ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.3
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
প্ৰবোধ চন্দ্ৰ গোস্বামী
0
2158
26803
23443
2026-05-23T14:43:59Z
Pranamikaadhikary
18
+[[শ্ৰেণী:অসমৰ ব্যক্তি]]; +[[শ্ৰেণী:লেখক]]; +[[শ্ৰেণী:শিক্ষক]] using [[Help:Gadget-HotCat|HotCat]]
26803
wikitext
text/x-wiki
'''প্ৰবোধ চন্দ্ৰ গোস্বামী''' ({{Lang-en|Prabodh Chandra Goswami}}) মংগলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ৷ তেওঁৰ “[[বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ]]” গ্ৰন্থখন বাণী প্ৰকাশ প্ৰাইভেট লিমিটেডে ১৯৯৪ চনত প্ৰকাশ কৰে৷
== উদ্ধৃতিসমূহ ==
# গতিশীলতা আৰু সমন্বয়ৰ যোগেদিহে সম্ভৱ বিকাশ, বিকাশৰ ফলতহে হয় আত্মোপলব্ধি আৰু আত্মোপলব্ধিৰ মাজতহে আছে জীৱনৰ লক্ষ্য আৰু কৰ্মৰো সমাপ্তিহীন সমাপ্তি।{{Sfn|বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ|1994|p=3}}
# অভাৱ সজাগতাৰ ফল স্বৰপে যি জটিল সমাজ অপৰিহাৰ্য হৈ পৰিছে, তাত শান্তি আৰু শৃংখলাৰে বাস কৰিবলৈ আৰু তাৰ প্ৰতিযোগিতাৰ মাজত তিষ্ঠি থাকিবলৈ হ’লে ব্যক্তি কিছুমান বিশেষ মনোবৃত্তি, নৈতিকতা আৰু কাৰ্যদক্ষতা সম্পন্ন হ’ব লাগিব। এইবোৰ অৰ্জনৰ ব্যৱস্থা শিক্ষানুষ্ঠানবোৰত থকা উচিত।{{Sfn|বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ|1994|p=21}}
# সাধাৰণ জ্ঞানৰ মূল বস্তু হৈছে সমাজত চাৰিওফালে কি ঘটিছে, সমাজ কি দৰে চলিছে ইত্যাদিৰ প্ৰতি সচেতনতা আৰু সেই অৰ্থে সংবাদ পত্ৰ বা অন্যান্য মূল পুস্তক (reference books) পঢ়াৰ আগ্ৰহ আৰু অভ্যাস। এনে সচেতনতা, আগ্ৰহ আৰু অভ্যাস সৃষ্টিৰ মানদণ্ডৰেহে জুখিব লাগে সাধাৰণ জ্ঞানৰ মান— ৰাষ্ট্ৰপতিৰ নাম লিখিব পৰা নোৱাৰাৰে নিশ্চয় নহয়। মুখস্থৰ মাধ্যমত সাধাৰণ জ্ঞান বিস্তাৰ কৰাৰ বাবদ আজিও ভাৰতৰ ৰাষ্ট্ৰপতি বহু স্কুলত হৈ আছে ৰাজেন্দ্ৰ প্ৰসাদ।{{Sfn|বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ|1994|p=103}}
# জীৱৰ বিকাশেই হওক অথবা ভাবৰ বিকাশেই হওক, ব্যক্তিৰ বিকাশেই হওক অথবা সমাজৰ বিকাশেই হওক, সকলো প্ৰকাৰ বিকাশৰ মাজত সদায়ে নিহিত আছে উন্মেষ আৰু উন্মাদনা, সৃষ্টি-আকাংক্ষা আৰু সৃষ্টি, সমন্বয় আৰু বৃদ্ধি। উন্মেষৰ উন্মাদনাক দায়িত্বশীল কৰিবলৈ আছে সৃষ্টি-আকাংক্ষা আৰু সৃষ্টিৰ বৃদ্ধিক সমস্যামুক্ত কৰিবলৈ আছে সমন্বয়ৰ ভাবধাৰা। অৱশ্যে, সৃষ্টি আকাংক্ষা নোহোৱাকৈও উন্মাদনাৰ মাজতে সৃষ্টি সম্ভৱপৰ। কিন্তু, তেনে সৃষ্টি সদায়ে অবাঞ্ছিত। ব্যক্তিৰ ক্ষেত্ৰত কামজ উন্মাদনাই অবৈধ আৰু অবাঞ্ছিত সন্তানৰ জন্ম যেনেদৰে দিব পাৰে, ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ব পালনৰ বাবে কৰ্মবিমুখ অভাৱ-সজাগতাজনিত উন্মাদনাই তেনেদৰে দূৰ্নীতি, বিৰোধ আৰু বিসংগতিও সৃষ্টি কৰে৷{{Sfn|বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ|1994|p=1}}
# বিকাশৰ বাবে পৰিৱৰ্তন, আনকি উন্নয়নো যথেষ্ট নহয়। তাৰ বাবে আৱশ্যক চৰিত্ৰৰ লগত কৰ্মৰ সংযোগ স্থাপন। কৰ্ম আমি কৰিব লাগিব চাৰিত্ৰিক বিকাশৰ উদ্দেশে। চাৰিত্ৰিক বিকাশৰ আদৰ্শ যদি আমাৰ কৰ্মই সৃষ্টি কৰিবলৈ অক্ষম হয়, তেন্তে আমাৰ কৰ্ম উন্নয়নকাৰক হৈও বিক্ষিপ্ত, পাৰস্পৰিক সম্পৰ্কহীন আৰু অৰ্থহীন হ’বলৈ বাধ্য। উন্নয়ন সত্বেও আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱন আজি অস্থিৰ আৰু অৱসাদযুক্ত, প্ৰেৰণাহীন অথচ সমস্যাপূৰ্ণ। কিয়নো চাৰিত্ৰিক বিকাশৰ আদৰ্শৰ লগত উন্নয়ন আজিও সম্পৰ্কবৰ্জিত হৈ আছে।{{Sfn|বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ|1994|p=16}}
== উৎস ==
{{Reflist}}
