ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.24 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:তাৰা.pdf/৫২ 104 54633 263802 262233 2026-10-25T04:40:10Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263802 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৪২|তাাৰা|}} {{hanging indent/m}}</noinclude>গধূলি সময়ত নিস্তেজ হৈ পশ্চিম আকাশত মাৰ যাব। মানুহৰ অৱস্থাও তেনে। ধন, মান, ৰূপ সম্পদ জীৱন যৌৱন একো চিৰস্থায়ী নহয়। সকলো অৱস্থাৰেই গধূলি আছে। আহাঁ, এই সূৰ্য্যক প্ৰণাম কৰি দৈনিক কামত প্ৰবৃত্ত হওঁগৈ।{{hanging indent/e}} {{hanging indent|2em|সকলোৱে—(প্ৰণাম কৰে) ওঁ জৱাকুসুম সঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিং ধ্বান্তাৰিং সৰ্ব্বপাপঘ্নং প্ৰণতোহস্মি দিৱাকৰং।}} {{hanging indent|2em|বিক্ৰম—যোৱা, তোমালোকে ডেকা লৰা সৌ পৰ্ব্বতৰ ফাললৈ যোৱা। মই তোমালোকক আগেয়ে কৈছিলোঁ যে ৰাজধানী ছলচক্ৰান্তেৰে পূৰ্ণ। সুসভ্য ৰাজকৰ্ম্মচাৰীবিলাকতকৈ সৰলতা আদি গুণত এই নিৰ্জ্জন গুহাবাসী অসভ্য বৰ্ব্বৰ ভীলবোৰ সহস্ৰ গুণে শ্ৰেষ্ঠ। বিলাসিতাৰে পৰিপূৰ্ণ ৰাজধানীত বাস কৰাতকৈ নিৰ্জ্জন গুহাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাই যে বহু গুণে শ্ৰেষ্ঠ, তাক বেচকৈ আলোচনা কৰিবা। লগে লগে যুদ্ধৰ কৌশল, কেনেকৈ আক্ৰমন কৰিলে কেনেকৈ আত্মৰক্ষা কৰিব লাগে এইবোৰ সদায় চৰ্চ্চা কৰিবা। যদি বাটত যাওঁতে কিবা চিকাৰ পোৱা তেন্তে শিঙা বজাবা। মই তোমালোকক সহায় কৰিম।}} {{hanging indent|2em|জয়—কিন্তু পিতা, আপুনি যিবোৰ কথা কলে সেইবোৰ কেনেকৈ প্ৰত্যক্ষ কৰিম? আপুনি বহুত দিন ৰাজধানীত বাস কৰিছে। তাৰ ছল চক্ৰান্তৰ লগত নিৰ্জ্জন বনবাস ৰিজাই ইয়াৰ শ্ৰেষ্টত্ব অনুভৱ কৰিছে। বাহু যুদ্ধ কৰি বহুত মানুহক দেখি, বহুত অভিজ্ঞতা লাভ কৰিছে। কিন্তু পাখি নগজা চৰাই পোৱালীৰ দৰে আমি এতিয়ালৈকে একো দেখা নাই। আমাক সকলোৱে দস্যু বুলি ঘৃণা কৰে।}}<noinclude></noinclude> aurugbxrkjq9w26d7quruefpubzvsj5 263805 263802 2026-10-25T05:00:47Z BabulB 104 263805 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৪২|তাাৰা|}} {{hanging indent/m}}</noinclude>গধূলি সময়ত নিস্তেজ হৈ পশ্চিম আকাশত মাৰ যাব। মানুহৰ অৱস্থাও তেনে। ধন, মান, ৰূপ সম্পদ জীৱন যৌৱন একো চিৰস্থায়ী নহয়। সকলো অৱস্থাৰেই গধূলি আছে। আহাঁ, এই সূৰ্য্যক প্ৰণাম কৰি দৈনিক কামত প্ৰবৃত্ত হওঁগৈ।{{hanging indent/e}} {{hanging indent|2em|সকলোৱে—(প্ৰণাম কৰে) ওঁ জৱাকুসুম সঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিং ধ্বান্তাৰিং সৰ্ব্বপাপঘ্নং প্ৰণতোহস্মি দিৱাকৰং।}} {{hanging indent|2em|বিক্ৰম—যোৱা, তোমালোকে ডেকা লৰা সৌ পৰ্ব্বতৰ ফাললৈ যোৱা। মই তোমালোকক আগেয়ে কৈছিলোঁ যে ৰাজধানী ছলচক্ৰান্তেৰে পূৰ্ণ। সুসভ্য ৰাজকৰ্ম্মচাৰীবিলাকতকৈ সৰলতা আদি গুণত এই নিৰ্জ্জন গুহাবাসী অসভ্য বৰ্ব্বৰ ভীলবোৰ সহস্ৰ গুণে শ্ৰেষ্ঠ। বিলাসিতাৰে পৰিপূৰ্ণ ৰাজধানীত বাস কৰাতকৈ নিৰ্জ্জন গুহাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাই যে বহু গুণে শ্ৰেষ্ঠ, তাক বেচকৈ আলোচনা কৰিবা। লগে লগে যুদ্ধৰ কৌশল, কেনেকৈ আক্ৰমন কৰিলে কেনেকৈ আত্মৰক্ষা কৰিব লাগে এইবোৰ সদায় চৰ্চ্চা কৰিবা। যদি বাটত যাওঁতে কিবা চিকাৰ পোৱা তেন্তে শিঙা বজাবা। মই তোমালোকক সহায় কৰিম।}} {{hanging indent/s|2em}}জয়—কিন্তু পিতা, আপুনি যিবোৰ কথা কলে সেইবোৰ কেনেকৈ প্ৰত্যক্ষ কৰিম? আপুনি বহুত দিন ৰাজধানীত বাস কৰিছে। তাৰ ছল চক্ৰান্তৰ লগত নিৰ্জ্জন বনবাস ৰিজাই ইয়াৰ শ্ৰেষ্টত্ব অনুভৱ কৰিছে। বাহু যুদ্ধ কৰি বহুত মানুহক দেখি, বহুত অভিজ্ঞতা লাভ কৰিছে। কিন্তু পাখি নগজা চৰাই পোৱালীৰ দৰে আমি এতিয়ালৈকে একো দেখা নাই। আমাক সকলোৱে দস্যু বুলি ঘৃণা কৰে।<noinclude>{{hanging indent/e}}</noinclude> c47lxxtjb05x6d466bdpj7bgkhqbfye 263818 263805 2026-10-25T10:33:43Z BabulB 104 263818 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৪২|তাৰা|}} {{hanging indent/m}}</noinclude>গধূলি সময়ত নিস্তেজ হৈ পশ্চিম আকাশত মাৰ যাব। মানুহৰ অৱস্থাও তেনে। ধন, মান, ৰূপ সম্পদ জীৱন যৌৱন একো চিৰস্থায়ী নহয়। সকলো অৱস্থাৰেই গধূলি আছে। আহাঁ, এই সূৰ্য্যক প্ৰণাম কৰি দৈনিক কামত প্ৰবৃত্ত হওঁগৈ।{{hanging indent/e}} {{hanging indent|2em|সকলোৱে—(প্ৰণাম কৰে) ওঁ জৱাকুসুম সঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিং ধ্বান্তাৰিং সৰ্ব্বপাপঘ্নং প্ৰণতোহস্মি দিৱাকৰং।}} {{hanging indent|2em|বিক্ৰম—যোৱা, তোমালোকে ডেকা লৰা সৌ পৰ্ব্বতৰ ফাললৈ যোৱা। মই তোমালোকক আগেয়ে কৈছিলোঁ যে ৰাজধানী ছলচক্ৰান্তেৰে পূৰ্ণ। সুসভ্য ৰাজকৰ্ম্মচাৰীবিলাকতকৈ সৰলতা আদি গুণত এই নিৰ্জ্জন গুহাবাসী অসভ্য বৰ্ব্বৰ ভীলবোৰ সহস্ৰ গুণে শ্ৰেষ্ঠ। বিলাসিতাৰে পৰিপূৰ্ণ ৰাজধানীত বাস কৰাতকৈ নিৰ্জ্জন গুহাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাই যে বহু গুণে শ্ৰেষ্ঠ, তাক বেচকৈ আলোচনা কৰিবা। লগে লগে যুদ্ধৰ কৌশল, কেনেকৈ আক্ৰমন কৰিলে কেনেকৈ আত্মৰক্ষা কৰিব লাগে এইবোৰ সদায় চৰ্চ্চা কৰিবা। যদি বাটত যাওঁতে কিবা চিকাৰ পোৱা তেন্তে শিঙা বজাবা। মই তোমালোকক সহায় কৰিম।}} {{hanging indent/s|2em}}জয়—কিন্তু পিতা, আপুনি যিবোৰ কথা কলে সেইবোৰ কেনেকৈ প্ৰত্যক্ষ কৰিম? আপুনি বহুত দিন ৰাজধানীত বাস কৰিছে। তাৰ ছল চক্ৰান্তৰ লগত নিৰ্জ্জন বনবাস ৰিজাই ইয়াৰ শ্ৰেষ্টত্ব অনুভৱ কৰিছে। বাহু যুদ্ধ কৰি বহুত মানুহক দেখি, বহুত অভিজ্ঞতা লাভ কৰিছে। কিন্তু পাখি নগজা চৰাই পোৱালীৰ দৰে আমি এতিয়ালৈকে একো দেখা নাই। আমাক সকলোৱে দস্যু বুলি ঘৃণা কৰে।<noinclude>{{hanging indent/e}}</noinclude> rebfm1mdqi9g228r6rbf16udqmlto07 পৃষ্ঠা:তাৰা.pdf/৫৩ 104 54814 263803 140809 2026-10-25T04:59:07Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263803 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||তাৰা|৪৩}}</noinclude>{{hanging indent/s|2em}}ৰজাৰ সৈন্যই আহি বান্ধি নিব বুলি ভয়ে ভয়ে হাবি বাহিৰ নোলাও। {{hanging indent/e}} {{hanging indent|2em|বিজয়—যেতিয়া আপোনাৰ দৰে বুঢ়া হম, চিকাৰ কৰি সময় কটাব নোৱাৰাত পৰিম, তেতিয়ানো কি কথা কৈ আমি সময় কটাম? শীত কালত যেতিয়া কুৱঁলীয়ে চাৰিওপিনে আগুৰি ধৰিব তেতিয়ানো কি কথা কৈ আমি সময় কটাম? আমি এই পৰ্ব্বতৰ বাহিৰে একো দেখা নাই। আমি পশুৰ দৰে থাকোঁ। চিকাৰৰ সময়ত আমি শিয়ালৰ দৰে ধূৰ্ত্ত, সিংহৰ দৰে বলী! আমাৰ বাহুবল, আমাৰ বীৰত্ব, আমাৰ সাহ, বনৰীং জন্তু চিকাৰ কৰাতকৈ আন ভাল কামত নালাগে। সজাৰ মাজত বন্দী কৰি থোৱা চৰাইৰ দৰে আমিও সদায় এই গহ্বৰত দিন নিয়াওঁ।}} {{hanging indent/s|2em}}বিক্ৰম—বোপাহঁত, তোমালোকৰ কথা শুনি বৰ আচৰিত হলোঁ। যদি তোমালোকে এবাৰ ৰাজধানীৰ ছল চক্ৰান্ত প্ৰত্যক্ষ কৰিলাহেঁতেন তেনেহলে আৰু নিৰ্জ্জন হাবি এৰি তালৈ যাবলৈ ইচ্ছা নকৰিলাহেতেন। যুদ্ধ! কি ভীষণ! এজন ৰজাৰ গৌৰৱ আৰু বিজয় লালসাৰ অগ্নিত ক’ত সহস্ৰ সহস্ৰ প্ৰাণীয়ে নিজৰ জীৱন আহুতি দিয়ে তাক চাই কি সুখ পাবা? এজনৰ মনৰ কামনা পূৰণ কৰিবৰ নিমিত্তে কিমান মানুহে হিংস্ৰ জন্তুতকৈও ভীষণ হৈ ইজনে সিজনক কেনেকৈ কুকুৰ মেকুৰীৰ দৰে হত্যা কৰে। এনে পাশৱিক দৃশ্য চাবলৈ ইমান হেপাহ কৰা কিয়? এজনৰ ৰাজ্য বিস্তাৰৰ কামনাৰ বাবেই দিনে দিনে যে কত নিৰ্দ্দোষী লৰা ছোৱালী পিতৃ-মাতৃহীন, নিঃসহায় হৈ কান্দি কান্দি ফুৰে, কত সতী তিৰোতাই স্বামীপুত্ৰহীনা হৈ<noinclude>{{hanging indent/e}}</noinclude> 9w2bhmifp5srkd0tgkxct7q8k4df2jt 263804 263803 2026-10-25T05:00:08Z BabulB 104 263804 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||তাৰা|৪৩}} {{hanging indent/m}}</noinclude>ৰজাৰ সৈন্যই আহি বান্ধি নিব বুলি ভয়ে ভয়ে হাবি বাহিৰ নোলাও। {{hanging indent/e}} {{hanging indent|2em|বিজয়—যেতিয়া আপোনাৰ দৰে বুঢ়া হম, চিকাৰ কৰি সময় কটাব নোৱাৰাত পৰিম, তেতিয়ানো কি কথা কৈ আমি সময় কটাম? শীত কালত যেতিয়া কুৱঁলীয়ে চাৰিওপিনে আগুৰি ধৰিব তেতিয়ানো কি কথা কৈ আমি সময় কটাম? আমি এই পৰ্ব্বতৰ বাহিৰে একো দেখা নাই। আমি পশুৰ দৰে থাকোঁ। চিকাৰৰ সময়ত আমি শিয়ালৰ দৰে ধূৰ্ত্ত, সিংহৰ দৰে বলী! আমাৰ বাহুবল, আমাৰ বীৰত্ব, আমাৰ সাহ, বনৰীং জন্তু চিকাৰ কৰাতকৈ আন ভাল কামত নালাগে। সজাৰ মাজত বন্দী কৰি থোৱা চৰাইৰ দৰে আমিও সদায় এই গহ্বৰত দিন নিয়াওঁ।