ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.22 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৯ 104 64799 260760 260271 2026-09-29T17:05:09Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260760 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত|১৭৯}}</noinclude>{{gap}}'''লৰ্ড ৰিডিং''' (১৯২১–১৯২৫) :—লৰ্ড চেম্‌চফোৰ্ডৰ পিছত লৰ্ড ৰিডিং ১৯২১ খৃঃত ভাৰতৰ ৰাজপ্ৰতিনিধি হৈ আহে। {{gap}}তেওঁ অহা সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসামূলক অসহযোগ আন্দোলন প্ৰৱলভাবে চলিছিল। লৰ্ড ৰিডিঙে এই আন্দোলন দমন কৰিবলৈ মহাত্মা গান্ধী প্ৰমুখ্যে অসংখ্য দেশ প্ৰেমিকক কাৰাৰুদ্ধ কৰে। দমননীতিৰ ফলত দেশত আন্দোলন নকমিল বৰং বেছিহে তীব্ৰ হৈ উঠিল। ঠায়ে ঠায়ে হিংসাত্মক ঘটনাও ঘটিল। সেই কাৰণে মহাত্মাই আন্দোলন বন্ধ কৰি দিয়ে। অসহযোগ আন্দোলন বন্ধ হোৱাৰ পিছত দেশবন্ধু চিত্তৰঞ্জন দাশ আৰু পণ্ডিত মতিলাল নেহৰু প্ৰভৃতি নেতাসকল জেলৰ পৰা ওলাই “স্বৰাজ্য দল” নামে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। মণ্টেগো-চেম্‌চফোৰ্ড শাসন-সংস্কাৰৰ অবসান ঘটাবৰ নিমিত্তে স্বৰাজ্য দলে আইন-পৰিষদত সোমায়। লৰ্ড ৰিডিঙে লোণ কৰ বঢ়াই দিছিল আৰু ফৌজদাৰী আইন সংশোধন কৰিছিল। {{gap}}'''লৰ্ড আৰুইন''' ( ১৯২৬–১৯৩১ ) :—লৰ্ড ৰিডিং বিলাতলৈ যোৱাৰ পিছত লৰ্ড আৰুইন ৰাজ-প্ৰতিনিধি স্বৰূপে ভাৰতলৈ আহে। তেওঁ আহিয়েই দেখিলে যে, অসহযোগ আন্দোলনৰ ফলত গোটেই ভাৰততে অশান্তি হৈছে; তেওঁ নানা উপায়েৰে দেশত শান্তি স্থাপিত কৰিবলৈ চেষ্টা কৰিছিল। {{gap}}'''চাইমন কমিচন :—'''ভাৰতৰ ৰাজনৈতিক অৱস্থা আৰু ভাৰতীয় সকলৰ দাবীৰ ন্যায্যতা তদন্ত কৰিবৰ নিমিত্তে বৃটিচ পাৰ্লামেন্টে চাৰ জন চাইমনৰ নেতৃত্বত এটা কমিটি ভাৰতলৈ পঠায়। {{nop}}<noinclude></noinclude> 9xlyj8a2effuz6td774nhun1mzqnozi পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯০ 104 64801 260761 260239 2026-09-29T17:06:13Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260761 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮০|ভাৰত বুৰঞ্জী|}}</noinclude>{{gap}}ভাৰতৰ নানা ঠাইত ঘূৰি ভাৰতৰ বিষয়ে এটা ৰিপোৰ্ট বৃটিচ পাৰ্লামেণ্টলৈ পঠায়। চাইমন {{Img float | file = ভাৰত বুৰঞ্জী (page 190 crop).jpg | width = 220px | align = center | cap ={{smaller|লৰ্ড আৰুইন।}}}}কমিচনত কোনে ভাৰতীয় সদস্য নাছিল। সেই কাৰণে চাইমন কমিচনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হৈছিল। ১৯৩০ খৃঃত চাইমন কমিচনৰ ৰিপোৰ্ট প্ৰকাশিত হয়। {{gap}}'''আইন অমান্য আন্দোলন''' (১৯৩০):—১৯৩০ খৃঃত মহাত্মা গান্ধীৰ নেতৃত্বত আকৌ “আইন অমান্য” আৰু বিদেশী বস্তু বৰ্জ্জন আন্দোলন আৰম্ভ হল। দেশজুৰি লোণকৰৰ প্ৰতিবাদ কৰি লোণ আইন অমান্য আন্দোলন হল। বিপ্লববাদী যুবক সকলে চট্টগ্ৰামৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰিলে (১৯৩৭ )। সদৌ ভাৰতত ব্যাপক আন্দোলন আৰম্ভ হল। {{gap}}'''প্ৰথম ঘুৰণীয়া মেজৰ মেল''' :—চাইমন কমিচনে ভাৰতৰপৰা ঘূৰি যোৱাৰ পিছত ইংলণ্ডত চাইমন ৰিপোৰ্ট আৰু ভাৰতক<noinclude></noinclude> hkavllmnqn54pi9zoktdtsc6sjrakgg পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯১ 104 64802 260762 260273 2026-09-29T17:07:02Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260762 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত|১৮১}}</noinclude>স্বায়ত্বশাসন দিয়া সম্পর্কে আলোচনা কৰিবলৈ ১৯৩০ খৃঃত প্ৰথম ঘূৰণীয়া মেজৰ মেল বহে। কংগ্ৰেছে প্ৰথম ঘূৰণীয়া মেজৰ মেলত যোগদান দিয়া নাছিল। {{gap}}'''গান্ধী-আৰুইন চুক্তি :—'''প্ৰথম ঘূৰণীয়া মেজৰ মেলৰ পিছত, লর্ড আৰুইন আৰু মহাত্মা গান্ধীৰ ভিতৰত এক চুক্তি হয় ৷ ফলত আইন অমান্য আন্দোলন স্থগিত হয় আৰু দ্বিতীয় ঘূৰণীয়া মেজৰ মেলত কংগ্ৰেচৰ একমাত্ৰ প্ৰতিনিধি হিচাবে মহাত্মা গান্ধীয়ে যোগদান কৰিবলৈ মান্তি হয়। {{gap}}'''লর্ড উইলিংডন''' ( ১৯৩১–১৯৩৬ ) :— লৰ্ড আৰুইনৰ পিছত (১৯৩১) লর্ড উইলিংডন ভাৰতৰ বৰলাটস্বৰূপে আহে। {{Img float | file = ভাৰত বুৰঞ্জী (page 191 crop).jpg | width = 270px | align = center | cap ={{smaller|লর্ড উইলিংডন।}}}} {{nop}}<noinclude></noinclude> 2ki6nohiphk4xqvf7oumh35fyggcu6k পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯২ 104 64803 260763 260274 2026-09-29T17:08:28Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260763 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮২|ভাৰত বুৰঞ্জী|}}</noinclude>{{gap}}'''দ্বিতীয় ঘূৰণীয়া মেজৰ মেল :—'''এওঁৰ দিনতে দ্বিতীয় ঘূৰণীয়া মেজৰ মেল বহিছিল। মহাত্মা গান্ধীয়ে এই মেলত যোগদান কৰিছিল; কিন্তু বৃটিচ চৰকাৰে মহাত্মাৰ দাবী স্বীকাৰ নকৰাত কংগ্ৰেচ অসন্তুষ্ট হল। মহাত্মা গান্ধী বিষাদ মনেৰে ভাৰতলৈ উলটি আহিল। বোম্বাইত পদাৰ্পণ কৰাৰ পিছতেই তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। 'আইন অমান্য আন্দোলন' আকৌ আৰম্ভ হল (১৯৩২)। লর্ড উইলিংডনে কংগ্ৰেচ আৰু ভাৰতৰ আন আন ৰাজনৈতিক প্রতিষ্ঠানসমূহক বে-আইনি বুলি ঘোষণা কৰিলে। তেওঁ আন্দোলন দমন কৰিবলৈ উঠি পৰি লাগিল। {{gap}}এওঁৰ শাসনকালতে লণ্ডনত '''তৃতীয় ঘূৰণীয়া মেজৰ মেলো''' বহে। এই সময়তে বৃটিচ চৰকাৰে ভাৰত শাসনতন্ত্র সংস্কাৰৰ কাৰণে কেইটামান প্রস্তাব উত্থাপন কৰে। প্রস্তাব কেইটাৰ মৰ্ম্ম হল—প্রদেশসমূহত সীমাবদ্ধ স্বায়ত্ব শাসন প্ৰৱৰ্ত্তন আৰু কেন্দ্ৰত যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা। এই প্রস্তাব কেইটাৰ ওপৰত ভিত্তি কৰি বৃটিচ পার্লামেন্টে নতুন এক ‘ভাৰত-শাসন আইন’ বিধিবদ্ধ কৰে (১৯৩৫)। {{gap}}'''ভূমিকম্প :—'''লর্ড উইলিংডনৰ শাসনকালতে বিহাৰত (১৯৩৪) আৰু ১৯৩৫ খৃঃৰ মে’ মাহত কোয়েটাত ভূমিকম্প হৈ অশেষ লোকৰ প্ৰাণহানি আৰু সম্পত্তি ধ্বংস কৰিলে ৷ {{gap}}'''সম্রাট অষ্টম এডওৱার্ড :—'''১৯৩৬ খৃঃৰ ২০ জানুৱাৰিৰ দিনা সম্রাট পঞ্চম জৰ্জৰ মৃত্যু হোৱাত তেওঁৰ পুতেকে অষ্টম এডওৱাৰ্ড নামলৈ সিংহাসনত বহে। {{nop}}<noinclude></noinclude> 14lpobe46khsquk8iimi1y2gukva3f5 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৩ 104 64804 260764 260246 2026-09-29T17:09:57Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260764 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত| ১৮৩}}</noinclude>{{gap}}'''লৰ্ড লিন্‌লিঠ্‌গো:—'''১৯৩৬ খৃঃৰ এপ্ৰিল মাহত {{Img float | file = ভাৰত বুৰঞ্জী (page 193 crop).jpg | width = 220px | align = right | cap ={{smaller|লৰ্ড লিন্‌লিঠগো।}}}}লৰ্ড উইলিংডনে কামৰপৰা অৱসৰ লোৱাত তেওঁৰ ঠাইত '''লৰ্ড লিন্‌লিঠ্‌গো''' ভাৰতৰ ৰাজপ্ৰতিনিধি হৈ আহে। {{gap}}'''সম্ৰাট ষষ্ঠ জৰ্জ্জঃ—'''ব্যক্তিগত কাৰণ এটি লৈ সম্ৰাট ৮ম এড্ওৱাৰ্ডে নিজ ইচ্ছাৰে সিংসাসন ত্যাগ কৰাত তেওঁৰ কৃতি ভায়েকে ষষ্ঠ জৰ্জ্জ নামলৈ (১৯৩৬, ১১ ডিচেম্বৰ) সিংহাসন আৰোহন কৰে। {{gap}}'''ভাৰত-শাসন আইনঃ-'''১৯৩৭ খৃঃৰ ১ এপ্ৰিলৰ পৰা ভাৰতবৰ্ষত নতুন ভাৰত-শাসন আইন (১৯৩৫) প্ৰৱৰ্ত্তিত হয়। এই আইন অনুসাৰে ব্ৰহ্মদেশক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি, অসম, বঙ্গ, বিহাৰ, উৰিষ্যা, যুক্তপ্ৰদেশ, পঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, সিন্ধু, বোম্বাই, মাদ্ৰাজ, আৰু মধ্যপ্ৰদেশ-বেৰাৰ—এই এঘাৰখন প্ৰদেশত প্ৰাদেশিক স্বায়ত্বশাসন (Provincial Autonomy) প্ৰৱৰ্ত্তন কৰা হয়। {{nop}}<noinclude></noinclude> jmf3il2sjssh0xcsfdt3jboup969vtk পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৪ 104 64805 260765 260285 2026-09-29T17:10:58Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260765 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮৪|ভাৰত বুৰঞ্জী|}}</noinclude>প্রাদেশিক আইন সভাসমূহৰ নিৰ্বাচনত বঙ্গ, সিন্ধু আৰু পঞ্জাৱৰ বাহিৰে বাকী প্রদেশবিলাকত কংগ্ৰেচী দলেই সংখ্যাধিক্যতা লাভ কৰে। ফলত বঙ্গ, সিন্ধু আৰু পঞ্জাৱৰ বাহিৰে বাকী আঠখন প্ৰদেশত কংগ্ৰেচী মন্ত্রিসভা প্রতিষ্ঠিত হয়। {{gap}}'''দ্বিতীয় মহাসমৰ আৰু ভাৰতবৰ্ষ :—''' ১৯৩৯ খৃঃৰ ১ চেপ্তেম্বৰৰ দিনা জার্ম্মানিয়ে ডানজিগ আৰু পোলেণ্ড আক্রমণ কৰে। ১৯৩৯ খৃঃৰ তিনি চেপ্তেম্বৰৰ দিনা ইংৰাজ আৰু ফৰাচীয়ে জাৰ্ম্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই দৰে দ্বিতীয় মহাসমৰ আৰম্ভ হয়। ১৯৪১ খৃঃৰ জুন মাহত হঠাৎ জার্ম্মানিয়ে ৰুচিয়াৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে। এই বছৰৰ শেষভাগত জাপানেও ইংলণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ফলত এই যুদ্ধ এখন বিশ্ব যুদ্ধত পৰিণত হয়। {{gap}}বৃটিচে যুদ্ধ প্ৰচেষ্টাত ভাৰতবাসীৰ সহায়-সমৰ্থন বিচৰাত যুদ্ধৰ পিছত ভাৰতবৰ্ষক সম্পূর্ণ স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিলেহে কংগ্ৰেচে সহযোগ কৰিব বুলি কলে। বৃটিচ চৰকাৰে এই প্রতিশ্রুতি নিদিয়াত কংগ্ৰেচী মন্ত্ৰীসকলে পদত্যাগ কৰিবলৈ বাধ্য হয়। {{gap}}১৯৪০ খৃঃত মুছলিম লিগ নেতা মহম্মদ আলি জিন্নাই পাকিস্তানৰ দাবী কৰে। এই সময়তে মহাত্মা গান্ধীৰ নিৰ্দ্দেশত ব্যক্তিগত আইন অমান্য আন্দোলন আৰম্ভ হয়। {{gap}}১৯৪২ খৃঃৰ আগভাগত জাপানে সদৌ ব্রহ্মদেশ জয় কৰে। এই সময়তে ভাৰতবৰ্ষৰ বহুতো ঠাইত জাপানে বোমা বর্ষণ কৰে। {{nop}}<noinclude></noinclude> jv9fop4zs2xbnl6t0rfy92bo34jc6rv পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৫ 104 64806 260766 260288 2026-09-29T17:12:15Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260766 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত |১৮৫}}</noinclude>{{gap}}'''ক্রিপচৰ দৌত্য :—''' ১৯৪২ খৃঃৰ প্ৰথম ছোৱাত জাপানৰ ভাৰত আক্ৰমণৰ সম্ভাৱনা দেখা গৈছিল। এই সন্ধিক্ষণত ভাৰতবাসীৰ আন্তৰিক সহযোগীতা লাভৰ কাৰণে ইংলণ্ডৰ মন্ত্রিসভাই বৃটিচ-মন্ত্ৰী চাৰ ষ্টাফোর্ড ক্রিপচক ভাৰতলৈ পঠায়। তেওঁ প্ৰস্তাব কৰে যে যুদ্ধৰ শেহত ভাৰতে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব, কিন্তু যুদ্ধ শেহ নোহোৱালৈকে ভাৰতবৰ্ষ আগৰ নিচিনা ইংলণ্ডৰ কৰ্তৃত্বাধীনত থাকিব। ভাৰতীয় নেতাসকল বৰলাটৰ শাসন পৰিষদৰ সভ্য হব পাৰিব, কিন্তু সকলো বিষয়তে চৰম ক্ষমতা আৰু দায়িত্ব বৰলাটৰ হাতত থাকিব। ক্রিপচৰ প্রস্তাব কংগ্ৰেচে গ্ৰহণ নকৰিলে। মুছলিম লিগেও ক্রিপ্‌চৰ প্ৰস্তাব প্রত্যাখ্যান কৰিলে। {{gap}}'''১৯৪২ৰ গণবিপ্লব :—'''১৯৪২ খৃঃৰ আগষ্ট মাহত বোম্বাইত কংগ্ৰেচে বৃটিচ চৰকাৰৰ বিৰোধিতা কৰি “ভাৰত, ত্যাগ” “Quit India” প্রস্তাব গ্ৰহণ কৰে। প্ৰস্তাব কাৰ্য্যত পৰিণত হোৱাৰ আগতে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰুকে আদি কৰি জাতীয়তাবাদী নেতাসকলক কাৰাৰুদ্ধ কৰা হল। লগে লগে দেশ জুৰি বিপ্লবী আন্দোলন আৰম্ভ হল। বৃটিচ চৰকাৰৰ অনুষ্ঠানবোৰ আক্ৰমণ কৰি মানুহে সুকীয়া চৰকাৰ স্থাপনত লাগিল ৷ দেশ জুৰি বিদেশী শাসনৰ বিৰুদ্ধে গণযুদ্ধ আৰম্ভ হল। এই আন্দোলনে অসমত ভীষণ আকাৰ ধাৰণ কৰিছিল। জাপানৰ লগত যুঁজিবৰ কাৰণে সেই সময়ত অসমত বৃটিচ সৈন্য সাজু হৈ আছিল। সেই সৈন্য আৰু পুলিচৰ সহায়ত মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ হল। পুলিচৰ গুলিত<noinclude></noinclude> hu84c238bz3f0v2nttcvgfyso7yetcc পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৬ 104 64807 260767 260296 2026-09-29T17:13:51Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260767 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮৬|ভাৰত বুৰঞ্জী|}}</noinclude>কনকলতা, ভোগেশ্বৰী ফুকননী আদিয়ে দেশৰ কাৰণে প্ৰাণ দিয়ে। কুশল কোৱঁৰক যোৰহাট জেইলত ফাঁচী দিয়া হয়। তেওঁলোকৰ নাম স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত জিলিকি থাকিব। {{gap}}'''বঙ্গদেশত আকাল :—'''১৯৪৩ খুঃত বঙ্গদেশত এক ভীষণ দুৰ্ভিক্ষ হয় আৰু তাৰ ফলত কেইবা লাখো মানুহৰ প্ৰাণনাশ হয়। {{center|'''{{larger|লৰ্ড ওৱাভেল (১৯৪৩—৪৭)}}'''}} {{gap}}লৰ্ড লিন্‌লিঠ্‌গোৱে অৱসৰ লোৱাত ভাৰতৰ ভূতপূৰ্ব প্ৰধান সেনাপতি লৰ্ড ওৱাভেলে ১৯৪৩ খৃঃ অক্টোবৰ মাহত শাসনভাৰ গ্ৰহণ কৰে। তেওঁ আহিয়েই বঙ্গদেশৰ দুৰ্ভিক্ষ নিবাৰণত উঠিপৰি লাগে। {{gap}}'''আজাদ হিন্দ ফৌজৰ আক্ৰমণ :—'''১৯৪১ খৃঃৰ জানুৱাৰি মাহত ভাৰতৰ অন্ততম নেতা সুভাষচন্দ্ৰ বসুৱে গোপনে ভাৰত ত্যাগ কৰে। তেওঁ জাৰ্ম্মানি আৰু জাপানৰ সহায় লৈ বৃটিচৰ ভাৰত-সাম্ৰাজ্য ধ্বংশ কৰিবৰ উদ্দেশ্যে এক ইংৰাজ বিৰোধী ভাৰতীয় সৈন্য বাহিনী গঢ়ি তুলিছিল। তেওঁৰ পৰিচালনাত “আজাদ হিন্দ (স্বাধীন ভাৰত) চৰকাৰ” আৰু “আজাদ হিন্দ ফৌজ” গঠিত হৈছিল। ১৯৪৪ খৃঃৰ মাৰ্চ মাহত আজাদ হিন্দ ফৌজে ব্ৰহ্ম-সীমান্ত অতিক্ৰম কৰি ভাৰত-ভূমিত ভৰি দিয়েহি।<noinclude></noinclude> h0lvggi3rfh6tnyge6q67a74mcqr4i7 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৮ 104 64809 260768 260283 2026-09-29T17:15:38Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260768 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৮৮|ভাৰত বুৰঞ্জী|}}</noinclude>আনবিক বোমা (Atom Bomb) ব্যৱহাৰ কৰে। এই আনবিক বোমা ব্যৱহাৰত জাপানে বিনা সৰ্ত্তে আত্মসমৰ্পণ কৰে (চেপ্তেম্বৰ, ১৯৪৫)। {{gap}}এইদৰে সুদীৰ্ঘ ৬ বছৰৰ মূৰত দ্বিতীয় মহাসমৰৰ অৱসান হয়। মিত্রশক্তিয়ে যুদ্ধত জয় লাভ কৰি জার্ম্মান আৰু জাপানে অধিকাৰ কৰা ৰাজ্যবোৰ পুনৰুদ্ধাৰ কৰি, পৃথিবীত সৰ্ব্বপ্ৰকাৰ শান্তি প্রতিষ্ঠা কৰিবৰ উদ্দেশ্যে এখন “সম্মিলিত জাতি সঙ্ঘ” (U. N. O.) স্থাপন কৰিলে। {{gap}}'''চিমলাৰ সম্মিলন :—'''লর্ড ওৱাভেলৰ শাসন কালতে দ্বিতীয় মহাসমৰৰ ওৰ পৰে। ১৯৪৫ খৃঃৰ জুন মাহত লর্ড ওৱাভেলে ৰাজনৈতিক সমস্যা সমাধানৰ কাৰণে এটি নতুন প্রস্তাব উপস্থিত কৰি কংগ্ৰেচী নেতাসকলক মুক্তি দিয়ে। তেওঁৰ উদ্যোগত চিমলাত বিভিন্ন ৰাজনৈতিক দলবোৰৰ সম্মিলন হয়। কিন্তু কংগ্ৰেচ আৰু মুছলিম লিগৰ মতানৈক্য হোৱাত এই সম্মিলন ব্যর্থ হয়। {{gap}}'''নতুন নির্ব্বাচন :—'''১৯৪৫–৪৬ খৃঃৰ শীতকালত কেন্দ্ৰীয় আৰু প্ৰাদেশিক আইন সভাসমূহৰ নতুন নির্ব্বাচন হয়। {{gap}}'''মন্ত্রী-মিচন :—'''ইতিমধ্যে ইংলণ্ডতো নতুন নিৰ্ব্বাচন হৈ আগৰ ৰক্ষণশীল দলৰ হাতৰ পৰা শ্ৰমিক দলৰ হাতলৈ শাসনভাৰ আহে। মিঃ এটলি প্রধান মন্ত্রী হয় আৰু লৰ্ড পেঠিক লৰেঞ্চ ভাৰত-সচিব হয়। ১৯৪৬ খৃঃৰ মাৰ্চ মাহত লৰ্ড পেঠিক লৰেঞ্চ দুজন মন্ত্ৰী চাৰ ষ্টাফোর্ড ক্রিপচ আৰু মিঃ এ, ভি, আলেকজেণ্ডাৰক লগত লৈ ভাৰতলৈ আহে। তেওঁলোকে<noinclude></noinclude> 4taiqbcfo8xe0wxms37h1t5ik1ux00s পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৯ 104 64811 260769 260284 2026-09-29T17:16:58Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260769 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত|১৮৯}}</noinclude>বিভিন্ন দলৰ নেতা সকলৰ লগত দীৰ্ঘকাল আলোচনা কৰি উভতি গৈ বৃটিচ মন্ত্ৰিসভাৰ লগত পৰামৰ্শ কৰি ভাৰত সম্পৰ্কে এক সিদ্ধান্ত কৰে। এইবাৰো কংগ্ৰেচ আৰু লিগৰ মাজত আপোচ নোহোৱাত মন্ত্ৰী-মিচনে এক পৰিকল্পনা প্ৰচাৰ কৰিলে (১৬ মে, ১৯৪৬)। এই পৰিকল্পনা মতে শাসনতন্ত্ৰ ৰচনাৰ কাৰণে এখন গণ-পৰিষদ (Constituent Assembly) আৰু শাসনকাৰ্য্য পৰিচালনাৰ কাৰণে এখন অন্তবৰ্ত্তী চৰকাৰ গঠনৰ প্ৰস্তাব কৰা হল। কংগ্ৰেচে এই প্ৰস্তাব গ্ৰহণ কৰিলে; লিগে প্ৰথমে গ্ৰহণ কৰি পিছত বৰ্জ্জন কৰিলে। {{gap}}'''গণ-পৰিষদ স্থাপন :—'''১৯৪৬ খৃঃৰ জুলাই মাহত গণ-পৰিষদ গঠিত হয়। গণ-পৰিষদত কংগ্ৰেচী দলে সংখ্যাধিক্যতা লাভ কৰে। মুছলিম লিগে মন্ত্ৰী-মিচনৰ প্ৰস্তাব প্ৰত্যাখ্যান কৰি পাকিস্তান লাভৰ কাৰণে “প্ৰত্যক্ষ সংগ্ৰাম” আৰম্ভ কৰে। ১৯৪৬ খৃঃৰ ১৬ আগষ্টৰ দিনা কলিকতাত অসম্ভব ৰকমৰ সাম্প্ৰদায়িক কটা মৰা আৰম্ভ হয়। {{gap}}'''অন্তবৰ্ত্তী চৰকাৰ গঠন :—'''মন্ত্ৰী-মিচনৰ প্ৰস্তাৱ অনুসৰি পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত এক অন্তবৰ্ত্তী জাতীয় চৰকাৰ প্ৰতিষ্ঠিত হয় আৰু ১৯৪৬ খৃঃৰ ২ চেপ্তেম্বৰ তাৰিখে এই চৰকাৰে শাসনভাৰ গ্ৰহণ কৰে। কিছুদিনৰ পিছত মুছলিম লিগ দলে মন্ত্ৰিসভাত যোগদান কৰে। {{gap}}১৯৪৬ খৃঃৰ ৯ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত গণ-পৰিষদৰ অধিবেশন আৰম্ভ হল; কিন্তু মুছলিম লিগে এই গণ-পৰিষদ বৰ্জ্জন কৰে। {{nop}}<noinclude></noinclude> cbhgyb1s4fd2488nusib9gu1uhie3y6 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০০ 104 64812 260770 260253 2026-09-29T17:18:09Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260770 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৯০|ভাৰত বুৰঞ্জী|}}</noinclude>{{gap}}মুছলিম লিগে গণ পৰিষদ বৰ্জ্জন কৰি জাতীয় চৰকাৰত যোগদান কৰাত শাসন ব্যৱস্থা অচল হৈ পৰিল। মন্ত্ৰী-মিচনৰ পৰিকল্পনা কাৰ্য্যকৰী নোহোৱাত {{Img float | file = ভাৰত বুৰঞ্জী (page 200 crop).jpg | width = 220px | align = left | cap ={{smaller|লৰ্ড মাউণ্টবেটেন।}}}} {{gap}}১৯৪৭ খৃঃৰ ২০ ফেব্ৰুৱাৰি তাৰিখে বৃটিচ প্ৰধান মন্ত্ৰী মিঃ এটলিয়ে ভাৰতৰ শাসন ভাৰ ১৯৪৮ খৃঃৰ জুন মাহৰ ভিতৰতে ভাৰতীয়ৰ হাতত গটোৱা হব বুলি ঘোষণা কৰে। এই গুৰু কাৰ্য্যভাৰ সম্পন্ন কৰিবলৈ লৰ্ড ওৱাভেলৰ ঠাইত লৰ্ড মাউন্টবেটেনক নিযুক্ত কৰি ভাৰতলৈ {{SIC|পৰঠোৱা|পঠোৱাৰ}} সিদ্ধান্তও ঘোষিত হয়। {{gap}}'''সাম্প্ৰদায়িক কটা-মৰা :—'''প্ৰধান মন্ত্ৰী এটলিৰ ঘোষণাৰ পিছতেই কলিকতা, নোৱাখালি বিহাৰ, বোম্বাই, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পঞ্জাৱ আদিত অসম্ভব ৰকমৰ সাম্প্ৰদায়িক কটা মৰা আৰম্ভ হয়। {{center|'''লৰ্ড মাউন্টবেটেন (১৯৪৭-৪৮)।'''}} {{gap}}১৮৪৭ খৃঃৰ মাৰ্চ মাহত লৰ্ড মাউন্টবেটেনে কাৰ্য্যভাৰ গ্ৰহণ কৰে। লৰ্ড মাউন্টবেটেন বৃটিচ শাসনাধীন ভাৰতৰ শেহ {{hws|ভাই|ভাইচৰয়}}<noinclude></noinclude> qmhxmnoyl0jn3d8406leo0f0cv8zz4v পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০১ 104 64813 260771 260302 2026-09-29T17:19:34Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260771 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত|১৯১}}</noinclude>{{hwe|চৰয়|ভাইচৰয়}}। তেওঁ ভাৰতলৈ আহি প্ৰথমে দেশৰ ভিন্‌ ভিন্‌ দলৰ নেতা সকলৰ লগত আলোচনা আৰম্ভ কৰিলে। কংগ্ৰেচ আৰু মুছলিম লিগৰ ভিতৰত বিবাদৰ কোনো মিমাংসা হোৱাৰ আশা নেদেখি ভাৰতক খণ্ডিত কৰা আচঁনি তেওঁ হাতত লবলগাত পৰিছিল। {{gap}}'''ভাৰত-বিভাগ :—'''লৰ্ড মাউন্টবেটেনৰ পৰিকল্পনাকে ১৯৪৭ খৃঃৰ ৩ জুন তাৰিখে এটলিয়ে ঘোষণা কৰে। কংগ্ৰেচ, লীগ আৰু শিখে এই আঁচনি গ্ৰহণ কৰে। ফলত ১৫ আগষ্টৰ পৰা ভাৰতবৰ্ষ ভাৰত ইউনিয়ন আৰু পাকিস্তানত বিভক্ত হয়। পশ্চিম-পঞ্জাৱ, সিন্ধু, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, বেলুচিস্তান, পূৰ্ব্ব-বঙ্গ আৰু অসমৰ শ্ৰীহট্ট জিলাৰ অধিকাংশ লৈ পাকিস্তান গঠিত হল। বাকী অংশ ভাৰত ইউনিয়ন নামে পৰিচিত হল। {{gap}}'''ভাৰতৰ স্বাধীনতা আইন (১৯৪৭) :—'''১৯৪৭ খৃঃৰ জুলাই মাহত বৃটিচ পাৰ্লামেন্টে ভাৰতৰ স্বাধীনতা আইন বিধিবদ্ধ কৰে। ১৯৪৭ খৃঃৰ ১৫ আগষ্টৰ পৰা ভাৰত আৰু পাকিস্তানক বৃটিচ সাম্ৰাজ্যৰ অন্তৰ্গত ডমিনিয়ন হিচাবে গণ্য কৰা হয়। বৃটিচ সাম্ৰাজ্যৰ অন্তৰ্গত হলেও দুয়োখন ৰাষ্ট্ৰই ইচ্ছা অনুযায়ী বৃটিচ সাম্ৰাজ্যৰ লগত থকা সম্বন্ধ দলিয়াই পেলাবৰ ক্ষমতা পালে। {{gap}}১৯৪৭ খৃঃৰ ১৫ আগষ্টৰ পৰা লৰ্ড মাউণ্টবেটেন ভাৰত ইউনিয়ন আৰু মহম্মদ আলি জিন্না পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল হয়। পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ মন্ত্ৰিসভা<noinclude></noinclude> mp1gjqsstebtoz75rdq66nv5y97yh2j পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০২ 104 64814 260772 260303 2026-09-29T17:20:18Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260772 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৯২|ভাৰত বুৰঞ্জী|}}</noinclude>গঠন কৰে। সেইদৰে লিয়াকত আলিৰ নেতৃত্বত পাকিস্তান মন্ত্রিসভা গঠন হয়। দেশীয় ৰাজ্যবোৰৰ দুই এখনৰ বাহিৰে সকলো ভাৰত ইউনিয়নত অন্তর্ভুক্ত হয়। {{center|'''প্রশ্ন।'''}} {{gap}}১। মণ্টেগো-চেমচফোর্ড শাসন-সংস্কাৰ বুলিলে কি বুজা?<br/> {{gap}}২। অসহযোগ আন্দোলন, চাইমন কমিচন, ঘূৰণীয়া মেজ মেল-এই কেইটাৰ সহায়ত আমাৰ স্বাধীনতা যুদ্ধৰ এটা টোকা লিখা।<br/> {{gap}}৩। ভাৰতত বৃটিচ ৰাজত্বৰ অৱসান কোন সময়ত আৰু কেনেকৈ ঘটিল বৰ্ণনা কৰা।<br/> {{gap}}৪। চমুটোকা লিখা :—<br/> {{gap}}(ক) ৰাওলট আইন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ক্রিপ্চৰ দৌত্য, আজাদ হিন্দ ফৌজ, মন্ত্ৰী-মিচন। {{Dhr|1em}} {{Rule|4em}}<noinclude></noinclude> aol6rmp4u7s2b6wruswn02bsg5z3m4k পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৪ 104 64816 260773 260328 2026-09-29T17:22:03Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260773 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|{{X-larger|'''পঞ্চম অধ্যায়।'''