* {{Cite book |last=গোস্বামী |first=প্ৰবোধ চন্দ্ৰ |title=বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ |publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড |year=1994 |pages= |isbn= }}
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:লেখক]]
[[শ্ৰেণী:শিক্ষক]]
ag77kzt9scgtiyspybuzlqf3mtte28c
শৰ্মিষ্ঠা প্ৰীতম
0
2194
26802
22061
2026-05-23T14:42:51Z
Pranamikaadhikary
18
+[[শ্ৰেণী:নাৰী]]; +[[শ্ৰেণী:অসমীয়া নাৰী]] using [[Help:Gadget-HotCat|HotCat]]
26802
wikitext
text/x-wiki
'''শৰ্মিষ্ঠা প্ৰীতম''' এগৰাকী অসমীয়া লেখক। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ<ref name="আত্মকথাকিতাপ">{{cite book | title=আত্মকথা | publisher=আলিবাট | author=শৰ্মিষ্ঠা প্ৰীতম | authorlink=শৰ্মিষ্ঠা প্ৰীতম | year=নৱেম্বৰ, ২০১৭}}</ref> ''[[আত্মকথা (গ্ৰন্থ)|আত্মকথা]]''ৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে।<ref name="enajori">{{cite web | url=http://enajori.com/literature/literary-awards/ | title=Literary Awards | publisher=[[এনাজৰী ডট কম]] | accessdate=২১ ফেব্ৰুৱাৰী, ২০১৩ | archivedate=2013-05-22 | archiveurl=https://web.archive.org/web/20130522172053/http://enajori.com/literature/literary-awards/ | deadurl=yes }}</ref>
==উদ্ধৃতিসমূহ==
===আত্মকথা===
# আছিল, যন্ত্ৰণাও আছিল মোৰ শৈশৱত। কিন্তু উলাহৰ পাখি পিন্ধি উৰি ফুৰা মনটোত তেনে যন্ত্ৰণা আছিল খন্তেকৰ অতিথি। <ref name="আত্মকথাকিতাপ"/>
#প্ৰকৃতিক ভাল নোপোৱাকৈ জানো ভাল পাব পাৰি মানুহক? প্ৰকৃতি যে পৃথিৱীৰ কবিতা, এই কবিতাটো পাহৰি জানো ধুনীয়া হ’ব পাৰে মানুহ? প্ৰকৃতিৰ কোলাত শৈশৱৰ ফুলাম আৰু বিচিত্ৰ অভিজ্ঞতাবোৰক বাদ দি জানো ধুনীয়া হয় জীৱন?<ref name="আত্মকথাকিতাপ"/>
#যুঁজাৰ মানসিকতা মানুহৰ আজন্ম সংগী কিজানি!<ref name="আত্মকথাকিতাপ"/>
#দেউতাই নিজে কোৱা অথবা দেউতাৰ কাম-কাজৰ পৰা মই শিকা কথাবোৰৰ তালিকাখনৰ শীৰ্ষত আছে – মানুহ মানুহৰ বাবে। মানুহ বিনে মানুহ মৃতকল্প। <ref name="আত্মকথাকিতাপ"/>
#যেতিয়া কথাবোৰ আমাৰ অধীন হৈ নাথাকে, তেতিয়া আমি ঈশ্বৰৰ অধীন হৈ পৰোঁ।<ref name="আত্মকথাকিতাপ"/>
#যি জীৱনত দুখৰ ডাৱৰ নাই, তাত সৃষ্টিও নাই। য'ত সৃষ্টি নাই তাত সৌন্দৰ্যও নাই।<ref name="আত্মকথাকিতাপ"/>
==উৎস==
{{Reflist}}
==বাহ্যিক সংযোগ==
{{wikipedia}}
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:নাৰী]]
[[শ্ৰেণী:অসমীয়া নাৰী]]
0sfb0kpe3i4ptmdxu3jrysmqd7byzfx
কল্পনা লাজমী
0
2223
26804
25676
2026-05-23T14:44:38Z
Pranamikaadhikary
18
added [[Category:নাট্য পৰিচালক]] using [[Help:Gadget-HotCat|HotCat]]
26804
wikitext
text/x-wiki
[[File:Kalpana Lajmi at Bhupen Hazarika tribute.jpg|thumb|ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কল্পনা লাজমী ]]
'''কল্পনা লাজমী''' (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী [[ভূপেন হাজৰিকা|ড॰ ভূপেন হাজৰিকাৰ]] অত্যন্ত ঘনিষ্ঠ বান্ধৱী আছিল।
<ref>{{cite web |url=http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html |title=Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story |publisher=Ibnlive.in.com |date=2011-11-05 |accessdate=2012-12-25 |archivedate=2011-11-07 |archiveurl=https://web.archive.org/web/20111107205132/http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html |deadurl=yes }}</ref><ref>{{Cite web |title=আৰ্কাইভ কপি |url=http://www.deccanchronicle.com/channels/nation/northeast/hazarika-funeral-put-fans-keep-pouring-063 |access-date=2011-11-10 |archivedate=2011-11-12 |archiveurl=https://web.archive.org/web/20111112115459/http://www.deccanchronicle.com/channels/nation/northeast/hazarika-funeral-put-fans-keep-pouring-063 |deadurl=yes }}</ref><ref>{{cite web |url=http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290 |title=Kalpana Lajmi inconsolable after Bhupen Hazarika's death |publisher=Movies.ndtv.com |date=2011-11-06 |accessdate=2012-12-25 |archivedate=2011-12-14 |archiveurl=https://web.archive.org/web/20111214065413/http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290 |deadurl=yes }}</ref>
<ref>{{cite web |url=http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582 |title=Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana |publisher=Bhupen Hazarika |date=2009-02-20 |accessdate=2012-12-25 |archivedate=2011-06-10 |archiveurl=https://web.archive.org/web/20110610162936/http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582 |deadurl=yes }}</ref>
==উদ্ধৃতি==
# ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত পুনৰ সোমাবলৈ মোৰ বৰ উচপিচনি হৈছে৷ শেষৰখন চিনেমা পৰিচালনা কৰাৰ পাছৰে পৰা উদ্যোগটো বহুত সলনি হৈ গৈছে৷ মোৰ “এক পল’’ আৰু “ৰুদালী’’ৰ দৰে চিনেমাৰ ইমান শলাগ পোৱা দিনবোৰ এতিয়া আঁতৰি যোৱা যেন লাগিছে৷ আমি মহেশ ভাটৰ যুগৰ পৰা আলিয়া ভাটৰ যুগলৈ আগবাঢ়িছোঁ৷ আৰু দুয়োকে আচৰিত মানুহ হিচাপে চিনি পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ এক সুন্দৰ যাত্ৰা, ইয়াৰ প্ৰতিটো মিনিট উপভোগ কৰিছোঁ৷ মোৰ কাম এতিয়াও শেষহোৱা নাই৷ (কিডনীৰ কৰ্কট ৰোগত আক্ৰান্ত লাজমীৰ পুনৰ ঘূৰি অহাৰ আশা৷)<ref name="কল">{{cite web | url=https://web.archive.org/web/20210730221815/https://www.news18.com/news/movies/kalpana-lajmi-in-one-of-her-last-interviews-kidneys-have-failed-i-havent-1886071.html | title=হস্পিতালত কল্পনা লাজমী | accessdate=12 মে' 2024}}</ref>
#১৯৭২ চনত মোৰ চকুৰ সন্মুখতে হৰকিছনদাস চিকিৎসালয়(বৰ্তমান মুকেশ আম্বানী চিকিৎসালয়)ত গীতা মামীয়ে হাঁচিয়াই তেজেৰে বেৰ ৰাঙলী কৰি চৰম মৃত্যুত আকোঁৱালি লৈছিল।<ref name= "kalpana">ভূপেন হাজৰিকা এজ আই নিউ হিম, কল্পনা লাজমী</ref>
#ল'ৰালি কালত মোৰ কেইবাটাও বস্তুৰ প্ৰতি প্ৰবল আসক্তি আছিল, বিশেষকৈ গ্ৰন্থ , চিনেমা আৰু থিয়েটাৰৰ প্ৰতি যেতিয়া মই ডাঙৰ হ'বলৈ ধৰিছিলোঁ তেতিয়া মোৰ বাবে আইতাই মুখ্য ব্যক্তি আছিল।মহাভাৰত, ৰামায়ণ আৰু পঞ্চতন্ত্ৰৰ সাধুবোৰৰ মাজেৰে আইতাই মোক নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞান দিছিল।<ref name= "kalpana"/>
#মই ল'ৰাই খেলা খেলবোৰ খেলিবলৈ ভালপোৱা টমবয় সদৃশ এগৰাকী ছোৱালী আছিলো।<ref name= "kalpana"/>
#জাহ্নু বৰুৱাই ভূপেনক তেওঁৰ দ্ৰোণাচাৰ্য্য আৰু নিজকে ভূপেনৰ একলব্য বুলি সম্বোধন কৰাত অভ্যস্ত আছিল।<ref name= "kalpana"/>
#১৯৯১ চনত বংগৰ বিখ্যাত থিয়েটাৰৰ লগত জড়িত ব্যক্তি ঊষা গাংগুলি নামৰ এগৰাকী প্ৰিয় বান্ধৱীয়ে মহাশ্বেতা দেৱীৰ দ্বাৰা ৰচিত "ৰুদালি" নামৰ এটা চুটিগল্প বঙালীত পঢ়ি শুনাইছিল। মই এই কাহিনীটোৰ প্ৰেমত পৰিছিলোঁ আৰু চিনেমা নিৰ্মানৰ বাবে স্বত্ম ক্ৰয় কৰি লৈছিলোঁ।<ref name= "kalpana"/>
===ভূপেন হাজৰিকা সম্বন্ধে===
