ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.3 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬ 104 18771 250824 112433 2026-05-24T15:25:36Z BabulB 104 250824 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Ani ttbr" /></noinclude>{{center|{{X-larger|'''৺নবীনচন্দ্ৰ বৰদলৈৰ উদ্দেশ্যে'''}}}} {{gap}}৺কৰ্ম্মবীৰ! দেশৰ একনিষ্ট সাধক! সেৱক। তোমাক মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীয়ে কি নিবেদন কৰিম বিচাৰি নাপাওঁ। তুমি যে ইমান মহৎ, ইমান স্বাৰ্থত্যাগী আছিলা, এই কথা তোমাৰ জীৱদ্দশাত অনেকে উপলব্ধি কৰা নাছিল; কিন্তু তোমাৰ বৈকুণ্ঠ প্ৰয়াণে দেখুৱালে তুমি অসমৰ আন কি এই ভাৰতৰো কি আদৰৰ ধন আছিলা। তুমি মহাপুৰুষ। তোমাৰ বৈকুণ্ঠত বাস। তোমাৰ আৰ্হিৰে উঠি অহা অসমীয়া ডেকাসকল যেন অনুপ্ৰাণীত হয়, আৰু মোৰ নিচিনা বৃদ্ধয়ো যেন তোমাৰ স্বাৰ্থত্যাগীতা শিকিব পাৰো এই আশীৰ্ব্বাদ কৰিবা। তুমি মৰিও অমৰ হলা। {{Right|তোমাৰ বিয়োগত শোকাকুল}} {{Right|'''ৰজনীকান্ত বৰদলৈ'''}}<noinclude></noinclude> 33l0hajk3rxv4r0bsbvh1f4nru9lffq 250825 250824 2026-05-24T15:29:50Z BabulB 104 250825 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Ani ttbr" /></noinclude>{{center|{{X-larger|'''৺নবীনচন্দ্ৰ বৰদলৈৰ উদ্দেশ্যে'''}}}} {{gap}}৺কৰ্ম্মবীৰ! দেশৰ একনিষ্ট সাধক! সেৱক। তোমাক মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীয়ে কি নিবেদন কৰিম বিচাৰি নাপাওঁ। তুমি যে ইমান মহৎ, ইমান স্বাৰ্থত্যাগী আছিলা, এই কথা তোমাৰ জীৱদ্দশাত অনেকে উপলব্ধি কৰা নাছিল; কিন্তু তোমাৰ বৈকুণ্ঠ প্ৰয়াণে দেখুৱালে তুমি অসমৰ আন কি এই ভাৰতৰো কি আদৰৰ ধন আছিলা। তুমি মহাপুৰুষ। তোমাৰ বৈকুণ্ঠত বাস। তোমাৰ আৰ্হিৰে উঠি অহা অসমীয়া ডেকাসকল যেন অনুপ্ৰাণীত হয়, আৰু মোৰ নিচিনা বৃদ্ধয়ো যেন তোমাৰ স্বাৰ্থত্যাগীতা শিকিব পাৰো এই আশীৰ্ব্বাদ কৰিবা। তুমি মৰিও অমৰ হলা। {{Block right|{{center|<poem>তোমাৰ বিয়োগত শোকাকুল '''ৰজনীকান্ত বৰদলৈ'''</poem>}}}}<noinclude></noinclude> 7l0qt0yo7ov8b6xmybf5rurqxzjhpnx পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮ 104 18773 250844 112435 2026-05-24T17:33:52Z Pranamikaadhikary 2157 250844 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Ani ttbr" />{{rh|২|তাম্ৰেশ্বৰীৰ মন্দিৰ|}}</noinclude>সতি-সন্তান। তেওঁবিলাক হেনো আগৰ মিশ্ৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় ইত্যাদি জাতিৰ হে মানুহ অছিল। পৰশুৰামে তেওঁবিলাকক তেওঁৰ “কুণ্ড” ৰক্ষা কৰি থাকিবলৈ এৰি যোৱাত তেওঁবিলাক আৰ্য্য জাতিৰ সংমিশ্ৰণৰপৰা আঁতৰ হোৱা বাবে হেনো এতিয়া এটা অসভ্য পৰ্ব্বতীয়া জাতিত পৰিগণিত হৈছে। এতিয়াও পৰশুৰাম কুণ্ডলৈ যোৱা যাত্ৰীক মিচিমি নাৱৰীয়াইহে ব্ৰহ্মপুত্ৰ পাৰ কৰি দিয়ে। “কুণ্ডত” স্নান কৰা যাত্ৰীসকলৰ তিওৱা কাপোৰ মিচিমি, মিচিমিয়নীয়ে নিয়ে। আগেয়ে বাট-পথৰ সুচল নথকাত পৰশুৰাম কুণ্ডৰ যাত্ৰীয়ে মিচিমি ৰজাৰ তালৈ গৈ তেওঁক আফিং, টকা, মদ্, ইত্যাদিৰ ভাৰ-ভেটী দিলেহে হেনো পৰশুৰাম কুণ্ডলৈ যাব পাৰিছিল। মিচিমি ৰজাই ভাৰ-ভেটী গ্ৰহণ কৰি যাত্ৰীৰ লগত মিচিমি মানুহ দিছিল। সেই মিচিমিসকলে হাবি জঙ্গল কাটি, বাট দেখুৱাই যাত্ৰীক পৰশুৰাম কুণ্ডলৈ নিছিল আৰু আকৌ মিচিমি ৰজাৰ ওচৰলৈ ওলটাই আনিছিল। এতিয়া সুগম বাট-পথ আমাৰ ইংৰাজ ৰজাৰ বিষয়াই কৰাই দিয়াৰ কাৰণে পৰশুৰাম কুণ্ডলৈ যাবলৈ সুচল হৈছে যদিও মিচিমি নাৱৰীয়াই লুইত পাৰ কৰি নিদিলে যাত্ৰীয়ে পৰশুৰাম কুণ্ড নাপায়গৈ। লোহিত পাৰ হৈ ঠায়ে ঠায়ে শিলৰ ওপৰেদি হাবিৰ মাজেদি সুৰ-সুৰীয়া বাটেৰে, ওপৰত সোঁ-সোঁকৈ বতাহ বলি থকা দীঘল দীঘল গছৰ তলেদি প্ৰায় পাঁচ মাইল মান বাট খোজ কাঢ়ি যাব লাগে। ঠাই অতি মনোহৰ, গহীন আৰু নিস্তব্ধ। মিচিমিসকল বৰ্ত্তমানে এটা পৰ্ব্বতীয়া জাতি হলেও তেওঁলোকৰ অনেকৰে দীঘল আৰু টন্‌টনিয়া নাকে সুচায় যে তেওঁবিলাকৰ সৰহ ভাগেই অতীজত আৰ্য্য জাতিহে আছিল। এতিয়াও হেনো কেঘৰমান মিচিমিয়ে কৃষ্ণসাৰ পহুৰ ছালৰ লগুণ সাজি কিবা কিবি পূজা পাটল কৰি সেই লগুণ পিন্ধে আৰু এই কেইঘৰ মানুহে হে হেনো সকলো মিচিমিৰে ক্ৰিয়া কলাপ, দেওপূজা ইত্যাদি কৰে। {{gap}}যদিও মিচিমিসকল আগৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়হে, তথাপি ভীষ্মকৰ অধিষ্ঠাত্ৰী দেৱী, মিচিমিসকলে লৈ যাব খোজাত, অন্তৰ্দ্ধান হৈছিল হেনো। পিছত চুতীয়াসকলৰ ভিতৰত ৰত্নপাল ৰজা পৰাক্ৰমী হৈ উঠিলত এই শিলৰ মূৰ্ত্তি (তামাৰ মাই) হেনো এদিন চুতীয়া ৰজা আৰু প্ৰজাক দেখা দিবলৈ পানীত ওপঙি উঠিছিল। পিছত এই মূৰ্ত্তিক হেনো হিন্দু আৰু আন জাতিৰ মানুহে নিব খোজাত মূৰ্ত্তিখান ইমান গধুৰ হৈছিল যে কুৰি পঁচিশ জন মান মানুহেও মূৰ্ত্তি খান ঠাইৰপৰা<noinclude></noinclude> 43dkjl1ktxs2uutz7b60fdkynjae31u পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৯ 104 18794 250848 112454 2026-05-25T06:55:05Z JyotiPN 1603 250848 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||তাম্ৰেশ্বৰীৰ মন্দিৰ|২১}}</noinclude>কঁকালত সাবোট মাৰি ধৰিছিল। সি জাতিত চুতীয়া হৈ তাম্ৰেশ্বৰীৰ মন্দিৰৰ মই হেন বৰদেউৰীৰ জীয়েকক মনাইলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও এইদৰে নিলাজ ব্যৱহাৰ কৰিব নালাগিছিল। তাক ভালকৈ দণ্ড বিহিব লাগে, নহলে আগলৈ সকলোলৈকে কথা বেয়া হব। তাক দগা-পখৰা কৰি সৌকাৰে কোবাব লাগে, চমটাৰে মাৰিব লাগে, গাত পানী ঢালি চোৰাত মেলিব লাগে।” {{gap}}শঃ খোঃ গোঁঃ — “বাৰু হেৰ মনাই। কচোন আচল কথাটো কি?” {{gap}}মনাই — “দেউতা ঈশ্বৰ। বৰদেউৰীয়ে যি কইছে সেইটো সঁচা। ” {{gap}}মনেশ্বৰে এইদৰে কোৱাৰ পিছতে হৰেশ্বৰ পুতেক ধনেশ্বৰে সৈতে সেই ঠাই পালেহি। শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোককো বহিবলৈ দি সুধিলে — “হেৰ ধনেশ্বৰ। লাংফাই দেউৰী আৰু তেওঁৰ হব খোজা জোৱায়েক মনেশ্বৰে কইছে তই হেনো বৰদেউৰীৰ জীয়েক আঘণীক মনেশ্বৰলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও তাইক তই নিলাজ ভাবেৰে ভুঁইতলীত চুমা খাইছিলি; আৰু তাইক বলাৎকাৰ কৰিবৰ অভিপ্ৰায়ে তাইৰ ককালত সাবোট মাৰি ধৰিছিলি, এইবিলাক কথা সঁচানে? {{gap}}ধনেশ্বৰ — “দেউতা ঈশ্বৰে যদি সুধি-পুছি কাটে, তেন্তে কটা নাযাওঁ।” {{gap}}শঃ খোঃ গোঁঃ — “বাৰু আচল কথা কি তই ক। সাৱধান মিছা নকবি। মিছা কোৱা প্ৰমাণ হলে তোৰ জিভা কটাম আৰু আন উগ্ৰ শাস্তিও কৰাম।” {{gap}}ধনেশ্বৰ — “দেউতা ঈশ্বৰ। আমি তিনিও আহুতলীত ভুঁই ৰখি থাকোতে বেলি অলপ লাহ দিয়াত এটা বৰা-গাহৰি ওলাই ধান খোৱাত আঘণীয়ে তকা কোবাই গাহৰিটো খেদিবলৈ ধৰোতে গাহৰিটোৱে তকাৰ কোবলৈ কেৰেৱা নকৰি আঘণীৰ পিনে চোচা এটা লইছিল; তেনেতে মনেশ্বৰে গাহৰিটোৰ গালৈ কাঁড় এপাত মাৰিছিল। সেই কাঁড় গাহৰিৰ তপিনাত লগাত গাহৰিটোৱে মনেশ্বৰৰ ফালে চোচা লই মনেশ্বৰৰ চাঙত খুন্দা মাৰিব ধৰোঁতেই মই মনেশ্বৰৰ বিপদ দেখি এপাত কাঁড় মাৰি গাহৰিটো বগৰাই লই আৰু এপাত কাঁড়েৰে গাহৰিটো মাৰিলোঁ। মনেশ্বৰে মোৰ শলাগ লওক চাৰি আঘণীৰ আগত লাজত পৰিয়েই বোধকৰো মোক গালিহে পৰিছিল। “ময়ে<noinclude></noinclude> qxmwjvyue2gufh3xi37w827xkhy01yx পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৩ 104 18798 250849 250813 2026-05-25T07:00:49Z JyotiPN 1603 250849 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||তাম্ৰেশ্বৰীৰ মন্দিৰ|২৫}}</noinclude>পৰে, সেই মানুহক তামাৰ মাইৰ আগত বলি দিওঁ! ছাগ হৈ বাঘৰ জীয়াৰীলৈ হেপাহ কৰা আক্কলটোও তোৰ কম নহয়! হেৰ! মৰিবলৈ অতপালি কৰিছ।” {{gap}}ধনেশ্বৰে দাঁত কামুৰি এই কথাৰ উত্তৰ দিবলৈ নৌপাওঁতেই শদিয়াখোৱা গোঁহাইদেৱে কলে — “বৰদেউৰী! তুমি এতিয়া তাৰ লগত চুপতি নকৰাই ভাল। বাৰু মই তাক আৰু দুষাৰ কথা সোধো।” শঃ খোঃ গোঁহাইদেৱৰ আদেশত লাংফাই মনে মনে ৰল, তেতিয়া গোঁহাইদেৱে কলে — “হেৰ ধনেশ্বৰ। তই যি বংশৰ হৱ তই যেতিয়াই পৰলৈ খোজাবঢ়া কৰি থোৱা ছোৱালীৰ মন ভঙাবলৈ তাইক নিলাজভাবে চুমা খালি তেতিয়াই তই নিয়মমতে দন্দ পাব লাগে। তোক চমটাৰে কোবাই, গাত পানী ঢালি, চোৰাত মেলি নাকটো কাটিলেহে এই দোষৰ শাস্তি হয়। কি কৱ তই।” {{gap}}ধনেশ্বৰে শঃ খোঃ গোঁহাইদেৱৰ এই কথাৰ কোনো উত্তৰ দিবলৈ নৌপাওঁতেই ধনেশ্বৰৰ বাপেক হৰেশ্বৰে আগবাঢ়ি গই শদিয়াখোৱা গোঁহাইৰ ভৰিত পৰি জনালে — “দেউতা ঈশ্বৰ! দাসে এটি নিবেদন জনাওঁ। আমি ষাঁড়ৰ খেলৰ মানুহ যেতিয়াই, পূৰ্ব্বাপৰ স্বৰ্গদেৱ ঈশ্বৰসকলে বিহি দিয়া নিয়ম অনুসৰি মোৰ পো ধনেশ্বৰে লাংফাই দেউৰীৰ জীয়েককহে নালাগে মাক বা ঘৈণীয়েকক ললেও তাক কেৱে দণ্ড বিহিব নোৱাৰে। দেউতা ঈশ্বৰে এই কথা জানে।” {{gap}}হৰেশ্বৰৰ এই কথাত সকলো ৰাইজ নিমাত হল! শদিয়াখোৱা গোঁহাইদেৱে কলে — “অ হৰেশ্বৰ! তুমি পূৰ্ব্বাপৰ নিয়মটো সোৱঁৰাই দি ভাল কৰিলা! অৱশ্যে মই ধনেশ্বৰক সেই নিয়ম অনুসৰি দণ্ড বিহিব নোৱাৰোঁ সঁচা।কিন্তু তাৰ নাকটো কাটিব পৰা হলেহে তাৰ দোষৰ দণ্ড হলহেঁতেন। যি কি নহওক তাক মই এৰি দিলো। বৰদেউৰী! মনেশ্বৰ! ৰাইজ সকলো ঘৰাঘৰি যোৱাগৈ। গোঁহাইদেৱৰ এই আদেশত সকলো ঘৰাঘৰি গল। যাবৰ সময়ত লাংফাই দেউৰীয়ে ধনেশ্বৰৰ ফালে বৰ কট্ মট্ মুখেৰে আৰু ৰঙা চকুৰে টেৰ টেৰ কৰি চাইছিল! ধনেশ্বৰেও প্ৰকাৰন্তৰে লাংফাইক বুঢ়া আঙুলিটো দেখুৱাই বাপেকৰ পিছে পিছে ঘৰৰ ফাললৈ গল।