ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.3 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk আশীৰ্বাদৰ ৰং (গ্ৰন্থ) 0 393 26768 14979 2026-05-19T18:03:37Z Pranamikaadhikary 18 added [[Category:সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26768 wikitext text/x-wiki '''[[:as:আশীৰ্বাদৰ ৰং|আশীৰ্বাদৰ ৰং]]''' এখন [[অৰুণ শৰ্মা]]ৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে [[:as:সাহিত্য অকাডেমি|সাহিত্য অকাডেমি]]ৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল [[:as:জাৰ্ণাল এম্প’ৰিয়াম|জাৰ্ণাল এম্প’ৰিয়াম]]। তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল। অসমৰ এখন পষেকীয়া আলোচনী প্ৰান্তিকত এই উপন্যাসখন ধাৰাবাহিককৈ মুঠ সাতাইছটা খণ্ডত প্ৰকাশ পাইছিল। উপন্যাসখন ধাৰাবাহিক ৰূপে তেৰটা খণ্ডত আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৰা হৈছিল। == উদ্ধৃতিসমূহ == == উৎস == {{Reflist}} [[শ্ৰেণী:অসমীয়া উপন্যাস]] [[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ]] 75ra6un8iyqntn2p8nz57a8wo73wpf6 ইয়াত এখন অৰণ্য আছিল (গ্ৰন্থ) 0 406 26769 20500 2026-05-19T18:03:57Z Pranamikaadhikary 18 added [[Category:সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26769 wikitext text/x-wiki '''ইয়াত এখন অৰণ্য আছিল''' [[অনুৰাধা শৰ্মা পূজাৰী]]ৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৮ চনত প্ৰকাশিত এই উপন্যাসখনে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ==উদ্ধৃতিসমূহ== #কিছুমান চৰাইক কিয় ইমান ওপৰলৈ উৰিবলৈ লাগে! জনাথন লিভিং ষ্টনৰ দৰে সূৰ্য চুব পৰাকৈ উৰাৰ হাবিয়াস কিয় জাগে! আনতকৈ ভিন্ন হোৱাৰ আকাংক্ষাই যদি সফলতা আনে, এই সফলতাই কিয় ডেউকা পুৰি যন্ত্ৰণা দিয়ে!<ref name="ইয়াত এখন অৰণ্য আছিল">পৃষ্ঠা ১০</ref> #মহাসাগৰবোৰ আছে বুলি পুখুৰীয়েতো কোনোদিন চকুপানী টুকি থকা নাই মই কিয় সৰু বুলি।<ref name="ইয়াত এখন অৰণ্য আছিল"/> #সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱায়, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ’ল।<ref name="Nila Charai">{{Cite web | url=https://nilacharai.com/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE-%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%AA%E0%A7%82%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%89%E0%A6%95/ | title=অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি | publisher=নীলা চৰাই (ই-আলোচনী) | date=৮ জানুৱাৰী ২০২২ | accessdate=4 ফেব্ৰুৱাৰী 2022}}</ref> #এই যে মন্দিৰ-মছজিদ সাজি মানুহে মাটি দখল কৰিছে— তেওঁলোক জানো প্ৰকৃততে ধাৰ্মিক? ধৰ্মই জানো আনৰ অধিকাৰ গ্ৰাস কৰিবলৈ শিকায়?