}} {{hanging indent/s|2em}}বিক্ৰম—বোপাহঁত, তোমালোকৰ কথা শুনি বৰ আচৰিত হলোঁ। যদি তোমালোকে এবাৰ ৰাজধানীৰ ছল চক্ৰান্ত প্ৰত্যক্ষ কৰিলাহেঁতেন তেনেহলে আৰু নিৰ্জ্জন হাবি এৰি তালৈ যাবলৈ ইচ্ছা নকৰিলাহেতেন। যুদ্ধ! কি ভীষণ! এজন ৰজাৰ গৌৰৱ আৰু বিজয় লালসাৰ অগ্নিত ক’ত সহস্ৰ সহস্ৰ প্ৰাণীয়ে নিজৰ জীৱন আহুতি দিয়ে তাক চাই কি সুখ পাবা? এজনৰ মনৰ কামনা পূৰণ কৰিবৰ নিমিত্তে কিমান মানুহে হিংস্ৰ জন্তুতকৈও ভীষণ হৈ ইজনে সিজনক কেনেকৈ কুকুৰ মেকুৰীৰ দৰে হত্যা কৰে। এনে পাশৱিক দৃশ্য চাবলৈ ইমান হেপাহ কৰা কিয়? এজনৰ ৰাজ্য বিস্তাৰৰ কামনাৰ বাবেই দিনে দিনে যে কত নিৰ্দ্দোষী লৰা ছোৱালী পিতৃ-মাতৃহীন, নিঃসহায় হৈ কান্দি কান্দি ফুৰে, কত সতী তিৰোতাই স্বামীপুত্ৰহীনা হৈ<noinclude>{{hanging indent/e}}</noinclude> sn8fxczykxdxc3b115u4tacyl1j1irc পৃষ্ঠা:দীন-দুখী.pdf/৮৫ 104 92648 263810 263623 2026-10-25T08:16:05Z নৰুনা বৰুৱা 4110 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263810 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৭১}}</noinclude>মাৰি মাৰি ছিঙি জাহাজৰ ওপৰ উঠিল। ইমান পৰে মানুহে তাক মন কৰা নাছিল। যেতিয়া সি জাহাজৰ ওপৰ উঠি ৰচি বগাবলৈ ধৰিলে, তেতিয়াহে সকলোৰে চকু পৰিল। দেখিলে তাৰ গাত ৰঙা ছোলা, গতিকে সি কয়দী; মূৰত সেউজীয়া টুপী, গোটেই জীৱনৰ কাৰণে জেল দিয়াৰ চিন। নিমিষৰ ভিতৰতে সি বিপদগ্ৰস্ত খালাছীটোৰ কাষ পালেগৈ। বতাহে তাৰ মূৰৰ সেউজীয়া টুপীটো উৰুৱাই নি পকা মূৰটো উলিয়াই তাৰ বুঢ়া বয়সৰ বাতৰি দিলে। সকলোৱে বিস্ময়- বিস্ফাৰিত নেত্ৰে তাৰ কাৰ্য্য-কলাপ চাবলৈ ধৰিলে। {{gap}}এটাৰ লগত দুটা মৰে! মানুহবিলাক অস্থিৰ। যেতিয়া কয়দীটোৱে খালাছীটোৰ গাত হাত দিলে, সেই হেজাৰ হেজাৰ চকু পলকবিহীনভাবে একে ঠাইতে নিক্ষিপ্ত হ’ল। ক’তো এটা মাত নাই এটা শব্দ নাই। চাওঁতে চাওঁতে খালাছীটো মুক্ত হ’ল। দুয়োটাই ৰচি বাগৰি জাহাজ পালেহি। কাণ তাল মাৰি যোৱা হাত চাপৰিৰ ৰোল উঠিল। কোনোৰ চকুত চকুপানী ওলাল। তিৰুতাসকলে ইগৰাকীয়ে সিগৰাকীক সাবটা-সাবটি কৰিলে। কোনো কোনোৱে চিঞৰি উঠিল, “তাক খালাছ দিব লাগে।” {{gap}}কয়দীটোৱে নামি আহি তাৰ দলৰ ফালে যাবলৈ বুলি লৰা-ঢপৰা কৰি এডাল ৰচিত ধৰি নামি যাব খোজোঁতেই মানুহবিলাকে একেলগে চিঞৰ মাৰি উঠিল—কয়দীটো পানীত পৰিল! নাওলৈ লৰালৰিকৈ মানুহ নামিল। কিন্তু কয়দী আৰু পানীৰ তলৰ পৰা ওপৰলৈ নুঠিল। জাল মাৰিও তাৰ শ’টো বিচাৰি উলিয়াব নোৱাৰিলে। সকলো যত্ন বিফল হ’ল। পিছদিনা টুলৰ কাকতত বাহিৰ হ’ল— “ নবেম্বৰ ১৭।১৮২৩ কালি জাহাজত কাম কৰিবলৈ অনা কয়দী এটা পানীত পৰি মৰিল। তাৰ শ’টো বিচাৰি পোৱা নগল। সাগৰৰ তলিত কৰবাৰ জাজৰিত লাগি ৰ’ল। মানুহটোৰ নাম জঁ-ভেলজঁ। কয়দী নম্বৰ ৯৪৩০।” {{gap}}ম’ফেয়াৰমেল পৰ্ব্বতৰ ওপৰত এখনি সৰু গাঁও। পাহাৰত নিজৰাৰ<noinclude></noinclude> rxmehcvsfc2680mo3h5fen0a5jvxfmr পৃষ্ঠা:দীন-দুখী.pdf/১০৫ 104 92668 263797 263669 2026-10-24T14:13:21Z নৰুনা বৰুৱা 4110 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263797 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৯৩}}</noinclude>চকুত কিবা এটা বিচাৰি বিচাৰি কবলৈ ধৰিলে “কতা, মোৰ বাঢ়নিটাৰ ইয়াৰ পৰা কলৈ গল?” চকু মেল খালে। চকু মেলি ইফালে সিফালে চাই ওচৰতে ভেলজঁক দেখা পাই তাইৰ আগৰ দিনা কথাবোৰলৈ মনত পৰিল। অলপ লাজ পাই ভেলজঁক কলে, “নমস্কাৰ, ডাঙৰীয়া! ম‍ই পাহৰি গৈছিলো।” {{gap}}মনৰ সুখ আৰু আনন্দ শৈশৱৰ চিৰলগৰীয়া। কাৰণ শিশুৱেই মূৰ্ত্তিমান আনন্দ আৰু প্ৰফুল্লতা। চকুত পৰা মাত্ৰকে ঘপহ কৰে কজেটে তাইৰ কেথেৰিণক বুকলৈ দাঙি ললে। ধেমালি কৰি কৰি ভেলজঁক কত কি সুধিলে “তাই ক’ত? নগৰ কিমান ডাঙৰ? মাডাম্‌ টেনাৰ্ডিয়েৰ কিমান দূৰৈত? আকৌ তাই যাব লাগিবনে?” ইত্যাদি ইত্যাদি। অলপ থাকি আকৌ সুধিলে “মই ঠাই সাৰোনে?” {{gap}}ভেলজঁই উত্তৰ দিলে “নেলাগে, তুমি ওমলাঁ ” কজেটৰ হাঁহিৰ শেষ নাই। হাঁহি হাঁহি কজেটে কলে “এইখন কেনে ভাল ঠাই।” {{gap}}প্ৰকৃততে ঠাইখনত ভাল বুলিবলৈ একোৱেই নাছিল। জঘন্য গাঁত এটা মাথোন। কিন্তু তাত কথা আছিল– বিহঙ্গিণী তেতিয়া পিঞ্জৰামুক্ত— তেতিয়া তাই স্বাধীনা— বনৰ বনৰীয়া চৰাই—মুকলিমূৰীয়া। {{center|⸻}}<noinclude></noinclude> 3uoh5d48c9vrrmavrldzcc6j2elcjxb পৃষ্ঠা:দীন-দুখী.pdf/১৩৭ 104 92704 263809 253606 2026-10-25T08:14:45Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263809 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১২৫}}</noinclude> দুজনী গাভৰু ছোৱালীয়ে আহি তেওঁৰ গাত খুন্দিয়াই গল। গধূলিৰ কথমপি মনিব পৰা পোহৰত মেৰিয়াছে ছোৱালীকেজনী ভালকৈ নেদেখিলে। কিন্তু সিহঁতৰ মূৰত টুপি আৰু ভৰিত যে জোতা নাই, কাপোৰকানিবোৰ যে ফটাচিতা আৰু মুখকেইখন যে শেতা এইটো তেওঁ বেছ মন কৰিব পাৰিছিল। ছোৱালীজনী লৰি গৈছিল আৰু যাওঁতে যাওঁতে ডাঙৰজনীয়ে কৈ গৈছিল “পুলিছে মোক ধৰোঁ ধৰোঁ হৈছিল।” {{gap}}ছোৱালী দুজনী লৰি লৰি যাওঁতে আন্ধাৰত নেদেখা হৈ পৰিল। মেৰিয়াছে অলপমান পৰ তলকা মাৰি থাকি যাবলৈ ওলাইছে এনেতে এটা কাগজৰ সৰুটোপোলা তেওঁৰ চকুত পৰিল। তেওঁ টোপোলাটে৷ বুটলি লৈ কলে “ছোৱালীকেজনীয়ে পেলাই গল হবলা।” ছোৱালী- কেজনী যি বাটেদি গল, সেইফালে মেৰিয়াছে দুখোজমান আগবাঢ়ি ছোৱালীকেজনীক মাত দিলে, কিন্তু ছোৱালী কেজনী নোলালহি। নিৰুপায় হৈ টোপোলাটো জেপত ভৰাই তেওঁ ফুৰিবলৈ গুচি গল। {{gap}}ৰাতি শুবৰ সময়ত তেওঁ টোপোলা মেলি তাৰ ভিতৰত ছোৱালী- হতৰ কিবা নাম-ধাম আছে বুলি চাবলৈ ললে। টোপোলাটোৰ ভিতৰত চাৰিখন চিঠি আছিল। চিঠি কেখনৰ এখনো বন্ধ নাছিল। চিঠি কেখনৰ ওপৰত শিৰোনামা লিখা আছে, কিন্তু লিখকৰ নাম নাই। লিখকৰ নাম বিচাৰি তেওঁ চিঠি কেখন পঢ়িবলৈ ললে। ইখনৰ পিছত সিখনকৈ চাৰিওখন চিঠি পঢ়িলে; কিন্তু চিঠি চাৰিখনত লিখক চাৰ্জিনৰ নামৰ বাহিৰে এখনতো এজনৰো ঠিকনা বিচাৰি নেপালে। এখনৰ লিখকৰ নাম ‘ডন এলভাৰেজ' স্পেনীয় অশ্বাৰোহী সৈন্য-নায়ক। দ্বিতীয় খনৰ লিখকৰ নাম “মাডাম বেলিজাৰ্ড”, তৃতীয় খনৰ লিখকৰ নাম কবি ‘জেন ফ্লো’; চতুৰ্থ খনৰ লিখকৰ নাম নাট্যকাৰ 'ফেবাণ্টো'। চাৰিওখন চিঠিৰ মৰ্ম্ম অৰ্থসাহায্য প্ৰাৰ্থনা। চিঠিকেখন যদিও বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ভাগ্য-বিপৰ্য্যয়ত পৰি বেলেগ বেলেগ মানুহলৈ লিখা, তথাপি লিখা কাগজ লিখাৰ ভাঁজ আৰু হাতৰ আখৰ দেখি<noinclude></noinclude> 9nsni0zz7jnwj50skohb4f3ofdzqpkp পৃষ্ঠা:দীন-দুখী.pdf/১৬০ 104 92726 263814 253640 2026-10-25T10:21:09Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263814 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১৪৮|দীন-দুখী|}}</noinclude> কৈয়েতো তেনেহলে কজেটে চিৰকুমাৰী হৈ থাকিব লাগিব। ভেলজঁৰ এই অৱস্থা ভাল নেলাগিল। ভয় হ'ল, জানোচা এনেভাৱে বলৰ ওপৰত সন্ন্যাসিনী কজেটে ভেলেজঁক এদিন ঘিণ কৰে। ঘিণ কৰিলে ভেলজঁই কাৰেসৈতে সংসাৰ পাতিব? সংসাৰত আৰু ভেলজঁৰ কি আছে? কজেটক চিৰকুমাৰী কৰিবলৈ ভেলজঁৰ সাহসে মুজুৰিলে। এই ভাবটো যিমানেই স্বাৰ্থপৰ হক লাগে, ভেলজঁৰ আন আন বীৰোচিত ভাবৰ তুলনাত যিমানেই কাপুৰুষতাৰ দোষে ছোৱক, ভেলজঁই তাৰ ওচৰত বিনা-যুজে শিৰ দোঁৱালে॥ ভেলজঁ কনভেন্ট এৰি গুচি আহিল। {{Gap}}‘ৰ দি ব্লু মে’ৰ এই গোপন গৃহৰ বাহিৰেও ভেলজঁই আৰু দুটা ঘৰ নগৰৰ ভিতৰত কেৰেয়া কৰি ৰাখিছিল। এই কাৰণে ভেলজঁ ক’ত থাকে কোনেও একো ঠিক ধৰিব নোৱাৰিছিল। ভেলজঁই ঘৰৰ ভেৰোণ ঠিক কৰোঁতে কনভেণ্টত পোৱা ফকল্‌ভেণ্ট নামেৰেই পৰিচয় দিছিল। ভেলজঁৰ ঘৰ কেবাটাও হলেও সচৰাচৰ তেওঁ ৰাতি কটাইছিল এই গোপনগৃহতহে। এই ঘৰটোৰ ধুনীয়া ধুনীয়া আহিলা-পাতিৰে সৈতে ভাল ভাল কোঠা কেটা কজেটক দি ভেলজঁই নিজে সৰু কোঠা এটাত থাকিবলৈ লৈছিল। লিগিৰীকো কজেটৰ যৎপৰোনাস্তি যত্ন লবলৈ আদেশ দি ভেলজঁই লিগিৰীক সাৱধান কৰি দিছিল – “মনত ৰাখিবি, এই গাভৰু ঘৰৰ মালিক।” লিগিৰী আচৰিত হৈ “আপুনিনো কি তেন্তে” বুলি সোধাত উত্তৰ দিছিল “মই মালিকতকৈও ডাঙৰ। মই বাপেক।” {{gap}}কজেটেও ভেলজঁক হিয়া উবুৰিয়াই ভাল পাইছিল - দেৱ-মূৰ্ত্তিৰ দৰে সন্মান কৰিছিল। কজেটৰ মনত তাইৰ সুন্দৰ কোঠা, সুন্দৰ আঁৰ কাপোৰ, সুন্দৰ আহিলা-পাতি আৰু আন আন সকলো সুন্দৰ বস্তুতকৈও বেছি সুন্দৰ আছিল ভেলজঁ থকা সেই সৰু কোঠাটো আৰু তাত থকা সাধাৰণ আহিলা পাতিবোৰহে। ভেলজঁ যতে থাকে, যিহকে কৰে সেয়ে তাইৰ মানত সকলোতকৈ সুন্দৰ। তাই তাইৰ ভাল<noinclude></noinclude> rbza7i3gp5x9neqpphrxcw7l0ya4uf0 পৃষ্ঠা:দীন-দুখী.pdf/১৬১ 104 92727 263821 253641 2026-10-25T11:16:08Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263821 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৪৯}}</noinclude> কোঠাৰ ভাল বস্তুৰ মাজত থকাতকৈ ভেলজঁৰ গুৰিত ভেলজঁৰ সাধাৰণ আহিলা-পাতিবোৰৰ মাজতে বেছি সুখ আৰু আনন্দ পাইছিল। যতে ভেলজঁ, ততে কজেটৰ বস্তু, আনন্দ, সুখ-সন্তোষ লাগি আছিল। নানান বৰণীয়া ফুল আৰু পখিলাৰে সৈতে সেউজীয়া হাবিখনিয়ে যেনেকৈ তাইৰ চকুযুৰিক হেপাঁহ পুৰাই তৃপ্তি দিছিল, ভেলজঁৰ মৰমচেনেহ আৰু আদৰ-সাদৰেও তেনেকৈয়ে তাইৰ মনৰ সকলো ভাব-অভাৱত পূৰ্ণাহুতি দিছিল। তাই তেতিয়া পূৰ্ণ সংসাৰত। চকু-মনৰ এটি বাসনাও তেতিয়া অপূৰণ নাছিল। এই বিজন বনৰ নীৰলা প্ৰাণী দুটিৰ সংসাৰখনি তেতিয়া জয়-জয়-ময়-ময়। ইটিয়ে সিটিকলৈয়ে পূৰ্ণসংসাৰ তৰিলে! পখিলাৰ পাছে পাছে লৰি ভাগৰ লাগি কজেটে “মোৰ ভাগৰ লাগিছে” বুলি যেতিয়া ভেলজঁৰ কাষত ঠিয় দিয়েহি, ভেলজঁই যেতিয়া তাইক বুকলৈ চপাই আনি মূৰে কপালে চুমা দিয়ে, তেতিয়| কিজানি দেৱ—দূতীহঁতেওঁ লাজত তলমূৰ কৰে। জীৱনত ঠেলা পাই শিকা আৰু কিতাপ পঢ়ি পোৱা কথাবিলাক ভেলজঁই যেতিয়া কজেটৰ লা-নি নিছিগা প্ৰশ্নৰ উত্তৰত এটা এটাকৈ কৈ যায়, কজেটে তেতিয়া অবাক হৈ একাণপতীয়াভাৱে শুনি থাকে। {{Gap}}মনত ভাবে, তাইৰ বাপেকে কত কথানে৷ জানে! কজেটে ভেলজঁৰ গুৰিত নেৰানেপেৰাকৈ বহি থাকিলে কেতিয়াবা কেতিয়াবা ভেলজঁই খঙৰ ভাও ধৰি কয়, —“যা যা, তোৰ কোঠালৈ যা। তইনো মোক আৰু কিমান দিগ দিয়?” টান মাত নুশুনা কজেটে টান মাত শুনি যেতিয়া মুখ ওলোমাই এখুজি-দুখুজিকৈ আঁতৰ হয়, তেতিয়া ভেলজঁই মিচিকিয়া হাঁহি মাৰি চল্‌চলীয়া চকুৰে কজেটৰ ফালে চাই থৰ লাগে। এইদৰেই জঁ ভেলজঁই কনভেণ্টৰ পৰা আহি ‘ৰু দি ব্লুমে'ত সুখশান্তিত দিন কটাইছিল। {{gap}}ভেলজঁই কজেটক সৰুতে বহুতবাৰো মাকৰ কথা কৈছিল। কজেট ডাঙৰ হৈ অহাৰ লগে লগে ভেলজই সেই কথা মুলিওৱা হল। কজেটৰ মনত—মৃত৷ মাৰীৰ ছাঁ পেলাই দি দুটি-প্ৰাণীৰে গঠিত এই সংসাৰ খনিত<noinclude></noinclude> abtjal5wj2kn6ofvpesu0a1bkgdeus9 263823 263821 2026-10-25T11:17:04Z নৰুনা বৰুৱা 4110 263823 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৪৯}}</noinclude> কোঠাৰ ভাল বস্তুৰ মাজত থকাতকৈ ভেলজঁৰ গুৰিত ভেলজঁৰ সাধাৰণ আহিলা-পাতিবোৰৰ মাজতে বেছি সুখ আৰু আনন্দ পাইছিল। যতে ভেলজঁ, ততে কজেটৰ বস্তু, আনন্দ, সুখ-সন্তোষ লাগি আছিল। নানান বৰণীয়া ফুল আৰু পখিলাৰে সৈতে সেউজীয়া হাবিখনিয়ে যেনেকৈ তাইৰ চকুযুৰিক হেপাঁহ পুৰাই তৃপ্তি দিছিল, ভেলজঁৰ মৰমচেনেহ আৰু আদৰ-সাদৰেও তেনেকৈয়ে তাইৰ মনৰ সকলো ভাব-অভাৱত পূৰ্ণাহুতি দিছিল। তাই তেতিয়া পূৰ্ণ সংসাৰত। চকু-মনৰ এটি বাসনাও তেতিয়া অপূৰণ নাছিল। এই বিজন বনৰ নীৰলা প্ৰাণী দুটিৰ সংসাৰখনি তেতিয়া জয়-জয়-ময়-ময়। ইটিয়ে সিটিকলৈয়ে পূৰ্ণসংসাৰ তৰিলে! পখিলাৰ পাছে পাছে লৰি ভাগৰ লাগি কজেটে “মোৰ ভাগৰ লাগিছে” বুলি যেতিয়া ভেলজঁৰ কাষত ঠিয় দিয়েহি, ভেলজঁই যেতিয়া তাইক বুকলৈ চপাই আনি মূৰে কপালে চুমা দিয়ে, তেতিয়| কিজানি দেৱ—দূতীহঁতেওঁ লাজত তলমূৰ কৰে। জীৱনত ঠেলা পাই শিকা আৰু কিতাপ পঢ়ি পোৱা কথাবিলাক ভেলজঁই যেতিয়া কজেটৰ লা-নি নিছিগা প্ৰশ্নৰ উত্তৰত এটা এটাকৈ কৈ যায়, কজেটে তেতিয়া অবাক হৈ একাণপতীয়াভাৱে শুনি থাকে। {{Gap}}মনত ভাবে, তাইৰ বাপেকে কত কথানে৷ জানে! কজেটে ভেলজঁৰ গুৰিত নেৰানেপেৰাকৈ বহি থাকিলে কেতিয়াবা কেতিয়াবা ভেলজঁই খঙৰ ভাও ধৰি কয়, —“যা যা, তোৰ কোঠালৈ যা। তইনো মোক আৰু কিমান দিগ দিয়?” টান মাত নুশুনা কজেটে টান মাত শুনি যেতিয়া মুখ ওলোমাই এখুজি-দুখুজিকৈ আঁতৰ হয়, তেতিয়া ভেলজঁই মিচিকিয়া হাঁহি মাৰি চল্‌চলীয়া চকুৰে কজেটৰ ফালে চাই থৰ লাগে। এইদৰেই জঁ ভেলজঁই কনভেণ্টৰ পৰা আহি ‘ৰু দি ব্লুমে'ত সুখশান্তিত দিন কটাইছিল। {{gap}}ভেলজঁই কজেটক সৰুতে বহুতবাৰো মাকৰ কথা কৈছিল। কজেট ডাঙৰ হৈ অহাৰ লগে লগে ভেলজই সেই কথা মুলিওৱা হল। কজেটৰ মনত—মৃতা মাকৰ ছাঁ পেলাই দি দুটি-প্ৰাণীৰে গঠিত এই সংসাৰ খনিত<noinclude></noinclude> dpqfmdrberq0ij356tcj6m399jwq4ew পৃষ্ঠা:দীন-দুখী.pdf/১৭৫ 104 92748 263813 253676 2026-10-25T10:16:49Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263813 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৬৩}}</noinclude> নোৱাৰিলে সিহঁত কলৈ গৈছে। “বেষ্টাইল স্কোয়াৰ'ৰ কাষতে এটা স্মৃতিস্তম্ভ আছিল এতিয়া এই স্তম্ভটো ভাগি-ছিগি চিন্ মোকামো নাইকিয়া হৈ পৰিছে। এই স্তম্ভটো শিল আৰু ইটাৰে সজা এটা প্ৰকাণ্ড হাতী। ৰাতি হলে, আন ঠাইত নেপালে গেভৰকে এই হাতীটোৰ পেটৰ ভিতৰতে শু‍ই থাকে। গেভৰকে লৰা কেইটাৰে সৈতে আহি এই হাতীটোতে সোমালহি। তাৰ ফটা কাপোৰ কানি যি আছিল সোপাকে জাপি জুপি দি লৰাহালক আতো-পুতৌকৈ শুৱাই সিও সিহঁতৰ কাষতে কাতি হল। জাৰত কুচিমুচি অহা লৰা হালে কাপোৰৰ উম পাই ৰঙত মাত লগালে — “কেনে উম্‌”। গেভৰকে তাৰ যৎসামান্য আতিথ্যেৰে অভ্যাগত অতিথি দুটিক শুশ্ৰূষা কৰিব পাৰি বৰ গৌৰৱ বোধ কৰিলে। সিহঁতৰ অকৃত্ৰিম শলাগনি “কেনে উম”! শুনি সি হাঁহি পেলালে। বৰ মৰম আৰু সাদৰেৰে সিহঁতৰ গাত হাত বুলাই বুলাই শুবলৈ কলে। লৰা হালিয়েও অলৌকিক আদৰ সাদৰৰ কথা ভাবি ভাবি আচৰিত হৈ অকণি হিয়াৰ অসীম কৃতজ্ঞতা জনাই শুই পৰিল। কোনেও কাকো চিনি নাপালে, তথাপি সিহঁত তেতিয়া যেন আপোনতকৈও আপোন। নীৰৱ প্ৰকৃতিৰ নিস্তব্ধ জীয়াৰী নিশাৰ বুকত এই তিনটি প্ৰাণীয়ে অকাতৰে হিয়াৰ নিফুট সমিধানত জুৰুলি-জুপুৰি হৈ অচেতন হৈ পৰি থাকিল। তিনিওটি পথ হেৰুওৱা পথিক্। সংসাৰে মোৰ নুবুলিলেও টোপনিয়ে সিহঁতৰ আলৈ বিলৈ দেখি হাত নেমেলি থাকিব নোৱাৰিলে। ৰাতি পুৱাবলৈ সৰহ বেলি নাই। এনেতে কোনোবা এটাই আহি হাতীটোৰ কাষত ঠিয় হৈ গেভৰকে গেভৰক বুলি ৰিঙিয়াবলৈ ধৰিলে। গেভৰকে সাৰ পাই ‘কোন' বুলি মাত দিয়া মাত্ৰকে বাহিৰত থকা মানুহটোৱে তাক ওলাই আহিবলৈ কলে। গেভৰক ওলাই আহিল। বাহিৰত ঠিয় হৈ থকা মানুহটোৱেই গেভৰকৰ সঙ্গী। গেভৰকে তাৰ সঙ্গীৰ মুখলৈ চাই কিবা এটা কৰ খোজোতেই মানুহটোৱে মাত লগালে “বেলি নকৰিবি! বৰ ডাঙৰ<noinclude></noinclude> r18mm86rgivn0025jfpsiqhw5wak86o পৃষ্ঠা:দীন-দুখী.pdf/১৭৬ 104 92749 263825 253677 2026-10-25T11:21:31Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263825 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১৬৪|দীন-দুখী|}}</noinclude> কাম। আমাক অলপ সহায় কৰিব লাগে। আহ”। গেভৰকে আনক সহায় কৰাত সদায়েই আগৰণুৱা। দুনাই প্ৰশ্ন নকৰি মানুহ- টোৰ পিছে পিছে গেভৰকে ঢাপলি ধৰিলে। গেভৰকৰ লগৰীয়া আটাইবোৰেই চুৰকৰা মাৰপিত কৰা আদিত বৰ পাকৈত, আৰু সিহঁতৰ সৰহ ভাগেই তাৰে দৰে পোৰা-কপলীয়া অঘৰী। গেভৰক তাৰ লগৰীয়াৰে সৈতে আহি ফাটেকৰ দুৱাৰ-মুখ পালেহি, কাম ফাটেকৰ পৰা কয়দী এটা পলুৱাই আনিব লাগে। গেভৰকে লগৰীয়াৰ উপদেশ অনুসাৰে ককালত জৰী বান্ধি, দেৱালৰ ইটা খহাই দেৱালৰ পাছত দেৱাল পাৰ হৈ ফাটেকৰ ভিতৰ সোমাল। আগৰে পৰা বন্দবস্ত। কয়দীটো সাজু হৈ বাটলৈ চাই বহি আছিল। গেভৰ'কে কয়দীটোৰ হাতত সকলো সাজ-সৰঞ্জাম দি বাট-পথৰ কথা ভাঙি-ছিঙি বুজাই দিলে। খন্তেকৰ পাছতে দুয়ো দেৱাল বগাৱলৈ ললে। ফাটেকৰখীয়াহঁতে ক'তো তাকনো গম নেপালে। নিৰ্বিবাদে দুয়ো আহি ফাটেকৰ বাহিৰৰ বাটত নামি পৰিল। এনেতে ৰাতি-পুৱাল। পুৱাৰ দোক-মোকালিত দুইৰো মুখ পোহৰ হৈ উঠিল। গেভৰ'কে কয়দীৰ মুখৰ ফালে চাই আচৰিত হৈ মাত দিলে-“বোপাই দেখোন!” টেনাডিয়ে একো উত্তৰ নিদি বাটত তালৈ ৰৈ থকা লগৰীয়া কেটাৰ ফালে চাই মাত দিলে’— ‘পাছে, আজি কাক ধৰা?” গেভৰ'ক আলপ আঁতৰি গল। লগৰীয়া কেটাৰ এটাই কলে, '"ৰু দি প্লুমে'ত এটা ঘৰ আছে। তাত মটা মানুহ কোনো নাই। এজনী মাইকী মানুহহে দেখিছোঁ, আজি তাতে সোমাওঁ। তোমাৰ জীয়েক ইপনিন চাবলৈ গৈছিল। তাই হলে তাত একো নাই বুলি কৈছে। আমিও চাই আহোঁ। থাকিবও পাৰে।” গেভৰকে ইমান উপকাৰ কৰা সত্ত্বেও এই দলটোৰ এটা মানুহেও শলাগ লোৱা দূৰে থক তাৰ ফালে কেৰাহিকৈয়ে নেচালে। সি আনৰ নহলেও বাপেকৰ পৰা এষাৰি মৰমৰ আপুৰুগীয়া মাত ইমান দিনৰ পাছত শুনিবলৈ পাম বুলি ওচৰতে বহি আশাভৰা চকুৰে চাই আছিল। বপুৰাই ভাবিছিল, সি তাৰ বাপেকৰ ইমান এটা<noinclude></noinclude> kj1jjlihigzodmwzurznv0sjc6mubwa পৃষ্ঠা:দীন-দুখী.pdf/১৫৫ 104 92753 263808 253681 2026-10-25T08:10:57Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263808 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{center|'''ঊনবিংশ অধ্যায়'''}}</noinclude> মেৰিয়াছে পিছদিনা পুৱাতে তালি-টোপোলা বান্ধি দোকানে— পোহাৰে সকলো শোধ-পৰিশোধ কৰি সেই ঘৰটোৰ পৰা ওলাই আহিল। কলৈ কেনি গল, কোনেও উৱাদিহকে নেপালে। {{Gap}}টেনাৰ্ডিয়েৰ বিৰুদ্ধে সাক্ষী দিব লাগে বুলি মেৰিয়াছে হুতাই— তাইকৈ বহা সলনি কৰি নগৰৰ এচুকত থকা তেওঁৰ পুৰণা বন্ধু কৰফেয়াৰৰ লগত আহি থাকিবলৈ ললে। পুলিছ ইন্সপেক্টৰ জাভেয়াৰে মেৰিয়াছক বহুতো বিচাৰ খোচাৰ কৰিলে। কিন্তু মেৰিয়াছৰ সতৰ্কতাই জাভেয়াৰৰ সকলো অনুসন্ধান ব্যৰ্থ কৰিলে। মেৰিয়াছে তেওঁৰ পিতৃ-বন্ধু টেনাৰ্ডিয়েৰ বিৰুদ্ধে সাক্ষী ওলাবলৈ নহল। {{gap}}এদিন দুদিনকৈ এই ঘটনাৰ পাছত দুমাহ পাৰ হৈ গল। মেৰিয়াছে ঢকা-চমকাকৈ বিজুলীৰ ক্ষন্তেকীয়া পোহৰত এখন্তকলৈ মাথোন তেওঁৰ প্ৰণয়িণী কজেটক টেনাৰ্ডিয়েৰ ঘৰত দেখিবলৈ পাইছিল। সেই ক্ষন্তেকৰ ভিতৰতে মেঘৰ বিজুলী মেঘৰ মাজত মাৰ গল। মেৰিয়াছৰ জীৱন বন্তিগছিও দূৰ অন্ধকাৰৰ ভিতৰত অদৃশ্য হৈ পৰিল। সেই মাহেন্দ্ৰক্ষণ অন্ত হোৱাৰ লগে লগে মেৰিয়াছৰ মনৰ—আনন্দ, চকুৰ তৃপ্তি. সকলো এক বিৰাট হাহাকাৰত পৰিণত হল। মেৰিয়াছ এতিয়া ভগ্ন-প্ৰাণ হতাশ প্ৰেমিক। দূৰ-বিদূৰৰ এটি মাত্ৰ ক্ষীণ ৰশ্মি যেনে-তেনেকৈ দিনে এটিবাৰ কজেটক ওচৰে আঁতৰে চাই যোৱা। তাৰ চিকিমিকি পোহৰত জনপূৰ্ণ সংসাৰৰ — সঙ্গীবিহীন মেৰিয়াছে জীৱনৰ ঘোৰ আউসীতো এখুজি-দুখুজিকৈ খপিয়াই-জপিয়াই বাট বুলিবলৈ সক্ষম হৈছিল। সিও যেতিয়া দৈব-দুৰ্বিপাকত হুমাই পৰিল, মেৰিয়াছ আৰু আগবাঢ়ে কেনেকৈ? মেৰিয়াছৰ অন্তৰ অণ্ঠ কণ্ঠ শুকাই যোৱা পিয়াহেৰে ভৰপুৰ আছিল সচা, কিন্তু চকু দৃষ্টিবিহীন। চাৰিওফালে অঞ্চল মৰুভূমি আৰু আন্ধাৰ মাথোন দেখিবলৈ পায়।<noinclude></noinclude> ai8i6bbo0hswjtku4q3jksxy4q2g6cm পৃষ্ঠা:দীন-দুখী.pdf/১৯৭ 104 92771 263798 253699 2026-10-24T14:17:20Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263798 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{center|'''দ্বাবিংশ অধ্যায়'''}}</noinclude> ৰাতি পুৱাই আহিল। পুৱাৰ উজ্জ্বল পোহৰত ৰাতিৰ আন্ধাৰত শাম কাটি অহা যুজৰ বেগ আকৌ দুগুণ তেজেৰে চলিবলৈ ধৰিলে। পুৱাৰ ফটফটীয়া পোহৰত যুঁজাৰুহঁতৰ মুখ জিলিকি উঠিল। আঁতৰৰপৰাই কোন কেনি ক'ত আছে ভালকৈ ধৰিব পৰা হল। ভেলজঁক যুদ্ধক্ষেত্ৰত উদাসীন ভাৱে অকাই-পকাই ফুৰা দেখা গল। তেওঁৰ উদাস দৃষ্টি আৰু চলন ফুৰনৰ গতি দেখি যুঁজ কৰিবলৈ অহা যেন নেলাগিল। গেভৰোকে দেৱালৰ ওপৰত উঠি অসংখ্য গুলীৰ মাজত থিয় হৈ মহা উলাহেৰে প্ৰহৰীৰ কাম কৰিব লাগিছে। মৰণলৈ তাৰ ভ্ৰূক্ষেপেই নাই। মেৰিয়াছে আঁতৰপৰা দেৱালৰ ওপৰত থিয় হৈ থকা গেভৰোক প্ৰহৰীক দেখি আচৰিত হল। কাষ চাপি ৰাতি দিয়া চিঠিখনৰ কথা সুধিলত সি ৰাতিয়ে চিঠিখন তিৰুতা গৰাকীক লগ নেপাই পুৰুষজনৰ হাততে দি আহিলে বুলি কৈ আকৌ ততাতৈয়াকৈ নিজৰ কামত লাগি গল। মেৰিয়াছৰ মনত বৰ বেজাৰ লাগিল। সি কোনোমতেই এই লৰাটোৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। পাৰে কেনেকৈ? তাৰ দেশপ্ৰাণ কোমল হিয়াত যে জীৱনৰ মমতা একেবাৰেই নাই। সি মৰণৰ লগত লুকা-লুকি খেলিবলৈ ধৰিলে। মানুহে তাৰ অসীম সাহস দেখি আচৰিত হৈ পৰিল। গুলীৰ পাছত গুলী আহিল। তাৰ ভু নাই। তাৰ চকু শত্ৰুৰ গতি-বিধিৰ ওপৰত মাথোন। শেষত শত্ৰুৱে হুহুৰ, শব্দেৰে তালৈকে লক্ষ্য কৰি গুলী কৰিলে। সি বাগি-বুগা দিবলৈ ধৰিলে। শত্ৰুৰ লক্ষ্য ব্যৰ্থ কৰি তাৰ উলাহ আকৌ দোপত দোপে চৰি আহিল! কিন্তু সি কিমান পৰ আৰু এইদৰে মৰণৰ লগত লুকা-ভুমুকা খেলিব? শেষত এটা গুলী আহি তাৰ গাত লাগিল। তাক বহি যোৱা দেখা গল। গোটেই ৰণ-থলী জুৰি বিপ্লৱবাদীৰ মাজত এটা হাহাকাৰৰ ধ্বনি শুনা গল। কিন্তু গেভৰোক বহি থকা মানুহ<noinclude></noinclude> pxea1hjmjfko6ujeb88qw2b8zfjd5mr পৃষ্ঠা:দীন-দুখী.pdf/১৯৯ 104 92773 263806 253701 2026-10-25T08:05:46Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263806 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৮৭}}</noinclude> মেৰিয়াছ যুঁজত নিমগ্ন হৈ ঘূৰি ফুৰিছিল আৰু উদাস-প্ৰাণ ভেলজ ই দূৰে দূৰে থাকি মেৰিয়াছৰ কাৰ্য্য-কলাপ চাই সময় কটাইছিল। এইদৰে ঘূৰি ফুৰোতে এবাৰ ভেলজঁ গৈ হঠাৎ, জাভেয়াৰক বন্ধ কৰি থোৱা মদৰ দোকানখন ওলালগৈ। ওচৰত কোনো নাই। দেখা মাত্ৰকে দুয়ো দুইকো চিনি পালে। {{Gap}}দুয়ো দুইৰে৷ ফালে একেৰাহে চাবলৈ ধৰিলে। ভেলজঁৰ হাতত তেওঁৰ প্ৰধান শত্ৰু জাভেয়াৰ! পিস্তলটো খাঁজি লৈ ভেলজঁই মাত দিলে “চিনি পাইছা মোক?” জাভেয়াৰে নিৰ্ভীক ভাৱে উত্তৰ দিলে “এতিয়া প্ৰতিশোধ ল”। ভেলজঁই জেপৰপৰা কটাৰী এখন উলিয়াই ললে। জাভেয়াৰে ভেলজঁক আজীৱন নিৰ্য্যাতন কৰি আহিছে। কটাৰীখন উলিওৱা দেখি জাভেয়াৰে কলে — “এই কটাৰীখনেৰে ৰেপি ৰেপি কাটিলেহে তোৰ তোৰ দৰে মানুহক বেচি শুৱাব।” ভেলজঁই একো নেমাতি জাভেয়াৰৰ কাষ চাপি গল। ভেলজঁক ওচৰ চপা দেখি জাভেয়াৰৰ তালুৱেদি জীৱ গল। ভেলজঁই কটাৰীখনেৰে জাভেয়াৰৰ বান্ধিবোৰ কাটি পেলালে। বান্ধবোৰ কটা শেষ হলত মাত দিলে “জাভেয়াৰ তুমি মুক্ত।” জাভেয়াৰ স্তম্ভিত হৈ পৰিল। জাভেয়াৰ যে ভেলজঁৰ চিৰ শত্ৰু। {{Gap}}জাভেয়াৰে সপোনতো ভাবিব নোৱাৰে যে ভেলজঁ হেন দস্যুৱে ইমান সুবিধা পায়ো এনেদৰে বিনা প্ৰতিশোধে, অক্ষত শৰীৰে তাৰ প্ৰধান শত্ৰুক এৰি দিব। জাভেয়াৰ ভেবা লাগি ভেলজঁৰ ফালে চাই থাকিল।