ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.24
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:প্ৰজাপতি.pdf/৮
104
80234
263695
229716
2026-10-22T07:30:47Z
হানিফ আলী
1925
263695
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="হানিফ আলী" /></noinclude>

{{center|<poem>'''নাটকৰ চৰিত্ৰ পৰিচয়।'''
— পুৰুষ —</poem>}}
{{Block center/s}}<poem>

|লক্ষেশ্বৰ
ধনেশ্বৰ
ৰত্নেশ্বৰ
ৰসিকচন্দ্ৰ
সুৰকণ্ঠ
প্ৰীতিকণ্ঠ
পূজাৰী
মোলোকা
মনবৰ
জুৰমন
লাহেশ্বৰ
মনেশ্বৰ
জুৰাই
|{{gap}}
|...{{gap}}...
...{{gap}}...
...{{gap}}...
...{{gap}}...
...{{gap}}...
...{{gap}}...
...{{gap}}...
{{brace2|4|r}}{{gap}}...
{{brace2|3|r}}{{gap}}...
...{{gap}}...
|{{gap}}
|সুবৰ্ণপুৰৰ ধনাঢ্য সদাগৰ।
ৰতনপুৰৰ ধনাঢ্য সদাগৰ।
ধনেশ্বৰৰ পুত্ৰ।
ধনেশ্বৰৰ বন্ধু, সদাগৰ।
ধনেশ্বৰৰ বন্ধু।
সুৰকণ্ঠৰ পুত্ৰ, ৰত্নেশ্বৰৰ বন্ধু।
সুবৰ্ণপুৰৰ দেৱালয়ৰ পূজাৰী।
{{gap}}
লক্ষেশ্বৰৰ লগুৱা।
{{gap}}
ৰতনপুৰৰ দুটা গাৱঁলীয়া ডেকা।
{{gap}}
ধনেশ্বৰৰ লগুৱা।
</poem>
<poem>
{{center|'''— তিৰোতা —'''}}

|কাঞ্চনমতী
প্ৰভাৱতী
মধুমতী
চন্দ্ৰাৱতী
ৰেৱতী
মানিকী
লাহৰী
লিগিৰীহঁত।
|{{gap}}{{gap}}
|...{{gap}}...
...{{gap}}...
{{brace2|3|r}}{{gap}}...
...{{gap}}...
...{{gap}}...
...{{gap}}...

|{{gap}}
|লক্ষেশ্বৰৰ ভাৰ্য্যা।
লক্ষেশ্বৰৰ কন্য।
{{gap}}
প্ৰভাৰ সখীয়েক।
{{gap}}
প্ৰভাৰ লিগিৰী।
লাহেশ্বৰৰ ভনীয়েক।
মনেশ্বৰৰ ভনীয়েক।
</poem>{{Block center/e}}
{{center|⸻}}<noinclude></noinclude>
fm9wo1z56neck5ngxc3syrbky1ry5g3
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৪
104
80879
263694
219851
2026-10-22T07:06:00Z
হানিফ আলী
1925
263694
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{X-larger|'''সুচী'''}}}}
{{Block center|width=400px|
{{dtpl||বিষয়|পৃষ্ঠা|dottext=}}
{{dtpl||১। বংশ আৰু জন্ম|১|dottext=...{{gap}}}}

{{Multicol}}
বিষয়

১। বংশ আৰু জন্ম

২। শিক্ষাৰ কাল
{| {{ts|wa|mc}}
| width=40% |৩। বিলাত খৰচ
৩। বিলাত খৰচ
৫। বেৰিষ্টাৰিত
| width=3% rowspan=2| {{brace2|3|r}}
| {{ts|ar}} |

৬। ৰাজনৈতিক ক্ষেত্ৰত

৭। বিবাহ আৰু ঘৰুৱা জীৱনত

৮। অসমীয়াৰ মাজত

৯। সংসাৰি জঞ্জালত

১০। সামাজিকত

১১। বিধবা বিবাহত

১২। সহানুভুতিত
{| {{ts|wa|mc}}
| width=99% |১৩। অনুন্নত সম্প্ৰদায়ৰ অধিকাৰত
১৪। অসমত মহাত্মাগান্ধি শুভাগমনত
| width=1% rowspan=2| {{brace2|3|r}}
| {{ts|ar}} |

{| {{ts|wa|mc}}
| width=90% |১৫। আৰ্ল ল কলেজত
১৬। অসম এচোচিয়েচনত
| width=3% rowspan=2| {{brace2|3|r}}
| {{ts|ar}} |