<ref name="Nila Charai" /> #এটাই মাত্ৰ সূৰ্য আকাশত, অথচ আমাৰ হেঁপাহ আৰু আকাঙক্ষাবোৰ কিমান পৃথক! সূৰুযৰ ৰেঙণি এস্কিম’ৰ বাবে একান্ত হেঁপাহ, অথচ মৰুভূৰ বেদুইনৰ বাবে সন্ত্ৰাস৷ তথাপি মেৰু এৰি গুচি অহা নাই এস্কিম’ই, মৰুভূ এৰা নাই বেদুইনে৷ সূৰ্য নোপোৱা মানুহ আৰু সূৰ্যক বেছিকৈ পোৱা মানুহ-- কোনেও সূৰুযক লৈ আপত্তি কৰা নাই বাবেই চলি আছে জীৱন৷<ref name="ইয়াত''">{{Cite book|ISBN: 978-93-97956-49-0|title=ইয়াত এখন অৰণ্য আছিল|publisher=অনন্ত হাজৰিকা, বনলতা|author=অনুৰাধা শৰ্মাপূজাৰী|year=২০১৮|pages=১০,১২, ১৭, ২৮, ৩৭, ৫৩, ৭০, ৭০, ৯২,১৫৬, ১৭১,}}</ref> #আচলতে ৰ’দ আৰু ধুমুহাৰ বৰ্ম পিন্ধা নাৰীবোৰ একোজনী পাৰ চৰাইৰ দৰে কোমল; পানীপিয়া চৰাইজনীৰ বৰষুণলৈ হোৱা অপেক্ষাৰ দৰে মৰম আকলুৱা-- এইকথা প্ৰথমে ঘৰখনে, তাৰপাছত সমাজখনে পাহৰি পেলায়৷ কেতিয়াবা স্বামীয়ে, কেতিয়াবা সন্তানে পাহৰে৷<ref name="ইয়াত''" /> #পাহাৰৰ অবৈধ খনন, অবৈধ দখলক লৈ সৰৱ হওঁ৷ আকৌ যেতিয়া অবৈধ দখলদাৰীক উচ্ছেদ কৰিবলৈ প্ৰশাসন আগবাঢ়ে, আমি পুনৰ সৰৱ হওঁ-এইবাৰ প্ৰশাসনৰ বিৰুদ্ধে৷ পাহাৰৰ দুখীয়া-নিছলা মানুহৰ অবৈধ দখল, অবৈধ সা-সুবিধাক সুৰক্ষা দি হুংকাৰ দিওঁ প্ৰশাসনক৷ এয়াই ভাৰতবৰ্ষৰ সংবাদ ক্ষেত্ৰৰ চৰিত্ৰ৷ চৰকাৰ-প্ৰশাসন আৰু সংবাদ মাধ্যমৰ সম্পৰ্ক ’শত্ৰুৰ সৈতে একেখন বিছনাতে নৈশ সহবাসৰ দৰে’৷ প্ৰেম আৰু বিবাদৰ বৈপৰীত্যৰ সহবাস, সাধাৰণ মানুহে বুজি নোপোৱাটোৱেই স্বাভাৱিক৷<ref name="ইয়াত''" /> #এনে লাগে যেন জীৱনটো প্ৰকৃততে এডাল সৰলৰেখা৷ আমি খোজ কাঢ়িব নাজানি বেঁকা-টেৰা কৰিছোঁ৷<ref name="ইয়াত''" /> #যুতিৰ ঘৰত উঁইপোকে ধৰিছে৷ ঘৰ মানুহৰ হৃদয়ত জন্ম হয়৷ মাধুৰীৰ ঘৰ উচ্ছেদ হ’লেও হৃদয় ঘৰ ভাগি নাযায়, কিন্তু যুতিৰ ঘৰখনৰ ক্ষয় যিদৰে আৰম্ভ কৰিছে, ৰক্ষা পোৱাটো টান৷<ref name="ইয়াত''" /> #অৰণ্যৰ সৈতে থকা মানুহ আৰু অৰণ্য ধ্বংসৰে ব্যৱসায় কৰা মানুহ, দুয়োবিধ সুকীয়া মানুহ৷ <ref name="ইয়াত''" /> #অকণমান আশ্ৰয়স্থল বিচাৰি সাপ, বেং, চৰাই, মানুহ এইদৰেই অকালতে নিশ্চিহ্ন হৈছে পৃথিৱীৰ পৰ নীৰৱে৷ এই মৃত্যুবোৰ বতাহে উৰাই নিয়া সৰাপাতৰ দৰে মূল্যহীন৷<ref name="ইয়াত''" /> #প্ৰকৃতি আৰু মানুহৰ আশ্ৰয়ৰ যুদ্ধ এখন অতি নীৰৱে কিন্তু ভয়ংকৰভাবে অহৰহ চলি আছে৷ এই যুদ্ধৰ আঘাত সুদূৰপ্ৰসাৰী৷ <ref name="ইয়াত''" /> #জনসংখ্যা বৃদ্ধিৰ লগে লগে পাহাৰ আৰু অৰণ্য ধ্বংস হ’বই হ’ব৷ বাচি থকা জলাহ পুতি বহুতল ঘৰ হ’ব, উদ্যোগ হ’ব৷ আমাৰ ৰাজ্যখনত চৰকাৰী পঞ্জীয়নভূক্ত বিল আছে চাৰিশ ত্ৰিশখন৷ বহুবছৰ ধৰি এইবোৰ নতুনকৈ পঞ্জীয়ন হোৱা নাই৷ বেছিভাগেই সেইবাবে অধিকাৰো হ’ল৷ এই জলাহবোৰত বনৌষধি উদ্ভিদেৰে ভৰপূৰ৷ এই উদ্ভিদবোৰৰ অক্সিজেন বায়ুত এৰাৰ ক্ষমতা বেছি৷ পানীৰ উদ্ভিদবোৰে পানীৰ প্ৰদূষণো ৰোধ কৰে৷ সৰুতে আমি পুখুৰীৰ পানীকে খাইছিলোঁ৷ পেটৰ অসুখ হোৱাৰ কথা দেখোন মনত নপৰে। পুখুৰীত সৰুপুনি, বৰপুনিৰে ঢাক খাই সেউজীয়া হৈ থাকে৷ এই জলাহবোৰেই থলুৱা মাছ-কাছ, পৰিভ্ৰমী চৰাই, কেঁচু, কুমতি, সাপ, বেং আদিৰ ভাৰসা৷ লাহে লাহে বন ধ্বংসৰ দৰে জলাহভূমিও ধ্বংস হ’ল৷ আমাক ৰে’ল লাইন লাগে, উদ্যোগ লাগে৷ সভ্যতাৰ বিকাশ হ’বই লাগিব৷ কিন্তু প্ৰকৃতিক জানো ক্ষতিপূৰণ দিব পাৰিছোঁ!<ref name="ইয়াত''" /> #মানুহৰ মনৰ যুদ্ধক্ষেত্ৰবোৰ একেলগ হৈ এক ভয়ংকৰ যুদ্ধক্ষেত্ৰৰ অভ্যুত্থান হয়। যিজন মানুহে ঘৰত শান্তি নাপায়,ঘৰৰ বাহিৰত তেওঁ শান্তিৰ সন্ধানত নামে। বাহিৰতো শান্তি নাপালে পুনৰ ঘূৰি আহে ঘৰলৈ। এই অস্থিৰতাৰ নামেই মানুহ। মনৰ শান্তি,সমাজৰ শান্তি,দেশৰ শান্তিৰ বাবে ভাবোতাজন খং,ক্ষোভ আৰু অশান্তিৰে জৰ্জৰিত ব্যক্তি হ'লে ফলাফলো অশান্তি হোৱাটোৱেই স্বাভাৱিক।যিদৰে কয়লাৰ একমাত্ৰ কাম জুই হৈ জ্বলা আৰু জ্বলোৱা।