}}}} {{center|{{larger|'''স্বাধীন ভাৰত।'''}}}} {{gap}}'''লর্ড মাউন্টবেটেন :—'''১৯৪৭ খৃঃৰ ১৫ আগষ্টৰ পৰা ৪০ কোটি ভাৰতবাসী পৰাধীনতাৰ কবলৰ পৰা মুক্ত হল। সেই দিনতেই ভাৰতবাসীয়ে স্বাধীনতাৰ নব-সংকল্প গ্ৰহণ কৰে আৰু ত্ৰিৰঙ্গ পতাকাক জাতীয় পতাকা ৰূপে অভিবাদন জনায়। স্বাধীন ভাৰতে আন্তর্জাতিক ক্ষেত্ৰত যথাযোগ্য স্থান অধিকাৰ কৰি সম্মানিত হল। কিন্তু দেশবিভাগৰ ফলত আভ্যন্তৰীন শান্তি নোহোৱা হল। ক্ষমতা হস্তান্তৰৰ আগৰে পৰা ঘটা সাম্প্ৰদায়িক কটা-মৰাৰ ফলত অসংখ্য নিহত হল আৰু লক্ষ লক্ষ হিন্দু-মুছলমান সর্ব্বস্বান্ত হৈ যথাক্ৰমে ভাৰত আৰু পাকিস্তানত আশ্ৰয় লবলৈ বাধ্য হল। এই ভগনীয়া বিলাকক আশ্ৰয় আৰু পুনৰ্ব্বসতি দানৰ সমস্যাই দুয়ো চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা বিপন্ন কৰি তোলে। জুনাগড়, কাশ্মীৰ আৰু হায়দৰাবাদ লৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ সূচনা হয়। {{gap}}'''গান্ধীজীৰ হত্যাকাণ্ড :—'''১৯৪৮ খৃঃৰ ৩০ জানুৱাৰিৰ দিনা আবেলি জাতিৰ জনক মহাত্মা গান্ধীয়ে আততায়ী নাথুৰামৰ গুলীত প্রাণ দিয়ে। এই হত্যাকাণ্ড পৃথিবীৰ বুৰঞ্জীৰ এটা শোকাবহ ঘটনা। গান্ধীজীৰ হত্যাকাণ্ডই পৃথিবী জুৰি বিষাদৰ সৃষ্টি কৰিলে। নাথুৰাম, আপ্তে, মদনলাল আদিক এই হত্যাকাণ্ডত লিপ্ত থকা অপৰাধত অভিযুক্ত কৰা হয়। {{nop}}<noinclude></noinclude> c0vhmcs0tfsamdekf7q0wzoupsx51ia পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৫ 104 64817 260774 260330 2026-09-29T17:22:41Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260774 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||স্বাধীন ভাৰত|১৯৫}}</noinclude>{{gap}}'''শ্ৰীচক্ৰবৰ্ত্তী ৰাজাগোপালাচাৰী''' ( ১৯৪৮ – ১৯৫০ জানুৱাৰি ) :—১৯৪৮ খৃঃৰ জুন {{Img float | file = ভাৰত বুৰঞ্জী (page 205 crop).jpg | width = 250px | align = center | cap ={{smaller|শ্ৰীচক্ৰবত্তী ৰাজাগোপালাচাৰী।}}}}মাহত লৰ্ড মাউন্টবেটেনৰ ঠাইত পশ্চিম বঙ্গৰ গৱৰ্ণৰ শ্ৰীচক্ৰবৰ্ত্তী ৰাজাগোপালাচাৰী গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হয়। {{gap}}'''মহম্মদ আলি জিন্নাৰ মৃত্যু :—'''১৯৪৮ খৃঃৰ আগষ্ট মাহত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলি জিন্নাৰ মৃত্যু হয়। {{gap}}'''হায়দাবাদৰ বিৰুদ্ধে ব্যবস্থা :—''' ৰাজাগোপালাচাৰীৰ দিনতে ভাৰত চৰকাৰে হায়দৰাবাদৰ বিৰুদ্ধে এক সামৰিক<noinclude></noinclude> pof2tw2adn5y4zk84l0xl43capryf0j পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৮ 104 64820 260775 260281 2026-09-29T17:23:56Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260775 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|১৯৮ |ভাৰত বুৰঞ্জী|}}</noinclude>কাৰ্য্যভাৰ গ্ৰহণ কৰে। ডাঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ বৰ্ত্তমান ভাৰতৰ সহকাৰী ৰাষ্ট্ৰপতি। {{gap}}'''অসমত ভূমিকম্প :—'''১৯৫০ খৃ:ৰ ১৫ আগষ্ট তাৰিখে অসমত এটা প্ৰবল ভূমিকম্প হৈ উজনি অসমৰ শিৱসাগৰ লক্ষিমপুৰ আৰু উত্তৰ-পূব সীমান্তত অঞ্চলত বিশেষ ক্ষতি কৰে। {{gap}}'''নতুন নিৰ্ব্বাচন :—'''ভাৰতবৰ্ষৰ নতুন সংবিধান অনুযায়ী ১৯৫২ খৃঃৰ আগভাগতে কেন্দ্ৰীয় আৰু ৰাজ্যৰ আইন সভা সমূহৰ সদস্যসকলৰ নিৰ্ব্বাচন হয়। কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ আইন সভাবিলাকত কংগ্ৰেচৰ প্ৰাৰ্থী বিলাকেই বেছি আসন লাভ কৰে। ফলত কেন্দ্ৰত আৰু ৰাজ্যসমূহত কংগ্ৰেচেই মন্ত্ৰিসভা গঠন কৰে। {{gap}}নতুন নিৰ্ব্বাচনৰ পিছত জৱাহৰলাল নেহৰুৱে প্ৰধান মন্ত্ৰী হিচাবে পুনৰায় মন্ত্ৰিসভা দলৰ গঠন কৰে। প্ৰধানমন্ত্ৰী নেহৰুৰ নেতৃত্বত বৰ্ত্তমান চৰকাৰে ভাৰতৰ সৰ্ব্বপ্ৰকাৰ উন্নতিৰ কাৰণে এটি পাঁচ বছৰীয়া আঁচনি হাতত লৈ ইয়াক কাৰ্য্যকৰী কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতিত তেওঁৰ বিচক্ষণতা আৰু উদাৰ মতবাদৰ দ্বাৰা পৃথিবীৰ সকলো ঠাইতে খ্যাতি লাভ কৰিছে। {{center|'''স্বাধীন ভাৰতৰ সংবিধানৰ সাৰাংশ।'''}} {{gap}}মন্ত্ৰী-মিচনৰ প্ৰস্তাব অনুসাৰে ১৯৪৬ খৃঃৰ মাজভাগত স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিবৰ কাৰণে এখন গণপৰিষদ গঠিত<noinclude></noinclude> 23tti4t920hmxim9h7ryg7bmgq6kaak পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১২ 104 64825 260776 260355 2026-09-29T17:25:18Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260776 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২০২|ভাৰত বুৰঞ্জী|}}</noinclude>{{শাৰী/start}} {{শাৰী|(৭) ৰাজস্থান|{{gap}}|(১১) মহীশূৰ}} {{শাৰী|(৮) মধ্য প্রদেশ|{{gap}}|(১২) ‌কেৰালা}} {{শাৰী|(৯) বোম্বাই|{{gap}}|(১৩) অন্ধ্ৰপ্ৰদেশ}} {{শাৰী|(১০) মাদ্ৰাজ|{{gap}}|(১৪)জম্মু আৰু কাশ্মীৰ (সদৰ-ই-ৰিয়াচত্)}} {{শাৰী/end}} {{শাৰী/start|(খ) কেন্দ্রীয় শাসিত অঞ্চল :—}} {{শাৰী|(১)দিল্লী|{{gap|.5em}}|(৫) লাক্ষাদ্বীপ আৰু আমিনদ্বীপ}} {{শাৰী|(২)হিমাচল প্ৰদেশ|{{gap|.5em}}|(৬) ‌আন্দামান-নিকোবৰ}} {{শাৰী|(৩)মণিপুৰ|{{gap}}|}} {{শাৰী|(৩)ত্ৰিপুৰা|{{gap}}|}} {{শাৰী/end}} {{gap}}কেন্দ্রীয় শাসিত অঞ্চল সমূহত একোজনকৈ প্রশাসকে (Administrator) শাসনকাৰ্য্য পৰিচালনা কৰিব। ৰাজ্যপাল শাসিত ৰাজ্যসমূহত মন্ত্রিসভা আৰু বিধান সভাই শাসন কাৰ্য্যত ৰাজপালক সহায় কৰিব। {{gap}}পশ্চিমবঙ্গ, উত্তৰ প্ৰদেশ, বিহাৰ, বোম্বাই, মধ্যপ্রদেশ, মাদ্রাজ, মহীশূৰ আৰু পঞ্জাবত বিধান সভাৰ দুখন সদন থাকিব। {{Dhr|1em}} {{Rule|4em}} {{Dhr|1em}} {{center|'''কেন্দ্রীয় শাসন।'''}} {{gap}}'''ভাৰতৰ ৰাষ্ট্ৰপতি :—'''ভাৰতীয় যুক্তৰাষ্ট্ৰৰ সৰ্ব্বপ্ৰধান কৰ্ত্তা হব ৰাষ্ট্ৰপতি বা প্ৰেচিডেন্ট। ৰাষ্ট্ৰপতি ভাৰতীয় পার্লামেন্টৰ সদস্যসকলৰ আৰু ৰাজ্যসমূহৰ আইন সভাৰ সদস্যসকলৰ দ্বাৰা নির্বাচিত হব। এওঁৰ কাৰ্য্যকাল হব পাঁচবছৰ। {{nop}}<noinclude></noinclude> qz6c11zsxgywxbcya61ovrdkq5b4tb4 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৩ 104 64826 260779 260356 2026-09-29T17:27:05Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260779 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||স্বাধীন ভাৰত|২০৩}}</noinclude>{{gap}}'''সহকাৰী ৰাষ্ট্ৰপতি :—'''ভাৰতৰ এজন সহকাৰী ৰাষ্ট্ৰপতি বা ভাইচ প্ৰেচিডেন্ট থাকিব। এওঁক ভাৰতীয় পাৰ্লামেন্টেৰ উভয় সদনৰ (পৰিষদৰ) সদস্য সকলে নিৰ্ব্বাচিত কৰিব। সহকাৰী ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ (Council of States) সভাপতি হব। {{gap}}'''মন্ত্ৰিসভা :—'''ৰাষ্ট্ৰপতিক সহায় কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ এখন মন্ত্ৰিসভা থাকিব। ৰাষ্ট্ৰপতিয়ে প্ৰথমে প্ৰধান মন্ত্ৰী নিয়োগ কৰিব আৰু তেওঁৰ পৰামৰ্শক্ৰমে অন্যান্য মন্ত্ৰী সকলক নিযুক্ত কৰিব। মন্ত্ৰী সকল যি কোনো এখন পৰিষদৰ সদস্য হব লাগিব। {{gap}}'''ভাৰতীয় পাৰ্লামেন্ট বা সংসদ :—'''ৰাষ্ট্ৰপতি, লোকসভা (House of the people) আৰু ৰাজ্যসভা (Council of states) লৈ ভাৰতীয় পাৰ্লামেন্ট গঠিত হব। {{gap}}ৰাজ্যসভাৰ (কাউন্সিল অব ষ্টেটৰ) সদস্য সংখ্যা ২৫০ৰ বেছি নহব। তাৰে ১২ জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব আৰু বাকী ২৩৮ জনক ৰাজ্যসমূহৰ আইন সভাৰ নিৰ্বাচিত সভ্যসকলে নিৰ্ব্বাচন কৰি দিব। লোকসভাৰ (হাউচ অব পিপোলচ) সদস্য সংখ্যা ৫০০ জনৰ সৰহ নহব। তেওঁলোকক ৰাজ্যৰ ভোটাৰ সকলে প্ৰত্যক্ষভাবে নিৰ্ব্বাচিত কৰি দিব। লোকসভাৰ আয়ুস হব পাঁচবছৰ। {{center|'''চুপ্ৰিম কোৰ্ট।'''}} {{gap}}যুক্তৰাষ্ট্ৰৰ এখন চুপ্ৰিম কোৰ্ট বা সৰ্ব্বপ্ৰধান আদালত থাকিব। ইয়াৰ এজন প্ৰধান বিচাৰপতি (চিফ জাষ্টিচ্‌) আৰু ৭ জন বা তাতোকৈ কম সংখ্যক বিচাৰপতি থাকিব। {{nop}}<noinclude></noinclude> 5zoen3vmz9ldzlysv9ruzlfdgkhs3dh পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৪ 104 64827 260781 260359 2026-09-29T17:28:13Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260781 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২০৪|ভাৰত বুৰঞ্জী|}}</noinclude>{{center|{{larger|'''ৰাজ্য শাসন।'''}}}} {{gap}}'ক' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা। {{gap}}'''ৰাজ্যপাল :—'''ৰাজ্যৰ ৰাজ্যপাল বা গৱৰ্ণৰক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰিব আৰু এওঁৰ কাৰ্য্যকাল হব ৫ বছৰ। {{gap}}'''মন্ত্রিসভা :—''' ৰাজ্যপালক সহায় কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ এখন মন্ত্রিসভা থাকিব। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিয়োগ কৰিব আৰু বাকী মন্ত্ৰীসকলকো মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসাৰে ৰাজ্যপালে নিয়োগ কৰিব। {{gap}}'''ৰাজ্যৰ আইন সভা :—'''ৰাজ্যপাল, বিধান পৰিষদ আৰু বিধান সভাৰে ৰাজ্যৰ আইন সভা গঠিত হব। বোম্বাই, মাদ্রাজ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গত বিধান পৰিষদ আৰু বিধান সভা থাকিব। বাকীবোৰত কেৱল বিধান সভাহে থাকিব। বিধান সভাৰ সদস্য সকলক প্রত্যক্ষভাবে সাধাৰণ ভোটাৰ সকলে নিৰ্ব্বাচিত কৰিব । {{center|''''খ' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা।'''}} {{gap}}'''ৰাজপ্রমুখ :—''''খ' শ্ৰেণীৰ ৰাজ্যবোৰৰ শাসনভাৰ একোজন ৰাজপ্ৰমুখৰ হাতত থাকিব। {{gap}}প্রত্যেক ৰাজ্যত এখন মন্ত্রিসভা আৰু একোখন আইন সভা থাকিব। মহীশূৰৰ ৰাজ্যতহে দুখন পৰিষদ থাকিব। {{gap}}ৰাজপ্রমুখ আৰু আইনসভাৰ ক্ষমতা যথাক্রমে ‘ক’ শ্ৰেণীৰ ৰাজ্যৰ ৰাজ্যপাল আৰু আইনসভাৰ অনুৰূপ ৷ {{center|''''গ' শ্ৰেণীৰ ৰাজ্যৰ শাসন ব্যৱস্থা।'''}} {{gap}}'গ' শ্ৰেণীৰ ৰাজ্যবোৰ শাসনভাৰ স্বয়ং ৰাষ্ট্ৰপতিৰ ওপৰত।<noinclude></noinclude> 5ek65xa96xy7ddqxf421rtpheirdmn8 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৬ 104 64829 260782 260264 2026-09-29T17:30:03Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260782 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude><center> {| class="wikitable" |+ '''সময় নিৰূপক ৰেখা'''<br/>স্কেল ১″=৫০ বছৰ |- | width="20%" | {{center|শতিকা}} | width="30%" | {{center|ভাৰত বুৰঞ্জী<br/>(ৰজা আৰু প্ৰধান ঘটনা)}} | width="20%" | {{center|শতিকা}} | width="30%" | {{center|অসম-বুৰঞ্জী<br/>(ৰজা আৰু প্ৰধান ঘটনা)}} |- |{{center|১৬০০ খৃঃ ১৬৫০ খৃঃলৈ}} | {{center|ইষ্ট ইণ্ডিয়া কোম্পানী গঠন (১৬০০) জাহাঙ্গীৰ—১৬০৫—২৭ চাৰ টমাচ ৰোৰ ভাৰতলৈ আগমন ছা-জাহান—১৬২৭—৫৮}} | {{center|১৬০০-১৬৫০ খৃঃ লৈ}} | {{center|মুছলমানৰ ৯ম, ১০ম আক্ৰমণ। বলিত নাৰায়ণ :—১৬১৪—৩৬ খৃঃ মুছলমানৰ সৈতে শ্ৰীঘাটৰ ৰণ। কোচৰাজত্বৰ সামৰণ}} |- | {{center|১৬৫০ খৃঃ ১৭০০ খৃঃ লৈ}} | {{center|ঔৰংজেব—১৬৮৫—১৭০৭ শিখ, মাৰাঠাৰ উত্থান, মিৰজুমলাৰ অসম আক্ৰমণ—}} | {{center|১৬৫০ খৃঃ-১৭০০ খৃঃ লৈ}} | rowspan="2"|{{center|জয়ধ্বজ সিংহ ১৬৪৮—৬৩ মিৰজুমলাৰ আক্ৰমণ—১৬৬১ চক্ৰধ্বজ সিংহ:—১৯৬৩-৬৯ শৰাইঘাটৰ ৰণ (১৬৬৮) লৰাৰজা—১৭৭৯—৮১ গদাধৰ সিংহ ১৬৮১—১৬৯৬। ৰূদ্ৰসিংহ:—১৬৯৬—১৭১৪ শিৱসিংহ:—১৭১৪-৪৪ শিলসাগৰ দ'লপুখুৰী নিৰ্ম্মাণ (১৭২০) }} |- | {{center|১৭০০ খৃঃ ১৭৫০ খৃঃ লৈ}} | {{center|মহম্মদ ছাহ:— ১৭১০-৪৮, নাদিৰ ছাহৰ আক্ৰমণ}} | {{center|১৭০০-১৭৫০ খৃঃ লৈ}} |} </center><noinclude></noinclude> 34wgq6375il4ssnufwtwpjmo79c7sqo পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৭ 104 64831 260783 260354 2026-09-29T17:31:19Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260783 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude><center> {| class="wikitable" |+ '''সময় নিৰূপক ৰেখা'''<br/>স্কেল ১″=২৫ বছৰ |- | width="15%" | {{center|শতিকা}} | width="35%" | {{center|ভাৰত বুৰঞ্জী<br/> শাসন কৰ্ত্তা আৰু প্ৰধান ঘটনা}} | width="15%" | {{center|শতিকা}} | width="35%" | {{center|অসম-বুৰঞ্জী<br/> শাসন কৰ্ত্তা আৰু প্ৰধান ঘটনা}} |- |{{center|১৭৫০—১৯৭৫ খৃঃ লৈ}} | আৰ্কট অৱৰোধ (১৭৫১) পলাচী ৰণ (১৭৫৬) পানীপথৰ ৩য় ৰণ ১৭৬১ মহীশূৰৰ ১ম যুদ্ধ—১৭৬৯ ওৱাৰেণ হেষ্টিংচ—(১৭৭২) | {{center|১৭৫০—১৭৭৫ খৃঃ লৈ}} | প্ৰমত্তসিংহ—১৭৫১ লৈ ৰাজেশ্বৰ সিংহ ১৭৫১—১৭৬৯ |- | {{center|১৭৭৫—১৮১০ খৃঃ লৈ}} | মাৰাঠাৰ ১ম ৰণ (১৭৭৫) মহীশূৰৰ ২য় যুদ্ধ—১৮৭২ মাঙ্গালোৰৰ সন্ধি—১৭৮৪ লৰ্ড কৰ্ণৱালিচ—১৭৮৬ মহীশূৰৰ ৩য় যুদ্ধ—১৭৯২ লৰ্ড কৰ্ণৱালিচ—১৮০৫ (২য় বাৰ) | {{center|১৬৫০-১৮১৭ খৃঃ লৈ}} | গৌৰীনাথ সিংহ—১৭৮০—৯৫, কমলেশ্বৰ সিংহ ১৭৯৬—১৮১০ |- | {{center|১৮১০-১৮৩৫ খৃঃ লৈ}} | লৰ্ড হেষ্টিংচ—১৮১৩-২৩ গুৰ্খা ৰণ, শেষ মাৰাঠা লৰ্ড আমহাৰ্ষ্ট—১৮২৩ ৰণ ১৮১৭—১৯ ব্ৰহ্মৰ যুদ্ধ—১৮২৬ লৰ্ড উইলিয়ম বেণ্টিঙ্ক—১৮২৮—৩৫ সতীযোৱা নিয়ম ৰহিত ১৮২৯; ঠগদমন | {{center|১৮১০-১৮৩৫ খৃঃ লৈ}} | চন্দ্ৰকান্ত সিংহ—মানৰ ১ম, ২য়, ৩য় আক্ৰমণ—১৮১৬, ১৮১৯, ১৮২১ ইয়াণ্ডাবু সন্ধি—১৮২৬ জেনেৰেল জেন্কিনচ—১৮৩৪ |- | {{center|১৮৩৫—১৮৬০ খৃঃ লৈ}} | লৰ্ড অকলেণ্ড ১৮৩৬—৪২ লৰ্ড হাৰ্ডিঞ্জ—১৮৪৪—৪৮ শিখৰ ১ম যুদ্ধ ১৮৪৫—৪৬ লৰ্ড ডেলহাইচি ১৮৪৮—৫৬, শিখৰ ২য় ৰণ ১৮৪৯, লৰ্ড কেনিং—(১৮৫৬) স্বাধীনতাৰ প্ৰথম সংগ্ৰাম (১৮৫৭) | {{center|১৮৩৫-১৮৫০ খৃঃ লৈ}} | মণিৰাম দেৱানৰ ফাচী—১৮৫৮। |} </center><noinclude></noinclude> 291xryp8dirm0aq7hjs4yye7t5pm6bo পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৮ 104 64832 260784 260324 2026-09-29T17:32:54Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260784 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{|class="wikitable" |+সময় নিৰূপক ৰেখা।<br/>স্কেল ১"=২৫ বছৰ৷ |- | width="20%" | {{center|শতিকা}} | width="30%" | {{center|ভাৰত বুৰঞ্জী<br/> শাসন কৰ্ত্তা আৰু প্ৰধান ঘটনা}} | width="20%" | {{center|শতিকা}} | width="30%" | {{center|অসম-বুৰঞ্জী<br/> শাসন কৰ্ত্তা আৰু প্ৰধান ঘটনা}} |- |১৮৬০-১৮৮৫ |লৰ্ড মেয়ো:—১৮৬৯-৭২ লৰ্ড নৰ্থব্ৰুক —১৮৭২-৭৬ লৰ্ড লিটন—আফগান যুদ্ধ লৰ্ড ৰিপন—লোকেল বোৰ্ড, মিউনিচিপেলিটি স্থাপন |১৮৬০-১৮৮৫ |{{center|১৮৭১ খ্ৰীঃ অসমীয়া ভাষা প্ৰচলন}} |- |১৮৮৫-১৯১০ |লৰ্ড লেন্সডাউন, লৰ্ড কাৰ্জন ১৮৯৯ ১৯০১ মহাৰাণীৰ মৃত্যু ২য় লৰ্ড মিণ্টো সপ্তম এড্‌ৱাৰ্ডৰ মৃত্যু ১৯১০ |১৮৮৫-১৯১০ |{{center|মিঃ কুইণ্টন মণিপুৰ বিদ্ৰোহ মিঃ কটন ১৮৯৬ ১৯০২ কটন কলেজ আৰু মেডিকেল স্কুল স্থাপন৷ চাৰ বেমফিল্ড ফুলাৰ–১৯০৬}} |- |১৯১০-১৯৩৫ |২য় লৰ্ড হাডিঞ্জ মহাসমৰ আৰম্ভ ১৯১৪ লৰ্ড আৰউইন ১৯২৬-৩১ লৰ্ড উইলিংডন লণ্ডনত ঘূৰণীয়া মেজমেল |১৯১০-৩৫ |{{center|চাৰ উইলিয়াম মাৰিচ :—১৯২১ প্ৰথম স্থায়ী গৱৰ্ণৰ চাৰ হেমণ্ড–১৯২৭-৩২ চাৰ মাইকেলকিন ১৯৩২-১৯৩৬}} |- |১৯৩৫-৫০ |লৰ্ড লিনলিঠগো ১৯৩৬-৪৩ ২য় মহাসমৰ আৰম্ভ ১৯৩৯ লৰ্ড ওৱাভেল ১৯৪৩-৪৭ বঙ্গ দেশৰ দূৰ্ভিক্ষ লৰ্ড মাউণ্টবেটেন ১৯৪৭-৪৮ ১৯৪৭ ভাৰতৰ স্বাধীনতা লাভ, শ্ৰীচক্ৰৱৰ্ত্তী ৰাজাগোপালাচাৰী ডাঃ ৰাজেন্দ্ৰপ্ৰসাদ |১৯৩৫-৫০ |{{center|চাৰ ৰবাৰ্ট নিল ৰিড্–১৯৩৬ ১৯৩৭ নতুন শাসনতন্ত্ৰ প্ৰয়োগ চাৰ এণ্ডক্ন চাৰ আকবৰ হাইদাৰী শ্ৰীশ্ৰীপ্ৰকাশ– নতুন শাসনতন্ত্ৰ প্ৰয়োগ শ্ৰীজয়ৰাম দাস দৌলতৰাম। অসমত ভূমিকম্প (১৯৫০, আগষ্ট)}} |}<noinclude></noinclude> 3yl1y6ya998xkgnmoyoiygjjhqgxm2b পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৯ 104 64833 260786 260537 2026-09-29T17:33:40Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260786 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude>{{center|<poem>{{x-larger|ওপৰঞ্চি।}} {{X-larger|মজলীয়া স্কুলৰ বৃত্তি আৰু লিভিং}} {{x-larger|চাৰ্টিফিকেট পৰীক্ষাৰ প্ৰশ্ন।}} ১৯৫০</poem>}} '''বিশেষকৈ চাবলগীয়া :—''' {{gap}}(১) মজলীয়া ইংৰাজী পৰীক্ষাৰ্থীয়ে প্ৰথম খণ্ডৰ পৰা যেই সেই ৪টা প্রশ্নৰ উত্তৰ কৰিব লাগিব।<br/> {{gap}}(২) মজলীয়া অসমীয়া পৰীক্ষাৰ্থীয়ে প্ৰথম খণ্ডৰ পৰা যেই সেই ২টা আৰু দ্বিতীয় খণ্ডৰ পৰাও ২টা, মুঠ ৪টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। {{center|'''প্রথম খণ্ড'''}} {{gap}}১। আৰ্য্যসকলৰ শিক্ষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সমাজ আৰু সভ্যতাৰ বিষয়ে কি জানা লিখা।<br/> {{gap}}২। আকবৰৰ চৰিত্ৰ, ধৰ্ম্ম-বিশ্বাস আৰু শাসন প্ৰণালীৰ বিষয়ে কি জানা লিখা।<br/> {{gap}}৩ । শিৱাজীয়ে কেনেকৈ মাৰাঠা জাতিটোক এটা লেখত লবলগীয়া জাতি কৰি তুলিছিল?<br/> {{gap}}৪। কেতিয়া কেনেকৈ ভাৰতত বৃটিচ ৰাজ্যৰ সূত্ৰপাত হয়?<br/> {{gap}}৫। যেই সেই ৫টাৰ চমু টোকা লিখা :— {{শাৰী/start}} {{শাৰী|{{gap}}(১) ৰেগুলেটিং এক্ট,|(২) বাহমনি ৰাজ্য,{{gap}}(৩) হৰ্ষবৰ্দ্ধন}} {{শাৰী|{{gap}}(৪) হিউয়েনচাং,|(৫) ২য় পানীপথৰ ৰণৰ ফলাফল,}} {{শাৰী|{{gap}}(৬) টিপু চুলতান,|(৮) লর্ড ৱেলেচলি।}} {{শাৰী/end}} {{nop}}<noinclude></noinclude> 0cetpluez7ithinf0dt20ats87pl35j পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২০ 104 64834 260787 260535 2026-09-29T17:34:34Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260787 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|২|ভাৰত বুৰঞ্জী|}}</noinclude>{{center|'''দ্বিতীয় খণ্ড'''}} {{gap}}১। আলেকজেণ্ডাৰ কোন? তেওঁ কেতিয়া আৰু কোন পিনে ভাৰতত সোমায়? কাৰ লগত ৰণ কৰিছিল? তেওঁৰ আক্ৰমণৰ ফলাফল কি হল?<br/> {{gap}}২। মেগেস্থেনিচৰ টোকাৰ পৰা আমি ভাৰতৰ বিষয়ে কি জানিব পাৰো?<br/> {{gap}}৩। কি কি উপায়েৰে ছেৰছাহে তেওঁৰ ৰাজ্য বিস্তাৰ কৰিলে? তেওঁৰ চৰিত্ৰৰ বিষয় কি জানা লিখা।<br/> {{gap}}৪। ৰবাৰ্ট ক্লাইবৰ চমু পৰিচয় দিয়া। {{Dhr|1em}} {{Rule|4em}} {{Dhr|1em}} {{center|'''১৯৫১'''}} {{gap}}[মজলীয়া ইংৰাজী পৰীক্ষাৰ্থীয়ে ১ম খণ্ডৰ পৰা যেই সেই ৪টা প্ৰশ্নৰ উত্তৰ কৰিব, আৰু মজলীয়া অসমীয়া পৰীক্ষাৰ্থীয়ে প্ৰথম খণ্ডৰ পৰা যেই সেই দুটা আৰু ২য় খণ্ডৰ পৰা ২টা মুঠ ৪টা প্ৰশ্নৰ উত্তৰ কৰিব।] {{center|'''১ম খণ্ড'''}} {{gap}}১। বুদ্ধদেৱৰ বিষয় কি জানা? তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ মত কি? কোন কোন দেশত এই ধৰ্ম্ম প্ৰচাৰ হৈছিল?<br/> {{gap}}২। ভাৰতবৰ্ষৰ ৰজা সকলৰ ভিতৰত কাক সৰ্ব্বশ্ৰেষ্ঠ বুলি ভাবা কাৰণ দেখুৱাই লিখা।<br/> {{gap}}৩। লর্ড উইলিয়ম বেন্টিঙ্কৰ দিনত হোৱা প্রধান প্রধান জন হিতকৰ কামবোৰ উল্লেখ কৰা । {{nop}}<noinclude></noinclude> 22vhq4je38t65gki2mtbwelm9xm21ks পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২১ 104 64835 260788 260534 2026-09-29T17:35:51Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260788 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃত্তি পৰীক্ষাৰ প্রশ্ন|৩}}</noinclude>{{gap}}৪। ইয়াণ্ডাবু সন্ধিৰ বিষয় কি জানা? এই সন্ধি কেতিয়া কাৰ কাৰ ভিতৰত হৈছিল?<br/> {{gap}}৫। টাইমুৰৰ ভাৰত আক্ৰমণৰ এটি বিৱৰণী দিয়া।<br/> {{gap}}৬। যেই সেই তিনটাৰ চমু টোকা লিখা—<br/> {{gap}}(১) উপনিষদ (২) পিণ্ডাৰী (৩) জাতিসঙ্ঘ (৪) নানক (৫) ছেৰখাঁ (৬) হিজৰী চন (৭) মিৰজুমলাৰ অসম আক্ৰমণ। {{center|'''২য় খণ্ড'''}} {{gap}}১। পুৰণি ভাৰতবৰ্ষৰ এখন মেপ আঁকি তলত দিয়া বোৰ বহুওৱা :—মগধ ৰাজ্য, প্ৰাগজ্যোতিষপুৰ, কলিঙ্গ, মহেঞ্জদাৰো।<br/> {{gap}}২। অসহযোগ আন্দোলন, চাইমন কমিচন, ঘুৰণীয়া মেজ মেল এই কেইটাৰ সহায়ত আমাৰ স্বাধীনতা যুদ্ধৰ এটা টোকা লিখা।<br/> {{gap}}৩। হিউয়েনচাং কৰ মানুহ আছিল? তেওঁৰ বিৱৰণীৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষ সম্বন্ধে কি জানিব পাৰো।<br/> {{gap}}৪। দেশ জয় আৰু বাণিজ্য বিস্তাৰৰ আকাঙ্ক্ষাত, এই দুই কাৰণত ইংৰাজ আৰু ফৰাচী জাতিৰ ভিতৰত ১৮ শতিকাত হোৱা বিৰোধৰ এটা চমু বিৱৰণী লিখা।<br/> {{gap}}৫। কলম্বচ আৰু ভাস্কোডাগামাৰ আবিষ্কাৰে বৃটিচ সাম্রাজ্য বিস্তাৰত কেনেকৈ সহায় কৰিছিল লিখা। {{center|'''১৯৫২'''}} {{gap}}[ইংৰাজী আৰু মজলীয়া সংস্কৃত পৰীক্ষাৰ্থীয়ে ১ম খণ্ডৰ পৰা যেই সেই ৪টা প্ৰশ্নৰ উত্তৰ কৰিব আৰু মজলীয়া অসমীয়া পৰীক্ষাৰ্থীয়ে ১ম খণ্ডৰ পৰা যেই সেই দুটা আৰু ২য় খণ্ডৰ পৰা যেই সেই দুটা মুঠ ৪টা প্ৰশ্ন উত্তৰ কৰিব।] {{nop}}<noinclude></noinclude> 3gbpx5ercw63o3tyml3ojzkjpbm757a পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২২ 104 64836 260789 260533 2026-09-29T17:37:00Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260789 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৪|ভাৰত বুৰঞ্জী|}}</noinclude>{{center|'''১ম খণ্ড'''}} {{gap}}১। মহাৰাজ অশোকৰ ৰাজত্বকাল বৰ্ণনা কৰা আৰু তেওঁ বৌদ্ধ ধৰ্ম্ম প্ৰচাৰৰ বাবে কি কৰিছিল লিখা।