{{Multicol-break}}
{{gap}}পৃষ্ঠা

... {{gap}}১

... {{gap}}২

... {{gap}}৪

....{{gap}}৬

... {{gap}}৭

... {{gap}}৮

... {{gap}}৯

... {{gap}}১০

... {{gap}}১২

... {{gap}}১৩

... {{gap}}১৫

{{Multicol-end}}
১৫। আৰ্ল ল কলেজত
সুচী
পৃষ্ঠা
8
G
b
১২
QS
১৫
১৬। অসম এচোচিয়েচনত
১৭। অসমত ৰাজনৈতিক মহাপুৰুষৰ আবিৰ্ভাৱত ...
১৮। মনোমহা অসমত
১৯। অসমত ভাৰত জাতীয় কংগ্ৰেছ মহাসভা আহ্বানত...
२७
২০। কামৰূপৰ পাণ্ডু নগৰীত ভাৰত জাতীয়
কংগ্ৰেছ মহাসভাৰ আদৰণি সভাত
২১। ভাৰতীয় কংগ্ৰেছ মহাসভাত
৩৬<noinclude></noinclude>
pachpaqeljcn6bb0juyb9zo4cizucms
পৃষ্ঠা:দীন-দুখী.pdf/১০৫
104
92668
263669
253569
2026-10-21T12:01:57Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263669
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|৯৩}}</noinclude>চকুত কিবা এটা বিচাৰি বিচাৰি কবলৈ ধৰিলে “কতা, মোৰ বাঢ়নিটাৰ ইয়াৰ পৰা কলৈ গল?” চকু মেল খালে। চকু মেলি ইফালে সিফালে চাই ওচৰতে ভেলজঁক দেখা পাই তাইৰ আগৰ দিনা কথাবোৰলৈ মনত পৰিল। অলপ লাজ পাই ভেলজঁক কলে, “নমস্কাৰ, ডাঙৰীয়া! মই পাহৰি গৈছিলো।”
{{gap}}মনৰ সুখ আৰু আনন্দ শৈশৱৰ চিৰলগৰীয়া। কাৰণ শিশুৱেই মূৰ্ত্তিমান আনন্দ আৰু প্ৰফুল্লতা। চকুত পৰা মাত্ৰকে ঘপহ কৰে কজেটে তাইৰ কেথেৰিণক বুকলৈ দাঙি ললে। ধেমালি কৰি কৰি ভেলজঁক কত কি সুধিলে “তাই ক’ত? নগৰ কিমান ডাঙৰ? মাডাম্ টেনাৰ্ডিয়েৰ কিমান দূৰৈত? আকৌ তাই যাব লাগিবনে?” ইত্যাদি ইত্যাদি। অলপ থাকি আকৌ সুধিলে “মই ঠাই সাৰোনে?”
{{gap}}ভেলজঁই উত্তৰ দিলে “নেলাগে, তুমি ওমলাঁ ” কজেটৰ হাঁহিৰ শেষ নাই। হাঁহি হাঁহি কজেটে কলে “এইখন কেনে ভাল ঠাই।”
{{gap}}প্ৰকৃততে ঠাইখনত ভাল বুলিবলৈ একোৱেই নাছিল। জঘন্য গাঁত এটা মাথোন। কিন্তু তাত কথা আছিল– বিহঙ্গিণী তেতিয়া পিঞ্জৰামুক্ত— তেতিয়া তাই স্বাধীনা— বনৰ বনৰীয়া চৰাই—মুকলিমূৰীয়া।
{{center|⸻}}<noinclude></noinclude>
afre9oqpkrfpf1ixcjc3bevzjqp9uqz
পৃষ্ঠা:দীন-দুখী.pdf/১০৬
104
92669
263670
253570
2026-10-21T12:13:39Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263670
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{Dhr|4em}}
{{center|{{larger|ষোড়শ অধ্যায়}}}}
ভেলজঁই ঠাইডোখৰ বিচাৰি ভালেই উলিয়াইছিল। সেই ফালেদি মানুহ-দুনুহৰ আহ-যাহ নাই বুলিলেও হয়। ঘৰভাৰা লবৰ সময়ত ভেলজঁই নিজকে এজন স্পেইন-ফৰাছী সন্ধিত সৰ্ব্বস্বান্ত হোৱা ছৰ্কাৰৰ পেনসন-ভোগী মানুহ বুলি চিনাকি দিছিল, আৰু কজেটক জীয়েক বুলি
কৈছিল। ঘৰৰ ভিতৰত মানুহ ভেলজঁ, কজেট আৰু এজনী বুঢ়ী লিগিৰী!
{{gap}}ঘৰটোলৈ আহি আহি কজেটক পঢ়োৱা আৰু কজেটে ধেমালি কৰা চাই থকাই ভেলজঁৰ একমাত্ৰ কাম হৈ উঠিল। কজেটে ভেলজঁ ক “পিতা” বুলি মাতে। “পিতা”ৰ বাহিৰে ভেলজঁৰ আৰু কিবা নাম আছিল নে নাই তাই নেজানিছিল। ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যায়—ভেলজঁই একেথৰে একাষত বহি কজেটে ওমলা চাই থাকে, তাইৰ কেলকেলনি, তাইৰ উত্তৰ দিব নোৱৰা জটিল জটিল প্ৰশ্ন শুনি আপোনপাহৰা হৈ যায়। কজেটক পাবৰে পৰা ভেলজঁৰ মনত সংসাৰৰ প্ৰতি কিবা এটা মায়া জন্মিল। কজেটে তেওঁৰ দূৰ ভবিষ্যতখন পোহৰাই দিয়া যেন পালে।
{{gap}}ভেলজঁই দিনত ঘৰৰ বাহিৰ নহবলৈ বৰ সতৰ্ক আছিল। সন্ধিয়া লাগি ভাগিলে কজেটক হাতত ধৰি মানুহৰ আলেঙে আলেঙে অলপ পৰলৈ বাহিৰলৈ ওলায়। তেতিয়াও ভেলজঁৰ গাত বৰাগীৰ বেশ। সময়ত বাটত লগ পাই কোনো কোনো মৰমিয়াল তিৰুতাই বেথা লাগি দিয়া ভিক্ষাও বৰাগী ভেলজঁ ই লব লগাত পৰিছিল। নিজেও সময়ত মানুহে নেদেখা ঠাইত বাটৰ কাষৰ দুই চাৰি মগনিয়াৰক ভিক্ষা দি আহে। যদিও বৰাগীৰ ভিক্ষা প্ৰায়ে মানুহৰ চকুত নপৰাকৈয়ে হৈ আহে, তথাপি কথাটো ইকাণ সিকাণ বাগৰি বহুতো কাণত পৰিল।
শেহত তেওঁৰ নাম হৈ উঠিল দানী-ভিখাৰী।<noinclude></noinclude>
kogg0q2pk5gyr957wr0o32rbdd6yvf4
পৃষ্ঠা:দীন-দুখী.pdf/১০৭
104
92670
263671
253571
2026-10-21T13:10:00Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263671
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|৯৫}}</noinclude>{{gap}}এইদৰে সুখ-আনন্দত ভেলজঁই কিছুমান দিন কটোৱাৰ পাছত তেওঁৰ চলনফিৰণে বিশেষকৈ দান-ভিক্ষাৰ কথাটোৱে মানুহৰ মনত অলপ সন্দেহৰ চিটিকনি দিলে। ঘৰৰ মালিক আছিল এজনী বুঢ়ী। বুঢ়ীৰ মনত হে উচ্পিচনি বেছি হৈ উঠিল। তাই লুকাই চুৰকৈ ভেলজঁৰ গতি-বিধিৰ ওপৰত চকু দিবলৈ ধৰিলে। এদিন তাই বেৰৰ বিন্ধাই দি জুমি চাওঁতে দেখা পালে মানুহটোৱে বেজী, সূতা আৰু কেচি এখন লৈ তাৰ হলৌ চোলাটোৰ তলিয়ৰি কাপোৰখন কাটি তাৰপৰা এখন হালধীয়া ৰঙৰ কাগজ উলিয়াই চোলাটো আকৌ সিবলৈ ধৰিছে। কাগজখন দেখি তাইৰ পেটতে হাত-ভৰি লুকাল। তাই হেজাৰ ফ্ৰাৰ নোট জীৱনত বৰ বেছি দেখিছিল যদি সেইখনেৰে সৈতে দুখন বা তিনিখন। তুঁহ জুইত লাগনি খৰি দি বুঢ়ীয়ে ফুঁৱাই দিলে।ওচৰ চুবুৰীয়াৰ এই হেজাৰ টকীয়া নোটখন পুৱা গধূলিৰ মুহুদি হৈ পৰিল। বুঢ়ী তাতেই ক্ষান্ত নহল। কেদিনমান পাছতে ছেগ চাই মনে মনে ভেলজৰ কোঠা সোমাই তেওঁৰ সেই হলৌ চোলাটোত হাত দিলেহি। চোলাটোৰ তলিয়ৰিখন ভালকৈ শিয়া আছিল। তাই হাতেৰে পিতিকি পিতিকি চালে। হাতত তাই গম পালে চোলাটো নোটেৰেই ভৰা। তাৰ উপৰি ৰং বেৰঙৰ দাড়ি চুলি কেচি কটাৰি ইত্যাদি অনেক বস্তু। মানুহজনী ভয়ে ভয়ে কোঠাৰ বাহিৰ হল। চোলাটোত সকলো আছিল। তাৰ প্ৰত্যেক জেপেই অভাৱনীয় বিপদৰ পৰা সাৰিবলৈ বিধে বিধে আহিলা-পাতি লৈ সতৰ্ক হৈ আছে।
{{gap}}এই দৰে সন্দেহৰ মাজতেই ভেলজই সেই ঘৰতেই জাৰৰ দিন কেটাৰ সৰহ ভাগেই কটালে। জাৰ শেষ হবলৈ মাথোন কেদিনমান বাকী। ঠিক এনে সময়তে ওচৰৰ আধা-পোতা নাদ এটাৰ কাষত এটা মগনিয়াৰে আহি দিনৌ পুৱা-গধূলি বহিবলৈ ললেহি। মানুহে এই মগনিয়াৰটোক পুলিছৰ মানুহ বুলি সন্দেহ কৰিছিল। ভেলজই সন্ধিয়া ফুৰিবলৈ ওলালে এই মগনিয়াৰটোক প্ৰায়ে ২৷৪ ছু পেলাই দি যায়। এদিনা সন্ধিয়া হোৱাৰ অলপ আগতে ভেলজ ফুৰিবলৈ ওলাল।<noinclude></noinclude>
a0uovjbtihlqjfgm5ng95gp3shxajez
পৃষ্ঠা:দীন-দুখী.pdf/১০৮
104
92671
263672
253572
2026-10-21T13:23:04Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263672
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৯৬|দীন-দুখী|}}</noinclude>মগনিয়াৰ আগৰ ঠাইতে বহি আছিল। ভেলজঁই কাষ চাপি মগনিয়াৰটোৰ হাতত ছু এটা দিব খুজিছে এনেতে মগনিয়াৰটোৱে মুৰ দাঙি বৰ তীব্ৰ দৃষ্টিৰে ভেলজৰ ফালে চাই আকৌ মূৰ নমাই দিলে।মগনিয়াৰটোৰ মূৰ দঙা আৰু মূৰ নমোৱাটো এটা বিজুলীৰ তিৰবিৰণি মাথোন।