<ref name="ইয়াত''" /> #বনক ভাল পাবলৈ মনৰ প্ৰয়োজন৷ বন ভালপোৱা মন বিয়াগোম বন বিভাগত এপাচি শাকত এটা জালুক৷<ref name="ইয়াত''" /> #সাংবাদিক সৈনিকৰ দৰে হ’ব লাগে। ন’ ইম’শ্যন, ন’ ৰিগ্ৰেট, অনলী নিউজ— ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধক্ষেত্ৰত আবেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে। আবেগ মাত্ৰ এটাই— সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ’ব লাগে আবেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা।<ref name="ইয়াত''" /> ==উৎস== {{Reflist}} [[শ্ৰেণী:অসমীয়া উপন্যাস]] [[শ্ৰেণী:সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ]] q2gnylxkf39ndscxhopcabvi5eclgeb পাটকাইৰ ইপাৰে মোৰ দেশ (গ্ৰন্থ) 0 611 26770 22542 2026-05-19T18:07:29Z Pranamikaadhikary 18 added [[Category:সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26770 wikitext text/x-wiki '''[[:as:পাটকাইৰ ইপাৰে মোৰ দেশ|পাটকাইৰ ইপাৰে মোৰ দেশ]]''' ({{Lang-en|Patkair Ipare Mor dex}}) হৈছে অসমৰ ঔপন্যাসিক [[চন্দনা গোস্বামী]]ৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত আহোম বুৰঞ্জীৰ কেইটিমান বিশেষ মুহূৰ্তৰ বৰ্ণনা হৈছে। ইয়াৰ লগতে বুৰঞ্জীৰ পাতৰ বহুকেইটা নাৰী চৰিত্ৰৰ উপন্যাসখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। তাৰে ভিতৰত ৰাজনী কুঁৱৰী, নাংচেং গাভৰু, বৃন্দা, ৰ'ইলা, সৰু কুঁৱৰী অন্যতম। উপন্যাসখনৰ বৰ্ণনাশৈলীত কেতিয়াবা প্ৰথম পুৰুষ আৰু কেতিয়াবা বৰ্ণনাধৰ্মিতাৰ সহায় লৈ সাধুসদৃশ ৰচনাৰীতি প্ৰয়োগ কৰা হৈছে।<ref>পাটকাইৰ ইপাৰে মোৰ দেশ, চন্দনা গোস্বামী, চন্দ্ৰ প্ৰকাশ, ২০১০ </ref> ==উদ্ধৃতি== #ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ, চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্নিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীন মায়াজালৰ। <ref> পৃষ্ঠা ৩ </ref> #অগ্নিয়েই বায়ু, পানী, সূৰ্য্য, চন্দ্ৰ, দিক আৰু উৎপাদিকা শক্তিৰ মূলমন্ত্ৰ। অগ্নিয়েই দৃশ্যমান সকলো বস্তুৰ স্বৰূপ। এই বিশ্বজগত অগ্নিৰেই বহিঃপ্ৰকাশ।<ref> পৃষ্ঠা ১৭ </ref> #যি প্ৰদেশৰ যি জলবায়ু সেই অনুপাতেহে তাৰ জনপ্ৰাণী। <ref> পৃষ্ঠা ২৩ </ref> #আকাৰেই শক্তি নুসূচাই, যিদৰে হাতী যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ দৰে নহয়। হাতীৰে প্ৰতিপক্ষক গচকত পেলাই মহতিয়াই নিবলৈহে ভাল। কিন্তু ঘোঁৰা যেন যুদ্ধৰ বাবেই জন্ম হৈছে। যোদ্ধাৰ সমান তীব্ৰগতিত ঘোঁৰায়ো যুদ্ধক্ষেত্ৰত চিন্তা কৰে। প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা পিঠিত বহি ৰোৱা যোদ্ধাক ৰক্ষা কৰাত ঘোঁৰাই যিদৰে আগভাগ লয়, বৰ ভক্তি হয় জন্তুটোৰ প্ৰতি। <ref> পৃষ্ঠা ২৩-২৪ </ref> #বিভিন্নতা আমাৰ চৌদিশে তথাপি আমি বিভিন্নতাক ভয় কৰোঁ কেলেই? আমি ভয় কৰিব লাগে বিভেদকহে। যিয়ে বিভেদক জয় কৰে তাৰ বাবে বিভিন্নতা আশীৰ্বাদ, কিন্তু যিয়ে বিভিন্নতাক জয় কৰিবলৈ বিভেদ মাতে তাৰ বাবে বিভিন্নতা অভিশাপ। <ref> পৃষ্ঠা ৪১ </ref> #মোৰ দেশৰ পথাৰত যদি হালোৱা-কেওটে পথাৰ চহায়, বুৰুকে ৰুৱে, চুতীয়াই দায়, দেউৰীয়ে চপায়। মৰাণে দিয়া খৰিৰে চৰু নুজুৰিলে, জালোৱা কেওটে মাছ, গুটীয়া কছাৰীয়ে মঙহ, মদাহিয়ে শুকতি, পানী কোচে পানী, নগাই লোণ, মিৰিয়ে দিয়া শাক-পাতেৰে বৰাহীয়ে নেৰান্ধিলে, চুতীয়া থালত মটকণীয়ে নেবাঢ়িলে মোৰ দেশৰ ভাতসাঁজ নহয়গৈ।