ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.14
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সূচী:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf
106
74670
257039
206066
2026-08-09T12:39:18Z
BabulB
104
257039
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল
|Language=as
|Volume=
|Edition=
|Author=অজ্ঞাত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=ভাৰতৰ বিপ্লৱী সাম্যবাদী দল
|Address=কলিকতা
|Year=1949
|Key=
|ISBN=
|DLI=
|IA=id4481-domdombohirhatorghotonarpisatbharatarbiplobisamyabadidol-unknown-article
|NLI=
|Source=pdf
|Image=1
|Progress=C
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="1"/>
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer=
}}
96vhxxd7kcnsyjs9iiij4468gmizqfk
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২০
104
74695
257034
233788
2026-08-09T12:06:38Z
BabulB
104
257034
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh||[১৮]|}}</noinclude>লগে লগে সিহতে আকৌ সেই আগবঢ়া দেশ বোৰৰ শিল্প সাহায্যৰ পাবৰ
কাৰণেও চেষ্টা কৰিব লাগিব কিয়নো বিচ্ছিন্নহৈ পৃথকভাবে আস্তে আস্তে
নিজৰ শক্তিত নিজে আগবঢ়াৰ কাৰণে যি সময় আৰু অন্যান্য অনুকুল
অৱস্থাৰ প্ৰয়োজন সেইটো সিহতৰ পক্ষে আজিৰ এই সংগ্ৰামৰত অৱস্থাত
পোৱা টান। এই কাৰণে এই সমস্ত পূৰ্ব্ব এচিয়াৰ বিপ্লৱী শক্তি বিলাকে
ধনতান্ত্ৰিক ইয়োৰোপ আৰু আমেৰিকাক বৰ্জ্জন বা এৰি গলে নহব—
ইয়োৰোপ আৰু আমেৰিকাৰ সাম্ৰাজ্যবাদী সকলক পৰাজিত কৰি পৃথিবীৰ
ওপৰৰ পৰা ধনতন্ত্ৰ আৰু সাম্ৰাজ্যবাদক মচি পেলাই দিব লাগিব আৰু
ইয়াৰ কাৰণে সংগ্ৰাম চলাই যাবই লাগিব। তাৰ মনে এইটো নহয় যে
পূৰ্ব্ব এচিয়াৰ বিপ্লৱী ফৌজ বোৰে ইয়োৰোপ বা আমেৰিকালৈ গৈ যুজিব
লাগিব—সিহতক মাতিও আনিব নালাগে—সিহতে নিজে নিজেই আগুৱাই
অহিবলৈ বাধ্য। এই চৰম সংগ্ৰাম আজি আৰম্ভ হৈয়ে গৈছে। এই
পৰিপ্ৰেক্ষিত চাবলৈ গলে সমস্ত পৃথিবীতে আজি যি সংগ্ৰাম চলিছে সেইখন
এখনেই যুজ, এখন মহাদেশ—বিপ্লৱী সাম্যবাদী পৃথিবীকলৈ এখন মহাদেশ
ৰচনা হবলৈ ধৰিছে।
{{gap}}যেনেকৈ দেশো এখন তেনেকৈ আজি যুজো এখনেই — প্ৰতিক্ৰিয়া আৰু
বিপ্লৱ উভয়েই আজি আন্তৰ্জাতিক। ব্ৰহ্মদেশৰ বিপ্লৱী সকলে আজি যি
সংগ্ৰাম আৰম্ভ কৰিছে; সিয়ো আজি বিশ্ববিপ্লৱ আৰু তাৰেই ফলাফল নিৰ্ভৰ
কৰিছে বৰ্ম্মাৰ আভ্যন্তৰিক শক্তিৰ ওপৰতে নহয়—পৃথিবীৰ দুটা বিৰুদ্ধ শক্তিৰ
পৰীক্ষা চলিছে ক্ষুদ্ৰ বৰ্ম্মাৰ উপৰেদিও। বৰ্ম্মাৰ বিপ্লৱী সকলে আজি ইংৰাজ
সাম্ৰাজ্যবাদী, ভাৰতীয় সাম্ৰাজ্যবাদী, পাকিস্তানী সাম্ৰাজ্যবাদী, আৰু পৃথিবীৰ
সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে যুদ্ধলিপ্ত—এই কাৰণে তেওঁলোকৰ জয়ে পৃথিবী ব্যাপী
সাম্ৰাজ্যবাদী সকলৰ পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰে। এই অৰ্থত তেওঁলোকৰ
সংগ্ৰাম হৈছে আমাৰেই সংগ্ৰাম—তেওঁলোক জয়ে আমাৰেই জয়; তেওঁলোকৰ
পৰাজয় মানে আমাৰেই পৰাজয়। এই সংগ্ৰামলৈ আমিও যিমান সোন-<noinclude></noinclude>
hpcgg7ehc88jwtnmmi5p69oajsh2mfb
257036
257034
2026-08-09T12:09:02Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257036
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||[১৮]|}}</noinclude>লগে লগে সিহতে আকৌ সেই আগবঢ়া দেশ বোৰৰ শিল্প সাহায্যৰ পাবৰ কাৰণেও চেষ্টা কৰিব লাগিব কিয়নো বিচ্ছিন্নহৈ পৃথকভাবে আস্তে আস্তে নিজৰ শক্তিত নিজে আগবঢ়াৰ কাৰণে যি সময় আৰু অন্যান্য অনুকুল অৱস্থাৰ প্ৰয়োজন সেইটো সিহতৰ পক্ষে আজিৰ এই সংগ্ৰামৰত অৱস্থাত পোৱা টান। এই কাৰণে এই সমস্ত পূৰ্ব্ব এচিয়াৰ বিপ্লৱী শক্তি বিলাকে ধনতান্ত্ৰিক ইয়োৰোপ আৰু আমেৰিকাক বৰ্জ্জন বা এৰি গলে নহব—ইয়োৰোপ আৰু আমেৰিকাৰ সাম্ৰাজ্যবাদী সকলক পৰাজিত কৰি পৃথিবীৰ ওপৰৰ পৰা ধনতন্ত্ৰ আৰু সাম্ৰাজ্যবাদক মচি পেলাই দিব লাগিব আৰু ইয়াৰ কাৰণে সংগ্ৰাম চলাই যাবই লাগিব। তাৰ মনে এইটো নহয় যে পূৰ্ব্ব এচিয়াৰ বিপ্লৱী ফৌজ বোৰে ইয়োৰোপ বা আমেৰিকালৈ গৈ যুজিব লাগিব—সিহতক মাতিও আনিব নালাগে—সিহতে নিজে নিজেই আগুৱাই অহিবলৈ বাধ্য। এই চৰম সংগ্ৰাম আজি আৰম্ভ হৈয়ে গৈছে। এই পৰিপ্ৰেক্ষিত চাবলৈ গলে সমস্ত পৃথিবীতে আজি যি সংগ্ৰাম চলিছে সেইখন এখনেই যুজ, এখন মহাদেশ—বিপ্লৱী সাম্যবাদী পৃথিবীকলৈ এখন মহাদেশ ৰচনা হবলৈ ধৰিছে।
{{gap}}যেনেকৈ দেশো এখন তেনেকৈ আজি যুজো এখনেই — প্ৰতিক্ৰিয়া আৰু বিপ্লৱ উভয়েই আজি আন্তৰ্জাতিক। ব্ৰহ্মদেশৰ বিপ্লৱী সকলে আজি যি সংগ্ৰাম আৰম্ভ কৰিছে; সিয়ো আজি বিশ্ববিপ্লৱ আৰু তাৰেই ফলাফল নিৰ্ভৰ কৰিছে বৰ্ম্মাৰ আভ্যন্তৰিক শক্তিৰ ওপৰতে নহয়—পৃথিবীৰ দুটা বিৰুদ্ধ শক্তিৰ পৰীক্ষা চলিছে ক্ষুদ্ৰ বৰ্ম্মাৰ উপৰেদিও। বৰ্ম্মাৰ বিপ্লৱী সকলে আজি ইংৰাজ সাম্ৰাজ্যবাদী, ভাৰতীয় সাম্ৰাজ্যবাদী, পাকিস্তানী সাম্ৰাজ্যবাদী, আৰু পৃথিবীৰ সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে যুদ্ধলিপ্ত—এই কাৰণে তেওঁলোকৰ জয়ে পৃথিবী ব্যাপী সাম্ৰাজ্যবাদী সকলৰ পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰে। এই অৰ্থত তেওঁলোকৰ সংগ্ৰাম হৈছে আমাৰেই সংগ্ৰাম—তেওঁলোক জয়ে আমাৰেই জয়; তেওঁলোকৰ পৰাজয় মানে আমাৰেই পৰাজয়। এই সংগ্ৰামলৈ আমিও যিমান {{hws|সোন|সোনকালে}}<noinclude></noinclude>
owcrpdkvv2g0pww8n5l9fss53e0znwz
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২১
104
74696
257035
233789
2026-08-09T12:07:12Z
BabulB
104
257035
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh||[১৯]|}}</noinclude>{{hwe|কালে|সোনকালে}} পাবে৷ আগুৱাই যাব লাগিব আৰু যুক্ত সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে
যুক্ত বিপ্লৱী শক্তিৰ যুদ্ধক জয়যুক্ত কৰিব লাগিব। মুঠ কথা আমাৰ বিপ্লৱক
বিশ্ব বিপ্লৱৰ লগত চামিল কৰিব লাগিব—আমাৰ ৰণক্ষেত্ৰ আৰু সকলোৰে
ৰণক্ষেত্ৰ যে এখনেই এই কথা বুজিবলৈ দেৰি কৰিলে নহব।
যত বিশ্ব ৰাষ্ট্ৰ, বিশ্ব সমাজ গঠনৰ প্ৰয়োজন তাত আজি যে পূৰ্ব্ব এচিয়াৰ
বিপ্লৱী সকলৰো দেখিছো নতুন নতুন ৰাষ্ট্ৰ আৰু স্বাধীন দেশ গঠন কৰাৰ
প্ৰচেষ্টা— ইয়াৰ অৰ্থ কি? উদ্দেশ্য যেতিয়া এখন মাত্ৰ দেশ গঠন কৰা তেতিয়া
ইমানবোৰ স্বাধীন দেশ গঠন কৰিবলৈ আগ্ৰহেই বা সাম্যবাদী সকলৰ মাজত
কেনেকৈ প্ৰবল হল? এক ব্ৰহ্মদেশতেই চাৰি খন ৰাষ্ট্ৰ গঠন কৰাৰ চেষ্টা
চলিছে! আচলতে এই বোৰ ৰাষ্ট্ৰ বা দেশ নহয়—এই বোৰ হৈছে সংগ্ৰামৰ
'বেচ' Base বা সংগ্ৰাম কৰিবলৈ কিছুমান ভিত্তি ভূমি মাত্ৰ; যত ঠিয় হৈ যুজ
কৰা সহজ আৰু আজিৰ দিনৰ কাৰনে অপৰিহাৰ্য্য আৰু অনিবাৰ্য্য। দেশ বা
ৰাষ্ট্ৰ আজি এখনেই হব সেই খন হল বিশ্ব ৰাষ্ট্ৰ আৰু এনেকি চীন আৰু কচৰ
ৰাষ্ট্ৰও বিশ্ব বিপ্লৱৰ সংগ্ৰাম ভূমি বা Base মাথোন। অদূৰ ভবিষ্যতত
বিপ্লৱোত্তৰ পৃথিবীত এই বোৰ ৰাষ্ট্ৰৰ সীমা আৰু চেহেৰাৰ সম্পূৰ্ণ ৰূপান্তৰ
ঘটিবলৈ বাধ্য কেৱল মাত্ৰ আত্মৰক্ষা আৰু আক্ৰমণৰ প্ৰযোজনতেই এই বোৰ
ৰাষ্ট্ৰ স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাবে সাময়িক ভাবে থাকিব লগাত পৰিছে—কিন্তু বিপ্লৱোত্তৰ
পৃথিৱীত আত্মৰক্ষা আৰু আক্ৰমণৰ প্ৰয়োজন যেতিয়া শেষ হৈ যাব তেতিয়া
সমগ্ৰ পৃথিৱীক লৈ যি পুনৰ্গঠনৰ পৰিকল্পনা কৰিব লাগিব তাত এই বোৰ ৰাষ্ট্ৰ-
নালাৰ কোনো প্ৰয়োজন নথাকিব; অলাগতীয়াল হিচাৱে তাক পেলাই দিব,
বন্ধন হিচাৰে তাক চিঙি পেলাই দিব। সমস্ত পৃথিবীকলৈ এটা মাত্ৰ পঞ্চ বাৰ্ষিকী
প্ল্যান কাৰ্য্য কৰি কৰিব পাৰিলেই পৃথিবীৰ আৰু মানুহৰ চেহেৰা সম্পূৰ্ণৰূপে
বদলি যায়।<noinclude></noinclude>
ciz63ze8rmm35r9r446j5so8m3xaw51
257037
257035
2026-08-09T12:33:54Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257037
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||[১৯]|}}</noinclude>{{hwe|কালে|সোনকালে}} পাৰো আগুৱাই যাব লাগিব আৰু যুক্ত সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে যুক্ত বিপ্লৱী শক্তিৰ যুদ্ধক জয়যুক্ত কৰিব লাগিব। মুঠ কথা আমাৰ বিপ্লৱক বিশ্ব বিপ্লৱৰ লগত চামিল কৰিব লাগিব—আমাৰ ৰণক্ষেত্ৰ আৰু সকলোৰে ৰণক্ষেত্ৰ যে এখনেই এই কথা বুজিবলৈ দেৰি কৰিলে নহব।