<br/> {{gap}}২। মহাবীৰ আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ আৰু ইয়াৰ ফলাফলৰ বিষয়ে কি জানা লিখা।<br/> {{gap}}৩। মহম্মদ টোগলকৰ ৰাজত্বকালৰ ঘাই ঘটনাবোৰ বৰ্ণনা কৰা।<br/> {{gap}}৪। ছা-জাহানৰ ৰাজত্বকাল বৰ্ণনা কৰা।<br/> {{gap}}৫। লৰ্ড কাৰ্জ্জনৰ শাসনকালৰ চমু টোকা লিখা।<br/> {{gap}}৬। যেই সেই ৩টাৰ চমু টোকা লিখা—<br/> {{gap}}(ক) হিউয়েনচাং। (খ) ৰেগুলেটিং এক্ট (গ) টোডৰমল । (ঘ) ইয়াণ্ডাবু সন্ধি । (ঘ) চাণক্য। (চ) আলবেৰুনি। {{center|'''২য় খণ্ড'''}} {{gap}}১। বৈদিক যুগৰ আৰ্য্যসকলৰ সাহিত্য, ধৰ্ম্ম আৰু সামাজিক অনুষ্ঠানৰ বিষয়ে কি জানা লিখা।<br/> {{gap}}২। বাহমনি ৰাজ্যৰ উত্থান পতনৰ বিষয় কি জানা লিখা।<br/> {{gap}}৩। ওৱাৰেন হেষ্টিংচক কিয় বৃটিচ সাম্রাজ্য গঢ়োতা বোলে তাৰ যুক্তি দেখুওৱা।<br/> {{gap}}৪। আলাউদ্দিন খিলিজিৰ শাসন প্রণালী আৰু তেওঁৰ ৰাজত্বকালত ভাৰতৰ অৱস্থা কেনে আছিল লিখা।<br/> {{gap}}৫। ভাৰতবৰ্ষত ইংৰাজ আৰু ফৰাচীৰ বিবাদ সম্পর্কে কি জানা? ফৰাচীৰ পৰাজয়ৰ কাৰণ কি? {{nop}}<noinclude></noinclude> i3b7ekao2musd7tvx6p3c73fm4vepv0 পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৩ 104 64837 260790 260532 2026-09-29T17:38:05Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260790 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃত্তি পৰীক্ষাৰ প্ৰশ্ন|}}</noinclude>{{center|'''১৯৫৩'''}} {{gap}}১। ভাৰতৰ আদিম অধিবাসী বিলাক কোন আছিল ? তেওঁলোকৰ চলন-ফিৰণ আৰু সামাজিক ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা।<br/> {{gap}}২। হৰ্ষবৰ্দ্ধন কোন? তেওঁৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ অৱস্থা কেনেকুৱা আছিল।<br/> {{gap}}৩। বুদ্ধ দেৱৰ সম্বন্ধে কি জানা লিখা। বৌদ্ধ ধৰ্ম্ম কোন কোন ৰজাৰ দিনত কোন দেশত প্ৰচলিত হৈছিল সংক্ষেপে লিখা।<br/> {{gap}}8। মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ বিষয়ে কি কি জানা লিখা।<br/> {{gap}}৫। আল্লাউদ্দিন খিলিজিৰ ৰাজত্বকাল আৰু চৰিত্ৰ বৰ্ণনা কৰা।<br/> {{gap}}৬। আকবৰৰ শাসন প্রণালী সম্বন্ধে কি জানা লিখা।<br/> {{gap}}৭। লর্ড ৰিপণে কি কি জনহিতকৰ কাম কৰিছিল?<br/> {{gap}}৮। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে চমুকৈ লিখা।<br/> {{gap}}৯। চিপাহী বিদ্ৰোহৰ কাৰণ কি? ইহাৰ ফলাফল লিখা।<br/> {{gap}}১০। তলত দিয়া যেই সেই ৩টাৰ চমু বিৱৰণ লিখা—<br/> {{gap}}শঙ্কৰ দেৱ, ইয়াণ্ডাবু সন্ধি, শৰাই ঘাটৰ ৰণ, নানক, ঘুৰণীয়া মেজমেল, ৰামায়ণ, ছেৰ ছাহ।<br/> {{gap}}১১। শিবাজী কোন? তেওঁ মহাৰাষ্ট্ৰ জাতি কেনেকৈ গঠন কৰিলে?<br/> {{gap}}১২। মেগেস্থিনিচ কোন? তেওঁ লিখি থৈ যোৱা বিৱৰণৰ পৰা আমি ভাৰতৰ বিষয়ে কি কি জানিব পাৰো? {{center|'''১৯৫৪'''}} {{center|[যি কোনো ৬টা প্ৰশ্নৰ উত্তৰ লিখা]}} {{gap}}১। আর্য্যবিলাক আদিতে ভাৰতত ক'ত আছিল। তেওঁলোকে কেনেকৈ ভাৰতত তেওঁলোকৰ বসতি বিস্তাৰ কৰিলে? {{nop}}<noinclude></noinclude> 37zxpfzdnvsaaheqc5bb1ht7yrqhzga পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৪ 104 64839 260791 260531 2026-09-29T17:38:56Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260791 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৬|ভাৰত বুৰঞ্জী|}}</noinclude>{{gap}}২। আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ বৰ্ণনা কৰা।<br/> {{gap}}৩। বৌদ্ধধৰ্ম্ম প্ৰচাৰৰ নিমিত্তে সম্রাট অশোকে কি কি কৰিছিল? তেওঁ কৰা কেইটামান জনহিতকৰ কামৰ বৰ্ণনা দিয়া।<br/> {{gap}}৪। গুপ্তবংশৰ কোন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল? তেওঁৰ ৰাজত্বৰ বিষয়ে কি জানা লিখা।<br/> {{gap}}৫। চুলতান মামুদ কোন আছিল? তেওঁৰ ভাৰত আক্ৰমণৰ বিষয়ে বৰ্ণনা কৰা।<br/> {{gap}}৬। মহম্মদ টোগলকৰ চৰিত্ৰ সম্বন্ধে যি জানা লিখা।<br/> {{gap}}৭। বাহমনি নাইবা বিজয়নগৰ ৰাজ্যৰ উত্থান আৰু পতন বৰ্ণনা কৰা।<br/> {{gap}}৮। ছেৰ ছাহৰ চৰিত্ৰ ও ৰাজ্যশাসন ব্যৱস্থা সম্বন্ধে আলোচনা কৰা।<br/> {{gap}}৯। মোগল বংশৰ শ্ৰেষ্ঠ সম্রাট কোন আছিল? তেওঁৰ সময়ত দেশৰ শাসন প্ৰণালী কেনে আছিল?<br/> {{gap}}১০। চিপাহী বিদ্ৰোহৰ কাৰণ কি? এই বিদ্ৰোহৰ ফলাফল বর্ণনা কৰা।<br/> {{gap}}১১। লৰ্ড ডেলহাউচিৰ শাসন কালত হোৱা প্ৰধান ঘটনা দুটা বৰ্ণনা কৰা।<br/> {{gap}}১২ । যেই সেই ৩টাৰ বিষয়ে চমুকৈ লিখা—<br/> {{gap}}শ্ৰীশঙ্কৰদেৱ ; শৰাইঘাটৰ যুদ্ধ ; চুহুংমুং ; ৰবাৰ্ট ক্লাইবৰ দুৱলীয়া শাসন; তাজমহল আৰু সতী জয়মতী। {{center|'''১৯৫৫'''}} {{gap}}[পৰীক্ষাৰ্থীয়ে ৭নং প্রশ্ন আৰু বাকী প্ৰশ্নৰ যেই সেই ৫টা প্রশ্ন—মুঠ ৬টা প্ৰশ্নৰ উত্তৰ লিখিব।] {{gap}}১। দ্ৰাবিড় জাতিৰ বিষয়ে কি জানা? বৰ্ত্তমান তেওঁলোকে ক’ত বাস কৰে । {{nop}}<noinclude></noinclude> hrbt9xldrpp2o3edmyhx4j8fvz0wwsh পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৫ 104 64840 260792 260541 2026-09-29T17:39:53Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260792 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||বৃত্তি পৰীক্ষাৰ প্ৰশ্ন|৭}}</noinclude>{{gap}}২। বৌদ্ধ ধৰ্ম্মৰ মূল মত কি কি? ইয়াক জৈন ধৰ্ম্মৰ লগত ৰিজোৱা।<br/> {{gap}}৩। চীনৰ পৰিব্ৰাজক হিউয়েনচাঙৰ ভ্ৰমণ-বৃত্তান্তৰ পৰা ভাৰতৰ কোন সময়ৰ ইতিহাস জানিব পাৰি? সেই ভ্ৰমণ-বৃত্তান্তৰ বিষয় চমুকৈ লিখা।<br/> {{gap}}৪। সমুদ্ৰগুপ্তৰ ৰাজত্ব কাল বৰ্ণনা কৰা।<br/> {{gap}}৫। পানীপথৰ ১ম যুদ্ধ আৰু তাৰ ফলাফল বৰ্ণনা কৰা।<br/> {{gap}}৬। মোগল সম্ৰাট চাহজাহানৰ ৰাজত্বকালত হোৱা প্ৰধান প্ৰধান ঘটনাৱলী আৰু কাৰুকাৰ্য্যবিলাক বৰ্ণনা কৰা।<br/> {{gap}}৭। তলত দিয়া বিষয় বিলাকৰ যেই সেই ৪টাৰ বিষয়ে চমুকৈ লিখা—<br/> {{gap}}(ক) ইয়াণ্ডাবু সন্ধি, (খ) ৰেগুলেটিং এক্ট, (গ) ফাহিয়ান, (ঘ) মহাৰাজ নৰনাৰায়ণ, (ঙ) নালন্দা বিশ্ববিদ্যালয়, (চ) ৰাণী দুৰ্গাবতী, (ছ) চিপাহী বিদ্ৰোহ, (জ) ভাৰতৰ শেষ গবৰ্ণৰ জেনেৰেল। {{gap}}৮। কোনে কেতিয়া খিলিজী বংশ স্থাপিত কৰে? এই বংশৰ কোন ৰজাৰ দিনত টাইমুৰে ভাৰত আক্ৰমণ কৰে? সেই আক্ৰমণ চমুকৈ বৰ্ণনা কৰা।<br/> {{gap}}৯। শিবাজীয়ে কেনেকৈ মহাৰাট্টা জাতিটোক এটা লেখত লবলগীয়া জাতি কৰি তুলিছিল? {{center|অথবা}} {{gap}}শিখ জাতিৰ উত্থান-পতনৰ এটি সংক্ষিপ্ত বিৱৰণ লিখা।<br/> {{gap}}১০। লৰ্ড উইলিয়ম্ বেন্টিঙ্কৰ শাসনকালত হোৱা জনহিতকৰ কাৰ্য্যবিলাক বৰ্ণনা কৰা।<br/> {{gap}}১১। মন্টেগু-চেমচফোৰ্ড শাসনপ্ৰণালী সম্বন্ধে যি জানা লিখা। {{nop}}<noinclude></noinclude> 7vnrf7hfxxwqebsyjlnndqyg1r50jix পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৬ 104 64841 260795 260590 2026-09-29T17:41:48Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ 260795 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৮|ভাৰত বুৰঞ্জী|}}</noinclude>{{gap}}১২। যেই সেই ৮টাৰ উত্তৰ লিখা—<br/> {{gap}}(ক) আৰ্য্যসকলৰ প্ৰধান ধৰ্ম্মপুথিৰ নাম কি?<br/> {{gap}}(খ) জৈন ধৰ্ম্ম প্ৰচাৰ কৰোতা মহাপুৰুষজন কোন?<br/> {{gap}}(গ) স্বাধীন ভাৰতৰ ৰাজকীয় মোহৰত কিহৰ ছবি আছে?<br/> {{gap}}(ঘ) গুপ্তবংশ স্থাপন কৰোঁতা ৰজাজনৰ নাম কি?<br/> {{gap}}(ঙ) ইচলাম ধৰ্ম্মপ্রবৰ্ত্তন কৰোঁতা ৰজাজনৰ নাম কি?<br/> {{gap}}(চ) কোন মুছলমান সম্ৰাজ্ঞীয়ে দিল্লীৰ সিংহাসনত বহিছিল?<br/> {{gap}}(ছ) মহম্মদ টোগলকৰ দিনত দাক্ষিণাত্যত কোন দুখন বিখ্যাত ৰাজ্য স্থাপিত হয়?<br/> {{gap}}(জ) ভাৰতত মোগল সাম্রাজ্য কোন চনত প্ৰতিষ্ঠিত হয়?<br/> {{gap}}(ঝ) ১৮৫৭ চনত ভাৰতত কি ডাঙৰ ঘটনা হৈছিল?<br/> {{gap}}(ঞ) কোন চনত অসমদেশ ইংৰাজৰ অধীনলৈ আহে?<br/> {{gap}}(ট) কোনে ভাৰতত পোন প্ৰথমে ৰেলগাড়ী আৰু টেলিগ্রাফ প্ৰবৰ্ত্তন কৰে।<br/> {{gap}}(ঠ) কোনে ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ কৰে?<br/> {{gap}}(ড) কোন চনৰ কোন তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে? {{center|'''১৯৫৬'''}} {{gap}}১। তলত দিয়া নামবিলাক কালৰ আগ-পিচ অনুসৰি সজাই লিখা—<br/> {{gap}}ভাস্কৰ বৰ্ম্মা, চিৰাজউদ্দৌলা, লর্ড উইলিয়াম বেন্টিঙ্ক, আকবৰ, অশোক।<br/> {{gap}}২। তলত দিয়া চন আৰু ঘটনাবোৰ মিলাই লিখা— {{Multicol|line=1px solid black}} {{gap|8em}}১৮২৬ খৃঃ অঃ<br/> {{gap|8em}}{{ditto|১৮২৬|১৩৯৮}} {{ditto|খৃঃ অঃ|"}}<br/> {{gap|8em}}{{ditto|১৮২৬|১৮৫৭}} {{ditto|খৃঃ অঃ|"}}<br/> {{gap|8em}}{{ditto|১৮২৬|৬০৬}} {{ditto|খৃঃ অঃ|"}}<br/> {{gap|8em}}{{ditto|১৮২৬|১৫২৬}} {{ditto|খৃঃ অঃ|"}} {{Multicol-break}} {{gap|4em}}চিপাহী-বিদ্রোহ।<br/> {{gap|4em}}পানীপথৰ ১ম যুদ্ধ।<br/> {{gap|4em}}ইয়াণ্ডাবু সন্ধি।<br/> {{gap|4em}}টাইমুৰৰ ভাৰত আক্ৰমণ।<br/> {{gap|4em}}হৰ্ষবৰ্দ্ধনৰ ৰাজত্বৰ আৰম্ভ। {{Multicol-end}}<noinclude></noinclude> 4mqmjg7k2x45pg9p27bzjvhdv0192td সূচী:মীৰজুমলাৰ অসম আক্ৰমণ.pdf 106 85555 260745 260735 2026-09-29T14:47:42Z BabulB 104 260745 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মীৰজুমলাৰ অসম আক্ৰমণ |Language=as |Volume= |Edition=১ম |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=লয়াৰ্চ বুক ষ্টল |Address=গুৱাহাটী |Year=1956 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="—" 3="শিৰোনাম" 5="—" 6="ছবি" 7to8="প্ৰকাশন" 9to12="নিবেদন" 13to17="সূচীপত্ৰ" 18="—" 19="উচৰ্গা" 20="—" 21="1"/> |Volumes= |Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}} {{center|{{x-larger|'''সূচীপত্র।'''}}}} {{সূচীপত্ৰসাধাৰণ|| অসমৰ পশ্চিম সীমা| ১ }} {{সূচীপত্ৰসাধাৰণ||দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ | ৬ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ| ১৫ }} {{সূচীপত্ৰসাধাৰণ|| মীৰজুমলাৰ অসম অভিযান| ২০ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ ৰণোদ্যম| ২৮ }} {{সূচীপত্ৰসাধাৰণ|| অসম-মোগলৰ ৰণ| ৩৬ }} {{সূচীপত্ৰসাধাৰণ||মীৰজুমলাৰ গড়গাওঁ অধিকাৰ | ৪৭ }} {{সূচীপত্ৰসাধাৰণ|| মোগল সৈন্যৰ বিলৈ-বিপত্তি| ৫৬ }} {{সূচীপত্ৰসাধাৰণ|| সন্ধিৰ প্ৰস্তাৱ| ৭৭ }} {{সূচীপত্ৰসাধাৰণ|| ঘিলাঝাৰি ঘাটৰ সন্ধি| ৮৫ }} {{সূচীপত্ৰসাধাৰণ|| মোগলৰ অসম ত্যাগ| ৯১ }} {{সূচীপত্ৰসাধাৰণ|| অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা| ১০২ }} {{সূচীপত্ৰসাধাৰণ||জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু | ১১৪ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ| ১১৯ }} {{সূচীপত্ৰসাধাৰণ|| সামৰণি| ১৩৭ }} {{সূচীপত্ৰসাধাৰণ||ওপৰঞ্চি | ১৪৯ }} {{সূচীপত্ৰসাধাৰণ|| প্ৰমাণপঞ্জী| ১৮২ }} |Notes={{GLAMNSJ}}<br/> {{AWPRC2026}} |Width= |Css= |Header= |Footer= }} bqb5bpyuzeiq4vpsbext7fn4mhxydi2 260747 260745 2026-09-29T15:23:34Z BabulB 104 পৃষ্ঠাটো খালী কৰা হ'ল 260747 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template }} agk00lds9atuox2dvx0lpkvdw0e897g 260748 260747 2026-09-29T15:24:14Z BabulB 104 [[Special:Contributions/BabulB|BabulB]] ([[User talk:BabulB|আলোচনা]])-ই কৰা [[Special:Diff/260747|260747]] নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে 260748 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মীৰজুমলাৰ অসম আক্ৰমণ |Language=as |Volume= |Edition=১ম |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=লয়াৰ্চ বুক ষ্টল |Address=গুৱাহাটী |Year=1956 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="—" 3="শিৰোনাম" 5="—" 6="ছবি" 7to8="প্ৰকাশন" 9to12="নিবেদন" 13to17="সূচীপত্ৰ" 18="—" 19="উচৰ্গা" 20="—" 21="1"/> |Volumes= |Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}} {{center|{{x-larger|'''সূচীপত্র।'''}}}} {{সূচীপত্ৰসাধাৰণ|| অসমৰ পশ্চিম সীমা| ১ }} {{সূচীপত্ৰসাধাৰণ||দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ | ৬ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ| ১৫ }} {{সূচীপত্ৰসাধাৰণ|| মীৰজুমলাৰ অসম অভিযান| ২০ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ ৰণোদ্যম| ২৮ }} {{সূচীপত্ৰসাধাৰণ|| অসম-মোগলৰ ৰণ| ৩৬ }} {{সূচীপত্ৰসাধাৰণ||মীৰজুমলাৰ গড়গাওঁ অধিকাৰ | ৪৭ }} {{সূচীপত্ৰসাধাৰণ|| মোগল সৈন্যৰ বিলৈ-বিপত্তি| ৫৬ }} {{সূচীপত্ৰসাধাৰণ|| সন্ধিৰ প্ৰস্তাৱ| ৭৭ }} {{সূচীপত্ৰসাধাৰণ|| ঘিলাঝাৰি ঘাটৰ সন্ধি| ৮৫ }} {{সূচীপত্ৰসাধাৰণ|| মোগলৰ অসম ত্যাগ| ৯১ }} {{সূচীপত্ৰসাধাৰণ|| অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা| ১০২ }} {{সূচীপত্ৰসাধাৰণ||জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু | ১১৪ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ| ১১৯ }} {{সূচীপত্ৰসাধাৰণ|| সামৰণি| ১৩৭ }} {{সূচীপত্ৰসাধাৰণ||ওপৰঞ্চি | ১৪৯ }} {{সূচীপত্ৰসাধাৰণ|| প্ৰমাণপঞ্জী| ১৮২ }} |Notes={{GLAMNSJ}}<br/> {{AWPRC2026}} |Width= |Css= |Header= |Footer= }} bqb5bpyuzeiq4vpsbext7fn4mhxydi2 260749 260748 2026-09-29T15:27:50Z BabulB 104 260749 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মীৰজুমলাৰ অসম আক্ৰমণ |Language=as |Volume= |Edition=১ম |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=লয়াৰ্চ বুক ষ্টল |Address=গুৱাহাটী |Year=1956 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="—" 3="শিৰোনাম" 5="—" 6="ছবি" 7to8="প্ৰকাশন" 9to12="নিবেদন" 13to17="সূচীপত্ৰ" 18="—" 19="উচৰ্গা" 20="—" 21="1"/> |Volumes= |Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}} {{center|{{x-larger|'''সূচীপত্র।'''}}}} {{সূচীপত্ৰসাধাৰণ|| অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]]| ১ }} {{সূচীপত্ৰসাধাৰণ||দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ]] | ৬ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ|অসমৰ কামৰূপ উদ্ধাৰ]]| ১৫ }} {{সূচীপত্ৰসাধাৰণ|| মীৰজুমলাৰ অসম অভিযান|মীৰজুমলাৰ অসম অভিযান]]| ২০ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ ৰণোদ্যম|অসমৰ ৰণোদ্যম]]| ২৮ }} {{সূচীপত্ৰসাধাৰণ|| অসম-মোগলৰ ৰণ|অসম-মোগলৰ ৰণ]]| ৩৬ }} {{সূচীপত্ৰসাধাৰণ||মীৰজুমলাৰ গড়গাওঁ অধিকাৰ|মীৰজুমলাৰ গড়গাওঁ অধিকাৰ]] | ৪৭ }} {{সূচীপত্ৰসাধাৰণ|| মোগল সৈন্যৰ বিলৈ-বিপত্তি|মোগল সৈন্যৰ বিলৈ-বিপত্তি]]| ৫৬ }} {{সূচীপত্ৰসাধাৰণ|| সন্ধিৰ প্ৰস্তাৱ|সন্ধিৰ প্ৰস্তাৱ]]| ৭৭ }} {{সূচীপত্ৰসাধাৰণ|| ঘিলাঝাৰি ঘাটৰ সন্ধি|ঘিলাঝাৰি ঘাটৰ সন্ধি]]| ৮৫ }} {{সূচীপত্ৰসাধাৰণ|| মোগলৰ অসম ত্যাগ|মোগলৰ অসম ত্যাগ]]| ৯১ }} {{সূচীপত্ৰসাধাৰণ|| অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা|অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা]]| ১০২ }} {{সূচীপত্ৰসাধাৰণ||জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু|জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু]] | ১১৪ }} {{সূচীপত্ৰসাধাৰণ|| অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ|অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ]]| ১১৯ }} {{সূচীপত্ৰসাধাৰণ|| সামৰণি|সামৰণি]]| ১৩৭ }} {{সূচীপত্ৰসাধাৰণ||ওপৰঞ্চি|ওপৰঞ্চি]] | ১৪৯ }} {{সূচীপত্ৰসাধাৰণ|| প্ৰমাণপঞ্জী|প্ৰমাণপঞ্জী]]| ১৮২ }} |Notes={{GLAMNSJ}}<br/> {{AWPRC2026}} |Width= |Css= |Header= |Footer= }} c0rnzkzen0o8hwwsx586bije5r3wk9j 260750 260749 2026-09-29T15:29:12Z BabulB 104 260750 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মীৰজুমলাৰ অসম আক্ৰমণ |Language=as |Volume= |Edition=১ম |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=লয়াৰ্চ বুক ষ্টল |Address=গুৱাহাটী |Year=1956 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="—" 3="শিৰোনাম" 5="—" 6="ছবি" 7to8="প্ৰকাশন" 9to12="নিবেদন" 13to17="সূচীপত্ৰ" 18="—" 19="উচৰ্গা" 20="—" 21="1"/> |Volumes= |Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}} {{center|{{x-larger|'''সূচীপত্র।'''}}}} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]]| ১ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ]] | ৬ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ|অসমৰ কামৰূপ উদ্ধাৰ]]| ১৫ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মীৰজুমলাৰ অসম অভিযান|মীৰজুমলাৰ অসম অভিযান]]| ২০ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ ৰণোদ্যম|অসমৰ ৰণোদ্যম]]| ২৮ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসম-মোগলৰ ৰণ|অসম-মোগলৰ ৰণ]]| ৩৬ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/মীৰজুমলাৰ গড়গাওঁ অধিকাৰ|মীৰজুমলাৰ গড়গাওঁ অধিকাৰ]] | ৪৭ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মোগল সৈন্যৰ বিলৈ-বিপত্তি|মোগল সৈন্যৰ বিলৈ-বিপত্তি]]| ৫৬ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/সন্ধিৰ প্ৰস্তাৱ|সন্ধিৰ প্ৰস্তাৱ]]| ৭৭ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/ঘিলাঝাৰি ঘাটৰ সন্ধি|ঘিলাঝাৰি ঘাটৰ সন্ধি]]| ৮৫ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মোগলৰ অসম ত্যাগ|মোগলৰ অসম ত্যাগ]]| ৯১ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা|অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা]]| ১০২ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু|জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু]] | ১১৪ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ|অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ]]| ১১৯ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/সামৰণি|সামৰণি]]| ১৩৭ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/ওপৰঞ্চি|ওপৰঞ্চি]] | ১৪৯ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/প্ৰমাণপঞ্জী|প্ৰমাণপঞ্জী]]| ১৮২ }} |Notes={{GLAMNSJ}}<br/> {{AWPRC2026}} |Width= |Css= |Header= |Footer= }} 2i5majm04wu5ooyjoqvs216fktdobp3 পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০২ 104 88397 260813 243611 2026-09-30T08:21:07Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260813 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১১০|অৰুনোদইৰ ধলফাট|}}</noinclude>তাক ভালকৈ বিবেচনা কৰি দেখোক; কিয়নো, দেখা, যদি কিবা লিখোঁ, তেন্তে কি কাৰণে তাক ৰচনা কৰোঁ? আমাৰ আপোনাৰ জ্ঞান প্ৰকাশ কৰিবলৈ নে? নতু লোকক হিত জ্ঞান দিবৰ নিমিত্তেহে ৰচনা কৰোঁ? অৱশ্যে জ্ঞান দিবৰ নিমিত্তেহে, আৰু কোনো অবাটে যোয়া লোকক ঘাই বাটলৈ অনাবৰ নিমিত্তে আমি ৰচনা কৰোঁ। এশ দুখিয়া মানুহৰ নিমিত্তে কোনো দয়ালু এজনে ভোজ পাতোঁ বুলি পাছে যদি সেই আহাৰবোৰ তিনি চাৰি জন ওখ মানুহে মাথোন ঢুকি পাব পৰা ওখ চাঙ্গত থয়, আৰু সিহঁতত বাঝে তাক অন্য কেৱে ছুব নোয়াৰে, তেন্তে এনে শ্ৰমত সেইজনৰ নো কি লাভ? তেনেকৈ লোকক যদি জ্ঞান ৰূপ অহাৰ খুয়াব খোজোঁ, তেন্তে যি ভাষাত লোকবিলাকে সেই জ্ঞান ভালকৈ বুঝিব পাৰিব, এনে ভাষাৰে লিখাই উচিত। কোনো মতে লোকৰ মনত যদি হিত উপকাৰৰ জ্ঞান সুমাই দিব পাৰোঁ, সেয়েহে প্ৰধান কথা। ভাষাকো হেলা কৰাৰ প্ৰয়োজন নাই; তথাপি ভাষাতকৈ জ্ঞানহে ঘাই কথা। ভোক লগা মানুহে খাই তৃপ্তি পোয়াই প্ৰধান কথা, কিন্তু সেই বুলিয়েই তাক গাঁততো খুয়াব নে লাগে, আৰু নৌ খাওঁতেই পৰ্ব্বততো, উঠিব নে লাগে। সকলো কাৰ্য্যত মধ্যম ভাষাই উত্তম; কিন্তু কেতিয়াবা কেতিয়াবা যদি সংস্কৃত কথাৰো প্ৰয়োজন থাকে, তেন্তে তালৈকো আমি ভয় কৰিব নে লাগে।{{nop}}<noinclude></noinclude> m35co65y9m6872l7regjiyb5k8mmq4e পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৫ 104 89385 260806 258662 2026-09-30T07:23:30Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260806 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|<poem>{{x-larger|মলুআ ৰজাৰ এখন চিঠি।}} The Mona.-Letter from Kopiraj. ৯ বচৰ। নম্বৰ ৫। মেই, ১০৫৪। মহা মহিম স্ৰীজুত অৰুনোদই সম্পাদক মহাসয়েসু।