ভেলজ ই মাত দিলে “মোৰ বিশ্বাস নহয় ম‍ই যে আৰু যুদ্ধক্ষেত্ৰৰপৰা উভতি যাব পাৰিম! যদি কেনেবাকৈ ওভতোঁহে মোক ফকল্‌ভেণ্ট নামেৰে ৭নং ৰু দিলা হোম আৰ্ম্মত বিচাৰিলেই পাবা।” কথাষাৰ কৈয়ে ভেলজঁ যুদ্ধক্ষেত্ৰত সোমাল। জাভেয়াৰে বিস্ময় বিমুগ্ধ হৈ যুদ্ধক্ষেত্ৰ এৰি নগৰৰ ভিতৰৰ ফালে খোজ ললে। যাওঁতে বাটে বাটে ভাবি গৈছিল “ভেলজঁৰ অন্তৰ ইমান মহৎ, ইমান উদাৰ নে?”<noinclude></noinclude> o58cjo4bauxgqfgyodzzqkflysemnqm 263807 263806 2026-10-25T08:06:14Z নৰুনা বৰুৱা 4110 263807 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৮৭}}</noinclude> মেৰিয়াছ যুঁজত নিমগ্ন হৈ ঘূৰি ফুৰিছিল আৰু উদাস-প্ৰাণ ভেলজঁই দূৰে দূৰে থাকি মেৰিয়াছৰ কাৰ্য্য-কলাপ চাই সময় কটাইছিল। এইদৰে ঘূৰি ফুৰোতে এবাৰ ভেলজঁ গৈ হঠাৎ, জাভেয়াৰক বন্ধ কৰি থোৱা মদৰ দোকানখন ওলালগৈ। ওচৰত কোনো নাই। দেখা মাত্ৰকে দুয়ো দুইকো চিনি পালে। {{Gap}}দুয়ো দুইৰে৷ ফালে একেৰাহে চাবলৈ ধৰিলে। ভেলজঁৰ হাতত তেওঁৰ প্ৰধান শত্ৰু জাভেয়াৰ! পিস্তলটো খাঁজি লৈ ভেলজঁই মাত দিলে “চিনি পাইছা মোক?” জাভেয়াৰে নিৰ্ভীক ভাৱে উত্তৰ দিলে “এতিয়া প্ৰতিশোধ ল”। ভেলজঁই জেপৰপৰা কটাৰী এখন উলিয়াই ললে। জাভেয়াৰে ভেলজঁক আজীৱন নিৰ্য্যাতন কৰি আহিছে। কটাৰীখন উলিওৱা দেখি জাভেয়াৰে কলে — “এই কটাৰীখনেৰে ৰেপি ৰেপি কাটিলেহে তোৰ তোৰ দৰে মানুহক বেচি শুৱাব।” ভেলজঁই একো নেমাতি জাভেয়াৰৰ কাষ চাপি গল। ভেলজঁক ওচৰ চপা দেখি জাভেয়াৰৰ তালুৱেদি জীৱ গল। ভেলজঁই কটাৰীখনেৰে জাভেয়াৰৰ বান্ধিবোৰ কাটি পেলালে। বান্ধবোৰ কটা শেষ হলত মাত দিলে “জাভেয়াৰ তুমি মুক্ত।” জাভেয়াৰ স্তম্ভিত হৈ পৰিল। জাভেয়াৰ যে ভেলজঁৰ চিৰ শত্ৰু। {{Gap}}জাভেয়াৰে সপোনতো ভাবিব নোৱাৰে যে ভেলজঁ হেন দস্যুৱে ইমান সুবিধা পায়ো এনেদৰে বিনা প্ৰতিশোধে, অক্ষত শৰীৰে তাৰ প্ৰধান শত্ৰুক এৰি দিব। জাভেয়াৰ ভেবা লাগি ভেলজঁৰ ফালে চাই থাকিল।ভেলজ ই মাত দিলে “মোৰ বিশ্বাস নহয় ম‍ই যে আৰু যুদ্ধক্ষেত্ৰৰপৰা উভতি যাব পাৰিম! যদি কেনেবাকৈ ওভতোঁহে মোক ফকল্‌ভেণ্ট নামেৰে ৭নং ৰু দিলা হোম আৰ্ম্মত বিচাৰিলেই পাবা।” কথাষাৰ কৈয়ে ভেলজঁ যুদ্ধক্ষেত্ৰত সোমাল। জাভেয়াৰে বিস্ময় বিমুগ্ধ হৈ যুদ্ধক্ষেত্ৰ এৰি নগৰৰ ভিতৰৰ ফালে খোজ ললে। যাওঁতে বাটে বাটে ভাবি গৈছিল “ভেলজঁৰ অন্তৰ ইমান মহৎ, ইমান উদাৰ নে?”<noinclude></noinclude> hgd73vt5r3xxaey5uqw4mjwtuysfq9w পৃষ্ঠা:দীন-দুখী.pdf/২০০ 104 92774 263824 253702 2026-10-25T11:18:32Z নৰুনা বৰুৱা 4110 263824 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|১৮৮|দীন-দুখী|}}</noinclude> ৰণৰ শেষ নাই। আক্ৰমণৰ পাছত আক্ৰমণ। বিকট কালৰ তাণ্ডৱ নৃত্য অবিৰাম গতিৰে চলি গ'ল। ফট্‌ ফট্‌ বন্দুক ফুটিল, হুৰ হুৰ, কৰে দেৱাল ভাগিল। শ‍ই শই মানুহ বাগৰি পৰিল। তেজৰ নৈ বৈ গল। ৰণৰ ভৈৰৱ মূৰ্ত্তি দেখি কোনোৰ প্ৰাণ ভয়ত কান্দি উঠিল। কোনো কোনোৱে পিছ হু হকি গল। কোনো কোনোৱে আকৌ অন্তিম সময় ভাবি নিজৰ ইষ্টদেৱতাক স্মৰণ কৰিবলৈ ধৰিলে। মেৰিয়াছে ঘূৰি ঘূৰি যুক্ত কৰি ফুৰিছে, পৰাম্মুখ সেনাবোৰক উত্তেজিত কৰিছে, জয়ধ্বনি দি মৰণৰ মাজলৈ উদগাই দিছে। এনেতে এটা গুলী আহি 'মেৰিয়াছৰ বাউসীত লাগিল। মেৰিয়াছ তৎক্ষণাত বাগৰি পৰি গল। পৰাৰ লগে লগে তাৰ চেতনা যেন লুপ্ত হৈ আহিল। “উস্‌” বুলি পৰি যাওঁতেই এবাৰ তাৰ মুখৰপৰা “কজে” শব্দটি শুনা গ'ল। লগে লগে তাৰ ওঠৰ কোণত এটি এধানমানি হাঁহিয়ে ভূমুকি মাৰিলেহি। তাৰ পাছত সি একেবাৰেই অচেতন হৈ কোলাতহে টোপনি গৈছে। দুঃখ শোক গ্লানি একেবাৰে ভেলজঁ ই মেৰিয়াছৰপৰা চকু মাত্ৰকে ভেলজ ই বাঘৰদৰে পৰিল – যেন সি পূৰ্ণ শান্তিৰ কোমল মহামন্ত্ৰ ‘কজেটে’ যেন তাৰ সকলো লুপ্ত কৰি দিলে। যুজত আছিল যদিও আঁতৰোৱা নাছিল। মেৰিয়াছ পৰা মেৰিয়াছৰ ওপৰত জপিয়াই পৰিলহি আৰু তৎক্ষণাত মেৰিয়াছক কান্ধলৈ তুলি লৈ যুদ্ধক্ষেত্ৰৰ পৰা বাহিৰ হৈ পৰিল। তুমুল সংগ্ৰামৰ মাজত কত কি হল কোনেও একো গমকে ধৰিব ভেলজঁ ই মেৰিয়াছক লৈ বেছি দূৰ যাব নোৱাৰিলে। নোৱাৰিলে। চাৰিওফালে ভেল জই থিয় অগণন সতৰ্ক প্ৰহৰী। ভেঁলজই এতিয়া কৰে কি? দি ভাবিবলৈ ধৰিলে। প্ৰহৰীৰ চকুত ধূলি মাৰি প্ৰকাণ্ড প্ৰকাণ্ড দেৱালেৰে কাৰাগাৰৰ পৰা পলাই অহা ভেল জই ৰণক্ষেত্ৰৰপৰা যাবলৈ বেছিপৰ ভাবিব নেলাগিল। ওচৰতে এটা ডাঙৰ খাল আছিল। খালটো চকুত পৰা মাত্ৰকে তেওঁৰ মূৰত এটা বুদ্ধি খেলালে।<noinclude></noinclude> oaal3f9yn5yl053qog0dg0y9dbzdf4z পৃষ্ঠা:দীন-দুখী.pdf/২০৪ 104 92778 263812 253706 2026-10-25T08:54:57Z নৰুনা বৰুৱা 4110 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263812 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১৯২|দীন-দুখী|}}</noinclude> দিলে – “কি ভাবিছাঁ, ছাবিটো দেখিলা নহয়। মোক কি দিবা দিয়া।” ভেলজ ই জেপত হাত ভবালে। ভেলজঁৰ জেপত সদায় ধন থাকে। তেওঁৰ বিষাদপূৰ্ণজীৱনৰ অশেষ অভিজ্ঞতাই তেওঁক সদায় হাতত ধন ৰাখিবলৈ এটা নিয়ম বান্ধি দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি তেওঁৰ হাত খালি। ৰাতি সৈনিকৰ সাজ-পাৰ পিন্ধিবৰ সময়ত লৰালৰিৰ বেগত তেওঁ ধন লবলৈ পাহৰি আহিল। শ্ৰেষ্ট-কোটৰ জেপত মাথোন কেতিয়াবাই ভৰাই থোৱা কেই ফ্ৰাঁ মান ধন আছিল। তাকে তেওঁ টেনাৰ্ডিয়েৰ হাতত গুজি দিলে। টেনাৰ্ডিয়েই কলে – “ইয়ালৈকে মানুহটো মাৰিলা।” কিন্তু ভিতৰি তাৰ বিশ্বাস নহল। সি এখুজি দুখুজিকৈ কাষ চাপি মেৰিয়াছ আৰু ভেলজঁৰ জেপকেট। লুটিয়াই বগৰাই চাবলৈ ধৰিলে। জেপ চাই থাকোতেই ভেলজঁই কব নোৱাৰাকৈ সি মেৰিয়াছৰ চোলাটোৰ কাপোৰ এডোখৰ ফালি লৈ তাৰ জেপত সুমুৱাই থলে। উদ্দেশ্য এই কাপোৰ ডোখৰ লৈয়ে সি আগলৈ দুয়োকে আৱশ্যক হলে ধৰা পেলাব পাৰিব। জেপ চোৱা শেষ হলত সি মাত লগালে—“সঁচা, আৰু একো নাই।” এইবুলি সি আধা ভাগৰ কথা ওলায় বুলি লৰালৰিকৈ খালৰ দুৱাৰখন মেলি কবলৈ ধৰিলে – “যোৱা, যোৱা; বেগাই ওলাই যোৱা।” অচেতন মেৰিয়াছক কান্ধত তুলিলৈ ভেলজ খালৰপৰা ওলাই আহিল। ভিতৰৰপৰা টেনাৰ্ডিয়েই দুৱাৰ বন্ধ কৰি দিলে। ক্ষন্তেকৰ পাছতে ভেলজঁ ৰ চকুৰপৰা তেওঁৰ ভীষণ ত্ৰাণকৰ্ত্ত৷ অদৃশ্য হৈ পৰিল। ভেলজঁ চীন নৈৰ পাৰত মুকলি বতাহত মুকলি মনেৰে থিয় হল। টেনাৰ্ডিয়েৰ ইয়ালৈ অহাৰ সকাম কি? ভেলজঁই মেৰিয়াছক কান্ধৰপৰা নমাই বালিৰ ওপৰত শুৱাই দিলে। অন্ধকাৰ, দুৰ্গন্ধ, ক্লান্তি আদিৰ পৰা মুক্ত হৈ তেওঁ এক উদাৰ আকাশৰ তলত আকৌ মুক্ত ভাৱে উশাহ নিশাহ লবলৈ ধৰিলে। তেওঁ যেন এক পুনৰ্জন্ম লাভ কৰিলে। নিশাৰ সাদৰী হাতে তেওঁৰ মূৰৰ ওপৰত অসীম অনন্তৰ সকলো সুখ বিতৰণ কৰিবলৈ ধৰিলে। তেওঁ ভাৰত বিভোৰ হৈ পৰিল। এই অসীম কৰুণাৰ বাবে ভেলজঁই এবাৰ<noinclude></noinclude> 8eu6qw97klt747pr961chz13rwzckrl পৃষ্ঠা:দীন-দুখী.pdf/২০৫ 104 92779 263811 253707 2026-10-25T08:50:12Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263811 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{Rh||দীন-দুখী|১৯৩}}</noinclude> আকাশৰ ফালে মূৰ দাঙি চাই জানিও-নজনা জনৰ উদ্দেশে মূৰ নোদোৱাই থাকিব নোৱাৰিলে। হৃদয়ৰ অসীম কৃতজ্ঞতা জনাই ভেলজঁ গদ্‌ গদ্ হৈ পৰিল। নিশা গহীন হৈ আহিল। ভেলজঁই ইফালে সিফালে ঘূৰি-পকি চাই পানীলৈ নামি গল। হাতৰ আজঁলিত পানী ভৰাই আনি মেৰিয়াছৰ মুখত ঢালি দিলেহি। পানী পায়ো মেৰিয়াছৰ চকুৰ পতাযুৰিয়ে অকণো কাতি-কুতা নকৰিলে। ভেলজঁই আকৌ পানী আনিবলৈ বুলি পানী-যুৱলি পালেগৈ। মেৰিয়াছে তেতিয়াও আগৰ দৰেই উশাহ নিশাহ মাথোন লৈ আছিল। ভেলজঁই পানী লবলৈ বুলি অলপ কুজা হৈ পানীত হাত জুবুৰিয়াইছে মাথোন, এনেতে কোনোবাই আহি তেওঁৰ কান্ধত হাত দিয়া যেন তেওঁ গম পালে। পানী আজ লি তুলি নানি তেওঁ থিয় হৈ উভতি চাই পঠিয়ালে। পুলিচৰ পোছাক পিন্ধা এটা ওখ মানুহ তেওঁৰ পাছতে সতৰ্কভাৱে থিয় হৈ আছে। ভেলজঁই দেখা মাত্ৰকে মানুহটো চিনি পেলালে। মানুহটো পুলিচ ইন্সপেক্টৰ জাভেয়াৰ। এটা বিপদৰপৰা উদ্ধাৰ পাই আহি দুখোজ যাবলৈ নৌপাওঁতেই আকৌ এক নতুন বিপদ। ভেলজই এই বাৰ জাভেয়াৰৰ হাতত পৰি বিপদ তেওঁৰ জীৱনৰ স্বতঃসিদ্ধ বুলি ধৰি ললে। জাভেয়াৰে ভেলজঁক চিনি নেপালে। জাভেয়াৰে মাত দিলে—“তই কোন?” “জঁ ভেলজঁ।” জাভেয়াৰ চক্‌ খাই উঠিল। ওচৰ চাপি জুমি-জামি চাবলৈ ধৰিলে। ভেলজঁই কলে “ইন্সপেক্টৰ জাভেয়াৰ, ম‍ই এতিয়া তোমাৰ হাতত। তথাপি পুৱাৰেপৰা মোক তোমাৰ বন্দী বুলিয়েই ভাবি আহিছে৷। ম‍ই তোমাক ফাঁকি দিবলৈ মোৰ ঠিকনা দিয়া নাছিলোঁ। মোক বন্দী কৰা; কিন্তু তুমি মোৰ এটা প্ৰাৰ্থনা ৰাখিব লাগিব।” “তই ইয়াত কি কৰিছ? সেইটো কোন মানুহ?” “তাৰ কথাকে ম‍ই কব খুজিছোঁ। মোক যি ইচ্ছা তাকে কৰাঁ, কিন্তু মানুহটোকে তাৰ ঘৰত থৈ আহিবলৈ মোক সময় দিয়॥” “ই যুদ্ধ ক্ষেত্ৰত আছিল, ইয়াকে সিহঁতে মেৰিয়াছ বুলি মাতিছিল। তই তাক যুদ্ধক্ষেত্ৰৰ পৰা লৈ আহিছ।” “ওঁ, ম‍ই ইয়াক ৬নং ৰু দে ফিল<noinclude></noinclude> 7fdyb1jaq9y5qzvv9rfowavizj6sqe2 পৃষ্ঠা:দীন-দুখী.pdf/২০৬ 104 92780 263815 253708 2026-10-25T10:22:27Z নৰুনা বৰুৱা 4110 263815 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|১৯৪|দীন-দুখী|}}</noinclude> । অলপ কেলভেয়াৰত তাৰ ককাকৰ ঘৰত থৈ আহোগৈ।” এই বুলি ভেল জই মেৰিয়াছৰ জেপৰ পৰা পৰা বহীখন উলিয়াই জাভেয়াৰক ঠিকনাটো দেখুৱাই দিলে। জাভেয়াৰে অলপমান পৰ নিটাল মাৰি থাকি “গাড়োৱান, গাড়োৱান” বুলি বিঙিয়াবলৈ ধৰিলে। আতঁৰতে এখন ভেৰোণীয়া গাড়ী আছিল। মাত শুনি গাড়োৱান গাড়ী লৈ জাভেয়াবৰ ওচৰত হাজিৰ হলহি। মেৰিয়াছক ধৰা- ধৰিকৈ গাৰীত তুলি পাছৰ বহা ঠাই ডোখৰত শুৱাই দিলে। আগৰ ঠাই ডোখৰত ওচৰা-ওচৰিকৈ জাভেয়াৰ আৰু ভেলজ দুয়ো বহি পৰিল। জাভেয়াৰে গাড়োৱানক আদেশ দিলে “৬নং * দে ফিল কেলভেয়াৰ।” গাড়ী চলিবলৈ ধৰিলে। গাড়ীৰ ভিতৰত কাৰো মাত-বোল নাই। মেবিয়াছ অচেতন, ভেলজ চিন্তান্বিত, জাভেয়াৰ প্ৰস্তৰ-প্ৰায়। বাট পদূলিও জন মানৱ শূন্য। গোটেইখন কাঁহপৰি জীণ যোৱা। গাড়ীখন গৈ থাকোঁতে অ'ত ত'ত থকা গছ-বন্তি বোৰৰ পোহৰ আহি এই বিষাদৰ প্ৰতিমূৰ্ত্তিকেট৷ মাজে মাজে পোহৰাই দি গহীন নিশাটো আৰু গহীনাই তুলিছিল। গাড়ী আহি নিৰ্দ্দিষ্ট স্থানত থিয় দিলে। জাভেয়াৰে গাড়ীৰপৰা নামি গৈ দুৱাৰত শব্দ কৰিলে। দৰোৱান দুৱাৰ মেলি ওলাই আহিল। জাভেয়াৰে সুধিলে —“এইটো জিল্‌ নৰমেণ্ডৰ ঘৰ হয়নে?” নাতিয়েকক যুদ্ধক্ষেত্ৰৰপৰা লৈ আহিছোঁ। বাহিৰৰ কথা-বাৰ্ত্তা শুনি বুঢ়াৰ জীয়েকে৷ সাৰ পাই আটাইখনে ধৰাধৰিকৈ মেৰিয়াছক ভিতৰলৈ লৈ গল। “হয়, কি লাগে?” “ তেওঁৰ ধৰ, ভিতৰলৈ লৈ বল।” নামি আহিল। বুঢ়াক টোপনি ভাঙি বাতৰি দিবলৈ কাৰো সাহ নহল। মেৰিয়াছক বাহিৰৰ কোঠা এটাতে ভালকৈ শুৱাই মেলি চাকৰ-নাকৰহঁত ডাক্তৰ বিচাৰি পিয়াপি দিলে। ভেলজ আৰু জাভেয়াৰ নামি আহি আকৌ গাড়ীত উঠিল। গাড়োৱানে গাড়ী চলাব খোজোঁতেই ভেলজ ই জাভেয়াৰক কলে “ইন্সপেক্টৰ জাভেয়াৰ, মোৰ আৰু এটা কথা ৰাখাঁ। মোক এক মুহূৰ্ত্তৰ কাৰণে ঘৰলৈ যাবলৈ দিয়া, তাৰ পাছত তোমাৰ যি ইচ্ছা<noinclude></noinclude> 955jcs5p5ohjxh43pn6pbay2ozeyhrf পৃষ্ঠা:দীন-দুখী.pdf/২২০ 104 92794 263799 253723 2026-10-24T14:21:34Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263799 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২০৮|দীন-দুখী|}}</noinclude> সময়ত হোৱা হলে কজেটৰ মনত বৰ আঘাত দিলেহেঁতেন। কিন্তু কজেট এতিয়া আনন্দৰ ভৰ দুপৰত। কথাষাৰে তাইৰ মনত এছটা কলা মেঘ সৃষ্টি কৰিলে সঁচা, কিন্তু সেই মেঘ খন্তেকতে আঁতৰি পৰিল। তাইব অসীম আনন্দৰ মাজত এই ক্ষুদ্ৰ বিষাদ নিমিষতে কৰবাত বিলীন হৈ পৰিল। তাইৰ যে মেৰিয়াছ আছে! বুঢ়া গল, ডেকা আহিল। জীৱনৰ গতিয়েই যে এই! তাৰ উপৰিও কজেট সৰুৰে পৰা জটিল ৰহস্যৰ ওপৰতেই ডাঙৰ-দীঘল হৈ আহিছে। বহস্যপূৰ্ণ শৈশৱৰ ওপৰত প্ৰতিষ্ঠিত হোৱা জীৱনৰ প্ৰত্যেক মানুহেই সাধাৰণতে এনে কিছুমান কথাৰ কাৰণে উদাস হবলৈ বাধ্য হয়। কজেটো এই ৰহস্যৰ প্ৰতি উদাস হৈ পৰিল। নহলে যে দিগ্‌ বিদিগ, হেৰুৱাব লাগিব! তথাপি তাই ভেলজঁক আগৰদৰেই একেটা সুৰতে ‘পিতা' বুলি সম্বোধন কৰিলে। দৰা কন্যাৰ দিনে দেখা-দেখি হয়। ফকলভেন্টৰ লগত কজেট মেৰিয়াছৰ ঘৰলৈ আহে। তাতে দুয়ো লগ হয়। সৰলচিতীয়া শুভাকাঙ্ক্ষী ফকল্‌ভেন্টক দেখি মেৰিয়াছৰ মনত কিবা এটা নজনা ভাবে ঠাই লবলৈ ধৰিলে। তাৰ মনত শত শহস্ৰ প্ৰশ্নৰ ঢৌ উঠিল। বুঢ়াৰ গঢ়-গতিত সি কিবা এটা ৰহস্য মেৰখাই থকা যেন পালে। সেই ৰহস্য ভেদ্ কৰিব নোৱাৰি সময়ে সময়ে সি নিজৰ স্মৰণ শক্তিকে অবিশ্বাস কৰিব লগাত পৰিল। তাৰ স্মৃতিৰ মাজত যোৱা ৪ মাহৰ জ্বালা যন্ত্ৰণাই এটা খাল খানি থৈ গল, সেই খালত পৰি তাৰ জীৱনৰ বহুত ঘটনা চিন চাব নোহোৱাকৈ হেৰাই পৰিছে। সি নিজক নিজে সুধিবলৈ ধৰিলে সি ফকল্‌ভেণ্টক যুদ্ধক্ষেত্ৰত সঁচাকৈয়ে দেখিছিলনে? সময়ে সময়ে মেৰিয়াছে দুই হাতে মুখ ঢাকি সেই অস্পষ্ট অতীতৰ মাজেদি তাৰ কল্পনাৰ ৰেখাডালি স্মৃতিৰ লেখনীৰে টানি লৈ যাবলৈ চেষ্টা কৰে। তেতিয়া তাৰ চকুৰ আগত যুদ্ধক্ষেত্ৰৰ বিষাদ অভিনয়ৰ অভিনেতাসকল এটা এটাকৈ আহি থিয় দিয়েহি। প্ৰহৰী গেভবোকৰ গান তাৰ কাণত বাজি উঠে ইপনিনৰ চেচা কপালত দিয়া চুমাটিৰ স্পৰ্শ তাৰ ওঁঠ দুটাই অনুভৰ কবে। কমফেয়াৰ এঞ্চোৰাছহঁত তাৰ চকুৰ আগত ঘূৰি ফুৰে। তাৰ<noinclude></noinclude> nlfxm6q6v6ngpibr0q8riwv5q5gdixd পৃষ্ঠা:দীন-দুখী.pdf/২২১ 104 92795 263800 253724 2026-10-24T14:24:48Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263800 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|২০৯}}</noinclude> পাছত আটইবোৰ এটাৰ পাছত এটাকৈ অদৃশ্য হৈ পৰে।' মছিঅৰ ফকলভেন্টেও লাহে লাহে গৈ এই অদৃশ্য প্ৰাণীবিলাকৰ ভিতৰৰে এটা অশৰীৰী প্ৰাণী হৈ পৰিল। শেহত সি কজেটৰ কাষত স-শৰীৰে বহি থকা এই ধীৰ গম্ভীৰ বুঢ়াকে যুদ্ধক্ষেত্ৰৰ সেই ফকলভেন্ট বুলি বিশ্বাস কৰিবলৈ টান পোৱা হল। যুদ্ধক্ষেত্ৰৰ ফকল্‌ভেন্ট তাৰ মনত এটা সপোনৰ ছবি যেন হৈ আহিল। তথাপি সি বুঢ়াক একো সুধিব নোৱাৰিলে। এই জটিল ঘটনাৰ আকৰ্ষণী শক্তি ইমান টান আছিল যদিও ই মেৰিয়াছক আন আন ভাবনাৰ বান্ধৰ পৰা ছিঙি এৰুৱাই আনিব নোৱাৰিলে। বিয়াৰ দিন যিমানে ওচৰ চাপি আহিল সিমানে তাৰ মন বেছি উদ্বিগ্ন হৈ আহিল। এই শুভদিনত সি দুজন মানুহৰ ওচৰত হিয়া ভৰা কৃতজ্ঞতা জনাই নতশিৰ হব লাগিব। সি তেওঁলোকৰ ওচৰত চিৰজীৱনৰ কাৰণে ঋণী। এই দুজন মানুহৰ প্ৰথম জন টেনাৰ্ডিয়ে; তেওঁ তাৰ পিতাকৰ প্ৰাণ ৰক্ষা কৰিছিল। আন জন তাক যুদ্ধক্ষেত্ৰৰ পৰা আনি ককাকৰ ঘৰত থোৱা অচিন শুভাকাঙ্ক্ষী। সমাজৰ চকুত, পৃথিবীৰ ওচৰত, দস্যু হলেও টেনাৰ্ডিয়ে তাৰ চিৰ পূজনীয়। টেনাৰ্ডিয়েক বিচাৰিবলৈ সি মানুহ পাচিলে, ধন খৰচ কৰিলে কিন্তু টেনাৰ্ডিয়ে নোলাল। অচিন শুভাকাঙ্ক্ষীজনৰ শুং বিচাৰি মেৰিয়াছে তাক ৰাতি লৈ অহা গাড়ীখনৰ গাৰোৱানটোৰ গুৰি পালেগৈ। কিন্তু গাৰোৱানটোৱে একো সঠিক বাতৰি দিব নোৱাৰিলে। সি তাৰ গাড়ীত অহা মানুহকো চিনি নেপায়। সি এজন পুলিছ কৰ্ম্মচাৰীৰ আদেশমতে চীন নৈৰ পাৰৰ পৰা মৰা মানুহ এটাৰে সৈতে বন্দীএটাক তুলি লৈ আহিছিল। বন্দীটো চীন নৈৰ পাৰৰ খাল এটাৰ পৰা কান্ধত মৰা মানুহটো লৈ ওলাই আহিছিল। তাৰ পাছত মেৰিয়াছে পুলিছ আপিছতো ভু ললে, কিন্তু ফল একো নহল। মেৰিয়াছে ভাবনাৰ ওৰ নেপালে। কোন মানুহটোৱে তাক কান্ধত লৈ খালৰ পৰা ওলাই আহিছিল। খালৰ মাজেদি যুদ্ধক্ষেত্ৰৰ পৰা ইমান দূৰ বাট তাক ভাৰ বৈ লৈ আহিবলৈ কাৰ, ইমান নিস্বাৰ্থ স্নেহ? এনে স্নেহ-<noinclude></noinclude> pkbz5drcsu59d9ad1ytvip14nd7ldhc