<ref> পৃষ্ঠা ৪৫০-৪৫১ </ref> # ঈশ্বৰপ্ৰদত্ত সকলো সৃষ্টিৰে নিজস্ব এটা সমতুলতা থাকে। ইয়াক বজাই নাৰাখিলে বিপদ নিশ্চিত। হাবিত বাঘে হৰিণা নেখালে, হৰিণাৰ সংখ্যা বাঢ়ি গৈ হাবিৰ হাবি-বন গছ-গছনি সকলো খাই নিঃশেষ কৰি পেলালেহেঁতেন আৰু আন সকলো জন্তুৰে মৰণ মিলিলহেঁতেন, যিদৰে পৰিৱেশ দূষিত হ'লহেঁতেন শগুণে মৰাশ নেখালে। সেই সমতুলতা যদি এখন হাবিৰ জীৱ-জন্তুৱে বজাই ৰাখিব জানে, তেনে আমি জীৱশ্ৰেষ্ঠ মানৱে তাক কেলেই বুজি নাপাওঁ?<ref>পৃষ্ঠা ৪১ </ref> #বাৰিষাৰ বৰষুণ, উজ্জ্বল ৰ'দ কাচলি,ৰূপালী জোনৰ পোহৰ লৈ উপত্যকাটিত সমবেত হৈছিলহি বহু মানুহ ,বুটলিবলৈ সোণৰ সঁফুৰা। #ৰত্নপীঠ,কামপীঠ,স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ-এই চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্ণিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীণ মায়াজালৰ। #শাস্ত্ৰ আওৰালেই মানুহৰ জীৱন সফল নহয়।শাস্ত্ৰৰ শিকনি প্ৰয়োগ কৰাতহে শাস্ত্ৰ জনাৰ উদ্দেশ্য সফল হয়।শাস্ত্ৰৰ জ্ঞান নোহোৱাকৈও নিজৰ উপলব্ধিৰে জীৱন সফল কৰিব পাৰি।অৱশ্যে অল্পজনক বিজ্ঞ কৰাত শাস্ত্ৰৰ প্ৰয়োজন আছে। #দুহাত মেলি ঢাপলি মেলি অহা বৃদ্ধা কাত্যয়িনীৰ বুকুত ৰাজনী কুঁৱৰী সোমাই পৰিল।সোতোৰা সোতোৰ হাতেৰে ,ঢেলাপৰা চকুৰে বুঢ়ীমাকে ৰাজনীক গালে মুখে হাত বুলাই চেনেহ কৰিবলৈ ধৰিলে।আনন্দৰ লোতকে ঢল বোৱালে। #ঘন সেউজীয়া গুণা বুটাবচা পাট কাপোৰজোৰে তুলি ধৰিছে নাংচেঙক।হাতদীঘল সেউজী গা চোলা,ডিঙিত জোনবিৰি মাদলীয়ে,কাণত নেজেপতা জাংফাই,হাতৰ ঠাৰিত মুঠি মুঠি সচৰুৱা খাৰুৰে অপূৰ্ব সুন্দৰী হৈ পৰিছে নাংচেঙ।দুটি উজ্জ্বল চকু,বৰহমথুৰি বুলোৱা ওঁঠ, গোলাপী গালেৰে কেনে বিতোপন নাংচেঙজনী। #মোৰ মনৰ ঈশ্বৰ মোৰ মনৰ মাজতে আছে৷ তেওঁক পূজিবলৈ কোনো বিশেষ মন্দিৰ প্ৰাংগনৰ প্ৰয়োজন নাই, বঙহৰদেউ৷ সেইবোৰ বাহ্যিকতাহে৷ আৰু প্ৰকৃততে ঈশ্বৰতো এজনেই৷ আমিহে তেওঁক ভিন্নৰূপত পূজোঁ৷ এতিয়া চোমদেৱেই মোৰ কৃষ্ণ মুৰাৰী, মোৰ সনাতন। #বিচিত্ৰ এই মানুহৰ জীৱন। মৃত্যু অৱধাৰিত জানিও মৃত্যুৰ বোকোচাতে জীৱনৰ স্বপ্ন দেখে। প্ৰতিটো পাৰ কৰা ক্ষণ, পল , মুহূৰ্ত্ত , দিনেই ধীৰ গতিত মৃত্যুৰ কাষ চপাই নিয়ে যদিও অনাগত দিন অপেক্ষাত ৰয়। অনাগত কোনোবা সুক্ষণৰ , সুদিনৰ প্ৰত্যাশাই প্ৰতি পলে পলে মনত আশাৰ সঞ্চাৰ কৰে। #আশা আছে বাবেইতো জীৱন আছে , স্বপ্ন আছে বাবেইতো আশা আছে। তেন্তে স্বপ্ন বিনে জীৱন ক'ত?মৃত্যুৰ পিচত সপোনতো কোনেও নেদেখে , কাৰণ তাত নাথাকে আশা , নাথাকে জীৱন। সেয়ে জীৱন থকালৈকে নোপোৱাক পোৱাৰ , নেদেখাক দেখাৰ ,নুশুনাক শুনাৰ আশাৰ সপোনে জানো লগ এৰিব? ==উৎস== {{Reflist}} [[শ্ৰেণী:অসমীয়া উপন্যাস]] [[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ]] 9z27smorttk5zmxt9aacfx17273n1ic মহাৰথী (গ্ৰন্থ) 0 791 26771 21567 2026-05-19T18:11:13Z Pranamikaadhikary 18 added [[Category:সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26771 wikitext text/x-wiki '''মহাৰথী''' ({{lang-en|Maharothi}}) অসমীয়া সাহিত্যিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ দ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক [[চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া]]ৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়।