ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.48.0-wmf.5
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৫
104
34100
268804
73091
2026-11-18T15:30:23Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268804
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||—ৰবি-ককাৰ কথা—|৯}}</noinclude>দঢ়াই দঢ়াই কৈ ককাক কাবৌ কৰিছিলোঁ। আমাৰ সৰ্ব্বতোভাৱে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। কিন্তু পৰাজয়ৰ হীনতাৰ ভাব আমাৰ মনত সৰহ দিন স্থায়ী হোৱা নাছিল, আৰু হোৱাটো সম্ভবো নহয়। অচিৰতে আমাৰ বাঢ়োতা কুমলীয়া মনৰ পচোৱাত মাজু-বুঢ়া-ব্যাপাৰৰ বিভীষিকা কৰবালৈ উৰি গল। ককাই মাজু-বুঢ়া আহিছে বুলিলেই আমি মাজু-বুঢ়াক সাং কৰিবলৈ লাখুটি-জোকৰা হৈ উঠিলোঁ।
{{gap}}সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলোঁ। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকা-চুলি আবিস্কাৰ কৰিলোঁহক। একে জাপেই তেওঁৰ কাষৰ পৰা আঁতৰি আমি দল বান্ধি হাত-চাপৰি বাই নাচি গাবলৈ ধৰিলোঁ— “ককা বুঢ়া হল! ককা বুঢ়া হল!” যদিও ককাই ততালিকে আমাৰ হতুৱাই পকাচুলিকেইডাল নিৰ্ম্মূল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰ পৰা এটা ফকৰা মাতি তেওঁক জোকাই তেওঁৰ খং তুলিবলৈ আৰু তেওঁক আমাৰ
ফালে চোচা-লোৱা দেখি গিৰ্জ্জনি মাৰি হাঁহি ফিৰিঙটি ভগাদি ভাগি পলাই পত্ৰং দিবলৈ নাপাহৰিছিলোঁ। ককাক আমনি কৰা ফকৰাটো আমি লৰাবোৰৰ ভিতৰৰ কাৰো দ্বাৰাই বিৰচিত নহয়, কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰাই ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পকাচুলিৰ আকস্মিক আবিৰ্ভাবৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপক্ষদলৰ কোন প্ৰতিভাশালী ৰসিকে ককাৰ পকাচুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই; কিন্তু ককাৰ খং তুলি ৰং চাবৰ সপক্ষে এনে ব্ৰহ্মাস্ত্ৰ আমাৰ হাতত আৰু আন এটা নাছিল।
{{gap}}ককাক দেউতাই নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি মাতিছিল। তেওঁ লোকৰ ঘৰে ৰজা-ঘৰৰপৰা সেই বিষয় পাইছিল।<noinclude></noinclude>
1f4vea0o02jibh3ld0v3ngskc3lxmwt
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৬
104
34101
268805
73092
2026-11-18T15:36:27Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268805
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|১০|মোৰ জীৱন সোৱঁৰণ|}}</noinclude>দেউতাৰ গোসাঁইঘৰত মূৰ্ত্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাব ককাৰ গাত আছিল; আৰু আমাৰ নাম-প্ৰসঙ্গৰ অন্তত দেউতাকে প্ৰমুখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্ব্বাদ মাতি আশীৰ্ব্বাদ কৰিবৰ বাবটোও তেওঁৰ গাত আছিল। ককাৰ আশীৰ্ব্বাদৰঅ দীঘলীয়া গত আজিলৈকে মোৰ মনত আছে।
{{gap}}ককা পুৱাই সোনকালে শোৱাপাটীৰ পৰা উঠিব নোৱাৰিছিল; অথচ আমাৰ পিতৃদেৱতা early riser, ব্ৰহ্ম মুহূৰ্ত্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। কাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ অসন্তুষ্ট হৈছিল। বেলিকৈ শুই থকা ককাক সেই দেখি দেউতাই ডাবি হুকি দি শোৱাপাটীৰ পৰা তোলাটো দেউতাৰ নিত্যকৰ্ম্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সম্বোধনবোৰ আছিল—“টোপনি—গধুৰ!” “গা-গধুৰ!” ইত্যাদি। ককা কিন্তু নিদ্ৰাসুখত অটল স্বভাবৰ আছিল। তেওঁ ডাবিও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল, আৰু লগে লগে “টোপনিৰ চিকুন পুৱা” এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰা-সুখ ষোল অনা উপভোগ কৰিবলৈকো নেৰিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক প্ৰাতৰ্যুদ্ধটো আমাৰ এটা উপভোগৰ বস্তু হৈ উঠিছিল।
{{gap}}আমি সকলোৱে দেউতাৰে সৈতে একে মজিয়াতে বহি ভাত খোৱা নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াখনো সৰু-সুৰা নাছিল, তাত কুৰি-পঁচিশ জনে নিৰ্ব্বিবাদে শাৰী পাতি চাৰিউফালে বহি ভাত খাব পাৰে, আৰু সেইদৰে নিতৌ খোৱাও হৈছিল। দেউতা পূবফালে পশ্চিম-মুৱা হৈ বহিছিল। আন খাৱৈয়াসকলঅ উত্তৰে দক্ষিণে পশ্চিমে পৰম্পৰ মুখামুখি কৰি বহিছিল। বেঢ়াৰ ওপৰত খোৱা ডাঙৰ কাঁহীত দেউতাই ভাত খাইছিল, আৰু সেই<noinclude></noinclude>
e7w11jg8kxwyf8a7h61j2ag31lmme6w
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৭
104
34102
268806
73093
2026-11-18T15:43:40Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268806
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||—ৰবি-ককাৰ কথা—|১১}}</noinclude>কাঁহীৰ চাৰিউকাষে তিনি চাৰিখন আঞ্জাৰ বাটী আৰু ওচৰতে গাখীৰৰ বান-বাটী সজাই দিয়া হৈছিল। বেঢ়া-কাঁহীত ভাত খাবলৈ বহিবলৈ খুৰা-দিয়া বৰ-পিৰা, ওচৰত মুখ ধুবলৈ বৰ চৰিয়া, আৰু খৰিকা লবলৈ খৰিকা-দানিত একোছা ভালকৈ কটা খৰিকা থোৱা হৈছিল। বাকী সকলৰ কাঁহী-বাটী মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম, মজিয়াৰ সভাত দেউতাৰো প্ৰায় তেনেকুৱাই কাম আছিল। মজিয়াত হোৱা গম্ভীৰ গঢ়ৰ কথা বাৰ্ত্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। সেই মজিয়াৰ সভাত আমাৰ ককা ৰবিনাথ বৰুৱা এজন সৰ্ব্ববাদীসম্মত সংবাদদাতা আৰু
সুযোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে বাহিৰে সংঘটিত কায্য-কলাপবোৰৰ সংক্ষিপ্ত বা বাহুল্য বিবৰণ ককাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত “পেচ” কৰিছিল। আমিতো লৰাৰ দলে ওৰে দিনটো চট্ফটাই লৰি-ঢাপৰি, হাঁহি খিকিন্দালি মাৰি ফুৰোঁৱেই; আৰু দেউতা কছাৰীলৈ যোৱা ডোখৰ কাল আমাৰ ৰাম ৰাজ্য, তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্যক্ৰীড়াৰ ৰসভঙ্গ কৰি আমাক হুমিয়ায় “ৰ, আজি ডাঙৰীয়া আহিলে কৈ দিম।” বালক-সুলভ চপলতাৰ বশবৰ্ত্তী হৈ আমি অনেক সময়ত ককাৰ গুৰু-গম্ভীৰ গৰ্জ্জন কাণৰ বিন্ধাত সোমাবলৈ নিদিও, আৰু অনেক সময়ত, ককাই খাই-বৈ দুপৰীয়া শোওঁতে তেওঁৰ গা পিটিকি দি, নাইবা পিঠিৰ ঘামচি মাৰি দি, সেই সেৱা-শুশ্ৰুষাৰ ভেটীৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাৰোঁ। কিন্তু একো একো দিন আমাৰ দূৰদৃষ্টৰ ফলত এনেকুৱা শান্তিপ্ৰদ ভেটীয়েও ককা শান্ত কৰিব নোৱাৰে, তেওঁ বালক আচামীবোৰৰ পৰা অসঙ্কুচিত চিত্তে ভেটীও খায়, আৰু নিমখ্হাৰামী কৰি আচামীৰ বিপক্ষে সাক্ষিও দিয়ে। ফলত, দোষৰ গুৰুত্ব লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ<noinclude></noinclude>
pm5h0fanu99hekbrqy191rhb5wgoo4u
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৮
104
34103
268807
73094
2026-11-18T15:47:55Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268807
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|১২|মোৰ জীৱন সোৱঁৰণ|}}</noinclude>হয়। আমাৰ দায়-দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত “পেচ” কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্ব্বলক্ষণ প্ৰকাশিত হয়। সেই পূৰ্ব্বলক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায়, যে আমাৰ তীক্ষ্ণ দৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ “আহাৰানন্দ” টুটি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰুৱা, তথাপি মাজৰ চুলিকোছাৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰুৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনোমতে ন্যূন নাছিল। তেওঁৰ দীঘল চুলিকোছাৰ আগত টিকনিৰ যিটো থোপোৰা গাঁঠি আছিল, সেইটোও পৰিমৰা বিধৰ নাছিল। ভূঁইকঁপৰ আগতে
যেনেকৈ প্ৰকৃতিৰ এটা গম্গমীয়া আকৃতি দেখা যায়, আমাৰ বিৰুদ্ধে মোকৰ্দ্দমা “ৰুজু” কৰিবৰ আগতে ককাৰো তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহূৰ্ত্ততে তেওঁৰ গলধনত, সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্ম্মালিৰে বিভূষিত হৈ মহাসুখে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঁঠিয়ে উগ্ৰমূৰ্ত্তি ধৰি ককাৰ হাতৰ সহায়েৰে তেওঁৰ ব্ৰহ্ম তালুৰ ওপৰত উঠে, আৰু আমাৰ প্ৰতি বিৰুদ্ধ ভাব প্ৰদৰ্শন কৰি নিৰ্ম্মমভাৱে ফেৰ পাতে। এনে Signal অৰ্থাৎ সাঙ্কেতিক চিহ্ণই আমাক কবলৈ আৰু বাকী নাৰাখে যে “লৰাহঁত! আজি তহঁতৰ ফালে পতং!” আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধযাত্ৰাৰ এইটো প্ৰথম Stage বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰে সৈতে ৰিজাব পাৰি। তেওঁ আমাৰ ফালে চাই মূৰ দুপিয়ায় আৰু দুই তিনটা মিচিকীয়া হাঁহি মাৰে। তৃতীয় অৱস্থা — ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন, “কি হৈছিল?” চতুৰ্থ অৱস্থা —“আজি লক্ষ্মীনাথে...” ইত্যাদি অভিযোগ। পঞ্চম ষ্টেজ বা Conclusion অৰ্থাৎ সামৰণি ঃ-দেউতাৰ হাতত সেই দিনাই বা পিছদিনা আমাৰ লাঞ্ছনা। যি হওক, এইটো কোৱা উচিত যে তথাপি আমি লৰাবোৰে ককাক প্ৰাণ-ভৰি ভাল পাইছিলোহঁক।<noinclude></noinclude>
310wp3dy7ifnv88qqq72lrv8l6dqru8
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৯
104
34104
268808
73095
2026-11-18T15:53:46Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268808
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||—ৰবি-ককাৰ কথা—|১৩}}</noinclude>কাৰণ, ককা আমাৰ ককা, আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া, আৰু সাধুকথাৰ ডাঙৰ থুন্পাক। এটা মহৎ গুণ ককাৰ গাত আছিল; তেওঁৰ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খুৱাবৰ গুৰি যদিও তেৱেঁই হয়, কিন্তু দেউতাই আমাক একোব দুকোব লগাওঁতেই তেৱেঁই আকৌ আমাৰ ওপৰতে পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে।
{{gap}}সেইডোখৰ কালত ককাৰ বয়স ৩৫ অৰ কম আৰু ৪০ অৰ ওপৰ নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জানো, আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৱা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ত্ৰিশ-পঁয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হলেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু কি দুখৰ বিষয় আজি কালি বঙ্গদেশৰ ঢৌৱে কোবোৱা বাবেই হওক নাইবা অসমীয়া ভদ্ৰসমাজৰ অৱস্থাৰ কোনো কাৰণত, পৰিবৰ্ত্তন ঘটাৰ বাবেই হওঁক, সেই পুৰণি healthy সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বঙ্গদেশৰ নিচিনা, শহুৰ-শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা ( early marriage ) ঘৃণিত প্ৰথাই অধিকাৰ কৰি আহিছে! অসমীয়াৰ ঘৰত বঙালীৰ সাৰীৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আধিভৌতিক উপদ্ৰৱ মাথোন। আই আসাম! তুমি এই উপদ্ৰৱৰ প্ৰতিৰোধ কৰিব নোৱাৰা নে। নিশ্চয় পাৰিবা। এই উপদ্ৰৱ তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাথোন!
{{gap}}তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতেগ দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ দীঘল হয়। আমাৰ চুটিমুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দেৰে উপচি পৰিল। বুঢ়ীআয়ো সততে আমাৰ ধেমালিৰ লগৰিয়ানী হল।<noinclude></noinclude>
hhc9bcmq0afkq2cz94353cid8f8u8wl
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২০
104
34105
268809
73096
2026-11-18T15:59:58Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268809
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|'''{{Xx-larger|দ্বিতীয় আধ্যা।}}'''}}
{{center|'''{{X-larger|—লক্ষীমপুৰ-}}'''}}
{{gap}}তেজপুৰৰ পৰা পিতৃদেৱতা লক্ষীমপুৰলৈ বদলি হল; আৰু আমি ছাঁবোৰে লগে লগে লক্ষীমপুৰ পালোহি। আহিয়েই আমি কাৰ ঘৰত উঠিছিলোঁ, মনত নাই; কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে টোল, ঢাপ, টাটী, চকোৱাৰে সম্পূৰ্ণ কৰি সজোৱা আহল বহল ন ঘৰলৈ যোৱাটো মনত আছে। আৰু মনত আছে—ন ঘৰ লোৱাৰ দিনা হোৱা নাম-প্ৰসঙ্গ পূজা-সেৱাৰ উৎসৱৰ আহল-বহল উছাহটো।
{{gap}}আমাৰ ঘৰৰ ওচৰতে সিদ্ধেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণ-ৰূপৰ অলঙ্কাৰ গঢ়া কাম কৰিছিল দেখি সকলোৱে তেওঁক সিধাই সোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলোঁ, আমি সিধাই সোণাৰিৰ সোণাৰি শাললৈ শুভাগমন কৰি তাত বহি একান্ মনে, তেওঁ কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ ভাতিৰে ফোচ্ ফাচ্ কৈ বতাহ দি গলাই লৈ নমাই চেঁচা পানীৰ চৰুত জুবুৰিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিৰে কোবাই কোনো এবিধ অলঙ্কাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মনযোগেৰে সৈতে নিৰীক্ষণ কৰি কৌতূহল চৰিতাৰ্থ কৰিছিলোঁ। সিধায়ে কেৰু মণি আৰু খাৰুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিনা কৰিছিল, ৰঙা, নীলা আৰু কলপতীয়া কাচৰ মণি ভাঙি তাৰ একোটুকুৰা সঁচা বাখৰৰ শাৰীত, ধৰিব নোৱাৰাকৈ কেনেকৈ বহুৱাইছিল, ইত্যাদি কাৰ্য্য আমি ইমান আগ্ৰহেৰে লক্ষ্য কৰি আমোদ পাইছিলোঁ যে অনেক সময়ত উৎসাহৰ সোঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণাৰিক সহায় কৰি নিজক কৃতাৰ্থ মানিছিলোঁ। একো একো দিন মই মাতৃ<noinclude></noinclude>
g7v4sgplxwdabkaxto4uv9eu3yy49z6
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২১
104
34106
268810
73097
2026-11-18T16:08:32Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268810
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||—লক্ষীমপুৰ—|১৫}}</noinclude>দেবীক কুতুৰি কুতুৰি খুজি একোটা ডবল পয়ছা লৈ গৈ তাৰে সোণাৰিৰ হতুৱাই একুটি সৰু খুৰি-বাটী সজাই লৈছিলোঁ, আৰু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুৰিকৈ ভৰাই আপুৰুগীয়াকৈ সাঁচি থৈছিলোঁ। মনত আছে, এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১২০০ টকা বেচৰ এজোৰ সুন্দৰ বাখৰ পতোৱা খাৰু গঢ়াই লৈছিল। সোণাৰি শালত সেই খাৰু বোধনৰ দিনাৰে পৰা বিসৰ্জনৰ দিনালৈকে তাৰ সকলো অৱস্থা মোৰ সাগ্ৰহ আৰু সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গটী দিপলিপ্ ছোৱালী এজনী আছিল। মোক কোনে কৈ দিছিল কব নোৱাৰো, অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল, যে সেই ধুনীয়া ছোৱালীটি সিধায়ে নিজৰ সোণাৰি-শালতে গঢ়ি
উলিয়াইছিল। জয়া আমাৰ ওমলাৰ লগৰীয়া হৈছিল; কিন্তু সততে নহয়, ঢকাচমকাকৈহে।
{{gap}}দুৰ্গেশ্বৰ শৰ্ম্মা নামেৰে আমোলা এজনো আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতো আমাৰ সমাগমৰ ক্ৰটীি নঘটিছিল; ঘাইকৈ দুৰ্গোৎসৱৰ এমাহ মানৰ আগৰ পৰা। দুৰ্গেশ্বৰে খনিকৰৰ বিদ্যা জানিছিল। নিজৰ ঘৰৰ পূজাৰ নিমিত্তে তেওঁ নিজ হাতে প্ৰতিমা সাজিছিল। প্ৰতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰে পৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেৰে মই প্ৰতিমাৰ নিমিত্তে বোকা-খচা, জুমুধি-বন্ধা আদি কাৰ্য্যত শৰ্মাৰ সহায়ক হৈছিলো আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোবৃত্তিকো ৰচি বান্ধি মনতে কি অপৰূপ মায়াপুৰী সাজিছিলো, ভাবিলে শৰীৰত ৰোমাঞ্চ হয়।
মই ভাবিছিলো, দুৰ্গেশ্বৰ খনিকৰে যেনেকৈ এই প্ৰতিমাৰ প্ৰত্যেক অংশ নিজৰ সুনিপুণ হাতেৰে গঢ়ি তুলিব লাগিছে,অ আমাকো আমাৰ বৰ খনিকৰ ঈশ্বৰে সেইদৰে পৰিশ্ৰম কৰি গঢ়ি এই পৃথিবীত<noinclude></noinclude>
8p783s4ojfqcbzdjjtk5wnolk2lqzf9
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২২
104
34107
268811
73098
2026-11-18T16:15:56Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268811
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh|১৬|মোৰ জীৱন সোৱঁৰণ|}}</noinclude>উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাৱে তেতিয়াই মোৰ মনত উদয় হৈছিল। শৰ্ম্মাদেৱে প্ৰতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্য্যৰ অংশতে মোৰ কৌতূহলৰ চকু পৰিছিল। ধল, হেঙুল, হাইতালৰ বৰণ পিহাসনা কাৰ্য্যই প্ৰতিমাৰ গা, হাত, ভৰি, মুখ উজ্জ্বল কৰাৰ লগে লগে মোৰো মন উজ্জ্বল কৰি তুলিছিল। মনত আছে, এদিন দুৰ্গেশ্বৰ শৰ্ম্মা দেৱক সুধিছিলোঁ— “দুৰ্গেশ্বৰ ককাইদেউ, এই হেঙুল হাইতালবোৰ কত পোৱা যায়?” তেতিয়া বেলি পৰিছে : পশ্চিম আকাশ বিচিত্ৰ বৰণেৰে চিত্ৰিত হৈ উঠিছে। তেওঁ ততালিকে সেই ফালে আঙুলিয়াই দেখুৱাই কলে “এইবোৰ মই সৌ তাৰ পৰা আনিছো”। মই সুধিলো, “আমিও আনিব নোৱাৰোনে”? তেওঁ উত্তৰ দিলে “তহঁতে নোৱাৰ। গোসাঁনী পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনো,—মোক হে দিয়ে।” মই মিনতিকৈ কলো, “ককাইদেও, মোকো-চপৰাচেৰেক আনি দিয়ক।” তেওঁ কলে “বাৰু দিম”। ইয়াৰ পিছতো মই তেওঁৰ সেই প্ৰতিশ্ৰুতি তেওঁক সোৱঁৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰিছিলো। কিন্তু তেওঁ "দিম দিম” কৰি লাহে লাহে গা এৰা দিলে দেখি মই হতাশ হৈ আৰু খুজিবলৈ এৰি দিলো।
{{gap}}শৰ্ম্মাদেৱৰ প্ৰতিমা সজাত লাচনি-পাচনী কাৰ্য্যেৰে “মদট” দিয়াৰ বেচ স্বৰূপে এদিন তেওঁ সেই খচা কুমাৰ–মাটিৰে এটা সুতুলি সাজি মোক দিলে; আৰু কেনেকৈ ফুটাত মুখ দি ফুৱাই বজাব লাগে সেই কৌশলটোও শিকাই দিলে। মই কৃতজ্ঞ মনেৰে সুতুলিটো হাতত লৈ দুবাৰ-চাৰিবাৰৰ ব্যৰ্থ চেষ্টাৰ পিছত, মোৰ মুখৰ ফুৰে আৰু আঙ্গুলিৰ বুলনিৰে যেতিয়া সুতুলিৰ সুৰ তুলিলো, আৰু ক্ষন্তেকতে তাৰ মিহি কম্পন-ধ্বনিৰে দশোদিশ কপাবলৈ ধৰিলো, মোৰ হৃদয়-তন্ত্ৰীৰ আনন্দ-
কম্পনো ততোধিক হৈ উঠিল। কৰবাত এডোখৰ পাহাৰৰ সম্ভেদ<noinclude></noinclude>
ppp54k6aefikzjnuc8shxhxta343eau
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৩
104
34108
268812
73099
2026-11-18T16:25:11Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268812
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||-লক্ষীমপুৰ-|১৭}}</noinclude>
পাই ব্যস্ত-সমস্তভাৱে এটাৰ পিছত এটা, তাৰ পিছত এটা, তাৰ পিছত আকৌ এটাকৈ, লালি নিছিগাকৈ লৰা গুৰি-পৰুৱাৰ দৰে মোৰ সুতুলিৰ সুৰবোৰো লৰিবলৈ ধৰিলে। কেচা কুমাৰ মাটিৰ দাগ লাগি মোৰ ওঠ বগা হল; ফুৱাই ফুৱাই মুখত বিষে ধৰিব লগীয়া হল, সেই উপসৰ্গবোৰলৈ মোৰ ভ্ৰুক্ষেপ নাই; মোৰ সুতুলিৰ সুৰ অবিৰাম ভাৱে চলিবলৈ ধৰিলে, চেনেহৰ চুমাৰ এঠাৰে এঠা খাই সুতুলি মোৰ মুখত লাগি গল। সুতুলিৰ দৌৰাত্ম্য বাঢ়িলত আমাৰ গতি-বিধিৰ পৰিদদৰ্শক ৰবিনাথ ককাই, মোৰ কাকুতি-মিনতিলৈ আওকাণ কৰিঅ সুতুলিটো মোৰ হাতৰ পৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এচাৰ মাৰি ভাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচকুৰ পৰা দুধাৰ লো বৈ গল; মই দুখ-শোকত ম্ৰিয়মাণ হলো। আমন-জিমনকৈ দুৰ্গেশ্বৰ শৰ্ম্মাৰ ওচৰ পালোগৈ। মুখৰ গঢ় দেখি, মোৰ কি হৈছে সুধি, জানি, মৰম পতিয়াই, তেওঁ মোলৈ আৰু এটা সুতুলি সাজি ৰদত শুকাবলৈ দিলে। সেই দিনাই আবেলি মই মোৰ হেৰোৱাঅ নিধি নতুন সুতুলি লাভ কৰিলো। অনতিবিলম্বতে সুতুলিৰ ভিতৰেদি সমুখিত আনন্দৰ কৰুণ সুৰে দিষ্মণ্ডল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়, এই সুতুলিৰো পৰমায়ু সৰহখিনি পৰ নাছিল; কংসাৱতাৰ ককাই সংবাদ পাই পুনৰ্জন্ম লাভ কৰা সুতুলিটিকো পূৰ্ব্বৱতে শিলত
আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু এখোজ আগবাঢ়িঅ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বৈশেষকৈ কৈ দিলে, যেন তেওঁঅ আৰু মোক ন-কৈ সুতুলি সাজি নিদিয়ে। ফলত, সুতুলি-সৃষ্টিৰ আদ্য়াশক্তি নিষ্ক্ৰিয় হল। কিন্তু উপায়হীনৰ উপায়দাতা সহায় হল; মোক তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ঘৰৰ লগুৱা লৰা এটাৰ শৰণাপন্ন হলো; সি মোক দ্বিতীয় শ্ৰেণীৰ সুতুলি এটা সাজি দিলে। কিন্তু যদিও পুনৰাগত এই সুতুলিত আগৰ দুটাৰ দৰে finish<noinclude></noinclude>
3lau3p790gl21zuw0zkdvm87xfz0h1m
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৪
104
34109
268813
73100
2026-11-18T16:37:28Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
268813
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||মোৰ জীৱন সোৱঁৰণ|১৮}}</noinclude>অৰ্থাৎ কাৰিকৰী নাছিল, আৰু যদিও তাৰ “গলা সুৰ-সধা” নাছিল, তথাপি এই কণা মোমায়েই মোৰ অনেকখিনি অভাৱ পূৰণ কৰিলে। মই তাক হেপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থলোঁ। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষ্ণ দৃষ্টি সি অতিক্ৰম কৰিব নোৱাৰিলে; কোনো চৰিয়াৰ সহায়েৰে ককাই সেই গুপ্ত নিধি আবিষ্কাৰ কৰি লুপ্তকৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হল, যে এই বাৰৰ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মা নহয়, আমাৰ লগুৱা লৰাটোহে! তাক তেওঁ মাতি আনি কৰাকৈ ডাবি দি কলে যে ভবিষ্যতত সি যেন আৰু তেনে দোষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দুখত
দুদিন নিৰুটসাহ হৈ বহি আছিলোঁ। হঠাৎ বিজুলী মৰাৰ দৰে মনলৈ উছাহ আহিল; মই ভাবিলোঁ, মই নো নিজ হাতে সুতুলি এটা সাজি নলও কিয়? যেনে ভাবোদয় তেনে কাৰ্য্য। লৰি গৈ শৰ্মাৰ ঘৰ পৰা কুমাৰমাটি এসোপা সংগ্ৰহ কৰি আনি সুতুলি সাজিবলৈ লাগি গলো। প্ৰথম চেষ্টা বিফল হল। দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ৰল। তৃতীয় চেষ্টাত কৃতকাৰ্য্য হলো। এক প্ৰকাৰ চলি যাব পৰা সুতুলি এটা মই স্ৱহস্তে নিৰ্মাণ কৰি পেলালে আৰু ফুৱাই তাৰ পৰা মাতো উলিয়ালো। কৃতকাৰ্য্যৰ সফলতাত মোৰ মন উৰুলিকৃত হল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱা পাটীত পৰি নিদ্ৰাক আহবান কৰি আছিল, এনেতে হঠাৎ সুতুলিৰ সুৰৰ ৰাম নাম তেওঁৰ কাণত পৰিল। তেও উত্তেজিত হৈ একে চাবেই উঠি মোৰ ফালে চোচা ললে; মই দিলোঁ লৰ। মোক সৰহ দূৰলৈ খেদি যোৱাটো নিস্ফল বুলি তেওঁ আঁতৰৰ পৰা ৰিঙিয়াই শাসন কৰি কলে-“বাৰু আজি ডাঙৰীয়া কছাৰীৰ পৰা আহক, কোবত তোৰ পিঠিৰ ছাল তোলাম। এই শাসন বাক্য শুনি মোৰ মন দমি গল, মই কিছুমান বেলিৰ মূৰত উভতি আহি, তেওঁৰ মোৰ বুকুৰ বান্ধ সুতুলিটো সমৰ্পন কৰি<noinclude></noinclude>
rhp90jmzzg4514qmgtznvrc3m1salda
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৮
104
34113
268814
73104
2026-11-18T16:38:27Z
প্ৰয়াসী বৰঠাকুৰ
3437
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268814
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mridul Kumar Sharmah" /></noinclude>২২
মোৰ জীৱন সোৱৰণ
কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু
দুটি মোৰ সমনীয়াই হওক, নাইবা মোতকৈ সৰুৱেই হওক, এনে
বিধৰ আছিল। সেই দুটিৰ এটি আজি কালি আসামত সু-বিখ্যাত
শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত পদ্মনাথ বৰুৱা। *
*
স্বৰ্গীয় লক্ষ্মীনাথ
বেজবৰুৱাৰ লক্ষীম্-
পুৰীয়া জীৱনৰ বিষয়ে
ভালদৰে জানিব পাৰে
বুলি ৰায়বাহাদুৰ
গোহাঞি বৰুৱালৈ
আমি চিঠি লিখি
সোধাত শ্ৰীযুত
গোহাঞি বৰুৱা
ডাঙৰীয়াই আমালৈ
এনেদৰে লেখিছে:-
“তেতিয়া মই নিচেই
সক
লৰা;
সেই
কালৰ কথা ৰিণিকি
ৰিণিকি হে মনত পৰে। মাধোন ইমানকে কব পাৰোঁ যে, স্বৰ্গীয় ভাঙৰীয়া
দীননাথ বেজবৰুৱা যি কালীন উত্তৰ লক্ষীপুৰত সঙ্গৰামীন বা মুপি
হৈ ৰাছিল, সেই কালীন মোৰ স্বৰ্গীয় পিতৃ ঘিণাৰাম গোহাঞি বৰুৱা
ডাঙৰীয়াৰ লগত তেখেতৰ অতি আপোন থাৰু মুফতোৱ নাছিল;
হুইৰো হুইৰে প্ৰতি গভীৰ সম্ভাৰ থকাটো নাজিও নাগৰ দিনিয়া ৰুচাৰ
মুখে শুনা যায়। তেতিয়া তোমাৰ দেউতাৰ প্ৰকৃত বিনন্দি বেজবৰুৱা<noinclude></noinclude>
laqqztmincyo3opshday7cnr3cv8yr6
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৯
104
34114
268815
73105
2026-11-18T16:38:54Z
প্ৰয়াসী বৰঠাকুৰ
3437
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268815
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mridul Kumar Sharmah" /></noinclude>—বিদ্যাৰম্ভ
২৩
ছিপাহী বিদ্ৰোহৰ ঢৌৰ কোব অসমতো আবিষ্কাৰ কৰাৰ সম্পৰ্কে
বিশেষৰূপে খ্যাতি লাভ কৰোঁতা হুৰনাথ পৰ্ব্বতীয়া বৰুৱাৰ জ্যেষ্ঠ
পুদ্ৰ শ্ৰীযুত হলিৰাম বৰুৱা ( যি পিছত একষ্ট্ৰা
কাছাৰ্তি হেডক্লাৰ্ক পদতেই হওক বা আন
এচিষ্টেণ্টৰ পদ পাইছিল )
কোনো তেনে পদতেই
হওক, লক্ষীপুৰলৈ আহি আমাৰ টোলতে, দেউতাই সজাই দিয়া
ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই-কুকুৰা ভোজন কৰে
বুলি মিছাকৈ কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল কব নোৱাৰোঁ,
সেই দেখি পৰা পক্ষত তেওঁৰ ঘৰৰ ফালে মই নগৈছিলোঁ। সম্ভৱতঃ
তেওঁ নিজেই মোৰে সৈতে কৌতুক কৰিবলৈ সেই কথা কই মোক
ভয় খুৱাইছিল; কাৰণ মোৰ মনত আছে, এদিন তেওঁ ভাত খাবৰ
সময়ত, মোক মাতি নি তেওঁৰ বাটীত থকা পাৰ চৰাইৰ আঞ্জা দেখুৱাই
মোক কুকুৰাৰ আঞ্জা বুলি কৈ তাৰে সৰু হাড় এডোখৰ মোৰ গাৰ
ফালে দলি-মাৰি দিছিল, আৰু মই চুৱা হবৰ ভয়ত একে লৰে আমাৰ
ঘৰ পাইছিলোঁহি। শ্ৰীযুত হলিৰাম বৰুৱাৰ ওপৰত মোৰ বিতৃষ্ণা
জন্মাৰ আৰু এটা কাৰণ ঘটিছিল। দিনচেৰেকৰ আগতে তেওঁৰ
ঘৰৰ চালত এটা হুদু পৰিছিল; আৰু সেইটো অমঙ্গলৰ কথা দেখি
তেওঁ পূজা শাস্তি-কম আদি কাৰ্য্য বামুণৰ হতুৱাই কৰাই, সেই
অমঙ্গলৰ প্ৰতিবিধান কৰিব লগীয়াত পৰিছিল। এদিন মই গধূলি
চেমনীয়া আৰু তেখেতৰ অনুজ সহোদৰ শ্ৰীনাথ আৰু লক্ষ্মীনাথ
চেঙেৰা। সিবিলাকৰ সমনীয়া আছিল মোৰ বৰ-ককাইদেৱ “মোহ
চন্দ্ৰ গোহাঞি বৰুৱা। নাথ আৰু লক্ষ্মীনাথৰ লগত ৺মোহনচন্দ্ৰ
বিশেষ প্ৰণয় থাক বন্ধুতা আছিল। সিবিলাক তিনিৰো, বিশেষকৈ
লক্ষ্মীনাথৰ বৰণী-বোৱাত বৰ ৰাপ, আছিল। *
ীমাধৱ বেজবৰুৱা<noinclude></noinclude>
ls3w7rucv5ksarsmpa6otiak3dlfvqx
পৃষ্ঠা:হেমকোষ.pdf/৮৯
104
47206
268853
268777
2026-11-19T04:22:26Z
Aikiasu
3554
268853
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kuldhar Rabha" />{{rh| <b> | | </b> }}
{{columns-list|2|</noinclude>a day of the week which is supposed not to be proper or not prescribed for a particular purpose.