পৃষ্ঠা:দীন-দুখী.pdf/২২২ 104 92796 263801 253725 2026-10-24T15:25:47Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263801 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২১০|দীন-দুখী|}}</noinclude> পৰায়ণজনক সি ঋণ নোশোধালে যে তাৰ এই হেন সুখময় ভবিষ্যত জীৱনৰ ওপৰত অমঙ্গলৰ ছাঁ পৰি ৰব? পিতৃৰ জীৱনদাতা আৰু প্ৰাণ ৰক্ষা কৰোতাজনৰ দেনা-পাওনা শোধ নকৰাকৈ অম্লানবদনে নতুন জীৱনৰ নতুন সোপানত ভৰি দিয়া তাৰ পক্ষে অসম্ভৱ হৈ উঠিল। এদিনা গধূলি জ'ভেলজঁৰ আগত মেৰিয়াছে এই জটিল ঘটনাৰ কথা উনুকিয়াই কবলৈ ধৰিলে—“এই মানুহজনক মই ইমান চেষ্টা কৰিও উলিয়াব নোৱাৰিলোঁ। যদি মই তেওঁক পালোঁহেতেন।” ভেলজই কথাষাৰ শুনিও নুশুনা ভাও জুৰিলে। ভেলজঁৰ উদাসীনতা দেখি মেৰিয়াছৰ খঙ উঠিল। সি চিঞৰি চিঞৰি কবলৈ ধৰিলে, “সেই মানুহজন যেয়ে হক তেওঁ দেৱতা। আপুনি জানেনে তেওঁ কি কৰিছিল? তেওঁ মোক কান্ধত লৈ নিশ্চয় তিনি চাৰি মাইল বাট খালৰ গেলা গোন্ধৰ মাজেদি খপিয়াই জপিয়াই যাব লগাত পৰিছিল। কিহৰ কাৰণে? সেই মৰা শটোক ৰক্ষা কৰিবলৈ। সেই মৰা শটো আজি স্বয়ং মই, মোক কান্ধত তুলি লৈ তেওঁ কিজানি ভাবিছিল এনিয়াও ইয়াৰ গাত টিমিকি টিমিকি জীৱটে৷ জ্বলি আছে। এই জীৱন ফিৰিঙতিটো নুনুমুৱাকৈ ৰাখিবলৈ মোৰ জীৱনো বলি দিম। আহাহা! সেই ফিৰিঙতিৰ কাৰণে তেওঁ কিজানি এবাৰ নহয় দুবাৰ নহয়, কুৰি-পঁচিশ বাৰ জ্বলা জুইত জাপ দিছিল। প্ৰত্যেক খোজেই যে একোটা বিপদ আছিল। উম! কজেটৰ এই ছশ হেজাৰ ফ্ৰাঁ ধন যদি মোৰ হলহেঁতেন।” ভেলজঁই মেৰিয়াছৰ কথাৰ ওপৰতে মাত দিলে “কিয়? সেই ধন তোমাৰ নহলে কাৰ হব? নিশ্চয় তোমাৰ ধন। ” “তেন্তে সেই ধন দি ম‍ই মানুহটোক বিচাৰি উলিয়াম?” ভেলজঁ নিৰুত্তৰ হৈ বহি থাকিল। মেৰিয়াছে এটা ঘটনাৰো ৰহস্য ভেদ কৰিব নোৱাৰিলে। টেনাৰ্ডিয়েক বিচাৰি উলিযাব নোৱাৰিলে, তাৰ প্ৰাণ ৰক্ষা কৰোতা জনৰ নাম-গোন্ধকে নেপালে; তাৰ ওপৰতে আকৌ দুজন ফকল্‌ভেণ্টৰ জটিল ৰহস্য। এই ফকল্‌ভেন্ট জানো সেই যুদ্ধ ক্ষেত্ৰত দেখা ফকলভেন্ট নহয়। বিষম চিন্তাত পৰি সি জঁ ভেলজঁক এই বিষয়ে প্ৰশ্ন কৰাৰ লোভ সামৰিব নোৱাৰি<noinclude></noinclude> 69wjjsul923x1cb07he3p2iwa7tqldf পৃষ্ঠা:দীন-দুখী.pdf/২৩৯ 104 92813 263816 253743 2026-10-25T10:31:46Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263816 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" /></noinclude>দীন-দুখী তাইৰ ডিঙিত লগাই দি ভেলজঁৰ থুতৰিটোত টেপামাৰি ধৰি কলে — “মোৰ ওপৰত খং নকৰিবা।” ভেলজঁই হাত দুখন এৰুৱাই আনি উত্তৰ দিলে, “তোমাক আৰু পিতাৰাৰ আৱশ্যক নাই। তোমাৰ মেৰিয়াছ আছে।” “মই সুখী হোৱা দেখি তোমাৰ বেয়া লাগিছে, নহয় নে?” সৰলতাই কেতিয়াবা অজানিত ভাৱে মানুহৰ হিয়া ভেদি যায়। কথাষাৰ কজেটৰ কাৰণে নিছেই সামান্য আৰু সৰল; কিন্তু ভেলজৰ কাৰণে ই অতি ভীষণ। কথাষাৰ শুনা মাত্ৰে ভেলজৰ মুখ কলা পৰি আহিল। বাক্‌শক্তি লোপ হৈ পৰিল। কিছুমান পৰৰ পাছত বৰ বল দি আধাফুটা মাতেৰে কবলৈ ধৰিলে, “তাইৰ সুখকেই মোৰ জীৱনৰ ব্ৰত কৰিছিলোঁ, এতিয়া তাই সুখী ঈশ্বৰ! মোক এতিয়া প্ৰস্থানৰ আদেশ কৰা। কজেট! তই সুখী, এতিয়া আৰু মোৰ কোনো কাম নাই।” কথাষাৰ শুনা মাত্ৰে কজেটে আনন্দত আপোন-পাহৰা হৈ ভেলজঁৰ ডিঙিত জপিয়াই পৰিল —“পিতা! তুমি মোক “তই” বুলিছা!” ভেলজঁয়ো ৰব নোৱাৰিলে। বৰ বলেৰে তাইক বুকত সাবটি ধৰিলে তেওঁ যেন তাইক ঘূৰাই লৈ যাব খুজিছে। “পিতা, এৰা, এতিয়াহে ভাল লাগিছে। তুমি বৰ ভাল নহয় নে?” এই খন্তেকীয়া উত্তেজনাই ভেলজঁৰ মনত দুখ দিবলৈ ধৰিলে, আৰু অধিক মাত্ৰালৈ যোৱাৰ ভয়ত ভেলজঁ যাবলৈ ওলাল। কজেটে সুধিলে “কিয়? ইমান সোনকালে?” “মই যাওঁ, মাডাম। তোমাক ওপৰত বিচাৰ কৰিব পাৰে।” ভেলজঁ আৰু একো নকৈ ওলাই গুচি গল। কজেটে এনে অপ্ৰত্যাশিত বিদায় দেখি ভেবা লাগি চাই থাকিল। ইয়াৰ পাছত কেবা সপ্তাহে৷ পাৰ হৈ গল। কজেটে নতুন জীৱন আৰম্ভ কৰিলে। ভেলজঁই কজেটক চাবলৈ সদায় আহে। সদায় দুইৰো কথা-বতৰা হয়। কিন্তু এতিয়া তেওঁলোকৰ মাজত ‘মাডাম্’ আৰু মছিঅ’ৰ জঁ, বুলিয়েই সম্বোধন হয়। কজেটে নতুন জীৱনৰ সোণালী ৰদত দিনক দিনে ৰাংঢালী হৈ আহিল। লগে লগে ভেলজঁৰ প্ৰতি আগৰ সেই তপত আস্থাও অলপ অলপকৈ<noinclude></noinclude> b1vkcpwxfl0d2323unk5y95je5kwf2x 263817 263816 2026-10-25T10:32:36Z নৰুনা বৰুৱা 4110 263817 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|২২৭}}</noinclude> তাইৰ ডিঙিত লগাই দি ভেলজঁৰ থুতৰিটোত টেপামাৰি ধৰি কলে — “মোৰ ওপৰত খং নকৰিবা।” ভেলজঁই হাত দুখন এৰুৱাই আনি উত্তৰ দিলে, “তোমাক আৰু পিতাৰাৰ আৱশ্যক নাই। তোমাৰ মেৰিয়াছ আছে।” “মই সুখী হোৱা দেখি তোমাৰ বেয়া লাগিছে, নহয় নে?” সৰলতাই কেতিয়াবা অজানিত ভাৱে মানুহৰ হিয়া ভেদি যায়। কথাষাৰ কজেটৰ কাৰণে নিছেই সামান্য আৰু সৰল; কিন্তু ভেলজৰ কাৰণে ই অতি ভীষণ। কথাষাৰ শুনা মাত্ৰে ভেলজৰ মুখ কলা পৰি আহিল। বাক্‌শক্তি লোপ হৈ পৰিল। কিছুমান পৰৰ পাছত বৰ বল দি আধাফুটা মাতেৰে কবলৈ ধৰিলে, “তাইৰ সুখকেই মোৰ জীৱনৰ ব্ৰত কৰিছিলোঁ, এতিয়া তাই সুখী ঈশ্বৰ! মোক এতিয়া প্ৰস্থানৰ আদেশ কৰা। কজেট! তই সুখী, এতিয়া আৰু মোৰ কোনো কাম নাই।” কথাষাৰ শুনা মাত্ৰে কজেটে আনন্দত আপোন-পাহৰা হৈ ভেলজঁৰ ডিঙিত জপিয়াই পৰিল —“পিতা! তুমি মোক “তই” বুলিছা!” ভেলজঁয়ো ৰব নোৱাৰিলে। বৰ বলেৰে তাইক বুকত সাবটি ধৰিলে তেওঁ যেন তাইক ঘূৰাই লৈ যাব খুজিছে। “পিতা, এৰা, এতিয়াহে ভাল লাগিছে। তুমি বৰ ভাল নহয় নে?” এই খন্তেকীয়া উত্তেজনাই ভেলজঁৰ মনত দুখ দিবলৈ ধৰিলে, আৰু অধিক মাত্ৰালৈ যোৱাৰ ভয়ত ভেলজঁ যাবলৈ ওলাল। কজেটে সুধিলে “কিয়? ইমান সোনকালে?” “মই যাওঁ, মাডাম। তোমাক ওপৰত বিচাৰ কৰিব পাৰে।” ভেলজঁ আৰু একো নকৈ ওলাই গুচি গল। কজেটে এনে অপ্ৰত্যাশিত বিদায় দেখি ভেবা লাগি চাই থাকিল। ইয়াৰ পাছত কেবা সপ্তাহে৷ পাৰ হৈ গল। কজেটে নতুন জীৱন আৰম্ভ কৰিলে। ভেলজঁই কজেটক চাবলৈ সদায় আহে। সদায় দুইৰো কথা-বতৰা হয়। কিন্তু এতিয়া তেওঁলোকৰ মাজত ‘মাডাম্’ আৰু মছিঅ’ৰ জঁ, বুলিয়েই সম্বোধন হয়। কজেটে নতুন জীৱনৰ সোণালী ৰদত দিনক দিনে ৰাংঢালী হৈ আহিল। লগে লগে ভেলজঁৰ প্ৰতি আগৰ সেই তপত আস্থাও অলপ অলপকৈ<noinclude></noinclude> o9st4q2z9bfwgw27eb81rg349b3uhbn পৃষ্ঠা:অসমাপ্ত.pdf/৩০ 104 94570 263819 263202 2026-10-25T10:50:29Z Nilotpal Hazarika123 3917 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263819 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh|২৬|হাঁচি|}}</noinclude>{{gap}}আগেয়ে শিকাই থোৱামতে আমি সমজুৱাসকলৰ মাজৰ পৰা চিঞৰি দিওঁ “কেতিয়াও নোৱাৰে”... {{gap}}আকৌ তেখেতে খুচি মনেৰে আৰম্ভ কৰে “উচিত কৈছে, ৰাইজসকল—কেতিয়াও নোৱাৰে। আকৌ শুনক–বিদেশীবোৰে আহি আজি আমাৰ সুখৰ সপোন ভাঙি দিছে। চাৰিওফালৰ পৰা আমাক আগুৰি ধৰি ভবিষ্যতৰ আশা-ভৰসা লুপ্ত কৰিছে।জী-বোৱাৰীয়ে আজি চৰুৱাৰ ভয়ত ঘৰৰ বাজ হব নোৱাৰাহৈছে। {{gap}}“এইবোৰ অতি গুৰুতৰ সমস্যাৰ সমাধান কংগ্ৰেছে কেতিয়াও কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছ এটা সৰ্ব্বভাবতীয় অনুষ্ঠান, গোটেই ভাৰতক ভ্ৰাতৃপ্ৰেমত বান্ধি এটা জাতি কৰিতোলাহে কংগ্ৰেছৰ লক্ষ্য। এতেকে কংগ্ৰেছক ভোট দিলেঅসমীয়াৰ অস্তিত্ব লোপ পাব। {{gap}}“কিন্তু মোক ভোট দিলে - মই প্ৰতিজ্ঞা কৰিলোঁ যে— গাওঁত ডাঙৰ ডাঙৰ আলি বন্ধাই, পুখুৰী খন্দাই দিম। তদু-পৰি প্ৰত্যেক গাওঁতে আস্পতাল একোখন পাতি দিম। আকৌ আপোনালোকৰ চৰণত ধৰি প্ৰতিজ্ঞা কৰিলোঁ যে--টকাত আঠ অনাকৈ খাজানা মাফ কৰাই দিম। {{gap}}“নিজৰ ল'ৰাছোৱালীয়ে- অন্ন-বস্ত্ৰ, দৰব-পথ্যৰ অৱিহনে চকুৰ আগতে ধব্ ফব, কৰে পৰি মৰিব, মাক-বাপেক হৈ আমিহাত সাৱটি বহি চকুলো টুকি চাই থাকিম, এনে কথা সম্ভৱ হবনে বন্ধুসকল?”