{{nop}}<noinclude></noinclude> fqfwr3ko3acz8qkfmwueherbs63yme3 পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৭ 104 18802 250856 112462 2026-05-25T09:28:53Z JyotiPN 1603 250856 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||তাম্ৰেশ্বৰীৰ মন্দিৰ|২৯}}</noinclude>কাৰণতে তেৱোঁ অতি শীঘ্ৰে মানৰ লগ এৰি মানৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ মনে মনে পাঙিছে। গোঁহাইদেৱে যেন শদিয়া ৰাজ্যখন মানৰপৰা ৰক্ষা কৰি ৰাখে; যেন শদিয়াত মানক সোমাব নিদিয়ে; তেওঁ যেন সৈন্য সামন্ত এদল সাজু কৰি লই মানক ব্ৰহ্মপুত্ৰৰ ইপাৰতে ধৰেহি।” চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পৰা এই চিঠি পাই শদিয়াখোৱা গোঁহাইদেৱে তেওঁৰ প্ৰধান সেনাপতি কমলেশ্বৰ গোঁহাই নামৰ ডেকা এজনক মতাই আনিলে; লগতে তেওঁৰ চ’ৰাৰ মেলৰ বুঢ়া-মেথা সকলোকে মাতিলে। চুতীয়া সকলৰো প্ৰত্যেক খেলৰ মানুহ মতাই আনিলে। সকলোকে চৰাত যথা-যোগ্য আসনত বহুৱাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে লিখা পত্ৰ পাঠ কৰি শুনাই কলে — “বাৰু সমজুৱাসকল! আৰু কমলেশ্বৰ বাপা। কোৱাচোন আমি এতিয়া কি কৰা উচিত।” সমজুৱাসকলৰ ভিতৰত বয়োবৃদ্ধ এজনে কলে — “দেউতা ঈশ্বৰ; আমাৰ সকলো খেলৰ আৰু জাতিৰ পৰা শ শ ডেকা লৰা আৰু মানুহ গোটাই লই সেই সকলক অলপ যুদ্ধ বিদ্যা শিকাই ৰণলৈ আগ বঢ়োৱা যাওক।” {{gap}}কমলেশ্বৰ — “দেউতা ঈশ্বৰ! মইও সেই কথাকে কওঁ। সৈন্য গোটাই লই সেই সৈন্যক দহবাৰদিনমান কুচ্-কাৱাজ শিকাব লাগে। সৈন্যৰ নিমিত্তে খোৱামেলা বস্তুও গোটাব লাগে।” {{gap}}কমলেশ্বৰৰ এই কথা সকলোৱে সমৰ্থন কৰিলে। তেতিয়া শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাইক এই সকলোবিলাক যো-জা কৰিবলৈ আদেশ দিলে। মেল নৌভাঙোতেই ধনেশ্বৰ চুতীয়াইও আগবাঢ়ি আহি শদিয়াখোৱা গোঁহাইদেৱক সেৱা জনাই কলে — “দেউতা ঈশ্বৰ! মই বন্দিও যুজলৈ সাজু হব খোজোঁ — আৰু যদি উপযুক্ত দেখে তেন্তে আপোনাৰ সেনাপতি ডাঙ্গৰীয়া গোঁহায়ে মোক তেওঁৰ অনুগত সহকাৰী ৰূপে লয় যেন। ধনেশ্বৰৰ এই নিবেদনত শদিয়াখোৱা গোঁহাইদেৱে সন্তুষ্ট হৈ কলে — “কমলেশ্বৰ বাপা! এই ধনেশ্বৰক যদি যুদ্ধ বিদ্যাত উপযুক্ত দেখা তেন্তে তাক তোমাৰ তলতীয়া সহকাৰী ৰূপে লব পাৰা। কাঁড় মৰা বিদ্যাত মই তাক চোকা পাইছোঁ। বোধ কৰোঁ হিলৈ মৰাতো চোকা হব। চাই চিন্তি পৰীক্ষা কৰি যেনে ভাল দেখা কৰিবা।” {{gap}}শদিয়াখোৱা গোঁহাইদেৱৰ এই কথাত কমলেশ্বৰ গোঁহায়ে ধনেশ্বৰক কলে — “বাৰু ধনেশ্বৰ। কাইলৈ তুমি পুৱাই তোমাৰ ধেনু কাড়, ঢাল-বাৰু যি আছে মানে লই মোৰ ঘৰলৈ আহিবা।”{{nop}}<noinclude></noinclude> g3e7ufynkvralwal064nhenfcrennfo পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৮ 104 18803 250850 112463 2026-05-25T07:06:12Z JyotiPN 1603 250850 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh|৩০|তাম্ৰেশ্বৰীৰ মন্দিৰ|}}</noinclude> {{gap}}ধনেশ্বৰ — “ভাল দেউতা আহিম” এই বুলি সেৱা জনালে। শদিয়াখোৱা গোঁহায়ে মেল ভাঙিলে, তেতিয়া সকলোবিলাক ঘৰাঘৰি গল। {{center|১৩}} {{gap}}এইবিলাক ঘটনা হৈ যাবৰ তিনিদিনমান পিছত এদিন ভাটী বেলীয়া সৎৰাম দেউৰীয়ে দুখান ভাৰ ভেটী লই লাংফাই বৰদেউৰীৰ ঘৰলৈ আহিল। ভাৰ ভেটী গ্ৰহণ কৰি লাংফায়ে সৎৰামক আষ্ট-আদৰ কৰি চাঙলৈ তুলি নি টুপত বহুৱালে; আৰু ভিতৰৰ পৰা এটেকেলি মদ আৰু বটাত তামোল-পান উলিয়াই আনিলে। তেতিয়া সেই টেকেলিৰপৰা বাকি বাকি চাৰিউজন মানুহে মদ খালে; তাৰ লগে লগে তামোল চালিও খালে। তাৰ পিছত লাংফায়ে সুধিলে — “পিছত বিয়ৈ! আজিনো কি সকামে অহা হৈছে কওকচোন।” {{gap}}সৎৰাম — “মোৰ ইচ্ছা এই আষাৰ মাহতে ল’ৰা-ছোৱালী হালৰ বিয়াখন পাতোঁ। নেদেখিছে কেনেকৈ সি কটা চুতীয়াই আপোনাৰ জীয়েকৰ মন বেয়া কৰিব লাগিছে।” {{gap}}লাংফাই — “এৰা। আপুনি যি কৈছে সজকে কৈছে। পিছত সদ্যহতে বিয়া পাতিবলৈ মই কোনো যোজাকে কৰিব পৰা নাই। দেখিছেই মোৰ ঘৰত অকল মই আৰু আঘণীহে। আহুধান কেডালো চপাবলৈ আছে। তদুপৰি এই বেলি তামাৰ মাইৰ পূজা হোৱাৰ আগতে মই ছোৱালীজনীক বিয়া দিব নোৱাৰিম। পূজা হৈ গলেই সাদিন মানৰ পিছতহে বিয়া দিব পাৰিম।” {{gap}}সৎৰাম — “ইয়াৰ ভিতৰতে যদি কেনেবাকৈ সেই চুতীয়া লৰাটোৱে তাইক পলুৱাই লই যায় তেন্তে সকলো কথা মিছা নহবনে?” {{gap}}লাংফাই — “সদ্যহতে সি তাইক পলুৱাই নিব নোৱাৰে; আৰু মোৰ জীয়াৰীয়েও তাৰ লগত পলাই নাযায়; সি এতিয়া কমলেশ্বৰ গোঁহাইৰ লগত যুদ্ধ বিদ্যা শিকিবলৈ কুচ্কাৱাজ শিক্ষাত লাগিছে; সেই দেখি সি সদ্যহতে পলাবও নোৱাৰে। মই তাৰ অন্যায় হেপাহৰ মুধা মাৰিবলৈ মই বেষ্টিত আছোঁ। আশা কৰোঁ তামাৰ মাইয়ে মোৰ মনোবাঞ্চা পূৰ্ণ কৰিব।”{{nop}}<noinclude></noinclude> jq8eu9xg31g8l78khkimn39cnnvrtsk পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৯ 104 18804 250859 112464 2026-05-25T09:38:38Z JyotiPN 1603 250859 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||তাম্ৰেশ্বৰীৰ মন্দিৰ|৩১}}</noinclude> {{gap}}এইদৰে কথা-বতৰা হোৱাৰ পিছত সৎৰাম উভতি গল। দৈবাৎ সেই সময়ত আঘণী নৈৰ ঘাটলৈ গৈছিল আৰু তাত চাউল-পাত ধুই লগতে পিতলৰ কলহত পানী একলহে সৈতে সৎৰাম যোৱাৰ পিছত ঘৰ পাইছিলহি। {{center|১৪}} {{gap}}আদেশ অনুসৰি ধনেশ্বৰ চুতীয়া পিছদিনা ৰাতিপুৱাই কমলেশ্বৰ গোঁহাই সেনাপতিৰ ঘৰলৈ আহিল। গোঁহায়ে দহজনমান আহোম ডেকা আৰু চুতীয়া ডেকা মতাই আনি প্ৰায় ১০০ নল মান আঁতৰত এটা কলপুলি পোতাই তাত এটা চিন দি প্ৰথমতে আহোম ডেকা সকলক সেই চিনত কাঁড় মাৰিব দিলে। আহোম ডেকাসকলৰ ভিতৰত কনকেশ্বৰ গোঁহাই নামৰ এজনে সেই চিনত কাঁড় লগালে, আৰু চুতীয়া ডেকাসকলৰ ভিতৰত ধনেশ্বৰ সেই চিনত কাঁড় লগালে। তেতিয়া কমলেশ্বৰ গোঁহায়ে, কনকেশ্বৰ গোঁহাইক ঢাল বাৰু লই আহোম ডেকা কেইজনমানে সৈতে যুজিব দিলে। কনকেশ্বৰ গোঁহায়ে সুন্দৰকৈ যুজিলে — তেওঁক কেৱে এই ঢাল-বাৰুৰ যুজত ঘটুৱাব নোৱাৰিলে; সেইদৰে ধনেশ্বৰেও কেইজনমান চুতীয়া ডেকাৰ সৈতে ঢাল-বাৰুৰে যুজিলে ধনেশ্বৰকো কেৱে ঘটুৱাব নোৱাৰিলে। তেতিয়া কমলেশ্বৰ সেনাপতি গোহায়ে কনকেশ্বৰক আহোম ৰণুৱাসকলৰ ওপৰত কাপ্তান পাতিলে আৰু ধনেশ্বৰক চুতীয়া ৰণুৱাসকলৰ ওপৰত সেই দৰে কাপ্তান পাতি দুইকো যিমান পাৰে নিজ নিজ জাতিৰ ৰণুৱা গোটাবলৈ আৰু শিকাবলৈ আদেশ দিলে। তিনি চাৰি দিনৰ ভিতৰতে উভয়ে ২০০০ দুহাজাকৈ ৪০০০ চাৰি হাজাৰ ডেকা গোটালে আৰু সেই ডেকাসকলক নিতৌ পুৱা কুচ-কাৱাজ কৰিবলৈ শিকালে। কমলেশ্বৰ গোঁহাইদেৱে নিতৌ এটা ৰঙা ঘোৰাত উঠি আহি সেই কুচ-কাৱাজ শিক্ষা আদি চাইছিলহি, মাজে মাজে শদিয়াখোৱা গোঁহাইদেৱে বগা ঘোৰা এটাত উঠি সেই শিক্ষাবিলাক চাইছিল। আৰু সৈন্য বিলাকক উদগনি দিছিল। এইদৰে শদিয়াত ৰণুৱা সকলৰ শিক্ষা প্ৰায় এমাহ মান হল।{{nop}}<noinclude></noinclude> nikcg0onxd5zz1vtljvfrwy2f59gzei পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪০ 104 18805 250857 112465 2026-05-25T09:31:18Z JyotiPN 1603 250857 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh|৩২|তাম্ৰেশ্বৰীৰ মন্দিৰ|}}</noinclude>{{center|১৫}} {{gap}}চাওঁতে চাওঁতে আষাঢ় মাহ গৈ শাওণত পৰিল। কনকেশ্বৰ গোঁহায়ে আৰু ধনেশ্বৰ চুতীয়াই ৰণুৱাবিলাকক সদায় পুৱাই যুদ্ধ বিদ্যা শিকাই অৰ্পিত কৰিলে। এই মাহটো ধনেশ্বৰ ৰাতিপুৱা বেলা বৈষ্ণবীৰ তালৈ যাব পৰা নাছিল যদিও গধূলি গধূলি সদায় গৈছিল আৰু বৈষ্ণবী আৰু সাধু দুজনক খৰি-খেৰ ইত্যাদি দুয়ো বেলাৰ নিমিত্তে গোটাই দিছিল। {{gap}}শাওণ মাহ পৰিবৰেপৰা বৈষ্ণবী ওচৰৰ গাৱেঁ-ভূয়ে, আহোম, দেউৰী, চুতীয়া এই সকলৰ প্ৰায় ঘৰে ঘৰে ফুৰিছিল, আৰু ঠায়ে ঠায়ে দুই এটি কীৰ্ত্তন, বৰগীত গাই মানুহক শুনাইছিল। তেওঁৰ সুৱলা মাতত আৰু সুন্দৰ জাত লগাই গোৱা গীত, ৰাগ, পদত সকলোৱেই মোহিত হৈছিল, আৰু তেওঁক সন্মান আৰু ভক্তি কৰিছিল। তেৱোঁ ভিক্ষা কৰাৰ লগে লগে মানুহৰ মনত পৰম পবিত্ৰ বৈষ্ণৱ ধৰ্ম্মৰ গুটি সিঁচি ফুৰিছিল। উৰ্দ্ধবাহু আৰু ডেকা সন্ন্যাসীজনে মাজে মাজে গাৱেঁ গাৱেঁ ফুৰি ভগৱতীৰ শাক্ত ধৰ্ম্ম আৰু বেদান্তৰ ব্যাখ্যা দি ফুৰিছিল; কিন্তু দুখৰ বিষয়েই হওক বা সুখৰ বিষয়েই হওক গাৱঁলীয়া হোজা অসমীয়া প্ৰজাই বেদান্তৰ ব্যাখ্যাতকৈ প্ৰভূ কৃষ্ণৰ লীলা, নাম, গীত, ৰাগ, পদ ইত্যাদি শুনিবলৈহে বেছি ভাল পাইছিল। {{gap}}এদিন গাওঁ ফুৰি ফুৰি বৈষ্ণবীজনা হঠাৎ লাংফাই দেউৰীৰ ঘৰৰ চোতালত ঠিয় হলগৈ। সেই সময়ত লাংফাই দেউৰী তামাৰ মাইৰ মন্দিৰলৈ গইছিল। ঘৰত অকল আঘণীহে আছিল। বৈষ্ণবী ঠিয় হোৱা মাত্ৰেই আঘণীয়ে নিজৰ চাঙৰপৰা নামি আহি বৈষ্ণবীক বহিবলৈ পীৰা এখান দিলে। তাৰ পিছত তামোলপান এজোৰ বটাত আনি আগবঢ়াই দিলে। বৈষ্ণবীয়ে সেই তামোল-পান আঘণীক কাটিব দিলে। আঘণীয়ে আচৰিত হৈ সুধিলে — ‘আই! মই দেখোন দেউৰী জাতিৰ মানুহ। মোৰ হাতেনো আপুনি কটা তামোল লবনে! আনবিলাক হিন্দুৱে দেখোন আমাৰ হাতৰ গুৱা নলয়।”