<b>আওবাৰে</b>, ক্ৰি. বি. বেয়া বা অনুপযুক্ত বাবে; যেনে, আওবাৰে কলৈও যাব নেপায়, on an inauspicious or wrong day of the week.
<b>আওভাও</b>, স. শ. (অং. আও, অনুক্. + ভাও, কাম কৰিবৰ দিহা) কাম কৰিবৰ দিহা বা প্ৰকাৰ, যি দৰে যি কাম কৰিব লাগে, তাৰ নিয়ম; যেনে, কামৰ আওভাও নোপোৱা মানুহ, the mode of doing anything, (modus operandi).
<b>আওমৰণ</b>, স. শ. (অং. আও, বেয়া বা দুখযুক্ত + মৰণ, মৃত্যু) বেয়া মৰণ, বৰ দুখযুক্ত বা অস্বাভাবিক মৃত্যু, a painful or unnatural death.
<b>আওমৰণে</b>, ক্ৰি. বি. বৰ দুখেৰে বা বৰ কষ্ট পাই (মৰাত খাটে); যেনে, হিংসক মানুহ আওমৰণে মৰে, with great pain, suffering extremely, said of dying.
<b>আওৰা</b>, স. ধা. (সং. আবৃত্তি; বং. আওড়ান, পাঠ কৰণ) মনত ৰাখিবৰ কাৰণ ঘনে-ঘনে মাত; যেনে, ছাত্ৰই পাঠ আওৰাইছে, to repeat frequently in order to commit to the memory.
<b>আওলা</b>, স. শ. (অং. ওলা, বাহিৰ হ; ঘৰৰ বাহিৰে থাকে, এতেকে) ঘৰৰ পানীপাচৰ খুঁটাৰ বাহিৰে ওলাই থকা চাল; তাতে লগাই দিয়া চালি, আগচালি, the eaves of a house, addition to the same, a pent-house.
<b>আওহতীয়া</b>, বি. (অং. আওহাত, বাওঁহাত) বাওঁফলীয়া, বাওঁহাতৰ ফালে থকা; সদায় মানুহ যি ঠাইলৈ যায়, তাতকৈ আন, সহজে যাব বা পাব নোৱৰা (ঠাইৰ বিশেষণ); যেনে, “যমৰো আওহতীয়া ঠাই” I placed on the left side; out of the way, situated at an unfrequented or not easily accessible place.
<b>আওহতীয়াকৈ</b>, ক্ৰি. বি. বাওঁফালে; সদায় যোৱা ঠাইতকৈ আন ঠাইত, সহজে নোপোৱা ঠাইত; যেনে, হুল-জোঙবোৰ আওহতীয়াকৈ থব লাগে, on the left side; at an unfrequented inaccessible place.
<b>আওহ</b>, অ. ধা. (অং. আঁউজ) পিঠিত ভৰ দি বহ (চহা) to lean, to recline.
<b>আওহাত</b>, স. শ. (অং. আও, সোঁ ফালতকৈ আন + হাত, গাৰ এক অঙ্গ) বাওঁ হাত; আচল ফাল, the left hand; the wrong side.
<b>আওহাতে</b>, ক্ৰি. বি. বাওঁহাতেৰে; যেনে, আওহাতে মৰা কিল, with the left hand.
<b>আওহেলা</b>, স. শ. (সং. অৱহেলা, মন নিদিয়া) অকাণ; অমনোযোগ, inattention, neglect.
<b>আংবাং</b>, বি. (অং. আং, আঁকাবাঁকা + বাং, অনুক্.) মূৰ্খ; একো নজনা; যেনে, আংবাং মানুহ, stupid. (চহা আৰু মৌখিক)
<b>আঁমৰা</b>, বি. (সং. অণ্ড, লিঙ্গ + মৰা, মৃত) নীতা, পুৰুষ-শক্তি-গুচা, impotent. (চহা)।
<b>আঃ</b>, ভা. অব্য. দুখ বা বেজাৰৰ মাত, an exclamation of pain or sorrow.
<b>আঁ</b>, অনুক্. কন্দাৰ নিচিনা শব্দ, আঁকুৱা মানুহে কথা কোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of crying or a sound uttered by a person unable to articulate.
<b>আঁ</b>, স. শ. মুখ মেলা কাৰ্য্য; বৰকৈ মেলা মুখ, the act of opening the mouth, an open mouth.
<b>আঁ কৰ্</b>, মুখ মেল্, to open the mouth.
<b>আঁউজ্</b>, অ. ধা. পিঠিত ভৰ দি বহ; যেনে, গাঁকত আঁউজিছে, to lean, to recline.
<b>আঁউসী</b>, } স. শ. (সং. অমাৱাসী, অমাবস্যা),
<b>আঁউহী</b>, } অমাৱস্যা, জোন-মৰা তিথি, the day of the conjunction of the sun and moon.
<b>আঁচ</b>, স. শ. (অং. আঁচ, আঁক) নাঙ্গলৰ<noinclude>}}</noinclude>
e29vnp9uzk5kt32vqnuidqzuyu420zm
268854
268853
2026-11-19T04:24:23Z
Aikiasu
3554
/* সমস্যা থকা */
268854
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="Aikiasu" />{{rh| <b>আওবাৰে |৬২| আঁওচ্</b> }}
{{columns-list|2|</noinclude>a day of the week which is supposed not to be proper or not prescribed for a particular purpose.
<b>আওবাৰে</b>, ক্ৰি. বি. বেয়া বা অনুপযুক্ত বাবে; যেনে, আওবাৰে কলৈও যাব নেপায়, on an inauspicious or wrong day of the week.
<b>আওভাও</b>, স. শ. (অং. আও, অনুক্. + ভাও, কাম কৰিবৰ দিহা) কাম কৰিবৰ দিহা বা প্ৰকাৰ, যি দৰে যি কাম কৰিব লাগে, তাৰ নিয়ম; যেনে, কামৰ আওভাও নোপোৱা মানুহ, the mode of doing anything, (modus operandi).
<b>আওমৰণ</b>, স. শ. (অং. আও, বেয়া বা দুখযুক্ত + মৰণ, মৃত্যু) বেয়া মৰণ, বৰ দুখযুক্ত বা অস্বাভাবিক মৃত্যু, a painful or unnatural death.
<b>আওমৰণে</b>, ক্ৰি. বি. বৰ দুখেৰে বা বৰ কষ্ট পাই (মৰাত খাটে); যেনে, হিংসক মানুহ আওমৰণে মৰে, with great pain, suffering extremely, said of dying.
<b>আওৰা</b>, স. ধা. (সং. আবৃত্তি; বং. আওড়ান, পাঠ কৰণ) মনত ৰাখিবৰ কাৰণ ঘনে-ঘনে মাত; যেনে, ছাত্ৰই পাঠ আওৰাইছে, to repeat frequently in order to commit to the memory.
<b>আওলা</b>, স. শ. (অং. ওলা, বাহিৰ হ; ঘৰৰ বাহিৰে থাকে, এতেকে) ঘৰৰ পানীপাচৰ খুঁটাৰ বাহিৰে ওলাই থকা চাল; তাতে লগাই দিয়া চালি, আগচালি, the eaves of a house, addition to the same, a pent-house.
<b>আওহতীয়া</b>, বি. (অং. আওহাত, বাওঁহাত) বাওঁফলীয়া, বাওঁহাতৰ ফালে থকা; সদায় মানুহ যি ঠাইলৈ যায়, তাতকৈ আন, সহজে যাব বা পাব নোৱৰা (ঠাইৰ বিশেষণ); যেনে, “যমৰো আওহতীয়া ঠাই” I placed on the left side; out of the way, situated at an unfrequented or not easily accessible place.
<b>আওহতীয়াকৈ</b>, ক্ৰি. বি. বাওঁফালে; সদায় যোৱা ঠাইতকৈ আন ঠাইত, সহজে নোপোৱা ঠাইত; যেনে, হুল-জোঙবোৰ আওহতীয়াকৈ থব লাগে, on the left side; at an unfrequented inaccessible place.
<b>আওহ</b>, অ. ধা. (অং. আঁউজ) পিঠিত ভৰ দি বহ (চহা) to lean, to recline.
<b>আওহাত</b>, স. শ. (অং. আও, সোঁ ফালতকৈ আন + হাত, গাৰ এক অঙ্গ) বাওঁ হাত; আচল ফাল, the left hand; the wrong side.
<b>আওহাতে</b>, ক্ৰি. বি. বাওঁহাতেৰে; যেনে, আওহাতে মৰা কিল, with the left hand.
<b>আওহেলা</b>, স. শ. (সং. অৱহেলা, মন নিদিয়া) অকাণ; অমনোযোগ, inattention, neglect.
<b>আংবাং</b>, বি. (অং. আং, আঁকাবাঁকা + বাং, অনুক্.) মূৰ্খ; একো নজনা; যেনে, আংবাং মানুহ, stupid. (চহা আৰু মৌখিক)
<b>আঁমৰা</b>, বি. (সং. অণ্ড, লিঙ্গ + মৰা, মৃত) নীতা, পুৰুষ-শক্তি-গুচা, impotent. (চহা)।
<b>আঃ</b>, ভা. অব্য. দুখ বা বেজাৰৰ মাত, an exclamation of pain or sorrow.
<b>আঁ</b>, অনুক্. কন্দাৰ নিচিনা শব্দ, আঁকুৱা মানুহে কথা কোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of crying or a sound uttered by a person unable to articulate.
<b>আঁ</b>, স. শ. মুখ মেলা কাৰ্য্য; বৰকৈ মেলা মুখ, the act of opening the mouth, an open mouth.
<b>আঁ কৰ্</b>, মুখ মেল্, to open the mouth.
<b>আঁউজ্</b>, অ. ধা. পিঠিত ভৰ দি বহ; যেনে, গাঁকত আঁউজিছে, to lean, to recline.
<b>আঁউসী</b>, } স. শ. (সং. অমাৱাসী, অমাবস্যা),
<b>আঁউহী</b>, } অমাৱস্যা, জোন-মৰা তিথি, the day of the conjunction of the sun and moon.
<b>আঁওচ্</b>, স. শ. (অং. আঁচ, আঁক) নাঙ্গলৰ<noinclude>}}</noinclude>
9rk2wwmsca10gavxo6hu61y9adfq9ty
268855
268854
2026-11-19T04:25:58Z
Aikiasu
3554
268855
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="Aikiasu" />{{rh| <b>আওবাৰে |৬২| আঁওচ্</b> }}
{{columns-list|2|</noinclude>a day of the week which is supposed not to be proper or not prescribed for a particular purpose.
<b>আওবাৰে</b>, ক্ৰি. বি. বেয়া বা অনুপযুক্ত বাবে; যেনে, আওবাৰে কলৈও যাব নেপায়, on an inauspicious or wrong day of the week.
<b>আওভাও</b>, স. শ. (অং. আও, অনুক্. + ভাও, কাম কৰিবৰ দিহা) কাম কৰিবৰ দিহা বা প্ৰকাৰ, যি দৰে যি কাম কৰিব লাগে, তাৰ নিয়ম; যেনে, কামৰ আওভাও নোপোৱা মানুহ, the mode of doing anything, (modus operandi).
<b>আওমৰণ</b>, স. শ. (অং. আও, বেয়া বা দুখযুক্ত + মৰণ, মৃত্যু) বেয়া মৰণ, বৰ দুখযুক্ত বা অস্বাভাবিক মৃত্যু, a painful or unnatural death.
<b>আওমৰণে</b>, ক্ৰি. বি. বৰ দুখেৰে বা বৰ কষ্ট পাই (মৰাত খাটে); যেনে, হিংসক মানুহ আওমৰণে মৰে, with great pain, suffering extremely, said of dying.
<b>আওৰা</b>, স. ধা. (সং. আবৃত্তি; বং. আওড়ান, পাঠ কৰণ) মনত ৰাখিবৰ কাৰণ ঘনে-ঘনে মাত; যেনে, ছাত্ৰই পাঠ আওৰাইছে, to repeat frequently in order to commit to the memory.
<b>আওলা</b>, স. শ. (অং. ওলা, বাহিৰ হ; ঘৰৰ বাহিৰে থাকে, এতেকে) ঘৰৰ পানীপাচৰ খুঁটাৰ বাহিৰে ওলাই থকা চাল; তাতে লগাই দিয়া চালি, আগচালি, the eaves of a house, addition to the same, a pent-house.
<b>আওহতীয়া</b>, বি. (অং. আওহাত, বাওঁহাত) বাওঁফলীয়া, বাওঁহাতৰ ফালে থকা; সদায় মানুহ যি ঠাইলৈ যায়, তাতকৈ আন, সহজে যাব বা পাব নোৱৰা (ঠাইৰ বিশেষণ); যেনে, “যমৰো আওহতীয়া ঠাই” I placed on the left side; out of the way, situated at an unfrequented or not easily accessible place.
<b>আওহতীয়াকৈ</b>, ক্ৰি. বি. বাওঁফালে; সদায় যোৱা ঠাইতকৈ আন ঠাইত, সহজে নোপোৱা ঠাইত; যেনে, হুল-জোঙবোৰ আওহতীয়াকৈ থব লাগে, on the left side; at an unfrequented inaccessible place.
<b>আওহ</b>, অ. ধা. (অং. আঁউজ) পিঠিত ভৰ দি বহ (চহা) to lean, to recline.
<b>আওহাত</b>, স. শ. (অং. আও, সোঁ ফালতকৈ আন + হাত, গাৰ এক অঙ্গ) বাওঁ হাত; আচল ফাল, the left hand; the wrong side.
<b>আওহাতে</b>, ক্ৰি. বি. বাওঁহাতেৰে; যেনে, আওহাতে মৰা কিল, with the left hand.
<b>আওহেলা</b>, স. শ. (সং. অৱহেলা, মন নিদিয়া) অকাণ; অমনোযোগ, inattention, neglect.
<b>আংবাং</b>, বি. (অং. আং, আঁকাবাঁকা + বাং, অনুক্.) মূৰ্খ; একো নজনা; যেনে, আংবাং মানুহ, stupid. (চহা আৰু মৌখিক)
<b>আঁমৰা</b>, বি. (সং. অণ্ড, লিঙ্গ + মৰা, মৃত) নীতা, পুৰুষ-শক্তি-গুচা, impotent. (চহা)।
<b>আঃ</b>, ভা. অব্য. দুখ বা বেজাৰৰ মাত, an exclamation of pain or sorrow.
<b>আঁ</b>, অনুক্. কন্দাৰ নিচিনা শব্দ, আঁকুৱা মানুহে কথা কোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of crying or a sound uttered by a person unable to articulate.
<b>আঁ</b>, স. শ. মুখ মেলা কাৰ্য্য; বৰকৈ মেলা মুখ, the act of opening the mouth, an open mouth.
<b>আঁ কৰ্</b>, মুখ মেল্, to open the mouth.
<b>আঁউজ্</b>, অ. ধা. পিঠিত ভৰ দি বহ; যেনে, গাঁকত আঁউজিছে, to lean, to recline.
<b>আঁউসী</b>, <b>আঁউহী</b>, স. শ. (সং. অমাৱাসী, অমাবস্যা), অমাৱস্যা, জোন-মৰা তিথি, the day of the conjunction of the sun and moon.
<b>আঁওচ্</b>, স. শ. (অং. আঁচ, আঁক) নাঙ্গলৰ<noinclude>}}</noinclude>
lvwxkg9z8kay71slq35gdw51kzvfi95
সদস্য:BabulB/পৰীক্ষাগাৰ
2
74045
268789
260487
2026-11-18T13:01:55Z
BabulB
104
268789
wikitext
text/x-wiki
অজান আততায়ীৰ ট্ৰেন্সক্লুচন বাকী আছে।
{{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}}
{{center|{{x-larger|'''সূচীপত্র।'''}}}}
{{সূচীপত্ৰসাধাৰণ||[[ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)/৩য় খণ্ড-১ম অধ্যায়|৩য় খণ্ড-১ম অধ্যায়]] |[[পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩০|১২০]] }}
{{সূচীপত্ৰসাধাৰণ||[[ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)/৩য় খণ্ড-২য় অধ্যায়|৩য় খণ্ড-২য় অধ্যায়]] | [[পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪১|১৩১]]}}
{{সূচীপত্ৰসাধাৰণ||[[ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)/৩য় খণ্ড-৩য় অধ্যায়|৩য় খণ্ড-৩য় অধ্যায়]] |[[পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৪৪|১৩৪]] }}
{{সূচীপত্ৰসাধাৰণ||[[ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)/৩য় খণ্ড-৪ৰ্থ অধ্যায়|৩য় খণ্ড-৪ৰ্থ অধ্যায়]] |[[পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৪|১৬৪ ]]}}
{{সূচীপত্ৰসাধাৰণ||[[ভাৰত বুৰঞ্জী (৫ম-৬ষ্ঠ মান)/৩য় খণ্ড-৫ম অধ্যায়|৩য় খণ্ড-৫ম অধ্যায়]] |[[পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৪|১৯৪]] }}
{{Custom rule|lo|141}}
{{rule|8em|align=left}}
{{smallrefs|85%}}
{| class="wikitable"
{{center|<poem>সাৰণি- ১
বৰ্তমান অসম ৰাজ্যৰ জনবিন্যাস : ১৯৩১-১৯৭১</poem>}}
{|
|
|-
| ||১৯৩১ || ||১৯৫১ || || ||১৯৭১
|-
| ||হাজাৰ ||:শতাংশ ||হাজাৰ|| :শতাংশ || (হাজাৰ)||:শতাংশ
|-
| অসমীয়াভাষী ||১৯৮৪ ||(৩৬) ||৪৯৪৬ || (৬২) || ৮৯০৫||(৬১))
|-
| বাংলাভাষী ||১৬৭২ ||(৩০) ||১৬৮৫ || (২১) || ২৮৮২||(২০)
|-
| অন্যান্য ||১৯০৫ ||(৩৪) ||১৩৯৮ || (১৭) || ২৯৩৮||(১৯)
|-
| মুঠ জনসংখ্যা ||৫৫৬১ ||(১০০) ||৮০২৯ || (১০০) || ১৪৬২৫||(১০০)
|}
উৎস: Statistical Hand book of Assam 1978, Govt. of Assam,<br/>
Guwahati আৰু অন্যান্য।}}
[https://w.wiki/5LC Meta]
* <nowiki>[[সাঁচ:Edition row/doc|'''Property Code''']]</nowiki>
* <nowiki>[[ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ| '''উৎকৃষ্ট পৃষ্ঠাৰ উদাহৰণ''']]</nowiki>
* <nowiki>[[শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী|'''ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী''']]</nowiki>
{{versions
| title = ভানুমতী
| author = পদ্মনাথ গোহাঞিবৰুৱা
| notes =
}}
Versions of The Hound of the Baskervilles include:
* "[[ভানুমতী]]'', [[প্ৰকাশক:অসম প্ৰকাশন পৰিষদ|অসম প্ৰকাশন পৰিষদ]]ৰ দ্বাৰা প্ৰকাশিত
*Asterisk: (*): The first and most common symbol.
*Dagger: (†): Also known as an obelisk.
*Double Dagger: (‡): Also known as a diesis.
*Section Mark: (§).
*Parallel Bar: (‖): Sometimes referred to as a vertical bar.
*Paragraph Mark: (¶): Also known as a pilcrow.
<nowiki>[[শ্ৰেণী:সংস্কৰণ পৃষ্ঠা]]
[[শ্ৰেণী:১৯৮০ বৰ্ষৰ কৰ্ম]]
[[Category:1890 works]]
[[Category:Versions pages]]
{{SIC|স্পষ্টৰূপে|স্প ৰূপে}}
{{gap|3em}}
</nowiki>
[[শ্ৰেণী:সদস্য উপপৃষ্ঠা]]
* [https://w.wiki/9YU2 Template:illegible]
* [https://w.wiki/Eed5 ৰিকনষ্ট্ৰাকচন সাঁচ]
{{illegible|texttip=text text text|nodash=no}}
*{{Missing image}}
*Gives <pre>{{illegible|text text text}}</pre>
* <pre>{{Reconstruct|word}}</pre> for text that is missing or illegible, but can be reconstructed based on context or using other sources
* [[:en:Template:Reconstruct|পুনৰগঠন সাঁচ]] [[:en:Template:Illegible|অপঠনীয় সাঁচ]]
;প্ৰকাশিত গ্ৰন্থ
{{Tlist start
|sparql={{#invoke:SPARQL|get_sparql_query}}
|columns=item,label,P577,P655,P98,P1433,P1957,P123
|row_template=Edition row
|skip_table=1
|freq=365
|sort=P577
}}
{{Edition row|item = [[:d:Q123553874|Q123553874]]|label = [[ৰণ্ জেউতি]]|P577 = 1955|P1957 = ৰণ্ জেউতি.pdf
|P123 = }}
{{Edition row|item = [[:d:Q118127841|Q118127841]]|label = [[চলচ্চিত্ৰ]]|P577 = 1996|P1957 = Chalachitra.pdf
|P123 = }}
{{Edition row|item = [[d:Q135261055|Q135261055]]|label = [[অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব]]|P577 = 1999|P1957 = অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu
|P123 = }}
{{Tlist end}}
jiybws4w89de8uliflyw1ec0kb4myxg
সূচী:অজান আততায়ী.djvu
106
86475
268795
268391
2026-11-18T13:51:36Z
BabulB
104
পৃষ্ঠাটোক ""ৰে সলনি কৰা হ'ল
268795
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
}}
[[শ্ৰেণী:উপন্যাস]]
0xlk6qmsjnlqomdv1l2twcoxxahs3az
268796
268795
2026-11-18T13:56:26Z
BabulB
104
[[Special:Contributions/BabulB|BabulB]] ([[User talk:BabulB|কথা-বতৰা]])ৰ সম্পাদনাসমূহ [[User:~2026-60417-37|~2026-60417-37]]য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
268391
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 5="1"/>
|Volumes=
|Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem>
[[অজান আততায়ী/এক|এক]]
[[অজান আততায়ী/দুই|দুই]]
[[অজান আততায়ী/তিনি|তিনি]]
[[অজান আততায়ী/চাৰি|চাৰি]]
[[অজান আততায়ী/পাঁচ|পাঁচ]]
[[অজান আততায়ী/ছয়|ছয়]]
[[অজান আততায়ী/সাত|সাত]]
[[অজান আততায়ী/আঠ|আঠ]]
[[অজান আততায়ী/ন|ন]]
[[অজান আততায়ী/দহ|দহ]]
</poem>}}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
69oo4l6jwz0jezef7j74r3n6qeqhohn
268797
268796
2026-11-18T13:58:57Z
BabulB
104
268797
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 3="—" 5="1"/>
|Volumes=
|Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem>
[[অজান আততায়ী/এক|এক]]
[[অজান আততায়ী/দুই|দুই]]
[[অজান আততায়ী/তিনি|তিনি]]
[[অজান আততায়ী/চাৰি|চাৰি]]
[[অজান আততায়ী/পাঁচ|পাঁচ]]
[[অজান আততায়ী/ছয়|ছয়]]
[[অজান আততায়ী/সাত|সাত]]
[[অজান আততায়ী/আঠ|আঠ]]
[[অজান আততায়ী/ন|ন]]
[[অজান আততায়ী/দহ|দহ]]
</poem>}}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
f2xuyog8y9gho0ve9qgtfsy3j7rw87v
268798
268797
2026-11-18T14:01:04Z
BabulB
104
[[Special:Contributions/BabulB|BabulB]] ([[User talk:BabulB|কথা-বতৰা]])ৰ সম্পাদনাসমূহ [[User:~2026-60417-37|~2026-60417-37]]য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
268391
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 5="1"/>
|Volumes=
|Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem>
[[অজান আততায়ী/এক|এক]]
[[অজান আততায়ী/দুই|দুই]]
[[অজান আততায়ী/তিনি|তিনি]]
[[অজান আততায়ী/চাৰি|চাৰি]]
[[অজান আততায়ী/পাঁচ|পাঁচ]]
[[অজান আততায়ী/ছয়|ছয়]]
[[অজান আততায়ী/সাত|সাত]]
[[অজান আততায়ী/আঠ|আঠ]]
[[অজান আততায়ী/ন|ন]]
[[অজান আততায়ী/দহ|দহ]]
</poem>}}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
69oo4l6jwz0jezef7j74r3n6qeqhohn
268799
268798
2026-11-18T14:01:54Z
BabulB
104
268799
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 4="—" 5="1"/>
|Volumes=
|Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem>
[[অজান আততায়ী/এক|এক]]
[[অজান আততায়ী/দুই|দুই]]
[[অজান আততায়ী/তিনি|তিনি]]
[[অজান আততায়ী/চাৰি|চাৰি]]
[[অজান আততায়ী/পাঁচ|পাঁচ]]
[[অজান আততায়ী/ছয়|ছয়]]
[[অজান আততায়ী/সাত|সাত]]
[[অজান আততায়ী/আঠ|আঠ]]
[[অজান আততায়ী/ন|ন]]
[[অজান আততায়ী/দহ|দহ]]
</poem>}}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
1zbdvyw0tgdjc1xjv2fw2uxavzwpfde
268800
268799
2026-11-18T14:03:13Z
BabulB
104
268800
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 4="—" 5="1"/>
|Volumes=
|Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}}
{{center|{{x-larger|'''সূচীপত্র।'''}}}}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/এক|এক]]| }}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
h7d27ugrnd3jd2urtwv034d9vqmgqlg
268801
268800
2026-11-18T14:05:36Z
BabulB
104
268801
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 4="—" 5="1"/>
|Volumes=
|Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}}
{{center|{{x-larger|'''সূচীপত্র।'''}}}}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/এক|এক]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/দুই|দুই]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/তিনি|তিনি]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/চাৰি|চাৰি]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/পাঁচ|পাঁচ]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/ছয়|ছয়]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/সাত|সাত]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/আঠ|আঠ]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/ন|ন]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/দহ|দহ]]| }}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
opl7te0qqy5td43mf57v49okb65u76q
268803
268801
2026-11-18T14:08:18Z
BabulB
104
268803
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=অজান আততায়ী
|Language=as
|Volume=
|Edition=
|Author=প্ৰেমনাৰায়ণ দত্ত
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=মণি-মাণিক প্ৰকাশ
|Address=গুৱাহাটী
|Year=1959
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="অৰ্পন" 4="—" 5="1" 142="অভিমত"/>
|Volumes=
|Remarks={{সূচীপত্ৰসাধাৰণ|||<small>মূল গ্ৰন্থত নাই</small>}}
{{center|{{x-larger|'''সূচীপত্র।'''}}}}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/এক|এক]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/দুই|দুই]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/তিনি|তিনি]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/চাৰি|চাৰি]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/পাঁচ|পাঁচ]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/ছয়|ছয়]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/সাত|সাত]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/আঠ|আঠ]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/ন|ন]]| }}
{{সূচীপত্ৰসাধাৰণ||[[অজান আততায়ী/দহ|দহ]]| }}
|Notes=
|Width=
|Css=
|Header={{rh|অজান আততায়ী||{{{PAGENUM}}}}}
|Footer=
}}
[[শ্ৰেণী:উপন্যাস]]
ipwbx00kiuadstxmij2f67blpjydxuy
পৃষ্ঠা:অজান আততায়ী.djvu/১৪২
104
86533
268802
267254
2026-11-18T14:06:50Z
BabulB
104
268802
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="হানিফ আলী" /></noinclude>{{Dhr|2em}}
{{center|{{Xx-larger|''অভিমত''}}}}
{{gap}}প্ৰেমনাৰায়ণৰ লেখাৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য্য, পদ্মশ্রী ডাঃ সূৰ্য্যকুমাৰ ভূঞা M. A. B. L., Ph.D., D. Lit. দেৱে লিখেছে :―
{{gap}}“......আপোনাৰ লিখাত অভিনৱ মৌলিকতা আৰু ৰসৰ বানপানী আছে। ঈশ্বৰে আপোনাৰ মঙ্গল কৰক।” ইতি
{{Right|<poem> আপোনাৰ মৰমৰ
'''শ্ৰীসূৰ্য্য কুমাৰ ভূঞা'''</poem>}}<noinclude></noinclude>
1nsi5s1mxcshulu36hhlv8ccc5sgl9e
পৃষ্ঠা:প্ৰসূতী.pdf/২৪
104
96120
268778
268586
2026-11-18T12:20:00Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
268778
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(১৫)|}}</noinclude>পক্ষ্য অৰ্থাৎ ১৫ দিনৰ আগেয়েই পেট তললৈ ওলমি পৰে; সেই কাৰণে গভীৰ্নিৰ উশাহ নিশাহ পূৰ্ব্বতকৈ কিছু পৰিমাণে
সোনকালে ২ হয়। আৰু পূৰ্ব্বতকৈ সোনকালে ২ খোজ কাৰ্হি ফুৰিব পানে। পেট তললৈ ওলমি পৰাৰ কাৰণেই তল পেটৰ তলৰ যন্ত্ৰ বিলাকত হেচা খায় গভীনিৰ বেগাই ২ ক্ষুদ্ৰ শৌচ কৰিবলৈ ইচ্ছা হয়; আৰু পেটত অসুখ বোধ হয়। এনে বিলাক অসুখত ভয় কৰিবৰ কোনো কাৰণ নাই; বৰং শিশু অনায়াসে উপজিব পৰা উপায়হে হয়। যদি প্ৰসৱৰ আগয়ে শৌচ কঠিন হয় তেন্তে বেজ জ্ঞানীৰ ওচৰ চাপি ঔষধ পাতিৰ ব্যাৱস্থা কৰি শৌচ খোলোছা কৰিব লাগে। যদি সিমানতো শৌচ নহয় তেন্তে চিকিৎসকৰ দ্বাৰাই “ফিচ্’ কাৰি দিয়াই শৌচ কৰালেই ভাল।
{{gap}}প্ৰসৱৰ কিছু দিনৰ আগৰে পৰা পেটত আৰু ককাঁলত কল কল কাল কাল কৰি থাকে; ইয়াৰ পৰাই প্ৰসব কাল ওচৰ চাপিছে বুলি জানিব পাৰি; গৃহস্থে সেই সময়ত প্ৰসূতীৰ লাগতিয়াল বস্তু বিলাক দিহা পোহা কৰি সাৱধাণে থাকিব লাগে।
{{gap}}প্ৰসৱ বেদনা দুই ৰকমে হয়। এক ৰকম সছা এক ৰকম মিছা, তাক বঙ্গলাভ “পালট নওৱা” বোলে (অৰ্থাৎ লড়া চড়াু ঘূড়া ইত্যাদি) পালট নওৱা বেদনা প্ৰায় প্ৰসৱৰ এমাহৰ আগেই হয়। যদিও প্ৰসৱৰ ২৷৩ দিনৰ আগয়ে বা প্ৰসবৰ সময়তো হব পাৰে কিন্তু অধিক স্থলত আগেই হোৱাহে সম্ভব। যেতিয়াই হক নহক ইয়াত কোনো ভয়ৰ কাৰণ নেথাকে।<noinclude></noinclude>
30ulxwromtfy53kplvr0abridnmzd2f
পৃষ্ঠা:প্ৰসূতী.pdf/২৫
104
96259
268779
2026-11-18T12:20:53Z
প্ৰয়াসী বৰঠাকুৰ
3437
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268779
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>সছা বেদনা!