{{gap}}যত বিশ্ব ৰাষ্ট্ৰ, বিশ্ব সমাজ গঠনৰ প্ৰয়োজন তাত আজি যে পূৰ্ব্ব এচিয়াৰ বিপ্লৱী সকলৰো দেখিছো নতুন নতুন ৰাষ্ট্ৰ আৰু স্বাধীন দেশ গঠন কৰাৰ প্ৰচেষ্টা— ইয়াৰ অৰ্থ কি? উদ্দেশ্য যেতিয়া এখন মাত্ৰ দেশ গঠন কৰা তেতিয়া ইমানবোৰ স্বাধীন দেশ গঠন কৰিবলৈ আগ্ৰহেই বা সাম্যবাদী সকলৰ মাজত কেনেকৈ প্ৰবল হল? এক ব্ৰহ্মদেশতেই চাৰি খন ৰাষ্ট্ৰ গঠন কৰাৰ চেষ্টা চলিছে! আচলতে এই বোৰ ৰাষ্ট্ৰ বা দেশ নহয়—এই বোৰ হৈছে সংগ্ৰামৰ 'বেচ' Base বা সংগ্ৰাম কৰিবলৈ কিছুমান ভিত্তি ভূমি মাত্ৰ; যত ঠিয় হৈ যুজ কৰা সহজ আৰু আজিৰ দিনৰ কাৰনে অপৰিহাৰ্য্য আৰু অনিবাৰ্য্য। দেশ বা ৰাষ্ট্ৰ আজি এখনেই হব সেই খন হল বিশ্ব ৰাষ্ট্ৰ আৰু এনেকি চীন আৰু কচৰ ৰাষ্ট্ৰও বিশ্ব বিপ্লৱৰ সংগ্ৰাম ভূমি বা Base মাথোন। অদূৰ ভবিষ্যতত বিপ্লৱোত্তৰ পৃথিবীত এই বোৰ ৰাষ্ট্ৰৰ সীমা আৰু চেহেৰাৰ সম্পূৰ্ণ ৰূপান্তৰ ঘটিবলৈ বাধ্য কেৱল মাত্ৰ আত্মৰক্ষা আৰু আক্ৰমণৰ প্ৰযোজনতেই এই বোৰ ৰাষ্ট্ৰ স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাবে সাময়িক ভাবে থাকিব লগাত পৰিছে—কিন্তু বিপ্লৱোত্তৰ পৃথিৱীত আত্মৰক্ষা আৰু আক্ৰমণৰ প্ৰয়োজন যেতিয়া শেষ হৈ যাব তেতিয়া সমগ্ৰ পৃথিৱীক লৈ যি পুনৰ্গঠনৰ পৰিকল্পনা কৰিব লাগিব তাত এই বোৰ ৰাষ্ট্ৰমালাৰ কোনো প্ৰয়োজন নথাকিব; অলাগতীয়াল হিচাৱে তাক পেলাই দিব, বন্ধন হিচাবে তাক চিঙি পেলাই দিব। সমস্ত পৃথিবীকলৈ এটা মাত্ৰ পঞ্চ বাৰ্ষিকী প্ল্যান কাৰ্য্য কৰি কৰিব পাৰিলেই পৃথিবীৰ আৰু মানুহৰ চেহেৰা সম্পূৰ্ণৰূপে বদলি যাব।
{{Dhr|1em}}
{{Rule|3em}}
{{nop}}<noinclude></noinclude>
37dalo0sqqqemlwtp8d4dlo1jytkpu1
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২২
104
74697
257038
233790
2026-08-09T12:37:08Z
BabulB
104
257038
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh||[২০]|}}</noinclude>{{center|{{larger|—তিনি—}}}}
{{gap}}শত্ৰুৰ বিৰুদ্ধে এই শেষ সংগ্ৰামত পৃথিবীৰ বিপ্লৱী শক্তি বিলাকে নিজৰ নিজৰ
শিবিৰতে৷ নানা কঠিন সমস্যাৰ লগত অন্তষু দ্ধ কৰিব লগা হৈছে। বহু ৰকমৰ
সুবিধা, ভয়, সঙ্কোচ, কুসংস্কাৰ আজিও বিপ্লৱী সকল শিবিৰত আছে—সংঘাত
মাজেদি এই বোৰ আবৰ্দ্ধনা ক্ৰমশঃ দূৰ হৈ গৈছে যদিও কিন্তু এই নিস্কাষণ
আৰু সংশোধনৰ কামটো কঠিন পীড়াদায়ক আক কষ্ট সাধ্য হৈছে
নেতৃত্ব, কৰ্মপন্থা, কাৰ্যক্ৰম, বীতি নীতি, স্থান আৰু কাল ইত্যাদি যাবতীয়
বিষয়ে বিপ্লৱী শিক্ষিত নানা ৰকমৰ সুবিধাবাদী প্ৰভাবে আগুৰি আছিল—
কিন্তু সাক্ষাৎ এই সংগ্ৰামৰ সময়ত এই বোৰে আজি কম বাধা দিয়া নাই—আৰু
অত্যন্ত কঠিন বেদনাদায়ক সঙ্কটৰ মাজেদি আকৌ পূৰ্ণ বৈপ্লৱিক চিন্তা ধাৰা আ
নতুন নেতৃত্ব প্ৰতিষ্ঠিত হব ধাৰিছে।
{{gap}}প্ৰথমতঃ দ্বিতীয় মহাযুদ্ধৰ পিচত দেশে দেশে যি বৈপ্লৱিক বিদ্ৰোহ চাৰিও
পিনৰ পৰা দেখা দিছে; তাক প্ৰথমে বিপ্লৱ বুলি স্বীকাৰ কৰিবলৈ আৰু তাক
স্বেচ্ছায় বিশ্ব বিপ্লৱৰ দিনত সজ্ঞানে আগুৱাই নিবলৈ বৰ সঙ্কোচ কৰিছিল—
নেতৃত্ব আৰু অধিষ্ঠিত দল বোবে। কিন্তু ইতিহাসৰ ৰূঢ় আঘাতত এই টোপনি
যদিও ভাঙিব ধৰিছে— তথাপিও বিশ্ববিপ্লৱক কোন দেশৰ বিপ্লৱীসকলে কিমান
খিনি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে আজিও সেই কথা কোৱা টান। এচিয়াত যি
চেতনা বহু বেচি প্ৰখৰ আৰু তীব্ৰ হৈছে—কিন্তু ইয়োৰোপত আজি সেই
বৈপ্লৱিক প্ৰভিজ্ঞা দেখা দিছে বুলি মনত নধৰে—আজিও সেই ঠাইৰ সাম্যবাদী
সকলে নিয়মতান্ত্ৰিকতাৰ মোহ এৰিব পৰা নাই আৰু বহু বাৰ বহু সুযোগ এনেয়ে
নষ্ট কৰিছে আৰু প্ৰতিক্ৰিয়াশীল শক্তিবোৰক সাজু হৈ লবৰ সুযোগ দিছে।
{{gap}}দ্বিতীয়তঃ ষ্টালিনৰ নেতৃত্বই কি বিচাৰে সেইটো আজিও স্পষ্ট নহয়
পৃথিবীব্যাপী কমিউনিষ্ট পাৰ্টি বোৰৰ নেতা হিচাবে কি বিচাৰে এইকথা তেওঁ
যি কোনো কাৰণতেই হওক কোৱা নাই। হয়তো তেওঁ নিজৰ মন এতিয়াও<noinclude></noinclude>
a0lk6je6rg4db7by24vcp0pu5lhwifa
257040
257038
2026-08-09T12:46:04Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257040
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||[২০]|}}</noinclude>{{center|{{larger|—তিনি—}}}}
{{gap}}শত্ৰুৰ বিৰুদ্ধে এই শেষ সংগ্ৰামত পৃথিবীৰ বিপ্লৱী শক্তি বিলাকে নিজৰ নিজৰ শিবিৰতে৷ নানা কঠিন সমস্যাৰ লগত অন্তৰ্যুদ্ধ কৰিব লগা হৈছে। বহু ৰকমৰ সুবিধা, ভয়, সঙ্কোচ, কুসংস্কাৰ আজিও বিপ্লৱী সকল শিবিৰত আছে—সংঘাতৰ মাজেদি এই বোৰ আবৰ্জ্জনা ক্ৰমশঃ দূৰ হৈ গৈছে যদিও কিন্তু এই নিস্কাষণ আৰু সংশোধনৰ কামটো কঠিন পীড়াদায়ক আক কষ্ট সাধ্য হৈছে। নেতৃত্ব, কৰ্মপন্থা, কাৰ্যক্ৰম, ৰীতি নীতি, স্থান আৰু কাল ইত্যাদি যাবতীয় বিষয়ে বিপ্লৱী শিক্ষিত নানা ৰকমৰ সুবিধাবাদী প্ৰভাবে আগুৰি আছিল—কিন্তু সাক্ষাৎ এই সংগ্ৰামৰ সময়ত এই বোৰে আজি কম বাধা দিয়া নাই—আৰু অত্যন্ত কঠিন বেদনাদায়ক সঙ্কটৰ মাজেদি আকৌ পূৰ্ণ বৈপ্লৱিক চিন্তা ধাৰা আৰু নতুন নেতৃত্ব প্ৰতিষ্ঠিত হব ধাৰিছে।
{{gap}}প্ৰথমতঃ দ্বিতীয় মহাযুদ্ধৰ পিচত দেশে দেশে যি বৈপ্লৱিক বিদ্ৰোহ চাৰিও পিনৰ পৰা দেখা দিছে; তাক প্ৰথমে বিপ্লৱ বুলি স্বীকাৰ কৰিবলৈ আৰু তাক স্বেচ্ছায় বিশ্ব বিপ্লৱৰ দিনত সজ্ঞানে আগুৱাই নিবলৈ বৰ সঙ্কোচ কৰিছিল—নেতৃত্ব আৰু অধিষ্ঠিত দল বোৰে। কিন্তু ইতিহাসৰ ৰূঢ় আঘাতত এই টোপনি যদিও ভাঙিব ধৰিছে— তথাপিও বিশ্ববিপ্লৱক কোন দেশৰ বিপ্লৱীসকলে কিমান খিনি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে আজিও সেই কথা কোৱা টান। এচিয়াত যি চেতনা বহু বেচি প্ৰখৰ আৰু তীব্ৰ হৈছে—কিন্তু ইয়োৰোপত আজি সেই বৈপ্লৱিক প্ৰতিজ্ঞা দেখা দিছে বুলি মনত নধৰে—আজিও সেই ঠাইৰ সাম্যবাদী সকলে নিয়মতান্ত্ৰিকতাৰ মোহ এৰিব পৰা নাই আৰু বহু বাৰ বহু সুযোগ এনেয়ে নষ্ট কৰিছে আৰু প্ৰতিক্ৰিয়াশীল শক্তিবোৰক সাজু হৈ লবৰ সুযোগ দিছে।
{{gap}}দ্বিতীয়তঃ ষ্টালিনৰ নেতৃত্বই কি বিচাৰে সেইটো আজিও স্পষ্ট নহয় পৃথিবীব্যাপী কমিউনিষ্ট পাৰ্টি বোৰৰ নেতা হিচাবে কি বিচাৰে এইকথা তেওঁ যি কোনো কাৰণতেই হওক কোৱা নাই। হয়তো তেওঁ নিজৰ মন এতিয়াও<noinclude></noinclude>
380ojwkfeenvvet8yo96gkqg4xhvxlg
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৩
104
74698
257042
206057
2026-08-09T14:20:42Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257042
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" /></noinclude>থিক কৰিব পৰা নাই—পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি বহিয়ে আছে। বিশ্বৰ নিপীড়িত জনতাক আহ্বান কৰিবৰ সাহ তেওঁৰ নাই—এই কথাটো বুজাই যায় আৰু তেওঁৰ কি মতলব তাক জানিবলৈ হলে আমাৰ ইয়াৰ কমিউনিষ্ট ভলেন্টিয়াৰৰ পৰা যি শুনিব পোৱা যায় তাতকৈ বেচি কোনো তথ্য পোৱাটান। কিন্তু ষ্টালিনৰ নেতৃত্বৰ যে পৰিবৰ্ত্তন আহিছে সেই কথা বুজা যায়, কিন্তু সি ইমান ধীৰে ইমান সঙ্কোচৰে সৈতে যে তাৰ ওপৰত নিৰ্ভৰ কৰা নাযায় বা আস্থা ৰখা টান। যদিও প্ৰায় সকলো ঠাইতে এটা সংগ্ৰামশীল মনোভাৱ আজি ষ্টালিনপন্থী সকলৰ দেখা পাওঁ—এইটো যে শেষ পৰ্যন্ত থাকিবনে নাথাকিব তাকেই বা বুজা যায় কেনেকৈ? শত্ৰুপক্ষ সকলে কৈ থাকে যে ষ্টালিনে বিশ্ববিপ্লৱ নিবিচাৰে—আজিও যি বিচাৰে সেইটো হল পৃথিবীৰ সৰ্ব্বত্ৰ অশান্তি সৃষ্টি কৰি শেষ পৰ্য্যস্ত ৰুচিয়াৰ অনুকূলে এংলো-আমেৰিকান শক্তিসমূহৰ পৰা সুবিধা আদায় কৰিবলৈ—এই অভিযোগ খণ্ডন কৰি দেখুৱাবলৈ ষ্টালিনে তেনে একো কৰা নাই বা কোৱাও নাই—ফলত কেতিয়া যে তেওঁ তাকো বন্ধ কৰিবলৈ আদেশ দি দিব তাৰো ভয় আছে।
{{gap}}তৃতীয়তঃ আজি বিপ্লৱৰ অনুপ্ৰেৰণা বা initiative মস্কোৰ পৰা ক্ৰমশ পৃথিবীৰ চাৰিও পিনৰ জনতাৰ মাজলৈ আতৰি আহিব ধৰিছে—এইটো এটা শুভলক্ষণ। কিন্তু সংঘবদ্ধ প্ৰতিক্ৰিয়াশীল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংঘবদ্ধ আৰু কেন্দ্ৰীভূত বৈপ্লৱিক আঘাতৰ যি প্ৰয়োজন আছিল সেইটো নোহোৱাৰ ফলত প্ৰত্যেক দেশৰ বিপ্লৱ বিচ্ছিন্ন বিক্ষিপ্ত আক কিছু কিছু অন্ধভাবে (gropingly) আগুৱাই আহিছে—এট৷ সুচিন্তিত পৰম্পৰ সহযোগিতামূলক পৰিকল্পনা অনুযায়ী আগুৱাব ধৰা নাই—কোনো এখন দেশৰ বিপ্লৱীয়ে অন্য এখন দেশৰ সাক্ষাৎ সাহায্য নাপায়—কিন্তু শক্ৰসকলে বেচ পৰস্পৰে পাৰস্পৰক সহায় কৰিছে আৰু যুক্ত পৰিকল্পনানুযায়ী আগবাঢ়িছে। ষ্টালিনৰ এই দ্বিধা আৰু অস্পষ্টতাই ষ্টালিনৰ নেতৃত্বৰ অবসান কৰিহে এৰিব কিয়নো বহুত দুঃখ বহুত হতাশাৰ মাজেদি পৃথিবীৰ বিভিন্ন ঠাইত বেপৰোৱা নেতৃত্বই আত্মনিৰ্ভৰশীল হৈ উঠিব আৰু<noinclude></noinclude>