{{nop}}<noinclude></noinclude> 7zolmb61shvc4sa1645wtq2fsqwcxa8 পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪১ 104 18806 250858 112466 2026-05-25T09:33:28Z JyotiPN 1603 250858 proofread-page text/x-wiki <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||তাম্ৰেশ্বৰীৰ মন্দিৰ|৩৩}}</noinclude> {{gap}}বৈষ্ণবী — “মা আঘণী; আমি প্ৰভু কৃষ্ণৰ সেৱক সকলে কাকো কোনো জাতিৰ মানুহকে হীন বুলি নাভাবোঁ। আমাৰ মনত সকলো মানুহেই সমান — আমাৰ মনত ডাঙৰ জাতি, সৰু জাতি ইত্যাদিৰ বাচ বিচাৰ নাই। অৱশ্যে আমি নোখোৱা বস্তুটো কাৰো হাতে নাখাওঁ; আৰু কোনো বস্তুকেই ঈশ্বৰত অৰ্পণ নকৰাকৈ নাখাওঁ। যদি মানুহজন সৎ আৰু নিকা হয়, আৰু তেওঁ আমাক খাবলৈ দিয়া বন্তু ঈশ্বৰত লগাই প্ৰসাদ কৰে তেন্তে আমি সেই বস্তু সেইজনৰ হাতৰপৰা খাম। পাপীক আমি ঘিণ নকৰোঁ, কিন্তু পাপক হলে ঘিণো কৰোঁ ভয়ো কৰোঁ। তুমি যেতিয়াই কোনো পাপে স্পৰ্শ নকৰা সৎমনৰ ছোৱালী, তেতিয়াই তোমাৰ হাতে তামোল-চালি খোৱাত দোষ নাই; সেইদেখি আই গুৱা তুমিয়েই কাটা।” বৈষ্ণবীৰ এই আদেশ পাই আঘণীয়ে পানী এলোটা আনি ভালকৈ হাত দুখান ধুই ঠাইখিনি অতাই তাৰ ওপৰত বটাটো থৈ গুৱা কাটিলে। কাটি বৈষ্ণবীক সেৱা কৰি বটাটো আগবঢ়াই দিলে। বৈষ্ণবীয়ে দুখান গুৱা হাতত লই এখান নিজে খালে; আনখন আঘণীক খাব দিলে; আঘণীয়ে তামোল খাই হাত যোৰ কৰি বৈষ্ণবীক সুধিলে :— আই! কওকচোন আপোনাৰ কৃষ্ণৰ সেৱক সকলে কি খায় কি নাখায়।” {{gap}}বৈষ্ণবী — “আই আঘণী! আমি আমিষ অৰ্থাৎ মাছ মাংস এই বিলাক নাখাওঁ, আমি আতা, আতপ চাউল, গৰুৰ ঘিউ, মগু মাহ, শাক-পাচলি ইত্যাদি খাওঁ।” {{gap}}আঘণী — “আই বুজিলো — আপোনালোকে পেটৰ নিমিত্তে কোনো প্ৰাণী হিংসা নকৰে। পিছত আই! দুখীয়াৰ ঘৰলৈ আহিল আপোনাকনো কি দি শুশ্ৰষা কৰিম। দুখুনীৰ দেখোন একো নাই।” {{gap}}বৈষ্ণবী — “বাছা! তই মোক একো দিব নালাগে। এই যে পিৰা আৰু গুৱা দিলি আৰু ভক্তিভৰে বচন দিলি এয়ে যথেষ্ট হৈছে। বাছা! আমি আদৰ আৰু বচনৰ হে ভিখাৰিণী, ধন সোণৰ নহওঁ। আমাৰ ঘৰ নাই, দুৱাৰ নাই, যতে পাওঁ তত থাকোঁ। মানুহৰ ঘৰে-দুৱাৰে গৈ ভিক্ষা মাগি, ঈশ্বৰ কৃষ্ণৰ দুই এটি নাম, গীত পদ গাই, চাউল পাত এমুঠি নি খাওঁ। বাছা! মোক মৰম<noinclude></noinclude> h9tikpelby9wpzx2so9mqj2gtvulsi2 সূচী:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf 106 58757 250845 204990 2026-05-25T02:35:12Z JyotiPN 1603 250845 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা |Language=as |Volume= |Edition= |Author=সৌৰভ কুমাৰ চলিহা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ |Address= |Year=2018 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1="বেটুপাত" 2="শীৰ্ষক" 3="-" 5="প্ৰকাশন" 6="সূচীপত্ৰ" 7="-" 8="7" 4="প্ৰথম পৃষ্ঠা" 75="বেটুপাতৰ শেষ পৃষ্ঠা" 74="-" /> |Volumes= |Remarks={{পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৬}} |Notes={{GLAMSKCFS}} |Width= |Css= |Header= |Footer={{rh|||চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা<<{{{pagenum}}}}} }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] d9gvtsclsup536at5zo2npvce70he3n পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬ 104 59281 250851 159018 2026-05-25T08:33:51Z Pranamikaadhikary 2157 250851 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude> {{center|{{X-larger|'''আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ'''}}}} {{center|'''আৰম্ভণ'''}} {{gap}}অসম দেশৰ অধিপতি লক্ষ্মীসিংহ স্বৰ্গদেৱ ১৭০২ শকৰ ৩০ অগ্ৰহায়ণত পৰলোক হয়। তেওঁৰ পুত্ৰ লোকনাথ গোঁহাই দেৱতাই পাচদিনা সিংহাসনত আৰোহণ কৰি গৌৰীনাথ সিংহ নাম গ্ৰহণ কৰে। এওঁৰ ঔদ্ধত্য গুণ বৰ প্ৰবল আছিল। এওঁৰ ইচ্ছাক কোনোৱে নিবাৰিব নোৱাৰিছিল। কাৰো পৰামৰ্শ, মন্ত্ৰণা বা ঊপদেশ এইজনা ৰজাই মনত ঠাই নিদিছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মোৱামৰীয়াবিলাকে ৰাজ্যত হুলস্থূল লগাই ৰাজসিংহাসন গ্ৰহণ কৰিছিল। পাছে মন্ত্ৰীসকলৰ মন্ত্ৰণাৰে সেই বিদ্ৰোহ নিবাৰণ হল। লক্ষ্মীনাথ সিংহ স্বৰ্গদেৱে আকৌ ৰাজত্ব পালে। গৌৰীনাথ সিংহ স্বৰ্গদেৱে পিতৃ-বৈৰী মোৱামৰীয়াবিলাকৰ প্ৰতি অত্যাচাৰ আৰম্ভ কৰিলে। তেওঁৰ শাসন কঠিন আছিল। অতি লঘু অপৰাধতে লোকক গুৰুদণ্ড কৰা তেওঁৰ বৰ অভ্যাস আছিল। তেওঁৰ বিবেচনা শক্তি একেবাৰে অস্থিৰ আছিল। তেওঁ কেতিয়া ৰুষ্ট হয় আৰু কেতিয়া তুষ্ট হয় তাক কোনেও নাজানিছিল। তেওঁৰ সাধাৰণ পদাৰ্থ-জ্ঞানো নাছিল। অধিক কি তেওঁক মতিচ্ছন্ন বোলাতো দোষ নাই। {{gap}}গৌৰীনাথ সিংহ স্বৰ্গদেৱে সৈতে সৰুকালত একেলগে পঢ়া মজুমদাৰ এজনা ডেকা আছিল। এদিন অতি লঘু অপৰাধতে ৰজাই তেওঁৰ চক্ষুৰুৎপাটন কৰালে। কিছুকালৰ পাচত বিদেশী<noinclude></noinclude> tb7f69axzr3ikpzr0q86cv454ma3tcy পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮ 104 59283 250852 159065 2026-05-25T08:37:11Z Pranamikaadhikary 2157 250852 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ||৩}}</noinclude> {{gap}}আমাৰ দেশৰপৰা যি লোক বেজ বিচাৰি গৈছিল সেই সকলেও গৈ মুৰচিদাবাদ পালে। আৰু যি আখড়াত লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী আছিল, সেই আখড়াৰ ঘাটতে নাও চপাইছিল। আমাৰ লোকসকলৰ মুগা আৰু পাটৰ দীঘল আৰু সুন্দৰ চুৰিয়া, কাঁহ-পিতলৰ সুন্দৰ বাচন আৰু আঁৰকাপোৰ ইত্যাদি আৰু সেইসকলৰ আচাৰ-ব্যৱহাৰ দেখি সেই ঠাইৰ লোকসকল চমৎকৃত হল। ব্ৰহ্মচাৰী বাবাই তেওঁবিলাকক লগ পাই পৰিচয় ললে আৰু যি উদ্দেশ্যে গৈছিল তাকো সুধিলে। আৰু সেই দেশ ইংৰাজৰ অধীন হয়নে নহয় তাকো জিজ্ঞাসা কৰিলে। আমাৰ লোকসকলে কলে যে তেওঁবিলাক অসম কামৰূপৰ; সেই দেশ ইংৰাজৰ অধিকৃত নহয় আৰু চক্ষু ৰুৎপাটিত লোকক চক্ষুদান কৰিব পৰা বৈদ্য অনুসন্ধান কৰি তালৈ গৈছে। এই কথা শুনি ব্ৰহ্মচাৰী বাবাই ঈষদ্ধাস্য কৰি কলে, “এই নিমিত্তিহে এনে হৈছে।” বাবাই তেওঁবিলাকৰ লগত অসম দেশলৈ আহিবলৈ প্ৰতিজ্ঞা কৰিলে। তেওঁ কামৰূপৰ কামাখ্যাৰ নাম শুনিছিল। এই সুযোগতে কামাখ্যা দৰ্শন কৰিব পাৰিব ইয়াকো ভাবিলে আৰু ইয়াকো স্থিৰ কৰিলে যে ৰজা বৰ নিৰ্বোধ, তেওঁক চকুকঢ়া লোকক পুনৰায় চকু দিব নোৱাৰি, এইটো বুজাই ক’লে তেওঁ বুজিব। ব্ৰহ্মচাৰী বাবাই আমাৰ দেশৰ লোকসকলেৰে সৈতে কেইজনমান সন্ন্যাসী লগত লৈ এই দেশলৈ যাত্ৰা কৰিলে। {{gap}}১৭০৯ শকত গৌৰীনাথসিংহ ৰজাৰ ৰাজত্ব মোৱামৰীয়াৰ দ্বাৰাই ইফালে লণ্ড-ভণ্ড হল। ৰজা ভটীয়াই গুৱাহাটীলৈ আহিল। পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়া নগৰতে গড় মাৰি থাকিল। দেশৰ চাৰিওফালে মোৱামৰীয়াই প্ৰজাক উপদ্ৰৱ কৰিবলৈ ধৰাত প্ৰজা ভাগি নানা স্থানলৈ গল। ৰজাই মোৱামৰীয়াৰ উপপ্লৱ নিবাৰিবৰ অৰ্থে ব্ৰিটিচ গবৰ্ণমেণ্টলৈ সাহায্য প্ৰাৰ্থনা কৰি পঠালে। ব্ৰিটিচ গবৰ্ণমেণ্টে কাপ্তান ওৱেলচ্‌ চাহাবক কিছুমান<noinclude></noinclude> 0x19xjcznoeb78bt8uc3wwqslf0hu3l পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯ 104 59284 250853 159066 2026-05-25T08:40:56Z Pranamikaadhikary 2157 250853 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|8||আনন্দৰাম ঢেকিয়াল}}</noinclude> সৈন্যেৰে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সাহায্যলৈ পঠালে। {{gap}}উজনী খণ্ডত তিয়ক নামে এখনি বৰ্দ্ধিষ্ণু গ্ৰাম আছিল। তাতে গৌতম গোত্ৰৰ কেইঘৰমান ব্ৰাহ্মণ আছিল। তেওঁবিলাক তিয়কীয়া অধ্যাপকৰ ঘৰৰ বুলি প্ৰসিদ্ধ। মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱত সেই ঘৰৰ এজন ব্ৰাহ্মণে তেওঁৰ স্ত্ৰী আৰু যোগাই নামে এটি আঠ বছৰীয়া ল'ৰা লৈ নাৱেৰে ভটীয়াই আহে। সেই সময়ত দেশত উপদ্ৰৱ হোৱাত কৃষি-বাণিজ্য নাছিল। বিশেষ পলাই আহিব লগীয়া মানুহবিলাকে লগত সকলো সামগ্ৰী নিব নোৱাৰিছিল। অধ্যাপক কেইবাদিনো উপবাসে আছিল। এতিয়া যেনেকুৱা আমাৰ অসমীয়া মানুহৰ তামোলৰ প্ৰতি বৰ শ্ৰদ্ধা, ভাত নাখাই বৰঞ্চ থাকিব পাৰে, তামোল নাখাই থাকিব নোৱাৰে, অতি কষ্ট বোধ কৰে, তেতিয়াও তেনেকুৱা আছিল। তেওঁবিলাকৰ লগত তামোল-পাণ নাছিল; আৰু তাক খোৱাও নাছিল। এদিনা এঠাইত ব্ৰহ্মপুত্ৰত তেওঁবিলাকে নাও চপাইছিল। লুইতত দৈবাৎ পাণ-তামোল উটি আহিছিল। যোগাইৰ মাকে স্নান কৰি সেই তামোল- পাণ খালে। অধ্যাপকে ম্লান কৰি তেওঁৰ পত্নীক তামোল খোৱা দেখি তামোল-পাণ ক’ত পালে সুধিলে৷ তেওঁ কলে যে “লুইতত উটি অহা পাই খালো”। অধ্যাপকৰ ইয়াতে বৰ ক্ৰোধ জন্মিল আৰু কলে বোলে, “তই যেতিয়া কি জানি কোনে কেনেকৈ উটাই দিছে তাক বিচাৰ নকৰি উটি অহা তামোল আকাল বুলি খালি তোত বিশ্বাস নাই”। এই বুলি অনেক তিৰস্কাৰ কৰি অধ্যাপকে তেওঁক সেই ঠাইতে পৰিত্যাগ কৰি নাও মেলি ভটীয়াই গ’ল। আইজনাৰ শেষ অৱস্থা কি হল কোনেও কব নোৱাৰে। অধ্যাপক যোগাইক, লৈ গৈ লগৰ মানুহে সৈতে গুৱাহাটীৰ সিপাৰে অশ্বক্লান্তত থাকিলগৈ। {{gap}}কাপ্তান ওৱেলচ্‌ চাহাব ১৭৯২ ইংৰাজী শকৰ ২৯ নবেম্বৰত<noinclude></noinclude> q0ku2qr7yfvledno1f6nicx7u2q9cmu 250854 250853 2026-05-25T08:42:02Z Pranamikaadhikary 2157 250854 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|8||আনন্দৰাম ঢেকিয়াল}}</noinclude> সৈন্যেৰে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সাহায্যলৈ পঠালে। {{gap}}উজনী খণ্ডত তিয়ক নামে এখনি বৰ্দ্ধিষ্ণু গ্ৰাম আছিল। তাতে গৌতম গোত্ৰৰ কেইঘৰমান ব্ৰাহ্মণ আছিল। তেওঁবিলাক তিয়কীয়া অধ্যাপকৰ ঘৰৰ বুলি প্ৰসিদ্ধ। মোৱামৰীয়া বা মৰাণৰ উপদ্ৰৱত সেই ঘৰৰ এজন ব্ৰাহ্মণে তেওঁৰ স্ত্ৰী আৰু যোগাই নামে এটি আঠ বছৰীয়া ল'ৰা লৈ নাৱেৰে ভটীয়াই আহে। সেই সময়ত দেশত উপদ্ৰৱ হোৱাত কৃষি-বাণিজ্য নাছিল। বিশেষ পলাই আহিব লগীয়া মানুহবিলাকে লগত সকলো সামগ্ৰী নিব নোৱাৰিছিল। অধ্যাপক কেইবাদিনো উপবাসে আছিল। এতিয়া যেনেকুৱা আমাৰ অসমীয়া মানুহৰ তামোলৰ প্ৰতি বৰ শ্ৰদ্ধা, ভাত নাখাই বৰঞ্চ থাকিব পাৰে, তামোল নাখাই থাকিব নোৱাৰে, অতি কষ্ট বোধ কৰে, তেতিয়াও তেনেকুৱা আছিল। তেওঁবিলাকৰ লগত তামোল-পাণ নাছিল; আৰু তাক খোৱাও নাছিল। এদিনা এঠাইত ব্ৰহ্মপুত্ৰত তেওঁবিলাকে নাও চপাইছিল। লুইতত দৈবাৎ পাণ-তামোল উটি আহিছিল। যোগাইৰ মাকে স্নান কৰি সেই তামোল-পাণ খালে। অধ্যাপকে ম্লান কৰি তেওঁৰ পত্নীক তামোল খোৱা দেখি তামোল-পাণ ক’ত পালে সুধিলে৷ তেওঁ কলে যে “লুইতত উটি অহা পাই খালো”। অধ্যাপকৰ ইয়াতে বৰ ক্ৰোধ জন্মিল আৰু কলে বোলে, “তই যেতিয়া কি জানি কোনে কেনেকৈ উটাই দিছে তাক বিচাৰ নকৰি উটি অহা তামোল আকাল বুলি খালি তোত বিশ্বাস নাই”। এই বুলি অনেক তিৰস্কাৰ কৰি অধ্যাপকে তেওঁক সেই ঠাইতে পৰিত্যাগ কৰি নাও মেলি ভটীয়াই গ’ল। আইজনাৰ শেষ অৱস্থা কি হল কোনেও কব নোৱাৰে। অধ্যাপক যোগাইক, লৈ গৈ লগৰ মানুহে সৈতে গুৱাহাটীৰ সিপাৰে অশ্বক্লান্তত থাকিলগৈ। {{gap}}কাপ্তান ওৱেলচ্‌ চাহাব ১৭৯২ ইংৰাজী শকৰ ২৯ নবেম্বৰত<noinclude></noinclude> 9jj12oukrhohhlvaiwluzmozbcxysxe পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০ 104 59285 250855 159067 2026-05-25T08:44:38Z Pranamikaadhikary 2157 250855 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|ফুকনৰ জীৱন চৰিত্ৰ||৫}}</noinclude> গুৱাহাটী পালেহি। দৰঙ্গৰ কৃষ্ণনাৰায়ণ প্ৰভৃতি কেতবিলাক মানুহে ৰজাৰ দুৰ্ব্বলতা দেখি উপদ্ৰৱ কৰিছিল। কাপ্তান চাহাব আহি পালত সেইসকল নিবাৰণ হ’ল। এই সময়তে গুৱাহাটীত জহনী ৰোগ উৎপত্তি হলত অনেক লোক মৰে। তাৰ পাছেও গ্ৰহণী ৰোগত অনেক লোক মৰে। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী এই সময়তে পালেহি কিন্তু ইয়াৰ কিঞ্চিৎ পূৰ্ব্বে সেই কণা মজুমদাৰৰ মৃত্যু হোৱাত চক্ষুদানৰ বিষয় কোনো প্ৰশ্ন উত্থাপিত নহ’ল। ব্ৰহ্মচাৰী চিকিৎসা শাস্ত্ৰত পাৰ্গত আছিল। সেই গ্ৰহণী ৰোগত ঔষধেৰে অনেক লোকক তেওঁ উপকাৰ কৰিলে। সেই সময়তেই প্ৰথমে আমাৰ দেশত কানি বা আফিঙৰ খেতি আৰু ব্যৱহাৰ হবলৈ ধৰিলে। ভাটীৰপৰা অহা চিপাহী আৰু আন মানুহৰপৰা পোৱা গুটিৰে খেতি কৰা হয়। জহনী আৰু গ্ৰহণী ৰোগৰ আফিঙ বা কানি এটি প্ৰধান ঔষধ। সেইকাৰণে এই দেশী লোকসকলে অনুমান হয় তাক বৰ আগ্ৰহেৰে ৰাখিলে। {{gap}}কাপ্তান ওৱেলচ চাহাবে সসৈন্যে ৰজাক লৈ উজাই ৰঙ্গপুৰলৈ গ’ল। কামাখ্যা আৰু আন আন তীৰ্থ দৰ্শন কৰি ব্ৰহ্মচাৰীও সেই লগতে উজাই গল। কাপ্তান চাহাবে মোৱামৰীয়াক খেদি ১৭১৫ শঁকৰ চ’তত ৰজাক ৰাজসিংহাসন দি ভটীয়াই গল। ব্ৰহ্মচাৰী বৰ বুদ্ধিমান আৰু বহুদৰ্শী লোক আছিল। তেওঁ শীঘ্ৰে ৰজা বুঢ়াগোহাঁই আৰু আন বিষয়াসকলৰ প্ৰিয় হৈ উঠিল। দেশত ভাল চিপাহী নথকাত ব্ৰহ্মচাৰীয়ে শিখ আৰু হিন্দুস্থানী মানুহ ৰজাৰ চিপাহী দলত নিযুক্ত হবলৈ পুৰুষাৰ্থ কৰি অনাই দিবলৈ স্বীকাৰ কৰিলে। ক্ৰমে অনাইও দিলে। তাৰ কিছুমান অসম আৰু বঙ্গদেশৰ সীমা হাদীৰা চকি বা বঙ্গালহাটত থাকিল। {{gap}}সেই সময়ত হাদীৰা চকিত পকা বেজী নামে এজন লোক দুৱৰীয়া বৰুৱা আছিল। তেওঁ বিষয় এৰি ৰাজ আজ্ঞাৰে মহন্ত শ্ৰেণীলৈ গল। তেওঁৰ বংশাৱলী ক্ৰমে এতিয়াও বামুন্দীয়া<noinclude></noinclude> g02yyuoxdyc5gtbx7qsz2l6za3g58po সূচী:আসাম বুৰঞ্জী.pdf 106 64177 250843 250297 2026-05-24T17:31:05Z Pranamikaadhikary 2157 250843 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=আসাম বুৰঞ্জী |Language=as |Volume= |Edition=পুনৰ মুদ্ৰণ (Reprint) |Author=গুণাভিৰাম বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=অসম প্ৰকাশন পৰিষদ |Address=গুৱাহাটী |Year=1972 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1to2="প্ৰথম পৃষ্ঠা" 1="বেটুপাত" 3="সূচীপত্ৰ" 4="-" 5="1" /> |Volumes= |Remarks={{Scrollpane|height=550px| {{পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩}} }} |Notes= |Width= |Css= |Header={{rh||আসাম বুৰঞ্জী|}} |Footer= }} 8gpytzhh5ybjd0zxcpy8s1iwh93aqyb পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬ 104 64186 250836 180641 2026-05-24T17:19:37Z Pranamikaadhikary 2157 250836 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" />{{rh|২|আসাম বুৰঞ্জী|}}</noinclude>প্ৰকৃতে অসম ঠাইতে {{SIC|ম|বাম}} আৰু ঠাইতে দ। ব্ৰহ্মপুত্ৰ মহানদে এই দেশ খনকে উত্তৰ কূল আৰু দক্ষিণ কূল এই দুই খণ্ডে ভগাইছে। ধনসিৰী, ভৈৰবী, দিহিং, দিখৌ, সোণাই, বড় নদী, কলহী, মানাহ, চাউল খোৱা প্ৰভৃতিয়ে ইয়াৰ কৰ যোগাইছে। আৰু ইয়াৰো কলঙ্গ প্ৰভৃতি কেইবা শাখাও আছে। {{gap}}এই দেশৰ পাৰ্ব্বত্য, সমতল আৰু জলমগ্ন ভূমি বিবেচনা কৰি ইয়াক তিনি ভাগে বিভক্ত কৰিব পাৰি। প্ৰথম দুইয়ো কূলৰ ওখ ওখ পৰ্ব্বত ভাগ দ্বিতীয় উত্তৰ আৰু দক্ষিণ কূলৰ সমতল বাম ঠাই। তৃতীয় এই দুইয়ো কূলৰ বাৰিষা পানীত তলযোৱা ঠাইবিলাক। উত্তৰ কূলৰ কামৰূপ জিলাৰ ক্ষেত্ৰি প্ৰভৃতি পৰগণা আৰু বড় নদীৰ সমীপৰ কিছুমান ঠাই আৰু আন কোনো কোনো ঠাইক এড়ি প্ৰায় বাম। আৰু দক্ষিণ পাৰে সেই ৰূপে কলঙ্গ আৰু ব্ৰহ্মপুত্ৰৰ মাঝৰ চাপৰী আৰু আন আন কিছুমান ঠাইক এড়ি অপেক্ষাকৃত সমতল। এইটি বড় আশ্চৰ্য্য যে উত্তৰ কূলত দ আৰু পানীত তলযোৱা মাটীৰ প্ৰায় সমানে দক্ষিণ কূলত ওখ মাটী। আৰু দক্ষিণ কূলৰ দ আৰু পানীত তলযোৱা মাটিৰ প্ৰায় সমানে সিপাৰে ওখ মাটী। এই বিলাকত বাহিৰেও কলীয়াবৰ, জাগী, বাঘবৰ, হাজো, নগৰবেড়া প্ৰভৃতি অকল শৰীয়া ওখ পৰ্ব্বত। আৰু তাৰ উচ্চতা ৭০০ ফিট পৰ্য্যন্ত দেখা গইছে। আৰু বিল বা জলাহ প্ৰভৃতি দ ঠাই এই দেশত অনেক আছে। {{gap}}ইয়াৰ জল আৰু বায়ু অতিশয় অস্বাস্থ্যকৰ বুলি অনেকে কইছিল। এই কথা কিমান সঁচা তাক কব নোৱাৰি। কিন্তু লোক সমাজত যিমান ভয় লগা হই সেই কথা প্ৰসিদ্ধ আছে তিমান নহয়। ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে ইয়াতো বাৰিষাৰ আদি আৰু শেষ সময়েই ৰোগ বৃদ্ধিৰ কাল। হাবি আৰু পানীত তল যোৱা ঠাই থকাহে এই দুৰ্নামৰ মূল। এই দেশৰ অনেক হাবি কটা হই এতিয়া পৰিষ্কাৰ হোৱাত সেই সকল ঠাইৰ পূৰ্ব্বৰ অপবাদ গুছি আকৌ ভাল বুলিহে প্ৰসিদ্ধ হইছে। {{gap}}অসম দেশত শীত আৰু গ্ৰীষ্ম দুইয়ো প্ৰায় সমান। জ্যৈষ্ঠ আৰু আষাঢ়ত যেনে গ্ৰীষ্ম তাৰ বিপৰীত শীত পৌষ মাহত হয়। কোনো দিন<noinclude></noinclude> 2mh66ehvqyiu922cj1baxrzuqr93zeg পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯ 104 65989 250837 180644 2026-05-24T17:21:16Z Pranamikaadhikary 2157 250837 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" /></noinclude>{{center|'''দ্বিতীয় অধ্যায়'''}} {{gap}}অসম দেশৰ “অসম” নাম আধুনিক। পূৰ্ব্বে ই নাম নাছিল। আৰু এতিয়া যি সীমা ধাৰ্য্য হইছে সিও পূৰ্ব্বে নাছিল। মহাভাৰত, কালিকা-পুৰাণ, ভাগৱত, যোগিনীতন্ত্ৰ প্ৰভৃতিত এই দেশৰ নাম উল্লেখ আছে। কিন্তু তাত “অসম” এই নাম নাই। পুৰাণ প্ৰভৃতি চালে এনেটোহে জানি যে পূৰ্ব্ব কালৰ কামৰূপ, শোণিতপুৰ, হিড়ম্ব, মণিপুৰ আৰু কৌণ্ডিল্য এই কেই দেশৰ অধিকাংশই এতিয়া অসম নামে প্ৰসিদ্ধ হইছে। গুৱাহাটীক পুৰাণত প্ৰাগ্‌জ্যোতিষপুৰ বোলে। ইয়াতে নৰক ৰজাৰ পুত্ৰ ভগদত্তৰ ৰাজধানী আছিল। এই নগৰৰ পশ্চিম দক্ষিণ ফালে নীলাচল পৰ্ব্বতৰ ওচৰত নৰকাসুৰৰ পৰ্ব্বত নামে এটি পৰ্ব্বত আছে। এইটি সেই নৰক আৰু ভগদত্ত ৰজাৰ থকা স্থান বুলি জনঘোষ আছে। এই নৰক ৰজাই কোনো এক সময়ত ষোড়শ সহস্ৰ কন্যা গুৱাহাটীৰ কৰ্ম্মনাশা বা উৰ্ব্বশীৰ মাজালিত লুকাই থইছিল। শ্ৰীকৃষ্ণে নৰকাসুৰক বধ কৰি সেই সকলক লইগল। নৰক ৰজাই নীলাচলৰ খট খটি প্ৰভৃতি নিৰ্ম্মাণ কৰাইছে বুলি লোকে কয়। এওঁৰ পাছত, ভগদত্ত ৰজাই, কুৰু পাণ্ডবৰ যুদ্ধত হাতীৰে পাণ্ডবে সৈতে যুদ্ধ কৰি বড় সাহসেৰে প্ৰাণত্যাগ কৰিলে। {{gap}}শোণিতপুৰ এতিয়াৰ তেজপুৰ। ইয়াত সুপ্ৰসিদ্ধ বলিৰাজাৰ বংশৰ বাণৰাজাৰ ৰাজধানী আছিল। তেওঁৰ কন্যা ঊষাক শ্ৰীকৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধে অগ্নিৰ গড়ৰ মাঝেৰে প্ৰবেশ কৰি হৰণ কৰিছিল। তেজপুৰৰ ওচৰত “অগ্নিগড়” পৰ্ব্বত নামে এটা পৰ্ব্বত এতিয়াও আছে। ভৈৰবী নদীৰ তীৰত ৰুদ্ৰেশ্বৰ নামে যে দেৱালয় আছে, সেই দেৱালয় আৰু বিশ্বনাথৰ দেৱালয় এই বাণৰজাই স্থাপন কৰিছে বুলি এতিয়ালৈকে লোকে কয়। {{gap}}কৌণ্ডিল্য দেশ এতিয়াৰ সদীয়া অঞ্চল। এই দেশ ৰুক্মিণীৰ পিতা ভীষ্মক ৰজাৰ দেশ। সদীয়াত যি দেবীৰ মন্দিৰ আছে তাৰে পৰা ৰুক্মিণীক<noinclude></noinclude> 0p0888i9yfxdhytq00c2n1cw424zevf পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১ 104 66054 250838 180646 2026-05-24T17:22:35Z Pranamikaadhikary 2157 250838 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Joli Rumi" />{{rh||দ্বিতীয় অধ্যায়|৭}}</noinclude>নগাওঁৰ খাগৰি জান, উত্তৰ কূলে দৰঙ্গ জিলাৰ শিঙ্গৰী পৰ্য্যন্ত সৰকাৰ কামৰূপৰ সীমা। তাৰ সিফালে এতিয়া গুৱালপাড়া জিলাৰ প্ৰায় সমুদায় সৰকাৰ ঢেকুৰীৰ অন্তৰ্গত। এতিয়াও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ অধিকাৰ হোৱাতো সেই অঞ্চলৰ ঘুল্লা পৰগণা প্ৰভৃতিৰ জমিদাৰৰ ৰাজস্বৰ চালানত সৰকাৰ “ঢেকুৰী” শব্দ লেখিছিল। আহোম বিলাকে যেতিয়া উজনিৰ পৰা ভটীয়াই ৰাজত্ব লবলৈ ধৰিলে তেতিয়া সৰকাৰ কামৰূপ প্ৰথমে লয়। আহোম ৰজাই কামাখ্যা দেৱালয় আৰু কামৰূপৰ অধিকাৰ হোৱাত— কামৰূপেশ্বৰ নাম গ্ৰহণ কৰিলে। কামৰূপৰ প্ৰজাবিলাকক আৰু জয়লব্ধ প্ৰদেশক “ঢেকেৰী” বুলি ঘৃণাজনক ৰূপে কলে। তেতিয়াৰ পৰাহে “ঢেকেৰী” শব্দ এক প্ৰকাৰ ঘৃণাজনক হইছে। কিয়নো পৰাজিত লোক সকলক জেতাৰ পৰা বিভিন্ন কৰিবলৈ “ঢেকেৰী” নাম প্ৰকাশ কৰা হ’ল। প্ৰকৃতে “ঢেকেৰী” শব্দে ঢেকেৰী প্ৰদেশ বা তাৰ লোককহে বুঝায়।<ref>দৰঙ্গৰ ৰজা ঢেকেৰী প্ৰদেশৰ বিজনীৰ ৰজাৰ বংশ। সেই ৰজাই কামৰূপ কিছুমান ঠাইত ৰাজত্ব কৰাত ঢেকেৰী দেশৰ ৰজাৰ দ্বাৰা শাসিত দেশ দেখি আহোম বিলাকে তাৰ লোকক “ঢেকেৰী” নাম দিলে।