( ১৬ )
১। বেদনা নিয়ম মতেই হয়
আৰু নিয়ম মতেই যায়। লাহে
লাহে বেছি হয়।
T
মিছা বেদনা।
১। বেদনা অনিয়মে হয় আৰু
অলপ বেলি থাকে।
২। সদায় পেটৰ আগ পিনেই
২। ককালত আৰু পাছ ফালে। বেদনা হয়।
বেদনা হয়।
৩। প্ৰসব অনুযায়ী তলফালৰ
দখৰ চিগি পৰে যেন লাগে।
৪। বেদনা জবায়ু সংঙ্কোচণ
দ্বাৰাই হয়। আৰু জৰায়ু মুখ
মুকলি কৰি দিয়ে।
৩। কন কন কৰাৰ দৰে বেদনা
হয়।
৪। অজীন হলে দুৰ্ব্বল হলে,
চেছা লাগিলে, বেদনা হয়
জৰায়ুৰ লগত কোনো সম্পৰ্ক
নেথাকে, বৰং জৰায়ুৰ মুখ বন্ধ
৫। শোণিত স্ৰাব নহয়।
৫। তাৰ লগে লগে অলপ অলপ | কৰি ৰাখে।
শোণিত স্ৰাব হয়।
প্ৰতীৰ ঘৰ।
আমাৰ দেশত পোৱাতাৰ ঘৰৰ বিষয়ে নিছেই তুচ্ছ জ্ঞান
কৰে। কিন্তু ইয়াৰ পৰা বহুত হানী হব পাৰে। সেই কাৰণে
এটাই বিলাক ঘৰৰ ভিতৰত যিতো ঘৰেই সুকান, পৰিষ্কাৰ
চিকুণ আৰু ভাল বতাহ বলি থাকে এনে ঘৰটোকেই প্ৰতীৰ
আৰু নৱজাত শিশুৰ নিমিত্তে ঠিক কৰিব লাগে। জেকা, বতাহ
নবলা আৰু দুৰ্গন্ধময় স্বৰ প্ৰসূতীৰ নিমিত্তে নিতান্ত অযোগ্য;
তাৰ পৰা পোৱাতী জাক নৱজাত শিশুৰ নানা প্ৰকাৰ ৰোগহব
পাৰে। এটাই বিলাক ঘৰৰ ভিতৰত যিটো ঘৰৰ ভেটীয়েই<noinclude></noinclude>
dd9ehrlhc1p9dvyj7oluf42ln20isxm
পৃষ্ঠা:প্ৰসূতী.pdf/২৬
104
96260
268780
2026-11-18T12:25:40Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268780
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(১৭)|}}</noinclude>এতাইতকৈ ওখ শুকান আৰু ফৰফৰিয়া তেনে ঠাইত পোৱাতীক ৰাখিব লাগে। যি ঘৰ সদায় সৰ্ব্বদায় জেকা থাকে, ভাল বতাহ সোমাবলৈ নেপায়; সদায় গোন্ধ ভাঁপ ওলাই থাকে তেনে ঘৰত সন্তান জনমিলে প্ৰায়ে তাৰ কোৰ নুগুছে, আৰু
নিশকতীয়া হয়; মাককো নানা ৰকম ব্যাধিয়ে আবৰি ধৰে।
{{center|'''{{X-larger|প্ৰসৱকাল।}}'''}}
{{gap}}প্ৰসৱ যদিও ৩।৪ ৰকমে হব পাৰে কিন্তু সেই এটাই বিলাক এনে ক্ষুদ্ৰ কিতাপত লেখিলে শোভনীয় নহয়, সেই কাৰণে সাধাৰণত দুইভাগ কৰি লেখাহল। বিশেষতঃ ধাত্ৰীবিদ্যা সুন্দৰৰূপে নেজানিলে, এই এটাই বিলাক কথা সহজে বুজিব
নোৱাৰে, সেই কাৰণে যাতে আমাৰ দেশৰ তীৰুতা বিলাকে সহজে বুজিব পাৰে তাকে ভাবি সহজ আৰু কঠিন প্ৰসৱৰ
কথাকেহে লিখিলো।
'''{{X-larger|সহজ প্ৰসৱ:—}}'''সহজ প্ৰসৱত প্ৰসূতীৰ কোনো বিশেষ দুখু নহয়, সি সহজতে আৰু সোনকালেই প্ৰসৱ কাৰ্য্য সমাধা হয়; অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰত যি প্ৰসৱ কাৰ্য শেষ হয় তাকে সহজ প্ৰসৱ বুলিব পাৰি। যি প্ৰসৱত ২৪ ঘণ্টাতকৈ বেছি সময় লাগে তাক কঠিন প্ৰসৱ বোলে। এতেকে সহজ আৰু কঠিন প্ৰসৱ জানিব লগাহলে প্ৰথমেই প্ৰসৱ বেদনা আৰম্ভ হওতেই প্ৰসূতীক পৰীক্ষা কৰিছাব লাগে। যদি সন্তানৰ মুৰ জৰায়ুৰ মুখত থাকে আৰু জৰায়ুৰ গৰ্ত্ত সন্তানৰ মুৰেৰে সমান থাকে তেন্তে সোনকালে প্ৰসৱ হয় আৰু তাকে সহজ প্ৰসৱ বোলে।<noinclude></noinclude>
b5yosqni9aio1ehsntqb7yrc1lzs9o5
পৃষ্ঠা:প্ৰসূতী.pdf/২৭
104
96261
268781
2026-11-18T12:30:57Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268781
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(১৮)|}}</noinclude>যদি জৰায়ুৰ মুখ সন্তানৰ মুৰতকৈ সৰু হয় আৰু জৰায়ুৰ মুখত যদি সন্তানৰ মুৰ নেথাকি ভৰি থাকে বা সন্তানৰ অন্য কোনো অংশ জৰায়ুৰ মুখত থাকে তেন্তে সহজে প্ৰসৱ নহয় তাকে কঠিন প্ৰসৱ বোলে। এই বিলাকৰ বাহিৰেও কঠিন প্ৰসৱৰ আৰু অনেক কাৰণ আছে বাহুল্য কাৰণে লেখা নহল।
{{gap}}সহজ প্ৰসৱত বেদনা আৰম্ভ হবৰে পৰা ফুলপৰি শেষ নোহোৱালকে ইয়াৰ ভিতৰত তিনি অৱস্থা বা "পজিচন” হয়; কি কি চিনত কোন কোন অৱস্থা হয় তাক তলত লেখি দিলো।ঁ প্ৰথমে প্ৰসৱ বেদনা আৰম্ভ হবৰে পৰা সন্তানৰ মুৰ নোলোৱালকে প্ৰথম অবস্থা বোলে। সন্তানৰ মুৰ ওলোৱাৰে পৰা সন্তান মাটীত পৰালকে দ্বিতীয় অৱস্থা বোলে। সন্তান মাটীত পৰাৰে পৰা ফুলপৰি শেষ নোহোৱালকে তৃতীয় অৱস্থা বোলে।
{{gap}}প্ৰথম অৱস্থাতেই প্ৰসূতীক পৰীক্ষা কৰি চাব লাগে যে প্ৰসৱু কাৰ্য্য কিমান পৰিমাণে হৈছে, আৰু প্ৰসৱ কাৰ্য্য সমাধা কৰা যন্ত্ৰ বিলাক কেনে কেনে অৱস্থাত আছে, আৰু সন্তানৰ মুৰ জৰায়ু গৰ্ত্তৰ পৰিমাণেৰে কিমান বেলেগ আছে ইত্যাদি। আৰু এই অৱস্থাতে প্ৰসূতীৰ খাবৰ ইচ্ছা হলে অলপ পৰিমাণে পুষ্টিকাৰক কোমল আহাৰ দিব লাগে। আৰু নিজান ঠাইতু প্ৰসূতীক থব লাগে, যাহাতে শৌচাচাৰ আদি খোলছা থাকে তাৰ চেষ্টা কৰিব লাগে। এই অৱস্থাত প্ৰসূতী শুই থকা বা
খোজকাহি ফুৰাহে উচিত। আৰু যাহাতে কোনো অন্য ৰকম ব্যাধিয়ে ধৰিব নোৱাৰে তাৰ নিমিত্তে সাৱধানে থাকিব লাগে।<noinclude></noinclude>
bx7mam4lkx1mudg50i4qxup51na1ypg
268782
268781
2026-11-18T12:32:02Z
প্ৰয়াসী বৰঠাকুৰ
3437
268782
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(১৮)|}}</noinclude>যদি জৰায়ুৰ মুখ সন্তানৰ মুৰতকৈ সৰু হয় আৰু জৰায়ুৰ মুখত যদি সন্তানৰ মুৰ নেথাকি ভৰি থাকে বা সন্তানৰ অন্য কোনো অংশ জৰায়ুৰ মুখত থাকে তেন্তে সহজে প্ৰসৱ নহয় তাকে কঠিন প্ৰসৱ বোলে। এই বিলাকৰ বাহিৰেও কঠিন প্ৰসৱৰ আৰু অনেক কাৰণ আছে বাহুল্য কাৰণে লেখা নহল।
{{gap}}সহজ প্ৰসৱত বেদনা আৰম্ভ হবৰে পৰা ফুলপৰি শেষ নোহোৱালকে ইয়াৰ ভিতৰত তিনি অৱস্থা বা "পজিচন” হয়; কি কি চিনত কোন কোন অৱস্থা হয় তাক তলত লেখি দিলোঁ। প্ৰথমে প্ৰসৱ বেদনা আৰম্ভ হবৰে পৰা সন্তানৰ মুৰ নোলোৱালকে প্ৰথম অবস্থা বোলে। সন্তানৰ মুৰ ওলোৱাৰে পৰা সন্তান মাটীত পৰালকে দ্বিতীয় অৱস্থা বোলে। সন্তান মাটীত পৰাৰে পৰা ফুলপৰি শেষ নোহোৱালকে তৃতীয় অৱস্থা বোলে।
{{gap}}প্ৰথম অৱস্থাতেই প্ৰসূতীক পৰীক্ষা কৰি চাব লাগে যে প্ৰসৱ কাৰ্য্য কিমান পৰিমাণে হৈছে, আৰু প্ৰসৱ কাৰ্য্য সমাধা কৰা যন্ত্ৰ বিলাক কেনে কেনে অৱস্থাত আছে, আৰু সন্তানৰ মুৰ জৰায়ু গৰ্ত্তৰ পৰিমাণেৰে কিমান বেলেগ আছে ইত্যাদি। আৰু এই অৱস্থাতে প্ৰসূতীৰ খাবৰ ইচ্ছা হলে অলপ পৰিমাণে পুষ্টিকাৰক কোমল আহাৰ দিব লাগে। আৰু নিজান ঠাইতু প্ৰসূতীক থব লাগে, যাহাতে শৌচাচাৰ আদি খোলছা থাকে তাৰ চেষ্টা কৰিব লাগে। এই অৱস্থাত প্ৰসূতী শুই থকা বা
খোজকাহি ফুৰাহে উচিত। আৰু যাহাতে কোনো অন্য ৰকম ব্যাধিয়ে ধৰিব নোৱাৰে তাৰ নিমিত্তে সাৱধানে থাকিব লাগে।<noinclude></noinclude>
b2ghs0ab3zw03w2nz0zm2rcqs11mtam
পৃষ্ঠা:প্ৰসূতী.pdf/২৮
104
96262
268783
2026-11-18T12:37:55Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268783
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(১৯)|}}</noinclude>{{gap}}দ্বিতীয় অৱস্থাতো প্ৰথম অৱস্থাৰ দৰেই প্ৰসূতীক প্ৰতিপালনু কৰিব লাগে। আৰু যাহাতে প্ৰসৱ কাৰ্য্যত সহায় কৰা যন্ত্ৰ বিলাক বেয়া নহয় এবং কোনো ঘা নেলাগে তাৰ নিমিত্তে সাৱধাণে থাকিব লাগে। এই অৱস্থাতেই শিশুৰ নাড়ী
দিঙ্গিত মেৰাই থাকিব পাৰে বা নৱজাত শিশুৰ ও প্ৰসূতীৰ আপঘাতাদাদি অনেক হব পাৰে সেই কাৰণে যাহাতে নৱজাত শিশু আৰু প্ৰসূতীুৰ কোনো বিপদ নহয় তাৰ চেষ্টা ৰাখিব লাগে।
{{gap}}তৃতীয় অৱস্থাতো প্ৰসূতী ও নবজাত শিশুক ১ম ও ২য় অৱস্থাৰ দৰেই প্ৰতিপালন কৰিব লাগে। এই অৱস্থাত ফুল
পৰি শেহ হলেও যদি শোণিত স্ৰাব কম নহয় তেন্তে বাহাতে শোণিত স্ৰাব কম হয় আৰু প্ৰসৱকাৰী যন্ত্ৰ বিলাক সংকোস
হয় তেনে ঔষধ দিব লাগে।
{{gap}}প্ৰসৱৰ বেলি যি যি বস্তুৰ দৰকাৰ হয় তেনে বিলাক বস্তু যোগাৰ কৰি থব লাগে, নহলে প্ৰসৱৰ সময়ত সেই বিলাক বস্তু লৰা লৰিকৈ পাবলৈ টান হয়। তলত লেখা বস্তু কেইটা অতি আবশ্যকীয় যেনে আলপিন,
টান আৰু শকট জিন কাপোৰ, শৰিয়হৰ তেল, ২৪ দোখৰ পুৰনি ফটা কানি, এবাটী তপত পানী, অলপ তুলা, পোৱাতীৰ শয্যা ইত্যাদি, এই বিলাকৰ বাহিৰেও আৰু আছে। এই বিলাক কৰি এটাই পোৱাতীৰ আলপৈচান ধৰিবৰ নিমিত্তে শিকা-বুজা ভাল প্ৰকৃতিৰ ধাই এজনী বিচাৰ কৰিব লাগে, পাছে<noinclude></noinclude>
noqerdhiqj31msfhtz7ozp695eoemgk
পৃষ্ঠা:প্ৰসূতী.pdf/২৯
104
96263
268784
2026-11-18T12:43:57Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268784
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৫)|}}</noinclude>আমাৰ দুৰ্ভাগ্যবশতঃ আমাৰ অসম দেশত তেনে শিকা বুজা-ধাই এটীয়াও অতি কমহে পোৱা যাব।
{{gap}}অনেক ঠাইত দেখিবলৈ পোৱা যায় যে ধাই আৰু ওচৰ চুবুৰীয়া মাইকী গোট খায় পোৱাতীৰ গুৰিত প্ৰসৱ কালত
কষ্ট-খোয়া নানা ৰকমৰ মেল পাতে; অৰ্থাৎ অমুকী মাইকী প্ৰসৱ কৰিব নোৱাৰি মৰিল, অমুকীৰ প্ৰসৱত বৰ যাতনা হৈছিল, অমুকীৰ প্ৰসৱ হব নোৱাৰি পেটফালি ল'ৰা উলিয়ালে ইত্যাদি নানা ৰকম কথা পতা নিতান্ত অযুগুভ। সেই কাৰণে
ধাইক আগেয়েই সাৱধান কৰিব লাগে যেন তেনে বিলাক কথা ধাই কিম্বা চাবলৈ অহা মানুহৰ পৰা নোলায়। বিশেষতঃ
পোৱাতীৰ গুৰিলৈ নানা ৰকমৰ মানুহ অহায় অনুচিত, কেবল মাত্ৰ ধাই থাকিব লাগে। কিছুমান মানুহ গোট খায় গোলমাল
কৰা উচিত নহয়।
'''{{X-larger|প্ৰসূতী—}}'''প্ৰসবৰ সময়ত মনক বেচ আনন্দ আৰু শাুন্ ৰাখিব লাগে। আৰু ধায়ে বা বেজ জ্ঞানীয়ে যি উপদেশ দিয়ে তাক ভালকৈ পালিব লাগে। প্ৰসৱৰ কাল আহিলে কোমল বয়সীয়া গৰ্ভিনীয়ে অৰ্থাৎ যি প্ৰথম পোৱাতী তেওঁৰ ভয় অধিক হয়; কাৰণ তেওঁৰ পক্ষে সকলো নতুন হয়, প্ৰসৱৰ সময়ত যিমান কষ্ট হয় তেওঁ তাতকৈ ৩৷৪ গুণে সৰহকৈ ভাবি মনত সুমুৱাই ভয় কৰে। যি গৰ্ভাৱস্থাত নিৰোগী তাৰ প্ৰসব সহজে আৰু সন্তান সৱল হয়; কিন্তু যি স্বাস্থ্যৰ ফালে পিঠি দি গৰ্ভ সময়ত ৰোগ-ভোগ কৰে তেওৰ প্ৰসৱত দুখ হয় আৰু সন্তান নিৰ্ব্বলী হয়।<noinclude></noinclude>
h9br8p7d4ak5k30g9x944z7ie8zmlp0
268785
268784
2026-11-18T12:44:42Z
প্ৰয়াসী বৰঠাকুৰ
3437
268785
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৫)|}}</noinclude>আমাৰ দুৰ্ভাগ্যবশতঃ আমাৰ অসম দেশত তেনে শিকা বুজা-ধাই এটীয়াও অতি কমহে পোৱা যাব।
{{gap}}অনেক ঠাইত দেখিবলৈ পোৱা যায় যে ধাই আৰু ওচৰ চুবুৰীয়া মাইকী গোট খায় পোৱাতীৰ গুৰিত প্ৰসৱ কালত
কষ্ট-খোয়া নানা ৰকমৰ মেল পাতে; অৰ্থাৎ অমুকী মাইকী প্ৰসৱ কৰিব নোৱাৰি মৰিল, অমুকীৰ প্ৰসৱত বৰ যাতনা হৈছিল, অমুকীৰ প্ৰসৱ হব নোৱাৰি পেটফালি ল'ৰা উলিয়ালে ইত্যাদি নানা ৰকম কথা পতা নিতান্ত অযুগুভ। সেই কাৰণে
ধাইক আগেয়েই সাৱধান কৰিব লাগে যেন তেনে বিলাক কথা ধাই কিম্বা চাবলৈ অহা মানুহৰ পৰা নোলায়। বিশেষতঃ
পোৱাতীৰ গুৰিলৈ নানা ৰকমৰ মানুহ অহায় অনুচিত, কেবল মাত্ৰ ধাই থাকিব লাগে। কিছুমান মানুহ গোট খায় গোলমাল
কৰা উচিত নহয়।
'''{{X-larger|প্ৰসূতী—}}'''প্ৰসবৰ সময়ত মনক বেচ আনন্দ আৰু শান্ত ৰাখিব লাগে। আৰু ধায়ে বা বেজ জ্ঞানীয়ে যি উপদেশ দিয়ে তাক ভালকৈ পালিব লাগে। প্ৰসৱৰ কাল আহিলে কোমল বয়সীয়া গৰ্ভিনীয়ে অৰ্থাৎ যি প্ৰথম পোৱাতী তেওঁৰ ভয় অধিক হয়; কাৰণ তেওঁৰ পক্ষে সকলো নতুন হয়, প্ৰসৱৰ সময়ত যিমান কষ্ট হয় তেওঁ তাতকৈ ৩৷৪ গুণে সৰহকৈ ভাবি মনত সুমুৱাই ভয় কৰে। যি গৰ্ভাৱস্থাত নিৰোগী তাৰ প্ৰসব সহজে আৰু সন্তান সৱল হয়; কিন্তু যি স্বাস্থ্যৰ ফালে পিঠি দি গৰ্ভ সময়ত ৰোগ-ভোগ কৰে তেওৰ প্ৰসৱত দুখ হয় আৰু সন্তান নিৰ্ব্বলী হয়।<noinclude></noinclude>
26l9sadaf5hm39n9brxbz3x1p8wiglj
পৃষ্ঠা:প্ৰসূতী.pdf/৩০
104
96264
268786
2026-11-18T12:50:44Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268786
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২১)|}}</noinclude>{{center|'''{{X-larger|সন্তান।}}'''}}
{{gap}}সন্তান জন্ম হোৱা মাত্ৰকে অন্য বিলাক এৰি লৰালৰিকৈ তপত পানীত তুলা তিয়াই লৰাৰ চকু ধুৱাই দিব লাগে।
তাৰ পিছত আঙ্গুলিত ফটা কানি মেৰাই লৈ ল'ৰাৰ মুখৰ লাল বীজ উলিয়াই পেলাব লাগে। সন্তান জন্মহৈ কান্দিলেই
উশাহ-নিশাহ আৰম্ভ হৈছে বুলি জানিব পাৰি। যদি লৰাই নকান্দে তেনে তলত লেখা নিয়ম কেইতাৰে লৰাক কন্দুৱাবলৈ
চেষ্টা কৰিব লাগে। লৰাই কান্দিলেই উশাহ-নিশাহ চলিব ধৰিব। (১) লৰাক এডোখৰ মুকলি থাইলৈ লৈ যাব লাগে।
২) বুকত অলপ অলপ থপিয়াই দিব লাগে, (৩) লৰাৰ মুখত ফুঁৱাই দিব লাগে, (৪) মুখত চেছা পানি দিব লাগে,
৫) দুটা পাত্ৰত পানী ৰাখিব লাগে, এটাত হাত সহিব পৰা তপত পানী, আৰু অন্য তোত চেঁছা। লৰাক পোনেই ডিঙ্গিলকে
তপত পানীত জুবুৰিয়াব লাগে, তাৰ পাছত চেছা পানীত থব লাগে; এইদৰেই দুই তিনি বাৰ কৰিব লাগে। এই বিলাকৰ
পৰা কোনো উপকাৰ নেপালে তেতিয়া বেজ জ্ঞানীৰ সহায় লব লাগে।
{{gap}}তাৰ পাছত প্ৰসূতীৰ ফুল পৰিবলৈ বাত চাব লাগে। ফুল আপোনা আপুনি নপৰিলে প্ৰসূতীৰ তল পেটত অলপ অলপ কৈ হাতেৰে হেছি দিব লাগে, সিমানতো, যদি নপৰে তেনে চিকিৎসক বিচাৰিব লাগে। “আৰ্গট,” “ওপিয়ম” “ইপিকাক,” “শিকেলি”—ইত্যাদি ঔষধ খালেও ফুল পৰিব কিন্তু এই বিলাক
A<noinclude></noinclude>
bhgbhqi1v054l7bkxywixjgckli4waq
পৃষ্ঠা:প্ৰসূতী.pdf/৩১
104
96265
268787
2026-11-18T12:55:06Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268787
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২২)|}}</noinclude>ঔষধ চিকিৎসক কিম্বা শিক্ষিত ধাই নহলে অন্যে বেৱস্থা কৰিব নোৱাৰে। ফুল পৰিবৰ নিমিত্তে নাড়ীত ধৰি বল দিয়া কেতিয়াও উচিত নহয়। ফুল পৰা বেলি হলে আগেয়ে নাড়ী কাটি ল'ৰাক বেলেগ কৰিব লাগে; নহলে ফুল পৰাৰ পাছতহে
নাড়ী কটাহয়। নাড়ী কটাহলে ল'ৰাক শৰীয়হৰ তেল ঘহি তপত পানীৰে ধুৱাব লাগে; পাচত শুকান কাপোৰেৰে ভালকৈ
মছি পেলায় মাকৰ কোষতে সুৱাই থব লাগে।
{{gap}}“শিশু জন্ম হোৱাৰ পাছত যিমান সোনকালে পিয়াহ খুৱাব পাৰে সিমান ভাল, কাৰণ ল'ৰাক পিয়াহ খুৱাব পাৰিলে প্ৰসূুতীৰ জৰায়ু সংকোচ হয়; আৰু ল'ৰাৰ পক্ষেও জুলাপৰ নিছিনা কাম কৰি শৌচ খোলছা কৰে।
{{gap}}ল'ৰাৰ নাই শুকুৱা এটা প্ৰধান কাম। উপজিবৰ দিনাৰে পৰা নাৰি কলৰ তেল ফটা কানিত তিয়াইলৈ নাইত বান্ধি দিব লাগে। প্ৰতিদিনে বাঁহি ফটাকানি গুচাই ন ফটাকানি বান্ধি দিব লাগে, এই দৰে ৪।৫ দিন দিলেই নাই শুকায় যায়।
নাইৰ ঘা যদি পকে বা পকিব খোজে তেন্তে চাকিৰ ভাপত আঙ্গলিৰ তাপ দি ঘাৰ ওপৰত দিব লাগে। এই বিলাকতো ভাল নহলে বেজ জ্ঞানীৰ সহায় বিচাৰিব লাগে।
{{center|'''{{X-larger|প্ৰসৱৰ পাছত।}}'''}}
প্ৰসৱৰ পাছত প্ৰসূতীৰ জননেন্দ্ৰীয় তপত পানীৰে ধুই দি তাৰ পাছত তলত লেখা দৰে পোৱাতীৰ পেট বান্ধি দিব লাগে।<noinclude></noinclude>
8mnyhgc4knackqo53ugjf5js8z49e74
পৃষ্ঠা:প্ৰসূতী.pdf/৩২
104
96266
268788
2026-11-18T13:00:46Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268788
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৩)|}}</noinclude>{{gap}}এখন কাপোৰ ঢোপতোৰ নিছিনাকৈ মেৰাই মেৰাই তল পেটত দিব লাগে; তাৰ ওপৰত এডোখৰ তিনি হাত মান
দিঘল; ডাঠ, ভাল জিন কাপোৰ দি ভালকৈ টানি দি, কাপোৰৰ আগ দুটা আলপিণ দি টানি দিব লাগে। কিন্তু পেটে পেটে
লাগি জোৱাকৈ বান্ধিব নেলাগে। পেট বান্ধি দিয়াৰ পৰা শোণিতস্ৰাব কম হয়, আৰু জৰায়ু সংকোচ হয়।
{{gap}}"পেট বান্ধি দিয়াৰ পাছত প্ৰসূতী থিৰেৰ শুই থাকিব লাগে। লুটী বাগৰ মাৰি বা উঠি লৰি ফুৰিব নেলাগে। প্ৰত্যেক দিনে পেটৰ বান্ধ মেলি আকৌ ভালকৈ বান্ধি দিব লাগে। এই দৰে ৮৷১০ দিন বান্ধিলে যেতিয়া শোণিতস্ৰাব কমহৈ আহিব তেতিয়া আৰু বান্ধি দিবৰ আৱশ্যক নকৰে। প্ৰসৱৰ পাছত প্ৰায় ৭ দিন মানলৈকে প্ৰত্যেক দিনে তপত পানীৰে প্ৰসূতীৰ জননেন্দ্ৰীয় ফিচকাৰিৰ দ্বাৰাই ধুই দিব লাগে।
{{gap}}"প্ৰসূতীক প্ৰসৱৰ পাছত অলপ শুবলৈ দিব লাগে। শুবলৈু পালে প্ৰসৱৰ সময়ত যি কষ্ট পায় তাৰ অনেক পৰিমাণে শান্ত হয়।
{{gap}}"প্ৰসৱৰ পাছত বহুত প্ৰসূতীক ভাত খোৱা বা গা ধোৱা ইত্যাদি কৰা দেখিবলৈ পোৱা যায়; কিন্তু ই অতি গৰ্হিত কাৰ্য্য। ইয়াৰ পৰা প্ৰসূতীৰ জীৱনৰ টনাটনিও হব পাৰে; সেই কাৰণেু সকলোৱে সাৱধানহৈ প্ৰসৱৰ পাছত ৫৷৬ দিনৰ নিমিতে পোৱাতীক ভাত নিদি অন্য লঘু আহাৰ দিলেই ভাল।<noinclude></noinclude>
mpkmotlrtieti8j8ssx71li1lt65uoq
পৃষ্ঠা:প্ৰসূতী.pdf/৩৩
104
96267
268790
2026-11-18T13:05:42Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268790
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৪)|}}</noinclude>{{gap}}"প্ৰসৱৰ পাছত প্ৰায় একুৰি এদিনলৈকে শোণিত স্ৰাব হয়; এই শোণিত প্ৰায় ৰঙ্গা নেথাকে; পোনে পোনেই ৰঙ্গা
হয়; তাৰ পাছত হালধীয়া হয়; শেষত পানীৰ নিছিনা হয়। কোনো কোনো মাইকীৰ ২১ দিনত কৈও সৰহ দিন শোণিত
স্ৰাব হৈথাকে। এই শোণিত যদি অসময়তে বন্ধ হয় তেন্তে চিকিৎসা কৰিব লাগে। নানা কাৰণৰ দ্বাৰাই ই বন্ধ হব পাৰে,
যেনে জননেন্দ্ৰীয়, উৰূদেশ, তলপেট, ইত্যাদি থাইত চেঁচা পানীু লাগিলে বন্ধ হয়। চেঁচা পানী ব্যৱহাৰ কৰিলে বা তিতা
কাপোৰ পিন্ধিলেও বন্ধ হয়; সেই কাৰণে প্ৰসৱৰ পাছত পোৱাতীক চেঁচা পানী ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়।
{{gap}}“আমালোকৰ দেশত প্ৰতীক ৩৷৪ দিনলৈ চিড়া ভজা আদি শুকান ২ বস্তু খাবলৈ দিয়া যায়; পোৱাতীক ৩৷৪ দিন
লৈকে কোমল; সুপথ্য আৰু পূষ্টিকৰ আহাৰ দিয়াইহে উচিত; কাৰণ এনে সময়ত জীন নিয়াব পৰা শক্তি কম হয়। অধিকন্তু গুৰূ পাক দ্ৰব্য খালে পেটৰ অসুখ হব পাৰে, চাগু, এৰা ৰূট, ছুজীৰ ৰূটী, মগু মাহ, ইত্যাদি বস্তু ৩।৪ দিন খাবলৈ দি পাছত মাছৰ জোলেৰে সৈতে ভালকৈ সিজোৱা ভাত দিব পাৰে। তাৰ পাছত ভোক অনুসাৰে খাবলৈ দিয়া উচিত। যি মানুহৰ চাহ খোৱা অভ্যাস আছে তেওঁ এই সময়ত চাহ খালে উপকাৰ হব পাৰে। প্ৰসৱৰ পাছত যদি ২।৩ দিন ধৰি শৌচ নহয় তেন্তে আধ ছটাক মান ভাল পৰিস্কাৰ এড়িৰ তেল (যাক আমালোকে তেলজুলাপ বোলো) খালে শৌচ হব।<noinclude></noinclude>
3z0y9rf11cv661ojmnc1p1aiwm2s3gh
পৃষ্ঠা:প্ৰসূতী.pdf/৩৪
104
96268
268791
2026-11-18T13:09:24Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268791
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৫)|}}</noinclude>{{center|'''{{Xx-larger|“সন্তান পালন”।}}'''}}
{{gap}}প্ৰসৱৰ পাছৰ পৰাই ল'ৰাক পিয়াহ দিব লাগে, যদি মাকৰত পিয়াহত কোনো ৰকমে গাখীৰ নেথাকে, তেনে গৰুৰ গাখীৰ বা ছাগলীৰ গাখীৰ দিব লাগে। প্ৰায় গৰুৰ গাখীৰেই লৰাৰ পক্ষে উপকাৰী; কিন্তু ৰাতি পুৱাৰ গাখীৰ গধুলি বা বাহি গাখীৰ দিব নেলাগে; এই দৰে অনিয়ম কৰি খুৱালে ল'ৰাৰ ৰোগ হব পাৰে। ভাল গাখীৰত ঠিক সমানে পানী দি তপতাই খুৱাব লাগে। ল'ৰাক যেতিয়াই গাখীৰ খুৱাব লগা হয় তেতিয়াই তপত কৰি খুৱাব লাগে। উপজিবৰ পৰা এমহিয়ালকে ৰাতিয়ে দিনে ৭৷৮ বাৰ খাবলৈ দিব লাগে। অনেক সময়ত দেখা যায় যে ল'ৰাই কান্দিব খুজিলেই ততালিকে মাকে পিয়াহ বা গাখীৰ খুৱাই; কিন্তু এই কথা বৰ ভাল নহয়। ল'ৰাই ভোকৰ বাহিৰে অন্য কাৰণেও কান্দিব পাৰে; বিশেষতঃ কন্দাৰ একো আগ গুৰি নুবুজি গাখীৰ দিয়া উচিত নহয়। অসময়ত খুৱালে ল'ৰাৰ যকৃতৰ দোষ আক পেটৰ অসুখ হব পাৰে। পেট কামোৰা; পেট বিষোৱা; কানৰ বেমাৰ আদি হলেও ল'ৰাই কান্দিক পাৰে। সেই কাৰণে নিয়মিত সময়ত নিয়ম মত খুৱালেই ল'ৰায় ভোকৰ নিমিতে কান্দেনে বা অন্য কোনো কাৰণত কান্দে তাক সহজে জানিব পাৰি।
{{gap}}“পোৱাতীৰ খোৱা বস্তুৰ দোষত ল'ৰাৰ বেমাৰ হয়; সেই কাৰণে খোৱা বস্তুৰ প্ৰতি বিশেষ সাৱধানে থাকিব লাগে।
পোৱাতীৰ জীণ নিয়াবৰ শক্তি অনুসাৰে পুষ্টিকৰ আৰু ভাল বস্তু<noinclude></noinclude>
kgi8tbde98mwz00xr3fulpdo0fjqx4u
পৃষ্ঠা:প্ৰসূতী.pdf/৩৫
104
96269
268792
2026-11-18T13:14:52Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268792
