ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.23 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk ঋতুস্ৰাৱ 0 2678 27662 19244 2026-10-10T13:29:14Z Dipankar Das 552 +[[শ্ৰেণী:শৰীৰতত্ব]]; +[[শ্ৰেণী:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 27662 wikitext text/x-wiki '''ঋতুস্ৰাৱ''' নাৰীৰ ক্ষেত্ৰত ঘটা এক স্বাভাৱিক প্ৰক্ৰিয়া৷ প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ ''মাহেকীয়া'' আৰু পুষ্পিতা বা তোলনী হোৱা বুলিও কোৱা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফেলোপিয়ান নলীয়েদি [[জৰায়ু]]লৈ আহে আৰু ৩-৪ দিন অৱস্থান কৰে।<ref>{{cite web|url=http://www.womenshealth.gov/publications/our-publications/fact-sheet/menstruation.html|title=Menstruation and the menstrual cycle fact sheet {{!}} womenshealth.gov|date=2018-05-16|access-date=2019-10-28|archivedate=2015-06-26|archiveurl=https://web.archive.org/web/20150626134338/http://www.womenshealth.gov/publications/our-publications/fact-sheet/menstruation.html|deadurl=unfit}}</ref> এই সময়ত যদি পুৰুষৰ লগত যৌনমিলনৰ মাধ্যমেদি নাৰীৰ জৰায়ুত শুক্ৰকীট নাহে আৰু নহাৰ কাৰণে যদি ডিম্ব নিষিক্ত নহয়, তেতিয়া সি নষ্ট হৈ যায় আৰু জৰায়ুৰ অভ্যন্তৰৰ সৰস স্তৰ ([[এণ্ডমেট্ৰিয়াম]]) ভাঙি যায়। এই ভগ্ন আৱৰণ, শ্লেষ্মা আৰু ইয়াৰ ৰক্ত বাহিকাৰ পৰা উৎপাদিত ৰক্তপাত সকলো মিহলি হৈ তৈয়াৰ হোৱা তৰল আৰু তাৰ লগতে ইয়াৰ গোট মৰা আৰু আধা গোট মৰা মিশ্ৰণ কেইবা দিন ধৰি একেৰাহে যোনিপথেৰে নিৰ্গত হয়। এই ক্ষৰণেই ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ বা ৰজঃস্ৰাৱ। প্ৰতি বছৰে ২৮ মে’ৰ দিনটো ঋতুস্ৰাৱ পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰা হয়৷<ref name="ঋ">{{cite web | url=https://mahabahu.com/%e0%a6%8b%e0%a6%a4%e0%a7%81%e0%a6%b8%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a7%b1-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%8f%e0%a6%97%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%bf%e0%a6%b2/ | title=ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা | accessdate=25 ছেপ্টেম্বৰ 2024}}</ref> ==উদ্ধৃতি== #“মোৰ ক্লিনিকলৈ অহা বেছিভাগ মহিলাই তেওঁলোকৰ ছোৱালীৰ স্বাস্থ্যৰ বিষয়ে বিভিন্ন চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰে। এই চিন্তিত মাতৃসকলে ঋতুস্ৰাৱৰ প্ৰাথমিক তাৎপৰ্য বুজি নাপায়, কিয়নো তেওঁলোকৰ ১২-১৩ বছৰীয়া ছোৱালীয়ে যৌৱনপ্ৰাপ্তিৰ কাষ চাপিছে।"(ডা° ছানিয়া ছিদ্দিকি)<ref name="ঋতু">{{cite web | url=https://www.assam.awazthevoice.in/women-news/dr-sania-siddiqui-s-tagline-on-menstruation-periods-is-not-our-shame-it-s-our-ability-7355.html | title=ছানিয়া ছিদ্দিকি | accessdate=25 ছেপ্টেম্বৰ 2024}}</ref> #মই বিচাৰো প্ৰতিগৰাকী মহিলাই এই কথা বুজি পাব লাগে যে আমাৰ শৰীৰটো হৰমনেৰে গঠিত আৰু প্ৰতিমাহে ঋতুস্ৰাৱ হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ (সমাজকৰ্মী ফাৰহীন)<ref name="pa">{{cite web | url=https://www.assam.awazthevoice.in/lifestyle-news/farheen-naaz-changing-the-way-the-world-thinks-about-menstrual-health-7325.html | title=ফাৰহীন | accessdate=26 ছেপ্টেম্বৰ 2024}}</ref> #ঋতুস্ৰাৱৰ বিভিন্ন জীৱন শৈলী আৰু মানসিক অৱস্থাৰ ওপৰত অনিয়মে মহিলাসকলক সমস্যাত পেলায়।<ref name="ঋতু-২">{{cite web | url=https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:Su_swasthyar_aadhar.pdf/%E0%A7%A8%E0%A7%A9%E0%A7%AE | title=সুস্বাস্থ্যৰ আধাৰ | accessdate=26 ছেপ্টেম্বৰ 2024}}</ref> ==তথ্য সূত্ৰ== {{wikipedia}} [[শ্ৰেণী:শৰীৰতত্ব]] [[শ্ৰেণী:নাৰী]] lqy9zo7xa18xuylnrdq65te9ojc6i3m