</ref> {{gap}}পুৰাণ আৰু তন্ত্ৰমতে কামৰূপক চাৰিপীঠকৈ ভাগ কৰা হইছে। কামপীঠ, ৰত্নপীঠ, সুবৰ্ণ বা স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। কৰতোয়া নদীৰ পৰা স্বৰ্ণকোষ নদীলৈকে কামপীঠ। এই স্বৰ্ণকোষ এতিয়াৰ গুৱালপাড়া জিলা আৰু কোঁছবেহাৰৰ সীমা। স্বৰ্ণকোষৰ পৰা ৰূপিকা বা ৰূপহী নদীলৈকে ৰত্নপীঠ। ৰূপিকাৰ পৰা ভৈৰৱী অৰ্থাৎ ভৰলী নদীলৈকে স্বৰ্ণপীঠ। আৰু ভৈৰবীৰ পৰা দিকৰাই বা দিককৰবাসিনীলৈকে সৌমাৰ পীঠ। যি খণ্ডত এতিয়া কামাখ্যা দেবালয় আছে আৰু যি খণ্ড এতিয়া, কামৰূপ বুলি প্ৰসিদ্ধ সেই খণ্ড কামপীঠৰ মাঝত থকা যুক্তিসঙ্গত দেখা গলেও সেইৰূপ নাইকিছিল। সেই কামপীঠৰ মাঝত কোঁছবেহাৰ আৰু কমতাপুৰ (যি ঠাই কোনো এক সময়ত কামৰূপৰ ৰাজধানী আছিল ) তাত হে পড়ে। আহোম বিলাকৰ দিনত এজনা বড় ফুকনে বঙ্গাল অৰ্থাৎ মুসলমান হঁতক কৰতোয়া নদীলৈকে খেদি নিছিল। কিন্তু ১৫৯১ শকত লাচিত বড় ফুকনে ৰজা ৰামসিংহে সৈতে যুদ্ধ কৰি মানাহা নদীকে এই<noinclude>{{Rule|}}</noinclude> n272a2ygxc54x7u9b4lq34v9puquweh পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২ 104 66058 250839 224703 2026-05-24T17:24:15Z Pranamikaadhikary 2157 250839 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Babulbaishya" />{{rh|৮|আসাম বুৰঞ্জী|}}</noinclude>দেশৰ-পশ্চিম সীমা ধাৰ্য্য কৰিলে। তেতিয়াৰে পৰা অসম আৰু বঙ্গাল দেশৰ সেই সীমাই নিশ্চয় হই আছে। {{gap}}ছুটিয়া, কছাৰী, জয়ন্তীয়া গাৰো, খাসিয়া আৰু বিজনীৰ ৰজা প্ৰভৃতিৰ দেশ ক্ৰমে ক্ৰমে লই আহোম বিলাকে আপোনাৰ ৰাজ্য বিস্তাৰ কৰিলে। আহোম বিলাকৰ দিনতকৈও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ দিনত ৰাজ্য অনেক বিস্তাৰ হইছে। {{gap}}এই দেশক প্ৰায় চাৰিও ফালে পৰ্ব্বতে বেড়ি আছে। ইয়াৰ মাঝে মাঝেও অনেক পৰ্ব্বত, সুন্দৰ সুন্দৰ নদী, গহ্বৰ আৰু গুহা অনেক আছে। অতি পূৰ্ব্বকালৰ পৰা এই দেশত তপস্বী আৰু যোগী সকলৰ অনেক আবাস আছিল। পুৰাণাদিত বিখ্যাত অনেক মুনিৰ আশ্ৰম ইয়াত আছে। তাৰে অনেক বিলাক তীৰ্থৰূপে গ্ৰাহ্য হইছে। গুৱাহাটীৰ অগ্নি কোণত সন্ধ্যাচল পৰ্ব্বতত বশিষ্ঠৰ আশ্ৰম, বেলতলাৰ কোনো এঠাইত গালৱ মুনিৰ আশ্ৰম, হাজোত গোকৰ্ণ নামে এজনা মুনিৰ আশ্ৰম এতিয়াও প্ৰসিদ্ধ আছে। এই দেশৰ অনেক পৰ্ব্বতৰ ওপৰতো পুৰণি নগৰৰ ভগ্নাবশেষ স্বৰূপ শিলৰ স্তম্ভ, পুখুৰী, প্ৰাচীৰ ইত্যাদি পোৱা যায়। এই সকলোয়ে ইয়াৰ প্ৰাচীনত্বৰ বিশেষ প্ৰমাণ দিয়ে। আৰু এই বিলাকৰ পৰা ইতিহাসৰ অনেক সাহায্য পোৱা যায়। {{gap}}কোনো কোনো লোকে কামৰূপ বা অসম দেশক পাণ্ডব বৰ্জ্জিত দেশ অৰ্থাৎ পঞ্চপাণ্ডবে বন ভ্ৰমণৰ কোনো সময়ত ইয়ালৈ অহা নাই এইৰূপ অপবাদ দিয়ে। কোনোয়ে আকৌ কয় যে এই অঞ্চললৈ আহিলেও ব্ৰহ্মপুত্ৰৰ দক্ষিণ কূললৈ অহা নাই। এই কথা নিচেই অমূলক। কিয়নো লৌহিত্যৰ দক্ষিণ তীৰত নীলাচল পৰ্ব্বতৰ বায়ুকোণে পাণ্ডুনাথ নামে এক দেৱালয় আছে। তাত পাণ্ডব সকলে প্ৰতিষ্ঠা কৰা দেবমূৰ্ত্তি আছে বুলি কোনো কোনো পুৰাণ আৰু যোগিনী তন্ত্ৰত কয়। আৰু সেইৰূপ প্ৰবাদ আজিলৈকে চলি আহিছে সেই দেৱতা দৰ্শন স্পৰ্শন কৰাৰ প্ৰশংসা বচনতো পাণ্ডবে স্থাপন কৰা উক্তি আছে। বিশেষ তাৰ সমীপৰ গ্ৰাম খানিৰো পাণ্ডু বা পাঁড়ুনাম আজিলৈকে প্ৰসিদ্ধ। {{gap}}কালক্ৰমে ওপৰত কোৱা আন সকলো দেশৰ পৰাক্ৰম হীন হোৱাত<noinclude></noinclude> o1vl4gufxqao396qs0zj1rbfwdexs47 পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩ 104 66061 250840 224704 2026-05-24T17:25:29Z Pranamikaadhikary 2157 250840 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Babulbaishya" />{{rh||দ্বিতীয় অধ্যায়|৯}}</noinclude>কামৰূপৰ শক্তি বৃদ্ধি হল। আক সেই শক্তি চাৰিও কালে বিস্তাৰিত হই যোৱাৰ নিমিত্তে এতিয়া যিখিনি ঠাই অসম নামে প্ৰখ্যাত আছে প্ৰায় সেই সকলো খিনি কামৰূপ নামে প্ৰখ্যাত হল। পাছে তাকে চাৰি পীঠ বা প্ৰদেশ ৰূপে ভাগ কৰা হল মাত্ৰ। সেই সেই পীঠৰ নাম ওপৰত কোৱা গইছে। এতিয়া যি প্ৰদেশ উজনি নামে বিখ্যাত সেই প্ৰদেশকে সৌমাৰ দেশ বোলে। ইংৰাজী ১২২৮ শকত যেতিয়া চুকাফা ৰজা সৌমাৰ দেশলৈ আহে তেওঁ ছুটিয়া আৰু বৰাহীৰ দেশ এফেৰিও ৰক্তপাত নোহোৱাকৈ ললে আৰু সেই সেই লোকে সইতে প্ৰীতিবৃদ্ধি কৰিবৰ নিমিত্তে সিঁহতৰ অনেকক ভিতৰুয়াল কৰি ললে। তাতে সিঁহত বশবৰ্ত্তী হল। সেই কাৰণে সেই লোকে কলে বোলে ইহত অসম অৰ্থাৎ কোনেও ইহতৰ সমান নহয়। এইটোকে সকলোয়ে অসম নামৰ অন্বয় বুলি সিদ্ধান্ত কৰে।<ref>কোনোয়ে কয় বোলে চুকাফা ৰজা আহোম বা অহম আছিল। সেই দেখি হকাৰৰ ঠাইত এতিয়াৰ দৰে সকাৰ আৰু সকাৰৰ ঠাইত হকাৰ হোৱাৰ দৰে অহম শব্দৰ পৰিবৰ্ত্তে আমাৰ মানুহে অসম বুলিলে।</ref> {{gap}}কোনো কোনো লোকে কয় বোলে এই দেশৰ দুইও ফালে পৰ্ব্বত আছে আৰু মাজ ভাগৰো অনেক ঠাইত খাল বাম ওখ আৰু চাপৰ; ঠাই সমান নহয়, সেই দেখি এই দেশক অসম দেশ অৰ্থাৎ ঠাই সমান নোহোৱা দেশ বোলে। বিন্ধ্য আৰু হিমালয়ৰ মাঝৰ ঠাই ডোখৰ আৰ্য্যাবৰ্ত্ত। সেই ঠাই আৰ্য্যবিলাকৰ ভাৰতবৰ্ষৰ আদি ঠাই। সেই ঠাই ডোখৰ সমান৷ যেতিয়া সেই দেশৰ আৰ্য্য স্ৰোত এই দেশলৈ আহিল তেতিয়া এই দেশ সমান নোহোৱাত ইয়ালৈ অহা আৰ্য্য সকলে ইয়াক অসম বুলিলে। {{gap}}কোনো কোনো ইতিহাস অনুসন্ধানকাৰী সকলে কয় বোলে সংস্কৃত চম (খোৱা অৰ্থ) ধাতুৰ পৰা এই দেশৰ নামৰ উৎপত্তি হইছে। কামৰূপক প্ৰায় এতিয়া লৈকে ডাকিনী পিশাচনীৰ ঠাই বুলি ভাটীৰ ফালে কয় ইয়াত সিংহে মাতে, মুনিহ মানুহ তাকৰ, ইয়াৰ মানুহে মানুহ খায়। সেইকালৰ লোক সকলৰ মাজতো যে এই প্ৰবাদ আছিল তাত সংশয় নাই। পাছে যেতিয়া কিছুমান আৰ্য্য ইয়ালৈ আহিল আৰু দেখিলে যে এই দেশৰ<noinclude>{{Rule|}}</noinclude> dioi0lfmd3gzm1l4s6md0dogfkgqsyy পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫ 104 66073 250841 224706 2026-05-24T17:27:18Z Pranamikaadhikary 2157 250841 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Babulbaishya" />{{rh||দ্বিতীয় অধ্যায়|১১}}</noinclude>শব্দে আহোমবিলাককহে বুঝাইছে।<ref>এঠাইত এনে লেখা আছে “গাৰো, ভোট, অসম, কছাৰী।” “অসম” শব্দ আভকতীয়া পৰ্ব্বতীয়া জাতিৰ মাজত আছে। সেই সময়ত আহোম বিলাকে আভকতীয়া আছিল সেই দেখিহে এইৰূপে লেখা গইছে </ref> এই যুক্তিৰ এইটোহে ঠাৱৰ হয় যে অহম বা আহোম শব্দব পৰাহে অসম নাম ওলাইছে। {{gap}}এই দেশৰ লোকসকলক প্ৰধানকৈ তিনি শ্ৰেণীত ভাগ কৰিব পাৰি। প্ৰথম আৰ্য্য অৰ্থাৎ যিবিলাক আৰ্য্যাবৰ্ত্ত বা ভাটীৰ পৰা আহি বাস কৰিছে আৰু যাৰ ভাষা সংস্কৃতমূলক। ইয়াৰ মাঝত ব্ৰাহ্মণ কলিতা কেওট প্ৰভৃতি যি বিলাকে সংস্কৃত মূলক অসমীয়া ভাষা কয় সেই সকলো পড়ে। দ্বিতীয় অনাৰ্য্য অৰ্থাৎ যি সকল লোক আৰ্য্য সন্তান নহয় আৰু যি এই দেশতে আদিৰে পৰা বাস কৰি আছে বা পাঁছে এই দেশলৈ আহিছে আৰু যাৰ স্বতন্ত্ৰ ভাষা আছিল বা আছে। ইয়াৰ মাঝত এই দেশৰ মিকিৰ কছাৰী, লালুঙ্গ, আহোম প্ৰভৃতি পড়ে। তৃতীয় মিশ্ৰ জাতি অৰ্থাৎ আৰ্য্য আৰু অনাৰ্য্য জাতিৰ দ্বাৰা উৎপন্ন হোৱা জাতি। অধিকাংশ কোঁছ আৰু ছুটিয়া প্ৰভৃতি জাতি ইয়াৰ অন্তৰ্গত। {{gap}}ভাৰতবৰ্ষৰ সকলো দেশৰ বিবৰণ জানিবলৈ মহাভাৰত এখানি প্ৰধান ইতিহাস। ব্যাসদেবে ইয়াক ৰচনা কৰিছে। আৰু জনমেজয়ে ইয়াক বৈশম্পায়নৰ মুখে শুনিছিল। ইয়াক স্বীকাৰ কৰিলে ইয়াৰ ৰচনা কলিযুগৰ আদিতে যে হইছে এনে সিদ্ধান্ত কৰিব লাগে। সেই হ’লে হিন্দুগণনানুসাৰে সেই ইতিহাসৰ সময় প্ৰায় ৫০০০ হাজাৰ বছৰ হইছে। সেই গ্ৰন্থত যি বিবৰণ আছে সেই মতে এই দেশৰ স্বতন্ত্ৰ নাম তেতিয়া থকা জনা গইছে। সেই কালৰ ভগদত্ত, বাণ, ভীষ্মক, ঘটোৎকচ প্ৰভৃতি এই দেশৰ ৰজা সকল আৰ্য্য সন্তান আছিল। ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে সেই সময়ত ইয়াৰ প্ৰজা অধিকাংশই আদিবাসী অনাৰ্য্য আছিল। কিয়নো সেই সকল ৰজাৰ দেশ অসুৰ বা ৰাক্ষসৰ দেশ বুলি প্ৰসিদ্ধ আছিল। কিন্তু বৈদিক জাতিৰ উপাস্য কৃষ্ণ, দুৰ্গা, শিৱ প্ৰভৃতি দেৱতাৰ পূজাও এই দেশত চলিছিল। ভগদত্ত আৰু ভীষ্মক, দেবীৰ উপাসক আছিল। এই কাৰণৰ দ্বাৰা প্ৰতীয়মান হয় যে সেই সময়ৰ পূৰ্ব্বেই ইয়ালৈ আৰ্য্য জাতি আহিছে।<noinclude>{{Rule|}}</noinclude> c0c0qd90zljnxyfnw8m3qjdaigty089 পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮ 104 66574 250842 224709 2026-05-24T17:28:56Z Pranamikaadhikary 2157 250842 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Babulbaishya" />{{rh|১৭|আসাম বুৰঞ্জী|}}</noinclude>কৰে যে পৰশুৰামৰ ভয়ত ক্ষত্ৰিয় সকলে পলাই আহি ইয়াত বাস কৰে। সেই সকলেই “কুল লুপ্তা” বা কলিতা বুলি কয়। এই কথা যেনে দৰে কোৱা হইছে তেনে নহলেও ইয়াৰ পৰা কোনো কালৰ আৰ্য্যস্ৰোত এই ফালে বই অহাৰ কথা যে ইয়াৰে কইহে ইয়াত সন্দেহ কৰিবৰ একো কাৰণ নাই। কলিতা বিলাকো ইয়াত পবিত্ৰ সৎশূদ্ৰ বুলি পৰিচিত। অনেকৰ শিষ্যাদিও আছে। ইয়াৰ পৰা যে সিহঁতে কোনো সৎকুলোদ্ভব লোক তাক অকস্মাতে পতিয়াব পাৰি। কোনো কোনো লোকে অনুমান কৰে বোলে কলিতা বিলাক এই প্ৰদেশৰ আদিবাসী লোক। কোনো কালত ইহঁতৰ ৰজা আছিল। আৰু ইহঁতৰ স্বতন্ত্ৰ দেশ আছিল। এতিয়াও কলিতা নামে এক মৌজা ব্ৰহ্মপুত্ৰৰ তীৰত নগাওঁ জিলাত আছে। সেই ঠাইত যে সেই জাতিৰ ৰজাৰ ৰাজধানী আছিল ইয়াক অনুমান কৰে। এই কথা হঠাৎ বিশ্বাস কৰিব নোৱাৰি কিয়নো সেই কলিতা নগৰত প্ৰাচীন কোনো চিহ্ন পোৱা নাযায় বিশেষ তেনেহলে সেই জাতিয়ে বহুকাল পূৰ্ব্বে আৰ্য্যধৰ্ম্ম গ্ৰহণ কৰি পবিত্ৰ হইছিল। আৰু বৌদ্ধধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত বা কিছু পাছে ইহঁতে ব্ৰাহ্মণৰ ব্যবসায়ৰ প্ৰতি আক্ৰমণ কৰিছিল। {{gap}}নন্দবংশ লোপৰ পাছত মগধ প্ৰদেশত যি হুল স্থুল হয় সেই সময়তো অনেক লোক এই দেশলৈ আহে। আৰু বৌদ্ধ ধৰ্ম্ম বড় প্ৰবলৰূপে যেতিয়া ভাৰতবৰ্ষত চলিল তেতিয়াও সেই ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ আৰু দেশ জয় কৰিবলৈ অনেক লোকে এই দেশলৈ আহে। আৰু সেই সকলৰ অনেকেই এই দেশৰ উৰ্ব্বৰতা দেখি ইয়াতে বসতি কৰিলে। সময়ে সময়ে তীৰ্থযাত্ৰা উপলক্ষে অনেক লোক আহি ইয়াতে বিবাহাদি কৰি ৰই গল। এই নিয়ম এতিয়াও চলিছে।<ref>দেৱ গোপাল বা বংশী গোপাল দেৱে কান্যকুব্জৰ পৰা এই দেশলৈ আহি ধৰ্ম্ম প্ৰবৰ্ত্তাই থাকিল। তেওঁৰ লগত অহা ক্ষত্ৰিয় কুলৰ অনুচৰ কেইজন এই দেশত কলিতা বিলাকে সৈতে বিবাহাদি কৰিলে। তাৰে সন্তানবিলাক এতিয়ালৈকে কলিতা বুলি প্ৰসিদ্ধ হই আছে।