তথাপি ই ভেলজঁৰ মনত এক নাভূত-নাশ্ৰুত ভয় সুমুৱাই দি গল। ভেলজ ই চকা-মকা পোহৰত যেন মালা গঁঠা মগনিয়াৰটোৰ মুখৰ পৰিবৰ্ত্তে কাৰবাৰ চিনা মুখ এখন দেখিলে। তেওঁৰ অন্তৰাত্মা কঁপি উঠিল—কিজানি পুলিছ ইন্চপেক্টৰ জাভেয়াৰ! তেওঁ বিষন্নমনেৰে ঘৰলৈ উভতি আহি ভাবিবলৈ ধৰিলে। ভাবি একো ঠিক কৰিব নোৱাৰি পিছদিনা গধূলি আকৌ মগনিয়াৰটোৰ কাষ চাপিল। আগৰ দৰেই তাক দান দিয়াৰ ছলেৰে সাদৰ-সম্ভাষণ কৰি কথা-বতৰা পাতি ভালকৈ চাই-চিতি উভতি আহোঁতে হাঁহি হাঁহি নিজক নিজে কৈ আহিল “মই ইয়াক জাভেয়াৰ বুলি ভাবিবলৈ কিহে পাইছিল কব নোৱাৰো বুঢ়া হৈ অহাৰ লগে লগে পৰকিতি লৰ হৈ আহিছে হবলা।”
{{gap}}এই ঘটনাৰ কেদিনমানৰ পাছতে এদিনা সন্ধিয়া ভগাৰ পাছত ভেলজঁ ই তেওঁৰ ঘৰৰ বাহিৰত কিছুমান মানুহৰ ভৰিৰ খোজ শুনিবলৈ পালে। তেওঁৰ মনত বৰ সন্দেহ হল। ৰাতি কোনো ৰকমে কটাই পাছদিনা পুৱাত সেই একে ৰকমৰে শব্দ শুনি তেওঁৰ সন্দেহ বেছিহৈ
পৰিল। দুৱাৰ নেমেলাকৈয়ে দুৱাৰৰ ফাকেদি চাই পঠিয়াই তেওঁ ভয়ত কঁপি উঠিল। ভেলজঁই দেখিলে এটা ঠিক জাভেয়াৰৰ লেখীয়া মানুহে তেওঁৰ ঘৰৰ পৰা ওলাই বাটে বাটে যাব লাগিছে। জাভেয়াৰক চিনি পাবলৈ ভেলজঁৰ একো টান নেলাগে। ভেলজৰ বুজিবলৈ বাকী নেথাকিল যে জাভেয়াৰে বিচাৰি বিচাৰি আকৌ লগ ধৰিছেহি। দিনৰ দিনটো তেওঁ কাকো একো নোকোৱাকৈ নিজৰ বয়-বস্তুখিনি ঠিক-ঠাক কৰি ৰাতিৰ আন্ধাৰ পৰা মাত্ৰকে কজেটক হাতত ধৰিলৈ চোৰৰ দৰে ঘৰৰ বাহিৰ হৈ পৰিল।
{{gap}}বহুত পৰ বাটে বাটে ঘুৰি ভেলজঁ শেহত আহি এটা বাটৰ মূৰ<noinclude></noinclude>
5u1zkivauvcgtmsxeg20xcr79liukaw
পৃষ্ঠা:দীন-দুখী.pdf/১০৯
104
92672
263673
253573
2026-10-21T13:31:33Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263673
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|৯৭}}</noinclude>ওলালেহি। বাটটো সেই খিনিতে এখন প্ৰকাণ্ড দেৱালেৰে বন্ধ। এনেতে ভেলজঁই দূৰত কোনোবা কিছুমান তেওঁৰ পাছে পাছে অহা যেন পালে। উপায়ান্তৰ নেদেখিলে; ভেলজঁই সিমানতো হতাশ নহৈ দেৱাল বগাবৰ উপায় উলিয়ালে। জেপৰ পৰা হাতুৰি উলিয়াই, দেৱালৰ ইটা খহাই দেৱালখন এটা জখলাৰ নিচিনা কৰি পেলালে। শেহত কজেটৰ ককালত এডাল জৰী লগাই ভেলজঁ দেৱাল বগাবলৈ ওলাল। ভেলজৰ কাৰ্য্যকলাপ দেখি কজেট বৰ আচৰিত হৈ পৰিছিল। তাই সুধিলে “পিতা! মোৰ ভয় লাগিছে।” ভেলজই কলে, “তুমি মনে মনে থাকা।” এনেতে পাছত অহা কিছুমান মানুহৰ ভৰিৰ খোজ বেছি স্পষ্ট হৈ পৰিল। কজেটে সুধিলে “কোন আহিছে পিতা!” “মনে মনে থাকা, মাডাম টেনাৰ্ডিয়েৰ। একো নকৰিবা ভয়ো নেখাবা। তুমি
কান্দিলে বা ফেকুঁৰিলে তাই আহি ধৰিবহি।” এই বুলি ভেলজঁ ই কজেটৰ ককালত বন্ধা জৰীডাল নিজৰ ককালত বান্ধিলৈ তাইক পিঠিত সাবটমাৰি ধৰিবলৈ লগাই দি দেৱালৰ ওপৰত উঠিল। নিমিষৰ ভিতৰতে দেৱাল পাৰ হৈ দেৱালৰ বাহিৰে থকা এখন প্ৰকাণ্ড বাগিচাৰ ভিতৰত নামি পৰিল। কজেটে মাডাম টেনাৰ্ডিয়েৰৰ ভয়ত কাটিকুটাকে নকৰিলে।
{{gap}}বাগিচাৰ ভিতৰত নামিছে মাত্ৰ — ককালৰ জৰী মোকোলোৱাই হোৱা নাই এনেতে ভেলজঁ ই দেৱালৰ সিপাৰৰ পৰা জাভেয়াৰক কোৱা শুনিলে “ইয়াতে আছে বিচাৰ, বিচাৰ। ” ঘোৰাৰ ভৰিৰ গিৰিপনি আৰু তৰোৱালৰ জন-জন নিয়ে ভেলজঁৰ কাণত সেই মাত্ৰ কাণে কাণ
মাৰিয়ে সাৰি অহা বিপদৰ জাননী দিবলৈ ধৰিলে। ভেলজই কজেটক সাবটি ধৰি একেৰাহে শুনি থাকিল।
{{gap}}প্ৰায় ১৫ মিনিট মানৰ পাছত ছন্তৰী চিপাহীহঁত উভতি গল। সিহঁত উভতি যোৱাৰ গম পাই ভেলজঁ অলপ স্থিৰ হ’ল। ককালৰ বান্ধ-ছাত মোকলাই কেনি যাব কি কৰিব ভাবিছে এনেতে আকৌ মানুহৰ মাত কাণত পৰিল। অল্প আগতে শুনা জাভেয়াৰৰ পালী<noinclude></noinclude>
izz584z7eq33afjsaktnywgsz6r3crj
পৃষ্ঠা:দীন-দুখী.pdf/১১০
104
92673
263674
253575
2026-10-21T14:16:29Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263674
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৯৮|দীন-দুখী|}}</noinclude>পহৰিয়াৰ হাই-উৰুমিৰ দৰেই এই মাতো সপ্তমতেই আহিছিল কিন্তু পালী-পহৰিয়াৰ ভৰিৰ গিৰিপনি আৰু তৰোৱালৰ জন্জননিয়ে মৰণৰ বাতৰি কৈ যিদৰে বুকুত ঢপঢপনি তুলি দিছিল এই মাতে ভেলজঁ আৰু কজেটৰ মনত এইবাৰ তেনে কোনো ভয়ৰ ভাব দিব নোৱাৰিলে।
নিশাৰ এন্ধাৰ আৰু নিৰ্জনতাৰ মাজেদি ভাহি অহা এই মাতে এই পৰুৱাই পোৱা পথিক দুটিক ভয়ৰ পৰিবৰ্ত্তে যেন আশ্বাস হে দিলেহি। তেওঁলোকে ৰ লাগি শুনিবলৈ ধৰিলে। প্ৰত্যেকটি শব্দ স্পষ্ট হৈ নপৰিল যদিও তেওঁলোকে অস্পষ্টতে স্পষ্টভাৱে বুজি পালে। কাষৰ আন্ধাৰৰ মাজৰ পৰা এটি বন্দনা-গীত আহি তেওঁলোকৰ কাণত পৰিল। কোকিল-কাকলি জিনা কামিনীৰ কণ্ঠস্বৰ, বিপদৰ পাছত বিপদ-বাৰণৰ চৰণ ধিয়াই যোৱা বন্দনা-গীতৰ মধুৰ ৰাগিণী, নিশাৰ গহীনতা আৰু
গায়িকাৰ মাতত বৈ থোৱা শিশুৰ সৰলতা আৰু সন্ন্যাসিনীৰ পবিত্ৰতাৰ পূৰ্ণ সমাবেশত ৰচিত হোৱা এনে মধুময় সঙ্গীতৰ মধুৰ মুৰ্চ্ছনাত শ্ৰোতা দুটি আপোন পাহৰা হৈ পৰিল। দুয়ো আঠুকাঢ়ি বহি গল। কি গীত, কোনে গাইছে, কত গাইছে, কজেটে গম ধৰিব নোৱাৰিলে, ভেলজঁয়ো একো নেজানিলে। যেতিয়া বতাহত উৰি অহা সুৰৰ লহৰীয়ে প্ৰাণৰ বীণাত ঝঙ্কাৰ তুলি দিলে – মধুৰ মুৰ্চ্ছনাত দুয়োটিয়ে বৃদ্ধ আৰু শিশু— সন্তাপী আৰু নিষ্পাপীয়ে কব নোৱাৰাকৈয়ে আঁঠুকাঢ়ি বহি গল। যেতিয়া গানৰ শেষ হল পৃথিবী আকৌ কাঁহ পৰিজন গল, তেতিয়াহে
এই বিজন বনৰ উপাসক দুজনৰ চেতনা আহিল। দুয়ো ঠিয় দিলে। কাণপাতি শুনিলে নিজম নিশা আকৌ নিজম। বাগিচাৰ ভিতৰতো শব্দ নাই বাগিচাৰ বাহিৰৰ বাট পদূলিতো শব্দ নাই।
মৰণ ভেৰীৰ ভৈৰৱ ৰোলো মাৰ গল—শান্ত্বনাৰ আশ্বাস দিয়া সুৰৰ লহৰীও বিলীন হৈ পৰিল।
{{gap}}ওপৰত ৰাতিৰ ফেৰফেৰীয়া বতাহ। তলত জেকা মাটি। ভেলজঁৰ মনত পৰিল কজেটে জাৰত দুখ পাইছে। ভেলজঁ ই তেওঁৰ চোলাটো সোলোকাই কজেটৰ গাত মেৰিয়াই দি ইফালে সিফালে চাই কজেটক<noinclude></noinclude>
mcmf5yd6hjdnjpg516hbgwkj99nz4s2
পৃষ্ঠা:দীন-দুখী.pdf/১১১
104
92674
263675
253576
2026-10-21T14:29:05Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263675
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দান-দুখী|৯৯}}</noinclude>‘অলপ ৰবা’ বুলি কৈ তেওঁ থকা ঠাই বিচাৰি গল। কজেটে শিল এটাৰ ওপৰত তাইৰ অকনমানি হাতখনি মেলি দি তাতে মূৰটি থৈ শুই পৰিল। ভেলজ ই এটা পুৰণা ভগা ঘৰ পালেগৈ। ঘৰটোৰ খিৰিকি এখনেদি ভিতৰলৈ চাই পঠিয়াই ভেলজ ভয়ত কঁপি-জঁপি আহি একে ঢাপলিয়ে কজেটৰ কাষ ওলালহি। ঘৰটোৰ ভিতৰত অশৰীৰী ছায়াৰ তাণ্ডৱ নৃত্য তেওঁৰ চকুত পৰা যেন লাগিল। তেওঁৰ গোটেই গা ঘামেৰে জুৰুলি-জুপুৰি হল। কজেটৰ কাষ পাই, তাইৰ ওচৰতে বহি তাইক চাবলৈ ধৰিলে। এনেতে টিলিঙাৰ মাতৰ দৰে কিবা এটা মাত আহি তেওঁৰ কাণত পৰিল। তেওঁ ঘূৰি-পকি চাই দেখে অলপ আঁতৰতে মানুহ এটা এবাৰ কুঁজা হৈ এবাৰ ঠিয় হৈ ঘূৰি ফুৰিছে। পুলিছৰ মানুহ বুলি ভেলজৰ বুকু আকৌ কঁপি উঠিল।কজেটক লাহেকৈ দাঙি লৈ ওচৰৰে চালি এখনৰ তললৈ লৈ গল।কজেটে কাতি-কুটাও নকৰিলে। ভেলজ মানুহটোৰ গতিবিধি দেখি আচৰিত হৈ পৰিল। ভেলজৰ মনত হল মানুহটো যেন লেঙেৰা, মানুহটোৰ লগে লগে যেন টিলিঙাটোও ঘূৰি ফুৰিছে। এনেতে ভেলজঁই কজেটৰ হাত কেখনত হাত দি চাই চকখাই উঠিল। কজেটৰ হাত কেখন শিল যেন চেচা। ভেলজঁই মাত লগালে “কজেট!” কজেটে চকু নেমেলিলে। ভেলজঁই তাইৰ গতে ধৰি জোকাৰি দিলে। কজেটে কাতিকুটাও নকৰিলে। ভেলজ ই ভাবিলে “ মৰিল নেকি?” কথাষাৰ মনলৈ অহাৰ লগে লগে ভেলজৰ গোটেই শৰীৰ ভয়ত শিয়ৰি উঠিল। ভেলজঁই কজেটৰ নাকৰ ওচৰত হাত দি উশাহ নিশাহ লোৱা চাবলৈ ধৰিলে। উশাহ নিশাহ আছিল, কিন্তু এনে ক্ষীণ গতি যে হঠাৎ বন্ধ হোৱাৰ সম্ভৱ। ভেলজই কি কৰিব ভাবি একো ঠিক কৰিব নোৱাৰাত পৰিল। ভয়ত আতুৰ হৈ আশ্ৰয় বিচাৰি বলিয়া হোৱা
মানুহৰ দৰে অথিৰ-অধিৰহৈ ইফালে সিফালে চাবলৈ ধৰিলে। অলপ জুইৰ সেক নেপালে হয়তো জাৰত থেৰেঙা লগা কজেট চিৰ অন্ধকাৰত খন্তেক পাছতে নেদেখা হৈ পৰিব। ভেলজৰ মনৰ সকলো ভয় দূৰ<noinclude></noinclude>
6x3bptabr7b778itvu10i44xd20kc9p
পৃষ্ঠা:দীন-দুখী.pdf/১১২
104
92675
263676
253577
2026-10-21T14:52:58Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263676
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০০|দীন-দুখী|}}</noinclude>হল— নিজৰ বিপদ কজেটৰ মৰণৰ লগত চিন চাব নোহোৱাকৈ মিহলাই দিলে। নিজৰ অস্তিত্ব ফেৰাও কজেটৰ অস্তিত্বৰ লগত লীন কৰি দি আগ-পাছ নেভাবি চকুৰ আগত থকা—টিলিঙা বজোৱা মানুহটোৰ কাষলৈ লৰ ধৰিলে। মানুহটোৰ কাষ পাই বিতত ভেলজঁই চিঞৰি চিঞৰি কবলৈ ধৰিলে – “এশ ফ্ৰাঁ, এশ ফ্ৰাঁ।”
{{gap}}মানুহটোৱে ভেলজঁক মন কৰা নাছিল। সি আপোন মনেৰে নিজৰ কাম কৰি গৈছিল। হঠাৎ কাষতে মানুহৰ মাত শুনি চক খাই উঠিল। ওচৰত ভেলজাঁক দেখি সি আচৰিত হৈ পৰিল।
{{gap}}ভেলজই কৈ গল— “এশ ফ্ৰাঁ পাবা যদি মোক আজি ৰাতিটোৰ কাৰণে অকণ আশ্ৰয় দিয়া।”
{{gap}}ঠিক এই সময়তে ডাৱৰ এছটাৰ মাজৰ পৰা জোনটো ওলাই আহিছিল। জোনৰ দিন যেন পোহৰত ভেলজৰ বিয়াকুল হিয়াৰ আকুল মুখখন স্পষ্ট হৈ মানুহটোৰ চকুত পৰিল। মানুহটোৱে ওচৰত মানুহৰ মাত শুনি যিমান আচৰিত হৈছিল মানুহটোৰে মুখখন দেখি তাতকৈও বেছি আচৰিত হৈ মাত দিলে “অ, ফাদাৰ মেডলেন্ দেখোন!”
{{gap}}অচিনাকি মানুহ এটাৰ মুখত এডোখৰ আচহুৱা ঠাইত ৰাতিৰ আন্ধাৰত এনেভাৱে নাম কঢ়া শুনি ভেলজ দুখোজ পাছহুঁহকি পৰিল।ভেলজঁই ইয়াৰ বাহিৰে সকলো বিপদলৈকে সাজু আছিল। মানুহটো এটা সামান্য হজুৱা। ভৰি এটা খোৰা। ভৰিত এটা টিলিঙা। ভেলজঁই মানুহটো ঘূৰি-পকি চাই মাত দিলে ‘তুমি! এইটো কাৰ ঘৰ?”
{{gap}}“ক’তনো মৰো! মোক আপুনি চিনিপোৱা নাই? এই কামত আপুনিয়ে মোক সুমুৱাই দিয়া নাইনে? মোক আপুনি গাড়ীৰ তলৰ পৰা উলিয়াই আনি প্ৰাণ দান দিয়৷ নাইনে?” কথা কোৱাৰ লগে লগে মানুহটো ঘূৰি পৰিল। মুখৰ ওপৰত জোনৰ পোহৰ পৰিল —জভেলজঁ ই জোনৰ পোহৰত মানুহটোক চিনি পালে। মানুহটো বুঢ়া ফকূলেভেণ্ট।<noinclude></noinclude>
cvz2eja2tu9omav6m6aujr7dchge5ry
263678
263676
2026-10-21T15:02:30Z
Jyoti Chiring
2949
263678
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০০|দীন-দুখী|}}</noinclude>হল— নিজৰ বিপদ কজেটৰ মৰণৰ লগত চিন চাব নোহোৱাকৈ মিহলাই দিলে। নিজৰ অস্তিত্ব ফেৰাও কজেটৰ অস্তিত্বৰ লগত লীন কৰি দি আগ-পাছ নেভাবি চকুৰ আগত থকা—টিলিঙা বজোৱা মানুহটোৰ কাষলৈ লৰ ধৰিলে। মানুহটোৰ কাষ পাই বিতত ভেলজঁই চিঞৰি চিঞৰি কবলৈ ধৰিলে – “এশ ফ্ৰাঁ, এশ ফ্ৰাঁ।”
{{gap}}মানুহটোৱে ভেলজঁক মন কৰা নাছিল। সি আপোন মনেৰে নিজৰ কাম কৰি গৈছিল। হঠাৎ কাষতে মানুহৰ মাত শুনি চক খাই উঠিল। ওচৰত ভেলজাঁক দেখি সি আচৰিত হৈ পৰিল।
{{gap}}ভেলজই কৈ গল— “এশ ফ্ৰাঁ পাবা যদি মোক আজি ৰাতিটোৰ কাৰণে অকণ আশ্ৰয় দিয়া।”
{{gap}}ঠিক এই সময়তে ডাৱৰ এছটাৰ মাজৰ পৰা জোনটো ওলাই আহিছিল। জোনৰ দিন যেন পোহৰত ভেলজৰ বিয়াকুল হিয়াৰ আকুল মুখখন স্পষ্ট হৈ মানুহটোৰ চকুত পৰিল। মানুহটোৱে ওচৰত মানুহৰ মাত শুনি যিমান আচৰিত হৈছিল মানুহটোৰে মুখখন দেখি তাতকৈও বেছি আচৰিত হৈ মাত দিলে “অ, ফাদাৰ মেডলেন্ দেখোন!”
{{gap}}অচিনাকি মানুহ এটাৰ মুখত এডোখৰ আচহুৱা ঠাইত ৰাতিৰ আন্ধাৰত এনেভাৱে নাম কঢ়া শুনি ভেলজ দুখোজ পাছহুঁহকি পৰিল।ভেলজঁই ইয়াৰ বাহিৰে সকলো বিপদলৈকে সাজু আছিল। মানুহটো এটা সামান্য হজুৱা। ভৰি এটা খোৰা। ভৰিত এটা টিলিঙা। ভেলজঁই মানুহটো ঘূৰি-পকি চাই মাত দিলে ‘তুমি! এইটো কাৰ ঘৰ?”
{{gap}}“ক’তনো মৰো! মোক আপুনি চিনিপোৱা নাই? এই কামত আপুনিয়ে মোক সুমুৱাই দিয়া নাইনে? মোক আপুনি গাড়ীৰ তলৰ পৰা উলিয়াই আনি প্ৰাণ দান দিয়৷ নাইনে?” কথা কোৱাৰ লগে লগে মানুহটো ঘূৰি পৰিল। মুখৰ ওপৰত জোনৰ পোহৰ পৰিল —জভেলজঁ ই জোনৰ পোহৰত মানুহটোক চিনি পালে। মানুহটো বুঢ়া ফক্লেভেণ্ট।<noinclude></noinclude>
1ka3mbu74ti46adc0k3iw7be2zkp9xh
পৃষ্ঠা:দীন-দুখী.pdf/১১৩
104
92676
263677
253578
2026-10-21T15:01:39Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263677
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|১০১}}</noinclude>{{gap}}ভেলজ ই কলে “অ ফকলেভেন্ট! চিনি পাইছোঁ, চিনি পাইছোঁ। ইয়াত কি কৰিছা?”
{{gap}}“মই চিৰাল, তৰমুজবোৰৰ ওপৰত ঢাকনি দিছোঁ।”
{{gap}}“ভৰিত টিলিঙা বন্ধা কিয়?”
{{gap}}“টিলিঙাৰ মাত শুনি তেওঁবিলাক আঁতৰ হব পাৰিব।”
{{gap}}“কোন তেওঁবিলাক?
{{gap}}“ক’তনো মৰোঁ! ইয়াত অকল মাইকী মানুহহে থাকে। তেওঁবিলাকে মোক নৌ-দেখোতেই আতৰিব লাগে গুণে মই ঘণ্টা দিওঁ।”
{{gap}}“এইটো নো কি ঘৰ?
{{gap}}“ইস্, আপুনি নজনাই হল। এইটো কন্ভেন্ট।”
{{gap}}ভেলজঁ ৰ এটা এটাকৈ সকলো ঘটনা মনত পৰিল। ফক্লেভেন্টে সুধিলে “বাৰু, আপুনি ইয়ালৈ কেনেকৈ আহিলে? আপুনি সাধু হলেও পুৰুষ—ইয়াত পুৰুষক সোমাবলৈ নিদিয়ে।”
{{gap}}“তুমি আছা নহয়!”
{{gap}}“অকল মই!”
{{gap}}ভেলজই বুঢ়াৰ কাষ চাপি গম্ভীৰভাৱে কলে “চোৱা, মই তোমাৰ জীৱন ৰক্ষা কৰিছিলোঁ। মই তোমাৰ কাৰণে যি কৰিছিলো তুমিও আজি মোৰ কাৰণে তাকে কৰা।”
{{gap}}“আপুনি মোৰ কাৰণে যি কৰিলে, মই ঘুৰাই আপোনাৰ বাবে তাৰ দহভাগৰ এভাগ কৰিবলৈ পালেও সাৰ্থক মানিম। ফাদাৰ মেড্লেন্!কওক মই কি কৰিব লাগে।”
{{gap}}“তোমাৰ বেলেগ ঘৰ আছে?”
{{gap}}“হয়, পজা এডুখৰি আছে।”
“বেছ। কিন্তু দুটা কথা তোমাক মই এতিয়াই কৈ থওঁ। তুমি ইয়ালৈ মই কেনেকৈ সোমালোঁ কেতিয়াও নুসুধিবা। আৰু মোক তুমি চিনি পোৱা বুলি কাৰো আগত নকবা।”<noinclude></noinclude>
8fh4vbqcs2sgh2o8ddnqrgmglgkg5ra
পৃষ্ঠা:দীন-দুখী.pdf/১১৪
104
92677
263685
253579
2026-10-22T02:23:46Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263685
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০২|দীন-দুখী|}}</noinclude>{{gap}}“একো কথা নাই। আপুনি সাধু-মানুহ। আপোনাৰ নিচিনা সন্ত-সাধুৰ মনত বেয়া ভাব আছে বুলি মোৰ মনে নধৰে।”
{{gap}}“মোৰ লগত সৰু ছোৱালী এজনী আছে তাইক লৈ আহোঁ, আহা।” “ছোৱালীও এজনী!”—এই বুলি বুঢ়া ভেলজঁ ৰ পাছে পাছে যাবলৈ ধৰিলে। কজেটক লৈ দুয়ো পজাৰ ভিতৰ সোমাল? জুই ধৰি কজেটক সেও পোতক দিলে। আধা ঘণ্টা মানৰ ভিতৰতে কজেটে জুইৰ তাপ পাই সুস্থ মানুহৰ দৰে উশাহ-নিশাহ লৈ শুবলৈ ধৰিলে।