<ref>[http://onlinesivasagar.com/literature/maharathi.html অনলাইন শিৱসাগৰত থকা তথ্য]</ref> ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে ''মহান যোদ্ধা''। ==উদ্ধৃতি== # মানুহৰ জীৱনৰ যি বিসঙ্গতি, যি ভঙ্গুৰতা, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা অদৃষ্ট। নিজৰ ভাগ্য অথবা অদৃষ্ট, নিয়তি আখ্যা দিয়া হয় যাক সঘনে, অকাৰণে, সেইটো সুপ্ত আৰু গুপ্ত হৈ থাকে প্ৰত্যেক মানুহৰ মাজতেঃ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ সিয়েই এসময়ত জাগ্ৰত হৈ উঠে। ভাগ্যৰ, অদৃষ্টৰ পৰিহাস বুলি মানুহে তাক আখ্যা দিয়ে নিজক বিৱেকৰ দংশনৰ পৰা মুক্ত কৰিবলৈ আৰু অৱশেষত সেই বিবেকেই পৰিণত হয় দুৰ্বিষহ যন্ত্ৰণাত। সেই যন্ত্ৰণাৰ পৰা মুক্তিৰ সংগ্ৰামত অতিবাহিত হয় মানুহৰ সমস্ত জীৱন।<ref>মহাৰথী, পৃঃ সংখ্যা ৩৮২</ref> # চৰম বিপদক কোনো মহাপ্ৰাণে আমন্ত্ৰণ নকৰে। কিন্তু যি চৰম বিপদক আহ্বান কৰি তাৰ সন্মুখীন হ'ব পাৰে দুৰ্দম্য বীৰত্ব আৰু শক্তিৰে, সেইজনেই হ'ল মহাপ্ৰাণ।<ref>মহাৰথী, পৃঃ সংখ্যা ৩৮৭</ref> # ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু পৰম্পৰা প্ৰতিষ্ঠাপিত বিশাল মানৱতাবোধ,সত্য,দয়া,ক্ষমা,উদাৰতাৰ ওপৰত। যি ৰাজসম্পদ, ঐশ্বৰ্য,দান কৰে, তেওঁ নিশ্চিতৰূপে দানবীৰ। কিন্তু অন্যৰ জীৱন ৰক্ষাৰ্থে যি নিজৰ অম্লান বদনে দান কৰে, তেওঁ হ'ল দানশ্ৰেষ্ঠ। <ref>মহাৰথী, পৃঃ সংখ্যা ৩৮৮</ref> # যি তোমাৰ সমকক্ষ নহয়, তেওঁক তুমি ঈৰ্ষা নকৰিবা, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ'বা। কৰিলে আৰু হ'লে মহত্ত্বই তোমাক কৰিব পৰিহাস। কোনো এজনক নিজৰে মহত্ত্বই যেতিয়া পৰিহাস কৰে, তেতিয়া তেওঁক মহত্ত্বই পৰিত্যাগ কৰাৰ সম্ভাৱনা প্ৰগাঢ় হয়।<ref>মহাৰথী, পৃঃ সংখ্যা ৩৮৯</ref> # মানুহৰ মহত্ত্ব তেতিয়া পূৰ্ণ বিকশিত হয়, যেতিয়া মহত্ত্বৰ অধিকাৰী সেই পুৰুষে মহত্ত্বৰ সাধনাৰ পৰা বিচ্যুত নহয়। <ref>মহাৰথী, পৃঃ সংখ্যা ৩৯০</ref> # মহত্ত্বক অনাদৰ কৰিলে মহত্ত্ব তোমাৰ প্ৰতি কৃপণ হোৱাটো স্বাভাৱিক। <ref>মহাৰথী, পৃঃ সংখ্যা ৩৯০</ref> # জীৱনক যি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁৰ বাবে মৃত্যু হ'ল অকাৰণ। জন্মৰ পিছত কোনো এক শিশু পৰিণত হয় কিশোৰত, কৈশোৰৰ শেষত আবিৰ্ভাৱ যৌৱনৰ। তাৰ পিছত প্ৰৌঢ় আৰু বৃদ্ধত্ব। মৃত্যু হ'ল মাত্ৰ জীৱনৰে অন্য এক ৰূপ অথবা অৱস্থাঃ কেৱল পৰিৱৰ্তন এক ৰূপৰঃ ভঙ্গুৰ এক দেহে এটা ৰূপৰ পৰা পৰিৱৰ্তিত হৈ মৃত্যুৰ ৰূপ কৰে ধাৰণ। <ref>মহাৰথী, পৃঃ সংখ্যা ৩৯১</ref> # এই পৃথিৱীত শেষ সত্য হ'ল মহাকাৰুণ্য। মহাকাৰুণ্যই মানুহৰ জীৱন নিয়ন্ত্ৰিত কৰে। সুখৰ আনন্দ থাকে মাত্ৰ ক্ষন্তেক, কিন্তু সুখৰ বেদনা থাকে সমস্ত জীৱন। <ref>মহাৰথী, পৃঃ সংখ্যা ৪০৬</ref> # পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ লোকজনেও ভুল কৰে, কিন্তু তেওঁ একেটা ভুলকে দুবাৰ নকৰে: তেওঁৰ জীৱনত ভুল আৰু ত্ৰুটিৰ পুনৰাগমন নঘটে। প্ৰত্যেকটো ভুলৰ সংশোধন কৰি ধীৰে ধীৰে তেওঁ এনে এক মহিমামণ্ডিত স্থানত উপনীত হয়গৈ যেতিয়া তেওঁ নিজেই হাজাৰ চেষ্টা কৰিলেও তললৈ স্খলিত নহয়। পৃথিৱীৰ মাটিৰ স্পৰ্শ নোলোৱাকৈ, ভূমিৰ স্পৰ্শ নোলোৱাকৈ কোনো মানুহে ভূমাৰ স্পৰ্শ লাভ কৰিব নোৱাৰে। <ref>মহাৰথী, পৃঃ সংখ্যা ৪১৩</ref> #জীৱনত মোৰ চিৰপ্ৰাপ্য, চিৰবাঞ্ছিত সম্পদ সম্মান-যোগ্যতাৰ পৰা পদে পদে যেনেকৈ বঞ্চিত কৰা হৈছে, সেইদৰে মহাভাৰতৰ মহৎ ইতিহাসত পাব লগা মোৰ প্ৰাপ্যস্থানৰ পৰাও মোক নিককণভাবে বঞ্চিত কৰিবৰ বাবে এক ষড়যন্ত্ৰ চলোৱা হ'ব- সম্ভৱ সেই ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভহৈছেই। ভীষ্ম পিতামহে মোক এদিন কৈছিল, ব্যাসদেৰ ইতিমধ্যে এই বিশাল, সুদূৰপ্ৰসাৰী ইতিহাস প্ৰণয়নৰ কাৰ্যত ব্ৰতী হৈছে। ব্যাস মোৰ প্ৰতি কিমান সদয় হ'ব, সেই বিষয়ে মোৰ সন্দেহ বৰ্তমান। #মহাভাৰতৰ প্ৰথমতে মই লিখিছো যে এই কাব্যত যিখিনি কথা আছে, সেই কথাখিনি ভাৰতত পোৱা যাব, কিন্তু এই মহাকাব্যত যিখিনি নাই সেয়া আৰু আন ক'তো নাই।.. কিন্তু মোৰ কি দুখ জানা কৰ্ণ? তেনেধৰণৰ জ্ঞানমাৰ্গ, দৰ্শন, কৰ্মমাৰ্গ, ভূমাস্পৰ্শী ব্যাখ্যাই এই ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে। সাধাৰণ মানুহে ধৰ্মৰ তাত্ত্বিক দিক্‌ক্টো সামান্যভাৱেও আয়ত্ত কৰিব নোৱাৰি অধৰ্ম, অন্যায়ত নিজক নিমজ্জিত কৰিলে। সেইবাবে... মই এনে এজন মহাপুৰুষৰ চৰিত্ৰ বৰ্ণনা কৰিছো যিজনে এই ভাৰতবৰ্ষৰ যিকোনো সামান্য সন্তানৰ দৰে জন্মগ্ৰহণ কৰি নিজৰ মহামানবীয় দৃষ্টিৰে ভাৰতীয় সংস্কৃতিৰ সকলো কালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষৰূপে বন্দিত হ'ব পাৰে। সেই মহাপুৰুষ হ'ল দৈৱকীনন্দন শ্ৰীকৃষ্ণ। #যি সন্তানৰ কাষত তেওঁ এতিয়া তেওঁৰ অন্য এক সন্তানৰ জীৱন-ভিক্ষা বিচাৰি আহিছিল, সেই সন্তানকে চৰত ভৰাই এই নৈত উটুৱাই নিদাৰুণ মৃত্যুৰ গহ্বৰলৈ ঠেলি দিছিল। #নদীৰ পাৰলৈ ধীৰে ধীৰে গোপনে এগৰাকী নাৰী আগবাঢ়ি আহিল। উদ্দেশ্য.... তেওঁৰ প্ৰথম সন্তানৰ ওচৰত তেওঁৰ চিৰ আদৰৰ অন্য এক সন্তান অৰ্জুনৰ জীৱন ভিক্ষা। তেওঁৰ জীৱনৰ একমাত্ৰ ভয় অৰ্জুনৰ মৃত্যু: সেই ভয়ৰ সম্মুখত আন একো ভয়ে তেওঁক ভয়াতুৰ কৰিব নোৱাৰে।... ভাবিছিলো এগৰাকী মাতৃৰ বাবে তেওঁৰ সকলো সন্তানেই সমান আদৰৰ। #পৃথিৱীত বাস কৰি পৃথিৱীৰ মাটিৰ স্পৰ্শ আমাৰ শৰীৰত নাথাকিলে আমি যে পৃথিৱীৰে মানুহ, আমি স্বৰ্গৰ দেৱতা নহওঁ, সেই কথা প্ৰমাণিত নোহোবাকে থাকিব। #নিজৰ বৃদ্ধাঙ্গুলি ছেদ কৰি একলব্য বিকলাংগ হ'ল, কিন্তু সেই গুৰুদক্ষিণা হাত পাতি লৈ মানৱৰ সুবিশাল ইতিহাসত আচলতে কলংকিত হ'ল দ্ৰোণ নিজে। আনক বিকলাংগ কৰি নিজে নৈতিক দিশত সম্পূৰ্ণৰূপে বিকলাংগ হ'ল দ্ৰোণ নিজে। আনহাতেদি সামান্য কৰ্ণক এষাৰ মাত্ৰ মিথ্যা বচনৰ বাবে অভিশপ্ত কৰি আচলতে অভিশপ্ত হ'ল পৰশুৰাম নিজে। ব্ৰাহ্মণৰ সন্তান আৰু ক্ষত্ৰিয়ৰ সন্তানৰ মাজত সাগবসদৃশ পাৰ্থক্য বিচাৰ কৰি পৰশুৰামে নিজৰ হৃদয়ৰ দৰিদ্ৰতাকে কেৱল নগ্ন কৰি দেখুৱালে। #মানুহৰ জীৱনৰ যি বিসংগতি, যি ভংগুৰতা, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা অদৃষ্ট। #যি নাৰীৰ গৰ্ভত গান্ধাৰীৰ দৰে মহিমাময়ী মাতৃৰ জন্ম হৈছিল সেই মাতৃৰে গৰ্ভত জন্ম হৈছিল দুৰ্মুখ শকুনিৰ। #অৰ্জুন মোৰ তপস্যাৰ ফল। অৰ্জুন সমগ্ৰ ভাৰতীয়ৰ মহত্তৰ আবিষ্কাৰ। মহাযুদ্ধৰ অংগনত থিয় দিও মই অৰ্জুনক সেই পাৰমাৰ্থিক শিক্ষা দিম যি হ'ল হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতা-সংস্কৃতি আৰু পৰম্পৰাৰ পৰা উদ্ভৱ। #মহাকাব্যৰ সমগ্ৰ কাহিনীটোৱেই দেশৰ হেজাৰ হেজাৰ বছৰীয়া জাতীয় ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। ==উৎস== {{Reflist}} [[Category:অসমীয়া উপন্যাস]] [[শ্ৰেণী:সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ]] nj1czlnmaee347zxhpe8yqblqshcb0r জীৱনৰ ভগ্নাংশ 0 3104 26772 23344 2026-05-19T18:15:25Z Pranamikaadhikary 