</ref> ভাৰতবৰ্ষ যেতিয়া গোৰি মহম্মদে আক্ৰমণ কৰে, তেতিয়া বখ্‌তিয়াৰ খিলিজি বঙ্গদেশ জয় কৰি এই দেশলৈ আহি ইয়াক আক্ৰমণ কৰে। তেতিয়াই যিবিলাক মানুহ এই দেশত থাকিল<noinclude>{{Rule|}}</noinclude> 15qz4ce2tkl99be19u4j1rmpn2zgfxo পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৭ 104 67354 250835 250823 2026-05-24T17:16:44Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250835 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ত্ৰয়োদশ অধ্যায়|১৭৩}}</noinclude>আহি বড় বিশ্বাসঘাতকৰূপে সেই সাহাব আৰু আন কিছুমান মানুহক কাটিলে। ১৯৭ জন লোকৰ মাঝত সেই সাহাব প্ৰমুখে সৰ্ব্বমুঠে ৮০ জন মানুহ বধ কৰে আৰু ৫১ জন লোকক প্ৰাণ সংশয়ৰূপে আঘাত কৰে। এই বিশ্বাসঘাতক কাৰ্য্যৰ শাস্তিৰ নিমিত্তে আমাৰ গবৰ্ণমেন্টে বিশেষ উদ্যোগ কৰি সেই বিদ্ৰোহী অসভ্যবিলাকক যথোচিত শাস্তি দিলে। {{gap}}ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেল মহামান্য লৰ্ড নৰ্থব্ৰুক সাহাব ই বছৰৰ আগষ্ট মাহত এই অভিনব প্ৰদেশ সৃষ্টি কৰি তাৰ অবস্থা জানিবলৈ আহিল। শ্ৰীহট্ট, কাছাৰ, শিলং আৰু গুৱাহাটীত অবস্থিতি কৰি পুনঃ কলিকতালৈ গ’ল। গবৰ্ণৰ জেনেৰেলে আপুনি দেশৰ অবস্থা দেখি যোৱাত এনেটো আশা কৰা হইছে যে শীঘ্ৰ ইয়াৰ মঙ্গল আৰু উন্নতি হ’ব। প্ৰায় ১৮২৪ সনৰে পৰা আজিলৈকে অসম দেশত ব্ৰিটিশ শাসনৰ সময় পঞ্চাশ বৎসৰ হইছে। ইয়াতে দেশৰ সকলো প্ৰকাৰ উন্নতি হ’ব লাগিছে। ইয়াতে এনে বোধ হয় জগদীশ্বৰে এই দেশৰ মঙ্গলৰ অৰ্থেহে ইয়াক ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীন কৰিছে। আমাৰ এই আশা যে সফল হ’ব তাৰ প্ৰমাণ যি ফাললৈ চোৱা যায় সি ফালেই দেখিব পাৰি। এতিয়া ৰাজস্বখিনি দিব পাৰিলেই পৰম সুখে নিৰুপদ্ৰবে প্ৰজাসকলে থাকিব পাৰে। সি কাৰণে লোকৰ সুখ সম্পত্তি ক্ৰমে বৃদ্ধি হই আহিছে। ৰাজস্ব দি সপৰিবাৰে খাই লই থাকি যি উৎপন্ন হয় তাক আপোনাৰ ভঁড়ালত থ’ব পাৰিছে। তাৰ প্ৰতি কোনো অত্যাচাৰ হ’ব নোৱাৰে। লোকসকলে এই সুশাসনত পৰম সুখে থাকি পৰমেশ্বৰক ধন্যবাদ কৰিছে। {{gap}}আমাৰ শ্ৰীশ্ৰীমতী ভিক্টোৰীয়া মহাৰাণীৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুক্ত যুবৰাজ এডৱাৰ্ড প্ৰিন্স অব ওয়েলস ১৮৭৫ সনৰ নবেম্বৰ মাহত ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আহে। ভবিষ্যতলৈ এইজনাই আমাৰ ৰজা হ’ব। এওঁ ভাৰতবৰ্ষ আপুনি দেখাৰ পৰা ভাৰতৰ বহু উপকাৰৰ আশা। সেই হলে আমাৰ দেশৰো তাৰ লগে লগে উপকাৰ হ’ব এনে আমি বাঞ্ছা কৰোঁ। কৰ্ণেল কিটিং সাহাবে পদত্যাগ কৰি স্বদেশলৈ যোৱাৰ পাছত<noinclude></noinclude> dgtebql0dz3x5w0xglx1gkp3ohcdalh পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৬ 104 67355 250834 250822 2026-05-24T17:14:16Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250834 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৭২|আসাম বুৰঞ্জী|}}</noinclude>পাড়া পুনৰায় অসমৰ অধীনলৈ আহিল এবং প্ৰথমে কাছাৰ আৰু পাছে শ্ৰীহট্ট জিলাও বঙ্গ প্ৰদেশৰ পৰা ফালি আনি চীফ কমিশ্যনৰৰ অধীন কৰি দিলে। এতিয়া আসাম দেশৰ সীমা পূৰ্ব্বতকৈ অনেক বাঢ়িল। কিন্তু ইয়াৰ পৰা যে কিবা অসুবিধা হ’ব এনে নহয় কিয়নো স্থানৰ ব্যাপকতাৰ লগে লগে প্ৰধান কমিশ্যনৰৰ ক্ষমতা আৰু কৰ্মচাৰীৰো সংখ্যা অধিক কৰা হ’ল। {{gap}}এই প্ৰধান কমিশ্যনৰৰ অধীনে ৪৬৩৪১ বৰ্গ মাইল ভূমি আৰু ৪৮৮১৪২৬ জন প্ৰজা। এওঁৰ ওপৰত এই সকলো প্ৰজাৰ শুভাশুভ নিৰ্ভৰ কৰে। {{gap}}দৰঙ্গ জিলাৰ উত্তৰ ফালৰ পৰ্ব্বতত থকা ডফলা জাতিয়ে সময়ে সময়ে আমাৰ মানুহৰ পৰা পচা তুলি নি অনেক উপদ্ৰব কৰে। এবং কেতিয়াবা নামনিৰ পৰা মানুহ ধৰি নি বন্দি কৰি থয়। বিশেষ পৰ্ব্বতে সইতে আমাৰ সীমা ধাৰ্য্য কৰাতো ইহঁতে বাধা দিয়ে। এই বিলাক উপদ্ৰব নিবাৰিবলৈ ই বছৰৰ শীত কালত গবৰ্ণমেণ্টে ডফলাৰ বিৰুদ্ধে কিছুমান সৈন্য পঠায়। নাৰায়ণপুৰত এই সৈন্যৰ প্ৰধান ছাউনী হয়। ক্ৰমে আমালোকৰ সৈন্য ওপৰলৈ উঠি ডফলাৰ প্ৰধান প্ৰধান গ্ৰামসকলক বশবৰ্ত্তী কৰি ধৰি নিয়া বন্দী কিছুমানক মুক্তি প্ৰদান কৰে। গ্ৰামবিলাকৰ অনেক মেঠন গৰু ইত্যাদি বস্তু দি ব্ৰিটিশ গবৰ্ণমেণ্টৰ শৰণাগত হ’ল। সিহঁতৰ দেশ অনেক ভাগ প্ৰকাশিত, পীয়ল আৰু নক্সা কৰা হই এই যুদ্ধ যাত্ৰা শেষ হ’ল। {{gap}}আজি দুবছৰমানৰ পাছৰে পৰা আমালোকৰ চাৰিওফালে সীমা ধাৰ্য্য আৰু তাৰ সাধাৰণ পীয়ল কৰা উচিত বোধ হোৱাত গবৰ্ণমেন্টে প্ৰতি জাৰকালি বিশেষ কৰ্ম্মচাৰী, নগা পৰ্ব্বতলৈকো পঠাইছে। এই বছৰৰ শীত কালৰ আৰম্ভতে আকৌ জয়পুৰৰ ফালে লেপ্টেনেণ্ট হলকম্ব আসিষ্টান্ট কমিশ্যনৰ সাহাব ত্ৰিকোণ যন্ত্ৰৰ পীয়ল কৰা সাহাব এজনাই সইতে জয়পুৰৰ ফালে নগা পৰ্ব্বতত পীয়ল কৰিবলৈ আৰম্ভ কৰে। ১৮৭৪ সনৰ ১ ফেব্ৰুৱাৰীৰ দিনা তেওঁবিলাক নিলু গাঁওত থকাত কেতবিলাক নগাই লেপ্টেনেণ্ট হলকম্ব সাহাবে সইতে সাক্ষাৎ কৰিবলৈ<noinclude></noinclude> dsk7y3qad5x8ptx95qqf1w51jxif7a7 পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৫ 104 67356 250833 250812 2026-05-24T17:12:34Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250833 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ত্ৰয়োদশ অধ্যায়|১৭১}}</noinclude>হ’ল আৰু স্বাধীন ভাবে সকলোৱে কৰ্ম্ম কৰিব পাৰিলে। নানা দেশৰ লোকৰ গমনাগমন হোৱাত বাটৰ সুবিধা, প্ৰতিমাহে বিশেষকৈ ভাপৰ জাহাজ ই দেশলৈ অহা যোৱা কৰি থকাত আৰু ভাটীৰ ৰেলওৱে হই আৰু সুবিধা বৃদ্ধি হোৱাত বাণিজ্যৰ বড় উপায় হ’ল। প্ৰজাবিলাকে সামান্য পৰিশ্ৰম কৰে, তাৰ দ্বাৰা বিস্তৰ লাভ কৰে। অথচ গবৰ্ণমেণ্টক যি কৰ দিয়ে তাৰ নিৰিখ অতি কম। সি কাৰণে মাটিৰ খাজানা বৃদ্ধি কৰিলে। আৰু ৰাজস্ব গ্ৰহণ প্ৰভৃতি কাৰ্য্যৰ নিমিত্তে এক নিয়মাবলী কৰিলে, সি নিয়মানুসাৰে দেশৰ সেই কাৰ্য্য চলিছে আৰু এই কৰ বৃদ্ধিৰ পৰা দেশীয় ভূমিৰ ৰাজস্ব দ্বিগুণ হ’ল। এই নিয়মৰ দ্বাৰা দেশৰ উপকাৰ সম্ভাবনা। কিয়নো ইমান অল্প কালতে দেশৰ লোক সকল আগতকৈ শ্ৰমী হইছে। এবং বাণিজ্যাদিৰ বড় উপায় ওলাইছে। ১৮৭১ ইংৰাজীত বঙ্গ প্ৰদেশৰ লেপ্টেনেন্ট গবৰ্ণৰ সবজৰ্জ্জ কাম্বল সাহাব ই দেশলৈ আহে। তেওঁ অসমীয়া ভাষা ই দেশৰ বিচাৰালয় আৰু বিদ্যালয় প্ৰভৃতিত চলিবলৈ আজ্ঞা প্ৰকাশ কৰে। সেই নিয়মানুসাৰে এতিয়া চলিব লাগিছে। ইয়াৰ পৰা যে কি উপকাৰ বা অপকাৰ তাক এতিয়াও বুঝিব পৰা নাই। কিয়নো তাৰ পৰীক্ষাৰ ফল জানিবলৈ আৰু অধিক সময় লাগিব। {{gap}}ব্ৰিটিশ গবৰ্ণমেণ্টৰ সুশাসনৰ নিমিত্তে দেশৰ অবস্থা ক্ৰমে সকলো বিষয়তে উন্নত হবলৈ ধৰিলে। ই বঙ্গ প্ৰদেশৰ লগত থকাত গবৰ্ণমেণ্টে ইয়াৰ কাৰ্য্যৰ প্ৰতি বিশেষৰূপে মনোযোগ দিব নোৱাৰে। বিশেষ ই দেশৰ প্ৰধান অধিপতি এই দেশতে থাকিলে সৰ্ব্ব প্ৰকাৰে দেশৰ মঙ্গল। তাৰে উন্নতিৰ নানা বাট উলিওৱা হ’ব পাৰিব। ১৮৭৪ সনৰ ফেব্ৰুৱাৰীত কমিশ্যনৰ কৰ্ণেল হপকিন্সন্ কৰ্ম্মৰ পৰা অপসৃত হোৱাত অসম দেশ এজনা চীফ বা প্ৰধান কমিশ্যনৰৰ অধীন কৰা হই ইয়াৰ কৰ্তৃত্বভাৰ ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেলে আপোনাৰ হাতত ল’লে। কৰ্ণেল কিটিং সাহাব এই প্ৰধান পদত অভিষিক্ত হই শাসন কৰিব লাগিছে। গুৱাহাটীতকৈ পাৰ্ব্বত্য শিলং নগৰ অপেক্ষাকৃত স্বাস্থ্যকৰ হোৱাত অসম দেশৰ ৰাজধানী গুৱাহাটীৰ পৰা তালৈ নিয়া হ’ল। গাড়ো পৰ্ব্বত আৰু গুৱাল-<noinclude></noinclude> nadpfje37ysxy159nu621tv9d4ggp01 পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৪ 104 67357 250832 250808 2026-05-24T17:08:28Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250832 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৭০|আসাম বুৰঞ্জী|}}</noinclude>সনত নানা কাৰণত চাহৰ অনেক কোম্পানী যোত্ৰহীন হ’ল এবং চাহৰ পৰা লাভৰ পথ কমিল। সকলো সময়ত সকলো বিষয়ৰ অবস্থা একেদৰে নাথাকে। এই কাৰণে সেই চাহৰ কৃষিৰ আৰু বাণিজ্যৰ উন্নতি লাহে লাহে হই আহিছে। {{gap}}ইংৰাজী ১৮৬৪ সনত ভোটানৰ যুদ্ধ হয়। সেই যুদ্ধত ব্ৰিটিশ গবৰ্ণমেণ্টেই জয়ী হয়। এবং ভোটানৰ অধীন যি নামনি ঠাই আছিল আৰু যাক দুৱাৰ বোলে, সিসকলো ১৮৬৫ সনত সিঞ্চোলা নামে ঠাইত হোৱা সন্ধি পত্ৰ অনুসাৰে আমাৰ গৱৰ্ণমেণ্টৰ হস্তগত হ’ল। ইয়াৰ পূৰ্ব্বে গবৰ্ণমেণ্টৰ অধীন হোৱা বাস্কা প্ৰভৃতি দুৱাৰৰ নিমিত্তে ভোটৰাজ্যে গবৰ্ণমেণ্টৰ পৰা কিছু বাৰ্ষিক বৃত্তি পাইছিল। এই সন্ধি পত্ৰৰ নিয়মানুসাৰে সেই বৃত্তি দিব নলগা হ’ল। গাৰো আৰু নগাবিলাকৰ অনেক গ্ৰামে আমাৰ গবৰ্ণমেণ্টক কিছু কিছু কৰ দি অধীনতা স্বীকাৰ কৰিছিল। কিন্তু অনেক স্বাধীন আছিল। সিহঁতে সময়ে সময়ে গবৰ্ণমেণ্ট প্ৰজাৰ প্ৰতি অহিতাচাৰ কৰে। বিশেষ সিহঁতক সভ্য কৰা নিতান্ত প্ৰয়োজনীয় হোৱাত আৰু সিহঁতৰ দৌৰাত্ম্য নিবাৰণ কৰা উচিত হোৱাত সেই সেই ঠাইত দুখনি জিলা ১৮৬৬ সনত পতা হ’ল। গাড়ো পৰ্ব্বতৰ ৰাজধানী তুৰা আৰু নগা পৰ্ব্বতৰ ৰাজধানী শ্যামাগুটিং হ'ল। এই দুই জিলা হোৱাৰ পৰা সিহঁতৰ অত্যাচাৰও কমিছে আৰু সিহঁতৰ সভ্য হ’বৰো অনেক উপায় হইছে। মৃত ইস্কাট সাহাবৰ দিনৰে পৰা গুৱালপাড়া জিলা আৰু গাড়ো পৰ্ব্বত অসম দেশৰ কমিশ্যনৰৰ অধীন আছিল আৰু কোঁচবিহাৰৰ কাৰ্য্যৰ প্ৰতি দৃষ্টিৰ নিমিত্তে গবৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ কৰ্ম্মও সি কমিশ্যনৰেই কৰিছিল। ই বছৰতে গুৱালপাড়া ও কোঁচবিহাৰ আমাৰ কমিশ্যনৰৰ হাতৰ পৰা গুছোৱা হই স্বতন্ত্ৰ এজন কমিশ্যনৰ নিযুক্ত হ’ল।<ref>এই সনতে গুৱাহাটীৰ ইংৰাজী স্কুলটিক হাই ইস্কুল পতা হইছিল পাছে সি লোপ পাই আকৌ সাধাৰণ শ্ৰেণীৰ ইস্কুল হ’ল।