# ভূপেনদাৰ প্ৰতি মোৰ অনুভৱৰ কথা কওঁতে মোৰ মা-দেউতা স্তম্ভিত হৈ পৰিছিল৷ মোৰ দেউতা এজন বৰ উদাৰ মনৰ মানুহ আৰু কথাটো হজম কৰাৰ আগতেই তেওঁ হাঁহিমুখে কথা কৈছিল; কিন্তু মোৰ মা তেতিয়াও একমত হোৱা নাছিল৷ কিন্তু মই নিজৰ চৰ্তত জীৱনটো জীয়াই থাকিম৷<ref name="ক">{{cite web | url=https://mumbaimirror.indiatimes.com/entertainment/bollywood/from-our-archives-kalpana-lajmi-interview/articleshow/15868987.cms | title=কল্পনা লাজমীৰ সাক্ষাৎকাৰ | accessdate=12 মে' 2024}}</ref>
# মই কেতিয়াও সন্তান জন্ম দিব বিচৰা নাছিলোঁ৷ সৌভাগ্যক্ৰমে ভূপেনেও মোৰ পৰা সন্তান বিচৰা নাছিল৷ সন্তান জন্ম হ’লে মই নিজে গৃহিণী হৈ নিজৰ বৰ্তমানটো ত্যাগ কৰিব লাগিব, যিটো মই কেতিয়াও বিচৰা নাছিলোঁ৷<ref name="ক"/>
# মই ভূপেনদাৰ ৰক্ষিতা নাছিলোঁ৷ আমি দুয়ো বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছিলোঁ৷ আমোদজনক কথাটো হ’ল, মই তেওঁৰ জীৱনত প্ৰৱেশ কৰাৰ পিছতহে প্ৰিয়ম্বদা আৰু ভূপেনে ইজনে সিজনৰ লগত কথা হ’বলৈ আৰম্ভ কৰিছিল৷<ref name="ক"/>
# ভূপেন অতি গৰম মেজাজৰ মানুহ আছিল৷ আমাৰ দুয়োৰে ব্যক্তিত্ব আক্তিশালী৷ ই নিশ্চয় বৰ কঠিন আছিল, সেয়ে আছিল প্ৰেম, ঘৃণা, কাজিয়া আৰু অস্থিৰতা৷<ref name="ক"/>
#ভূপেনৰ আগত থকা মোৰ চল্লিছটা বছৰে মই প্ৰত্যক্ষ কৰিছিলোঁ যে ভূপেন কমিউনিজম, লেফ্টইজম আৰু ছ'চিয়েলিজমৰ প্ৰতি জনতাক উত্তেজিত কৰাৰ অভিপ্ৰায়যুক্ত এগৰাকী ব্যক্তি নাছিল।<ref name= "kalpana"/>
#ভূপেনে অসমৰ প্ৰতি থকা আসক্তি আৰু বংগৰ প্ৰতি থকা আসক্তিৰ মাজত কেতিয়াও ভেদাভেদ কৰা নাছিল। তেওঁ সদায় খৈছিল, "অসম মোৰ মাতৃভূমি,বংগ মোৰ পিতৃভূমি।" তেওঁৰ বঙালী ভাষা,সাহিত্য, ব্যাকৰণ আৰু সংস্কৃতিৰ প্ৰতি যিমান অনুৰাগ আছিল সিমানেই অসমীয়া শিল্প আৰু সংস্কৃতিৰ প্ৰতিও তেওঁ অনুৰাঘী আছিল।<ref name= "kalpana"/>
#অমৰীশ পুৰীয়ে আমাৰ প্ৰস্তাৱটোক কেৱল অস্বীকাৰেই কৰা নাছিল, তেওঁ দৃঢ়তাৰে কৈছিল যে তেওঁ অৰ্থপূৰ্ণ চলচ্ছিত্ৰ কেৱল গোবিন্দ নিহলানী আৰু শ্যাম বেনেগালৰ লগতহে কৰিব, অন্য কাৰো লগত নকৰে। কাৰণ তেওঁৰ মতে কোনো অন্য চলচ্চিত্ৰ নিৰ্মাতা তেওঁলোকৰ সমকক্ষৰ নহয়। ভূপেনে তেওঁৰ অস্বীকাৰ সৌম্যতাৰে গ্ৰহণ কৰিছিল, খিন্তু খঙত জ্বলি পকি উঠিছিল আৰু তেওঁৰ সন্মুখতে পুৰীয়ে এনেদৰে কোৱাৰ বাবে লজ্জিত অনুভৱ কৰিছিল।<ref name= "kalpana"/>
#পৰম্পৰাগত শাস্ত্ৰীয় সঃগীতৰ শিক্ষকসকলে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰাৰ নেতৃত্ব বহন কৰিছিল আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে ভূপেনৰ সৃজনষীল সংগীত আৰু লোকাৰ্থবোৰ এক অপসংস্কৃতি আছিল। ইয়াৰ একেবাৰে বিপৰীত ৰূপত পঞ্চাছ বছৰ পিছত ভূপেনে তেওঁৰ নামেৰে এটা নিজস্ব ৰীতি সৃষ্টি কৰাৰ সন্মান আদায় কৰিছিল, যি 'ভূপেন্দ্ৰ সংগীত' ৰূপে জনাজাত হৈ পৰে।২০০৯ চনৰ জানুৱাৰী মাহত তেওঁক সংগীতৰ সৰ্বশ্ৰেষ্ঠ বঁটা 'সংগীত ৰত্ন'ৰে সন্মানিত কৰা হয়। কিন্তু গোটেই জীৱন জুৰি অসমৰ ব্ৰাক্ষ্মণ সমাজে তেওঁক গ্ৰহণ নকৰা বাবে তেওঁ হতাশাগ্ৰস্ত হৈ পৰিছিল আৰু চৰম আঘাত অনুভৱ কৰিছিল।<ref name= "kalpana"/>
==উৎস==
{{Reflist}}
==বাহ্যিক সংযোগ==
{{wikipedia}}
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:চিত্ৰ-পৰিচালক]]
[[শ্ৰেণী:নাট্য পৰিচালক]]
35wxcbhm6u7mgmvv21cpdtdts94jgra
ময়ূৰ বৰা
0
2230
26798
18388
2026-05-23T14:39:58Z
Pranamikaadhikary
18
+[[শ্ৰেণী:অসমৰ ব্যক্তি]]; +[[শ্ৰেণী:জীৱিত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]]
26798
wikitext
text/x-wiki