6ku65dyzcj1fd993kvz0dkxspg4ynub
257049
257042
2026-08-10T03:31:01Z
BabulB
104
257049
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{center|[২১]}}</noinclude>থিক কৰিব পৰা নাই—পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি বহিয়ে আছে। বিশ্বৰ নিপীড়িত জনতাক আহ্বান কৰিবৰ সাহ তেওঁৰ নাই—এই কথাটো বুজাই যায় আৰু তেওঁৰ কি মতলব তাক জানিবলৈ হলে আমাৰ ইয়াৰ কমিউনিষ্ট ভলেন্টিয়াৰৰ পৰা যি শুনিব পোৱা যায় তাতকৈ বেচি কোনো তথ্য পোৱাটান। কিন্তু ষ্টালিনৰ নেতৃত্বৰ যে পৰিবৰ্ত্তন আহিছে সেই কথা বুজা যায়, কিন্তু সি ইমান ধীৰে ইমান সঙ্কোচৰে সৈতে যে তাৰ ওপৰত নিৰ্ভৰ কৰা নাযায় বা আস্থা ৰখা টান। যদিও প্ৰায় সকলো ঠাইতে এটা সংগ্ৰামশীল মনোভাৱ আজি ষ্টালিনপন্থী সকলৰ দেখা পাওঁ—এইটো যে শেষ পৰ্যন্ত থাকিবনে নাথাকিব তাকেই বা বুজা যায় কেনেকৈ? শত্ৰুপক্ষ সকলে কৈ থাকে যে ষ্টালিনে বিশ্ববিপ্লৱ নিবিচাৰে—আজিও যি বিচাৰে সেইটো হল পৃথিবীৰ সৰ্ব্বত্ৰ অশান্তি সৃষ্টি কৰি শেষ পৰ্য্যস্ত ৰুচিয়াৰ অনুকূলে এংলো-আমেৰিকান শক্তিসমূহৰ পৰা সুবিধা আদায় কৰিবলৈ—এই অভিযোগ খণ্ডন কৰি দেখুৱাবলৈ ষ্টালিনে তেনে একো কৰা নাই বা কোৱাও নাই—ফলত কেতিয়া যে তেওঁ তাকো বন্ধ কৰিবলৈ আদেশ দি দিব তাৰো ভয় আছে।
{{gap}}তৃতীয়তঃ আজি বিপ্লৱৰ অনুপ্ৰেৰণা বা initiative মস্কোৰ পৰা ক্ৰমশ পৃথিবীৰ চাৰিও পিনৰ জনতাৰ মাজলৈ আতৰি আহিব ধৰিছে—এইটো এটা শুভলক্ষণ। কিন্তু সংঘবদ্ধ প্ৰতিক্ৰিয়াশীল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংঘবদ্ধ আৰু কেন্দ্ৰীভূত বৈপ্লৱিক আঘাতৰ যি প্ৰয়োজন আছিল সেইটো নোহোৱাৰ ফলত প্ৰত্যেক দেশৰ বিপ্লৱ বিচ্ছিন্ন বিক্ষিপ্ত আক কিছু কিছু অন্ধভাবে (gropingly) আগুৱাই আহিছে—এট৷ সুচিন্তিত পৰম্পৰ সহযোগিতামূলক পৰিকল্পনা অনুযায়ী আগুৱাব ধৰা নাই—কোনো এখন দেশৰ বিপ্লৱীয়ে অন্য এখন দেশৰ সাক্ষাৎ সাহায্য নাপায়—কিন্তু শক্ৰসকলে বেচ পৰস্পৰে পাৰস্পৰক সহায় কৰিছে আৰু যুক্ত পৰিকল্পনানুযায়ী আগবাঢ়িছে। ষ্টালিনৰ এই দ্বিধা আৰু অস্পষ্টতাই ষ্টালিনৰ নেতৃত্বৰ অবসান কৰিহে এৰিব কিয়নো বহুত দুঃখ বহুত হতাশাৰ মাজেদি পৃথিবীৰ বিভিন্ন ঠাইত বেপৰোৱা নেতৃত্বই আত্মনিৰ্ভৰশীল হৈ উঠিব আৰু<noinclude></noinclude>
k66cak6l60b3ppqbc36nlt6v4tu400e
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৪
104
74699
257043
206058
2026-08-09T14:43:10Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257043
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" /></noinclude>সকলো বিষয়তে ষ্টালিনৰ মুখাপেক্ষী হৈ নাথাকে। চীনৰ সাৰ্থক বিপ্লৱে ইতিমধ্যে বিপ্লৱৰ নেতৃত্বক আগুৱান কৰি দিছে।
{{gap}}চতুৰ্থতঃ পৃথিবীৰ ইফালে সিকালে যি বোৰ বৈপ্লৱিক উত্থান আৰু সংগ্ৰাম আজি চলিছে তাৰ লগত ৰুচিয়াৰ কোন সাক্ষাৎ যোগাযোগ নাই—অৰ্থাৎ সংগ্ৰামৰ প্ৰয়োজনৰ কাৰণে যাবতীয় যি কিহবাৰে দৰ্কাৰ তাৰ কোনোটোৰেই একো সহায় তেওঁলোকে নাপায়— তথাপিও ষ্টালিনবাদৰ ৰাজনৈতিক আদৰ্শ আৰু কৰ্ম্মসূচীয়ে তেওঁ লোকৰ মনত বিশেষ প্ৰভাব বিস্তাৰ কৰি আছে। ষ্টালিনৰ শিক্ষাদীক্ষা আৰু অভিজ্ঞতা কিবা কামত লাগক বা নালাগক, ৰুচিয়াৰ বিপ্লৱৰ ৰীতিনীতি কামত আহক বা নাহক—কিন্তু ষ্টালিনৰ নামৰ মোহে আজিও এটা ভূতৰ দৰে কাম কৰি আছে। তাৰ দ্বাৰা এইবোৰ বিপ্লৱী নেতৃত্বৰ চিন্তাশক্তিৰ বিকাশ খৰ্ব্ব হৈ আছে আৰু স্বাধীন আৰু বলিষ্ঠ কৰ্ম্মপদ্ধতিৰ উদ্ভৱ হোৱাত বহুত বাধা পাইছে। আজিৰ পৰিস্থিতিত বিশ্ববিপ্লৱৰ ৰীতিনীতি পদ্ধতি ইত্যাদি বিষয়ত কিমান বিস্ময়কৰ নতুন নতুন প্ৰেৰণা, পথৰ ইঙ্গীত বাস্তৱ সংগ্ৰামৰ পৰাই আবিষ্কৃত হৈছে; কিন্তু তাক গ্ৰহণ কৰা, সংযোজিত কৰা আৰু প্ৰসাৰিত কৰাৰ কামত এই বোৰ বিপ্লৱীয়ে যেন আজিও ভয়তে ধৰে—যদিও বাস্তৱ ৰণক্ষেত্ৰেত তেওঁবিলাকে অলপো কম সংগ্ৰাম কৰ নাই।
{{gap}}পঞ্চমতঃ সমাজতান্ত্ৰিক বিপ্লৱৰ পৰিবৰ্ত্তে 'নয়া গনতাতান্ত্ৰিক বিপ্লৱৰ এটা নতুন মোহ চলিছে। এই মোহটো আহিছে ভয়ৰ পৰা—কি জানি ইমান খিনি কৰিবলৈ গলে সকলো খহি যায়, ইতিহাসৰ ভুল বিশ্লেষণৰ পৰা আহিছে নিজৰ শক্তি সম্পৰ্কে বিশ্বাসৰ অভাব আৰু তাৰ ফলত অযথা অযৌক্তিক আৰু অবৈজ্ঞানিক গোজামিল দিবলৈ বিচাৰিছে নয়া গণতন্ত্ৰৰ নামত। নয়াগণতন্ত্ৰ হেনো এটা অন্তবৰ্ত্তী অৱস্থা, সমাজতন্ত্ৰৰ বাটত এটা অনিবাৰ্য্য স্তৰ। কিন্তু এই অন্তবৰ্তীবাদ বা Transitionalismএ আগতে কোৱা বিশ্ববিপ্লৱৰ পটভূমিকাটোক বুজিব নোৱাৰাৰ ফলত জন্ম লভিছে—এতিয়াও বিপ্লৱক দেশ কেন্দ্ৰিক কৰি ৰখাৰ ফলত কোনো এটি<noinclude></noinclude>
3rf8pugu6zzv00j6pe43pqjww3bsxbj
257048
257043
2026-08-10T03:30:46Z
BabulB
104
257048
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{center|[২২]}}</noinclude>সকলো বিষয়তে ষ্টালিনৰ মুখাপেক্ষী হৈ নাথাকে। চীনৰ সাৰ্থক বিপ্লৱে ইতিমধ্যে বিপ্লৱৰ নেতৃত্বক আগুৱান কৰি দিছে।
{{gap}}চতুৰ্থতঃ পৃথিবীৰ ইফালে সিকালে যি বোৰ বৈপ্লৱিক উত্থান আৰু সংগ্ৰাম আজি চলিছে তাৰ লগত ৰুচিয়াৰ কোন সাক্ষাৎ যোগাযোগ নাই—অৰ্থাৎ সংগ্ৰামৰ প্ৰয়োজনৰ কাৰণে যাবতীয় যি কিহবাৰে দৰ্কাৰ তাৰ কোনোটোৰেই একো সহায় তেওঁলোকে নাপায়— তথাপিও ষ্টালিনবাদৰ ৰাজনৈতিক আদৰ্শ আৰু কৰ্ম্মসূচীয়ে তেওঁ লোকৰ মনত বিশেষ প্ৰভাব বিস্তাৰ কৰি আছে। ষ্টালিনৰ শিক্ষাদীক্ষা আৰু অভিজ্ঞতা কিবা কামত লাগক বা নালাগক, ৰুচিয়াৰ বিপ্লৱৰ ৰীতিনীতি কামত আহক বা নাহক—কিন্তু ষ্টালিনৰ নামৰ মোহে আজিও এটা ভূতৰ দৰে কাম কৰি আছে। তাৰ দ্বাৰা এইবোৰ বিপ্লৱী নেতৃত্বৰ চিন্তাশক্তিৰ বিকাশ খৰ্ব্ব হৈ আছে আৰু স্বাধীন আৰু বলিষ্ঠ কৰ্ম্মপদ্ধতিৰ উদ্ভৱ হোৱাত বহুত বাধা পাইছে। আজিৰ পৰিস্থিতিত বিশ্ববিপ্লৱৰ ৰীতিনীতি পদ্ধতি ইত্যাদি বিষয়ত কিমান বিস্ময়কৰ নতুন নতুন প্ৰেৰণা, পথৰ ইঙ্গীত বাস্তৱ সংগ্ৰামৰ পৰাই আবিষ্কৃত হৈছে; কিন্তু তাক গ্ৰহণ কৰা, সংযোজিত কৰা আৰু প্ৰসাৰিত কৰাৰ কামত এই বোৰ বিপ্লৱীয়ে যেন আজিও ভয়তে ধৰে—যদিও বাস্তৱ ৰণক্ষেত্ৰেত তেওঁবিলাকে অলপো কম সংগ্ৰাম কৰ নাই।
{{gap}}পঞ্চমতঃ সমাজতান্ত্ৰিক বিপ্লৱৰ পৰিবৰ্ত্তে 'নয়া গনতাতান্ত্ৰিক বিপ্লৱৰ এটা নতুন মোহ চলিছে। এই মোহটো আহিছে ভয়ৰ পৰা—কি জানি ইমান খিনি কৰিবলৈ গলে সকলো খহি যায়, ইতিহাসৰ ভুল বিশ্লেষণৰ পৰা আহিছে নিজৰ শক্তি সম্পৰ্কে বিশ্বাসৰ অভাব আৰু তাৰ ফলত অযথা অযৌক্তিক আৰু অবৈজ্ঞানিক গোজামিল দিবলৈ বিচাৰিছে নয়া গণতন্ত্ৰৰ নামত। নয়াগণতন্ত্ৰ হেনো এটা অন্তবৰ্ত্তী অৱস্থা, সমাজতন্ত্ৰৰ বাটত এটা অনিবাৰ্য্য স্তৰ। কিন্তু এই অন্তবৰ্তীবাদ বা Transitionalismএ আগতে কোৱা বিশ্ববিপ্লৱৰ পটভূমিকাটোক বুজিব নোৱাৰাৰ ফলত জন্ম লভিছে—এতিয়াও বিপ্লৱক দেশ কেন্দ্ৰিক কৰি ৰখাৰ ফলত কোনো এটি<noinclude></noinclude>
078nzy8i4v5ojb145xcg2yoc0xihbba
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৫
104
74700
257044
206059
2026-08-09T15:58:04Z
BabulB
104
257044
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" /></noinclude>ভৌগলিক অৱস্থানৰ আৰ্থিক দূৰ্ব্বলতা আৰু অনগ্ৰসৰতাৰ ওপৰত নিৰ্ভৰ
কৰি যি চিন্তা কৰিছে বা যি বিচাৰ চলিছে সেয়ে নয়া গণতান্ত্ৰিক স্তৰৰ
এটা সপোন সৃষ্টি কৰিছে। এনেকি চেকোশ্লোভাকিয়াৰ দৰে শিল্প প্ৰধান
দেশেও সমাজতন্ত্ৰ হল বুলি ঘোষণা কৰিবলৈ ভয় কৰে। বিপ্লৱৰ আশু কৰ্ত্তব্য
যিটো সেইটো হল প্ৰত্যেক দেশৰ ধনতান্ত্ৰিক শক্তিক চূৰ্ণ কৰি পেলোৱা
আৰু চূৰ্ণ কৰি পেলোৱাৰ লগে লগে আপোনা আপুনি উদয় হোৱা
সমাজতান্ত্ৰিক ব্যৱস্থাৰ চেহেৰাটো দৃষ্টিগোচৰ হব ধৰে—কিন্তু তাক বলবান
আৰু ৰূপবান কৰিবলৈ হলে আজিৰ দিনত যি দৰকাৰ সেই বিশ্বসমাজতন্ত্ৰ
আৰু বিশ্ববিপ্লৱক স্বীকাৰ কৰি লব লাগিব, তাক কায়েম কৰিব লাগিব।
সেইটো কৰিবলৈ যদি আত্ম বিশ্বাস নাথাকে তেন্তে দূৰ্ব্বলতা
