ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.10
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সূচী:ৰাইনা আৰু শিয়ালৰ সাধু.pdf
106
66632
255265
255256
2026-07-11T07:01:53Z
BabulB
104
added [[Category:উপপৃষ্ঠাৰ প্ৰয়োজন থকা পাঠ্য]] using [[Help:Gadget-HotCat|HotCat]]
255265
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=ৰাইনা আৰু শিয়ালৰ সাধু
|Language=as
|Volume=
|Edition=১ম
|Author=সুৰেন গোস্বামী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=আঁক-বাক
|Address=গুৱাহাটী
|Year=2020
|Key=
|ISBN=978-93-85934-97-1
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=T
|Pages=<pagelist 1="বেটুপাত" 2="-" 3="প্ৰকাশন" 4="মুদ্ৰণ" 5to6="পাতনি" 7="5" 68="বেটুপাত" 67="-" />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
[[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]]
[[শ্ৰেণী:সাধু]]
[[শ্ৰেণী:২০২০ চনত প্ৰকাশিত গ্ৰন্থ]]
[[শ্ৰেণী:উপপৃষ্ঠাৰ প্ৰয়োজন থকা পাঠ্য]]
n53mfvduj04dibxr5a9ety5b4sm8waa
সূচী:দীন-দুখী.pdf
106
74629
255268
205897
2026-07-11T09:08:57Z
JyotiPN
1603
255268
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=দীন-দুখী
|Language=as
|Volume=
|Edition=
|Author=থানেশ্বৰ হাজৰিকা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=সুধালতা হাজৰিকা
|Address=গুৱাহাটী
|Year=1962
|Key=
|ISBN=
|DLI=
|IA=id3259-dindukhi-thaneswarhazarika-novel
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="নাম" 2="প্ৰকাশন" 3="ছবি" 4="-" 5="পাতনি" 6="উছৰ্গা" 7="কৃতজ্ঞতা" 8="লেখকৰ বিষয়ে" 9to14="ভূমিকা" 15="1" 94="82" />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer=
}}
3x19tuvvcvv8wa9ey9byjv2do7134s2
পৃষ্ঠা:দীন-দুখী.pdf/২৬১
104
92570
255267
253770
2026-07-11T08:57:54Z
নৰুনা বৰুৱা
4110
255267
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|২৪৯}}</noinclude>
সিহঁতৰ গৰাকীজন মাথোন বহি থকা চকিখনৰ পৰা একাষৰীয়া হৈ
অলপ হলি গল। মেজৰ ওপৰত জ্বলি থকা মমৰ পোহৰত তেওঁৰ
মুখখন উজ্জ্বল হৈ উঠিছিল। মুখখন লাহেকৈ ওপৰলৈ দাঙি দি
কজেট মেৰিয়াছে তেওঁৰ হাত দুখন চুমাৰে ঢাকি পেলালে, চকুৰ
পানীৰে ধুই দিলে। তেওঁ অকণো কাতিকুটা নকৰিলে—কাৰণ তেতিয়া
তেওঁ তেওঁত নাছিল। ৰাতিটো বৰ ঘোপমৰা আন্ধাৰ, আকাশত এটি-
তৰাও নাই। কোনো মহান দেৱদূতে যে সেই আন্ধাৰৰ ওৰণিত মুখ
ঢাকি এই আত্মাটিৰ কাৰণে তেতিয়া পৃথিবীত ৰৈ আছিলহি তাত
কোনো সন্দেহ নাই।
{{gap}}পিৰ লা চেইজ'ত দীন দুখীৰ কাৰণে ৰখা সমাধিক্ষেত্ৰখনৰ
আওহতীয়া চুক এটাত ভগাদেৱাল এখনৰ কাষতে উইলো গছ
এজোপা আছে। এই গছ জোপাৰ তলতে এছটা শিল
পোতা আছে। দেখিলে মনত হয় শিলছটা কোনো সমাধিৰ চিন্।
চাৰিওকাষে ঘাঁহ বন গজি শিলছটা ঢাকি পেলাইছে। আনবোৰ