'''ময়ূৰ বৰা''' (জন্ম: ১৯৭০) হৈছে এজন অসমীয়া লেখক, চিন্তাবিদ আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা।<ref name="FullBioMBeastmojo">{{cite web | url=https://www.eastmojo.com/assam/2021/07/25/this-award-winning-assam-writer-is-unravelling-history-illuminating-the-future/ | title=This award-winning Assam writer is unravelling history, illuminating the future | date=25 July, 2021 | accessdate=1 August 2021}}</ref> তেওঁ ''অনুভৱৰ প্ৰতিধ্বনি'', ''মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা'', ''[[পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ]]'', ''অসমীয়াত্বৰ জ্যোতি'', ''পাহৰা মাণিক বিচাৰি'', ''[[চিৰদিন অসমীয়া]]'', ''অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা'' আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।<ref name="চিঅকি">{{cite book | title=চিৰদিন অসমীয়া | publisher=বনলতা | author=ময়ূৰ বৰা | authorlink=ময়ূৰ বৰা | year=নৱেম্বৰ, ২০১৮}}</ref>
==উদ্ধৃতিসমূহ==
===চিৰদিন অসমীয়া===
#মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি প্ৰশ্নাতীত একাত্মতা অনুভৱ নকৰা কোনো ব্যক্তিয়েই জাতিটোৰ বাবে অপৰিহাৰ্য নহয় বুলি ইতিহাসে আমাক শিকাই থৈ গৈছে। <ref name="চিঅকি"/>
#বৌদ্ধিক আৰু সাংস্কৃতিক দিশত খিলঞ্জীয়া মানুহক স্বাভিমানী কৰি তুলিবলৈ হ'লে এটা বৌদ্ধিক আন্দোলনৰো প্ৰয়োজন।<ref name="চিঅকি"/>
#দুজন তেজ-মঙহৰ মানুহ কিমান বহুমুখী প্ৰতিভাসম্পন্ন হ'ব পাৰে তাৰ নিদৰ্শন হৈছে শঙ্কৰ-মাধৱ।<ref name="চিঅকি"/>
#মিছনেৰীসকলৰ সবল ভূমিকা অবিহনে অসমত অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ আন্দোলন আৰু বহু হেঙাৰৰ সন্মুখীন হ'লহেঁতেন।<ref name="চিঅকি"/>
#অসমীয়া ভাষিক জাতীয়তাবাদৰ খুঁটাটো এইবাবেই শক্তিশালী, কিয়নো ই পোত খাই আছে আমাৰ ইতিহাসৰ সেইটো অংশত যিটো অংশই অসমীয়া মানুহক বিনয়ী, মাৰ্জিত, সংস্কৃত হোৱাৰ উপৰি দিছে প্ৰয়োজনত অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষমতা আৰু সাহস।<ref name="চিঅকি"/>
== উত্স ==
{{Reflist}}
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
k08kddfnwffcae2xliabteq3419bz4a
নীলিম কুমাৰ
0
2449
26800
24241
2026-05-23T14:41:35Z
Pranamikaadhikary
18
−[[শ্ৰেণী:চিকিৎসাবিদ]]; +[[শ্ৰেণী:কবি]]; +[[শ্ৰেণী:চিকিৎসক]] using [[Help:Gadget-HotCat|HotCat]]
26800
wikitext
text/x-wiki
[[File:Nilim Kumar, poet.jpg|thumb]]
'''[[w:নীলিম কুমাৰ|নীলিম কুমাৰ]]''' [[অসম]]ৰ এগৰাকী কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি।<ref>http://pratilipi.in/nilim-kumar/ {{Webarchive|url=https://web.archive.org/web/20110820011255/http://pratilipi.in/nilim-kumar/ |date=2011-08-20 }}, আহৰণ ৬.১০.২০১১</ref> তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক। ১৯৮৪ চনৰ পৰা তেওঁৰ কবি জীৱন আৰম্ভ হয়। ১৯৯১ চনত পুষ্পাঞ্জলি গোস্বামী (ৰিজু)ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
==উদ্ধৃতি==
#নিজৰ কাব্যিক চেতনা বা অনুভৱখিনিক লৈ এজন কবি কাহানিও অকলশৰে কেৱল নিজৰ জগতখনতেই বিচৰণ কৰি থাকিব নোৱাৰে, ইচ্ছাকৃত ভাবেই হওক বা অনিচ্ছাকৃত ভাবেই হওক, সমাজখনৰ সৈতে তেওঁ সম্পৰ্কিত হোৱাটো অৱধাৰিত।<ref name="সাহিত্য ডট অৰ্গ">{{cite web | url=+https://xahitya.org/নীলিম-কুমাৰৰ-সৈতে-সাহিত্/ | title=নীলিম কুমাৰৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ সাক্ষাৎকাৰ | accessdate=30 মে' 2024}}</ref>