18 26772 wikitext text/x-wiki '''জীৱনৰ ভগ্নাংশ''' <ref name="ক">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=ভগ্নাংশৰ ভগ্ন অংশবোৰ}}</ref> এখন কাব্য সংকলন৷ লেখকৰ ''সহযোদ্ধা'' আৰু ''অশ্লীল ৰাতিৰ কবিতা''ৰ নামৰ কবিতা পুথিৰ পাছত প্ৰকাশ হৈছিল ''জীৱনৰ ভগ্নাংশ''৷ জীৱনৰ ভগ্নাংশ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনৰ ডিচেম্বৰ মাহত আৰু সংকলনখনৰ প্ৰকাশক গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্ট'ৰচ্৷ ==উক্তি‍== * "যিজনে মানুহৰ শোভাযাত্ৰাত
চামিল হ'বলৈ শিকা নাই

তেওঁৰ বাবে সুখো
এক ধৰণৰ দুখ"<ref name="খ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=১৪}}</ref> * "ভৰি দুখনৰ এটাই মাথোঁ সান্ত্বনা
ইহঁত জোতাৰ দৰে
সলনি হৈ নাথাকে৷"<ref name="গ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=৩০}}</ref> * "উত্তৰটো যদি মিলা নাই
ক'ৰবাত এটা ভুল হৈছে‍
কিন্তু ভুল যে হৈছে‍
সেই কথাটো কেনেবাকৈ আপুনি‍
জানি ল'বই লাগিব"<ref name="ঘ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=৪৭}}</ref> ==তথ্যসূত্ৰ== [[শ্ৰেণী:অসমীয়া গ্ৰন্থ]] [[শ্ৰেণী:অসমীয়া কবিতা সংকলন]] ae1z2dl1wsrmdym31qd189plui1k478 26773 26772 2026-05-19T18:16:52Z Pranamikaadhikary 18 /* উক্তি‍ */ 26773 wikitext text/x-wiki '''জীৱনৰ ভগ্নাংশ''' <ref name="ক">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=ভগ্নাংশৰ ভগ্ন অংশবোৰ}}</ref> এখন কাব্য সংকলন৷ লেখকৰ ''সহযোদ্ধা'' আৰু ''অশ্লীল ৰাতিৰ কবিতা''ৰ নামৰ কবিতা পুথিৰ পাছত প্ৰকাশ হৈছিল ''জীৱনৰ ভগ্নাংশ''৷ জীৱনৰ ভগ্নাংশ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনৰ ডিচেম্বৰ মাহত আৰু সংকলনখনৰ প্ৰকাশক গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্ট'ৰচ্৷ ==উক্তি‍== * "যিজনে মানুহৰ শোভাযাত্ৰাত
চামিল হ'বলৈ শিকা নাই
তেওঁৰ বাবে সুখো
এক ধৰণৰ দুখ"<ref name="খ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=১৪}}</ref> * "ভৰি দুখনৰ এটাই মাথোঁ সান্ত্বনা
ইহঁত জোতাৰ দৰে
সলনি হৈ নাথাকে৷"<ref name="গ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=৩০}}</ref> * "উত্তৰটো যদি মিলা নাই
ক'ৰবাত এটা ভুল হৈছে‍
কিন্তু ভুল যে হৈছে‍
সেই কথাটো কেনেবাকৈ আপুনি‍
জানি ল'বই লাগিব"<ref name="ঘ">{{cite book | title=জীৱনৰ ভগ্নাংশ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম| author=ভট্টাচাৰ্য, অতনু | year=ডিচেম্বৰ, ২০০১ | pages=৪৭}}</ref> ==তথ্যসূত্ৰ== [[শ্ৰেণী:অসমীয়া গ্ৰন্থ]] [[শ্ৰেণী:অসমীয়া কবিতা সংকলন]] nppo33jj5ffrw9rcyebhjz3zjlwkq9w শেষ বাটৰ ছাঁ 0 3107 26775 23214 2026-05-19T18:23:05Z Pranamikaadhikary 18 26775 wikitext text/x-wiki '''শেষ বাটৰ ছাঁ''' কাকলি নেওগ ৰচিত এখন গল্প সংকলন৷ সংকলনখনৰ প্ৰকাশক জে এছ পাবিলকেশ্বনছ আৰু ই ২০২৫ চনত প্ৰথম প্ৰকাশ হৈছিল৷ ==উদ্ধৃতি== # "কোনো ডিজিটেল পৃথিৱীৰ ম'টিভেচনেল স্পীচ শুনোৱাই অনুকল্পক উদ্বুদ্ধ কৰাতকৈ তাক মেলি দিব পৃথিৱীৰ সৰ্বোত্তম মটিভেচনেল স্পীকাৰ প্ৰকৃতিৰ কোলাত।"<ref name="ক">{{cite book | title=শেষ বাটৰ ছাঁ | publisher=জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম | author=নেওগ, কাকলি‍ | year=২০২৫ | pages=২৭ | isbn=978-81-993725-5-9}}</ref> # "যোৱা নিজৰ ডেউকাৰে ভ্ৰমি আহা এহেজাৰ বাট আৰু সমৃদ্ধ কৰি আহা সমুদ্ৰক।"