শিলৰ দৰে সেই শিলছটাৰ ওপৰতো শেলুৱাই বন্ধ গৈছে; সময়ৰ
সহচৰ বতাহ বৰষুণৰ হাতত পৰি ক'লা হৈ গৈছে। ওচৰত কেনিও
বাটপথ নাই। মানুহ-দুনুহে শিলছটা কাষলৈ গৈ চাব নোখোজে।
ঘাঁহবোৰ বৰ ওখ, গলে ঘাঁহৰ ওপৰত পৰি থকা নিয়ৰৰ পানীয়ে
আঠুলৈকে কাপোৰ-কানি তিয়াই জুৰুলি-জুপুৰি কৰে। ৰ'দ হলে
শিলছটাৰ ওপৰত কাৰ্শলা সাপে গা ৰদায়হি। আশে-পাশে জিলি
আৰু হেতুলুকাৰ মাত। শিলছটা কোনো চকুত লগা বস্তু নহয়।
ইয়াক কাটি এটাই মিহি বা সমান কৰিবলৈ যত্ন লোৱা হোৱা
নাছিল। দীঘলে পুতলে শিলছটা মানুহ এটা ঢাকিব পৰা।
শিলছটাত কোনো নাম-ধাম পঢ়িব নোৱাৰি। বহুত বছৰৰ আগতে
কোনোবাই তাত পেন্সিলেৰে লিখি ৰাখিছিল। কিন্তু সেই লিখাবোৰ
ধূলি বৰষুণে একেবাৰে চিন্ ধৰিব নোৱাৰা কৰিলে। আজি হয়তো
তাৰ চিন্-চাবো নাই। তাত লিখা আছিল :—<noinclude></noinclude>
tsy686y5awhqi4mnrqjfsgqgrdjxixk
পৃষ্ঠা:দীন-দুখী.pdf/২৬০
104
92571
255266
253468
2026-07-11T08:55:14Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
255266
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২৪৮|দীন-দুখী|}}</noinclude>
প্ৰথমবাৰ মই তোমাৰ ধুনীয়া অকণমানি হাতদুখনি ছুবলৈ
পাইছিলোঁ। তেতিয়া বৰ জাৰ। কাম কৰি কৰি তোমাৰ হাত দুখন
ৰঙা হৈ পৰিছিল। এতিয়া কেনে ঢক্ঢক্ কৰে বগা! অ' সেই ডাঙৰ
পুতলাটি মনত আছেনে?. তুমি পুতলাটোক কেথেৰিন নাম দিছিলা।
কন্ভেণ্টলৈ যাওঁতে লগত লৈ যাবলৈ পাহৰি তুমি কান্দিছিলা। মোৰ
আই! তুমি কতদিন মোক ধেমেলীয়া কথা কৈ হহুৱাইছিলা? তুমি
সৰুতে বৰ ৰঙিয়াল আছিলা। কতনো ধেমালি কৰিছিলা। সৰু সৰু
ফুলৰ কলি ছিঙি কাণত কেৰু পিন্ধিছিলা। এইবোৰ আজি অতীত
কাহিনী। টেনাৰ্ডিয়েহঁত বৰ নিৰ্দ্দয় আছিল। কিন্তু আমি সিহঁতক
ক্ষমা কৰিব লাগিব। কজেট, আজি তোমাক তোমাৰ মাৰাৰ নাম
কবৰ দিন—তেওঁৰ নাম ফটিন্। মনত ৰাখিছা?—ফটিন! যেতিয়াই
এই নামটি স্মৰণ কৰা তেতিয়াই আঠু লবা।তেওঁ বৰ কষ্ট সহিব
লগাত পৰিছিল। তেওঁ তোমাক নিজৰ জীৱনতকৈও অধিক স্নেহ
কৰিছিল। আজি তুমি যিমান সুখ পাইছা তেওঁ এদিন ঠিক্ সিমান
দুখ পাইছিল। সেয়ে ঈশ্বৰৰ বিতৰণ। মই আহিলোঁ। তোমালোকে
যেন আজীৱন ইটিয়ে সিটিক ভাল পোৱা। কজেট! মোৰ পোনা
কজেট! মই তোমাক সদায় চাবলৈ নোযোৱা মোৰ দোষ নহয়।
মোৰ হিয়া ভাগি গৈছিল। মই তোমাৰ ঘৰৰ গুৰিলৈকে যাওঁ; বলিয়াৰ
দৰে টুপি লাঠি এৰি ঢাপলি ধৰোঁ- মোৰ সোণহত।মোৰ চকুৱে একো
নেদেখা হৈ আহিছে। কবলগীয়া বহুতো আছিল,একো কথা নাই।
মাজে মাজে তোমালোকে মোক সুঁৱৰিবা।মই দেখোন চকুৰ
আগত কিবা এটা নতুন পোহৰ দেখিছোঁ। আহাঁ, মোৰ কাষ চাপি
আহা! মই হাঁহি হাঁহি চকু জপাওঁ। তোমালোকৰ মূৰৰ ওপৰত
মোৰ হাত দুখনি থবলৈ দিয়া।” কজেট আৰু মেৰিয়াছে ভেলজৰ
হাত মূৰত লৈ দুয়ো দুফালে আঠু কাঢ়ি বহি গল। দুয়ো উচুপিবলৈ
ধৰিলে। শোকৰ খুন্দাত সিহঁতৰ হিয়া ভাগি ছিগি গল। ক্ষন্তেকৰ
পাছত সেই মহান হাত দুখন সিহঁতৰ মূৰৰ পৰা লৰচৰ নকৰাত পৰিল।<noinclude></noinclude>
soumdwj7v8fn4mjqw8sfzqb1tdv61x3