{{nop}}<noinclude></noinclude> jtrl6fs4fuiawm18q13myxsey0ztfpp পৃষ্ঠা:অসমাপ্ত.pdf/৩১ 104 94571 263820 263203 2026-10-25T11:04:23Z Nilotpal Hazarika123 3917 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263820 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh||হাঁচি|২৭}}</noinclude>{{gap}}আমি চিঞৰি দিওঁ “কেতিয়াও নহয়। আমি মৰিলেও কংগ্ৰেছক ভোট নিদিওঁ।” {{gap}}হাতযোৰ কবি গদ্‌গদ্ কণ্ঠেৰে তেখেতে আকৌ কয় “ধন্যবাদ বন্ধুসকল, আপোনালোকৰ পদধূলি শিবত লৈ মই আগবাঢ়িলে॥ আশীৰ্ব্বাদ কৰক...” {{gap}}চাৰিওফালে বহি থকা আমাৰ দলৰ পৰা চিঞৰি খলক লগাই দিওঁ “জয় ভুঞা ডাঙৰীয়াৰ জয়...” {{gap}}উপস্থিত সকলো ৰাইজে যোগ নিদিলেও প্ৰায়বোৰেই জয়ধ্বনি কৰে। হুলস্থলৰ মাজত মিটিং সুকলমে শেষ হয়। {{gap}}ভোটৰ দিনৰ চাহ-নিঠুৰ খৰচৰ কথা নকলেও হব। মুঠৰ ওপৰত তেখেত ভালবকমে বিটাৰ্ণ হ'ল। লগে লগেসপবিয়ালে শিলং পাহাবলৈ গৈ বসতি কৰিবলৈ ধৰিলে।মন্ত্ৰীৰ গাদীখনো নিৰ্বিঘ্নে পালে। {{gap}}গুৰু-ককাইৰ অমোঘ বাণী সাৰোগত আৰু শিৰোগত কৰি বহি আছোঁ। দিন নেযায়, বাতি নুপুৱায়। দুই এজন বন্ধু-বান্ধৱকো গোপনে কৈছো যে এইবাৰ হাকিমৰ বাবটো পামেই পাম। {{gap}}দুমাহৰ মূৰত। মন্ত্ৰী হোৱাৰ বাতৰি পায়েই ল'ক বুঢ়া আঙুলি দেখুৱাই শ্বিলঙত হাজিৰ হলোঁগৈ। তেখেতৰ ঘৰতে আলহী হ'ম বুলি আশা কৰি গৈছিলোঁ যদিও তালৈ গৈ ৰঙাচোলা পিন্ধা চাপ্ৰাচীক দৰ্শন কৰি আৰু তাৰ ৰাজোচিত কৰ্কশবাক্য শ্ৰবন কৰি সন্তুষ্ট মনেৰে হোটেল হেপি-লজত বাস।{{nop}}<noinclude></noinclude> nruyxeevumw9tfojpcrdzvmrtno4xfj পৃষ্ঠা:অসমাপ্ত.pdf/৩৫ 104 94575 263822 263207 2026-10-25T11:16:09Z Nilotpal Hazarika123 3917 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263822 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh||দুগজ কাপোৰ|৩১}}</noinclude>হাতত লাগিল। খঙতে তাকে উলিয়াই আনি মুখত সুমাইলৈ জুইববাহ নাপাই ল'ৰা এটাক জুই আনিবলৈ পাচিলোঁ।জুই আনিলত বিড়ীটো জ্বলাই লৈ দুহোপামান মাৰি ভাবিলোঁ নুমাই থ'ম নে আকৌ এহোপা মাৰিম। হুমাই থলে'ভবিষ্যতে আকৌ দুবাব হুপিব পৰা যাব। তাহানি বাল্যকালৰকবিতাটো মনত পৰিল— বগলীয়ে যিটো পায়, মাছ ততালিকেখায়, নাপালেই থাকে হুদা পেটে...” {{gap}}এনেতে ভিজা গ৷ আৰু চুলিৰ ওপৰত মোৰেই ফটা চুৰি- য়াখন মেৰাই লৈ তেওঁ সোমাই আহি পাছফালে পেপা বজালে—“ৰাতিপুৱাতে নো কি অপৰাধটো কৰিলোঁ, যে জৰুবী তলৰদিছে?” {{gap}}জোখাৰে উত্তৰ দিব খুজিও নিদি গম্ভীৰ হৈ এবাৰতেওঁৰ ফালে ঘূৰি চালোঁ। দেখিয়েই মূৰ গৰম হ'ল, চকুজুৰিয়ে পেট্ৰলত জুই উঠাৰ দৰে দশ কৰে জ্বলি উঠল। {{gap}}“অপৰাধৰ বিচাৰ পিছতো হব। প্ৰথমে কোৱাচোন মোৰ চুৰিয়াখন কেলেই পিন্ধিছা? ইয়াৰে জোৰা-তাপলি মাৰিঅন্ততঃ আৰু চাৰি মাহলৈ...” “এৰা, নিজৰ বেলিকা আৰু চাৰিমাহলৈ লেখিছে, কিন্তু আমাৰ ফালে চকু ফুৰাই চাইছেনে নাই? ফটা মেখেলা সিবলৈঠাই নাইকীয়া হৈছে। বিহাৰ কানিৰে লেছা কৰিলোঁ। ইয়াৰ পিছত গছৰ বাকলিয়ে গতি হব নেকি? হয় আজিয়েই কাপোৰ আনি দিয়ক, নহলে নিজৰ খনৰে আধা কাটি দিয়ক।”{{nop}}<noinclude></noinclude> 0ha4h0kgciq9gjnnxo72swznjmhgmhd পৃষ্ঠা:অসমাপ্ত.pdf/৩৬ 104 94576 263826 263208 2026-10-25T11:31:29Z Nilotpal Hazarika123 3917 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263826 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh|৩২|দুগজ কাপোৰ|}}</noinclude>কথা সঁচা। এৰা, আজি দুবছৰে কাপোৰ কিনিম ছাৰি চকুৰে দেখিবলৈকেও নাপালো। সাঁচনীয় যি কেইখনমান আছিল তাৰেই কোনোমতে ছোৱালীবোৰৰ সৈতে লাজ নিবাৰণ কৰিছে।মই বাহিৰত চুবিয়াৰ ফেৰ মাৰি আহি ঘৰ পোৱাৰ লগেলগে ফটা কানিবোৰ চাৰিজাপ মান কৰি মহাদেৱে বাঘছাল লোৱাৰ দৰে ওলোমাই থওঁ। সেই বাবেই মোৰখন এতিয়াও আছে যদিও বাকীবোৰ ফটা কানিত জোবা তালি দিবলৈও ঠাই নাইকীয়া। দেশখনত হাহাকাৰ। খাবলৈ খাদ্য নাই,পিন্ধিবলৈ বস্ত্ৰ নাই, ববলৈ সূতা নাই, আকৌ ব্লেক মাৰ্কেটলৈ যাবলৈ পইচা নাই- {{gap}}তেওঁৰ কথাৰ কোনো সদৰে বিচাৰি নাপাই মনটো অলপ কুমলিল, খং পানী উঠিল। {{gap}}“হেৰা বাকচৰ ধনবোধ কি হ'ল হেঁ? মুঠতে চাৰে তিনি টকাহে আছে দেখোন?” চাৰি অনা বিড়ী খাবলৈ ৰাখিমিছা মাতিলো। {{gap}}এইবাৰ তেওঁৰ কোব চৰিল “মই চোবাই খাইছোঁ –ধনৰ পূজিটো আইৰ ঘৰলৈ দি পঠিয়াইছোঁ -- লাজো নেলাগেনে? ছিঃ ছিঃ.....” {{gap}}“এহ, খং কৰিছা কেলেই? মই ভালকৈহে সুধিছোঁ। ক'ৰবাত যদি লুকু۰۰۰۰” {{gap}}“কেলেই হিচাপৰ বহিটো চাবলৈ চকু দুটা.....”{{nop}}<noinclude></noinclude> jrzedagwsvf0uhgjljtio9u3tm6zihf 263827 263826 2026-10-25T11:32:34Z Nilotpal Hazarika123 3917 263827 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh|৩২|দুগজ কাপোৰ|}}</noinclude>কথা সঁচা। এৰা, আজি দুবছৰে কাপোৰ কিনিম ছাৰি চকুৰে দেখিবলৈকেও নাপালো। সাঁচনীয় যি কেইখনমান আছিল তাৰেই কোনোমতে ছোৱালীবোৰৰ সৈতে লাজ নিবাৰণ কৰিছে। মই বাহিৰত চুবিয়াৰ ফেৰ মাৰি আহি ঘৰ পোৱাৰ লগেলগে ফটা কানিবোৰ চাৰিজাপ মান কৰি মহাদেৱে বাঘছাল লোৱাৰ দৰে ওলোমাই থওঁ। সেই বাবেই মোৰখন এতিয়াও আছে যদিও বাকীবোৰ ফটা কানিত জোবা তালি দিবলৈও ঠাই নাইকীয়া। দেশখনত হাহাকাৰ। খাবলৈ খাদ্য নাই,পিন্ধিবলৈ বস্ত্ৰ নাই, ববলৈ সূতা নাই, আকৌ ব্লেক মাৰ্কেটলৈ যাবলৈ পইচা নাই- {{gap}}তেওঁৰ কথাৰ কোনো সদৰে বিচাৰি নাপাই মনটো অলপ কুমলিল, খং পানী উঠিল। {{gap}}“হেৰা বাকচৰ ধনবোধ কি হ'ল হেঁ? মুঠতে চাৰে তিনি টকাহে আছে দেখোন?” চাৰি অনা বিড়ী খাবলৈ ৰাখিমিছা মাতিলো। {{gap}}এইবাৰ তেওঁৰ কোব চৰিল “মই চোবাই খাইছোঁ – ধনৰ পূজিটো আইৰ ঘৰলৈ দি পঠিয়াইছোঁ -- লাজো নেলাগেনে? ছিঃ ছিঃ.....” {{gap}}“এহ, খং কৰিছা কেলেই? মই ভালকৈহে সুধিছোঁ। ক'ৰবাত যদি লুকু۰۰۰۰” {{gap}}“কেলেই হিচাপৰ বহিটো চাবলৈ চকু দুটা.....”{{nop}}<noinclude></noinclude> er51sw0tu4l786kihwcnd82mtz5nv0u পৃষ্ঠা:অসমাপ্ত.pdf/৩৮ 104 94578 263828 263210 2026-10-25T11:49:28Z Nilotpal Hazarika123 3917 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263828 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Nilotpal Hazarika123" />{{rh|৩৪|দুগজ কাপোৰ|}}</noinclude>{{gap}}এনেতে শুনিলো, – “মোক পিন্ধিবলৈ কাপোৰ আজিয়েই আনি দিব। নহলে কাইলৈ চুৰিয়াখনক দুভাগ কৰিম। আকৌ দহদিনৰ মূৰতে পূজা, লৰা-ছোৱালীক একাডোখৰ দিবলৈকেও বন্দবস্ত কৰিব।” আদেশ অন্তে তেওঁ ওলাই গল। {{gap}}ঠিক কথা, ভাল মনত পেলাই দিলে৷ মাছৰ সোৱাদ মনতে উপলব্ধি কৰি, মাহৰ আশা মচি পেলাই কাপোৰ আশাৰ টোপোলা বুকুত বান্ধি লৈ ওলোৱাহে থিৰাং কৰিলোঁ। {{gap}}ৰূপ তিনি টকা অৰ্থাৎ আধা–গেলা নোট তিনিখন এবাৰ জেপত সুমালোঁ, এবাৰ বাকচত থলো, আকৌ উলিয়াই আনি ক্ষেপত ভৰাই ললো। লগতে বাঁহৰ চুঙাত থোৱা বহু কলীয়া,সিন্দুৰ-বঞ্চিত, গৃহিণীৰ সপ্ত পূণ-জৰ পৰা আগেয়ে চুৰি কৰি নিয়াৰ বাদে নগদ এগণ্ডা আছিল। তাৰো তিনিটা উলিয়াই জেপত সুমালোঁ। {{gap}}আধাপোৰা বিড়ীটো তেতিয়াও হাততে শিলটো যেন গধুৰ হৈ আছিল। তাকো ইখন জেপত লৈ বাহিৰ ওলালোঁ। বতৰভাল নাছিল কিন্তু লগত নিবলৈ ছাতিও নাই। বি আছে কপালত, বুলি ভাবি পদুলি ওলাই বেগাই খোজ ললো। {{gap}}কিছুদূৰ গৈয়েই দূৰৈৰপৰা দেখিলোঁ, — এঠাইত এটা সৰুঘৰত সৰু দুৱাৰ এখনেৰে বহুত মানুহে হেচা ঠেলা কৰি ভিতৰলৈ সোমা-বলৈ চেষ্টা কৰিছে। আলিবাটৰো আধামানৰ পৰাই মানুহৰ ভীৰ। {{gap}}মনতে ভাবিলো, বোধহয় লুটপাত হ'ল। বেগেৰে গৈ ওচৰ পাই দেখিলো যে মলাধপাতৰ দোকানী খোদাবক্‌চৰ দোকানত{{nop}}<noinclude></noinclude> aof7sxiyfqb8x5kp7ded1xvzabolm1k