আৰু গোজামিল অনিবাৰ্য্য আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰাৰ
স্বভাৱটোৰ বেচি জোৰ হৈ যায়, ফলত সক্ৰিয় শক্তিমান নেতৃত্বৰ অভাবে
দেখা দিয়ে।
{{gap}}ষষ্ঠতঃ এই নয়া গণতান্ত্ৰিক আদৰ্শই যিহেতু ধনতন্ত্ৰক উচ্ছেদ কৰিবলৈ
এতিয়াই আগ্ৰহান্বিত নহয় সেই কাৰণে ধনতান্ত্ৰিক স্বাৰ্থপৰতা, ব্যক্তিত্ববাদ,
লোভ আৰু চিন্তাধাৰাৰ ওপৰত সি কঠিন আঘাত নকৰে বৰং তাক
জীয়াইহে ৰাখে। বৰ্ত্তমান যুগৰ সৰ্ব্বব্যাপক গ্লানি, অধঃপতন আৰু পচনৰ
বিৰুদ্ধে যি ৰলিষ্ঠ প্ৰেৰণা আৰু জাগৰণৰ জোৱাৰ সৃষ্টি কৰা দৰ্কাৰ তাক
এই নয়াগণতন্ত্ৰই সৃষ্টি নকৰে, ইয়াৰ সসঙ্কোচ দৃষ্টিভঙ্গীয়ে সবল মনোভাব
সৃষ্টি নকৰে, ফলত বিপ্লৱৰ উদাৰ আৰু নিৰ্ভিক আহ্বানো নাহে। বিপ্লৱৰ
সাধাৰণ শক্তিৰ যত উৎস তাত আজি এটা প্ৰকাণ্ড শিল জাপি থোৱা
আছে যিটোক এতিয়াই আতৰাই দূৰৈত পেলাই দিয়াৰ একান্ত দৰ্কাৰ—
আৰু নিৰ্ভয়ে সাম্যবাদৰ বাণী আৰু কাৰ্য্যক্ৰম আৰম্ভ কৰা দৰ্কাৰ। আজিও
বৈপ্লৱিক আন্দোলনে চেতনা আৰু প্ৰেৰণাৰ দূৰ্ব্বলতাত ভূগি থকাৰ
কাৰণো হল এই টোৱেই।{{nop}}<noinclude></noinclude>
rfve0r867ct6xwguu2n9bmglxpxsyjf
257045
257044
2026-08-10T03:29:39Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257045
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" /></noinclude>ভৌগলিক অৱস্থানৰ আৰ্থিক দূৰ্ব্বলতা আৰু অনগ্ৰসৰতাৰ ওপৰত নিৰ্ভৰ কৰি যি চিন্তা কৰিছে বা যি বিচাৰ চলিছে সেয়ে নয়া গণতান্ত্ৰিক স্তৰৰ এটা সপোন সৃষ্টি কৰিছে। এনেকি চেকোশ্লোভাকিয়াৰ দৰে শিল্প প্ৰধান দেশেও সমাজতন্ত্ৰ হল বুলি ঘোষণা কৰিবলৈ ভয় কৰে। বিপ্লৱৰ আশু কৰ্ত্তব্য যিটো সেইটো হল প্ৰত্যেক দেশৰ ধনতান্ত্ৰিক শক্তিক চূৰ্ণ কৰি পেলোৱা আৰু চূৰ্ণ কৰি পেলোৱাৰ লগে লগে আপোনা আপুনি উদয় হোৱা সমাজতান্ত্ৰিক ব্যৱস্থাৰ চেহেৰাটো দৃষ্টিগোচৰ হব ধৰে—কিন্তু তাক বলবান আৰু ৰূপবান কৰিবলৈ হলে আজিৰ দিনত যি দৰকাৰ সেই বিশ্বসমাজতন্ত্ৰ আৰু বিশ্ববিপ্লৱক স্বীকাৰ কৰি লব লাগিব, তাক কায়েম কৰিব লাগিব। সেইটো কৰিবলৈ যদি আত্ম বিশ্বাস নাথাকে তেন্তে দূৰ্ব্বলতা আৰু গোজামিল অনিবাৰ্য্য আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰাৰ স্বভাৱটোৰ বেচি জোৰ হৈ যায়, ফলত সক্ৰিয় শক্তিমান নেতৃত্বৰ অভাবে দেখা দিয়ে।
{{gap}}ষষ্ঠতঃ এই নয়া গণতান্ত্ৰিক আদৰ্শই যিহেতু ধনতন্ত্ৰক উচ্ছেদ কৰিবলৈ এতিয়াই আগ্ৰহান্বিত নহয় সেই কাৰণে ধনতান্ত্ৰিক স্বাৰ্থপৰতা, ব্যক্তিত্ববাদ, লোভ আৰু চিন্তাধাৰাৰ ওপৰত সি কঠিন আঘাত নকৰে বৰং তাক জীয়াইহে ৰাখে। বৰ্ত্তমান যুগৰ সৰ্ব্বব্যাপক গ্লানি, অধঃপতন আৰু পচনৰ বিৰুদ্ধে যি বলিষ্ঠ প্ৰেৰণা আৰু জাগৰণৰ জোৱাৰ সৃষ্টি কৰা দৰ্কাৰ তাক এই নয়াগণতন্ত্ৰই সৃষ্টি নকৰে, ইয়াৰ সসঙ্কোচ দৃষ্টিভঙ্গীয়ে সবল মনোভাব সৃষ্টি নকৰে, ফলত বিপ্লৱৰ উদাৰ আৰু নিৰ্ভিক আহ্বানো নাহে। বিপ্লৱৰ সাধাৰণ শক্তিৰ যত উৎস তাত আজি এটা প্ৰকাণ্ড শিল জাপি থোৱা আছে যিটোক এতিয়াই আতৰাই দূৰৈত পেলাই দিয়াৰ একান্ত দৰ্কাৰ—আৰু নিৰ্ভয়ে সাম্যবাদৰ বাণী আৰু কাৰ্য্যক্ৰম আৰম্ভ কৰা দৰ্কাৰ। আজিও বৈপ্লৱিক আন্দোলনে চেতনা আৰু প্ৰেৰণাৰ দূৰ্ব্বলতাত ভূগি থকাৰ কাৰণো হল এই টোৱেই।{{nop}}<noinclude></noinclude>
0c5u61vo246co2szdrkijev4la44o2s
257046
257045
2026-08-10T03:30:14Z
BabulB
104
257046
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />[২৩]</noinclude>ভৌগলিক অৱস্থানৰ আৰ্থিক দূৰ্ব্বলতা আৰু অনগ্ৰসৰতাৰ ওপৰত নিৰ্ভৰ কৰি যি চিন্তা কৰিছে বা যি বিচাৰ চলিছে সেয়ে নয়া গণতান্ত্ৰিক স্তৰৰ এটা সপোন সৃষ্টি কৰিছে। এনেকি চেকোশ্লোভাকিয়াৰ দৰে শিল্প প্ৰধান দেশেও সমাজতন্ত্ৰ হল বুলি ঘোষণা কৰিবলৈ ভয় কৰে। বিপ্লৱৰ আশু কৰ্ত্তব্য যিটো সেইটো হল প্ৰত্যেক দেশৰ ধনতান্ত্ৰিক শক্তিক চূৰ্ণ কৰি পেলোৱা আৰু চূৰ্ণ কৰি পেলোৱাৰ লগে লগে আপোনা আপুনি উদয় হোৱা সমাজতান্ত্ৰিক ব্যৱস্থাৰ চেহেৰাটো দৃষ্টিগোচৰ হব ধৰে—কিন্তু তাক বলবান আৰু ৰূপবান কৰিবলৈ হলে আজিৰ দিনত যি দৰকাৰ সেই বিশ্বসমাজতন্ত্ৰ আৰু বিশ্ববিপ্লৱক স্বীকাৰ কৰি লব লাগিব, তাক কায়েম কৰিব লাগিব। সেইটো কৰিবলৈ যদি আত্ম বিশ্বাস নাথাকে তেন্তে দূৰ্ব্বলতা আৰু গোজামিল অনিবাৰ্য্য আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰাৰ স্বভাৱটোৰ বেচি জোৰ হৈ যায়, ফলত সক্ৰিয় শক্তিমান নেতৃত্বৰ অভাবে দেখা দিয়ে।
{{gap}}ষষ্ঠতঃ এই নয়া গণতান্ত্ৰিক আদৰ্শই যিহেতু ধনতন্ত্ৰক উচ্ছেদ কৰিবলৈ এতিয়াই আগ্ৰহান্বিত নহয় সেই কাৰণে ধনতান্ত্ৰিক স্বাৰ্থপৰতা, ব্যক্তিত্ববাদ, লোভ আৰু চিন্তাধাৰাৰ ওপৰত সি কঠিন আঘাত নকৰে বৰং তাক জীয়াইহে ৰাখে। বৰ্ত্তমান যুগৰ সৰ্ব্বব্যাপক গ্লানি, অধঃপতন আৰু পচনৰ বিৰুদ্ধে যি বলিষ্ঠ প্ৰেৰণা আৰু জাগৰণৰ জোৱাৰ সৃষ্টি কৰা দৰ্কাৰ তাক এই নয়াগণতন্ত্ৰই সৃষ্টি নকৰে, ইয়াৰ সসঙ্কোচ দৃষ্টিভঙ্গীয়ে সবল মনোভাব সৃষ্টি নকৰে, ফলত বিপ্লৱৰ উদাৰ আৰু নিৰ্ভিক আহ্বানো নাহে। বিপ্লৱৰ সাধাৰণ শক্তিৰ যত উৎস তাত আজি এটা প্ৰকাণ্ড শিল জাপি থোৱা আছে যিটোক এতিয়াই আতৰাই দূৰৈত পেলাই দিয়াৰ একান্ত দৰ্কাৰ—আৰু নিৰ্ভয়ে সাম্যবাদৰ বাণী আৰু কাৰ্য্যক্ৰম আৰম্ভ কৰা দৰ্কাৰ। আজিও বৈপ্লৱিক আন্দোলনে চেতনা আৰু প্ৰেৰণাৰ দূৰ্ব্বলতাত ভূগি থকাৰ কাৰণো হল এই টোৱেই।{{nop}}<noinclude></noinclude>
069am82taafb39s6v5k1u96pzbnh695
257047
257046
2026-08-10T03:30:28Z
BabulB
104
257047
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{center|[২৩]}}</noinclude>ভৌগলিক অৱস্থানৰ আৰ্থিক দূৰ্ব্বলতা আৰু অনগ্ৰসৰতাৰ ওপৰত নিৰ্ভৰ কৰি যি চিন্তা কৰিছে বা যি বিচাৰ চলিছে সেয়ে নয়া গণতান্ত্ৰিক স্তৰৰ এটা সপোন সৃষ্টি কৰিছে। এনেকি চেকোশ্লোভাকিয়াৰ দৰে শিল্প প্ৰধান দেশেও সমাজতন্ত্ৰ হল বুলি ঘোষণা কৰিবলৈ ভয় কৰে। বিপ্লৱৰ আশু কৰ্ত্তব্য যিটো সেইটো হল প্ৰত্যেক দেশৰ ধনতান্ত্ৰিক শক্তিক চূৰ্ণ কৰি পেলোৱা আৰু চূৰ্ণ কৰি পেলোৱাৰ লগে লগে আপোনা আপুনি উদয় হোৱা সমাজতান্ত্ৰিক ব্যৱস্থাৰ চেহেৰাটো দৃষ্টিগোচৰ হব ধৰে—কিন্তু তাক বলবান আৰু ৰূপবান কৰিবলৈ হলে আজিৰ দিনত যি দৰকাৰ সেই বিশ্বসমাজতন্ত্ৰ আৰু বিশ্ববিপ্লৱক স্বীকাৰ কৰি লব লাগিব, তাক কায়েম কৰিব লাগিব। সেইটো কৰিবলৈ যদি আত্ম বিশ্বাস নাথাকে তেন্তে দূৰ্ব্বলতা আৰু গোজামিল অনিবাৰ্য্য আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰাৰ স্বভাৱটোৰ বেচি জোৰ হৈ যায়, ফলত সক্ৰিয় শক্তিমান নেতৃত্বৰ অভাবে দেখা দিয়ে।
{{gap}}ষষ্ঠতঃ এই নয়া গণতান্ত্ৰিক আদৰ্শই যিহেতু ধনতন্ত্ৰক উচ্ছেদ কৰিবলৈ এতিয়াই আগ্ৰহান্বিত নহয় সেই কাৰণে ধনতান্ত্ৰিক স্বাৰ্থপৰতা, ব্যক্তিত্ববাদ, লোভ আৰু চিন্তাধাৰাৰ ওপৰত সি কঠিন আঘাত নকৰে বৰং তাক জীয়াইহে ৰাখে। বৰ্ত্তমান যুগৰ সৰ্ব্বব্যাপক গ্লানি, অধঃপতন আৰু পচনৰ বিৰুদ্ধে যি বলিষ্ঠ প্ৰেৰণা আৰু জাগৰণৰ জোৱাৰ সৃষ্টি কৰা দৰ্কাৰ তাক এই নয়াগণতন্ত্ৰই সৃষ্টি নকৰে, ইয়াৰ সসঙ্কোচ দৃষ্টিভঙ্গীয়ে সবল মনোভাব সৃষ্টি নকৰে, ফলত বিপ্লৱৰ উদাৰ আৰু নিৰ্ভিক আহ্বানো নাহে। বিপ্লৱৰ সাধাৰণ শক্তিৰ যত উৎস তাত আজি এটা প্ৰকাণ্ড শিল জাপি থোৱা আছে যিটোক এতিয়াই আতৰাই দূৰৈত পেলাই দিয়াৰ একান্ত দৰ্কাৰ—আৰু নিৰ্ভয়ে সাম্যবাদৰ বাণী আৰু কাৰ্য্যক্ৰম আৰম্ভ কৰা দৰ্কাৰ। আজিও বৈপ্লৱিক আন্দোলনে চেতনা আৰু প্ৰেৰণাৰ দূৰ্ব্বলতাত ভূগি থকাৰ কাৰণো হল এই টোৱেই।{{nop}}<noinclude></noinclude>
2utuy0tkmpjal73w6ad0l94j6p2imyq
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৬
104
74701
257050
206060
2026-08-10T03:31:58Z
BabulB
104
257050
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৪]}}</noinclude>{{gap}}সপ্তমতঃ বৰ্ত্তমান বুগত দেশে দেশে যি বিপ্লৱ কৰাৰ প্ৰয়োজন তাৰ কায়দা
আৰু কৌশলৰ বিষয়ে প্ৰচুৰ জড়তা আৰু অন্ধ বিশ্বাসে বহুদিন ধৰি ক্ষতি কৰি
আহিছে আৰু শেষ পৰ্যন্ত ৰুচ বিপ্লৱৰ হুবহু নকল কৰাৰ মোহ আতৰিছে আৰু
অৱস্থাৰ প্ৰয়োজনত যি কোনো ৰকমৰ আঘাত সংঘটিত কৰাৰ আৱশ্যকতাও
হৈছে। পিচ পৰা দেশৰ পৰা কৃষক সকলৰ মাজৰ পৰাও যে সামবাদী
বৈপ্লৱিক নেতৃত্ব আহিব পাৰে সেই কথা বহুবাৰ ঠগি বহু দ্বিধাৰ পিচত, বাস্তৱ