</poem>}} {{gap}}মই জাঁজিৰ পৰা নগা পৰ্বতলৈ সকলো বান্দৰৰ ওপৰত ৰজা হৈচোঁ। মই মলুআ জাতিৰ দেখি মোক মলুআ ৰজা বোলে, চাহাবে মোৰ নাম সুনিব পাই। ম‍ই প্ৰায়ে অৰুনোদই নে চাঁও, তথাচ এপ্ৰিল মাহৰ অৰুনোদই এটা মানুহৰ হাতত দেখি নকচা আৰু অলপমান কথা পৰ্হি বৰ ভাল পালোঁ, এই ৰুপে জদি মাহে মাহে বান্দৰৰ কথা লিখে, আমাৰ জাতৰ মাজত অৰুনোদই লোআ অনেক গৰাকি ওলাব, কিন্তু মানুহ জাতিএ হলে গিয়ানলৈ প্ৰায়ে বৰকৈ মন ন কৰে বুলি মই সুনিছোঁ, আৰু দুটা মান বিসয়া, আৰু ডাঙ্গৰ পণ্ডিত লোকৰ বাহিৰে আনবোৰে বচেৰেকত এটকা দি অৰুনোদই লবলৈকো কিৰ্পিন হই। আৰু সুনিচোঁ, লোআবিলাকৰ মাজতো কোনো কোনোএ তিনি চাৰি বচৰলৈকো তাৰ মূল্য একো ধন নি দিও, এই বৰ আচৰিত কথা। কিন্তু হে সম্পাদক মহাসই, মোৰ কথা পতিয়াবা, বান্দৰ সকল এইমান অনিয়াই কৰা আৰু কিৰ্পিন ন হই। এই হেতুকে মানুহৰ কথা এৰি, আমাক আদি কৰি সকলো জন্তুৰ কথা লিখিলে আমি ভাল দেখোঁ, কিন্তু কেৱল মানুহৰ কথা লিখিলেহে আমি বেজাৰ পাঁও। মানুহ জাতিএ আপোনাক জি জি অলপ ধন দিএ, তাৰে একো ন হই। আমাৰ প্ৰজাবিলাকক সিহঁতৰ দৰে সিখ্যা দিয়া হলহেঁতেন, তেতিয়া মন<noinclude></noinclude> 896a441hdttcbhuwc6wa5abwt30ra9t পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৬ 104 89389 260807 243498 2026-09-30T07:36:00Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260807 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১০৪|অৰুনোদইৰ ধলফাট|}}</noinclude>ভাল হৈ অলপিয়া এটকা দুটকা নি দি, খৰালি কালত আপোনাক নি আমাৰ পৰ্বতৰ হিৰা মুকুতাৰ গাঁত আৰু পৰস পাথৰো দেখাই দিয়া হলহেঁতেন। আৰু আগেয়ে জি নকচা লিখিলে, সেইবোৰ ভাল হওঁতে হৈছে, কিন্তু এই দেসত থকা আমাৰ জাতৰ ন হই। এই নিমিতে অলপ নিবেদন কৰোঁ, পাচৰ মাহত আমাৰ জাতৰ দুটা মানব নকচা, আৰু বিবৰন লিখিলে ভাল হই। এতিয়া আমাৰ খনিকৰে মোৰ নকচা তুলিচে, তাক পঠাই দিম। অনুগ্ৰহ কৰি এই চিঠিৰ ওপৰত তাক লিখিলে আমাৰ পাত্ৰ মন্ত্ৰি সকলোৰে আনন্দ হব, আৰু আপোনাৰো জস নাম থাকিব। কিন্তু চাহাবে এটা কথা বুজিব লাগে, এই হিন্দুস্থান দেসত হনুমন্তা প্ৰধান, আৰু ধৰমি; পচিম হিন্দুস্থানত মানুহে সেই জাতিক দেৱতাৰ দৰে পুজনিয়কৈ পুহি পুহি থাকে; এই হেতু হনুমন্তাৰ এক নকচা দিলে ভাল হই, কিন্তু মোৰ নকচাৰ ওপৰত কাৰো নকচা নি দিব। আৰু হলৌ সকলে সন্তুষ্ট হবৰ নিমিতে সিবিলাকৰো এটা নকচা লিখিলে ভাল; সেই দেখি মোৰ ৰাজ মন্ত্ৰি সব্দৰাজ হলৌ ডাঙ্গৰিয়াৰ নকচা দিব খুজিচিলো, কিন্তু তেওঁক কোনো সকামে পৰ্বতৰ সি ফাললৈ পঠোআ হেতুকে তেওঁৰ ঘৈনিএক আৰু লৰাৰ এই নকচা পঠাইছোঁ। কিন্তু চাহাব, মোৰ আৰু এক নিবেদন, দুষ্ট লোকে আমাৰ প্ৰজাবিলাকক ধৰি বন্দিকৈ ৰাখে, আৰু জাহাজতো দেসান্তৰ কৰে। অৰুনোদইৰ দোআৰাই এই অনিয়াই অৱস্যে নিবাৰণ কৰিব লাগে। সব্দৰাজৰ লৰা তিৰোতাৰ নকচা লিখোঁতে, মোৰ লৰা কি কৰিব বুলি তাই বৰ ভয়েৰে হাত দাঙ্গি তাৰ কথা চাহাবলৈ লিখিবলৈ মানা কৰিচে। আৰু সেই ৰুপে ধৰি নিএ দেখি আমাৰ প্ৰজাসকলে চাহাব লোকলৈ সদায় ভয় কৰি থাকে। কিমধিক মিতি। {{Right|স্ৰী স্ৰী মলুআ কপিৰাজ চক্ৰবৰ্তি।}}<noinclude></noinclude> 9t2k6wl0gc1lg3d69juai0lkcybe2d0 পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৯ 104 89430 260810 258664 2026-09-30T07:57:47Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260810 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|<poem>{{X-larger|শিৱসাগৰৰ গবৰ্ণমেণ্ট স্কুলৰ ছাত্ৰবিলাকৰ}} {{X-larger|বিদ্যাৰ মহলা।}} ১৬ বছৰ। নম্বৰ ১। জানোয়াৰি, ১৮৬১।</poem>}} {{gap}}যোয়া শকৰ ডিচেম্বৰ মাহৰ শেষ তাৰিখে ওপৰে লিখা গবৰ্ণমেণ্ট স্কূলৰ ছাত্ৰবিলাকৰ ইংৰাজি আৰু বঙ্গালি বিদ্যাৰ পৰীক্ষা কৰা হৈছিল। তাতে শ্ৰীযুত জন থৰ্ণটন সব আশীষ্টাণ্ট কমিশনৰ চাহাবৰ দ্বাৰায় প্ৰথম শ্ৰেণীৰ প্ৰথম ভাগৰ আৰু আমি দ্বীতিয় শ্ৰেণীৰ প্ৰথম ভাগৰ আৰু সব আশীষ্টাণ্ট চাৰ্জন শ্ৰীযুত বাবু ব্ৰজনাথ কফৰ্মাৰ দ্বাৰায় দ্বীতিয় শ্ৰেণীৰ আৰু ডিপুটী ইনস্পেকটৰ শ্ৰীযুত বাবু উৎসবানন্দ গোস্বামীৰ দ্বাৰায় তৃতীয় শ্ৰেণীৰ ইংৰাজী বিদ্যাৰ পৰীক্ষা কৰা হৈছিল। শ্ৰীযুত মুনশী কেফায়ৎ উল্লা ক্ষমতাপন্ন সদৰ আমীন আৰু শ্ৰীযুত বাবু নীলমণি গাঙ্গুলি স্কুলৰ হেড মাষ্টেৰৰ দ্বাৰায় বঙ্গালি বিদ্যাৰ পৰীক্ষা লোয়া হৈছিল। {{gap}}এই স্কুলৰ যি পৰীক্ষা কৰা গল, সেই পৰীক্ষাই স্কুলৰ শিক্ষক আৰু ছাত্ৰৰবিলাকৰ প্ৰতি অতি মান্যজনক হৈছিল, আৰু স্কুলো উন্নতি অৱস্থাত থকা যেন বুঝা যায়। ইংৰাজি শিক্ষা ছাত্ৰৰবিলাকে ইংৰাজি পুথী পাঠ কৰাত, ব্যাকৰণ, ভূগোল, আৰু গণন আদি অন্য অন্য বিদ্যা শিক্ষাত সুন্দৰ মতে মহলা দিলে। ইংৰাজি বিদ্যা অভ্যাসৰ উচ্চাৰণেই কিজানি অতি কঠিন ভাগ; তথাপি পূৰ্ব্বে এই প্ৰদেশৰ ভিতৰৰ অন্য অন্য যি যি স্কুলৰ পৰীক্ষা আমি কৰিছিলোঁ, সেই বিলাকতকৈ এই স্কূলৰ পৰীক্ষা কৰি কিছু ভাল যেন বুঝিলোঁ। যি বিদেশী ভাষা, আৰু যিবিলাকৰ মাঝত সেই ভাষা সদাই চলিত হৈ<noinclude></noinclude> jgat75j8zqo0279c7aq9w83gvywiu0x পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০০ 104 89431 260811 243600 2026-09-30T08:02:59Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260811 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১০৮|অৰুনোদইৰ ধলফাট|}}</noinclude>থাকে, সেইবিলাকে সৈতে স্বতন্ত্ৰ ৰূপে একে লগ হৈ সেই ভাষা শিক্ষা কৰাৰ সুযোগ পোয়াত বিনে তাৰ উচ্ছাৰণ কৰা অতি দুসাধ্য। তথাপি অতি মন দি শিক্ষা কৰিলে, সেই উচ্ছাৰণৰ বিষয়তো বৰ সংশয় নাই। {{gap}}এই স্কূলৰ ছাতৰবিলাকে বিদ্যাৰ মহলা দি নৈপুণ্যতা প্ৰকাশ কৰা হেতুকে, বৰ্ত্তমান মাহৰ ৮ তাৰিখে সিবিলাকক সেই মহলাৰ প্ৰাইজ অৰ্থাৎ বঁটা দিয়া হৈছিল। আৰু সেই বঁটা দিয়াৰ কৰমত অসম প্ৰদেশৰ ডিপুটী কমিশনৰ শ্ৰীযুত কৰ্ণেল ৱেতচ চাহাবে আপুনি সভাপতি হৈ ছাত্ৰৰবিলাকক যোগ্য অনুসাৰে বিলাই দিছিলে। {{gap}}বঁটা দি এঁটোয়াৰ পাছে প্ৰথম শ্ৰেণীৰ শ্ৰীযদুনাথ শৰ্ম্মা নামে এজন ছাতৰে এই অসম দেশৰ পূৰ্ব্ব আৰু বৰ্ত্তমান অৱস্থাৰো বিষয়ে ইংৰাজি ভাষাৰে এটা সংক্ষেপ ৰূপে প্ৰস্তাৱ ৰচনা কৰিছিল, আৰু সেই প্ৰস্তাৱকে স্কুলৰ হেড মাষ্টৰ শ্ৰীযুত বাবু নীলমণি গাঙ্গুলিয়ে সকলোৰে সাক্ষাতে পঢ়ি শুনালে। সম্প্ৰত্তি যি জন স্কুলৰ হেডমাষ্টৰ হৈছে, তেওঁ আৰু অন্য অন্য শিক্ষক কেই জনেও সিবিলাকৰ অধীনে থকা ছাত্ৰৰবিলাকৰ শিক্ষাৰ উন্নতিৰ নিমিত্তে অতি মনযোগ ৰূপে শিক্ষা দি থকা যেন বুঝা গল।<noinclude></noinclude> actzrq9o9l0k83seo3h4qbhdhpc152v পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০১ 104 89434 260812 258666 2026-09-30T08:13:55Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260812 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|<poem>{{X-larger|মাতৃভাষা}} ১৬ বছৰ। নম্বৰ ২। ফেব্ৰুয়াৰি, ১৮৬১।</poem>}} {{gap}}মাতৃভাষা, অৰ্থাৎ বঙ্গালি আৰু অসমীয়া আদি যি ভাষাৰে কিতাপ ৰচনা কৰোঁ তাকে চহা কি শাস্ত্ৰীয়, যি বিধ ভাষাৰে ৰচনা কৰা উচিত, এই বিষয়ে হিন্দু পাত্ৰিয়ত নামে এখন সমাচাৰ পত্ৰত এই ৰূপে লিখিছে, বোলে আমি মুখেৰে কথা বাৰ্ত্তা হোয়াৰে আক কিতাপ ৰচনা কৰা ভাষাৰে মাঝত যিমান ভিন্ন হৈছে, সেইমান ভিন্ন হোয়া যে অতি অনুচিত, ইয়াত একো সংশয় নাই। কথা কওঁতে যেনে বিধ মানুহ থাকোঁ, পুথী ৰচনা কৰিবলৈ বা অন্য কোনো কথা লিখিবলৈ ধৰিলে, আমি একেবাৰে অন্য বিধ মানুহ হওঁ। চলিত ভাষাৰে যি যি কথা কোয়াকুই কৰোঁহঁক, সেই সকলো কথাৰ পৰা নিশ্চেই আঁতৰ হৈ, কোনো সাস্ত্ৰীয় বা সংস্কৃত কথা পাবলৈ বাঞ্চা কৰি মুৰ খুন্দিয়াবলৈ ধৰোঁ। এই কথা কোনো প্ৰকাৰে ভাল ন হয়; সেই ৰূপে কৰিলে, তিৰোতাৰ শিক্ষা হবলৈ প্ৰায় অসাধ্য হব। {{gap}}আৰু অন্য কোনো পুথী ৰচনা কৰ্ত্তাবিলাকে সমূলি পৃথক ৰূপে কৰে; অৰ্থাৎ যি যি কথা কিছু সংস্কৃতৰ তুলা, সেই সকলোলৈ ভয় কৰি, অকল চহা আৰু সামান্য ভাষাৰে যে ৰচনা কৰে এনে কথাও ভাল ন হয়। কিন্তু যি প্ৰধান আৰু উত্তম পথ, তাক মাঝত হে পোয়া যায়, অৰ্থাৎ যি ভাষাৰে ৰচনা কৰিলে বা লিখিলে অপণ্ডিত আৰু তিৰোতা মানুহেও বুঝিব পাৰিব, এনে ভাষাৰেই লিখা বা ৰচনা কৰা উচিত। {{gap}}হিন্দু পাত্ৰিয়ত পত্ৰে যি বুদ্ধি দিছে, তাক আমি অতি ভাল পাওঁ; আৰু আমাৰ অসমীয়া পণ্ডিত আৰু বাবু লোক সকলেও<noinclude></noinclude> i081pk5p2zhs9qo5o1simk7vuyf4es2 পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০৩ 104 89435 260814 258668 2026-09-30T08:26:35Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260814 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|<poem>{{X-larger|অৰুণোদয় পঢ়া লৰাবিলাকৰ প্ৰতি।}} ১৬ বছৰ। নম্বৰ ৪। এপ্ৰিল, ১৮৬১।</poem>}} {{gap}}শ্ৰীমতী ওয়াৰ্দ মেম চাহাবে আপোন সন্তান সৰু লৰালৈ যি পত্ৰ লিখিছিল, তাকে এক ইংৰাজি সম্বাদ পত্ৰৰ পৰা ভাঙ্গি ইয়াত দিয়া হৈছে। {{gap}}হে পৃয় লৰাসকল, তোমালোকে এই অৰুণোদয় জ্ঞান ভণ্ডাৰৰ পৰা মাহে মাহে কোনো নতুন নতুন জ্ঞানৰ কথা পায়, তাক পঢ়ি আপোন আপোন মন ৰূপ ভণ্ডাৰত জ্ঞান সাঁচি থৈচাহঁক, বুলি মই আশা কৰিছোঁ। এই মাহৰ অৰুণোদয়ত যেন আৰু এক নতুন কথা পায় আপোনাৰ মন ৰূপ ভণ্ডাৰত সাঁচি থবা, এই নিমিত্তে তোমালোকৰ হিতলৈ এটী কথা লিখোঁ। {{gap}}তোমালোক সকলো এ মহা সাগৰৰ কথা কেতিয়াবা কেতিয়াবা শুনিছা; তথাপি সি কেনে, আৰু তাৰ ওপৰত জাহাজবিলাক বা কি ৰূপে চলি দেশ বিদেশলৈ অহা যোয়া কৰে, তাৰ একো কথা ভাল ৰূপে তোমালোকে বুঝিব নো পোয়া। এই হেতুকে তোমালোকে বুঝিবৰ নিমিত্তে মই তাবে কিচু কথা ইয়াত লিখোঁ। {{gap}}প্ৰথমে মহা সাগৰৰ কথা অলপ কওঁ, তোমালোকে কেতিয়াবা কেতিয়াবা বাৰিষাৰ কালত কোনো কোনো বৰ বৰ দ পথাৰবোৰত বাঢ়নী পানী দেখিছা, ন হয় নে? সেই বাঢ়নী পানীক বান পানী, বা জলাহ বোলে। বাৰু সেই মহা সমুদ্ৰ এনে এক মহা জলাহৰ নিচিনা, অৰ্থাৎ আমাৰ এই অসম দেশ গোটেই খনৰ ওপৰত যদি এনে বাঢ়নী পানী হয়, তেতিয়া তাক কেনে মহা জলাহ দেখা যাব! কিন্তু তাতকৈও মহা সাগৰ অনেক অনেক গুণে দীঘল আৰু বহলো; তোমালোকৰ সৰু মনৰ ভাবনাৰে তাক বুঝিবলৈ কঠিন হয়। এতেকে সেই কথা এৰি, মহা সমুদ্ৰৰ পানীৰ কথা অলপমান কওঁ। সমুদ্ৰৰ<noinclude></noinclude> qgbkjj22g13ozxi5fwtilfe3irnxp05 পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০৪ 104 89436 260815 243613 2026-09-30T08:31:46Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260815 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১১২|অৰুনোদইৰ ধলফাট|}}</noinclude>পানী তোমালোকে কেনে বুলি ভাবিছাহঁক? আমাৰ দেশৰ বৰ বৰ পুখুৰিৰ, বা বিলৰ, নতুবা ধীৰে বৈ যোয়া নদীৰ পানী যেন বুলি ভাবিছা নে? তেনে ন হয়। সাগৰৰ পানী হলে কেৱল লোনা, মুখত দিবই নোয়াৰি; আৰু উথলি থকা পানীৰ দৰে ধুমুহা বতাহৰ দ্বাৰায় সাগৰ খন সদায় অথিৰ হৈ থাকে। কিন্তু সামান্য বতাহত হলে প্ৰায়ে থিৰ হয় কেতিয়াবা ধুমুহা বতাহৰ দ্বাৰায় তাৰ ঢৌ পৰ্ব্বতৰ সমান ওখ হৈ ওপৰলৈ উঠে; পাছে আকও তললৈ পৰে। তেতিয়া যি যি জাহাজবিলাক সাগৰৰ ওপৰত চলি যায়, সেইবোৰক তেনে ঢৌৰ আফালনীত পৰ্ব্বতৰ সমান ওখকৈ তুলি নিয়ে, আৰু পুনৰায় নিশ্চেই তললৈ পেলাই দিও। এই ৰূপে বৰ ধুমুহা বতাহৰ দ্বাৰায় জাহাজবিলাক সাগৰৰ ওপৰত ঢলঙ্গ পলঙ্গ হৈয়ে চলি থাকে। {{gap}}মোৰ পৃয় লৰাবিলাক, সমুদ্ৰৰ ওপৰত যদি জাহাজবোৰ এনে ঢলঙ্গ পলঙ্গ কৰি ফুৰে, তেন্তে সি কলৈ গৈছে, আৰু তাৰ বাট বা কেনি হয়, কি জানি তোমালোকে এই কথা সুধিবৰ ইচ্ছা হব। বাৰু, সেই কথা ময় তোমালোকত বুঝাম। সাগৰ হলে, ময় ওপৰে কোয়াৰ দৰে অতি ডাঙ্গৰ, আৰু তাৰ ওপৰেদি দেশ বিদেশলৈ অহা যোয়া কৰি ফুৰা জাহাজৰ লোকবিলাকে ওপৰত সূৰ্য্য, চন্দ্ৰ আৰু তৰাবিলাক, আৰু তলত সাগৰৰ নীল বৰণীয়া অগাধ পানী, ইয়াত বাঝে পৰ্ব্বত, মাটী, বা গছ গছনী, এনে একো বস্তু দেখা নে পায়। আৰু আলি বাটৰ ওপৰেদি ৰথ, গাঁৰি আদি গলে, বাটত যেনেকৈ ৰথৰ চক্ৰৰ চিন বহি যায়; তেনেকৈ সাগৰৰ ওপৰে দি অনেক অনেক জাহাজ চলি থাকিলেও, আৰু পানীত বহু দলৈকে জাহাজ বহি গলেও, পানীৰ ওপৰেদি জাহাজ অহা যোয়া কৰাৰ একো চিন নৰয়। তথাপি তেনে মহা সাগৰৰ ওপৰতো জাহাজী লোকে বৰ বুদ্ধিৰ দ্বাৰায় আপোন জাহাজ চলাই নিয়ে। যেনেকৈ চিপাহীৰ ওপৰত একো জন কাপ্তান চাহাব অৰ্থাৎ সেনাপতি থাকি, সেনাক ৰণ কৰিবলৈ শিক্ষা দি যুদ্ধৰ<noinclude></noinclude> ai57e4a1xh6vwsv1iopiv6u7vr7viiq পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০৫ 104 89437 260816 243614 2026-09-30T08:37:54Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260816 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||অৰুণোদয় পঢ়া লৰাবিলাকৰ প্ৰতি|১১৩}}</noinclude>সময়ত আপোনাৰ সেনাবিলাকক চলাই, সেই ৰূপে জাহাজবোৰৰ ওপৰতো একো একো জনা কাপ্তান চাহাব থাকে; সিবিলাকে অতি জ্ঞানেৰে জাহাজ কলৈ যাব লাগে, আৰু তাৰ বাট বা কেনি হৈছে, সেই কথা ঠিককৈ বুঝে; কিয়নো তেওঁৰ হাতত চম্বুক লোহা ৰাখি, তাৰ দ্বাৰায় পূব পশ্চিমৰ সীমা বিশেস ৰূপে বুঝিব পাৰে। আৰু তাৰে সৈতেই জাহাজৰ বাট জানি তাক চলাই নিয়ে। {{gap}}এই ৰূপে, মোৰ পৃয় লৰা সকল, কাপ্তান চাহাবে অতি বুদ্ধি আৰু জ্ঞানেৰে চম্বুক লোহাৰ কম্পাচেৰে, আৰু দুৰ্ব্বিন আদিৰে জাহাজ চলাব পাৰে। সিবিলাকে সমুদ্ৰৰ ওপৰে যাওঁতে প্ৰায় দিনে দিনে অন্য অন্য অহা যোয়া কৰা অনেক জাহাজৰ লগ পায়। কোনো কোনো জাহাজ নিশ্চেই ওচৰে দি যায়, কোনোবিলাক এনেহে আঁতৰা আঁতৰি হৈ যায়, সেইবোৰক প্ৰায় আকাশত উৰি ফুৰা সৰু সৰু চৰাইবিলাকৰ নিচিনাহে দেখে। যেতিয়া ধুমুহা ন বলাই, তেতিয়া সাগৰৰ পানী প্ৰায়ে থিৰ হৈ থাকে, আৰু জাহাজবিলাকে শুথিৰে চলি যায়; কিন্তু যেতিয়া অতিশই ধুমুহা বতাহ বলাবলৈ ধৰে, তেতিয়া জাহাজ চলিবলৈ কিছু টান। আৰু কোনো সময়ত সাগৰৰ মহা প্ৰচণ্ড ঢৌ জাহাজৰ ওপৰত যদি পৰে, তেতিয়া জাহাজেই হানি হোয়াৰ শঙ্কা থাকে। আৰু ৰাতিতো কেতিয়াবা সমুখে অহা আন জাহাজলৈ ভয় থাকে; কিয়নো কোনো এন্ধাৰ নিশাত যদি আপোনাৰ সমুখে অহা আন জাহাজে সৈতে অকস্মাত খুন্দা খায়, তেতিয়া প্ৰায় দুয়ো খন জাহাজৰেই হানি হয়। এয়ে অতি ভয়ানক ঘটনা। এই ৰূপ ঘটনাৰ দ্বাৰায় বছৰে বছৰে বহু জাহাজী লোকৰ প্ৰাণ বিনষ্ট হয়। {{gap}}ইমানতে ময় এই কথাৰ শেষ কৰোঁ; কিন্তু মোৰ পৃয় লৰাবিলাক, যদি ঈশ্বৰৰ অনুগ্ৰহত কুশলে থাকোঁ তেন্তে মাঝে মাঝে তোমালোকলৈ কোনো কোনো উত্তম কথা অৰুণোদয়ত দিবলৈ ময় যতন কৰিম। ইতি {{Right|ন, ল, ফ,}}<noinclude></noinclude> l9urv8ylylfe85zaha0o8808hqsgkoc পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/২০৬ 104 89461 260817 258670 2026-09-30T08:42:43Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260817 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|<poem>{{x-larger|স্ত্ৰী-শিক্ষা।}} ১৬ বছৰ, নম্বৰ ৪, এপ্ৰিল, ১৮৬১।</poem>}} {{gap}}অৰুণোদয় পঢ়া সকলৰ মনত থাকিব পায়, আমি যোয়া এমাহৰ অৰুণোদয়ত বঙ্গাল দেশৰ তিৰোতাবিলাকক বিদ্যা নি শিকোয়াৰ পৰা পুৰুষবিলাক যে ব্যভিচাৰ কামত ৰত হৈছে সেই বিষয়ে “হিন্দু পেটৃয়ট” পত্ৰত যি কথা লিখিছিল তাক আমাৰ পাঠকসকলে জানিবৰ কাৰণ ভাঙ্গি অৰুণোদয়ত প্ৰকাশ কৰিম বুলিছিলোঁ। এতিয়া তাক তলত লিখিলোঁ; পঢ়া সকলে পঢ়ি সন্তোষ পাব; কাৰণ সম্পাদকে যি কথা লিখিছে, সি অতি সুন্দৰ আৰু সঁচা। {{gap}}সেই পত্ৰত লিখিছে, বোলে, “অনেকে কয়, যে আমি অনুচিত ৰূপে আমাৰ দেশীবিলাকৰ পক্ষপাতি কৰোঁ, আৰু তেওঁবিলাকৰ স্বভাৱত যি দোষ আছে, তাকো ভাল বোলোঁহঁক। তেওঁবিলাকে তেনেকৈ কওক; কিন্তু যি দোষে মনে মনে আমাৰ দেশীসমাজৰ ধৰ্ম্ম নীতিবিলাক নষ্ট কৰিব লাগিছে, তাক আমি নে দেখি থকা নাই। আমাৰ দেশৰ যিবিলাকে নন্দকুমাৰক “ফাশী” দিয়া দেখিলে, আৰু যিবিলাক লোক এই দেশৰ “দহ বচৰীয়া বন্ধবস্ত” হওঁতে বৰ্ত্তমান আছিল, আমি তেওঁবিলাকৰ কথা নকওঁ; কাৰণ তেওঁবিলাক হিন্দু শাস্ত্ৰৰ যথাৰ্থ মত আৰু ধৰ্ম্মৰ দৰে চলিছিল। আৰু এতিয়াৰ বিবেচনা অনুসাৰে সেই ধৰ্ম্ম আৰু সেই মতৰ মুল যেই কি ন হওক; তথাপি আমাৰ বোপাই, দদাইবিলাক সকলো কামত সেই সেই নিয়মৰ দৰেই চলিছিল। তেওঁবিলাকৰ নীতি শাস্ত্ৰে ভাল, বেয়া, পাপ আৰু পুণ্যৰ মাঝত সীমা নিৰূপণ কৰি কৈছে, বোলে, “ইমানলৈহে যাবা, ইয়াতকৈ বাঢ়ি নে যাবা।” কোনো যথাৰ্থ<noinclude></noinclude> pt80oj992gb2nhkvdzu3daap6acff59 পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৭ 104 89605 260808 258619 2026-09-30T07:50:31Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260808 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা।}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|৯ বচৰ। নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | colspan="9" style="text-align:left;"|'''বিদেশী চাহাব লোক''' |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| ১ || ১|| ০ || ১০ || ১০ || ১০ ||১০ || ১০ || ১৫ |- |লখিমপুৰ ||৫ || ৫|| ৫ || ৫ || ৫|| ৫||২ || ২ || ২ |- |ডিবুৰুগৰ ||২০ || ২১|| ২৪ || ২৩ || ৩৯ || ৩৯ || ২৯ || ৪৪ || ৩২ |- | জইপুৰ||২৩ ||১৮ || ১৮ || ০ || ০ || ০ || ০ || ০ || ০ |- |চইখোআ || ০ || ১০||১০ ||১০ ||১০ ||১০ || ১০ ||১০ || ১২ |- | গোলাঘাট|| ২||২ || ২ ||২ || ২ ||২ ||২ ||২ || ২ |- |তেজপুৰ || ৪৪ ||৪৪ || ৫৩ ||২৯ || ৪০|| ৪১ || ৪০ || ১৬ || ৭ |- |মঙ্গলদৈ || ১০ ||০ || ০|| ০ || ০||০ || ০ || ০ || ০ |- |নগাঁও ||১০ ||৮ ||৬ ||৬ || ৬ ||৬ || ৬ ||৭ || ৭ |- |গুআহাটি ||৭৪ ||৭৪ ||৬৫ || ৬৪ || ৭৪ || ৭৬|| ৬২ || ৫১ || ৫৬ |- | গোআলপাৰা||৫ ||৫ || ৩ ||০ || ০ || ০ || ০ || ০ || ০ |- | ||colspan="9" style="text-align:center;"|{{rule}} |- |মুঠ||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |- | colspan="9" style="text-align:left;"|'''এই দেশী লোক''' |- |সিৱসাগৰ||৪৪ ||৪৪ || ৩৫ || ৩৮ ||৪২ ||৪৯ ||৩৪ || ৪০ ||৪৭ |- | নাজিৰা|| || || || || || || || ১ || ২ |- |জোৰহাট ||১ ||১ || ৩|| ৩ ||৪ || ৫ ||৬ ||৭ || ৭ |- |লখিমপুৰ ||২৩ ||২৩ || ০ || ০ ||০ ||০ ||০ || ০ || ০ |- |ডিবুৰুগৰ || ১৬ || ২৪||২ || ৪ || ৪ || ৪ || ৪ || ৩ || ৫ |- | গোলাঘাট|| ১৩ || ১৩|| ৯ || ৯ ||৯ ||৯ || ৯ || ১১ || ১১ |- |তেজপুৰ || ৩১ ||২৮ || ১১ || ৩ ||২৪ ||২৫ ||২৫ ||৭ || ৭ |- |মঙ্গলদৈ || ৪২ ||৪২ || ১১ ||০ || ০ ||০ || ০ || ০ || ০ |- |নগাঁও || ৩৮ ||০ || ৪|| ৪ || ৪ || ১২ || ১১ ||২৪ || ২৫ |- |গুআহাটি ||৪০ ||৩৯ || ৩৯ ||৩৯ || ৩৯ ||৩৫ || ৩৫ || ২৪ || ২৫ |- | গোআলপাৰা||১ ||১ || ০ || ০ ||০ || ০ || ০ ||০ || ০ |- | বঙ্গাল|| || || || || || || ২ || ২ || ২ |- | || colspan="9" style="text-align:center;"|{{rule}} |- |মুঠ||২৪৯ ||২১৫ ||১১৪ ||১০০ || ১২৬ || ১৩৯ || ১২৬ ||১১৯ || ১৩১<noinclude>{{nopt}} |}</noinclude> rzbx4pheyi3crp707wzb8b00uxylm8j পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৪ 104 90217 260800 246833 2026-09-30T03:59:56Z BabulB 104 260800 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|৪|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>সেই সময়ত সাতখন মাৰনাও লোহিতেদি ৰণজয় হুই ভটিয়াই গৈ, ফ্ৰাচেঙ্গমুনৰ পুতেক চনখাম্ ঘৰ-সন্দিকৈ প্ৰমুখ্যে দাঁতিয়ে গৈ কৰতীয়াত খাণ্ডা পখালি সামান্য কৰি ইটাৰ দৌল বান্ধি, পুখুৰি খানি চিন থৈ গৌড়েশ্বৰৰে প্ৰীতি হৈ, মিত্ৰভাৱে কোচৰ ৰজা বিশ্বসিংহক থাপিলে। সোণা-ৰূপা দুচৰু লৈ দিহিঙ্গীয়া ৰজালৈ সেৱা কৰিলে। স্বৰ্গদেৱে সিবোৰক বঁটা-বাহন দি ঘৰ-সন্দিকৈক বৰ-আজাম নাম দিলে। এইৰূপে ওপৰ-পুথাও দিহিঙ্গীয়া ৰজাই সাত ৰাজ্য মাৰি একৰাজ্য কৰি গৈছে।” {{gap}}পাচলৈ, ৰুদ্ৰসিংহ মহাৰাজৰ ৰণ-মেলত বৰপাত্ৰ গোহাঞি ডাঙ্গৰীয়াই, স্বৰ্গদেৱৰ কৰতোয়া দিগ্বিজয়ৰ প্ৰস্তাব সমৰ্থন কৰি কৈছিল,—“স্বৰ্গদেৱে উত্তমহে সুধিছে। কৰতীয়া-গঙ্গা সীমা কৰি আমাৰেহে ৰাজ্য। আমি মন নেদিবৰ দ্বাৰাইহে শত্ৰুয়ে লৈছে। ৰাজা হলে পৰ শত্ৰুক মাৰি, আপোনাৰ সীমনা ৰাখি ৰাজ্য লৱনেহে যোগ্য।” {{gap}}ওপৰত কোৱাৰ দৰে, কৰতোয়া নদীলৈকে দিগ্বিজয় কৰাৰ কাহিনী পাচে পৰেও অসমীয়াই সগৌৰৱে স্মৰণ কৰিছিল, আৰু কৰতোয়ালৈকে যে সমুদায় ৰাজ্যখণ্ড পুনৰ অসমৰ চামিল কৰিব লাগে এই আকাঙ্ক্ষা অসমৰ স্বৰ্গদেৱসকলে অন্তত নিৰন্তৰে পোষণ কৰিছিল। {{gap}}স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজৰ দিনত গুৱাহাটীৰ পৰা কৰতোয়ালৈকে সমুদায় ৰাজ্যখণ্ড মোগলৰ তলতীয়া আছিল।