</ref> {{gap}}এই দেশত ব্ৰিটিশ সুশাসনৰ নিমিত্তে সকলো প্ৰকাৰে লোকৰ সুখ সন্তোষ হ’ল। ভিন্ন দেশীয় শত্ৰুৰ ভয় নাই। দুষ্টবিলাকৰ দমন<noinclude>{{Rule|}}</noinclude> s3x8b9notgfau1vrs993dtjlj74n77p পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৩ 104 67358 250831 250803 2026-05-24T17:06:27Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250831 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ত্ৰয়োদশ অধ্যায়|১৬৯}}</noinclude>সুফল নোপোৱাত নগাঁওৰ ফুলগুড়িতে ১৮৬১ সনৰ অক্টোবৰত অনেক লোক আপীল কৰিবৰ নিমিত্তে সমবেত হয়। আসিষ্টাণ্ট কমিশ্যনৰ লেপ্টেনেণ্ট সিঙ্গেৰ সাহাব সিহঁতৰ অভিপ্ৰায় জানিবলৈ যোৱাত এটা হুৰা-মূৰা লাগে। তাতে সিঙ্গেৰ সাহাবৰ বধ হয়। পাছে দোষীসকলৰ বিচাৰ হলত অনেকে যথোচিত শাস্তি পালে। {{gap}}১৮৬২ সনৰ জানুৱাৰীৰ পৰা ফৌজদাৰীৰ দণ্ডবিধি আৰু কাৰ্য্যবিধি এই দেশত প্ৰচলন হয়। ই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধিকাৰ হ’বৰে পৰা কোনো উচ্চ কৰ্ম্মচাৰী ইয়ালৈ অহা নাই। পাছে মেং বিডেন সাহাব লেপ্‌টেনেণ্ট গবৰ্ণৰ হই এই সনৰ বৰ্ষত অসম দেশ পৰিভ্ৰমণ কৰিবলৈ আহে। এওঁৰ শুভাগমনৰ পৰা দেশৰ উন্নতিৰ আৰু উপায় হ’ল। কিয়নো তেওঁ আপোন চকুৰে দেশৰ অৱস্থা দেখিলে। {{gap}}এই সনতে খাশীয়া আৰু জয়ন্তা পৰ্ব্বত জিলাত এক ভয়ানক বিদ্ৰোহ হয়। সি ঠাইৰ লোকবিলাকৰ পৰা এবিধ টাক্স্ গ্ৰহণ কৰাৰ আজ্ঞা গবৰ্ণমেণ্টে দিয়াত সেই আজ্ঞা প্ৰতিপালনৰ বিষয়ে কৰ্ম্মচাৰীসকলে উদ্যোগ কৰে। তাতে কেতবিলাক লোকে সি আজ্ঞাৰ বিপৰীতাচৰণ কৰিব খুজি বিদ্ৰোহ কৰে। সি বিদ্ৰোহ কিছু দিনৰ মূৰত নিবাৰণ কৰা হ’ল। কিন্তু ইয়াৰ পৰা দেশৰ বিশেষ অনিষ্ট নহ’ল। {{gap}}আসাম কোম্পানী সংস্থাপন হ’বৰ পৰা চাহৰ ক্ষেতি বঢ়কৈ হ’ব ধৰিলে। এই দেশত যিমান অৰণ্য আৰু পতিত ভূমি আছে তাক আবাদ কৰিবলৈ আৰু দেশত কৃষিৰ সুবিধা কৰিবলৈ গবৰ্ণমেণ্ট এই নিৰ্দ্ধাৰণ কৰিলে যে কোনো কোনো নিৰ্দিষ্ট পতিত ভূমি নীলামত বিক্ৰয় হ’ব বা দীৰ্ঘ কালৰ নিমিত্তে পাট্টা কৰি দিয়া হ’ব। ই নিয়ম প্ৰচলিত হ’লত ইউৰোপীয় উৎসাহপূৰ্ণ লোকসকলে চাহৰ ক্ষেতিৰ নিমিত্তে ইয়ালৈ ধনৰ স্ৰোত প্ৰেৰণ কৰিলে। অনেক ঠাইত চাহৰ বাড়ী হ’ল। সিসকলৰ উৎপন্ন ক্ৰমে উন্নত হ’বলৈ ধৰিলে কিন্তু ই দেশৰ প্ৰজা অতি কম। যিবিলাক আছে সিও আপোনাৰ কৃষি পৰিত্যাগ কৰিব নোখোজে। এই নিমিত্তে বিদেশৰ পৰা শ্ৰমজীবী মানুহ বা কুলী চাহ কোম্পানীয়ে আনিব ধৰিলে। ইসকলক অনা, ৰখা, ও কৰ্ম্ম কৰোৱাৰ নিমিত্তে বিশেষ আইন প্ৰচলন হ’ল। ১৮৬৬<noinclude>{{Left|২২}}</noinclude> 9ruaz6uiscn1ogv5bui1z19gmbkny7t পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭২ 104 67359 250830 250787 2026-05-24T17:02:45Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250830 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৬৮|আসাম বুৰঞ্জী|}}</noinclude>আনিলে। এই ঘটনাত অন্য দেশৰ দৰে ই দেশৰ সৰ্ব্ব সাধাৰণ লোকৰো সন্তোষ হ’ল। কিয়নো দেশৰ আৰু উন্নতি হ’ব এনেটো সকলোৰে আশা হ’ল। {{gap}}ইয়াৰ পূৰ্ব্বে ই দেশত যিবিলাক দলীল বা নিদৰ্শন পত্ৰ হইছিল সি সকল ষ্টাম্প নোহোৱা কাকতত হইছিল। কিন্তু ১৮৫৮ ইংৰাজী সনৰ পৰা যি নিয়ম ৰহিত হই দেশত ষ্টাম্প প্ৰচলিত হ’ল। ইংৰাজী ১৭৯৩ সনৰ পৰা ই দেশত আফিঙ্গ বা কানী লোকে ব্যৱহাৰ কৰিবলৈ ধৰিলে। এবং তাৰ কৃষিও সৰ্ব্বত্ৰে ব্যাপ্ত হ’ল। ইয়াক ব্যবহাৰৰ পৰা দেশীয় লোক দুৰ্ব্বল আৰু অলস হই গ’ল। ইয়াৰ কৃষি নিবাৰণ কৰিলে তাৰ ব্যবহাৰ হ্ৰাস হ’ব অথচ ৰাজস্বৰো বৃদ্ধি হ’ব, এই ভাবি ১৮৬০ সনত কানীৰ ক্ষেতি নিষেধ কৰা হ’ল। গবৰ্ণমেণ্টৰ পৰা যি আফিঙ্গ বিক্ৰয় হ’ব সিয়েই দেশত ব্যবহাৰ হ’বৰ আজ্ঞা প্ৰচাৰ কৰিলে। এই আজ্ঞাৰ পৰা এনে আশা কৰা গইছে যে এই কুব্যবহাৰ ক্ৰমে হ্ৰাস হ’ব। এই সনত দেওৱানী বিচাৰ কাৰ্য্যৰ নিমিত্তে ১৮৫৯ সনৰ ৮ আইন ই দেশত প্ৰচলিত হয়। তাৰ দ্বাৰা আসাম কায়দা বন্দীৰ সেই বিষয়ৰ নিয়মবিলাক অপ্ৰচলিত হ’ল। {{gap}}ইংৰাজী ১৮৬১ সনৰ ফেব্ৰুয়াৰীত এই দেশৰ কমিশ্যনৰ কৰ্ণেল জেন্‌কিনস্ সাহাব নিজ পদৰ পৰা অবসৃত হোৱাত কাপ্তান হপ্কিন্‌সন সাহাব সি পদত নিযুক্ত হ’ল। জেন্‌কিন্‌স সাহাব অতি দয়ালু, পৰোপকাৰী আৰু বিদ্যোৎসাহী আছিল। এই দেশীয় আসামৰ সাধাৰণ সকলোৰেই এওঁৰ প্ৰীতিভাজন আছিল ৷ তেওঁৰ সময়তে এই দেশৰ উন্নতিৰ বিষয়ে বহু পথ উলিওৱা হয়। এওঁ এই দেশক ইমান স্নেহ কৰিছিল যে কাৰ্য্যৰ পৰা অবসৃত হইও ইয়াতে থাকিল <ref> ১৮৬৬ সনৰ আগষ্ট মাহত জেন্‌কিন্‌স্‌ সাহাবৰ গুৱাহাটীতে মৃত্যু হয় </ref> কানীৰ ক্ষেতি নিষেধ কৰাত অসম দেশৰ লোক সকলে ভাল নাপালে। কিয়নো ইয়াৰ পৰা অলপ ব্যয়তে কানী পোৱাটো টান হ’ল। ১৮৬০ সনত ইন্‌কম্টাক্‌সৰ আইন প্ৰচলিত হোৱাত লোকসকলৰ উৎপন্নৰ অনুসন্ধান কৰিব ধৰিলে। নগাঁওৰ ঢেকেৰী অঞ্চলৰ প্ৰজাবিলাকে ইয়াতে অসন্তোষ পাই জিলাধিকাৰত জনালে। কিন্তু তেওঁৰ পৰা কোনো<noinclude>{{Rule|}}</noinclude> tnx5lgibj2rrx6n1osu4ck9nrd4n512 পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭১ 104 67360 250829 250784 2026-05-24T16:58:43Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250829 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ত্ৰয়োদশ অধ্যায়|১৬৭}}</noinclude>সুখ দুঃখ বুঝিব পাৰিলে। ক্ৰমে বিদেশ সইতে গমনাগমনৰ সুবিধা হই অহাত বাণিজ্যৰ অনেক সহজ উপায় হবলৈ ধৰিলে আৰু তাৰ নিমিত্তে কৃষিৰ প্ৰতিও লোকৰ মন হ’ল। যি যি বস্তুৰ বেপাৰ বা কৃষি কম আছিল তাৰো উন্নতি হবলৈ ধৰিলে। দেশৰ অনেক ঠাইত বেপাৰৰ সুবিধা হ’ল। {{gap}}ইংৰাজী ১৮৪৯ সনত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল’ৰাৰ মিত্ৰ নামেৰে দুই খণ্ড পুস্তক অসমীয়া ভাষাত মুদ্ৰিত কৰে। সেই কাৰ্য্যত দেশীয় আৰু ইউৰোপীয় প্ৰায় সকলোৱেই সাহায্য প্ৰদান কৰে। {{gap}}এই দেশত কোম্পানীৰ অধীন হবৰ পৰা যেনেকৈ কাৰ্য্য চলিছে আৰু ই দেশীয় লোকৰ কি কি আবশ্যক আৰু কি উপায় কৰিলে উন্নতি হব পাৰে তাক দেখি অনুসন্ধান কৰি স্থানীয় গবৰ্ণমেণ্টক জনাবলৈ লৰ্ড ডালহাউসী সাহাবে সদৰ আদালতৰ বিজ্ঞবৰ জজ মিষ্টৰ মিলস সাহাবক পঠালে। তেওঁ ১৮৫২ সনত ই দেশৰ সমুদায় জিলা পৰিভ্ৰমণ কৰি গবৰ্ণমেণ্টলৈ এক ৰিপোৰ্ট কৰে। এইজনা সাহাব অহাৰ পৰা বিচাৰ কাৰ্য্যাদিৰ যিবিলাক অনিয়ম আছিল, সি গুছিবলৈ ধৰিলে। আৰু গবৰ্ণমেণ্ট ই দেশৰ বিষয়ে অনেক কথা জানিলে। খাশীয়া আৰু জয়ন্তা প্ৰদেশ ইংৰাজী ১৮৫৪ সনত ঢাকাৰ কমিশ্যনৰৰ হাতৰ পৰা অসম দেশৰ কমিশ্যনৰ সাহাবৰ অধীন কৰা হ’ল। এবং সি এখন স্বতন্ত্ৰ জিলাৰূপে পৰিগণিত হ’ল। ইয়াৰ পাছত কেবছৰমান আৰু কোন বিশেষ ঘটনা হোৱা নাছিল। ইংৰাজী ১৮৫৭ সনত যেতিয়া ভাৰতবৰ্ষত সিপাহী বিদ্ৰোহ হয় তেতিয়া অসম দেশৰ উজনি খণ্ডতো সেই বিদ্ৰোহৰ কোন কাৰ্য্য হোৱাত পুৰন্দৰ ৰজাৰ নাতি কন্দৰ্পেশ্বৰ সিংহক ইয়াৰ পৰা কলিকাতালৈ পঠিওৱা হয়। নিয়মমতে বিচাৰ কৰাত কেজনমান লোকৰ ওপৰত দোষ সাব্যস্ত হোৱাত দুজনৰ প্ৰাণদণ্ড আৰু কেজনমানৰ অন্য প্ৰকাৰৰ দণ্ড হ’ল। এই বিদ্ৰোহৰ বিষয়ে অনেক লোকে পেটে কিছু সংশয় কৰিলেও যেতিয়া নিয়মানুসাৰে বিচাৰত দোষ সাব্যস্ত হ’ল তেতিয়া ইয়াত সংশয়ৰ কোন কাৰণ নাই। ইংৰাজী ১৮৫৮ সনৰ নবেম্বৰত ভাৰতবৰ্ষৰ শাসন ভাৰ শ্ৰীশ্ৰীমতী মহাৰাণীয়ে কোম্পানীৰ হাতৰ পৰা আপোনাৰ হাতলৈ<noinclude></noinclude> 0s7scdi4oil7i109mkcyl3wruluukxu পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭০ 104 67361 250828 250783 2026-05-24T16:56:28Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250828 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৬৬|আসাম বুৰঞ্জী|}}</noinclude>আৰু ফৌজদাৰী কাৰ্য্যৰ পৰা অপসৃত হ’ল। কমিশ্যনৰ সাহাবে দেশৰ উন্নতিৰ প্ৰতি বড় যত্ন আৰু মনোযোগ কৰিছিল। তেওঁ বিদ্যা শিক্ষাৰ প্ৰতি বড়কৈ উৎসাহ দিছিল। নিজ ব্যয়েৰে অনেক ছাত্ৰক বিদ্যাশিক্ষা কৰোৱাইছিল। অসম দেশৰ সমীপৰ পৰ্ব্বতবিলাকত নগা, খামতী, চিংফৌ মিসমী, গাড়ো, খাশীয়া প্ৰভৃতি যিবিলাক পৰ্ব্বতীয়া জাতি বাস কৰে, সিবিলাকে সময়ে সময়ে প্ৰজাৰ প্ৰতি উপদ্ৰব কৰি থকাত সময়ে সময়ে সিবিলাকৰ অত্যাচাৰ নিবাৰণ কৰা হইছিল আৰু যুদ্ধ যাত্ৰাও মাঝে মাঝে হইছিল। পৰিশেষত সিবিলাকে সইতে আমাৰ সীমা একেবাৰে পিয়লৰ দ্বাৰা নিৰ্দ্ধাৰ্য্য কৰা হ’ল। ১৮৩৮ সনত খ্ৰীষ্টিয়ান্ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ই দেশত আমেৰিকান ব্যাপটিস্ট মিশ্যনৰি সংপ্ৰদায় দ্বাৰা মিশ্যন সংস্থাপিত হয়। প্ৰথমে জয়পুৰত সেই মিশ্যনৰ প্ৰধান স্থান নিৰূপিত হয়। পিছে শিবসাগৰলৈ আহে। সেই মিশ্যনৰ পৰা ১৮৪৬ সনত অৰুণোদয় নামে এখন মাসিক সংবাদ পত্ৰ অসমীয়া ভাষাত প্ৰচাৰিত হই চলি আছে। ইয়াৰ দ্বাৰা দেশৰ শিক্ষাৰ প্ৰতি বিশেষ সাহায্য হইছে।<ref>এই সম্বাদপত্ৰ এতিয়া অপ্ৰচলিত হইছে।