শ্ৰীশ্ৰীশঙ্কৰদেৱ

From Wikipedia

শ্ৰীশ্ৰীশঙ্কৰদেৱ

         "শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাযেন কল্পতৰু ৷
          তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু ৷৷" 
   

শংকৰদেৱ এগৰাকী মহাপুৰুষ৷ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা৷ তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল৷ অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰীপুৰুষ ৰূপে আখ্যা দিয়া হয়৷


সূচী

[edit] পূৰ্বপুৰুষ আৰু জন্ম

খৃষ্টীয় ১৪ শ শতিকাত গৌৰ ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণলৈ সাত ঘৰ বিশিষ্ঠ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ মানুহ পঠাইছিল৷ দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল৷ কায়স্থ সাত ঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল৷ ৰজাই তেওঁক শিৰোমণি ভূঞা উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল৷ কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল৷ তেওঁৰ বংশতে ১৪৪৯ খৃঃত শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্ম হয়৷ শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা৷

বাল্যকাল আৰু শিক্ষা-দীক্ষাঃ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক পালন কৰে৷ সৰুতেই তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল৷ খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলী নামে অধ্যাপক এজনৰ টোলত থয়৷ বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক এটি কবিতা ৰচনা কৰি সকলোকে অভিভূত কৰে৷ ইয়াৰ পিছতে অধ্যাপক কন্দলীয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত উজা ছাত্ৰ পাতে৷ ইয়াৰ পিছতে শঙ্কৰদেৱে কম দিনৰ ভিতৰতে বেদ, উপনিষদ, মহাভাৰত, ৰামায়ণ, পুৰাণ, ব্যাকৰণ, কাব্য সকলোতে বিদগ্ধ পণ্ডিত হৈ ঘৰলৈ উভতি আহে৷

[edit] কৰ্মজীৱন

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ আত্মীয়-কুটুম্বসকলে ভাবিছিল যে, তেওঁ এজন ভাল শাসক হৈ উঠিব৷ কিন্তু ৰাজকীয় হাই-উৰুমি আৰু শিৰোমণি ভূঞাৰ দায়িত্ব আৰু কৰ্তব্যক আওকান কৰি তেওঁ অধ্যয়নত মনোনিৱেশ কৰিবলৈ ভালপাইছিল৷ কিন্তু সকলোৰে ইচ্ছাৰ প্ৰতি সহাৰি জনায় তেওঁ শিৰোমণি ভূঞাৰ পদ গ্ৰহণ কৰি 'ডেকা গিৰি' নামে জনাজাত হয়৷ সেই সময়তে তেওঁ সূৰ্য্যৱতী নামে এজনী ৰূপৱতী আৰু গুণৱতী ছোৱালী এজনী বিবাহ কৰে৷ কেইবছৰমানৰ পিছত এজনী ছোৱালীৰ জন্ম দি সূৰ্য্যৱতীৰ বিয়োগ ঘটাত শঙ্কৰদেৱৰ মনত বৈৰাগ্য উপজে আৰু তীৰ্থ ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই যায়৷ বাৰ বছৰ কাল ভাৰতৰ নানান তীৰ্থ ভ্ৰমণ কৰি নানান সাধু সন্তৰ সংস্পৰ্শত মনত ধৰ্মৰ ভাৱ উদয় হোৱাত ঘৰলৈ উভতি আহে৷ আহি পৰিয়াল আত্মী-স্বজনৰ কথাত কালিন্দী নামে এজনী ছোৱালীক পুনৰ বিবাহ কৰে যদিও সংসাৰৰ বান্ধোনে শঙ্কৰদেৱক বেছিদিন বান্ধি ৰাখিব নোৱাৰিলে৷ সেইসময়ত অসমত চলি থকা বলি বিধান আৰু দেৱ-দেবীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই এক মাত্ৰ ভগৱান বিষ্ণুকৈ সেৱা কৰাৰ বাবে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে ৷ মানুহক ভগৱান শ্ৰীকৃষ্ণৰ গুণ আৰু মাহাত্মাৰ প্ৰতি আকৰ্শিত কৰিবলৈ তেওঁ নানান শাস্ত্ৰ ৰচনা কৰিবলৈ ধৰে৷


[edit] শঙ্কৰদেৱৰ সাহিত্য

সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল৷ সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে৷ জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ৷ সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল৷ কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে:

(১) কাব্যঃ
  • হৰিশ্চন্দ্ৰ উপাখ্যান
  • অজামিল উপাখ্যান
  • ৰুক্মিণী হৰণ কাব্য
  • বলিছলন
  • অমৃত মন্থন
  • গজেন্দ্ৰ উপাখ্যান
  • কুৰুক্ষেত্ৰ
(২) ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ
  • ভক্তি প্ৰদীপ
  • ভক্তি ৰত্নাকৰ
  • নিমিনৱ সিদ্ধ সংবাদ
  • অনাদি পাতন
(৩)অনুবাদমূলক গ্ৰন্থঃ
  • ভাগৱত প্ৰথম, দ্বিতীয়
  • দশম স্কন্ধৰ আদিছোৱা
  • দ্বাদশ স্কন্ধ
  • ৰামায়ণৰ উত্তৰা কাণ্ড

(৪)অঙ্কীয়া নাটঃ

  • পত্নী প্ৰসাদ
  • কালিয়দমন
  • কেলিগোপাল
  • ৰুক্মিণী হৰণ
  • পাৰিজাত হৰণ
  • ৰাম বিজয় (

(৫) গীতঃ

  • বৰগীত
  • ভটিমা
  • টোটয়
  • চপয়

(৬)নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ

[edit] বহুমুখী প্ৰতিভা

শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল৷ ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমক খোৱাইছিল৷ ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল বীৰ্য্যৰ পৰিচয় দিছিল৷ আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ৷ তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল৷ অভিনয়ত তেওঁ নিজেও ভাও লৈছিল৷ সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি 'চিহ্নযাত্ৰা' ভাওন কৰি দেখুৱাইছিল৷ শঙ্কৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাত কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল৷ তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নিচ ধনি-দুখিয়াৰ প্ৰভেদ নাছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুস্থান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল৷ আজিৰ পৰ 500 বছৰৰ আগতে শঙ্কৰদেৱে যি উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল ভাৱি সচাই বিস্ময় লাগে৷

[edit] পৰলোক

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল৷ ১৫৬৮ খৃঃত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰতে ইহলীল সম্বৰণ কৰে৷