আঘাতৰ হেচাত স্বীকৃত হৈছে। কিন্তু তাক আজি ব্যাপকতৰ কৰা, চহৰ-
কেন্দ্ৰিক দেশৰ বৈপ্লৱিক উত্থানৰ লগত যুক্ত কৰা আদি যেন আজিও অস্বীকৃত
হৈ আছে।
ফলত এচিয়া মহাদেশৰ সংগ্ৰামৰ লগত ইয়োৰোপৰ বনুৱা সকলৰ
কোনো সহানুভূতি আছেনে নাই তাক বুজা নাযায়—গ্ৰীক বিপ্লৱী সকলৰ লগত
ইটালীয় বনুৱা আৰু কৃষক সকলে বিপ্লৱত যোগ দিয়া নাই ইত্যাদি। ভাৰতীয়
কমিউনিষ্ট পাৰ্টিৰ কাৰ্য্যকলাপ আমাৰ মনত স্পষ্ট উদাহৰণ স্বৰূপে আছে—
যদিও শেষ পৰ্যন্ত কলিকাতা পাৰ্টি কংগ্ৰেচত সংগ্ৰামৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিলে
কিন্তু তাক কাৰ্য্যকৰী কৰিবলৈ কোনো বৈপ্লৱিক পৰিকল্পনা লোৱা নহল—
কেৱল মাত্ৰ প্ৰচাৰ আৰু উত্তেজনা সৃষ্টি কৰাৰ বাহিৰে আৰু অন্য কোনো
কৌশল লোৱা নাছিল। তলৰ পৰা নিজৰ দ্বাৰাই জনতাৰ সংঘৰ্ষ লগাই দিয়েই
ক্ষান্ত থাকিল—সংঘৰ্ষক সচেতন সংঘাতত পৰিণত কৰিবলৈ আজিও নোখোজে
আক সহিংস বা সশস্ত্ৰ বিপ্লৱৰ কাৰণে প্ৰস্তুতিৰ কথা আজিও তেওঁলোকৰ
মগজুত সোমাইছে বুলি মনত নধৰে—যদিও অত ত'ত ফটকা, বোমা আৰু
এচিদ বাল্বৰ প্ৰচলন অলপ অচৰপ দেখা গৈছে। মুঠ কথা তেওঁলোকৰ
চৈতন্য শামুকৰ গতিত আগুৱাব ধৰিছে।
{{gap}}ওপৰোক্ত সাত প্ৰকাৰৰ সমস্যা আৰু দুৰ্ব্বলতাই আজি বিপ্লৱী শিৰিত
অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিব ধৰিছে। এইবোৰ দূৰ্ব্বলতা আৰু ‘গোজামিলৰ বিৰুদ্ধে
আমি বিপ্লৱী সাম্যবাদী সকলে সদায় যুজ কৰি আহিছে৷—বিশেষ কৰি কমিউনিষ্ট
পাৰ্টিৰ নীতি সম্পৰ্কে। অতীতত Peoples' Front বা যুক্ত জাতীয় ফ্ৰন্ট নীতি<noinclude></noinclude>
g8ngwfhq8stu20q8o25hw5r1x6sipyf
257057
257050
2026-08-10T03:41:39Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257057
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{center|[২৪]}}</noinclude>{{gap}}সপ্তমতঃ বৰ্ত্তমান যুগত দেশে দেশে যি বিপ্লৱ কৰাৰ প্ৰয়োজন তাৰ কায়দা আৰু কৌশলৰ বিষয়ে প্ৰচুৰ জড়তা আৰু অন্ধ বিশ্বাসে বহুদিন ধৰি ক্ষতি কৰি আহিছে আৰু শেষ পৰ্য্যন্ত ৰুচ বিপ্লৱৰ হুবহু নকল কৰাৰ মোহ আতৰিছে আৰু অৱস্থাৰ প্ৰয়োজনত যি কোনো ৰকমৰ আঘাত সংঘটিত কৰাৰ আৱশ্যকতাও হৈছে। পিচ পৰা দেশৰ পৰা কৃষক সকলৰ মাজৰ পৰাও যে সামবাদী বৈপ্লৱিক নেতৃত্ব আহিব পাৰে সেই কথা বহুবাৰ ঠগি বহু দ্বিধাৰ পিচত, বাস্তৱ আঘাতৰ হেচাত স্বীকৃত হৈছে। কিন্তু তাক আজি ব্যাপকতৰ কৰা, চহৰকেন্দ্ৰিক দেশৰ বৈপ্লৱিক উত্থানৰ লগত যুক্ত কৰা আদি যেন আজিও অস্বীকৃত হৈ আছে। ফলত এচিয়া মহাদেশৰ সংগ্ৰামৰ লগত ইয়োৰোপৰ বনুৱা সকলৰ কোনো সহানুভূতি আছেনে নাই তাক বুজা নাযায়—গ্ৰীক বিপ্লৱী সকলৰ লগত ইটালীয় বনুৱা আৰু কৃষক সকলে বিপ্লৱত যোগ দিয়া নাই ইত্যাদি। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কাৰ্য্যকলাপ আমাৰ মনত স্পষ্ট উদাহৰণ স্বৰূপে আছে—যদিও শেষ পৰ্যন্ত কলিকাতা পাৰ্টি কংগ্ৰেচত সংগ্ৰামৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিলে কিন্তু তাক কাৰ্য্যকৰী কৰিবলৈ কোনো বৈপ্লৱিক পৰিকল্পনা লোৱা নহল—কেৱল মাত্ৰ প্ৰচাৰ আৰু উত্তেজনা সৃষ্টি কৰাৰ বাহিৰে আৰু অন্য কোনো কৌশল লোৱা নাছিল। তলৰ পৰা নিজৰ দ্বাৰাই জনতাৰ সংঘৰ্ষ লগাই দিয়েই ক্ষান্ত থাকিল—সংঘৰ্ষক সচেতন সংঘাতত পৰিণত কৰিবলৈ আজিও নোখোজে আৰু সহিংস বা সশস্ত্ৰ বিপ্লৱৰ কাৰণে প্ৰস্তুতিৰ কথা আজিও তেওঁলোকৰ মগজুত সোমাইছে বুলি মনত নধৰে—যদিও অত ত'ত ফটকা, বোমা আৰু এচিদ বাল্বৰ প্ৰচলন অলপ অচৰপ দেখা গৈছে। মুঠ কথা তেওঁলোকৰ চৈতন্য শামুকৰ গতিত আগুৱাব ধৰিছে।
{{gap}}ওপৰোক্ত সাত প্ৰকাৰৰ সমস্যা আৰু দুৰ্ব্বলতাই আজি বিপ্লৱী শিবিৰত অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিব ধৰিছে। এইবোৰ দূৰ্ব্বলতা আৰু ‘গোজামিলৰ বিৰুদ্ধে আমি বিপ্লৱী সাম্যবাদী সকলে সদায় যুজ কৰি আহিছে৷—বিশেষ কৰি কমিউনিষ্ট পাৰ্টিৰ নীতি সম্পৰ্কে। অতীতত Peoples' Front বা যুক্ত জাতীয় ফ্ৰন্ট নীতি<noinclude></noinclude>
6257r4xt1pcupdvubt6yisvp9ntwr8c
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৭
104
74702
257051
206061
2026-08-10T03:32:42Z
BabulB
104
257051
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৫]}}</noinclude>আৰু জনযুদ্ধ নীতিৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম আৰু বিৰোধিতা আছিল তাক
সকলোৱেই জানে। তথাপিও আজি কমিউনিষ্ট পাৰ্টিয়ে যেতিয়া সংগ্ৰামৰ
পন্থালৈ নামি আহিছে তেতিয়া তেওঁলোকক আমি অভিনন্দন জানাইছো;
লগে লগে উপৰোক্ত দূৰ্ব্বলতা সম্পৰ্কেও তেওঁলোকক সাবধান কৰি দিছো।
বাস্তৱ সংগ্ৰামে তেওঁলোকৰ চকু মুকলি কৰি দিব আৰু দিছেও বুলি মনত
বৰে—নেতৃত্বৰ উণ্টা পাণ্টা চলিছে—এইটো সেইটো বদলাওতে সমস্তটোৱেই
এদিন বদলি যাব পাৰে—কিন্তু যেতিয়ালৈ সেইটো নহৈছে তেতিয়ালৈ আমি
সমালোচনা বন্ধ নকৰো — যদিও বাস্তৱ সংগ্ৰামৰ ক্ষেত্ৰত তেওঁলোকৰ লগত
সহযোগিতা কৰিবলৈ আমাৰ বিন্দুমাত্ৰ সঙ্কোচ নাই। সংগ্ৰামই শ্ৰেষ্ঠ শিক্ষক
আৰু যিমান দিনলৈ তেওঁলোকে সংগ্ৰামৰ মাজত থাকিব; সিমান দিনলৈ
তেওঁলোকৰ শিক্ষা অগ্ৰসৰ হৈ থাকিব–তাৰ বাহিৰে আজিৰ ইতিহাসৰ দুৰ্দ্ৰ্দান্ত
তাগিদা আৰু ঘটনাই ভুল বুজাৰ ক্ষেত্ৰ কমেই ৰাখি গৈছে আৰু পৃথিবী খন
পৰিষ্কাৰ ভাবে দুই ভাগত বিভক্ত হৈ গৈছে। অন্যান্য যি বোৰ বামপন্থী দলে
আজি এই সংগ্ৰামত যি কোনো অচিলালৈয়ে হওক আতৰত থাকিব।
বিচাৰিছে বা এৱাই যাব খুজিছে তেওঁলোকে অনিবাৰ্য্য ৰূপে প্ৰতিক্ৰিয়াৰ
শিৰিত আশ্ৰয় নিবলৈ বাধ্য আৰু ভাৰতবৰ্ষতো সেই কাৰণে চোচেলিষ্ট পাৰ্টি,
ৰিপাৱলিকান চোডেলিষ্ট পাৰ্টি, ৰিভলিউচনাৰী চোডেলিষ্ট পাৰ্টি, বলচেভিক
পাৰ্টি আদি মুখভৰা নামওৱালা দল আৰু উপদল বোৰে সংগ্ৰামক এৱাই যোৱাৰ
কাৰণে ক্ৰমশঃই প্ৰতিক্ৰিয়াৰ দলত সোমাব ধৰিছে। এওঁ লোকৰ সম্বন্ধে
কোনো বিশেষ আলোচনা কৰাৰ দৰকাৰ নকৰে। তথাপিও তেওঁলোকে মস্ত মস্ত
বিপ্লৱৰ কথা কৈ থাকে—কংগ্ৰেচক খুব গালি দিয়ে। তেওঁলোকৰ কংগ্ৰেচৰ
বিৰুদ্ধে ঠিয় দিয়াৰ ইচ্ছা কমিউনিজিমৰ বিৰুদ্ধে ঠিয় দিয়াৰ ইচ্ছাতকৈ গৌণ।
মনত হয় যে কংগ্ৰেচৰ কাৰ্য্যকলাপৰ ফলত কমিউনিজিম বা সাম্যবাদৰ প্ৰসাৰ
লাভেই বোধ হয় তেওঁ লোকৰ বিশেষ দুশ্চিন্তা আৰু আপত্তিৰ কাৰণ। এওঁ
লোকৰ মুখ্য উদ্দেশ্য হল দেশ খনক গণতান্ত্ৰিক বা নিয়মতান্ত্ৰিক বাটলৈ ফিৰাই<noinclude></noinclude>
7p6rr10jvme9tqehauv7xlojrnh6ttk
257058
257051
2026-08-10T03:44:23Z
BabulB
104
257058
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৫]}}</noinclude>আৰু জনযুদ্ধ নীতিৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম আৰু বিৰোধিতা আছিল তাক
সকলোৱেই জানে। তথাপিও আজি কমিউনিষ্ট পাৰ্টিয়ে যেতিয়া সংগ্ৰামৰ
পন্থালৈ নামি আহিছে তেতিয়া তেওঁলোকক আমি অভিনন্দন জনাইছো;
লগে লগে উপৰোক্ত দূৰ্ব্বলতা সম্পৰ্কেও তেওঁলোকক সাবধান কৰি দিছো।
বাস্তৱ সংগ্ৰামে তেওঁলোকৰ চকু মুকলি কৰি দিব আৰু দিছেও বুলি মনত
ধৰে—নেতৃত্বৰ উণ্টা পাণ্টা চলিছে—এইটো সেইটো বদলাওতে সমস্তটোৱেই
এদিন বদলি যাব পাৰে—কিন্তু যেতিয়ালৈ সেইটো নহৈছে তেতিয়ালৈ আমি
সমালোচনা বন্ধ নকৰো—যদিও বাস্তৱ সংগ্ৰামৰ ক্ষেত্ৰত তেওঁলোকৰ লগত
সহযোগিতা কৰিবলৈ আমাৰ বিন্দুমাত্ৰ সঙ্কোচ নাই। সংগ্ৰামই শ্ৰেষ্ঠ শিক্ষক
আৰু যিমান দিনলৈ তেওঁলোকে সংগ্ৰামৰ মাজত থাকিব; সিমান দিনলৈ
তেওঁলোকৰ শিক্ষা অগ্ৰসৰ হৈ থাকিব–তাৰ বাহিৰে আজিৰ ইতিহাসৰ দুৰ্দ্দান্ত
তাগিদা আৰু ঘটনাই ভুল বুজাৰ ক্ষেত্ৰ কমেই ৰাখি গৈছে আৰু পৃথিবী খন
পৰিষ্কাৰ ভাবে দুই ভাগত বিভক্ত হৈ গৈছে। অন্যান্য যি বোৰ বামপন্থী দলে
আজি এই সংগ্ৰামত যি কোনো অচিলালৈয়ে হওক আতৰত থাকিব।
বিচাৰিছে বা এৱাই যাব খুজিছে তেওঁলোকে অনিবাৰ্য্য ৰূপে প্ৰতিক্ৰিয়াৰ
শিৰিত আশ্ৰয় নিবলৈ বাধ্য আৰু ভাৰতবৰ্ষতো সেই কাৰণে চোচেলিষ্ট পাৰ্টি,
ৰিপাৱলিকান চোডেলিষ্ট পাৰ্টি, ৰিভলিউচনাৰী চোডেলিষ্ট পাৰ্টি, বলচেভিক
পাৰ্টি আদি মুখভৰা নামওৱালা দল আৰু উপদল বোৰে সংগ্ৰামক এৱাই যোৱাৰ
কাৰণে ক্ৰমশঃই প্ৰতিক্ৰিয়াৰ দলত সোমাব ধৰিছে। এওঁ লোকৰ সম্বন্ধে
কোনো বিশেষ আলোচনা কৰাৰ দৰকাৰ নকৰে। তথাপিও তেওঁলোকে মস্ত মস্ত
বিপ্লৱৰ কথা কৈ থাকে—কংগ্ৰেচক খুব গালি দিয়ে। তেওঁলোকৰ কংগ্ৰেচৰ