<noinclude></noinclude> ldv0iopy9g68rr5xoe6fiv8p2brovxu পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৯ 104 90320 260756 246802 2026-09-29T16:02:10Z BabulB 104 /* বৈধকৰণ হৈছে */ 260756 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh||{{x-larger|গ্ৰন্থকাৰৰ নিবেদন}}|}}</noinclude>{{gap}}মীৰজুমলাৰ অসম আক্ৰমণ ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এটি প্ৰসিদ্ধ ঘটনা। কাৰণ, নবাব মীৰজুমলা আছিল সেই কালৰ এজন সুদক্ষ সেনানায়ক আৰু ৰাষ্ট্ৰনীতিবিশাৰদ সিংহপুৰুষ। তেওঁৰ নাম দাক্ষিণাত্য আৰু হিন্দুস্থান গোটেই ভাৰততে জনাজাত আছিল। তেনে এজন পুৰুষৰ দ্বাৰা পৰিচালিত অসম অভিযানৰ অগ্ৰগতি আৰু পৰিণতি চাবলৈ গোটেই ভাৰতবৰ্ষ উৎসুক হৈ পৰিছিল। {{gap}}দ্বিতীয়তে, মীৰজুমলাৰ অসম আক্ৰমণত এটি অভিনব পৰিস্থিতি উদ্ভৱ হৈছিল। অসমীয়াৰ মানমৰ্য্যদা নষ্ট কৰি, দেশ উজাৰ কৰি অসমীয়াৰ ওপৰত নবাব মীৰজুমলাই গধুৰ পেচকচৰ বোজা অৰ্পণ কৰিছিল সঁচা; কিন্তু অসমত মোগলৰ সফলতা আছিল নানান প্ৰকাৰৰ দুৰ্য্যোগ আৰু বিপৰ্য্যয়ৰে মিহলি। সেইদেখি মীৰজুমলাৰ আক্ৰমণৰ বুৰঞ্জী সঙ্কলন কৰোঁতা ছিহাবুদ্দিন তালিছে তেওঁৰ গ্ৰন্থৰ দ্বিতীয় নাম দিছিল ফাটিয়া-ই-ইব্ৰিয়া, তাৰ অৰ্থ হৈছে, শিক্ষাপ্ৰদ দিগ্বিজয়ৰ কাহিনী। এই আক্ৰমণত মোগল সৈন্য যি বিলৈ-বিপত্তিৰ সন্মুখীন হব লগাত পৰিছিল, তেনে বিলৈ-বিপত্তি আন কোনো অভিযানত সংঘটিত হোৱা নাছিল। {{gap}}মীৰজুমলাৰ আক্ৰমণৰ কাহিনী ফাৰ্চ্চী ভাষাত লিখা ত্বাৰিখী বা বুৰঞ্জীত লিপিবদ্ধ হোৱাৰ বাহিৰেও ইয়াক সমসাময়িক ইউৰোপীয় পৰ্য্যটকসকলে বৰ্ণনা কৰিছিল, আৰু মীৰজুমলাৰ লগত অহা ওলণ্ডাজ নাবিক এজনে এই আক্ৰমণৰ সাঙ্গোপাঙ্গ বিবৰণ লিখি থৈ গৈছিল। এইবোৰ লিখনিৰ দ্বাৰা মীৰজুমলাৰ আক্ৰমণ আৰু অসমৰ বিষয়ে ইউৰোপতো জনাজাত হৈ পৰেগৈ। {{gap}}মীৰজুমলাৰ আক্ৰমণৰ বিবৰণ কেবাজনাও কৃতবিদ্য ঐতিহাসিকে সঙ্কলন কৰিছে,—চাৰ এডোৱাৰ্ড গেইট, প্ৰফেচাৰ যদুনাথ সৰকাৰ, ডাক্টাৰ সুধীন্দ্ৰনাথ ভট্টাচাৰ্য্য আৰু ডাক্টাৰ জগদীশনাৰায়ণ সৰকাৰ।<noinclude></noinclude> n5brgcnqcjkabgng1t9yc8mfxr21a6i পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪০ 104 90321 260839 246155 2026-09-30T09:52:33Z BabulB 104 260839 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{Xxxx-larger|'''মীৰজুমলাৰ অসম অভিযান'''}}}} {{gap}}'''কোচবেহাৰ আৰু অসমৰ বিৰুদ্ধে মীৰজুমলাৰ অভিযান—'''আৰাকানৰ ৰজাই পলাতক চুলতান চাহছুজা আৰু তেওঁৰ পৰিয়ালবৰ্গক এতিয়াও পোহ-পাল দি ৰাখিছে, হিন্দুস্থানলৈ ওলোটাই পঠোৱা নাই। কোচবেহাৰে স্বাধীন হৈ মোগলৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছে। অসমৰ স্বৰ্গদেৱে নিজ ৰাজ্য পুনৰ উদ্ধাৰ কৰি মোগলৰ ৰাজ্যত সোমাই দেশ নষ্ট কৰিছে। ভাৰতৰ পূৰ্ব্ব-প্ৰান্তত এইদৰে মোগলৰ ৰাজমৰ্য্যাদা টুটি অহাত আওৰংজেব বাদশ্যাহ বিশেষ ক্ষুণ্ণ হল। বঙ্গৰ নতুন শাসনকৰ্ত্তা মীৰজুমলাক সম্ৰাটে আদেশ দিলে যে এই তিনি ৰাজ্য আক্ৰমণ কৰি পূৰ্ব্ব-ভাৰতত লুপ্ত মোগল ক্ষমতা পুনৰ প্ৰতিষ্ঠিত কৰিব লাগে। বুৰঞ্জীত আছে, —“সেইবেলা ছুজাক খেদি মাজুম-খাঁ ঢাকাৰ নজিকত বহিছিল। সেইবেলা স্বৰ্গদেৱৰ হাৰামখোৰ জয়নাৰায়ণে মাজুম-খাঁত মিলি পূৰ্ব্বৰ সীমা চাৰি কামৰূপ উজাৰ কৰি আসামে নিয়া বাৰ্তা ক’লে। এই বাৰ্ত্তা পাই মাজুম-খাঁয়ো পাচ্চাৰ ঠাইলৈ কৈ পঠালে,⸺“আসামে কামৰূপ উজাৰ কৰিলে, আমাকো ধৰিবলৈ মন কৰিছে। এতেকে মোগল [অৰ্থাৎ আৰাকান] মাৰিবাক যি যতন কৰিছোঁ, হঠাতে সিদ্ধি নহয়। আৰু সিদ্ধি হয়মানে আসামকে কোচবেহাৰকে মাৰি ফিৰি আহিব খোজোঁ। কি হা-হুকুম হয়?” এই বাৰ্তা পাই বাদশ্যাহে<noinclude></noinclude> q661fiq5q64xas8odbknk6uaraibgbd 260840 260839 2026-09-30T09:53:09Z BabulB 104 260840 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{X-larger|'''মীৰজুমলাৰ অসম অভিযান'''}}}} {{gap}}'''কোচবেহাৰ আৰু অসমৰ বিৰুদ্ধে মীৰজুমলাৰ অভিযান—'''আৰাকানৰ ৰজাই পলাতক চুলতান চাহছুজা আৰু তেওঁৰ পৰিয়ালবৰ্গক এতিয়াও পোহ-পাল দি ৰাখিছে, হিন্দুস্থানলৈ ওলোটাই পঠোৱা নাই। কোচবেহাৰে স্বাধীন হৈ মোগলৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছে। অসমৰ স্বৰ্গদেৱে নিজ ৰাজ্য পুনৰ উদ্ধাৰ কৰি মোগলৰ ৰাজ্যত সোমাই দেশ নষ্ট কৰিছে। ভাৰতৰ পূৰ্ব্ব-প্ৰান্তত এইদৰে মোগলৰ ৰাজমৰ্য্যাদা টুটি অহাত আওৰংজেব বাদশ্যাহ বিশেষ ক্ষুণ্ণ হল। বঙ্গৰ নতুন শাসনকৰ্ত্তা মীৰজুমলাক সম্ৰাটে আদেশ দিলে যে এই তিনি ৰাজ্য আক্ৰমণ কৰি পূৰ্ব্ব-ভাৰতত লুপ্ত মোগল ক্ষমতা পুনৰ প্ৰতিষ্ঠিত কৰিব লাগে। বুৰঞ্জীত আছে, —“সেইবেলা ছুজাক খেদি মাজুম-খাঁ ঢাকাৰ নজিকত বহিছিল। সেইবেলা স্বৰ্গদেৱৰ হাৰামখোৰ জয়নাৰায়ণে মাজুম-খাঁত মিলি পূৰ্ব্বৰ সীমা চাৰি কামৰূপ উজাৰ কৰি আসামে নিয়া বাৰ্তা ক’লে। এই বাৰ্ত্তা পাই মাজুম-খাঁয়ো পাচ্চাৰ ঠাইলৈ কৈ পঠালে,⸺“আসামে কামৰূপ উজাৰ কৰিলে, আমাকো ধৰিবলৈ মন কৰিছে। এতেকে মোগল [অৰ্থাৎ আৰাকান] মাৰিবাক যি যতন কৰিছোঁ, হঠাতে সিদ্ধি নহয়। আৰু সিদ্ধি হয়মানে আসামকে কোচবেহাৰকে মাৰি ফিৰি আহিব খোজোঁ। কি হা-হুকুম হয়?” এই বাৰ্তা পাই বাদশ্যাহে<noinclude></noinclude> dqtay4tl6195mt5otdl3sa33gj9bunr পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪১ 104 90322 260841 246156 2026-09-30T10:12:57Z BabulB 104 260841 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||মীৰজুমলাৰ অসম অভিযান|২১}}</noinclude>বোলে,—“ভাল, কোচবেহাৰ আৰু আসাম মলুক তই যাই চাফ কৰি দে। তোৱাচভি কোচবেহাৰভি আসামভি মলুক মহিম কৰি চিতাপে আহিব।” মীৰজুমলাই বোলে,—“ভাল, সেই ৰাজ্য চাফ কৰি দেওঁগা। {{gap}}মীৰজুমলা পূৰ্ব্বভাৰতলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল ছুজাক খেদি যোৱা। কিন্তু ইতিমধ্যে কোচবেহাৰ আৰু অসম মোগল সম্ৰাটৰ বিৰুদ্ধাচাৰী হোৱাত আৰাকান অভিযান সম্প্ৰতি স্থগিত ৰাখি নবাবে কোচবেহাৰ আৰু অসমৰ অভিমুখে যাত্ৰা কৰিবলৈ মন কৰিলে। সম্ৰাট আওৰংজেব এই প্ৰস্তাৱত সন্মত হল। অসমৰ দূষিত হাৱা-পানী আৰু যাদুমন্ত্ৰৰ প্ৰভাৱ গোটেই ভাৰতত জনাজাত আছিল। সম্ৰাটে ভাবিলে, সত্তৰি-বছৰীয়া বুঢ়া মীৰজুমলা অসম যুদ্ধৰ পৰা আৰু জীয়াই উভতি নাহে। মীৰজুমলায়ো ভাবিলে, তেওঁ আত্ম-প্ৰতিপত্তি লাভ কৰিছে, আৰু আওৰংজেব বাদশ্যাহক ভিতৰি সহায় কৰি সিংহাসনত স্থাপন কৰিছে, কিন্তু এই প্ৰতিপত্তি আৰু এই সহায় একেবাৰে ঘৰুৱা বিধৰ। মোগল সাম্ৰাজ্যৰ হকে তেওঁ এতিয়ালৈকে একো কৰিব পৰা নাই, তেনে কৰিলেহে তাৰ আপাহত তেওঁৰ পো-নাতিয়ে পুৰুষ-পৰম্পৰায় ৰজাঘৰৰ পৰা মৰ্য্যাদা আৰু অন্ন-সংস্থাপনৰ অধিকাৰী হব পাৰিব। মীৰজুমলাই ঢাকাত সম্ৰাটৰ মোমায়েক ছায়িস্তা খাঁক দেখা কৰোঁতে ছায়িস্তা খাঁই কৈছিল,—“তোক পাচ্চাই যিখিনি শিখাইছে<noinclude></noinclude> 9ew3xitgugygodzceaiaaoa35ozne71 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪২ 104 90323 260842 246157 2026-09-30T10:14:21Z BabulB 104 260842 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|২২|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>মঞো সেইখিনি শিখালোঁ। তঞি বুলিবি, দিল্লীত নবাব নাইকোতেহে মোক ছুজাৰ মহিমলৈ পাঁচিছে। তোৰ ইদেশত ৰুটি নাই। তোক দায়াকৈ পুত-নাতিলৈ পাচ্চাই ৰুটি দিছে। এই ৰুটি কেনেকৈ ৰয় সেইখান কৰিবি। যি কথাৰ ওপৰে তোক পাঁচিছে সেই কথা যদি সিদ্ধি হল, তেবে সবৌয়ে ভাল মানুহ বুলি তোক জানিবো। এখনে ভাল মন্দ তোক জনা নাই।” {{gap}}ইয়াৰ উপৰিও মীৰজুমলাই ভাবিছিল, অসম জয় কৰি চীন সাম্ৰাজ্য আক্ৰমণ কৰিব। দিগ্বিজয়ী মুচলিম বীৰসকলে অসম ৰাজ্যক তিব্বত আৰু চীন দেশলৈ সোমোৱা দুৱাৰ বুলি বিবেচনা কৰিছিল। খৃষ্টীয় ১২০৫-৬ চনত বক্তিয়াৰ খিলিজিয়ে কামৰূপত সোমাই তিব্বত অধিকাৰ কৰাৰ প্ৰস্তাৱ কৰিছিল। তেওঁৰ পূৰ্ব্বে গোষ্ঠাছিব নামে আৰু এজন বীৰে চীন জয় কৰি কামৰূপেদি উত্তৰ ভাৰতলৈ উভতি আহে। মীৰজুমলাৰ বিস্তৃত অভিজ্ঞতা, সামৰিক কৌশল, অসাধাৰণ কূট-নীতি আৰু সুপৰিপক্ক বুদ্ধি, এই সকলোৰে চূড়ান্ত পৰিণতি হবৰ সম্ভাৱনা আছিল এই চীনবিজয়বিক্ৰমত। কিন্তু ঈশ্বৰৰ ইচ্ছা আছিল অইন প্ৰকাৰৰ! {{gap}}'''ছায়িস্তা-খাঁৰ চ’ৰাত অসমৰ কটকী—'''কথাতে কয়,— “সজাগ সতৰ্ক থাকিলেহে স্বাধীনতাক সংৰক্ষণ কৰিব পাৰি।” মীৰজুমলাই বাদশ্যাহৰ আদেশ পাইছে অসম আক্ৰমণ<noinclude></noinclude> 9qqkalj8hl9379goe8aio808nujxxvw পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪৩ 104 90324 260843 246158 2026-09-30T10:15:35Z BabulB 104 260843 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||মীৰজুমলাৰ অসম অভিযান|২৩}}</noinclude>কৰিবৰ কাৰণে। ঢকাত ছায়িস্তা খাঁ নবাব আছে। মীৰজুমলা আহি এতিয়াও ঢকা পোৱাহি নাই। অসমৰ স্বৰ্গদেৱে মীৰজুমলা অসমলৈ আহিবলৈ আয়োজন কৰাৰ কথা জানিব পাৰিলে। মীৰজুমলা কোন? তেওঁৰ যুদ্ধ প্ৰণালী কেনে? তেওঁৰ সৈন্য-সামন্ত কিমান? তেওঁ অসমলৈ কেতিয়া আহিব? এইবোৰ কথাৰ ভু-ভতং লবলৈ জয়ধ্বজসিংহ স্বৰ্গদেৱে মিত্ৰতাৰ ছলেৰে ছায়িস্তা-খাঁৰ তালৈ কটকী পঠাবলৈ মন কৰিলে। ডা-ডাঙ্গৰীয়া, ফুকন, বৰুৱা সকলোকে চপাই স্বৰ্গদেৱে চাঙ্গত মেল পাতি এই কথা আলোচনা কৰিলে। স্বৰ্গদেৱে প্ৰশ্ন তুলিলে, স্বৰ্গদেৱে ছায়িস্তা-খাঁ নবাবলৈ সমানে পত্ৰ লিখে কেনেকৈ? স্বৰ্গদেৱ হৈছে দিল্লীশ্বৰৰ দৰে মুকুটধাৰী ৰাজাধিৰাজ নৃপতি, ছায়িস্তা-খাঁ হৈছে বৰুৱা ফুকনৰ দৰে প্ৰাদেশিক শাসনকৰ্ত্তা মাথোন। কিন্তু স্বৰ্গদেৱে ভাবিলে,⸺‘আৱশ্যক হলে হীনজনৰ লগতো লেনদেন কৰাটো বিধেয়, বিশেষতঃ ছায়িস্তা খাঁ হৈছে বাদশ্যাহৰ সম্বন্ধী।’ ইয়াকে ভাবি স্বৰ্গদেৱে সনাতন আৰু মাধৱচৰণ নামে দুজন অতি সুচতুৰ কটকীক শিকাই-বুজাই পত্ৰ-সন্দেশে সৈতে ছায়িস্তা খাঁৰ তালৈ পঠালে। {{gap}}কটকী পঠোৱাৰ আৰু এক উদ্দেশ্য আছিল যাতে আওৰংজেব বাদশ্যাহে মীৰজুমলাৰ অসম আক্ৰমণ স্থগিত ৰাখে, আৰু সেই অৰ্থে যেন বাদশ্যাহৰ মোমায়েক, অৰ্থাৎ মমতাজমহল বেগমৰ ভায়েক আমিৰ-উল-উমৰাও ছায়িস্তা-<noinclude></noinclude> 4ktoddpt8g254x5fsnibk2w1x3o805r পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪৪ 104 90331 260844 246159 2026-09-30T10:16:52Z BabulB 104 260844 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|২৪|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>খাঁ ঢাকাৰ নবাবে সম্ৰাটলৈ চিঠি লিখে। অসমীয়া কটকীৰ কথা-বাৰ্ত্তাত প্ৰীতিৰ চেষ্টা ভালকৈ ফুটি ওলাইছিল। বুৰঞ্জীত আছে,–“ৰোজ-দেৱানত বহি নবাবে পাৎসাহী কাৰ্য্য-কাম সোধ-পোছ কৰোঁতে নবাবৰ হুজুৰ কৰিলেনি।” পাচে নবাবৰ আদেশে মুৰাৰিধৰে পত্ৰ মাতি শুনালে। পত্ৰ শুনি বচন-সমাচাৰ কব দিলে। পাচে দুই কটকীয়ে বোলে,—“পাচ্চা শুনিছোঁ ছায়িস্তা খাঁৰ বচন নাৰালে। এতেকে দুয়ো ঠাইতে প্ৰীতি হৈ যদি ৰহিল, দুয়ো দলৰ গো-ব্ৰাহ্মণ সুখে ৰহিব। আৰু ছায়িস্তা খাঁও সামান্য নহয়, জন্মাৱধি পঞ্চহাজাৰী নবাব। সকল কথা-বাৰ্ত্তা ছায়িস্তা খাঁই পাচ্চাৰ ঠাই জনাব পাৰে। আৰু অতিপূৰ্ব্বে তোমাৰ যে ৰাজা সত্ৰাজিত আমাৰ ঠাই বৰফুকন সহিতে যিৰূপ প্ৰীতি হৈ আছিল তদনুপ্ৰীতিৰেহে নবাব আহলায়াৰ-খাঁ শ্ৰীযুত বৰবৰুৱাৰ চাতে তদধি হৈল। ইদানীক তোমাৰ হাৰ্দ্দসৌগন্ধ আমাৰ চাতে যেমন ৰাখে আৰু আমাৰ সল্লাহ যিৰূপ তোমাৰ নজিক বাচে, যে কৰ্ম্মে প্ৰীতিৰ বীজ বদ্ধিতা হৈয়া পুষ্পিত ফলৱতী হইবে, এতেকে কাৰ্য্য উভয়থা হামেচা কৰ্ত্তব্য ইদানীক। আমি দুই পাচ্চাৰ সমস্তকাল প্ৰীতিতে গৈছে, এখন ঢেকেৰিয়ে মাজত কন্দল কৰায়া গুৱাহাটীৰ পৰা খেদায়।” এই কথাকে লুৎফুল্লায়ো সমৰ্থন কৰি কলে, বোলে, – “হয়, মোক ভৱানাথ কাৰ্জ্জীয়েহে গুৱাহাটীৰ পৰা ভয় দেখাই পঠালে।” এইৰূপে সুখ-সমাচাৰ ছায়িস্তা- খাঁত কলে। পাচে ছায়িস্তা -খাঁয়ো<noinclude></noinclude> 920ff63phf42v2tyjsn41dyvxs1okg8 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৪৫ 104 90332 260845 246160 2026-09-30T10:18:41Z BabulB 104 260845 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||মীৰজুমলাৰ অসম অভিযান|২৫}}</noinclude>পাচ্চাই দিয়া নাম কেশোৰ-খাঁ পুতেকক বোলে, —স্বৰ্গদেৱকে দোনা উকিলকো বক্সিচ, পহৰায়ো।” {{gap}}'''যুধিষ্ঠিৰ আৰু দুৰ্য্যোধনৰ দৃষ্টান্ত—'''ৰোজ-দেৱানত আৰু আন কথা-বাৰ্ত্তা নহল। নবাবৰ আজ্ঞামতে দুই উকীলক সোনোৱালী পটী, বচোৱাল, মুকুতা, প্ৰবাল আৰু কৰ্ণভূষণ আদি পুৰস্কাৰ দি ৰায় নন্দলাল দেৱানৰ ঘৰত খোৱা হল। সাতদিনৰ মূৰত নবাবে খানা খোৱাৰ সময়ত কটকীৰ লগত নানান কথা-বাৰ্তা পাতিলে। নবাবে ঠাৰে চিঞাৰে কলে,⸺“আওৰংজেব বৰ ৰাজ্যলোভী কূটস্থ পাচ্চা। মীৰজুমলা এজন বৰ পৰাক্ৰমী নবাব। দুয়ো যেতিয়া অসম আক্ৰমণ কৰিবৰ মন কৰিছে তেতিয়া অসমৰ আৰু ৰক্ষা নাই। মীৰজুমলাই ভাল-বেয়া হিতাহিত একো নাজানে। গতিকে মীৰজুমলাই দেশত সোমাই ৰাজ্য নষ্ট কৰাৰ পূৰ্ব্বেই অসমীয়াই মীৰজুমলাৰ সৈতে প্ৰীতি কৰি তেওঁক ওভোতাই পঠাব পাৰিলে অসম দেশ ৰক্ষা পৰিব, নহলে ধ্বংস অনিবাৰ্য্য।” এইবুলি কৈ ছায়িস্তা- খাঁ নবাবে কটকীৰ জৰীয়তে অসমীয়াৰ প্ৰাণত আতঙ্ক উপস্থিত কৰি ৰণজয়ৰ পথ সুগম কৰিবৰ চেষ্টা কৰিলে। সুচতুৰ অসমীয়া কটকীয়ে নিৰ্ভীকভাৱে উত্তৰ দিলে,—“যিজন ডাঙ্গৰ মানুহ কাণ্ডজ্ঞানশূন্য আৰু হিতাহিত জ্ঞান ৰহিত তেওঁ প্ৰকৃততে ডাঙ্গৰ মানুহ নহয়, আৰু তেওঁক সম্ভ্ৰম দেখুৱাটো অযোগ্যৰ কাম।<noinclude></noinclude> 0izg3z6rkxaia8lzltx82nib2qynmk1 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৬ 104 90617 260834 246003 2026-09-30T09:45:17Z BabulB 104 260834 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১৬|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>কৰ-ভাৰ দিয়া বন্ধ কৰিলে। কোচানৰ সেনাপতি ভবানাথ কাৰ্জ্জি সসৈন্যে মোগল ফৌজাদাৰৰ বিৰুদ্ধে গুৱাহাটী অভিমুখে যাত্ৰা কৰিলে। ভবানাথ কাৰ্জ্জিৰ হাতত লুৎফুল্লাৰ পুতেক জাৰুল্লা মহখুলি ৰণত পৰাস্ত হল। লুৎফুল্লায়ো নিজে হাজোৰ ওচৰত পৰাস্ত হৈ পলাই পুনৰ গুৱাহাটীলৈ আহিল। {{gap}}সেই সময়ত কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ লগত অসমৰ স্বৰ্গদেৱৰ অলপ মনোমালিন্য ঘটিল। উত্তমনাৰায়ণ নামে এজন সামান্য জমীদাৰৰ পুতেকে দুৰ্ল্লভনাৰায়ণ নাম লৈ কামৰূপ ৰাজ্যত ৰজা বোলাবলৈ চেষ্টা কৰি গুৱাহাটীত আশ্ৰয় লৈছিল। ভবানাথ কাৰ্জ্জি গুৱাহাটীৰ পিনে আহোঁতে দুৰ্ল্লভনাৰায়ণে দৰঙ্গলৈ পলাই গৈ জয়ধ্বজ সিংহ মহাৰাজৰ শৰণাপন্ন হল। অসমৰ বৰুৱা, ফুকনসকলে শৰণাগতক ৰক্ষা কৰিবৰ মনেৰে নাও-নাৱৰীয়া তৈয়াৰ কৰি, নাৱত হিলৈ বান্ধি অস্ত্ৰে-শস্ত্ৰে আগবাঢ়ি আহিল। {{gap}}'''অসমৰ গুৱাহাটী উদ্ধাৰ—'''এনে সময়ত মোগল ফৌজাদাৰে ভবানাথ কাৰ্জ্জিৰ হাতত পৰাস্ত হৈ ভাবিবলৈ ধৰিলে,—“পছিমেও ভবানাথ কাৰ্জ্জিয়ে বেৰিছে, পূবে দেখোঁ অচমে নাও-নাৱৰীয়া তিয়াৰ কৰি দলং বান্ধে, আমাকেহে ধৰিবৰ ইচ্ছা কৰে। আমি অল্প সন্যেৰে আছোঁ, কেমনে দুয়োটিকে আটিম?” এইদৰে ভয়াকুল হৈ লুৎফুল্লাই গুৱাহাটীত থকা পাদশ্যাহী ভঁৰালৰ বয়-বস্তু আহিলা-পাতি য’তে-ত’তে<noinclude></noinclude> c7v27qyapf5u3gtil3ambd5k45ze6yi পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৭ 104 90619 260835 246006 2026-09-30T09:47:34Z BabulB 104 260835 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমৰ কামৰূপ উদ্ধাৰ|১৭}}</noinclude>এৰি ৰাতিয়ে পলাই গুচি গল। পিচদিনা আহোম সেনাপতি টঙ্গচু সন্দিকৈয়ে গুৱাহাটী, পাণ্ডু আৰু শৰাইঘাট, এই তিনি কোঁঠ অধিকাৰ কৰিলে, ৩ ফেব্ৰুৱাৰী ১৬৫৯ খৃষ্টাব্দ। পাণ্ডু-শৰাইঘাটত থাকিল ৰজাশহুৰ চেংমুন বৰফুকন আৰু পিকচাই চেটিয়া, চেচাত টঙ্গচু সন্দিকৈ আৰু লাপেতি ফুকন। ভবানাথ কাৰ্জ্জি ৰল হাজোত। এইদৰে কুৰি বছৰৰ মূৰত গুৱাহাটীৰ গড় আকৌ অসমীয়াৰ হাতত পৰিল। {{gap}}অসমীয়াৰ ভাগ্যলক্ষ্মী পুনৰ উভতি অহাত বেহাৰৰ প্ৰাণনাৰায়ণ ৰজাই প্ৰস্তাৱ কৰিলে যে দক্ষিণকূলৰ অধিপতি হওক স্বৰ্গদেৱ, আৰু উত্তৰকূলৰ গৰাকী হওক কোচ ৰজা; কাৰণ অসম আৰু কোচবেহাৰ দুয়ো মিলেৰে থাকিলে, বঙ্গালে কাকো জোঁকাবলৈ সাহ নকৰিব। নিজৰ হেৰুৱা ৰাজ্য গুৱাহাটী পুনৰ অধিকাৰ কৰি জয়ধ্বজ সিংহ স্বৰ্গদেৱে নিজ সৈন্যৰ অপৰিসীম শক্তিৰ ভাল পৰিচয় পাইছিল। স্বৰ্গদেৱে জানিছিল যে কোচানৰ সহায় নোহোৱাকৈ তেওঁ বাকী ৰাজ্য পুনৰ উদ্ধাৰ কৰিব পাৰিব। জয়ধ্বজ সিংহ মহাৰাজে প্ৰাণনাৰায়ণৰ প্ৰস্তাৱৰ উত্তৰ দিলে,—“পূৰ্ব্বে এই কথা নকৰিলে। ঢেকেৰিয়ে এতিয়া সিজা শাকত লোণ দিব খোজে?” এই সমিধান লৈ কোচৰ কটকী উভতি দেশলৈ গল। {{gap}}'''অসমৰ কামৰূপ উদ্ধাৰ—'''তাৰ পাচত ভবানাথ কাৰ্জ্জিৰ লগত অসমৰ যুদ্ধ লাগিল। ১৬৫৯ খৃষ্টাব্দৰ এপ্ৰিল মাহত<noinclude></noinclude> jc21azl700xwg4kx5euytri7lnjc9gt পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৮ 104 90620 260836 246009 2026-09-30T09:49:10Z BabulB 104 260836 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১৮|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>ভবানাথ যুদ্ধত হাৰি চম্পাগুৰিত চন্দ্ৰনাৰায়ণ আৰু শ্ৰীৰাম কোঁৱৰক থৈ বেহাৰলৈ গল। ১৬৬০ খৃষ্টাব্দৰ ফেব্ৰুয়াৰী মাহত পুনৰ ভবানাথ কাৰ্জ্জি আহি মানাহাৰ সীমাত ৰলহি। বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা বিজিতনাৰায়ণ, আৰু চন্দ্ৰনাৰায়ণৰ পুতেক জয়নাৰায়ণে অসমৰে মিত্ৰতা স্থাপন কৰি স্বৰ্গদেৱৰ পৰা কামৰূপৰ ৰাজত্ব গ্ৰহণ কৰিলে। অসম আৰু কোচবেহাৰৰ মাজত মিত্ৰতা স্থাপন কৰি দিম বুলি গাত লৈ জয়নাৰায়ণে কিছুদিন যুদ্ধ স্থগিত ৰাখিছিল ৷ দুয়ো ৰাজ্যক মিলাব নোৱাৰাত ভবানাথৰ সৈন্যই মানাহাৰ সিপাৰৰ পৰা অসমৰ গালৈ গুলীয়াই পলাই পুনৰ বেহাৰলৈ গল। জয়-নাৰায়ণে উপায় নাপাই বঙ্গাললৈ পলাই গ’ল। সেইদৰে মানাহালৈকে গুৱাহাটীৰ পৰা এই খণ্ড ৰাজ্য পুনৰ অসমৰ হাতলৈ আহিল। {{gap}}কামৰূপৰ কাৰণে অসম আৰু মোগলৰ সদাই দন্দ-কন্দল নুগুচে, সেইদেখি স্বৰ্গদেৱৰ আজ্ঞাৰে বাদুলি ফুকন আৰু পিক্‌চাই চেটিয়াই সৰু-সোণকোহ পৰ্য্যন্তে পৰীক্ষিত ৰজাৰ ৰাজ্য কামৰূপৰ বৰা-বৰুক সহিতে সমস্ত প্ৰজাক ডকাই আনি উজনি অসমত পাতিলে, মেধি দেৱলীয়া মাত্ৰ এৰি আহিল। ইয়াৰ ফলত কামৰূপ ৰাজ্য ডেৰ বছৰমান হাবি হৈ আছিল। {{gap}}১৬৬০ খৃষ্টাব্দৰ এপ্ৰিল আৰু মেই মাহত বাদুলি ফুকন, দিহিঙ্গীয়া লাপেতি ফুকন আৰু ফুলবৰুৱা ফুকন প্ৰমুখ্যে অসমীয়া সেনাপতিসকলে মানাহা পাৰ হৈ কৰৈবাৰীৰ<noinclude></noinclude> h2sijmhnn38yfbtv334iu8owtz8mswj পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৯ 104 90621 260837 246011 2026-09-30T09:49:48Z BabulB 104 260837 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমৰ কামৰূপ উদ্ধাৰ|১৯}}</noinclude>অন্তৰ্গত হাতীচলা বৰীতলালৈকে গোটেই ৰাজ্য উবাৰ কৰি মানুহ-দুনুহ কাটি-মাৰি, গাঁও-ভূঁই গোলাগঞ্জ পুৰি, ভালেমান বঙ্গাল প্ৰজা বন্দী কৰি অসমলৈ ধৰি আনিলে। বৰ অসমৰ অন্তৰ্গত হাতীচলা আৰু বৰীতলাত অসমৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ জয়ধ্বজা উৰিবলৈ ধৰিলে। সেইদিনৰে পৰা সোণকোহ সীমা কৰি পৰীক্ষিতৰ ৰাজ্য অসমৰ স্বৰ্গদেৱৰ অধীনস্থ হ’ল। প্ৰায় তিনি বছৰ কাল এই ৰাজ্যখণ্ডৰ ওপৰত অসমৰ অপ্ৰতিহত প্ৰভুত্ব চলিবলৈ ধৰিলে।