{{gap}}বৃদ্ধ ফক্লেভেন্টে তাৰ প্ৰাণদাতা ফাদাৰ মেড্লেনক পাই কি কৰিম কি নকৰিম লগালে। বিছকুট, মাখন, মদ যি আছিল তাকেই আস্ত-ব্যস্তকৈ আনি ভেলজঁৰ আগত দি আঠুকাঢ়ি হাত যোৰকৈ কলে, “ফাদাৰ মেডলেন্! আপুনি মোক দেখা মাত্ৰেই চিন ধৰিব নোৱাৰিলে। আপুনিয়ে মানুহ এটাৰ জীৱন ৰক্ষা কৰিব, আকৌ আপুনিয়ে তাক চিনি নোপোৱা হব। আপুনি বৰ বেয়া মানুহ!”
{{gap}}জঁ ভেলজঁ এই নগণ্য বৃদ্ধৰ মহৎ প্ৰাণ দেখি মুগ্ধ হৈ পৰিল। টোপনিত পৰাৰ আগতে ভেলজ ই কলে “মই ইয়াতে থাকিম, ইয়াৰ পৰা নেযাও।” বুঢ়াই কথাষাৰ শুনি হতাশ হৈ পৰিল। মটা মানুহ থকা দূৰত থক, ‘কনভেন্ট’ৰ কাষেদিও যাব নোৱাৰে। তেনেস্থলত বুঢ়াই মেডলেনক ৰাখে কি উপায়েৰে? বুঢ়াৰ ভাবনাত টোপনি নাহিল। ভেলজই ভাবিলে তেওঁৰ দৰে সংসাৰে ছেই ছেই কৰি খেদি দিয়া অঘৰীৰ কাৰণে এনে অসম্ভৱ ঠাইত লুকাই থকাই একমাত্ৰ উপায়। ভেলজৰ ক্ষন্তেক পাছতে টোপনি আহিল।
{{gap}}এপিঠি দুপিঠি কৈ বুঢ়াই অতীতৰ বুৰঞ্জীখন লুটিয়াবলৈ ধৰিলে। বুঢ়াৰ মনত পৰিল ডেকাকালৰ কথা। তেতিয়াৰ স্বাৰ্থপৰ ভাৱ-মই মতালি স্বভাৱ। তাৰ পাছত গাড়ীৰ চকাৰ তলত সোমাই লেঙেৰা হোৱাৰ কথা। ১০।১২টা মানুহ আগত থাকিও গাড়ীখন উলাৰি দি বুঢ়াক উলিয়াই ননা, বুঢ়া মৰোঁ মৰোঁ হোৱা—ফাদাৰ মেডলেনে নিজক বিপদত পেলাই বুঢ়াক গাড়ীৰ চকাৰ তলৰ পৰা উলিয়াই প্ৰাণদান<noinclude></noinclude>
pb2j0zmdta9272sri0akab6codqi9mr
পৃষ্ঠা:দীন-দুখী.pdf/১১৫
104
92678
263686
253580
2026-10-22T02:32:41Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263686
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|১০৩}}</noinclude>দিয়া—পাছত এই কনভেণ্টত চকিদাৰৰ কামত সুমুৱাই দুবেলা দুমুঠি খাবৰ দিহা কৰি দিয়া। বুঢ়াই কৃতজ্ঞতাৰ বানপানীত গা এৰি দিলে। বিপদ-আপদ সকলো পাহৰি গল। কেৱল মনত হল – এই ফাদাৰ মেড লেনে মোৰ জীৱন ৰক্ষা কৰিছিল--এতিয়া মোৰ পাল।”
{{gap}}বুঢ়াই এম্ নগৰ এৰা বহুত দিন হল। ‘কনভেন্ট’ত থাকে, বাহিৰা খবৰ-খাবাৰ একো নেজানে। ফাদাৰ মেডলেনৰ লগত কজেটক দেখি বুঢ়াৰ মনত অলপ খোকোজা লাগিছিল কিন্তু মেডলেনৰ দেৱোপম কীৰ্ত্তি আৰু প্ৰাণদান দিয়া কথাই বুঢ়াৰ সকলো সন্দেহ তল পেলালে।উপকাৰীৰ শলাগ লবৰ সোণালী সুযোগ পাই বুঢ়া উত্ৰাৱল হৈ পৰিল। বুঢ়াই চকু মুদি বিছনাত পৰি পৰি ভবিষ্যত কল্পনা কৰিবলৈ ধৰিলে।
{{gap}}পুৱা ভাবনাৰ অঠাই সাগৰ পাৰ হৈ বুঢ়াই চকু মেলিয়ে কাষতে ভেলজঁক জুপুকা মাৰি বহি, শুই থকা কজেটৰ মুখলৈ চাই থকা দেখা পালে। বুঢ়া লৰালৰিকৈ উঠি ভেলজঁৰ কাষতে শাৰী পূৰাই বহি গল। বুঢ়াই অলপ পৰ তলকা মাৰি থাকি সুধিলে “পাছে কি উপায়েৰে
নো ইয়াত থাকিবৰ দিহা কৰিছে?” বুঢ়াৰ চিন্তা ভাবনা সকলো এই এষাৰ কথাৰ ভিতৰতে সোমাই আছিল। কথাষাৰ শুনি ভেলজৰ ভাবৰ সপোন অন্ত হল। ভেলজ বুঢ়াৰ মুখৰ ফালে চাই ৰল।
{{gap}}বুঢ়াই কলে প্ৰথমতে আপুনি নাইবা ছোৱালীজনীয়ে কেতিয়াও দুৱাৰ দলিৰ বাজ হব নোৱাৰিব। দুৱাৰ দলিৰ বাজ হব লাগিলেই আমাৰ আটাইকিটিৰে দিহা লাগিব। আপুনি কিন্তু ভাল সময়তে ওলালহি। ছিষ্টাৰ এগৰাকীৰ টান নৰীয়া, কিজানি মৰিবৰ সময়েই হল। কালি ৰাতিৰে পৰা নামগুণ গোৱা শুনিছো। নৰীয়াৰ কাষৰ পৰা তেখেতসকল এইফালে ফুৰা চকা কৰিবলৈ নাহিব পাৰে। মৰাৰ আগতে নামগুণ হব, মৰাৰ পাছতো হব। সেই কাৰণে আজি দিনটো
নিৰাপদ। সকলোখিনি নামগুণ গোৱাতে ব্যস্ত থাকিব। কিন্তু কালিৰ কথাহে মই কব নোৱাৰোঁ। বৰ ভয়- সৰু সৰু ছোৱালীখিনিৰ কাৰণে। সিহঁতে ইয়াত আহি পিতপিতাই ফুৰেহি।<noinclude></noinclude>
g7ky20o5wl6gpfqtzgu3s4r4a6b4x7x
পৃষ্ঠা:দীন-দুখী.pdf/১১৬
104
92679
263687
253581
2026-10-22T02:44:54Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263687
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০৪|দীন-দুখী|}}</noinclude>{{gap}}ঠিক এই সময়তে কাঁহৰ মাত শুন৷ গল। বুঢ়াই কলে “মৰিল শুনক”। ভেলজই একো উত্তৰ নিদিলে। মনতে ভাবিলে “কনভেন্টৰ আন আন ছোৱালীহঁতৰ লগতে কজেটকো পঢ়িবলৈ দিম। বুঢ়াই কবলৈ ধৰিলে, “ইয়াত পুৰুষ মহামাৰীৰ নিচিনা। চকচোন, মোৰ গাত
ঘণ্টা বান্ধি দিছে। মই জানিবা বনৰীয়া পশুহে।”
{{gap}}ভেলজ ই ভাবিলে “এই কনভেন্টেই মোৰ প্ৰধান আশ্ৰয়।” বুঢ়াক শুনাই কলে, “ইয়াত থকাটোহে বৰ টান হব।”
{{gap}}“থকাটো টান নহয়, ইয়াৰ পৰা ওলাই যোৱাটোহে টান। ইয়ালৈ সোমাবলৈ হলে, আপুনি বাহিৰলৈ ওলাই যাব লাগিব। ছোৱালীটি শুই আছে, তাইৰ নাম?”
{{gap}}“কজেট।”
{{gap}}“আপোনাৰ জীয়েক? এ, কিবাটো আহে! বোলো তাই আপোনাৰ নাতিনীয়েক?”
{{gap}}“এৰা।”
{{gap}}“তাইক উলিয়াই নিব পাৰিম, আপুনি ওলাই যোৱাটোহে টান দেখিছোঁ। এবাৰ বাহিৰ উলিয়াব পাৰিলেই, সুমুৱাবলৈ উপায় কৰিব পাৰিম। অ’ সেয়া ঘণ্টা দিছে। মোক মাতিছে, মই যাওঁ আপুনি বহক।”—এই বলি বুঢ়া ওলাই গল। ভেলজ ই বেৰৰ জলঙাই দি বুঢ়াক লেঙুৰিয়াই লেঙুৰিয়াই যোৱা চাবলৈ ধৰিলে।
{{gap}}বুঢ়া গৈ ঘাই ‘ছিষ্টাৰ’ৰ ঘৰ সোমাল। ছিষ্টাৰে মালা জপি বহি আছিল। বুঢ়াক দেখা পাই মাত লগালে “ফাদাৰ ফভেণ্ট! তোমাক কথা এটাৰ কাৰণে মাতি পঠিয়াই ছিলোঁ।
{{gap}}“আইৰ ওচৰত মোৰো এটা গোহাৰি আছে।”
{{gap}}“কোৱা।”
{{gap}}বুঢ়াই নিজৰ বুঢ়া বয়স, লেঙেৰা ভৰি, কামৰ ভিৰ ইত্যাদি কথাৰ মুখ-পাতনি দি দুখ-কষ্টৰ কথা কলে। বুঢ়াৰ এটা ভায়েক আছে। তেখেতে অনুমতি কৰিলে ভায়েকক বুঢ়াই লাঙনি পাচনি কৰিবৰ কাৰণে<noinclude></noinclude>
or0luaa441fukcbum3rfkf65m7pfgiy
পৃষ্ঠা:দীন-দুখী.pdf/১১৭
104
92680
263688
253582
2026-10-22T03:00:13Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263688
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|১০৫}}</noinclude>আনিব খোজে। ভায়েকৰ ছোৱালীজনীও ‘ছিষ্টাৰ’ কৰিবৰ মন কৰে। ভায়েকে মালীৰ কামো জানে। নহলৈ বুঢ়াই অকলে কাম কৰা টান হৈ উঠিছে। বুঢ়াৰ কথা শেষ হলত “ছিষ্টাৰে” কলে “ফাদাৰ ফভেন্ট!‘চেপোল’ৰ মজিয়াৰ পৰা কেচটামান শিল তুলিব লাগিব। পাৰিবা?”
{{gap}}“অকলে নোৱাৰিম, আই! আৰু এটা লগ লাগিব।”
{{gap}}“মাদাৰ এছেন্ছনৰ পুৰুষৰ দৰে বল। তেওঁক লগত দিম।”
{{gap}}তিৰুতাই হাজাৰ হলেও পুৰুষৰ যোৰ নেপায়। মোৰ ভাই আহি লেহে সুবিধা হব।”
{{gap}}ছিষ্টাৰে কিছুমান সময় ভাবি উত্তৰ দিলে “ফাদাৰ ফভেণ্ট! তুমি
নেজানানে আজি এগৰাকী ছিষ্টাৰ উঠাৰ কথা?”
{{gap}}“নেজানো আই?”
{{gap}}“তুমি কাঁহৰ মাত শুনা নাই।”
{{gap}}“কলা মানুহ আই। মোৰ এই ভৰিৰ টিলিঙাটোৰ মাতকে মই ভালকৈ শুনিবলৈ নেপাওঁ।”
{{gap}}“মাদাৰ ক্ৰছিফিকশ্যান আজি পুৱাৰ বেলা ঢুকাল। শেষ মুহূৰ্ত্তলৈকে তেওঁৰ জ্ঞান আছিল। আহা! কি সুন্দৰ মৰণ! হাঁহি হাঁহি গল। পৰমেশ্বৰ কাষত হে যেন ঠিয় দিছিলে– স্বৰ্গ! তাতেই স্বৰ্গ!”
{{gap}}বুঢ়াই ভাবিছিল, ‘ছিষ্টাৰে’ উপাসনা কৰিছে। ‘ছিষ্টাৰ’ৰ কথা শেষ হলতে বুঢ়াই উপাসনাৰ শেষ হল বুলি ভাবি মাত দিলে “এমেন!” (শান্তি!)