বিৰুদ্ধে ঠিয় দিয়াৰ ইচ্ছা কমিউনিজিমৰ বিৰুদ্ধে ঠিয় দিয়াৰ ইচ্ছাতকৈ গৌণ।
মনত হয় যে কংগ্ৰেচৰ কাৰ্য্যকলাপৰ ফলত কমিউনিজিম বা সাম্যবাদৰ প্ৰসাৰ
লাভেই বোধ হয় তেওঁ লোকৰ বিশেষ দুশ্চিন্তা আৰু আপত্তিৰ কাৰণ। এওঁ
লোকৰ মুখ্য উদ্দেশ্য হল দেশ খনক গণতান্ত্ৰিক বা নিয়মতান্ত্ৰিক বাটলৈ ফিৰাই<noinclude></noinclude>
6tqdv3tbjjvmyidbkmq1ik6xgh3swc7
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৮
104
74703
257052
206062
2026-08-10T03:34:15Z
BabulB
104
257052
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৬]}}</noinclude>অনা—আহিব ধৰা ভোট যুদ্ধত যোগ দিয়া আৰু আইন সভাত সংখ্যাগৰিষ্ঠ
হোৱাৰ চেষ্টা কৰা। এই ধেমালীৰ—এই নিয়মতান্ত্ৰিকতাৰ নতুন কৰি কোনো
সমালোচনাৰ দৰ্কাৰ নাই—ইতিহাসৰ আবৰ্জনা স্তূপত বিচাৰিলেই
এই বোৰ নীতিৰ পৰিণাম জনা যায়। দক্ষিণ কলিকতাত কংগ্ৰেচৰ বিৰুদ্ধে
শৰৎ বোসৰ জয়কে এওঁ লোকে নতুন পথৰ ইঙ্গীত বুলি ভাবে আৰু
ককালত টঙালি বান্ধি লাগিছে এই বুলি যে এই বাটে দিয়েই জনতাৰ ৰাজ-
কায়েম হব। দক্ষিণ কলিকতাৰ ভোটৰ ফলাফলে আকৌ ভোট যুদ্ধ কৰাৰ
ইন্দীত দিয়া নাই—ইদীত দিছে কংগ্ৰেচক উচ্ছেদ কৰি দিবলৈ, বৈপ্লৱিক সংঘাত
হানিবলৈ ঐতিহাসিক অনুমতি। সেই সাহস, সেই কৰ্ম্মসূচী গ্ৰহণ কৰাৰ ক্ষমতা
এই বোৰ নকল বামপন্থী সকলৰ নাই—ভবিষ্যতে হবনে নাই সিয়ো সন্দেহ।
{{Dhr|1em}}
{{Rule|3em}}
{{center|{{larger|—চাৰি—}}}}
{{gap}}ভাৰতবৰ্ষ আৰু পাকিস্তানৰ বৰ্ত্তমান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰোতে
প্ৰথম কথাটোকে আকৌ মনত পেলাই দিয়া দৰ্কাৰ যে এই আন্তৰ্জাতিকতাৰ
যুগত কোনো দেশ বিশেষৰ অৱস্থাৰ বিশ্লেষণ কেতিয়াও আন্তৰ্জাতিক পৰিস্থিতিৰ
বাহিৰত বেলেগেকৈ বিচাৰ কৰিব নোৱাৰি। আমাৰ দেশত আজি সি সকলে
শাসকশ্ৰেণীৰ গদিত তেওঁলোকে আজি সৰ্ব্বোতভাবে এংলো-আমেৰিকান
সাম্ৰাজ্যবাদী সকলৰ পক্ষপুষ্ট— তেওঁলোকৰ শক্তি তেওঁলোকৰ প্ৰভু সকলৰ
শক্তিৰেই বিকাশ মাত্ৰ- যেনেকৈ আৰ্থিক সঙ্গতি ভাৰতীয় ৰাষ্ট্ৰৰ তহবিলটোৱেই
একমাত্ৰ নহয় তেনেকৈ সংগ্ৰাম শক্তিও দেশীয় ফৌজ কেইটাই একমাত্ৰ নহয়।
আজি ধনতান্ত্ৰিক সভ্যতাৰ এই চৰম দুদিনত ভাৰত আৰু পাকিস্তানৰ অনুচৰ
সকলক সহায় কৰিবলৈ এংলো-আমেৰিকান শক্তিয়ে বিন্দুমাত্ৰ দ্বিধা আৰু
পলম নকৰে। এই কথাটো সককৈ দেখাটো কেতিয়াও বুদ্ধিমানৰ কাম নহয়<noinclude></noinclude>
rizdy0vk8np5geu8nlza3mextqtfgn5
257053
257052
2026-08-10T03:34:32Z
BabulB
104
257053
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৬]}}</noinclude>অনা—আহিব ধৰা ভোট যুদ্ধত যোগ দিয়া আৰু আইন সভাত সংখ্যাগৰিষ্ঠ
হোৱাৰ চেষ্টা কৰা। এই ধেমালীৰ—এই নিয়মতান্ত্ৰিকতাৰ নতুন কৰি কোনো
সমালোচনাৰ দৰ্কাৰ নাই—ইতিহাসৰ আবৰ্জনা স্তূপত বিচাৰিলেই
এই বোৰ নীতিৰ পৰিণাম জনা যায়। দক্ষিণ কলিকতাত কংগ্ৰেচৰ বিৰুদ্ধে
শৰৎ বোসৰ জয়কে এওঁ লোকে নতুন পথৰ ইঙ্গীত বুলি ভাবে আৰু
ককালত টঙালি বান্ধি লাগিছে এই বুলি যে এই বাটে দিয়েই জনতাৰ ৰাজ-
কায়েম হব। দক্ষিণ কলিকতাৰ ভোটৰ ফলাফলে আকৌ ভোট যুদ্ধ কৰাৰ
ইন্দীত দিয়া নাই—ইদীত দিছে কংগ্ৰেচক উচ্ছেদ কৰি দিবলৈ, বৈপ্লৱিক সংঘাত
হানিবলৈ ঐতিহাসিক অনুমতি। সেই সাহস, সেই কৰ্ম্মসূচী গ্ৰহণ কৰাৰ ক্ষমতা
এই বোৰ নকল বামপন্থী সকলৰ নাই—ভবিষ্যতে হবনে নাই সিয়ো সন্দেহ।
{{Dhr|1em}}
{{Rule|3em}}
{{Dhr|1em}}
{{center|{{larger|—চাৰি—}}}}
{{gap}}ভাৰতবৰ্ষ আৰু পাকিস্তানৰ বৰ্ত্তমান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰোতে
প্ৰথম কথাটোকে আকৌ মনত পেলাই দিয়া দৰ্কাৰ যে এই আন্তৰ্জাতিকতাৰ
যুগত কোনো দেশ বিশেষৰ অৱস্থাৰ বিশ্লেষণ কেতিয়াও আন্তৰ্জাতিক পৰিস্থিতিৰ
বাহিৰত বেলেগেকৈ বিচাৰ কৰিব নোৱাৰি। আমাৰ দেশত আজি সি সকলে
শাসকশ্ৰেণীৰ গদিত তেওঁলোকে আজি সৰ্ব্বোতভাবে এংলো-আমেৰিকান
সাম্ৰাজ্যবাদী সকলৰ পক্ষপুষ্ট— তেওঁলোকৰ শক্তি তেওঁলোকৰ প্ৰভু সকলৰ
শক্তিৰেই বিকাশ মাত্ৰ- যেনেকৈ আৰ্থিক সঙ্গতি ভাৰতীয় ৰাষ্ট্ৰৰ তহবিলটোৱেই
একমাত্ৰ নহয় তেনেকৈ সংগ্ৰাম শক্তিও দেশীয় ফৌজ কেইটাই একমাত্ৰ নহয়।
আজি ধনতান্ত্ৰিক সভ্যতাৰ এই চৰম দুদিনত ভাৰত আৰু পাকিস্তানৰ অনুচৰ
সকলক সহায় কৰিবলৈ এংলো-আমেৰিকান শক্তিয়ে বিন্দুমাত্ৰ দ্বিধা আৰু
পলম নকৰে। এই কথাটো সককৈ দেখাটো কেতিয়াও বুদ্ধিমানৰ কাম নহয়<noinclude></noinclude>
njfk596c2klz1qyvhl6xyu66smcmfsy
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২৯
104
74704
257054
206063
2026-08-10T03:35:16Z
BabulB
104
257054
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৭]}}</noinclude>আৰু সেই কাৰণে পৃথিবীৰ যিকোনো অংশতে আজি এই এংলো-আমেৰিকান
শক্তিৰ বিৰুদ্ধে যুঁজ দিছে—যেনে ব্ৰহ্মদেশত, মালয়ত, ইন্দোচীনত, ইণ্ডোনে
চিয়াত, চীনত, গ্ৰীচত, কোৰিয়াত— সেই সকলো ঠাইতে তেওঁলোকক সহায়
কৰা ভাৰতীয় বিপ্লৱী সকলৰ স্বাৰ্থত এটা প্ৰধান কৰ্ত্তব্য। সেই বোৰ দেশলৈ
গৈ যে আমি যুঁজিব লাগিব সেইটো নহয়, তেওঁলোকৰ সংগ্ৰামৰ লগত লগ
হোৱা মানে অবিলম্বে ভাৰতবৰ্ষত গৃহযুদ্ধ আৰম্ভ কৰা, শত্ৰুক চাৰিও পিনৰ পৰা
আক্ৰমণ কৰা, শত্ৰুশক্তিক বিক্ষিপ্ত-বিচ্ছিন্ন কৰি পেলোৱা, তাক হায়ৰাণ কৰি
পেলোৱা আৰু আঘাতৰ পিচত আঘাত হানি শত্ৰুক ধ্বংস কৰি পেলোৱা।
এই এংলো-আমেৰিকান সাম্ৰাজ্যবাদী শক্তি প্ৰতিদিনে দূৰ্ব্বল আৰু
দেউলীয়া হৈ যাব ধৰিছে। ইয়োৰোপক পূৰ্ণজীৱিত কৰিবলৈ যি ‘মাৰ্চাল প্লেন’
ৰচনা কৰিছিল সেয়ে ইউৰোপক পুৰ্ণ জীৱিত কৰিব নোৱাৰিলে, আনকি
ইংলণ্ডৰে৷ বিশেষ কোনো উন্নতি কৰাব নোবাৰিলে—যদিও সাময়িক ভাবে
তাৰ সঙ্কটটোক কিছুদিনলৈ লাঘব কৰিছিল। সেয়েহে ইংলণ্ডত আৰ্থিক
সঙ্কটে দেখা দিছে আৰু দেখা দিছে বিৰাট বিৰাট বনুৱা ধৰ্ম্মঘটে ‘বহুৱা’
চৰকাৰৰ বিৰুদ্ধেই। এংলো-আমেৰিকান শক্তিয়ে চীন আৰু পূৰ্ব্ব এচিয়াত
সম্পূৰ্ণৰূপে পৰাজিত হব ধৰিছে আৰু এচিয়াত তেওঁলোকৰ সাম্ৰাজ্যবাদী নীতি
সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মধ্য এচিয়াত তেওঁলোকে আববৰ ওপৰত নিৰ্ভৰ কৰি
লজ্জাজনক ভাবে পৰাস্ত হৈছে। পশ্চিম ইয়োৰোপীয় যুক্ত সমৰ পৰিষদ আৰু
বুক্ত আত্মৰক্ষাৰ যি চুক্তি কৰিছে তাৰো ভবিষ্যত সম্বন্ধে তেওঁলোকে ক্ৰমেই হতাশ
হব ধৰিছে— তাৰ দ্বাৰা আমেৰিকাৰ দায়িত্ব বাঢ়িছে কিন্তু প্ৰকৃত শক্তি কিবা
বাঢ়িছে নে নাই সন্দেহ। জাপানতো অসন্তোষ ক্ৰমেই স্পষ্ট আৰু শক্তিশালী হব
ধৰিছে। তাৰোপৰি এটা দুৰ্দান্ত অৰ্থনৈতিক সঙ্কটে আজি সাম্ৰাজ্যবাদী ব্যৱস্থাকে
ক্ৰমশঃই এটা জটিল অৱস্থালৈ ঠেলি নিব ধৰিছে।
{{gap}}ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকে বেপৰোৱা ভাবে সমস্ত প্ৰকাৰ প্ৰতিক্ৰিয়াশীল
আৰু ফ্যাসিষ্ট পন্থী সকলৰ লগত হাত মিলাইছে—ক’তো কোনো প্ৰগতিশীল<noinclude></noinclude>
3qhbbvb1sc17m06sfsobozq5j9l506k
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/৩০
104
74705
257055
206064
2026-08-10T03:35:57Z
BabulB
104
257055
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{center|[২৮]}}</noinclude>শক্তিৰ লগত লগ হব পৰা নাই। নৈতিক গৰ্ব্ব কোনো ক্ষেত্ৰতে কৰিব
পৰা নাই আৰু জনসাধাৰণক ঠগাবলৈ কোনো অচিলাও বিচাৰি নোপোৱা
হৈছে—ফলত যুদ্ধ ঘোষণা কৰিবলৈ সাহস পোৱা নাই। একমাত্ৰ আনবিক
বোমাই হল তেওঁলোকৰ শক্তি—আৰু ইয়াকেলৈ যুদ্ধ ক্ষেত্ৰত থিয় দিবলৈ
তেওঁলোকৰ সাহস কমিবহে মাথোন - কেতিয়াও নাবাঢ়ে।
{{gap}}এইবোৰ দূৰ্ব্বলতা আৰু তাৰ ফলাফলে ভাৰত আৰু পাকিস্তানৰ ওপৰত
আৰু বেচি প্ৰভাব বিস্তাৰ কৰিব ধৰিছে। ভাৰতৰ শাসক শ্ৰেণীয়ে দিনকে
দিনে আতঙ্কিত হৈ উঠিছে। তাৰ বাহিৰেও ভাৰতৰ আৰু পাকিস্তানৰ
নিজা অৰ্থনৈতিক, ৰাজনৈতিক সমস্যাৰ বাহুল্যতা দেখিও হতাশ হব
লাগে। বাস্তুহাৰা সমস্যাই এটা দূৰাৰোগ্য বেমাৰৰ দৰে এওঁ-
লোকক ক্ষয় কৰি নিব ধৰিছে, বেপাৰ বাণিজ্যৰ ক্ৰমাগত মন্দাগতিয়ে
স্বনী সকলক হতাশ কৰি তুলিছে, নিবনুৱা সমস্যাই জোৰেৰে বাঢ়িব
ধৰিছে; বস্তু বাহানিৰ দামে মানুহক অতিষ্ঠ কৰি তুলিছে, পাকিস্তান আক
হিন্দুস্থানৰ মাজত যি বোৰ কাজিয়া তাৰ এটাৰে৷ কোনো মিমাংসা হোৱা
নাই, প্ৰত্যেকটো সমস্যাই ক্ৰমশঃ সমাধানহীন জটিলতাত মেৰ খাই যাব
ধৰিছে, কাশ্মিৰৰ সমস্যাই ক্ষয় ৰোগ দৰে ক্ষয় কৰি নিব ধৰিছে, ৰাজ-