#কবিতা কেৱল এককভাৱে হৃদয়ৰ বা মস্তিষ্কৰ হ'ব নোৱাৰে। কবিতা নিশ্চয়কৈ হৃদয়তেই অংকুৰিত হয়, কিন্তু তাৰ নিৰ্মাণকাৰ্য হয় মস্তিষ্কত। মই এইটো কথা সদায় কৈ আহিছোঁ যে হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক 'শিল্প' হৈ ফুটি উঠিব লাগিব। হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব।<ref name="সাহিত্য ডট অৰ্গ"/>
#প্ৰত্যেকজন সৃষ্টিশীল ব্যক্তি বা লেখকৰ ভিৰৰ মাজত থাকিও এককভাবেই বা ব্যক্তিগতভাবেই (individually) বিকাশ হয়। বিকাশ হয়তো তেওঁ বিভিন্ন উৎস বা সমলৰপৰা আহৰণ কৰে, কিন্তু তেওঁ নিজৰ বিকাশটো এককভাবে/ ব্যক্তিগতভাৱে (individually) লাগিব৷ আৰু বিকাশৰ এই প্ৰক্ৰিয়াটো মস্তিষ্কৰ প্ৰক্ৰিয়া। সমগ্ৰ চিন্তন প্ৰক্ৰিয়াটো মস্তিষ্কতেই হয়।<ref name="সাহিত্য ডট অৰ্গ"/>
#মোৰ কাৰণে কবিতা এটা লিখিবৰ বাবে নিজান পৰিবেশ এটা লাগিবই বুলি কথা নাই। ৰোগীৰ চিকিৎসা কৰি থাকোঁতেও যদি মোৰ মনলৈ ভাৱ আহে তথাপিও কিন্তু মোক নিজান বা অকলশৰীয়া পৰিবেশ লাগিব বুলি কথা নাই। মই ভিৰৰ মাজতো শিল্প নিৰ্মাণ কৰিব পাৰো।<ref name="সাহিত্য ডট অৰ্গ"/>
#কবিতাৰ একেবাৰে শেহতীয়া বা লেটেষ্ট ট্ৰেণ্ডক মানুহে টান পায়। কিন্তু আমি আমাৰ ট্ৰেণ্ডক গ্ৰহণ নকৰোঁ, টান বুলি ধৰি লওঁ। পছন্দ কৰোঁ। জীৱনত একেবাৰে শেহতীয়া বা লেটেষ্ট বস্তুবোৰ হে গ্ৰহণ কৰোঁচোন। কবিতাৰ ক্ষেত্ৰত কিন্তু এই লেটেষ্ট অথচ নিজৰ জীৱনত গাড়ী, মোবাইল ইত্যাদি অন্য উপাদানবোৰৰ একেবাৰে লেটেষ্ট মডেলটোহে পছন্দ কৰোঁ৷<ref name="সাহিত্য ডট অৰ্গ"/>
# এতিয়া মাথোঁ চাৰিজনী জোন আছে
আমাৰ আকাশত

কবিসকলৰ পৰা
মই সেই কেইজনীক বচাব খোজোঁ
শিশুবোৰৰ বাবে
— (আমাৰ আকাশত চাৰিজনী জোন, ''আমাৰ আকাশত চাৰিজনী জোন'', পৃষ্ঠা: ৬)
#নিমখ খাওঁ বাবেই
আমাৰ তেজ লুণীয়া
অশ্ৰু লুণীয়া
ঘাম লুণীয়া
আনকি হৃদয়ো
— (নিমখ, ''কবিতাৰ ভাষা আৰু অসমীয়া কবিতা'', পৃষ্ঠা: ৩৫)
# পচি পচি কবিতা লিখ
চালা চুৱৰৰ বাচ্ছা কবি
— (চালা চুৱৰৰ বাচ্ছা, ''নৰকাসুৰ'', পৃষ্ঠা: ৪০)
==উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
{{wikipedia}}
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:কবি]]
[[শ্ৰেণী:চিকিৎসক]]
0s7tue3k573bsbes30kl7t21fvkv6p4
26801
26800
2026-05-23T14:41:51Z
Pranamikaadhikary
18
added [[Category:জীৱিত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]]
26801
wikitext
text/x-wiki
[[File:Nilim Kumar, poet.jpg|thumb]]
'''[[w:নীলিম কুমাৰ|নীলিম কুমাৰ]]''' [[অসম]]ৰ এগৰাকী কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি।<ref>http://pratilipi.in/nilim-kumar/ {{Webarchive|url=https://web.archive.org/web/20110820011255/http://pratilipi.in/nilim-kumar/ |date=2011-08-20 }}, আহৰণ ৬.১০.২০১১</ref> তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক। ১৯৮৪ চনৰ পৰা তেওঁৰ কবি জীৱন আৰম্ভ হয়। ১৯৯১ চনত পুষ্পাঞ্জলি গোস্বামী (ৰিজু)ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
==উদ্ধৃতি==
#নিজৰ কাব্যিক চেতনা বা অনুভৱখিনিক লৈ এজন কবি কাহানিও অকলশৰে কেৱল নিজৰ জগতখনতেই বিচৰণ কৰি থাকিব নোৱাৰে, ইচ্ছাকৃত ভাবেই হওক বা অনিচ্ছাকৃত ভাবেই হওক, সমাজখনৰ সৈতে তেওঁ সম্পৰ্কিত হোৱাটো অৱধাৰিত।<ref name="সাহিত্য ডট অৰ্গ">{{cite web | url=+https://xahitya.org/নীলিম-কুমাৰৰ-সৈতে-সাহিত্/ | title=নীলিম কুমাৰৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ সাক্ষাৎকাৰ | accessdate=30 মে' 2024}}</ref>
#কবিতা কেৱল এককভাৱে হৃদয়ৰ বা মস্তিষ্কৰ হ'ব নোৱাৰে। কবিতা নিশ্চয়কৈ হৃদয়তেই অংকুৰিত হয়, কিন্তু তাৰ নিৰ্মাণকাৰ্য হয় মস্তিষ্কত। মই এইটো কথা সদায় কৈ আহিছোঁ যে হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক 'শিল্প' হৈ ফুটি উঠিব লাগিব। হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব।<ref name="সাহিত্য ডট অৰ্গ"/>