{{gap}}“ফাদাৰ ফভেণ্ট! মৃতাৰ কামনা পূৰ্ণ কৰা উচিত।”
{{gap}}“সচা।”
{{gap}}ছিষ্টাৰে মালা জপি জপি কৈ গল “ফাদাৰ ফভেন্ট। মাদাৰ ক্ৰছিফিকশ্যনে কুৰি বছৰ যিটো কফিনত শুই আহিছিল সেই কফিনতে তেওঁক কবৰ দিব লাগিব।”
{{gap}}“তেন্তে সেইটো কফিনতে মই তেওঁক বন্ধ কৰিব লাগিব।”
{{gap}}“এৰা।”
{{gap}}“ছৰ্কাৰী কফিনটো তেনেহলে আমাক নেলাগে?”<noinclude></noinclude>
dv5p4ho5od3vpwhd72mk9qt4et5a2t0
পৃষ্ঠা:দীন-দুখী.pdf/১১৮
104
92681
263689
253583
2026-10-22T03:08:57Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263689
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০৬|দীন-দুখী|}}</noinclude>{{gap}}“ঠিক ধৰিলা।”
{{gap}}“যিহকে আদেশ দিয়ে মই তাকে কৰিম।”
{{gap}}“চাৰি গৰাকী ‘ছিষ্টাৰে' তোমাক সহায় কৰিব।”
{{gap}}“কফিন’টো বন্ধ কৰিবলৈ? মই অকলে পাৰিম।”
{{gap}}“নহয়। চেপোল’ৰ ভিতৰত কবৰ দিবলৈ।”
{{gap}}“চেপোলৰ ভিতৰত?”
{{gap}}“এৰা।”
{{gap}}“কিন্তু যদি ছৰ্কাৰে জানে?”
{{gap}}“মৃতাৰ শেষ অনুৰোধ পূৰণ কৰিবই লাগিব। ঈশ্বৰৰ আইনৰ আগত মানুহৰ আইন একো নহয়। তেওঁ জীয়াই থাকোঁতে যত বহি উপাসনা কৰিছিল তাতেই তেওঁক থোৱা হক। কনভেণ্টৰ ঘটনা বাহিৰৰ কোনেও ভুকে নেপাব। তুমি জানিবা আৰু আমি জানিম।
{{gap}}“মোক দেৱালৰ এচপৰা ইটা বুলি ভাবিচোন। এনে কামৰ কাৰণে মোৰ ভাই হলে বেছ হলহেতেন।”
{{gap}}“তুমি ঘণ্টা শুনা মাত্ৰকে আহিবা।”
{{gap}}“শুনা মাত্ৰকে আহিব নোৱাৰোঁ গুণেহে, ভাইকো আনো বুলিছিলো। লেঙেৰা মানুহ; এখোজ আহোঁতেই এপৰ যায়।”
{{gap}}“পাছে ছৰ্কাৰী ‘কফিনটো’ কি কৰিবা? তাকতো ছকাৰী কবৰখানালৈ নিবই লাগিব।”
{{gap}}বুঢ়াই কিছুমান পৰ তলকা মাৰি থাকি উত্তৰ দিলে “তাৰ উপায় ওলাব। ইফালে ইটো ‘কফিন’ত কবৰ দি, সিটো ‘কফিন’ত মাটি ভৰাই গধূৰ কৰি গজাল-চজাল মাৰি বন্ধ কৰি থম। সিহঁত আহি গমকে ধৰিব নোৱাৰিব। নিসন্দেহে মাটিকে কবৰ দি ঘৰাঘৰি গুচি যাব।
{{gap}}“ছিষ্টাৰ’ৰ মুখত হাঁহিৰ ৰেখা বিৰিঙি উঠিল। বুঢ়াক সম্বোধন কৰি কলে “ফাদাৰ ফভেণ্ট! কাইলৈ কবৰ দিয়া শেষ হলে ভায়েৰক মোৰ গুৰিলৈ লৈ আহিবা। ছোৱালীজনীকো লৈ আহিবলৈ কৰা।”
{{gap}}অভিবাদন জনাই বুঢ়া ঘৰলৈ উভতিল। উভতি আহোঁতে বুঢ়াই<noinclude></noinclude>
e7e3cklfvd6pg3vmmdgl7avvhtmkywi
পৃষ্ঠা:দীন-দুখী.pdf/১১৯
104
92682
263690
253584
2026-10-22T03:17:53Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263690
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|১০৭}}</noinclude>ভাবি ভাবি এখুজি দুখুজিকৈ আহিছিল। সেই কাৰণে ‘ছিষ্টাৰ’ৰ ঘৰৰ পৰা বুঢ়াই নিজৰ পঁজাৰ দুৱাৰ মুখ পাওঁতেই প্ৰায় আধাঘণ্টামান সময় গল। বুঢ়াই ঘৰ সোমাই ভেলজৰ লগত পৰামৰ্শ কৰিবলৈ ধৰিলে। ভেলজক সকলো কথা ভাঙি পাতি কলে। কজেটক বুঢ়াৰ পিঠিতে থৈলা এটাৰ ভিতৰত সুমুৱাই বাহিৰৰ বুঢ়ী এজনীৰ ঘৰত থৈ অহাৰ বন্দৱস্ত হল। বুঢ়াই ভেলজ কহে বাহিৰলৈ নিয়াৰ উপায় বিচাৰি নেপালে। অলপমান পৰ ভাবি ভেলজ ই মাত দিলে এটা উপায় আছে। যিটো ছকাৰী কফিন’ত মাটি ভৰাই ছৰ্কাৰী কবৰস্থানলৈ লৈ যাবা—তাত মাটি নভৰাই মোকে ভৰাই দিয়া।”
{{gap}}“যক—আপুনি কিবা ধেমালি খন কৰে!”
{{gap}}“নহয়। ধেমালি নহয়। ইয়াৰ পৰা ওলাই যাবলৈ সেইটোৱেই উজু উপায়। ৰাতি দুই মান বজাতে তুমি মোক কফিন’ৰ ভিতৰত বন্ধ কৰি পেলাবা। যত মূৰ নাক মুখ পৰিব তাত অলপ অলপ বিন্ধা কৰিবা। ওপৰৰ তক্তাখনো টানি নগজালিবা। মই বেছ উশাহ লব পাৰিম, কিন্তু কবৰৰ পৰা ওলাম কেনেকৈ?
{{gap}}“তাৰ কাৰণে ভয় নাই। যদি ‘কফিন’ৰ ভিতৰত আপুনি জীয়াই থাকে কবৰৰ পৰা ময়ো আপোনাক জীয়াই জীয়াই উলিয়াই আনিব পাৰিম। কবৰত মাটি দিয়া মানুহজন মোৰ পৰম বন্ধু। তেওঁ ভয়ঙ্কৰ মদপী। মদ খুৱাই লৈ আপোনাক ‘কফিন’ৰ পৰা উলিয়াই কফিন’ বন্ধ কৰি দিম। একো ভয় নাই।”
{{gap}}ভেলজঁই বুঢ়াৰ ফালে হাত মেলি দিলে! বুঢ়াই ভক্তি গদ্ গদ্ হৈ ভেলজ ৰ হাতখন দুই হাতে সাবটি ধৰি মূৰ দোৱাঁই বহি পৰিল।
{{gap}}পিছদিনা আবেলি পৰত কনভেণ্টৰ ওচৰৰ বাটেদি এখন মৰা-শ নিয়া গাড়ী যাওঁতে ভেটা-ভেটি হোৱা দুই চাৰি বাটৰুৱাক মূৰৰ টুপি খোলা দেখা গল। লগত যোৱা মানুহ এজনৰ পৰাই বুজিব পৰা গল যে মৰা শটি কনভেণ্টৰ। মানুহজন লেঙেৰা বুঢ়া ফক্লেভেন্ট। গাড়ী
কবৰ স্থানৰ দুৱাৰ মুখত ৰোৱা মাত্ৰকে কবৰ স্থানৰ মানুহ আহি<noinclude></noinclude>
qgs6phx9kcjfdbkkmi2qooumxtjbbs7
পৃষ্ঠা:দীন-দুখী.pdf/১২০
104
92683
263691
253585
2026-10-22T03:28:48Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263691
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১০৮|দীন-দুখী|}}</noinclude>ধৰাধৰিকৈ কফিনটো কবৰ দিয়া ঠাইলৈ লৈ গল। ফক্লেভেণ্টৰ মনত অপাৰ ৰঙ। প্ৰকৃত মৃতাক কবৰ দি এক কৰ্ত্তব্য সাধন কৰি আহিছে— বাকী মেডলেনক সৰুৱাই নিয়া। তাকো সুকলমে সাধন কৰিব পাৰিব বুলি বুঢ়াৰ দৃঢ় বিশ্বাস। বুঢ়াই উপাসনা আদি কেতিয়া শেষ হয় কেতিয়া
শেষ হয় দেখিছে।
{{gap}}কবৰৰ ভিতৰত কফিন, পেলাই দিলে; উপাসনা শেষ হৈ গল, বাকী মাত্ৰ মাটি দিয়া। বাকী মানুহ দিহাদিহি গল। কবৰত মাটি দিয়া মানুহে আহি মাটি দিবহি। বুঢ়া ফক্লেভেন্টে ফাদাৰ মেষ্টিয়েন আহিব বুলি ইফালে সিফালে চাওঁতেই, মেষ্টিয়নৰ পৰিবৰ্ত্তে আন এটা মানুহে হাতত কোৰ লৈ কবৰত মাটি দিবলৈ মাটি এছাব তুলি লোৱা দেখি স্বৰগপৰা মানুহৰ দৰে স্তম্ভিত হৈ পৰিল। বুঢ়াৰ মূৰত বিনা-মেঘে বজ্ৰ-পাত হল। বুঢ়াৰ পেটতে হাত-ভৰি লুকাল। বুঢ়াই মানুহটোকে কবৰৰে মাজত ঠিয় দি মাত দিলে—“তুমি কোন?” “মই কনভেন্টৰ ফালৰ কবৰত মাটি দিয়া মানুহ।” “তুমিও যদি কবৰত মাটি দিয়া মানুহেই তেন্তে আমি দুয়ো লগৰীয়া।”
{{gap}}“বেছ আমি দুয়ো বন্ধু”,
{{gap}}“বন্ধু হবলৈ হলে একেলগে বহি মদ খাব লাগিব। আহাঁ, আমি আগেয়ে মদ খাই আহোঁ। ধন মই দিম।”—এই বুলি বুঢ়া মানুহটোৰ ওচৰ চাপি আহিল। তেতিৱা কবৰ স্থানৰ কাষত কতো এটি মানুহো নাই। আন্ধাৰ ঘনাই আহিছিল।
{{gap}}কবৰৰ কাম শেষ নোহোৱালৈকে মানুহটো কলৈকো এখোজো যাবলৈ মান্তি নহল। বুঢ়া ভাবি অস্থিৰ হৈ পৰিল। মানুহটোৱে হাউলি এচাব-দুচাবকৈ কবৰত মাটি পেলাবলৈ ধৰিলে। বুঢ়াৰ তালুৱেদি জীৱ গল। এনেতে বুঢ়াৰ চকুত পৰিল মানুহটোৰ জেপত থকা বগা কাৰ্ডখন লৈ। এই কাৰ্ডখন দিহে মানুহে কবৰ- স্থানলৈ সোমাব পাৰে। ওলাবৰ সময়ত ৰাতি হলে এই কাৰ্ডখন দেখুৱাব নোৱাৰিলে কবৰস্থানতে বন্ধ থাকিব লাগিব। নতুবা পোন্ধৰ ফ্ৰাঁ জৰিমনা দিহে ওলাব<noinclude></noinclude>
t08i7lq8hmliwfa2rbmrmbxf965rzmi
পৃষ্ঠা:দীন-দুখী.pdf/১২১
104
92684
263692
253586
2026-10-22T03:39:09Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263692