স্তান সমস্যাত নতুন সঙ্কটে দেখা দিছে; তথাকথিত নতুন মন্ত্ৰিত্বকলৈয়ো
জনতাৰ অসন্তোষ ক্ৰমশঃ তীব্ৰ আৰু প্ৰকট হৈ আহিছে, খাদ্য সমস্যাই
সদায় দুৰ্ভিক্ষৰ ভয় দেখুৱাই আহিছে; কৃষক সমস্যাৰ অলপো সমাধান
হোৱা নাই, চৰকাৰী শিল্প পৰিকল্পনাই অৰ্থাভাবত ধীৰ গতিত টোপনিয়াব
ধৰিছে, কোনোটোৱেই সফল হোৱাৰ নাই সম্ভাৱনা সোনকালে হৈ উঠা
নাই, বিলাতত জমা থাকা ষ্টালিং ব্যালান্স দ্ৰুতগতিত নোহোৱা হৈ যাব
ধৰিছে, চৰকাৰী কৰ্ম্মচাৰী আৰু অফিচাৰ সকলৰ দূৰ্নীতি একোতেই কমা
নাই; বেপাৰী সকলৰ চোৰাং কাৰবাৰ অলপো 'কমা নাই, নিজৰ ভিতৰত
অৰ্থাৎ কংগ্ৰেচ, লীগৰ ভিতৰত অন্তদ্বন্দ্ব ক্ৰমশই বাঢ়িব ধৰিছে; আদিবাসী<noinclude></noinclude>
k74iw7phvdm047srutmt42co3jp6aoq
পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/৩১
104
74706
257056
233772
2026-08-10T03:36:23Z
BabulB
104
257056
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Babulbaishya" />{{rh||২৯|}}</noinclude>আৰু উত্তৰপূৰ্ব্ব ভাৰতত আৰু উত্তৰ পশ্চিম পাকিস্তানত ট্ৰাইবেল সকলে
ক্ৰমেই বিদ্ৰোহী হব ধৰিছে, কোনো ফাকিয়েই তেওঁলোকক সন্তুষ্ট কৰিব
পৰা নাই, প্ৰাদেশিকতা আৰু সাম্প্ৰদায়িকতা আদি এই বোৰে দুৰ্দ্দিনত আৰু
বেচি সংঘৰ্ষৰ ইন্ধন যোগাব ধৰিছে আৰু এই সকলো বোৰাতকৈ জনসাধাৰণে
ক্ৰমে সাম্যবাদৰ পিনে ঢাল খাইছে। আৰু আনপিনে ভাৰত আৰু
পাকিস্তানৰ সীমান্তত ‘ৰঙা ভূতে’ আগুৰি আহিব ধৰিছে, সীমান্ত ৰক্ষাৰ দায়িত্ব
আজি চাৰিগুণ বাঢ়িব ধৰিছে।
{{gap}}এই সংক্ষিপ্ত চিত্ৰটোৰেই ভাৰতীয় ধনতন্ত্ৰৰ বৰ্ত্তমান মহাসঙ্কটাকীৰ্ণ অৱস্থাক
{{SIC|বনৰ্ণা|বৰ্ণনা}} কৰাৰ পক্ষে যথেষ্ট। এক ভয়ানক বিদ্ৰোহ আৰু বিপ্লৱ ভাৰতীয়
শাসক শ্ৰেণীয়ে কোনো মতেহে বাধা দি ৰাখিছে—এই বাধা দিবলৈ সম্ভৱ হৈছে
বিপ্লৱবাদী সকলৰ অযোগ্যতাৰ কাৰণে। কিন্তু এই অযোগ্যতাও বেচি দিন
নাথাকিব— অৱস্থাৰ হেচাত ইতিমধ্যেই নতুন সঙ্কল্পই অ'ত ত'ত দেখা দিব
ধৰিছে—বহু ভুল বহু ভ্ৰান্তিৰ মাজেদিও শেষ পৰ্য্যন্ত আমি যোগ্যতা আৰু দৃঢ়তা
অৰ্জন কৰিব ধৰিছো।
{{gap}}আমাৰ নিজৰ ভিতৰৰ পৰা আজি সৰ্ব্বশক্তি দি সকলো দূৰ্ব্বলতাক আতৰাব
লাগিব। সকলো প্ৰকাৰ নিয়মতান্ত্ৰিক মোহ চিৰ দিনলৈ ত্যাগ কৰি
বিপ্লৱ-পন্থাক সৰ্ব্বান্তঃকৰণে গ্ৰহণ কৰিব লাগিব। গভীৰ সঙ্কট আৰু দুৰ্দ্দান্ত
প্ৰত্যাঘাতে আমাক দিনকে দিনে শক্তিশালী কৰি দিবলৈ বাধ্য।
আৰু সস্ত৷ পথ ত্যাগ কৰাৰ নিচিনা সাহস এতিয়াই দেখা দিছে!
মুক্তিৰ সহজ
{{gap}}আজিও বহু বাকী আছে। বিশেষকৈ জনসাধাৰণৰ মাজত প্ৰকৃত বৈপ্লৱিক
চেতনা আৰু প্ৰেৰণা জগাব লাগিব— নতুন সমাজ গঠন কৰাৰ উপযুক্ত দৃঢ়তা
সৃষ্টি কৰিব লাগিব—তাৰোপৰি হল সংঘাত সৃষ্টি কৰা, আঘাতৰ পিচত আঘাত
হানি যোৱা। এই অগ্নি পৰীক্ষাৰ মাজেদি আমি আকৌ মানুহ হব পৰিম—
অন্য কোনো সহজ পথ নাই। চিত্তৰ নিৰ্ভীকতা, চিন্তাৰ পৰিচ্ছন্নতা, দৃষ্টি
প্ৰসাৰতা, চৰিত্ৰৰ দৃঢ়তা, কৰ্ম্মৰ দক্ষতা আৰু নতুন নেতৃত্বৰ অবিচলিত ধাৰাই
এনেকৈয়ে গঢ়ি উঠিব--সংগ্ৰাম আৰু সচেতন আত্মত্যাগৰ মাজেদি।
{{Dhr|1em}}
{{Rule|5em}}<noinclude></noinclude>
lg6ght56n26xsxz2uuqmec9qshez0bq
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩১
104
93482
257059
255873
2026-08-10T06:35:51Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257059
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||পাত।|২৩}}</noinclude>পাতৰ গুৰিত অকণি অকণি পাতৰ দৰে লাগি থাকে। তেতিয়া এই উপপাতবোৰক 'লতিপাত' বোলা হয়।
{{gap}}নেমুটেঙ্গা, ৰেবাবটেঙ্গা প্ৰভৃতি কিছুমান গছৰ পাতৰ গুৰিৰ ফালে চৰাইৰ পাখিৰ নিচিনা একোটি সৰু পাত দেখা যায়। এইবিলাক হলে সেই সেই গছৰ উপপাত নহয়। উপপাতে প্ৰায়ে কোমল পাতক ঢাকি ৰাখে। সেই কাৰণে কোমল পাতবিলাক জাৰ, ৰ'দ, বৰষুণৰপৰা ৰক্ষা পৰে। টেঙ্গাৰ পাতৰ গুৰিৰ সেই সৰু পাতে কোমল পাতক নাঢাকে। এতেকে এইবিলাক উপপাত নহয়। এইবিলাক পাতক পাখিপাত বোলে। পণ্ডিত সকলে অনুমান কৰে যে, কাণ্ডকোষ ৰূপান্তৰিত হৈ পাখিপাতৰ সৃষ্টি কৰে।
{{center|{{larger|পাতৰ শুঙ আৰু কাঁইট।}}}}
{{gap}}অনেক গছৰ পাতৰ ওপৰ বা তলপিঠিত সৰু সৰু নোম লগোৱা থাকে। এই সৰু সৰু নোমবোৰক মানুহে শুঙ বোলে। আম, আঁহত, কঁঠাল প্ৰভৃতি গছৰ পাতৰ ওপৰ পিঠিত শুঙ নাই; তলৰ পিঠিত শুঙ আছে।
{{gap}}লাও, কোমোৰা, তিঁয়হ প্ৰভৃতিৰ পাতৰ শুঙ দীঘল। পাতৰ শুঙবিলাক নলৰ নিচিনা ফোঁপালা। এই নলবিলাক একৰকম তৰল ৰসেৰে ভৰা থাকে। চোৰাটৰ পাতৰ শুঙৰ ভিতৰৰ ৰস বিষাক্ত। চোৰাটৰ পাত গাত লাগিলেই সি গাত বিন্ধি ভাঙ্গে। তেতিয়া তাৰ ভিতৰৰ বিষাক্ত ৰস লাগি<noinclude></noinclude>
0cxwkopfv74pdzl4bae59z0ygwlzak7
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩২
104
93483
257060
255926
2026-08-10T06:39:16Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257060
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৪|উদ্ভিদ বিবৰণ|}}</noinclude>গাত জ্বলা পোৱা কৰে। বান্দৰ কেকোৱা লতাৰ ফলৰ গাত থকা শুঙৰ ভিতৰতো বিষাক্ত ৰস থাকে।
{{gap}}বেঙ্গেনা, ভেঁকুৰী প্ৰভৃতিৰ পাতৰ তলপিঠিত শুঙ থাকে। এইবিলাকৰ পাতৰ ওপৰপিঠিত যি কাঁইট থাকে সিও শুঙৰে ৰূপান্তৰ মাথোন।
{{gap}}শেৱালি, ডিমৰু প্ৰভৃতিৰ পাতৰ শুঙ টান কিন্তু বেঙ্গেনাৰ পাতৰ কাঁইটৰ নিচিনা চোকা নহয়। এনে পাতবোৰক খহটা পাত বোলা যায়। তুলাৰ নিচিনা কোমল আৰু মিহি শুঙ বহুত গছৰ পাতত আছে। আকণৰ পাতত এনে শুঙ দেখিবলৈ পোৱা যায়।
{{gap}}ধপাতৰ পাতত যিবিলাক শুঙ থাকে সেইবিলাকত এবিধ ৰস ওলাই পাতক আঠাল কৰি ৰাখে।
{{center|{{larger|পাতৰ শিৰ।}}}}
{{gap}}প্ৰাণীবিলাকৰ শৰীৰত যেনেকৈ শিৰ, উপশিৰ আছে, উদ্ভিদৰ পাততো তেনেকৈ শিৰ আৰু উপশিৰ দেখিবলৈ পোৱা যায়। বাৰিষা যেতিয়া গছৰ তলত পাতৰ কোমল ভাগ পচি যায়, তেতিয়া তাত ডাঙ্গৰ সৰু সকলোবোৰ শিৰ ভালকৈ দেখা যায়।
{{gap}}বাঁহ, ধান, কুঁহিয়াৰ প্ৰভৃতিৰ পাতৰ ঠাৰিৰ ওচৰৰপৰা শিৰবিলাক ওলাই সমান্তৰাল ভাবে পোনে পোনে কিছুদূৰ গৈ আগত লগ লাগে। পাতৰ এনে শিৰক সমান্তৰাল শিৰ বোলা<noinclude></noinclude>
hw590ocwfbjo3yexusoolchhrv4lgx9
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৩
104
93484
257061
255941
2026-08-10T06:43:12Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257061
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||পাত।|২৫}}</noinclude>যায়। সৰহভাগ এশহীয়া উদ্ভিদৰ পাতত এনেকৈ শিৰ সজোৱা দেখা যায়। এতেকে কেৱল পাতৰ শিৰ দেখিয়েই গছজোপা এশহীয়া নে দুশহীয়া তাক মোটামুটি ভাবে কব পৰা যায়।
{{gap}}আম, কঁঠাল, আঁহত প্ৰভৃতিৰ পাতৰ পাতঠাৰি বৰ্দ্ধিত হৈ পাতৰ আগলৈ পোনে পোনে বৈ যায়। এই বৰ্দ্ধিত পাতঠাৰি ডালক পাতৰ ঘাইশিৰ বোলে। তাৰ পাচত ঘাইশিৰৰ দুয়ো কাষে চৰাইৰ পাখিৰ নিচিনা সৰু শিৰ ওলাই দুয়ো কাষে বৈ যায়; এনে শিৰক 'পাখিশিৰ' বোলা যায়।
{{gap}}লাও, কোমোৰা, বগৰি, কপাহ প্ৰভৃতি কিছুমান গছৰ পাতত ঘাইশিৰ নাথাকে। এইবিলাক পাতৰ ঠাৰি বেটুৰ ওচৰৰপৰা তিনি, পাঁচ বা তাতোকৈ সৰহ ডাল ডাঙ্গৰ শিৰ ওলাই গোটেই পাতটোকে ঢাকি পেলায়, আৰু পাচত সেইবিলাকৰ পৰা যিবোৰ সৰু সৰু শিৰ ওলায়, সেইবোৰে পাতটোৰ শিৰ'ক জালৰ নিচিনা কৰে। এনেকুৱা শিৰক 'কৰাতলাকাৰ শিৰ' বুলিব পৰা যায়। কাৰণ এইবিলাকৰ ডাঙ্গৰ শিৰ কেইডালক হাতৰ আঙ্গুলি যেন দেখা যায়।
{{gap}}শেলুক, পদুম, কচু প্ৰভৃতিৰ পাতৰ শিৰ বিন্যাস আকৌ আন ৰকমৰ। এইবিলাকৰ ঠাৰি বেটুৰ ওচৰৰপৰা বহু ঘাইশিৰ ওলায় আৰু সেইবোৰ ছাতিৰ দণ্ডিৰদৰে পাতত সজোৱা থাকে। এনে শিৰক ‘ছত্ৰাকাৰ শিৰ' বুলিব পৰা যায়।
{{gap}}পাতত এই শিৰবোৰ থকাৰ পৰা দুটা কাম সিদ্ধ হয়। (১)<noinclude></noinclude>
1geoa32pzii6eyztsbwjc1bkloqgfip
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৪
104
93485
257062
255943
2026-08-10T06:47:23Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257062
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৬|উদ্ভিদ বিবৰণ|}}</noinclude>শিৰবোৰে পাতক দৃঢ় আৰু মজপুত কৰে। সেয়ে নহলে অলপ বতাহতে পাতবোৰ ফাটি গল হেতেন। (২) বতাহৰ পৰা এঙ্গাৰ গ্যাচ শুহিলৈ সূৰ্য্যৰ পোহৰৰ সাহায্যত পাতত যি খাদ্য তৈয়াৰ হয়, সেই খাদ্য শিৰৰ ভিতৰেদি প্ৰথমে চলে আৰু তাৰ পাচত গা-গছ, ঠাল-ঠেঙ্গুলি আৰু ফুল-ফললৈ যায়।