#প্ৰত্যেকজন সৃষ্টিশীল ব্যক্তি বা লেখকৰ ভিৰৰ মাজত থাকিও এককভাবেই বা ব্যক্তিগতভাবেই (individually) বিকাশ হয়। বিকাশ হয়তো তেওঁ বিভিন্ন উৎস বা সমলৰপৰা আহৰণ কৰে, কিন্তু তেওঁ নিজৰ বিকাশটো এককভাবে/ ব্যক্তিগতভাৱে (individually) লাগিব৷ আৰু বিকাশৰ এই প্ৰক্ৰিয়াটো মস্তিষ্কৰ প্ৰক্ৰিয়া। সমগ্ৰ চিন্তন প্ৰক্ৰিয়াটো মস্তিষ্কতেই হয়।<ref name="সাহিত্য ডট অৰ্গ"/>
#মোৰ কাৰণে কবিতা এটা লিখিবৰ বাবে নিজান পৰিবেশ এটা লাগিবই বুলি কথা নাই। ৰোগীৰ চিকিৎসা কৰি থাকোঁতেও যদি মোৰ মনলৈ ভাৱ আহে তথাপিও কিন্তু মোক নিজান বা অকলশৰীয়া পৰিবেশ লাগিব বুলি কথা নাই। মই ভিৰৰ মাজতো শিল্প নিৰ্মাণ কৰিব পাৰো।<ref name="সাহিত্য ডট অৰ্গ"/>
#কবিতাৰ একেবাৰে শেহতীয়া বা লেটেষ্ট ট্ৰেণ্ডক মানুহে টান পায়। কিন্তু আমি আমাৰ ট্ৰেণ্ডক গ্ৰহণ নকৰোঁ, টান বুলি ধৰি লওঁ। পছন্দ কৰোঁ। জীৱনত একেবাৰে শেহতীয়া বা লেটেষ্ট বস্তুবোৰ হে গ্ৰহণ কৰোঁচোন। কবিতাৰ ক্ষেত্ৰত কিন্তু এই লেটেষ্ট অথচ নিজৰ জীৱনত গাড়ী, মোবাইল ইত্যাদি অন্য উপাদানবোৰৰ একেবাৰে লেটেষ্ট মডেলটোহে পছন্দ কৰোঁ৷<ref name="সাহিত্য ডট অৰ্গ"/>
# এতিয়া মাথোঁ চাৰিজনী জোন আছে
আমাৰ আকাশত

কবিসকলৰ পৰা
মই সেই কেইজনীক বচাব খোজোঁ
শিশুবোৰৰ বাবে
— (আমাৰ আকাশত চাৰিজনী জোন, ''আমাৰ আকাশত চাৰিজনী জোন'', পৃষ্ঠা: ৬)
#নিমখ খাওঁ বাবেই
আমাৰ তেজ লুণীয়া
অশ্ৰু লুণীয়া
ঘাম লুণীয়া
আনকি হৃদয়ো
— (নিমখ, ''কবিতাৰ ভাষা আৰু অসমীয়া কবিতা'', পৃষ্ঠা: ৩৫)
# পচি পচি কবিতা লিখ
চালা চুৱৰৰ বাচ্ছা কবি
— (চালা চুৱৰৰ বাচ্ছা, ''নৰকাসুৰ'', পৃষ্ঠা: ৪০)
==উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
{{wikipedia}}
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:কবি]]
[[শ্ৰেণী:চিকিৎসক]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
jludguahdojtye1a5k3cjy62yqukwao
অৱনী কুমাৰ ভাগৱতী
0
2466
26799
20076
2026-05-23T14:40:51Z
Pranamikaadhikary
18
+[[শ্ৰেণী:লেখক]]; +[[শ্ৰেণী:জীৱিত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]]
26799
wikitext
text/x-wiki
'''অৱনী কুমাৰ ভাগৱতী''' এগৰাকী [[অসমীয়া ভাষা|অসমীয়া]] ভূগোলবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।<ref name="Pratidin">{{cite web | url=https://www.asomiyapratidin.in/assam/dr-avani-kumar-bhagwati-at-anand-chandra-college | title=আনন্দ চন্দ্ৰ কলেজত শিক্ষাবিদ ড০ অৱনী কুমাৰ ভাগৱতী | publisher=অসমীয়া প্ৰতিদিন | date=২৬ ফেব্ৰুৱাৰী ২০২৪ | accessdate=৩১ মে' ২০২৪ | pages= }}</ref> প্ৰকৃতি, নদী, ভূগোল আদি বিষয়ক লৈ তেওঁ কেইবাখনো অসমীয়া কিতাপ ৰচনা কৰিছে।
==উদ্ধৃতিসমূহ==
#সেই সৰুকালৰ পৰাই মই খেতিয়কক সম্মান কৰোঁ। মই খেতিয়কজনক এগৰাকী চিত্ৰকৰ বা শিল্পী হিচাপে গণ্য কৰোঁ। আমি যেনেকৈ উকা কাগজত পেন বা পেঞ্চিলেৰে ছবি আকোঁ, একেদৰে খেতিয়কে নাঙলেৰে পথাৰত ছবি আকেঁ। তেওঁলোকে বৃত্ত আকেঁ, আয়তক্ষেত্ৰ আকেঁ আৰু পথাৰত এখন সুন্দৰ চিত্ৰ অঙ্কন কৰে। ছবিখনত আমি ৰঙৰ সমাহাৰ ঘটোৱাৰ দৰে তেওঁলোকেও পথাৰত ৰঙ ব্যৱহাৰ কৰে। সেই যে পথাৰখনৰ বন-বিৰিখ আঁতৰালে, সেয়া যেন আমি ৰবৰডালেৰে কাগজখন মচি লোৱাৰ দৰেই এটি কাৰ্য। পথাৰত বোকা দিয়াত মটীয়া ৰঙৰ হ'ল। সেয়া পথাৰত ৰঙ আৰম্ভ হৈ গ'ল। পথাৰত কঠীয়া সিচাৰ লগে লগে সেইজীয়া ৰঙৰ সমাহাৰ ঘটিল। পকা ধানেৰে পথাৰখন ভৰি সেই ছবিখন সোণালী বৰণৰ হ'ল। পথাৰখনত কৰা খেতি সেয়েহে এক অনুপম শিল্পকাৰ্য। পথাৰত জ্যামিতি থাকে। সেই শিল্পকৰ্মৰ সতেই মানুহৰ জীৱন আৰু জীৱিকা জড়িত হৈ থাকে। পথাৰৰ সীৰলুও এক সুন্দৰ ৰেখা।<ref name="অকুভাসা">{{cite web | url=https://xahitya.org/21-jul-interview/| title=প্ৰখ্যাত ভূগোলবিদ তথা বিশিষ্ট পৰিৱেশকৰ্মী ড° অৱনী কুমাৰ ভাগৱতীৰ সৈতে সাক্ষাৎকাৰ| publisher=সাহিত্য ডট অৰ্গ | work=সাক্ষাৎকাৰ | date=১৭ জুলাই, ২০২১ | accessdate=৩১ মে' ২০২৪}}</ref>