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||দীন-দুখী|১০৯}}</noinclude>পাৰিব। বুঢ়াৰ কাৰ্ডখনত চকু পৰা মাত্ৰকে মন নাচি উঠিল। মানুহটোৱে কুজাহৈ মাটি খানোতেই বুঢ়াই পুতকৰে মানুহটোৰ জেপত হাত ভৰাই কাৰ্ড খন লৈ আহিলে। মানুহটোৱে গমকে নাপালে। মানুহটোৱে কবৰত আকৌ এচাব মাটি পেলাব খুজিছে এনেতে বুঢ়াই মাত দিলে “তুমি কবৰ স্থানৰ কাৰ্ড খন আনিছানে? ৰাতি হৈ আহিল কাৰ্ড’ নাই অনা যদি বিপাদত পৰিবা।” ‘কাৰ্ড’, নেথাকিলে কি কি বিপদ হব পাৰে মানুহটোৰ সেই বিষয়ে বেছ জ্ঞান আছিল। ‘কাৰ্ড’ৰ কথা শুনি সি কোৰ এৰি জেপত ‘কাৰ্ড’ বিচাৰিবলৈ ধৰিলে। জেপত ‘কাৰ্ড’ নেপাই সি মাত দিলে “ভাল হল! ‘কাৰ্ড’টো ঘৰত এৰি আহিলোঁ। এতিয়া কি কৰোঁ?”
{{gap}}তুমি ৰাতি নৌ হওঁতেই এতিয়াই যোৱা। তোমাৰ হৈ ময়ে কবৰত মাটি দিও। মিছাতে বিপদ চপাই নলবা।”
{{gap}}বুঢ়া ফক্লেভেন্টে কথাষাৰ কবলৈহে পালে মানুহটোৱে কোৰ পেলাই “বৰ ৰক্ষা কৰিলা” বুলিয়ে ভিৰাই ঘৰৰ ফালে ঢাপলি মেলিলে। যেতিয়া মানুহটো আন্ধাৰত নেদেখা হৈ পৰিল, বুঢ়াই ইফালে সিফালে ঘূৰি-পকি চাই সাউং কৰে কবৰৰ তললৈ নামি গল। ‘কফিন’টোৰ ওপৰত কাণ দি বুঢ়াই মাত দিলে “ফাদাৰ মেডলেন।”
{{gap}}‘কফিন’ৰ ভিতৰত কোনো সাৰ-সুৰ শুনা নগল। বুঢ়া ভয়ত থক্থক্ কৰে কপিবলৈ ধৰিলে। হুৰা-মূৰাকৈ কফিনটো খুলি বুঢ়াই ভেলজৰ মুখখন জুমি জামি চাই থৰ হৈ পৰিল।
বুঢ়াই বুকুত চপৰিয়াই চপৰিয়াই চিঞৰি উঠিল “ মৰিল! মৰিল! ভাল ৰক্ষা কৰিবলৈ লৈ আহিছিলো।”
{{gap}}প্ৰকৃততে ভেলজ মৰা নাছিল। বহুত পৰৰপৰা বন্ধ থকাৰ কাৰণে অচেতন হৈ পৰিছিল। কফিনৰ ওপৰত কাঠছটা এৰুৱাই দিলত মুকলি বতাহ লাগি চেতনা আহিল। চেতনা পাই চকু মেলি ওচৰতে অথিৰ-অবিৰ হৈ থকা বুঢ়াক দেখি মাত লগালে “মোক কিবা আছে যদি দিয়া, বৰ জাৰ লাগিছে।”<noinclude></noinclude>
5nfixafp54hvgzou9f65yd7omxbv9i1
পৃষ্ঠা:দীন-দুখী.pdf/১২২
104
92685
263693
253587
2026-10-22T03:51:07Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263693
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|১১০|দীন-দুখী|}}</noinclude>{{gap}}বুঢ়াই মৰা মানুহ ঘূৰাই পাই বৰ ভয় আৰু আনন্দৰ বেমেজালিত পৰি অবাক হৈ পৰিল। কিছুমান পৰৰ পাছত সপোনৰ পৰা উঠা মানুহৰ দৰে মাত দিলে “বলক, বলক, ইয়াৰ পৰা।”
{{gap}}ভেলজ কবৰৰ ওপৰলৈ উঠি আহিল। বুঢ়াই কফিনটো বন্ধ কৰি কবৰটো পুতি পেলালে। সকলো কাম শেষ হৈ গলত দুয়ো কবৰ স্থানৰ বাহিৰ ওলাল। বাট্ পায়ে বুঢ়াই মাত দিলে “উস!
কেনে সুবিধাকৈ কামটো হৈ গল! ফাদাৰ মেড্লেন্! আপোনাৰ মনত হলে ভাল বুধিটোৱেই খেলাইছিল।”
{{gap}}পিছদিনা পুৱা ‘কনভেণ্টৰ বাগিচাত এটা ঘণ্টাৰ ঠাইত দুটা ঘণ্টাৰ মাত শুনা গল। দুটা ফক্লেভেন্টে ওচৰা-ওচৰিকৈ কোৰ মাৰি ফুৰিছিল। ছিষ্টাৰবিলাকেও তেওঁলোকৰ ওৰণীৰ একোণেদি এই ককায়েক ভায়েক হালক চোৱাৰ লোভ সামৰিব নোৱাৰিছিল। তেওঁলোকে কোৱাকুই কৰিলে, “আমাৰ বুঢ়া মালী ফক্লেভেন্টৰ ভায়েকে ককায়েকক লেঙেৰা গুণে লাঙনি-পাচনি কৰি দিবলৈ আহিছে।”
{{gap}}ভেলজঁ ই কনভেণ্টত নিগাজিকৈ কাম ললে। কজেট কনভেণ্টৰ ছাত্ৰী হল। কজেটেই ভেলজৰ সংসাৰ বান্ধোন। সংসাৰ- অন্ধ ভেলজঁ ৰ কজেট কণাৰ-লাখুটী। ভেলজৰ সংসাৰত বন্ধু বুলিবলৈ কোনো নাই। ঈশ্বৰেই তেওঁৰ একমাত্ৰ সহায়। ঈশ্বৰৰ পৱিত্ৰ মন্দিৰেই দুবাৰ দুটা বিপদৰ সময়ত তেওঁক পৰিত্ৰাণ কৰিছে। প্ৰথমবাৰ মানুহে তেওঁক দেখি ছেই ছেই কৰি দুৱাৰ দাঙ মাৰোঁতে বিশ্বপ মেৰিয়েলৰ অবাৰিত দ্বাৰে তেওঁক হাত বাউল দি মাতি নি অধঃপতনৰ পৰা ৰক্ষা কৰিছিল আনবাৰ এই বাঘৰদৰে মানুহে তেওঁক আক্ৰমণ কৰিবলৈ খেদি আহোতে পুৰুষৰ অভেদ্য কনভেণ্টৰ দেৱালে তেওঁক নিৰাপদ আশ্ৰয় দি কাৰাবাসত পচি মৰাৰ হাত সৰুৱালে। এই কজেট আৰু ঈশ্বৰক লৈয়ে ভেলজঁ ই সংসাৰ পাতিলে। এচুকত স্নেহ আৰু আন চুকত শলাগৰ নিজৰা বোৱাই ভেলজ ই কনভেণ্টত দিন কটাবলৈ ধৰিলে। কজেট দোপত দোপে বাঢ়ি আহিল।
{{center|⸻}}<noinclude></noinclude>
5hjejbc657c2ej39iix13fon7wyi2m9
পৃষ্ঠা:দীন-দুখী.pdf/২৩৪
104
92808
263696
253738
2026-10-22T10:22:29Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২২২|দীন-দুখী|}}</noinclude>
চকুযুৰি তেতিয়াও টোপনিৰ ভৰত উখহা। চৰায়ে বাঁহৰ পৰা মূৰ
উলিওৱাদি দুৱাৰৰ মাজেদি মূৰ উলিয়াই কজেটে হাঁহি হাঁহি মাত দিলে।
হাঁহিটি নতুনকৈ ফুলি অহা এপাহি গোলাপ ফুলৰ পৰাহে যেন
আহিছিল। “মই বাজি ৰাখিম তোমালোকে ৰাজনীতিৰ কথা পাতিছা।
মোৰ ওচৰলৈ নগৈ ইয়াত এইদৰে ৰাজনীতিৰ কথা পতা তোমালোকৰ
বৰ ডাঙৰ অপৰাধ।” জঁ ভেলজঁ শিয়ৰি উঠিল। মেৰিয়াছে থোকা-
থুকিকৈ মাত দিলে, “কজেট”। আৰু একো কব নোৱাৰিলে। মেৰিয়াছ
আৰু ভেলজঁৰ মুখ শুকাই আহিল, যেন দুয়ো সচাকৈয়ে কিবা এটি
ডাঙৰ জগৰৰ জগৰীয়া। কজেটে চোৰ ধৰা পেলালে। চকুত স্বৰ্গৰ
জেউতি লৈ বিজয়দৰ্পে কবলৈ ধৰিলে, “মই তোমালোকক হাতে হাতে
ধৰা পেলাইছোঁ, পিতাই “বিবেকে কৰ্ত্তব্য কৰিছে” বুলি কোৱা মই তেও
শুনিলোঁহে। সেইবোৰ ৰাজনীতিৰ কথা৷ সেইবোৰ কথা মই ইয়াত
পাতিবলৈ নিদিওঁ। বিয়াৰ পাছদিনাই ৰাজনীতিৰ কথা উলিওঁৱা
কোনো মানুহৰ উচিত নহয়।” মেৰিয়াছে উত্তৰ দিলে “নহয়, কজেট!
আমি কাৰবাৰৰ কথা পাতিছোঁ। আমি তোমাৰ ধনখিনিনো কি
কাৰবাৰত লগাব পাৰে৷ তাকেহে পৰামৰ্শ কৰিছোঁ৷” “ তোমালোকে
মোক ভিতৰলৈ নেমাতিলা। মই গলে বেয়া পাবা যেন দেখিছোঁ।
তেও মই যাম।” ভেলজঁই এটা কথাও নকলে। কজেটে ভেলজঁৰ
ফালে চাই কবলৈ ধৰিলে— “ প্ৰথমতে পিতা। তুমি মোৰ কাষলৈ আহি
মোক চুমা এটি দিয়াহি। তুমি মোৰ হৈ মাতিবা ছাৰি, মোক কথা
একাষাৰো সোধা নাই। এনেকুৱা পিতানো কৰবাত থাকিব পাৰে নে?
আহা মোক ততালিকে চুমা দিয়াহি।” কজেট ভেলজঁৰ ফালে
আগবাঢ়ি গল। ভেলজঁও এখোজ আগলৈ আহিল। কজেটে কপালখন
আগবঢ়াই দিলে, ভেলজঁই কজেটক এটা চুমা দিলে। কজেটে পিছহুঁহকি
মাত দিলে—“পিতা। তোমাৰ গা ইমান চেচাঁ! হাতখন বিষাইছিল?
হাত ভাল হল।”
{{gap}}“ৰাতি টোপনি অহা নাই?“ আহিছিল।” “মনত বেজাৰ কৰিছা?”<noinclude></noinclude>
r0m4s2k774z805215a3i4cbskw4q3w8
পৃষ্ঠা:দীন-দুখী.pdf/২৩৫
104
92809
263697
253739
2026-10-22T10:27:08Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263697
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|দীন-দুখী|২২৩|}}</noinclude>
“নাই কৰা।” “দিয়া, মোক আকৌ চুমা দিয়া। দিয়া। তোমাৰ
গা মূব ভালে থাকিলে, তুমি ভালকৈ শুলে খালে, ৰঙ মনে থাকিলে মই
তোমাক কেতিয়াও খং নকৰোঁ।” ভেলজঁই আকৌ কজেটৰ কপালত
চেনেহৰ নিৰ্মালি চুমাৰ ফোট থাপি দিলে। কজেটৰ কপালখনি স্বৰ্গীয়
জ্যোতিৰে জ্যোতিৰ্ম্ময় হৈ আছিল। “হাঁহাঁ, পিতা!” জঁ ভেলজঁই
আদেশ পালন কৰিলে, কিন্তু সেই হাঁহি মানুহৰ হাঁহি যেন নেলাগিল।
“মই এতিয়া ইয়াতে থাকিম।” মেৰিয়াছে মাত লগালে “নহয় আমাৰ
অলপ কাম আছে।” “বাৰু, মই গুচি যাম। তুমি একেবাৰে বাঘৰ
দৰে গুজৰি উঠিছা। পিতা, তুমি মোৰ হকে একো নেমাতা। তুমি,
পিতা আৰু তুমি দুয়ো চোৰ। ৰ'বা, মই ককাদেউতাক লগাই দিওঁগৈ।”
কজেট কোঠাৰ বাহিৰ ওলাল। কিন্তু মুহূৰ্ত্তৰ পাছতে আকৌ তাইৰ
গোলাপ পাহিৰ নিচিনা সুন্দৰ মুখখনিয়ে দুৱাৰৰ মাজেদি বিজুলী
মাৰিলে। তাই কৈ গল, “মোৰ হলে খঙ উঠিছে!” দুৱাৰ বন্ধ হল।