{{center|{{larger|পত্ৰ বিন্যাস।}}}}
{{gap}}ঠাৰিৰ যি ঠাইত পাত লাগি থাকে, সেই ঠাই খিনিৰ নাম পত্ৰ নিবাস। ঠাৰিৰ গাত দুই ৰকমে পাত লাগি থাকে। (১) লগ জোৰাৰে, (২) বেষ্টনী জোৰাৰে। লগ জোৰাৰে সংযুক্ত পাতৰ আগত ধৰি হলুৱাই আনিলে তাৰ ঠাৰি ডাল পত্ৰনিবাসৰ পৰা এৰোঁতে এটা শব্দ হয় আৰু জোৰাৰ ঠাইত ভাঙ্গে, যেনে এৰা পাত। বেস্টনী জোৰাৰে সংযুক্ত পাত হলুৱালে জোৰাৰ ঠাইত নাভাঙ্গে আৰু পাতৰ ঠাৰিয়ে গছৰ ঠাৰিক আংশিক বা সম্পূৰ্ণ মেঢ়াই ৰাখে। এইবিধ শুকাই গছৰ গাৰপৰা এৰি পৰে আৰু পত্ৰনিবাসত এটা চিন ৰৈ যায়। যেনে তামোল, নাৰিকল প্ৰভৃতিৰ পাত।
{{gap}}গছৰ ঠাৰিত পাতবিলাক কিছুমান নিৰ্দ্দিষ্ট নিয়মে সজোৱা থাকে। এক জাতীয় এজোপা গছত যি নিয়মে পাত সজোৱা থাকে, সেই জাতৰ সকলো গছতে সেই নিয়মৰ ব্যতিক্ৰম নহয়।
{{gap}}মধুৰিআম, জামু প্ৰভৃতি কিছুমান গছৰ ঠাল, ঠেঙ্গুলিৰ প্ৰতি গাঁঠিৰ দুয়ো কাষৰ পৰা দুটা পাত ওলাই পৰম্পৰ মুখামুখি<noinclude></noinclude>
rk04ovun3piyw28nnyh86r7mmeyfv1f
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৫
104
93486
257063
256434
2026-08-10T06:55:14Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257063
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||পাত।|২৭}}</noinclude>হৈ থাকে। এনেকৈ পাত সজোৱা প্ৰণালীক অভিমুখ পত্ৰ বিন্যাস বোলে।
{{gap}}আকণৰ পত্ৰবিন্যাস মধুৰিআমৰ নিচিনা নহয়। তাৰ ঠালটোৰ এজোৰ পাতে তলৰ আৰু ওপৰৰ পাত দুজোৰৰ লগত সমকোণ কৰে। এনে অভিমুখ পত্ৰবিন্যাসক সমকোণ অভিমুখ পত্ৰবিন্যাস বোলা যায়। অনুসন্ধান কৰিলে সমকোণ পত্ৰবিন্যাসৰ গছ বহুতো দেখিবলৈ পোৱা যায়।
{{gap}}কিছুমান গছৰ ঠাল ঠেঙ্গুলিৰ প্ৰতি গাঁঠিত এটাকৈ মাথোন পাত ওলায়। আৰু পাতবোৰ ঠিক ইস্ক্ৰুপৰ পেঁচৰদৰে সজোৱা থাকে। এনেকুৱা পত্ৰবিন্যাসক 'একান্তৰ' পত্ৰবিন্যাস বোলে। আতলচ, আম, কঁঠাল, তিসি প্ৰভৃতি বহুত গছৰ পাত একান্তৰ বিন্যাসত সজোৱা।
{{gap}}এটা আতলচৰ ঠালৰ এটা পাত যদি উত্তৰ মুখীয়া হৈ থাকে, তেন্তে সেই পাতটোৰ পাছৰ দ্বিতীয় পাতটো উত্তৰ মুখীয়া। কিন্তু আম গছৰ তেনে নহয়। তাৰ উত্তৰ মুখীয়া পাতটোৰ পাচৰ পঞ্চম পাতটোহে উত্তৰ মুখীয়া।
{{gap}}আতলচৰ ঠালটোৰ উত্তৰ মুখীয়া পাতটোৰ গুৰিত এডাল সূতা বান্ধি {{SIC|প্ৰতিটা|প্ৰতিটো}} পাতৰ গুৰিয়েদি মেঢ়াই নিলে, সূতা ডাল ইস্ক্ৰুপৰ পেঁচৰ দৰে ওপৰলৈ উঠি যাব। আৰু ঠালটোৰ গাত সম্পূৰ্ণ এমেৰ খাই দ্বিতীয় উত্তৰ মুখীয়া পাতটোৰ গুৰি পাব। বৈজ্ঞানিক পণ্ডিতসকলে পাতৰ এই নিয়মটো {{sfrac|১|২}} এই ভগ্নাংশেৰে প্ৰকাশ কৰে। {{sfrac|১|২}} ৰে এক মেৰত দ্বিতীয় পাতৰ মিল বুজায়।<noinclude></noinclude>
7qze7wixqpm1n6yo38qgs6r4248qqp7
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৬
104
93487
257064
256459
2026-08-10T07:00:23Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257064
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৮|উদ্ভিদ বিবৰণ।|}}</noinclude>আতলচ, কুঁহিয়াৰ, ধান প্ৰভৃতি বহু উদ্ভিদৰ একান্তৰ প্ৰণালীৰ পাত {{sfrac|১|২}} নিয়মে সজোৱা থাকে। {{sfrac|১|২}} নিয়মে সজোৱা পাতক 'বিপৰ্য্যস্ত বা পালপাত' বোলে।
{{gap}}মথা ঘাঁহৰ পাত {{sfrac|১|২}} নিয়মে সজোৱা থাকে অৰ্থাৎ এক মেৰত তৃতীয় পাতৰ মিল হয়।
{{gap}}আম, কঁঠাল, বড়, জামু প্ৰভৃতি গছৰ পাত {{sfrac|২|৫}} নিয়মে সজোৱা অৰ্থাৎ দুই মেৰত পঞ্চম পাতৰ মিল থাকে।
{{gap}}পণ্ডিতসকলে পৰীক্ষা কৰি {{sfrac|১|২}}, {{sfrac|১|৩}}, {{sfrac|২|৫}}, {{sfrac|৩|৮}}, {{sfrac|৫|১৩}}, {{sfrac|৮|২১}}, {{sfrac|১৩|৩৪}} আৰু {{sfrac|২১|৫২}} এই কেইটা নিয়মে একান্তৰ পাত সজোৱা উদ্ভিদ পাইছে।
{{gap}}শিমলু, কৰবী, চতিয়না প্ৰভৃতি গছৰ ঠাৰিৰ এটা গাঁঠিত তিনি, চাৰি বা তাতোকৈ সৰহ পাত ওলায়। এনে পত্ৰবিন্যাসক ছত্ৰাকাৰ পত্ৰবিন্যাস বোলে।
{{gap}}তাল জাতীয় গছৰ পাতবোৰ ঠিক ইটাৰ গাঁঠনিৰ দৰে সজোৱা থাকে।
{{gap}}প্ৰতি গাঁঠিৰ পৰা এটা মাথোন পাত ওলোৱাই গছৰ স্বাভাবিক নিয়ম। এতেকে কোনো গাঁঠিৰপৰা একাধিক পাত ওলোৱাৰ কাৰণ এই যে, সেই গাঁঠিত কেইটামান পাব লুপ্ত হৈ পাতৰ সংখ্যাৰ গাঁঠি লগ লাগে।
{{center|{{larger|পাতৰ গঠন।}}}}
{{gap}}পাতৰ শিৰে কি কাম কৰে তাক আগেয়ে কোৱা হৈছে। পাতত দুটা বেলেগ বেলেগ কোষৰ স্তৰ আছে। পাতৰ ভিতৰৰ<noinclude></noinclude>
h6c11f5li4toccf47ft9vu7mk4vjuup
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৭
104
93488
257065
256465
2026-08-10T07:08:41Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257065
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||পাত।|২৯}}</noinclude>কোষবোৰক পত্ৰান্তঃকোষ বোলা হয়। এই কোষবোৰৰ ভিতৰত সেউজীয়া বৰণৰ এবিধ বস্তু থাকে,—ইয়ে গছৰ পাতক সেউজীয়া কৰে। বৈজ্ঞানিকসকলে ইয়াক পত্ৰহৰিৎ (chlorophyll) বোলে।
{{gap}}পত্ৰান্তঃ কোষৰ তলত আৰু এথাক কোষ সজোৱা থাকে। এই কোষবোৰ আকৃতিত গোল আৰু ইহঁত গাত-গা লগা নহয়। এই দুবিধ কোষৰ তলে ওপৰে পাতৰ ছাল থাকে। কাচৰ দৰে চক্চকীয়া কিছুমান কোষ মিলি পাতৰ ছালৰ সৃষ্টি হয়। এই কোষবিলাকৰ ভিতৰত পত্ৰহৰিৎ অলপো নাথাকে।
{{gap}}পাতৰ ছালত বহু সৰু সৰু বিন্ধা আছে। কিন্তু ওপৰ পিঠিতকৈ তলৰ পিঠিত সৰহ। যিদিনা অতিপাত গৰম হয় আৰু বতাহত পনীয়া বাষ্প কম থাকে, সেইদিনা পাতৰ এই বিন্ধাবোৰ বন্ধ থাকে আৰু ঠাণ্ডা সময়ত খোলা থাকে। পাতৰ এই বিন্ধাবোৰৰ নাম বায়ুপথ। পাতৰ বায়ুপথ ৰাতি প্ৰায়ে বন্ধ থাকে।
{{gap}}অনেক গছৰ সেউজীয়া ডালতো পত্ৰহৰিতেৰে ভৰা বহু কোষ থাকে। এইবিলাকৰ ছালতো পাতৰ দৰে বায়ুপথ থাকে। কিন্তু পাতৰ বায়ুপথৰ দৰে ছালৰ বায়ুপথবিলাকৰ খোলা আৰু বন্ধ হোৱাৰ ব্যৱস্থা নাই। ছালৰ বিন্ধাবোৰ সদায় খোলা থাকে।
{{center|{{larger|পাতৰ কাম।}}}}
{{gap}}পাতৰ কাম চাৰি প্ৰকাৰ;—(১) আৱশ্যকীয় পনীয়া বস্তু শুহি লোৱা, (২) অতিৰিক্ত পনীয়া বস্তুক ভাপৰ আকাৰে<noinclude></noinclude>
rhj6mjevy4by5ngg4uikg3tuzka2jgv
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৮
104
93489
257066
256466
2026-08-10T07:13:02Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
257066
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩০|উদ্ভিদ বিবৰণ|}}</noinclude>উলিয়াই দিয়া, (৩) বায়ু গ্ৰহণ আৰু পৰিত্যাগ কৰা আৰু (৪) উদ্ভিদ ৰস প্ৰস্তুত কৰা।
{{gap}}(১) পাতৰ তলৰ পিঠিৰ ছাল পাতল আৰু সেই পিঠিত বায়ুপথ সৰহ। ঠাণ্ডা সময়ত আৰু বতাহত পনীয়া বাষ্প সৰহ থাকিলে বায়ুপথবিলাক খোলা থাকে। সেই বাবে তেতিয়া বতাহৰ পৰা পনীয় বাষ্প বায়ুপথে দি পাতৰ ভিতৰলৈ যায়।
{{gap}}(২) উদভিদ ৰসক ঘন কৰিবলৈ উদ্ভিদে পাতেদি অতিৰিক্ত পানী ভাগ ভাপৰ আকাৰে উলিয়াই দিয়ে। বাহিৰৰ বায়ুৰ অৱস্থা অনুসাৰে এই কামৰ হেৰফেৰ হয়। অৰ্থাৎ বায়ু নীৰস হলে এই কাম ভালকৈ চলে।
{{gap}}৩) পাতৰ বায়ুপথবোৰ খোলা থকা অৱস্থাত সেইবিলাকৰ ভিতৰেদি পাতৰ ভিতৰলৈ বতাহ সোমায়। পত্ৰান্তঃকোষত থকা পত্ৰহৰিতে বতাহৰ লগত ভিতৰলৈ যোৱা অঙ্গাৰাম্ল বাষ্প শুহি লয়। পাছত সূৰ্য্য কিৰণত ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা এঙ্গাৰ আৰু অম্লজান পৃথক {{SIC|হে|হৈ}} পৰে। তেতিয়া পত্ৰহৰিতে আচল এঙ্গাৰ ভাগ ৰাখি অম্লজান ভাগ বাহিৰ কৰি দিয়ে। দিনত—সূৰ্য্যৰ আলোকত পাতৰ এই কাম চলে। সেইবাবে অম্লজান বাষ্প দিনতহে পাতৰপৰা বাহিৰ হয়। কিন্তু আন্ধাৰত থাকিলে অম্লজান গ্ৰহণ কৰি অঙ্গাৰাম্লজান ত্যাগ কৰে। সকলো উদ্ভিৰে এই শক্তি সমান নহয়। জলীয় উদ্ভিদে থলৰ উদ্ভিদতকৈ সৰহ অম্লজান পৰিত্যাগ কৰে। উদ্ভিদৰ এই<noinclude></noinclude>
szt340p19nw6a68wlsm6l5povbyn7kl
শ্ৰেণী:কুমুদচন্দ্ৰ বৰদলৈৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ
14
93808
257041
2026-08-09T12:50:45Z
BabulB
104
"[[শ্ৰেণী:প্ৰকাশক অনুসৰি গ্ৰন্থ]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
257041
wikitext
text/x-wiki
[[শ্ৰেণী:প্ৰকাশক অনুসৰি গ্ৰন্থ]]
en3hqwen0s41i2p3o04zv6ocp34a40a