগবাঢ়িছে। শিক্ষা-দীক্ষা, খেলা-ধূলা, ৰাজনীতি সকলোতে মিচিং নাৰী আগবাঢ়ি অহা দেখিবলৈ পাইছো। আগতে মিচিং নাৰীসকলৰ জীৱন প্ৰণালী খুব সহজ-সৰল আছিল।}}
{{Playscript|gap=10| দ্বিতীয় প্ৰশ্ন :|মিচিং নাৰীৰ শিক্ষা সম্পৰ্কে কি ক’ব?}}
{{Playscript|gap=10| ৰেৱতী শইকীয়া পেগু :| শিক্ষিত হ’লেই নহ’ব, জ্ঞানীও হ’ব লাগিব। প্ৰকৃত গুণগত শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে যুগৰ লগত খাপ খোৱাকৈ স্মাৰ্ট হোৱাটো বাঞ্চনীয়।}}
{{Playscript|gap=10| তৃতীয় প্ৰশ্ন :| মিচিং নাৰীৰ প্ৰতি পৰামৰ্শ দিবনে?}}
{{Playscript|gap=10| ৰেৱতী শইকীয়া পেগু :| মিচিং নাৰীয়ে শিক্ষা-দীক্ষাত আগবঢ়াটো খুব ভাল হৈছে। বিশেষকৈ কন্যা সন্তানক শিক্ষিত কৰাটো অভিভাৱকৰ লগতে সমগ্ৰ সমাজৰ সচেতন মহলে আগভাগ লোৱা উচিত। শিক্ষা-দীক্ষাত আগবঢ়াৰ লগতে ঘৰখন আৰু সমাজখনৰ কথাও চিন্তা কৰিব লাগে।}}
{{Right|(তথ্য সংগ্ৰহৰ তাৰিখ : ০৩/০৮/২০১৮)}}<noinclude></noinclude>
hggr86wj12ppkecu3mvtu3qipkwvdmi
পৃষ্ঠা:শংকৰদেৱ.pdf/৬৫
104
93006
254388
2026-06-28T13:47:53Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ Created blank page
254388
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude><noinclude></noinclude>
bcuh9mb5covbnddmhzanjrrhm035ck7
পৃষ্ঠা:শংকৰদেৱ.pdf/১৯৭
104
93007
254389
2026-06-28T13:49:29Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ Created blank page
254389
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude><noinclude></noinclude>
bcuh9mb5covbnddmhzanjrrhm035ck7
সদস্য:配合比全额更好(说说而已)
2
93008
254391
2026-06-28T20:49:28Z
配合比全额更好(说说而已)
4482
"নমস্কাৰ!মই 配合比全额更好(说说而已)।" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254391
wikitext
text/x-wiki
নমস্কাৰ!মই 配合比全额更好(说说而已)।
e5pg678u8robka33zfbmpbagbbc3g2u
মিচিং নাৰীকণ্ঠ/পদ্মাৱতী পেগু কুটুম
0
93009
254392
2026-06-29T06:39:22Z
JyotiPN
1603
"{{header | title = মিচিং নাৰীকণ্ঠ | author = তৰুণ লয়িং | year = ২০১৯ | translator = প্ৰশান্ত পূজাৰী | section = | previous = [[মিচিং নাৰীকণ্ঠ/জয়ন্তী গোঁহাই দলে|জয়ন্তী গোঁহাই দলে]] | next = মিচিং নাৰীক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254392
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous = [[মিচিং নাৰীকণ্ঠ/জয়ন্তী গোঁহাই দলে|জয়ন্তী গোঁহাই দলে]]
| next = [[মিচিং নাৰীকণ্ঠ/ৰেৱতী শইকীয়া পেগু|ৰেৱতী শইকীয়া পেগু]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=48 to=53/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
3kpnpf197vdctnu0lh0uvbijbwbelkf
254400
254392
2026-06-29T08:08:38Z
JyotiPN
1603
254400
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous = [[মিচিং নাৰীকণ্ঠ/জয়ন্তী গোঁহাই দলে|জয়ন্তী গোঁহাই দলে]]
| next = [[মিচিং নাৰীকণ্ঠ/ৰেৱতী শইকীয়া পেগু|ৰেৱতী শইকীয়া পেগু]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=48 to=53/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
nf92vr2876hzyg7mr2p39mp4ynzply7
মিচিং নাৰীকণ্ঠ/ৰেৱতী শইকীয়া পেগু
0
93011
254401
2026-06-29T08:16:29Z
JyotiPN
1603
"{{header | title = মিচিং নাৰীকণ্ঠ | author = তৰুণ লয়িং | year = ২০১৯ | translator = প্ৰশান্ত পূজাৰী | section = | previous = [[মিচিং নাৰীকণ্ঠ/পদ্মাৱতী পেগু কুটুম|পদ্মাৱতী পেগু কুটুম]] | next = মিচিং নাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254401
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous = [[মিচিং নাৰীকণ্ঠ/পদ্মাৱতী পেগু কুটুম|পদ্মাৱতী পেগু কুটুম]]
| next = [[মিচিং নাৰীকণ্ঠ/ডালিমী লইং|ডালিমী লইং]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=54 to=58/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
0pnaurf2gqsf328iet9ugll5rtcm9rw