<noinclude></noinclude> 1li186mqb828u2q6aup3vyu69jm8s3v পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৫ 104 90626 260828 246014 2026-09-30T09:40:13Z BabulB 104 260828 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|অসমৰ কামৰূপ উদ্ধাৰ}} {{gap}}'''অসমৰ কৰতোয়া বিজয়ৰ উদ্যম—''' সম্ৰাট চাহজাহানৰ পুত্ৰসকলৰ মাজত হোৱা বিৰোধৰ কাৰণে হিন্দুস্থান বা উত্তৰ ভাৰতত তল-ওপৰ লগাত, অসমৰ মহাৰাজ জয়ধ্বজ সিংহ স্বৰ্গদেৱে নিজৰ হেৰোৱা ৰাজ্যখণ্ড উদ্ধাৰ কৰিবলৈ আয়োজন কৰিলে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই কলে, – “পূৰ্ব্বে কৰতীয়া-গঙ্গালৈকে আমাৰ গড়গঞা ৰজাদেৱে লৈ মঠ পুখুৰী সাজি পাষাণ-পত্ৰ কৰি চিন থৈ আহিল। পৰে বাদচাহে ললে। এতিয়া এই ছলতে আমি লব লাগে।” চুলতান ছুজাই দিল্লী সংগ্ৰামৰ কাৰণে বঙ্গৰ থানাবিলাকৰ পৰা সকলো সৈন্য লৈ যোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহই ভাবিলে যে এই ছলতে মোগলক আক্ৰমণ কৰিলে অসমৰ দিগ্বিজয় অৱশ্যম্ভাবী। তেতিয়া গুৱাহাটীত আছিল মোগলৰ ফৌজদাৰ লুৎফুল্লা ছিৰাজী। মোগল ৰাজ্যৰ সীমান্তত অসমীয়া সৈন্যই আলেখ-লেখ চাই ঘূৰা-পকা কৰিবলৈ ধৰিলে। অসমৰ সেনাপতি টঙ্গচু সন্দিকৈয়ে মানুহ আহিলা পাৰ হবৰ কাৰণে কলং নৈৰ ওপৰত দলং এখন দিয়ালে। অসমীয়া ৰণুৱাৰ যুদ্ধৰ উদ্যম দেখি মোগল ফৌজদাৰ শঙ্কিত নহৈ নোৱাৰিলে। {{gap}}সম্ৰাট আকবৰৰ দিনৰে পৰা কোচবেহাৰ মোগলৰ কৰতলীয়া হৈ আছিল। দিল্লীত হোৱা আউলৰ বাতৰি পাই কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণে স্বাধীনৰূপে প্ৰৱৰ্ত্তি মোগলক<noinclude></noinclude> qk7mrsat8o9zn7smx9p6wcwiwyfvj85 260830 260828 2026-09-30T09:40:42Z BabulB 104 260830 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{x-larger|অসমৰ কামৰূপ উদ্ধাৰ}}}} {{gap}}'''অসমৰ কৰতোয়া বিজয়ৰ উদ্যম—''' সম্ৰাট চাহজাহানৰ পুত্ৰসকলৰ মাজত হোৱা বিৰোধৰ কাৰণে হিন্দুস্থান বা উত্তৰ ভাৰতত তল-ওপৰ লগাত, অসমৰ মহাৰাজ জয়ধ্বজ সিংহ স্বৰ্গদেৱে নিজৰ হেৰোৱা ৰাজ্যখণ্ড উদ্ধাৰ কৰিবলৈ আয়োজন কৰিলে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই কলে, – “পূৰ্ব্বে কৰতীয়া-গঙ্গালৈকে আমাৰ গড়গঞা ৰজাদেৱে লৈ মঠ পুখুৰী সাজি পাষাণ-পত্ৰ কৰি চিন থৈ আহিল। পৰে বাদচাহে ললে। এতিয়া এই ছলতে আমি লব লাগে।” চুলতান ছুজাই দিল্লী সংগ্ৰামৰ কাৰণে বঙ্গৰ থানাবিলাকৰ পৰা সকলো সৈন্য লৈ যোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহই ভাবিলে যে এই ছলতে মোগলক আক্ৰমণ কৰিলে অসমৰ দিগ্বিজয় অৱশ্যম্ভাবী। তেতিয়া গুৱাহাটীত আছিল মোগলৰ ফৌজদাৰ লুৎফুল্লা ছিৰাজী। মোগল ৰাজ্যৰ সীমান্তত অসমীয়া সৈন্যই আলেখ-লেখ চাই ঘূৰা-পকা কৰিবলৈ ধৰিলে। অসমৰ সেনাপতি টঙ্গচু সন্দিকৈয়ে মানুহ আহিলা পাৰ হবৰ কাৰণে কলং নৈৰ ওপৰত দলং এখন দিয়ালে। অসমীয়া ৰণুৱাৰ যুদ্ধৰ উদ্যম দেখি মোগল ফৌজদাৰ শঙ্কিত নহৈ নোৱাৰিলে। {{gap}}সম্ৰাট আকবৰৰ দিনৰে পৰা কোচবেহাৰ মোগলৰ কৰতলীয়া হৈ আছিল। দিল্লীত হোৱা আউলৰ বাতৰি পাই কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণে স্বাধীনৰূপে প্ৰৱৰ্ত্তি মোগলক<noinclude></noinclude> ttswis4mfdwt52sttpzxr9mw4idseba 260831 260830 2026-09-30T09:41:03Z BabulB 104 260831 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{x-larger|'''অসমৰ কামৰূপ উদ্ধাৰ'''}}}} {{gap}}'''অসমৰ কৰতোয়া বিজয়ৰ উদ্যম—''' সম্ৰাট চাহজাহানৰ পুত্ৰসকলৰ মাজত হোৱা বিৰোধৰ কাৰণে হিন্দুস্থান বা উত্তৰ ভাৰতত তল-ওপৰ লগাত, অসমৰ মহাৰাজ জয়ধ্বজ সিংহ স্বৰ্গদেৱে নিজৰ হেৰোৱা ৰাজ্যখণ্ড উদ্ধাৰ কৰিবলৈ আয়োজন কৰিলে। স্বৰ্গদেৱ জয়ধ্বজ সিংহই কলে, – “পূৰ্ব্বে কৰতীয়া-গঙ্গালৈকে আমাৰ গড়গঞা ৰজাদেৱে লৈ মঠ পুখুৰী সাজি পাষাণ-পত্ৰ কৰি চিন থৈ আহিল। পৰে বাদচাহে ললে। এতিয়া এই ছলতে আমি লব লাগে।” চুলতান ছুজাই দিল্লী সংগ্ৰামৰ কাৰণে বঙ্গৰ থানাবিলাকৰ পৰা সকলো সৈন্য লৈ যোৱাত স্বৰ্গদেৱ জয়ধ্বজ সিংহই ভাবিলে যে এই ছলতে মোগলক আক্ৰমণ কৰিলে অসমৰ দিগ্বিজয় অৱশ্যম্ভাবী। তেতিয়া গুৱাহাটীত আছিল মোগলৰ ফৌজদাৰ লুৎফুল্লা ছিৰাজী। মোগল ৰাজ্যৰ সীমান্তত অসমীয়া সৈন্যই আলেখ-লেখ চাই ঘূৰা-পকা কৰিবলৈ ধৰিলে। অসমৰ সেনাপতি টঙ্গচু সন্দিকৈয়ে মানুহ আহিলা পাৰ হবৰ কাৰণে কলং নৈৰ ওপৰত দলং এখন দিয়ালে। অসমীয়া ৰণুৱাৰ যুদ্ধৰ উদ্যম দেখি মোগল ফৌজদাৰ শঙ্কিত নহৈ নোৱাৰিলে। {{gap}}সম্ৰাট আকবৰৰ দিনৰে পৰা কোচবেহাৰ মোগলৰ কৰতলীয়া হৈ আছিল। দিল্লীত হোৱা আউলৰ বাতৰি পাই কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণে স্বাধীনৰূপে প্ৰৱৰ্ত্তি মোগলক<noinclude></noinclude> 6snvysq6npzp3510liv70cmae3tp7ub পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৯০ 104 90764 260746 246341 2026-09-29T14:49:53Z BabulB 104 260746 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|৭০|মিৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>কেতিয়াও ঠাঁৱৰ কৰিব নোৱাৰিলোহেঁতেন যে ইমানবোৰ সৈন্যই এই যুদ্ধত প্ৰাণ হেৰুৱাইছে। অসংখ্য মৰা-শ নৈৰ পানীত ভাহি অহাৰ কাৰণে পানী ইমান দূষিত হল যে বহুত মানুহ সেই পানী খাই মৰিল। সেইদেখি আমি পানী তপতাই খাব লগাত পৰিছিলোঁ। আমি তাত তিনিমাহ থকাৰ পিচত পানীৰ ঢল আহি দোকোল-দাকাল হোৱাত আমি কোঁঠৰ বাহিৰ হব নোৱাৰিছিলোঁ। তাকে দেখি শত্ৰুৱে ভাবিছিল যে অন্নৰ বিকলত আমি মৰো মৰোঁ হলোঁ, গতিকে আমাক পৰাস্ত কৰা একো টান নহব। প্ৰকৃততে কবলৈ গলে ভোকত পৰি আমাৰ সৈন্য লালকাল হৈছিল, বেচি ভাগে উট আৰু হাতী মাৰি খাই জীৱন ৰক্ষা কৰিবলৈ বাধ্য হৈছিল। {{gap}}“মোগল সৈন্য ৰাজধানী গড়গাওঁ পাওঁ-পাওঁ হওঁতে অসমৰ স্বৰ্গমহাৰাজা পৰ্ব্বতলৈ পলাই গৈছিল। এইবোৰ পৰ্ব্বতত মোগল সৈন্যৰ সোমাবৰ শক্তি নাছিল, সেই দেখি আমীৰ মীৰজুমলাই ৰজাক খেদি যাব নোৱাৰিলে। কেনেকৈ ৰজাক ধৰিব পাৰি ইয়াৰ উপায় ভাবি থাকোঁতে বাৰিষা আহি পালেহি। বাৰিষাৰ বৰষুণ আৰু নৈৰ ঢল- পানীয়ে গোটেই ৰাজ্য ঢাকি পেলালে, মাথোন পৰ্ব্বতৰ টিঙত থকা গাওঁবোৰ ওলাই আছিল। বাৰিষাৰ তিনিমাহ কাল আমীৰে যুদ্ধ-বিগ্ৰহাদি স্থগিত ৰাখিবলৈ বাধ্য হৈছিল। বাৰিষাৰ জলাতন পানীৰ কাৰণে সৈন্যবোৰে আগবাঢ়ি যোৱা<noinclude></noinclude> t8sj697t3ngcszhpwyrnjsa6pq90t0j পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৫ 104 90773 260801 246250 2026-09-30T04:01:36Z BabulB 104 260801 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমৰ পশ্চিম সীমা|৫}}</noinclude>কৰতোয়া দিগ্বিজয়ৰ স্বপ্ন ফলিতাৰ্থ কৰিবৰ মনেৰে স্বৰ্গদেৱে কামৰূপ অধিকাৰ কৰি পূৰ্ব্ববঙ্গৰ ভালেখিনি ঠাই অসমৰ ছত্ৰাধীন কৰে। স্বৰ্গদেৱৰ কৰতোয়া দিগ্বিজয়ৰ অৰ্দ্ধপূৰ্ণ অভিলাষ, আৰু মোগলৰ পক্ষে সেই দিগ্বিজয়ৰ গতিৰোধ কৰাৰ প্ৰয়োজন আৰু সংকল্প, এই দুই ৰাষ্টীয় মনোভাবৰ সংঘৰ্ষই হল নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ মূল কাৰণ। {{gap}}'''১৬৩৯ খৃষ্টাব্দৰ অসম-মোগলৰ সন্ধি —''' খৃষ্টাব্দ ১৬৩৯, অসমৰ ৰাজপাটত মহাৰাজ চুচেংফা বুদ্ধিস্বৰ্গনাৰায়ণ প্ৰতাপসিংহ স্বৰ্গদেৱ। মোগলৰ সৈতে ভালেমান বছৰ যুদ্ধ-বিগ্ৰহৰ পাচত অসমৰ ৰাজপ্ৰতিনিধি মোমাই তামূলী বৰবৰুৱা আৰু মোগলৰ সেনাপতি আহ্লায়াৰ খাঁই স্থিৰ কৰা সন্ধিমতে দুয়ো ৰাজ্যৰ সীমা ধাৰ্য্য হল উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি। তেতিয়াৰে পৰা গুৱাহাটীকে আৰম্ভ কৰি গোটেই কামৰূপ ৰাজ্য মোগলৰ শাসনাধীন হল। গুৱাহাটীত ৰাজধানী পাতি মোগলৰ ফৌজাদাৰসকলে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। তেওঁলোকৰ নাম,—নবাব খাণ্ডাৰী; ছৈয়দ হুচেইন নবাব, প্ৰথম বাৰ; মীৰ্জ্জা হুচেইন নবাব; ছৈয়দ হুচেইন নবাব, দ্বিতীয় বাৰ; ছৈয়দ কুটুব; ছৈয়দ চাল্লা; আৰু মীৰ লুৎফুল্লা ছিৰাজী। {{Rule|4em}}<noinclude></noinclude> l5lp85i1nit1kg96kwe4m71e63txdhm পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৬ 104 90774 260802 246253 2026-09-30T04:03:26Z BabulB 104 260802 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||{{x-larger|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ}}|}}</noinclude>{{gap}}'''শ্যাহজাহান বাদশ্যাহৰ নৰিয়া—'''খৃষ্টাব্দ ১৬৫৭, চেপ্টেম্বৰ মাহ, দিল্লীৰ সম্ৰাট শাহজাহান বাদশাহৰ নৰিয়া। সিংহাসন লাভৰ কাৰণে তেওঁৰ চাৰি পুতেকৰ মাজত খোৱা-কামোৰা লাগিল। প্ৰথম পুত্ৰ দাৰা-ছুকো সম্ৰাটৰ লগত আগ্ৰাত আছিল, আৰু তেওঁকে শ্যাহ-জাহান বাদশ্যাহে ৰাজপাটৰ কাৰণে মনোনীত কৰিছিল। দ্বিতীয় পুত্ৰ শ্যাহ-ছুজা বঙ্গ আৰু উৰিষ্যাৰ শাসনকৰ্ত্তা হৈ ৰাজমহলত আছিল। সম্ৰাটৰ নৰিয়াৰ কথা শুনি শাহ-ছুজা স্বয়ঙ্গে সম্ৰাট পদত অভিষিক্ত হৈ সৈন্য-সামন্ত সহিতে আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। ইতিমধ্যে সম্ৰাট্ শ্যাহজাহানৰ শৰীৰ অলপ সুস্থ হল। চতুৰ্থ পুত্ৰ মুৰাদবক্স গুজৰাটৰ চুবেদাৰ আছিল। সম্ৰাটৰ নৰিয়াৰ বাতৰি পাই তেৱোঁ স্বয়ঙ্গে সম্ৰাট বোলাবলৈ ধৰিলে। তৃতীয় পুত্ৰ আওৰংজেব দাক্ষিণাত্যৰ শাসনকৰ্ত্তা আছিল, আৰু এতিয়ালৈকে তেওঁ সম্ৰাটৰ বিৰুদ্ধে তৰোৱাল দঙ্গা নাছিল। কিন্তু তেওঁ মনে-মনে ছুজা আৰু মুৰাদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। ১৬৫৮ খৃষ্টাব্দৰ ২৫ জানুৱাৰী তাৰিখে আওৰংজেবৰ আগসৈন্যই আওৰঙ্গাবাদৰ পৰা আগ্ৰালৈ ৰাওনা হ’ল। {{gap}}ইতিমধ্যে সম্ৰাটৰ নৰিয়া পুনৰ টান হল। এনেকি, বহুতে ভাবিলে যে সম্ৰাট শ্যাহজাহানে কেতিয়াবাই<noinclude></noinclude> aqwq0t4sjvcnykwhjckzf02u9pcoz56 260822 260802 2026-09-30T09:30:37Z BabulB 104 260822 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{X-larger|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ}}}} {{gap}}'''শ্যাহজাহান বাদশ্যাহৰ নৰিয়া—'''খৃষ্টাব্দ ১৬৫৭, চেপ্টেম্বৰ মাহ, দিল্লীৰ সম্ৰাট শাহজাহান বাদশাহৰ নৰিয়া। সিংহাসন লাভৰ কাৰণে তেওঁৰ চাৰি পুতেকৰ মাজত খোৱা-কামোৰা লাগিল। প্ৰথম পুত্ৰ দাৰা-ছুকো সম্ৰাটৰ লগত আগ্ৰাত আছিল, আৰু তেওঁকে শ্যাহ-জাহান বাদশ্যাহে ৰাজপাটৰ কাৰণে মনোনীত কৰিছিল। দ্বিতীয় পুত্ৰ শ্যাহ-ছুজা বঙ্গ আৰু উৰিষ্যাৰ শাসনকৰ্ত্তা হৈ ৰাজমহলত আছিল। সম্ৰাটৰ নৰিয়াৰ কথা শুনি শাহ-ছুজা স্বয়ঙ্গে সম্ৰাট পদত অভিষিক্ত হৈ সৈন্য-সামন্ত সহিতে আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। ইতিমধ্যে সম্ৰাট্ শ্যাহজাহানৰ শৰীৰ অলপ সুস্থ হল। চতুৰ্থ পুত্ৰ মুৰাদবক্স গুজৰাটৰ চুবেদাৰ আছিল। সম্ৰাটৰ নৰিয়াৰ বাতৰি পাই তেৱোঁ স্বয়ঙ্গে সম্ৰাট বোলাবলৈ ধৰিলে। তৃতীয় পুত্ৰ আওৰংজেব দাক্ষিণাত্যৰ শাসনকৰ্ত্তা আছিল, আৰু এতিয়ালৈকে তেওঁ সম্ৰাটৰ বিৰুদ্ধে তৰোৱাল দঙ্গা নাছিল। কিন্তু তেওঁ মনে-মনে ছুজা আৰু মুৰাদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। ১৬৫৮ খৃষ্টাব্দৰ ২৫ জানুৱাৰী তাৰিখে আওৰংজেবৰ আগসৈন্যই আওৰঙ্গাবাদৰ পৰা আগ্ৰালৈ ৰাওনা হ’ল। {{gap}}ইতিমধ্যে সম্ৰাটৰ নৰিয়া পুনৰ টান হল। এনেকি, বহুতে ভাবিলে যে সম্ৰাট শ্যাহজাহানে কেতিয়াবাই<noinclude></noinclude> j86bq2gx1fe8vdvlis176xou868sp3p 260832 260822 2026-09-30T09:41:28Z BabulB 104 260832 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude>{{center|{{X-larger|'''দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ'''}}}} {{gap}}'''শ্যাহজাহান বাদশ্যাহৰ নৰিয়া—'''খৃষ্টাব্দ ১৬৫৭, চেপ্টেম্বৰ মাহ, দিল্লীৰ সম্ৰাট শাহজাহান বাদশাহৰ নৰিয়া। সিংহাসন লাভৰ কাৰণে তেওঁৰ চাৰি পুতেকৰ মাজত খোৱা-কামোৰা লাগিল। প্ৰথম পুত্ৰ দাৰা-ছুকো সম্ৰাটৰ লগত আগ্ৰাত আছিল, আৰু তেওঁকে শ্যাহ-জাহান বাদশ্যাহে ৰাজপাটৰ কাৰণে মনোনীত কৰিছিল। দ্বিতীয় পুত্ৰ শ্যাহ-ছুজা বঙ্গ আৰু উৰিষ্যাৰ শাসনকৰ্ত্তা হৈ ৰাজমহলত আছিল। সম্ৰাটৰ নৰিয়াৰ কথা শুনি শাহ-ছুজা স্বয়ঙ্গে সম্ৰাট পদত অভিষিক্ত হৈ সৈন্য-সামন্ত সহিতে আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। ইতিমধ্যে সম্ৰাট্ শ্যাহজাহানৰ শৰীৰ অলপ সুস্থ হল। চতুৰ্থ পুত্ৰ মুৰাদবক্স গুজৰাটৰ চুবেদাৰ আছিল। সম্ৰাটৰ নৰিয়াৰ বাতৰি পাই তেৱোঁ স্বয়ঙ্গে সম্ৰাট বোলাবলৈ ধৰিলে। তৃতীয় পুত্ৰ আওৰংজেব দাক্ষিণাত্যৰ শাসনকৰ্ত্তা আছিল, আৰু এতিয়ালৈকে তেওঁ সম্ৰাটৰ বিৰুদ্ধে তৰোৱাল দঙ্গা নাছিল। কিন্তু তেওঁ মনে-মনে ছুজা আৰু মুৰাদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। ১৬৫৮ খৃষ্টাব্দৰ ২৫ জানুৱাৰী তাৰিখে আওৰংজেবৰ আগসৈন্যই আওৰঙ্গাবাদৰ পৰা আগ্ৰালৈ ৰাওনা হ’ল। {{gap}}ইতিমধ্যে সম্ৰাটৰ নৰিয়া পুনৰ টান হল। এনেকি, বহুতে ভাবিলে যে সম্ৰাট শ্যাহজাহানে কেতিয়াবাই<noinclude></noinclude> an1qyauuc1h79dzwf7twhegnm0if4qw পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৭ 104 90775 260803 246254 2026-09-30T04:05:01Z BabulB 104 260803 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|৭}}</noinclude>দেহত্যাগ কৰিলে, মাথোন ৰাজবিষয়াসকলে তেওঁৰ মৃত্যু-সংবাদ গোপন কৰি ৰাখিছে। দেশত অশান্তি উপস্থিত হল। সকলোৱে বুজিব পাৰিলে যে চাৰি পাদশ্যাহজাদাৰ ভিতৰত সিংহাসনৰ কাৰণে তুমুল প্ৰতিদ্বন্দিতা অনিবাৰ্য্য। ৰজাঘৰীয়া হুলস্থুলৰ কথা শুনি নিলগৰ শাসনকৰ্ত্তা আৰু সামন্ত নৃপতিসকলেও মূৰ দাঙ্গি স্বতন্ত্ৰ হবলৈ চেষ্টা কৰিলে। সম্ৰাট শ্যাহজাহানে মাজে মাজে দৰ্শনি-দৰ্জ্জাৰ ওচৰত থিয় হৈ ৰাইজৰ আগত ওলাই বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল যে তেওঁ এতিয়াও জীয়াই আছে। কিন্তু ৰাইজৰ মনত কোনো বিশ্বাস এবাৰ বদ্ধমূল হলে তাক সহজে আঁতৰাব নোৱাৰি। সকলোৱে কোৱামেলা কৰিবলৈ ধৰিলে যে শ্যাহজাহান কেতিয়াবাই ঢুকাল, সম্ৰাটৰ দৰে একে চেহেৰাৰ কোনো এক বান্দাক সাজ-পাৰ পিন্ধাই পাদশ্যাহ বুলি দেখুৱাই ৰাইজক ভুৱা দিয়া হৈছে মাথোন। {{gap}}তাৰ পাচত চাৰি ভায়েকৰ মাজত যুদ্ধ আৰম্ভ হ’ল। তেওঁলোকৰ সৈন্যৰ শোণিতেৰে উত্তৰ-ভাৰত ৰঞ্জিত হ’ল। চমুগড়ৰ যুদ্ধত আওৰংজেবৰ হাতত দাৰা-ছুকো পৰাস্ত হ’ল, ১৯ মে, ১৬৫৮। এই যুদ্ধত মুৰাদবক্স আওৰংজেৱৰ সোঁহাত আছিল। আওৰংজেবে মুৰাদক বাদশ্যাহ পাতিবলৈ থিৰ কৰিলে, আৰু কলে যে চমুগড়ৰ যুদ্ধৰ দিনাৰে পৰা তেওঁৰ শাসনৰ কাল আৰম্ভ হব। ইয়াৰ পাচত আওৰংজেবে আগ্ৰালৈ গৈ তাৰ দুৰ্গ অধিকাৰ কৰি মুৰাদক বন্দী কৰিলে,<noinclude></noinclude> 5dl5oyt6v4e0uwepvpeyo0kptgbekkb পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৮ 104 90776 260819 246256 2026-09-30T09:18:00Z BabulB 104 260819 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|৮|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>আৰু বছৰ দুয়েকৰ পাচত আলিনাকীৰ হত্যাৰ অছিলা লৈ মুৰাদবক্সৰ শিৰশ্ছেদ কৰিলে। {{gap}}'''দিল্লীৰ সিংহাসনত আওৰংজেৱ—'''তাৰ পাচত আওৰংজেব দিল্লীৰ ৰাজপাটত মহাসমাৰোহেৰে অভিষিক্ত হ’ল, ৫ জুন ১৬৫৯। চমুগড় যুদ্ধত পৰাস্ত হৈ দাবা আগ্ৰালৈ গ’ল, তাৰ পৰা দিল্লীলৈ গৈ সৈন্য সংগ্ৰহ কৰি আওৰংজেবৰ লগত পুনৰ যুদ্ধ কৰিলে। ইয়াতো ৰণভঙ্গ হৈ ইঠাইৰ পৰা সি ঠাইলৈ পলাই অৱশেষত তেওঁ ভায়েকৰ হাতত বন্দী হ’ল। ইয়াৰ পাচত ইচলাম ধৰ্ম্মৰ বিৰোধিতাৰ অপৰাধত নতুন সম্ৰাট দাৰা-ছুকোক বধ কৰিলে, ৩০ আগষ্ট ১৬৫৯। এতিয়া মাথোন বাকী থাকিল শ্যাহ-ছুজা। {{gap}}'''বঙ্গৰ সৈন্য-নাৱৰা দিল্লী-সংগ্ৰামলৈ স্থানান্তৰ—'''সম্ৰাট আওৰংজেৱৰ দ্বিতীয় পুত্ৰ চাহ ছুজা ১৬৩৯ চনত বঙ্গৰ চুবেদাৰ নিযুক্ত হয়। তেওঁ ঢাকাৰ পৰা ৰাজমহললৈ বঙ্গৰ ৰাজধানী স্থানান্তৰিত কৰে, আৰু এই ঠাই ডোখৰক বিবিধ সুৰম্য অট্টালিকাৰে সুশোভিত কৰে। তেওঁৰ দিনত, বঙ্গদেশৰ শান্তি স্থাপন হোৱাত খেতিবাতি বেহা-বেপাৰৰ কেউফালে উন্নতি সাধন হয়। {{gap}}বঙ্গৰ চুৱেদাৰ হিচাবে চুলতান ছুজাৰ পয়োভৰ আৰু মৰ্যাদা ইমান চকুত লগা আছিল যে পাচলৈ পাৎসাজাদাসকলে বঙ্গৰ শাসনভাৰ বৰ লোভনীয় পদবী বুলি ভাবিছিল।<noinclude></noinclude> i6o90l31yv72fa44dwf639h88fk38g3 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৯ 104 90777 260820 246257 2026-09-30T09:19:24Z BabulB 104 260820 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|৯}}</noinclude>আওৰংজেবৰ তৃতীয় পুত্ৰ চুলতান আজমতৰা বঙ্গৰ চুবেদাৰ নিযুক্ত হোৱাত তেওঁ বৰ আপ্যায়িত হৈ কৈছিল, – “বাবাই মোক ছুজাৰ আমোল দিছে।” ছুজাৰ চুবেদাৰী কালতে, হাজোৰ পোৱামক্কাত গিয়াছুদ্দিন আউলীয়া চাহাবৰ মঝাহৰ ওপৰত ১৬৫৭ চনত ফৌজাদাৰ লুৎফুল্লা ছিৰাজীৰ তত্ত্বাবধানত নতুন মচজিদ নিৰ্ম্মিত হয়। হাজোৰ আন নাম আছিল গড়ুৰাচল, ছুজাবাদ আৰু ছুজানগৰ। {{gap}}চুলতান ছুজাৰ সুচাৰু শাসনৰ ফলত বঙ্গত দীঘলীয়া শান্তি বিৰাজ কৰাত পাৎসাজাদাৰ উদ্যম আৰু বুদ্ধিৰ প্ৰখৰতা ক্ৰমে হ্ৰাস পাবলৈ ধৰিলে। চাহজাহান পাৎসাৰ নৰিয়াৰ বাৰ্ত্তা শুনি চুলতান ছুজাই ৰাজমহলতে ১৬৫৭ চনৰ নবেম্বৰ মাহত তৃতীয় টিমুৰ আৰু ‘দ্বিতীয় চেকেন্দাৰ’ নাম ধৰি নিজকে দিল্লীৰ সম্ৰাট বুলি ঘোষণা কৰিলে। {{gap}}দুমাহমানৰ পাচত বঙ্গদেশৰ থানাবিলাকত থকা সৈন্যবোৰ গোটাই লৈ ছুজাই আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। বঙ্গৰ নৈবোৰত থকা যুদ্ধৰ নাওবিলাকো চুলতান ছুজাই লগতে লৈ গল। দাৰা-ছুকোই সম্ৰাটৰ আজ্ঞাৰে পুতেক চুলেইমান-ছুকো আৰু মীৰ্জ্জাৰাজা জয়সিংহক সেনাপতি পাতি একুৰি দুহাজাৰ সৈন্য ছুজাৰ বিৰুদ্ধে পঠালে। কাশীৰ সমীপত বাহাদুৰপুৰ নামে ঠাইত সম্ৰাট আৰু ছুজাৰ সৈন্যৰ সংঘৰ্ষ হল, ফেব্ৰুৱাৰী ১৬৫৮। সেই যুদ্ধত ছুজা পৰাস্ত হৈ পুনৰ মুঙ্গেৰলৈ আহিল। তাৰ মাহ চেৰেকৰ পাচত,<noinclude></noinclude> nhuj4ibmfqyyxijttb5e38t8ua15v9x পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩০ 104 90778 260821 246259 2026-09-30T09:29:13Z BabulB 104 260821 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১০|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>উজ্জয়িনীৰ সমীপবৰ্ত্তী ধৰ্ম্মাত নামে ঠাইত আওৰংজেবৰ হাতত দাৰাৰ সৈন্য পৰাজিত হোৱাত, ছুলেইমান ছুকোই বঙ্গ পূৰ্ব্ববিহাৰ আৰু উৰিষ্যাৰ ৰাজত্ব চুলতান ছুজাৰ হাতত সমৰ্পণ কৰিবলৈ বাধ্য হয়। {{gap}}দাৰা-ছুকোক খেদি গৈ আওৰংজেব সুদূৰ পাঞ্জাবত থকা কালত চুলতান ছুজাই পুনৰ সৈন্যসেনা লৈ আগ্ৰা অভিমুখে যাত্ৰা কৰিলে। আওৰংজেবে দাৰাক অনুসৰণ কৰিবলৈ এৰি নিজে ছুজাৰ বিৰুদ্ধে আগবাঢ়ি আহিল। এনে সময়তে দাক্ষিণাত্যৰ পৰা নবাব মীৰজুমলাই আওৰংজেবক যুদ্ধ-বাহৰত লগ ধৰিলেহি। বৰ্ত্তমান ফটেহপুৰ জিলাৰ অন্তৰ্গত খাজোৱা নামে ঠাইত দুয়ো ভায়েকৰ যুদ্ধ লাগিল, ৫ জানুৱাৰী ১৬৫৯। দুয়ো সৈন্যৰ তয়াময়া যুঁজ লাগিবৰ বেলিকা মীৰজুমলা নবাবে, আওৰংজেবে উঠা হাতীৰ পাচতে আন এটা হাতীত উঠি সমস্যা উপযোগী বুদ্ধি-পৰামৰ্শ আৰু ৰণ-কিটিপ দি সম্ৰাটক সহায় কৰিছিল। খাজোৱা যুদ্ধত চুলতান ছুজা হাৰি পলাই কাশীয়েদি পাটনা, আৰু তাৰপৰা মুঙ্গেৰলৈ আহিল। {{gap}}খাজুৱা যুদ্ধৰ পাচত নবাব মীৰজুমলাই সম্ৰাট আওৰংজেবৰ আজ্ঞাৰে একবাহিনী সৈন্য লৈ চাহছুজাক বিহাৰ আৰু বঙ্গৰ কেইবা ঠাইতো পৰাস্ত কৰি ৰাজমহল অধিকাৰ কৰিলে। দাৰা আৰু মুৰাদৰ দশা হয় বুলি চাহ ছুজাই ঢাকাত কিছুদিন থাকি তাৰ পৰা ১৬৬০ খৃষ্টাব্দৰ ১২ মেই তাৰিখে সপৰিয়ালে<noinclude></noinclude> ssqb1fkyg5g0qnvgwiuhl6rd0pugirw পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩১ 104 90779 260824 246261 2026-09-30T09:33:55Z BabulB 104 260824 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||দিল্লী সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|১১}}</noinclude>পলাই গৈ আৰাকান ৰাজ্যত সোমাল ৷ অসম বুৰঞ্জীমতে, মগৰ দেশ আৰাকানলৈ যোৱাৰ পূৰ্ব্বে ছুজা হাজোৰ পোৱামক্কাত কিছুদিন আছিল,– “আওৰংবাদশ্যাহ যুদ্ধ জিকিলত ছুজা হাজোৰ গড়ুড়াচলত থাকি মাটি-মানুহ দি মগত সোমালগৈ।” {{gap}}ছুজা আৰাকানলৈ যোৱাৰ পাচত, আওৰংজেব দিল্লীৰ সিংহাসনৰ অকণ্টকা অধীশ্বৰ হল। নতুন বাদশ্যাহৰ পৰা মীৰজুমলা নবাবে ইয়াৰ-ই-ওৱাফাদাৰ বা বিশ্বাসী মিত্ৰ খিতাপ পালে। ১৬৬০ চনৰ ১৫ জুলাই তাৰিখে মীৰজুমলাই ইয়াৰ উপৰিও খান-ই-খানান আৰু চিপহ-চলাৰ উপাধি লাভ কৰে। {{gap}}'''নবাব মীৰজুমলা—'''আৰংজেবৰ সিংহাসন লাভৰ প্ৰধান সহায়কাৰী আছিল নবাব মীৰজুমলা। তেওঁৰ আদি নাম আছিল মীৰ মহম্মদ ছৈয়দ আৰ্দ্দিষ্টানী, বাপেকৰ নাম আছিল মীৰ্জ্জা হাজৰু, খেনোৰ মতে মীৰ্জ্জা হেনা। বুৰঞ্জীত তেওঁ মাজুম-খা, মীৰজুমলা, মীৰ্জ্জামুলা আৰু খানখানা, এই চাৰি নামেৰে অভিহিত। তেওঁ পাৰস্যৰ অন্তৰ্গত ইষ্পাহানৰ এজন তেল ব্যৱসায়ীৰ সহচৰৰূপে পোনতে ভাৰতবৰ্ষলৈ আহে। নিজৰ বুদ্ধিৰ বলত তেওঁ ক্ৰমান্বয়ে গোলকুণ্ডাৰ কুটুবশ্যাহী চুলতানৰ তৰফে কলাহপুৰৰ খনিৰ পৰা হীৰা উলিয়াই অজস্ৰ সম্পত্তিৰ অধিকাৰী হয়। কৰ্ণাটক দেশত,<noinclude></noinclude> 610nb1p5ipmd2pun8ohj1p42u2puzjv পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩২ 104 90780 260825 246263 2026-09-30T09:35:45Z BabulB 104 260825 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১২|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>দীঘলে তিনি-শ মাইল আৰু পথালিয়ে আঢ়ৈ-কুৰি মাইল জুৰি বছৰি দুকুৰি লাখ টকা উৎপন্ন হোৱা এখন ৰাজ্যত মীৰজুমলাই প্ৰকৃতপক্ষে একাধিপত্য স্থাপন কৰে। তেওঁৰ নিজা পাঁচহাজাৰ অশ্বাৰোহী সৈন্য আছিল। তাৰ উপৰিও গোলকুণ্ডাৰ চুলতানৰ চাৰিহাজাৰ সৈন্যই তেওঁৰ তলত কাম কৰিছিল। এই সৈন্যৰ সেনাপতিসকলক মীৰজুমলাই ছলে-বলে কৌশলে নিজৰ বশৱৰ্ত্তী কৰি লৈছিল। ইয়াৰ বাহিৰেও কুৰিহাজাৰ সুসজ্জিত পদাতিক সৈন্যই ঢাল-বন্দুক লৈ মীৰজুমলাৰ আদেশৰ কাৰণে সদাই সষ্টম হৈ থাকিছিল। যি গোলকুণ্ডাৰ হীৰা মাণিকে সমসাময়িক ইংৰাজ কবি আৰু পৰ্য্যটকৰ মনত বিস্ময় জন্মাইছিল, মীৰজুমলাৰ ভঁৰালত তেনে হীৰা-মাণিক একুৰি মোণ আছিল বুলি মানুহে বিশ্বাস কৰিছিল। বুদ্ধি, মন্ত্ৰণা, ক্ষমতা, আধিপত্য, ঐশ্বৰ্য্য-বিভূতি, হেৰেমৰ বিলাস-ৰাগ-ৰঞ্জিত বিচিত্ৰ আড়ম্বৰ, আৰু সৈনিকৰ সমৰ-সজ্জা, এইবোৰ দেখি মানুহে মীৰজুমলা উজীৰক আখ্যান দিছিল চুলতান মীৰজুমলা। {{gap}}কিন্তু একে চোঙ্গত দুই বাঘ থাকিব নোৱাৰে। ফাৰ্চ্ছী যোজোনা এটা আছে,—“দো বাদশ্যাহ দৰ আকৃলিমে ন গুন্‌জন্দ।” মীৰজুমলাৰ প্ৰতাপ আৰু পয়োভৰ বাঢ়ি অহাত শঙ্কিত হৈ গোলকুণ্ডাৰ চুলতান আবদুল্লাই তেওঁক ধৰিবৰ মন কৰিলে। এদিন মীৰজুমলাৰ একমাত্ৰ পুতেক মহম্মদ আমীন-খাঁই ক্ষতিকাৰ ৰাগীত চুলতানৰ চ’ৰাত কু-ব্যৱহাৰ<noinclude></noinclude> ptm1s3gjc5flbi7ldtgdbznilnvg3en পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৩ 104 90781 260826 246264 2026-09-30T09:37:06Z BabulB 104 260826 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||দিল্লী সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|১৩}}</noinclude>কৰাত, চুলতানে তাকে চেলুলৈ মীৰজুমলাৰ পৰিয়ালবৰ্গক বন্দী কৰি থয়। ইয়াকে শুনি মীৰজুমলাই পোন্ধৰ লাখ নগদ টকা আৰু পৃথিবী বিখ্যাত কহিনুৰ হীৰা উপহাৰ দি আওৰংজেবৰ জৰীয়তে সম্ৰাট শ্যাহজাহানৰ সহায় ভিক্ষা কৰে। শ্যাহজাহানে মীৰজুমলাক দিল্লী সাম্ৰাজ্যৰ উজীৰ পদত নিযুক্ত কৰি উপযুক্ত মনচব আৰু খিলাত উপহাৰ দিয়ে, ৭ জুলাই, ১৬৫৬ খৃষ্টাব্দ। দাৰা-ছুকো আৰু আওৰংজেবৰ মাজত আগৰে পৰা অসূয়া-অপ্ৰীতি আছিল। দাৰা-ছুকোই নিজ শত্ৰু আৰংজেবৰ মিত্ৰ মীৰজুমলাক উজীৰ পদত ৰাখিলে প্ৰতিদ্বন্দী আওৰংজেবৰ ক্ষমতা বৃদ্ধি হব বুলি শঙ্কা কৰি, বাদশ্যাহৰ আজ্ঞা শুনাই মীৰজুমলাক উজীৰৰ পদৰ পৰা আঁতৰালে। দাৰা-ছুকোৰ কাৰণে ৰাজধানীৰ খিতাপৰ পৰা বঞ্চিত হৈ মীৰজুমলাই সৰ্ব্বশক্তিৰে দাক্ষিণাত্যৰ চুবেদাৰ আৰংজেবক সহায় কৰিবলৈ ধৰিলে। ভ্ৰাতৃ-সংগ্ৰামৰ কালত মীৰজুমলাই ওঠৰ মোণ হীৰা আৰু অনেক সৈন্য লৈ দাৰা-ছুকোৰ বিৰুদ্ধে আওৰংজেবক সহায় কৰে। তাৰ ফলত আওৰংজেবে দুজন ভায়েকক মাৰি আৰু চাহছুজাক খেদি দিল্লীৰ ৰাজপাটত অধিষ্ঠিত হয়। ১৬৬০ খৃষ্টাব্দৰ মেই মাহত চাহছুজা ঢাকা এৰি পলোৱাত নবাব মীৰজুমলা বঙ্গৰ শাসনকৰ্ত্তা নিযুক্ত হয়। কিন্তু আওৰংজেব সদায় শঙ্কিত আছিল, কিজানিবা মীৰজুমলাই নিজৰ অসাধাৰণ বুদ্ধি, ঐশ্বৰ্য্য আৰু ক্ষমতাৰ সহায়েৰে বঙ্গৰ স্বাধীন<noinclude></noinclude> 1ya0wfuvojiyxpn8huf9ql0t2mj43n5 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/৩৪ 104 90782 260827 246265 2026-09-30T09:37:50Z BabulB 104 260827 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|১৪|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>চুলতান হবলৈ চেষ্টা কৰে। সেইদেখি শাল-চকুৱা সম্ৰাটে নবাবৰ একমাত্ৰ পুত্ৰ মহম্মদ আমীন-খাঁক মীৰ-বক্‌সী পদ দি সপৰিয়ালে দিল্লীত থাকিবলৈ বাধ্য কৰিলে, যাতে মীৰজুমলাই স্বাধীন হোৱাৰ কোনো চক্ৰান্তত লিপ্ত থকা গম পালে সম্ৰাটে আমীন-খাঁক সপৰিয়ালে বন্দী কৰিব পাৰে, মীৰজুমলাই নাতি-পুতিৰ মৰমত অন্ততঃ সম্ৰাটৰ বিৰুদ্ধে অস্ত্ৰ দাঙ্গিবলৈ সাহ নকৰিব।