#[[পৃথিৱী]]ৰ প্ৰথম সংস্কৃতিয়েই হ'ল খেতি। অৰ্থাৎ সংস্কৃতিৰ আৰম্ভণিয়েই হ'ল খেতি। আজিৰ পৰা দহ বা বাৰ হাজাৰ বছৰ আগেয়ে পৃথিৱীত খেতিৰ উন্মেষ ঘটিছিল। তাৰ আগেয়ে মানুহে চিকাৰ কৰি পেট প্ৰবৰ্তন কৰিছিল। অৰ্থাৎ আমাৰ সমগ্ৰ মানৱ সংস্কৃতিৰ জন্ম হৈছে কৃষিক কেন্দ্ৰ কৰি। সেইবাবেই লোক সংস্কৃতিৰ আধাৰো হ'ল কৃষি। য'ত কৃষি বিলুপ্ত হৈছে, তাতেই সংস্কৃতি বাধাগ্ৰস্ত হৈছে। কৃষকসকলেই কঢ়িয়াই আনে লোক সংস্কৃতিৰ ধাৰাক। আমাৰ পুৰণি খেতি কৰা পদ্ধতি আছিল প্ৰকৃতিৰ সতে সংপৃক্ত হৈ। তাকেই পৰিবেশ অনুকূল খেতি বা 'eco farming' বুলি কোৱা হয়।<ref name="অকুভাসা"/>
#১৯৫১ চনৰ তথ্যমতে ভাৰতৰ ভিতৰত প্ৰতি একৰ মাটিত ধানৰ উৎপাদন আটাইতকৈ বেছি আছিল [[অসম]]ত। সেই সময়ত আমাৰ ধানখেতি সম্পূৰ্ণৰূপে প্ৰাকৃতিক আছিল। এতিয়া পিছে ধানৰ উৎপাদন সকলোতকৈ বেছি পঞ্জাৱত হয়। যেতিয়াই ধান অথবা অন্যান্য শস্য উৎপাদনৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ কথা আহিল, তেতিয়াই কৃষিত মানুহ আৰু বলদ গৰুৰ পৰিৱৰ্তে যন্ত্ৰৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ'ল। আচলতে তেতিয়াৰ পৰা হিতে বিপৰীতহে হ'ল। লাহে লাহে ফচল সামগ্ৰীৰ মান নিম্নগামী হৈ পৰিল। একেদৰে ১৯৬৬-৬৭ চন মানৰ পৰা সেউজ বিপ্লৱ আৰম্ভ হ'ল আৰু লগে লগে খেতিৰ বাবে মূলধনৰো প্ৰয়োজন হ'ল। পিছে তাহানিতে কথাবোৰ এনেধৰণৰ নাছিল। সেই সময়ত খেতি কৰিবলৈ নগদ ধনৰ প্ৰয়োজন নাছিল। তেতিয়া শ্ৰমিকৰ খৰচ বুলিবলৈও একো নাছিল। শস্য সিঁচিবলৈ অথবা উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ গাঁও অথবা ঘৰখনতেই জনবল মজুত আছিল। গতিকে কোনো ধৰণৰ বিনিয়োগ নোহোৱাকৈ খেতি কৰিব পৰা পৰিৱেশ এটা আছিল। অৰ্থাৎ সেই সময়ত খেতি প্ৰাকৃতিকভাৱে কৰা হৈছিল।<ref name="অকুভাসা"/>
#আচলতে নদীসমূহ সম্পৰ্কে সকলোৱে জনাটো আৱশ্যক। অসমৰ সকলো সৰু-বৰ নদীৰ ওপৰত একোখন সৰু সৰু পুস্তিকা থাকিব লাগে। প্ৰতিখন নদীৰ নামেৰেই একোখন পুস্তিকা ৰচনা কৰি নদীসমূহ সম্পৰ্কে আমি সৰ্বসাধাৰণক জনোৱা উচিত। এই ধৰা পাগলাদিয়া, বৰলীয়া, বেকী, মানাহ আদি বিভিন্ন নদ-নদীৰ একোখন কিতাপ থাকিব লাগে। সেইবোৰ কিতাপৰ বিক্ৰীও ভাল হ'ব আৰু অসমৰ জনগণে নদীসমূহ সম্পৰ্কেও জ্ঞান লাভ কৰিব।<ref name="অকুভাসা"/>
#এটি শিশুৱে যদি নৈৰ সোঁতত অকণমান সময়ৰ বাবে হ'লেও তাৰ ভৰি দুখন তিয়াই নৈৰ সোঁতৰ স্পৰ্শ লাভ কৰে, শিশুটোৱে যদি মেটেকা নাইবা দলনিৰ মাজত এটা চৰাইৰ বাহ দেখে নাইবা যদি এটা শিশুৱে এটা বাহত কিছুমান শালিকা চৰাইৰ পোৱালি দেখা পায় আৰু মাক বা বাপেক শালিকাটোৱে সিহঁতলৈ মুখত কেইটামান ফৰিং লৈ অহা লক্ষ্য কৰে, তেনেহ'লে সেই শিশুটোৱে প্ৰকৃতিৰ সতে মিতিৰালি পাতিবলৈ সক্ষম হ'ব। শালিকা বাপেকটোৰ পোৱালিকেইটালৈ ইমানেই মৰম যে নিজৰ পোৱালিৰ মাকটো বা ভোক থকাৰ পাছতো এটাও ফৰিং সিহঁতে ভক্ষণ নকৰে। শিশু এটাৰ এনেধৰণৰ কথা মন কৰাৰ প্ৰৱণতা থাকিলে সি প্ৰকৃতিক অনুভৱ কৰিব। পৰুৱাই লানি পতা দৃশ্যটো, মকৰাই জাল পতাৰ কৌশলটো প্ৰত্যক্ষ কৰিব পৰা মানুহজনেই আচলতে প্ৰকৃতিৰ উপাসক।<ref name="অকুভাসা"/>
==উৎস==
{{Reflist}}
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:লেখক]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
ef15aoo3htfi1yhcw1edetpn5w9m7nf