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৬)|}}</noinclude>যাব লাগে। ল'ৰাৰ বেমাৰ হলে পোৱাতীৰ আহাৰ সলাব লাগে।
{{gap}}“পোৱাতীৰ মনত দুখ, বেজাৰ, শোক, বা কোনো ৰকম বেমাৰ হলে ল’ৰাক পিয়াহ দিব নেলাগে। কিম্বা বহুত
নিশাহলে শুই থকা ল'ৰাক গাখীৰ বা পিয়াহ খুৱাব নেলাগে, তাৰ পৰা অজীৰ্ণ হ'ব পাৰে। যদি লৰাই গাখীৰ বঁতিয়াই আৰু
সেই গাখীৰ খিৰিছিয়া মাৰে তেত্তে গাখীৰৰ লগত অলপ চুণৰ পানী মিহলাই দিব লাগে।
{{gap}}“ল'ৰাৰ ৭৷৮ মাহ হলে বা ২৷৩ টা দাত গজিলে গাখীৰত সিজোৱা চাগু বাৰ্লি এৰাৰূট বা মোহণ ভোগ খুৱাব পাৰে। দাঁত গজাৰ আগয়ে এই বিলাক বস্তু জীণ নিয়াব পৰা শক্তি নেথাকে। সেই কাৰণে তেতিয়া এই বিলাক বস্তু দিয়া উচিত নহয়। ৫/৬ টা মান দাঁত গজিলে পিয়াহ এৰুয়াই দিব লাগে; একে বাৰে পিয়াহ এৰুৱাব নোৱাৰিলে ক্ৰমে ক্ৰমে এৰুৱাব লাগে। পিয়াহ এৰুৱাৰ পাছত সৰু সৰু চাউলৰ ভাত অলপ আঞ্জা, গাখীৰ, ভাল মাচৰ জোল, আৰু পায়স দিব পাৰে। ল'ৰাক মিথা বস্তু যিমান কম খুৱাব পাৰে সিমান ভাল।
{{center|'''{{-larger|অন্ত}}'''}}
{{center|⸻'''গাঢ় পাঠ্য'''}}<noinclude></noinclude>
lmpqjnml3m6yxfuatmqensa2zp9g3c2
268793
268792
2026-11-18T13:17:30Z
প্ৰয়াসী বৰঠাকুৰ
3437
268793
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৬)|}}</noinclude>যাব লাগে। ল'ৰাৰ বেমাৰ হলে পোৱাতীৰ আহাৰ সলাব লাগে।
{{gap}}“পোৱাতীৰ মনত দুখ, বেজাৰ, শোক, বা কোনো ৰকম বেমাৰ হলে ল’ৰাক পিয়াহ দিব নেলাগে। কিম্বা বহুত
নিশাহলে শুই থকা ল'ৰাক গাখীৰ বা পিয়াহ খুৱাব নেলাগে, তাৰ পৰা অজীৰ্ণ হ'ব পাৰে। যদি লৰাই গাখীৰ বঁতিয়াই আৰু
সেই গাখীৰ খিৰিছিয়া মাৰে তেত্তে গাখীৰৰ লগত অলপ চুণৰ পানী মিহলাই দিব লাগে।
{{gap}}“ল'ৰাৰ ৭৷৮ মাহ হলে বা ২৷৩ টা দাত গজিলে গাখীৰত সিজোৱা চাগু বাৰ্লি এৰাৰূট বা মোহণ ভোগ খুৱাব পাৰে। দাঁত গজাৰ আগয়ে এই বিলাক বস্তু জীণ নিয়াব পৰা শক্তি নেথাকে। সেই কাৰণে তেতিয়া এই বিলাক বস্তু দিয়া উচিত নহয়। ৫/৬ টা মান দাঁত গজিলে পিয়াহ এৰুয়াই দিব লাগে; একে বাৰে পিয়াহ এৰুৱাব নোৱাৰিলে ক্ৰমে ক্ৰমে এৰুৱাব লাগে। পিয়াহ এৰুৱাৰ পাছত সৰু সৰু চাউলৰ ভাত অলপ আঞ্জা, গাখীৰ, ভাল মাচৰ জোল, আৰু পায়স দিব পাৰে। ল'ৰাক মিথা বস্তু যিমান কম খুৱাব পাৰে সিমান ভাল।
{{center|'''{{X-larger|অন্ত।}}'''}}
{{center|'''⸻'''}}<noinclude></noinclude>
7vabxna47ctdhuk36m0dna4ugkp8ori
268794
268793
2026-11-18T13:19:55Z
প্ৰয়াসী বৰঠাকুৰ
3437
268794
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||(২৬)|}}</noinclude>যাব লাগে। ল'ৰাৰ বেমাৰ হলে পোঁৱাতীৰ আহাৰ সলাব লাগে।
{{gap}}“পোৱাতীৰ মনত দুখ, বেজাৰ, শোক, বা কোনো ৰকম বেমাৰ হলে ল’ৰাক পিয়াহ দিব নেলাগে। কিম্বা বহুত
নিশাহলে শুই থকা ল'ৰাক গাখীৰ বা পিয়াহ খুৱাব নেলাগে, তাৰ পৰা অজীৰ্ণ হ'ব পাৰে। যদি লৰাই গাখীৰ বঁতিয়াই আৰু
সেই গাখীৰ খিৰিছিয়া মাৰে তেত্তে গাখীৰৰ লগত অলপ চুণৰ পানী মিহলাই দিব লাগে।
{{gap}}“ল'ৰাৰ ৭৷৮ মাহ হলে বা ২৷৩ টা দাত গজিলে গাখীৰত সিজোৱা চাগু বাৰ্লি এৰাৰূট বা মোহণ ভোগ খুৱাব পাৰে। দাঁত গজাৰ আগয়ে এই বিলাক বস্তু জীণ নিয়াব পৰা শক্তি নেথাকে। সেই কাৰণে তেতিয়া এই বিলাক বস্তু দিয়া উচিত নহয়। ৫/৬ টা মান দাঁত গজিলে পিয়াহ এৰুয়াই দিব লাগে; একে বাৰে পিয়াহ এৰুৱাব নোৱাৰিলে ক্ৰমে ক্ৰমে এৰুৱাব লাগে। পিয়াহ এৰুৱাৰ পাছত সৰু সৰু চাউলৰ ভাত অলপ আঞ্জা, গাখীৰ, ভাল মাচৰ জোল, আৰু পায়স দিব পাৰে। ল'ৰাক মিথা বস্তু যিমান কম খুৱাব পাৰে সিমান ভাল।
{{center|'''{{X-larger|অন্ত।}}'''}}
{{center|'''⸻'''}}<noinclude></noinclude>
gfpqxye9tttdckofdp2lsri3k5w6nsp
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৪
104
96270
268816
2026-11-18T17:02:28Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268816
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>নিবেদন।
অসমৰ মটক জাতিটো ঈশ্বৰৰ অভিসপ্তিত জাতি বুলি কলেও বেচি
কোৱা নহয়। মটক ৰাজ্য লোপ হোৱাৰে পৰা এই জাতি চেদেলি-
ভেদেলি অৱস্থাত তিস্থি আহি এতিয়া প্ৰায় লোপ পাওঁ পাওঁ অৱস্থা
পাইছেহি। অতীতৰ স্বনাম ধন্য পৰাক্ৰমী বীজাতি এটাৰ এনে অবস্থা
অসমবাসীৰ পক্ষে সচাকৈয়ে দুখ লগা নহৈ নোৱাৰে।
আহোম অত্যাচাৰত এই জাতিৰ মানুহবিলাকে আত্মগোপন কৰা
হেতুকেই আজি এজনে আন এজনক ঘৃণাৰ চকুৰে চাই জাতিৰ মেৰুদণ্ড
গঠনত বাধা দি আহিছে। পৰাশ্ৰিত সামান্য জাতীয় গৌৰৱ ত্যাগ কৰিব
নোবাৰিয়েই বহুত স্বাৰ্থান্বেষী লোকে নিঙ্গ জাতি মূলক ‘মটক' শব্দটো
নানা বিক্ৰতাৰ্থত পৰিণত কৰি নিজক আৰু নিজৰ জাতিক কলঙ্কৃত কৰি
নিজে আত্মগোপন কৰি আহিছে। মটক জাতিৰ বৰ্ত্তমান উচ্চ শিক্ষিত
লোকসকলৰ ভিতৰতে এনে আত্মগোপন কৰা কাৰ্য্য বেচি দেখা যায়। সেই
সকলৰ প্ৰতি আমাৰ ঘণ৷ ভাৱ আহিলেও পুতৌ নকৰি নোৱাৰোঁ৷ তেওঁ-
লোকে বুজা উচিত যে কণা-কুজা হলেও নিজৰ জন্মদাতা পিতৃয়েই হে প্ৰকৃত
হি। এই কথা ভাৱি যেন তেওঁলোকে নিজ জাতিৰ পূৰ্ব গৌৰব মনলৈ
অনি আত্মগোপন নকৰি আত্মপ্ৰকাশ কৰি সদল বলে জাতি গঠনমূলক
উদ্দেখতে সহায় কৰে। এনে সাৰে জাতিৰ বিপ্লবী জাতি গঠনমূলক
কাৰ্য্যত যথেষ্ট সহায় কৰি গতিক উন্নতিৰ জখলাত আগুৱাই নিব।
বৰ্তমান মটক জাতিৰ শিক্ষা আৰু গৱৰ্ণমেণ্টৰ সম্পদ ভোগৰ কালৰ
পৰা চাবলৈ গলে চকুলো ওলাব লগীয়া। শিক্ষা বিষয়ত মটক জাতি
গোটেই অসমৰ ভিতৰতে পাচ পৰা। গবৰ্ণমেণ্টৰ সম্পদ ভোগ কৰাৰ
কালৰ পৰাও চাবলৈ গলে সম্পদ ভোগকাৰী মানুহৰ হিচাব দিবলৈ লাজ
লগা ধৰণৰ। মটক জাতিৰ এনে অৱস্থা শিক্ষা হীনতাবেই ফল বুলিব
পাৰি। এই জাতিৰ এতিয়ালৈকে যি কেইজনে উচ্চ শিক্ষা পাইছে<noinclude></noinclude>
9tjtsp98rzd6bv1ltw5zlv0q1uvefio
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৫
104
96271
268817
2026-11-18T17:02:42Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268817
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তেওঁলোকে নিজ জাতিৰ প্ৰতি প্ৰেম আৰু ভক্তি নাৰাখি আত্মগোপন
কৰি অহা হেতুকেই আজি কেই বছৰ মানৰ আগলৈকে মটক জাতিৰ
মাজলৈ আত্ম প্ৰকাশৰ জাগৰণ অহা নাছিল।
ডিব্ৰুগড় নিবাসী কেইজনমান মটক জাতীয় শিক্ষিত লোকে নিজ
জাতিৰ বৰ্ত্তমান হীনাৱস্থাৰ কথা কেই বছৰ মানৰ আগতে সম্পূৰ্ণ ভাৱে
উপলব্ধি কৰে। তেওঁলোকে নিজ জাতিৰ সৰ্ব্বাঙ্গীন উন্নতিৰ হকে
“আসাম মটক লীগ”ৰ যোগে অহোপুৰুষাৰ্থ কৰি আহিছে। এই লোক -
কলৰ ভিতৰত শ্ৰীযুত পূৰ্ণচন্দ্ৰ গোঁহাই দেৱ, শ্ৰীযুত ভক্তিবৰ গোঁহাই দেৱ,
শ্ৰীযুত নলিনীকান্ত দহোতীয়া দেৱ, শ্ৰীযুত উপেন্দ্ৰনাথ গোঁহাই দেৱ অৰু
শ্ৰীযুত ৰত্নধৰ দাস দেৱাদিয়েই প্ৰধান। আমিও এজন সামান্য কৰ্ম্মীহিচাবে
উপৰোক্ত লোকসকলৰ লগত জাতীয় উন্নতিৰ হকে সামান্য কমে চেষ্টা
কৰি আহিছে৷ আৰু সেই প্ৰেৰণাতেই নিজৰ সামান্য অভিজ্ঞতাৰে মূল
কথাৰে এই জাতীয় বুৰঞ্জীখনি লিখি ৰাইজৰ আগলৈ উলিয়াই অসমীয়
পাইজৰ মাৰ্জিত আৰু কৰুণা ভৰা দৃষ্টি প্ৰাৰ্থনা কৰি জ্ঞাতিবৰ্গৰ সামান্ত
উৎসাহ আৰু উপকাৰ আশা কৰিছো।
এই বুৰঞ্জী লিখা কাৰ্য্যত আমাৰ অম্বুজ শ্ৰীমান হীৰামন দাস আৰু
শ্ৰীমান লঙ্কেশ্বৰ দাসদ্বয়ে অশেষ চেষ্টা কৰি নানা অনুসন্ধান কৰি বহুত
কথ৷ আমাৰ দৃষ্টি গোচৰ কৰি দিয়াত আৰু শ্ৰীমান লঙ্কেশ্বৰ দাসে বুৰঞ্জীখনি
চপাৰ উপযুক্ত কৰি নকল কৰি দিয়াত তেওঁলোক দুজনৰ প্ৰতি সৰল
কৃতজ্ঞতা নজনাই নোৱাৰিলো।
বৰ্ত্তমান অৰ্থানাটনৰ দিনত এই বুৰঞ্জীখনি চপাব লগীয়া হোৱাত আমি
বাধ্য হৈ বুৰঞ্জীখনিৰ মূল্য বেচি কৰিছে!। ৰাইজে অৱস্থা বুজি দয়াৰ চকুৰে
চাই উৎসাহ দিয়ে যেন। এইয়ে আমাৰ সৰল নিবেদন। ইতি—
বাংছালী
২০৷৬:৪৪ ইং
}
—লিখক-<noinclude></noinclude>
qcp1l76lz0f1zhhcrxg1i5m79h4cxd2
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৬
104
96272
268818
2026-11-18T17:03:07Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268818
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতি
সমাজ-নীতি
সূচী।
১। খণ্ড।
...
২। খণ্ড।
পিঠি
:
আহোম আক্ৰমণ
আগেমৰ লগত সম্বন্ধ
× গু
বিদ্ৰোহৰ সূচনা
...
:
...
:
৩। খণ্ড।
৪। খণ্ড।
প্ৰথম বিদ্ৰোহ
মহাৰাজ বলাকান্ত
কুবন্ধনঘন'
দ্বিতীয় বিদ্ৰোহ
...
তৃতীয় বিদ্ৰোহ ও শান্তি বল
মহাবাজ ভৰতসিংহ
মণিপুৰী সেনাৰ লগত যুদ্ধ
মহাৰাজ ভৰতসিংহৰ ৰাজ্য-শৃঙ্খলা
ইংৰাজৰ লগত যুদ্ধ
...
...
:
:
৫। খণ্ড।
:
...
: : :
G
a
9
12
...
=
:
...
98
১১
১১
১:<noinclude></noinclude>
nbf6zakgrnlzo1kcntm44995mmx35s8
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৭
104
96273
268819
2026-11-18T17:03:19Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268819
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>10
৬। খণ্ড।
স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ হত্য৷ অভিযান
আত্মগোপন
সেন্দুৰত দিন্না বিবাহ
হৰিহৰ তাঁতী
ধৰ্ম্মগুৰুৰ অ৷ত্মগোপন
শেনমেল। বনিয়া
...
...
...
আত্মপ্ৰকাশ
ধৰ্ম্ম গুৰুৰ দেৱোত্তৰ মাটি লাভ
সত্ৰ স্থাপন
৭। খণ্ড।
:
৮। খণ্ড।
'অত্যাচাৰৰ পাচত মটক জাতি
...
৯। খণ্ড।
:
⠀ ⠀
: :
বৃটিছ আমোলত মটক জাতি
মটক লীগ
নটক জাতি আৰু যোৱা মানুহ পিয়ল
মটক জাতি আৰু বৰ্ত্তমান প্ৰধান মন্ত্ৰী
বিহালীত শিক্ষা মন্ত্ৰীৰ সম্বৰ্দ্ধন!
:
:
:
১৫
১৬
:
%
১৮
১৯
20
:
২৩
২৬
२१
b
: ৮
2<noinclude></noinclude>
e7msp8hwf49jvyupt1crw21lwsa3dzn
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৯
104
96274
268820
2026-11-18T17:04:08Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268820
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>গ্ৰন্থকাৰ<noinclude></noinclude>
npij7d2hllvy6xahwtfc8x6r8xwfk1x
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১০
104
96275
268821
2026-11-18T17:04:54Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268821
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী।
- 1000/-
১।
GOVERNMENT
মটক জাতি।
OF
Call No..........
Call
ASSAM
DISTRICT LIBRARY
উজনি অসমত ভূঞাসকলৰ ৰাজ্য স্থাপনৰ সময়তে মান-
দেশৰ ফালৰ পৰা অহা টাই গুৰি-গোষ্ঠীৰ কিছুমান পৰাক্ৰমী মানুহ
ভূঞাসকলৰ এটা ফৈদৰে লগলাগি সৌমাৰ পীঠত বাস কৰিছিল।
কালক্ৰমে এই সংমিশ্ৰিত ফৈদেই সৌমাৰ পীঠৰ এক খণ্ডত ৰাজত্ব
কৰিছিল বুলি জনা যায়৷ এই মানুহবিলাক অতি পৰাক্ৰমী আৰু
জ্ঞানী আছিল। সেই কাৰণেই দাঁতিকাষৰীয়া আন আন ৰাজ্যৰ
মানুহে তেওঁলোকক মটক আৰু তেওঁলোকৰ স্থাপিত ৰাজ্যক
মটক ৰাজ্য বুলিছিল। কিম্বদন্তীৰ পৰা জনা যায় যে কামৰূপত
ৰাজত্ব কৰা ক্ষত্ৰিয় বৰ্ণৰ ৰজাসকলৰ শেষ ৰাজত্বই সৌমাৰ পীঠৰ
মটক ৰাজ্য আছিল।
DISTRICT LIBRARY<noinclude></noinclude>
e59ya4uiq6va7votaywdmgzy00sw6df
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১১
104
96276
268822
2026-11-18T17:05:08Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268822
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
সমাজ নীতি।
মটকসকল ক্ষত্ৰিয় বৰ্ণৰ মানুহ আছিল আৰু তেওঁলোক হিন্দু-
ধৰ্ম্মী আছিল। তেওঁলোকৰ মাজত উত্তৰী লোৱা নিয়ম আৰু
নবালিকা বিবাহ প্ৰচলন আছিল। তেওঁলোকৰ সমাজ-শৃঙ্খলা
বৰ উচ্চ ধৰণৰ আৰু কটকটীয়া আছিল। তেওঁলোকে গোহাঞি,
বৰুৱা, ফুকন, কটকী আদি উপাধি ব্যৱহাৰ কৰিছিল। মটক-
সকলে নিজ গুৰুত বাজে আন কাৰোঁ ওচৰত মুৰ নোদোৱাইছিল।
ঘৰ সোমাওঁতে মূৰ দোৱাব লাগে বুলি তেওঁলোকে ঘৰৰ মুধে মূধে
দুৱাৰ কৰি লৈছিল। এই প্ৰথাৰে সজাঘৰ আজিও অনেক মটক
গাঁৱত দেখিবলৈ পোৱা যায়। মটকসকলে কামৰূপীয়া ভাষাকে
নিজ মাতৃভাষাৰূপে গ্ৰহণ কৰিছিল। তেওঁলোক মইমতীয়া আৰু
ধৰ্ম্মভীৰু আছিল।
২। খণ্ড।
1001
আহোম আক্ৰমণ।
১২২৮ খৃষ্টাব্দত টাই জাতিৰ চুকাফা ৰজাই মটক ৰাজ্য
আক্ৰমণ কৰি জয় কৰে। তেতিয়াৰে পৰা কামৰূপত ক্ষত্ৰিয়
ৰজা লোপ হয় আৰু আন হাতে প্ৰতাপী আহোমসকলৰ ৰাজত্ব
আৰম্ভ হয়। ৰাজ্য হেৰুৱাই মটকসকলে গোটেই সৌমাৰ পীঠত
বিয়পি পৰি পতিতভাৱে জীৱন কটাবলৈ ধৰে।<noinclude></noinclude>
qdmbjs5qbg1s85iedswguszxzxw0oip
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১২
104
96277
268823
2026-11-18T17:05:20Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268823
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
আহোমৰ লগত সম্বন্ধ।
স্বৰ্গদেউ চুকাফা ৰজাই দেশ জয় কৰিবৰ উদ্দেশ্যে অহাৰ
কাৰণে লগত তিৰোতা মানুহ কম আনিছিল। পাচত ৰাজ্য জয়
কৰি অসমতে নিগাজীভাৱে থাকিবলগীয়া হোৱাত বিয়া-বাৰুৰ
কাৰণে অধিক তিৰোতা মানুহৰ আৱশ্যকতা বোধ কৰে। আহোম-
সকলে সেই সময়ত সৌমাৰত বাস কৰা অন্যান্য জাতিতকৈ ক্ষত্ৰিয়
মটকসকলৰ শাৰীৰিক সৌন্দৰ্য্য আৰু আচাৰ-নীতি উচ্চ ধৰণৰ
দেখি তেওঁলোকৰে ছোৱালী বিয়া কৰাই ভবিষ্যত বংশধৰসকলৰ
সংসাৰ চলোৱাতো থিক কৰিলে। কিন্তু দুয়ো জাতিৰে তেতিয়া
সামাজিক আচাৰ-নীতি সম্পূৰ্ণ পৃথকভাবে চলি থাকে।
ধৰ্ম্মগুৰু।
মটকসকলে ৰাজ্য হেৰুৱাই গোটেই সৌমাৰ পীঠত বিয়পি
পৰাৰ সময়তে মহাপুৰুষ শঙ্কৰ দেৱে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰৰ অৰ্থে
মাধব দেৱ, অনিৰুদ্ধ দেৱ, দামোদৰ দেৱ আৰু যদুমণি দেৱ প্ৰভৃতি
জনচেৰেক প্ৰিয় শিষ্য লগতলৈ বৰদোৱাৰ পৰা নাৱেৰে ব্ৰহ্ম-
পুত্ৰেদি উজাই আহে। ইতি মধ্যে সৌমাৰ পীঠৰ ওচৰত মহা-
পুৰুষ শঙ্কৰ দেৱৰ লগত মহাপুৰুষ অনিৰুদ্ধ দেৱৰ মতবাদ ঘটে।
মহাপুৰুষ শঙ্কৰ দেৱে অনিৰুদ্ধ দেৱক নাৱঁৰ পৰা ব্ৰহ্মপুত্ৰৰ অগাধ
দ পানীত নমাই দি এৰি যায়। কিন্তু অনিৰুদ্ধ দেৱে নিজ মহত্বৰ
গুণত অগাধ দ পানীৰ মাজতো নিৰাপদে থিয় দি ৰৈ থাকে।
অনিৰুদ্ধ দেৱৰ এনে অৱস্থ৷ কিছুমান মটক মানুহে দেখা পাই<noinclude></noinclude>
qp9iwor7f6wyurlb666yqzubb90t6wj
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৩
104
96278
268824
2026-11-18T17:05:33Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268824
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
আৰু নাৱেৰে তেওঁক পাৰলৈ উঠাই নিয়ে। মহাপুৰুষ অনিৰুদ্ধ
দেৱৰ পৰা সকলো ঘটনা শুনি তেওঁক এজন মহাপুৰুষ বুলি মটক-
সকলে বিশ্বাস কৰিলে। সেই মটকবিলাকে তাতেই মহাপুৰুষ
অনিৰুদ্ধ দেৱৰ শৰণ ললে। তাৰ পাচত তেওঁ সশিষ্যে বিষ্ণুবালি-
কুচিলৈ গৈ তাত সত্ৰ পাতি নিৰ্ম্মল পবিত্ৰ ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম
প্ৰচাৰ কৰিবলৈ ধৰিলে। মটকৰ কিছুমান লোকে এজন মহাপুৰুষ
লাভ কৰি তেওঁত শৰণ লোৱাৰ কথা চাৰিও ফালে প্ৰচাৰ হৈ গল।
মটকসকলৰ সমাজ বান্ধোন কটকটীয়া থকাৰ কাৰণে যত
যেনেকৈ মটক মানুহ আছিল সকলোৱে আহি মহাপুৰুষ অনিৰুদ্ধ
দেৱত শৰণ লয়। পাচত এই অনিৰুদ্ধ দেৱেই মায়ামৰা গোঁসাই
আৰু তেওঁ পতা সত্ৰখন মায়ামৰা সত্ৰ নামে অভিহিত হয়।
পুৰুষানুক্ৰমে গোঁসাইৰ পুতেকক বা পৰিয়ালৰ এজনক ধৰ্ম্মাসনৰ
ভাৰ দি মটকসকল চলিবলৈ ধৰে! তেওঁলোকে প্ৰাণ দিও
গুৰুৰ বাক্য পালন কৰে আৰু গুৰুৱেও তেওঁলোকক পুত্ৰবৎ
ব্যৱহাৰ কৰে। কিন্তু ৺মহাপুৰুষ শঙ্কৰ দেৱৰ মতৰ পৰা ফাটিগৈ
মহাপুৰুষ অনিৰুদ্ধ দেৱে বেলেগাই সত্ৰ পাতি ধৰ্ম্ম প্ৰচাৰ কৰাৰ
বাবে আৰু সেই ধৰ্ম্মপ্ৰচাৰক মহাপুৰুষ অনিৰুদ্ধ দেৱক মটক-
সকলে গুৰুৰূপে গ্ৰহণ কৰাৰ বাবদ ৺মহাপুৰুষ শঙ্কৰ দেৱৰ '
ধৰ্মানুগামী অন্যান্য সম্প্ৰদায়ৰ গুৰু-শিষ্য উভয়েই মটক জাতিৰ
গুৰু-শিষ্য উভয়ক ঘৃণা আৰু ঈৰ্ষাৰ চকুৰে চোৱাৰ অনেক সময়ত
প্ৰমাণ পোৱা যায়।<noinclude></noinclude>
6wvegco2nb28wtydbcvuyxjc37ead0o
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৪
104
96279
268825
2026-11-18T17:05:47Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268825
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>৩। খণ্ড।
বিদ্ৰোহৰ সূচনা।
১৭১৪ খৃষ্টাব্দত আহোম ৰাজসিংহাসনত ফুলেশ্বৰী কুৱৰী
বহে। তেওঁ ঘোৰ শাক্ত আছিল। আন হাতে তেওঁৰ প্ৰজা
মটকসকলে গোঁসানী পূজা নকৰিছিল। এই কথাত ৰাণী ব্ৰ
অধৈৰ্য্য হৈ উঠে আৰু বলেৰে মটৰ গোঁসাই সহ কিছুমান
লোকক গোঁসানীৰ আগত বলিকটা তেজৰে কপালত ফোট দি
অপমান কৰে। এই কাৰ্য্যত মটকসকলে মৰণান্তিক বেজাৰ
পালে। তেওঁলোকৰ অন্তৰত প্ৰতিশোধৰ তুঁহ জুই জ্বলি উঠে
আৰু গুৰুৰ ওচৰত আহোমসকলৰ লগত বিদ্ৰোহাৰ্থে প্ৰাৰ্থনা
জনায়। কিন্তু মটকৰ গোঁসায়ে নিজৰ শিষ্যবল কম ভাবি সেই
বাৰলৈ কোনো আদেশ নকৰিলে। মটকসকলৰ মনৰ কথা
মনতে থাকিল। ইয়াৰ কিছুদিনৰ পাচত স্বৰ্গদেউ লক্ষ্মীনাথ
সিংহৰ দিনত আকৌ মটকসকল ৰাজ কৰ্ম্মচাৰী কীৰ্ত্তিচন্দ্ৰ বৰ
বৰুৱাৰ হাতত অপমানিত হয়।
ধৰণৰ লাঞ্ছনা বাৰে বাৰে সহ্য কৰিব
তেওঁলোকৰ অন্তৰে এনে
নোৱাৰা হল। তেওঁলোকে
পুনৰ গুৰুৰ ওচৰত প্ৰতিশোধ লবৰ কাৰণে প্ৰাৰ্থনা জনায়।
গোঁসায়ে শিষ্যবৰ্গৰ মন বুজি তেওঁলোকৰ বল বুজিবৰ কাৰণে
প্ৰত্যেক শিষ্যকে এটা খে, এটা বেত সুত, এটা কামি আৰু<noinclude></noinclude>
3qxw2wpclineo42aq8tykaxb2wlncum
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৫
104
96280
268826
2026-11-18T17:05:57Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268826
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
এচপৰা মাটি আনি বৰভেটী বান্ধি তাৰ ওপৰত এটা নামঘৰ
সাজিবলৈ হুকুম দিলে। বৰ্ত্তমান যোৰহাট চহৰৰ ছয় মাইল
পশ্চিমে মালৌ পথাৰতে বৰভেটী বান্ধি নামঘৰ সজা হয়।
শিষ্যবৰ্গ পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখি গোঁসায়ে প্ৰতিশোধাৰ্থে
আহোমৰ লগত বিদ্ৰোহ কৰিবলৈ আদেশ দিলে।
৪। খণ্ড।
প্ৰথম বিদ্ৰোহ।
ইয়াৰ পাচত মটকসকলে নাহৰ খোৰা মটক আৰু ৰাঘব
মৰাণ দেৱক সেনাপতি পাতে আৰু ১৭৬৯ খৃষ্টাব্দত বীৰবেশে
জয়ধ্বনি কৰি ৰাজ-দুৱাৰৰ ফালে আগুৱাই যায়। এই যুদ্ধত
নাহৰ খোৰা মটকৰ ঘৈণীয়েক ৰাধা আৰু ৰুক্মিণী নামে দুগৰাকী
তিৰোতা মানুহো গৈছিল। তেওঁলোকৰ সাহস আৰু ৰণ কৌশল
বৰ নিপুণ আছিল। আহোম সেনাই মৰণত শৰণ দি ৰণ কৰিও
শেষত মটক সেনাৰ হাতত পৰাজয় হয়। মটক সেনা সদলবলে
আগুৱাই গৈ ৰাজধানী অধিকাৰ কৰি ৰজাক জয়সাগৰ দৌলত
বন্দী কৰি ৰাখে। পূবৰ অপমানৰ হোৰ তুলি কীৰ্ত্তিচন্দ্ৰ বৰ<noinclude></noinclude>
fodps41u87i2hf0fe1uja69hc9e2h9k
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৬
104
96281
268827
2026-11-18T17:06:09Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268827
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
বৰুৱাক নচচা শূলত দিয়ে। প্ৰবাদ আছে যে এই যুদ্ধত ৰাধা-
ৰুক্মিণীয়ে কোচ পাতি বিপক্ষৰ গুলি ধৰিছিল। আহোম সৈন্যই
ৰাধা ৰুক্মিণীৰ এই কাৰ্য্য দেখি তেওঁলোকক গোঁসানী বুলি ভাবিছিল
আৰু ৰণ এৰি ফাহি চিটিকা দি চিটিকিবলৈ ধৰিছিল।
মহাৰাজ ৰমাকান্ত।
নিজৰ প্ৰতিজ্ঞা পূৰণৰ পাচত মটকসকলে নাহৰ খোৰা
মটক দেৱৰ পুতেক ৰমাকান্ত মটক দেৱক আহোম ৰাজ-
সিংহাসনত বহুৱালে আৰু ৰাঘৱ মৰাণ দেৱক বৰবৰুৱা পাতিলে।
১৭৭০ খৃষ্টাব্দত মহাৰাজ ৰমাকান্ত দেৱে আহোম ৰজাৰ আঠচুকীয়া
মোহৰৰ সলনি নিজৰ নামত নচুকীয়া মোহৰ মৰালে। আহোম-
সকলো এনেয়ে বহি থকা নাছিল। তেওঁলোকে মটক ৰজাৰ
বিৰুদ্ধে ভিতৰুৱা ভাবে তেতিয়াও ষড়যন্ত্ৰ চলাই আছিল।
কুৰঙ্গনয়নী।
কুৰঙ্গনয়নী মণিপুৰীয়া ছোৱালী আছিল। আহোমজা