<noinclude></noinclude> n77k4q8a4qise9ifojw375w9zodis9i পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/১০ 104 90870 260757 246804 2026-09-29T16:12:20Z BabulB 104 /* বৈধকৰণ হৈছে */ 260757 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh||( ৬ )|}}</noinclude>এওঁলোকে অন্যভাষাত লিখা গ্ৰন্থাদিৰ বাহিৰেও খনচেৰেক অসমীয়া বুৰঞ্জীৰ পৰা সম্বল গ্ৰহণ কৰিছে। {{gap}}কিন্তু, হাতেলিখা সকলো বুৰঞ্জী উপৰোক্ত ঐতিহাসিকসকলৰ হাতত পৰা নাছিল। এতিয়ালৈকে প্ৰকাশিত আৰু সংগৃহীত সকলো হাতেলিখা সাঁচিপতীয়া প্ৰাচীন অসম বুৰঞ্জীৰ পৰা সম্বল সংগ্ৰহ কৰি বৰ্ত্তমান গ্ৰন্থ সঙ্কলিত কৰা হৈছে। অসমীয়া বুৰঞ্জীসমূহত ঠায়ে ঠায়ে এনেবোৰ কথা পোৱা যায় যিবোৰ কথা অসমীয়া প্ৰাণৰ মৰ্ম্মস্পৰ্শী। সেইবোৰ কথাৰ এষাৰি শুনিলে অন্তৰত নানান ভাবৰ স্পন্দন জাগ্ৰত হয়, আৰু ঘটনাৰ হুবহু চিত্ৰ চকুৰ আগত ভাহি উঠে। মীৰজুমলাৰ আক্ৰমণৰ নিচিনা আতঙ্কৰ সম্মুখীন হব লগাত অসমীয়াৰ প্ৰাণত কিৰূপ বেদনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল; আৰু তেওঁলোকে কিদৰে কাৰ্য্যপন্থা নিৰূপণ কৰিছিল, তাকো অসমীয়া বুৰঞ্জীৰ পৰা জানিব পৰা যায়। মীৰজুমলা আৰু তেওঁৰ লগৰীয়াসকলে অসমত কিছুমান কাম কৰিছিল, যিবোৰৰ উল্লেখ ফাৰ্চ্চি আদি ভাষাত লিখা গ্ৰন্থত পাবলৈ নাই। এনেকি, মীৰজুমলাৰ পিতাকৰ নাম মীৰ্জ্জা হাজৰু বা মীৰ্জ্জা হেনা, এই নামটো অকল অসম বুৰঞ্জীতহে পোৱা যায়, আন কোনো ঠাইত নাই। গতিকে অসম বুৰঞ্জীত থকা সম্বলৰ সহায়েৰে মীৰজুমলা অসমত থকা কালৰ কাহিনীও পৰিপুষ্ট হব, আৰু সেই পৰিপুষ্টি ভাৰতৰ বুৰঞ্জীৰ কাৰণে বিশেষ লাগতিয়াল হব। {{gap}}অসমৰ কাৰণে মীৰজুমলাৰ আক্ৰমণৰ কাহিনী বিশেষ শিক্ষাপ্ৰদ কাৰণ এই আক্ৰমণৰ বেলিকা, অসমীয়াৰ গাত থকা ভাল-বেয়া দুয়োবিধ প্ৰবৃত্তিৰ বিকাশ হৈছিল। প্ৰথম প্ৰবৃত্তিৰ উন্মেষত অসমীয়াই মোগল সৈন্যক নানাৰূপে হাৰাশাস্তি কৰি দেশ শত্ৰুশূন্য কৰিবলৈ সক্ষম হৈছিল। কিছুমানৰ অন্তৰত দ্বিতীয় প্ৰবৃত্তি প্ৰবল হোৱাত তেওঁলোকে মোগলৰ লগ লৈ বা কৰ্ত্তব্য অৱহেলা কৰি দেশৰ বিৰোধিতা আচৰণ কৰিছিল। এই সকলোখিনি কথা সামৰণিত আলোচনা কৰা হৈছে।<noinclude></noinclude> grpv80jsicj1438z3qplqo16ahh92w0 পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/১১ 104 90871 260759 246808 2026-09-29T16:52:49Z BabulB 104 /* বৈধকৰণ হৈছে */ 260759 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh||( ৭ ) |}}</noinclude>এই দুই প্ৰবৃত্তিৰ সঙ্ঘাত ভৱিষ্যতে কেনেকৈ নিৰোধ কৰিব পাৰি তালৈ অসমীয়া দেশপ্ৰেমিকসকলে ঐকান্তিকভাৱে যত্ন কৰা উচিত। {{gap}}মীৰজুমলা অসম আক্ৰমণৰ কাহিনী সম্যকভাৱে উপলব্ধি কৰাত সহায় হব বুলি, সমসাময়িক বুৰঞ্জীৰ পৰা কেইবাটিও বিবৰণ আৰু কেইবাখনিও পত্ৰ পৰিশিষ্টত সন্নিবিষ্ট কৰি দিয়া হৈছে। {{gap}}এই গ্ৰন্থখনি অতি পৰিশ্ৰমৰে যুগুত কৰা হৈছে। আশা কৰোঁ অসমীয়া পাঠক-পাঠিকাসকলে ইয়াক মৰম কৰি পঢ়িব। মীৰজুমলাৰ অসম আক্ৰমণৰ ভাল-বেয়া নানান কাহিনী অসমীয়াৰ জাতীয় এজমালি সম্পত্তি। সেইবোৰৰ পৰ্যালোচনাৰ ফলত গোটেই অসমীয়া জাতিয়ে একেধৰণৰ ঘটনাৱলীক সমচকুৰে নিৰীক্ষণ কৰাত তেওঁলোকৰ হৃদয় একতাসূত্ৰে আৱদ্ধ হৈ পৰিব। সেইদেখি, ‘অসম জীয়ৰী’ জয়মতী খণ্ডত আমি কৈছিলোঁ,—“জয়মতীৰ স্মৃতিৰ প্ৰতি সমভাৱে সদৌ অসমীয়া ৰাইজে দৃষ্টিপাত কৰোঁতে তেওঁলোকৰ অন্তৰত সমভাবৰ সৃষ্টি হয়। এটা জাতিক একতা বান্ধোনেৰে বান্ধিবলৈ হলে কিছুমান ৰাজহুৱা এজমালি গৌৰৱপূৰ্ণ বা বিষাদপূৰ্ণ কাহিনী লাগে। অসমীয়া জাতিৰ অতীতৰ গৌৰৱ আৰু অতীতৰ সুখ-দুখ সবাৰো একে। জয়মতীৰ কাহিনী অসমীয়াৰ একতা-বন্ধনৰ এধাৰি সাতশৰী কণ্ঠহাৰ।” এতিয়া কব পাৰি, নবাব মীৰজুমলাৰ অসম আক্ৰমণৰ কাহিনীও অসমীয়াৰ একতা-বন্ধনৰ এধাৰি সাতশৰী কণ্ঠহাৰ। গ্ৰীচৰ দাৰ্শনিক প্লেটোই কৈছিল,—“যি ৰাজ্যত সকলো নাগৰিকে একে বিধ কথাতে কান্দে আৰু আনন্দ পায়, সেই ৰাজ্যই হৈছে এখন সৰ্ব্বাঙ্গসুন্দৰ দেশ।” অসমীয়াৰ মাজত অতীতৰ যিমান ঘটনাক সৰ্ব্বজনবিদিত আৰু সৰ্ব্বসাধাৰণৰ কথা-বাৰ্ত্তা আৰু আলাপ আলোচনাৰ স্বাভাবিক অঙ্গ কৰিব পাৰি অসমীয়াৰ কাৰণে তিমানেই মঙ্গল। {{gap}}নবাব মীৰজুমলা, জয়ধ্বজ সিংহ, নবাব দিলেৰ খাঁ, মনথিৰ ভঁৰালী বৰুৱা, আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়া, গড়গঞা ৰজাশহুৰ ৰাজমন্ত্ৰী ফুকন,<noinclude></noinclude> 8agr15btugv7e1g6ce72tes4k33arlr পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২১ 104 90875 260752 260612 2026-09-29T15:39:53Z BabulB 104 260752 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xxxx-larger|মীৰজুমলাৰ অসম আক্ৰমণ}}}} {{center|{{x-larger|অসমৰ পশ্চিম সীমা}}}} {{gap}}'''আগকথা—'''প্ৰাচীন কামৰূপৰ পশ্চিম সীমা আছিল কৰতোয়া নদী। খৃষ্টীয় ত্ৰয়োদশ শতিকাত কামৰূপ ৰাজ্য কিছুমান সৰু সৰু খণ্ডত বিভক্ত হয়। কিছুদিনৰ পাচত খেনবংশীয় ৰজাসকল কমতা ৰাজ্যৰ অধিপতি হয়, আৰু কৰতোয়াৰ পৰা গুৱাহাটীৰ সমীপবৰ্ত্তী বৰনদীলৈকে গোটেই কামৰূপ ৰাজ্য কমতাৰ অন্তৰ্ভুক্ত হয়। খৃষ্টীয় পঞ্চদশ শতিকাৰ শেষ ভাগত গৌড়ৰ পাৎসা আলাউদ্দীন হুচেনছাহে কমতা অধিপতি নীলাম্বৰ ৰজাক পৰাস্ত কৰে, আৰু নিজকে ‘কমতা আৰু কামৰূপ বিজেতা চুলতান’ বুলি ঘোষণা কৰে। কমতাৰ ৰজাই অসমৰ স্বৰ্গদেৱ ওপৰজনা চুহুম্মুং দিহিঙ্গীয়া ৰজাৰ ওচৰত শৰণাপন্ন হয়। গৌড় পাৎসাহে অসম আক্ৰমণৰ কাৰণে নিজৰ তোলনীয়া পো তুৰ্ব্বকক সৈন্য-সেনা দি পঠিয়ায়। তিনি বছৰ ধৰি গৌড়ৰ সৈন্যৰ লগত অসমৰ যুদ্ধ চলে। অৱশেষত, তুৰ্ব্বকে অসমীয়াৰ হাতত প্ৰাণ এৰিব লগাত পৰে। এই যুদ্ধ বিজয়ৰ ফলত অসমৰ পশ্চিম সীমা কাজলীলৈকে বিস্তৃত হ’ল। {{nop}}<noinclude></noinclude> mzl97kf3ar5vunula1zdist60pdg6se 260758 260752 2026-09-29T16:47:27Z BabulB 104 260758 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xxxx-larger|মীৰজুমলাৰ অসম আক্ৰমণ}}}} {{center|{{x-larger|অসমৰ পশ্চিম সীমা}}}} {{gap}}'''আগকথা—'''প্ৰাচীন কামৰূপৰ পশ্চিম সীমা আছিল কৰতোয়া নদী। খৃষ্টীয় ত্ৰয়োদশ শতিকাত কামৰূপ ৰাজ্য কিছুমান সৰু সৰু খণ্ডত বিভক্ত হয়। কিছুদিনৰ পাচত খেনবংশীয় ৰজাসকল কমতা ৰাজ্যৰ অধিপতি হয়, আৰু কৰতোয়াৰ পৰা গুৱাহাটীৰ সমীপবৰ্ত্তী বৰনদীলৈকে গোটেই কামৰূপ ৰাজ্য কমতাৰ অন্তৰ্ভুক্ত হয়। খৃষ্টীয় পঞ্চদশ শতিকাৰ শেষ ভাগত গৌড়ৰ পাৎসা আলাউদ্দীন হুচেনছাহে কমতা অধিপতি নীলাম্বৰ ৰজাক পৰাস্ত কৰে, আৰু নিজকে ‘কমতা আৰু কামৰূপ বিজেতা চুলতান’ বুলি ঘোষণা কৰে। কমতাৰ ৰজাই অসমৰ স্বৰ্গদেৱ ওপৰজনা চুহুম্মুং দিহিঙ্গীয়া ৰজাৰ ওচৰত শৰণাপন্ন হয়। গৌড় পাৎসাহে অসম আক্ৰমণৰ কাৰণে নিজৰ তোলনীয়া পো তুৰ্ব্বকক সৈন্য-সেনা দি পঠিয়ায়। তিনি বছৰ ধৰি গৌড়ৰ সৈন্যৰ লগত অসমৰ যুদ্ধ চলে। অৱশেষত, তুৰ্ব্বকে অসমীয়াৰ হাতত প্ৰাণ এৰিব লগাত পৰে। এই যুদ্ধ বিজয়ৰ ফলত অসমৰ পশ্চিম সীমা কাজলীলৈকে বিস্তৃত হ’ল। {{nop}}<noinclude></noinclude> 45hv9fl1ogier3oravl0gjss1y2yk1x পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২২ 104 90876 260751 246830 2026-09-29T15:39:37Z BabulB 104 260751 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh|২|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>{{gap}}তাৰ পাচত, কমতেশ্বৰক নিজ ৰাজ্যত সংস্থাপিত কৰিবৰ কাৰণে স্বৰ্গদেৱ দিহিঙ্গীয়া ৰজাই নিজৰ পুত্ৰ যুবৰাজ চুক্লেন্-ফাঁ গড়গঞা ডেকাৰজা আৰু ফ্ৰাচেনমুং বৰগোহাঁইৰ পুত্ৰ চনখাম ঘৰ-সন্দিকৈ, এই দুই সেনাপতিৰ লগত নাৱে- তৰে অনেক সৈন্য দি পঠিয়ালে। অসমীয়া সেনাপতি দুজনাই তামিঘৰা সাজি হাতী-ঘোৰা নাও-নাৱৰা অস্ত্ৰ-শস্ত্ৰ সমন্বিতে যোগীঘোপাত বাহৰ পাতি তাৰেপৰা দিহা-দিহি ৰণুৱা পঠাবলৈ ধৰিলে। এফৌজ সৈন্যই কমতাৰজাক নিজ ৰাজ্যত পুনৰ সংস্থাপিত কৰিলে। বাকী অসমীয়া সৈন্যই গৌড় আক্ৰমণ কৰি প্ৰচণ্ড প্ৰতাপ দেখুৱাই কৰতীয়া-গঙ্গাত খাণ্ডা পখালি তাৰ কোখৰত পুখুৰী খানি দৌল বান্ধি শিলৰ ফলি কৰি দিগ্বিজয়ৰ চিন থৈ আহিল। {{gap}}কৰতোয়াৰ পাৰৰ পৰা অসমীয়া সেনাপতি দুজনে গৌড়ৰ ভিতৰ খণ্ড আক্ৰমণ কৰিবৰ অভিপ্ৰায় জনাই তাৰ পাৎ- সাহলৈ উকীল পত্ৰ পঠালে। গৌড়ৰ পাৎসাহে অসমৰে সৈতে যুদ্ধ নকৰি মিত্ৰতা স্থাপন কৰাটোকে শ্ৰেয়ঃ বুলি সিদ্ধান্ত কৰিলে; আৰু সেই অনুসাৰে নিজৰ দুই কন্যাক ধন-সোণ যৌতুকৰে সহিতে দিহিঙ্গীয়া ৰজালৈ উপহাৰ পঠিয়ালে। যৌতুকৰ লগত পাৎসাহে কামৰূপ সহিতে এই পাঁচখন ঠাই অসম ৰজাৰ অধীনলৈ দিলে,— চেৰপুৰ, পাতিলজহা, এঘাৰে- সেন্দুৰ, বাহিৰবন্ধ আৰু ঘোৰাঘাট। {{gap}}সেই সময়ত, কমতাৰ ক্ষমতা টুটি অহাত হাৰিয়া মণ্ডলৰ<noinclude></noinclude> 660q3pjsq0tk85zr3l99860eficeada 260753 260751 2026-09-29T15:48:21Z BabulB 104 /* বৈধকৰণ হৈছে */ 260753 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh|২|মীৰজুমলাৰ অসম আক্ৰমণ|}}</noinclude>{{gap}}তাৰ পাচত, কমতেশ্বৰক নিজ ৰাজ্যত সংস্থাপিত কৰিবৰ কাৰণে স্বৰ্গদেৱ দিহিঙ্গীয়া ৰজাই নিজৰ পুত্ৰ যুবৰাজ চুক্লেন্-ফাঁ গড়গঞা ডেকাৰজা আৰু ফ্ৰাচেনমুং বৰগোহাঁইৰ পুত্ৰ চনখাম ঘৰ-সন্দিকৈ, এই দুই সেনাপতিৰ লগত নাৱে-তৰে অনেক সৈন্য দি পঠিয়ালে। অসমীয়া সেনাপতি দুজনাই তামিঘৰা সাজি হাতী-ঘোৰা নাও-নাৱৰা অস্ত্ৰ-শস্ত্ৰ সমন্বিতে যোগীঘোপাত বাহৰ পাতি তাৰেপৰা দিহা-দিহি ৰণুৱা পঠাবলৈ ধৰিলে। এফৌজ সৈন্যই কমতাৰজাক নিজ ৰাজ্যত পুনৰ সংস্থাপিত কৰিলে। বাকী অসমীয়া সৈন্যই গৌড় আক্ৰমণ কৰি প্ৰচণ্ড প্ৰতাপ দেখুৱাই কৰতীয়া-গঙ্গাত খাণ্ডা পখালি তাৰ কোখৰত পুখুৰী খানি দৌল বান্ধি শিলৰ ফলি কৰি দিগ্বিজয়ৰ চিন থৈ আহিল। {{gap}}কৰতোয়াৰ পাৰৰ পৰা অসমীয়া সেনাপতি দুজনে গৌড়ৰ ভিতৰ খণ্ড আক্ৰমণ কৰিবৰ অভিপ্ৰায় জনাই তাৰ পাৎসাহলৈ উকীল পত্ৰ পঠালে। গৌড়ৰ পাৎসাহে অসমৰে সৈতে যুদ্ধ নকৰি মিত্ৰতা স্থাপন কৰাটোকে শ্ৰেয়ঃ বুলি সিদ্ধান্ত কৰিলে; আৰু সেই অনুসাৰে নিজৰ দুই কন্যাক ধন-সোণ যৌতুকৰে সহিতে দিহিঙ্গীয়া ৰজালৈ উপহাৰ পঠিয়ালে। যৌতুকৰ লগত পাৎসাহে কামৰূপ সহিতে এই পাঁচখন ঠাই অসম ৰজাৰ অধীনলৈ দিলে,— চেৰপুৰ, পাতিলজহা, এঘাৰে-সেন্দুৰ, বাহিৰবন্ধ আৰু ঘোৰাঘাট। {{gap}}সেই সময়ত, কমতাৰ ক্ষমতা টুটি অহাত হাৰিয়া মণ্ডলৰ<noinclude></noinclude> ddkq9uu57ur7ddshoatxfmy8onb8kyt পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/২৩ 104 90877 260754 246832 2026-09-29T15:48:52Z BabulB 104 260754 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" />{{rh||অসমৰ পশ্চিম সীমা|৩}}</noinclude>পুতেক বিশুয়ে কমতাৰ একখণ্ড অধিকাৰ কৰি নিজে স্বতন্ত্ৰ ৰজা হৈ প্ৰৱৰ্ত্তিবলৈ ধৰিলে। অসমীয়া সৈন্য গৌড়ৰ পৰা উভতি আহোঁতে বিশুয়ে সোণ এচৰু, ৰূপ এচৰু, আৰু ভোটান্তৰ অপূৰ্ব্ব বস্তুজাত উপহাৰ দি গড়গঞা ডেকাৰজা আৰু চন্খাম ঘৰ-সন্দিকৈক বৰিলেহি। ৰাজ্যবৃদ্ধিত স্বৰ্গদেৱৰ ইচ্ছা নাই হেন জানি অসমৰ দুই সেনাপতিয়ে গৌড়ৰ বাদ- চাহে যৌতুকত দিয়া কামৰূপ সহিতে পাঁচখন ঠাই বিশুক দি তাৰে অধিপতি পাতি বিশ্বসিংহ নাম দি থাপিলে। পাচে দিহিঙ্গীয়া স্বৰ্গদেৱে কোচৰ ৰজা বিশ্বসিংহক থাপিত-সাঞ্চিত ৰজাসকলৰ দৰে বছৰি কৰ-ভাৰ দি থাকিবলৈ নিয়ম কৰি দিলে। কমতা ৰাজ্যৰ দৰে বিশ্বসিংহৰ কোচ-ৰাজ্যৰ সীমা ধাৰ্য্য হল পশ্চিমে কৰতোয়া নদী আৰু পূবে বৰনদী। পশ্চিমখণ্ড বা বৰদেৱানৰ অধিপতি লক্ষ্মীনাৰায়ণ, আৰু পূবখণ্ড বা সৰুদেৱানৰ ৰজা পৰীক্ষিতৰ দিনত সমুদায় কোচৰাজ্য মোগলৰ কৰগত হ’ল। {{gap}}দিহিঙ্গীয়া ৰজাৰ দিনত অসমে গৌড় দিগ্বিজয় কৰাৰ বিষয়ে স্বৰ্গদেৱ বুদ্ধিস্বৰ্গনাৰায়ণ প্ৰতাপসিংহ মহাৰাজে এবাৰ কৈছিল,—“সেই সময়ত গৌড়ৰ পাৎসাৰ সম্বন্ধী তুৰ্ব্বক আহি ধনশিৰিত যুদ্ধ ধৰিলেহি। পাচে তিনি বৎসৰ যুদ্ধ কৰি নোৱাৰি ডা-ডাঙ্গৰীয়া ও লোকজন কিছু পৰিল। পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজাই কনচেঙ্গ বৰপাত্ৰ গোহাঞিক সেনাপতি পাতি উপায় কৰি তুৰ্ব্বকক মৰালে।<noinclude></noinclude> 3509lxya6nr93bb0zfhlw30b3q8tmur 260755 260754 2026-09-29T15:51:38Z BabulB 104 /* বৈধকৰণ হৈছে */ 260755 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh||অসমৰ পশ্চিম সীমা|৩}}</noinclude>পুতেক বিশুয়ে কমতাৰ একখণ্ড অধিকাৰ কৰি নিজে স্বতন্ত্ৰ ৰজা হৈ প্ৰৱৰ্ত্তিবলৈ ধৰিলে। অসমীয়া সৈন্য গৌড়ৰ পৰা উভতি আহোঁতে বিশুয়ে সোণ এচৰু, ৰূপ এচৰু, আৰু ভোটান্তৰ অপূৰ্ব্ব বস্তুজাত উপহাৰ দি গড়গঞা ডেকাৰজা আৰু চন্খাম ঘৰ-সন্দিকৈক বৰিলেহি। ৰাজ্যবৃদ্ধিত স্বৰ্গদেৱৰ ইচ্ছা নাই হেন জানি অসমৰ দুই সেনাপতিয়ে গৌড়ৰ বাদচাহে যৌতুকত দিয়া কামৰূপ সহিতে পাঁচখন ঠাই বিশুক দি তাৰে অধিপতি পাতি বিশ্বসিংহ নাম দি থাপিলে। পাচে দিহিঙ্গীয়া স্বৰ্গদেৱে কোচৰ ৰজা বিশ্বসিংহক থাপিত-সাঞ্চিত ৰজাসকলৰ দৰে বছৰি কৰ-ভাৰ দি থাকিবলৈ নিয়ম কৰি দিলে। কমতা ৰাজ্যৰ দৰে বিশ্বসিংহৰ কোচ-ৰাজ্যৰ সীমা ধাৰ্য্য হল পশ্চিমে কৰতোয়া নদী আৰু পূবে বৰনদী। পশ্চিমখণ্ড বা বৰদেৱানৰ অধিপতি লক্ষ্মীনাৰায়ণ, আৰু পূবখণ্ড বা সৰুদেৱানৰ ৰজা পৰীক্ষিতৰ দিনত সমুদায় কোচৰাজ্য মোগলৰ কৰগত হ’ল। {{gap}}দিহিঙ্গীয়া ৰজাৰ দিনত অসমে গৌড় দিগ্বিজয় কৰাৰ বিষয়ে স্বৰ্গদেৱ বুদ্ধিস্বৰ্গনাৰায়ণ প্ৰতাপসিংহ মহাৰাজে এবাৰ কৈছিল,—“সেই সময়ত গৌড়ৰ পাৎসাৰ সম্বন্ধী তুৰ্ব্বক আহি ধনশিৰিত যুদ্ধ ধৰিলেহি। পাচে তিনি বৎসৰ যুদ্ধ কৰি নোৱাৰি ডা-ডাঙ্গৰীয়া ও লোকজন কিছু পৰিল। পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজাই কনচেঙ্গ বৰপাত্ৰ গোহাঞিক সেনাপতি পাতি উপায় কৰি তুৰ্ব্বকক মৰালে।<noinclude></noinclude> 6grmgugym1ql1wg3d8ouinghu3da2ib পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৮ 104 93339 260809 258620 2026-09-30T07:53:37Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260809 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১০৬|অৰুনোদইৰ ধলফাট|}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%"</noinclude>{{nopt}} |- | colspan="9" style="text-align:left;"|'''মিস্যনেৰী লোক''' |- |সিৱসাগৰ||১০ ||১০ || ১০ || ১০ ||১০ ||২৫ ||৩২ || ২৫ ||২৫ |- | নগাঁও|| ৪২ ||৪২ || ৪৭ || ৪৭ || ৫০ || ৫৪ ||৫২ ||৫২ ||৫৮ |- |গুৱাহাটী ||২২ ||২২ ||২২ ||৩২ || ২৫ || ৪৮ || ৪১ || ৩৩ || ২৮ |- |বিলাবলৈ থোআ || ৪০ ||৪০ || ৪০ || ৪০ || ৪০ || ৪০ ||৪০ || ৪০ || ৪০ |- | ||colspan="9" style="text-align:center;"|{{rule}} |- |মুঠ||১১৪ ||১১৪ ||১১৯ ||১২৯ || ১২৫ || ১৬৭ || ১৬৫ ||১৫০ || ১৫১ |- | || colspan="9" style="text-align:center;"|{{rule}} |- | সৰ্ব মুঠ||৫৭৬ ||৫৩৬ ||৪২৮ ||৩৯৭ || ৪৬৪ || ৫২২ || ৪৭৭ ||৪৩৬ || ৪৪০ |}<noinclude></noinclude> 03p6sva36yb7eygjif3btalv8qnexfp পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/১৬ 104 94280 260797 260669 2026-09-30T03:53:54Z BabulB 104 260797 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||(১২)|}}</noinclude>{{block center|width=440px| {{dtpl | |{{gap}}বিষয়| পিঠি| dottext = }} {{dtpl | |'''অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ—'''|১১৯-১৩৬|dottext = ...{{gap|3em}}}} {{dtpl | |{{gap}}অসমে দিবলগীয়া পেচকচ|১১৯|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}পেচকচ আদায়|১১৯|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ অন্তিম অভিলাষ|১২০|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}বাহিৰে মিত্ৰতা ভিতৰি ৰণোদ্যমৰ নীতি|১২১|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}পৰাধীনতাতকৈ মৰণেহে উত্তম|১২১|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}মোগল ফৌজাদাৰলৈ অসমৰ উত্তৰ|১২২|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ৰচিদ-খাঁৰ কন্যা ভিক্ষা|১২৩|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ফিৰোজ-খাঁৰ কন্যা ভিক্ষা|১২৩|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}গুৱাহাটী আক্ৰমণৰ আদেশ|১২৪|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ|১২৪|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ছায়িস্তা খাঁলৈ অসমৰ ৰণজয়ৰ বাতৰি|১২৪|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ভোলানাথ কানুনগুৱে অসমৰ কটকীলৈ দিয়া পত্ৰ|১২৫|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ছায়িস্তা খাঁলৈ দিয়া পত্ৰ |১২৬|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}মোগলৰ মৰ্য্যাদা হানি|১২৮|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}অসমৰ বিৰুদ্ধে ৰামসিংহৰ অভিযান|১২৮|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}উত্তৰে দক্ষিণে গুৱাহাটীৰ গড়|১২৯|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ৰামসিংহৰ তলে বিপুল সৈন্যবাহিনী|১৩০|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}গুৱাহাটী সংৰক্ষনার্থে অসমীয়াৰ দৃঢ়সঙ্কল্প|১৩০|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}ৰামসিংহৰ ব্যৰ্থ মোগলী-ৰাজপুতী ফন্দি|১৩১|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}আলাবৈৰ যুদ্ধ|১৩২|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}গুৱাহাটী আক্ৰমণৰ একমাত্ৰ সুবিধা পানীয়েদি|১৩৩|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}নাও-যুদ্ধৰ আৰম্ভণি|১৩৩|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}লাচিত বৰফুকনৰ টান নৰিয়া|১৩৪|dottext = ...{{gap|5em}}}} }}<noinclude></noinclude> of7gd01pc1g55wc2221iqk0bda0cpde পৃষ্ঠা:মীৰজুমলাৰ অসম আক্ৰমণ.pdf/১৭ 104 94281 260798 260672 2026-09-30T03:55:02Z BabulB 104 260798 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||(১৩)|}}</noinclude>{{block center|width=440px| {{dtpl | |{{gap}}বিষয়| পিঠি| dottext = }} {{dtpl | |{{gap}}বৰফুকনৰ উগ্ৰ খঙ্গ দেখি কম্পমান সৈন্য|১৩৪|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয়|১৩৫|dottext = ...{{gap|5em}}}} {{dtpl | |{{gap}}মীৰজুমলা-শৰাইঘাট যুগৰ আদৰ্শ|১৩৬|dottext = ...{{gap|5em}}}} {{dtpl | |'''সামৰণি।'''|১৩৭-১৪৫|dottext = ...{{gap|3em}}}} }} {{center|{{X-larger|ওপৰঞ্চি}}}} {{block center|width=440px| {{dtpl | |মীৰজুমলাৰ অসম আক্ৰমণৰ বিষয়ে সমসাময়িক বৃত্তান্তসাৰ।|১৪৯|dottext = ...{{gap|5em}}}} {{dtpl | |মোগলৰ সেনাপতি দিলেৰ-খাঁ দাউদজাই|১৫১|dottext = ...{{gap|5em}}}} {{dtpl | |ঘিলাঝাৰিঘাটৰ সন্ধিৰ কাকত।|১৫৭|dottext = ...{{gap|5em}}}} {{dtpl | |স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজে আওৰংজেৱ বাদশাহলৈ দিয়া পত্ৰ।|১৫৯|dottext = ...{{gap|5em}}}} {{dtpl | |স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজে মোগল সেনাপতি দিলেৰ-খাঁলৈ দিয়া পত্ৰ।|১৬১|dottext = ...{{gap|5em}}}} {{dtpl | |স্বৰ্গদেৱ জয়ধ্বজসিংহ মহাৰাজে বেহাৰৰ ৰজা প্ৰাণনাৰায়ণলৈ দিয়া প্ৰথম পত্ৰ।|১৬৩|dottext = ...{{gap|5em}}}} {{dtpl | |স্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজে বেহাৰৰ ৰজা প্ৰাণনাৰায়ণলৈ দিয়া দ্বিতীয় পত্ৰ।|১৬৬|dottext = ...{{gap|5em}}}} {{dtpl | |কন্যা দিলেও ফিৰাই দিছিল কিয়?|১৬৯|dottext = ...{{gap|5em}}}} {{dtpl | |যুধিষ্ঠিৰ আৰু দুৰ্য্যোধন, কবিতা।|১৭৩|dottext = ...{{gap|5em}}}} {{dtpl | |প্ৰমাণপঞ্জী।|১৮২-১৮৪|dottext = ...{{gap|3em}}}} }}<noinclude></noinclude> 1cew4geofpw1rz31jkvx9yl2ouh18qz পৃষ্ঠা:সৰল জ্যোতিষ.pdf/৩ 104 94291 260777 2026-09-29T17:26:08Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260777 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|'''{{Xx-larger|পাতনি।}}'''}} {{gap}}জ্যোতিষ বুলিলে গণিত আৰু ফলিত নামে দুই ভাগে বিভক্ত। চন্দ্ৰ সূৰ্য্যাদি গ্ৰহৰ গতিবিধি গণ- নাক গণিত বোলে।