মেৰিয়াছে নিজে নিজে কৈ গল “কজেট, যেতিয়া তুমি শুনিবা!” কথাষাৰ
কাণত পৰা মাত্ৰকে ভেলজ চক খাই উঠিল। মেৰিয়াছৰ কাষ চাপি
কবলৈ ধৰিলে “সঁচা, সঁচা, সঁচা! আপুনিটো কজেটক কবই। এটা কাম
কৰিবলৈ এটা মানুহৰ গাত যথেষ্ট বল থাকিব পাৰে, কিন্তু সেই বুলি
আন এটা কাম কৰিবলৈকো যে বল থাকিব এনে নহয়। মেৰিয়াছ!
মই আপোনাক খাটিলোঁ, শপত খক-এইবোৰ কথা কজেটৰ কাণত
নেপেলাব। ফাটেকিয়াল! ফাটেকিয়াল কি? আপুনিতো তাইক
বুজাই কব লাগিব! উস! তাহানি তাই এদিন এজাক ফাটেকিয়াল
দেখিছিল। তাই ভয়ত, — হে প্ৰভু?” দুইহাতে মুখ ঢাকি ভেলজঁ
অথিৰ অবিৰ হৈ চকি এখনত বহি পৰিল। কান্দোনৰ শব্দ শুনা নগল
যদিও, তেওঁৰ বাউসী দুটা উঠা নমা কৰাৰ পৰা বুজিব পৰা গল যে
তেওঁ কান্দিছে। অবাক চকু পানীয়ে হিয়া ভাঙি দিয়ে। মেৰিয়াছে
মাথোন শুনিলে ভেলজঁই কান্দি-কান্দি কৈছে, “অঃ প্ৰভু, মোক এতিয়াই
মাৰি নিয়৷। ” মেৰিয়াছে ওচৰ চাপি মাত দিলে—“আপুনি চিন্তা নকৰিব,<noinclude></noinclude>
4rucamb1n62qbzaxtozdct9w372i7y3
পৃষ্ঠা:দীন-দুখী.pdf/২৩৬
104
92810
263698
253740
2026-10-22T10:31:04Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263698
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|২২৪|দীন-দুখী|}}</noinclude>
মই কজেটক একো নকওঁ। কিন্তু সেই যৌতুক ধনৰ কথা নোকোৱাকৈ
নোৱাৰিম। এই ধন আপোনাৰ এলেকাত গচ্ছিৎ আছিল। আপোনাক
তাৰ বাবে নিশ্চয় কিবা এটা দিব লাগিব। আপুনিয়ে কক, কিমান
দিব লাগিব। বেছিকৈ কবলৈ একো ভয় নকৰিব।” ভেলজঁই যাবলৈ
উঠি ধীৰে ধীৰে মাত দিলে “অশেষ ধন্যবাদ! মোক একো নেলাগে।
কিন্তু মই আৰু কজেটক দেখা কৰা বোধ কৰো উচিত নহব। আপুনি
বেয়া নেপালে মই তাইক চাবলৈ মাজে মাজে আহিব খোজেঁ॥ মোৰ
হেপাহ, তাইক মই একো একোবাৰ চকু ফুৰাই চাই যাম। কজেটক চাবলৈ
ইচ্ছা নকৰা হলে মই আত্ম প্ৰকাশ নকৰিলোঁহেতেন, পলাই গুচি গলোঁ-
হেতেন। কিন্তু য'ত কজেট আছে, ময়ো ত'তে থাকি তাইক চাই
থাকিবলৈ আশা কৰিহে সকলো কথা কৈ দিলোঁহি। আপুনি অনুমতি
দিলে মই আহিম; আহি তাইক চাই যামহি। তাইৰ লগত মই বেছি
পৰ নেথাকো। মছিয়ৰ মেৰিয়াছ! মোৰ বৰ ইচ্ছা, বৰ হেপাহ,
তাইক অকণমান চাই যামহি। আপুনি যেতিয়াই যিমান দিনৰ মুৰত
আহিবলৈ দিয়ে মই তেতিয়াই সিমান দিনৰ মূৰতেই আহিম—তথাপি
তাইক চাবলৈ পালেই মোৰ হিয়া জুৰাই যাব।” “আপনি নিতৌ-গধূলি
গধূলি আহিব পাৰে। কজেটেও আপোনাৰ নিমিত্তে বাট চাই থাকিব।”
“আপোনাৰ কৰুণা।” মেৰিয়াছে ভেলজ ক নমস্কাৰ জনালে। সুখ
নিৰাশাৰ পাছে পাছে দুৱাৰ মুখ পালেহি। দুৱাৰ দলিত দুয়ো ফটাফটি
হল। আকুল চিন্তাই মেৰিয়াছৰ মন আন্ধাৰ কৰি পেলালে। ভেলজৰ
গচ্ছিত সম্পত্তি ঘুৰাই দিয়া আৰু আত্ম-কাহিনী প্ৰকাশ কৰাৰ মহত্ত্বই
মেৰিয়াছৰ মনৰ অন্ধকাৰ পাতলাই দিলে যদিও নিমিষৰ পাছতে সেই
এন্ধাৰ আকৌ গহীন হৈ পৰিল। মেৰিয়াছৰ স্মৃতি ছেদেলি ভেদেলি হৈ
থাকিলেও কিছুমান ভগা ছিগা কাহিনী তাৰ মনত সুন্দৰ কৈ জোৰা লাগি
আহিবলৈ ধৰিলে। ভেলজ যে যুদ্ধ ক্ষেত্ৰলৈ গৈছিল, সেই বিষয়ে তাৰ
মনত অকণো সন্দেহ নাথাকিল। ' কিন্তু কিয় গৈছিল? প্ৰশ্নটো উঠাৰ
লগে লগে তাৰ উত্তৰো আহি পৰিল—জাভেয়াৰ। যুদ্ধ ক্ষেত্ৰৰ মাজেদি<noinclude></noinclude>
rq11vzz2g85bt1v73rxt1avl22y8eqh
পৃষ্ঠা:দীন-দুখী.pdf/২৩৭
104
92811
263699
253741
2026-10-22T10:46:23Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263699
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|২২৫}}</noinclude>
মদৰ দোকানলৈ ভেলজঁ সোমাই যোৱা তাৰ জ্বল্ জ্বল্ পট্ পট্ কৰে
মনত পৰিল। তাৰ পাছত সেই ফালেদি গুলিৰ শব্দ হোৱাও সি
শুনিবলৈ পাইছিল। মেৰিয়াছৰ ধাৰণা হল — পলৰীয়া কয়দীৰ
এই চিৰ-শত্ৰু জাভেয়াৰৰ ওপৰত প্ৰতিহিংসা সাধিবলৈকে জভেঁলজ
যুদ্ধ ক্ষেত্ৰলৈ গৈছিল। জাভেয়াৰক ভেলজঁয়ে বধ-কৰিলে৷ কিন্তু এই
বুঢ়াই ইমানদিন কজেটক কেনেকৈ লৈ ফুৰিছিল? এই ছাগলী
পোৱালীটোক কিয় ভাল পাইছিল? এনে হিংসুক জন্তু এটাই নিছলা
প্ৰাণী এটাক এনে ভাৱে গাত টোকৰ এটা পৰিবলৈ নিদিয়াকৈ লৈ
ফুৰাৱাটো বৰ আচৰিত। আৰু নবছৰকৈ সেই দেবী-প্ৰতিমাটোৱে
এই অসুৰৰ কোলাতে আশ্ৰয়লৈ বহি আহিছিল। কজেটৰ শৈশৱ আৰু
যৌৱন এই মানুহটোৰ স্নেহেইযে ৰক্ষা কৰি আহিছে। তথাপি কজেট
গাত আচৰিত কোনো চিন্ গোন্ধ যে নাই। জঁ ভেলজঁই কজেটৰ কাৰণে
বহুতো কৰিলে। তাইৰ কোমল মনত তেৱেঁই শিক্ষাৰ সাঁচ বহুৱাই
আহিছে। কিন্তু এনে ভীষণ শিল্পীৰ হাতৰ পৰা এনে সুকোমল শিল্প উদ্ভৱ
হোৱা যে বৰ-অসম্ভৱ। ঈশ্বৰৰ বিচিত্ৰ লীলা। তেওঁ মনমোহা কজেট-
প্ৰতিমা গঢ়ি ভেলজঁৰ দৰে আচৰিত খনিকৰক সামৰণি হাত বুলাবলৈ
লগাই দিয়াটো তেওঁৰেই এটা ইচ্ছা মাত্ৰ। মেৰিয়াছে কজেটক পূজা
কৰিছিল পাবলৈ বুলি; তাৰ পূজা সাৰ্থক হল, সি কজেটক পালে। কজেট
সুনিৰ্ম্মল সুপৱিত্ৰ। তাক আৰু কি লাগিছে! জঁ ভেলজঁৰ কথাত সিহঁতৰ
কাঁহি পাতেও গা নেকাটে। ভেলজই নিজে কৈ গল "মই কজেটৰ কি?
দহবছৰৰ আগতে মই তাইৰ অস্তিত্বও গম পোৱা নাছিলোঁ।” ই, সঁচা
কথা। তেন্তে ভাবনা কিহৰ? এইদৰে মেৰিয়াছে বহুতো ভাঙিলে
পাতিলে, তথাপি তাৰ মনত সান্ত্বনা নহ'ল। তাৰ দেহলাও কজেট।
সেই কজেটৰ অভিভাৱক ভেলজঁ। ভেলজঁ এটা কয়দী। ভেলজঁৰ
যে সমাজ সোপানৰ অতি নিম্নস্তৰতো ঠাই নাই। মেৰিয়াছৰ মনত বৰ
আঘাত লাগিল। এই ঘটনাৰ পাছদিনা গধূলি ভেলজ কজেটক দেখা
কৰিবলৈ আহিল। ভেলজঁ ভিতৰ নোসোমাই বহিৰ চৰাতে ৰৈ থাকিল।<noinclude></noinclude>
lxyk0gzu8jmyevsm4c3ha1ajof52pei
পৃষ্ঠা:Bahu Chabi, Bahu Rong.pdf/২৯
104
94660
263679
2026-10-21T17:44:53Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263679
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell
পৃষ্ঠা:দত্তদেৱ চৰিত.pdf/১৮
104
94661
263680
2026-10-21T17:45:55Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263680
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell
পৃষ্ঠা:দত্তদেৱ চৰিত.pdf/২৩
104
94662
263681
2026-10-21T17:46:43Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263681
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell
পৃষ্ঠা:দত্তদেৱ চৰিত.pdf/২৬
104
94663
263682
2026-10-21T17:47:27Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263682
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell
পৃষ্ঠা:অসমৰ লোক-সংস্কৃতি.pdf/১
104
94664
263683
2026-10-21T17:49:02Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263683
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell
পৃষ্ঠা:অসমীয়া চীয়াঁৰ সঙ্কেত.pdf/১৩
104
94665
263684
2026-10-21T17:50:00Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
263684
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude><noinclude></noinclude>
hcnu63dwpoyckcr0y0sth22m5snmell