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এওঁক বিয়া কৰাইছিল। স্বৰ্গদেউ
ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাচত লক্ষ্মীসিংহ স্বৰ্গদেউ আহোম
ৰাজপাটত উঠে আৰু ৰাণী কুৰঙ্গনয়নীক ভাৰ্য্যাৰূপে গ্ৰহণ কৰে।
মটকসকলে স্বৰ্গদেউ লক্ষ্মীসিংহক পৰাজয় কৰি ৰাণী কুঙ্গ-
নয়নীক বলেৰে কাঢ়ি আনে। তেওঁলোকে বৰবৰুৱা ৰাঘৱ দেৱক
এওঁক দান দিয়ে। বৰবৰুৱা ৰাঘৱদেৱেও তেওঁক সৰলভাবে গ্ৰহণ<noinclude></noinclude>
teczq056j7ysa28hce7bg32dnhxavpk
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৭
104
96282
268828
2026-11-18T17:06:43Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268828
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
কৰিলে। আহোমসকলে সমুখ যুদ্ধত মটকসকলক পৰাজয় কৰা
অসম্ভৱ ভাবি গোপনে কুৰঙ্গনয়নীৰ লগত ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।
তেওঁলোকে চক্ৰান্ত কৰি বহাগ বিহুৰ দিনা কিছুমান আহোম
সেনা মটকৰ বেশেৰে বৰবৰুৱা ৰাঘৱ দেৱৰ ঘৰত হুচৰি গাবলৈ
পঠিয়ালে। আহোমসেনা বেশচন কৰি বৰবৰুৱা ৰাঘৱ দেৱৰ
চোতাল পালেহি। বৰবৰুৱা ৰাঘৱ দেৱ সদায় সকলো সময়তে
অস্ত্ৰ-সস্ত্ৰেৰে সজ্জিত থাকে আৰু সেই বেশেৰেই বেশচন কৰি
অহা আহোম সেনাক জ্ঞাতি বুলি সম্ভাষণ কৰিবলৈ ওলাই আহিল।
এনেতে কুঙ্গনয়নীয়ে আগৰ মন্ত্ৰণা মতে হাতজোৰ কৰি কলে
যে বছেৰেকৰ মূৰত বিহু বুলি আমাৰ জ্ঞাতিবৰ্গ আমাৰ ঘৰলৈ
আহিছে তেনে অৱস্থাত তেওঁলোকক হাতত অস্ত্ৰ লৈ সম্ভাষণ কৰিব
নাপায়। বৰবৰুৱা ৰাঘৱ দেৱে চতুৰ তিৰোতাৰ চলনাত ভোল
গৈ নিজৰ হাতৰ তৰোৱাল কুঙ্গনয়নীক দি শূন্য হাতে জ্ঞাতি
সম্ভাষণ কৰিবলৈ ওলাই আহিল। বিশ্বাসঘাতিনী কুৰঙ্গনয়নীয়ে
হঠাৎ পাচ ফালৰ পৰা নিজ স্বামীৰ গলত নিজ হাতে তৰোৱাল
বহাই দিলে। খন্তেকতে মটক বেশধাৰী আহোম সৈন্য তেওঁৰ
ওপৰত জপিয়াহ পৰি অন্যায়ভাৱে নিৰস্ত্ৰ বৰুৱা ৰাঘৱক বধ
কৰিলে। তাৰ পাচত ৰাজধানী আক্ৰমণ কৰি অসাৱধান অৱস্থাত
মহাৰাজ ৰমাকান্তক বধ কৰিলে। মটকসকলে আহোমৰ লগত
প্ৰাণপণে যুদ্ধ কৰিলে যদিও আগতে সাজু নথকাৰ কাৰণে হাৰ
আহোম সেনাই মটকসেনাক যুদ্ধত হৰুৱাই পুনৰ
মানে।
লক্ষ্মীসিংহ স্বৰ্গদেৱক ৰাজপাটত বহুৱালে।<noinclude></noinclude>
cddibksqcc4mitj57dg7j3979507ls9
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৮
104
96283
268829
2026-11-18T17:06:59Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268829
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় বিদ্ৰোহ।
মটক জাতিৰ চমু বুৰঞ্জী
স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৃত্যুৰ পাচত স্বৰ্গদেউ গৌৰীনাথ সিংহ
ৰাজপাটত উঠে।
তেওঁ পিতৃ-শত্ৰু ভাবি নিতাল মাৰি থকা
মটকসকলক আকৌ জোকাই লয়। তেওঁ মটকসকলক য'তে
ত’তে অত্যাচাৰ কৰিবলৈ ৰাজ্যত প্ৰচাৰ কৰি দিলে। এই
কাৰ্য্যত মটকসকলৰ বৰ খং উঠিল আৰু প্ৰথমে শিঙৰী ঘৰত
জুই লগাই দিলে। মটকসকলৰ এই কাৰ্য্য দেখি আগৰ ডাঙৰীয়া-
সকলৰ মটকৰ হাতত ঘটা দশালৈ মনত পৰিল। ৰাজমন্ত্ৰী
ৰূদ্ৰেশ্বৰ বৰপাত্ৰ ডাঙৰীয়৷ বিনা যুদ্ধেই পলাই ভাটীলৈ গুচি গল।
আগৰ যুদ্ধত মটকৰ গুৰিয়াল কেই জনমান হানি হোৱাত মটক-
সকল এইবাৰ আৰু আগুৱাব নোৱাৰিলে।
তেওঁলোকে
ৰাজমন্ত্ৰী ঘনশ্যাম বুঢ়া গোঁহাঞি ডাঙৰীয়াৰ কৌশল ভেদিব
নোৱাৰি পিচুৱাই আহিল।
তৃতীয় বিদ্ৰোহ ও শান্তি ৰণ।
যদিও ৰাজসেনাৰ হাতত মটকসকল পৰাজয় হল তথাপি
তেওঁলোকৰ মন নাভাগিল। তেওঁলোকে আকৌ আহোমক এসেকা
দিবৰ কাৰণে মনতে ভাবি আছিল। এনেতে ৰাজমন্ত্ৰী ঘনশ্যাম
বুঢ়া গোহাঞি ডাঙৰীয়াই কিছুমান মটকক ধৰি অনাহকতে শাস্তি
বিহিলে। এইবাৰ মটকৰ স্ত্ৰী-পুৰুষ উভয়ে জিকাৰ খাই উঠিল
আৰু ইয়াৰ হোৰ তুলিৰ কাৰণে দৃঢ়প্ৰতিজ্ঞ হৈ তলে তলে যুদ্ধ
আয়োজন কৰি নিজশক্তি বৃদ্ধি কৰিবলৈ ধৰিলে। ইতিমধ্যে<noinclude></noinclude>
pyq6he5f1w8waftj26hqqc5ilq6s43w
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/১৯
104
96284
268830
2026-11-18T17:07:14Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268830
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
ঘনশ্যাম বুঢ়া গোঁহাঞি ঢুকুৱাত তেওঁৰ পুতেক পূৰ্ণানন্দ গোহাঞি
ডাঙৰীয়া নতুনকৈ বুঢ়া গোঁহাঞি হয়। এই সময়তে মটক-
সকলে যুদ্ধ আয়োজন পূৰ্ণ কৰি ১৭৮৭ খৃঃ ৰাজপুৰী আক্ৰমণ
কৰিলে।
এই যুদ্ধত বহুতো মটক তিৰোতাই যোগ দিছিল। অৰ
ভিতৰত চন্দ্ৰবালা, মধুৰী, ৰম্ভা, জয়ন্তী, ভানুমতী, ভদ্ৰাৱতী,
সুভদ্ৰা, সুচলা, জয়া, ৰোহিণী, সুমতি এই কেই গৰাকীয়ে প্ৰধান
আছিল। তেওঁলোকে —
——অষ্টভুজে, সপ্তভুজে চতুভু জে ৰাখে
তাৰে দাই তাকে কাটে তাৰে হিলৈ তাকে মাৰে
চতুভু জে ৰাখে ঐ চতুৰ্ভুজে ৰাখে – '
বুলি জয়ধ্বনি কৰি ৰাজধানীৰ ফালে আগুৱাই গল। তেওঁ-
লোকে শত্ৰুপক্ষৰ পৰা মৰা বন্দুক বৰতোপৰ গুলি কোঁচপাতি
ধৰি পুনৰ সেই গুলীকে শত্ৰুলৈ ওভোটাই চাটিমাৰি শত্ৰুসেনা
বধ কৰিছিল বুলি প্ৰবাদ আছে। এই যুদ্ধ শান্তি ৰণ নামে
জনাজাত।
ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়া গোহাঞি ডাঙৰীয়াই এটা বৃহৎ ফৌজ
মটকসকলৰ বিৰুদ্ধে পঠিয়াই দিলে। কিন্তু মটকসকলৰ হাতত
এই ফৌজ কেনিবাদি উফৰি পৰিল। এই বাতৰি পাই আহোম
ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহ ভটিয়াই পলাই যায়। মটকসকলে
আকৌ সিংহাসন অধিকাৰ কৰি মহাৰাজ ভৰতসিংহক আহোম<noinclude></noinclude>
d5jzh9h06lat6hg8ih0qb17r8gh317d
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২০
104
96285
268831
2026-11-18T17:07:46Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268831
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১১
মটক জাতিৰ চমু বুৰঞ্জী
ৰাজসিংহাসনত বহুৱালে আৰু ভবিষ্যত বিপদৰ আশঙ্কা কৰি
মহামতি পূৰ্ণানন্দ বুঢ়া গোঁহাঞি দেৱক যোৰহাটত বন্দী কৰি
থয়।
৫। খণ্ড
-**-
মহাৰাজ ভৰতসিংহ।
১৭৮৭ খৃষ্টাব্দত মহাৰাজ ভৰতসিংহ ৰাজপাটত বহে আৰু
অখণ্ড প্ৰতাপেৰে অসমত মটক ৰাজত্ব আৰম্ভ কৰে। তেওঁও
নিজৰ নামত ৰূপ আৰু সোণৰ নচুকীয়া মোহৰ মৰাইছিল।
স্বৰ্গদেউ গৌৰীনাথ সিংহই গুৱাহাটীত গৈ বৰফুকনৰ লগলাগি
হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰৰ কাৰণে যত্ন কৰিবলৈ ধৰিলে। তেওঁ
বহু চেষ্টা কৰি এটা শকত ফৌজ গোটাই মটকসকলৰ বিৰুদ্ধে
পঠিয়াই দিলে। কিন্তু প্ৰবল প্ৰতাপী মহাৰাজ ভৰত সিংহৰ
সৈন্যই বাৰে বাৰে ভাৰতবিজয়ী মোগল-পাঠানক পৰাস্ত কৰা
আহোম সেনাক সমুখ যুদ্ধত পৰাস্ত কৰি নিজৰ বীৰত্ব দেখুৱাই
সকলোকে তবধ মনালে।
মণিপুৰী সেনাৰ লগত যুদ্ধ।
এই যুদ্ধত হৰাৰ বাতৰি পাই স্বৰ্গদেউ গৌৰীনাথ সিংহই
মণিপুৰৰ ৰজা জয়সিংহলৈ সহায় বিচাৰি গোপনে কটকী
'<noinclude></noinclude>
qhb1k9i9f2me9iz6aesb3jlw6hqy0b7
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২১
104
96286
268832
2026-11-18T17:08:01Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268832
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>“মটক জাতিৰ চমু বুৰঞ্জী
১২
পঠিয়ালে। মণিপুৰেশ্বৰ জয়সিংহইও মহাৰাজ ভৰত সিংহৰ
হাতত আহোম সেনা বাৰে বাৰে পৰাজয় হোৱা আৰু
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দুৰৱস্থাৰ কথা শুনি পূৰ্ববৰ উপকাৰ
সুমৰি ১৭৯২ খৃঃ এটা ডাঙৰ ফৌজ আহোমৰ সহায়াৰ্থে মটকৰ
বিৰুদ্ধে পঠিয়াই দিলে। কিন্তু পৰাক্ৰমী মটকসকলৰ হাতত
এই ফৌজ নিমিষতে উফৰি পৰিল। তেওঁলোক দলে দলে
ৰণ এৰি পলাই উভটি গল। এইবাৰ
সিংহ একেবাৰে হতাশ হল যদিও তলে
বিচাৰিবলৈ ধৰিলে।
স্বৰ্গদেউ গৌৰীনাথ
তলে অন্য সহায়
মহাৰাজ ভৰতসিংহৰ ৰাজ্য-শৃঙ্খলা।
মণিপুৰীবিলাকক পৰাজয় কৰাৰ পাচত মহাৰাজ ভৰতসিংহই
চেদেলি-ভেদেলি হৈ থকা ৰাজ্য শৃঙ্খলা কৰিবলৈ মন মেলিলে।
ইমান দিনে যুদ্ধ-বিগ্ৰহত লাগি থকা কাৰণে তেওঁ এইবিলাক
কাৰ্য্যত হাত দিবলৈ আহৰি পোৱা নাছিল। এতিয়া আহৰি পাই
দেখিলে যে সদিয়াৰ পৰা মানাহালৈকে এই বৃহৎ ৰাজ্য তেওঁ
অকলে শাসন কৰিলে ৰাজকাৰ্য্যত বেমেজালি ঘটিব পাৰে আৰু
প্ৰজাৰে৷ অনেক অশান্তি হব পাৰে। সেই গতিকে তেওঁ ৰাজ্য-
শৃঙ্খলা বদ্ধভাবে চলাবলৈ থায়ে থায়ে প্ৰতিনিধি ৰাখিলে। লুহিতৰ
উত্তৰপাৰে জাপৰী ভেটিত যুগী মানুহ এজন, দিহিঙ্গৰ পূৰে
পুৰণি মটকৰাজ্যত সবানন্দ নামে মৰাণ এজন, মাজুলীত
হাউলীয়া নামে এজন আৰু সদিয়াত খামতি এজনক প্ৰতিনিধি<noinclude></noinclude>
atd8kt2rwm6s8iep2wlz111dto6b50p
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২২
104
96287
268833
2026-11-18T17:08:14Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268833
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৩
মটক জাতিৰ চমু বুৰঞ্জী
ৰাখিলে। দূৰদৰ্শী মহাৰাজ ভতসিংহই এনেদৰে বিভিন্ন
সম্প্ৰদায়ৰ প্ৰতিনিধি ৰখাৰ উদ্দেশ্য এই যে তেওঁৰ ৰাজ্যত যাতে
সাম্প্ৰদায়িক মনোবাদৰ সৃষ্টি নহৈ সকলো সম্প্ৰদায়ৰ লোকসকল
মিলাপ্ৰীতিৰে থাকিব পাৰে।
ইংৰাজৰ লগত যুদ্ধ।
মহাৰাজ ভৰতসিংহই ৰাজ্য-শৃঙ্খল৷ কামত লাগি থাকোঁতে
সুযোগ পাই আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহই গোপনে সেই
সময়ৰ বৃটিছ ভাৰতৰ শাসনকৰ্ত্তা লৰ্ড কৰ্ণোৱাৰি ওচৰলৈ সহায়
খুজি কটকী পঠিয়ালে। লৰ্ড কৰ্ণোৱালিচেও সকলো ঘটনা শুনি
আহোম ৰজাক সহায় কৰিবলৈ গাত ললে। তেওঁ কেপ্তেইন্
ওৱেলচ চাহাৱৰ তলত এটা বৃহৎ শিক্ষিত ফৌজ দি আহোম
ৰজাক সহায় কৰিবলৈ অসমলৈ পঠিয়ালে। এই ফৌজৰে সৈতে
কেপ্তেইন্ ওৱেলচ চাহাৱে গুৱাহাটীৰ পৰা স্বৰ্গদেউ গৌৰীনাথ
সিংহক লগতলৈ আগুৱাই ডেৰ গাৱেদি যোৰহাটলৈ যাত্ৰা কৰে।
এই সংবাদ পাই মটকসকলে বৃটিছ ফৌজক ডেৰগাৱঁৰ ওচৰত
আগচি ধৰিলেহি। প্ৰথমে মটকসকলৰ সৈন্য-সজ্জা আৰু
যুদ্ধাম্বৰ দেখি বৃটিছ ফৌজ পিচুৱাই আহিবলৈ বাধ্য হয়। পাচত
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ পৰা মটকসকলৰ ভিতৰুৱা অস্ত্ৰবল
কেপ্তেইনে জানিব পাৰি পুনৰ যুদ্ধাৰ্থে আগবাঢ়ি যায়। দুয়ো
পক্ষৰ ঘোৰতৰ যুদ্ধ হয়। এই যুদ্ধত মটকসকলে বৃটিছৰ বন্দুক-
ধাৰী শিক্ষিত ফৌজক বেচিপৰ বাধা দি ৰাখিব নোৱাৰি যোৰহাটলৈ<noinclude></noinclude>
1ivenbphrfws87r3jbbj64bi989419t
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৩
104
96288
268834
2026-11-18T17:08:27Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268834
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৪
মটক জাতিৰ চমু বুৰঞ্জী
পিচুৱাই যায়। বৃটিছ সৈন্যই আগুৱাই গৈ যোৰহাট পাওঁতেই
মটকসকলে আকৌ তেওঁলোকক আগচি ধৰিলে। ইয়াতো
দুয়ো পক্ষৰ ভিতৰত এখন তয়াময়া যুদ্ধ হল। মটকসকলে এই
যুদ্ধতো বুটিছ সৈন্যক পৰাজয় কৰিব নোৱাৰি যোৰহাট এৰি
ৰাজধানী ৰংপুৰলৈ পিছুৱাই যায়। বৃটিছ সৈন্যই যোৰহাট
অধিকাৰ কৰি বন্দী অৱস্থাত থকা মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি
ডাঙৰীয়াক মুক্ত কৰিলে। তাৰ পাচত তেওঁলোকে সদলবলে
ৰাজধানী ৰংপুৰ চহৰ অধিকাৰ কৰিবলৈ আগুৱাই গল। মটক-
সকলেও পুনৰ নিৰ্ভিকভাবে আগুৱাই আহিল। উভয় পক্ষৰ ৰংপুৰ
নগৰত ভীষণ যুদ্ধ লাগিল। দুয়ো পক্ষই প্ৰাণটাকি যুঁজিবলৈ
ধৰিলে। বৃটিছ সৈন্যৰ বন্দুকৰ গুলীৰ কোবত আকাশ ধোৱাঁ-কোৱাঁ
হল। কিন্তু মটকসকলে তালৈ কেপেকে নকৰি জাকে জাকে
বৃটিছ সৈন্যৰ ওপৰত বীৰবেশে প্ৰাণৰ মমতা এৰি জপিয়াই পৰি
সমুখ যুদ্ধত প্ৰাণ দিবলৈ ধৰিলে। বাৰিষাৰ বৰষুণৰ দৰে মটক
সৈন্যই কাড় বৰষিলে। শেষত তেওঁলোকৰ কাড়ৰ তুণ শূন্য হৈ
গল। তথাপিও তেওঁলোকে নপলায়—থিৰেৰে সাধাৰণ অস্ত্ৰ-সস্ত্ৰ লৈ
যুদ্ধ কৰি ৰণক্ষেত্ৰত প্ৰাণ দিবলৈ ধৰিলে৷ এই যুদ্ধত যুদ্ধক্ষেত্ৰত
তেজৰ নৈ বৈ গল। মৰাশৰে দাম দাম হৈ ৰণস্থলী ভৰি পৰিল।
চাওঁতে চাওঁতে সাগৰ-সঙ্কাশ মটকবাহিনীৰ বীৰসকল যুদ্ধক্ষেত্ৰত
'শেষ শয্যাত শায়িত হল। তেওঁলোকে জগতৰ বুৰঞ্জীৰ পাতত
. নিজৰ বীৰত্বৰ চানেকি সোণালী আখৰেৰে জিলিকাই ৰাখি প্ৰাণ
এৰিলে। তথাপিও সমুখ যুদ্ধত বিমুখ নহল। মহাৰাজ ভৰতসিংহই<noinclude></noinclude>
lmnajbdnymd9phdi6yro1tyriqovwsk
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৪
104
96289
268835
2026-11-18T17:08:38Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268835
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৫
মটক জাতিৰ চমু বুৰঞ্জী
এই যুদ্ধত ভীষণ বিক্ৰমেৰে যুক্তি শেষত শত্ৰুৰ হাতত প্ৰাণ
এৰিলে। যুদ্ধত যোগ দিয়া প্ৰায় সকলো মটক বীৰৰেই মৃত্যু
ঘটিল। এই যুদ্ধত মটকজাতিৰ বল, বিক্ৰম, বুদ্ধি, কৌশল,
যশষ্য৷ সকলো চিৰকাললৈ জাহ গল। ভবিষ্যতৰ কাৰণে তেওঁলোক
দুবল হল। তেওঁলোকৰ সৌভাগ্য-ৰবি পশ্চিম সাগৰত মাৰ গল।
এই যুদ্ধত ৰংপুৰ চহৰ বৃটিছৰ হাতলৈ যায়। বুটিছ সেনাপতি
কেপ্তেইন্ ওৱেলচ চাহাবে পুনৰ স্বৰ্গদেউ গৌৰীনাথ সিংহক
ৰাজপাটত বহুৱাই কলিকতালৈ উভটি গল।
৬। খণ্ড।
-::-
স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ হত্য৷ অভিযান।
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যুৰ পাচত
কমলেশ্বৰ সিংহ আহোম ৰাজপাটত বহে।
১৭৯৫ খৃঃ স্বৰ্গদেউ
তেওঁ পূৰ্বৰ শত্ৰু
মটকবিলাকৰ পৰা ভবিষ্যত বিপদৰ আশঙ্কা কৰি ৰাজ্যৰপৰা
মটকবিলাকক নিৰ্বংশ কৰিৰলৈ আদেশ দিলে। ৰজাৰ এই
আদেশ পায় আহোম প্ৰজাই যতে যেনেকৈ পালে মটকবিলাকৰ
ওপৰত অমানুষিক অত্যাচাৰ চলাবলৈ ধৰিলে। বুটিছ সেনাপতি
কেপ্তেইন্ ওৱেলচ চাহাৱে ককাল ভাঙি থৈ যোৱা মটকসকলেও
স্বৰ্গদেউ কমলেশ্বসিংহৰ এই কাৰ্য্যত বাধা দিব নোৱাৰিলে।<noinclude></noinclude>
1gf04c7lzvlw9sjt4nlkwm2bv98zhjp
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৫
104
96290
268836
2026-11-18T17:08:50Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268836
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
.55
আহোমৰ অত্যাচাৰত মটকসকল তুলা-চিটিকাদি পলাবলৈ ধৰিলে।
আনকি আহোমসকলে মটকৰ পেটৰ পোৱালীৰ ওপৰতো অত্যাচাৰ
কৰিছিল। আহোমৰ অত্যাচাৰৰ পৰা হাত সাৰিবৰ কাৰণে
কিছুমান মটকে নিজৰ ডিঙিৰ উত্তৰী চিঙি আন জাৰি লগত
সোমাই আত্মগোপন কৰিবলৈ ধৰিলে। সেই সময়ত গোঁসাই
আৰু বামুনত বাদে একমাত্ৰ মটকসকলৰহে উত্তৰী লোৱা প্ৰথা
আছিল। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ এই মটক-মৰা অভিযান বাৰ
বছৰ চলে। এই অভিযানত মটকৰ অনেক গুৰু-শিষ্যৰ অকাল
মৃত্যু হয়। নগাওঁ টাউনৰ ওচৰৰ শেনচোৱা মটক গাবৰ পশ্চিমে
এমাইল দূৰৈত থকা মটক-মৰা কোঢ়লৈ মনত পেলালেই আহোম
ৰজাই মটক প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ ভালকৈ বুজিব পাৰি।
কোঢ় মানে পুখুৰী। এই পুখুৰীৰ ওপৰত এখন চাং পাতি ভাত
মটক মানুহ তুলি তলত জুই লগাই সেই জুইত শুকান জলকীয়া
পেলাই জলকীয়াৰ জাল মিহলি ধোৱাঁ খুৱাই আহোম বিষয়াসকলে
মটকসকলক শাস্তি দি হত্যা কৰিছিল।
আত্মগোপন।
ৰাজ-অত্যাচাৰত উপায়হীন হৈ মটকসকলে ডিঙিৰ উত্তৰী
পৰ্যন্ত চিঙি পেলাই ওচৰৰ অন্যান্য জাতিৰ মানুহৰ মাজত
সোমাই সেই সেই জাতিৰ মানুহ বুলি কৈ আত্মগোপন কৰি
প্ৰাণৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ত প্ৰতাপী মটকসকলৰ দুখে
কুলাই পাচিয়ে নধৰা হৈছিল। মটকসকলৰ দুখ দেখি অন্যান্য<noinclude></noinclude>
i7ip267riaqpj4990n8i8wd1q7b3fto
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৬
104
96291
268837
2026-11-18T17:09:04Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268837
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৭
মটক জাতিৰ চমু বুৰঞ্জী
জাতিৰ বহুত লোকে আশ্ৰয়ত ৰাখি মটকসকলে আত্মগোপন কৰি
প্ৰাণৰক্ষা কৰা কাৰ্য্যত সহায় কৰিছিল। বহুতো লোকে মটক
মানুহক আশ্ৰয় দি ৰাখিও অনুসন্ধানকাৰী ৰাজবিষয়৷ আগেঁতে
মিছা মাতি মটকসকলৰ প্ৰাণৰক্ষা কৰিছিল। এইদৰে মটকসকলে
সেই সময়ত অসমত বাস কৰা কৈৱৰ্ত্ত বনিয়া, আহোম কলিতা
আদি জাতিৰ বুকত সোমাই আত্মগোপন কৰি আহোমৰ অত্যাচাৰৰ
পৰা ৰক্ষা পৰে। কিন্তু ভিতৰুৱা আচাৰ-নীতি তেতিয়াও সম্পূৰ্ণ
বেলেগ ভাবেই চলাইছিল।
সেন্দুৰত দিয়া বিবাহ।
আগতে কৈ অহা হৈছে যে মটকসকলৰ নবালিকা বিবাহ
পতাৰ নিয়ম আছিল। আহোম অত্যাচাৰত পলৰীয়া অৱস্থাত
মটকসকলে এই বিবাহ পাতিব নোৱাৰা হল।
সেই সময়ত
মটকৰ বাহিৰে আনে নবালিকা বিবাহ নচলাইছিল। এই বিবাহ-
খনেই মটক জাতিৰ বিশেষত্ব আছিল। এই বিবাহ প্ৰকাশ্যে
পাতিবলৈ গলে সেই সময়ত মটকসকলৰ প্ৰাণৰ শঙ্কত আছিল।
আন হাতে জাতীয় প্ৰথা এটা এৰিবলৈকো মটকসকলে টান
পাইছিল। ছোৱালী নবালিকাতে বিবাহ দিব নোৱাৰিলে সেই
ছোৱালী বৰ্জ্জিতা হোৱাৰ প্ৰথা আছিল। মটকসকলে যেনে
তেনে জাতীয় প্ৰথা ৰক্ষাৰ কাৰণে অন্য উপায়ে নবালিকা বিবাহ
পতাৰ ব্যৱস্থা কৰে। তেওঁলোকে এটা কলাগুলি পুতি তাকে দৰা
হিচাবে ধৰি লৈ সেন্দুৰ আদি ঘঁহি জাতীয় প্ৰথামতে ছোৱালীৰ<noinclude></noinclude>
bw9kst0dgpk4qx6zdh7h7qf1bd47b9x
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৭
104
96292
268838
2026-11-18T17:09:15Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268838
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
১৮
বিবাহ কৰি ধৰ্ম ৰক্ষা কৰিছিল। এই কাৰণে মানুহে ইয়াক
'ধৰ্ম বিবাহ’ও বুলিছিল। কোনো কোনোৱে কলাপুলি পুতি
দৰা হিচাবে ধৰি লৈ ছোৱালীৰ গাত সেন্দুৰ ঘঁহি কৰোৱা
বিবাহ কাৰণে সেন্দুৰত দিয়া বিবাহও বোলে।
আজিও অনেক মটক গাঁৱতে প্ৰচলিত আছে।
ঠাইত এই বিবাহ নিষিদ্ধ বুলি এৰিছেও।
হৰিহৰ তাঁতী।
এই বিবাহখন
কোনো কোনো
মটকসকলে আত্মগোপন কৰা অৱস্থাতে হৰিহৰ তাঁতী
নামে মটক এজনে আহোম ৰজাই মটক প্ৰজাৰ ওপৰত কৰা
অত্যাচাৰ সহিব নোৱাৰি গাওঁ এৰি নিৰ্জ্জন ঠাইত গৈ গোঁসানীৰ
মূৰ্ত্তি সাজি আৰাধনা কৰিবলৈ ধৰিলে। তেওঁৰ আৰাধনাত তুষ্ট
হৈ গোঁসানীয়ে তেওঁক তেওঁৰ ইচ্ছানুযায়ী সকলো কাম কৰিব
পাৰিব বুলি আশীৰ্বাদ কৰিলে। হৰিহৰ তাঁতীয়ে ইষ্ট বৰ পায়
গোঁসানীক প্ৰণাম কৰি গুচি আহিল৷ তেওঁ গোঁসানীৰ বৰ
পৰীক্ষা কৰিবৰ কাৰণে ডিক্ৰং নৈৰ দাঁতিত বহি কলে, “হে!
ডিক্ৰং, তুমি প্ৰৱল সোঁতে দক্ষিণ মুখে বৈ আহিছা—গোঁসানীৰ
বাক্য শিৰোধাৰ্য্য কৰি মই তোমাক কৈছো, তুমি এতিয়াই
‘উত্তৰলৈ বই যোৱা।” তৎক্ষণাৎ ডিক্ৰং নদী উভটি উত্তৰলৈ
বব ধৰিলে। তেতিয়া তেওঁ গোঁসানীৰ বৰৰ সত্যতা বুজিব
পাৰি এচটা জিওৰা খৰিয়েই সমূহ আহোম সেনাক পৰাজয়
কৰোঁ বুলি গুৰুৰ ওচৰত পুনৰ বিদ্ৰোহাৰ্থে প্ৰাৰ্থনা জনালে। কিন্তু<noinclude></noinclude>
e2r4vcmk90auj6azjs4umxwkfwsjz29
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৮
104
96293
268839
2026-11-18T17:09:28Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268839
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৯
মটক জাতিৰ চমু বুৰঞ্জী
গুৰুৱে তেওঁক নিজ ধৰ্ম্ম এৰি গোঁসানীৰ ওচৰত শৰণাপন্ন হোৱা
হে ঢুকে বৰ্জ্জন কৰিলে। হৰিহৰ তাঁতীয়ে মনৰ বেজাৰত সেই াই
এৰি গুচি গল। তেওঁ কলৈ গল তাক কোনেও কব নোৱাৰিলে।
আজিও তেওঁ গোঁসানী আৰাধনা কৰা ঠাইডোখৰে ‘তাঁতীবাহাৰ'
নামে খ্যাত হৈ গোঁসানীৰ প্ৰতিমূৰ্ত্তিৰে সৈতে হৰিহৰ তাঁতীৰ নাম
জীয়াই ৰাখিছে।
ধৰ্ম্মগুৰুৰ আত্মগোপন।
এই অভিযানত মটকৰ ধৰ্ম্মগুৰু অষ্টভুজ দেৱকে আদি কৰি
গাগিনী বৰ দেকালৈকে চৰা ডেকাই ৰাজকীয় সেনাৰ হাতত প্ৰাণ
এৰিলে। অষ্টভুজ দেৱক কাটিবলৈ আনোতে বেশচন কৰি
থকা খাটনিয়াৰ এজনে সুধিলে, –‘দেউতা আপোনাৰ আৰু
আমাৰ ডেক৷ গোঁসাইসকলৰ অবিহনে আমাৰ কি গতি হব'?