মানুহৰ শুভাশুভাদি বিচাৰ কৰাকে ফলিত বোলে। জ্যোতিষ শাস্ত্ৰ অনন্ত; এই শাস্ত্ৰ ভাষাৰে প্ৰকাশ কৰা আমাৰ নিচিনা মানুহৰ উপহাস্য মাত্ৰ। আজি কালি অনেক বিষয়ী মানুহেই জ্যোতিষ শাস্ত্ৰক বিশেষ আদৰ কৰে। জ্যোতিষৰ নিয়মেৰেই সকলো কাৰ্য্য সমাধা কৰে। অসমীয়া ভাষাত এতিয়ালৈকে ভাল জ্যোতিষ প্ৰায় প্ৰকাশ হোৱা নায়। যদিও সামান্য দুই এক খনি ওলাইছে সিও বিশুদ্ধ নহয়। এই কাৰণে এই সৰল জ্যোতিষ নামে পুথি খনি অসমীয়া ভাষাত লেখি সাধাৰণৰ হাতত অৰ্পণকৰা হল। বৰ্ত্তমান সময়ত সংস্কৃত ভাষাৰ আদৰ অলপ বাবে সংস্কৃত বচন নিদি ভাষাৰেই লেখ৷ হৈছে। ইয়াত মানুহৰ চলিত সকলো বিলাক কথা সংক্ষেপে দিয়া হৈছে। সামান্য লেখাপঢ়া জনা মানুহেও এই পুথিৰ পৰা উপকাৰ পাব বুলি আশা আছে। গ্ৰাহক পাঠক সকলৰ পৰা উৎসাহ পালে ইয়াৰ দ্বিতীয় তৃতীয় ভাগো প্ৰকাশ কৰিবৰ ইচ্ছা থাকিলে। ইয়াৰ দ্বাৰা সাধাৰণৰ উপকাৰ হলে পৰিশ্ৰম সাৰ্থক মানিম।<noinclude></noinclude> 6nmf75phdnow4ohkeq3qo0yf55okwyi পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৭৪ 104 94292 260778 2026-09-29T17:26:40Z Sameer Kalita14 4455 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260778 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Sameer Kalita14" /></noinclude>( 52 ) কৰ্ম্মণোহ্যপি বোদ্ধ্যং বোদ্ধঞ্চ ৱিকৰ্ম্মণঃ ! অকৰ্ম্মণশ্চ বোদ্ধৱং গহনা কৰ্ম্মণো গতিঃ ॥ ১৭ কর্ম, নিষিদ্ধ কৰ্ম্ম থাক অকৰ্ম্মৰ ভেদ জনা উচিত, কৰ্ম্মৰ গতি বৰ গূঢ় ॥ ১৭ ॥ কৰ্ম্মণ্যকর্ম্ম যঃ পশ্যেদকৰ্ম্মণি চ কৰ্ম্ম যঃ । স বুদ্ধিমান্ মনুষ্যেষু স যুক্তঃ কৃৎস্নকর্ম্মকৃৎ ॥ ১৮ কর্ম্মত যিজনে অকৰ্ম্ম দেখে আৰু অকৰ্ম্মত কর্ম দেখে মাছৰ ভিতৰত তেওঁলোককেই বুদ্ধিমান বুলি ধৰা হয় । ভেৱেঁই যোগী আৰু তেৱেঁই সম্পূৰ্ণ কৰ্ম্মৰত লোক ॥১৮ ॥ টিপ্পনী ॥ কান কৰোতে যিজনে কর্তৃত্বৰ অভিমান নাৰাখে, তেওঁৰ কৰ্ম্ম অকৰ্ম্ম হয়; আৰু যিজনে বাহ্যিক ভাবে কৰ্ম ত্যাগ কৰি মনত আকাশ-কুসুম ৰচনা কৰে তেওঁৰ অকৰ্ম্মত কর্ম হয়। কোনো পক্ষাঘাত হোৱ। লোকে যদি ইচ্ছাপূর্ব্বক (তাভিমানেৰে ) কোনো ৰুগীয়া অঙ্গ লৰচ কৰে তেনেহলে সেই অঙ্গ লৰচৰ কৰিব । এইদৰে তেওঁ ৰুগীয়া অঙ্গ পৰচৰ কৰা, কাৰ্য্যৰ কর্তা হর ৷ আত্মাৰ গুণ অকৰ্ত্তা । যিজনে মোহগ্ৰস্ত হৈ নিজকে কৰ্ত্তা বুলি জ্ঞান কৰে তেনেই আত্মাৰ পক্ষাঘাত ৰোগ হোৱাৰ দৰে হয়; আক তেওঁ অ-মান-পূর্ব্বক কাম করে। বিজ্ঞানে কর্মব গতি এই সুৰে বুদ্ধে তেওঁ বুদ্ধিমান, যোগী, কৰ্ত্তব্যপৰায়ণ বুদ্ধি পৰিগণিত হয়। “ময়েই কর্তা” ইদৰে ধাৰণা কৰাৰ পৰা যি ভেদভাৱ হয় তাক পাহৰি যায়, আৰু সাধনাত ভাল-বেয়া বিচাৰ নকৰে । আত্মাৰ স্বাভাৱিক গতি উৰ্দ্ধ। সেই কাৰণে মানুহে যেতিয়া<noinclude></noinclude> hvc2ik6u00qaaarx5fytlldmwyp2pnl পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৭৫ 104 94293 260780 2026-09-29T17:27:29Z Sameer Kalita14 4455 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260780 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Sameer Kalita14" /></noinclude>(00) নীতিমাৰ্গ পদত্যাগ কৰে তেতিয়া নিশ্চয় অহঙ্কাৰ ভাৰ আছে বুলি কব পাৰি। অভিযান ৰহিত পুৰুষৰ কৰ্ম্ম সহজেই সাত্ত্বিক হয়। যস্য সৰে' সমান্ত৷ঃ কামসঙ্কল্পৱৰ্জ্জিতাঃ। জ্ঞানাগ্নিদগ্ধকৰ্ম্মাণং তমাহুঃ পণ্ডিতং বুধাঃ॥ ১৯ যাৰ সমস্ত আৰম্ভ ( কাৰ্য) কামনা আৰু সংকল্পৰহিত হয়, তেওঁৰ কৰ্ম্ম জ্ঞানকপী অগ্নিৰ দ্বাৰা ভন্ম হৈ গৈছে, এনে লোককেই জ্ঞানীসকলে পণ্ডিত বুলি কয়॥ ১৯॥ ত্যক্ত। কৰ্ম্মফলাসঙ্গং নিত্যতৃপ্তে৷ নিৰাশ্ৰয়ঃ। কৰ্ম্মণ্যভিপ্ৰৱ ত্তোঽপি নৈব কিঞ্চিৎ কৰোতি সঃ॥ ২০ যিজনে কৰ্ম্মফল ত্যাগ কৰিছে, যিজনে সদায় সন্তুষ্ট হৈ থাকে, যিজনৰ কোনো আশ্ৰয়তে (বিষয়তে) লালসা বা অভিলাষ নাই, তেওঁ কৰ্ম্মত ভালকৈ লাগি থকা সত্বেও একো নকৰে বুলি ক'ব পাখি॥ ২০ টিপ্পনী — অৰ্থাৎ তেওঁ কৰ্ম্মবন্ধন ভোগ কৰিব নালাগে॥ নিৰাশীৰ্ষতচিত্তাত্মা তাক্তসৰ পবিগ্ৰহঃ। শাৰীৰং কেৱলং কৰ্ম্ম কুৱ স্নাপ্নোতি কিল্বিষম্॥ ২১ যি আশা-বহিত, যাৰ মন নিজৰ ৰণত আছে, যিজনে ধন-সম্পত্তি সঞ্চয় কাৰ্য্য এৰি দিছে আৰু যাৰ কেৱল শৰীৰৰ দ্বাৰাহে কাম হয়। এনেলোকে কাম কৰিলেও দোষে স্পৰ্শ নকৰে॥ ২১<noinclude></noinclude> 6hk812svly8tchgqd1p5b91h3kkxza9 পৃষ্ঠা:সৰল জ্যোতিষ.pdf/১৫ 104 94294 260785 2026-09-29T17:33:33Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260785 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||সৰল জ‍্যোতিষ|৩}} {{Rule|}}</noinclude>{{gap}}চন্দ্ৰ ৰবি থকা ৰাশিৰ পৰা দৈনিক বাৰঅংশ কৈ পূব ফাললৈ উজুৱাকে তিথি বোলে। প্ৰতি তিথিত ৰাশিৰ ১২ অংশ থাকে। শুক্লপক্ষত চন্দ্ৰ ৰবিৰ দক্ষিণ ভাগেদি গৈ ৰবিৰ সপ্তম ৰাশিত উপস্থিত হলেই পূৰ্ণিমা হয়। অমাবস্যাৰ দিনা চন্দ্ৰ ৰবিৰ সহিত এক ৰাশিত থাকে। {{gap}}তিথি সকল পাঁচ ভাগে বিভক্ত। নন্দী, ভদ্ৰা, জয়া, ৰিক্তা, আৰু পূৰ্ণা। প্ৰতিপদ, ষষ্ঠী, একাদশী, তিথিক নন্দা বোলে। দ্বিতীয়া, সপ্তমী, দ্বাদশী, তিথিক ভদ্ৰা; তৃতীয়া, অষ্টমী, ত্ৰয়োদশী তিথিক জয়া; চতুৰ্থী, নৱমী, চতুৰ্দ্দশী তিথিক ৰিক্তা; আৰু পঞ্চমী, দশমী, পূৰ্ণিমা, অমাবস্যাক পূৰ্ণা তিথি বোলে। {{gap}}সিদ্ধি যোগ—শুক্ৰবাৰে নন্দা, বুধবাৰে ভদ্ৰা, মঙ্গল বাৰে জয়া, বৃহস্পতি বাৰে পূৰ্ণা, শনি বাৰে ৰিক্তা তিথি হলে সিদ্ধি যোগ হয়। সিদ্ধি যোগত কৰ্ম্ম কৰিলে সৰ্ব্বসিদ্ধি হয়। {{gap}}মৃত্যু যোগ—ৰবি আৰু মঙ্গল বাৰে নন্দা তিথি হলে, সোম আৰু শুক্ৰ বাৰে ভদ্ৰা তিথি হলে,<noinclude></noinclude> q1s7jayfp3of7dylz2x8ggpnszky8fm পৃষ্ঠা:সৰল জ্যোতিষ.pdf/১৬ 104 94295 260793 2026-09-29T17:40:17Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260793 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৪|সৰল জ‍্যোতিষ|}} {{Rule|}}</noinclude>8. জয়া সৰল জ্যোতিষ । বুধবাৰে জয়া তিথি হলে, বৃহস্পতি বাৰে ৰিক্তা তিথি হলে, শনিবাৰে পূৰ্ণা তিথি হলে মৃত্যু যোগ হয়। মৃত্যু যোগত যাত্ৰাদি শুভকৰ্ম্ম কৰিব নেপায়। {{gap}}তিথ্যমৃত যোগ— । ৰবি আৰু সোম বাৰে পূৰ্ণা, মঙ্গল বাৰে ভদ্রা, বৃহস্পতি বাৰে জয়া, বুধ আৰু শনিবাৰে নন্দা, শুক্ৰ বাৰে ৰিক্তা তিথি হলে অমৃত যোগ হয় । অমৃত যোগত যাত্ৰাদি শুভকৰ্ম্ম কৰিবলৈ ভাল । {{gap}}দগ্ধা তিথি—। ৰবিবাৰে দ্বাদশী, সোমবাৰে একাদশী, মঙ্গলবাৰে দশমী, বুধবাৰে তৃতীয়া, বৃহ-স্পতি বাৰে ষষ্ঠী, শুক্ৰ বাৰে দ্বিতীয়া, শনি বাৰে সপ্তমী তিথি হলে দগ্ধা তিথি হয়। দগ্ধা তিথিত শুভকৰ্ম্ম কৰিব নাপায় । মৃত্যুযোগ বা দগ্ধাযোগত কৰিবলৈ হলে, যাৰ কৰ্ম্ম কৰা হয়, সেই মানুহৰ চন্দ্ৰ শুভ হ'লে মৃত্যু যোগ আৰু দগ্ধা তিথিৰ দোষ গুচে। {{center|'''{{Xx-larger|নক্ষত্ৰ প্ৰকৰণ। *}}'''}} ১ অশ্বিনী, ২ ভৰণী, ৩ কৃত্তিকা, ৪. ৰোহিণী, ৫ মৃগশিৰা, ৬ আর্দ্রা, ৭ পুনৰ্ব্বসু, ৮ পুষ্যা, • অভিজীৎ নামেও এটা নক্ষত্র আছে ৷<noinclude>{{Rule|}} • অভিজীৎ নামেও এটা নক্ষত্র আছে ৷</noinclude> cbwmtmpqwmldijev4b7xr4ugk48bkpv 260794 260793 2026-09-29T17:41:37Z প্ৰয়াসী বৰঠাকুৰ 3437 260794 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৪|সৰল জ‍্যোতিষ।|}} {{Rule|}}</noinclude>বুধবাৰে জয়া তিথি হলে, বৃহস্পতি বাৰে ৰিক্তা তিথি হলে, শনিবাৰে পূৰ্ণা তিথি হলে মৃত্যু যোগ হয়। মৃত্যু যোগত যাত্ৰাদি শুভকৰ্ম্ম কৰিব নেপায়। {{gap}}তিথ্যমৃত যোগ— । ৰবি আৰু সোম বাৰে পূৰ্ণা, মঙ্গল বাৰে ভদ্রা, বৃহস্পতি বাৰে জয়া, বুধ আৰু শনিবাৰে নন্দা, শুক্ৰ বাৰে ৰিক্তা তিথি হলে অমৃত যোগ হয় । অমৃত যোগত যাত্ৰাদি শুভকৰ্ম্ম কৰিবলৈ ভাল । {{gap}}দগ্ধা তিথি—। ৰবিবাৰে দ্বাদশী, সোমবাৰে একাদশী, মঙ্গলবাৰে দশমী, বুধবাৰে তৃতীয়া, বৃহ-স্পতি বাৰে ষষ্ঠী, শুক্ৰ বাৰে দ্বিতীয়া, শনি বাৰে সপ্তমী তিথি হলে দগ্ধা তিথি হয়। দগ্ধা তিথিত শুভকৰ্ম্ম কৰিব নাপায় । মৃত্যুযোগ বা দগ্ধাযোগত কৰিবলৈ হলে, যাৰ কৰ্ম্ম কৰা হয়, সেই মানুহৰ চন্দ্ৰ শুভ হ'লে মৃত্যু যোগ আৰু দগ্ধা তিথিৰ দোষ গুচে। {{center|'''{{Xx-larger|নক্ষত্ৰ প্ৰকৰণ। *}}'''}} ১ অশ্বিনী, ২ ভৰণী, ৩ কৃত্তিকা, ৪. ৰোহিণী, ৫ মৃগশিৰা, ৬ আর্দ্রা, ৭ পুনৰ্ব্বসু, ৮ পুষ্যা,<noinclude>{{Rule|}} • অভিজীৎ নামেও এটা নক্ষত্র আছে ৷</noinclude> 3alh1sg4iuy1uozhxccor2p0w94fic5 মীৰজুমলাৰ অসম আক্ৰমণ 0 94296 260796 2026-09-30T03:52:31Z BabulB 104 "{{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = | next = [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]] | notes = | categories = }} <pages i..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 260796 wikitext text/x-wiki {{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = | next = [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]] | notes = | categories = }} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=1 to=1/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=3 to=3/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=4 to=4/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=6 to=6/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=7 to=8/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=9 to=12/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=14 to=17/> {{page break|label=}} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=19 to=19/> {{page break|label=}} {{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}} {{center|{{x-larger|'''সূচীপত্র।'''}}}} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]]| ১ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ]] | ৬ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ|অসমৰ কামৰূপ উদ্ধাৰ]]| ১৫ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মীৰজুমলাৰ অসম অভিযান|মীৰজুমলাৰ অসম অভিযান]]| ২০ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ ৰণোদ্যম|অসমৰ ৰণোদ্যম]]| ২৮ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসম-মোগলৰ ৰণ|অসম-মোগলৰ ৰণ]]| ৩৬ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/মীৰজুমলাৰ গড়গাওঁ অধিকাৰ|মীৰজুমলাৰ গড়গাওঁ অধিকাৰ]] | ৪৭ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মোগল সৈন্যৰ বিলৈ-বিপত্তি|মোগল সৈন্যৰ বিলৈ-বিপত্তি]]| ৫৬ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/সন্ধিৰ প্ৰস্তাৱ|সন্ধিৰ প্ৰস্তাৱ]]| ৭৭ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/ঘিলাঝাৰি ঘাটৰ সন্ধি|ঘিলাঝাৰি ঘাটৰ সন্ধি]]| ৮৫ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/মোগলৰ অসম ত্যাগ|মোগলৰ অসম ত্যাগ]]| ৯১ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা|অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ চেষ্টা]]| ১০২ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু|জয়ধ্বজসিংহ স্বৰ্গদেৱৰ মৃত্যু]] | ১১৪ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ|অসমৰ কামৰূপ উদ্ধাৰ আৰু সংৰক্ষণ]]| ১১৯ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/সামৰণি|সামৰণি]]| ১৩৭ }} {{সূচীপত্ৰসাধাৰণ||[[মীৰজুমলাৰ অসম আক্ৰমণ/ওপৰঞ্চি|ওপৰঞ্চি]] | ১৪৯ }} {{সূচীপত্ৰসাধাৰণ|| [[মীৰজুমলাৰ অসম আক্ৰমণ/প্ৰমাণপঞ্জী|প্ৰমাণপঞ্জী]]| ১৮২ }} jgekr4rfnr5i5ocm17egkih4iip87xy মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা 0 94297 260799 2026-09-30T03:57:38Z BabulB 104 "{{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = [[মীৰজুমলাৰ অসম আক্ৰমণ|বেটুপাত]] | next = মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 260799 wikitext text/x-wiki {{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = [[মীৰজুমলাৰ অসম আক্ৰমণ|বেটুপাত]] | next = [[মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ|দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ]] | notes = | categories = }} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=21 to=25/> rl50sa04r6pnnla2n20kvj71grxr2eb পৃষ্ঠা:সৰল জ্যোতিষ.pdf/১৭ 104 94298 260804 2026-09-30T06:28:22Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260804 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||সৰল জ‍্যোতিষ|৫}} {{Rule|}}</noinclude>৯ অশ্লেষা, ১০ মঘা, ১১ পূৰ্ব্বফল্গুণী, ১২ উত্তৰফল্গুণী ১৩ হস্তা, ১৪ চিত্ৰা, ১৫ স্বাতী, ১৬ বিশাখা, ১৭ অনুৰাধা, ১৮ জ্যেষ্ঠা, ১৯ মূলা, ২০ পূৰ্ব্বাষাঢ়া, ২১ উত্তৰাষাঢ়া, ২২ শ্ৰবণা, ২৩ ধনিষ্ঠা, ২৪ শতভিষা ২৫ পূৰ্ব্বভাদ্ৰ পদ, ২৬ উত্তৰভাদ্ৰ পদ, ২৭ ৰেবতী, এই ২৭ টিক নক্ষত্ৰ বা তাৰা বোলে। {{gap}}নক্ষত্ৰৰ গণ—ভৰণী, মঘা, পূৰ্ব্বফল্গুণী, পূৰ্ব্বাষাঢ়া, পূৰ্ব্বভাদ্ৰ পদ, এই কেইটা নক্ষত্ৰক উগ্ৰগণ বোলে। উত্তৰফল্গুণী, উত্তৰাষাঢ়া, উত্তৰ ভাদ্ৰ পদ আৰু ৰোহিণী, এই কেইটাক ধ্ৰুবগণ বোলে। পুনৰ্ব্বস্থ, স্বাতী, শ্ৰবণা, ধনিষ্ঠা, শতভিষা, এই কেইটাক চৰগণ বোলে। অশ্বিনী, পুষ্যা, হস্তা, এই কেইটাক লঘুগণ বোলে। মৃগশিৰা, চিত্ৰা, অনুৰাধা, ৰেবতী এই কেইটাক মৃদুগণ বোলে। আদ্ৰা, অশ্লেষা, জ্যেষ্ঠা, মূলা এই কেইটাক তীক্ষ্ণগণ বোলে। কৃত্তিকা আৰু বিশাখাক মিশ্ৰগণ বোলে। · উগ্ৰ, তীক্ষ্ণ, মিশ্ৰগণীয় নক্ষত্ৰ শুভকৰ্ম্মৰ নিমিত্তে প্ৰশস্ত নহয়। মৃদু আৰু ধ্ৰুবগণীয় নক্ষত্ৰ শুভকৰ্ম্মৰ নিমিত্তে প্ৰশস্ত, চৰ আৰু লঘুগণীয় নক্ষত্ৰ শুভকৰ্ম্মত মধ্যম। {{gap}}অধোমুখ নক্ষত্ৰ।— ভৰণী, কৃত্তিকা, অশ্লেষা;<noinclude></noinclude> 7vhy03yzzxl007u7lm3tjtb9k8kmcm7 পৃষ্ঠা:সৰল জ্যোতিষ.pdf/১৮ 104 94299 260805 2026-09-30T06:33:08Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260805 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৬|সৰল জ‍্যোতিষ|}}</noinclude>মঘা, বিশাখা, পুৰ্ব্বফল্গুণী, পূৰ্ব্বাষাঢ়া, পূৰ্ব্বভাদ্ৰ পদ, শতভিষা, এই কেইটা নক্ষত্ৰক অধোমুখ নক্ষত্ৰ বোলে। বিদ্যা, ধন, আৰ্জ্জিবলৈ আৰু মাটিখানিবলৈ প্ৰশস্ত। {{gap}}নাড়ীনক্ষত্ৰ।—যি নক্ষত্ৰত মানুহ জন্ম হয় সেই নক্ষত্ৰক আদ্য বোলে। জন্ম নক্ষত্ৰৰ পৰা ১০ দশম নক্ষত্ৰক কৰ্ম্ম বোলে, ১৬ ষোড়শ নক্ষত্ৰক সাঙ্ঘাতিক ১৮ ওঠাৰ নক্ষত্ৰক সমুদয়, ২৩ তেইছ নক্ষত্ৰক বিনাশ, আৰু ২৫ নক্ষত্ৰক মানস বোলে। এই ছয় নক্ষত্ৰত যাত্ৰাদি শুভকৰ্ম্ম কৰিলে নিষ্ফল হয়। {{gap}}নক্ষত্ৰামৃতযোগ।—ৰবিবাৰে উত্তৰাষাঢ়া, উত্তৰ ভাদ্ৰ পদ, হস্তা, পুষ্যা, মূলা, ৰেৱতী; সোমবাৰে পূৰ্ব্বভাদ্ৰ পদ, উত্তৰ ভাদ্ৰ পদ, মৃগশিৰা, পূৰ্ব্বফল্গুণী, উত্তৰফল্গুণী; মঙ্গলবাৰে ৰেৱতী, কৃত্তিকা, পুষ্যা, স্বাতী, উত্তৰ ভাদ্ৰপদ, অশ্লেষা; বুধবাৰে কৃত্তিকা, ৰোহিণী, জ্যেষ্ঠা, অনুৰাধা; বৃহস্পতি বাৰে স্বাতী, পুনৰ্ব্বসু, পুষ্যা, অনুৰাধা, ৰোহিণী, উত্তৰফল্গুণী; শুক্ৰবাৰে অশ্বিনী, শ্ৰৱণা, পূৰ্ব্ব ফল্গুণী, উত্তৰফল্গুণী, পূৰ্ব্বভাদ্ৰ পদ, উত্তৰভাদ্ৰ পদ, অনুৰাধা; আৰু শনিবাৰে স্বাতী, ৰোহিণী নক্ষত্ৰ হলে নক্ষত্ৰামৃত যোগ<noinclude></noinclude> impea3ml4iaj8oda8pm084ll6a4losa মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ 0 94300 260818 2026-09-30T09:16:42Z BabulB 104 "{{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]] | next = মীৰজুমলাৰ অসম আক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 260818 wikitext text/x-wiki {{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ পশ্চিম সীমা|অসমৰ পশ্চিম সীমা]] | next = [[মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ|অসমৰ কামৰূপ উদ্ধাৰ]] | notes = | categories = }} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=26 to=34/> d3t26046nxsylvju3djum1zvb9uptzi পৃষ্ঠা:সৰল জ্যোতিষ.pdf/১৯ 104 94301 260823 2026-09-30T09:32:27Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260823 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||সৰল জ‍্যোতিষ|৭}} {{Rule|}}</noinclude>হয়। নক্ষত্ৰামৃত যোগত বিষ্টি আৰু ব্যতীপাত যোগহলে দোষ নেথাকে। {{gap}}প্ৰশস্ত যোগ—। মঙ্গলবাৰে পূৰ্ব্বফল্গুণী, উত্তৰফল্গুণী, ৰবিবাৰে পূৰ্ব্বাষাঢ়া, শনিবাৰে শতভিষা নক্ষত্ৰ হলে সকলো কৰ্ম্মৰ নিমিত্তে প্ৰশস্ত হয়। {{gap}}অপ্ৰশস্ত যোগ—। ৰবিবাৰে অশ্বিণী, ভৰণী, কৃত্তিকা, মঘা, বিশাখা জ্যেষ্ঠা, ধনিষ্ঠা। সোমবাৰে পুষ্য়া, অশ্লেষা, চিত্ৰা, স্বাতী, বিশাখা, পূৰ্ব্বাষাঢ়া, উত্তৰাষাঢ়া। মঙ্গলবাৰে অশ্বিণী, অনুৰাধা, পূৰ্ব্ব ষাঢ়া, ধনিষ্ঠা, শতভিষা, পূৰ্ব্বভাদ্ৰ পদ। বুধবাৰে অশ্বিণী, ভৰণী, মৃগশিৰা, আৰ্দ্ৰা, পূৰ্ব্বফল্গুণী, ধনিষ্ঠা, ৰেৱতী। বৃহস্পতিবাৰে ভৰণী, ৰোহিণী, আৰ্দ্ৰা, মঘা, মূলা, শতভিষা, ৰেৱতী। শুক্ৰবাৰে ৰোহিণী, পুষ্যা, অশ্লেষা, মঘা, স্বাতী, অনুৰাধা। শনিবাৰে উত্তৰফল্গুণী, ইস্তা, চিত্ৰা, মূলা, পূৰ্ব্বাষাঢ়া, উত্তৰাষাঢ়া, শ্ৰবণা, শতভিষা, আৰু ৰেৱতী নক্ষত্ৰ হ'লে অপ্ৰশস্ত যোগ হয়। অপ্ৰশস্ত যোগত শুভকৰ্ম্ম কৰা নিষেধ। {{gap}}যমঘণ্ট যোগ—। ৰবিবাৰে কৃত্তিকা, মঘা, পূৰ্ব্বফল্গুণী, উত্তৰ ফল্গুণী। সোমবাৰে আৰ্দ্ৰা, পুষ্যা,<noinclude></noinclude> sgnmqd358xy02rl716v8u8tft2s7xnm পৃষ্ঠা:সৰল জ্যোতিষ.pdf/২০ 104 94302 260829 2026-09-30T09:40:36Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260829 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|৮|সৰল জ‍্যোতিষ|}} {{Rule|}}</noinclude>অশ্লেষা। মঙ্গল বাৰে অশ্বিণী, অশ্লেষা, অনুৰাধা। বুধবাৰে আৰ্দ্ৰা, হস্তা, মূলা। বৃহস্পতি বাৰে স্বাতী, মূলা, ৰেৱতী। শুক্ৰ বাৰে ৰোহিণী, স্বাতী। শনিবাৰে পুষ্যা, শ্ৰবণা, শতভিষা, নক্ষত্ৰ হলে যমঘণ্ট যোগ হয়। যমঘণ্ট যোগত বিবাহ কৰালে কন্যা মৃত্যু হয়। যাত্ৰা কৰিলে যাত্ৰীৰ মৃত্যু হয়। {{gap}}মৃত্যু যোগ—। ৰবিবাৰে অনুৰাধা, সোমবাৰে পূৰ্ব্বাষাঢ়া, মঙ্গল বাৰে শতভিষা, বুধবাৰে অশ্বিণী, বৃহস্পতি বাৰে মৃগশিৰা, শুক্ৰবাৰে অশ্লেষা, শনিবাৰে হস্তা, নক্ষত্ৰ হলে মৃত্যু যোগ হয়। মৃত্যুযোগ সকলো কৰ্ম্মতে বৰ্জ্জনীয়। {{gap}}উৎপাত যোগ—। ৰবিবাৰে বিশাখা, সোমবাৰে শতভিষা, মঙ্গল বাৰে ধনিষ্ঠা, বুধবাৰে ৰেৱতী, বৃহস্পতি বাৰে ৰোহিণী, শুক্ৰবাৰে ধনিষ্ঠা, শনিবাৰে উত্তৰফল্গুণী নক্ষত্ৰ হলে উৎপাত যোগ হয়। উৎ পাত যোগতো শুভকৰ্ম্ম কৰা নিষেধ। {{gap}}যমঘণ্ট যোগত প্ৰথম আঠ দণ্ড, মৃত্যু যোগত প্ৰথম বাৰ দণ্ড, অন্য পাপ যোগত পূৰ্ব্বাৰ্দ্ধ পৰিত্যাগদ কৰি শুভকৰ্ম্ম কৰিব পাৰে। অথবা কৰ্ম্মকৰ্ত্তা<noinclude></noinclude> 8x2zeoc92sbawgxn1ro8qqs8rybwgh0 মীৰজুমলাৰ অসম আক্ৰমণ/অসমৰ কামৰূপ উদ্ধাৰ 0 94303 260833 2026-09-30T09:43:19Z BabulB 104 "{{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ |দিল্লী-সিংহাসনৰ কাৰণে ভ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 260833 wikitext text/x-wiki {{header | title = মীৰজুমলাৰ অসম আক্ৰমণ | author = সূৰ্য্যকুমাৰ ভূঞা | year = | translator = | section = | previous = [[মীৰজুমলাৰ অসম আক্ৰমণ/দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ |দিল্লী-সিংহাসনৰ কাৰণে ভ্ৰাতৃৰণ ]] | next = [[মীৰজুমলাৰ অসম আক্ৰমণ/মীৰজুমলাৰ অসম অভিযান|মীৰজুমলাৰ অসম অভিযান]] | notes = | categories = }} <pages index="মীৰজুমলাৰ অসম আক্ৰমণ.pdf" from=35 to=39/> a3882u6ecvpkr5lya5nsc66m3soq7eo পৃষ্ঠা:সৰল জ্যোতিষ.pdf/২১ 104 94304 260838 2026-09-30T09:49:53Z প্ৰয়াসী বৰঠাকুৰ 3437 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 260838 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||সৰল জ‍্যোতিষ|৯}} {{Rule|}}</noinclude>জনৰ চন্দ্ৰ শুভ হ'লেও মৃত্যু, উৎপাত, অপ্ৰশস্ত আৰু যমঘণ্ট যোগৰ দোষ গুচে। {{gap}}ক্ৰকচ যোগ——। ৰবিবাৰে অশ্বিণী, সোমবাৰে চিত্ৰা, মঙ্গল বাৰে উত্তৰষাঢ়া, বুধবাৰে মূলা, বৃহ- স্পতি বাৰে আৰ্দ্ৰা, শুক্ৰবাৰে মযা, শনিবাৰে হুস্তা, নক্ষত্ৰ হ'লে ক্ৰকচ যোগ হয়। ক্ৰকচ যোগত শুভকৰ্ম্ম কৰিব নাপায়; কিন্তু কৰ্ত্তাৰ চন্দ্ৰ শুভ হলে নাইবা অমৃত যোগ হলে ক্ৰকচ যোগৰ দোষ গুচে। {{center|'''{{Xx-larger|যোগ প্ৰক{{বঙালী ৰ}}ণ।}}'''}} ১ বিস্কুম্ভ, ২ প্ৰীতি, ৩ আয়ুষ্মান, ৪ সৌভাগ্য, ৫ব শোভন, ৬ অতিগণ্ড, ৭ সুকৰ্ম্মা ৮ ধৃতি, ৯ শূল, ১০ গণ্ড, ১১ বৃদ্ধি, ১২ ধ্ৰুব, ১৩ ব্যাঘাত, ১৪ হৰ্ষণ, ১৫ বস্ত্ৰ, ১৬ অসৃক, ১৭ ব্যতীপাত, ১৮ বৰীয়াণ, ১৯ পৰিঘ, ২০ শিব, ২১ সিদ্ধ, ২২ সাধ্য ২৩ শুভ, ২৪ শুক্ৰ, ২৫ ব্ৰহ্মা, ২৬ ইন্দ্ৰ, ২৭ বৈধৃতি। {{gap}}যোগৰ ভাল বেয়া।— বিষ্কুম্ভ যোগৰ প্ৰথম পাচ দণ্ড, গণ্ড ব্যাঘাতৰ প্ৰথম ছয় দণ্ড, শূল যোগৰ প্ৰথম সাত দণ্ড, হৰ্ষণ আৰু বজ্ৰযোগৰ প্ৰথম ৯ দণ্ড, পৰিঘ যোগৰ পূৰ্ব্বাৰ্দ্ধ এৰি শুভ কৰ্ম্ম কৰিব পাৰে।<noinclude></noinclude> odj6vy0jyt42sohc053qmuxfn5cm8u0