<ref name="খ">{{cite book | title=শেষ বাটৰ ছাঁ | publisher=জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম | author=নেওগ, কাকলি‍ | year=২০২৫ | pages=৩৪ | isbn=978-81-993725-5-9}}</ref> # "প্ৰকৃতি হ'ল ঈশ্বৰৰ অন্য ৰূপ। প্ৰকৃতিৰ স'তে সংলগ্ন হৈ থাকক ঈশ্বৰৰ সন্ধান পাব।"<ref name="গ">{{cite book | title=শেষ বাটৰ ছাঁ | publisher=জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম | author=নেওগ, কাকলি‍ | year=২০২৫ | pages=৮৪ | isbn=978-81-993725-5-9}}</ref> # "আচলতে ফুলবোৰ ফুলৰ দৰেই ৰ'ব আৰু সুগন্ধবোৰ মেৰিয়াই সুগন্ধময় হৈ থাকিব সদায়। কাৰণ প্ৰস্ফুটিত হোৱাটো যে ফুলৰ প্ৰাথমিক চৰ্ত।"<ref name="ঘ">{{cite book | title=শেষ বাটৰ ছাঁ | publisher=জে এছ পাবিলকেশ্বনছ, গুৱাহাটী - ১, অসম | author=নেওগ, কাকলি‍ | year=২০২৫ | pages=১২০ | isbn=978-81-993725-5-9}}</ref> ==তথ্যসূত্ৰ== [[শ্ৰেণী:অসমীয়া গল্প সংকলন]] [[শ্ৰেণী:অসমীয়া গ্ৰন্থ]] da8q9ogx9y46ntacbq7pb3kepvi03l5 ভালপোৱাৰ ৪০ সূত্ৰ 0 3256 26774 24279 2026-05-19T18:18:10Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 26774 wikitext text/x-wiki '''ভালপোৱাৰ ৪০ সূত্ৰ''' কবি কৌশিক কিশলয়ৰ অনুবাদ গ্ৰন্থ। মূল লেখক [[শামস আল তাবৰিজি]] (১১৮৫-১২৪৮)ৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰথম প্ৰকাশ কৰিছিল ২০২৫ বৰ্ষৰ মাৰ্চত পূৰ্বায়ণ প্ৰকাশনে। ==উদ্ধৃতি== #সূত্ৰ ১
"স্ৰষ্টাক আমি যেনেকৈ চাওঁ তেনেকৈয়ে নিজৰ মাজত প্ৰত্যক্ষভাবে প্ৰতিফলিত হোৱা দেখা পাওঁ। স্ৰষ্টাই যদি আমাৰ মাজত অধিকাংশই ভয় আৰু দোষাৰোপ সৃষ্টি কৰে, তেন্তে বুজিব লাগিব অনেক ভয় আৰু দোষেৰে আমাৰ অন্তৰ ভৰি আছে। যদি আমি স্ৰষ্টাক ভালপোৱা আৰু দয়াৰে পৰিপূৰ্ণ দেখোঁ, তেন্তে বুজিব লাগিব আমিও তেনেকুৱাই।"<ref name="ক">{{cite book | title=ভালপোৱাৰ ৪০ সূত্ৰ| publisher=পূৰ্বায়ন প্ৰকাশন | author=কিশলয়, কৌশিক | year=২০২৫ | pages=১৩}}</ref> #সূত্ৰ ১১
"ভালপোৱাৰ অনুসন্ধানে ভোগীক সলনি কৰে। সেইসকলৰ মাজত তেনে কোনো অনুসন্ধানকাৰী নাই, যি ভালপোৱাৰ অনুসন্ধান কৰিছে আৰু বিকশিত হোৱা নাই। তুমি ভালপোৱা বিচাৰিবলৈ আৰম্ভ কৰা মুহূৰ্তৰ পৰাই ভিতৰে-বাহিৰে সলনি হ'বলৈ আৰম্ভ কৰিবা।"<ref name="খ">{{cite book | title=ভালপোৱাৰ ৪০ সূত্ৰ| publisher=পূৰ্বায়ন প্ৰকাশন | author=কিশলয়, কৌশিক | year=২০২৫ | pages=২৩}}</ref> #সূত্ৰ ২২
"জীৱন এক সাময়িক ঋণ আৰু এই পৃথিৱীখন বাস্তৱতাৰ এক ভুল অনুকৰণৰ বাহিৰে আন একো নহয়। কেৱল শিশুসকলেহে পুতলা এটাক প্ৰকৃত বস্তু বুলি ভুল কৰে। তথাপি মানুহে হয়তো পুতলাটোৰ মোহত পৰে অথবা অসম্মানজনকভাবে এইটো ভাঙে আৰু তাক এফালে পেলাই দিয়ে। এই জীৱনত সকলো ধৰণৰ চৰম পন্থাৰ পৰা দূৰত থাকা, কিয়নো সেইবোৰে তোমাৰ অন্তৰৰ ভাৰসাম্য ধ্বংস কৰিব। অতীন্দ্ৰিয়বাদীসকল। চৰম পৰ্যায়লৈ নাযাবা। এজন অতীন্দ্ৰিয়বাদী সদায় মৃদু আৰু মিত হৈ থাকে।"<ref name="গ">{{cite book | title=ভালপোৱাৰ ৪০ সূত্ৰ| publisher=পূৰ্বায়ন প্ৰকাশন | author=কিশলয়, কৌশিক | year=২০২৫ | pages=৩৪}}</ref> ==উৎস== [[শ্ৰেণী:অসমীয়া গ্ৰন্থ]] [[শ্ৰেণী:অসমীয়া কবিতা সংকলন]] si0qqi3km3xelnc65n61jsuzrhdr2kl