তেতিয়া অষ্টভুজ দেৱে চিঞৰিতে কলে—‘সেই জগা কাঠ দুখৰ
যে আছে চৰা ডেকাৰ কাজ কৰ্মৰ পাচত তাহাতকে ধুৱাই মেলি
অধিকাৰ পাতি লবা’। তাৰ অৰ্থ এই যে মহাপুৰুষ অনিৰুদ্ধ
দেৱৰ পাঁচজন পুত্ৰৰ ভিতৰত সৰ্ববানন্দ গোঁসাইৰ ফৈদে ন
নাটলৈকে অধিকাৰ আসন পোৱা নাছিল সেই গতিকে
তেওঁলোকে আউনী আটিৰ গোঁসাইৰ লগত মিলি আছিল।
সেই ফৈদৰে ডেকা গোঁসাই পীতাম্বৰ দেৱ আৰু তেওঁৰ ভটিজাক
হমিয় দেৱে তাত পলাই ৰাজ-অত্যাচাৰৰ পৰা ৰক্ষা পৰি আছিল।
অষ্টভুজ দেৱে চিঞাৰত তেওঁলোকৰ কথাকে কৈছিল।<noinclude></noinclude>
psv45ggw7efk921kp87sjhljxutx2rf
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/২৯
104
96294
268840
2026-11-18T17:09:43Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268840
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
শেনমেলা বনিয়া।
i
মটকসকলে আত্ম-গোপন কৰি থকা অৱস্থাতে এখন
বনিয়া গাৱঁৰ এজন মানুহে এটা শেন চৰাইক বৰ আচৰিত
কমে শিক্ষা দিছিল। শেনটোৱে সেই মানুহজনৰ কথা
খুব মানিছিল। সি সেই শোনটোৰ খেলা দেখুৱাইয়ে নিজৰ
জীৱিকা উপাৰ্জ্জন কৰিছিল। অন্যান্য মানুহে তাক শেনমেলা
বনিয়া বুলিছিল। তাৰ দাড়ি গোফ লোমো লোমো হৈছিল
ক্ৰমে এই কথা ৰাষ্ট্ৰ হৈ ৰজাৰ কাণত পৰিল গৈ। ৰজাই
শেনমেলা বনিয়াক মতাই অনালে আৰু তাৰ সেই শেনটোৰ কথা
সঁচানে মিছা সুধিলে। শেনমেলাই সঁচা বুলি স্বীকাৰ কৰিলে।
ৰজা ই তেতিয়৷ শেনমেলাক তাৰ শেনটোৰ খেলা দেখুৱাবলৈ
হুকুম কৰিলে। শেনমেলাইও ৰাজ-আজ্ঞা মানি ৰজাক শেনৰ
ধেমালি দেখুৱাবলৈ ধৰিলে। শেনৰ ধেমালি দেখি ৰজাই বৰ সন্তোষ
পালে আৰু উৰনীয়া পক্ষীকো ইমান আচৰিত ধৰণৰ শিক্ষা দি
বশ কৰিব পৰা মানুহ তেওঁৰ ৰাজ্যত থকাৰ কাৰণে গৌৰবান্বিত
হৈ শেনমেলাক উপযুক্ত বঁটা দিবলৈ ইচ্ছা কৰিলে। তেতিয়া
শেনমেলাই সেই পুৰস্কাৰ লবৰ অনিচ্ছা দেখুৱাই কলে—“স্বৰ্গদেউ”
মোক পুৰস্কাৰ কেলেই লাগিছে। ৰজাই ভাল দেখে যাক ভেটিও
নালাগে তাক’—গতিকে আপুনি যাক ভাল দেখিছে তাক আকৌ
পুৰস্কাৰ লাগিছে কেলেই?” ৰজাই এইবাৰ আৰু সন্তোষ পায়
পুৰস্কাৰ লৰ কাৰণে টানি ধৰিলে। তেতিয়া শেন্মলা বনিয়াই
I<noinclude></noinclude>
pc6y8hqvp8id285is2b8i2wf3ora7ks
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩০
104
96295
268841
2026-11-18T17:10:07Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268841
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২১
মটক জাতিৰ চমু বুৰঞ্জী
হাতজোৰ কৰি নম্ৰভাৱে কলে—স্বৰ্গদেও মোক যি বস্তু লাগিব
তাক আপুনি দিব নোৱাৰিব”। ৰজাই এই কথা শুনি খঙেৰে
কলে—“এনে বস্তু আছেনে যে ৰাজ্য এখনৰ গৰাকী হৈ তোক
সেই বস্তুটো মই দিব নোৱাৰিম”। তেতিয়া শেনমেলা বনিয়াই
কলে—“স্বৰ্গদেৱে যদি সচাকৈয়ে মোক কিবা দিব খুজিছে আৰু
দিব পাৰিম বুলি ভাবিছে তেন্তে সইত্, কৰক।” ৰজাও আচৰিত
হৈ সইত্, সইত্, তিনি সই, খাই কলে—“ক শেনমেলা, মই
প্ৰতিজ্ঞা কৰিছে৷ তোক যিহকে লাগে তাকে দিম।” ৰজাৰ কথা
শুনি শেনমেলাই হাতজোৰকৈ ভয়ে ভয়ে কবলৈ ধৰিলে—
“স্বৰ্গদেউ, বন্দী প্ৰকৃততে বনিয়া মানুহ নহওঁ। স্বৰ্গদেউৰ সৈন্যৰ
অত্যাচাৰৰ হাত সাৰিবৰ কাৰণেহে বেশচন কৰি বনিয়াৰ লগত
আত্মগোপন কৰি আছে৷। আচলতে মই মটক মানুহহে। আৰু
এই শেনটোৱেই মোৰ একমাত্ৰ জীৱিকা উপাৰ্জ্জক। আজি বাৰ
বছৰ মোৰ গুৰু আৰু জ্ঞাতিবৰ্গৰ অবিহনেই মোৰ এই লোমো
লোমে৷ দাড়ি গোফৰ কাৰণ। আৰু এতিয়া স্বৰ্গদেৱে প্ৰতিজ্ঞা
ৰক্ষা কৰি আত্মগোপন কৰি থকা মোৰ গুৰু আৰু জ্ঞাতিবৰ্গক
অভয় দি কত আছে উলিয়াই দিব লাগে।” কথা শুনি ৰজা
অধৈৰ্য্য হৈ পৰিল। কাৰণ যি মটকৰ কঠীয়া নথওঁ বুলি আজি
বাৰ বছৰে মটক মৰা অভিযান চলাই ৰাজ্যত আৰু মটক নাই
বুলি বিশ্বাস কৰিছিল আজি আকৌ সেই মটকেই ঘৰতে আহি
বুদ্ধিৰে নিজক প্ৰতিজ্ঞা পাশত বন্দী কৰিলে। ৰজাই খঙত অধীৰ
হৈ নিজকথা ৰাখিবলৈ ইচ্ছা নকৰিছিল, কিন্তু পাত্ৰ-মন্ত্ৰীসকলে<noinclude></noinclude>
kzzuzmgk3mqjth2f4vlziiyu93fihxz
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩১
104
96296
268842
2026-11-18T17:10:22Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268842
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
বুজাই ৰজাক প্ৰতিজ্ঞা ভঙ্গ নকৰিবলৈ কলে। ৰাইও নিজৰ
মুখত ঘাটি খাই কৈ দিলে যে মোৰ ৰাজ্যত প্ৰচাৰ কৰি দিয়া
এপৰ ভিতৰত যত যেনেকৈ মটকৰ গুৰু-শিষ্য আত্মগোপন কৰি
আছে সিবিলাক ওলাই পৰক। আৰু কোনোই যদি গোপনীয়
কৰি ৰাখিছে তেন্তে লুকুৱাই নথৈ উলিয়াই দিয়ক। যদি এই
প্ৰচাৰৰ পষেকৰ পাচত কোনোবাই মটকৰ গুৰু-শিষ্য গোপনীয়
কৰি ৰখা খবৰ পোৱা যাব সিহঁতক গুৰু শাস্তি দিয়া হব। মটক
সকলক ৰাজা শ্ৰয় দিয়া হৈছে।
৭।
হাণ্ড।
আত্মপ্ৰকাশ।
যেতিয়া এই ৰাজ-আজ্ঞা প্ৰচাৰ হল তেতিয়া অন্যান্য জাতিৰ
বুকত সোমাই আত্মগোপন কৰি থকা মটকবিলাকে আত্মপ্ৰকাশ
কৰি ৰজাৰ আগত নিজ নিজ পৰিচয় দিবলৈ ধৰিলে। ৰজাই
আৰু অন্যান্য জাতিৰ মানুহে তেতিয়াৰে পৰা মটকবিলাক যি যি
জাতিৰ আশ্ৰয়ত আত্মগোপন কৰি আছিল তাক সেই সেই জাতিৰ
আশ্ৰিত-মটক বুলিবলৈ ধৰিলে। মটক কলিতা, মটক আহোম,<noinclude></noinclude>
38xamt3oi27gxk20f1rb7kaazllr1wi
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩২
104
96297
268843
2026-11-18T17:10:36Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268843
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৩
মটক জাতিৰ চমু বুৰঞ্জী
মটক কৈৱৰ্ত্ত, মটক বনিয়া আদি মটক জাতিৰ এই ভাগবিলাক
এইদৰেই উৎপত্তি হল সঙ্গ অনুসাৰে মানুহৰ স্বভাব পৰিবৰ্ত্তন
হয়। মটক সকলকো যি যি জাতিৰ আশ্ৰয়ত আছিল সেই সেই
জাতিৰ আচাৰ-নীতিৰ প্ৰভাৱে কিছু চুইছিল। সেই গতিকেই
বৰ্ত্তমান মটক জাতিৰ আচাৰ-ব্যৱহাৰ কিছু ওখ-চাপৰ হৈছে।
কিন্তু তেওঁলোকৰ শাৰীৰিক গঠন, তেজশ্ৰী বলবিক্ৰমসকলো একে
আৰু তেজ মাংসৰ কোনো পাৰ্থক্য নাই।
ধৰ্ম্মগুৰুৰ দেৱোত্তৰ মাটি লাভ।
মটকসকলৰ আত্মপ্ৰকাশৰ লগে লগে মটকৰ ধৰ্ম্মগুৰুৰ
সন্ধানত ৰজাই চাৰিওফালে মানুহ পঠিয়াবলৈ ধৰিলে। শেষত
আউনী আৰ্টি সত্ৰত পলাই থক৷ অষ্টভুজ দেৱে কৈ যোৱ৷ সেই
ডেকা গোঁসাই দুজনৰ সম্বাদ পাই ৰজাই তেওঁলোকক মতাই অনালে
আৰু মটক ধৰ্ম্মাসন তেওঁলোকক চম্জাই দি দুয়োৰো ভিতৰত
বাশ বাৰ পুৰা মাটি দান দিলে। খুৰাক পীতাম্বৰ দেৱ আৰু
ভতিজাক হৰিময় দেৱে শিষ্যবৰ্গৰে সৈতে অষ্টভুজ দেৱকে আদি
কৰি চঁৰা দেকাৰ কাজ-কৰ্ম শেষ কৰিলে। তাৰ পাচত পীতাম্বৰ
দেৱে ধৰ্ম্মাসন গ্ৰহণ কৰিলে। শিষ্যসকলৰে সৈতে আলোচনা কৰি
দেখিলে যে একে ঠাইতে যদি তেওঁলোকে বাশ বাৰপুৰা মাটি
লয় তেন্তে ভবিষ্যতে অনেক অসুবিধা ঘটিব পাৰে। গতিকে
দুয়োজনে সুকীয়া সুকীয়া কৰি বেলেগ বেলেগ ঠাইত মাটি লৈ সত্ৰ
পতাৰ বিবেচনা কৰিলে।<noinclude></noinclude>
tgaqdnnhkw3vvtofq2142035xdu2gqm
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৩
104
96298
268844
2026-11-18T17:10:49Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268844
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
সত্ৰ স্থাপন।
২৪
সেই বিবেচনা মতেই পীতাম্বৰ দেৱে নিজৰ ভাগৰ ছশ ছপুৰা
মাটি দিন্জান নৈৰ ওচৰত লৈ “দিনজয়” নামে সত্ৰ স্থাপন
কৰিলে। ইফালে হৰিময় দেৱেও কাঠপাৰাৰ ওচৰত ছশ ছপুৰা
মাটি লৈ “গড়পাৰ৷” নামে সত্ৰ স্থাপন কৰি তাত নিজে ধৰ্ম্মাসনত
বহে।
৮। খণ্ড।
অত্যাচাৰ পাচত মটকজাতি।
স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ নিৰ্ভয় পাই যেতিয়া মটকসকলে
আত্মপ্ৰকাশ কৰিলে তেতিয়৷ মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি
ডাঙৰীয়াই ভবিষ্যতে যাতে মটকসকল আহোমসকলৰ বিপক্ষে
নাযায় তাৰ কাৰণে তেওঁলোকক পুৰণি মটক ৰাজ্য ঘূৰাই দিয়ে।
মটকসকলে বৰ্ত্তমান ডিব্ৰুনৈৰ ওচৰৰ ৰঙামাটি নামে ঠাইত
· ৰাজধানী পাতি ৰাজ্যশাসন কৰিবলৈ ধৰিলে। কিন্তু বহুতো
মটক প্ৰজাই পুৰণি ঠাইলৈ ঘূৰি নগৈ যি যি জাতিৰ লগত যি যি
ঠাইত আত্মগোপন কৰি ঘৰবাৰী কৰি আছিল তাতে ৰল।
কালক্ৰমত নানা পৰোচনাত পৰি সিবিলাকৰ কিছুমান সেই সেই<noinclude></noinclude>
ft7qx3ev5dggm96d8f39yvyvjtm7j2n
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৪
104
96299
268845
2026-11-18T17:11:01Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268845
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৫
মটক জাতিৰ চমু বুৰঞ্জী
জাতিৰ লগত লয় পাবলগীয়া হৈছে গৈ। মানে অসমৰ আহোম
ৰাজ্য তিনিবাৰ আক্ৰমণ কৰে। শেষৰ বাৰ আক্ৰমণ কৰোঁতে
গোটেই অসমতে অমানুষিক অত্যাচাৰ কৰে। সেই সময়ত মটক
বজাই নিজ শক্তিৰে নিজ দেশ ৰক্ষা কৰি আছিল, কিন্তু আহোম
সকলক কোনো সহায় নিদিছিল। যেতিয়া মানবিলাক ইংৰাজৰ
হাতত হাৰি ইয়ান্দাবুত সন্ধি কৰিলে তেতিয়া অসমৰ মান অধিকৃত
ৰাজ্যবিলাক ইংৰাজৰ হাতলৈ যায়। কিন্তু আহোমসকলৰ পৰামৰ্শ
মতে ইংৰাজসকলে মটক ৰাজ্যৰ ওপৰতো দাবী কৰিলে।
আগতে ইংৰাজৰ হাতত হাৰি থকা মটকসকলে, পুনৰ তেওঁলোকৰ
লগত বিৰোধ নকৰি বছৰি ওঠৰশ ঠকা কৰ দিম বুলি সন্ধি কৰিলে।
সেই সন্ধিমতে মটকসকলে ১৮৪৩ চনলৈকে তেওঁলোকৰ ৰাজ্য
ভোগ কৰি আছিল। কিন্তু পাচৰ মটক ৰজাসকলে কিবা
কাৰণত কৰ দিয়াত ব্যতিক্ৰম কৰাত ইংৰাজ গবৰ্ণমেণ্টে মটক
ৰাজ্য নিজ ৰাজ্যৰ ভিতৰুৱা কৰি মটকৰ ৰাজবংশী মানুহক
হৰি সাত হেজাৰ টকা পেঞ্চন দিবলৈ ধাৰ্য্য কৰে।<noinclude></noinclude>
1pxw62qfrk7lck7jmmfnmbosbj2b0tc
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৫
104
96300
268846
2026-11-18T17:11:14Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268846
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>৯। খণ্ড।
ব্লটিছ আমোলত মটক জাতি।
মটক জাতিৰ মানুহবিলাক বৰ মইমতীয়া আৰু ধৰ্ম্মভীৰু
লোক আছিল। ইংৰাজ শাসনৰ সময়ত তেওঁলোকৰ মইমতীয়া
স্বভাৱৰ কাৰণে অন্যান্য জাতিবিলাকে তেওঁলোকক ঈৰ্ষাৰ চকুৰে
চাবলৈ ধৰিলে। তদুপৰি ধৰ্ম্মভীক মটকসকলে আধুনিক
ইংৰাজী আদি শিক্ষা লবলৈ গলে অজাতিৰ হাতে খোৱাৰ ভয়ত
তেওঁলোকে স্কুল কলেজত লৰা-ছোৱালী নপঢ়োৱা হল ফলত
তেওঁলোকৰ সমাজ একেবাৰে অশিক্ষিত অৱস্থাত পৰিল গৈ আৰু
শিক্ষাৰ অভাৱত বৰ্ত্তমান জগতত অনেক ৰকমৰ লাঞ্ছনা ভোগ
কৰিবলগীয়া হল। আনকি তেওঁলোকে নিজৰ নিজত্ব ৰক্ষা
কৰিবলৈকে৷ সমৰ্থহীন হৈ পৰিল৷ অশিক্ষিত মটক জাতিয়ে
নিজক চিনিব নোৱাৰা হল। আহোম অত্যাচাৰত আত্মগোপন
কৰোঁতে সঙ্গ অনুসাৰে তেওঁলোকৰ যি পৰিবৰ্ত্তন হৈছিল সেই
ওখ-চাপৰ আচাৰ-নীতিবিলাকে তেওঁলোকক ভাগ ভাগ কৰি
পেলালে। উচ্চ আচাৰ নীতিশিক্ষা মটকসকলে অন্যবিলাক
মট ঘিণ কৰিবলৈ ধৰিলে। সেই কাৰণে মইমতীয়া মটক-
সকলে কোনোৱে কাৰো লগত সংশ্ৰৱ নাৰাখি গাই গুটীয়া ভাৱে
থাকিবলৈ ললে। উপযুক্ত পৰিচালকৰ অভাৱত তেওঁলোক<noinclude></noinclude>
d0nlvxtugshl6qxutu3vb586ubdqi6n
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৬
104
96301
268847
2026-11-18T17:11:28Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268847
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৭
মটক জাতিৰ চমু বুৰঞ্জী
আজিও সেই চেদেলি-ভেদেলি ভাৱেই আসামৰ নানা ঠাইত বসবাস
কৰি আছে। বৃটিছ গবৰ্ণমেণ্টেও মটক জাতিৰ এই অধোন্নতিৰ কথা
অনুভৱ কৰিব নোৱাৰি এই জাতিৰ উন্নতিৰ অৰ্থে কোনো
কাৰ্য্যকৰী পন্থা হাতত লোৱা নাই, এইবিলাক কাৰণতে আজি
পৃথিবীৰ পৰাক্ৰমী মটক জাতিৰ অস্তিত্ব লোপ পাবলগীয়া হৈছে।
মটক লীগ।
মটক জাতি পৃথিবীৰ পৰা লোপ হওঁ হওঁ অৱস্থাত মটক
জাতিৰ ওপৰত ভগবানৰ সু-দৃষ্টি পৰিল। ডিব্ৰুগড় নিবাসী
কেইজনমান উদ্যোগী জাতীয় প্ৰেমিক ডেকাৰ যত্নত ‘মটক লীগ'
এখন স্থাপন হৈছে। এই লীগে আহোম অত্যাচাৰৰ পাচত
হোৱা ওখ- চাপৰ আচাৰ-নীতিৰ পৰা যে মটক জাতিয়ে নিজৰ
নিজত্ব হেৰুৱাই অন্য জাতিৰ পৰোচনাত পৰি চেদেলি-ভেদেলি হৈ
আছে সেই কথা উপলব্ধি কৰি বিশৃঙ্খল মটক জাতিক পুনৰ
সংগঠনলৈ আনি শৃঙ্খলাবদ্ধ কৰিবৰ কাৰণে প্ৰাণপণ চেষ্টা কৰিছে।
তেওঁলোকে বৰ্ত্তমান মটক জাতিৰ সকলো অভাৱ অসুবিধা
গবৰ্ণমেণ্টক জনাই তাৰ যথোচিত প্ৰতিকাৰ বিচাৰিছে। যদি
গৱৰ্ণমেণ্টে সেই লীগ আৰু এই বুৰঞ্জীৰ যোগেদি মটক জাতিৰ
অতীত আৰু বৰ্ত্তমান অৱস্থা ভালকৈ উপলব্ধি কৰি তেওঁলোকৰ
অভাৱ অসুবিধালৈ চকু দিয়ে তেন্তে অতি সোনকালে মটক জাতি
পূৰ্বৰ দৰে অসম আইৰ বুকত জিলিকি উঠিব।<noinclude></noinclude>
awg8ucos2zj0rakhe5xvm4tbwx4u9d2
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৭
104
96302
268848
2026-11-18T17:11:47Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268848
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>মটক জাতিৰ চমু বুৰঞ্জী
মটক জাতি আৰু যোৱা মানুহ পিয়ল।
যোৱা ১৯৪১ চনত মানুহ পিয়ল আৰম্ভ হয়। এই পিয়লত
যাতে সানমিহলি হৈ থকা মটক জাতিৰ মানুহবিলাকৰ আচল
গন্তি হয় তাৰ কাৰণে অসম মটক লীগে বহুত চেষ্টা কৰে। সেই
উদ্দেশ্যে লীগে এটা প্ৰচাৰক-বাহিনী পঠায়। তেওঁলোকে গাৱেঁ
ভূঞে সোমাই, মটক জাতিয়ে আন জাতিৰ লগত মিহলি হৈ
নাথাকি যাতে নিজ পৰিচয় দিয়ে তাৰ কাৰণে গোহাৰি জনায়।
প্ৰায়বিলাক মটক গাৱঁতেই তেওঁলোক সোমায় আ
কৃতকাৰ্য্যও লাভ কৰে। কিন্তু তেওঁলোকে সেই কাম অতি কম
সময়ৰ ভিতৰত কৰিবলগীয়া হোৱাত কিছুমান গাৱঁত সোমাবলৈ
সুযোগ নাপালে। তেনে কিছুমান গাৱঁৰ মানুহ, আৰু ভ্ৰান্ত
ধাৰণাৰ বশৱৰ্ত্তীহৈ আত্মগোপন কৰা কিছুমান মটক মানুহ
বৰ্ত্তমানে৷ আগৰ দৰেই অন্যান্য জাতিৰ বুকত সোমাই আছে।
অহা পিয়লত সেই ব্লিাক মানুহ ওলাই নিজ পৰিচয় দি নিজ
জাতিৰ সংখ্যা গৰিষ্ঠ কৰি জিলিকি উঠিব বুলি আশা কৰা যায়।
আত্মগোপন কৰিব খোজা মটক ৰাইজসকলে বুজা উচিত যে
তেওঁলোকে আনৰ পাচধৰি আত্মগোপন কৰি অৰ্জ৷ যশস্যাতকৈ
আত্মপ্ৰকাশ কৰি নিজৰ বুঢ়া আঙুলীৰ ওপৰত থিয় হৈ অৰ্জা
যশস্যাৰ স্থায়ীত্ব আৰু জোৰ বেচি।
মটক জাতি আৰু বৰ্ত্তমান প্ৰধান মন্ত্ৰী।
অসম মটক লীগৰ চেষ্টাত যোৱা ১৯৪১ চনত ডিব্ৰুগড়
মহকুমাত মহা সমাৰোহৰে ‘অসম মটক লীগ'ৰ ৪ৰ্থ অধিবেশন<noinclude></noinclude>
q3olx2lxo6vtm9ktynngh62mt6g3crh
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৮
104
96303
268849
2026-11-18T17:12:00Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268849
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৯
মটক জাতিৰ চমু বুৰঞ্জী
পতা হয়। এই অধিবেশনত অসমৰ প্ৰধান মন্ত্ৰী মাননীয় চাৰ
মহম্মদ চাদ্দলা চাহাবক সভাপতি স্বৰূপে নিমন্ত্ৰণ কৰা হয়।
তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিব নোৱাৰিলে যদিও অনুন্নত
মটক জাতিৰ প্ৰতি দয়া কৰি সভাত দৰ্শকৰূপে উপস্থিত থাকি
সদৌ অসম মটক ৰাইজক আনন্দ আৰু উৎসাহ দি ৰাইজৰ
আশীৰ্ববাদ লয়। তেখেতৰ উপৰিও আন দুজন৷ মন্ত্ৰী মাননীয়
খানবাহাদুৰ চৈয়দুৰ ৰহমান আৰু মাননীয়া মিচ্, মেভিচ ডান
সভাত উপস্থিত থাকি দুখীয়া ৰাইজক আনন্দ দিছিল। সদৌ
অসমৰ অনুন্নত মটক জাতি ওপৰোক্ত মন্ত্ৰীসকলৰ সেই দয়া-
জনিত কাৰ্য্যৰ বাবে চিৰণী থাকিব। সদৌশেষত মন্ত্ৰীত্ৰয়ক
অসমৰ দুখীয়া মটক ৰাইজৰ সুখ-দুখ বৰ্ণাই একোখন অভিনন্দন
আগবঢ়াই সম্বৰ্দ্ধনা কৰা হয়।
বিহালীত শিক্ষামন্ত্ৰীৰ সম্বৰ্দ্ধনা।
১৯৪১ চনতেই অসমৰ তেতিয়াৰ শিক্ষা-মন্ত্ৰী মাননীয় শ্ৰীযুত
ৰোহিণী কুমাৰ চৌধুৰী দেৱে বিহালীত পদাৰ্পণ কৰে। স্থানীয়
কেইজনমান উদ্দ্যোগী লোকৰ চেষ্টাত সদৌ অসম মটক জাতিৰ
সমুদায় শোচনীয় অৱস্থাৰ লগতে শিক্ষাসংক্ৰান্ত শোচনীয়তাও বৰ্ণাই
তেখেতক সম্বৰ্দ্ধনা জনোৱা হয়। মাননীয় মন্ত্ৰীদেৱেও দুখীয়া
ৰাইজৰ প্ৰতি দয়া কৰি সেই অভিনন্দন পত্ৰ গ্ৰহণ কৰি বিহালীৰ
মটক জাতিৰ লগতে সদৌ অসম মটক জাতিক আনন্দ দিয়ে।
অন্ত<noinclude></noinclude>
b6taz9qzy2kmq4ssxgnzglcyez15kvs
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৩৯
104
96304
268850
2026-11-18T17:12:18Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268850
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰকাশক
বি, আৰ, কলিতা
বি, আৰ কলিতা এণ্ড কোং
তেজপুৰ
DISTRICT LIBRARY
(HEM BARUA COLLECTION)
TEZPUR.
কলিকতা,
৮৫ন° অপাৰ চাৰকুলাৰ ৰোড, ‘ভাৰতমিহিৰ যন্ত্ৰত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰ৷ মুদ্ৰিত<noinclude></noinclude>
5k6r5f75i4wxcflurp4jb66dwknnps4
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৪০
104
96305
268851
2026-11-18T17:12:33Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268851
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আপোনালোকৰ লাগতিয়াল সকলো ৰকমৰ গ্ৰন্থ
একমাত্র বি, আৰ, কলিতা এণ্ড কোম্পানীয়ে যোগাব
পাৰে ৷
পৰীক্ষা প্রার্থনীয়
বি, আৰু কলিতা এণ্ড কোং
তেজপুৰ, অসম ।<noinclude></noinclude>
joybe5hx5iickwrn87lave1wfx1sc9p
পৃষ্ঠা:মটক জাতিৰ চমু বুৰঞ্জী.djvu/৪১
104
96306
268852
2026-11-18T17:12:46Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268852
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>জাননী
ইয়াৰ পাচতেই 'আমি এখন মাহিলী আলোচনী
উলিয়াই ৰাইজৰ সেৱা কৰিবলৈ ইচ্ছা কৰিছোঁ। ৰাইজৰ
সহায় সহানুভূতি প্ৰাৰ্থনীয়'।
গ্ৰন্থকাৰ<noinclude></noinclude>
c4u99hzbr9aawbsvjmflduxejtuvuk9
পৃষ্ঠা:আদি-কবি.pdf/৯
104
96307
268856
2026-11-19T11:35:27Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268856
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
আদি কবি।
ব্ৰহ্মা—বাপা! মোৰ মৰ্ত্ত্যলোক খনৰ ভিতৰত বৰ্ব্বৰতা ইমান
বেচি হৈছে যে এতিয়াই সিহঁতৰ ভিতৰত কোমল ভাবৰ
প্ৰচাৰ নকৰিলে মোৰ এই সুন্দৰ সৃষ্টিৰ গতি ভিন্নমুখী
হব। গতিকে এতিয়াৰ পৰাই সিহঁতৰ মাজত ললিত
কলাৰ প্ৰচলন কৰিব লগীয়া হল। সেই কাৰণেই এটা
উপায় নিৰূপনৰ পৰামৰ্শ কৰিবলৈ তোমাক মাতিলো।
তুমি এটা উপায় স্থিৰ কৰা যাতে, মোৰ মানৱলোকো
দেৱলোকৰ নিচিনা হয়।
নাদ—কিন্তু পিতা, এই কাম আই সৰস্বতীৰহে।
ব্ৰহ্মা- নহয় বাপা, তুমি ভুল বুজিছা, আই সৰস্বতীৰ মন
গলে গোটেই মৰ্ত্ত কাব্যময় কৰি দিব পাৰে, কিন্তু
কাব্যৰ উদ্দেশ্য সেইটো নহয়। কাব্য এনেকুৱা হব যাক
সাধনাত সিদ্ধি লাভ কৰিছে পাব; আৰু কলা বিদ্যা
এনেকুৱা সহজ বস্তু হব নালাগে, বিনা যত্নত লাভ কৰা
যি বস্তু বা গুণেই হওক তাৰ কোনে৷ উচ্চ মূল্য নাই।
নাৰদ -- তেনেহলে বলক পিতা আমি দুয়ো গৈ মৰ্ত্তত কাব্যৰ
ক্ষেত্ৰ স্ৰজন কৰোগৈ; নাইবা জন দিয়েক দেৱতাক মানৱ-
লোকত নৰৰূপে অৱতীৰ্ণ কৰাই তেওঁলোকৰ দ্বাৰা কাব্য
স্ৰজন কৰা হওক।
ব্ৰহ্মা—নহয় বাপা, মই তোমাৰ প্ৰথম যুক্তিকেহে সাৰোগত
কৰিছো। আমি দুয়ে৷ আজি নৰৰূপ ধৰি মৰ্ত্তলৈ যাও<noinclude></noinclude>
dopnfh8ub3pl439osz5p1j3xvjatf47
পৃষ্ঠা:আদি-কবি.pdf/১০
104
96308
268857
2026-11-19T11:35:49Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268857
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>8
আদি কবি।
[ প্ৰথম অঙ্ক
বলা, কাৰ্য্য ক্ষেত্ৰত আই বীণাপাণিয়ে যি বুদ্ধি দিয়ে
তাকে কৰিব লাগিব।
নাৰদ—বলক পিতা, আপোনাৰ যি অভিৰুচি, দাস যাবলৈ প্ৰস্তুত।
(দুয়ো ওলাই যায় )
— তৃতীয় দৃশ্য –
( নৈমিষাৰণ্যত ৰত্নাকৰ অকলে, কিবা ভাবি গৈ থাকে )
ৰত্নাকৰ—হায় হায় মই তেনেই সাতললৈ গলোঁ, মই প্ৰথমে
যি দিনাই মদত মুখ দিলো সেই দিন ধৰি মোৰ সুখ
নাই শান্তি নাই। যদি মই মদ খোৱা আৰু ডকাইটি
কৰা পাপ কাম বুলি জানি নকৰিলোহেঁতেন তেনেহলে
আজি মই ধনে ধানে সকলোপিনে নদন বদন হব পাৰিলো-
হেঁতেন। মদেই মোৰ সৰ্ব্বনাশ কৰিছে। নাই, মই মদ
খোৱা আৰু ডকাইটি কৰা এৰি দিম। নই খেতি-বাতিত
ধৰি আকৌ ভাল বাটলৈ আহিবৰ চেষ্টা কৰিম। ( অলপ ৰৈ )
নাই মই মদ খাম—ডকাইটি কৰিম তাৰ বাবে যি হও
হুম, ধ্বংশ হম, ভ্ৰষ্ট হম : ( দূৰৈত ব্ৰহ্মা আৰু নাৰদক
দেখি অ' সৌৱা ছুটিয়ে প্ৰাণ দান, দিবলৈ আহিছে।
দুয়োৰে হাতত হীৰাৰ আঙ্গঠিয়ে চিকমিকাব লাগিছে।
সোণ ৰূপ, হীৰা মুকুতা খটোৱা কাপোৰবোৰে সূৰ্য্যৰ কিৰণত<noinclude></noinclude>
mw4dvtty07cdqi5rgbhlk1bq0xvzckt
পৃষ্ঠা:আদি-কবি.pdf/১১
104
96309
268858
2026-11-19T11:36:02Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268858
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
আদি কবি।
বহুত লাভ
আহা!
জিল-মিলাব লাগিছে। ইহঁতক মাৰিলে
হব। হাতত দুটা সোণৰ কমণ্ডলুও।
- সোণাইহঁত, সুভগাৰ ওপৰত উঠা খঙ
গাতে সাৰো। ( টোকোণ ডাঙি ঠিয় হয় )
মোৰ
তোমালোকৰ
{ দেৱোচিত সাজ পিন্ধি ব্ৰহ্মা আৰু নাৰদৰ প্ৰবেশ,
ৰত্নাকৰে তেওঁলোকৰ উদ্দেশ্যে টোকোন ডঙ্গা দেখি )
নাৰদ—হে কি কৰাহে কি কৰ৷?
ৰত্না—কি কৰিম আৰু তহঁতক মাৰিব খুজিছো।
নাৰদ— কেলেই? আমিনো তোমাক কি কৰিলে।?
ৰত্না— তহঁতে বৰ ডাঙ্গৰ দোষ কৰিছ।
নাদ — কেনেনো দোষ কোৱাচোন। আমাক মাৰিনো কি কৰিবা।
ৰত্না—তহঁতে ইমান ধুনীয়া কাপোৰ পিন্ধিছ। মূৰত ধুনীয়া
মুকুট পিন্ধিছ, আৰু হাতত সোণৰ কমণ্ডলু লৈছ। এই-
বোৰেই দোষ, এই দোষৰ কাৰণেই মই এতিয়া তহঁতক
মাৰিম, মাৰি তহঁতৰ বস্তুবোৰৰ কিছু লৰা তিৰোতা
আই বোপাইক পিন্ধাম। মই নিজে পোহ-পাল যাম।
মদ ভাত খাম। মোৰ ঘৰৰ সকলোকে পুহিম এয়ে।
ব্ৰহ্মা— তুমি যাৰ কাৰণে ইমান দুখ কষ্ট কৰিছা সিহঁতে
তোমাৰ কথা ভাবেনে? সিহঁতে তোমাৰ পাপৰ ভাগ
লবনে? নৰ হত্যা যে মহা পাপ।<noinclude></noinclude>
a6m08pytsyuvtzb7je8b2xbhwpjjt03
পৃষ্ঠা:আদি-কবি.pdf/১২
104
96310
268859
2026-11-19T11:36:19Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268859
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
[ প্ৰথম অঙ্ক
ৰত্না—কি পাপ-চাপ উলিয়াইছ। সেইবোৰ কৈ ভুৱা দি পলাব
খুজিছ নহয়নে? হে হে সেইবোৰ পাংপাতি ৰত্নাকৰৰ
হাতৰ পৰা সাৰিব নোৱাৰ।
নাৰদ— নহয় ৰত্নাকৰ, তুমি বাৰু এই কথাটো ঘৰত সুধি
আহাগৈচোন সিহঁতে তোমাৰ পাপৰ ভাগ লবনে নলয়? আমি
কেতিয়াও নপলাও। যদি বিশ্বাস নকৰা তেনেহলে শপত
খাই কৈছো যোৱা আমি নাযাও।
ৰত্না— বাৰু তহঁতে কৈচ যেতিয়া যাওঁ বাৰু।
কিন্তু নপলাবি
হলে, পলালে পাছে পাছে খেদিম, বাপেৰে, তেতিয়া
চিনি পাবি, মই যাও।
ব্ৰহ্মা—বাৰু তুমি যোৱা। ( ৰত্নাকৰৰ প্ৰস্থান )
( নাৰদৰ প্ৰতি ) বাপা নাদ।
নাৰদ—পিতা?
ব্ৰহ্মা—বাপা মই এটা কথা ভাবিছোঁ।
সাধনাত সিদ্ধিলাভ কৰাই কবিত্ব দিও।
নাৰদ— আপোনাৰ যেনে অভিৰুচি পিতা।
এই মানুহটোক
ব্ৰহ্মা—মোৰ চিৰ অভীপ্সিত ৰামায়ণ, সুধা মৰতত বিলাম।
বাপা এটা কথা, মই এই মানুহটোৰ হতুৱাই ৰাম নাম
জপ কৰাই ৰামায়ণ সুধা মৰতত বিলাম।
নাৰদ— ভাল কথাটো কৈছে পিতা! ই জানো ৰাম নাম
লব পাৰিব। ই যে সকলো মহাপাতকত সিজি আছে!<noinclude></noinclude>
254u0cjdh2z9t0t61ghhjhzilg21o7t
পৃষ্ঠা:আদি-কবি.pdf/১৩
104
96311
268860
2026-11-19T11:36:31Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268860
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক
আদি কবি।
ব্ৰহ্মা—মোৰ মনত গাজিছে ইয়াৰ দ্বাৰাই ৰামায়ণৰ উদ্ভৱ
হব। তুমি এটা উপায় স্থিৰ কৰাচোন।
নাৰদ—( চাৰিওফালে চাই ) পিতা, যি ৰামৰ নামত সকলো
পাপ খণ্ডন হয় সেই ৰাম নাম এই মহা পাপীয়ে লব
নোৱাৰে, সৌযে মৰা আম গছ জোপা দেখিছে সেই
গছজোপা মৰানে জীয়া বুলি
সুধিলে সি
মৰা বুলি
কব। তেতিয়া তাক মৰা
মৰা
বুলি কৈ
থাকিবলৈ
দিলেই তাৰ মুখত ৰাম নাম
ওলাব।
তাৰ পাছত
দীক্ষিত কৰি গুচি গলেই আপোনাৰ মনৰ বাঞ্ছা পূৰণ হব।
ব্ৰহ্ম।—বাপ৷ ধন্য তুমি, ধন্য তোমাৰ বুদ্ধি
—চতুৰ্থ দৃশ্য—
( ৰত্নাকৰৰ ঘৰ। সুভগা অকলে অকলে ৰং মনেৰে )
সুভগা-- বাৰু যি হল হল মই পাভতিত থোৱা মদ কলহ
নাপালে। সেই খিনি কালিয়েই চেকি থৈছিলোঁ।
বপুৰিয়ে গমকে নাপালে তকহঁত আহিলে ইয়াকে দিম।
আজি কিবা এটা সৰকাৰ পাৰিলেই হয়, ( অলপ ৰৈ )
কালি আনি থোৱা আৰু আগৰ গোটাই খোৱা সোণ
মুকুতা খিনি আইৰ ঘৰলৈ পথাই দিও। অ. কঙ্কণ!<noinclude></noinclude>
0vq7d8tswtoewlmpnajiu9ekqd3mexz
পৃষ্ঠা:আদি-কবি.pdf/১৪
104
96312
268861
2026-11-19T11:36:53Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268861
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
[ প্ৰথম অঙ্ক
কঙ্কণ অ'! ( চন্দুক এটাৰ পৰা এটা ডাঙৰ টোপোলা
উলিয়ায় ) কঙ্কণৰ প্ৰবেশ।
কঙ্কণ – কি ঔ আই।
সুভগা—বোপাই এই টোপোলাটো লৈ মোমায়েৰৰ ঘৰলৈ যাচোন,
আইলৈ পিঠাগুৰি দুটামান দিছো। নেমেলিৰি পৰিব ( দিয়ে )
কঙ্কণ—। পিটিকি চাই ) অ' আই এইবোৰ দেখোন পিঠা-
গুৰি নহয়, মিছাকে মই এইবোৰ লৈ সদায় সদায়
লোকৰ ঘৰলৈ যাব নোৱাৰোঁ।
সুভগা— যা যা যাবলৈ কৈছে। যা নগলে মাৰে সুদায় নেৰিম।
কঙ্কণ—বাৰু যাবলৈ কৈছ যাওঁ। (প্ৰস্থান )
সুভগা-- অ' সৌৱা তন্দুক আহিছেই, হাঁহি আহিছে কিবা
এটা ভাল বস্তু পাই আনিছে হবলা (তন্দুকৰ প্ৰবেশ )
তন্দুক – অ' বামুণী! বামুণী।
সুভগা—( কৃত্ৰিম খং দেখুৱাই ) আহিল আৰু এইডাল চুপতি
মাৰিবলৈ, আজি হলে মদ দিব নোৱাৰো কৈ দিছো একা।
তন্দুক— আগতে চাচোন মই তোলৈ কি আনিছো। ( আঙঠি
এটা দিয়ে )
সুভগা—অ' আই ইমান ধুনীয়া আঙঠিতো
কত পালি?