</ref> ইংৰাজী ১৮৪৩ সনত এটি আইন গবৰ্ণৰ জেনেৰেল কৰ্ত্তৃক সংস্থাপিত হয়। সি আইন অনুসাৰে কোনো মানুহে কাৰো প্ৰতি গোলাম বুলি সাধাৰণতকৈ অধিত স্বত্ব পাব নোৱাৰে। ই আইন প্ৰকাশিত হবৰ পাছত এই দেশত যিসকল লোকৰ গোলাম আছিল তাৰ প্ৰায় অধিকাংশেই মুক্তি লাভ কৰিলে। দেশীয় লোকসকলে ইয়াৰ দ্বাৰা বড় উপদ্ৰব হোৱা হেন অনুমান কৰিছিল আৰু এতিয়াও কৰে। কিন্তু ইয়াৰে দেশৰ উন্নতিৰ এটি সুন্দৰ উপায় হ’ল। এই বছৰতে “আসাম কোম্পানী” নামে প্ৰসিদ্ধ চাহৰ কোম্পানী সংস্থাপিত হয়। {{gap}}১৮৪৬ সনত প্ৰথমে এই দেশলৈ গবৰ্ণমেণ্টৰ এখানি ভাপৰ জাহাজ আহে। ই এটি বিশেষ ঘটনা বুলিব লাগে। কিয়নো তাৰে দেশৰ আধুনিক উন্নতিৰ বড় উপায় সংস্থাপিত হইছে। এই দেশত ব্ৰিটিশ পৰাক্ৰম ক্ৰমে অধিক আৰু দৃঢ় হোৱাত গবৰ্ণমেণ্ট অসমীয়া লোকসকলৰ<noinclude>{{Rule|}}</noinclude> p2c0t6nvc6pep4l4ya8jgkrrsasmlxh পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৯ 104 67362 250827 250782 2026-05-24T16:53:32Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250827 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||ত্ৰয়োদশ অধ্যায়|১৬৫}}</noinclude>প্ৰতি অত্যাচাৰ কৰাও প্ৰমাণ হোৱাত পুৰন্দৰ সিংহ ৰজাৰ হাতৰ পৰা উজনি খণ্ড কমিশ্যনৰ সাহাবৰ অধীনলৈ অনা হয় আৰু তাত শিবসাগৰ এবং লক্ষ্মীপুৰ ই দুই জিলা সংস্থাপিত হ’ল। {{gap}}চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মাসিক ৫০০ টাকা পেন্‌শ্যন্ পাই গুৱাহাটীতে আছিল। এই বছৰতে তেওঁ স্বৰ্গী হয়। এইজনা ৰজা অতি কোমল বয়সতে ৰাজ্য পোৱাৰ নিমিত্তে শাৰীৰিক অনিয়মৰ গতিকে মানসিক বড় দুৰ্ব্বল আছিল। এওঁৰ সাহস নীচেই নাছিল। আৰু লোকৰ গুণাগুণ ভালকৈ নাজানিছিল। এওঁৰ চকুলাজ বড় আছিল। এবং দমন শক্তি অতি কম। এই হেতুকেই দেশত বড় উপদ্ৰব হই পৰিশেষত ৰাজ্যচ্যুত হয়। {{gap}}পুৰন্দৰ সিংহ স্বৰ্গদেৱ দৃঢ়প্ৰতিজ্ঞ আৰু অৰ্থলোভী আছিল কিয়নো এওঁ সৰু কালত বিদেশত থকাত অনেক কষ্ট সহ্য কৰিছিল। পুৰন্দৰ সিংহ স্বৰ্গদেৱে ৰাজ্য ভ্ৰষ্ট হই যোৰহাট নগৰতে থাকিল। পেন্শ্যন্ গ্ৰহণ নকৰিলে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পুত্ৰ পৰিবাৰে গবৰ্ণমেণ্টৰ পৰা পেন্‌শ্যনকে লই প্ৰতিপালিত হই থাকিল। {{gap}}এই সনৰ পৰাই প্ৰকৃত প্ৰস্তাবে চুকাফা ৰজাৰ বংশৰ হাতৰ পৰা অসম দেশ একেবাৰে অন্যৰ হস্তগত হয় কিয়নো মানৰ ৰাজ্যাধিকাৰতো লোক দৰ্শকৰূপে এজনা ৰজা আছিল। চুকাফা ৰজা সৌমাৰ দেশলৈ অহাৰ পৰা এই পৰ্য্যন্তে ৬১০ বৎসৰ তেওঁৰ সন্তানসকলে ই দেশ শাসন কৰিছিল। চুকাফা ৰজাই প্ৰথমে এই দেশৰ সৌমাৰ অৰ্থাৎ উজনি খণ্ড অধিকাৰ কৰে আৰু পুৰন্দৰ ৰজাই সি সৌমাৰৰ পৰা ৰাজ্যভ্ৰষ্ট হয়। {{gap}}ব্ৰুস্ সাহাবে চাহ আবিষ্কাৰ কৰাৰ পাছত গবৰ্ণমেণ্টৰ পৰা উজনিৰ কেইবা ঠাইতো চাহ বাড়ী পতা হয়। ক্ৰমে ইয়াৰ কৃষিৰ বড় উন্নতি হ’ব ধৰিলে। কমিশ্যনৰ সাহাবৰ হাতত দেশৰ বিচাৰ আৰু শাসন সকলোৰে ভাৰ হোৱাত তেওঁ সুবিধা লগাই কৰ্ম্ম চলাব নোৱাৰাত ১৮২৯ সনত তেওঁৰ সাহায্যকাৰী এজনা কমিশ্যনৰ নিযুক্ত হ’ল। এওঁক তেতিয়া ডেপুটি কমিশ্যনৰ আৰু এতিয়া জুডিশিয়েল কমিশ্যনৰ বা জজ বোলে। এইজনা বিচাৰক নিযুক্ত হবৰ পৰা কমিশ্যনৰ সাহাব দেওৱানী<noinclude></noinclude> 8b87qmbk0n5bdh79oxt46b4cw552b9m পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৮ 104 67363 250826 250781 2026-05-24T16:50:58Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 250826 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৬৪|আসাম বুৰঞ্জী|}}</noinclude>পৰা শেষ আজ্ঞা নহালৈকে অৰ্দ্ধ কৰত ভূমি বন্দোবস্ত কৰা হ’ল। দেশীয় পঞ্চায়তৰ সাহায্য ইয়াত গ্ৰহণ কৰা হইছিল। {{gap}}এই দেশ পূৰ্ব্বে একেবাৰে ভাৰতবৰ্ষীয় গবৰ্ণমেণ্টৰ অধীন আছিল। কমিশ্যনৰ সাহাব দেশাধিপতি আৰু অতি উচ্চ বিচাৰক আছিল। ১৮৩৫ সনৰ ২ আইন অনুসাৰে এই দেশ সদৰ বোৰ্ড ৰেৱনিউ আৰু সদৰ আদালতৰ অধীন কৰা হ’ল। লৰ্ড উইলিয়ম্ বেন্টিঙ্ক গবৰ্ণৰ জেনেৰেলৰ দেশীয় বিচাৰক নিয়োজনৰ নিয়ম অনুসাৰে ই দেশতো মুন্‌সেফ সদৰামীন পতা হ’ল। ইংৰাজী ১৮২৬ সনত জয়ন্তাৰ ৰজাই সইতে গবৰ্ণমেণ্ট এক সন্ধি পত্ৰ কৰে, তাৰ পৰা ৰজাই কোম্পানীৰ অধীনে দেশ শাসন কৰে। কিন্তু ১৮৩৫ সনত সি ৰজাক মাসিক ৫০০ টাকা পেন্‌শ্যন্ দিয়া হল আৰু জয়ন্তা প্ৰদেশ গবৰ্ণমেণ্টৰ নিজ অধিকাৰলৈ আনিলে। এইবিলাক ঘটনা দ্বাৰা স্পষ্ট বোধ হয় যে প্ৰায় একে সময়তে ই দেশ আৰু তাৰ সমীপবৰ্ত্তী দেশবিলাকৰ পূৰ্ব্বৰ ৰজা ৰাজ্য ভ্ৰষ্ট হয়। এই সনত গুৱাহাটী ৰাজধানীত এটি ইংৰাজী বিদ্যালয় দেশীয় ও ইউৰোপীয় ভদ্ৰলোকসকল আৰু গবৰ্ণমেণ্টৰ সাহায্যত সংস্থাপিত হয়। দেশৰ স্থানে স্থানে পাঠশালাও পতা হয়। ১৮৩৬ সনলৈকে দেশীয় আদালতবিলাকত দেশীয় ভাষাৰে কাৰ্য্য কৰ্ম্ম হইছিল কিন্তু পাছে ই দেশৰ ভাষা যে বাঙ্গালা ভাষা এনেটো ঠাৱৰ হোৱাত পাঠশালা আৰু বিচাৰালয়ত বাঙ্গালা ভাষা চলিবৰ নিয়ম হ’ল। এই দেশৰ বিচাৰ প্ৰণালীৰ নিমিত্তে কোনো আইন বা নিয়ম নথকাত ৰবৰ্টসন্ কমিশ্যনৰ সাহাবৰ দ্বাৰা অনুমোদিত এক নিয়মাবলী সদৰ আদালতৰ দ্বাৰা নিৰ্দ্ধাৰিত হোৱাত সেই নিয়মাবলী ১৮৩৭ সনত প্ৰচাৰিত হ’ল। ইয়াক “আসাম কায়দাবন্দী” বোলে। সেই অনুসাৰে প্ৰায় ১৮৬০ সনলৈকে ই দেশৰ বিচাৰ হইছিল। ১৮৩৮ সনত দেখা গ’ল যে পুৰন্দৰ সিংহ ৰজাই নিৰ্দ্ধাৰিত লালবন্দী দিবলৈ অক্ষম পাছে তেওঁৰ কাৰ্য্য প্ৰণালী আৰু দেশৰ অবস্থা অনুসন্ধান কৰাত ইয়াকেহে নিশ্চয়ৰূপে জনা গ’ল যে ৰজাদেৱে ৰাজ্য প্ৰতিপালন কৰিবৰ অসমৰ্থ। তেওঁৰ অধীনৰ কৰ্ম্মচাৰী আৰু তেওঁ প্ৰজাৰ সুখ দুঃখলৈ দৃষ্টি নাৰাখি কেবল অৰ্থ উপাৰ্জ্জনৰ প্ৰতিহে দৃষ্টি ৰাখিছিল। বিশেষ দেশৰ অনেক লোকৰ<noinclude></noinclude> 3792u69rqcrsm3k1in9uepflgby2dm3 ৱিকিউৎস:GLAM/GLAM Project with Saurabh Kumar Chaliha Fan Society/Presentation 4 91506 250846 249105 2026-05-25T02:39:27Z JyotiPN 1603 250846 wikitext text/x-wiki <div id="pageContainer" style="margin-left:0%; margin-right:0%; text-align:justify;"><div style="width: 100%; display: flex; justify-content: space-between; gap: 20px; padding-top: 20px;"> <!-- Left Box --> <div style="font-family: 'Helvetica Neue', 'Mukta', 'Arial', sans-serif; width: 46%; padding: 15px; background: white; border-radius: 12px; box-shadow: 0 5px 15px rgba(0,0,0,0.08);"> <div style="border-top: 5px solid #baba02; margin-bottom: 5px;"></div> <div style="border-top: 5px solid #baba02; margin-bottom: 10px;"></div> <div style="border-bottom: 2px solid #2a4b8d; padding-bottom: 10px; display: flex; align-items: center;"> [[File:Flecha horizontal derecha azul.png|30px|alt=Arrow icon|link=]]&nbsp;&nbsp;&nbsp;<span style="color: #2a4b8d; font-size: 1.4em;">ভূমিকা</span></div> <div style="color: #333; text-align: justify; padding: 0 15px;"> '''[[w:সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ|সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ ]]''' বা '''Saurabh Kumar Chaliha Fan Society''' হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ [[লেখক:সৌৰভ কুমাৰ চলিহা|সৌৰভ কুমাৰ চলিহা]] আৰু তেওঁ সৃষ্টিকৰ্মক উদ্‌যাপনৰ হেতু চলিহাৰ কিছু অনুৰাগীৰে গঠিত এই অনুষ্ঠানটোৱে ইতিমধ্যে সচেতন পঢ়ুৱৈ [[File:Assamese Wikimedia Community logo.svg|left|80px]] তথা নতুন প্ৰজন্মৰ চলিহা অনুৰাগীৰ মাজত গুৰুত্ব লাভ কৰিবলৈ সমৰ্থ হৈছে। আলতাফ মজিদ, দেৱব্ৰত দাস, নজৰুল হক, অপূৰ্ব শৰ্মা, কুশল দত্তকে ধৰি অসমৰ ভালেকেইগৰাকী খ্যাতিসম্পন্ন লেখক-সমালোচক, কবি-গল্পকাৰ প্ৰত্যক্ষভাৱে এই সমাজৰ সদস্য ৰূপে ইয়াৰ সৈতে জড়িত হৈ আছে। অনুৰাগী সমাজৰ মূল উদ্দেশ্যে হৈছে চলিহাৰ চিন্তা-চেতনা আৰু সৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰ কৰা। কেৱল অসমতে আৱদ্ধ নাৰাখি বহল পৰিসৰত চলিহাৰ সৃষ্টিৰাজিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে অনুৰাগী সমাজে ইতিমধ্যে চলিহাৰ গল্পসমূহ ইংৰাজী, হিন্দী আৰু বঙালী ভাষালৈ অনুবাদৰ উদ্যোগ লৈছে। এই গ্লেম প্ৰকল্পৰ জৰিয়তে সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজে এই অনৱদ্য লেখকগৰাকীৰ কিতাপ ৱিকিমিডিয়া কমন্সলৈ দান কৰিছে। ভৱিষ্যতে চলিহা অনুৰাগী কোনো ভৱিষ্যত প্ৰজন্মৰ লেখক/ অনুবাদক/ গৱেষক/ সমালোচকৰ বাবে তেওঁৰ সৃষ্টিৰাজী সুলভ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। </div> </div> <!-- Right Box --> <div style="font-family: 'Helvetica Neue', 'Mukta', 'Arial', sans-serif; width: 46%; padding: 15px; background: white; border-radius: 12px; box-shadow: 0 5px 15px rgba(0,0,0,0.08);"> <div style="border-top: 5px solid #baba02; margin-bottom: 5px;"></div> <div style="border-top: 5px solid #baba02; margin-bottom: 10px;"></div> <div style="border-bottom: 2px solid #2a4b8d; padding-bottom: 10px; display: flex; align-items: center;"> [[File:Flecha horizontal derecha azul.png|30px|alt=Arrow icon|link=]]&nbsp;&nbsp;&nbsp;<span style="color: #2a4b8d; font-size: 1.4em;">কেনেকৈ সহায় কৰিব?</span></div> <div style="color: #333; text-align: justify; padding: 0 15px;"> <p>'''ৱিকিপিডিয়াত:''' * এই প্ৰকল্পৰ বিষয়ে প্ৰবন্ধ সৃষ্টি বা সমৃদ্ধ কৰক। * এই প্ৰকল্পত আপলোড কৰা ছবি উপযুক্ত প্ৰবন্ধত যোগ কৰক। </p><p> '''ৱিকিমিডিয়া কমন্সত: ''' * এই প্ৰকল্পত আপলোড কৰা ফাইলসমূহ সঠিকভাৱে শ্ৰেণীভুক্ত কৰক। </p><p> '''ৱিকিউৎসত:''' * এই প্ৰকল্পত আপলোড কৰা গ্ৰন্থসমূহৰ মুদ্ৰণ সংশোধন কৰক। * মুদ্ৰণ সংশোধন হোৱাৰ পাছত বৈধকৰণ কৰক। </p><p> '''ৱিকিতথ্যত:''' * এই প্ৰকল্পৰ সৈতে জড়িত তথ্যৰ তথ্যকোষ সৃষ্টি আৰু সমৃদ্ধ কৰক। </p> </div> </div> </div> </div> [[শ্ৰেণী:GLAM]] 1dtl6xpbriqiorq29enekworwc0i2vt ৱিকিউৎস:GLAM/GLAM Project with Saurabh Kumar Chaliha Fan Society/সময়ক্ৰম 4 91508 250847 249102 2026-05-25T02:48:08Z JyotiPN 1603 250847 wikitext text/x-wiki * [[w:সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ| সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ]] সম্পাদক [[লেখক:মহেশ ডেকা|মহেশ ডেকাই]] ৱিকিমিডিয়া সমাজৰ সেচ্ছাসেৱী [[m:JyotiPN|প্ৰাণজ্যোতি নাথক]] এই সৃষ্টিকৰ্ম দান কৰে। পৰৱৰ্তী সময়ত ৱিকিমিডিয়া কমন্সৰপৰা লাভ কৰা অনুমতি ক্ৰমে ইয়াক অসমীয়া ৱিকিউৎসলৈ আনি ইউনিকোড ৰূপ দিয়া হয়। [[শ্ৰেণী:GLAM]] hm0cqhe407mw6ypu28rmxmln7frkgje