তন্দুক—মই যতে পাও সেইটো তোক কেলেই। দিছো
ল, মদ আনগৈ যা। ( সুভগাই একলহ মদ আনি বাটিত
বাকি নিজেও খায় তন্দুককো দিয়ে, দূৰৈত সোমদেৱক দেখি ){{Note|}}<noinclude></noinclude>
8s7k8ma5m5kshmvrgdazrxbqye97dqk
পৃষ্ঠা:আদি-কবি.pdf/১৫
104
96313
268862
2026-11-19T11:37:18Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268862
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
আদি কবি।
সুভগা—অ' সৌটো সোমদেৱো
আহিছে। সি সদায় মদ
মনকে নোযোৱা হৈছে, তাই
বিচাৰি আহে তাক মোৰ দেখিবৰ
আহিবলৈ কৈছিলিনেকি?
তন্দুক—সি মোৰ লগৰীয়া। দে এবাটি মদ, আশা কৰি
আহিছে। কেতিয়াবা ইয়াৰ পৰা তোৰো লাভহে হব।
শুভগা—থৈদে মোৰ লাভৰ কথা সিমোক চহকী কৰিব।
দিম বাৰু অলপ ( সোমদেউ সোমাই আহে সুভগাই
মদ ঢালি দিয়ে )
সুভগা—খা খা বামুন পাবহি এতিয়া।
( সকলোৱে খাই
মতলীয়া হয়। ইতিমধ্যতে ৰত্নাকৰ আহি আৰত লুকাই
মনে মনে চাই থাকেহি )
ৰত্না – ( নিজে নিজে ) এয়ে সংসাৰ, এয়ে লৰা তিৰোতা
আজি বাটত মানুহ কিজনে কোৱা কথা মিছা নহয়।
অসাৰ সংসাৰ, মোক দিবলৈ কোৱাত তাই মোক মদ
নিদিলে এতিয়া হলে এই বাহ কেলেহুৱা খনক দিছে।
যাওঁ ঘপহকে ওলাই ইহঁতক ধৰা পেলাওঁ। ( সোমাই যায় )
সোমদেৱ—বামুণ আহিছে পলা পলা।
( সোমদেৱ আৰু তন্দুক পলায় )
ৰত্না— ( সুভগাক ) হেৰ তই দেখোন মোক মদ নিদিলি।
এই দেশৰ চুঙাত হাত সুমাই খোৱা বাৰে বহুটুৱাখনক
দিছ। মই ইমান দুখ কষ্ট কৰি মানুহ দুনুহ মাৰি কাটি<noinclude></noinclude>
1dwnif3yx14bdf8dklfswk49cag0eyf
পৃষ্ঠা:আদি-কবি.pdf/১৬
104
96314
268863
2026-11-19T11:37:31Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268863
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
। প্ৰথম অঙ্ক
এই
অতবোৰ পাপ কৰি তহঁতক খুৱাইছোঁ বুৱাইছোঁ,
পাপৰ ভাগ তহঁতে লবিনে? মই দুখ কৰি ঘটো তই
সুখ কৰি ধুকাৱ।
সুভগা— ( কান্দি কান্দি ) মই কাকো মদ খাবলৈ মতা নাই।
সিহঁত কুকুৰহঁতে মোক গালি খুৱাবলৈকে সদায়
মদ খাবলৈ আহে।
ৰত্না- তই সদায়ে এনেকুৱা কৰ।
বাৰু যি হল হল তই মোৰ
তোক বিশ্বাস কৰিব নোৱাৰি।
পাপৰ ভাগ লবিনে কচোন?
সুভগা—জানো! তুমি কি পাপৰ কথা কৈছা মই বুজা নাই!
ৰত্না—চাচোন বাৰু মই তহঁতক ঈমান বেয়া কাম কৰি
খুৱাইছো, বুৱাইছো। তহঁতৰ পোহ-পালৰ নিমিত্তেই ইমান
মানুহ দুহুহ মাৰিছো। ইয়াত বোলে মোৰ পাপ হৈছে;
এই পাপৰ ভাগ তই লবিনে?
সুভগা—তুমি মোক আনিলা যেতিয়া৷ খুৱাবাই।। সেইটো
তোমাৰ কামেই, তেহেলৈ মানুহকে মাৰা বা যিহকে কৰা।
ৰত্না—তেন্তে তই মোৰ পাপৰ ভাগ নলৱ?
সুভগা—নলও। ( ভিতৰলৈ সোমাই যায় )
ৰত্না— ( স্বগতঃ ) মানুহ কিজনে কোৱা কথা মিছা নহয়।
কোনেও কাৰো পাপৰ ভাগ নলয়।
(বিষাদ মনেৰে গুচি যায় )
সংসাৰ অসাৰ।<noinclude></noinclude>
rvm646t25mhon7a29oouoldm7qk1ogv
পৃষ্ঠা:আদি-কবি.pdf/১৭
104
96315
268864
2026-11-19T11:37:43Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268864
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
আদি কবি।
—পঞ্চম দৃশ্য—
( ভাৰবিয়ে জুহালৰ গুৰিত বহি ভাং ভাং খাই থাকে ওচৰতে
ৰত্নাকৰৰ মাক। ৰত্নাকৰ সোমাই আহে )
ৰত্নাকৰ - পিতা!
ভাৰবি— কি হল, বাছা ৰত্নাকৰ!
ৰত্না— পিত৷ মই তোমালোকক ইমান দুখ কষ্ট কৰি পোহ-পাল
দিছো, ইমান পাপ কৰিছো। এই পাপৰ ভাগ তোমালোকে
লিবানে?
ভাৰবি—আমি আকৌ তোৰ পাপৰ ভাগ লম কেলেই।
তোক আমি কেচুৱাৰ পৰা তুলিলো তালিলো যেতিয়া
এতিয়া তই আমাক পুহিবই লাগিব।
ৰত্না— আই তোমাৰো কথা এয়েনে?
মাক— বোপাই মই দহ মাহ দহ দিন গৰ্ভত ধৰি পেটৰ
ভাত চকুৰ টোপনি এৰি তোক জন্ম দিলো। খুৱাই
বুৱাই ডাঙ্গৰ দীঘল কৰিলোঁ৷ এতিয়৷ তই মোক পাপৰ
ভাগ দিবলৈ আহিছ, হেৰ, আমি পাপৰ ভাগ লব নোৱাৰো।
আমি বুঢ়া বুঢ়ী দুটা মৰিবলৈ চাৰিটা দিন আছে।
আমাক পুণ্যহে লাগে। তই পুণ্য কৰ আমি পুণ্যৰ ভাগ
জন্ম দিয়াৰ ধাৰকে তই সুজিব নোৱাৰ আকৌ
পাপৰ ভাগ দিবলৈ আহিছ।
লম।<noinclude></noinclude>
6uqh990dtow2079gmx8lbh3215mm9fq
পৃষ্ঠা:আদি-কবি.pdf/১৮
104
96316
268865
2026-11-19T11:37:57Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268865
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১২
আদি কবি।
[ প্ৰথম অঙ্ক
ৰত্না— ( আচৰিত হৈ, নিজে নিজে )
তেনেহলে কি কৰিব
লাগিব মানুহ দুজনক সোধোগৈ।
( প্ৰস্থান )
-
— ষষ্ঠ দৃশ্য--
( নৈমিষাৰণ্যৰ গছ এজোপাৰ তলত ব্ৰহ্মা, নাৰদ বহি আছে—
বিষণ্ণ মনেৰে ৰত্নাকৰৰ প্ৰবেশ )
ৰত্না – ( বেজাৰেৰে ) অ' তহঁত আছ।
মই আকৌ তহঁত
গলি বুলিহে ভাবিছিলোঁ। যোৱা নাই। তহঁত ভাল
মানুহ বাৰু যি হল হল, মই তহঁতক নামাৰো। তহঁতে
বস্তু বেহানি বোৰ দি যা।
ব্ৰহ্মা – বাৰু দিন। পিচে তোমাক ঘৰত কি কলে কোৱাচোন।
-
ৰত্না—নাই নলয়। কোনেও পাপৰ ভাগ নলয়। নললেই জানিবা
পাপ হলেনো বাৰু
তাতেই বা মোৰ লোকচান কত?
কি হব ক হতচোন?
-
ব্ৰহ্মা – পাপ হলে কি হব আৰু, চিৰদিনৰ নিমিত্তে দুখ পাবা।
পৰকালত নৰকত ঠাই পাবা।
ৰত্না—কি নৰক চৰকৰ কথা কৈছা 1 মই একো বুজা নাই।
ব্ৰহ্মা- য'ত পাপীলোকে বাস কৰে তাকে নৰক বোলে।
নৰক আৰু স্বৰ্গ। স্বৰ্গত ভাল কাম কৰা পুণ্যাত্মা সকলে<noinclude></noinclude>
3t1eo4tqlnj7929adfovnclpxaxp0mx
পৃষ্ঠা:আদি-কবি.pdf/১৯
104
96317
268866
2026-11-19T11:38:15Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268866
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
দেৱতাসকলৰ
আদি কবি।
লগত মহা সুখে
বাস কৰিবলৈ পায়।
আৰু নৰকত পাপাত্মাসকল ভূত-প্ৰেতৰ লগত অনেক
যন্ত্ৰণা ভুগি থাকিবলৈ পায়। উস্! তাত কি ভীষণ
শাস্তি! শুনিলেই গাৰ নোম
দালি দালি হয়।
বিহ্বল হৈ কঁপিব ধৰে )
ৰত্না – ইস? সচানে? ( ভয়ত
ব্ৰহ্মা— সঁচা। তুমি বৰ ভয় খাইছা নহয়নে? তাত তোমাৰ
কাৰণে যিমান ডাঙৰ ডাঙৰ শাস্তি হব পাৰে সকলোখিনি
গোটাই থৈছে। কাৰণ তোমাৰ গাটো পাপৰে ভঁৰাল।
ৰত্না – মই তহঁতৰ কথা খুব বিশ্বাস কৰিছোঁ। কিয়নো আজি
তহঁতে সিংহৰ হাতত পৰি পলাবৰ সুযোগ পায়ো নপলালি।
হেৰৌ মানুহটো। মই তোক কাবোকৈ মাতিছোঁ। মোৰ এই
মহা পাতকৰ পৰা ৰক্ষা পাবৰ উপায় দে।
নাৰদ — আমি নিশ্চয় তোমাক এই পাপৰ শাস্তিৰ পৰা সৰুৱাব
পাৰিম। মাত্ৰ তুমি আমাৰ নিৰ্দেশ মতে কাম কৰিব লাগিব।
ৰত্না – ( নাৰদৰ ভৰিত ধৰি ) কোৱাচোন।
-
মই তোমালোকে
কোৱা মতেই কাম
কৰিৰলৈ সাজু আছোঁ।
মাত্ৰ
তোমালোকে নিৰ্দেশ দিয়া।
নাৰদ—যদি তুমি ৰাম নাম জপ কৰা নিশ্চয় মুক্তি
পাবা।
ৰত্না-কিহৰ নাম বুলিলা? আম নাম? কি আম
মোৰ মুখত নোলাই দেখোন।
নাৰদ—( অঙুলিয়াই ) সৌ যে দূৰত গছ জোপা দেখিছা সেই
নাম?<noinclude></noinclude>
859g2t9kh6vv57tlvf9zualuusmrrkv
পৃষ্ঠা:আদি-কবি.pdf/২০
104
96318
268867
2026-11-19T11:38:35Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268867
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
[ প্ৰথম অঙ্ক
জোপা কি গছ? মৰানে জীয়া?
ৰত্না – মৰা।
নাদ—তেনেহলে তুমি ইয়াতে বহি মৰা মৰ৷ কৰাচোন।
ৰত্না—বাৰু কৰিম। তহঁতৰ বস্তুবোৰ দিয়া।
নাৰদ—এনেকুৱা বহুতো পাবা।
আগেয়ে মৰা মৰা কৰাচোন
( ৰত্নাকৰে বহি মৰা মৰা কৰি থাকোতে আপ্লুত হয়।
ব্ৰহ্মাই কমণ্ডলুৰ পানী চতিয়াই দীক্ষিত কৰি গুচি যায় )
- সপ্তম দৃশ্য-
( নৈমিষাৰণ্য—ৰত্নাকৰে অকলে বহি মৰা মৰা কৰি থাকে )
—অষ্টম দৃশ্য—
( ৰত্নাকৰৰ ঘৰ—সুভগা অকলে--বৰ বেজাৰ মনেৰে ভাবি ভাবি )
সুভগা—চেঃ! কি হল, এতিয়াও বামুণ ঘূৰি নাহিল। মোৰ
ওপৰত খং কৰিয়েই গল হবলা, যিহে আওপকীয়া
মানুহ কৰবাত আপোন ঘাটি হৈয়ে মৰিল
যিহে একা চেকা মানুহ বৰ দিগদাৰি হল।
কিজানি!
কি হল?<noinclude></noinclude>
swla8ddr6qjnrmsbsw615mvbh2ebtqt
পৃষ্ঠা:আদি-কবি.pdf/২১
104
96319
268868
2026-11-19T11:38:54Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268868
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>প্ৰথম অঙ্ক ]
কলৈনো
আদি কবি।
১৫
গল? আনদিন এতেবেলি কতো নাথাকে,
আজি তাতে চাউল পাত এমুঠিও নাই, মহা বিপদ হল।
( ৰত্নাকৰৰ মাক সোমাই আহে )
মাক—বোৱাৰী! অ' বোৱাৰী!
'সুভগা—কি আই?
মাক—লৰাটো আহিলনে?
সুভগা—নাই অহা দেখোন আই, কালিপৰীয়া মদ খুজিছিল মই
নিচাই ধৰে বুলি বেচিকৈ নিদিলে॥ সেই খঙতে গল হবলা।
মাক—মঈ
তেনেহলে তন্দুকৰ ঘৰত খবৰ কৰি আহো।
তাতে কি জানি ভাং ধপাত খাই পৰি আছে। তই
ভাত সিজাচোন।
সুভগা—ই আই
ভাল কথাটো কৈছে, চাউল যি কিটা
আছিল কালি গধুলিয়েই আদায় হল।
মাক—বাৰু তেনে, পাও যদি ময়ে বিচাৰ খোচাৰ কৰি লৈ আহিম।
তই বুঢ়াক ভাঙ্গৰ সজুলিটো গোটাই দেগৈ। ( প্ৰস্থান )
( সুভগা ওলাই গৈ আকৌ সোমাই আহে )
সুভগা—তন্দুকৰ ঘৰত বিচাৰি গৈছে হয়, তাত যে পাব
তাৰ আশা নাই। তন্দুকৰ নাম শুনিলেই চাৰি জাপ
মাৰে। তন্দুকৰ ঘৰৰ পৰা চাউল আনি ভাত খোৱাৰো
আশা নাই। তন্দুকে দুভাগ মোৰ ঘৰতেহে
মোক ফুচলাই খাই খায়ে যি লাগে মানে
খায়হি।
কৰিলে।<noinclude></noinclude>
s6u56jtdaqei5b98l1hrlimx9szu9z0
পৃষ্ঠা:আদি-কবি.pdf/২২
104
96320
268869
2026-11-19T11:39:14Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268869
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৬
আদি কবি।
[ প্ৰথম অঙ্ক
এতিয়া আৰু তাক এবাৰ পালেই হয় ভালকৈয়ে এসেকা
দিম।
অ' সৌৱা সি আহিছেই মই
আজিহে সি মা-তিয়েকক চিনি পাব।
বাঢ়ণী তাৰ থওঁ,
( প্ৰস্থান )
(তন্দুকৰ প্ৰবেশ )
তন্দুক—অ' সুভগা। বুঢ়ীয়ে দেখোন পুতেকক বিচাৰি মোৰ
ঘৰ পাইছেগৈ কিনো কথা অ' শুভগা ওলাই আহচোন।
সুভগা— ( নেপথ্যত) ওলাই নেযাম কেলেই? তই বহুচোন।
তন্দুক—আহ আকৌ মদ এবাটি লৈ আহিবি।
( সুভগা কাপোৰৰ তলত বাঢ়ণী লৈ সোমাই
সুভগা—মদ খায়ে যি লাগেমানে কৰিলি এতিয়া
মদ খাবলৈ আহিছ। ( বাঢ়ণীৰে কোবাই )
তন্দুক—আই ঔ এইজনী বলিয়া হল হবলা
আছে )
আকৌ
(তন্দুক ওলাই
লৰ মাৰে শুভগাই পাছে পাছে যেদি যায় )<noinclude></noinclude>
bh5mhw3tmwcvmvfrajeegucs7sdh69c
পৃষ্ঠা:আদি-কবি.pdf/২৩
104
96321
268870
2026-11-19T11:39:36Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268870
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
– নৱম দৃশ্য—
[ নৈমিষাৰণ্যত ৰত্নাকৰ অকলে — মুখত ৰাম নাম ]
-ঐকান ৰাজন-
দ্বিতীয় অঙ্ক
-প্ৰথম দৃশ্য--
[ স্বৰ্গত ইন্দ্ৰাদি দেৱতাসকল বহি আছে—বীণ হাতত লৈ
নাৰদৰ প্ৰবেশ।
— গীত —
জয় স্থপতি জয়।
পালিছা অমৰা পৰম যতনে
তোমাৰ শাসনে সৱে নিৰ্ভয়।
মোহিত সৱে তোমাৰ গুণতে
নাই ছখ দৈন্য কাৰো একোতে।
সবে আনন্দত কৰিছে বিৰাজ,
হে অমৃতময়।
১৭<noinclude></noinclude>
jd4jdes2zvhooo1f4dmoiiecq9mkpo7
পৃষ্ঠা:আদি-কবি.pdf/২৪
104
96322
268871
2026-11-19T11:40:18Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268871
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>১৮
আদি কবি।
[ দ্বিতীয় অঙ্ক
এওঁৰা কি অথন্তৰ
ইন্দ্ৰ – ( স্বগতঃ ) নাৰদ ওলাইছেহি।
লগায়। ( পাদ্য অৰ্ঘ্য দি ফুটাই )
দেবৰ্ষি! বহুত দিনৰ
মূৰত অমৰাৱতী আপোনাৰ চৰণ স্পৰ্শত ধন্য হল।
আপোনাৰ অভীপ্সিত কি কাৰ্য্য সাধিব লাগে দাসে,
আজ্ঞা কৰক।
নাৰদ—দেৱৰাজ! সদেৱবৃন্দেৰে মোৰ আশীৰ্ব্বাদ গ্ৰহণ কৰা।
তোমালোকৰ মঙ্গল হওক।
ইন্দ্ৰ—দেবৰ্ষি আজি ভালেদিন অমৰাৱতী আপোনাৰ শুভাগমনৰ
পৰা বঞ্চিত, ইমান দিন কোন লোকক পালন কৰা হল
সকলো জনাই দাসক কৃতাৰ্থ কৰক।
নাৰদ—মই বৰ্ত্তমান নতুন সৃজিত মৰ্ত্ত্যলোকৰ পৰা ঘূৰি
আহিলোগৈ। তাৰ প্ৰাণী বিলাক প্ৰায় দেৱতাৰ দৰে,
তাৰ এজন মানুহে এনে কঠোৰ তপস্যা কৰিছে যে,
কেতিয়াবা তেওঁ দেৱলোক অধিকাৰ কৰিব; সিহঁত
দেৱতাতকৈও শ্ৰেষ্ঠ হব।
ইন্দ্ৰ—দেবৰ্ষি! সেই জননো কোন সাধক? তেওঁৰ সাধনাৰ
উদ্দেশ্যই বা কেনে ধৰণৰ; জানিবলৈ দি দাসক চৰিতাৰ্থ
কৰক।
নাৰদ— তেওঁৰ নাম ৰত্নাকৰ। তেওঁ পোনতে মহাপাপী ডকাইত
আছিল, তেওঁ নৈমিষাৰণ্যৰ তমসাতীৰত কঠোৰ তপস্যা
আৰম্ভ কৰিছে। তেওঁৰ তপস্যাৰ উদ্দেশ্য বুজিব পৰা নাই।<noinclude></noinclude>
bzujy1i71ed0eirpl4cvmqp3osvkfag
পৃষ্ঠা:আদি-কবি.pdf/২৫
104
96323
268872
2026-11-19T11:40:37Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268872
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক }
আদি কবি।
১৯
কিন্তু তেনে তপস্যা সিদ্ধি হলে নিশ্চয় মহৎ কাৰ্য্য হব।
সূৰ্য্য—হয় বজ্ৰপাণি! তেওঁ অতি কঠোৰ তপস্যা কৰিছে।
মই আপোনাক কবলৈকে পাহৰিছোঁ, মই মোৰ বাৰ
শক্তিৰে তাপ দিওঁ, তেও তেওঁৰ তপস্যাত ব্যাঘাত জন্মাব
পৰা নাই।
বায়ু—দেৱৰাজ! ময়ো এই কথা আপোনাক জনাওঁ জনাওঁ
বুলি জনোৱা নাই। মই তেওঁক মোৰ ঊনপঞ্চাশ শক্তিৰেও
লৰাব পৰা নাই।
চন্দ্ৰ— হয় দেবেন্দ্ৰ তেওঁৰ ওপৰত মই মোৰ সমস্ত হিম
ঢালিও একোকে কৰিব পৰা নাই।
ইন্দ্ৰ— (ভয়ত বিয়াকুল হৈ) সুধাকৰ! পবন! আদিত্য! আপোনা-
লোকে এই কথা মোৰ আগত জনোৱা নাই কিয়; এই
বিষয়ে আপোনালোকে এটা উপায় স্থিৰ কৰকচোন।
নাৰদ— দেৱৰাজ তেওঁৰ তপস্যা ভঙ্গ কৰাৰ বাহিৰে আন
একো উপায় নাই।
ইন্দ্ৰ— তেনেহলে দেৱতা সকল আপোনালোকে তেওঁৰ পিতা
পুত্ৰ আদিৰ ৰূপ ধৰি তেওঁৰ তপস্যা ভঙ্গ কৰকগৈ।
আৰু অপ্সৰীসকল তোমালোকে গৈ তেওঁৰ মাতা, ভাৰ্য্যা
আদিৰ ৰূপ ধৰি তেওঁৰ তপস্যা ভঙ্গ কৰাগৈ। হে দেৱবৃন্দ
আপোনালোকে ৰত্নাকৰক যেনে তেনেই তপস্যাৰ পৰা
বিৰত কৰক।<noinclude></noinclude>
nr9wla3fgu8kalc5x5c6j178z4l46q2
পৃষ্ঠা:আদি-কবি.pdf/২৬
104
96324
268873
2026-11-19T11:40:50Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268873
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>-
আদি কবি।
[ দ্বিতীয় অঙ্ক
নাৰদ – ( গোফৰ তলত মিচিকিয়া-হাঁহি মাৰি নিজে নিজে )
মোৰ অভীষ্ট সিদ্ধি হল। ( ফুটাই ) দেৱৰাজ তুমি বৰ
ভাল ব্যৱস্থা কৰিলা এইবাৰ তেওঁৰ তপস্যা ভঙ্গ
হবই হব।
-
- দ্বিতীয় দৃশ্য—
( গোলোকত সৰস্বতী অকলে )
সৰস্বতী— স্বগতঃ) সকলো কপটীয়া দেৱতা গোট খাই ৰত্নাকৰৰ
তপস্যা ভঙ্গ কৰিব খুজিছে। মই কেতিয়াও ৰত্নাকৰৰ
মই তেওঁক কৱচৰ
তপস্থা ভঙ্গ কৰিবলৈ নিদিওঁ।
নিচিনাকৈ ৰক্ষা কৰিম। দেৱতাবোৰ ইমান ভয়াতুৰ,
সামান্য কথা এটাতে সিহঁতে ইমান ভয়
খায়। সিহঁতৰ
অমৰাৱতী খন কোনোবাই লয় বুলিয়ে ইমান ভয়।
দেৱতাবোৰে ভাবে যে, ৰত্নাকৰে কিজানি দেৱলোক
অধিকাৰ কৰে কিন্তু ৰত্নাকৰৰ তপস্যাৰ উদ্দেশ্য সেইটে৷
নহয়। ৰত্নাকৰ পৃথিৱীৰ আদি কবি হব। মই ৰত্নাকৰক
ৰক্ষা কৰিম ৰত্নাকৰৰ তপস্যা ভঙ্গ কৰিবলৈ কাকো
নিদিওঁ, মই যাওঁ।<noinclude></noinclude>
gd5e9m6588tvrmz6356bofi7axcu67b
পৃষ্ঠা:আদি-কবি.pdf/২৭
104
96325
268874
2026-11-19T11:41:10Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268874
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
—তৃতীয় দৃশ্য—
( নৈমিষাৰণ্যত ৰত্নাকৰ মুখত ৰাম নাম—
সুভগাৰূপী অপ্সৰীৰ প্ৰবেশ )
মায়া সুভগ—নাথ, আপুনি মোৰ ওপৰত ব্ৰিাগ কৰি গুচি
আহিছে। মিছাকৈয়ে এইবোৰ কৰিব নালাগে। বলক
আপোনাৰ ঘৰত কঙ্কণে পিতা পিতাকৈ কান্দিব লাগিছে
আপোনাৰ বৃদ্ধ পিতা-মাতাই হা পুত্ৰ, হা পুত্ৰ কৰি
কান্দি ভাত পানী এৰি বাটলৈ চাই আছে। আপুনি
অহাৰ পৰা আমাৰ ব্ৰ বিলাই হৈছে, আপোনাক
বিচাৰি ফুৰোঁতে মোক কাঁইটে ফুটি, বিৰিণাই কাটি
গা চিৰাচিৰ, থকা সৰকা কৰিলে। কেনেকৈ ধাৰাসাৰে
তেজ বব লাগিছে নাথ, আপুনি মদ খাই ভাল পায়
দেখি মই অশেষ যত্ন কৰি আপোনালৈ একলহ মদ
আনিছোঁ, খাওকচোন নাথ।
( মুখৰ আগত এটা কলহ
দাঙি ধৰে )
( অদৃশ্য ভাৱেৰে সৰস্বতীৰ প্ৰবেশ )
সৰস্বতী— ইস্ ইস্ মোৰ আগতে টিঘিল ঘিলাবলৈ আহিছে।
মদ খুৱাবি ৰবি ( ৰত্নাকৰৰ আগতে আন এটা মায়৷
ৰত্নাকৰ হোৱাত মায়া সুভগাই ৰত্নাকৰক আনিলো ভাবি
গৈ থাকে। তন্দুক বেশী এজন দেৱতাৰ প্ৰবেশ )<noinclude></noinclude>
5c87a878w516gihb84zaw0npac8tp0g
পৃষ্ঠা:আদি-কবি.pdf/২৮
104
96326
268875
2026-11-19T11:41:25Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268875
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
| দ্বিতীয় অঙ্ক
মায়াতন্দুক—ভাই ৰত্নাকৰ তুমি সিদিনা মোক তোমাৰ ঘৰত মদ
থোৱা দেখি খং কৰি ঘৰ-বাৰী এৰি বৈৰাগী হৈছাহি। তোমাৰ
একোৰে অভাৱ নাই। তুমি তপস্বী হবৰ কোনো সকাম
নাই। পিতাৰে মোক তোমাক নিবলৈ পঠাইছে বলা
(স্বগতঃ) অ' ইয়াক এইদৰে নোৱাৰি। (ফুটাই) বাৰু তুমি যদি
নোযোৱা, নালাগে যাব। পিচে, সুভগা মোলৈ যাব খুজিছে
নিমনে কোৱা। মই তোমাৰ অনুমতি লবলৈহে আহিলো।
ভাই মোক অনুমতি দিয়া। পিচত মোক নুছষিবা।
সৰস্বতী—ৰ তোক অনুমতি দিম। অনুমতি পাবি।
( ৰত্নাকৰক অদৃশ্য কৰে।
মায়াতন্দুকে ৰত্নাকৰ গল বুলি
ভাবি লৰ দিয়ে, ভাৰবি, ৰত্নাকৰৰ মাক আৰু কঙ্কণৰ
বেশ ধৰি তিনিজন দেৱতাৰ প্ৰবেশ )
মায়ামাক— হেৰ বোপাই বল বল। বোৱাৰীৰ ওপৰত খং
কৰি এইখন নকৰিবি। মোৰে শপত বল বাছা। মোৰে
মূৰ খা তই বোৱাৰীক ক্ষমা কৰ আৰু ঘৰলৈ আহ।
মায়াকঙ্কণ—বলক পিতা, বলক। ( কান্দে )
মায়া ভাৰবি—বল বোপাই। বুঢ়া কালত বাপেৰৰ মনত বেজাৰ,
নিদিবি বল।
( তিনিও ধৰিব খোজে— উত্তাপ সহিব নোৱাৰি
উফৰি গুচি যায়)<noinclude></noinclude>
m6073l5475ryr4zmfq7g8hcef1c6v70
পৃষ্ঠা:আদি-কবি.pdf/২৯
104
96327
268876
2026-11-19T11:41:44Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268876
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
— চতুৰ্থ দৃশ্য—
( নৈমিষাৰণ্যত ৰত্নাকৰ আৰু সৰস্বতী, ৰত্নাকৰৰ
মুখত ৰাম নাম )
সৰস্বতী— দেৱতাৰ চক্ৰ জালে ভেদ কৰিব নোৱাৰিলে। মোৰ
আশীৰ্ব্বাদে তোমাক ৰক্ষা কৰিলে আৰু কৰিবও। মই
সদাই তোমাৰ কবচ ৰূপে থাকিম। তুমি আৰু কিছু-
দিন তপস্যা কৰি সাধনাত সিদ্ধ হোৱাঁ। তাৰ পাচত
মই গৈ ব্ৰহ্মাক পঠাই দিম। তোমাক মন্ত্ৰ সিদ্ধ কৰাই
কবিত্ব দিম। মই এতিয়া যাওঁ।
-পঞ্চম দৃশ্য—
( নৈমিষাৰণ্যত উঁইৰ হাফলুৰ তলত ৰত্নাকৰ
অকলে মুখত ৰাম নাম )<noinclude></noinclude>
8acg901yo3uhbt7rstl5xpxjychbumm
পৃষ্ঠা:আদি-কবি.pdf/৩০
104
96328
268877
2026-11-19T11:41:59Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268877
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তৃতীয় অঙ্ক
- প্ৰথম দৃশ্য—
( গোলোকত সৰস্বতী অকলে )
সৰস্বতী—ৰত্নাকৰৰ তপস্যা বহুত দিন হল।
সি সাধনাত
সিদ্ধ হল। আই ঐ দেহি! সি কত দিন সেই
একে ঠাইতে বহি আছে। তাৰ গাৰ ওপৰত উয়ে
হাঁফলু বান্ধিলে তেও তাৰ কাণ সাৰ নাই। যাওঁ তাক
মুক্তি দিওঁগৈ, এতিয়া ব্ৰহ্মাক আগৰ প্ৰতিজ্ঞা সোঁৱৰাই
দিওঁগৈ যাওঁ। ( প্ৰস্থান )
—২য় দৃশ্য—
(ব্ৰহ্মলোকত ব্ৰহ্মা অকলে )
ব্ৰহ্মা--মোৰ মনটো আজি কিয় এনেকুৱা লাগিছে। বতাহত
যেন আজি ৰাম নাম ভাহি আহিছে। কি কথা। কিয়
এনেকুৱা লাগিছে? বতাহৰ ছেৱে ছেৱে ৰাম নামৰ
নিজৰা বৈছে। নিশ্চয় ইয়াৰ কিবা কাৰণ আছে।
( ক্ষন্তেক ধ্যান কৰি আনন্দত উত্ৰাৱল হৈ )<noinclude></noinclude>
cqw2jjegsewlfj5wca33kc4kcbyeflf
পৃষ্ঠা:আদি-কবি.pdf/৩১
104
96329
268878
2026-11-19T11:42:12Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268878
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
শুভ সংবাদ। শুভ সংবাদ।
মন প্ৰাণ
ইমান দিনৰ মূৰত আজি মোৰ মনোবাঞ্ছা
উতলা হ।
পূৰ্ণ হল,
.
বাপা নাৰদ!
( নাৰদ সোমাই আহে )
নাৰদ — ( স্বগতঃ ) আজি পিতাৰ মনত বৰ আনন্দ দেখিছে॥
( ফুটাই প্ৰণাম কৰি ) পিতৃদেৱতা দাসক অসময়ত কি
হেতু স্মৰণ কৰিলে?
ব্ৰহ্মা — নাদ! আজি মোৰ মনত বৰ ৰং লাগিছে। কিয়
জানানে? বহুত দিনৰ আগতে যে তুমি আৰু মই
মৰ্ত্ত্যলোকত এটা মহাপাপী মূৰ্খক সাধনাত লগাই দি
থৈ আহিছিলোঁ, সি সাধনাত সিদ্ধ হৈছে। আজি
তাৰ ৰাম নামৰ স্পন্দনে
স্পন্দনে বিশ্ব-ব্ৰহ্মাণ্ড জুৰি হিল্লোল
তুলিছে আৰু তাৰ পৰমাণু আহি মোৰ কাণত বাজিছেহি।
চোৱাচোন, ৰামনাম লুফুটা মহামুখ এটাৰ কিমান পৰিবৰ্ত্তন।
কত বতাহ ধুমুহা তাৰ মূৰৰ ওপৰেদি গল তাৰ লেখ
জোখ নাই। ইন্দ্ৰৰ কত বাধা বিঘিনি অতিক্ৰম কৰি
সি সাধনাত সিদ্ধ হল। আই সৰস্বতীৰ অত চেষ্টাত
মোৰ আৰু বাগ্দেৱীৰ মনোবাঞ্ছা পূৰাবলৈ জগতৰ অমৰ
কীৰিতি ৰাখি যাবলৈ সি নতুন ৰূপ ধৰিব। বলা তাক
মুক্তি দিওঁগৈ।<noinclude></noinclude>
sdxo7vyixn6te8jhqr8hjufwwavq9ca
পৃষ্ঠা:আদি-কবি.pdf/৩২
104
96330
268879
2026-11-19T11:42:27Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268879
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৬
আদি কবি।
! দ্বিতীয় অঙ্ক
— তৃতীয় দৃশ্য –
( নৈমিষাৰণ্য—উই হাফলু এটাৰ ভিতৰৰ পৰা ৰাম
নাম ওলাই আছে। ব্ৰহ্ম৷ আৰু নাৰদৰ প্ৰবেশ )
হল।
ব্ৰহ্মা – ( ইফালে সিফালে চাই ) ক’তা কেউফালে বিচৰা
ঠিক এই খিনিতে তাক বহিবলৈ কোৱা হৈছিল
নহয়নে নাৰদ? মই হলে ৰাম নাম শুনিয়ে আছে।
মোৰ মনত লাগি থকা কাৰণেই হবলা। বাপা তুমি
কেউপিনে ভালকৈ চোৱাচোন।
নাৰদ — নহয় পিতা ৰাম নাম মইও শুনিছোঁ, অকল আপুনিয়েই
নহয়। পিতা সি নিশ্চয় ইয়াতে আছে, মোৰ ঠিক
মনত আছে সৌখন তমসা নৈ
ব্ৰহ্মা—এৰা সেই খিনিতে নিচেই
নহয় জানো?
ওচৰতে আছে। তুমি
হাবি ভাঙি চোৱাচোন। ( দুয়ো হাবি ভাঙি চায় )
নাৰদ -- ( হাঁফলুটোৰ ওচৰ চাপি ) পিতা
এই থিনিতে আছে,
এই খিনিৰ পৰাই মাত ওলাইছে। ( টলকা মাৰি শুনি )
হয় পিতা এই হাঁফলুটোৰ পৰাই ওলাইছে ৰত্নাকৰ
নিশ্চয় ইয়াতে আছে। এইটো অতি সাৱধানে ভাঙিব
লাগিল। ( দুয়ো হাঁফলুটে। ভাঙে আৰু হাৰ ছাল মাত্ৰ
সাৰ চেতনা লুপ্ত ৰত্নাকৰ ওলায়, ৰত্নাকৰৰ মুখত তেতিয়াও
ৰাম নাম, ব্ৰহ্মাই কমণ্ডলুৰ পানী চতিয়াই পুনৰ্ভূ পুনৰ্ভূ<noinclude></noinclude>
k3z0vdex8p1vm4kyaznj7xk0higz1vg
পৃষ্ঠা:আদি-কবি.pdf/৩৩
104
96331
268880
2026-11-19T11:42:59Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268880
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
জয়ন্ত, শুভস্ত বুলি কয়।
ৰত্নাকৰে জ্ঞান পায় আৰু
মুখৰ পৰা ৰাম
নাম এৰে,
ব্ৰহ্মাই
এখন বস্ত্ৰ আৰু
উত্তৰী দিয়ে, বস্ত্ৰ
আৰু উত্তৰি পৰিধান কৰি দিব্যমূৰ্ত্তি
ৰত্নাকৰ হাফলুৰ পৰা ওলাই আহি ব্ৰহ্মা আৰু
নাৰদক সেৱা কৰে )
ব্ৰহ্মা—( ৰত্নাকৰৰ গাত হাত ফুৰাই চেনেহৰে ) বাছা আমি
তোমাৰ তপস্যাত বৰ সন্তোষ পালো। তুমি যি তপস্যা
কৰিলা সি দেৱতাৰো সাধ্যাতীত। বাছা ধ্যান কৰি
চোৱাচোন পূৰ্ব্ব জন্মত তুমি কোন আছিলা।
ৰত্নাকৰ—( ধ্যান কৰি) পিতামহ মোৰ এতিয়া মনত পৰিছে,
আপোনাৰ অনুগ্ৰহতে মোৰ দিব্যজ্ঞান লাভ হল। এতিয়া
মোক আদেশ কৰক মই কি কৰিব লাগে।
ব্ৰহ্মা— ৰত্নাকৰ আমি তোমাক বল্মীক স্তুপৰ ভিতৰত পোৱা
বাবে আজিৰ পৰা তোমাৰ নাম বাল্মীকি হল। তুমি
ইমান দিন যাৰ নাম ধৰি তপস্যা কৰিল৷ তেওঁ কোন
কব পাৰানে? তেওঁ স্বয়ং বিষ্ণু। তেওঁ কালত মৰ্ত্তলোকত
নৰৰূপে জন্ম লব। তুমি তেওঁৰ আখ্যান লিখিবা, এই
খিনিতে তোমাক এখন মনোহৰ তপোবন নিৰ্ম্মাণ কৰাই
দিম। তুমি ইয়াতে বহি ৰামায়ণ প্ৰণয়ণ কৰিবা। লাহে
লাহে তোমাৰ প্ৰতিভা গোটেই জগতত বিয়পি পৰিব।
বাল্মীকি— ব্ৰহ্মাক সেৱা কৰি ) পিতামহ আপোনাৰ অনুগ্ৰহত<noinclude></noinclude>
shooinbrbqx5l7ndzleqi492ki6tco9
পৃষ্ঠা:আদি-কবি.pdf/৩৪
104
96332
268881
2026-11-19T11:43:19Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268881
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>২৮
আদি কবি।
[ দ্বিতীয় অঙ্ক
যদিও দাসে দিব্যজ্ঞান লাভ কৰিছোঁ, তথাপি ৰামায়ণ
প্ৰণয়ণৰ উপায়
নাজানো।
অনুগ্ৰহ কৰি দাসক তাৰ
উপায় দিয়ক!
ব্ৰহ্মা- বাছা লাহে লাহে তোমাক সকলো উপায় দিম
প্ৰথমে শ্ৰোতস্বিনী তমসাৰ তীৰত এখনি মনোহৰ তপোবন
কৰাই দিও। বাপা বিশ্বকৰ্ম্মা ( বিশ্বকৰ্ম্মাৰ প্ৰবেশ )
বিশ্বকৰ্ম্মা— ( সেৱাকৰি ) পিতামহ! আদেশ কৰক।
ব্ৰহ্মা – ( বাল্মীকিক দেখুৱাই ) এওঁ মহৰ্ষি বাল্মীকি,
অনেকদিন তপস্যা কৰি সিদ্ধ হৈছে; এওঁ সাধনা কৰিবৰ
নিমিত্তে এখনি মনোহৰ তপোবন সজাই দিয়া
বিশ্ব—পিতামহ, মই তৎক্ষণাৎ আপোনাৰ আদেশ পালন
কৰিম।
এওঁ
ব্ৰহ্মা—বাৰু, আমি এতিয়া যাওঁ, তপোবন নিৰ্ম্মান হলে
আহিম। ( প্ৰস্থান )
—চতুৰ্থ দৃশ্য—
( এখনি সুন্দৰ তপোবন—নানাবিধ ফল-ফুলৰ গছ, নানা
বিধ পশু পক্ষী। ব্ৰহ্মা, নাৰদ আৰু বাল্মীকিৰ প্ৰবেশ )
ব্ৰহ্মা—এতিয়া সুন্দৰ তপোবন হল, ওচৰেদি তমসা কুলু কুলু
সুৰে বৈ তপোধনৰ শোভা বঢ়াইছে। গছত বিধে বিধে<noinclude></noinclude>
363aylpdr68rotbdxiwpae1je22p8pk
পৃষ্ঠা:আদি-কবি.pdf/৩৫
104
96333
268882
2026-11-19T11:43:51Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268882
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>দ্বিতীয় অঙ্ক ]
আদি কবি।
ফল-ফুলে
জকমকাব লাগিছে। জাকে জাকে চৰায়ে
আহি সুন্দৰ সুৱলা গীতেৰে খলকনি লগাইছে। হৰিণা-
বোৰে নিৰ্ভয় মনেৰে ঘাঁহ খাই ফুৰিছে। ইয়াৰ শোভা
বৰ্ণাই অন্ত কৰিব নোৱাৰি। ইয়াতে বহি বাল্মীকিয়ে
ৰামায়ণ ৰচনা কৰিব। ( নাৰদৰ প্ৰতি ) বাপা নাৰদ,
তুমি এনেকুৱা দিহা কৰিবা যাতে বাল্মীকিৰ কোনো অভাৱ
নাথাকে। বহুত শিষ্য ই যেন বাল্মীকিক আগুৰি ধৰেহি।
নাদ – পিতাৰ আজ্ঞা শিৰোধাৰ্য্য।
-
ব্ৰহ্মা – ( বাল্মীকিৰ প্ৰতি ) বাপা বাল্মীকি আমি তোমাক
মনমোহা তপোবন কৰি দিলোঁ। এতিয়া তুমি ইয়াতে
থাকি কিছুদিন সেই ত্ৰিগুণাতীতা সকলো বিদ্যাৰ অধীশ্বৰী
সৰস্বতী দেৱীৰ আৰাধনা কৰা। এইয়া মন্ত্ৰ লোৱা।
( কাণে কাণে গায়ত্ৰী প্ৰদান) তেওঁ অলপতে তুষ্ট হব |
অচিৰেই সিদ্ধিলাভ হবলৈ তোমাক বৰ দিছো। বাল্মীকি
তোমাৰ জয় হওক। ( দেৱতা সকলে “জয় বাল্মীকি
জয়” বুলি পুষ্প বৃষ্টি কৰে )
বাল্মীকি---পিতামহ আপোনাৰ আদেশ যথাসাধ্য পালন কৰিম।
মোৰ ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰক ( ব্ৰহ্মাক সেৱা কৰে )
নাৰদৰ প্ৰতি ) দেৱৰি আপুনি মোৰ যিমান উপকাৰ
কৰিলে তাৰ উপমা দিবলৈ মই অক্ষম, আপুনিও মোৰ
ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰক।<noinclude></noinclude>
qki6f6t2uwzilsnggujgpekgeo7vyt7
পৃষ্ঠা:আদি-কবি.pdf/৩৬
104
96334
268883
2026-11-19T11:44:21Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268883
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>G
আদি কবি।
[ দ্বিতীয় অঙ্ক
( নাদক সেৱা কৰে নাৰদে বাল্মীকিক তুলি ধৰে,
পুনৰ দেৱতা সকলৰ পুষ্প বৃষ্টি )
—পঞ্চম দৃশ্য -
(বাল্মীকিৰ তপোবন। বাল্মীকি অকলে )
বাল্মীকি— জীৱনৰ আৰু এক আধ্যা আজি কিমান দিনৰ
আগৰ কথা। প্ৰভু তোমাৰ অসীম দয়াত মই নৰকৰ
পৰা স্বৰ্গলৈ উঠিলোঁ। সি জন্মৰ কথা মনত পৰিলে
মোৰ নিজৰে নাক কোচ খাই আহে। ৰাম নামত কেনে
মহিমা! ৰাম নামৰ বলত মোৰ আজি এনে পৰিবৰ্ত্তন।
আগেয়ে মই আছিলে। এটা মহা পাপী, দুৰন্ত ডকাইত।
এতিয়৷ এজন শান্ত শৌম্য ঋষি। তেতিয়া মোৰ কিমান
অভাৱ অনাটন দুখ কষ্ট; খাবলৈ নাছিল, পিন্ধিবলৈ
নাছিল। শুভগা আছিল মোৰ পত্নী। মই কোনোদিনে
তেওঁৰ মনত সুখ সন্তোষ দিব পৰা নাছিলোঁ। এতিয়ানো
চাগৈ সিহঁত কত আছে (ধ্যান কৰি চাই ) অ' মই
অহা কিছুদিনৰ পিচতে তায়ো তপস্যাত ধৰিলে। তায়ো মুক্তি
পাই কিছুদিনৰ পাচতে মোৰ শিষ্যা হবহি। সিটো জনমৰ
ভাই ককাই লৰা তিৰোতা বন্ধু বান্ধৱ সকলোৱেই মোৰ<noinclude></noinclude>
a5dvjbmivtkvtz8edogcy2vrymqency
পৃষ্ঠা:আদি-কবি.pdf/৩৭
104
96335
268884
2026-11-19T11:44:47Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268884
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>[ দ্বিতীয় অঙ্ক
আদি কবি
শিষ্য-শিষ্য। হবহি। অলপ দিনৰ পাচতে এই ঠাই জন-
পূৰ্ণ হবহি। পিতামহৰ আশীৰ্ব্বাদ প্ৰসাদত মই এতিয়া দিব্য-
লোকত বিচৰণ কৰিছোঁ, মোৰ মনত একো বিষাদ নাই।
মই এতিয়া ৰামায়ণ প্ৰণয়ণৰ ব্ৰতত ব্ৰতী হম, হে ভগৱতী
বীণাপাণি! মোৰ প্ৰতি প্ৰসন্ন হোৱা আই। আই! আই!!!
( ধ্যানত আপ্লুত। চকু মেলি )
আই ভগৱতী বীণাপাণি তুমি অধমক দয়া কৰা। মই ৰামায়ণ
প্ৰণয়ণৰ একো মৰ্ম্ম নাপাওঁ। অজ্ঞানী মই তোমাক পূজিবৰ
পাত্ৰ হম কেনেকৈ। আই মোক সাহিত্য জ্ঞান দিয়া।
( ধ্যানত আপ্লুত নেপথ্যত সশিষ্যে শৌণকৰ প্ৰবেশ )
শৌণক—( নেপথ্যত ) আহা!
এখন বৰ ধুনীয়া তপোবন।
সুৰ ধৰি বৈ যাব লাগিছে।
বাছাহঁত এইখন দেখোন
ওচৰেদি তমসাই কুলু কুলু
বাটে বাটে শাৰী শাৰী
আদৰ মালতী, ভৰি দিলেই জাপ খাই যায়। কেনে
মনোমোহা ফুলবোৰ ফুলিছে। কেউফালে মাধৈ মালতী
পুখুৰীবিলাকত অনেক পছমফুল ফুলিব
লাগিছে। ভেট ফুলবোৰ মাজে মাজে থাকি আৰু
শোভা বঢ়াইছে। চৰাইবিলাকে সুন্দৰ গীত
ফুলৰ গছ।
জাকে জাকে হৰিণাই কোমল ঘাঁহ খাই
সৌটো হৰিণাই বাঘপোৱালীটোৰ লগত ধেমালি
গাইছে!
ফুৰিছে।
কৰিছে।
হঠাৎ এখন অটব্য হাবিত এনে এখন মনোৰম<noinclude></noinclude>
c0t619p9fyof491m73pry9rl19d0uz8
পৃষ্ঠা:আদি-কবি.pdf/৩৮
104
96336
268885
2026-11-19T11:45:05Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268885
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>৩২
আদি কবি।
| দ্বিতীয় অঙ্ক
তপোবন হল কেনেকৈ? ( ধ্যান কৰে ) অ' নতুনকৈ
বাল্মীকি নামে এজন ঋষি হৈছে। এইখন তেওঁৰেই
তপোবন, আহাচোন বাছাহঁত এই ঋষিজনক দৰ্শন
কৰোগৈ। ( তপোবনলৈ সোমাই ) এওঁ
এজন সৌম্য
তেওঁ ধ্যানত
প্ৰণাম
দৰ্শন। কেনে সুন্দৰ তপস্যা কৰিছে।
তন্ময়। মই এইখিনিৰে পৰা তেওঁক
তেখেতৰ এনে নিৰ্ম্মল তপস্যা ভঙ্গ নকৰোঁ।
কৰে।
( আঁতৰৰে পৰা সকলোৱে সেৱা কৰে )
বাল্মীকি— দেৱি! দাসৰ প্ৰতি প্ৰসন্ন হোৱা আই। ( চকু
মেলে ) অ' মোৰ অতিথি আহিছে। অতিথি সৎকাৰ
কৰাও আশ্ৰমৰ ধৰ্ম্ম, মই তেখেতক পাদ্য অৰ্ঘ্য দিওঁ
( শৌনকৰ প্ৰতি। দেৱ।
কি সকামত নো আজি
আপোনাৰ এই তপোবনলৈ আগমন?
শৌনক—হে মহাতপা! এইখন এখন নতুন তপোবন, মই
সশিষ্যে তীৰ্থ ভ্ৰমণাৰ্থে আহিছিলোঁ। বাটতে আপোনাক
পাই কৃতাৰ্থ মানিছোঁ। এতিয়া আপুনি জগতৰ হিতাৰ্থে
ব্ৰতী হওক এয়ে আমাৰ আকাঙ্ক্ষা।
বাল্মিকি— হে দেৱ! আপোনাৰ আগমনত আজি এই তপোবন
ধন্য হল। মই পিতামহৰ অনুগ্ৰহত এই তপোবন
লাভ কৰিছোঁ। তেখেতে মোক কাব্য আদি ললিত
কলাৰ অনুশীলন কৰিবলৈ আদেশ দিছে মই বৰ্ত্তমান<noinclude></noinclude>
e4le45vkotohogbj5ukjce902pydf9h
পৃষ্ঠা:আদি-কবি.pdf/৩৯
104
96337
268886
2026-11-19T11:45:16Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268886
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তৃতীয় অঙ্ক ]
আদি কবি।
৩৩
আই বীণাপাণিৰ কৰুণা প্ৰাৰ্থী। আশীৰ্ব্বাদ কৰক যেন
মই তেওঁৰ কৰুণা লাভ কৰো।
শৌণক—হে মহাভাগ! - আপোনাৰ উদ্দেশ্য সিদ্ধি হওক
বৰ্ত্তমান আপোনাৰ চৰণ সেৱা কৰিবলৈ কোনো নাই
সেই হেতুকে মোৰ এই শিষ্য কেইজন আপোনাৰ
'ওচৰত থাপন কৰিলোঁ। ( শিষ্যৰ প্ৰতি ) বাচাহঁত
তোমালোক মহৰ্ষি বাল্মীকিৰ ইয়াতে থাকি বেদ, দৰ্শন,
পুৰাণ আদিৰ চৰ্চা কৰা।
শিষ্যবৰ্গ—যিবা আজ্ঞা পিতা।
বাল্মীকি—ধন্য মহাভাগ! আজি আপোনাৰ অনুগ্ৰহত পুণ্য
চৰ্চ্চা কৰিবলৈ সঙ্গী পাই কৃতাৰ্থ হলো।
শৌণক—দেৱ! আপোনাৰ পূৰ্ব্বজন্মৰ বৃত্তান্ত কৈ মোক চৰিত্ৰাৰ্থ
কৰিবনে?
বাল্মীকি-মোৰ পূৰ্ব্ব জন্মৰ বৃত্তান্ত অতি ঘিণ লগা। তথাপি
তাক কম।
বলক আমি তমসাতীৰলৈ যাওঁ। তাতে
সকলো কাহিনী কম।
— ষষ্ঠ দৃশ্য--
( গোলোকত সৰস্বতী অকলে অকলে )
সৰস্বতী--মোৰ প্ৰিয় পুত্ৰ বাল্মীকিয়ে সাধনাত সিদ্ধিলাভ<noinclude></noinclude>
1nax8m4s9h9cvia4jgxwjeuhnqvoztf
পৃষ্ঠা:আদি-কবি.pdf/৪০
104
96338
268887
2026-11-19T11:45:36Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268887
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>৩৪
আদি কবি।
[ তৃতীয় অঙ্ক
কৰিলে। তেওঁ অমৰ কবি হব। তেওঁ ইমান দিন তপস্যা
কৰিও আকৌ মোক আৰাধনা কৰিছে। তেওঁৰ পৰাই
মৰতত কাব্যৰ উদ্ভৱ হব। বাল্মীকি, তুমি মোক স্মৰণ
কৰিছা। মই যাম, মোৰ ব্ৰত তুমি এজন মহাকবি হবা।
মই এতিয়াই ছন্দ, কবিতা, সঙ্গীত, মূৰ্ছনা, আদি সকলো-
টিকে লৈ যাম। ছন্দ, কবিতা, সঙ্গীত, মূৰ্চ্ছনা চাৰিওটি
এইপিনে আহাচোন। ( চাৰিও সোমাই আহে )
— গীত —
ভাৰতী তোমাৰ চৰণ ছুটি
পূজিম যতনে আমি;
আজলি আজলি ভৰা ফুলেৰে
দিছো অৰ্ঘ্যলোৱা আই;
আমি অবোধ সন্ততি তোমাৰ
দিয়া জ্যোতি দেখুৱাই।
মুৰ্ছনা—আই আমাক কিয় মাতিছিলা?
সৰ্ব্বতী—বাচাহঁত! ৰত্নাকৰ নামেৰে এট৷ দুৰন্ত ডকাইতে ব্ৰহ্মা
নাৰদৰ কৃপাত অনেক দিন তপস্যা কৰে, তাৰ পাচত
সহস্ৰ বিপদৰ মাজেদি সিদ্ধিলাভ কৰে। তেওঁক বল্মী-
কস্তুপৰ ভিতৰত পোৱা বাবে ব্ৰহ্মাই তেওঁৰ নাম বাল্মীকি
দিয়ে। তেওঁৰ পৰাই মৰতত সঙ্গীত আদি কলাৰ উদ্ভৱ
হৰ। তেওঁ এজন অমৰ কবি হব, তেওঁ আমাক<noinclude></noinclude>
c6rxnip8gf1ntzkt0gysrbemdsoeko5
পৃষ্ঠা:আদি-কবি.pdf/৪১
104
96339
268888
2026-11-19T11:45:52Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268888
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তৃতীয় অঙ্ক ]
আদি কবি।
স্মৰণ কৰিছে;
যাওহঁক বলা।
মূৰ্চ্ছ না— আই! আমিনো কি কৰিব লাগিব?
সৰস্বতী—তোমালোক তেওঁৰ গাত আবিৰ্ভাৱ হবা কাবা
প্ৰণয়ণত যোগ দিবা, ৰামায়ণ মৰতৰ প্ৰথম কাব্য হব।
তোমালোক তাৰ মাজেদি প্ৰচাৰিত হবা। লাহে লাহে
তোমালোকৰ আদৰ বাঢ়িব। বাপা ছন্দ, তুমি মূৰ্চ্ছ না,
সঙ্গীত কবিতা সকলোটিকে লৈ মৰ্ত্তত আবিৰ্ভাৱ হোৱাগৈ,
মই মাজে মাজে গৈ তোমালোকৰ কাৰ্য্যকলাপ
নিৰীক্ষণ কৰি পথ দেখুৱাই থাকিম।
মই এতিয়া যাওঁ।
( অন্তৰ্ধান )
ছন্দ—মোৰ বেচ সুবিধা হৈছে, মই গৈ তাত বিধে বিধে
ছন্দ স্ৰজন কৰিমগৈ। ছন্দৰ সুধা মই মতত বিলাম।
মূৰ্চ্ছ না—ছন্দ ময়ো
তোমাৰ লগতে যাম দেই। মই গৈ
বিধে বিধে ৰাগ ৰাগিনী স্ৰজন কৰিমগৈ, মূৰ্চ্ছ নাৰ বলেৰে
শিলো গলাম।
ছন্দ—কবিতা আৰু সঙ্গীত তোমালোক দেখোন মনে মনে
ৰলা, তোমালোকৰ যাবৰ ইচ্ছা নাইনেকি?
উভয়ে—যাম ছন্দ, কিয় নাযাম।
সঙ্গীত—মই গৈ
গোটেই মৰত সঙ্গীতেৰে ওপচাই পেলাম,
মৰ্ত্তাত সঙ্গীতৰ সোত বোৱাম।
কবিতা—মই গৈ গোটেই বিশ্ব কবিতাময় কৰি পেলাম, বনৰ
পশু পক্ষীয়েও যেন কবিতাৰেহে কথা কব।<noinclude></noinclude>
km3sqlam90uy655y2591bj75oya08me
পৃষ্ঠা:আদি-কবি.pdf/৪২
104
96340
268889
2026-11-19T11:46:07Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268889
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>আদি কবি।
[ তৃতীয় অঙ্ক
ছন্দ—ব’লা তেনে, আমি এতিয়া যাওঁ, আইৰ মহিমা প্ৰচাৰ
কৰোঁগৈ, ( আটাই কেউজনৰে প্ৰস্থান, বাটে বাটে গান
গাই যায় )
ছন্দ — গছে গছে পাতে পাতে ছন্দ শুধাসনা ফুল ফুলাম মই।
কবিতা— বনৰ হৰিণা মিলি হব কথা তাতো কবিতাৰ বোৱাম নই।
সঙ্গীত— পৰ্ব্বতে পাহাৰে জানে জুৰিয়ে বৰ সঙ্গীতৰ মধুৰ সুৰ।
মূৰ্চ্ছ না—মৃদু মূৰ্চ্ছনাৰ সুমধুৰ কম্পনে মৰতক কৰিব জুৰ।
সকলোৱে—আই সৰস্বতীৰ চৰণ ধূলা আশীষ বুলি শিৰত লোৱা।
একেটি মুৰে একেটি গীতকে সুমধুৰ কণ্ঠে সৱে গোৱা॥
—-সপ্তম দৃশ্য—
( তপোবনত ভৰদ্বাজ আৰু বাল্মীকি )
বাল্মীকি - ( স্বগতঃ ) ৰাম তোমাৰ চৰিত্ৰ প্ৰণয়ণ কৰিব লাগিব
কেনেকৈ প্ৰণয়ণ কৰিম উপায় দিয়া।
হে আই!
ত্ৰিগুণাতীত৷ সৰ্ব্বসিদ্ধিদাত্ৰী মহামায়া শ্বেতাম্বৰা শ্বেত
পদ্মাসনা আই বীণাপাণি জগদ্বাত্ৰী সৰ্ব্বতী তুমি মোক
ৰামায়ণ প্ৰণয়ণৰ উপায় দিয়া। দেবি তুমি দাসৰ প্ৰতি
সদয় হোৱা।। ধ্যানত তন্ময়, অলপ পাচত চকু মেলি
চাই ) বলা বাচা ভৰদ্বাজ আমি অলপ মুকলি ঠাইত
ফুৰি আহোঁ।<noinclude></noinclude>
lnj7xxe95vmds5j42wik6b7i3u18neh
পৃষ্ঠা:আদি-কবি.pdf/৪৩
104
96341
268890
2026-11-19T11:46:20Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268890
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তৃতীয় অঙ্ক ]
আদি কবি।
ভৰদ্বাজ—যিবা আজ্ঞা পিতৃ দেৱতা। ( প্ৰস্থান )
— অষ্টম দৃশ্য—
-
( তপোবনৰ আন এটা দৃশ্য— ছন্দ সৰস্বতী কবিতা
মূৰ্চ্ছ না সঙ্গীত )
— গীত —
কবিতা :-
আহিছে। কবিতা সৰগৰে পৰা
ধৰাক ধন্য কৰিবলৈ,
সঙ্গীত :-
আনিছো মই সুৰৰ সম্ভাৰ
আদৰি তোমাক দিবলৈ।
ছন্দ :-
নিয়ম তন্ত্ৰত চলিম সদায়
আমাক জনাৰ গুচাম অপায়।
সুখ শান্তি দিম আমি
কৰিম ধৰা মধুময়।
মুৰ্ছনা :—
মোৰ সুমধুৰ কম্পনে
ধৰাক অমৃত নিদিবনে?
থাকি থাকি স্থৰৰ লগত
দিম উজান মইও গৈ।
৩৭<noinclude></noinclude>
l2th182xpwam3thqqhux5hpw5wp1xtz
পৃষ্ঠা:আদি-কবি.pdf/৪৪
104
96342
268891
2026-11-19T11:46:39Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268891
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>40
আদি কবি।
[ তৃতীয় অঙ্ক
চাট্টি :—
আমি ধৰাত থাকিম যতে
অমৃতৰ নৈ বব তাতে।
দুখ শোক জৰা দৈন্য
নাই একোৰেই ভয়।
সৰস্বতী—বাপা ছন্দ এই বাটেদিয়েই বাল্মীকি ফুৰিবলৈ আহিব
তুমি তেওঁৰ মনত কৰুণ ভাব জগাই দিবা।
ছন্দ—বাৰু আহি। ( সৰস্বতীৰ অন্তৰ্ধান ) অ' সৌৱা গছ-
জোপাত এজোৰ কোৰোচ চৰাই পৰি আছে। তাৰে এটা
চিকাৰীটোৱে মাৰিব। অ' ঠিক হৈছে।
মই এই দৃশ্য
বাল্মীকিৰ চকুত পেলাই দিওঁগৈ আৰু কৰুণ ছন্দত তেওঁৰ
গাত আবিৰ্ভাব হওগৈ। ( অন্তৰ্ধান )
--নবম দৃশ্য—
( তমসাতীৰত ভৰদ্বাজ আৰু বাল্মীকি—অলপ দূৰতে এটা
চিকাৰী ঘূৰি ফুৰে )
চিকাৰী—দিনৰ দিনটো ঘুৰি ফুৰা হল তথাপি একো এটা
ইয়াত খাপ
পোৱা নহল। চেঃ আজি বৰ বেয়া হল।
দি থাকিলে কি হব। এবাৰ চাৰিওপিনে চাই যাওঁগৈছে।
(চাৰিও পিনে চাই মনে মনে) হাঃ হাঃ আজি মোৰ কপাল বৰ
ভাল। এইজোৰ বৰ ভাল কোৰোচ চৰাই। কেনে নোদোকা<noinclude></noinclude>
shuv1at9gjuc501j193iizilqni3o9z
পৃষ্ঠা:আদি-কবি.pdf/৪৫
104
96343
268892
2026-11-19T11:47:06Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268892
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>তৃতীয় অঙ্ক ]
আৰু
আদি কবি।
নোদোক। এটা পৰিলেও দুটা পাৰ চৰাইৰ সমান হব
ইয়াৰ পাখীকেইটাৰে এটা বৰ ভাল মুকুট হব,
তাক বেচিও কেইঅনামান পইচা পাম ( কাড় মাৰে )
বাল্মীকি—( ইফালে সিফালে চাই থাকোতে হঠাৎ চৰাই এটা
পৰি যোৱা দেখি চিকাৰীলৈ )
মা নিষাদ প্ৰতিষ্ঠাংত্ব অগমঃ শাশ্বতীঃ সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকম্অবধীঃ কামমোহিতম্॥
ভৰদ্বাজ—পিত৷ আপোনাৰ মুখৰ পৰা, কথাসাৰ দেখোন বৰ
আপোনাৰ সাধনা সিদ্ধি হল।
এই
সুললিত হৈ ওলাল।
বাল্মীকি—হয় বাছা মোৰ মুখৰ পৰা কথাসাৰ বৰ সুললিত
হৈ ওলাল। কেনেকৈনো গালো? নিজেই আনন্দত আপ্লুত
হলো। ( আকৌ এবাৰ গায় ) হয়, এয়ে ছন্দ,
ছন্দেৰেই মই ৰামায়ণ আৰম্ভ কৰিম। হে ত্ৰিগুণাতীতা,
দেবী সৰস্বতী! মোৰ প্ৰতি প্ৰসন্না হোৱা। হে দেৱ ছন্দ!
হে দেবী কবিতা তোমালোকে মোক আশ্ৰয় দিয়া।
( সৰস্বতী, ছন্দ, কবিতা, সঙ্গীত মূৰ্চ্ছনাৰ আবিৰ্ভাৱ )
সৰস্বতা—বাছা, বাল্মীকি! মই তোমাৰ তপস্যাত বৰ সন্তুষ্ট
হলো। তোমাৰ সাধনা সিদ্ধি হল। এতিয়া তুমি কাব্যৰ
মোল বুজিবা। আৰু এওঁলোকক তোমাৰ হাতত গটালো।
আটাই কেউজনে—বাল্মীকি! আমি তোমাৰ গাত অদৃশ্য
ভাবেৰে থাকি তোমাক কাৰ্য্যত সহায় কৰিম। আমিও<noinclude></noinclude>
4phsmendm30ytew9dzqqqypqe2t1j7d
পৃষ্ঠা:আদি-কবি.pdf/৪৬
104
96344
268893
2026-11-19T11:47:27Z
Nilotpal Hazarika123
3917
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
268893
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>8°
আদি কবি।
বৰ দিছো তুমি এজন অমৰ কবি হোৱা।
[ তৃতীয় অঙ্ক
চন্দ্ৰ দিবাকৰ
থাকে মানে তোমাৰ নাম ত্ৰিভুবনে ঘোষণা কৰক।
বাল্মীকি—হে দেৱ দেৱীসকল তোমালোকৰ দাসৰ প্ৰতি অশেষ
দয়া, তোমালোকৰ অনুগ্ৰহত দাসে কৃতাৰ্থ মানিছোঁ।
( ছন্দ, কবিতা, সঙ্গীত, মূৰ্চ্ছনাৰ )
—গীত —
গোৱা সকলোৱে আজি আইৰে জেউতি শোভে
সৰগ-মৰত জুৰি আইৰে মহিমা ঘোষে।
ফুলনিত ফুল ফুলে
আইৰে জেউতি তোলে
কুলু কুলু তমসাই
আইৰেই গুণ গায়,
যেনি চাও তেনি মাথো আইৰে জেউতি শোভে।
( বাল্মীকিয়ে সকলোকে সেৱা কৰে, ভদ্বাজেও
সকলোকে সেৱা কৰে )<noinclude></noinclude>
4t4n4gkntqke7lvtjnxssw6db1mr905